الهندوسية في ميزان تعاليمها الأصلية والعقل والفطرة السليمة

الهندوسية في ميزان تعاليمها الأصلية والعقل والفطرة السليمة

হিন্দু ধৰ্ম সিহঁতৰ মূল শিক্ষা, যুক্তি আৰু সুস্থ প্ৰাকৃতিক স্বভাৱৰ আলোকত এক পৰ্যালোচনা

Language: lang_as
Prepared by:
Version: 1.0
Translations 10
Assamese English Gujrati Kannada +6
Attachments 7
PDF
Audio
Video
+3

হিন্দু ধৰ্ম সিহঁতৰ মূল শিক্ষা, যুক্তি আৰু সুস্থ প্ৰাকৃতিক স্বভাৱৰ আলোকত এক পৰ্যালোচনা

প্ৰশ্নোত্তৰ

ড. হাইছাম তালআত

(আৰম্ভ কৰিছোঁ) আল্লাহৰ নামত; সকলো প্ৰশংসা আল্লাহৰেই; লগতে দৰূদ আৰু ছালাম বৰ্ষিত হওক আল্লাহৰ ৰাছুল আৰু তেওঁৰ পৰিয়ালবৰ্গ, চাহাবাসকল আৰু তেওঁলোকক ভালপোৱা লোকসকলৰ ওপৰত। ইয়াৰ পিছত:

যদিও হিন্দু ধৰ্মটো এটা ধৰ্ম হিচাপে জনাজাত; কিন্তু অধিক সঠিকভাৱে ক’বলৈ গ’লে, ই হৈছে দৰাচলতে এক জীৱন-ধাৰণৰ পদ্ধতি।

বিশ্বৰ জনসংখ্যাৰ ১৫% হৈছে হিন্দু ধৰ্মৰ অনুসাৰী, সিহঁতৰ সংখ্যা প্ৰায় ১.২ বিলিয়নতকৈও অধিক।

সময়ৰ লগে লগে হিন্দু ধৰ্মৰ বহু পৰিৱৰ্তন হৈছে।

বৈদিক কালৰ পিছত হিন্দু ধৰ্ম বৌদ্ধিক, বৈজ্ঞানিক, প্ৰাকৃতিক স্বভাৱৰ সৈতে জড়িত বহুতো সমস্যাৰে ভৰি পৰিছিল, যাৰ কিছুমানৰ বিষয়ে আমি এই গ্ৰন্থত আলোচনা কৰিম।

হয়।

হিন্দু ধৰ্ম সিহঁতৰ মূল শিক্ষা (হিন্দু ধৰ্মৰ মৌলিক উৎস)ৰ পৰা বহুদূৰলৈ আঁতৰি গৈছে, পক্ষান্তৰে মানুহৰ শিক্ষা, ঋষি-মুনি আৰু ভাগৱতগীতা, তথা তন্ত্ৰ শাস্ত্ৰৰ শিক্ষাৰ অনুসৰণ কৰিবলৈ লৈছে।

ভাগৱতগীতা আৰু তন্ত্ৰ শাস্ত্ৰ

এই সৰু কিতাপখনত মই হিন্দু ধৰ্মক যুক্তি, আধুনিক জ্ঞান-বিজ্ঞান, দৰ্শন আৰু বেদৰ মূল শিক্ষাৰ ভিত্তিত পৰখ কৰাৰ চেষ্টা কৰিম, যিবোৰ আজিও হিন্দু ধৰ্মাৱলম্বীসকলৰ মাজত বিদ্যমান। মই নিশ্চিত যে, বেদত থকা অৱশিষ্ট সত্য আৰু হিন্দুসকলৰ প্ৰাকৃতিক স্বভাৱত থকা সত্যৰ অৱশিষ্টই এজন হিন্দু ব্যক্তিক সুকলমে সত্য ধৰ্মলৈ ওভোতাই আনিবলৈ যথেষ্ট।

হিন্দুসকলৰ মতে বেদ হৈছে আটাইতকৈ পবিত্ৰ ধৰ্মগ্ৰন্থ।

ফিত্ৰাহ কোৱা হয় এনেকুৱা প্ৰেৰণাদায়ক শক্তিক যিয়ে মানুহক তেওঁৰ অস্তিত্বৰ উদ্দেশ্য আৰু ইয়াৰ পৰিণতিৰ বিষয়ে বিবেচনা কৰিবলৈ প্ৰেৰণা দিয়ে, লগতে আল্লাহৰ ওপৰত বিশ্বাস কৰিবলৈ আৰু তেওঁ দিয়া বিধান মুতাবিক জীৱন-যাপন কৰিবলৈ উৎসাহিত কৰে।

সত্য ধৰ্ম বোলোঁতে বেদত অৱশিষ্ট থকা সত্যক সামৰি লোৱা বাৰ্তাক বুজোৱা হৈছে; আৰু সেইটোৱেই হৈছে (ফিতৰা বা) স্বাভাৱিক স্বভাৱৰ প্ৰতি আহ্বান, আৰু সেইটোৱেই হৈছে বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ অহী। এইটোৱে সেই বাৰ্তা, যি বাৰ্তাত আল্লাহৰ একেশ্বৰবাদৰ বিশ্বাসৰ চিন প্ৰতিফলিত কৰিছে উপনিষদৰ শিক্ষাত।

এই সৰু কিতাপখনত, মই বেদৰ সময়ৰ হিন্দু ধৰ্ম আৰু আজিৰ হিন্দু ধৰ্মৰ মাজত এটা তুলনামূলক পৰ্যালোচনা কৰিবলৈ চেষ্টা কৰিম।

সঁচাকৈয়ে হিন্দু ধৰ্মৰ অপৰিসীম পৰিৱৰ্তন হৈছে!

হিন্দু ধৰ্মটো বেদত অৱশিষ্ট থকা বিশুদ্ধ তথা পৰিস্কাৰ একেশ্বৰবাদী শিক্ষাৰ পৰা বহু দূৰলৈ আঁতৰি গৈছে। বৰ্তমানৰ হিন্দু ধৰ্মৰ মাজত প্যান্থেইজম (সৰ্বেশ্বৰবাদ) সোমাই পৰিছে, এইটো এনেকুৱা বিশ্বাস যি বিশ্বাসৰ দ্বাৰা সৃষ্টিকৰ্তাক সৃষ্টিৰ মাজত থকা বুলি বিশ্বাস কৰা হয়; ইয়াৰ মাধ্যমত সৃষ্টিয়েই স্ৰষ্টা হৈ পৰে। এই অদ্ভুত বিশ্বাস কেৱল বেদৰ স্পষ্ট শিক্ষাৰ পৰিপন্থীয়েই নহয়, বৰং সুস্থ বিবেক-বুদ্ধিৰো বিপৰীত। স্ৰষ্টা কিয় সকলো বস্তুৰ মাজত সোমাব? পক্ষান্তৰে এনেকুৱা বিশ্বাস পোষণকাৰী হিন্দুৱেই আকৌ স্ৰষ্টাৰ সান্নিধ্য অৰ্জন কৰিবলৈ পূজা-পাঠ আৰু বিভিন্ন ধৰণৰ সাধনা কৰে, অথচ সিহঁতৰ বিশ্বাস মতে স্ৰষ্টা সিহঁতৰ মাজতেই আছে।

এইটো এটা স্পষ্ট বৌদ্ধিক বিৰোধ নহয়নে?

তদুপৰি সৰ্বেশ্বৰবাদৰ আক্বীদাহ দৰাচলতে আপেক্ষিকতাৰ প্ৰতি আহ্বান কৰে, কাৰণ মূৰ্তিপূজা আৰু শিলক পূজা কৰা সকলো ধৰ্মই প্ৰকৃত উপাস্যকো উপাসনা কৰে। পক্ষান্তৰে এই (সৰ্বেশ্বৰবাদৰ) আক্বীদাহ অনুসৰি সেইবোৰ মূৰ্তি বা শিলকেই প্ৰকৃত উপাস্য বুলি বিশ্বাস কৰা হয়, কিয়নো প্ৰকৃত উপাস্য সকলো বস্তুৰ ভিতৰতেই সোমাই আছে, সেয়ে সকলো বস্তুৱেই হৈছে তেওঁ।

সঁচাকৈয়ে সত্যৰ আপেক্ষিকতাই অৰ্থ আৰু মূল্য উভয়কে ধ্বংস কৰে, নিশ্চয় এই বিষয়টো মই এই গ্ৰন্থত ব্যাখ্যা কৰিম।

পূৰ্বৰ কথাখিনিৰ লগতে এই কথাৰ প্ৰতিও মনোযোগ দিয়া উচিত যে, বেদত স্পষ্টভাৱে এক উপাস্য বিশ্বাস কৰাৰ প্ৰতিও আহ্বান জনোৱা হৈছে, যিজন সৃষ্টিৰ পৰা পৃথক। সেইমতে এই সকলোবোৰ সৃষ্টিক একমাত্ৰ আল্লাহেই সৃষ্টি কৰিছে, আৰু আল্লাহৰ সৃষ্টিৰ মাজত ইমানখিনি প্ৰশস্ততা নাই যে, তাত তেওঁ সোমাব পাৰিব।

বেদ, বিশেষকৈ ঋগবেদত ऋग्वेद আছে: "হে পৰমাত্মা! সূৰ্য্য আৰু বিশ্বজগত উভয়েই আপোনাক পৰিবেষ্টন কৰিব নোৱাৰে (আপোনাক আগুৰিও ধৰিব নোৱাৰে আৰু নিয়ন্ত্ৰণো কৰিব নোৱাৰে।)" (১)

(১) http://stholistic.com/prayer/hindu/hol_hindu-samsara-and-karma.htm (এই ৱেবছাইটটোৱে বৌদ্ধ ধৰ্ম সম্পৰ্কীয় এটি পত্ৰিকা প্ৰকাশ কৰে, য’ত বৌদ্ধ আৰু সিহঁতৰ শিক্ষা আদিৰ বিষয়ে লিখনি প্ৰকাশ হয়।) ।

বেদৰ পৰা লোৱা এইটো এটা স্পষ্ট প্ৰমাণ যিটোৱে অহদাতুল উজুদ বা সৰ্বেশ্বৰবাদক পুনচাতেই নাকচ কৰিছে, বেদৰ মতে আল্লাহ সৃষ্টিৰ পৰা পৃথক তথা ভিন্ন।

বৰ্তমানৰ হিন্দু ধৰ্মত পুনৰ্জনমৰ আক্বীদাহ বা বিশ্বাস পোৱা যায়। এই আক্বীদাহ মতে মানুহৰ মৃত্যুৰ পিছত মানুহৰ আত্মাই বেলেগ ৰূপ ধাৰণ কৰে আৰু অন্য এটা ৰূপত জন্ম হয়। গতিকে, প্ৰতিজন মানুহৰে এই জীৱনৰ পূৰ্বে এটা জীৱন আছিল, আৰু তাৰ পূৰ্বেও কোনো নহয় কোনো জীৱন অতিবাহিত কৰিছিল। কিন্তু এই আক্বীদাৰ বিষয়ে বহুতো প্ৰশ্ন উত্থাপিত হয়। তাৰে এটা প্ৰশ্ন হৈছে এনেকুৱা যে, যদি পুনৰ্জনমৰ এই আক্বীদাহ সঠিক তেন্তে শিশুসকলে প্ৰাপ্তবয়স্ক লোকৰ দৰে জ্ঞান-বুদ্ধি তথা মানসিক ক্ষমতালৈ কিয় জন্ম নহয়? (২)

(২) Cogan, Robert. (1998), Critical Thinking: Step by Step, University Press of America, pp. 202–203.

দ্বিতীয় কথা হৈছে এই যে, পুনৰ্জনমৰ এই আক্বীদাৰ দ্বাৰা এইটোও বুজায় যে প্ৰতিটো প্ৰাণ নিৰন্তৰভাৱে বাৰে বাৰে জন্ম গ্ৰহণ কৰে। কিন্তু প্ৰশ্ন হয় যে, এইটো কেনেকৈ হ’ব পাৰে? অথচ আধুনিক বিজ্ঞানে এইটো প্ৰমাণ কৰিছে যে জীৱন হৈছে এটা আৰম্ভণি, আনকি পৃথিৱীও হৈছে এটা আৰম্ভণি, এইটো অনাদিকালৰ পৰা নহয়।

পুনৰ্জনমৰ এই আক্বীদাটো যদি সঠিক হ’লহেঁতেন, তেন্তে এই বিশ্বজগতত থকা জীৱৰ সংখ্যা নিৰ্ধাৰিত তথা স্থিৰ হ’লহেঁতেন, কিয়নো এটা আত্মা আনটোৰ ভিতৰতহে প্ৰৱেশ কৰে। কিন্তু এই বিষয়ে আজি কোনেও একো নকয়।

ইয়াতকৈও গুৰুত্বপূৰ্ণ কথাটো হৈছে এই যে, বেদত পুনৰ্জনম সম্পৰ্কে একো কোৱা হোৱা নাই। হিন্দু ধৰ্মাৱলম্বী পণ্ডিত শ্ৰী সত্যকাম বিদ্যালংকাৰে কৈছে যে, "পুনৰ্জনমৰ কথা বেদত নাই। যিয়ে এই বিশ্বাস পোষণ কৰে মই তাক প্ৰত্যাহ্বান জনাইছোঁ।" (৩)

(৩) আৱাগমন, পৃষ্ঠা নং ১০৪, "হিন্দুসকলক ইছলাম প্ৰতি আহ্বান" নামক কিতাপখনৰ পৰা সংগৃহীত পৃষ্ঠা নং ৯৯।

বিদ্যালংকাৰৰ কথাত সত্যতা আছে, ইয়াৰ শক্তিশালী প্ৰমাণ হৈছে হিন্দুসকলে কৰা ‘শ্ৰাদ্ধ’, সিহঁতে প্ৰাচীনকালৰ পৰাই এই অনুষ্ঠান পালন কৰি আহিছে, এইটো কৰাৰ উদ্দেশ্য হৈছে মৃত ব্যক্তিৰ আত্মাৰ সন্তুষ্টি আৰু শান্তি কামনা কৰা।

এতেকে প্ৰশ্ন হয়, যিহেতু সিহঁতে মৃত ব্যক্তিৰ আত্মাৰ শান্তি কামনা কৰি শ্ৰাদ্ধ পাতে, তেনে ক্ষেত্ৰত সেই আত্মা আকৌ পুনৰ্জনম কৈনেকৈ লব পাৰে?!

আজিৰ হিন্দু ধৰ্মৰ আন এটা বিশ্বাস হৈছে কৰ্ম। এই আক্বীদাহ অনুযায়ী মানুহে নিজৰ পূৰ্বৱৰ্তী কৰ্ম অনুসৰি জন্ম লাভ কৰে। যাৰ কৰ্ম বেয়া সি পৰৱৰ্তী জনমত নিম্ন জাতিত বেয়া জীৱন লৈ জন্ম লাভ কৰিব আৰু অধিক দুখ-কষ্ট ভোগ কৰিব।

এইদৰে হিন্দুসকলে দুখ-কষ্টত পতিত লোকৰ বিষয়ে ধাৰণা পোষণ কৰে যে, তাৰ এই দুখ-কষ্ট দৰাচলতে পূৰ্বৱৰ্তী জনমত কৰা পাপকৰ্মৰ পৰিণাম। প্ৰকৃততে এই ধৰণৰ ভুল তথা অস্পষ্ট ধাৰণাই মানুহৰ জীৱনক সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলায়। এনেকুৱা বিশ্বাসে মানৱতাৰ কোনো উপকাৰ নকৰে; বৰং এইটো প্ৰমাণ কৰে যে, মানুহৰ জীৱনত যি দুখ-কষ্টই আহে সেয়া হৈছে পূৰ্বৱৰ্তী জীৱনত কৰা পাপকৰ্মৰ বা অপৰাধৰ প্ৰাকৃতিক শাস্তি। প্ৰকৃততে এইটো হৈছে পিছপৰা, অন্যায়-অত্যাচাৰ আৰু সামাজিক বৈষম্যৰ সৈতে কৰা এক আপোচ মাত্ৰ।

কিন্তু আটাইতকৈ ডাঙৰ আপত্তিটো হৈছে এই যে, কৰ্ম সম্পৰ্কীয় এই আক্বীদাটো বেদত ক’ত আছে?

বেদত স্পষ্টৰূপে এই কথা উল্লেখ আছে যে, আল্লাহে মানুহক সিহঁতৰ কৰ্ম অনুসাৰে জান্নাতত অথবা নৰকত দিব। বেদত এই কথা ক’তো উল্লেখ নাই যে, মানুহক সিহঁতৰ কৰ্ম অনুযায়ী নতুন জীৱন প্ৰদান কৰি পৃথিৱীলৈ পঠিয়াব।

ঋগবেদত এনেকৈ কোৱা আছে যে, "মোক সেই স্থানত অমৰত্ব দান কৰা য'ত সকলো ধৰণৰ ভোগ-বিলাস আৰু আনন্দ আছে, লগতে য'ত মনে বিচৰা সকলো বস্তু পোৱা যায়।" (৪)

(৪) ঋগবেদ; মণ্ডল: ৯; সুক্ত: ১১৩; মন্ত্ৰ: ৯-১১।

আজিৰ হিন্দু ধৰ্মৰ মাজত মোক্ষ হৈছে এটা কেন্দ্ৰীয় মতবাদ তথা বিশ্বাস। জন্ম গ্ৰহণ আৰু পুনৰ্জনম আদিৰ বান্ধোনৰ পৰা মুক্ত হৈ ঈশ্বৰৰ মাজত বিলীন হৈ যোৱা বিষয়টো ‘মোক্ষ’ বুলি জনাজাত। কিন্তু এই ধাৰণাটো অস্তিত্বৰ প্ৰতি থকা এটা নেতিবাচক দৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰশীল। কিয়নো এই বিশ্বাসৰ ফলত জীৱনৰ পৰা মুক্তি পোৱাটোৱেই জীৱনৰ একমাত্ৰ উদ্দেশ্য হৈ পৰে।

এই ধাৰণাটো আচলতে সমাজৰ বাবে এটা বিপজ্জনক ধাৰণা। এই ধাৰণাই মানুহক ভয়মুক্ত কৰি পেলায়। কিয়নো এই ধাৰণা পোষণকাৰী ব্যক্তিয়ে যিমানেই অনৈতিকতাত লিপ্ত নহওক কিয়, সি ধাৰণা কৰিব যে, যিহেতু সি পুনৰ নতুন জীৱন লাভ কৰিব, সেয়ে সেই জীৱনত মুক্তি লাভ কৰাটো তাৰ বাবে নিশ্চিত।

এই ধাৰণাটো সম্পূৰ্ণৰূপে বৈদিক শিক্ষাৰ পৰিপন্থী। কিয়নো বেদৰ শিক্ষাই এই কথা কয় যে, অন্যায়কাৰী আৰু পাপীক এক বিশেষ স্থানত ৰাখি শাস্তি দিয়া হ’ব। ঋগবেদত আছে যে, "পাপীসকলৰ বাবে আছে অত্যন্ত গভীৰ ঠাই।" (৫)

(৫) ঋগবেদ; মণ্ডল: ৪; সুক্ত: ৫; মন্ত্ৰ: ৫.

এতেকে কওকচোন, জীৱন-মৰণৰ চক্ৰৰ সেই ধাৰণাৰ সৈতে এই ঠাইখনৰ কিবা সম্পৰ্ক আছেনে?

বৰ্তমানৰ হিন্দু ধৰ্মৰ আটাইতকৈ বিখ্যাত বৈজ্ঞানিক সমস্যাটো হৈছে বিশ্বব্ৰহ্মাণ্ডৰ উৎপত্তিৰ প্ৰতি ইয়াৰ দৃষ্টিভংগী। আজিৰ যুগৰ হিন্দু ধৰ্মৰ মতে এই বিশ্বব্ৰহ্মাণ্ড বিখণ্ডিত হয় আৰু আকাৰ ধাৰণ কৰে, আনকি এই ধাৰাবাহিকতাৰ কোনো অন্ত নাই। এইটো এনেকুৱা এটা অদ্ভুত বৈজ্ঞানিক ভুল, যিটো আধুনিক বিজ্ঞানৰ বিপৰীত।

আধুনিক বিজ্ঞানৰ মতে এই বিশ্বজগতৰ এটা নিশ্চিত আৰম্ভণি আছে, যাৰ পূৰ্বে কোনো বিশ্বজগত নাছিল।

এতেকে বিজ্ঞানৰ মতে বিশ্বজগতৰ সৃষ্টি আৰু উৎপত্তি অভূতপূৰ্ব পদ্ধতিৰে হৈছিল, যাৰ আগত কোনো উদাহৰণ নাছিল।

বেদতো এই আক্বীদাৰ কথাকেই কোৱা হৈছে, বেদৰ মতে পাৰ্থিৱ জীৱন হৈছে আকস্মিক উত্থান ঘটা লৌকিক জীৱন আছে আৰু দ্বিতীয়টো হৈছে আখিৰাত বা পৰলোক। কিন্তু পিছলৈ হিন্দু ধৰ্মত পুৰাণ আদিৰ মাধ্যমত যিবোৰ দৰ্শনৰ আবিৰ্ভাৱ হৈছে, সেইবোৰৰ মতে বিশ্বজগত হৈছে চিৰন্তন আৰু ই বিখণ্ডিত হয় আৰু আকাৰ লয়।

এইদৰে বৰ্তমানৰ হিন্দু ধৰ্মৰ আক্বীদাহ (ধৰ্ম বিশ্বাস) বেদত থকা আক্বীদাৰ পৰিপন্থী, লগতে আধুনিক বিজ্ঞানৰো পৰিপন্থী আৰু সেই ইছলামৰো বিপৰীত যিয়ে বেদত থকা সত্যৰ বাৰ্তা বহন কৰে।

মুছলমানসকলে পোষণ কৰা আক্বীদাহ যিটো আল্লাহে পৱিত্ৰ কোৰআনত উল্লেখ কৰিছে, সেয়া হৈছে এই যে, এই বিশ্বজগতৰ সৃষ্টি এনেকুৱা অভূতপূৰ্ব ৰূপত হৈছিল, যাৰ কোনো উদাহৰণ পূৰ্বে নাছিল। মহান আল্লাহে তেওঁৰ কিতাব পৱিত্ৰ কোৰআনত কৈছে: { পূৰ্বে কোনো উদাহৰণ নোহোৱাকৈ তেওঁ আকাশমণ্ডল আৰু পৃথিৱীৰ উদ্ভাৱক; আৰু তেওঁ যেতিয়া কিবা কৰাৰ সিদ্ধান্ত লয়, তেতিয়া তাৰ বাবে কেৱল কয়, ‘হ’, ফলত ই হৈ যায়।} [ছুৰা আল-বাকাৰাহ: ১১৭]

গতিকে ইছলামৰ দৃষ্টিত বিশ্বজগতৰ সৃষ্টি হৈছে অভূতপূৰ্ব অৰ্থাৎ যাৰ সৃষ্টি পূৰ্বৱৰ্তী কোনো উদাহৰণ নোহোৱাকৈ হৈছে।

বৰ্তমান বিজ্ঞানেও এই ফলাফল লাভ কৰিছে, অথচ ১৪০০ বছৰ আগত ছাগলী চৰোৱা এজন ব্যক্তিয়ে এই তথ্য পোহৰলৈ আনিছিল। তেওঁ হৈছে মুহাম্মদ ইবনে আব্দুল্লাহ, তেওঁ আল্লাহৰ ৰাছুল আৰু ইছলামৰ নবী।

এই কিতাপখনত মই এনেকুৱা কেইবাটাও বিষয়ে চৰ্চা কৰিম, যিবোৰ বিষয় হিন্দু ধৰ্মত সন্মুখীন হ’বলগীয়া হয়। পক্ষান্তৰে বিশ্বজগত, জীৱন, প্ৰতিদান আৰু শাস্তি, জীৱনৰ উদ্দেশ্য আদিৰ বিষয়ে ইছলামী দৃষ্টিভংগী উপস্থাপন কৰিম। যিবোৰ দৰাচলতে বেদৰ অৱশিষ্ট সত্যৰ সৈতে আৰু প্ৰাকৃতিক স্বভাৱৰ সৈতে সম্পূৰ্ণৰূপে মিল আছে।

মই এইটোও আঙুলিয়াই দিবলৈ যত্ন কৰিম যে, কিদৰে ইছলামে মানৱতাৰ প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত সৱাতোকৈ সঠিক, নিৰ্ভৰযোগ্য আৰু নিখুঁত উদাহৰণ আগবঢ়াইছে যে, আমি কেনেকৈ জীৱন-যাপন কৰিব লাগে? আমাৰ অস্তিত্বৰ অৰ্থ আৰু উদ্দেশ্য কি? ইছলামে দিয়া এইবোৰ উত্তৰৰ কোনো ক্ষেত্ৰতে প্ৰাকৃতিক স্বভাৱ, যুক্তি আৰু বিজ্ঞানৰ সৈতে মতবিৰোধ নাই।

ইয়াৰ উপৰিও এই কিতাপখনত ইছলাম যে সত্য ধৰ্ম তাৰ কিছু প্ৰমাণ আৰু এই সম্পৰ্কে বেদত থকা কিছুমান ভৱিষ্যদ্বাণী দাঙি ধৰা হৈছে। কিয়নো বেদত ইছলাম আৰু মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ বিষয়ে কেইবাটাও সুসংবাদ আহিছে, আৰু হিন্দুসকলক তেওঁৰ ওপৰত ঈমান আনিবলৈ আহ্বান কৰিছে।

ইছলাম পৃথিৱীত থকা অন্যান্য ধৰ্মৰ দৰে ধৰ্ম নহয়; বৰং ই হৈছে একেশ্বৰবাদী একমাত্ৰ ধৰ্ম, যিটো ধৰ্মৰ অংশ হিচাপে আল্লাহে সকলো নবীক প্ৰেৰণ কৰিছিল। সকলো নবীয়ে মানুহক একেশ্বৰবাদৰ প্ৰতি আহ্বান কৰিবলৈ প্ৰেৰিত হৈছিল। কিন্তু বৰ্তমান সময়ত ইছলামৰ বাহিৰে আন কোনো ধৰ্মই বিশুদ্ধৰূপে একেশ্বৰবাদৰ ওপৰত প্ৰতিষ্ঠিত নাই। ইয়াৰ বাহিৰে অন্যান্য সকলো ধৰ্মতেই কম বেছি পৰিমাণে শ্বিৰ্ক তথা অনেকেশ্বৰবাদৰ উপস্থিতি আছে।

আল্লাহে ইছলামৰ বাহিৰে আন কোনো ধৰ্মকেই মানুহৰ পৰা গ্ৰহণ নকৰিব। মহান আল্লাহে পৱিত্ৰ কোৰআনত কৈছেঃ- { আৰু যিয়ে ইছলামৰ বাহিৰে আন কোনো দ্বীন সন্ধান কৰিব তাৰ পৰা সেইটো কেতিয়াও গ্ৰহণ কৰা নহ’ব আৰু সি পৰকালত ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ’ব। } [ছুৰা আলে ইমৰাণ: ৮৫]

ইছলামেই হৈছে সেই ধৰ্ম, যি ধৰ্ম সহকাৰে আল্লাহে সকলো নবী আৰু ৰাছুলক প্ৰেৰণ কৰিছিল।

ইছলামৰ প্ৰধান বৈশিষ্ট্য হৈছে এই যে, ইয়াৰ অৰ্থ হৈছে একমাত্ৰ আল্লাহৰ উদ্দেশ্যে আত্মসমৰ্পন কৰা, আৰু কেৱল তেওঁৰেই ইবাদত কৰা, লগতে মূৰ্তি আৰু প্ৰতিমা আদিৰ দৰে আল্লাহৰ বাবে আকাৰ নিৰ্ধাৰণক অস্বীকাৰ কৰা। যিদৰে আজিৰ হিন্দু ধৰ্মীয় লোকসকলে মূৰ্তি তথা প্ৰতিমা সাজি লয়।

ইয়াৰ পিছত এই কথা বৰ্ণনা কৰি এই কিতাপখন সামৰণি মৰা হৈছে যে, এজন ব্যক্তি কেনেকৈ মুছলিম হ’ব পাৰে? ইছলামৰ অৰ্থ কি? আৰু ইছলামৰ প্ৰয়োজনীয়তা কি?

আহক এতিয়া আমি আল্লাহৰ বৰকত কামনা কৰি এই কিতাপখনৰ শুভাৰম্ভণি কৰোঁ।

১- হিন্দু বোলোঁতে কি বুজায়?

হিন্দু হৈছে এটা ধৰ্মৰ নাম বা অধিক সঠিকভাৱে ক’বলৈ গ’লে এটা জীৱন-ধাৰণৰ পদ্ধতি। এইটো হৈছে দৰাচলতে কিছুমান অনুষ্ঠান, প্ৰতীক, উপাসনা, পৱিত্ৰ গ্ৰন্থ আৰু বিশ্বজগত আৰু অস্তিত্ব সম্পৰ্কীয় ধাৰণাৰ সমষ্টি।(৬)

(৬) হিন্দু ধৰ্ম অধ্যয়ন, অৰবিন্দ শৰ্মা (মূল গ্ৰন্থ)৷

শতিকাজুৰি দীৰ্ঘ যাত্ৰাৰ পথত আৰু বিভিন্ন ধৰ্মৰ জটিলতাসমূহক নিজৰ মাজত সমাহিত কৰি হিন্দু ধৰ্মই এনেকুৱা আকাৰ ধাৰণ কৰিছে যে তাৰ নিজৰ মাজতেই এক বিভিধতাপূৰ্ণ আৰু কেতিয়াবা কেতিয়াবা পৰস্পৰ বিৰোধী বিশ্বাসৰ সমষ্টি হৈ পৰিছে। বৰ্তমানৰ হিন্দু ধৰ্মই এই বিষয়টোক জটিলতাৰ দৃষ্টিৰেও নাচায়। কিয়নো আজিৰ হিন্দু ধৰ্ম কোনো এটা নিৰ্দিষ্ট আক্বীদাৰ ওপৰত প্ৰতিষ্ঠিত নহয় আৰু ইয়াৰ কোনো এটা নিৰ্দিষ্ট উৎসও নাই অথবা ইয়াৰ কোনো এটা নিৰ্দিষ্ট গ্ৰন্থও নাই, যিখনক মনাটো সকলোৰে বাবে অনিবাৰ্য।

যদিও বেদসমূহ হৈছে হিন্দু ধৰ্মৰ পবিত্ৰতম গ্ৰন্থ, কিন্তু হিন্দুসকল আশ্চৰ্যজনক সীমালৈকে ইয়াৰ পৰা আঁতৰি গৈছে তথা ইয়াৰ বিৰোধিতাত লিপ্ত হৈছে, এই বিষয়টো এই কিতাপত আমি প্ৰমাণ কৰি দেখুৱাম। সিহঁতে বেদৰ বিপৰীতে এনেকুৱা বিভিন্ন ধাৰণা আৰু বিভিন্ন মতবাদ স্বীকাৰ কৰি লৈছে, প্ৰাৰম্ভিক বৈদিক যুগৰ সৈতে যিবোৰৰ কোনো সম্পৰ্ক নাই।

মুঠতে হিন্দু ধৰ্মৰ লক্ষ্য হৈছে দুখ-কষ্টৰ পৰা মুক্তি পোৱা, আৰু আমি পিছলৈ এই বিষয়টো স্পষ্ট কৰিম যে, সিহঁতৰ ধাৰণা মতে দুখ-কষ্টৰ পৰা কেনেকৈ মুক্তি পাব পাৰি আৰু কিদৰে সিহঁতে মোক্ষ সম্পৰ্কীয় বিষয়ত বেদৰ বিৰোধিতা কৰিছে, অথচ বেদত এতিয়াও বহুতো সত্য তথ্য অৱশিষ্ট আছে। (৭)

(৭) হিন্দু ধৰ্ম: বিশ্বাস আৰু অনুশীলন, জিনিয়ান ডি ফাউলাৰ (মূল গ্ৰন্থ)

২- সিহঁতৰ এই জটিলতাসমূহ থকা সত্ত্বেও এই ধৰ্মটো কেনেকৈ প্ৰচাৰ লাভ কৰিছিল?

হিন্দু ধৰ্ম কোৱাৰ লগে লগে ভাৰতৰ দৃশ্য যেনে- ভাৰত, ৰাজ্য, জলবায়ু, ইতিহাস, জটিলতাসমূহ আৰু পৰম্পৰাসমূহ সন্মুখলৈ ভাঁহি আহে।

এই ধৰ্মটো প্ৰায় ভাৰতবৰ্ষতে সীমাবদ্ধ। বিশ্বৰ প্ৰায় ৯৫% হিন্দু লোক ভাৰততেই বাস কৰে। (৮)

(৮) http://www.pewforum.org/files/2012/12/globalReligion-tables.pdf

হিন্দু ধৰ্মৰ আৱিৰ্ভাৱ হৈছিল আদিম বেদৰ ভিত্তিত, কিন্তু দুৰ্ভাগ্যবশতঃ শতিকাজুৰি পাৰ হোৱা সময়ৰ সৈতে বিভিন্ন দৰ্শন, বিশ্বাস, গ্ৰন্থ আৰু ধাৰণা আদি মিশ্ৰিত হৈ আহিছিল। বৈদিক কালৰ পিছত এই ধৰ্মৰ লোকসকলে ঋষী-মুনি, তন্ত্ৰ সাহিত্য, আৰু ভাগৱতগীতাৰ অনুসৰণ কৰিবলৈ লৈছে।

প্ৰায় ১৫০০ খ্ৰীষ্টপূৰ্বৰ পৰা ৫০০ খ্ৰীষ্টাব্দলৈকে এইবোৰৰ মাজৰ পৰা কেইবাটাও ধাৰণা আৰু দৰ্শনে বেদৰ ওপৰত ইমান প্ৰভাৱ বিস্তাৰ কৰিছে যে, আজিৰ তাৰিখত আমি এইবোৰ ধাৰণা আৰু দৰ্শনৰ বাহিৰে একো দেখিবলৈ নাপাওঁ।

৩/ হিন্দুসকলৰ নিৰ্দিষ্ট আক্বীদাহ (ধৰ্ম বিশ্বাস) কি?

আধুনিক হিন্দু ধৰ্ম হৈছে বহু সংখ্যক দেৱী-দেৱতাক বিশ্বাস কৰা এটা ধৰ্ম। হিন্দু ধৰ্মত উপাস্যৰ কোনো নিৰ্দিষ্ট সংখ্যা নাই। ইয়াৰ পিছতো হিন্দুসকলে এক ঈশ্বৰৰ প্ৰতি বিশ্বাস কৰে।

সিহঁতৰ মতে সিহঁতে পবিত্ৰ বুলি ভবা সকলো বস্তুৰ মাজতে ঈশ্বৰ বাস কৰে।

এই বিষয়টোক কিছুমান মানুহে এই দৃষ্টিৰে চায় যে, যিহেতু হিন্দুসকলে এক ঈশ্বৰৰ প্ৰতি বিশ্বাস কৰে, লগতে সিহঁতে পূজা অৰ্চনা কৰা মূৰ্তিবোৰক সিহঁতে ঈশ্বৰৰেই প্ৰতিমূৰ্তি হিচাপে গণ্য কৰে, সেয়ে ইয়াক মূৰ্তি পূজা বুলি ক’ব নোৱাৰি।

কিন্তু এইটো এটা সাংঘাতিক ভুল ধাৰণা!

এই মূৰ্তি আৰু প্ৰতিমাসমূহক প্ৰকৃত সত্য ঈশ্বৰৰ ৰূপ বুলি বিশ্বাস কৰাটোৱে হৈছে সমগ্ৰ মানৱতাৰ ইতিহাসত পৌত্তলিক ধৰ্মৰ মূল ভিত্তি, যিটো নবীসকলৰ শিক্ষাৰ পৰিপন্থী আৰু বেদৰ শিক্ষাৰো পৰিপন্থী।

নবীসকলৰ বিৰোধিতাকাৰী আৰু বৈদিক শিক্ষাৰ বিৰোধিতাকাৰী সকলো মুশ্বৰিক ব্যক্তিয়েই এক আল্লাহৰ প্ৰতি (এক ঈশ্বৰৰ প্ৰতি) বিশ্বাস কৰিছিল। কিন্তু সিহঁতে মূৰ্তিবোৰক ঈশ্বৰৰ এটা ৰূপ বুলি গণ্য কৰিছিল। এতেকে এটা কথা জানি থোৱা উচিত যে, মুশ্বৰিকসকলে আল্লাহৰ অস্তিত্বক স্বীকাৰ কৰিছিল বুলিয়ে এইটো নুবুজায় যে, সিহঁতে আল্লাহৰ সৈতে কুফৰী কৰা নাছিল বা নবীসকলক আৰু বেদক অবিশ্বাস কৰা নাছিল। কিয়নো সিহঁতে মূৰ্তি গ্ৰহণ কৰিছিল আৰু এইবোৰক শ্ৰদ্ধাও কৰিছিল।

কাৰণ বেদত মূৰ্তি বনোৱা আৰু ইয়াৰ নিকটৱৰ্তী হোৱা আৰু এইবোৰক পৱিত্ৰ বুলি গণ্য কৰাক স্পষ্টৰূপে হাৰাম তথা নিষিদ্ধ বুলি উল্লেখ আছে। যজুৰবেদত কোৱা হৈছে যে, "যিজনে আল্লাহৰ বাহিৰে, নিৰ্মিত বস্তুৰ পূজা কৰে, সি ঘোৰ অন্ধকাৰত প্ৰৱেশ কৰে আৰু সি অনন্তকাল পৰ্যন্ত জুইৰ শাস্তি ভোগ কৰিব।" (৯) (৯) যজুৰ-বেদ; সুক্ত: ৪০; মন্ত্ৰ: ৯.

এতেকে যিসকলে এইবোৰ মূৰ্তিক উপাস্য হিচাপে বা উপাস্যৰ ৰূপ হিচাপে গ্ৰহণ কৰি পূজা অৰ্চনা কৰে–অথচ আজি হিন্দু ধৰ্মত মূৰ্তিপূজাৰ প্ৰচুৰতা সৰ্বাধিক- বেদৰ মতে সিহঁতে চিৰকাল নৰকত থাকিব। ঋগবেদত আছে যে, "যিজন সকলোৰে মালিক, তেওঁ অদৃশ্য জ্ঞানৰ অধিকাৰী, যাক আন দেৱতাৰ সহায়ৰ প্ৰয়োজন নাই: তেৱেঁই হৈছে আল্লাহ, যিয়ে ইবাদত-উপাসনাৰ একমাত্ৰ যোগ্য, মানুহে তেওঁৰেই ইবাদত কৰা উচিত। আনহাতে যিসকলে সেই একক ঈশ্বৰৰ বাহিৰে আনক উপাস্য হিচাপে গ্ৰহণ কৰে, সিহঁতেই হৈছে দুৰ্ভগীয়া, সিহঁতে সদায় ভয়ংকৰ দুৰ্যোগৰ সন্মুখীন হ’ব।” (১০) (১০) ঋগবেদ; মণ্ডল: ১; সুক্ত: ৭; মন্ত্ৰ: ৯.

বৰং ভাগৱতগীতাত ইমানখিনি পৰ্যন্ত কোৱা হৈছে যে, "দেৱতাক পূজা কৰাসকলে দেৱতাক পায়; পূৰ্বপুৰুষক পূজা কৰাসকলে পূৰ্বপুৰুষক পায়; চয়তানক পূজা কৰাসকলে চয়তানক পায়; আৰু যিসকলে মোক পূজা কৰে সিহঁতে নিশ্চয় মোকেই পাব।" (১১)

(১১) ভাগৱতগীতা: ৯-২৫। এই প্ৰমাণবোৰে তথা এনেকুৱা আৰু অসংখ্য প্ৰমাণাদিয়ে হিন্দুসকলক স্পষ্টৰূপে এক আল্লাহক বিশ্বাস কৰিবলৈ আহ্বান কৰে আৰু মূৰ্তিপূজা পৰিত্যাগ কৰিবলৈ নিৰ্দেশ দিয়ে। মহাঋষি দয়ানন্দ সৰস্বতীয়ে এই পৰ্যন্ত কৈছে যে, "বেদত এনেকুৱা এটা শব্দও নাই, যি শব্দই শিল আদিৰে নিৰ্মিত মূৰ্তিৰ পূজা কৰাটোক সত্য বুলি প্ৰমাণ কৰিব পাৰে।" হিন্দুসকলে বেদত উল্লিখিত একেশ্বৰবাদৰ আক্বীদা ত্যাগ কৰি এনেকুৱা অসত্য কথাৰ অনুসৰণ আৰম্ভ কৰিছে, যিটো পৰৱৰ্তী সময়ত বহুত পিছতহে ইয়াৰ ভিতৰত সোমাইছে।

আল্লাহে তেওঁৰ প্ৰিয় নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ কৰা কোৰআনেও এই কথা দৃঢ়তাৰে কৈছে যে, মূৰ্তিপূজা কৰা লোকসকলেও ভাবে যে সিহঁতে এক আল্লাহক বিশ্বাস কৰে, কিন্তু সত্যতা হৈছে এই যে, সিহঁতে এই মূৰ্তিপূজাৰ কাৰণে আল্লাহক অস্বীকাৰকাৰী বুলিহে সাব্যস্ত হৈছে।

সৰ্বশক্তিমান আল্লাহ তা'আলাই পৱিত্ৰ কোৰআনত কৈছে:

{যদি আপুনি সিহঁতক প্ৰশ্ন কৰে যে, আকাশমণ্ডল আৰু পৃথিৱীক কোনে সৃষ্টি কৰিছে? তেন্তে সিহঁতে ক'ব: "আল্লাহে।"}

[ছুৰা আজ-ঝুমাৰ: ৩৮]

মহান আল্লাহে আৰু কৈছে:

{যদি আপুনি সিহঁতক সোধে যে, সিহঁতক কোনে সৃষ্টি কৰিছে, তেন্তে সিহঁতে নিশ্চয় ক’ব: “আল্লাহে”}

[ছুৰা আজ-ঝুখৰুফ: ৮৭]

গতিকে ইয়াৰ দ্বাৰা বুজা গ’ল, কোৰআন আৰু বেদ এই কথাত একমত যে, মূৰ্তিপূজা কৰাৰ কাৰণে মানুহ এজন আল্লাহক (প্ৰকৃত ঈশ্বৰক) অস্বীকাৰ কৰা বুলি গণ্য হয়।

সৰ্বশক্তিমান আল্লাহে পৱিত্ৰ কোৰআনত কৈছে:

তোমালোকে আল্লাহক এৰি কেৱল মূৰ্তিপূজাহে কৰি আছা আৰু মিছা উদ্ভাৱন কৰি আছা। তোমালোকে আল্লাহৰ বাহিৰে যিবোৰৰ ইবাদত কৰি আছা সিহঁতে কেতিয়াও তোমালোকৰ জীৱিকাৰ মালিক নহয়। সেয়ে তোমালোকে কেৱল আল্লাহৰ ওচৰতেই জীৱিকা বিচৰা আৰু তেওঁৰেই ইবাদত কৰা। তেওঁৰ কৃতজ্ঞতা প্ৰকাশ কৰা। তেওঁৰ ওচৰতেই তোমালোক প্ৰত্যাৱৰ্তিত হ’বা।

[ছুৰা আল- আনকাবূত: ১৭]

গতিকে, আল্লাহৰ ওচৰত জীৱিকা সন্ধান কৰা আৰু কেৱল তেওঁৰেই ইবাদত কৰা। আমি সকলোৱে তেওঁৰ ওচৰতেই উভতি যাব লাগিব।

আজি পৃথিৱীৰ বুকুত ইছলামৰ বাহিৰে এনেকুৱা এটাও ধৰ্ম নাই, যিটো একেশ্বৰবাদৰ ওপৰত প্ৰতিষ্ঠিত আৰু অনেকেশ্বৰবাদৰ সকলো দিশক নাকচ কৰে।

গতিকে প্ৰতিজন হিন্দুৱে ইছলামক নিৰপেক্ষভাৱে, অন্তৰ্দৃষ্টিৰে বিবেচনা কৰি চোৱা উচিত, আৰু এই ধৰ্মত থকা একেশ্বৰবাদৰ আক্বীদাৰ প্ৰতি দৃষ্টিপাত কৰা উচিত, লগতে চিন্তা কৰি চোৱা উচিত যে এইটো তাৰ ফিতৰত (প্ৰাকৃতিক স্বভাৱ)ৰ আৰু বৈদিক শিক্ষাৰ অনুকূল হয় নে নহয়?

আল্লাহে মানৱ জাতিৰ ওচৰলৈ যিসকল নবী প্ৰেৰণ কৰিছে, তেওঁলোক সকলোৰে এইটোৱে আহ্বান আছিল যে, একমাত্ৰ আল্লাহৰেই ইবাদত কৰা, আৰু সকলো প্ৰকাৰ মূৰ্তিপূজা ত্যাগ কৰি আল্লাহৰ প্ৰেৰিত দূতসকলে দিয়া বাৰ্তা মানি চলা, বিশেষকৈ সৰ্বশেষ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা চৰীয়ত মুতাবিক জীৱন-যাপন কৰাটো অনিবাৰ্য।

৪) হিন্দু ধৰ্মত প্ৰকৃত এক ঈশ্বৰক অসংখ্য মূৰ্তিৰ আকাৰ দিয়াৰ বিষয়টো কিদৰে আৰু কেনেকৈ আৰম্ভ হৈছিল?

বৈদিক যুগৰ পিছত আধুনিক হিন্দু ধৰ্মৰ প্ৰধান সমস্যাটো হৈছে এই ধাৰণাৰ ভিতৰত যে, ঈশ্বৰৰ পৃথক পৃথক বৈশিষ্ট্যবোৰ প্ৰকট কৰিবলৈ বেলেগ বেলেগ দেৱী-দেৱতা হোৱাটো আৱশ্যক। এইদৰে প্ৰতিজন দেৱ-দেৱী হৈছে নিজ নিজ স্থানত একোজনকৈ ঈশ্বৰ।

হিন্দুসকলৰ মতে প্ৰতিটো ঈশ্বৰীয় গুণৰ বাবেই একোজনকৈ দেৱতা আছে, যিয়ে সেই গুণৰ প্ৰতিনিধিত্ব কৰে।

এতেকে সিহঁতৰ মতে সৃষ্টিকৰ্তা হৈছে:

ব্ৰহ্ম: এওঁ হৈছে বিশ্বজগতৰ সৃষ্টিকাৰী (ঈশ্বৰ)। বিষ্ণু: এওঁ বিশ্বজগতক সুৰক্ষা প্ৰদানকাৰী (ঈশ্বৰ)। শিৱ: এওঁ বিশ্বজগতক ধ্বংসকাৰী (ঈশ্বৰ)। (১২)

(১২) ষ্টিফেন শ্বুমাচাৰৰ দ্য ৰাইডাৰ এনচাইক্লোপিডিয়া অৱ ইষ্টাৰ্ণ ফিল'চফি এণ্ড ৰিলিজন (পৃষ্ঠা ৩৯৭) ।

এই ধাৰণা স্পষ্টৰূপে মানুহৰ যুক্তি, স্বাভাৱিক প্ৰকৃতি আৰু বেদৰ শিক্ষাৰ পৰিপন্থী। কিয়নো গুণৰ আধিক্যই ব্যক্তিৰ আধিক্য হোৱাটো অনিবাৰ্য নহয়। কিয়নো কেতিয়াবা কেতিয়াবা এজন ব্যক্তিৰ মাজতেই একাধিক গুণ থাকিব পাৰে- যেনে বুদ্ধিমান, শক্তিশালী আৰু ভদ্ৰ হোৱা। ইয়াৰ দ্বাৰা এইটো নুবুজায় যে, সেই ব্যক্তিৰ বেলেগ বেলেগ গুণৰ বাবে বেলেগ বেলেগ সত্তা থকাটো আৱশ্যক।

কিয়নো ইয়াত যিজন ব্যক্তি বুদ্ধিমান, তেৱেঁই শক্তিশালী আৰু তেৱেঁই ভদ্ৰ।

আল্লাহৰ বাবেই হৈছে সৰ্বোৎকৃষ্ট উদাহৰণ।

এই সত্যক বেদেও সমৰ্থন কৰিছে। ঋগবেদত কোৱা হৈছে: "বিজ্ঞসকলে এক সত্য ঈশ্বৰকেই বিভিন্ন নামেৰে নামকৰণ কৰিছে। তেওঁকেই ইন্দ্ৰ, মিত্ৰ, বৰুণ আৰু অগ্নি বুলি কৈছে।" (১৩) (১৩) ঋগবেদ, মণ্ডল ১, সুক্ত ১৬৪, মন্ত্ৰ ৪৬। বেদত ঈশ্বৰৰ নাম আৰু গুণাৱলী সম্পৰ্কে বহুতো মন্ত্ৰ আছে।

এই সকলোবোৰ নাম আৰু গুণাৱলী একেজন ঈশ্বৰৰেই।

এইটোৱে হৈছে আদিম বেদৰ শিক্ষা আৰু মুছলিমসকলৰো এইটোৱেই আক্বীদাহ বা ধৰ্ম বিশ্বাস। ইছলামত পৱিত্ৰ মহান আল্লাহৰ বাবে উৎকৃষ্ট নাম আৰু সুউচ্চ গুণাৱলী আছে। মহান আল্লাহে কৈছেঃ {আৰু তোমালোকৰ উপাস্য একক উপাস্য। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ অত্যন্ত দয়ালু, পৰম কৰুণাময়।}

[ছুৰা আল-বাকাৰাহ: ১৬৩]

এতেকে উক্ত আয়াতত আল্লাহকেই অত্যন্ত দয়ালু, আৰু পৰম কৰুণাময় বুলি কোৱা হৈছে।

মহান আল্লাহে পৱিত্ৰ কোৰআনত আৰু কৈছে:

{তেৱেঁই আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেৱেঁই অধিপতি, মহাপৱিত্ৰ, শান্তিৰ উৎস ত্ৰুটিমুক্ত, নিৰাপত্তাদানকাৰী, ৰক্ষক, মহাপৰাক্ৰমশালী, মহাপ্ৰতাপশালী, অতি মহিমান্বিত। সিহঁতে যি অংশীস্থাপন কৰে তাৰ পৰা আল্লাহ পৱিত্ৰ, মহান।}

[ছুৰা আল- হাশ্বৰ: ২৩]

এই সকলোবোৰ নাম আৰু সকলোবোৰ গুণ এক আল্লাহৰেই।

হিন্দু ধৰ্মৰ দ্বিতীয় সমস্যাটো হৈছে বিভিন্ন ঈশ্বৰীয় গুণাৱলীক বেলেগ বেলেগ মূৰ্তিৰ ৰূপত আকাৰ দিয়া। অথচ এই ধাৰণাটোক যদি সঠিক বুলি মানি লোৱা হয় তেন্তে বিশ্বজগত সুৰক্ষিত থাকিব নোৱাৰে।

সেইকাৰণেই ইছলামে এই ধৰণৰ পৌত্তলিক ধাৰণাক খণ্ডন কৰিছে আৰু কৈছে যে, সঁচাকৈয়ে যদি আল্লাহৰ সৈতে আন কোনো উপাস্য থাকিলহেঁতেন তেন্তে এই বিশ্বজগতৰ ব্যৱস্থা বিনষ্ট হৈ গ’লহেঁতেন।

{ যদি এই দুয়োৰে (আকাশ আৰু পৃথিৱীৰ) মাজত আল্লাহৰ বাহিৰে বহু ইলাহ থাকিলহেঁতেন, তেন্তে উভয়েই বিশৃংখল হৈ গ’লহেঁতেন। এতেকে সিহঁতে যি বৰ্ণনা কৰে তাৰ পৰা আৰছৰ অধিপতি আল্লাহ অতি পৱিত্ৰ।}

[ছুৰা আল- আন্বিয়া: ২২]

গতিকে, আল্লাহৰ সৈতে আন কোনো উপাস্য যদি থাকিলহেঁতেন তেন্তে নিশ্চয় আকাশমণ্ডল আৰু পৃথিৱীৰ ব্যৱস্থা ধ্বংস হৈ গ’লহেঁতেন।

{আৰু সত্য যদি সিহঁতৰ কামনা-বাসনাৰ অনুগামী হ’লহেঁতেন তেন্তে আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা সকলো বস্তু বিশৃংখল হৈ পৰিলহেঁতেন। বৰং আমি সিহঁতৰ ওচৰত লৈ আহিছোঁ সিহঁতৰ সন্মান সম্বলিত যিকৰ (কোৰআন) কিন্তু সিহঁতে সিহঁতৰ এই উপদেশবাণীৰ (কোৰআনৰ) পৰা মুখ ঘূৰাই লয়।}

[ছুৰা আল- মুমিনুন: ৭১]

৫) হিন্দুসকলে সৃষ্টিকৰ্তা আৰু সৃষ্টিৰ মাজৰ সম্পৰ্কক কেনেদৰে চায়?

বৰ্তমানৰ অধিকাংশ হিন্দুৱেই সৰ্বেশ্বৰবাদত বিশ্বাস কৰে, অৰ্থাৎ এই বিশ্বাস কৰে যে, পৃথিৱীত কেৱল এক ঈশ্বৰৰ বাহিৰে আন একো নাই। সিহঁতৰ মতে সৃষ্টিকৰ্তা সৃষ্টিৰ মাজত সমাহিত হৈ আছে তথা ঈশ্বৰ প্ৰত্যেক সৃষ্টিৰ মাজতেই বাস কৰে। এইদৰে বিদ্যমান বস্তু আৰু সেইবোৰক অস্তিত্বলৈ অনা সত্তা এজনেই। (১৪)

(১৪) কনষ্টেন্স জ’নছ আৰু জেমছ ডি ৰিয়ানৰ হিন্দু ধৰ্মৰ বিশ্বকোষ (পৃষ্ঠা ৩১৫)

অথচ এই বিষয়টো বিজ্ঞান, বিবেক, অনুভৱ আৰু বেদৰ সৰলতম তথ্যৰো পৰিপন্থী।

সৃষ্টিৰ মাজতেই স্ৰষ্টা নিহিত হৈ আছে, এই ধাৰণাটোৰ বহুতো বৈজ্ঞানিক আৰু বৌদ্ধিক আপত্তি আছে। তাৰে কিছুমান আপত্তি যেনে-

প্ৰথম আপত্তিঃ হিন্দুসকলৰ বিশ্বাস মতে ঈশ্বৰ সকলো বস্তুৰ মাজতে নিহিত হৈ আছে। যদি এইটো সঁচা তেন্তে ঈশ্বৰৰ মাজত সমাহিত হ’বলৈ মোক্ষ প্ৰাপ্তিৰ উদ্দেশ্যে তপস্যা কৰাৰ অৰ্থ কি?

আপুনি এনেকুৱা বস্তুৰ মাজত কেনেকৈ সোমাব পাৰিব যিটো আপোনাৰ মাজতেই সোমাই আছে? কিয়নো আপোনাৰ মতে ঈশ্বৰ আপোনাৰ ভিতৰত নিহিত হৈ আছে আৰু আপুনি ঈশ্বৰৰ মাজত সোমোৱাৰ চেষ্টা কৰি আছে নহয়নে?!

দ্বিতীয় আপত্তিঃ সিহঁতৰ এই বিশ্বাস মতে, বিশ্বজগতত ঈশ্বৰৰ বাহিৰে আন একো নাই, তেন্তে মানুহৰ দ্বাৰা হোৱা ভুল-ত্ৰুটি আৰু পাপকৰ্মও হৈছে এক কথাত ঈশ্বৰ। সিহঁতৰ এই বিশ্বাস অনুসৰি ঈশ্বৰ নিজেই হৈছে পাপ-পঙ্কিলতা, ব্যভিচাৰ আৰু হত্যা। কিয়নো তেওঁ সকলোতে নিহিত হৈ আছে, আৰু সকলো বস্তুৱেই হৈছে তেওঁ। তেন্তে ভুল-ত্ৰুটি আৰু পাপ-পঙ্কিলতাৰ পৰা মুক্তি লাভৰ অৰ্থ কি?

তেন্তে সিহঁত পাৰ্থিৱ কামনা-বাসনাৰ পৰা আঁতৰি থাকিবলৈ ইমান অধ্যাৱসায় কিয় কৰে?

পাপ-পঙ্কিলতা আদি সৰ্বেশ্বৰবাদৰ ভিতৰত নপৰেনে?

পৃথিৱীখন নিজেই ঈশ্বৰ নহয়নে?

আধুনিক হিন্দু ধৰ্মৰ এই ধাৰণা অনুসৰি সৎকৰ্ম কৰাৰ আগ্ৰহৰ কোনো প্ৰয়োজন নাই।

কিন্তু তথাপিও আমি দেখিবলৈ পাওঁ যে, সকলোৱে ভাল কাম কৰিবলৈ আগ্ৰহী আৰু ইয়াক আৱশ্যক বুলিও ভাবে, নহয়নে?

দৰাচলতে ভাল কাম কৰাৰ আগ্ৰহটো হৈছে স্বচ্ছ প্ৰকৃতিৰ আহ্বানৰ প্ৰতি সঁহাৰি। এইটো মূলতে সৰ্বেশ্বৰবাদী দৰ্শনৰ ভুল প্ৰমাণিত হোৱাৰ প্ৰত্যক্ষ ফিত্ৰাহ ভিত্তিক (বা প্ৰাকৃতিক) প্ৰমাণ।

তৃতীয় আপত্তিঃ সৰ্বেশ্বৰবাদী আক্বীদাহ দৰাচলতে বাস্তৱৰ আপেক্ষিকতাৰ প্ৰতি আহ্বান কৰে। কিয়নো মূৰ্তি বা শিল আদিক পূজা কৰা সকলো ধৰ্মই এইবোৰৰ লগতে প্ৰকৃত উপাস্যকো উপাসনা কৰে, অথচ সৰ্বেশ্বৰবাদী বিশ্বাস অনুসৰি মূৰ্তি বা শিল আদি হৈছে নিজেই প্ৰকৃত ঈশ্বৰ, কাৰণ প্ৰকৃত ঈশ্বৰ সকলোতে নিহিত হৈ আছে, আৰু সকলো বস্তুৱেই হৈছে তেওঁ।

বাস্তৱৰ এই আপেক্ষিকতাই অৰ্থ আৰু মূল্য বিনষ্ট কৰাৰ প্ৰতি আহ্বান কৰে। কিয়নো ইয়াৰ অনুসৰি সকলো বস্তু সঠিক। পূৰ্বৰ কথাখিনিৰ লগত ইয়াকো যোগ কৰক যে, সৰ্বেশ্বৰবাদী ধাৰণাই এই প্ৰশ্নৰো উত্তৰ নিদিয়ে যে, বিশ্বজগত ক’ৰ পৰা আহিল?

সৃষ্টিকৰ্তাকেই সৃষ্টি বুলি ধৰি লোৱাটো হৈছে এটা অৰ্থহীন তথা স্পষ্ট ভুল ধাৰণা, কাৰণ ইয়াৰ দ্বাৰা কোনো এটা বস্তু প্ৰকট হোৱাক তেওঁৰ প্ৰকট হোৱাকে বুজাব।

এইটো এটা অদ্ভুত বৈপৰীত্য আৰু বিবেকৰ দৃষ্টিত অসম্ভৱ বিষয়।

চিন্তা কৰি চাওকচোন, যিটো বস্তু এতিয়ালৈ প্ৰকট হোৱাই নাই, সেইটো বস্তু প্ৰকট হ’বলৈ নিজেই নিজৰ প্ৰকট হোৱাৰ কাৰণ কেনেকৈ হ’ব পাৰে?

চতুৰ্থ আপত্তিঃ বৈজ্ঞানিকভাৱে এই কথা প্ৰমাণিত যে, এই বিশ্বজগত আৰু ইয়াৰ সকলো বস্তু ধ্বংসশীল। এই কথা সকলো বিবেকৱান লোকেই মানি লৈছে।

সকলোৱে মানে যে, এই বিশ্বজগতৰ সমগ্ৰ শক্তি, পদাৰ্থ, স্থান আৰু সময় আদি ধ্বংসশীল।

এইদৰে অসংখ্য প্ৰমাণাদিৰ দ্বাৰা এই কথাও প্ৰমাণিত যে, এই বিশ্বজগতৰ এটা আৰম্ভণি আছে। বিজ্ঞানে এইটো নকয় যে, প্ৰথমে এটা বিশ্বজগত আছিল আৰু পিছত বিশ্বজগত প্ৰকট হৈছে।

যদি এনেকুৱা নাছিল তেন্তে সৰ্বেশ্বৰবাদক কেনেকৈ আমি সঠিক বুলি গ্ৰহণ কৰিব পাৰোঁ?

যদি সৰ্বেশ্বৰবাদী ধাৰণা সঠিক হ’লহেঁতেন তেন্তে বিশ্বজগত চিৰস্থায়ী হ’লহেঁতেন নাইবা অন্ততঃ পদাৰ্থ চিৰস্থায়ী হ’লহেঁতেন।

আশ্চৰ্যজনক কথাটো হৈছে এই যে, আধুনিক হিন্দুসকলে এই কথাত জোৰ দিয়ে যে, ভৌতিকজগতখন হৈছে চিৰস্থায়ী, কিয়নো সৰ্বেশ্বৰবাদী আক্বীদাক ন্যায্যতা প্ৰদানৰ বাবে এই দৃষ্টিভংগী প্ৰয়োজনীয়।

হিন্দু পণ্ডিত স্বামী বিবেকানন্দই কৈছে: "স্থানৰ ওপৰত সময়ৰ কোনো প্ৰভাৱ নহয় আৰু এইটো ধ্বংসশীলো নহয়।" (১৫)

(১৫) Hinduism, Wiwekanand (পৃষ্ঠা ৬১-৬৩)৷ ডক্টৰেট ডিগ্ৰীৰ বাবে লিখিত ড° ইব্ৰাহীম ইবনে আব্দুল-গাফুৰৰ আৰবী কিতাপ "হিন্দুসকলক ইছলামলৈ আমন্ত্ৰণ" প্ৰকাশকঃ দাৰু ইলাফ লিন নাশ্বৰ অত-তাওঝী (পৃষ্ঠা নং ১২২)

বৰ্তমানৰ হিন্দুসকলে ভৌতিকজগতখনক শাশ্বত বুলি এইকাৰণে কয়, যাতে ইয়াৰ দ্বাৰা সিহঁতৰ সৰ্বেশ্বৰবাদী ধাৰণাক ৰক্ষা কৰিব পাৰে।

যদিও সিহঁতে এইটো কৰিব নালাগিছিল। মূলতে সৰ্বেশ্বৰবাদী ধাৰণাটো সিহঁতৰ মাজত আগৰ পৰাই নাছিল। এইটো দৰাচলতে চয়তানৰ প্ৰতাৰণাৰ কাৰণে হৈছে। কাৰণ চয়তানে আদম সন্তানক পথভ্ৰষ্ট কৰাৰ কোনো সুযোগেই এৰা নাছিল।

মহান আল্লাহে হাদীছে কুদছীত কৈছেঃ "মই মোৰ বান্দাসকলক একেশ্বৰবাদৰ প্ৰতি একনিষ্ঠ কৰি সৃষ্টি কৰিছোঁ, কিন্তু চয়তানেহে সিহঁতৰ ওচৰ চাপি সিহঁতক সিহঁতৰ ধৰ্মৰ পৰা আঁতৰাই নিছে। মই সিহঁতৰ ওপৰত যিবোৰ বস্তু হাৰাম কৰিছিলোঁ সেইবোৰক সি হালাল কৰিছে। লগতে সিহঁতক সেইবোৰ বস্তুক মোৰ সমকক্ষ স্থিৰ কৰিবলৈ আদেশ দিছে, যিবোৰৰ সপক্ষে মই কোনো প্ৰমাণ অৱতীৰ্ণ কৰা নাই।" (১৬) (১৬) ছহীহ মুছলিম (২৮৬৫) ৷

সকলো মানুহেই প্ৰথম অৱস্থাত আল্লাহৰ তাওহীদৰ ওপৰত প্ৰতিষ্ঠিত আছিল, কিন্তু পিছত চয়তানে আহি সিহঁতক প্ৰতাৰণা কৰি কুফৰত পতিত কৰিছে।

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: “চয়তানে আদম সন্তানক পথভ্ৰষ্ট কৰিবলৈ সিহঁতৰ পথত খাপ পাতি ৰৈ থাকে।” (১৭)

(১৭) ছহীহ ছুনান আন-নাছায়ী (৩১৩৪) ৷

চয়তানে মানুহক বিভ্ৰান্ত কৰাৰ উপায় সন্ধান কৰি ফুৰে। মানুহে একেশ্বৰবাদ তথা ইবাদতৰ সেই পথতহে মুক্তি বিচাৰি পাব, যি পথ নবীসকলে দেখুৱাইছে।

বেদত স্পষ্টৰূপে উল্লেখ আছে যে, বিশ্বজগত হৈছে এটা সৃষ্টি, আৰু ইয়াৰ এটা আৰম্ভণি আছে।

আনহাতে ঈশ্বৰ হৈছে সৃষ্টিৰ পৰা পৃথক এটা অস্তিত্ব আৰু তেওঁ সৃষ্টিৰ ভিতৰত বাস নকৰে।

এতেকে ভাবিবলগীয়া কথাটো হৈছে এই যে, হিন্দুসকলে সৰ্বেশ্বৰবাদী আক্বীদা গ্ৰহণ কৰিলে ক’ৰ পৰা?

অথচ ঋগবেদত আছে যে, "হে পৰমেশ্বৰ, সূৰ্য্য আৰু পৃথিৱীয়ে আপোনাক পৰিবেষ্টন কৰিব নোৱাৰে তথা আগুৰি ধৰিব নোৱাৰে।" (১৮)

(১৮) ঋগবেদ; মণ্ডল: ১; সুক্ত: ১০; মন্ত্ৰ: ৮.

বেদৰ পৰা লোৱা এইটো এটা স্পষ্ট প্ৰমাণ, যিটোৱে সৰ্বেশ্বৰবাদী আক্বীদাক ভুল বুলি প্ৰমাণ কৰে। বেদৰ মতে ঈশ্বৰ হৈছে সৃষ্টিৰ পৰা পৃথক এটা সত্তা। সূৰ্য্য আৰু চন্দ্ৰ উপাস্য নহয়।

ঋগবেদত বেলেগ এঠাইত কোৱা হৈছে যে, "তেৱেঁই ঈশ্বৰ যিয়ে ৰাতি আৰু দিন সৃষ্টি কৰিছে, তেৱেঁই পৃথিৱী আৰু ইয়াৰ মাজত থকা সকলো বস্তুৰ মালিক। তেৱেঁই সূৰ্য্য আৰু চন্দ্ৰ, পৃথিৱী আৰু আকাশক সৃষ্টি কৰিছে।" (১৯)

(১৯) ঋগবেদ; মণ্ডল: ১০; সুক্ত: ১৯০; মন্ত্ৰ: ২-৩।

সৰ্বেশ্বৰবাদ আৰু পাৰ্থিৱ জগত শাশ্বত নোহোৱা সম্পৰ্কে ইয়াতকৈ স্পষ্ট প্ৰমাণ আৰু কি হ’ব পাৰে।

যজুৰবেদত আছে: "তেওঁ এনেকুৱা সত্তা যাৰ পূৰ্বে কোনো সৃষ্টিৰ অস্তিত্ব নাছিল। তেৱেঁই আমাৰ সৃষ্টিকৰ্তা আৰু আমাৰ মালিক। তেওঁ সকলো জানে।" (২০)

(২০) যজুৰ বেদ; সুক্ত: ৩২; মন্ত্ৰ: ১৩।

আল্লাহৰ (ঈশ্বৰৰ) পূৰ্বে একো সৃষ্টি হোৱা নাছিল। তেওঁ প্ৰথম। বিশ্বজগত তেৱেঁই সৃষ্টি কৰিছে, বিশ্বজগত শাশ্বত নহয়। "তেওঁ মহান, পৃথিৱী আৰু আকাশৰ মালিক।" (২১)

(২১) ঋগবেদ; মণ্ডল: ১; সুক্ত: ১০০; মন্ত্ৰ: ১.

পৱিত্ৰ কোৰআনেও এই একেটা স্পষ্ট তথ্যকে দাঙি ধৰিছে। ১৪০০ বছৰতকৈও অধিক পূৰ্বে আল্লাহে তেওঁৰ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি অহী অৱতীৰ্ণ কৰি কৈছিল যে, আল্লাহ তেওঁৰ সৃষ্টিৰ পৰা পৃথক আৰু তেওঁ আৰচৰ (সিংহাসনৰ) ওপৰত প্ৰতিষ্ঠিত; তেওঁ সৃষ্টিৰ ভিতৰত বাস নকৰে, আৰু কোনো সৃষ্টিও তেওঁৰ ভিতৰত সমাহিত নহয়।

সৰ্বশক্তিমান আল্লাহে কৈছে:

{ আল্লাহেই সেই সত্ত্বা, যিজনে আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে অন্তৰ্ৱৰ্তী সকলো বস্তুক কেৱল ছয় দিনত সৃষ্টি কৰিছে। তাৰ পিছত তেওঁ আৰছৰ ওপৰত উঠিছে। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো অভিভাৱক নাই আৰু কোনো মধ্যস্ততাকাৰীও নাই, তথাপিও তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে?}

[ছুৰা আচ-ছাজদাহ: ৪]

এতেকে নবীসকলৰ মূল আক্বীদাহ আৰু তেওঁলোকৰ ধৰ্মৰ মূল বিষয়বস্তু তথা চৰীয়ত এইটোৱে আছিল যে, নিশ্চয় আল্লাহেই হৈছে সৃষ্টিকৰ্তা, তেওঁ একক তথা অদ্বিতীয়, তেওঁ সৃষ্টিৰ পৰা পৃথক আৰু তেওঁ সৃষ্টিৰ ভিতৰত বাস নকৰে।

সৰ্বেশ্বৰবাদ সম্পৰ্কীয় পঞ্চম আপত্তিটো হৈছে, এই সৰ্বেশ্বৰবাদী ধাৰণাটোৱে এটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰে, সেইটো হৈছে এই যে, এই বিশ্বজগত ক’ৰ পৰা আহিল? এই দৰ্শন অনুসৰি বিশ্বজগতৰ উৎপত্তি কেনেকৈ হ’ল? লগতে আৰু এটা প্ৰশ্ন উত্থাপন হয় যে, সৰ্বপ্ৰথম কোনে এই দৰ্শন প্ৰস্তুত কৰিছে?

আৰু ইয়াৰ প্ৰমাণ কি? বহুতো প্ৰশ্ন আৰু আপত্তিয়ে এই মতবাদটোক আগুৰি আছে। যিটো মতবাদ নবীসকলে লৈ অহা ধৰ্ম, আধুনিক বিজ্ঞান, যুক্তি-তৰ্ক, বেদৰো পৰিপন্থী। ৬) জীৱন আৰু মৃত্যু সম্পৰ্কে হিন্দু ধৰ্মৰ দৃষ্টিকোণ কি?

আধুনিক হিন্দু ধৰ্ম পুনৰজনম তথা এক অন্তহীন জন্ম চক্ৰৰ ধাৰণাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। হিন্দু ধৰ্মৰ ধাৰণা অনুসৰি আমি জন্ম আৰু মৃত্যুৰ এটা গোল চক্ৰত ঘূৰি আছোঁ। প্ৰতিটো নৱজাতক কোনো নহয় কোনো এটা ৰূপত এই পৃথিৱীলৈ আহিছিল, আৰু মৃত্যুৰ পিছত আকৌ এই প্ৰাণ অন্য কোনো ৰূপত স্থানান্তৰিত হ’ব। এই ধাৰাবাহিকতা চলিয়েই থাকিব। হিন্দু ধৰ্মত ইয়াকে সংসাৰ বুলি কোৱা হয়। কিন্তু পুনৰজনমৰ এই বিষয় সম্পৰ্কে বৌদ্ধিক আৰু বৈজ্ঞানিক কেইবাটাও আপত্তি আছে। তাৰে কেইটামান আপত্তি যেনে-

প্ৰথম আপত্তিঃ এই আপত্তিটোক টাৰ্টুলিয়ানৰ আপত্তি (Tertullian's objection) বুলি কোৱা হয়। তেওঁ কৈছে যে, পুনৰজনমৰ এই বিশ্বাসটো যদি সঁচা, তেন্তে শিশু এটা জন্মৰ সময়ত প্ৰাপ্তবয়স্কৰ দৰে মানসিক আৰু বৌদ্ধিক ক্ষমতালৈ কিয় জন্ম নহয়? (২২) (২২) কোগান, ৰবাৰ্ট। (১৯৯৮), সমালোচনাত্মক চিন্তা: ষ্টেপ বাই ষ্টেপ, ইউনিভাৰ্চিটি প্ৰেছ অৱ আমেৰিকা, (পৃষ্ঠা ২০২-২০৩) দ্বিতীয় আপত্তিটো হৈছে: যদি পুনৰজনমৰ এই আক্বীদাহটো সঠিক হ’লহেঁতেন তেন্তে পৃথিৱীত থকা জীৱৰ সংখ্যা নিৰ্ধাৰিত তথা স্থিৰ থাকিলহেঁতেন। কিয়নো এইবোৰৰ আত্মা এটাৰ পৰা আনটোলৈ স্থানান্তৰিতহে হয়, কিন্তু বিবেক থকা কোনো ব্যক্তিয়েই এই কথা স্বীকাৰ নকৰে।

এইটো প্ৰমাণিত হৈছে যে, এসময়ত পৃথিৱীৰ কোনো অস্তিত্ব নাছিল, আৰু এটা সময়ত পৃথিৱীত কোনো জীৱিত প্ৰাণীৰ অস্তিত্ব নাছিল, আৰু এটা সময় এনেকুৱাও অতিবাহিত হৈছে যে, যিসময়ত জীৱৰ সংখ্যা আজিৰ সমান নাছিল, বৰং বহুত কম আছিল, আৰু সময়ৰ লগে লগে সেইবোৰ বৃদ্ধি পাইছিল। এই বিষয়টোত আজি প্ৰায় মানুহেই একমত।

এটা সময় আছিল যেতিয়া আজিৰ তুলনাত মানুহৰ সংখ্যা কম আছিল।

কিন্তু এই কথাত সকলোৱে একমত যে, মানুহৰ সংখ্যা স্থিৰ নহয়। এতেকে পুনৰজনমৰ উক্ত ধাৰণাটো কেনেকৈ সঠিক বুলি মানিব পাৰি?

তৃতীয় আপত্তি: এই দৰ্শনৰ অনুগামীসকলৰ বাহিৰে বেলেগ এনেকুৱা কোনো মানুহ কিয় পোৱা নাযায় যাৰ অতীতৰ জীৱনৰ কথা মনত আছে?

ৰুথ ছিমন্স নামৰ এগৰাকী আমেৰিকান মহিলা আছিল। তেওঁ দাবী কৰিছিল যে তেওঁ ব্ৰাইডে মাৰ্ফি নামৰ আন এগৰাকী মহিলাৰ আত্মাৰ পুনৰজনম। তেওঁ আয়াৰলেণ্ডত ১৯ শতিকাৰ সময়ছোৱাত ব্ৰাইডে মাৰ্ফি হৈ থকাৰ সময়ত ঘটি যোৱা পূৰ্বৰ স্মৃতিবোৰ মনত পেলাবলৈ আৰম্ভ কৰিছিল। কিন্তু যেতিয়া গৱেষকসকলে ছিমন্সৰ জীৱন সম্পৰ্কে অনুসন্ধান কৰিলে, তেতিয়া দেখা গ’ল যে, আয়াৰলেণ্ডৰ এগৰাকী তেওঁৰ পুৰণি প্ৰতিবেশী আছিল যাৰ নাম আছিল ব্ৰাইডী মাৰ্ফি। তেওঁ ব্ৰাইডেৰ পৰা আয়াৰলেণ্ডৰ বিষয়ে স্মৃতিবোৰ সংগ্ৰহ কৰিছিল আৰু সেইবোৰকে নিজৰ বুলি দাবী কৰি নিজকে অতীতৰ জীৱনৰ ব্ৰাইডে মাৰ্ফি বুলি পৰিচয় দিছিল। (২৩)

(২৩) ৰুথ ছিমন্সৰ অৱস্থাৰ বিৱৰণ: https://www.ncbi.nlm.nih.gov/pubmed/12116612 ড. ফৌজ কুৰ্দিৰ ৱেবছাইটৰ পৰা লোৱা হৈছে।

পুনৰজনম হৈছে এটা ভ্ৰম আৰু কল্পনামাত্ৰ, তথা বিজ্ঞান আৰু সাধাৰণ জ্ঞানৰো পৰিপন্থী।

এনচাইক্লেপিডিয়া অৱ ফিল’চফিৰ মুখ্য সম্পাদক তথা নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ অধ্যাপক পল এডৱাৰ্ডে কৈছে যে, পুনৰ্জন্ম হৈছে এটা কল্পনামাত্ৰ, যিটো আধুনিক বিজ্ঞানৰ পৰিপন্থী। (২৪)

(২৪) এডৱাৰ্ডছ, পল। (২০০১) , পুনৰ্জন্ম: এটা সমালোচনাত্মক পৰীক্ষা, প্ৰমিথিউছ বুক্স।

মানুহৰ মৃত্যু হোৱাৰ পিছত পুনৰ জীৱন পাই উভতি অহাটো কেতিয়াও সম্ভৱ নহয়।

বেদসমূহেও এই বাস্তৱতাক সদায় সমৰ্থন কৰি আহিছে। বেদত পুনৰজনম তথা সংসাৰৰ কোনো কথাই উল্লেখ নাই। (২৫)

(২৫) যুৱৰাজ কৃষণ: ভাৰতীয় বিদ্যা ভৱন, ১৯৯৭।

পণ্ডিত শ্ৰী সত্যকাম বিদ্যালংকাৰে কৈছে যে, "পাৰ্থিৱ জগতত পুনৰজনম হোৱা বিষয়টো বেদত নাই। এই ধাৰণা যিসকলে পোষণ কৰে, মই তেওঁলোকক এইটো প্ৰমাণ কৰিবলৈ প্ৰত্যাহ্বান জনাইছোঁ।" (২৬)

(২৬) আৱাগমন, পৃষ্ঠা নং ১০৪। ডক্টৰেট ডিগ্ৰীৰ বাবে লিখিত ড° ইব্ৰাহীম ইবনে আব্দুল-গাফুৰৰ আৰবী কিতাপ "হিন্দুসকলক ইছলামলৈ আমন্ত্ৰণ" প্ৰকাশকঃ দাৰু ইলাফ লিন নাশ্বৰ অত-তাওঝী (পৃষ্ঠা নং ৯৯)

বিদ্যালংকাৰৰ কথাটোৰ সত্যতা আছে, ইয়াৰ আটাইতকৈ উত্তম প্ৰমাণটো হৈছে এই যে, হিন্দুসকলে পূৰণি যুগৰ পৰাই 'শ্ৰাদ্ধ' পাতি আহিছে, যাৰ উদ্দেশ্য হৈছে মৃত ব্যক্তিৰ আত্মাক সন্তুষ্ট কৰা তথা তাৰ আত্মাৰ শান্তি কামনা কৰা।

এতেকে প্ৰশ্ন উত্থাপন হয় যে, এইক্ষেত্ৰত সিহঁতে পুনৰ উভতি অহাৰ বিষয়টো পাহৰি যায় নেকি, যিহেতু সেই প্ৰাণটো কোনো নহয় কোনো ৰূপত উভতি আহিব তেনেক্ষেত্ৰত মৃত ব্যক্তিৰ আত্মাৰ শান্তি কামনা কৰি শ্ৰাদ্ধ পতাৰ অৰ্থ কি?

আল্লাহে তেওঁৰ নবীৰ ওপৰত অৱতীৰ্ণ কৰা পৱিত্ৰ কোৰআনে পৃথিৱীলৈ পুনৰ উভতি অহা বিষয়টোক খণ্ডন কৰিছে। উক্ত বিষয়টোক কিছুমানে এইদৰে কৈছিল:

{পাৰ্থিৱ জীৱনেই হৈছে আমাৰ একমাত্ৰ জীৱন, আমাৰ জীৱন মৰন ইয়াতেই, আমি পৰকালত কেতিয়াও পুনৰুত্থিত নহওঁ।}

[ছুৰা আল- মু’মীনুন: ৩৭]

আল্লাহে এইসকল লোকৰ কথাক খণ্ডন কৰি পৱিত্ৰ কোৰআনত কৈছে:

{সিহঁতে লক্ষ্য কৰা নাইনে যে, আমি সিহঁতৰ পূৰ্বে বহু প্ৰজন্মক ধ্বংস কৰিছোঁ? নিশ্চয় সেইসকল লোক সিহঁতৰ মাজলৈ আৰু উভতি নাহিব।} [ছুৰা ইয়াছিন: ৩১]। এতেকে মৃত্যুবৰণ কৰা কোনো প্ৰাণীয়েই এই পৃথিৱীলৈ উভতি আহিব নোৱাৰিব। (২৭)

(২৭) কুৰতুবীয়ে তেওঁৰ তাফছীৰত কৈছে: এই আয়াতত সেইসকল লোকৰ কথাক খণ্ডন কৰা হৈছে, যিসকলে দাবী কৰে যে, কিছুমান সৃষ্টিয়ে মৃত্যুবৰণ কৰাৰ পিছতো কিয়ামতৰ পূৰ্বে এই পৃথিৱীলৈ উভতি আহিব। আল্লাহে আৰু কৈছে: {প্ৰথম মৃত্যুৰ পিছত তেওঁলোকে তাত আৰু মৃত্যু আস্বাদন নকৰিব।}

[ছুৰা আদ-দুখান: 56]

এইটোৱেই হৈছে মুছলিমসকলৰ আক্বীদাহ (ধৰ্ম বিশ্বাস), আৰু বেদৰো আক্বীদাহ, যিটোক দুৰ্ভাগ্যজনকভাৱে হিন্দুসকলে পৰিত্যাগ কৰিছে।

পুনৰজনম সম্পৰ্কীয় চতুৰ্থ আপত্তিটো হৈছে, সিহঁতৰ এই দাবী যে, জীৱনৰ মূল উদ্দেশ্য হৈছে ঈশ্বৰৰ মাজত বিলীন হৈ যোৱা অথবা মোক্ষ প্ৰাপ্তি, যাতে জীৱন চক্ৰৰ পৰা মুক্তি লাভ কৰিব পাৰে। ইয়াৰ অৰ্থ এইটো বুজায় যে, বাৰে বাৰে জন্ম লোৱাটো হৈছে এক প্ৰকাৰ শাস্তি।

কিন্তু, বাৰে বাৰে জন্ম লোৱা বিষয়টোক কোনোবাই শাস্তি বুলি কয়নে?

কাৰণ যদি আপুনি কাৰোবাক সোধে যে, আপুনি পুনৰ জন্ম গ্ৰহণ কৰি জীৱনটো উপভোগ কৰিব বিচাৰেনে? তেতিয়া আপুনি দেখিব বহুতে কুণ্ঠাবোধ নকৰাকৈয়ে 'হয়' বুলি উত্তৰ দিব।

তদুপৰি জীৱনক শাস্তি বুলি কোৱা এই নিৰাশাবাদী দৃষ্টিভংগীটো হৈছে এটা মিছা কথা; প্ৰকৃততে জীৱনৰ বহুতো ভাল দিশ আছে আৰু অগণন নিয়ামত বা অনুগ্ৰহ আছে।

দৰাচলতে মোক্ষ হৈছে এনেকুৱা এটা কাল্পনিক মুক্তিৰ নাম, যাৰ কোনো বাস্তৱিকতা নাই।

পঞ্চম আপত্তিঃ পুনৰজনমৰ বিশ্বাসে সকলো প্ৰকাৰ অপৰাধ তথা পাপকৰ্ম কৰাৰ ক্ষেত্ৰত ভ্ৰূক্ষেপ নকৰিবলৈ উৎসাহিত কৰে। আনকি অপৰাধ কৰাৰ অনুমতি দিয়ে। কিয়নো এই বিশ্বাস অনুসৰি মানুহে কোনো নহয় কোনো জীৱনত নিশ্চিতভাৱে মোক্ষ লাভ কৰিব। গতিকে সি এই জীৱন পৰিপূৰ্ণৰূপে উপভোগ কৰাৰ চাহিদা কৰিব।

এই বিষয়টো যিকোনো অপৰাধ সংঘটিত কৰাৰ সৈতে এক প্ৰকাৰ আপোচ কৰাৰ চিত্ৰ বহন কৰে। সম্ভৱতঃ এইকাৰণেই বিশ্বৰ ভিতৰত ভাৰতত অপৰাধ তথা বিশেষকৈ ধৰ্ষণ আদিৰ হাৰ সৰ্বাধিক। (২৮) (২৮) https://en.wikipedia.org/wiki/Rape_in_India ভাৰতত দলবদ্ধ ধৰ্ষণৰ হাৰো সৰ্বাধিক।

৭) বাৰে বাৰে জন্ম হোৱা বা পুনৰজনম সম্পৰ্কে হিন্দুসকলৰ দৃষ্টিত ইয়াৰ উৎস কি?

কোনেও নাজানে এই ধাৰণাৰ উৎপত্তি কেনেকৈ হৈছিল, বা কোনে প্ৰতিষ্ঠা কৰিছিল, নাইবা ইয়াৰ উৎপত্তি হোৱাৰ ক্ষেত্ৰত প্ৰমাণ কি আছিল?

বেদত বাৰে বাৰে জন্ম হোৱাৰ বা পুনৰজনমৰ কোনো প্ৰমাণ নাই, আনকি এই বিষয়ে এটা শব্দও নাই। দৰাচলতে এইবোৰ ধাৰণা পৰৱৰ্তী সময়ত সন্মুখলৈ অহা পৌৰাণিক দৰ্শনৰ দ্বাৰা উদ্ভৱ হৈছিল।

সম্ভৱতঃ এই ধাৰণাটো কোনো হিন্দু সন্ন্যাসীৰ মনত উদ্ভৱ হোৱা এটা কল্পনা হ’ব পাৰে। যিসকলে খোৱা-বোৱা ত্যাগ কৰি দীৰ্ঘ সময় প্ৰাণ দৰ্শন তপস্যাত বহি থাকে।

সকলোৱে জানে যে, প্ৰাণ দৰ্শন সম্বন্ধীয় অনুষ্ঠানত খোৱা-বোৱা নকৰাকৈয়ে দীৰ্ঘ সময় পৰ্যন্ত এটা অৱস্থাতেই বহি থাকিবলগীয়া হয়।

খোৱা-বোৱা নকৰাকৈ এটা নিৰ্দিষ্ট স্থানত নিৰ্দিষ্ট অৱস্থাত ঘণ্টাৰ পিছত ঘণ্টা ধৰি সম্পূৰ্ণ মৌনতা অৱলম্বন কৰি বহি থকাৰ ফলত তেজত ৰক্ত শৰ্কৰা (Blood Glucose) হ্ৰাস হোৱাৰ কাৰণে ক্ৰমান্বয়ে মগজুত আয়নৰ অভাৱ হয়, ফলত এণ্ড’ৰ্ফিন হৰম’ন অনিয়ন্ত্ৰিতভাৱে নিঃসৰণ হয়, যাৰ ফলত প্ৰকৃত ভ্ৰমৰ সৃষ্টি হয়। (২৯)

(২৯) https://www.ncbi.nlm.nih.gov/pubmed/৮৯৩১৬৫১। (নেচনেল চেণ্টাৰ ফৰ বায়'টেকন'লজি ইনফৰ্মেচন ৱেবছাইট। এইটো হৈছে আমেৰিকাৰ চৰকাৰী ৱেবছাইট, যিটোক বিশ্বজুৰি চিকিৎসা গৱেষণাৰ অন্যতম ডাঙৰ ৰেফাৰেন্স হিচাপে গণ্য কৰা হয়)

ঋষি-সন্ন্যাসীসকলৰ মনত যিটো কল্পনা উদ্ভৱ হৈছিল, যিটোক তেওঁলোকে পুৰাণত লিপিবদ্ধ কৰিছে, সেইটো প্ৰকৃততে বিভ্ৰান্তি তথা মানসিক সংবেদনহীনতাৰ অধিক নিকটৱৰ্তী।

এই কথা আধুনিক বিজ্ঞানৰ দ্বাৰাও প্ৰমাণিত। ইতিমধ্যে আপোনালোকে দেখা পালে যে, নেচনেল চেণ্টাৰ ফৰ বায়’টেকন’লজি ইনফৰ্মেচনৰ ৱেবছাইটৰ মতে, যিটো আমেৰিকাৰ এটা চৰকাৰী ৱেবছাইট আৰু যিটোক বিশ্বজুৰি চিকিৎসা গৱেষণাৰ অন্যতম ডাঙৰ ৰেফাৰেন্স হিচাপে গণ্য কৰা হয়, এনেদৰে দীৰ্ঘ সময় একেটা অৱস্থাত থকাৰ কাৰণে তেজত গ্লুক’জৰ মাত্ৰা হ্ৰাস পায় আৰু সেয়ে ভ্ৰমৰ সৃষ্টি হয়। (৩০)

(৩০) পূৰ্বৱৰ্তী উৎস।

ইমাম জাহাবী (ৰাহিমাহুল্লাহে) কৈছে, “এজন জ্ঞানহীন ইবাদতগুজাৰ ব্যক্তি যেতিয়া সাংসাৰিক সুখ আদি ত্যাগ কৰে, পাৰ্থিৱ মোহ-মায়াৰ পৰা পৃথক হৈ যায়, বৈবাহিক জীৱন ত্যাগ কৰে, ভোকত থাকিবলৈ ধৰে, মাংস আৰু ফল-মূল পৰিত্যাগ কৰে, দুখ-কষ্টত নিজকে সীমাবদ্ধ কৰি লয়, তেতিয়া তাৰ অন্তৰত বিকৃত চিন্তা আহিবলৈ ধৰে, আৰু চয়তান তাৰ ভিতৰত অহা যোৱা কৰিবলৈ ধৰে, তেতিয়া সি নিজকে আল্লাহৰ সৈতে সম্পৰ্ক স্থাপন কৰা বুলি ভাবি লয় আৰু নিজকে মহান বুলি ভাবে। এইদৰে চয়তান তাৰ ওপৰত আৰু আধিপত্য বিস্তাৰ লাভ কৰে তথা কুমন্ত্ৰণা দিয়ে।" (৩১)

(৩১) ছিয়াৰ আ'লাম আন-নুবালা'; আহমদ ইবনে আবুল হাৱাৰীৰ জীৱনী; ড° ফৌজ কুৰ্দীৰ ৱেবছাইটৰ পৰা সংগৃহীত।

সেইকাৰণেই ইছলামে এনেকুৱা তপস্যা তথা এনেকুৱা আত্ম উৎপীড়নৰ পৰা সাৱধান কৰিছে।

কিয়নো এনেকুৱা আত্ম উৎপীড়নে সময়ৰ লগে লগে মানুহৰ চিন্তা-ধাৰাক বিকৃত কৰে আৰু ধৰ্মীয় বিকৃতিৰ কাৰণ হৈ পৰে।

সৰ্বশক্তিমান আল্লাহ তা'আলাই পৱিত্ৰ কোৰআনত কৈছে:

{“কোৱা, আল্লাহে তেওঁৰ বান্দাসকলৰ বাবে যিবোৰ শোভা-সৌন্দৰ্যৰ বস্তু আৰু বিশুদ্ধ জীৱিকা সৃষ্টি কৰিছে সেইবোৰক কোনে নিষিদ্ধ কৰিছে?"}

[ছুৰা আল - আৰাফ: ৩২]

আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "তোমালোকে নিজৰ ওপৰত কঠোৰতা অৱলম্বন নকৰিবা, অন্যথা আল্লাহে তোমালোকৰ প্ৰতি কঠোৰ হ’ব; কাৰণ কিছুমানে নিজৰ ওপৰত কঠোৰতা অৱলম্বন কৰিছিল, ফলত আল্লাহেও সিহঁতৰ প্ৰতি কঠোৰ হৈছিল। এতিয়া তোমালোকে সেইসকল লোকৰ অৱশিষ্ট্য কিছুমানক গীৰ্জা ঘৰত আৰু ইয়াহুদীসকলৰ উপাসনাস্থলত দেখিবলৈ পাবা।"

{ আৰু বৈৰাগ্যবাদ—এইটো সিহঁতে নিজেই আল্লাহৰ সন্তুষ্টিৰ বাবে প্ৰৱৰ্তন কৰিছিল। আমি এইটো সিহঁতৰ ওপৰত লিপিবদ্ধ কৰা নাছিলোঁ। } [ছুৰা আল- হাদীদ: ২৭]" (৩২)

(৩২) ছুনান আবু দাউদ (হাদীছ নং ৪৯০৪) ৷ এই হাদীছটো ছহীহ।

এই ধৰণৰ আত্ম উৎপীড়নে এনেকুৱা মতিভ্ৰম সৃষ্টি কৰিছে, যাৰ ফলত বেদ বিৰোধী ধাৰণাবোৰ সৃষ্টি হৈছে। যিবোৰ আজি হিন্দু ধৰ্মৰ মৌলিক বিধি-বিধানত পৰিণত হৈছে। পক্ষান্তৰে যদি আমি বাস্তৱ অলৌকিক ঘটনাবোৰৰ প্ৰতি দৃষ্টিপাত কৰোঁ, যিবোৰৰ দ্বাৰা আল্লাহে তেওঁৰ নবীসকলক সমৰ্থন কৰিছিল, তেন্তে আমি দেখিবলৈ পাম যে, এই অলৌকিক ঘটনাবোৰ আকস্মিক সংঘটিত হৈছিল, ইয়াৰ বাবে আগৰ পৰা কোনো প্ৰস্তুতি নাছিল। সেইবোৰ মানুহে নিজ চকুৰে চাব পাৰিছিল তথা সাক্ষী হ’ব পাৰিছিল, লগতে এইবোৰ আছিল এনেকুৱা ঘটনা যিবোৰ কোনো মানুহেই সংঘটিত কৰিব পৰা নাছিল।

এইটোৱেই হৈছে নবীসকলৰ বাৰ্তা আৰু হিন্দু সন্ন্যাসীসকলৰ বাৰ্তাৰ মাজত মূল পাৰ্থক্য।

৮) হিন্দুসকলে বিশ্বজগতক কি দৃষ্টিৰে চায়?

হিন্দু দৰ্শন মতে এই বিশ্বজগতখন বিঘটিত হয়, তাৰ পিছত আকৌ প্ৰকট হয়, আৰু এই ধাৰাবাহিকতা নিৰন্তৰৰূপে চলিয়ে আছে।

ৰূপ ধাৰণ কৰা তথা বিঘটিত হোৱা এই নিৰন্তন ধাৰাবাহিকতাকেই সংসাৰ বুলি কোৱা হয়।

কিন্তু বিশ্বজগত বিঘটিত হোৱা তথা ৰূপ ধাৰণ কৰাৰ এই ধাৰণাটো বৈজ্ঞানিকভাৱে ভুল।

কিয়নো বৈজ্ঞানিকভাৱে এই বিশ্বজগতৰ আগত আন কোনো বিশ্বজগতৰ অস্তিত্ব নাছিল; বৰং ইয়াক অভূতপূৰ্বভাৱে সৃষ্টি কৰা হৈছে তথা নিৰ্মাণ কৰা হৈছে।

মুছলমানসকলৰো এইটোৱেই আক্বীদাহ (বিশ্বাস), যিটো ১৪০০ বছৰ আগত ছাগলী চৰোৱা এজন ব্যক্তিয়ে এই তথ্য পোহৰলৈ আনিছিল। তেওঁ হৈছে মুহাম্মদ ইবনে আব্দুল্লাহ, তেৱেঁই আল্লাহৰ ৰাছুল আৰু ইছলামৰ নবী। আল্লাহে তেওঁক অহীৰ মাধ্যমত জনাইছিল যে, এই বিশ্বজগত অভূতপূৰ্বভাৱে পূৰ্বৱৰ্তী কোনো উদাহৰণ নোহোৱাকৈয়ে সৃষ্টি কৰা হৈছে। মহান আল্লাহে পৱিত্ৰ কোৰআনত কৈছে:

{পূৰ্বে কোনো উদাহৰণ নোহোৱাকৈ তেওঁ আকাশমণ্ডল আৰু পৃথিৱীৰ উদ্ভাৱক; আৰু তেওঁ যেতিয়া কিবা কৰাৰ সিদ্ধান্ত লয়, তেতিয়া তাৰ বাবে কেৱল কয়, ‘হ’, ফলত ই হৈ যায়।}

[ছুৰা আল-বাকাৰাহ: ১১৭]

৯) হিন্দু ধৰ্ম অনুসৰি মানৱ শৰীৰ কিহৰ দ্বাৰা গঠিত?

হিন্দু ধৰ্ম অনুসৰি মানৱ শৰীৰ পাঁচটা উপাদানেৰে গঠিত, আৰু সেইবোৰ হৈছেঃ পানী, ভূমি, বায়ু, অগ্নি, আৰু আকাশ, এই পঞ্চ মৌলৰ শক্তিৰে গঠিত।

এই সমগ্ৰ বিশ্বজগত, তথা ইয়াত থকা সকলো বস্তু, এই পাঁচটা মৌলৰ দ্বাৰাই গঠিত।

এই পাঁচটা উপাদানৰ প্ৰতিটোৰে পৰিবৰ্তে গ্ৰহ আছে। যেনে- মঙ্গল গ্ৰহ হৈছে অগ্নীয় আৰু শনি হৈছে পাৰ্থিৱ। এইদৰে মানৱ শৰীৰৰ প্ৰতিটো অংগও এইবোৰ মৌলৰ দ্বাৰাই গঠিত। এতেকে প্লীহা হৈছে পাৰ্থিৱ আৰু হৃদয় হৈছে অগ্নীয়।

দৰাচলতে সকলো বস্তুকেই আনকি সময়কো এই পাঁচটা মৌল অনুসৰিয়েই শ্ৰেণীভুক্ত কৰা হয়। সিহঁতৰ মতে ৰোগ-ব্যাধিও এই পাঁচটা মৌলৰ ভাৰসাম্যহীনতাৰ ফলতেই হয়।

পঞ্চমৌলৰ এই ধাৰণাটো প্ৰাণ দৰ্শনৰ যোগেদি প্ৰচাৰ-প্ৰসাৰ হৈছে, য’ত দীৰ্ঘ সময়লৈকে খোৱা-বোৱা নকৰাকৈ মৌন হৈ বহি থাকিবলগীয়া হয়।

দুৰ্ভাগ্যজনকভাৱে পঞ্চমৌলৰ এই ধাৰণাটো সমগ্ৰ বিশ্বতে বিয়পি পৰিছে আৰু ইয়াৰ ওপৰতে নিৰ্ভৰ কৰি এনাৰ্জি হিলিং থেৰাপী আদি বিষয়বোৰ সন্মুখলৈ আহিছে।

এনাৰ্জী থেৰাপী, মাইক্ৰ’বায়’টিক, ফেং ছুই, ক্ৰমো থেৰাপী আদি পদ্ধতিবোৰ এই পঞ্চমৌলৰ নিয়ন্ত্ৰণৰ ওপৰত ভিত্তি কৰিয়ে গঢ় লৈ উঠিছে।

সিহঁতৰ মতে এই পঞ্চমৌলৰ নিয়ন্ত্ৰণৰ ফলতে জীৱিকা লাভ হয় আৰু অনিষ্টতা দূৰ হয়।

আজি হিন্দু মঠ-মন্দিৰবোৰত এই পঞ্চমৌলক নিয়ন্ত্ৰণ কৰিবলৈ massage (মালিচ) কৰা হয়, সিহঁতৰ মতে ইয়াৰ দ্বাৰা কেইবাটাও ৰোগ নিৰাময় হয়।

পঞ্চমৌলৰ এই ধাৰণাটোৰ সৈতে বিজ্ঞানৰ কোনো সম্পৰ্ক নাই।

লগতে পদাৰ্থ বিজ্ঞান আৰু চিকিৎসা বিজ্ঞানৰ সৈতেও ইয়াৰ কোনো সম্পৰ্ক নাই।

বৰং বিজ্ঞানে ইয়াক আৰু ইয়াৰ সৈতে জড়িত প্ৰথাবোৰক এক প্ৰকাৰৰ অন্ধবিশ্বাস, ভ্ৰম আৰু প্ৰতাৰণা বুলি গণ্য কৰে।

সেয়ে পঞ্চমৌলৰ এই ধাৰণাটোক ছদ্ম জ্ঞান হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে। (৩৩)

[৩৩] "Energy – (according to New Age thinking)", The Skeptic's Dictionary, 2011-12-19.

আৰু ইয়াৰ লগত জড়িত প্ৰথাবোৰক কল্পনা আৰু ভ্ৰম বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। (৩৪)

[৩৪] "Some Notes on Wilhelm Reich, M.D", Quackwatch.org, 15-02-2002.

পঞ্চমৌলৰ এই ধাৰণাটো সম্ভৱতঃ কোনো ঋষি-সন্যাসীৰ মনত উদ্ভৱ হৈছিল, যিদৰে বাৰে বাৰে জন্ম লোৱা বিষয়টো বা পুনৰজনমৰ বিষয়টো উদ্ভৱ হৈছিল। কিয়নো ইয়াৰ কোনো যুক্তিসংগত, বৈজ্ঞানিক তথা বৌদ্ধিক কোনো প্ৰমাণ নাই।

এইটো এটা কাল্পনিক ধাৰণাৰ বাহিৰে আন একো নহয়।

সমস্যাটো হৈছে, এই ধাৰণাটোৰ সৈতে জড়িত প্ৰথাবোৰ দৰাচলতে মূৰ্তিপূজাৰ সৈতে সম্পৰ্কীয় কবিৰাজী, গ্ৰহ, আকৃতি, প্ৰতীক, ৰং, আৰু তাবিজ আদিৰ সৈতে সম্পৰ্কীয়, যাৰ সপক্ষে আল্লাহে কোনো প্ৰমাণ অৱতীৰ্ণ কৰা নাই। (৩৫)

(৩৫) এনাৰ্জী হিলিং থেৰাপী সম্পৰ্কে মই পৃথকভাৱে এখন কিতাপ লিখি তাত সবিশেষ আলোচনা কৰিছোঁ, যাৰ নাম হৈছে: আল-ইলহাদ আৰ-ৰূহী, (আধ্যাত্মিক নাস্তিকতা)।

আধুনিক বিজ্ঞানৰ আগতেই ইছলামে এই পঞ্চমৌলৰ সৈতে জড়িত কবিৰাজি প্ৰথাৰ পৰা সাৱধান কৰিছে। প্ৰকৃততে এইবোৰৰ কাৰণে সঠিক চিকিৎসা পোৱাত পলম হয়। লগতে মানৱ জীৱনক বাস্তৱিক জীৱনৰ পৰা ভ্ৰমৰ জগতলৈ লৈ যায়। আল্লাহক এৰি আনৰ সৈতে সম্পৰ্ক স্থাপন কৰাৰ কাৰণ হৈ পৰে। সেইকাৰণেই ইছলামে ইয়াক কঠোৰভাৱে নিষিদ্ধ কৰিছে। সৰ্বশক্তিমান আল্লাহে হাদীছে কুদছীত কৈছেঃ

"মোৰ কিছুমান বান্দাই মোৰ ওপৰত বিশ্বাস কৰি আৰু কিছুমানে অবিশ্বাস কৰি ৰাতি অতিবাহিত কৰিছে। যিয়ে এই কথা কৈছে যে- আল্লাহৰ কৃপা আৰু দয়াৰ ফলত আমালৈ বৰষুণ আহিছে' সেই ব্যক্তি দৰাচলতে মোৰ প্ৰতি বিশ্বাস কৰিছে আৰু নক্ষত্ৰৰ ক্ষমতাক অস্বীকাৰ কৰিছে; আনহাতে যিয়ে এই কথা কৈছে যে- 'অমুক নক্ষত্ৰৰ উদয় হোৱাৰ কাৰণে আমাৰ ওপৰত বৰষুণ হৈছে' সেই ব্যক্তিয়ে মূলতে মোক অবিশ্বাস কৰিছে আৰু নক্ষত্ৰৰ প্ৰতি বিশ্বাস কৰিছে।" (৩৬)

(৩৬) ছহীহ মুছলিম (হাদীছ নং ৭১) ৷

গতিকে যিয়ে নক্ষত্ৰৰ ক্ষমতা আছে বুলি বিশ্বাস কৰে আৰু মানুহৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰে বুলি বিশ্বাস কৰে আৰু এই বিশ্বাস পোষণ কৰে যে, ইয়াৰ সৈতে জীৱিকাৰ সম্পৰ্ক আছে, সি দৰাচলতে আল্লাহক অবিশ্বাস কৰে; আনহাতে যিয়ে আল্লাহক বিশ্বাস কৰে, তেওঁ দৰাচলতে এইটো বিশ্বাস কৰে যে মানুহৰ ভাগ্যত এইবোৰ নক্ষত্ৰৰৰ কোনো ধৰণৰ হস্তক্ষেপ নাই, এক কথাত এইবোৰৰ ক্ষমতাক অস্বীকাৰ কৰে।

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:

“নিঃসন্দেহে জৰা-ফুঁকা, তাবিজ-কবচ আৰু স্বামী-স্ত্ৰীৰ মাজত প্ৰেম সৃষ্টি কৰিবলৈ যাদুৰ সহায় লোৱা আদি হৈছে শ্বিৰ্ক।” (৩৭)

(৩৭) ছহীহ আল-জামে' (হাদীছ নং ১৬৩২)

গতিকে এজন মুছলিমে পঞ্চমৌল আৰু ইয়াৰ সৈতে জড়িত তন্ত্ৰ-মন্ত্ৰ, তাবিজ-কবচ আদি অন্ধবিশ্বাসক বিশ্বাস নকৰে।

আনকি ইছলামে তাবিজ-কবচ, জ্যামিতিক আকৃতি, শক্তি পেণ্ডুলাম, আৰু পঞ্চমৌলৰ সৈতে জড়িত অন্যান্য বস্তু বনোৱা আৰু সেইবোৰৰ দ্বাৰা উপকাৰ বা অপকাৰ হোৱা বুলি কৰা বিশ্বাসক শ্বিৰ্ক আখ্যা দিছে তথা আল্লাহক অবিশ্বাস কৰা বুলি বুজাইছে।

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এবাৰ এজন ব্যক্তিৰ হাতত পিতলৰ বালা দেখিবলৈ পালে, তেতিয়া তাক সুধিলে: “এইটো কি?” সেই ব্যক্তিজনে ক'লে: "এইটো মই দুৰ্বলতাৰ পৰা ৰক্ষা পাবলৈ পৰিধান কৰিছোঁ" এই শুনি তেখেতে ক'লে: "ইয়াৰ ফলত তোমাৰ দুৰ্বলতা আৰু বৃদ্ধিহে পাব, এইটো পেলাই দিয়া। কিয়নো যদি তুমি এইটো পিন্ধি মৃত্যুবৰণ কৰা তেন্তে তোমাক ইয়াৰেই অধীনস্থ কৰা হ'ব।" (৩৮)

(৩৮) ছহীহ ইবনে হিব্বান (হাদীছ নং ৬০৮৫) ৷

আন এটা বৰ্ণনাত আছে যে, "যদি তুমি এইটো পিন্ধি মৃত্যুবৰণ কৰা, তেন্তে তুমি কেতিয়াও সফল হ'ব নোৱাৰিবা।" (৩৯)

(৩৯) ইবনে হাজাৰ আল-হায়তামী আল-মাক্কীয়ে বৰ্ণনা কৰিছে, হাদীছটো ছহীহ, চাওক- আঝ-ঝাৱাজিৰঃ (১/১৬৬)।

শ্বাইখুল ইছলাম ইবনে তাইমিয়্যাহ (ৰাহিমাহুল্লাহে) কৈছে: “উপকাৰ বা অপকাৰ সাধিবলৈ তাবিজ-কবচ বা এই ধৰণৰ বস্তু ব্যৱহাৰ কৰাটো হৈছে শ্বিৰ্কে আকবাৰ বা মহাশ্বিৰ্ক।” (৪০)

(৪০) মাজমু' আল-ফাতাৱা (৯/৩৪)

বৰং ভাগৱতগীতাত ইমানখিনি পৰ্যন্ত কোৱা হৈছে যে, "দেৱতাক পূজা কৰাসকলে দেৱতাক পায়; পূৰ্বপুৰুষক পূজা কৰাসকলে পূৰ্বপুৰুষক পায়; চয়তানক পূজা কৰাসকলে চয়তানক পায়; আৰু যিসকলে মোক পূজা কৰে সিহঁতে নিশ্চয় মোকেই পাব।" (৪১)

(৪১) ভাগৱত গীতা (৯/২৫)

গতিকে আল্লাহৰ বাহিৰে যিয়েই এইবোৰ তাবিজ-কবচ ইত্যাদিৰ সৈতে সম্পৰ্ক স্থাপন কৰিব, সি দৰাচলতে আল্লাহৰ বাহিৰে আনৰ ইবাদতকাৰী হিচাপে গণ্য হ’ব।

বেদৰ মতে সেই ব্যক্তি চিৰকাল নৰকত (জাহান্নামত) বাস কৰিব। যজুৰৰ্বেদত কোৱা হৈছে যে- "যি ব্যক্তিয়ে আল্লাহৰ বাহিৰে কোনো নিৰ্মিত বস্তুৰ পূজা কৰে, সি আচলতে অন্ধকাৰত ডুব যায়, সি চিৰকাল নৰকৰ অগ্নিৰ শাস্তিৰ সোৱাদ ল'ব।" (৪২)

(৪২) যজুৰবেদ; সুক্ত: ৪০; মন্ত্ৰ: ৯. পৱিত্ৰ মহান আল্লাহে কৈছে: {বৰং সকলো অধিকাৰ একমাত্ৰ আল্লাহৰেই} [ ছুৰা আৰ-ৰা’দ: ৩১] এইদৰে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, “যদি কিবা বিচৰা তেন্তে কেৱল আল্লাহৰ ওচৰতে বিচাৰিবা, আৰু যদি সহায়ৰ প্ৰয়োজন হয় তেন্তে আল্লাহৰ ওচৰতেই সহায় প্ৰাৰ্থনা কৰিবা।” (৪৩)

(৪৩) ছুনান আত-তিৰমিজী (হাদীছ নং ২৫১৬) ছহীহ । এইবোৰ কাৰণতেই মুছলিমসকলে পঞ্চমৌল, নক্ষত্ৰৰাজিৰ ক্ষমতা, যাদু আকৃতি আৰু তাবিজ-কবচ আদিক অন্ধবিশ্বাস বুলি গণ্য কৰে। বৰং তেওঁলোকে এইবোৰক পৌত্তলিকতা, পথভ্ৰষ্টতা, প্ৰতাৰণা আৰু অন্ধবিশ্বাস বুলি বিশ্বাস কৰে।

১০) হিন্দু সম্প্ৰদায়ৰ ৰূপ-ৰেখা কেনেকুৱা? হিন্দু সম্প্ৰদায়ৰ আৱাগমন বা পুনৰজনম আক্বীদাহ আৰু কৰ্ম বিশ্বাস অনুসৰি সিহঁতক নিশ্চিতৰূপে এটা শ্ৰেণীতে অন্তৰ্ভুক্ত কৰিব পাৰি।

এই বিশ্বাস অনুসৰি এজন দুষ্ট ব্যক্তি এই জনমত যিটো শ্ৰেণীত আছে, পৰৱৰ্তী জনমত সি ইয়াতকৈ নিম্নশ্ৰেণীত জন্ম লাভ কৰিব।

ইয়াৰ দ্বাৰা এইটোও বুজায় যে, যদি কোনোবাই বৰ্তমান সময়ত দুখ-কষ্টত আছে তেন্তে সেইটো তাৰ প্ৰাপ্যহে। দৰাচলতে এনেকুৱা বিশ্বাসে অসহায় দুখীয়া-দৰিদ্ৰ নিৰ্যাতিত লোকসকলৰ বিৰুদ্ধে অন্যায়-অত্যাচাৰী লোকসকলক সম্পূৰ্ণৰূপে সমৰ্থন কৰা বুজায়, আৰু অসহায় লোকসকলক অসহায় অৱস্থাত এৰি দিবলৈ উৎসাহিত কৰে।.. এইটো দৰাচলতে অত্যাচাৰীক স্পষ্টৰূপে সমৰ্থন কৰা বুজায়। হিন্দু ধৰ্মত মানৱ সমাজ চাৰিটা ভাগত বিভক্ত, সেয়া হৈছে:

১) ব্ৰাহ্মণঃ এওঁলোক হৈছে পুৰোহিত আৰু শিক্ষক।

২) ক্ষত্ৰিয়: এওঁলোক হৈছে যোদ্ধা আৰু শাসক।

৩) বৈশ্য: এওঁলোক হৈছে কৃষক আৰু ব্যৱসায়ী।

৪) শূদ্ৰ: এওঁলোক হৈছে শ্ৰমিক, সেৱক।

এই বৰ্ণ ব্যৱস্থাত আটাইতকৈ নিম্ন বৰ্ণৰ লোক হৈছে অস্পৃশ্য শূদ্ৰসকল, যিসকলে সিহঁতৰ দৃষ্টিত চাফ-চিকুণতা আৰু সেৱা প্ৰদানকাৰী আদি লেতেৰা কাম কৰে।

প্ৰতিজন ব্যক্তিৰ বৰ্ণই তাৰ কাম, কাপোৰ-কানি আৰু খাদ্য আদিৰ পৰিসীমা নিৰ্ধাৰণ কৰে।

বিবাহ আদিও একেটা বৰ্ণৰ ভিতৰতেই হ’ব লাগিব।

প্ৰতিজন ব্যক্তিয়েই সেই বৰ্ণৰ ভিতৰত থাকি মৃত্যুবৰণ কৰিব লাগিব, যিটো বৰ্ণত সি জন্ম গ্ৰহণ কৰিছে।

এই বৈষম্যমূলক ধাৰণাটোৰ উৎপত্তি হৈছে পুনৰজনমৰ প্ৰতি বিশ্বাসৰ ফলত আৰু কৰ্মৰ (শাস্তি আৰু প্ৰতিদানৰ) প্ৰতি বিশ্বাসৰ ফলত, যিটো মই ইয়াৰ আগতে উল্লেখ কৰিছোঁ। শূদ্ৰসকল অস্পৃশ্য হোৱাৰ কাৰণ হৈছে, সিহঁতে পূৰ্বৱৰ্তী জনমত নিশ্চিতৰূপে পাপী আছিল, সেই কাৰণেই সি এই বৰ্ণত জন্ম হৈছে।

এনেকুৱা বিকৃত তথা ভুল ধাৰণাবোৰে জীৱনক সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলায়। কিয়নো এনেকুৱা ধাৰণাক কেন্দ্ৰ কৰি আমি এইটো ক’ব পাৰোঁ যে, অস্পৃশ্যসকলক সহায় কৰাটো হৈছে এক প্ৰকাৰ কৰ্মৰ সিদ্ধান্তক অপমান কৰা।

এইটো দৰাচলতে পিছপৰা, অন্যায়-অত্যাচাৰ, শ্ৰেণী বৈষম্য, আৰু স্বৈৰাচাৰিতাৰ সৈতে এক প্ৰকাৰ আপোচ কৰাহে বুজায়। পুনৰজনম দৰ্শন আৰু কৰ্মদৰ্শন আদিয়ে সমাজক বিভিন্ন বৰ্ণত বিভক্ত কৰাৰ কামহে কৰিছে। এই দুয়োটা দৰ্শনে সমাজৰ সেইসকল দুখীয়া-দৰিদ্ৰ, অসুস্থ, অভাৱী তথা দুৰ্বল লোকৰ বিষয়ে এনেকুৱা ভুল ধাৰণা সৃষ্টি কৰিছে, যিসকলৰ হাতত কৰিবলৈ একো নাই। হিন্দু ধৰ্মই এইসকল লোকক সহায় কৰাতো দূৰৰ কথা, সিহঁতৰ প্ৰতি সহায়ৰ হাত আগবঢ়োৱাৰ সুযোগো নষ্ট কৰি পেলাইছে।

এই হিন্দু দৃষ্টিভংগীটো দৰাচলতে মানৱ স্বভাৱৰ পৰিপন্থী এটা দৃষ্টিভংগী। সেই দৃষ্টিভংগীৰ পৰিপন্থী, যি দৃষ্টিভংগীয়ে দুখীয়া-দৰিদ্ৰ, অভাৱী-আৰ্তজন, অসুস্থ তথা বেমাৰীসকলৰ প্ৰতি সহানুভূতিশীল হ'বলৈ উৎসাহিত কৰে, লগতে তেওঁলোকৰ প্ৰতি সেৱা আগবঢ়াবলৈ আৰু তেওঁলোকৰ দুখ-কষ্ট দূৰ কৰিবলৈ প্ৰয়াস কৰে তথা আনকো এই কৰ্তব্যৰ প্ৰতি উৎসাহিত কৰে।

মই এই কথাটো গম নাপাওঁ যে, হিন্দুসকলে সিহঁতৰ বেদত উল্লেখ থকা অন্তিম দিৱসৰ প্ৰতি বিশ্বাসৰ পৰা কেনেকৈ বহু দূৰলৈ আঁতৰি গ’ল? যিটো বিশ্বাসৰ পৰা মানৱ জীৱন সুচাৰুৰূপে পৰিচালিত হয়, আৰু পৃথিৱী সম্পৰ্কে নিজৰ ভাৱ-ধাৰা পৰিবৰ্তন হয়। এই বিশ্বাসৰ মূল উদ্দেশ্য হৈছে সেই অন্তিম দিৱসত আল্লাহৰ সন্মুখত থিয় হৈ মানুহে নিজৰ কৰ্মৰ হিচাপ দিব লাগিব। এইদৰে শিশু এটি যেতিয়া জন্ম লাভ কৰে তেতিয়া নিষ্পাপ হৈ জন্ম গ্ৰহণ কৰে, তাৰ ওপৰত কোনো পাপ নাথাকে। আনহাতে দুখীয়া-দৰিদ্ৰ অভাৱী লোকক সহায় কৰিলে সেই অন্তিম দিনত মানুহে আল্লাহৰ দৃষ্টিত উচ্চ মৰ্যাদা লাভ কৰিব।

গতিকে এতিয়া আপুনি নিজে ভাবি চাওক, কোনটো দৃষ্টিভংগী মানুহৰ বাবে অধিক উপযুগী তথা উপকাৰী আৰু মানুহৰ স্বাভাৱিক স্বভাৱৰ বেছি নিকটৱৰ্তী?

কৰ্ম দৰ্শন, নে বেদৰ ধৰ্মীয় বিশ্বাস?

ঋগবেদত আছে যে, "হে প্ৰভু! তুমিয়েই সৎ মানুহক সৰ্বোত্তম প্ৰতিদান দিয়া।" (৪৪)

(৪৪) ঋগবেদ; মণ্ডল: ১; সুক্ত: ১; মন্ত্ৰ: ৬. ঋগবেদত ইয়াৰ উপৰিও কোৱা হৈছে যে, "মোক সেই স্থানত অমৰ কৰি দিয়া, য'ত সকলো ধৰণৰ উপভোগ কৰিব পৰা উপকৰণ আৰু সকলো প্ৰকাৰ আনন্দ উপলব্ধ আছে, য'ত সেই সকলো বস্তু পোৱা যাব যিটো মনে বিচাৰে।" (৪৫) (৪৫) ঋগবেদ; মণ্ডল: ৯; সুক্ত: ১১৩; মন্ত্ৰ: ৯-১১।

এইটোৱেই হৈছে বৈদিক ধৰ্ম।

বেদৰ মতে জান্নাত বা স্বৰ্গ আছে, য'ত সৎ লোকসকলে সুখ-সুবিধাবোৰ উপভোগ কৰিব।

আৰু বেদৰ মতে শাস্তিও আছে, যিটো পাপীসকলৰ বাবে প্ৰস্তুত কৰা হৈছে।

ঋগবেদত আছেঃ "পাপীসকলৰ বাবে আছে এটা অতি গভীৰ ঠাই।" (৪৬)

(৪৬) ঋগবেদ; মণ্ডল: ৪; সুক্ত: ৫; মন্ত্ৰ: ৫.

এতিয়া আপুনিয়ে ভাবি চাওকচোন, পুনৰজনম বা কোনো এটা প্ৰাণে মানৱ শৰীৰ ত্যাগ কৰাৰ পিছত পুনৰ বেলেগ এটা শৰীৰ ধাৰণ কৰি উভতি অহাৰ পিছত, এইবোৰ স্থানৰ কিবা প্ৰয়োজন আছেনে?

কৰ্ম দৰ্শনত বিশ্বাস স্থাপন কৰাৰ পিছত পাপীসকলৰ বাবে প্ৰস্তুত কৰা গভীৰ স্থানটোৰ কিবা প্ৰয়োজন আছেনে?

এতেকে বুজা গ’ল যে, সামগ্ৰিকভাৱে কৰ্ম দৰ্শনটো হৈছে মানৱ ৰচিত, তথা বেদৰ মূল বিষয়াদিৰ পৰিপন্থী ভুল ধাৰণা।

সকলো নবীয়েই শেষ দিৱসৰ প্ৰতি, লগতে জান্নাত (স্বৰ্গ) আৰু জাহান্নামৰ (নৰকৰ) প্ৰতি বিশ্বাস কৰিছিল, লগতে এই বিশ্বাস পোষণ কৰিছিল যে, প্ৰতিজন মানুহেই নিষ্পাপ হৈ জন্ম গ্ৰহণ কৰে, তাৰ ওপৰত কোনো পাপ বা গুনাহৰ বোজা নাথাকে।

এইটোৱেই হৈছে সেই আক্বীদাহ বা ধৰ্ম বিশ্বাস, যিটো স্বাভাৱিক স্বভাৱৰ সৈতে একমত তথা সামঞ্জস্যপূৰ্ণ। পক্ষান্তৰে অন্যায়-অত্যাচাৰ, পিছপৰা, বৰ্ণবাদ আৰু স্বৈৰাচাৰিতাৰ বিপৰীত।

নবীসকলৰ ধৰ্মই মানুহক উন্নীত কৰাৰ প্ৰয়াস কৰে আৰু মানুহক সমান অধিকাৰ দিয়াৰ প্ৰতি আহ্বান জনায়।

ইছলামৰ দৃষ্টিত মানুহক তেওঁৰ বৰ্ণ অনুসাৰে মৰ্যাদা দিয়া নহয়, এইদৰে আকাৰ-আকৃতি, স্বাস্থ্য বা আৰ্থিক অৱস্থাৰ ওপৰত ভিত্তি কৰিও মৰ্যাদা দিয়া নহয়, বৰং মানুহক তেওঁৰ সৎকৰ্ম অনুসৰিহে মৰ্যাদা দিয়া হয়।

ইছলামে বংশ আৰু সামাজিক পদবীক উপেক্ষা কৰি, সকলোৰে উন্নতি বিচাৰে।

ইছলামে অস্পৃশ্যৰ ধাৰণা আৰু বৰ্ণবাদী কুসংস্কাৰক কঠোৰভাৱে নাকচ কৰে।

মহা আল্লাহে পৱিত্ৰ কোৰআনত কৈছে:

হে মানৱ সম্প্ৰদায়! নিশ্চয় আমি তোমালোকক এজন পুৰুষ আৰু এজনী নাৰীৰ পৰা সৃষ্টি কৰিছোঁ, আৰু তোমালোকক বিভক্ত কৰিছোঁ বিভিন্ন জাতি আৰু গোত্ৰত, যাতে তোমালোকে এজনে আনজনৰ লগত পৰিচিত হ’ব পাৰা। তোমালোকৰ মাজত আল্লাহৰ ওচৰত কেৱল সেই ব্যক্তিয়েই বেছি মৰ্যাদাশীল যিজন তোমালোকৰ মাজত বেছি তাক্বৱাসম্পন্ন। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সম্যক অৱহিত। (ছুৰা আল-হুজুৰাতঃ ১৩) আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

“যিয়ে কৰ্মৰ ফলত পিছ পৰিব, তাৰ বংশ পৰিচয়ে তাক কেতিয়াও আগুৱাই লৈ যাব নোৱাৰে।” (৪৭)

(৪৭) ছহীহ মুছলিম (হাদীছ নং ২৬৯৯) ৷

তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ

"এনেকুৱা যেন নহয় যে, মানুহে মোৰ ওচৰলৈ নিজৰ সৎকৰ্ম লৈ আহিব আৰু তুমি মোৰ ওচৰলৈ নিজৰ বংশ পৰিচয় লৈ আহিবা।" (৪৮)

(৪৮) আল ওৱাদিয়ীয়ে ছহীহ আল-মুছনাদত হাদীছটোক হাছান বুলি কৈছে, হাদীছ নং (১৪২৬)৷

এতেকে ইছলামত বংশৰ কোনো বিশেষ মৰ্যাদা নাই তথা মূল্য নাই।

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ

"হে মানৱ! নিশ্চয় তোমালোকৰ প্ৰতিপালক এজন আৰু তোমালোকৰ আদি পিতাও এজনেই। শুনা! তাক্বৱা অবিহনে কোনো অনাৰবীয়ৰ ওপৰত আৰবীয়ানৰ, আৰু কোনো নিগ্ৰোৰ ওপৰত বগা মানুহৰ, আৰু বগা মানুহৰ ওপৰত কোনো নিগ্ৰো মানুহৰ প্ৰাধান্যতা নাই, প্ৰাধান্যতা একমাত্ৰ তাক্বৱা অনুসৰিহে।" (৪৯) আন এটা হাদীছত কৈছে:

"তোমালোকে দুৰ্বলসকলক সন্ধান কৰি মোৰ ওচৰলৈ আনা, কিয়নো সেই দুৰ্বল আৰু অভাৱী লোকৰ কাৰণেই তোমালোকে জীৱিকা আৰু সহায় লাভ কৰি আছা।" (৫০)

(৪৯) ইয়াক বাইহাকীয়ে শ্বুআবুল ঈমানত বর্ণনা কৰিছে, আৰু হাদীছটো ছহীহ। চাওক আছ-ছিলছিলাহ আচ-ছাহীহা হাদীছ নং (২৭০০)

(৫০) ছুনান আবু দাউদ, তিৰমিজী। ছহীহ আল-জামে গ্ৰন্থত শ্বাইখ আলবানীয়ে ছহীহ বুলি কৈছে, লগতে চাওক ছহীহ আবু দাউদ হাদীছ নং (২৫৯৪)।

গতিকে, এফালে আপুনি এই বাণীটোৰ প্ৰতি মন কৰক, য'ত কোৱা হৈছে "তোমালোকে দুৰ্বলসকলক সন্ধান কৰি মোৰ ওচৰলৈ আনা, কিয়নো সেই দুৰ্বল আৰু অভাৱী লোকৰ কাৰণেই তোমালোকে জীৱিকা আৰু সহায় লাভ কৰা।" আনহাতে দুৰ্বল আৰু অভাৱীসকলৰ প্ৰতি হিন্দুসকলৰ দৃষ্টিকোণ কি সেইফালে চাওক, আকাশ পাতাল পাৰ্থক্য নহয়নে?

দুখীয়া, দুৰ্বল, সহজ-সৰল আৰু নিৰ্বোধ লোকসকলৰ প্ৰতি মানুহৰ অন্তৰত সহানুভূতি উদ্ভৱ হোৱাটোৱে হৈছে মানৱ অন্তৰৰ স্বাভাৱিক অৱস্থা। কিন্তু আধুনিক হিন্দু ধৰ্মই এই স্বাভাৱিক স্বভাৱৰ বিৰোধিতা কৰাটো হৈছে এটা বাস্তৱ সমস্যা।

১১) হিন্দুসকলে সঁচাকৈয়ে গৰুক পৱিত্ৰ বুলি ভাবে নেকি?

গৰু এক প্ৰকাৰ লাভৰ উৎস হোৱাৰ কাৰণে হিন্দু ধৰ্মত ইয়াৰ এটা বিশেষ পৱিত্ৰ স্থান আছে। ইয়াৰ বাহিৰেও আৰু এটা বিষয় আছে, সেয়া হৈছে আধুনিক হিন্দুসকলৰ এটা ভুল ধাৰণা মতে, ঈশ্বৰ অন্যান্য সৃষ্টিৰ লগতে গৰুৰ মাজতো বাস কৰে। এই ভ্ৰান্ত ধাৰণাটোক অহদাতুল উজুদ বা সৰ্বেশ্বৰবাদ বুলি কোৱা হয়। গতিকে হিন্দু ধৰ্মত গৰুক কেইবাটাও প্ৰকাৰে সন্মান কৰা হয়।

ভাৰতৰ বিভিন্ন প্ৰান্তত প্ৰায়ে গৰুৰ বাবে বিশেষ সমাৰোহ উৎযাপন কৰা হয়। (৫১)

(৫১) পৱিত্ৰ গৰুৰ কথা, লেখকঃ দ্বিজেন্দ্ৰ নাৰায়ণ

ইয়াৰ বিপৰীতে বেদসমূহত উল্লেখ আছে যে, প্ৰকৃত ঈশ্বৰ সকলো প্ৰকাৰ দোষ-ত্ৰুটিৰ পৰা পৱিত্ৰ আৰু সকলো সৃষ্টিতকৈ উচ্চ তথা মহান।

এতেকে ঋগবেদত কোৱা হৈছে যে, "ময়েই প্ৰকৃত ঈশ্বৰ, প্ৰতিটো বস্তুৰ আগৰ পৰাই মই উপস্থিত আছোঁ। সমগ্ৰ বিশ্বজগতৰ ময়েই মালিক, ময়েই প্ৰকৃত অনুগ্ৰহ প্ৰদানকাৰী আৰু সকলো প্ৰকাৰ নিয়ামত মোৰেই অধীনস্থ। গতিকে সকলো প্ৰাণীয়েই সহায়ৰ বাবে একমাত্ৰ মোকেই আহ্বান কৰা উচিত।" (৫২)

(৫৩) ঋগবেদ; মণ্ডল: ১০; সুক্তঃ ৪৮; মন্ত্ৰ: ১.

সূৰ্য্যৰ পোহৰৰ দৰে স্পষ্ট এই তথ্যই সৰ্বেশ্বৰবাদৰ উক্ত ধাৰণাক খণ্ডন কৰে। এই তথ্য মতে প্ৰকৃত ঈশ্বৰে এই বিশ্বজগতক সৃষ্টি কৰিছে আৰু তেওঁ সৃষ্টিজগতৰ পৰা সম্পূৰ্ণৰূপে পৃথক।

লগতে উক্ত তথ্যই এই কথাও সতৰ্ক কৰিছে যে, পাৰ্থিৱ জগতৰ কোনো বস্তুক পৱিত্ৰ বুলি ভবা অথবা কোনো সৃষ্টিৰ ওচৰত সহায় প্ৰাৰ্থনা কৰাটো কেতিয়াও উচিত নহয়। গতিকে প্ৰকৃত ঈশ্বৰৰ বাহিৰে আন কাৰো ওচৰতেই সহায় প্ৰাৰ্থনা কৰিব নালাগে, তেৱেঁই গৰুৰ সৃষ্টিকৰ্তা আৰু তেৱেঁই সকলোৰে স্ৰষ্টা।

কেৱল সৰ্বশক্তিমান আল্লাহৰ ওচৰত বশ্যতা স্বীকাৰ কৰাটোৱে হৈছে ইছলামী আক্বীদাৰ মৌলিক বিষয়।

ইছলামৰ মতে গৰু আৰু আমাৰ চৌপাশৰ সকলো বস্তুকেই আমাৰ সেৱাৰ বাবে নিয়োজিত কৰা হৈছে- সৰ্বশক্তিমান আল্লাহে তেওঁৰ অনুগ্ৰহত এইবোৰ সৃষ্টি কৰিছে। মহান আল্লাহে পৱিত্ৰ কোৰআনত কৈছে:

আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে, সেই সকলোবোৰক তেৱেঁই তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে। নিশ্চয় ইয়াত বহুতো নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে যিসকলে চিন্তা-চৰ্চা, গৱেষণা কৰে।

(ছুৰা আল-জাছিয়াঃ ১৩)

এইটোৱেই হৈছে ইছলামৰ আক্বীদাহ বা ধৰ্ম বিশ্বাস, আৰু এইটোৱেই মানুহৰ জন্মগত স্বাভাৱিক স্বভাৱ। হিন্দুসকলে যদি বেদত থকা একেশ্বৰবাদ আৰু আল্লাহৰ প্ৰতি আত্মসমৰ্পনৰ দিশলৈ উভতি আহিব বিচাৰে তেন্তে তেওঁলোকে ইছলামক আকোঁৱালি লব লাগিব। বেদত থকা প্ৰতিটো সত্য কথাকেই ইছলামে স্পষ্টৰূপে দাঙি ধৰিছে, লগতে মানৱজাতিৰ সকলো দোষ-ত্ৰুটি সংশোধন কৰাৰ পথ প্ৰশস্ত কৰিছে। এইদৰে আল্লাহে পূৰ্বৱৰ্তী সময়ত যিবোৰ অহী অৱতীৰ্ণ কৰিছিল, সেইবোৰক যিসকলে পৰিবৰ্তন আৰু পৰিবৰ্ধন কৰিছিল সেই সকলোবোৰক নিপুনতাৰে আঁতৰাইছে। ১২) কিন্তু হিন্দু ধৰ্মত আত্মশুদ্ধি আৰু পাপকৰ্মৰ পৰা আঁতৰি থাকিবলৈও বহুতো শিক্ষা তথা নীতি-নিয়ম আছে। এইটো এটা সুকীয়া বৈশিষ্ট্য নহয়নে? মই ইতিপূৰ্বে হিন্দু ধৰ্মত থকা অত্যধিক কঠোৰতাৰ কথাবোৰ উল্লেখ কৰিছোঁ। কিন্তু ইয়াত মই যিটো ক’ব বিচাৰিছোঁ সেয়া হৈছে, পাপকৰ্মৰ পৰা বিৰত থকাৰ সচেতনতা আৰু অন্তৰাত্মাত সৃষ্টি হোৱা অনুতপ্ত আদি দৰাচলতে ঈশ্বৰীয় আদেশৰ সৈতে সম্পৃক্ত প্ৰাকৃতিক বিষয়।

যিহেতু আমি ঈশ্বৰীয় নীতি-নিয়ম মানি চলোঁ বা চৰীয়তৰ অধীনত থাকোঁ, সেইকাৰণে আমি কোনো চৰীয়ত বিৰোধী কাম কৰিলে অন্তৰাত্মাৰ ভৰ্ৎসনা অনুভৱ কৰিবলৈ পাওঁ।

এইটোৱেই হৈছে ফিতৰত বা জন্মগত স্বাভাৱিক স্বভাৱ। মহান আল্লাহে পৱিত্ৰ কোৰআনত কৈছে: {এইটোৱেই আল্লাহৰ ফিতৰত (স্বাভাৱিক ৰীতি বা দ্বীনে ইছলাম) যাৰ ওপৰত তেওঁ মানুহক সৃষ্টি কৰিছে।} [ ছুৰা আৰ-ৰুম : ৩০] এই ফিতৰত বা স্বাভাৱিক স্বভাৱৰ সন্মুখত মানুহে যেতিয়াই সত্যৰ বিৰুদ্ধাচৰণ কৰে তেতিয়াই অন্তৰাত্মাৰ ভৰ্ৎসনা অনুভৱ কৰে। সৰ্বশক্তিমান মহান আল্লাহে তেওঁৰ অন্তিম বাৰ্তা (তথা ধৰ্ম) ইছলামত এই নিৰ্দেশনা দিছে যে, কল্যাণ তথা সত্যৰ মূল্যবোধত কিবা উলংঘা হ’লে তাওবা তথা ক্ষমা প্ৰাৰ্থনাৰ উপায় আছে। ইয়াৰ লগতে এই নিৰ্দেশও দিছে যে, যদি কাৰোবাৰ অধিকাৰ খৰ্ব কৰা হৈছে তেন্তে তাক তাৰ প্ৰাপ্য অধিকাৰ ওভোতাই দিয়া উচিত। ইয়াৰ ফলত আল্লাহে তাৰ গুনাহ ক্ষমা কৰি দিব। আনহাতে হিন্দু ধৰ্মত পাপকৰ্মৰ প্ৰায়শ্চিত্তৰ বাবে আমি নতুন এটা পদ্ধতি দেখিবলৈ পাওঁ। সেয়া হৈছে নিজৰ বাবে অতি কঠিন পথ অৱলম্বন কৰা, বিভিন্ন ধৰণৰ যজ্ঞ কৰা, পৰিপূৰ্ণ মৌন সাধনা কৰা ইত্যাদি। ১৩) কিন্তু হিন্দু ধৰ্মত থকা মৌন সাধনা আৰু ধ্যান আদি ভাল কথা হয়নে? হিন্দু ধৰ্মত ধ্যান কাৰ্যৰ উদ্ভৱ প্ৰাণ দৰ্শনৰ মাধ্যমত তথা যোগ আসনৰ দ্বাৰা পৰৱৱৰ্তী সময়ত অৰ্জন হৈছে। এইটো প্ৰকৃততে আল্লাহৰ সৃষ্টিকলৈ চিন্তা-চৰ্চা তথা ইয়াৰ ৰহস্য সম্পৰ্কে গৱেষণা কৰাৰ বাবে নাছিল আৰু তেওঁৰ অদ্ভুত ৰচনা তথা বিভিন্ন প্ৰকাৰৰ নিয়ামত সম্পৰ্কে চিন্তা গৱেষণা কৰাৰ বাবেও নাছিল। প্ৰকৃততে তেওঁলোকৰ মতে পূৰ্ণ শান্তি অৰ্জন কৰিবলৈ আৰু মনক সকলো প্ৰকাৰ চিন্তা-ভাৱনাৰ পৰা মুক্ত কৰিবলৈ এইটো কৰা হৈছে। এই যোগ আসনৰ সময়ত দৰাচলতে পৰিপূৰ্ণ নিৰৱতা অৱলম্বন কৰিব লাগে, মৃত ব্যক্তিৰ দৰে সকলো প্ৰকাৰ চিন্তা-ভাৱনাৰ পৰা মুক্ত হৈ সম্পূৰ্ণ নিস্তব্ধ হ’ব লাগে।

এইবোৰ অদ্ভুত মৌন যোগাসন মূলতে বেদৰ পৰৱৰ্তী সময়ছোৱাতহে আৰম্ভ হৈছে। এনেকুৱা যোগ আসনে সিহঁতৰ চিন্তাধাৰাক প্ৰভাৱিত কৰিছে আৰু ইয়াৰ ফলত সিহঁতৰ মনলৈ বিভিন্ন ধৰণৰ ভ্ৰম আৰু কল্পনা আহিবলৈ ধৰিছে, আনকি চয়তানে সিহঁতৰ বোধশক্তিকলৈও খেলা আৰম্ভ কৰিছে।

সেই যোগ আসন কৰা লোকসকলৰ কিছুমানে ধাৰণা কৰে যে, সিহঁতে জ্ঞান লাভ কৰিছে। অথচ সিহঁতৰ মনত এনেকুৱা ভ্ৰান্ত ধাৰণাবোৰ ভোকে-লঘোনে থকাৰ কাৰণে আৰু সম্পূৰ্ণ স্থিৰতা অৱলম্বন কৰাৰ কাৰণে মস্তিষ্কত আয়নৰ অসন্তোলন হোৱাৰ ফলত আহে। এই বিষয়টো ইতিপূৰ্বে মই স্পষ্ট কৰিছোঁ। (৫৩)

[৫৩] https://www.ncbi.nlm.nih.gov/pubmed/8931651

সম্পূৰ্ণ স্থিৰতাৰ সৈতে দীৰ্ঘ সময়লৈকে খোৱা-বোৱা নকৰাকৈ এনেকৈ ধ্যানত বহি থকাৰ ফলত ভ্ৰান্ত ধাৰণাবোৰ মনলৈ আহে। বিশ্বৰ অন্যতম বিখ্যাত static contemplation schoolsৰ প্ৰতিষ্ঠাপক মিকাও উছুইয়ে এই কথা স্বীকাৰ কৰিছে।

তেওঁ উল্লেখ কৰিছে যে, তেওঁ দীৰ্ঘ সময়লৈকে খোৱা-বোৱা নকৰাকৈ তথা বঞ্চিত থকাৰ ফলত চেতনা হেৰুৱাবলৈ ধৰিছিল আৰু মতিভ্ৰমৰ স্বীকাৰ হৈছিল। ইয়াৰ পিছত তেওঁৰ মনলৈ বিভিন্ন প্ৰকাৰৰ চিন্তা-ধাৰণা আহিবলৈ ধৰিছিল। (৫৪)

(৫৪) ৰেইকী ফৰ বিগেনাৰ্ছ, লেখকঃ ডেভিদ এফ ভেনেলছ (পৃষ্ঠা ৩০-৩৫) ; ড° হাইফা' বিন্তে নাছিৰ আৰ-ৰাশ্বীদৰ "আত-তাতবিকাত আল-মু'আছাৰাহ লি ফালছাফাতিল ইস্তিশ্বফা আশ্ব-শ্বাৰক্বিয়্যাহ" গ্ৰন্থৰ পৰা সংগৃহীত।

মনোবিজ্ঞানী ড’নভান ৰ’ক্লিফে এক সুকীয়া গৱেষণাত কৈছে যে, এইবোৰ সাধনাৰ ফলত সৃষ্টি হোৱা চিন্তা-ধাৰা আৰু মতিভ্ৰমৰ পৰা উদ্ভৱ হোৱা চিন্তাধাৰাৰ মাজত কোনো পাৰ্থক্য নাই। (৫৫)

(৫৫) ৰ'ক্লিফ, ড'নভান, (১৯৮৮), অকল্ট এণ্ড ছুপাৰনেচাৰেল ফেন'মেনা, ড'ভাৰ পাব্লিকেচন্স (পৃষ্ঠা ১২৩) ।

ইয়াৰ উপৰিও অধিকাংশ যোগাসনেই হৈছে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। দীৰ্ঘদিন ইয়াৰ প্ৰতি অনুশীলন কৰিলে দুশ্চিন্তা, বিভ্ৰান্তি, স্থান আৰু সময়ৰ প্ৰতি অনুভৱ হেৰাই যায়। যাৰ ফলত স্মৃতিশক্তি দুৰ্বল হৈ পৰে আৰু এলঝেইমাৰ ৰোগ ত্বৰান্বিত হয়। (৫৬)

(৫৬) An introduction to complementary medicine, চাইমন বৰ্গ অলিভিয়াৰ (পৃষ্ঠা ২৯০) ; ড° হাইফা’ বিন্তে নাছিৰ আৰ-ৰাশ্বীদৰ “হাৰকাতুল আচৰিল জাদীদ” গ্ৰন্থৰ পৰা গৃহীত। এইবোৰ প্ৰথাৰ কাৰণেই হিন্দু ধৰ্মই বেদ আৰু নবীসকলৰ শিক্ষাৰ পৰা বহু দূৰলৈ আঁতৰি গৈছে। আনহাতে ইছলামে আল্লাহৰ মখলুক সম্পৰ্কে (সৃষ্টিৰ বিষয়ে) চিন্তা-চৰ্চা আৰু গৱেষণা কৰিবলৈ আহ্বান জনাইছে। এইটো এনেকুৱা চিন্তা-চৰ্চা যি চিন্তা-চৰ্চাই মানুহক আমল, আজ্ঞাবহতা আৰু কৃতজ্ঞতাৰ প্ৰতি উৎসাহিত কৰে, আৰু জীৱন যাপনৰ ক্ষেত্ৰত পৰিশ্ৰমী হ’বলৈ শিকায়। এইটো এনেকুৱা চিন্তা-চৰ্চা নহয়, যি চিন্তাই মানুহৰ বোধশক্তি নিস্তব্ধ কৰি দিয়ে।

এতেকে প্ৰকৃত চিন্তা-চৰ্চা হৈছে সেইটো, যি চিন্তা-চৰ্চাই সৰ্বশক্তিমান আল্লাহৰ আনুগত্য কৰিবলৈ উৎসাহিত কৰে, তথা যি চেতনাই মানুহক তেওঁৰ ওচৰলৈ উভতি আহিবলৈ অৰিহণা যোগায়। {“যিসকলে থিয় হৈ, বহি আৰু শুই শুই আল্লাহক স্মৰণ কৰে আৰু আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টি সম্পৰ্কে চিন্তা কৰে, লগতে কয়, ‘হে আমাৰ প্ৰতিপালক! তুমি এইবোৰ অনৰ্থক সৃষ্টি কৰা নাই, তুমি অত্যন্ত পৱিত্ৰ, এতেকে তুমি আমাক জুইৰ শাস্তিৰ পৰা ৰক্ষা কৰা”।} [ ছুৰা আলে ইমৰাণ: ১৯১]

এইটোৱেই হৈছে ইছলামে লৈ অহা চিন্তাধাৰা, যিটো চিন্তাধাৰা মানৱ প্ৰকৃতিৰ অনুকূল। ইয়াৰ ফলত মানুহে নিজৰ চাৰিওফালে আগুৰি থকা আল্লাহৰ নিয়ামতবোৰৰ বিষয়ে চিন্তা-চৰ্চা কৰি তেওঁৰ কৃতজ্ঞতা প্ৰকাশ কৰাৰ সুবিধা লাভ কৰে।

বৰ্তমানৰ হিন্দু ধৰ্মত থকা মৌন সাধনা তথা ধ্যান আসনটোক এক কথাত ক’বলৈ গ’লে এইটো হৈছে চয়তানৰ স্থল, য’ত চয়তানে মৌন আসন তথা ধ্যান আসনত বহা লোকক সহায় কৰি সিহঁতৰ মনত কিছুমান কুমন্ত্ৰণা বা তথাকথিত ৰহস্য উদঘাটন কৰাৰ সুযোগ কৰি দিয়ে। এইবোৰ আসনৰ জৰিয়তেই সিহঁতে আৱাগমন বা জন্মচক্ৰ তথা পুনৰজনম আৰু সৰ্বেশ্বৰবাদী চিন্তাধাৰা বা মূৰ্তিবোৰৰ মাজতো ঈশ্বৰ থকা বুলি ধাৰণা আদি লাভ কৰে। ঋষি-মুণিসকলে সেইবোৰ ধাৰণাকে নিজৰ অনুসাৰীসকলৰ মাজত প্ৰচাৰ কৰে। ফলত নিজেও পথভ্ৰষ্ট হয় আৰু আনকো পথভ্ৰষ্ট কৰে।

১৪) আধুনিক হিন্দু ধৰ্মত (হিন্দু সন্যাসীসকলে যিদৰে) ঘৰ-পৰিয়াল ত্যাগ কৰি পাহাৰ-পৰ্বত আৰু হাবি জঙ্গলত থিতাপি লয়, ইয়াৰ ক্ষতিকৰ দিশসমূহ কি কি?

হিন্দু ধৰ্মই প্ৰবৃত্তি তথা কামনা-বাসনাৰ বিৰুদ্ধে দিয়া যুঁজটো দৰাচলতে সিহঁতক পৰিশোধন কৰাৰ উদ্দেশ্য নহয়, যিদৰে ইছলামত বিধি-বিধান মানি কামনা-বাসনাৰ বিৰুদ্ধে যুঁজ দিব লাগে। বৰং ইয়াৰ দ্বাৰা সিহঁতে তপস্যা আৰু সাধনাৰ পথহে বাচি লয়। গতিকে এই কথা সত্য যে, বৰ্তমানৰ হিন্দু ধৰ্মই মানুহক বৈৰাগ্যবাদৰ প্ৰতি আত্মজাহ দিবলৈ টানি নিয়ে।

কিয়নো হিন্দু ধৰ্মৰ মতে, কামনা-বাসনাক প্ৰশমিত কৰিবলৈ হ'লে শৰীৰক পাহৰিব লাগিব।

সেইকাৰণেই মোক্ষ প্ৰাপ্ত কৰিব বিচৰা হিন্দু এজন অৰণ্যলৈ গুচি যায়, যাতে তেওঁৰ শৰীৰ পচি যায় আৰু তেওঁ জীৱনৰ বাকী সময়খিনি ভিক্ষাৰী হিচাপে কটাব পাৰে।

এইটো এটা বিনাশকাৰী পদক্ষেপ, যি পদক্ষেপে ব্যক্তি, পৰিয়াল আৰু সমাজক ধ্বংস কৰি পেলায়।

দৰাচলতে কামনা-বাসনা হৈছে আল্লাহৰ এটা আশীৰ্বাদ, এইটো এইকাৰণে প্ৰদান কৰিছে যাতে ইয়াৰ দ্বাৰা পৰিয়াল আৰু সমাজ গঠন হয়, লগতে মানুহে জীৱন-যাপনৰ বাবে পৰিশ্ৰম আৰু অধ্যাৱসায়ত ব্ৰতী থাকিব পাৰে।

নিজক সংশোধন কৰাৰ বাবে প্ৰবৃত্তিক দমন কৰিব লাগিব তথা ফিতৰত বা প্ৰাকৃতিক স্বভাৱ অনুসৰি ইয়াক গঢ়ি তুলিব লাগিব। শৰীৰক ধ্বংস কৰি নহয়।

এইটো কোনে কৈছে যে, আমাৰ অস্তিত্বৰ উদ্দেশ্য হৈছে এসাঁজ ভিক্ষা খুজি খাই ওৰে দিনটো হাবি জংগল আৰু পাহাৰত কটাব লাগে? আৰু মৃত্যুৰ আগমূহুৰ্তলৈকে এনেকৈ জীৱন-যাপন কৰিব লাগে।

কোনে কৈছে যে, আমি পৃথিৱীলৈ এইকাৰণে আহিছোঁ যে, গেৰুৱা কাপোৰ পিন্ধি মৃত্যু নহালৈকে পাৰ্থিৱ জীৱনৰ সম্পৰ্ক ত্যাগ কৰি চলিব লাগিব?

সৰু সৰু কীট পতঙ্গও জীৱনৰ উদ্দেশ্য, পৃথিৱীত বিভিন্ন প্ৰকাৰৰ নিৰ্মাণ তথা জনবসতি স্থাপন আৰু জীৱনৰ সদ্ব্যৱহাৰ সম্পৰ্কে আমাতকৈ অধিক সচেতন। আপুনি মৌমাখিৰ প্ৰতিয়ে মন কৰকচোন, সিহঁতে নিজৰ বাবে আৰু নিজৰ পোৱালীবোৰৰ বাবে কেনেকৈ পৰিশ্ৰম কৰে আৰু শৃংখলাবদ্ধভাৱে কাম কৰে। আনকি পেটৰ নাৰি-ভুৰুত থকা সুক্ষ্ম বেক্টেৰিয়াবোৰেও এনেকৈ শৃংখলাবদ্ধভাৱে কাম কৰে, যাৰ ফলত নিজেই উপকৃত হয় আৰু আনৰো উপকাৰ কৰে।

সামগ্ৰিকভাৱে জীৱনে কিছুমান নিয়ম আৰু ব্যৱস্থা অনুসৰিহে কাম কৰে।

আধুনিক হিন্দু ধৰ্মই অলসতা, গাফিলতি আৰু ভিক্ষাবৃত্তিৰ প্ৰতি আহ্বান জনায়। ফলত হিন্দু ধৰ্মত ভিক্ষা খুজি খোৱাটো এটা জীৱন পদ্ধতিত পৰিণত হৈছে।

ইয়াত প্ৰশ্ন হয় যে, এজন হিন্দু মানুহ, জনমানসৰ পৰা বিচ্ছিন্ন হৈ পাহাৰ-পৰ্বত তথা নিৰ্জন অঞ্চলত আশ্ৰয় লোৱাৰ অৰ্থ কি? ইয়াৰ দ্বাৰা মানুহৰ লাভ কি?

প্ৰকৃত ধৰ্ম আৰু জীৱন-যাপনৰ সঠিক পদ্ধতি হৈছে পৰিশ্ৰম কৰা, শুভচিন্তা কৰা, মানুহৰ সৈতে মিলাপ্ৰীতিৰে বসবাস কৰা, সিহঁতৰ দোষ-ত্ৰুটিবোৰ সংশোধন কৰা, লগতে মানুহৰ ফালৰ পৰা দিয়া কষ্টত ধৈৰ্য্য ধাৰণ কৰা। আনহাতে এইবোৰৰ পৰা বিচ্ছিন্ন হৈ বিভিন্ন উপত্যকা আৰু নিৰ্জন অঞ্চললৈ পলায়ন কৰাটো কেতিয়াও সঠিক জীৱন হ’ব নোৱাৰে।

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, "যিজন মুছলমানে মানুহৰ মাজত মিলাপ্ৰীতিৰে বাস কৰে আৰু সিহঁতৰ ফালৰ পৰা দিয়া কষ্টত ধৈৰ্য্য ধাৰণ কৰে; তেওঁ সেইজন মুছলিমতকৈ উত্তম, যিয়ে মানুহৰ মাজত মিলাপ্ৰীতিৰে বাস নকৰে আৰু সিহঁতে দিয়া কষ্টত ধৈৰ্য্য ধাৰণ নকৰে।" (৫৭)

(৫৭) ছহীহ ছুনান আত-তিৰমিজী (হাদীছ নং ২৫০৭) ১৫) কামনা-বাসনাক প্ৰতিহত কৰা আৰু পাপকৰ্মৰ পৰা মুক্তি পোৱাৰ উত্তম উপায় কি? মানুহৰ মাজত কামনা-বাসনা থকাটো এটা স্বাভাৱিক বিষয় আৰু এইটো চৰীয়তি বিধি-বিধানৰো অন্তৰ্ভুক্ত। সেয়ে এজন মুছলিমে আল্লাহৰ আদেশ অনুসাৰে ইয়াক সদ্ব্যৱহাৰ কৰে।

এতেকে চৰীয়তে সঠিক বিবাহৰ ব্যৱস্থা ৰাখিছে, দৃষ্টি সংযত ৰাখিবলৈ কৈছে, প্ৰকাশ্য-অপ্ৰকাশ্য সকলো অৱস্থাতে আল্লাহৰ তাক্বৱা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিছে, লগতে পাপকৰ্মত লিপ্ত হ’লে শাস্তি হ’ব বুলি সতৰ্কবাণী প্ৰদান কৰিছে। ইয়াৰ পিছতো যদি কিবা কাৰণত গুনাহ হয়, তেন্তে তাওবাৰ দুৱাৰ খোলা ৰাখিছে। কিন্তু হিন্দু ধৰ্মত আমি দেখিবলৈ পাওঁ যে, যেতিয়া কোনো ব্যক্তিয়ে মোক্ষত উপনীত হ’ব বিচাৰে তেতিয়া তেওঁ পত্নী, সন্তান, চাকৰি-বাকৰি সকলো এৰি যাযাবৰী জীৱন কটাবলৈ ওলাই পৰে, য’তে ত’তে শুই থাকে, ভিক্ষা খুজি আহাৰ কৰে, আৰু মৃত্যু পৰ্যন্ত এইদৰেই তপস্যাৰ পথত নিজকে ধ্বংস কৰে। আত্মশুদ্ধিৰ বাবে এইটো পদ্ধতি উপযুক্তনে?

হিন্দু সাধু-সন্ন্যাসীসকলৰ সংখ্যা আজি ভাৰতত প্ৰায় ৫০ লাখতকৈও অধিক; তেওঁলোকে কেৱল নিজৰ অধীনস্থ লোকসকলৰ ভৰণ-পোষণৰ ক্ষেত্ৰত অৱহেলা কৰাই নহয়, বৰং তেওঁলোক নিজেই আহাৰ আৰু অন্যান্য নিত্য প্ৰয়োজনীয় ক্ষেত্ৰত আনৰ ওপৰত নিৰ্ভৰশীল হৈ জীৱন কটায়। নিশ্চিতভাৱে ইছলামে মানুহৰ আত্মাক উত্তম আৰু বুদ্ধিমান পদ্ধতিৰে পৰিশোধন কৰিছে। ইছলামে অধীনস্থ লোকসকলৰ অধিকাৰ খৰ্ব কৰাটোক হাৰাম বুলি ঘোষণা কৰিছে। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "মানুহ এজন পাপিষ্ট হ’বলৈ এইখিনিয়ে যথেষ্ট যে, সি নিজৰ অধীনস্থ লোকসকলৰ অধিকাৰ খৰ্ব কৰে।" (৫৮)

(৫৮) ছহীহ ছুনান আবু দাউদ (হাদীছ নং ১৬৯২)৷ হাদীছৰ মান ছহীহ।

তদুপৰি ইছলামে এইটোও নিৰ্ধাৰণ কৰিছে যে, আত্ম সংশোধন তথা আত্ম অনুশাসন সৎকৰ্মৰ জৰিয়তেহে হ'ব লাগে, লগতে সংসাৰ ত্যাগ নকৰাকৈ কামনা-বাসনাক উপযুক্ত উপায়েৰে ব্যৱহাৰ কৰি আত্মশুদ্ধি কৰিব লাগে। ইছলামৰ দৃষ্টিত ব্যক্তি এজনে সমাজত বসবাস কৰি তথা সমাজ গঢ়াত অংশ লৈও আল্লাহৰ ওচৰত মুক্তি পাব পাৰে। ইয়াৰ বাবে হিন্দু ধৰ্মৰ দৰে সকলো এৰি তপস্যা তথা সাধনাৰ বাবে গুচি যোৱাৰ প্ৰয়োজন নাই।

আল্লাহে কৈছে:

আৰু যিয়ে তাৰ প্ৰতিপালকৰ সন্মুখত থিয় হ’বলৈ ভয় কৰে আৰু কুপ্ৰবৃত্তিৰ পৰা নিজকে বিৰত ৰাখে, নিশ্চয় জান্নাতেই হ’ব তাৰ আবাসস্থল। (ছুৰা আন-নাঝিআতঃ ৪০-৪১)

আল্লাহৰ ভয় আৰু সৎকৰ্মই হৈছে জান্নাতৰ পথ, যদিও আপুনি কোনো সুউচ্চ অট্টালিকাত বসবাস কৰি আছে।

আত্মশুদ্ধি বা নিজকে সংশোধন কৰিবলৈ শৰীৰ জ্বলোৱাৰ প্ৰয়োজন নাই। সৰ্বশক্তিমান আল্লাহে কৈছে: কিন্তু সি দুৰ্গম গিৰিপথত প্ৰৱেশ কৰা নাই।

আৰু তোমাক কিহে জনাব যে, দুৰ্গম গিৰিপথ কি?

সেইটো হৈছে, দাসমুক্তি।

অথবা দুৰ্ভিক্ষৰ দিনত খাদ্যদান কৰা,

নিকটাত্মীয় এতীমক,

অথবা দৰিদ্ৰ-নিষ্পেষিত অভাৱগ্ৰস্তক,

তাৰ পিছত সি এনেলোকৰ অন্তৰ্ভুক্ত হৈ যায় যিসকলে ঈমান আনিছে আৰু পৰস্পৰক ধৈৰ্য্য ধাৰণ কৰিবলৈ উপদেশ দিছে আৰু উপদেশ দিছে পৰস্পৰক দয়া-অনুগ্ৰহ কৰিবলৈ;

এওঁলোকেই হৈছে সৌভাগ্যশালী।

(ছুৰা বালাদঃ ১১-১৮) এই আয়াত অনুসৰি জান্নাত লাভ কৰিবলৈ হ’লে দাস মুক্ত কৰিব লাগিব, দুখীয়াক আহাৰ খুৱাব লাগিব, সৎকৰ্ম কৰিব লাগিব আৰু মানুহক সৎকৰ্ম কৰিবলৈ উপদেশ দিব লাগিব। এইটোৱে হৈছে মুক্তিৰ পথ।

ইয়াৰ বাবে গোটেই জীৱন নিজ পৰিয়ালৰ পৰা আঁতৰি থাকি ভিক্ষা মাগি খোৱাৰ প্ৰয়োজন নাই।

১৬) ইছলামে হিন্দু ধৰ্মক কিয় নাকচ কৰে?

হিন্দু ধৰ্মটো আজি কোনো ধৰ্ম হৈ থকা নাই, কোনো মতবাদো নহয় আৰু কোনো আক্বীদাৰ ওপৰত প্ৰতিষ্ঠিত দৃষ্টিকোণো নহয়, বৰং বেদৰ সৈতে বিভিন্ন দৰ্শন, সাধু-সন্ন্যাসীসকলৰ শিক্ষা, তন্ত্ৰ-মন্ত্ৰৰ লগতে অগণন ৰীতি-নীতিৰ সংমিশ্ৰণত পৰিণত হৈছে।

সেয়েহে হিন্দু ধৰ্মৰ ওচৰত এতিয়া কোনো একক উপাসনামূলক ধৰ্মতত্ত্বৰ ব্যৱস্থা নাই, তথা কোনো পৰিভাষিত বিশেষত্বৰ সৈতে অনুষ্ঠান প্ৰণালী অথবা নিৰ্দিষ্ট ধৰ্মীয় পাঠ্যক্ৰম নাইবা কোনো এটা কেন্দ্ৰীয় ধৰ্মীয় সংৰচনাও নাই, যিয়ে হিন্দুসকলক এটা প্লেটফৰ্মত একত্ৰিত কৰিব। আজি আপুনি এইবোৰৰ একোৱেই বিচাৰি নাপাব। এক কথাত আপুনি হাজাৰ হাজাৰ সম্পূৰ্ণৰূপে পৃথক পৃথক ধৰ্মতত্ত্বগতভাৱে স্বাধীন ধৰ্মীয় গোটৰ সন্মুখীন হৈ আছে। (৫৯)

(৫৯) Hindus: their religious beliefs and practices, Julius J. Lipner, (হিন্দু: তেওঁলোকৰ ধৰ্মীয় বিশ্বাস আৰু প্ৰথা, জুলিয়াছ জে লিপনাৰ) (পৃষ্ঠা ৮)

এনেকুৱা বিশৃংখল বস্তুৰ দ্বাৰা কেনেকৈ আল্লাহৰ ইবাদত কৰিব পাৰি, যাৰ কোনো প্ৰমাণেই নাই?

এনেকুৱা বিশৃংখল ধাৰণাৰ মিশ্ৰণক কেনেকৈ জীৱনৰ উদ্দেশ্য বনাব পাৰি?

তাৰোপৰি চাওক আধুনিক হিন্দুসকলে কেনেকৈ ঈশ্বৰৰ মূৰ্তি নিৰ্ধাৰণ কৰি লৈছে।

অথচ আল্লাহে সেইসকল লোকক কাফিৰ আখ্যা দিছে যিসকলে ঈশ্বৰৰ মূৰ্তি সাজে আৰু সেইবোৰক আল্লাহৰ নৈকট্য লাভৰ মাধ্যম হিচাপে গ্ৰহণ কৰে। মহান আল্লাহে কৈছে:

জানি থোৱা! বিশুদ্ধ আনুগত্য কেৱল আল্লাহৰেই প্ৰাপ্য। যিসকলে আল্লাহৰ পৰিবৰ্তে আনক অভিভাৱকৰূপে গ্ৰহণ কৰে সিহঁতে কয়, ‘আমি কেৱল এই বাবেই এইবোৰৰ ইবাদত কৰোঁ যে, এইবোৰে আমাক আল্লাহৰ নৈকট্য লাভ কৰাই দিব’। সিহঁতে যি বিষয়ে নিজৰ মাজত মতভেদ কৰি আছে নিশ্চয় আল্লাহে সিহঁতৰ মাজত সেই বিষয়ে মীমাংসা কৰি দিব। নিশ্চয় আল্লাহে মিছলীয়া কাফিৰক হিদায়ত প্ৰদান নকৰে।

(ছুৰা ঝুমৰঃ ৩)

এতেকে হিন্দুসকলে মূৰ্তিপূজাত লিপ্ত হৈ বেদৰ বিৰোধিতা কৰিছে, লগতে নিজৰ প্ৰকৃতিৰো বিৰোধিতা কৰিছে, যিটো মই ইতিমধ্যেই উল্লেখ কৰিছোঁ। সিহঁতে জানে যে, মূৰ্তিবোৰক ঈশ্বৰৰ আকাৰ হিচাপে গ্ৰহণ কৰাৰ ক্ষেত্ৰত সিহঁতৰ ওচৰত কোনো নিৰ্ভৰযোগ্য প্ৰমাণ নাই।

বৰং তেওঁ, যিজনে প্ৰথমে সৃষ্টিৰ সূচনা কৰিছে, তাৰ পিছত তেৱেঁই ইয়াৰ পুনৰাবৃত্তি কৰিব আৰু তেৱেঁই আকাশ আৰু পৃথিৱীৰ পৰা তোমালোকক জীৱনোপকৰণ দান কৰে। (তেন্তে কোৱাচোন) আল্লাহৰ লগত আন কোনোবা ইলাহ (উপাস্য) আছেনে? কোৱা, ‘যদি তোমালোকে সত্যবাদী তেন্তে তোমালোকৰ প্ৰমাণ লৈ আহা’।

(ছুৰা নমলঃ ৬৪)

কিন্তু সিহঁতে প্ৰমাণ ক’ৰ পৰা উত্থাপন কৰিব?

নাই এ সিহঁতৰ ওচৰত কোনো প্ৰমাণ, কোনটো প্ৰমাণ উত্থাপন কৰিব?

সেয়ে বৰ্তমান হিন্দু ধৰ্মৰ মূল সমস্যাটো হৈছে এই যে, সিহঁতে মূৰ্তিপূজাক বৰ গুৰুত্ব দিয়ে আৰু ইয়াক ধৰ্মৰ এটা অবিচ্ছেদ্য অংগ হিচাপে গণ্য কৰে।

সেয়ে আপুনি সকলো ঠাইতে মূৰ্তি দেখা পাব।

আৰু মূৰ্তিবোৰক ঈশ্বৰৰ ৰূপ হিচাপে গণ্য কৰে।

হিন্দু ধৰ্মত মূৰ্তি, প্ৰতিচ্ছবি, প্ৰতীক আদিৰ অসংখ্য বেলেগ বেলেগ ৰূপ আছে।

এইদৰে আজি হিন্দু ধৰ্মটো মূৰ্তি, মানৱ নিৰ্মিত আকৃতি আৰু প্ৰতীক আদিৰ ধৰ্মত পৰিণত হৈছে।

বৰ্তমানৰ হিন্দু ধৰ্মই সৰ্বেশ্বৰবাদকো বিশ্বাস কৰে।

বৰ্তমানৰ হিন্দু ধৰ্মই বিশ্বজগতক চিৰস্থায়ী বুলি ধাৰণা কৰে।

লগতে শ্ৰেণীবাদ বা বৰ্ণবাদৰ ভেটিও স্থাপন কৰে।

এইদৰে বৰ্তমানৰ হিন্দু ধৰ্মই মানৱ ৰূপত ঈশ্বৰৰ উপস্থিতি বিশ্বাস কৰে, ইয়াক অৱতাৰ বোলে।

মূৰ্তি আৰু প্ৰতীকসমূহক ঈশ্বৰৰ ৰূপ বুলি গণ্য কৰে, ইয়াক শক্তি বুলি কয়।

এইদৰে বৰ্তমানৰ হিন্দু ধৰ্মই আৱাগমন বা পুনৰজনম বিশ্বাস কৰে। আৰু ইয়াক জন্মচক্ৰ বুলি কয়। ইয়াৰ উপৰিও পঞ্চতত্ত্ব বিশ্বাস কৰে আৰু ইয়াৰ ফলত বিভিন্ন তিলিস্মাতি, কবিৰাজি তাবিজ-কবচ আৰু আল্লাহৰ বাহিৰে আনৰ সৈতে সম্পৰ্ক স্থাপন কৰে।

এইবোৰ কাৰণতেই ইছলামে হিন্দু ধৰ্মক নাকচ কৰে। ইছলামে হিন্দু ধৰ্মক এইকাৰণেও নসাৎ কৰে যে, সিহঁতে নবীসকলৰ শিক্ষাৰ বিৰোধিতা কৰিছে আৰু তাওহীদ বা একেশ্বৰবাদক পাহৰি গৈছে।

ইছলামে প্ৰতিজন হিন্দুকেই ইছলামৰ জৰিয়তে আল্লাহৰ প্ৰতি উভতি আহিবলৈ আহ্বান জনায়। কিয়নো ইছলাম অবিহনে আল্লাহৰ ওচৰত মুক্তি পোৱাৰ কোনো উপায় নাই।

মহান আল্লাহে কৈছে:

নিশ্চয় ইছলামেই হৈছে আল্লাহৰ ওচৰত একমাত্ৰ (পছন্দনীয়) দ্বীন

(ছুৰা আলে-ইমৰাণঃ ১৯)

আল্লাহ তাআলাই আৰু কৈছেঃ

আৰু যিয়ে ইছলামৰ বাহিৰে আন কোনো দ্বীন সন্ধান কৰিব তাৰ পৰা কেতিয়াও সেয়া গ্ৰহণ কৰা নহ’ব আৰু সি পৰকালত ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ’ব।

(ছুৰা আলে-ইমৰাণঃ ৮৫)

আল্লাহে আৰু কৈছে:

আজি মই তোমালোকৰ বাবে তোমালোকৰ ধৰ্মক পূৰ্ণাঙ্গ কৰি দিলোঁ, আৰু তোমালোকৰ ওপৰত মোৰ নিয়ামত সম্পূৰ্ণ কৰিলোঁ, লগতে ইছলামক মই তোমালোকৰ বাবে দ্বীন হিচাপে মনোনীত কৰিলোঁ।

(ছুৰা আল-মায়িদাহঃ ৩)

হিন্দুৱে হওক বা অন্য কোনো ব্যক্তি, এই ইছলাম ধৰ্মৰ বাহিৰে বেলেগ কোনো উপায়েই মুক্তি লাভ কৰিব নোৱাৰে। ইছলাম পৃথিৱীত থকা অন্যান্য ধৰ্মৰ দৰে কোনো ধৰ্ম নহয়। বৰং ইছলাম হৈছে এনেকুৱা একেশ্বৰবাদী ধৰ্ম, যি ধৰ্ম প্ৰদান কৰি আল্লাহে সকলো নবীকেই প্ৰেৰণ কৰিছে। সকলো নবীয়েই মানুহক একেশ্বৰবাদৰ পিনে আহ্বান কৰিবলৈ প্ৰেৰিত হৈছিল। কিন্তু আজিৰ তাৰিখত একমাত্ৰ ইছলামৰ বাহিৰে আন কোনো ধৰ্মই বিশুদ্ধ একেশ্বৰবাদৰ ওপৰত প্ৰতিষ্ঠিত নাই। একমাত্ৰ ইছলামৰ বাহিৰে সকলো ধৰ্মতেই অনেকেশ্বৰবাদী আক্বীদাহ মিশ্ৰিত হৈছে, কম হওক বা বেছি। সকলো অসত্য উপাস্যৰ উপাসনা ত্যাগ কৰি একমাত্ৰ আল্লাহৰ ইবাদত কৰাটোৱে হৈছে ইছলাম, তেওঁৰ নিৰ্দেশ মানি চলা, তেওঁৰ নিষেধকৃত বস্তুবোৰৰ পৰা আঁতৰি থকা আৰু তেওঁ নিৰ্ধাৰণ কৰা সীমাৰেখা অতিক্ৰম নকৰা, অতীত আৰু ভৱিষ্যত সম্পৰ্কে তেওঁ যিবোৰ সংবাদ দিছে সেইবোৰৰ প্ৰতি ঈমান পোষণ কৰা, লগতে সকলো প্ৰকাৰৰ মূৰ্তি, প্ৰতিচ্ছবি আৰু প্ৰতীক আদিৰ পৰা আঁতৰি থকা।

মহান আল্লাহে কৈছে:

সিহঁতে যি আৰোপ কৰে, তাৰ পৰা তোমাৰ ৰব পৱিত্ৰ আৰু মহান, সকলো ক্ষমতাৰ অধিকাৰী।

[ ছুৰা চা-ফফাত: ১৮০]

হিন্দুসকলে আল্লাহৰ যিটো আকাৰ নিৰ্ধাৰণ কৰে, সেই আকাৰৰ পৰা আল্লাহ বহু ঊৰ্দ্ধত।

আৰু শান্তি বৰ্ষিত হওক ৰাছুলসকলৰ প্ৰতি।

[ছুৰা চা-ফফাত: ১৮১]

শান্তি বৰ্ষিত হওক আল্লাহে প্ৰেৰণ কৰা ৰাছুলসকলৰ ওপৰত, যিসকলে মানুহক সিহঁতৰ প্ৰতিপালক সম্পৰ্কে অৱগত কৰোৱাইছিল, আৰু তেওঁক সকলো প্ৰকাৰৰ দোষ-ত্ৰুটিৰ পৰা পৱিত্ৰ বুলি ঘোষণা কৰিছিল।

১৭) প্ৰতিজন হিন্দুৱে কিয় ইছলাম গ্ৰহণ কৰাটো অনিবাৰ্য্য?

ইপিনে ইছলামেই হৈছে সেই একমাত্ৰ ধৰ্ম, যিটোক আল্লাহে তেওঁৰ বান্দাসকলৰ বাবে পছন্দ কৰিছে, এইদৰে ইছলামী চৰীয়তেই হৈছে সেই ঐশ্বৰীক চৰীয়ত, যি চৰীয়তৰ বাহিৰে আল্লাহৰ ওচৰত আন কোনো চৰীয়ত গ্ৰহণযোগ্য নহয়। আনহাতে হিন্দু ধৰ্মগ্ৰন্থত খুবেই কম সংখ্যক প্ৰকৃত ঐশীবাণীৰ কিছু শিক্ষা অৱশিষ্ট আছে, যিহেতু তাত ইছলাম আৰু ইছলামৰ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম সম্পৰ্কে কেইবাটাও সুসংবাদ পোৱা যায়। এইটোও এটা কাৰণ যে, এই সত্যতাৰ প্ৰতি লক্ষ্য কৰি প্ৰতিজন হিন্দুৱে ইছলাম গ্ৰহণ কৰা উচিত। এইক্ষেত্ৰত তেওঁলোকৰ কোনো সংকোচ থাকিব নালাগে। কিয়নো আল্লাহৰ ওচৰত মুক্তি পোৱাৰ এইটোৱে হৈছে একমাত্ৰ পথ।

ইছলাম সম্পৰ্কে হিন্দু ধৰ্ম গ্ৰন্থত থকা কেইটিমান সুসংবাদ ইয়াত মই উল্লেখ কৰাৰ প্ৰয়াস কৰিম।

কিন্তু তাৰ আগতে মই হিন্দু চৰীয়তৰ অৱস্থা সম্পৰ্কে উল্লেখ কৰিব বিচাৰোঁ আৰু হিন্দুসকলে নিজকে পৱিত্ৰ কৰিবলৈ কি কি ধৰণে তপস্যাবোৰ কৰে।

লগতে কি কি ধৰণৰ অস্বাভাৱিক কঠোৰ ৰীতি-নীতি পালন কৰে৷

সিহঁতৰ অৱস্থা আহলে কিতাবসকলতকৈ সিমান পৃথক নহয়। আহলে কিতাব বিশেষকৈ ইহুদীসকলৰ ওপৰতো পৱিত্ৰতা অৰ্জনৰ ক্ষেত্ৰত, খোৱা-বোৱাৰ ক্ষেত্ৰত আৰু চৰীয়তৰ বিভিন্ন বিষয়ৰ ক্ষেত্ৰত অসংখ্য বাধা আৰোপ কৰা হৈছিল, যিবোৰ দৰাচলতে সিহঁতৰ দুৰ্নীতি, অন্যায়-অত্যাচাৰ, স্বৈৰাচাৰিতা আৰু নীতি উলংঘাৰ কাৰণে সিহঁতৰ ওপৰত জাপি দিয়া হৈছিল।

সৰ্বশক্তিমান মহান আল্লাহে পৱিত্ৰ কোৰআনত কৈছে:

সেয়ে ভাল খাদ্যবোৰ আমি ইয়াহুদীসকলৰ দুৰাচাৰীতাৰ কাৰণে আৰু আল্লাহৰ পথৰ পৰা বহুতক বাধা দিয়াৰ কাৰণে সিহঁতৰ ওপৰত হাৰাম কৰিছিলোঁ যিবোৰ সিহঁতৰ বাবে হালাল আছিল।

[ছুৰা আন- নিছা': ১৬০]

আপুনি অকণমান তাওৰাতৰ Book of Leviticusত উল্লেখিত ইয়াহুদী মহিলাসকলক ঋতুস্ৰাৱৰ অৱস্থাত যিবোৰ নীতি-নিয়ম মানি চলিবলৈ নিৰ্দেশ দিয়া হৈছিল সেইবোৰ যদি পঢ়ি চায় তেন্তে বহুত কথাই গম পাই যাব। তাওৰাতত কোৱা হৈছেঃ

“ঋতুস্ৰাৱ অৱস্থাত থকা মহিলা যিটো বিচনাত শুব সেইটো নাপাক হৈ যাব। যি ব্যক্তিয়েই তাইৰ বিচনা চুব, সি নিজৰ কাপোৰ ধুব লাগিব, লগতে গা ধুব লাগিব আৰু সন্ধিয়ালৈকে সি অপৱিত্ৰ বুলি গণ্য হ’ব। যদি কোনো ব্যক্তিয়ে তাই বহা কোনো বস্তু স্পৰ্শ কৰে, সি নিজৰ কাপোৰ ধুব লাগিব, লগতে গা ধুব লাগিব আৰু সন্ধিয়ালৈকে সি অপৱিত্ৰ বুলি গণ্য হ’ব। এইদৰে বিচনাৰ ওপৰত বা তাই বহা চকীৰ ওপৰত থকা কোনো বস্তুক যদি স্পৰ্শ কৰে তেন্তে সন্ধিয়ালৈকে সি অপৱিত্ৰ বুলি গণ্য হ’ব। আনহাতে যদি কোনো পুৰুষে তাইৰ সৈতে সহবাস কৰে তেন্তে তাইৰ নাপাকী সেই ব্যক্তিক লাগিব আৰু সেই ব্যক্তি সাত দিনলৈকে নাপাক হিচাপে গণ্য হ’ব আৰু সি যি বিচনাতে বহিব বা শুব সেইটোৱে নাপাক হ’ব।” (৬০)

(৬০) Book of Leviticus, 15 : 20-24

এইবোৰ আদেশ এইকাৰণে দিয়া হৈছিল যে, বনী ইছৰাঈলৰ অন্তৰ কঠোৰ তথা পাষাণ হৈ পৰিছিল।

এনেকুৱা অৱস্থাত সৰ্বশক্তিমান আল্লাহে সিহঁতক তওৰাতৰ জৰিয়তে অৱগত কৰিছিল যে, তেওঁ সিহঁতৰ ওচৰলৈ এজন নবী প্ৰেৰণ কৰিব, যিয়ে সিহঁতৰ ওপৰত থকা এই নিষেধাজ্ঞাবোৰ আঁতৰাই দিব।

তাওৰাতে আমাক এই কথাও অৱগত কৰাইছে যে, নবী ইয়াকূব আলাইহিচ্ছালামৰ মৃত্যুৰ সময়ত তেওঁ নিজৰ গোটেই ১২জন সন্তানক একত্ৰিত কৰি উপদেশ দিছিল, এইটো এটা বিখ্যাত উপদেশ হিচাপে পৰিগণিত। তাওৰাত অনুসৰি তেওঁ উক্ত উপদেশত কৈছিলঃ

ইয়াকূবে তেওঁৰ পুত্ৰসকলক মাতি নি ক'লে: “তোমালোক একত্ৰিত হোৱা, মই তোমালোকক আগন্তুক দিনত হ’বলগীয়া কিছুমান বিষয় অৱগত কৰিবলৈ গৈ আছোঁ, হে ইয়াকূবৰ পুত্ৰসকল! একত্ৰিত হোৱা আৰু পিতৃৰ কথাবোৰ মনোযোগ সহকাৰে শুনা।"

.....

ইয়াৰ পিছত য়াহূদাক সম্বোধন কৰি ক’লে, য়াহূদা আছিল দাউদ (ডেভিড) , চুলাইমান (চলোমন) , আৰু মচীহ (যিচু) আলাইহিচ্ছালামৰ পিতামহ আছিল। তেওঁক ক’লে: "শাসনৰ দায়িত্বভাৰ য়াহূদাৰ পৰা সেই সময়লৈকে বিচ্ছিন্ন নহ'ব আৰু ৰাজত্ব সেই সময়লৈকে তাৰ সন্তানসকলৰ অধীনত থাকিব, যেতিয়ালৈকে সেইজন শাসক নাহিব, যাৰ সন্মুখত সকলো জাতিয়ে বশ্যতা স্বীকাৰ কৰিব।" (৬১)

(৬১) আদিপুস্তক ৪৯: ১-২ আৰু ১০ পদ।

আহলে কিতাবসকলে এই তথ্যক কোনো ধৰণৰ মতানৈক্য নোহোৱাকৈ অতি গুৰুত্বপূৰ্ণ তথা মহা সুসংবাদ হিচাপে গণ্য কৰে।

সেই উপদেশত এনেকুৱা এজন ব্যক্তিৰ আগমনৰ সুসংবাদ দিয়া হৈছে, যিজন ভৱিষ্যতত আহিব, লগতে নবুওৱত, শাসন আৰু চৰীয়ত প্ৰণয়নৰ কাম তেওঁৰ ওপৰতেই ন্যস্ত কৰা হ’ব।

"ইয়াত (القضيب) শব্দৰ দ্বাৰা শাসনভাৰ বুজোৱা হৈছে। অৰ্থাৎ য়াহূদাৰ বংশধৰসকলৰ মাজৰ পৰাই নবী আৰু শাসকৰ ধাৰাবাহিকতা চলি থাকিব।

"অৱশেষত সেইজন শাসক আহি পৰিব, যাৰ সন্মুখত সকলো শাসকে বশ্যতা স্বীকাৰ কৰিব।" কোন সেইজন শাসক যাৰ আগমনৰ আগজাননী ইয়াকূব আলাইহিচ্ছালামে দিছিল, যাৰ সন্মুখত সকলো জাতিয়ে বশ্যতা স্বীকাৰ কৰিব? এই প্ৰশ্নৰ উত্তৰ দিয়াৰ আগতে আমি জানি থোৱা উচিত যে, বনী ইছৰাঈলৰ অন্তিম নবী আছিল ঈছা আলাইহিচ্ছালাম, তেওঁ আছিল য়াহূদাৰ বংশধৰ।

ইয়াৰ পিছত বনী ইছৰাঈলৰ মাজত নবী অহাৰ ধাৰাবাহিকতা হঠাৎ বন্ধ হৈ পৰিছিল।

ইয়াকুব আলাইহিচ্ছালামৰ ভৱিষ্যদ্বাণী অনুসৰি এই কথা ক’ব পাৰি যে, বনী ইছৰাঈলৰ মাজত নবী অহাৰ ধাৰাবাহিকতা বন্ধ হোৱাৰ পিছত, য়াহূদাৰ বংশধৰসকলৰ বাহিৰৰ কোনোবা ব্যক্তিলৈ ৰাজত্ব, নুবুওৱত আৰু চৰীয়ত প্ৰণয়নৰ কাম হস্তান্তৰিত হৈছে। বিষয়টো এনেকুৱা নহয়নে?

এই কথা স্পষ্ট যে, এইজন ব্যক্তি ঈছা আলাইহিচ্ছালাম নহয়, কিয়নো ঈছা আলাইহিচ্ছালাম আছিল য়াহূদাৰ বংশধৰ।

ইয়াকূব আলাইহিচ্ছালামৰ এই ভৱিষ্যদ্বাণীত থকা দ্বিতীয় পয়েণ্টটো হৈছে যে, সেই ব্যক্তিজনৰ সম্প্ৰদায়ৰ লোকসকলে স্বয়ং য়াহূদাৰ অধীনস্থ ভূমি কব্জা কৰি লব। “শাসনৰ দায়িত্ব য়াহূদাৰ পৰা সেই সময়লৈকে বিচ্ছিন্ন নহ’ব আৰু ৰাজত্ব সেই সময়লৈকে তাৰ সন্তানসকলৰ অধীনত থাকিব, যেতিয়ালৈকে সেইজন শাসক নাহিব, যাৰ সন্মুখত সকলো জাতিয়ে বশ্যতা স্বীকাৰ কৰিব।” অৰ্থাৎ আহিবলগীয়া সেই নবীৰ উম্মতৰ লোকসকলে দেশ কব্জা কৰিব,.....অৰ্থাৎ পেলেষ্টাইন দখল কৰিব। ডাঙৰ ডাঙৰ সাম্ৰাজ্যসমূহে তেওঁৰ ওচৰত বশ্যতা স্বীকাৰ কৰিব।

এতেকে আমি দেখিবলৈ পাইছোঁ যে, খলিফা ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৱে তেওঁৰ খিলাফত কালত য়াহূদাৰ দেশ দখল কৰিছিল, লগতে ছিৰিয়া, ইৰাক আৰু ইৰাণৰ সাম্ৰাজ্যই ইছলামৰ সন্মুখত শিৰ নত কৰিছিল।

এইটো এটা এনেকুৱা বাস্তৱতা যিটোৰ বাবে গভীৰ চিন্তা-চৰ্চাৰ প্ৰয়োজন নাই তথা বিতং লিখাৰো প্ৰয়োজন নাই।

এইদৰে ইতিহাসে আমাক কয় যে, ইয়াকুব আলাইহিচ্ছালামে তেওঁৰ সন্তানসকলক দিয়া উপদেশৰ ভিতৰত যিটো ভৱিষ্যদ্বাণী আছিল সেইটো বাস্তৱায়িত হৈছে, সেই অচিয়্যত বা উপদেশটো মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ বাহিৰে আন কোনো নবীৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়, লগতে সেই উপদেশৰ বিৱৰণ তেখেতৰ উম্মতৰ বাহিৰে আন কোনো উম্মতৰ ওপৰতো প্ৰযোজ্য নহয়।

কিন্তু তাওৰাতত ব্যৱহাৰ হোৱা ‘شيلون’ শব্দটোৰ অৰ্থ কি?

শ্বিলোন শব্দৰ অৰ্থ হৈছে বিশ্ৰাম দিয়া আৰু শৃংখল আঁতৰোৱা। বাইবেলৰ(Old testamentৰ) বাবে নিৰ্দিষ্ট কেইবাটাও ৱেবছাইটে এই অৰ্থই বৰ্ণনা কৰিছে। (৬২)

(৬২) https://www.christiancourier.com/articles/1101-who-is-the-mysterious-shiloh Rest-giver or peace-bringer. http://www.abideinchrist.com/messages/gen49v8.html Shiloh is the man of rest, the giver of rest or rest-bringer.

এইদৰে ইয়াকূব আলাইহিচ্ছালামে তেওঁলোকক সেইজন নবীৰ বিষয়ে সুসংবাদ দিছিল, যিজনে আহি তেওঁলোকৰ ওপৰত থকা নিষেধাজ্ঞাবোৰ আৰু কঠোৰতাবোৰ আঁতৰাই দিব।

এতিয়া আহক আমি এই আয়াতটো পঢ়োঁ, য’ত কোৱা হৈছে:

যিসকলে অনুসৰণ কৰে ৰাছুলৰ, উম্মী নবীৰ, যাৰ উল্লেখ সিহঁতে সিহঁতৰ ওচৰত থকা তাওৰাত আৰু ইঞ্জীলত লিপিবদ্ধ পায়, যিজনে সিহঁতক সৎ কামৰ আদেশ দিয়ে, অসৎকৰ্মৰ পৰা নিষেধ কৰে, সিহঁতৰ বাবে পৱিত্ৰ বস্তু হালাল কৰে আৰু অপৱিত্ৰ বস্তুবোৰ হাৰাম কৰে। আৰু সিহঁতক সিহঁতৰ ওপৰত থকা বোজাৰ পৰা আৰু শৃংখলৰ পৰা মুক্ত কৰে।

[ছুৰা আল-আৰাফ: ১৫৭]

ইয়াত স্পষ্টৰূপে কোৱা হৈছে যে, তেখেতে সিহঁতৰ ওপৰত থকা বোজাবোৰ আঁতৰাই দিব আৰু সেইবোৰ বান্ধোন খুলি দিব যিবোৰ বান্ধোনত সিহঁত আৱদ্ধ হৈ আছিল। কিয়নো ইছলামী চৰীয়ত হৈছে এটা উদাৰ তথা সহজ চৰীয়ত, যি চৰীয়তে সেই সকলোবোৰ নিষেধাজ্ঞা আঁতৰাইছে যিবোৰৰ দ্বাৰা সিহঁতক আৱদ্ধ কৰি ৰখা হৈছিল।

এতিয়া আহক আমি হিন্দু ধৰ্মৰ পৱিত্ৰ ধৰ্মগ্ৰন্থসমূহৰ পিনে আগবাঢ়োঁ। (৬৩)

(৬৩) হিন্দু ধৰ্মগ্ৰন্থত ইছলাম আৰু নবী মুহাম্মদ সম্পৰ্কে থকা ভৱিষ্যদ্বাণীসমূহ উল্লেখ কৰাৰ আগতে আমি ইয়াকুব আলাইহিচ্ছালামে তেওঁৰ সন্তানসকলক দিয়া উপদেশটো এই কাৰণে উল্লেখ কৰিছোঁ, কিয়নো এইটো বাহিৰৰ পৰা ইছলামৰ সত্যতা সম্পৰ্কে এটা স্বতন্ত্ৰ তথা পৃথক প্ৰমাণ।

হিন্দু ধৰ্ম হৈছে সেই ধৰ্ম, যি ধৰ্মই গুনাহৰ পৰা পৱিত্ৰ হ’বলৈ কঠিন তপস্যা তথা সাধনা কৰিবলৈ শিক্ষা দিয়ে। গতিকে, হিন্দু ধৰ্মগ্ৰন্থসমূহতো এনেকুৱা এজন মহান নবীৰ আগমনৰ বিষয়ে সুসংবাদ দিয়া হৈছে, যিয়ে তেওঁলোকৰ বোজা নমাই দিব আৰু তেওঁলোকক গুনাহৰ পৰা পৱিত্ৰ কৰিব। হিন্দু ধৰ্মগ্ৰন্থত লিখা আছে- "শুক্ল-বক্ষ মাধৱ মাহৰ উজ্জ্বল ১২ তাৰিখে কল্কিৰ জন্ম হ'ব।" (৬৪) (৬৪) কল্কি পুৰাণ; অধ্যায়: ২; শ্লোক: ১৫। কল্কি মানে: গুনাহৰ পৰা পৱিত্ৰকাৰী।

কল্কি পূৰাণত উল্লেখিত মাধৱ মাহৰ দ্বাৰা বসন্ত মাহক বুজোৱা হৈছে, যিটো মাহ অতি মনোমোহা।

এতেকে বুজা গ’ল যে, আগন্তুক সেই নবীয়ে সিহঁতক সিহঁতৰ গুনাহৰ পৰা পৱিত্ৰ কৰিব, আৰু তেওঁৰ জন্ম হ’ব ৰবী বা মাধৱ মাহৰ ১২ তাৰিখে।

ইপিনে আমাৰ প্ৰিয় নবী মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম)ও গৰিষ্ঠসংখ্যক মুছলমান বিদ্বানৰ মতে ৰাবীউল-আওৱাল মাহৰ ১২ তাৰিখে জন্ম হৈছিল। (৬৫) (৬৫) শ্বাইখ মুহাম্মদ বিন নাছিৰ আল-আলবানীৰ লিখিত ছহীহ আছ-ছীৰাহ আন-নাবাৱিয়্যাহ (পৃষ্ঠা ১৩); ড° ইব্ৰাহীম বিন আব্দুল-গাফুৰৰ ডক্টৰেট ডিগ্ৰীৰ বাবে লিখিত "হিন্দুসকলক ইছলামৰ প্ৰতি আহ্বান" গ্ৰন্থৰ পৰা সংগৃহীত, (পৃষ্ঠা ১৯৮)। আনহাতে তেখেতৰ জন্মস্থানৰ বিষয়ে হিন্দু শাস্ত্ৰত কোৱা হৈছে: "কল্কিৰ জন্ম হ'ব সম্ভল গাঁৱৰ বিষ্ণুয়াশ নামৰ এজন মানুহৰ ঘৰত তেওঁৰ পত্নী সুমতিৰ গৰ্ভত ৷" (৬৬)

(৬৬) কল্কি পুৰাণ; অধ্যায়: ২; শ্লোক: ৪

সম্ভল গাঁও মানে: নিৰাপদ নগৰ। আৰু নিৰাপদ চহৰখন হৈছে মক্কা। {আৰু স্মৰণ কৰা, যেতিয়া ইব্ৰাহীমে প্ৰাৰ্থনা কৰি কৈছিল: "হে মোৰ প্ৰতিপালক! ইয়াক [মক্কা]ক তুমি শান্তি নগৰত পৰিণত কৰা।"}

[ছুৰা আল-বাকাৰাহ: ১২৬]

সেই মক্কা নগৰীতেই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ জন্ম হৈছিল।

আনহাতে বিষ্ণুয়াশ নামৰ অৰ্থ হৈছে আব্দুল্লাহ অৰ্থাৎ আল্লাহৰ বান্দা।

এইদৰে আগন্তুক নবীৰ মাতৃৰ কথা কোৱা হৈছে যে, তেওঁৰ নাম হ'ব 'সুমতী'। "বিষ্ণুয়াছৰ পত্নী সুমতিৰ গৰ্ভত কল্কিৰ জন্ম হ’ব৷" (৬৭) (৬৭) কল্কি পুৰাণ; অধ্যায়: ২; শ্লোক: ১১। সুমতি শব্দৰ অৰ্থ হৈছে, নিৰাপত্তা বা শান্তি, আৰবীত ইয়াক আমিনাহ বোলে।

এই কথা সকলোৱে জানে যে, আমাৰ প্ৰিয় নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মাকৰ নাম আছিল আমিনাহ। হিন্দু ধৰ্মৰ মতে কল্কিয়ে নিজৰ গাঁও সম্ভলৰ পৰা ওলাই গৈ চয়তানৰ সৈতে যুঁজ দিব, অন্ধকাৰ, দুৰ্নীতি আৰু অন্যায়-অত্যাচাৰক নিঃশেষ কৰিব। অৱশেষত পুনৰ সম্ভল গাওঁলৈ উভতি আহিব, ইয়াৰ পিছত আল্লাহে তেওঁক আকাশলৈ উঠাই নিব। প্ৰতিজন মুছলমানে এই বাস্তৱতা সম্পৰ্কে অৱগত। আল্লাহৰ ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লামে) মক্কা এৰি মদীনালৈ গুচি গৈছিল, মানুহৰ মাজত তাওহীদ তথা একেশ্বৰবাদৰ প্ৰচাৰ-প্ৰসাৰ কৰিছিল, আৰু মৃত্যুৰ কেইবছৰমান আগতে বিজয়ী হৈ মক্কালৈ উভতি আহিছিল।

হিন্দু ধৰ্মই এই আগন্তুক নবীজনৰ আৰু কেইবাটাও বৈশিষ্ট্য উল্লেখ কৰিছে, যিবোৰৰ সৈতে আমি একমত নহয়। উদাহৰণস্বৰূপে, কল্কি হৈছে সিহঁতৰ মতে ঈশ্বৰৰ অৱতাৰ-এনেকুৱা বিভ্ৰান্তিমূলক ধাৰণাৰ সৈতে আল্লাহৰ কোনো সম্পৰ্ক নাই-। কিন্তু এই ধাৰণাটোক ইতিপূৰ্বে আমি বেদৰ আলোকত খণ্ডন কৰিছোঁ।

এই কথা চিৰ সত্য যে, আল্লাহে কেতিয়াও মখলুকৰ (সৃষ্টিৰ) ৰূপ ধাৰণ নকৰে, আকাশমণ্ডল আৰু পৃথিৱীয়ে তেওঁক কেতিয়াও পৰিবেষ্টন কৰিব নোৱাৰে। কিন্তু সিহঁতৰ ধৰ্মগ্ৰন্থত থকা আহিবলগীয়া সেই নবীজনৰ এটা বৈশিষ্ট্যই বিশেষভাৱে মোৰ দৃষ্টি আকৰ্ষণ কৰিছে, সেইটো হৈছে এই যে, তেওঁ বগা ঘোঁৰাত আৰোহণ কৰিব। ইপিনে আমাৰ প্ৰিয় নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰো এটা বগা ঘোঁৰা আছিল, যাৰ নাম আছিল মুৰ্তাজিঝ। (৬৮) (৬৮) এইটো হাদীছ মুস্তাদৰাক আল-হাকিমত বৰ্ণিত হৈছে, এই হাদীছৰ চনদ ছহীহ।

হিন্দুসকলে আগন্তুক নবী কল্ককীৰ যি মূৰ্ত্তি সাজে, তাত সিহঁতে এটা বগা ঘোঁৰাত আৰোহণকাৰী ব্যক্তিৰ কান্ধত তৰোৱাল থকা প্ৰতিমূৰ্তি দেখুৱায়। মই কল্কিৰ যিমানবোৰ প্ৰতিমূৰ্তি দেখিছোঁ সকলোবোৰ এনেকুৱাই।

ইয়াৰ দ্বাৰা বুজা যায় যে, তেওঁ এজন মুজাহিদ নবী হ’ব। আমাৰ প্ৰিয় নবী মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰো এইটো এটা বৈশিষ্ট্য। তেখেতে তৰোৱালেৰে যুদ্ধ কৰিছে আৰু আল্লাহৰ শত্ৰুসকলৰ সৈতে মুকাবিলা কৰিছে।

আহিবলগীয়া নবী কল্কি সম্পৰ্কে সিহঁতৰ ধৰ্মগ্ৰন্থবোৰত এই কথাও কোৱা হৈছে যে, তেওঁ অদৃশ্যৃ সম্পৰ্কে সংবাদ দিব। তেওঁ হ’ব নিজ সম্প্ৰদায়ৰ সম্ভ্ৰান্ত লোকৰ বংশধৰ। তেওঁ কথা-বতৰা কম ক’ব, দানশীল হ’ব, শাৰীৰিকভাৱে শক্তিশালী হ’ব, লগতে উপকাৰৰ উত্তম প্ৰতিদান দিব।

কিন্তু তেখেতৰ এটা বিশেষ বৈশিষ্ট্য বৰ্ণনা কৰি কোৱা হৈছে যে, "কল্কিয়ে তেওঁৰ চাৰিজন সংগীৰ সহায়ত চয়তানক ধ্বংস কৰিব।" (৬৯)

(৬৯) কল্কি পুৰাণ; অধ্যায়: ২; শ্লোক: ৫.

এই শ্লোকটো পঢ়াৰ লগে লগে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ চাৰিজন চাহাবা (সংগী)ৰ কথা প্ৰতিজন মুছলিমৰ মনলৈ আহিব, তেওঁলোক হৈছে ক্ৰমে, আবু বকৰ ছিদ্দীক, ওমৰ ইবনুল- খাত্তাব, উছমান ইবনে আফফান আৰু আলী ইবনে আবি তালিব। এওঁলোক আছিল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আটাইতকৈ ঘনিষ্ঠ চাহাবা। তেওঁলোকে আৰম্ভণিৰ পৰাই তেখেতক সহায়-সমৰ্থন কৰি আহিছিল আৰু তেখেতৰ মৃত্যুৰ পিছত তেখেতৰ খলিফা (প্ৰতিনিধি) হৈছিল। তেওঁলোক চাৰিজনেই বিশিষ্ট চাহাবী আছিল। সদায় তেখেতৰ লগত আছিল আৰু দাৱাতৰ ক্ষেত্ৰত তেখেতক পৰিপূৰ্ণৰূপে সহায়-সমৰ্থন কৰিছিল।

তেখেতৰ মৃত্যুৰ পিছত তেওঁলোকে ক্ৰমে খিলাফতৰ দায়িত্ব পালন কৰিছিল:

১- আবু বকৰ আছ-ছিদ্দীক।

২- ওমৰ ইবনুল-খাত্তাব।

৩- উছমান ইবনে আফফান।

৪- আলী ইবনে আবি তালিব। আলী ইবনে আবি তালিবৰ হত্যাৰ পিছত খিলাফতে ৰাশ্বিদাৰ (সঠিক পথ নিৰ্দেশিত খিলাফতৰ) অন্ত পৰিছিল। কল্কিৰ আন এটা বৈশিষ্ট্য বৰ্ণনা কৰি কোৱা হৈছে যে, যুদ্ধত তেওঁক সহায় কৰিবলৈ আকাশৰ পৰা ফিৰিস্তা নামি আহিব। (৭০)

(৭০) কল্কি পুৰাণ; অধ্যায়: ২; শ্লোক: ৭।

এইটো নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগৰ ইছলামী যুদ্ধৰ অন্যতম এটা বৈশিষ্ট্য। যুদ্ধৰ সময়ত তেখেতৰ সহায়ৰ বাবে আকাশৰ পৰা ফিৰিস্তা অৱতীৰ্ণ হৈছিল। মহান আল্লাহে কৈছে:

স্মৰণ কৰা, যেতিয়া তোমালোকে তোমালোকৰ প্ৰতিপালকৰ ওচৰত উদ্ধাৰ প্ৰাৰ্থনা কৰিছিলা, ফলত তেওঁ তোমালোকৰ প্ৰাৰ্থনাত সহাঁৰি দিছিল যে, ‘নিশ্চয় আমি তোমালোকক সহায় কৰিম এহেজাৰ ফিৰিস্তাৰ দ্বাৰা, যিসকলে দলে দলে এটাৰ পিছত এটাকৈ আহিব’।

(ছুৰা আল-আনফালঃ ৯)

হিন্দু শাস্ত্ৰ মতে কল্কিয়ে পাহাৰত গৈ এজন মহান ফিৰিস্তা পৰশ্বুৰামৰ পৰা বিদ্যা অৰ্জন কৰিব, ইয়াৰ পিছত উত্তৰ দিশলৈ যাব; ইয়াৰ পিছত তেওঁ মৃত্যুৰ পূৰ্বে পুনৰ নিজ গাওঁলৈ উভতি আহিব। (৭১)

(৭১) কল্কি পুৰাণ; অধ্যায়: ৩; শ্লোক: ১-৫।

হিন্দুসকলৰ মতে পৰশ্বুৰাম হৈছে এজন মহান ফিৰিস্তা। যিয়ে কাফিৰসকলৰ প্ৰতি শাস্তি লৈ আহে। মুছলিমসকলৰ মতে তেওঁ হৈছে জিব্ৰীল আলাইহিচ্ছালাম।

ইপিনে আমি মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম)ক দেখিবলৈ পাওঁ যে, তেখেতে হিৰা পৰ্বতলৈ গৈছিল, য'ত তেখেতৰ প্ৰতি জিব্ৰীল ফিৰিস্তা অৱতীৰ্ণ হৈছিল। তাৰ পিছত তেখেতে উত্তৰ দিশে মদীনালৈ হিজৰত কৰিছিল, আকৌ মৃত্যুৰ কেইবছৰমান আগত পুনৰ মক্কালৈ বিজয়ীৰূপে প্ৰত্যাৱৰ্তন কৰিছিল।

হিন্দু ধৰ্মগ্ৰন্থ মতে কল্কি হ'ব সৰ্বশেষ বাৰ্তাবাহক তথা ৰাছুল। (৭২)

(৭২) ভাগৱত পুৰাণ; এস্কাণ্ড: ১; অধ্যায়: ৩; শ্লোক: ২৫। ইপিনে মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) হৈছে সৰ্বশেষ নবী আৰু ৰাছুল, এই কথা প্ৰমাণিত তথা সকলোৱে জানে। মুহাম্মদ তোমালোকৰ মাজৰ কোনো পুৰুষৰে পিতৃ নহয়, বৰং তেওঁ আল্লাহৰ ৰাছুল আৰু সৰ্বশেষ নবী। আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ। (ছুৰা আল-আহঝাবঃ ৪০)

হিন্দু ধৰ্মগ্ৰন্থত আগন্তুক নবীজনৰ এইটো এটা বৈশিষ্ট্য উল্লেখ হৈছে যে, তেওঁ আল্লাহৰ অধিক প্ৰশংসা কৰিব.... নৰাশংস। নৰাশংস শব্দৰ অৰ্থ হৈছে: অধিক প্ৰশংসাকাৰী। অৰ্থাৎ মুহাম্মদ বা আহমদ।

এই দুয়োটাই হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নাম৷ তেওঁৰ নাম মুহাম্মদ আৰু তেৱেঁই আহমদ।

নৰাশংসৰ আন কিছুমান বৈশিষ্ট্য যেনে- "তেওঁ উটত আৰোহণ কৰিব, তেওঁৰ বাৰগৰাকী পত্নী থাকিব, আৰু তেওঁ এবিধ বাহনত আৰোহণ কৰি আকাশ স্পৰ্শ কৰিব আৰু তাৰ পিছত নামি আহিব।" (৭৩)

(৭৩) অথৰ্ববেদ, কাণ্ড: ২০; সুক্ত: ১২৭; মন্ত্ৰ: ২.

এইবোৰ বৈশিষ্ট্য নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাহিৰে আন কাৰো সৈতেই প্ৰযোজ্য নহয়।

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ জীৱন সম্পৰ্কে অৱগত প্ৰতিজন ব্যক্তিয়েই জানে যে, তেখেতে উটক বাহন হিচাপে ব্যৱহাৰ কৰিছিল। ইয়াত এটা গুৰুত্বপূৰ্ণ সংকেতো আছে। যদিও হিন্দুগ্ৰন্থবোৰে এই কথা কয় যে, তেওঁ হ’ব অন্তিম ঋষি, কিন্তু ইয়াত এইটো ইংগিত পোৱা যায় যে, তেওঁ বাছ, উৰাজাহাজ আদি আৱিষ্কাৰ হোৱাৰ আগতেই প্ৰেৰিত হ’ব। (৭৪)

(৭৪) “হিন্দুসকলক ইছলামৰ প্ৰতি আহ্বান”। ড° ইব্ৰাহীম আব্দুল-গাফুৰে ডক্টৰেট ডিগ্ৰীৰ বাবে প্ৰস্তুত কৰা গৱেষণা পত্ৰ (পৃষ্ঠা ২১৫) ।

ইয়াত আৰু এটা ইংগিত আছে যে, আগন্তুক সেই নবীজন ব্ৰাক্ষ্মণ হিন্দুসকলৰ বাহিৰৰ পৰা হ’ব, কিয়নো সিহঁতে উটক বাহন হিচাপে ব্যৱহাৰ নকৰে। আনহাতে বাৰগৰাকী পত্নী সম্পৰ্কে যি কথা কোৱা হৈছে, এইটোও নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ জীৱনী সম্পৰ্কে অৱগত প্ৰতিজন ব্যক্তিয়েই জানে যে, তেখেতৰ বাৰগৰাকী পত্নী আছিল। এইদৰে নিজৰ বাহনত উঠি আকাশ স্পৰ্শ কৰি উভতি অহাৰ যি কথা কোৱা হৈছে সেইটোত দৰাচলতে ইছৰা আৰু মিৰাজৰ ঘটনাৰ প্ৰতি ইংগিত কৰা হৈছে। প্ৰতিজন মুছলিমেই এই ঘটনাক মনে প্ৰাণে বিশ্বাস কৰে যে, তেখেত মিৰাজলৈ গৈছিল।

হিন্দু ধৰ্মৰ পৱিত্ৰ ধৰ্মগ্ৰন্থবোৰত নৰশংসৰ হিজৰত কৰাৰ কথা উল্লেখ আছে, আৰু এই বিষয়টোক প্ৰশংসাৰ সৈতে বৰ্ণনা কৰিছে। তাত কোৱা হৈছেঃ "হে মানৱজাতি! নৰশংসক শ্ৰদ্ধা কৰা। মই সেই হিজৰতকাৰীক আৰু শান্তি স্থাপনকাৰীক সুৰক্ষা প্ৰদান কৰোঁ।" (৭৫)

(৭৫) অথৰ্ববেদ, কাণ্ড: ২০; সুক্ত: ১২৭; মন্ত্ৰ: ১

সেই হিজৰতকাৰী: নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ এটা ঘটনা হৈছে মক্কাৰ পৰা মদীনালৈ কৰা হিজৰত। যিটোৰ একমাত্ৰ উদ্দেশ্য আছিল শান্তি স্থাপন কৰা আৰু মানুহৰ মাজত একেশ্বৰবাদৰ বিশ্বাস প্ৰচাৰ কৰা। ইয়াৰ পিছৰ মন্ত্ৰবোৰত তেওঁৰ যুদ্ধৰ বিষয়ে উল্লেখ কৰি কৈছে: "স্তূতিকাৰী স্তূতিকাৰীসকলৰ সৈতে যুদ্ধলৈ ওলাই যাব আৰু মানুহক নিৰাপত্তা দান কৰিব।" (৭৬) (৭৬) অথৰ্ববেদ, কাণ্ড: ২০; সুক্ত: ১২৭; মন্ত্ৰ: ৫ আৰু তাৰ পিছৰ মন্ত্ৰবোৰ। তেওঁ হ’ব মুজাহিদ নবী, আল্লাহৰ পথত জিহাদৰ দ্বাৰা তেওঁ মানুহৰ মাজত শান্তি স্থাপন কৰিব। হিন্দু ধৰ্ম গ্ৰন্থসমূহত ইছলাম, ইছলামৰ নবী, তেওঁৰ জীৱনী, তেওঁৰ আহ্বান আৰু পৱিত্ৰ মক্কা সম্পৰ্কে সুসংবাদসূচক বহুতো মন্ত্ৰ উল্লেখ আছে।

উক্ত তথ্যবোৰকলৈ কিছুমান হিন্দুৱে মতানৈক্য কৰিব পাৰে আৰু এইবোৰৰ দ্বাৰা স্পষ্টভাৱে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক বুজোৱা সম্পৰ্কে অস্বীকাৰ কৰিব পাৰে। এইবোৰ হৈছে এনেকুৱা বিষয় যিবোৰৰ বিষয়ে সত্য অন্বেষণকাৰী কোনো হিন্দুৱে অধিক বিচলিত হোৱাৰ কোনো কাৰণ নাই। কিয়নো প্ৰাথমিকভাৱে এইবোৰ সুসংবাদ উল্লেখ কৰাৰ একমাত্ৰ কাৰণ হৈছে যে, এইবোৰ তথ্যই সমৰ্থন আগবঢ়ায়, ইয়াৰ বাহিৰে আন একো নহয়। সেইকাৰণেই প্ৰচুৰ আৰু বিভিন্ন প্ৰকাৰৰ সুসংবাদ থকাৰ পিছতো মই দীঘলীয়াকৈ উদ্ধৃতি দিয়া নাই। কাৰণ ইছলামৰ সত্যতাৰ আটাইতকৈ শক্তিশালী প্ৰমাণটোৱে হৈছে স্বয়ং ইছলামৰ বাৰ্তা, আৰু একেশ্বৰবাদৰ প্ৰতি আহ্বান আৰু প্ৰকৃতিৰ আহ্বান, লগতে এইটোও এটা অন্যতম প্ৰমাণ যে, পৃথিৱীৰ অন্যান্য ধৰ্মই যিটো প্ৰশ্নৰ উত্তৰ দিব পৰা নাই, সেইটোৰ উত্তৰ ইছলামে দিছে, যেনে- মানৱ সৃষ্টিৰ উদ্দেশ্য কি? আৰু সিহঁতৰ শেষ পৰিণতি কি?

আজি পৃথিৱীত পথভ্ৰষ্টকাৰী মূৰ্তিপূজা, শ্বিৰ্কিয়্যা মতবাদ আৰু নাস্তিকতাবাদৰ বাহিৰে আন একো নাই। কেৱল ইছলামেই হৈছে সেই একমাত্ৰ ধৰ্ম যিটো পৰিস্কাৰ-পৰিচ্ছন্ন তাওহীদ তথা একেশ্বৰবাদৰ ওপৰত প্ৰতিষ্ঠিত আছে।

কোৱা, তেওঁ আল্লাহ একক-অদ্বিতীয় (১)

আল্লাহ অমুখাপেক্ষী। (২)

তেওঁ কাকো জন্ম দিয়া নাই আৰু তেৱোঁ জন্ম লোৱা নাই, (৩)

আৰু তেওঁৰ সমতুল্য কোনো নাই’। (৪)

(ছুৰা আল-ইখলাচঃ ১-৪)

১৮) ইছলাম কি?

উত্তৰঃ ইছলামৰ অৰ্থ হৈছে, সৰ্বশক্তিমান আল্লাহৰ ওচৰত আত্মসমৰ্পন কৰা, তেওঁৰ ওচৰত নত হোৱা বা বশ্যতা স্বীকাৰ কৰা আৰু তেওঁৰ আনুগত্য কৰা।

সৰ্বশক্তিমান আল্লাহে কৈছে,

সেই ব্যক্তিতকৈ দ্বীনৰ মাজত আৰু কোন উত্তম হ’ব? যিয়ে সৎকৰ্মপৰায়ণ হৈ আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰে আৰু একনিষ্ঠভাৱে ইব্ৰাহীমৰ মিল্লাতক অনুসৰণ কৰে, আৰু আল্লাহে ইব্ৰাহীমক অন্তৰঙ্গ বন্ধু হিচাপে গ্ৰহণ কৰিছে।

(ছুৰা আন-নিছাঃ ১২৫)

"যিয়ে সম্পূৰ্ণৰূপে আল্লাহৰ ওচৰত আত্মসমৰ্পন কৰে" অৰ্থাৎ: তেওঁ সেই মহান আল্লাহৰ ওচৰত আত্মসমৰ্পন কৰিছে তথা পৱিত্ৰ আল্লাহৰ অধীন হৈছে, আৰু আমাৰ প্ৰতিপালকৰ পৱিত্ৰতা ঘোষণা কৰিছে, তেৱেঁই হৈছে ধৰ্ম পালনকাৰী মানুহৰ মাজত সৰ্বোত্তম।

আল্লাহ তাআলাই কৈছেঃ

এতেকে তোমালোকৰ ইলাহ কেৱল একক ইলাহ, সেয়ে কেৱল তেওঁৰ ওচৰতেই আত্মসমৰ্পণ কৰা, আৰু সুসংবাদ দিয়া বিনীতলোকসকলক।

[ছুৰা আল-হাজ্জ: ৩৪]

"গতিকে কেৱল তেওঁৰ ওচৰতেই আত্মসমৰ্পন কৰা" ইয়াৰ অৰ্থ হৈছে, তেওঁৰ আদেশৰ সন্মুখত নত হোৱা তথা আত্মসমৰ্পন কৰা।

এই আয়াতসমূহে এইটো বুজায় যে, ইছলামৰ অৰ্থ হৈছে একমাত্ৰ আল্লাহৰ ওচৰত সম্পূৰ্ণৰূপে আত্মসমৰ্পন কৰা, তেওঁৰ ওচৰত বশ্যতা স্বীকাৰ কৰা, তেওঁৰ চৰীয়ত আৰু মানহাজক মনে প্ৰাণে স্বীকাৰ কৰি সন্তুষ্টি সহকাৰে আমল কৰা। এইটোৱেই হৈছে ইছলামৰ মৌলিক অৰ্থ আৰু তাৰ বাস্তৱতা।

এতেকে ইছলাম হৈছে আল্লাহৰ উদ্দেশ্যে তেওঁৰ ফয়চালা আৰু তেওঁৰ শ্বৰীয়তৰ সন্মুখত আত্মসমৰ্পন কৰা।

ইছলাম হৈছে সমগ্ৰ মানৱজাতিৰ বাবে আল্লাহৰ ধৰ্ম। মহান আল্লাহে কৈছে:

নিশ্চয় ইছলামেই হৈছে আল্লাহৰ ওচৰত একমাত্ৰ (পছন্দনীয়) দ্বীন

(ছুৰা আলে-ইমৰাণঃ ১৯)

ইছলাম এনেকুৱা এটা ধৰ্ম, যাৰ বাহিৰে আল্লাহে আন কোনো ধৰ্মকেই গ্ৰহণ নকৰিব।

আৰু যিয়ে ইছলামৰ বাহিৰে আন কোনো দ্বীন সন্ধান কৰিব তাৰ পৰা কেতিয়াও সেয়া গ্ৰহণ কৰা নহ’ব আৰু সি পৰকালত ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ’ব।

(ছুৰা আলে-ইমৰাণঃ ৮৫)

ইছলামেই হৈছে সেই ধৰ্ম, যি ধৰ্ম প্ৰদান কৰি আল্লাহে সকলো নবী আৰু ৰাছুলক প্ৰেৰণ কৰিছিল। এতেকে নবীসকলৰ ধৰ্ম এটাই, সেইটো হৈছে ইছলাম। প্ৰতিজন নবীয়েই তাওহীদৰ বাণীলৈ আগমন কৰিছিল, যদিও তেখেতসকলৰ চৰীয়ত বেলেগ বেলেগ আছিল।

আল্লাহ তাআলাই কৈছেঃ

আৰু তোমাৰ পূৰ্বে আমি যি ৰাছুলকেই প্ৰেৰণ কৰিছোঁ তেওঁৰ ওচৰত এইটোৱেই অহী কৰিছোঁ যে, ‘মোৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, সেয়ে তোমালোকে কেৱল মোৰেই ইবাদত কৰা’।

[ছুৰা আল- আন্বিয়া: ২৫]

আজি ইছলামৰ বাহিৰে আন কোনো ধৰ্মই এই তাওহীদ বা একেশ্বৰবাদৰ ওপৰত প্ৰতিষ্ঠিত নাই।

পৃথিৱীৰ বুকুত একমাত্ৰ একেশ্বৰবাদী ধৰ্মটো হৈছে ইছলাম। আন আন সকলো ধৰ্মাৱলম্বী লোকসকলৰ চৰীয়তত কোনো নহয় কোনো প্ৰকাৰে শ্বিৰ্ক সোমাই আছে, কম হওক বা বেছি। নবীসকলৰ মৃত্যুৰ পিছত আৰু মানুহে তাওহীদ ত্যাগ কৰাৰ পিছত সময় অতিক্ৰম হোৱাৰ লগে লগে শ্বিৰ্কত লিপ্ত হ’বলৈ ধৰিছে। অৱশেষত আজি এনেকুৱা পৰিস্থিতি হৈছে যে, একমাত্ৰ ইছলামৰ বাহিৰে আন ক’তো সেই পৰিস্কাৰ-পৰিচ্ছন্ন বিশুদ্ধ তাওহীদৰ উপস্থিতি নাই, যিটো তাওহীদ নবীসকলে আনিছিল। গতিকে এইটোৱে হৈছে ইছলামৰ সত্যতাৰ সৰ্বোচ্চ প্ৰমাণ। হিন্দু ভাইসকলে যিটো বিষয়ত অধিক মনোযোগ দিব লাগে সেইটো হৈছে এই বিশুদ্ধ একেশ্বৰবাদী বাৰ্তা।

১৯) মানুহৰ মনত উদ্ভৱ হোৱা এইবোৰ প্ৰশ্নৰ উত্তৰ ইছলামত আছেনে, যিবোৰ প্ৰশ্নৰ উত্তৰ জানিবলৈ মানুহে সদায় কৌতূহল হৈ থাকে যেনে: আমি ক’ৰ পৰা আহিছোঁ? আমি এই পৃথিৱীত কিয় আহিছোঁ? আমি ক’লৈ যাম?

উত্তৰঃ ইছলামে এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ কোৰআনৰ এটা আয়াততে প্ৰদান কৰিছে। আমাৰ পৱিত্ৰ মহান প্ৰতিপালকে কৈছে:

‘আৰু মোৰ কি যুক্তি আছে যে, মই তেওঁৰ ইবাদত নকৰিম, যিজনে মোক সৃষ্টি কৰিছে? আৰু যাৰ ওচৰত তোমালোকক ওভতাই নিয়া হ’ব।

[ছুৰা ইয়াছিন: ২২]।

মই ক'ৰ পৰা আহিছোঁ? ইয়াৰ উত্তৰ দিয়া হৈছে যে, আল্লাহে মোক সৃষ্টি কৰিছে, {যিজনে মোক সৃষ্টি কৰিছে।}

ক'লৈ যাম? ইয়াৰ উত্তৰত কোৱা হৈছে, মই আল্লাহৰ ওচৰলৈ উভতি যাব লাগিব আৰু মোৰ কৰ্মৰ হিচাপ দিব লাগিব। {আৰু তেওঁৰ ওচৰলৈকেই তোমালোকক ওভোতাই নিয়া হ’ব।}

কিয় আহিছোঁ এই পৃথিৱীলৈ? ইয়াৰ উত্তৰত কোৱা হৈছে যে, আল্লাহৰ ইবাদত কৰিবলৈ আৰু ইয়াৰ পৰীক্ষা দিবলৈ।

মই কিয় আল্লাহৰ ইবাদত কৰিম? এই কাৰণে মই তেওঁৰ ইবাদত কৰিম, কিয়নো যিয়ে মোক সৃষ্টি কৰিছে তেওঁৰ ইবাদত কৰাটোৱে স্বাভাৱিক। এইটোৱে হৈছে বান্দা আৰু তাৰ প্ৰতিপালকৰ মাজৰ স্বাভাৱিক সম্পৰ্ক যে, বান্দাই নিজ প্ৰতিপালক তথা সৃষ্টিকৰ্তাৰ ইবাদত কৰিব। {‘মই কিয় তেওঁৰ ইবাদত নকৰিম, যিজনে মোক সৃষ্টি কৰিছে?}

কেৱল এটা আয়াততে মানুহৰ মনক বিচলিত কৰা আটাইতকৈ গুৰুত্বপূৰ্ণ তিনিটা প্ৰশ্নৰ উত্তৰ একত্ৰিত কৰা হৈছে।

‘আৰু মোৰ কি যুক্তি আছে যে, মই তেওঁৰ ইবাদত নকৰিম, যিজনে মোক সৃষ্টি কৰিছে? আৰু যাৰ ওচৰত তোমালোকক ওভোতাই নিয়া হ’ব।

[ছুৰা ইয়াছিন: ২২]।

২০) মই কেনেকৈ গম পাম যে, মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) আল্লাহৰ ফালৰ পৰা প্ৰেৰিত ৰাছুল?

উত্তৰঃ অলৌকিকতাৰ বিভিন্ন প্ৰমাণাদিয়ে বিশ্বস্তৰূপে বৰ্ণিত হোৱা বৰ্ণনাবোৰৰ নিৰন্তৰতা তথা পূৰ্ণ বিশ্বাসৰ নিশ্চয়তা প্ৰদান কৰে।

এতেকে এৰিষ্টটল তেওঁৰ সামগ্ৰিক কৰ্মৰ কাৰণেহে তেওঁ এজন দাৰ্শনিক আছিল। তেওঁ কোৱা কোনো এটা বাক্য অথবা তেওঁৰ দ্বাৰা দিয়া কোনো এটা দাৰ্শনিক বিশ্লেষণৰ ফলত নহয়।

এইদৰে হিপ’ক্ৰেটিছ তেওঁৰ সামগ্ৰিক চিকিৎসা প্ৰকল্পৰ কাৰণেহে চিকিৎসক আছিল, তেওঁ কৰা কোনো বিশেষ এটা অস্ত্ৰোপচাৰৰ কাৰণে নহয়।

সেই একেদৰে নবী (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ পৰা বৰ্ণিত বিভিন্ন প্ৰকাৰৰ অলৌকিকতাই প্ৰমাণ কৰে তথা এইক্ষেত্ৰত সম্পূৰ্ণ নিশ্চয়তা প্ৰদান কৰে যে, তেখেত হৈছে আল্লাহৰ ফালৰ পৰা প্ৰেৰিত নবী।

যদি আপুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ জীৱনী চালি জাৰি চায় তেন্তে আপুনি গম পাব যে, তেখেত এজন সত্যবাদী মানুহ আছিল। তেখেতৰ সত্যবাদীতাক তেখেতৰ ঘোৰ শত্ৰুৱেও স্বীকাৰ কৰিছিল। তেখেতৰ বিৰুদ্ধে কেতিয়াও মিছা কথা বা অনৈতিকতাৰ অভিযোগ উত্থাপন হোৱা নাছিল। এইদৰে তেখেতে ভৱিষ্যত সম্পৰ্কে যিবোৰ সংবাদ দিছিল সেইবোৰ সেইমতেই প্ৰকাশ পাইছিল যিদৰে তেখেতে জনাইছিল। এইদৰে তেখেতে যিটো আক্বীদাৰ পিনে মানুহক আহ্বান কৰিছিল, সেই আক্বীদাৰ পিনেই পূৰ্বৱৰ্তী সকলো নবীয়ে আহ্বান কৰিছিল। লগতে তেখেতৰ আগমনৰ সুসংবাদ তেখেত পৃথিৱীলৈ অহাৰ শ শ বছৰ পূৰ্বেই অন্যান্য নবীসকলে প্ৰদান কৰিছিল। এইবোৰ প্ৰমাণাদিয়ে প্ৰমাণ কৰে যে, তেখেত হৈছে সত্য ৰাছুল, তথা এইবোৰে তেখেতৰ সত্যতাত সম্পূৰ্ণ নিশ্চয়তা প্ৰদান কৰে।

ইয়াৰ পিছত তেখেতে লৈ অহা আটাইতকৈ ডাঙৰ নিদৰ্শন অৰ্থাৎ কোৰআনুল কাৰীমৰ বিষয়ে কি ক’ব? কোৰআনৰ দ্বাৰা সৰ্বশক্তিমান আল্লাহে গোটেই সাহিত্যিক গোষ্ঠীক প্ৰত্যাহ্বান জনাইছে যে, তেওঁলোকে ইয়াৰ দৰে এখন গ্ৰন্থ নাইবা এটা ছুৰাকে ৰচনা কৰি দেখুৱাওকচোন, কিন্তু তেওঁলোকে এই প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰা নাই। সিহঁতে এইটো কয় নেকি যে, ‘তেওঁ নিজেই এইখন ৰচনা কৰিছে’? কোৱা, ‘তেন্তে তোমালোকে ইয়াৰ অনুৰূপ এটা ছুৰা লৈ আহা আৰু আল্লাহৰ বাহিৰে আন যাক ইচ্ছা মাতি লোৱা, যদি তোমালোকে সত্যবাদী হোৱা’। (ছুৰা ইউনুছঃ ৩৮)

সৰ্বশক্তিমান আল্লাহে পৱিত্ৰ কোৰআনত আৰু কৈছে,

আমি আমাৰ বান্দাৰ ওপৰত যি অৱতীৰ্ণ কৰিছোঁ তাত যদি তোমালোকৰ কোনো সন্দেহ থাকে তেন্তে ইয়াৰ অনুৰূপ কোনো এটা ছুৰা ৰচনা কৰি আনা আৰু আল্লাহৰ বাহিৰে তোমালোকৰ সকলো সাক্ষী-সহায়কাৰীক আহ্বান কৰা, যদিহে তোমালোক সত্যবাদী।

এতেকে যদি তোমালোকে এনে নকৰা- আৰু তোমালোকে এইটো কেতিয়াও কৰিব নোৱাৰিবা, তেনেহ’লে সেই জুইৰ পৰা বাচিবলৈ ব্যৱস্থা কৰা যাৰ ইন্ধন হ’ব মানুহ আৰু শিল, যিটো প্ৰস্তুত কৰা হৈছে কাফিৰসকলৰ বাবে।

(ছুৰা আল-বাক্বাৰাহঃ ২৩-২৪)

অকণমান আয়াতৰ এই বাক্যৰ প্ৰতি মন কৰকচোন:

{তোমালোকে কৰিব নোৱৰা- আৰু তোমালোকে এইটো কেতিয়াও কৰিব নোৱাৰিবা}

(ছুৰা আল-বাক্বাৰাহঃ ২৪)

তেওঁলোকে এইটো কৰিব পৰা নাই আৰু কৰাৰ ক্ষমতাও নাই। পৱিত্ৰ কোৰআনে আগৰ পৰাই মুশ্বৰিকসকলৰ মাজৰ সাহিত্যিকসকলক তথা ভাষাবিদসকলক প্ৰত্যাহ্বান জনাই আহিছে, কিন্তু তেওঁলোকে এই প্ৰত্যাহ্বানৰ মুখামুখী হ’বলৈ সাহস গোটাব পৰা নাই, তথা এনেকুৱা কোনো গ্ৰন্থ জনসন্মুখত আজিলৈ প্ৰকাশ কৰিব পৰা নাই। ড° 'আব্দুল্লাহ দাৰাজে (আল্লাহে তেখেতৰ ওপৰত ৰহম কৰক) কৈছে, “নবী (চাল্লাল্লাহু আলাইহি অছাল্লামে) ভয় কৰা নাছিলনে যে, এই প্ৰত্যাহ্বানে তেওঁলোকৰ সাহিত্যিক উদ্যমতাক উত্তেজিত কৰিব? তথা তেওঁলোক সকলোৱে এই প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সম্পূৰ্ণ প্ৰস্তুতি সহকাৰে থিয় দিব? তেখেত তেতিয়া কি কৰিব পাৰিলেহেঁতেন, যদি তেওঁলোকৰ মাজৰ ভাষাবিদ তথা সাহিত্যিকসকলে মিলি ইয়াৰ দৰে এখন গ্ৰন্থ ৰচনা কৰাৰ নিৰ্ণয় ল’লেহেঁতেন, যদিও তাৰ অংশ বিশেষে নহওক কিয়?

তদুপৰি যদি তেওঁ সেই সময়ৰ লোকসকলক এই প্ৰত্যাহ্বান দিয়াহেঁতেন তেন্তে বিষয়টো বেলেগ আছিল, কিন্তু বিষয়টো তেনেকুৱাও নহয়, তেখেতে ভৱিষ্যত প্ৰজন্মকো এই প্ৰত্যাহ্বান জনাইছে?

এইটো এটা এনেকুৱা সাহসিক কৰ্ম, যিটোৰ ক্ষেত্ৰত নিজৰ ক্ষমতা সম্পৰ্কে অৱগত ব্যক্তিয়ে কেতিয়াও আগ নাবাঢ়িব। এনেকুৱা পদক্ষেপ কেৱল সেই ব্যক্তিয়েই লব পাৰিব যিয়ে আকাশত হোৱা নিৰ্ণয় আৰু সংবাদ সম্পৰ্কে অৱগত। এইদৰে আমি গম পালোঁ যে, তেখেতে পৃথিৱীবাসীক যি প্ৰত্যাহ্বান দিছে, সেইটো নিশ্চিতভাৱে আল্লাহৰ আদেশ। সেইকাৰণেই ইয়াৰ মুকাবিলা কৰাৰ প্ৰয়াস কৰা প্ৰতিজন ব্যক্তিয়েই প্ৰতিটো যুগতে বিফল হৈছে তথা ব্যৰ্থ হৈছে।" (৭৭) (৭৭) আন-নাবা উল-আজীম, ড° আব্দুল্লাহ দাৰাজ (ৰাহিমাহুল্লাহ) (পৃষ্ঠা ৪৪-৪৫) কিন্তু মুশ্বৰিকসকলে ভাবিছিল যে, কোৰআনৰ বিৰোধিতা কৰা আৰু ইয়াৰ প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ বিপৰীতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে যুদ্ধ কৰিবলৈ সেনাবাহিনী আৰু বিভিন্ন দলবোৰক একত্ৰিত কৰাটোহে অধিক সহজ। সিহঁত এইটো কৰিবলৈহে সক্ষম আছিল, ইয়াৰ বাহিৰে একো কৰাৰ ক্ষমতা নাছিল।

আৰু কাফিৰবিলাকে কয়, ‘তোমালোকে এই কোৰআনৰ নিৰ্দেশ নুশুনিবা আৰু সেয়া তিলাৱত কৰাৰ সময়ত হৈ চৈ সৃষ্টি কৰিবা, যাতে তোমালোকে জয়ী হ’ব পাৰা’। [ছুৰা ফুচ্ছিলাত : ২৬] এতেকে সকলো আৰবীয়ান লোক আৰু আন আন জাতি জনগোষ্ঠী তথা অন্যান্য ভাষাভাষী লোকসকল, যিসকলে এই প্ৰত্যাহ্বান সম্পৰ্কে গম পাইছে, কোনেও এই ক্ষেত্ৰত সাহস দেখুৱাব পৰা নাই, যিটো কৰিব পাৰিলে নাস্তিকসকলে শান্তি পালেহেঁতেন আৰু আনৰ বাবেও শান্তি লাভৰ কাৰণ হ’লহেঁতেন।

আলুছী (ৰাহিমাহুল্লাহে) কৈছেঃ “তেতিয়াৰ পৰা আজিলৈকে সিহঁতৰ মাজৰ কোনোৱেই এটা শব্দও প্ৰস্তুত কৰি দেখুৱাব পৰা নাই, আনকি কোনো বিশেষ্যৰ বৈশিষ্ট্যও উপস্থাপন কৰি দেখুৱাব পৰা নাই।”

জুবাইৰ ইবনে মুত’ঈমে ইছলাম গ্ৰহণ কৰাৰ পূৰ্বে এই কথা কৈছিল যে, মই নবী (চাল্লাল্লাহু আলাইহি অছাল্লাম)ক মাগৰিবৰ নামাজত ছুৰা তুৰ তিলাৱত (পাঠ) কৰা শুনিছিলোঁ, যেতিয়া তেখেতে এই আয়াত আহি পাইছিল:

সিহঁতে স্ৰষ্টাবিহীন সৃষ্টি হৈছে নেকি, নে সিহঁত নিজেই স্ৰষ্টা?

নে সিহঁতে আকাশমণ্ডল আৰু পৃথিৱীক সৃষ্টি কৰিছে? বৰং সিহঁতে দৃঢ় বিশ্বাস নকৰে।

অথবা সিহঁতৰ ওচৰত তোমাৰ প্ৰতিপালকৰ গোপন ভাণ্ডাৰ আছে নেকি, নে সিহঁতেই সকলো বস্তুৰ নিয়ন্ত্ৰণকাৰী?

[ছুৰা তুৰ: 35-37]

তেওঁ কৈছে যে, মোৰ এনেকুৱা লাগিল যেনিবা মোৰ অন্তৰ উৰি আছে। (৭৮)

(৭৮) ছহীহ আল-বুখাৰী (হাদীছ নং ৪৮৫৪)৷

কোৰআনত বৰ আচৰিত ৰহস্য নিহিত আছে, যিটো প্ৰত্যক্ষভাৱে মানুহৰ অন্তৰক প্ৰভাৱিত কৰে।

ভাবি চাওকচোন! আবু বকৰ ৰাদ্বিয়াল্লাহু আনহুৱে যেতিয়া কোৰআন তিলাৱত কৰিছিল তেতিয়া সেই তিলাৱতৰ আকৰ্ষণ আৰু অনুভূতি স্পৰ্শ কৰি কিদৰে মুশ্বৰিকসকলৰ স্ত্ৰীসকলে তেওঁৰ ঘৰৰ চাৰিওফালে ভিৰ কৰিছিল, আনকি এই দেখি কুৰাইশ্বৰ লোকসকলেও আতংকিত হৈ পৰিছিল। (৭৯) (৭৯) ছহীহ আল-বুখাৰী (হাদীছ নং ৩৯০৫)৷ এই কাৰণেই আৰব প্ৰতিনিধিসকলে এই কথাত সহমত পোষণ কৰিছিল যে, সিহঁতে কোৰআন শুনা উচিত নহয় তথা নিজৰ পৰিয়ালবৰ্গকো ইয়াৰ পৰা আঁতৰাই ৰখা উচিত। কুফৰৰ ওপৰত অবিচল থকাৰ এইটোৱে হৈছে একমাত্ৰ উপায়।

মহান কোৰআনৰ আশ্চৰ্য্যজনক ৰহস্যৰ কোনো অন্ত নাই। ড. আব্দুল্লাহ দাৰাজ ৰাহিমাহুল্লাহে কোৰআনৰ আয়াত বিভিন্ন সময়ত অৱতীৰ্ণ হোৱা বিষয়টোক উল্লেখ কৰি এই সন্দৰ্ভত কৈছে যে, কোৰআনৰ আয়াতবোৰ বিভিন্ন সময়ত বিভিন্ন প্ৰেক্ষাপটত অৱতীৰ্ণ হৈছিল আৰু সেইবোৰক নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বেলেগ বেলেগ ছুৰাৰ নিৰ্দিষ্ট স্থানত সন্নিবিষ্ট কৰিবলৈ নিৰ্দেশ দিছিল আৰু ইয়াৰ পিছত যেতিয়া সেই ছুৰাবোৰ সম্পূৰ্ণ হৈছিল তেতিয়া প্ৰতিটো ছুৰা এনেকুৱা হৈছিল যেনিবা প্ৰতিটো ছুৰাকে স্বতন্ত্ৰভাৱে সন্নিবিষ্ট কৰা হৈছে। তেওঁ আৰু কৈছে, “কোৰআন অৱতীৰ্ণ হোৱাৰ সময়ত কোৰআনৰ কিছুমান স্থান, অন্যান্য স্থানতকৈ পৃথক বুলি অনুভৱ হৈছিল, কিন্তু তাৰ পিছত যিবোৰ আয়াত অৱতীৰ্ণ হৈছিল সেইবোৰ আয়াতক নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জিব্ৰীলৰ মাধ্যমত বিভিন্ন স্থানত যোগ কৰিছিল, কিছুমানক ইয়াত আৰু কিছুমানক তাত অৰ্থাৎ বিভিন্ন ছুৰাৰ বিভিন্ন আয়াতৰ পিছত সন্নিবিষ্ট কৰাৰ নিৰ্দেশ দিছিল। অৱশেষত লাহে লাহে প্ৰতিটো ছুৰা স্বতন্ত্ৰ ছুৰাত পৰিণত হৈছিল।

যেতিয়া আমি ইতিহাস পঢ়ি চাওঁ, বিশেষকৈ পৱিত্ৰ কোৰআনৰ আয়াতসমূহ অৱতীৰ্ণ হোৱাৰ ইতিহাস, তেতিয়া আমি দেখিবলৈ পাওঁ যে, সাধাৰণতে বিশেষ কোনো পৰিস্থিতি তথা বিশেষ কোনো প্ৰেক্ষাপটতহে অহী অৱতীৰ্ণ হৈছিল, যিবোৰ ঘটনাই আমালৈ প্ৰশ্ন এৰি যায় যে, এইবোৰ আয়াতক কেতিয়া ভিন ভিন ছুৰাৰ ৰূপ দিয়া হৈছিল? যেনিবা কোৰআনখন পুৰণি অৱস্থাৰ কিছুমান টুকুৰাহে, যিবোৰ ক্ৰমিক সংখ্যাৰ সৈতে সিঁচৰতি হৈ আছিল, যাক পুৰণি অৱস্থালৈ পুনৰ গঠণৰ বাবে অৱতীৰ্ণ কৰা হৈছে। অন্যথা ইমানবোৰ ছুৰাক এটা সময়তে ইমান সুসংগঠিতভাৱে পদ্ধতিগত ব্যৱস্থাত একত্ৰিত কৰা বিষয়টো বুজোৱা সম্ভৱ জানো? কিন্তু ভৱিষ্যতত সংঘটিত হ’বলগীয়া ঘটনাবোৰ আৰু সেইবোৰৰ শ্বৰঈ দাবী লগতে সেইবোৰৰ আকাংক্ষিত সমাধান, তাৰোপৰি শব্দৰ গাঁথনি যিবোৰৰ সহায়ত প্ৰয়োজনীয় সমাধান দিয়া হ’ব, লগতে এই ছুৰাবোৰৰ সৈতে সেই ঘটনাবোৰৰ সম্পৰ্ক আদি, এই সকলোবোৰৰ বিপৰীতে এনেকুৱা পদ্ধতি অৱলম্বন কৰাটো (অৰ্থাৎ ইমান সুসংগঠিত কোৰআনৰ ছুৰাবোৰ সজোৱাৰ পৰিকল্পনা কৰাটো) কোনো ব্যক্তিৰ বাবে সম্ভৱনে, ইতিহাসত ইয়াৰ কোনো উদাহৰণ আছেনে?

(উক্ত পদ্ধতিটোৰ প্ৰতি গভীৰভাৱে চিন্তা কৰিলে) আমি এই সিদ্ধান্তত উপনীত হোৱা উচিত নহয়নে যে, এই ধৰণৰ পৰিকল্পনা বাস্তৱায়িত কৰিবলৈ আৰু ইয়াৰ প্ৰয়োজনীয় দাবীক বাস্তৱায়িত কৰিবলৈ এজন মহান সৃষ্টিকৰ্তাৰ দৰকাৰ, যি সত্ত্বা উক্ত পৰিকল্পনাক সুচাৰুৰূপে বাস্তৱায়িত কৰিবলৈ সক্ষম? (৮০)

(৮০) কিতাব মাদখাল ইলাল কুৰআনিল-কাৰীম, ড° আব্দুল্লাহ দাৰাজ।

গতিকে কোৰআনখন হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নুবুওৱতৰ সত্যতা প্ৰমাণ কৰাৰ এক স্বতন্ত্ৰ অলৌকিকতা।

নবী (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ হতোৱাই বহুতো অলৌকিক ঘটনা সংঘটিত হৈছিল, যিবোৰৰ সংখ্যা এহেজাৰতকৈও অধিক। সেইবোৰ অলৌকিক ঘটনা মানুহে নিজ চকুৰে দেখিছে, লগতে যিসকলে সেইবোৰ ঘটনা আমালৈ বৰ্ণনা কৰিছে তেওঁলোক হৈছে সৃষ্টিৰ মাজত আটাইতকৈ সত্যবাদী আৰু পূণ্যৱান লোক।

আৰু এইসকল ৰাৱী যিসকলে আমালৈ এই অলৌকিকতাবোৰ বৰ্ণনা কৰিছে, তেওঁলোকে সৰুতকৈ সৰু কথাতো মিছা কথা কোৱাৰ পক্ষপাতী নাছিল, তেন্তে তেওঁলোকে কেনেকৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ বিষয়ে মিছা কথা ক'ব? অথচ তেওঁলোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ এই সতৰ্কবাণী সম্পৰ্কে ভালকৈয়ে অৱগত আছিল যে, তেখেতে কৈছেঃ “যিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ বিষয়ে মিছা কথা ক'ব, সি যেন নিজৰ ঠিকনা জাহান্নামত বনাই লয়”।

আনহাতে তেখেতৰ কিছুমান অলৌকিকতা এনেকুৱাও আছে, যিবোৰ অলৌকিকতা তেখেতৰ চাৰিওফালে থকা হাজাৰ হাজাৰ চাহাবাসকলে প্ৰত্যক্ষ কৰিছিল; আৰু কিছুমান ঘটনা বহুতো চাহাবাই বৰ্ণনা কৰিছে। গতিকে এই আটাইবোৰ ক্ষেত্ৰত তেওঁলোক কেনেকৈ মিছা কথা ক’বলৈ সৰ্বসন্মতিক্ৰমে একমত হ'ব পাৰে?

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ এনেকুৱা মুজিঝা (অলৌকিকতা) যিটোক বহু সংখ্যক চাহাবাই প্ৰত্যক্ষ কৰিছিল, তাৰে অন্যতম এটা ঘটনা হৈছেঃ এডাল খেজুৰ গছৰ কাণ্ডই তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ মুহাব্বতত উচপি উঠিছিল। এইটো এটা বিখ্যাত হাদীছ, তথা মুতাৱাতিৰ পৰ্যায়ত বৰ্ণিত হাদীছ। ঘটনাটো এনেকুৱা যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এডাল খেজুৰ গছৰ কাণ্ডৰ ওপৰত থিয় হৈ খুতবা প্ৰদান কৰিছিল, কিন্তু যেতিয়া তেখেতৰ বাবে মিম্বৰ নিৰ্মাণ কৰা হ'ল আৰু তেখেত সেইটোৰ ওপৰত উঠি খুতবা দিবলৈ ধৰিলে তেতিয়া সেই খেজুৰ গছৰ কাণ্ডডালে তেখেতৰ মুহাব্বতত শিশুৰ দৰে চিঞৰি কান্দিবলৈ ধৰিলে, আনকি তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে সেই খেজুৰ কাণ্ডটোক সাৱটি নধৰালৈকে কান্দিয়ে আছিল, সাৱটি ধৰাৰ পিছতহে শান্ত হৈছিল।

এই হাদীছটোক চাহাবাসকলৰ মাজৰ পৰা আনাছ ইবনে মালিক, জাবিৰ ইবনে আব্দুল্লাহ, আব্দুল্লাহ ইবনে আব্বাছ, আব্দুল্লাহ ইবনে ওমৰ, উবাই ইবনে কা ’ ব, আবু ছাইদ, ছাহল ইবনে ছা’দ, আইশ্বা বিন্তে আবু বকৰ আৰু উম্মে ছালামা ৰাদ্বিয়াল্লাহু আনহুম আজমাঈনে বৰ্ণনা কৰিছে।

ইমান সংখ্যক চাহাবাই একেলগে এনেকুৱা এটা ঘটনা বৰ্ণনা কৰাৰ ক্ষেত্ৰত মিছা কথা ক’বলৈ সন্মত হ’ব পাৰেনে?

বৰং তেখেতৰ কিছুমান মুজিঝা (অলৌকিকতা) এনেকুৱাও আছে যিবোৰক হেজাৰ হেজাৰ চাহাবাই প্ৰত্যক্ষ কৰিছিল। উদাহৰণস্বৰূপে তেখেতৰ সন্মানীয় হাতৰ আঙুলিৰ মাজৰ পৰা পানীৰ স্ৰোত বৈ অহা, যি পানীৰে পোন্ধৰ শ চাহাবাই অজু কৰিছিল আৰু নিজৰ তৃষ্ণা নিবাৰণ কৰিছিল। এই হাদীছটোও মুতাৱাতিৰ পৰ্যায়ৰ বৰ্ণিত হাদীছ আৰু এই হাদীছটো বুখাৰী আৰু মুছলিমত বৰ্ণিত আছে।

এইদৰে আন এটা অলৌকিকতা হৈছে সামান্য পৰিমাণৰ খাদ্য ইমানেই বৃদ্ধি হৈছিল যে সেই খাদ্যৰ দ্বাৰা এক বৃহৎ সংখ্যক সৈন্যবাহিনীয়ে ভক্ষণ কৰিছিল। এই হাদীছটোকো চাহাবাসকলে মুতাৱাতিৰ পৰ্যায়ত বৰ্ণনা কৰিছে। কেৱল ইমাম বুখাৰী ৰাহিমাহুল্লাহেই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ হাতত খাদ্য বৃদ্ধি হোৱা মুজিঝাবোৰক পাঁচ ঠাইত বৰ্ণনা কৰিছে।(৮১)

(৮১) বুখাৰী (হাদীছ নং ১২১৭) (হাদীছ নং ২৬১৮) (হাদীছ নং ৩৫৭৮) (হাদীছ নং ৪১০১) আৰু (হাদীছ নং ৬৪৫২). এই সকলোবোৰ বেলেগ বেলেগ ঘটনা, ইমান কেইটা ঘটনা কেৱল ছহীহ বুখাৰীতেই আছে।

গতিকে যিহেতু তেখেতৰ নুবুওৱতৰ সত্যতাৰ প্ৰমাণ আৰু মুজিঝা সুপ্ৰতিষ্ঠিত তথা প্ৰমাণিত, তেতিয়াহ’লে এজন সচেতন ব্যক্তিয়ে এই সকলোবোৰক কেনেকৈ অস্বীকাৰ কৰিব পাৰে?

তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ আৰু কেইটিমান অলৌকিক ঘটনা ইয়াত উল্লেখ কৰা হ’ল:

এদিনাখন তেখেতে চাহাবাসকলক ক’লে যে, আজি ৰাতি এজাক প্ৰচণ্ড বতাহ হ’ব, সেয়ে তেখেতে তেওঁলোকক তাহাজ্জুদ পঢ়িবলৈ নিষেধ কৰিলে। কিন্তু তথাপিও এজনে বাধা নামানি তাহাজ্জুদত থিয় হ’ল, ফলত বতাহে তাক উৰুৱাই লৈ বহু দূৰত পেলাইছিল। (৮২)

(৮২) ছহীহ মুছলিম (হাদীছ নং ৩৩১৯)।

তেখেত (চাল্লাল্লাহু আলাইহি অছাল্লামে) নাজ্জাশ্বীৰ মৃত্যুৰ খবৰ সেইদিনাই দিছিল যিদিনা তেওঁ মৃত্যুবৰণ কৰিছে আৰু তেখেতে নামাজে জানাজাত চাৰিটা তাকবীৰ দিছিল। (৮৩)

(৮৩) ছহীহ আল-বুখাৰী (হাদীছ নং ১৩৩৩)।

এইদৰে তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ওমৰ, উছমান, আলী, তালহা আৰু জুবাইৰ ৰাদ্বিয়াল্লাহু আনহুম সম্পৰ্কে আগতীয়াকৈ জনাই দিছিল যে, তেওঁলোকে সাধাৰণ লোকৰ দৰে স্বাভাৱিক মৃত্যুবৰণ নকৰিব, বৰং তেওঁলোক শ্বহীদ হ’ব। এতেকে এদিনাখন ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আবু বকৰ, উছমান, আলী, তালহা আৰু জুবাইৰ ৰাদ্বিয়াল্লাহু আনহুমৰ সৈতে পাহাৰৰ ওপৰত আৰোহণ কৰিছিল, হঠাৎ প্ৰকাণ্ড শিলাখণ্ড কঁপিবলৈ ধৰিলে, তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে সেই পাহাৰটোক সম্বোধন কৰি ক’লে: “শান্ত হোৱা, কাৰণ তোমাৰ ওপৰত নবী, চিদ্দীক আৰু শ্বহীদৰ বাহিৰে বেলেগ কোনো নাই।” (৮৪) (৮৪) ছহীহ মুছলিম (হাদীছ নং ২৪১৭) ৷ অৰ্থাৎ ইয়াৰ দ্বাৰা তেখেতে নিজকে নবী আৰু আবু বকৰক চিদ্দীক, আৰু বাকীসকলক শ্বহীদ হিচাপে উল্লেখ কৰিছে। এতেকে তেখেতে যিটো কথা উল্লেখ কৰিছিল, পৰৱৰ্তী সময়ত সেইটোৱে বাস্তৱায়িত হৈছে।

এইদৰে ১৫০ টা এনেকুৱা হাদীছ আছে, য'ত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ প্ৰতিপালকৰ ওচৰত দুআ কৰিছিল আৰু সেইটো লগে লগে গৃহীত হৈছিল, আৰু এইবোৰ ঘটনা মানুহে নিজ চকুৰে প্ৰত্যক্ষ কৰিছিল। (৮৫)

(৮৫) এই হাদীছসমূহক ছাইদ ইবনে আব্দুল কাদিৰ বাছিয়ানফাৰে তেওঁৰ কিতাপ "দালাইলুন-নুবুওৱাহ"ত একত্ৰিত কৰিছে। কিতাপখন দাৰ ইবনে হাজমৰ দ্বাৰা প্ৰকাশিত। মক্কাৰ অধিবাসীসকলে যেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আবেদন কৰিলে যে, সিহঁতক এটা অলৌকিকতা দেখুৱাব লাগে, তেতিয়া তেখেতে সিহঁতক চন্দ্ৰ দুভাগ কৰি দেখুৱাইছিল, আনকি সিহঁতে হিৰা পৰ্বতৰ দুইফালে চন্দ্ৰৰ দুটা ভাগ দেখা পাইছিল। এই হাদীছটোও মুতাৱাতিৰ আৰু উচ্চ পৰ্যায়ৰ ছহীহ হাদীছ। এইকাৰণেই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ডাঙৰ ডাঙৰ সমাৱেশ যেনে- জুমুআহ আৰু দুই ঈদৰ নামাজত ছুৰা আল-কামাৰ তিলাৱত কৰিছিল, য’ত চন্দ্ৰক দ্বিখণ্ডিত কৰা অলৌকিকতাৰ (মুজিঝা) উল্লেখ আছে, যাতে এই মুজিঝা সম্পৰ্কে মানুহে গম পায় আৰু তেখেতে ইয়াৰ দ্বাৰা তেখেতৰ নুবুওৱতৰ সত্যতা প্ৰমাণ কৰিছিল।

নবী (চাল্লাল্লাহু আলাইহি অছাল্লামে) এইটোও সদৰি কৰিছে যে, আদম আলাইহিচ্ছালামক পৃথিৱীৰ সকলো জীৱৰ ভিতৰত একেবাৰে শেষত সৃষ্টি কৰা হৈছে, তেখেতে কৈছে: "আল্লাহে জুমুআৰ দিনা (শুকুৰবাৰে) আচৰৰ পিছত সকলো সৃষ্টিৰ অন্তত আদমক সৃষ্টি কৰিছে।" (৮৬) (৮৬) ছহীহ আল-জামে' (হাদীছ নং ৮১৮৮) এই সত্য এতিয়া বৈজ্ঞানিকভাৱেও প্ৰমাণিত যে, মানৱ হৈছে এই পৃথিৱীত সৃষ্টি হোৱা তথা প্ৰকাশ পোৱা সৰ্বশেষ প্ৰাণী। গতিকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেনেকৈ জানিব পাৰিলে যে, পৃথিৱীত উদ্ভিদ আৰু জীৱ-জন্তুৰ পিছত আদম আলাইহিচ্ছালামেই হৈছে সৰ্বশেষ সৃষ্টি?

এই আয়াতটোৰ প্ৰতিও অলপ মন কৰকচোন, য’ত কোৱা হৈছে:

আমি ৰাতি আৰু দিনক দুটা নিদৰ্শন বনাইছোঁ, তাৰ পিছত ৰাতিৰ নিদৰ্শনক মচি দিছোঁ আৰু দিনৰ নিদৰ্শনক আলোকপ্ৰদ কৰিছোঁ

(ছুৰা আল-ইছৰাঃ ১২)

{তাৰ পিছত ৰাতিৰ নিদৰ্শনক মচি দিছোঁ} : ইয়াৰ অৰ্থ এইটো বুজাই যে, চন্দ্ৰ হৈছে ৰাতিৰ নিদৰ্শন, আগতে ইয়াৰ নিজস্ব পোহৰ আছিল, পিছতহে ইয়াৰ নিজস্ব পোহৰ মচি পেলোৱা হৈছে।

এই আয়াতৰ হুবহু এই তাফছীৰটোকেই চাহাবাসকলে বৰ্ণনা কৰিছে। এতেকে ইমাম ইবনে কাছীৰে তেখেতৰ তাফছীৰ গ্ৰন্থত আব্দুল্লাহ ইবনে আব্বাছৰ পৰা বৰ্ণনা কৰিছে যে, তেওঁ কৈছেঃ “চন্দ্ৰৰ আগতে সূৰ্য্যৰ দৰেই পোহৰ আছিল, চন্দ্ৰই হৈছে ৰাতিৰ নিদৰ্শন, পিছতহে চন্দ্ৰৰ পোহৰ মচি পেলোৱা হৈছে।” আচৰিত কথাটো হৈছে এই যে, আধুনিক বিজ্ঞানেও আজি এই ফলাফলত উপনীত হৈছে। সেয়ে নাছাই নিজৰ অফিচিয়েল ৱেবছাইট আৰু চেনেলত এই কথা প্ৰকাশ কৰিছে: চন্দ্ৰ নিজৰ প্ৰাৰম্ভিক যুগত উজ্জ্বল আৰু প্ৰচণ্ড উষ্ণ আছিল। (৮৭) [৮৭] http://www.nasa.gov/mission_pages/LRO/news/vid-tour.html https://www.youtube.com/watch?v=UIKmSQqp8wY

এইটো বিশ্বস্ত সূত্ৰৰ দ্বাৰা প্ৰমাণিত যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ হাতেৰে অসংখ্য নিদৰ্শন প্ৰকাশ পাইছে, তেখেতে গায়েবৰ অসংখ্য সংবাদ জনাইছে, লগতে পৃথিৱী আৰু আকাশৰ অগণন সুক্ষ্ম ৰহস্য সম্পৰ্কে অৱগত কৰিছে। তেখেতৰ ওপৰত কোৰআন অৱতীৰ্ণ হৈছে, তেখেতে পূৰ্বৱৰ্তী নবীসকলৰ পথ দেখুৱাইছে। তেখেত আল্লাহৰ ফালৰ পৰা সমৰ্থন লাভ কৰিছে, লগতে তেখেতে শ্বৰীয়ত সম্পূৰ্ণ তথা চূড়ান্ত নোহোৱালৈকে মৃত্যুবৰণ কৰা নাছিল। এতেকে বিবেকে এইটোৱে কয় যে, তেখেত এজন নবী আছিল। গায়েব সম্পৰ্কীয় তেখেতৰ নিদৰ্শনসমূহৰ সংখ্যা এহেজাৰতকৈও অধিক।

তেখেতৰ এই অলৌকিকতা তথা মুজিঝাবোৰক সৃষ্টিৰ ভিতৰত সৰ্বোচ্চ মৰ্যাদাৰ অধিকাৰী নেক লোকসকলে অৰ্থাৎ চাহাবাসকলে বৰ্ণনা কৰিছে।

আচৰিত কথাটো হৈছে এই যে, জ্যেষ্ঠ চাহাবাসকলে এইবোৰ অলৌকিকতা প্ৰত্যক্ষ কৰাৰ আগতেই ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। তেওঁলোকে ইছলামত প্ৰৱেশ কৰিছিল, কাৰণ তেওঁলোকে জানিছিল যে, মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) হৈছে এজন সত্যবাদী মানুহ, তেওঁ কেতিয়াও মিছা কথা নকয়।

এয়া হৈছে জ্যেষ্ঠ চাহাবাসকলৰ স্থিতি, যুক্তিসংগত তথা বুদ্ধিমান স্থিতি। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সত্যবাদীতা হৈছে তেখেতৰ নুবুওৱতৰ সত্যতা প্ৰমাণৰ বাবে এটা পৰ্যাপ্ত তথা যথেষ্ট স্বতন্ত্ৰ প্ৰমাণ। এই কাৰণে যে, যিজন ব্যক্তিয়ে নিজকে নবী বুলি দাবী কৰিছে, তেওঁ হয়তো মানুহৰ মাজত আটাইতকৈ সত্যবাদী, কাৰণ তেওঁ এজন নবী, আৰু নবী মানুহৰ মাজত আটাইতকৈ সত্যবাদী হয়; অথবা তেওঁ মানুহৰ মাজত আটাইতকৈ মিছলীয়া, কাৰণ তেওঁ ইমান গুৰুত্বপূৰ্ণ বিষয় এটাৰ সন্দৰ্ভত মিছা কথা ৰচনা কৰিছে। আটাইতকৈ ডাঙৰ সত্যবাদী আৰু আটাইতকৈ ডাঙৰ মিছলীয়া ব্যক্তিৰ মাজত পাৰ্থক্য কৰাত সেই ব্যক্তিয়েই ভুল কৰিব যিজন মানুহৰ মাজত আটাইতকৈ মুৰ্খ। (৮৮)

(৮৮) ইবনে তাইমিয়্যা ৰাহিমাহুল্লাহৰ দ্বাৰা ৰচিত, ছুবুতুন নুবুওৱাত আকলান ওৱা নাকলান, দাৰ ইবনে আল-জাউঝীৰ দ্বাৰা প্ৰকাশিত, (পৃষ্ঠা নং ৫৭৩); আৰু এইখন কিতাপৰেই ৩১৮ নং পৃষ্ঠাতো একেধৰণৰ কথা উল্লেখ আছে।

আটাইতকৈ সত্যবাদী মানুহ আৰু আটাইতকৈ মিছলীয়া মানুহৰ মাজত পাৰ্থক্য কৰাটো এজন বুদ্ধিমান ব্যক্তিৰ বাবে খুবেই সহজ। তেখেত চাল্লাল্লাহু আলাইহি অছাল্লাম নবী হোৱাৰ প্ৰথম দিনটোতেই মক্কাৰ মুশ্বৰিকসকলে এই কথা স্বীকাৰ কৰিছিল যে, আপুনি কেতিয়াও মিছা কথা নকয়। সিহঁতে তেখেতক কৈছিল “আমি আপোনাক কেতিয়াও মিছা কথা কোৱা দেখা নাই।” (৮৯) (৮৯) ছহীহ আল-বুখাৰী (হাদীছ নং ৪৯৭১) ৷

এইদৰে আবু ছুফিয়ানে ইছলাম গ্ৰহণ কৰাৰ পূৰ্বেই যেতিয়া তেওঁক হাৰকিউলিছে সুধিছিল যে, "তেওঁ এতিয়া যিটো দাবী কৰিছে, এই দাবীৰ আগতে তোমালোকে তেওঁক কেতিয়াবা মিছা কথা কওঁতে শুনিছানে?"

আবু চুফিয়ানে উত্তৰত কৈছিলঃ নহয়।

তেতিয়া হাৰকিউলিছে কৈছিল, “এইটো কেতিয়াও হ’ব নোৱাৰে যে, যিজন ব্যক্তিয়ে মানুহৰ ক্ষেত্ৰত মিছা কথা ত্যাগ কৰিছে তেওঁ আল্লাহ সম্পৰ্কে মিছা কথা ক’ব।”

তাৰ পাছত হাৰকিউলিছে কথাপোকথন সম্পন্ন কৰি তেওঁৰ সেই বিখ্যাত বাক্যটো ক'লে: "মই যদি তেওঁৰ কাষত থাকিলোঁহেঁতেন তেন্তে তেওঁৰ ভৰি দুখন ধুই দিলোঁহেঁতেন।" (৯০)

(৯০) ছহীহ আল-বুখাৰী (হাদীছ নং ৭) ৷ মক্কাৰ কাফিৰসকলে তেখেতৰ গোটেই জীৱনৰ এটাও মিছা কথা প্ৰকাশ কৰিব পৰা নাছিল। সেইকাৰণে কোৰআনে সিহঁতক ভৰ্ৎসনা কৰিছে, যিহেতু সিহঁতে তেখেতৰ নুবুওৱতৰ আগৰ জীৱন সম্পৰ্কে অৱগত তথাপিও সিহঁতে অস্বীকাৰ কৰিলে, সেয়ে মহান আল্লাহে কৈছেঃ অথবা সিহঁতে নিজৰ ৰাছুলক চিনিব পৰা নাই বুলি অস্বীকাৰ কৰিছে নেকি?

(ছুৰা আল-মুমিনূনঃ ৬৯) গতিকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ চৰিত্ৰ আৰু তেখেতৰ জীৱনী হৈছে এটা স্বতন্ত্ৰ প্ৰমাণ যে, তেওঁ এজন নবী। তেখেতৰ ওপৰত অসংখ্য দৰূদ আৰু ছালাম বৰ্ষিত হওক, চাল্লাল্লাহু আলাইহি অছাল্লাম।

গতিকে যিহেতু তেখেতৰ নুবুওৱতৰ সত্যতাৰ প্ৰমাণাদি ইমান সুস্পষ্ট আৰু শক্তিশালী, তেনেক্ষেত্ৰত এজন বিবেকৱান হিন্দু ব্যক্তিয়ে কেনেকৈ এইবোৰ তথ্যক অস্বীকাৰ কৰিব পাৰে?

২১) নবীসকলক অস্বীকাৰ কৰি কেৱল আল্লাহৰ প্ৰতি ঈমান আনিলেই যথেষ্ট হ’বনে, যিদৰে কিছুমান হিন্দু ব্যক্তিয়ে কৰে? উত্তৰ: নহয়! নবীসকলক অস্বীকাৰ কৰি কেৱল আল্লাহৰ অস্তিত্বৰ প্ৰতি ঈমান পোষণ কৰাটোৱে যথেষ্ট নহয়। আল্লাহৰ সন্মুখত সম্পূৰ্ণৰূপে আত্মসমৰ্পন কৰাটো অত্যন্ত জৰুৰী। এইটো কেনেকুৱা কথা যে, এজন ব্যক্তিয়ে আল্লাহক নিজৰ সৃষ্টিকৰ্তা, জীৱিকাদাতা, নিয়ন্ত্ৰণকাৰী হিচাপে বিশ্বাস কৰে, কিন্তু তেওঁৰ ফালৰ পৰা অহা অহী আৰু ৰাছুলসকলক অস্বীকাৰ কৰে?

এইটো এটা (মহা কুফৰ) ডাঙৰ অবিশ্বাস।

বৰং ইয়াতকৈ ডাঙৰ অপৰাধী আন কোনো হ'ব নোৱাৰে, যিয়ে আল্লাহৰ অহীক অস্বীকাৰ কৰে। মহান আল্লাহে কৈছে:

নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে কুফৰী কৰে লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ মাজত পাৰ্থক্য কৰিব বিচাৰে আৰু সিহঁতে কয়, ‘আমি কিছুমানৰ ওপৰত ঈমান আনো আৰু কিছুমানৰ লগত কুফৰী কৰোঁ’; আৰু সিহঁতে ইয়াৰ মধ্যৱৰ্তী এটা পথ অৱলম্বন কৰিব বিচাৰে। ইহঁতেই প্ৰকৃত কাফিৰ; আৰু আমি কাফিৰসকলৰ বাবে লাঞ্ছনাদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছোঁ। [ছুৰা আন নিছা: ১৫০-১৫১]

গতিকে যিয়ে আল্লাহক বিশ্বাস কৰে আৰু নবীসকলক অস্বীকাৰ কৰে, সেইজনেই হৈছে প্ৰকৃত কাফিৰ।

যিয়েই নবীসকলৰ মাজৰ কোনো এজন নবীক অস্বীকাৰ কৰিছে, সি দৰাচলতে আল্লাহক অস্বীকাৰ কৰিছে, কাৰণ সি আল্লাহৰ অহীক অস্বীকাৰ কৰিছে। সেইকাৰণেই আহলে কিতাব- ইয়াহুদী আৰু খ্ৰীষ্টানসকলক- কাফিৰ বুলি গণ্য কৰা হয়, কাৰণ সিহঁতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নুবুওৱতক অস্বীকাৰ কৰিছে।

নিশ্চয় আহলে কিতাবসকলৰ মাজৰ যিসকলে কুফৰী কৰিছে সিহঁত আৰু মুশ্বৰিকসকল জাহান্নামৰ জুইত স্থায়ীভাৱে অৱস্থান কৰিব; এওঁলোকেই হৈছে নিকৃষ্ট সৃষ্টি।

[ছুৰা আল-বায়্যিনাহ: ৬]

আল্লাহৰ এই সতৰ্কবাণী সত্য যে, সিহঁত জাহান্নামত প্ৰৱেশ কৰিব। ফলত সিহঁতৰ ওপৰত আমাৰ শাস্তি যথাৰ্থভাৱে আপতিত হৈছিল। [ছুৰা ক্বাফ: ১৪]

কেৱল আল্লাহক সৃষ্টিকৰ্তা, জীৱিকাদাতা, জীৱন দানকাৰী আৰু মৃত্যু প্ৰদানকাৰী মানি লোৱাটোৱে ইছলাম নহয় বা মুক্তি পোৱাটো সম্ভৱ নহয়, বৰং ৰাছুলসকলৰ প্ৰতি ঈমান পোষণ কৰাটোও অত্যন্ত জৰুৰী। সেয়ে নবীসকলক অস্বীকাৰ কৰি কেৱল আল্লাহৰ অস্তিত্বৰ প্ৰতি বিশ্বাস কৰাটোৱে যথেষ্ট নহয়, আৰু কিয়ামতৰ দিনাও এই বিশ্বাসে বান্দাক কোনো উপকাৰ নকৰিব। ইয়াৰ বাবে আল্লাহৰ ইবাদত কৰা আৰু সকলো নবীৰ প্ৰতি ঈমান পোষণ কৰাটো খুবেই জৰুৰী। অকল যদি আল্লাহৰ অস্তিত্বৰ প্ৰতি বিশ্বাস কৰাটোৱে যথেষ্ট হ’লহেঁতেন তেন্তে আল্লাহে ৰাছুল প্ৰেৰণ নকৰিলেহেঁতেন আৰু কিতাবো অৱতীৰ্ণ নকৰিলেহেঁতেন, কাৰণ সকলো মানুহেই নিজৰ স্বাভাৱিক প্ৰকৃতিৰ জৰিয়তে আল্লাহক (নিজৰ সৃষ্টিকৰ্তাক) চিনি পায়।

গতিকে আল্লাহেই আপোনাক সৃষ্টি কৰিছে, হিদায়ত দিছে (পথ প্ৰদৰ্শন কৰিছে) আৰু জীৱিকা দিছে, সেয়ে আপুনি একমাত্ৰ তেওঁৰেই ইবাদত কৰা উচিত, যিদৰে আল্লাহে নবী আৰু ৰাছুলসকলৰ দ্বাৰা ইবাদত কৰিবলৈ শিকাইছে, কাৰণ তেৱেঁই ইবাদতৰ একমাত্ৰ উপযুক্ত।

এতেকে সকলো নবী আৰু বিশেষকৈ সৰ্বশেষ নবী মুহাম্মদ ইবনে আব্দুল্লাহৰ প্ৰতি ঈমান পোষণ কৰা অনিবাৰ্য। (চাল্লাল্লাহু আলাইহি অছাল্লাম)৷

২২) আল্লাহে অনিষ্টক বা বেয়াক কিয় সৃষ্টি কৰিছে? বা আন কথাত ক'বলৈ গ'লে এজন মুছলিমে "বেয়া বা অনিষ্টৰ সমস্যা"ৰ ক্ষেত্ৰত কিদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে?

উত্তৰঃ হিন্দু ধৰ্মত বেয়া বা অনিষ্টৰ ফিতনাটো হৈছে প্ৰায় আটাইতকৈ ডাঙৰ সমস্যা। হিন্দু দৰ্শন এই নীতিৰ ওপৰত স্থাপিত যে, মানুহে বেয়া বা অনিষ্টৰ ফিতনাৰ পৰা মুক্তি পাবলৈ পাহাৰ-পৰ্বত তথা অৰণ্যত বাস কৰি জীৱন অতিবাহিত কৰিব লাগে। হিন্দু ধৰ্মৰ মতে পুনৰজনম বা বাৰে বাৰে জন্ম লোৱাৰ মূল কাৰণটোৱে হৈছে পাপকৰ্ম, যিটো সি পূৰ্বৰ কোনো জনমত কৰিছিল।

অথচ এইবোৰ হৈছে বিভ্ৰান্তিমূলক ভুল ধাৰণা। দৰাচলতে পৃথিৱীত বেয়া বা অনিষ্টৰ অস্তিত্ব এই কাৰণেই যে: আমি হৈছোঁ চৰীয়তৰ অধীনস্থ।

কিয়নো আমি পৰীক্ষা জগতত আছোঁ।

মহান আল্লাহে কৈছে:

আমি ভাল আৰু বেয়াৰ দ্বাৰা তোমালোকক পৰীক্ষা কৰোঁ।

[ছুৰা আল- আন্বিয়া’: ৩৫]

ভাল আৰু বেয়াৰ অস্তিত্ব এইকাৰণেই যে, আপুনি চৰীয়ত মানিবলৈ বাধ্য, আৰু চৰীয়ত মানি চলাৰ এই দায়িত্বই হৈছে আপোনাৰ অস্তিত্বৰ মূল উদ্দেশ্য।

মহান আল্লাহে কৈছে:

তেৱেঁই মৃত্যু আৰু জীৱন সৃষ্টি কৰিছে, যাতে তোমালোকক পৰীক্ষা কৰিব পাৰে যে, তোমালোকৰ মাজত কোনে আটাইতকৈ উত্তম আমল কৰিব পাৰে? তেওঁ পৰাক্ৰমশালী, পৰম ক্ষমাশীল।

[ছুৰা আল-মুল্ক: ২]

যিহেতু আমি চৰীয়ত মানিবলৈ বাধ্য, সেয়ে ফিতনা আৰু বিপদ-আপদ থকাটোও স্বাভাৱিক, আৰু এইটোও স্বাভাৱিক যে আমি দুখ-কষ্ট আৰু অনিষ্টৰ সন্মুখীন হ’ম।

এতেকে বেয়া তথা অনিষ্ট, দুখ-কষ্ট আৰু পাপকৰ্ম কৰাৰ ক্ষমতা আদি হৈছে মানুহৰ স্বাধীন ইচ্ছাৰ দাবী আৰু ঐশ্বৰিক নীতি-নিয়মৰ অধীনস্থ হোৱাৰ ফলাফল।

অনিষ্ট, দুখ-কষ্ট, বিপদ-আপদ, প্ৰবৃত্তিৰ কামনা-বাসনা আদি এইবোৰ হৈছে এনেকুৱা বস্তু, যিবোৰে ভাল মানুহৰ মাজৰ পৰা কল্যাণ আৰু বেয়া মানুহৰ মাজৰ পৰা বেয়া ভাৱ উলিয়াই আনে।

অনিষ্টতাৰ লগতে আমাৰ জীৱনত সীমাহীন কল্যাণো আছে যিবোৰক আমি গণি শেষ কৰিব নোৱাৰোঁ।

আৰু অগণন নিয়ামত বা অনুগ্ৰহ আছে, যিবোৰক হিচাপ কৰা সম্ভৱ নহয়।

আমাৰ জীৱনত যিবোৰ কল্যাণ আছে, তাৰ তুলনাত বেয়া বা অনিষ্টতাৰ সংখ্যা খুবেই তাকৰ।

পৃথিৱীত যদি বেয়াৰ অস্তিত্ব নাথাকিলহেঁতেন তেন্তে আপুনি জন্ম লোৱা ঠাইৰ পৰা ওলাই নাহিলহেঁতেন!

আৰু কোনো সভ্যতাও নাথাকিলহেঁতেন, লগতে কোনো চহৰ, কাৰখানা, ঘৰ নিৰ্মাণো নহ’লহেঁতেন, আনকি মানুহৰ কাম কৰাৰো প্ৰয়োজন নহ’লহেঁতেন, এইদৰে কোনো ৰোগ-ব্যাধি প্ৰতিহত কৰাৰ উপায়ো সন্ধান নকৰিলেহেঁতেন, লগতে কোনো সমস্যা সমাধান কৰাৰ কথা আৰু সুখ সুবিধাৰ চিন্তাও নকৰিলেহেঁতেন।

আৰু মানুহেও নিজৰ জন্মস্থান এৰি বেলেগ ঠাইলৈ স্থানান্তৰিত হ’বলগীয়া নহ’লহেঁতেন।

কিয়নো যদি অনিষ্টতা, দুখ-কষ্ট, বিপদ-আপদ, ক্লান্তি আদিয়েই নাথাকে তেন্তে এইবোৰৰ সমাধান উলিওৱাৰ প্ৰয়োজন কি?!

কি কাৰণত মানুহে পৰিশ্ৰম কৰিব, ৰাতি জাগৰণ কৰিব, চিন্তা-চৰ্চা আৰু কৰ্ম কৰিব?

সেয়ে পৃথিৱীত বেয়াৰ প্ৰয়োজন আছে!

গতিকে, গভীৰভাৱে চিন্তা কৰি চাওক।

এনেকুৱা বহুতো মানুহ আছে যিসকলে দুখ-কষ্টত পতিত হ'লে আল্লাহৰ ফালে উভতি আহে আৰু ভাল কাম কৰিবলৈ ধৰে। এতেকে সকলো ধৰণৰ প্ৰশংসা মহান আল্লাহৰ বাবে তেওঁ অতি পৱিত্ৰ মহিমাময়।

আল্লাহৰ সকলো নিৰ্ণয়তে হিকমত আৰু কল্যাণ আছে। হয়তো তেওঁৰ কিছুমান নিৰ্ণয় প্ৰকাশ্যভাৱে বেয়া বা কষ্টকৰ বুলি অনুভৱ হয়, কিন্তু শেষত ইয়াৰ ভিতৰত নিহিত থকা ডাঙৰ কল্যাণ আৰু মহান হিকমত গম পোৱা যায়।

গতিকে দুখ-কষ্ট আৰু বিপদ-আপদৰ অস্তিত্ব এইকাৰণে যে, আপুনি চৰীয়ত মানিবলৈ বাধ্য। এইকাৰণে নহয় যে, আপুনি পূৰ্বৱৰ্তী জীৱনত কিবা ভুল কৰিছে।

২৩) সৰ্বশক্তিমান আল্লাহৰ ওচৰত আত্মসমৰ্পন কৰাৰ সংকেত কি কি? বা আন কথাত ক’বলৈ গ’লে আপুনি কেনেকৈ জানিব পাৰিব যে আপুনি আল্লাহৰ ওচৰত আত্মসমৰ্পন কৰিছে তথা তেওঁৰ আনুগত্য স্বীকাৰ কৰিছে, লগতে সম্পূৰ্ণৰূপে তেওঁৰ সন্মুখত নত হৈছে?

উত্তৰঃ আল্লাহৰ ওচৰত বশ্যতা স্বীকাৰ কৰাৰ তথা তেওঁৰ ওচৰত আত্মসমৰ্পন কৰাৰ প্ৰতীক হৈছে চাৰিটা, সেইবোৰ হৈছে, যেনে-

প্ৰথম: জীৱনৰ সৰু-বৰ সকলো বিষয়তে আল্লাহৰ দাসত্ব অৱলম্বন কৰা তথা তেওঁৰ আনুগত্য কৰা। মহান আল্লাহে কৈছে:

কোৱা, ‘মোৰ ছালাত, মোৰ কুৰবানী, মোৰ জীৱন আৰু মোৰ মৰণ সৃষ্টিজগতৰ ৰব আল্লাহৰ বাবে’।

‘তেওঁৰ কোনো অংশীদাৰ নাই, আৰু মোক ইয়াৰেই নিৰ্দেশ দিয়া হৈছে, আৰু মুছলিম (আত্মসমৰ্পনকাৰী) সকলৰ মাজত ময়েই প্ৰথম’।

[ছুৰা আল-আন'আম: ১৬২-১৬৩ ]

“মোৰ নামাজ, মোৰ কুৰবানী, মোৰ জীৱন আৰু মোৰ মৰণ, এই সকলোবোৰ (নিৰ্ভেজালভাৱে) একমাত্ৰ বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ বাবে”: অৰ্থাৎ মই মোৰ সকলো কাম একমাত্ৰ আল্লাহৰ সন্তুষ্টিৰ বাবেহে কৰোঁ। ইয়াকেই প্ৰতিটো বিষয়ত আল্লাহৰ দাসত্ব কৰা বুলি কোৱা হয়। তথা এইটোৱেই হৈছে আল্লাহৰ ওচৰত বশ্যতা স্বীকাৰ কৰাৰ প্ৰথম প্ৰতীক।

পৰিপূৰ্ণৰূপে আল্লাহৰ আনুগত্য কৰাৰ দ্বিতীয় পৰিচয়টো হৈছে, আল্লাহে যি আদেশ কৰিছে সেইটো পালন কৰা আৰু যিটোৰ পৰা নিষেধ কৰিছে সেইটোৰ পৰা বিৰত থকা। পৱিত্ৰ মহান আল্লাহে কৈছে:

হে মুমিনসকল! তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা আৰু তোমালোকে তেওঁৰ কথা শুনাৰ সময়ত তেওঁৰ পৰা মুখ ঘূৰাই নলবা।

[ছুৰা আল-আনফাল: ২০]

সৰ্বশক্তিমান আল্লাহে আৰু কৈছে:

{হে মুমিনসকল! ইছলামত পৰিপূৰ্ণৰূপে প্ৰৱেশ কৰা।}

[ছুৰা আল-বাকাৰাহ: ২০৮]

এই আয়াতত ব্যৱহাৰ হোৱা (فِي السِّلْمِ) শব্দটোৰ অৰ্থ হৈছে: ইছলামত।

পৰিপূৰ্ণৰূপে ইছলামত প্ৰৱেশ কৰা: অৰ্থাৎ আল্লাহে দিয়া প্ৰতিটো আদেশ মানি চলা আৰু তেওঁৰ প্ৰতিটো নিষেধকৃত বস্তুৰ পৰা বিৰত থকা।

অৰ্থাৎ আল্লাহে পৱিত্ৰ কোৰআনত মোক যি আদেশ দিছে আৰু তেওঁৰ নবীয়ে হাদীছত যি নিৰ্দেশনা দিছে সেয়া মই পালন কৰিব লাগিব। লগতে মোক যিটোৰ পৰা নিষেধ কৰিছে তাৰ পৰা আঁতৰি থাকিব লাগিব। এইটোৱেই হৈছে আল্লাহৰ প্ৰতি সম্পূৰ্ণৰূপে আজ্ঞা পালন কৰা।

পৰিপূৰ্ণৰূপে আল্লাহৰ আনুগত্য কৰাৰ তৃতীয় পৰিচয়টো হৈছে, আল্লাহে জাৰি কৰা বিধানৰ প্ৰতি নত স্বীকাৰ কৰা, লগতে তাৰ প্ৰতি সন্তুষ্ট হৈ তাক মনে প্ৰাণে গ্ৰহণ কৰা।

কোৰআন আৰু চুন্নাহত উল্লিখিত প্ৰতিটো বিধান মানি চলিব লাগিব, কিয়নো আল্লাহে ভালকৈয়ে জানে, তেওঁৰ বান্দাসকলৰ বাবে কোনটো বস্তু দৰকাৰী আৰু কোনটো অদৰকাৰী।

যিজনে সৃষ্টি কৰিছে, তেৱেঁই নাজানিবনে? অথচ তেওঁ সূক্ষ্মদৰ্শী, সম্যক অৱহিত।

[ছুৰা আল-মুল্ক: ১৪]

তেওঁ আৰু কৈছেঃ

বিচাৰ-ব্যৱস্থা প্ৰদানত আল্লাহতকৈ শ্ৰেষ্ঠ আৰু কোন হ’ব পাৰে?

[ছুৰা আল- মায়িদাহ: ৫০]

আল্লাহেই ভালদৰে জানে মানুহৰ বাবে পৃথিৱী আৰু আখিৰাতত কি কি প্ৰয়োজনীয়।

আল্লাহ প্ৰদত্ত চৰীয়ত প্ৰয়োগ কৰিলে পৰিস্কাৰ-পৰিচ্ছন্ন তথা পৱিত্ৰ সমাজ গঢ়ি উঠে আৰু মানুহে শান্তিপূৰ্ণ নিৰাপদ জীৱন লাভ কৰে।

সৰ্বশক্তিমান আল্লাহে কৈছে:

আৰু আমি যিকোনো ৰাছুল প্ৰেৰণ কৰিছোঁ সেয়া কেৱল এইবাবে যে, যাতে আল্লাহৰ অনুমতিক্ৰমে তেওঁলোকৰ আনুগত্য কৰা হয়,

[ছুৰা আন- নিছা': ৬৪]

আল্লাহে ৰাছুলসকলক এইকাৰণে পঠোৱা নাই যে, তেওঁলোকে লৈ অহা চৰীয়তক যাতে আমি এৰি দিওঁ আৰু বেলেগ বিধানৰ জৰিয়তে সমস্যাৰ সমাধান বিচাৰোঁ।

পৱিত্ৰ মহান আল্লাহে কৈছে:

কিন্তু নহয়, তোমাৰ প্ৰতিপালকৰ শপত! সিহঁত মুমিন হ’ব নোৱাৰে যেতিয়ালৈকে সিহঁতে সিহঁতৰ মাজত সৃষ্টি হোৱা বিবাদ-বিসম্বাদৰ বিচাৰ কাৰ্যত তোমাক মীমাংসাকাৰী হিচাপে মানি নলয়; তাৰ পিছত তোমাৰ মীমাংসা সম্পৰ্কে সিহঁতৰ মনত কোনো দ্বিধা থাকিব নালাগে আৰু যেতিয়ালৈকে সেয়া সৰ্বান্তকৰণে মানি নলয়। [ছুৰা আন- নিছা': ৬৫]

গতিকে আল্লাহৰ চৰীয়তৰ সন্মুখত সম্পূৰ্ণৰূপে আত্মসমৰ্পন কৰাটো অনিবাৰ্য, আৰু এইটোৱেই ইছলামৰ প্ৰতি সমৰ্পিত হোৱাৰ প্ৰতীক।

আনহাতে পৰিপূৰ্ণৰূপে আল্লাহৰ আনুগত্য কৰাৰ চতুৰ্থ পৰিচয়টো হৈছে, আল্লাহে নিৰ্ধাৰণ কৰা ভাগ্যৰ নিৰ্ণয় মানি লোৱা। প্ৰতিটো বস্তুক আল্লাহে তেওঁৰ হিকমত অনুসাৰে নিৰ্ধাৰণ কৰিছে আৰু এজন মুছলিমে সেই ভাগ্যৰ প্ৰতি বিশ্বাস পোষণ কৰে তথা মানি লয়। মঙ্গল হওক বা অমঙ্গল।

এজন মুছলিম যেতিয়া আনন্দিত হয়, তেতিয়া কৃতজ্ঞতা প্ৰকাশ কৰে; আৰু যদি কোনো দুখ-কষ্টৰ সন্মুখীন হয়, তেতিয়া ধৈৰ্য্য ধাৰণ কৰে।

কিয়নো প্ৰতিটো দুখ-কষ্টৰ অন্তৰালত নিশ্চয় কিবা নহয় কিবা এটা হিকমত নিহিত হৈ আছে।

গতিকে প্ৰতিটো বস্তু আল্লাহে নিৰ্ধাৰণ কৰা তাক্বদীৰ অনুযায়ীয়েই হয়। স্বাস্থ্য আৰু বেমাৰ-আজাৰ, ধন-সম্পত্তি আৰু দৰিদ্ৰতা আদি সকলো বিষয় তেওঁৰ নিৰ্ধাৰণ অনুযায়ীহে হয়। সেয়ে প্ৰতিজন মুছলিমে তাক্বদীৰ বা ভাগ্যৰ ওপৰত সন্তুষ্ট হোৱা উচিত। কিয়নো ভাগ্যক আল্লাহেই নিৰ্ধাৰণ কৰিছে।

মহান আল্লাহে কৈছে:

নিশ্চয় আমি প্ৰতিটো বস্তুক এটা নিৰ্ধাৰিত পৰিমাপত সৃষ্টি কৰিছোঁ।

[ছুৰা আল-কামাৰ: ৪৯]

আল্লাহ তাআলাই আৰু কৈছেঃ

কোৱা, ‘আমাৰ লগত কেৱল সেইটোৱে ঘটিব যিটো আল্লাহে আমাৰ বাবে লিখি ৰাখিছে;

[ছুৰা আত- তাওবাহ: ৫১]

আল্লাহে আমাৰ বাবে যিটো নিৰ্ধাৰণ কৰিছে, সেইটোৱে হ’ব।

আন এটা আয়াতত সৰ্বশক্তিমান আল্লাহে কৈছে:

আল্লাহৰ অনুমতি অবিহনে কাৰো মৃত্যু হ’ব নোৱাৰে,

[ছুৰা আলে ইমৰাণ: ১৪৫]

আয়ুসো আল্লাহেই নিৰ্ধাৰণ কৰিছে।

বিশ্বজগতত যি যি ঘটে, লগতে পৃথিৱীৰ প্ৰতিটো বস্তুৰ গতি-বিধি আৰু যি ঘটনাই সংঘটিত হয় সেয়া আল্লাহৰ জ্ঞান, তেওঁৰ ইচ্ছা, তেওঁৰ নিৰ্ধাৰণ আৰু হিকমত অনুসৰিহে হয়।

মহান আল্লাহে কৈছে:

তেৱেঁই সকলো বস্তু সৃষ্টি কৰিছে, তাৰ পিছত সেইবোৰক যথাযথ অনুপাতত নিৰ্ধাৰণ কৰিছে।

[ছুৰা আল-ফুৰকান: ২]

সেই পৱিত্ৰ মহান আল্লাহে প্ৰতিটো বস্তুক সৃষ্টি কৰিছে আৰু প্ৰতিটো বস্তুক পূৰ্বনিৰ্ধাৰণ কৰিছে। তেওঁ যি ইচ্ছা কৰে সেইটোৱে হয় আৰু যিটো ইচ্ছা নকৰে সেইটো নহয়।

গতিকে মই এজন মুছলিম হিচাপে আল্লাহে নিৰ্ধাৰণ কৰা তাক্বদীৰ বা ভাগ্যক মানিবলৈ বাধ্য।

এইদৰেই মানুহে আল্লাহৰ সন্মুখত আত্মসমৰ্পন কৰে আৰু মুছলিম হিচাপে পৰিগণিত হয়।

শেষত আহক জানি লওঁ, ইছলামত কেনেকৈ প্ৰৱেশ কৰিব পাৰি?

ইছলাম হৈছে গোটেই মানৱ জাতিৰ বাবে আল্লাহ প্ৰদত্ত এটা ধৰ্ম। মহান আল্লাহে কৈছেঃ

নিশ্চয় ইছলামেই হৈছে আল্লাহৰ ওচৰত একমাত্ৰ (পছন্দনীয়) দ্বীন

[ছুৰা আলে ইমৰাণ: ১৯]

ইছলাম হৈছে এনেকুৱা এটা ধৰ্ম যিটোৰ বাহিৰে আল্লাহে আন কোনো ধৰ্মকেই গ্ৰহণ নকৰিব।

আৰু যিয়ে ইছলামৰ বাহিৰে আন কোনো দ্বীন সন্ধান কৰিব তাৰ পৰা কেতিয়াও সেয়া গ্ৰহণ কৰা নহ’ব আৰু সি পৰকালত ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ’ব।

[ছুৰা আলে ইমৰাণ: ৮৫]

সেয়ে প্ৰতিজন মানুহেই ইছলাম গ্ৰহণ কৰা উচিত, তেওঁ হিন্দু হওক বা আন কোনো ধৰ্মৰ।

কেৱল ইছলামৰ জৰিয়তেই জাহান্নামৰ পৰা পৰিত্ৰাণ লাভ কৰা আৰু আল্লাহৰ সন্তুষ্টি লগতে জান্নাত লাভ কৰা সম্ভৱ।

ইছলামত প্ৰৱেশ কৰাটো হৈছে সকলো নিয়ামততকৈ ডাঙৰ নিয়ামত। বৰং এইটো হৈছে আপোনাৰ অস্তিত্বৰ আটাইতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ বস্তু।

প্ৰকৃততে ইছলাম হৈছে প্ৰাকৃতিক স্বভাৱ, বিবেক আৰু বেদৰ প্ৰতি প্ৰত্যাৱৰ্তন।

ইছলাম গ্ৰহণ কৰাটো খুবেই সহজ। ইয়াৰ বাবে কোনো বিশেষ ৰীতি-নীতি বা আনুষ্ঠানিকতাৰ প্ৰয়োজন নাই। ইয়াৰ বাবে কেৱল শ্বাহাদাতাইন (দুটা সাক্ষ্যমূলক বাক্য) উচ্চাৰণ কৰিব লাগে। এইদৰে ক’ব লাগে: (''أشهد أن لا إله إلا الله وأشهد أن محمدًا رسول الله'') মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, লগতে মই সাক্ষ্য দিওঁ যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল।

কেৱল এইটো স্বীকাৰ কৰি পঢ়িলেই এজন ব্যক্তি মুছলিম হৈ পৰে।

তাৰ পিছত তেওঁ ইছলামৰ বিধি-বিধান মতে আমল কৰা আৰম্ভ কৰিব।

সদৌ শেষত মই পৰামৰ্শ দিওঁ যে, প্ৰতিজন ব্যক্তিয়ে ইছলাম হাউজ ৱেবছাইটটো বাৰে বাৰে ভিজিট কৰা উচিত, যাতে নৱমুছলিমসকলে ইছলাম কেনেকৈ পালন কৰিব লাগে সেই বিষয়ে সবিশেষ নিজৰ ভাষাত জানিব পাৰে।

ৱেবছাইটৰ লিংকঃ (আৰবীৰ বাবে ইয়াত ক্লিক কৰক) https://islamhouse.com/ar/ (অসমীয়াৰ বাবে ইয়াত ক্লিক কৰক) https://islamhouse.com/as/