صفة الوضوء والصلاة (مرئي)
PROJ-187
কেনেকৈ অজু কৰিম?
মীম
ধ্বনি
1
আজানৰ ধ্বনি
2
হে মুমিনসকল! যেতিয়া তোমালোকে ছালাতৰ বাবে থিয় হ’ব বিচৰা তেতিয়া তোমালোকে নিজৰ মুখমণ্ডল ধোৱা আৰু কিলাকুটিলৈকে হাত ধোৱা, তোমালোকৰ মূৰ মছেহ কৰা আৰু সৰুগাঁঠিলৈকে ভৰি ধোৱা,
(ছুৰা আল-মায়িদাহঃ ৬)
3
অজু অবিহনে নামাজ নহয়, আনহাতে নিয়্যত অবিহনে অজু নহয়, এইদৰে ইখলাচ অবিহনে নিয়্যত শুদ্ধ নহয়, আৰু নিয়্যতৰ স্থান হৈছে অন্তৰ, মুখ নহয়।
4
বিছমিল্লাহ
অজুৰ আৰম্ভণিত বিছমিল্লাহ পঢ়িব লাগে। ইয়াৰ জৰিয়তেই আমি অজু আৰম্ভ কৰোঁ। সুযোগ থাকিলে এই চেগতে মুখ পৰিস্কাৰ কৰিবলৈ মিছৱাক কৰিব লাগে।
5
তিনিবাৰ হাত ধুব লাগে, আঙুলিৰ পৰা আৰম্ভ কৰি হাতৰ মুঠিলৈকে বা কব্জিলৈকে।
6
হাতৰ কব্জিক সামৰি একেলেঠাৰিয়ে তিনিবাৰ পৰ্যন্ত ধুব লাগে।
7
প্ৰথমে সোঁহাতৰ কব্জিলৈকে তিনিবাৰ ধুব লাগে, তাৰ পিছত বাওঁহাতৰ কব্জিলৈকে তিনিবাৰ ধুব লাগে।
8
অন্যথা এইদৰেও ধুব পাৰি যে, এবাৰ সোঁহাতৰ কব্জিলৈকে ধুলে, তাৰ পিছত বাওঁহাতৰ কব্জিলৈকে, তাৰ পিছত আকৌ সোঁহাত, তাৰ পিছত আকৌ বাওঁহাত--এইদৰে
9
আঙুলিৰ মাজে মাজে যাতে পানী সোমায়, এইটো নিশ্চিত কৰিব লাগিব।
10
ইয়াৰ পিছত আমি প্ৰস্থান কৰিম কুলি আৰু নাক চাফা কৰিবলৈ--
11
কুলি কৰিবলৈ মুখৰ ভিতৰত পানী লব লাগে আৰু তাত সঞ্চালন কৰিব লাগে, আৰু কুলকুলি কৰি পেলাই দিব লাগে।
12
আনহাতে নাক চাফা কৰিবলৈ নাকৰ ভিতৰভাগলৈ পানী টানি লব লাগে আৰু বাওঁহাতেৰে নাক চাফা কৰাৰ দৰে সেই পানী উলিয়াই আনিব লাগে।
13
ৰোজাদাৰ নহ'লে অথবা ক্ষতি হোৱাৰ আশংকা নাথাকিলে এই দুটা আমল অধিক কৰা ছুন্নত।
14
কুলি আৰু নাক চাফ কৰাৰ পদ্ধতি হৈছে দুটা
15
আল-অচলঃ অৰ্থাৎ কুলি কৰিবলৈ লোৱা আধা পানীৰে কুলি কৰা আৰু আধাখিনি নাকত সোমোৱাই নাক চাফ কৰা--
পানীখিনিক মুখৰ ভিতৰত সঞ্চালন কৰি পেলাই দিব লাগে, আৰু নাকত সোমোৱাই লোৱা পানীখিনিক বাওঁ হাতেৰে নাকত ধৰি উলিয়াই আনিব লাগে।
এইদৰে আমি তিনিবাৰ পানীলৈ তিনিবাৰ কৰিম।
16
আনহাতে ফাচল হৈছে কুলি আৰু নাক চাফ কৰিবলৈ পৃথকে পৃথকে এচলুকৈ পানী লোৱা। অৰ্থাৎ এচলু পানীলৈ সেই গোটেই পানীখিনি মুখত ভৰাই লব লাগে তাৰ পিছত সেই পানী মুখৰ ভিতৰত সঞ্চালন কৰিব লাগে, তাৰ পিছত কুলি কৰি উলিয়াই দিব লাগে। আনহাতে নাক চাফ কৰিবলৈ এচলু পানীলৈ নাকত দিব লাগে আৰু বাওঁ হাতেৰে নাক পৰিস্কাৰ কৰি উলিয়াই দিব লাগে।
17
কুলি আৰু নাক চাফ কৰাৰ পিছত মুখমণ্ডল ধুব লাগে।
18
মুখমণ্ডলৰ দৈৰ্ঘ্য হৈছে কপালৰ উপৰিভাগৰ মূৰৰ চুলি গজা ঠাইৰ পৰা আৰম্ভ কৰি থুথৰিৰ শেষ সীমালৈকে, আৰু প্ৰশস্ততা হৈছে দুয়ো কাণৰ মাজৰ ভাগ।
19
লগতে মুখমণ্ডলত গজা গোটেই প্ৰকাৰ নোম ধোৱা ওৱাজিব, যেনে পাতল দাড়ি, মোচ, গালত থকা নোম, কাণৰ ওচৰত থকা নোম আৰু তলৰ উঠৰ তলফালে থকা নোম ইত্যাদি।
20
মুখমণ্ডল ধোৱাৰ পদ্ধতি হৈছে দুটাঃ
21
প্ৰথম- দুয়ো হাত একেলগ কৰি এক অঞ্জলি পানী লব, তাৰ পিছত সেই পানীৰে কপালৰ উপৰি ভাগত মূৰৰ চুলি গজা ঠাইৰ পৰা আৰম্ভ কৰি থুথৰিলৈকে তথা সোঁ কাণৰ পৰা বাওঁ কাণলৈকে ধুব লাগিব, আৰু যদি ঘন দাড়ি থাকে তেনেহ’লে অলপ পানীৰ সহায়ত আঙুলিৰে খিলাল কৰা ছুন্নত।
এনেকৈ তিনিবাৰ কৰিব লাগে, তিনিবাৰ কৰাটো হৈছে পৰিপূৰ্ণতা, অথবা দুবাৰো কৰিব পাৰে, কিন্তু এবাৰ কৰা ওৱাজিব।
22
দ্বিতীয়- কেৱল সোঁ হাতেৰে পানীলৈ মুখ ধুব লাগে, কিন্তু মুখমণ্ডল ঘহোঁতে দুয়ো হাত ব্যৱহাৰ কৰিব লাগে, যিদৰে পূৰ্বৱৰ্তী নিয়মত কোৱা হৈছে। এইদৰে তিনিবাৰ ধুব লাগে।
23
অজুৰ অংগসমূহ ধোৱাৰ ক্ষেত্ৰত শৃংখলা বজায় ৰখা ওৱাজিব। এইদৰে এটাৰ পিছত আনটো লগে লগে ধোৱাও ওৱাজিব, যাতে এটা অংগ নোধোৱাকৈ আনটো নোধোৱে আৰু এটা ধোৱাৰ পিছত আনটো ধোওঁতে যাতে বেছি পলম নকৰে।
24
মুখমণ্ডল ধোৱাৰ পিছত আমি দুয়ো হাত ধুই লম।
25
দুয়ো হাত ধোৱাৰ ওৱাজিব সীমাৰেখা হৈছে- হাতৰ আঙুলিৰ পৰা আৰম্ভ কৰি কিলাকুটিলৈকে ধোৱা, ইয়াৰ মাজত কিলাকুটিও অন্তৰ্ভুক্ত।
26
প্ৰথমে আমি সোঁ হাত ধুব লাগিব, হাতৰ আঙুলিবোৰৰ মাজত খিলাল কৰিব যাতে পানী সোমাই যায়, ইয়াৰ পিছত কিলাকুটিলৈকে ভালকৈ পানীৰে ধুব লাগে।
27
ইয়াৰ পিছত আমি এইদৰেই বাওঁ হাতো ধুই লম, লগতে হাতৰ আঙুলিবোৰো খিলাল কৰিম।
28
ইয়াৰ পিছত আমি মূৰ মছেহ কৰিম। দুয়ো হাত পানীৰে তিয়াই লম, তাৰ পিছত দুয়ো হাতৰ আঙুলি একেলগ কৰি মূৰৰ আৰম্ভণিৰ পৰা মূৰৰ পিছফাললৈকে লৈ যাব লাগে, ইয়াৰ পিছত আকৌ তাৰ পৰা ওভতাই আনিব লাগে য'ৰ পৰা আৰম্ভ কৰিছিল সেই স্থানলৈ। চুলি থকা নথকাৰ মাজত কোনো পাৰ্থক্য নাই।
29
মূৰ মছেহ কৰাৰ পিছত আঙুলিত লাগি থকা সেই পানীৰেই আমি কাণ মছেহ কৰিম, কেৱল এবাৰ কৰিলেই যথেষ্ট।
30
কাণ মছেহ কৰাৰ নিয়ম হৈছে, তৰ্জ্জনী আঙুলিৰে কাণৰ ভিতৰভাগ আৰু বুঢ়া আঙুলিৰে কাণৰ পিঠি মছেহ কৰিব লাগে। এইদৰে আমি কাণৰ বাহিৰ আৰু ভিতৰ উভয় ভাগ মছেহ কৰিম।
31
ইয়াৰ পিছত আমি দুয়ো ভৰি ধুই লম, ভৰি ধোৱাৰ ওৱাজিব অংশ হৈছে ভৰিৰ আঙুলিৰ পৰা সৰুগাঁঠিলৈকে ধোৱা ওৱাজিব। সৰুগাঁঠি ধোৱাও ইয়াৰ অন্তৰ্ভুক্ত।
32
প্ৰথমে আমি সোঁ ভৰি ধুব লাগিব আৰু ভৰিৰ আঙুলিবোৰ ভালকৈ খিলাল কৰিব লাগিব। সৰুগাঁঠি আৰু ভৰিৰ উপৰিভাগ ভালকৈ ঘঁহি ঘঁহি ধুব লাগে।
33
ইয়াৰ পিছত বাওঁ ভৰিও সেইদৰেই ধুব লাগিব যিদৰে সোঁ ভৰি ধুইছিলোঁ। আঙুলি খিলাল কৰিবলৈ নাপাহৰিব। লগতে ভৰিৰ গোৰোহা আৰু সৰুগাঁঠিত পানী স্পৰ্শ কৰিছে নে নাই সেয়া নিশ্চিত কৰিব।
34
(আশ্বহাদু আল লা ইলাহা ইল্লাল্লাহু অহদাহু লা শ্বাৰীকা লাহু, ওৱা আশ্বহাদু আন্না মুহাম্মাদান আব্দুহু ওৱা ৰাছুলুহু) অৰ্থঃ মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁৰ কোনো অংশীদাৰ নাই, মই আৰু সাক্ষ্য দিওঁ যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে তেওঁৰ বান্দা আৰু ৰাছুল।
35
অজু শেষ কৰি জিকৰ-আজকাৰ আৰু দুআ পাঠ কৰা ছুন্নত। অধিক দুআ পাঠ কৰাও ছুন্নত।
36
আল্লাহুম্মাজ আলনী মিনাত তাওৱাবীনা অজ আলনী মিনাল মুতাত্বহহিৰীন।
37
অথবা
ছুবাহানাকা আল্লাহুম্মা অবিহামদিকা, আশ্বহাদু আল লা ইলাহা ইল্লা আনতা, আছতাগফিৰুকা ওৱা আতূবু ইলাইকা।
মীম
স্ক্ৰীনত লিখিত
1
কেনেকৈ অজু কৰিম?
2
হে মুমিনসকল! যেতিয়া তোমালোকে ছালাতৰ বাবে থিয় হ’ব বিচৰা তেতিয়া তোমালোকে নিজৰ মুখমণ্ডল ধোৱা আৰু কিলাকুটিলৈকে হাত ধোৱা, তোমালোকৰ মূৰ মছেহ কৰা আৰু সৰুগাঁঠিলৈকে ভৰি ধোৱা,
(ছুৰা আল-মায়িদাহঃ ৬)
3
কব্জি ধৌত কৰা
4
কুলি আৰু নাক চাফ কৰা
5
আল-অচল
6
আল-ফাচল
7
মুখমণ্ডল ধোৱা
8
প্ৰথম
9
দ্বিতীয়
10
নিয়্যত আৰু বিছমিল্লাহ
11
কব্জি ধৌত কৰা
12
কুলি
13
নাক চাফ কৰা
14
মুখমণ্ডল ধোৱা
15
কিলাকুটিৰ সৈতে দুয়ো হাত ধোৱা।
16
মূৰ আৰু কাণ মছেহ কৰা
17
সৰুগাঁঠিসহ দুয়ো ভৰি ধোৱা।
18
দুয়ো হাত ধোৱা
19
মূৰ মছেহ
20
মূৰৰ আৰম্ভণি= কপালৰ উপৰিভাগ তথা সাধাৰণতে চুলি গজা স্থান।
21
মূৰৰ শেষ সীমা= মূৰৰ পিছফালে চুলিগজা ঠাইৰ শেষসীমালৈকে।
22
দুয়ো কাণৰ মছেহ
23
দুয়ো ভৰি ধোৱা
24
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"ভৰিৰ গোৰোহা শুকান ৰখা ব্যক্তিৰ বাবে আছে জাহান্নামৰ কঠিন শাস্তি। এতেকে অজু কৰাৰ সময়ত পৰিপূৰ্ণৰূপে অজু কৰিবা"।
ইয়াক আবু দাউদে বৰ্ণনা কৰিছে।
25
(আশ্বহাদু আল লা ইলাহা ইল্লাল্লাহু অহদাহু লা শ্বাৰীকা লাহু, ওৱা আশ্বহাদু আন্না মুহাম্মাদান আব্দুহু ওৱা ৰাছুলুহু) অৰ্থঃ মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁৰ কোনো অংশীদাৰ নাই, মই আৰু সাক্ষ্য দিওঁ যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম তেওঁৰ বান্দা আৰু ৰাছুল।
ইয়াক মুছলিমে বৰ্ণনা কৰিছে।
26
আল্লাহুম্মাজ আলনী মিনাত তাওৱাবীনা অজ আলনী মিনাল মুতাত্বহহিৰীন।
ইয়াক তিৰমিজীয়ে বৰ্ণনা কৰিছে।
27
ছুবাহানাকা আল্লাহুম্মা অবিহামদিকা, আশ্বহাদু আল লা ইলাহা ইল্লা আনতা, আছতাগফিৰুকা ওৱা আতূবু ইলাইকা।
নাছাঈয়ে "আমালুল ইয়াওম অল লাইলা" গ্ৰন্থত বৰ্ণনা কৰিছে।
নামাজ কেনেকৈ পঢ়িম?
তাকবীৰৰ পৰা ছালামলৈকে হৈছে নামাজ
মীম
ধ্বনি
1
ইকামতৰ ধ্বনি
2
ইকামতৰ ধ্বনি অব্যাহত
মুচল্লিয়ে কৰিবলগীয়া প্ৰথম কামটো হৈছে নিয়্যত, নিয়্যতৰ স্থান হৈছে অন্তৰ।
3
কিবলামুখী হৈ থিয় হম, আপুনি ইমাম হওক অথবা অকলশৰীয়া নামাজী, নামাজৰ সময়ত আপোনাৰ সন্মুখত এটা ছুতৰা ৰাখিব লাগিব।
4
আল্লাহু আকবাৰ
তাকবীৰে তাহৰীমাৰ জৰিয়তে আমি নামাজত প্ৰৱেশ কৰোঁ, এই তাকবীৰে তাহৰীমা মুখেৰে উচ্চাৰণ কৰা জৰুৰী।
5
তাকবীৰৰ সময়ত আমি দুয়ো হাত কান্ধলৈকে উত্তোলন কৰিব লাগিব, আৰু আমাৰ হাতৰ আঙুলিৰ পেটৰ দিশটো কিবলামুখী হ'ব লাগিব।
অথবা
উক্ত পদ্ধতিতে কাণৰ লতিলৈকে দুয়ো হাত উত্তোলন কৰিব লাগিব।
6
তাকবীৰৰ পিছত আমি দুয়ো হাত বুকুৰ ওপৰত ৰাখিম, নাইবা বুকুৰ তলত নাভীৰ ওপৰত ৰাখিম, অথবা নাভীৰ তলত। এই গোটেইবোৰ পদ্ধতি সঠিক।
আমাৰ সোঁহাতখন বাওঁ হাতৰ কব্জিৰ ওপৰত ৰাখিম।
অথবা সোঁহাতৰ কব্জি বাওঁ হাতৰ কব্জিৰ ওপৰত ৰাখিম।
নাইবা সোঁহাতেৰে বাওঁ হাতৰ বাহুক ধৰি ৰাখিম।
7
আল্লাহুম্মা বাঈদ বাইনী অবাইনা খাতা-ইয়ায়া কামা বা-আত্তা বাইনাল মাশ্বৰিক্বি অল-মাগৰিব, আল্লাহুম্মা নাক্কিনী মিন খাতা-ইয়ায়া কামা য়ুনাক্কাছ ছাউবুল আবিয়াজু মিনাদ দানাছ, আল্লাহুম্মাগ ছিলনী মিন খাতা-ইয়ায়া বিছ-ছালজি অল-মা-য়ী অল-বাৰাদ।
তাকবীৰে তাহৰীমাৰ পিছত আৰু কিৰাআতৰ আগত আমি উক্ত দুআয়ে ইস্তিফতাহ পাঠ কৰিব লাগে। অন্যান্য আৰু কেইবাটাও দুআয়ে ইস্তিফতাহ হাদীছত বৰ্ণিত আছে। কেতিয়াবা ইটো কেতিয়াবা সিটো পাঠ কৰা ছুন্নত।
8
আউজু বিল্লাহি মিনাশ্ব শ্বায়ত্বনিৰ ৰাজীম।
দুআয়ে ইস্তিফতাহৰ পিছত আউজু বিল্লাহ পাঠ কৰিব লাগে, তাৰ পিছত ছুৰা ফাতিহা।
9
লাহে ধীৰে বিনয়ী সহকাৰে এটা এটাকৈ আয়াত তিলাৱত কৰিব লাগে।
10
আমীন
ইমাম হওক বা মুক্তাদী অথবা অকলশৰীয়া নামাজী, প্ৰত্যেকে আমীন কোৱা ছুন্নত। এইটো ছুৰা ফাতিহাৰ কোনো আয়াত নহয়। বৰং এইটো হৈছে এটা দুআ যাৰ অৰ্থ হৈছে- হে আল্লাহ! তুমি কবুল কৰা।
11
ছুৰা ফাতিহা তিলাৱত কৰাৰ পিছত আমি সাধ্যানুযায়ী কোৰআনৰ কিছু আয়াত তিলাৱত কৰিম। সম্পূৰ্ণ ছুৰাই হওক অথবা ছুৰাৰ এটা অংশ। তিলাৱত সম্পন্ন কৰাৰ পিছত আৰু ৰুকুলৈ প্ৰস্থান কৰাৰ আগত আমি অকণমান সময় নিৰৱ থাকিব লাগে।
12
আল্লাহু আকবাৰ
আল্লাহু আকবাৰ বুলি কৈ আমি কিয়ামৰ পৰা ৰুকুলৈ প্ৰস্থান কৰিম।
আৰু এইটোৱেই হৈছে নামাজৰ দ্বিতীয় স্থান য'ত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুয়ো হাত উত্তোলন (ৰাফউল য়াদাইন) কৰিছিল। এতেকে কান্ধ পৰ্যন্ত অথবা কাণৰ লতিলৈকে দুয়ো হাত উত্তোলন কৰা ছুন্নত।
13
ৰুকুত আমি আমাৰ হাতৰ মুঠি আঠুৰ ওপৰত ৰাখিম, আৰু হাতৰ আঙুলিবোৰ ফাক ফাক কৰি আঠুক এনেকৈ আয়ত্তত ৰাখিম যেনিবা খামুচি ধৰি আছোঁ।
ৰুকুত আমি ধীৰ স্থিৰতা বজায় ৰাখিম, দুয়ো হাতৰ বাহুক কাষৰ পৰা আঁতৰাই ৰাখিম অৰ্থাৎ পোনকৈ ৰাখিম যাতে কাষত লাগি নাথাকে আৰু দৃষ্টিকো ইফাল সিফালৰ পৰা আঁতৰাই ৰাখিম।
14
পিঠি সমতল ৰাখিব লাগিব, যাতে বেকা নাথাকে। মূৰ পিঠিৰ সৈতে পোন ৰাখিম, যাতে পিঠিতকৈ ওখ নহয় আৰু তলতো নাথাকে।
15
ছুবহানা ৰাব্বিয়াল আজীম।
তিনিবাৰকৈ আমি উক্ত তাছবীহ পাঠ কৰিম, এইটো হৈছে নিম্নতৰ সম্পূৰ্ণতা। তাছবীহ এবাৰ পাঠ কৰা ওৱাজিব, ইয়াতকৈ বেছি আমি পঢ়িব পাৰোঁ। প্ৰমাণিত তাছবীহসমূহ আমি কেতিয়াবা ইটো আৰু কেতিয়াবা সিটো পঢ়িব লাগে।
16
অৰ্থাৎ সেইসমূহ দুআ যিবোৰ ৰুকুত বাৰে বাৰে পাঠ কৰিব লাগে।
17
ছামিআল্লাহু লিমান হামিদাহ।
ৰুকুৰ পৰা উঠাৰ সময়ত আমি এই কথাষাৰ কম। অকলশৰীয়া নামাজী হওক অথবা ইমাম।
18
লগতে আমি আমাৰ দুয়ো হাত কান্ধ পৰ্যন্ত অথবা কাণৰ লতি পৰ্যন্ত উত্তোলন কৰিম অৰ্থাৎ ৰাফউল য়াদাইন কৰিম। এইটো হৈছে ৰাফউল য়াদাইন কৰাৰ তৃতীয় স্থান।
19
ইয়াৰ পিছত আমি পোন হৈ থিয় হৈ এই দুআ পাঠ কৰিম।
(ৰাব্বানা অলাকাল হাম্দ) হে আমাৰ প্ৰতিপালক! প্ৰশংসা কেৱল তোমাৰেই।
20
ৰুকুৰ পৰা উঠি আমি হাত বান্ধিবও পাৰোঁ আৰু এৰিও দিব পাৰোঁ।
21
ৰুকুৰ পৰা উঠি কিছু দীৰ্ঘ সময় থিয় হৈ থকা আৰু ধীৰ স্থিৰতা বজায় ৰখা ছুন্নত।
22
আল্লাহু আকবাৰ
ইয়াৰ পিছত আমি আল্লাহু আকবাৰ বুলি কৈ কিয়ামৰ পৰা ছাজদালৈ প্ৰস্থান কৰিম।
ছাজদালৈ যোৱাৰ সময়ত আমি আঠুৰ আগত হাত মাটিত ৰাখিম অথবা হাতৰ আগত আঠু, যিটো সহজ হয়।
23
সাতটা হাড়ৰ ওপৰত ছাজদাহ কৰা ওৱাজিব। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক এইদৰেই শিকাইছে।
নাকসহ কপাল, দুই হাত, দুই ভৰি আৰু দুই আঠু।
24
ভৰিৰ আঙুলিবোৰ কিবলামুখী হ'ব লাগিব, আৰু ভৰি দুখন মাটিত থাকিব লাগিব।
উৰু দুখনৰ মাজত ফাক ৰাখিব লাগিব আৰু পেট যাতে উৰুৰ লগত লাগি নাথাকে এইটো নিশ্চিত কৰিব লাগিব।
দুয়ো বাহু যাতে মাটিত লাগি নাথাকে আৰু কাষৰ পৰাও আঁতৰাই ৰাখিব লাগিব। লগতে জামাতত নামাজ পঢ়োঁতে মনোযোগ ৰাখিব লাগিব যাতে ওচৰৰ মানুহে কষ্ট নাপায়।
দুয়োখন হাতৰ পতা কান্ধৰ সমান সমানকৈ অথবা কাণৰ সমানে ৰাখিব লাগিব।
25
(ছুবহানা ৰাব্বিয়াল আ'লা) পৱিত্ৰ মোৰ প্ৰতিপালক আটাইতকৈ সুউচ্চ।
তিনিবাৰকৈ আমি উক্ত তাছবীহ পাঠ কৰিম, এইটো হৈছে নিম্নতৰ সম্পূৰ্ণতা। তাছবীহ এবাৰ পাঠ কৰা ওৱাজিব, ইয়াতকৈ বেছি আমি পঢ়িব পাৰোঁ। প্ৰমাণিত তাছবীহসমূহ আমি কেতিয়াবা ইটো কেতিয়াবা সিটো পঢ়িব লাগে। ইয়াৰ বাহিৰেও আমি দুনিয়া আৰু আখিৰাতৰ কল্যাণ কামনা কৰি যিকোনো দুআ কৰিব পাৰোঁ।
26
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ বান্দা তেওঁৰ প্ৰতিপালকৰ সর্বাধিক নিকটৱর্তী হয় সেই সময়ত, যেতিয়া সি ছাজদাহ অৱস্থাত থাকে। এতেকে (সেই সময়ত) তোমালোকে বেছি বেছি দুআ কৰিবা।
27
আল্লাহু আকবাৰ
ছাজদাৰ পৰা আমি আল্লাহু আকবাৰ বুলি কৈ উঠিব লাগিব।
বাওঁ ভৰি পাৰি সুস্থিৰে তাৰ ওপৰত বহিম আৰু সোঁ ভৰিক থিয়কৈ ৰাখিম যাতে ভৰিৰ আঙুলিবোৰ কিবলামোৱা হৈ থাকে।
অথবা
দুয়ো ভৰি পাৰি গোৰোহাৰ ওপৰত বহিম।
দুয়ো হাত প্ৰসাৰিত কৰিম, সোঁহাতক সোঁ উৰুৰ ওপৰত প্ৰসাৰিত কৰি আৰু বাওঁ হাতক বাওঁ উৰুৰ ওপৰত প্ৰসাৰিত কৰি আঠুৰ ওপৰত ৰাখিম অথবা আঠুৰ ওচৰত ৰাখিম।
28
(ৰাব্বিগ ফিৰলী) হে মোৰ প্ৰতিপালক মোক ক্ষমা কৰা।
দুয়ো ছাজদাৰ মাজত শান্তভাৱে বহি এই দুআ পাঠ কৰিম।
29
আল্লাহু আকবাৰ
ইয়াৰ পিছত তাকবীৰ কৈ দ্বিতীয় ছাজদা কৰিম, প্ৰথম ছাজাদাৰ দৰেই আৰু প্ৰথম ছাজাদাত যি যি পঢ়িছিলোঁ ইয়াতো সেইবোৰেই পঢ়িম।
30
আল্লাহু আকবাৰ
প্ৰথম ৰাকাআত আমি যেনেকৈ আদায় কৰিলোঁ ঠিক সেইদৰে দ্বিতীয় ৰাকাতো আদায় কৰিম।
দুয়ো হাত বান্ধি ছুৰা ফাতিহা তিলাৱত কৰিব লাগিব, এটা আয়াত অথবা কোৰআনৰ কেইটামান আয়াত তিলাৱত কৰিব লাগিব।
তাৰ পিছত আমি ৰূকু কৰিম।
আল্লাহু আকবাৰ
আৰু থিয় হোৱাৰ সময়ত ক'ব লাগিব-
ছামিআল্লাহু লিমান হামিদাহ।
ইয়াৰ পিছত আমি ছাজাদা কৰিম।
আল্লাহু আকবাৰ
দুটা ছাজদা কৰি আমি তাশ্বাহহুদৰ বাবে বহিম।
আল্লাহু আকবাৰ
আল্লাহু আকবাৰ
আল্লাহু আকবাৰ
31
দ্বিতীয় ৰাকাত সম্পন্ন কৰি তাশ্বাহহুদৰ বাবে বহিব লাগিব, ভৰি পাৰি বহিম।
32
জালছাতুল ইফতিৰাশ্ব (ভৰিৰ ওপৰত বহি কৰা বৈঠক) কেৱল দুই ৰাকাতবিশিষ্ট চালাততহে কৰিব লাগে, যেনে- ফজৰ, জুমুআ আৰু ঈদৰ নামাজ। এইদৰে তিনি আৰু চাৰি ৰাকাতবিশিষ্ট নামাজৰ প্ৰথম তাশ্বাহহুদত কৰিব লাগে। লগতে এইটো বৈঠক দুই ছাজদাৰ মাজতো কৰা হয়।
33
যদি কোনোবাই বেছি শকত হোৱাৰ কাৰণে অথবা ভৰিত কোনো অসুবিধা থকাৰ কাৰণে ভৰি পাৰি বহিব নোৱাৰে তেন্তে সেই ব্যক্তিৰ ক্ষেত্ৰত কোনো অসুবিধা নাই, তেওঁৰ যিদৰে সহজ হয় সেইদৰেই বহিব।
34
তাশ্বাহহুদত আমি তৰ্জনী আঙুলিৰ বাহিৰে হাতৰ বাকী আঙুলিৰে মুঠ মাৰি সোঁ উৰুৰ ওপৰত ৰাখিম, আৰু তৰ্জনী আঙুলিৰে ইংগিত কৰিম।
35
নাইবা বৃদ্ধাঙ্গুলী আৰু মধ্যমা আঙুলিৰ জৰিয়তে গোলাকৃতি কৰি তৰ্জনীৰে ইংগিত কৰিব।
36
আনহাতে বাওঁ হাতখন বাওঁ উৰুৰ ওপৰত আপুনি খুলিও ৰাখিব পাৰে অথবা আঠু ধৰি ৰাখিব পাৰে।
তাশ্বাহহুদত সোঁ হাতৰ তৰ্জনী আঙুলিৰ ওপৰত দৃষ্টি থাকিব লাগে।
37
(আত্তাহিয়্যাতু লিল্লা-হি অচ্ছালাৱাতু অত-তায়্যিবাতু, আচ্ছালামু আলাইকা আইয়্যুহান নাবীয়্যু অৰাহমাতুল্লাহি অবাৰাকাতুহ, আচ্ছালামু আলাইনা ৱাআলা ইবাদিল্লাহিচ্ছলিহীন, আশ্বহাদু আন-লা ইলা-হা ইল্লাল্লাহু, ৱা আশ্বহাদু আন্না মুহাম্মাদান আব্দুহু অৰাছুলুহ)
যদি চালাত তিনি অথবা চাৰি ৰাকাতবিশিষ্ট হয় তেন্তে প্ৰথম বৈঠকত কেৱল আত্তাহিয়্যাতু পঢ়িলেই যথেষ্ট।
আনহাতে যদি দুই ৰাকাতবিশিষ্ট হয় যেনে- ফজৰ, জুমুআ আৰু ঈদৰ চালাত তেন্তে আত্তাহিয়্যাতুৰ লগতে দৰূদে ইব্ৰাহীমিও পঢ়িব লাগিব।
আল্লা-হম্মা চল্লি আলা মুহাম্মদ, ৱা আলা আলি মুহাম্মদ, কামা চাল্লাইতা আলা ইব্ৰাহীম, ৱা আলা আলি ইব্ৰাহীম, ইন্নাকা হামীদুম মাজীদ। আল্লা-হম্মা বা-ৰিক আলা মুহাম্মদ, ৱা আলা আলি মুহাম্মদ, কামা বা-ৰাকতা আলা ইব্ৰাহীম, ৱা আলা আলি ইব্ৰাহীম, ইন্নাকা হামীদুম মাজীদ।
38
আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহ
আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহ
আত্তাহিয়্যাতু আৰু হাদীছত বৰ্ণিত দুআবোৰ পাঠ কৰাৰ পিছত ছালাম ফিৰাব লাগে, কিন্তু এইটো কেৱল দুই ৰাকাতবিশিষ্ট চালাততহে।
39
লাহেকৈ আল্লাহু আকবাৰ বুলি ক'ব।
আনহাতে যদি নামাজ তিনি ৰাকাতবিশিষ্ট হয় যেনে- মাগৰিব অথবা চাৰি ৰাকাতবিশিষ্ট যেনে- জোহৰ, আচৰ আৰু ঈশ্বা।
40
যদি মাগৰিবৰ নামাজ হয় তেন্তে প্ৰথম তাশ্বাহহুদৰ পিছত আৰু এক ৰাকাত পঢ়িবলৈ থিয় হ'ব লাগিব। আনহাতে যদি জোহৰ, আচৰ আৰু ঈশ্বাৰ নামাজ হয় তেন্তে দুই ৰাকাত পঢ়িবলৈ থিয় হ'ব লাগিব। সেই ৰাকাতত আমি কেৱল ছুৰা ফাতিহা পঢ়িলেই হ'ব। কিন্তু বাকী পদ্ধতি আগৰ ৰাকাতৰ দৰেই হ'ব ৰুকু, ছাজদাহ, কিয়াম, বৈঠক আদি।
41
আল্লাহু আকবাৰ
42
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুই তাশ্বাহহুদ থকা নামাজত শেষৰ তাশ্বাহহুদত তাৱাৰ্ৰুক কৰিছিল।
43
তিনি আৰু চাৰি ৰাকাতবিশিষ্ট নামাজৰ শেষৰ তাশ্বাহহুদত তাৱাৰ্ৰুক কৰিব লাগে। ইয়াৰ একাধিক পদ্ধতি আছে।
44
বাওঁ ভৰি পাৰি সোঁ ভৰিক থিয় কৰি ৰাখি দুয়ো ভৰিকে সোঁফালে উলিয়াই দি নিতম্ব মাটিত ৰাখিব।
অথবা
দুয়ো ভৰি পাৰি সোঁফালে উলিয়াই দিব।
অথবা
সোঁ ভৰি পাৰি বাওঁ ভৰিক সোঁ ভৰিৰ উৰুৰ তলেৰে সোমাই দিব।
45
শেষ তাশ্বাহহুদত আমি আত্তাহিয়্যাতু আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত দৰূদ পঢ়িব লাগে।
46
আত্তাহিয়্যাতু পাঠ কৰাৰ পিছত ছালাম ফিৰোৱাৰ আগতেই চাৰিটা বস্তুৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিব লাগে, জাহান্নামৰ শাস্তিৰ পৰা, কবৰৰ আযাবৰ পৰা, জীৱন-মৰণৰ ফিতনাৰ পৰা, লগতে মছীহুদ দাজ্জালৰ ফিতনাৰ পৰা।
ইয়াৰ বাহিৰেও পৃথিৱী আৰু আখিৰাতৰ কল্যাণ বিচাৰি যিকোনো দুআ কৰিব পাৰি।
47
আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহ
আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহ
ছালামৰ জৰিয়তেই নামাজ সম্পন্ন হয় তথা ইয়াৰ পৰা বাহিৰ হোৱা যায়।
48
ছালাম ফিৰোৱাৰ অৰ্থ হৈছে আমি নামাজ শেষ কৰিছোঁ।
আছতাগফিৰুল্লাহ- আছতাগফিৰুল্লাহ- আছতাগফিৰুল্লাহ
49
মুছল্লীয়ে ছালাম ফিৰোৱাৰ পিছত তিনিবাৰ আছতাগফিৰুল্লাহ বুলি কোৱা ছুন্নত। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণিত বিভিন্ন আজকাৰসমূহ পাঠ কৰা উচিত।
মীম
স্ক্ৰীনত লিখিত
1
আপুনি ইমাম হওক বা অকলশৰীয়া নামাজী
2
তাকবীৰে তাহৰীমা
3
কান্ধলৈকে ৰফউল য়াদাইন কৰা
4
অথবা উক্ত পদ্ধতিতে কাণৰ লতিলৈকে দুয়ো হাত উত্তোলন কৰিব লাগিব।
5
দুয়ো হাত বুকুৰ ওপৰত ৰাখিব
6
অথবা নাভীৰ ওপৰত
7
নাইবা নাভীৰ তলত
8
আমাৰ সোঁহাতখন বাওঁ হাতৰ কব্জিৰ ওপৰত ৰাখিম।
9
নাইবা সোঁহাতেৰে বাওঁ হাতৰ বাহুক ধৰি ৰাখিম।
10
দুআ-এ- ইস্তিফতাহ
11
আল্লাহুম্মা বাঈদ বাইনী অবাইনা খাতা-ইয়ায়া কামা বা-আত্তা বাইনাল মাশ্বৰিক্বি অল-মাগৰিব, আল্লাহুম্মা নাক্কিনী মিন খাতা-ইয়ায়া কামা য়ুনাক্কাছ ছাউবুল আবিয়াজু মিনাদ দানাছ, আল্লাহুম্মাগ ছিলনী মিন খাতা-ইয়ায়া বিছ-ছালজি অল-মা-য়ী অল-বাৰাদ। (মুছলিম)
12
ছুন্নত হৈছে কেতিয়াবা ইটো পঢ়া আৰু কেতিয়াবা সিটো পঢ়া।
13
আশ্ৰয় প্ৰাৰ্থনা
14
আউজু বিল্লাহি মিনাশ্ব শ্বাই-ত্বানিৰ ৰাজীম
15
আল-ফাতিহা
16
(আলহাম্দু লিল্লাহি ৰব্বিল আ-লামীন। আৰ-ৰহমানিৰ ৰাহীম। মা-লিকি ইয়াওমিদ্দীন। ইয়্য়াকা না'বুদু ওৱা ইয়্যাকা নাস্তায়ীন। ইহদিনাচ চিৰাত্বল মুস্তাকীম। চিৰাত্বল লাজীনা আনআমতা আলাইহিম, গাইৰিল মাগদ্বুবি আলাইহিম অলাদ্ব-দ্বল্লীন।)
17
আমীন
18
আমীন হৈছে এটা দুআ, ইয়াৰ অৰ্থ হৈছে হে আল্লাহ! তুমি কবূল কৰা।
19
সাধ্যানুযায়ী কোৰআনৰ পৰা কিছু আয়াত তিলাৱত কৰিম।
20
ৰূকু
21
আল্লাহু আকবাৰ
22
ৰূকুত পিঠি সমতল থাকিব লাগিব, বেঁকা হ'ব নালাগে।
23
(ছুবহানা ৰাব্বিয়াল আজীম) আল্লাহ অতি পৱিত্ৰ, অতি মহান।
24
ৰূকুৰ প্ৰমাণিত দুআসমূহ
25
ছুব্বুহুন কুদ্দুছুন ৰাব্বুল মালাইকাতি অৰ-ৰূহ।
26
ছুবহানাকা ৰাব্বানা অবিহামদিকা, আল্লাহুম্মাগফিৰলী।
27
ছামিআল্লাহু লিমান হামিদাহ।
28
ৰাব্বানা অলাকাল হাম্দ, হামদান কাছীৰান তায়্যিবাম মুবাৰাকান ফীহ।
29
হাত এৰি দিম।
30
অথবা বুকুত বান্ধিম
31
ছাজদাহ
32
নাকসহ কপাল
33
কব্জিলৈকে দুয়ো হাতৰ পতা
34
দুয়ো আঠু
35
দুয়ো ভৰি
36
(ছুবহানা ৰাব্বিয়াল আ'লা) পৱিত্ৰ মোৰ প্ৰতিপালক আটাইতকৈ সুউচ্চ।
37
বান্দা তেওঁৰ প্ৰতিপালকৰ সর্বাধিক নিকটৱর্তী হয় সেই সময়ত, যেতিয়া সি ছাজদাহ অৱস্থাত থাকে। এতেকে (সেই সময়ত) তোমালোকে বেছি বেছি দুআ কৰিবা।
38
জালছাতুল ইফতিৰাশ্ব
39
জালছাতুল ইক্বআ
40
ৰাব্বিগ ফিৰলী (তিনিবাৰ)
41
আল্লাহুম্মাগ ফিৰলী, অৰহামনী, অজবুৰনী, অহদিনী, অৰঝুকনী।
42
ফজৰ
43
জুমুআ
44
দুই ঈদ
45
জোহৰ
46
আছৰ
47
মাগৰিব
48
ঈশ্বা
49
(আত্তাহিয়্যাতু লিল্লা-হি অচ্ছালাৱাতু অত-তায়্যিবাতু, আচ্ছালামু আলাইকা আইয়্যুহান নাবীয়্যু অৰাহমাতুল্লাহি অবাৰাকাতুহ, আচ্ছালামু আলাইনা ৱাআলা ইবাদিল্লাহিচ্ছলিহীন, আশ্বহাদু আন-লা ইলা-হা ইল্লাল্লাহু, ৱা আশ্বহাদু আন্না মুহাম্মাদান আব্দুহু অৰাছুলুহ)
50
আল্লা-হম্মা চল্লি আলা মুহাম্মদ, ৱা আলা আলি মুহাম্মদ, কামা চাল্লাইতা আলা ইব্ৰাহীম, ৱা আলা আলি ইব্ৰাহীম, ইন্নাকা হামীদুম মাজীদ। আল্লা-হম্মা বা-ৰিক আলা মুহাম্মদ, ৱা আলা আলি মুহাম্মদ, কামা বা-ৰাকতা আলা ইব্ৰাহীম, ৱা আলা আলি ইব্ৰাহীম, ইন্নাকা হামীদুম মাজীদ।
51
জোহৰ, আচৰ, মাগৰিব, ঈশ্বা
52
ফজৰ, জুমুআ, দুই ঈদ
53
আল্লা-হম্মা চল্লি আলা মুহাম্মদ, ৱা আলা আলি মুহাম্মদ, কামা চাল্লাইতা আলা ইব্ৰাহীম, ৱা আলা আলি ইব্ৰাহীম, ইন্নাকা হামীদুম মাজীদ। আল্লা-হম্মা বা-ৰিক আলা মুহাম্মদ, ৱা আলা আলি মুহাম্মদ, কামা বা-ৰাকতা আলা ইব্ৰাহীম, ৱা আলা আলি ইব্ৰাহীম, ইন্নাকা হামীদুম মাজীদ।
54
আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহ
55
আৰু যেতিয়া শেষ ৰাকাতত বহিছিল তেতিয়া বাওঁ ভৰি আগুৱাই দি সোঁ ভৰিক থিয় কৰাই নিতম্বৰ ওপৰত বহিছিল। এই হাদীছটো বুখাৰীয়ে বৰ্ণনা কৰিছে।
56
তাৱাৰ্ৰুকৰ বৈঠক
57
আল্লাহুম্মা ইন্নি আউজুবিকা মিন আজাবি জাহান্নাম, অমিন আজাবিল কাবৰি, অমিন ফিতনাতিল মাহয়া অল মামাত, অমিন শ্বাৰ্ৰি ফিতনাতিল মাছীহিদ দাজ্জাল। (মুছলিম)
58
আল্লাহুম্মা ইন্নি জালামতু নাফছী জুলমান কাছীৰা, অলা এগফিৰুজ জুনুবা ইল্লা আন্তা। ফাগফিৰলী মাগফিৰাতাম মিন ইনদিকা, অৰহামনী ইন্নাকা আন্তাল গাফুৰুৰ ৰাহীম। (বুখাৰী)
59
আস্তাগফিৰুল্লাহ (তিনিবাৰ)
60
আৰু আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছোঁ, তেখেতে কৈছেঃ কিয়ামতৰ দিনা বান্দাৰ আমলসমূহৰ মাজৰ পৰা সৰ্বপ্ৰথম যিটোৰ হিচাপ লোৱা হ'ব সেইটো হৈছে নামাজ। যদি (নিয়মিত) সঠিকভাৱে নামাজ আদায় কৰিছে তেন্তে তেওঁ নাজাত পাব তথা সফল হ'ব। আনহাতে যদি ঠিকমতে আদায় কৰা নাই তেন্তে সি ব্যৰ্থ হ'ব আৰু বিপৰ্যস্ত হ'ব। হাদীছটো আবু দাউদ, তিৰমিজী আৰু নাছাঈয়ে বৰ্ণনা কৰিছে।