গ্ৰন্থ
গ্ৰন্থ
দুআ আৰু কোৰআন-হাদীছৰ দ্বাৰা প্ৰমাণিত জৰাফুঁকাৰ জৰিয়তে চিকিৎসা
লেখকঃ মহান আল্লাহৰ মুখাপেক্ষী "আৰু আল্লাহৰ বাবে আছে সুন্দৰ সুন্দৰ নাম। এতেকে তোমালোকে তেওঁক সেইবোৰ নামেৰেই আহ্বান কৰা; আৰু যিসকলে তেওঁৰ নামসমূহক বিকৃত কৰে সিহঁতক বৰ্জন কৰা; সিহঁতৰ কৃতকৰ্মৰ ফল অনতিপলমে সিহঁতক দিয়া হ’ব।" (ছুৰা আল-আৰাফ: ১৮০) আল্লাহ (তেওঁৰ সত্ত্বাগত নাম) আল-আওৱাল (সৰ্বপ্ৰথম) আল-আখিৰ (সৰ্বশেষ) আজ্জাহিৰ (প্ৰকাশ্য) আল-বাতিন (অপ্ৰকাশ্য) আল-আলী (সুউচ্চ) আল-আ’লা (সৰ্বোচ্চ)
তিনিটা মূলনীতি আৰু ইয়াৰ প্ৰমাণসমূহ
এই কিতাপখনত এজন মুছলিমে শিকিবলগীয়া অত্যাৱশ্যকীয় মৌলিক নীতিসমূহ আলোচনা কৰা হৈছে: যেনে- আল্লাহৰ পৰিচয়, দ্বীন ইছলামৰ পৰিচয়, আৰু নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰিচয়। লগতে কোৰআন আৰু হাদীছৰ দলিলৰ আলোকত ঈমান আৰু সৎ আমল গঢ়ি তোলাত এই নীতিসমূহৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হৈছে।
ৰাছুলৰ ছুন্নত মুতাবিক আমল কৰা বাধ্যতামূলক (যিয়ে ইয়াক অস্বীকাৰ কৰিব সি কাফিৰ হিচাপে বিবেচিত)
লেখকঃ শ্বাইখ আব্দুল আজীজ বিন আব্দুল্লাহ বিন বাজ ৰাহিমাহুল্লাহ আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। ভূমিকা সকলো ধৰণৰ প্ৰশংসা বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ বাবে, আৰু শুভ পৰিণাম নিৰ্দিষ্ট মুত্তাক্বীসকলৰ বাবে। দৰূদ আৰু ছালাম বৰ্ষিত হওক তেওঁৰ বান্দা আৰু ৰাছুল আমাৰ প্ৰিয় নবী মুহাম্মদৰ ওপৰত, যাক বিশ্ববাসীৰ বাবে ৰহমত হিচাপে প্ৰেৰণ কৰা হৈছিল, লগতে তেখেতৰ পৰিয়ালবৰ্গ আৰু সেইসকল চাহাবীৰ ওপৰত যিসকলে আল্লাহৰ পৱিত্ৰ বাণী কোৰআন বহন কৰিছিল আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ হাদীছসমূহ আয়ত্ত কৰি পৰৱৰ্তী লোকসকলৰ ওচৰলৈ পৌঁচাই দিছিল। তেওঁলোকে এই কাম চূড়ান্ত বিশ্বস্ততাৰে আৰু পৰিপক্কতাৰে পালন কৰিছিল,…
পৱিত্ৰ কোৰআন আৰু হাদীছৰ আলোকত ইছলাম সম্পৰ্কে সংক্ষিপ্ত আলোচনা
ইছলাম ইছলামৰ সংক্ষিপ্ত পৰিচয় সম্পৰ্কে এইখন এখন অতি গুৰুত্বপূৰ্ণ পুস্তিকা। ইয়াত ইছলামৰ গুৰুপূৰ্ণ বিধি-বিধানসমূহ আৰু শিক্ষা তথা বৈশিষ্ট্যবোৰ ইছলামৰ মূল উৎসৰ আলোকত অৰ্থাৎ কোৰআন আৰু হাদীছৰ আলোকত বৰ্ণনা কৰা হৈছে। পৰিৱেশ পৰিস্থিতি ভিন ভিন হোৱা সত্তেও এই পুস্তিকাখনৰ দ্বাৰা প্ৰত্যেক সময় আৰু প্ৰত্যেক স্থানৰ মুছলিম আৰু অমুছলিমক সম্বোধন কৰা হৈছে। এইখন কোৰআন আৰু হাদীছৰ দলিলৰ দ্বাৰা সুসজ্জিত সংস্কৰণ ১) ইছলাম হৈছে গোটেই মানৱজাতিৰ প্ৰতি আল্লাহৰ অন্তিম আৰু অমৰ বাৰ্তা, যাৰ দ্বাৰা ঐশ্বৰীয় ধৰ্ম আৰু বাৰ্তাসমূহৰ সমাপন কৰা হৈছে। ইছলাম হৈছে আল্লাহৰ ফালৰ পৰা গোটেই মানৱজাতিৰ প্ৰতি প্ৰেৰিত বাৰ্তা। আল্লাহ তাআলাই কৈছেঃ…
হিন্দু ধৰ্ম সিহঁতৰ মূল শিক্ষা, যুক্তি আৰু সুস্থ প্ৰাকৃতিক স্বভাৱৰ আলোকত এক পৰ্যালোচনা
গ্ৰন্থৰ বিৱৰণ চাবলৈ ক্লিক কৰক।
পৱিত্ৰ কোৰআন আৰু হাদীছৰ আলোকত ইছলাম সম্পৰ্কে সংক্ষিপ্ত বাৰ্তা
আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত ইছলাম (উৎস উল্লেখ নকৰা সংস্কৰণ)[1] [1] এই পুস্তিকাখনৰ অন্য এটা সংস্কৰণত কোৰআন আৰু হাদীছৰ দলিল- প্ৰমাণৰ দ্বাৰা সুসজ্জিত প্ৰতিটো বিষয় বিস্তাৰিতভাৱে উল্লেখ কৰা হৈছে, পঢ়িবলৈ এই লিংকত ক্লিক কৰক। ইছলামৰ সংক্ষিপ্ত পৰিচয় সম্পৰ্কে জানিবলৈ এইখন এখন সৰু কিন্তু অতি গুৰুত্বপূৰ্ণ পুস্তিকা। ইয়াত ইছলামৰ গুৰুপূৰ্ণ বিধি-বিধানসমূহ আৰু শিক্ষা তথা বৈশিষ্ট্যবোৰ ইছলামৰ মূল উৎসৰ আলোকত অৰ্থাৎ কোৰআন আৰু হাদীছৰ আলোকত বৰ্ণনা কৰা হৈছে। পৰিৱেশ পৰিস্থিতি ভিন ভিন হোৱা সত্তেও এই পুস্তিকাখনৰ দ্বাৰা প্ৰত্যেক সময় আৰু প্ৰত্যেক স্থানৰ মুছলিম তথা অমুছলিমক সম্বোধন কৰা হৈছে। ১) ইছলাম…
মুছলিমৰ বাবে উপকাৰী সংক্ষিপ্ত দিশ-নিৰ্দেশনা
এই কিতাপখনত ইছলাম ধৰ্মৰ মূলনীতিসমূহ সংক্ষিপ্তভাৱে আৰু পৰিপূর্ণ শৈলীৰে আলোচনা কৰা হৈছে, য'ত পাঠকসকলৰ বাবে ইবাদতৰ সঠিক তথা মৌলিক ভেটিসমূহ স্পষ্ট কৰা হৈছে, লগতে আল্লাহৰ প্ৰতি, তেওঁৰ ফিৰিস্তাসকলৰ প্ৰতি, তেওঁৰ কিতাবসমূহৰ প্ৰতি, তেওঁৰ ৰাছুলসকলৰ প্ৰতি, আখিৰাত দিৱস আৰু তাকদীৰৰ প্ৰতি ঈমানৰ অৰ্থসমূহো স্পষ্ট কৰা হৈছে। এই কিতাপখনৰ আৰম্ভণিতে ইছলামৰ নিয়ামত আৰু আল্লাহৰ পৰিচয়, তেওঁৰ গুণাৱলীসমূহ আৰু সুন্দৰ নামসমূহৰ গুৰুত্ব বৰ্ণনা কৰা হৈছে, তাৰ পিছত ইছলামৰ পাঁচটা ৰুকন আৰু ঈমানৰ ৰুকনসমূহৰ বিষয়ে আলোচনা কৰা হৈছে, লগতে ইহছানৰ ধাৰণা আৰু এজন মুমিনৰ ওপৰত ইয়াৰ প্ৰভাৱ সম্পৰ্কেও আলোচনা কৰা হৈছে। এই কিতাপখনৰ বিশেষত্ব…
পুৱা গধূলি পঢ়িবলগীয়া দুআসমূহ
আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত আল্লা-হু লা ইলা-হা ইল্লা হুৱাল হাইয়ুল ক্বাইয়ূম, লা তা'খুজুহু ছিনাতুওঁ অলা নাওম। লাহু মা ফিছ ছামা-ৱাতি অমা ফিল আৰজি মানজাল লাজী য়াশ্বফাউ ইংদাহু ইল্লা বিইজনিহ। য়া'লামু মা বাইনা আইদীহিম অমা খালফাহুম অলা য়ুহীতূনা বিশ্বাইয়িম মিন ইলমিহি ইল্লা বিমা শ্বা-আ, অছিআ কুৰছিয়্যুহুচ ছামা-ৱাতি অল আৰজ, অলা য়া-ঊ দুহু হিফজুহুমা, অহুৱাল আলিয়্যুল আজীম। অৰ্থঃ আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। তেওঁ চিৰঞ্জীৱ, সকলো সত্তাৰ ধাৰক। তেওঁক কলাঘূমটিও স্পৰ্শ কৰিব নোৱাৰে আৰু টোপনিও নহয়। আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সকলো তেওঁৰেই। তেওঁৰ অনুমতি নোহোৱাকৈ তেওঁৰ ওচৰত…
এটা বিশ্বব্যাপী ধৰ্ম
আৰবী ভাষা নিশ্চয় ইছলাম হৈছে সৰ্বশেষ ঐশী ধৰ্ম। ইছলামেই হৈছে সেই ধৰ্ম, যিটোক আল্লাহে মানুহৰ বাবে মনোনীত কৰিছে। যেনে- আল্লাহ তাআলাই কৈছেঃ আজি মই তোমালোকৰ বাবে তোমালোকৰ দ্বীনক (ধৰ্মক) পৰিপূৰ্ণ কৰি দিলোঁ আৰু তোমালোকৰ ওপৰত মোৰ অনুগ্ৰহ সম্পূৰ্ণ কৰিলোঁ, লগতে তোমালোকৰ বাবে ইছলামক দ্বীন হিচাপে মনোনীত কৰিলোঁ। (ছুৰা মায়িদাহঃ ৩) আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল, তেওঁ নবীসকলৰ মাজৰ সৰ্বশেষ নবী, (তেওঁৰ জৰিয়তেই নবীসকলৰ ধাৰাবাহিকতা সম্পন্ন কৰা হৈছে)। সেয়ে তেওঁক গোটেই মানৱজাতিৰ প্ৰতি প্ৰেৰণ কৰা হৈছে। মহান আল্লাহে কৈছেঃ কোৱা, ‘হে মানৱ! নিশ্চয় মই তোমালোক সকলোৰে প্ৰতি আল্লাহৰ (ফালৰ পৰা…
মুৱাজ্জিন, ইমাম, খতিব আৰু মছজিদৰ বিধি-বিধানৰ বাবে উপকাৰী সংক্ষিপ্ত দিশ-নিৰ্দেশনা
এই গ্ৰন্থখনত আজান আৰু ইকামতৰ বিধি-বিধান, ছালাতৰ ইমামতি, জুমুআৰ খুতবা, আৰু মছজিদৰ আদবসমূহৰ বিষয়ে এক সামগ্ৰিক দৃষ্টিভংগী দাঙি ধৰা হৈছে। ইয়াত মুৱাজ্জিন, ইমাম আৰু খতিবসকলৰ দায়িত্ব-কৰ্তব্যসমূহৰ বিষয়েও আলোচনা কৰাৰ লগতে এই কাৰ্যসমূহ যাতে সঠিকভাৱে সম্পাদন কৰা হয়, সেইটো নিশ্চিত কৰাৰ বাবে সংশ্লিষ্ট শ্বৰয়ী বিধি-বিধান শিকিবলৈ গুৰুত্বাৰোপ কৰা হৈছে। তদুপৰি গ্ৰন্থখনত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণিত দলীলসমূহৰ ব্যাখ্যাও সন্নিবিষ্ট কৰা হৈছে, যাতে সেইবোৰক সঠিকভাৱে প্ৰয়োগ কৰিব পৰা যায়।
মোক কোনে সৃষ্টি কৰিছে? আৰু কিয় সৃষ্টি কৰিছে?
প্ৰতিটো বস্তুৱে সৃষ্টিকৰ্তাৰ অস্তিত্বৰ প্ৰমাণ বহন কৰে। আকাশমণ্ডল আৰু পৃথিৱী, লগতে এই দুয়োৰে মাজত থকা ডাঙৰ ডাঙৰ মখলুক, যিবোৰক পৰিবেষ্টন কৰিব পৰা নাযায়, এই সকলোবোৰক কোনে সৃষ্টি কৰিছে? আকাশমণ্ডল আৰু পৃথিৱীৰ এই সূক্ষ্ম তথা সুদৃঢ় ব্যৱস্থাপনা কোনে বনাইছে? মানুহক কোনে সৃষ্টি কৰিছে, কোনে তাক শ্ৰৱণ আৰু দৃষ্টিশক্তি প্ৰদান কৰিছে, বিবেক-বুদ্ধি আৰু বিবেচনাশক্তি কোনে প্ৰদান কৰিছে, কোনে তাক জ্ঞান আৰু বাস্তৱতা বুজিবলৈ সক্ষম কৰি তুলিছে? আপোনাৰ নিজৰ শৰীৰৰ আৰু অন্যান্য জীৱ-জন্তুৰ শৰীৰত থকা এই সূক্ষ্ম ব্যৱস্থাপনাক আপুনি কেনেকৈ ব্যাখ্যা কৰিব? ইমান আচৰিত শৈলীত কোনে এইবোৰক সৃষ্টি কৰিছে? বছৰৰ পিছত বছৰ ধৰি ইমান…
ইছলাম হৈছে আল্লাহৰ ৰাছুলসকলৰ ধৰ্ম
ইছলামৰ হৈছে, বিশ্বজগতৰ স্ৰষ্টা তথা পৰিচালক আল্লাহৰ ওচৰত আত্মসমৰ্পন কৰা, লগতে মুহাব্বত আৰু শ্ৰদ্ধাৰ সৈতে তেওঁৰ আনুগত্য কৰা তথা তেওঁৰ ওচৰত নত স্বীকাৰ কৰাৰ নাম। ইছলামৰ মূল ভিত্তি হৈছে আল্লাহৰ প্ৰতি ঈমান। অৰ্থাৎ এই বিশ্বাস পোষণ কৰা যে, আল্লাহেই হৈছে সৃষ্টিকৰ্তা আৰু তেওঁৰ বাহিৰে সকলোৱে হৈছে মখলুক বা সৃষ্টি। একমাত্ৰ তেৱেঁই ইবাদতৰ উপযুক্ত, তেওঁৰ কোনো অংশীদাৰ নাই। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁৰ আছে সুন্দৰ সুন্দৰ নাম আৰু সৰ্বোচ্চ গুণাৱলী। লগতে তেৱেঁই ত্ৰুটিহীন নিঃ চৰ্ত পৰিপূৰ্ণতাৰ অধিকাৰী। তেওঁ কাকো জন্ম দিয়া নাই আৰু তেৱোঁ কাৰো পৰা জন্ম লোৱা নাই। তেওঁৰ কোনো সমকক্ষ বা সমতুল্য নাই। তেওঁ…
ইছলাম হৈছে বিশ্বজগতৰ প্ৰতিপালক প্ৰদত্ত ধৰ্ম
(আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত আপোনাৰ প্ৰতিপালক কোন? এইটোৱেই হৈছে অস্তিত্বৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন। এইটো এনেকুৱা এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন যিটোৰ উত্তৰ জনাটো প্ৰতিজন ব্যক্তিৰ বাবেই অনিবাৰ্য। আমাৰ প্ৰতিপালক হৈছে সেই সত্তা, যিজনে আকাশমণ্ডল আৰু পৃথিৱীক সৃষ্টি কৰিছে। যিজনে আকাশৰ পৰা পানী বৰ্ষণ কৰে আৰু তাৰ দ্বাৰা আমাৰ বাবে আৰু জীৱ-জন্তুৰ খাদ্য হিচাপে ফল-মূল আৰু গছ-গছনি উৎপন্ন কৰে, যিবোৰ আমি ভক্ষণ কৰোঁ। তেৱেঁই আমাক আৰু আমাৰ পূৰ্বপুৰুষসকলক সৃষ্টি কৰিছে, আনকি প্ৰতিটো বস্তুকে সৃষ্টি কৰিছে। তেৱেঁই দিন আৰু ৰাতিক সৃষ্টি কৰিছে। তেৱেঁই ৰাতিক বিশ্ৰামৰ সময় নিৰ্ধাৰণ কৰিছে আৰু দিনক জীৱিকা উপাৰ্জনৰ…
الشهادتين
যদি আপুনি ইছলাম গ্ৰহণ কৰিবলৈ ইচ্ছুক, তেন্তে আপুনি নিম্নোক্ত বাক্যটো শুনিব পৰাকৈ স্পষ্টভাৱে উচ্চাৰণ কৰিব লাগিব। ইয়াৰ অৰ্থ অনুধাৱন কৰিব লাগিব, লগতে ইয়াৰ প্ৰতি বিশ্বাস পোষণ কৰিব লাগিব। (أشهد أن لا إله إلا الله) আশ্বহাদু আল লা ইলাহা ইল্লাল্লাহ। (ইয়াৰ অৰ্থ হৈছেঃ মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই।) (وأشهد أن محمدًا رسول الله، وأن عيسى بن مريم هو عبد الله ورسوله.) ওৱা আশ্বহাদু আন্না মুহাম্মাদাৰ ৰাছূলুল্লাহ, ওৱা আন্না ঈছা ইবনে মাৰয়াম হুৱা আব্দুল্লাহি অৰাছূলুহ। অৰ্থঃ মই আৰু সাক্ষ্য দিওঁ যে, মুহাম্মদ হৈছে আল্লাহৰ ৰাছুল, আৰু ঈছা ইবনে মাৰয়াম হৈছে আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল।…
إعداد خطيب ماهر
(আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। নিশ্চয় সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে; আমি তেওঁৰেই প্ৰশংসা কৰোঁ, তেওঁৰ ওচৰতেই সহায় আৰু ক্ষমা প্ৰাৰ্থনা কৰোঁ; আৰু আমি আমাৰ নফছৰ সকলো প্ৰকাৰ কুমন্ত্ৰণা আৰু আমাৰ সকলো প্ৰকাৰ বেয়া আমলৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় বিচাৰোঁ। যাক আল্লাহে হিদায়ত দিয়ে, তাক কোনেও পথভ্ৰষ্ট কৰিব নোৱাৰে, আৰু তেওঁ যাক পথভ্ৰষ্ট কৰে, তাক কোনেও হিদায়ত দিব নোৱাৰে। মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। মই আৰু সাক্ষ্য দিওঁ যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে তেওঁৰ বান্দা আৰু ৰাছুল। দৰূদ আৰু ছালাম বৰ্ষিত হওক তেখেতৰ…
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছালাত (নামাজ) আদায় কৰাৰ পদ্ধতি
"নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছালাত (নামাজ) আদায় কৰাৰ পদ্ধতি" শীৰ্ষক পুস্তিকাখনত সন্মানীয় শ্বাইখ আব্দুল আজীজ বিন বাজ ৰাহিমাহুল্লাহে অত্যন্ত সহজ, সাৱলীল আৰু সূক্ষ্ম পদ্ধতি অৱলম্বন কৰি সংক্ষিপ্ত আকাৰে তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ নামাজ পঢ়াৰ পদ্ধতি উপস্থাপন কৰিছে। তেওঁ এই পুস্তিকাখন বিশুদ্ধ দলীল প্ৰমাণৰ ভিত্তিত প্ৰস্তুত কৰিছে, যাতে মুছলিমসকলে সহজেই ইয়াৰ দ্বাৰা নামাজৰ সঠিক পদ্ধতি শিকিব পাৰে। তেওঁ এই পুস্তিকাখনত অজুৰ পৰা আদি কৰি ছালাম ফিৰোৱালৈকে নামাজৰ সকলো আৰকান, ছুন্নতসমূহ আৰু নামাজৰ সম্পূৰ্ণ পদ্ধতি দলীল সহকাৰে সুস্পষ্টভাৱে উল্লেখ কৰিছে, যাতে এই মহান ইবাদতত নবী চাল্লাল্লাহু আলাইহি…
ভ্ৰমণ সম্পৰ্কীয় নীতি-নিয়ম আৰু বিধি-বিধান
সকলো ধৰণৰ প্ৰশংসা বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ বাবে, দৰূদ আৰু ছালাম বৰ্ষিত হওক আমাৰ প্ৰিয় নবী মুহাম্মদৰ ওপৰত, আৰু তেখেতৰ পৰিয়ালবৰ্গ, লগতে তেখেতৰ সকলো চাহাবাৰ ওপৰত। তাৰ পিছতঃ এইটো হৈছে ভ্ৰমণৰ নীতি-নিয়ম আৰু বিধি-বিধান সম্পৰ্কীয় এটি সংক্ষিপ্ত পুস্তিকা। আমি ইয়াত ভ্ৰমণকাৰীৰ বাবে প্ৰয়োজনীয় অধিকাংশ বিষয় দাঙি ধৰাৰ চেষ্টা কৰিছোঁ। মহান আল্লাহৰ ওচৰত দুআ কৰোঁ, তেওঁ যেন ইয়াক তেওঁৰ সন্তুষ্টিৰ বাবে নিৰ্দিষ্ট কৰি লয়, আৰু ইয়াৰ মাধ্যমত সকলো মুছলিমকে উপকৃত হোৱাৰ তাওফীক প্ৰদান কৰে। প্ৰথমঃ ভ্ৰমণ সম্পৰ্কীয় শিষ্টাচাৰ
ওমৰাৰ সংক্ষিপ্ত পদ্ধতি আৰু ইয়াৰ বিধি-বিধান
সকলো ধৰণৰ প্ৰশংসা বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ বাবে, দৰূদ আৰু ছালাম বৰ্ষিত হওক আমাৰ প্ৰিয় নবী মুহাম্মদৰ ওপৰত, আৰু তেখেতৰ পৰিয়ালবৰ্গ, লগতে তেখেতৰ সকলো চাহাবাৰ ওপৰত। তাৰ পিছতঃ এইখন হৈছে ওমৰাৰ বিৱৰণ, বিধি-বিধান আৰু নিয়ম-নীতি সম্পৰ্কীয় এটি সংক্ষিপ্ত পুস্তিকা। আমি ইয়াত ওমৰাহকাৰীৰ বাবে প্ৰয়োজনীয় অধিকাংশ বিষয় দাঙি ধৰাৰ চেষ্টা কৰিছোঁ। মহান আল্লাহৰ ওচৰত দুআ কৰোঁ, তেওঁ যেন ইয়াক তেওঁৰ সন্তুষ্টিৰ বাবে নিৰ্দিষ্ট কৰি লয়, আৰু ইয়াৰ মাধ্যমত সকলো মুছলিমকে উপকৃত হোৱাৰ তাওফীক প্ৰদান কৰে।
হজ্জ, ওমৰাহ আৰু জিয়াৰতত সাধাৰণতে হোৱা অনিয়মসমূহ
ওমৰাহ সম্পৰ্কীয় ভুল-ত্ৰুটি আৰু বিভিন্ন অনিয়ম প্ৰথমঃ ইহৰাম অৱস্থাত মানুহে সচৰাচৰ কৰা কিছুমান ত্ৰুটি। ইহ্লাল পৰিত্যাগ কৰা বা তালবিয়া পাঠ নকৰা। অৰ্থাৎ ইহৰাম কৰাৰ সময়ত নিৰ্দিষ্ট ইবাদতৰ (হজ্জ বা ওমৰাৰ) বিষয়টো উচ্চস্বৰে পাঠ নকৰা। এই ক্ষেত্ৰত ছুন্নত হৈছে উচ্চস্বৰে তালবিয়া পাঠ কৰা।
হজ্জ, ওমৰাহ আৰু জিয়াৰত সম্পৰ্কীয় ফাতাৱাসমূহ
এই ফতোৱাসমূহ ছৌদি আৰবৰ স্থায়ী ফতোৱা কমিটিৰ 'ফাতাৱা সমগ্ৰ'ৰ পৰা সংগ্ৰহ কৰা হৈছে, লগতে প্ৰশ্নোত্তৰবোৰ স্থান অনুযায়ী সংগতিপূৰ্ণভাৱে সংক্ষিপ্তৰূপে দাঙি ধৰা হৈছে। প্ৰথমঃ সাধাৰণ ফাতাৱা প্ৰশ্নঃ বেংকৰ পৰা ঋণ গ্ৰহণ কৰি সেই টকাৰে ওমৰাহ কৰিবলৈ যোৱাটো মোৰ পিতৃৰ বাবে বৈধ হ'বনে? উত্তৰঃ যিয়ে নিজৰ ফালৰ পৰা অথবা আন কাৰোবাৰ ফালৰ পৰা হজ্জ বা ওমৰাহ কৰিব বিচাৰে, সেই ব্যক্তিয়ে হজ্জ বা ওমৰাৰ বাবে হালাল তথা পৱিত্ৰ উপাৰ্জনৰ পৰা ব্যয় কৰা অনিবাৰ্য্য। কাৰণ মহান আল্লাহ হৈছে পৱিত্ৰ, তেওঁ কেৱল পৱিত্ৰ বস্তুহে কবূল কৰে।
হজ্জৰ সংক্ষিপ্ত পদ্ধতি
সকলো ধৰণৰ প্ৰশংসা বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ বাবে, দৰূদ আৰু ছালাম বৰ্ষিত হওক আমাৰ প্ৰিয় নবী মুহাম্মদৰ ওপৰত, আৰু তেখেতৰ পৰিয়ালবৰ্গ, লগতে তেখেতৰ সকলো চাহাবাৰ ওপৰত। তাৰ পিছতঃ এইখন হৈছে হজ্জৰ বিৱৰণ সম্পৰ্কীয় এটি সংক্ষিপ্ত পুস্তিকা। আমি ইয়াত হাজীসকলৰ বাবে প্ৰয়োজনীয় অধিকাংশ বিষয় দাঙি ধৰাৰ চেষ্টা কৰিছোঁ। মহান আল্লাহৰ ওচৰত দুআ কৰোঁ, তেওঁ যেন ইয়াক তেওঁৰ সন্তুষ্টিৰ বাবে গ্ৰহণ কৰে আৰু ইয়াৰ মাধ্যমত সকলো মুছলিমকে উপকৃত হোৱাৰ তাওফীক প্ৰদান কৰে। ভূমিকা
গুৰুত্বপূৰ্ণ কিছুমান দুআ[1]
এইবোৰ হৈছে কিছুমান গুৰুত্বপূৰ্ণ দুআ, যিবোৰ কোৰআন আৰু ছহীহ হাদীছৰ পৰা সংগ্ৰহ কৰা হৈছে। এই দুআবোৰ আপুনি যিকোনো ঠাই আৰু যিকোনো সময়তে পঢ়িব পাৰিব। উদাহৰণস্বৰূপেঃ তাৱাফ কৰাৰ সময়ত, ছায়ী কৰাৰ সময়ত, আৰাফা আৰু মুজদালিফাত অৱস্থানকালত। কিন্তু এই দুআবোৰ কোনো ঠাই বা সময়ৰ সৈতে নিৰ্দিষ্ট নহয়। প্ৰথমঃ কোৰআনৰ পৰা সংগৃৃহীত দুআসমূহঃ "ৰাব্বানা তাক্বাব্বাল মিন্না ইন্নাকা আংতাছ ছামীউল আলীম।" অৰ্থঃ ‘হে আমাৰ প্ৰতিপালক! আমাৰ ফালৰ পৰা (এই আমলসমূহ) তুমি কবুল কৰা। নিশ্চয় তুমি সৰ্বশ্ৰোতা, সৰ্বজ্ঞ’। "অতুব আলাইনা ইন্নাকা আংতাত তাওৱাবুৰ ৰাহীম।" অৰ্থঃ আৰু তুমি আমাৰ তাওবা কবূল কৰা। নিশ্চয় তুমি তাওবা কবুলকাৰী অত্যন্ত দয়ালু।…
যাকাত আৰু ছিয়াম সম্পৰ্কীয় দুখন পুস্তিকা
এই গ্ৰন্থখনত যাকাত আৰু ছিয়াম এই দুটা ফৰজ ইবাদতৰ বিষয়ে আলোচনা কৰা হৈছে, য'ত এই দুয়োটাৰ বিধি-বিধান আৰু উপকাৰিতাসমূহ স্পষ্টকৈ বৰ্ণনা কৰাৰ লগতে বান্দাৰ ওপৰত থকা আল্লাহৰ অধিকাৰসমূহৰ বিষয়েও সোঁৱৰাই দিয়া হৈছে। ইয়াত যাকাতৰ বিধি-বিধানৰ ব্যাখ্যা, যাকাতযোগ্য সম্পদৰ প্ৰকাৰসমূহ, ৰমাজানৰ গুৰুত্ব, আৰু ছিয়ামৰ বিধি-বিধান তথা আদব-কায়দাসমূহ সন্নিবিষ্ট আছে, যিবোৰ শ্বৰয়ী ভিত্তি আৰু শিক্ষামূলক দিক-নিৰ্দেশনাৰ মাজত সমন্বয় সাধন কৰি এক জ্ঞানগৰ্ভ শৈলীৰে উপস্থাপন কৰা হৈছে।
বিশ্বজগতক কোনে সৃষ্টি কৰিছে? মোক কোনে সৃষ্টি কৰিছে? আৰু কিয় সৃষ্টি কৰিছে?
এই কিতাপখনত বিশ্বজগত আৰু মানৱৰ উৎপত্তি সম্পৰ্কে আলোচনা কৰা হৈছে, আৰু এই কথাটো নিশ্চিত কৰা হৈছে যে, এইবোৰৰ এজন মহান স্ৰষ্টা আছে, তেৱেঁই হৈছে মহান আল্লাহ, যিজনে জীৱন-যাপনৰ বিধি-বিধান প্ৰণয়ন কৰিছে। ইয়াত আল্লাহৰ গুণাৱলীসমূহ আৰু ৰাছুলসকল তথা আচমানী কিতাবসমূহৰ প্ৰতি ঈমান পোষণ কৰাৰ গুৰুত্ব স্পষ্ট কৰা হৈছে, লগতে এই কথাও নিশ্চিত কৰা হৈছে যে, পৃথিৱী আৰু আখিৰাতত সুখ-শান্তি লাভ কৰাৰ উপায় হিচাপে ইছলামেই হৈছে সত্য ধৰ্ম।
পৱিত্ৰ ইছলামৰ বাৰ্তাবাহক বা ৰাছুল হৈছে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম।
"পৱিত্ৰ ইছলামৰ বাৰ্তাবাহক মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম" শীৰ্ষক গ্ৰন্থখনত নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বংশ পৰিচয় আৰু শৈশৱকালৰ পৰা আদি কৰি তেখেতৰ বৰকতময় বিবাহ, অহীৰ আৰম্ভণি আৰু তেখেতৰ অন্তিম ৰিছালতৰ শুভাৰম্ভণি পৰ্যন্ত জীৱন পৰিক্ৰমাৰ বিষয়ে আলোচনা কৰা হৈছে। ইয়াত তেখেতৰ নুবুওৱতৰ নিদৰ্শন আৰু সত্যতাৰ প্ৰমাণসমূহ স্পষ্ট কৰা হৈছে, আৰু তেখেতে লৈ অহা চৰীয়ত তথা মানৱ অধিকাৰ আৰু মৰ্যাদা ৰক্ষাত ইয়াৰ ভূমিকাৰ বিষয়ে ব্যাখ্যা কৰা হৈছে। তদুপৰি তেখেতৰ বিৰোধীসকলৰ স্থিতি আৰু তেখেতৰ বিষয়ে তেওঁলোকৰ সাক্ষ্যসমূহো দাঙি ধৰা হৈছে, আৰু তেখেতৰ সেই উত্তম চৰিত্ৰৰ ওপৰত আলোকপাত কৰা হৈছে যি তেখেতক মানৱজাতিৰ…
আপুনি কেতিয়াবা নিজকে প্ৰশ্ন কৰিছেনে যে, কোনে আপোনাক সৃষ্টি কৰিছে? আৰু কিয় সৃষ্টি কৰিছে? মৃত্যুৰ পিছত কি হ'ব?
এই পুস্তিকাখনত অস্তিত্ব আৰু সৃষ্টি সম্পৰ্কীয় প্ৰশ্নসমূহ উল্লেখ কৰা হৈছে, যিবোৰে যুক্তিসংগতভাৱে পৰিপূৰ্ণ প্ৰজ্ঞাময় আৰু পূৰ্ণাংগ গুণৰ অধিকাৰী এজন স্ৰষ্টাৰ অস্তিত্ব প্ৰমাণ কৰে, লগতে এই কথাও স্পষ্ট কৰে যে, জীৱনৰ উদ্দেশ্য হৈছে একমাত্ৰ আল্লাহৰ ইবাদত কৰা, আৰু ইছলামেই হৈছে সত্য আৰু সুৰক্ষিত ধৰ্ম। এই পুস্তিকাখনে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি ঈমান পোষণ কৰিবলৈ আৰু তেখেতৰ নীতি আদৰ্শ অনুসৰণ কৰিবলৈ আহ্বান জনায়, লগতে শ্বিৰ্কৰ পৰা সতৰ্ক কৰে আৰু আখিৰাতত হ'বলগীয়া হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বিষয়টোক নিশ্চিত কৰে।
আজানৰ শব্দবোৰৰ ব্যাখ্যা
আজানৰ শব্দসমূহৰ ব্যাখ্যা সম্বলিত গ্ৰন্থখনত আজানৰ শব্দবোৰৰ বিষয়ে আলোচনা কৰা হৈছে আৰু ইয়াৰ আক্বীদাগত তথা তাৰবিয়তী দিশসমূহ দাঙি ধৰি ইয়াক ঈমানী দৃষ্টিকোণৰ পৰা ব্যাখ্যা কৰা হৈছে। লগতে এইটো স্পষ্ট কৰা হৈছে যে, আজান কেৱল নামাজৰ বাবে কৰা এক সাধাৰণ আহ্বান নহয়, বৰঞ্চ এয়া হৈছে তাওহীদ আৰু সফলতাৰ বাবে জনোৱা এটা দৈনিক আহ্বান। কিতাপখনত আজানৰ শব্দবোৰ পৰ্যালোচনা কৰাৰ লগতে ইয়াৰ তাৎপৰ্যসমূহ বিশদভাৱে বৰ্ণনা কৰা হৈছে; ইয়াৰ ভিতৰত আছে আল্লাহৰ মহিমা বৰ্ণনা, তাওহীদ আৰু ৰিছালতৰ সাক্ষ্য প্ৰদানৰ পৰা আৰম্ভ কৰি নামাজ আৰু সফলতাৰ ফালে জনোৱা আহ্বান আৰু শেষত তাকবীৰ তথা তাওহীদৰ জৰিয়তে সামৰণিলৈকে বিস্তৃত বিৱৰণ। এক প্ৰভাৱশালী…
মছজিদে নবৱীৰ ফজীলত আৰু নিয়ম-নীতি, লগতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰ আৰু তেখেতৰ দুয়ো চাহাবা ৰাদ্বিয়াল্লাহু আনহুমাৰ কবৰ জিয়াৰতৰ বিধি-বিধান
এই গ্ৰন্থখনত মছজিদে নবৱীৰ ফজীলত আৰু ইয়াৰ জিয়াৰতৰ নীতি-নিয়মসমূহ বৰ্ণনা কৰা হৈছে। লগতে ইয়াত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰ আৰু তেখেতৰ দুয়ো চাহাবা ৰাদ্বিয়াল্লাহু আনহুমাৰ কবৰ জিয়াৰতৰ আদবসমূহ দাঙি ধৰা হৈছে, আৰু জিয়াৰতৰ সময়ত গাম্ভীৰ্যতা অৱলম্বন কৰা, পৱিত্ৰতা ৰক্ষা কৰা আৰু বিদআতী কাম-কাজৰ পৰা বিৰত থকাৰ ওপৰত বিশেষভাৱে গুৰুত্বাৰোপ কৰা হৈছে।
ওমৰাৰ পদ্ধতি
«ওমৰাৰ পদ্ধতি» নামক এই পুস্তিকাখনত ওমৰাৰ নীতি-নিয়মসমূহ স্পষ্টকৈ সহজ শৈলীত দাঙি ধৰা হৈছে, যাতে এইটো এটা ব্যৱহাৰিক নিৰ্দেশিকা হিচাপে পৰিগণিত হয়, আৰু ইয়াৰ দ্বাৰা এজন মুছলিম ব্যক্তিয়ে নিজৰ ইবাদত একাগ্ৰতাৰে আৰু সহজে সম্পাদন কৰিব পাৰে, লগতে ইয়াত প্ৰতিটো পৰ্যায়ৰ বাবে বৰ্ণিত দুআ আৰু যিকিৰসমূহো সন্নিবিষ্ট কৰা হৈছে।
কোৰআন আৰু হাদীছৰ পৰা সংগৃহীত কিছুমান দুআ
এইখন এখন সংক্ষিপ্ত কিতাপ, য'ত পৱিত্ৰ কোৰআন আৰু নবীৰ ছুন্নাহৰ পৰা কিছুমান গভীৰ অৰ্থপূৰ্ণ আৰু উপকাৰী দুআ নিৰ্বাচন কৰি সন্নিৱিষ্ট কৰা হৈছে। গ্ৰন্থকাৰে এই দুআসমূহ এইবাবেই নিৰ্বাচন কৰিছে যাতে সেইবোৰ মুখস্থ কৰি ৰখা সহজ হয় আৰু আমল কৰাত অধিক সহায়ক হয়। ইয়াৰ মাজত হিদায়ত, ক্ষমা, ৰহমত, জীৱিকা আৰু দ্বীন তথা দুনিয়াৰ কল্যাণৰ দুআকে আদি কৰি অন্যান্য দুআসমূহো সামৰি লোৱা হৈছে।
আজানৰ শব্দবোৰৰ সংক্ষিপ্ত ব্যাখ্যা
'মুখতাচাৰ কিতাবু শ্বাৰহি আলফা-জিল আজান' এইখন হৈছে 'শ্বাৰহু আলফাজিল আজান' নামক কিতাপখনৰ এটা সংক্ষিপ্ত ৰূপ, য'ত আজানৰ শব্দবোৰ আলোচনা কৰা হৈছে আৰু ঈমানী দৃষ্টিকোণৰ পৰা ইয়াৰ ব্যাখ্যা কৰা হৈছে, লগতে ইয়াৰ আক্বীদাগত আৰু শিক্ষামূলক দিশসমূহ স্পষ্ট কৰা হৈছে। ইয়াৰ উপৰিও ইয়াত আজানৰ শব্দবোৰ উপস্থাপন কৰি এক প্ৰভাৱশালী শৈলীৰে ইয়াৰ অৰ্থসমূহ বিতংভাৱে বৰ্ণনা কৰা হৈছে, য'ত আল্লাহৰ মহত্ব বৰ্ণনা আৰু তাওহীদ তথা ৰিছালাতৰ সাক্ষ্য প্ৰদানৰ পৰা আৰম্ভ কৰি নামাজ আৰু সফলতাৰ প্ৰতি আহ্বান, আৰু শেষত তাকবীৰ তথা তাওহীদৰ জৰিয়তে সামৰণি মাৰি সকলো বিষয় সামৰি লোৱা হৈছে।