هل سألت نفسك؟ من خلقك؟ ولماذا؟ وماذا بعد الموت؟

هل سألت نفسك؟ من خلقك؟ ولماذا؟ وماذا بعد الموت؟

كتاب: هل سألت نفسك ؟ من خلقك؟ ولماذا ؟ وماذا بعد الموت؟ كتاب مختصر يتحدث عن إجابة أسئلة الإنسان الوجودية ويحرك الفطرة بضرب بعض الأمثلة والحجج العقلية وبيان دلائل الإسلام بأسلوب مختصر.

Language: lang_as
Prepared by: বিভিন্ন ভাষাত ইছলামিক কণ্টেণ্টৰ সেৱা প্ৰদানকাৰী সংস্থাৰ গৱেষণা সমিতি
Version: 2.0
Translations 49
Afrikanns Assamese Azerbaijani Bosnian +45
Attachments 7
PDF
Audio
Video
+3

আপুনি কেতিয়াবা নিজকে প্ৰশ্ন কৰিছেনে যে, কোনে আপোনাক সৃষ্টি কৰিছে? আৰু কিয় সৃষ্টি কৰিছে? মৃত্যুৰ পিছত কি হ'ব?

বিভিন্ন ভাষাত ইছলামিক কণ্টেণ্টৰ সেৱা প্ৰদানকাৰী সংস্থাৰ গৱেষণা সমিতি

হে মানৱ! তোমাক কোনে সৃষ্টি কৰিছে? যদি তুমি অণুবীক্ষণ যন্ত্ৰৰ সহায়ত তোমাৰ শৰীৰটোক পৰ্যবেক্ষণ কৰা, তেন্তে তুমি অতি সূক্ষ্ম, অলৌকিক তথা অবিশ্বাস্য এক বিস্ময়কৰ জগৎ দেখিবলৈ পাবা। তোমাৰ শৰীৰৰ প্ৰতিটো কোষত লুকাই আছে জেনেটিক তথ্যৰ অত্যন্ত জটিল কোড। তুমি কেতিয়াবা নিজকে সুধিছানে, এই কোডবোৰ কোনে লিখিছে? কোনে এইবোৰক ইমান নিপুণভাৱে সঠিক স্থানত সজাইছে?

প্রতিটো সুউচ্চ ভৱন আৰু প্ৰতিটো সাধাৰণ গৃহই তাৰ নিৰ্মাতাৰ প্ৰমাণ বহন কৰে। তেনেক্ষেত্ৰত এই বিশাল মহাবিশ্ব, ইয়াৰ সৌন্দৰ্য, সূক্ষ্মতা আৰু নিখুঁত ব্যৱস্থাপনা আদি কোনো স্ৰষ্টা নোহোৱাকৈয়ে অস্তিত্বলৈ আহিছে বুলি বোধগম্য হয়নে?!

হে মানৱ! যিদৰে তোমাৰ বিবেকে এই কথা মানি ল'ব নোৱাৰে যে, এটা অতি অত্যাধুনিক মোবাইল ফোন কোনো নিৰ্মাতা নোহোৱাকৈ হঠাৎ তৈয়াৰ হৈছে, অথবা এটা জটিল নেটৱৰ্ক সম্পন্ন ডিভাইচ কোনো প্ৰোগ্ৰামাৰ নোহোৱাকৈয়ে নিজে নিজেই সুচাৰুৰূপে কাম কৰি আছে—ঠিক সেইদৰে এই বিশাল বিশ্বজগত, ইয়াৰ নিখুঁত ব্যৱস্থাপনা, অভিনৱ সৃষ্টি, সূক্ষ্ম নিয়ম-কানুন—এইবোৰ কোনো স্ৰষ্টা নোহোৱাকৈ হ'ব পাৰে বুলি বিশ্বাস কৰাটোও যুক্তিসংগত নহয়!

এই মহাবিশ্বৰ প্ৰতিটো অণু-পৰমাণু, ক্ষুদ্ৰতম কণাৰ পৰা আদি কৰি বিশাল গেলেক্সী বা আকাশগংগালৈকে, প্ৰতিটো বস্তুৱে নিজৰ স্ৰষ্টাৰ মহত্বৰ প্ৰমাণ বহন কৰে। এই নিখুঁত ব্যৱস্থাপনা এনেই নিজে নিজেই সৃষ্টি হোৱাটো যৌক্তিকভাৱেও অসম্ভৱ। বিবেকে এইটো কেতিয়াও মানি নলয় যে, এই মহাবিশ্ব কোনো স্ৰষ্টা নোহোৱাকৈয়ে নিজে নিজেই সৃষ্টি হৈছে, অথবা এই জটিল, সুন্দৰ ব্যৱস্থা কেৱল এটা অন্ধ আকস্মিকতাৰ ফল!

এইদৰে সুস্থ বিবেকে আৰু স্বাভাৱিক ফিতৰাতে (প্ৰাকৃতিক জ্ঞানে) মানুহক এই বিশ্বজগতৰ স্ৰষ্টাৰ অস্তিত্বৰ প্ৰতি ঈমান আনিবলৈ তথা স্বীকাৰ কৰিবলৈ প্ৰেৰণা যোগায়। এই দুয়োটা বস্তুৱে আমাক এই স্ৰষ্টাৰ গুণাৱলী সম্পৰ্কে জানিবলৈ আৰু আমাৰ ওপৰত থকা তেওঁৰ অধিকাৰ সম্পৰ্কে চিন্তা কৰিবলৈও উদগনি দিয়ে।

এই স্ৰষ্টাৰ গুণৰাজিৰ গভীৰ চিন্তাই আমাক পূৰ্ণাংগ গুণৰ অধিকাৰী এটা সত্তাৰ তথা সকলো ত্ৰুটিৰ ঊৰ্ধ্বত থকা সত্তাৰ অস্তিত্বৰ ধাৰণাৰ দুৱাৰ মুকলি কৰি দিয়ে।

ইয়াৰ অৰ্থ হৈছে এই যে, সৃষ্টিকৰ্তা সকলো সৌন্দৰ্য্য আৰু মহিমাময় গুণেৰে গুণান্বিত। সেয়ে তেওঁ সকলো ক্ষেত্ৰতে সৰ্বশক্তিমান, সকলো বিষয়তে তেওঁ সৰ্বজ্ঞ, লগতে তেওঁ যি সৃষ্টি কৰিছে আৰু নিৰ্ধাৰণ কৰিছে, সেই সকলো ক্ষেত্ৰতে তেওঁ মহাপ্ৰজ্ঞাৱান। এই পৰিপূৰ্ণতা কোনো কাকতালীয় সম্ভাৱ্য বিষয় নহয়, বৰং যুক্তিসঙ্গতভাৱে অপৰিহাৰ্য। কিয়নো তেওঁৰ গুণত যদি কোনো ত্ৰুটি থাকিলহেঁতেন তেন্তে সৃষ্টি আৰু পৰিচালনাত বিশৃংখলতাৰ সৃষ্টি হ'লহেঁতেন – যিটো এই মহাবিশ্বত আমি প্ৰত্যক্ষ কৰা এই সুসংবদ্ধ নিখুঁত ব্যৱস্থাপনাৰ সম্পূৰ্ণ পৰিপন্থী।

সেইদৰে, সকলো প্ৰকাৰ দোষ-ত্ৰুটিৰ পৰা পৱিত্ৰ হোৱাৰ অৰ্থ হৈছে, স্ৰষ্টা হ'ব লাগিব সকলো সৃষ্টিৰ পৰা সম্পূৰ্ণৰূপে অমুখাপেক্ষী। সেয়ে তেওঁ যাতে কাৰো মুখাপেক্ষী নহয়। বৰং সকলোৱে যাতে নিজৰ অস্তিত্ব আৰু স্থায়িত্বৰ বাবে তেওঁৰ ওপৰতে নিৰ্ভৰশীল আৰু তেওঁৰ মুখাপেক্ষী হয়। তেওঁ সকলো প্ৰকাৰ অংশীদাৰ আৰু সন্তান-সন্ততিৰ পৰা পৱিত্ৰ হ'ব লাগিব। কিয়নো এইবোৰ হৈছে দুৰ্বলতা তথা অপূৰ্ণতা আৰু অক্ষমতাৰ লক্ষণ। সেয়ে মহান আল্লাহ এই সকলোবোৰৰ পৰা পৱিত্ৰ আৰু বহু ঊৰ্ধ্বত।

এতেকে যিহেতু আল্লাহেই হৈছে সেই মহান সৃষ্টিকৰ্তা, যিজন সকলো পূৰ্ণাংগ গুণেৰে গুণান্বিত, তেন্তে এইটো নিশ্চয় ক'ব পাৰি যে, তেৱেঁই আমাক আৰু এই মহাবিশ্বক অস্তিত্বহীনৰ পৰা অস্তিত্ব প্ৰদান কৰিছে। এই বিশ্ব তথা মহাবিশ্বৰ সকলো বস্তুৰ তেৱেঁই একমাত্ৰ মালিক, তেৱেঁই আমাক জীৱিকা দান কৰে, আৰু তেৱেঁই আমাক ৰহমতৰ দ্বাৰা পৰিবেষ্টন কৰি ৰাখিছে, তেৱেঁই সকলো বস্তুৰ ব্যৱস্থাপক আৰু পৰিচালক—তেন্তে আমি তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰা উচিত নহয়নে? আৰু আমাৰ ওপৰত তেওঁৰ যি অধিকাৰ আছে, সেইবোৰ বিচাৰি উলিয়াই তেওঁৰ সন্তুষ্টি অৰ্জনৰ বাবে চেষ্টা কৰা উচিত নহয়নে? লগতে তেওঁ আমাক যিটো উদ্দেশ্যে সৃষ্টি কৰিছে, সেই লক্ষ্য পূৰণ কৰিবলৈ আমি কাম কৰা উচিত নহয়নে?!

চিন্তা কৰি চাওকচোন! এইটো যুক্তিসংগত হ'ব পাৰেনে যে, আল্লাহে আমাক সৃষ্টি কৰিছে, অথচ তেওঁ আমাৰ পৰা কি বিচাৰে সেইটো তেওঁ আমাক জনোৱা নাই? যেনে- আমি ইয়ালৈ কিয় আহিছোঁ? আমাৰ জীৱনৰ উদ্দেশ্য কি? মৃত্যুৰ পিছত আমাৰ কি হ’ব ইত্যাদি?

অকণমান চিন্তা কৰক, যদি কোনোবাই এখন অত্যন্ত আকৰ্ষণীয় দামী প্ৰাসাদ নিৰ্মাণ কৰে, আৰু তেওঁ তাত সৰ্বাধুনিক প্ৰযুক্তি সংযোজন কৰে, আৰু নিৰ্মাণ কাৰ্য্য শেষ হোৱাৰ পিছত হঠাৎ কোনো কাৰণ নোহোৱাকৈ সেইখন ভাঙি পেলায়— তেন্তে এই মানুহজনক আমি জ্ঞানী বুলি ক’মনে? এইটো এটা একেবাৰে অৰ্থহীন আৰু যুক্তিহীন কাম নহয়নে বাৰু? যিটো কোনো বুদ্ধিমান ব্যক্তিৰ বাবেই উপযুক্ত নহয়।

গতিকে মানুহৰ ক্ষেত্ৰত যদি এনেকুৱা কাম অস্বাভাৱিক বুলি গণ্য কৰা হয়, তেন্তে আমি কেনেকৈ কল্পনা কৰিব পাৰি যে, মহাজ্ঞানী তথা সৰ্বজ্ঞ আল্লাহে- যিয়ে এই মহাবিশ্বক নিখুঁতভাৱে সৃষ্টি কৰিছে- তেওঁ কোনো উদ্দেশ্য বা হিকমত নোহোৱাকৈয়ে ইয়াক ধ্বংস কৰিব?!

মহান আল্লাহে এটা মহান উদ্দেশ্য আগত মানুহক ৰাখি সৃষ্টি কৰিছে। সেয়া হৈছে, সিহঁতে যেন একমাত্ৰ তেওঁৰেই ইবাদত কৰে, তেওঁৰ সৈতে যেন আন কাকো অংশীদাৰ স্থাপন নকৰে। আল্লাহে সিহঁতক এই পৃথিৱীত পৰীক্ষা কৰিবলৈ সৃষ্টি কৰিছে, আৰু সিহঁতৰ বাবে তেওঁ এটা দিন নিৰ্ধাৰণ কৰিছে, সেইটো হৈছে কিয়ামত দিৱস। সেইদিনা তেওঁ সিহঁতক পুনৰুত্থিত কৰি, সিহঁতৰ সকলো আমলৰ হিচাপ গ্ৰহণ কৰিব। এতেকে যিয়ে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু তেওঁৰ দাওৱাত গ্ৰহণ কৰিছে, তাৰ বাবে আছে জান্নাতৰ অফুৰন্ত নিয়ামত। তাত তেওঁলোকে চিৰস্থায়ী হ'ব। আনহাতে যিয়ে সত্যৰ পৰা বিমুখ হ'ব, সি জাহান্নামীসকলৰ অন্তৰ্ভুক্ত হ'ব।

সেয়েহে, ইবাদত হৈছে আমাৰ ওপৰত আল্লাহৰ এটা অপৰিহাৰ্য্য অধিকাৰ। ইয়াৰ বাবেই আমাক সৃষ্টি কৰা হৈছে। গতিকে এই কাৰণেই আমি তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰিব লাগে, আৰু এইটোৱে হৈছে আল্লাহৰ ৰুবূবিয়্যত (প্ৰভুত্ব) আৰু উলুহিয়্যত (এককভাৱে ইবাদতৰ যোগ্য) স্বীকাৰ কৰাৰ অন্যতম এটা প্ৰমাণ।

এতেকে ভাবি চাওকচোন, আল্লাহেই আপোনাক সৃষ্টি কৰিছে আৰু আপোনাক শ্ৰৱণশক্তি আৰু দৃষ্টিশক্তি উপহাৰ দিছে, আৰু আপোনাক অসংখ্য নিয়ামতৰ দ্বাৰা পৰিবেষ্টন কৰি আছে। তেৱেঁই আপোনাৰ সিৰাবোৰত তেজ প্ৰবাহিত কৰিছে, আৰু তেৱেঁই আপোনাক পানী আৰু অক্সিজেনৰ যোগান ধৰিছে, এক কথাত আপুনি প্ৰতিটো মুহূৰ্ততে তেওঁৰ মুখাপেক্ষী। তেওঁৰ দয়া আৰু অনুগ্ৰহ নহ’লে, আপুনি ধ্বংস হ’লহেঁতেন আৰু আপোনাৰ শক্তি নিঃশেষ হ’লহেঁতেন। ইয়াৰ উপৰিও, তেওঁ আপোনাক সেই সময়তো জীৱিকাৰ যোগান ধৰিছিল যেতিয়া আপুনি মাতৃৰ গৰ্ভত দুৰ্বল ভ্ৰূণ ৰূপে আছিল, আপুনি ইমান অসহায় আছিল যে, আপোনাৰ নিজে কৰিব পৰা কোনো ক্ষমতা নাছিল।

তেন্তে এইখিনি কৰাৰ পিছতো সেই মহান সৃষ্টিকৰ্তা নিজৰ ইচ্ছা অনুসৰি উপাসনা পোৱাৰ যোগ্য নহয়নে, নে আপুনি যিদৰে বিচাৰে সেইদৰে কৰা উচিত? অকণমান ভাবি চাওকচোন, যদি আপুনি আপোনাৰ মাকক এটা উপহাৰ দিব বিচাৰে, তেন্তে আপুনি তেওঁৰ বাবে কেনেকুৱা উপহাৰ পচন্দ কৰিব, নিজৰ ইচ্ছা মতে পচন্দ কৰিব, নে এনেকুৱা বস্তু দিবলৈ চেষ্টা কৰিব যিটো তেওঁ পচন্দ কৰে, তথা যিটো দিলে আপোনাৰ মাকে আনন্দিত হ'ব? ঠিক সেইদৰে, সৰ্বশক্তিমান আল্লাহৰ উপাসনাও তেনেকুৱাই হ'ব লাগে, যিটোক তেওঁ পচন্দ কৰে আৰু যিটো তেওঁ আমাক কৰিবলৈ আদেশ দিছে, সেইটো আমাৰ ইচ্ছা অনুসৰি বা বংশগত অভ্যাস অনুসৰি হোৱা উচিত নহয়।

গতিকে নিৰ্ভেজালভাৱে ইবাদত উপাসনা একমাত্ৰ আল্লাহৰ বাবেই কৰা উচিত, তেওঁৰ কোনো অংশীদাৰ নাই। সেয়ে সৃষ্টিকৰ্তাৰ বাহিৰে আন কাৰো উপাসনা কৰাটো কোনো মানুহৰ বাবেই বৈধ নহয়। আটাইতকৈ ডাঙৰ গুনাহ যাৰ ফলত মানুহে চিৰস্থায়ীভাৱে জাহান্নামী হয়, সেইটো হৈছে শ্বিৰ্ক, অৰ্থাৎ আল্লাহৰ সৈতে কাৰোবাক অংশীদাৰ স্থাপন কৰা। যেনে- মূৰ্তি পূজা কৰা, সূৰ্য বা চন্দ্ৰৰ পূজা কৰা, বা কোনো মানুহৰ উপাসনা কৰা, জীৱ-জন্তু অথবা কোনো গুণী ব্যক্তিৰ পূজা কৰা আদি। এই সকলোবোৰ হৈছে শ্বিৰ্ক আৰু কুফৰ। এতেকে যিয়ে এনেকুৱা অপৰাধত লিপ্ত থকা অৱস্থাত মৃত্যুবৰণ কৰিব, সি চিৰস্থায়ীভাৱে জাহান্নামী হ’ব।

পৃথিৱীত আমাৰ অহাৰ উদ্দেশ্য আৰু লক্ষ্য সম্পৰ্কে জনাবলৈ আল্লাহে অসংখ্য নবী আৰু ৰাছুল প্ৰেৰণ কৰিছিল। সেই ৰাছুলসকলে একেটা বাৰ্তা লৈয়ে প্ৰেৰিত হৈছিল, সেইটো আছিল ইছলামৰ বাণী তথা একমাত্ৰ সৃষ্টিকৰ্তাৰ ইবাদত কৰিবলৈ আহ্বান, সেই সত্ত্বাৰ ইবাদতৰ প্ৰতি আহ্বান, যাৰ কোনো অংশীদাৰ নাই। কিন্তু পূৰ্বৱৰ্তী ৰাছুলসকলে লৈ অহা এই বাণীক কিছুমান মানুহে বিকৃত কৰিছিল আৰু পৰিবৰ্তন কৰিছিল। সেয়ে আল্লাহে সৰ্বশেষ ৰাছুল মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰেৰণ কৰিলে, আৰু মানৱজাতিৰ বাবে শেষ বাৰ্তা আল-কোৰআনুল কাৰীম অৱতীৰ্ণ কৰিলে। বহুতো যৌক্তিক আৰু বৈজ্ঞানিক প্ৰমাণ আদিয়ে প্ৰমাণ কৰে যে, কোৰআন হৈছে আল্লাহৰ বাণী, আৰু এইখনেই হৈছে একমাত্ৰ গ্ৰন্থ, যিখন আজিলৈকে বিকৃত হোৱা নাই, তথা সম্পূৰ্ণৰূপে সুৰক্ষিত। কোৰআনত মহান আল্লাহে আমাক জনাইছে যে, তেওঁ ইছলামৰ বাহিৰে আন কোনো ধৰ্মই গ্ৰহণ নকৰিব, কিয়নো পূৰ্বৱৰ্তী সকলো নবী-ৰাছুলৰ বাৰ্তা একেটাই আছিল। সেইটো আছিল এই যে, একমাত্ৰ সৃষ্টিকৰ্তাৰ ইবাদত কৰা, তেওঁৰ কোনো অংশীদাৰ নাই আৰু কোনো সমকক্ষও নাই। লগতে মহান আল্লাহে কোৰআনত আমাক এই কথাও জনাইছে যে, পৰকালত আছে জান্নাত আৰু চিৰস্থায়ী নিয়ামত, যিটো কেৱল মুমিনসকলৰ বাবে নিৰ্দিষ্ট। পক্ষান্তৰে কষ্টদায়ক অগ্নিৰ শাস্তি আছে সেইসকল লোকৰ বাবে, যিসকলে আল্লাহৰ বাহিৰে আনৰ উপাসনা কৰে আৰু ইছলাম গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে।

ইছলামক অন্যান্য ধৰ্মৰ পৰা পৃথক কৰিব পৰা এটা অন্যতম গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে এই যে, একমাত্ৰ মুছলিমসকলেই যুক্তিপূৰ্ণভাৱে আৰু বৈজ্ঞানিক বাস্তৱতাৰ জৰিয়তে প্ৰমাণ কৰিব পাৰে যে, বৰ্তমান সময়ত আমাৰ হাতত থকা পবিত্ৰ কোৰআনখন হৈছে সৰ্বশক্তিমান স্ৰষ্টা আল্লাহৰ আখৰে আখৰে অবিকৃত বাণী। এই প্ৰমাণবোৰ বিশ্বাসযোগ্য জ্ঞানৰ উৎসৰ ওপৰত আধাৰিত, যিয়ে কোৰআনৰ ঐশী উৎস আৰু ইয়াৰ সংৰক্ষণৰ সত্যতা প্ৰতিপন্ন কৰে।

পৱিত্ৰ কোৰআন হৈছে সেই গ্ৰন্থ, মহান আল্লাহে যিখন তেওঁৰ নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ কৰিছে। প্ৰায় চৈধ্য শতিকাৰো অধিক সময় আগতে ইয়াৰ জৰিয়তে তেওঁ সমগ্ৰ মানৱজাতিক এক প্ৰত্যাহ্বান দিছিল যে, তেওঁলোকে এই গ্ৰন্থৰ দৰে এখন গ্ৰন্থ, নাইবা ইয়াৰ এটা ছুৰাৰ দৰে এটা ছুৰা ৰচনা কৰি দেখুৱাওক, কিন্তু আজিলৈকে কোনেও এইটো কৰিবলৈ সক্ষম হোৱা নাই। এই প্ৰত্যাহ্বান আজিলৈকে অটুট আছে, আৰু কোনোৱেই কোৰআনৰ ভাষাৰ সৌন্দৰ্য্য, বাকচাতুৰ্য্য, ভাষাশৈলী, অলৌকিকতা আৰু আইন প্ৰণয়নৰ মানদণ্ডৰ ওচৰ চাপিব পৰা নাই। ইমান বছৰ পাৰ হোৱাৰ পিছতো এই গ্ৰন্থৰ অনুৰূপ কোনো গ্ৰন্থ ৰচনা কৰিবলৈ অথবা ইয়াৰ সমপৰ্যায়ৰ কোনো কিতাপ ৰচনা কৰিবলৈও সক্ষম হোৱা নাই। কোৰআনৰ অলৌকিকতা কেৱল ইয়াৰ ভাষাতেই সীমাবদ্ধ নহয়, যাৰ ভাষাশৈলী সৌন্দৰ্য্য আৰু বাকপটুতা হৈছে সৰ্বোচ্চ শিখৰত, বৰং ইয়াৰ ভিতৰত থকা যুক্তিসংগত আৰু বৈজ্ঞানিক প্ৰমাণসমূহেও এইটো প্ৰমাণ কৰে যে, এইখন হৈছে আল্লাহৰ বাণী। এতেকে যিহেতু কোৰআনে স্পষ্টভাৱে প্ৰমাণ কৰে যে, এইখন হৈছে আল্লাহৰ বাণী, সেয়ে বিবেকৱান আৰু বুদ্ধিমান ব্যক্তিৰ কৰ্তব্য হৈছে, ইয়াৰ প্ৰতি বিশ্বাস স্থাপন কৰা আৰু ইয়াৰ আদেশসমূহ মানি চলা, সেইবোৰ গ্ৰন্থৰ বিপৰীতে যিবোৰ গ্ৰন্থক মানুহে বিকৃত কৰিছে।

গতিকে, সুস্থ বিবেকে আমাক এই সিদ্ধান্তত উপনীত কৰে যে, এইখন হৈছে সৃষ্টিকৰ্তাৰ বাণী, যিয়ে বিশ্বব্ৰহ্মাণ্ডক সৃষ্টি কৰিছে আৰু ইয়াৰ নিখুঁত ব্যৱস্থাপনা নিৰ্ধাৰণ কৰিছে, এইখনেই হৈছে সত্য জনাৰ আটাইতকৈ নিৰ্ভৰযোগ্য মাধ্যম। যিহেতু আমি কোৰআনত ভাষা, বৈজ্ঞানিক বাস্তৱতা, পূৰ্ণাংগ আৰু সামগ্ৰিক আইন আদিৰ অলৌকিকতা দেখিবলৈ পাওঁ, ইয়াৰ উপৰিও শতিকাৰ পিছত শতিকা পাৰ হোৱাৰ পিছতো সেই গ্ৰন্থখন এতিয়াও অবিকৃত অৱস্থাত সুৰক্ষিত দেখিবলৈ পাই আছোঁ, তেতিয়া আমি এইটো বিশ্বাস কৰাৰ বাদে আমাৰ ওচৰত আন কোনো উপায় নাথাকে যে, এইখন হৈছে আল্লাহৰ বাণী।

এতেকে, কোৰআনত যি বৰ্ণনা হৈছে তাক বিশ্বাস কৰাটো কেৱল এটা ধৰ্মীয় পচন্দই নহয়, বৰং এইটো হৈছে এটা যুক্তিসংগত সিদ্ধান্ত, যিটো সত্য সন্ধানৰ নীতিৰ সৈতে সামঞ্জস্যপূৰ্ণ।

মহান আল্লাহে পৱিত্ৰ কোৰআনত স্পষ্টকৈ কৈছে যে, তেওঁ আমাক অৰ্থহীনভাৱে সৃষ্টি কৰা নাই, বৰং তেওঁৰ ইবাদতৰ বাবেহে সৃষ্টি কৰিছে।

মহান আল্লাহে পৱিত্ৰ কোৰআনত এইটোও কৈছে যে, এই পৃথিৱীৰ জীৱন হৈছে এটা অস্থায়ী জীৱন, যিটো শীঘ্ৰেই নিঃশেষ হ’ব। আনহাতে পৰকালৰ জীৱন হৈছে চিৰস্থায়ী জীৱন, য’ত মুমিনসকলে জান্নাতত প্ৰৱেশ কৰিব আৰু কাফিৰসকল জাহান্নামত নিক্ষিপ্ত হ’ব।

এতেকে যিজন স্ৰষ্টাই আমাক আমাৰ অস্তিত্বহীনতাৰ পৰা সৃষ্টি কৰিছে, মৃত্যুৰ পিছত তেওঁ আমাক পুনৰ জীৱিত কৰিবলৈ নিশ্চিতভাৱে সক্ষম। বিশ্বজগতত আমাৰ চাৰিওফালে থকা আল্লাহৰ অসংখ্য নিদৰ্শনৰ জৰিয়তে আমি তেওঁৰ অসীম শক্তিৰ স্পষ্ট প্ৰমাণ দেখিবলৈ পাওঁ। যেনে- মহান আল্লাহে সেউজীয়া গছৰ দ্বাৰা জুই উৎপন্ন কৰে, শুকান মাটিৰ পৰা শস্য আৰু ফল উৎপন্ন কৰে, আৰু এটা শুক্ৰাণুৰ পৰা মাতৃৰ গৰ্ভত জীৱন সৃষ্টি কৰে। গতিকে তেওঁ কিয়ামতৰ দিনা মৃতকক জীৱিত কৰিবলৈ আৰু হিচাপ-নিকাচ তথা প্ৰতিদান দিয়াৰ বাবে কবৰৰ পৰা পুনৰুত্থিত কৰিবলৈ নিশ্চয় সক্ষম। নিশ্চয় আল্লাহ সকলো বিষয়তে ক্ষমতাৱান। পক্ষান্তৰে অন্যায়কাৰী আৰু নিৰ্যাতিত ব্যক্তিৰ মাজত ফয়চালা নকৰাকৈ, সিহঁতৰ হিচাপ-নিকাচ আৰু প্ৰতিদান নিদিয়াকৈ এই অধ্যায় নিঃশেষ কৰাটো হ'ব এক প্ৰকাৰ অন্যায়।

মানুহে এইটো প্ৰশ্ন কৰিব পাৰে যে: কেৱল ইছলামেই কিয় গ্ৰহণ কৰিব লাগিব, অন্য ধৰ্ম কিয় নহয়?

তেওঁ জানি থোৱা উচিত যে, অন্যান্য সৃষ্টিৰ পৰা মানুহক পৃথক কৰিব পৰা আটাইতকৈ ডাঙৰ গুণটো হৈছে মানুহৰ বিবেক, ইয়াৰ কাম হৈছে চিন্তা-চৰ্চা কৰা আৰু সত্যৰ সন্ধান কৰা।

আনহাতে ইছলাম হৈছে এনেকুৱা এটা ধৰ্ম, যিটো সুস্থ বিবেক আৰু প্ৰাকৃতিক ফিতৰতৰ সৈতে সম্পূৰ্ণৰূপে খাপ খায়, ইছলামে জীৱনৰ অস্তিত্বমূলক ডাঙৰ প্ৰশ্নসমূহৰ যুক্তিসংগত উত্তৰ দিয়ে: আমি ইয়ালৈ কিয় আহিছোঁ? আমাৰ জীৱনৰ উদ্দেশ্য কি? আৰু মৃত্যুৰ পিছত আমি ক’লৈকে যাম?

ইছলামে একমাত্ৰ সৃষ্টিকৰ্তাৰ ইবাদত কৰিবলৈহে নিৰ্দেশ দিয়ে। লগতে এই সাক্ষ্য দিবলৈ কয় যে, "লা ইলাহা ইল্লাল্লাহ"। এইটোৱে হৈছে বিশ্বাসৰ প্ৰথম সাক্ষ্য, আৰু এইটোৱে হৈছে ইছলামত ঈমানৰ মূল ভেটি, যাৰ অৰ্থ হৈছে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই।

এই সাক্ষ্যৰ ভিতৰত দুটা মূলনীতি অন্তৰ্ভুক্ত আছেঃ

তাওহীদ (একত্ববাদ): অৰ্থাৎ এই বিশ্বাস পোষণ কৰা যে, একমাত্ৰ এজনেই হৈছে ইবাদতৰ যোগ্য, তেৱেঁই হৈছে প্ৰকৃত উপাস্য। তেওঁৰ কোনো অংশীদাৰ নাই, তেওঁৰ কোনো সন্তান নাই, আৰু তেওঁৰ কোনো সমকক্ষও নাই।

শ্বিৰ্কৰ পৰা সম্পৰ্কচ্ছেদ ঘোষণা কৰা তথা বিৰত থকা: অৰ্থাৎ সকলো প্ৰকাৰ দেৱ-দেৱীৰ মূৰ্তি আদিক অস্বীকাৰ কৰা তথা মানুহে সৃষ্টি কৰা উপাস্যবোৰক অস্বীকাৰ কৰা।

ইছলামত সকলো ৰাছুল (পয়গম্বৰ)ৰ ওপৰত বিশ্বাস পোষণ কৰাটো হৈছে বাধ্যতামূলক। কোৰআনত আল্লাহে কোৱাৰ দৰেই মুছলমানসকলে ঈছা (যীশু) আলাইহিচ্ছালামক আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল বুলি মানে, আৰু তেওঁলোকে বিশ্বাস কৰে যে, ঈছা কেতিয়াও আল্লাহৰ পুত্ৰ নহয়; কিয়নো আল্লাহ হৈছে অত্যন্ত মহান আৰু সকলো অসম্পূৰ্ণতাৰ পৰা পৱিত্ৰ, তেওঁৰ কোনো পত্নীও নাই আৰু সন্তানো নাই। তেওঁ এই দুয়োটাৰ পৰা আৰু সকলো প্ৰকাৰ ত্ৰুটিৰ সম্পূৰ্ণৰূপে পৱিত্ৰ। যিহেতু আল্লাহে কোৰআনত কৈছে যে, ঈছা আছিল এজন নবী, যাক আল্লাহে বহুতো অলৌকিক শক্তি প্ৰদান কৰিছিল আৰু আল্লাহে তেওঁক তেওঁৰ সম্প্ৰদায়ৰ ওচৰলৈ প্ৰেৰণ কৰিছিল, যাতে তেওঁ সিহঁতক একমাত্ৰ আল্লাহৰ ইবাদতৰ পিনে আহ্বান কৰে, যাৰ কোনো অংশীদাৰ নাই। আল্লাহে এইটোও উল্লেখ কৰিছে যে, ঈছাই কেতিয়াও মানুহক তেওঁৰ নিজৰ ইবাদত কৰিবলৈ নিৰ্দেশ দিয়া নাছিল, বৰং তেওঁ নিজেই তেওঁৰ সৃষ্টিকৰ্তাৰ ইবাদত কৰিছিল। গতিকে, যদি আপুনি সঁচাকৈয়ে ঈছা আলাইহিচ্ছালামৰ প্ৰতি ঈমান পোষণ কৰিব বিচাৰে, আৰু এইটো আল্লাহেও পচন্দ কৰে, তেন্তে আপুনি ইছলাম গ্ৰহণ কৰিব লাগিব।

পৱিত্ৰ কোৰআনত আল্লাহে উল্লেখ কৰিছে যে, ঈছা আলাইহিচ্ছালামে তেওঁৰ সম্প্ৰদায়ক একমাত্ৰ আল্লাহৰ ইবাদত কৰিবলৈহে আদেশ দিছিল, আৰু সিহঁতক শ্বিৰ্কৰ পৰা সাৱধান কৰিছিল।

এইটো যুক্তিসংগত হ’ব পাৰেনে যে, মানুহ এজনে কিদৰে নিজৰ দৰেই এজন সৃষ্টিৰ ইবাদত কৰিব পাৰে? যিজন নিজেই ভোক-পিয়াহ অনুভৱ কৰে আৰু মৃত্যুৰ পৰা নিজৰ জীৱন ৰক্ষা কৰিবলৈও অক্ষম? হে মানৱ! তুমি কেনেকৈ ঈছা ইবনে মৰিয়মৰ ইবাদত কৰিবা? অথচ তেওঁ হৈছে এজন মানুহ। তেওঁ খোৱা-বোৱা কৰিছিল, আৰু নিজৰ স্ৰষ্টাৰ অভিমুখী হৈ ইবাদত কৰিছিল। কোনো বিবেকৱান ব্যক্তিয়ে এইটো মানিব পাৰেনে যে, উপাস্যই নিজেই নিজৰ ইবাদত কৰে বুলি? আল্লাহেই সৰ্বোচ্চ আৰু এককভাৱে পূৰ্ণাংগ গুণাৱলীৰ অধিকাৰী নহয় জানো? একমাত্ৰ তেৱেঁই অতুলনীয়, যাৰ সৈতে একোৰেই ৰিজনি নাখাটে, তেওঁৰ কোনো সমকক্ষ নাই আৰু সকলো প্ৰকাৰ সাদৃশ্যৰ পৰা পৱিত্ৰ, বিশ্বজগতত থকা সকলো বস্তু তেওঁৰেই অধীনস্থ। তেন্তে এইটো কেনেকৈ যুক্তিসংগত হ’ব পাৰে যে, আকাশমণ্ডল আৰু পৃথিৱীৰ স্ৰষ্টা এজন শিশুৰ ৰূপত জন্ম গ্ৰহণ কৰিব আৰু তেওঁ নিজৰে সৃষ্টিৰ ওচৰত আত্মসমৰ্পণ কৰিব, যাতে সিহঁতে তেওঁক শূলবিদ্ধ কৰিব পাৰে? শূলবিদ্ধ হোৱা আৰু নিহত হোৱাটো হৈছে ধ্বংসশীল মানুহৰ ঘটনা, অথচ সৃষ্টিকৰ্তা হৈছে এনেকুৱা সত্ত্বা, যিজন চিৰঞ্জীৱ, যাৰ কেতিয়াও মৃত্যু নহ’ব, তেৱেঁই সৰ্বসত্ত্বাৰ ধাৰক, তেওঁক টোপনি আৰু কলাঘুমটি একোৱে স্পৰ্শ কৰিব নোৱাৰে। তেওঁৰ সুমহান সৰ্বোচ্চ গুণাৱলীৰ পূৰ্ণাংগতাৰ বাবে এনেকুৱা দোষণীয় বিষয়ৰ পৰা পৱিত্ৰ থকাটো আৱশ্যক নহয়নে বাৰু?

মহান আল্লাহে পৱিত্ৰ কোৰআনত আমাক জনাইছে যে, সকলো ৰাছুলে একেটা বাৰ্তা লৈয়ে প্ৰেৰিত হৈছিল। তেওঁলোকে নিজৰ সম্প্ৰদায়ক একমাত্ৰ আল্লাহৰ ইবাদতৰ ফালে আহ্বান কৰিছিল, যাৰ কোনো অংশীদাৰ নাই। কিন্তু সময়ৰ গতিত কিছুমান লোকে এই চিৰন্তন বাণীক বিকৃতি কৰিছিল, আৰু নবীসকলে লৈ অহা তাওহীদৰ জ্যোতিক নুমাই পেলাইছিল। গতিকে আল্লাহে শেষ ৰাছুল মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰেৰণ কৰিলে আৰু তেখেতৰ ওপৰত পৱিত্ৰ কোৰআন অৱতীৰ্ণ কৰিলে, যাতে তাওহীদৰ সেই বাণীক পুনৰ জীৱিত কৰি তুলিব পাৰে, ইতিপূৰ্বে যিটো বাণী সকলো ৰাছুলে লৈ প্ৰেৰিত হৈছিল।

অৱশেষত আপোনাক আকৌ কওঁ, হে প্ৰিয় পাঠক ভাই!

ইছলাম হৈছে বিবেক আৰু স্বভাৱগত (প্ৰাকৃতিক) ধৰ্ম, এইটো হৈছে একমাত্ৰ ধৰ্ম, যিটোক মহান স্ৰষ্টাই মানৱজাতিৰ বাবে নিৰ্ধাৰণ কৰিছে। গতিকে প্ৰতিজন বিবেকসম্পন্ন ব্যক্তিয়ে ইছলামত প্ৰৱেশ কৰিবলৈ ক্ষীপ্ৰতাৰে অগ্ৰসৰ হোৱা উচিত। অৰ্থাৎ আল্লাহক ৰব্ব হিচাপে, ইছলামক ধৰ্ম (দ্বীন) হিচাপে, আৰু মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামক ৰাছুল হিচাপে স্বীকাৰ কৰিব লাগে। এইটো এনেকুৱা কোনো বিষয় নহয় যিটো মানুহৰ ইচ্ছাৰ ওপৰত এৰি দিয়া হৈছে। কিয়নো কিয়ামতৰ দিনা আল্লাহে প্ৰত্যেককে জবাবদিহি কৰিব যে, তেওঁ ৰাছুলসকলৰ আহ্বানত কেনেকুৱা সঁহাৰি দিছিল; যদি তেওঁ মুমিন আছিল, তেন্তে তেওঁৰ বাবে আছে সফলতা আৰু মহা কল্যাণ, আনহাতে যদি সি কাফিৰ আছিল, তেন্তে তাৰ বাবে আছে স্পষ্ট ক্ষতি।

যদি আপুনি পৃথিৱীত প্ৰকৃত সুখ বিচাৰিছে আৰু পৰকালত সফলতা বিচাৰিছে, তেন্তে জানি থওক যে, আপুনি আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সিদ্ধান্তটো ল’ব লাগিব, অৰ্থাৎ ইছলামত প্ৰৱেশ কৰিব লাগিব। ইয়াৰ বাবে আপুনি কেৱল আন্তৰিক বিশ্বাসৰ সৈতে এই কথা কেইটা উচ্চাৰণ কৰিব লাগিবঃ أشهد أن لا إله إلا الله، وأشهد أن محمدًا رسول الله অৰ্থঃ "মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, মই আৰু সাক্ষ্য দিওঁ যে, মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল।" ইয়াৰ পিছত আপুনি ধৰ্মীয় বিধি-বিধানবোৰ শিকিবলৈ আৰম্ভ কৰিব লাগিব, আৰু সেইমতে আমল কৰিব লাগিব। লগতে এই সাক্ষ্য দুটাৰ দাবীসমূহ পূৰণ কৰিব লাগিব, অৰ্থাৎ আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰিব লাগিব আৰু ইছলামৰ আৰকান (স্তম্ভসমূহ)ৰ ওপৰত আমল কৰিব লাগিব।

গতিকে এতিয়াই সেই বাক্যটোৰ স্বীকৃতি দিয়ক, দ্বিধাবোধ নকৰিব; কাৰণ মৃত্যু কেতিয়া আহে ঠিক নাই, আকস্মিক মৃত্যু আহিব পাৰে। সেয়ে ইমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত এটা লওঁতে পলম নকৰিব। আপোনাৰ ভাল কামত বাধা দিবলৈ চয়তানক সুযোগ প্ৰদান নকৰিব। সাহসী হওক। জ্যোতি আৰু হিদায়তৰ পথত এতিয়াই খোজ দিয়ক।

আপোনাৰ ল’বলগীয়া সিদ্ধান্তটো এতিয়াই লওক, আৰু এটা নতুন জীৱনৰ সূচনা কৰক, যিটো জীৱন শান্তি আৰু সুখেৰে পৰিপূৰ্ণ।

أشهد أن لا إله إلا الله، وأشهد أن محمداً رسول الله. "আশ্বহাদু আল লা ইলাহা ইল্লাল্লাহু ওৱা আশ্বহাদু আন্না মুহাম্মাদাৰ ৰাছুলুল্লাহ।" অৰ্থঃ মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, মই আৰু সাক্ষ্য দিওঁ যে, মুহাম্মদ হৈছে আল্লাহৰ ৰাছুল।