حقوق دعت إليها الفطرة
رسالة لطيفة تقدم شرحًا مفصلًا لعشرة حقوق أساسية تشمل حقوق الله تعالى، وحقوق النبي صلى الله عليه وسلم، وحقوق الوالدين، والأولاد، والأقارب، والجيران، والزّوجين، والرّعية والولاة، والمسلمين عمومًا، وغير المسلمين. يهدف الكتاب إلى تعزيز الفهم الصحيح للعلاقات الاجتماعية والواجبات الفردية تجاه الآخرين، مستندًا إلى نصوص الوحي من القرآن الكريم والسنة النبوية، مما يجعله مرجعًا مهمًا لكل مسلم يسعى لتطبيق الشريعة في حياته اليومية مع ربه ومع الآخرين.
These files are generated automatically from the book's text; their layout may differ from the printed edition.
ইয়াৰ পিছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ তোমালোকে ইচ্ছা কৰিলে এই আয়াতটো পঢ়ি চাব পাৰা। মহান আল্লাহে কৈছেঃ "যদি তোমালোকে শাসন কৰ্তৃত্ব পোৱা, তেন্তে তোমালোকে পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰিবা আৰু আত্মীয়তাৰ বন্ধন বিচ্ছিন্ন কৰিবা"? (ছুৰা মুহাম্মদঃ ২২)
প্ৰকৃতিৰ দৃষ্টিকোণৰ পৰা আৱশ্যক আৰু চৰীয়তে স্থাপন কৰা কিছুমান অধিকাৰ।
*
(আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত
ভূমিকা
সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, আমি তেওঁৰ ওচৰতেই সহায় বিচাৰোঁ, আৰু তেওঁৰ ওচৰতেই ক্ষমা প্ৰাৰ্থনা কৰোঁ, আৰু তেওঁৰ ওচৰতেই তাওবা কৰোঁ। আমি আমাৰ আত্মাৰ কুমন্ত্ৰণাৰ পৰা আৰু নিজৰ কৰ্মৰ দুষ্পৰিণামৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ। আল্লাহে যাক হিদায়ত দিয়ে, তাক পথভ্ৰষ্ট কৰিবলৈ কোনো নাই, আৰু তেওঁ যাক পথভ্ৰষ্ট কৰে, তাক হিদায়ত দিওঁতা কোনো নাই, লগতে মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ একক তথা অদ্বিতীয়। তেওঁৰ কোনো অংশীদাৰ নাই। মই আৰু সাক্ষ্য দিওঁ যে, মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) হৈছে তেওঁৰ বান্দা আৰু তেওঁৰ ৰাছুল। দৰূদ আৰু ছালাম বৰ্ষিত হওক তেখেতৰ ওপৰত আৰু তেখেতৰ পৰিয়ালবৰ্গৰ ওপৰত, লগতে চাহাবাসকলৰ ওপৰত, লগতে তেওঁলোকক উত্তমভাৱে অনুসৰণ কৰা সকলো লোকৰ ওপৰত।
ইয়াৰ পিছতঃ মহান আল্লাহে নিৰ্ধাৰণ কৰা চৰীয়তৰ অন্যতম এটা সৌন্দৰ্য্য হৈছে এই যে, এই চৰীয়তে ন্যায়ৰ প্ৰতি গুৰুত্ব দিয়ে, আৰু কোনো ধৰণৰ কম বেছি নকৰাকৈ প্ৰাপ্য অধিকাৰী ব্যক্তিক তাৰ অধিকাৰ অৰ্পণ কৰে। মহান আল্লাহে ন্যায় কৰিবলৈ, পৰোপকাৰ কৰিবলৈ আৰু আত্মীয়ৰ প্ৰাপ্য অধিকাৰ আদায় দিবলৈ নিৰ্দেশ দিছে। ন্যায় নীতিৰ সৈতে আল্লাহে ৰাছুলসকলক প্ৰেৰণ কৰিছে আৰু কিতাব অৱতীৰ্ণ কৰিছে। একমাত্ৰ ন্যায়ৰ জৰিয়তেই পৃথিৱী আৰু আখিৰাতৰ সকলো বিষয় সমাধান হয়।
ন্যায় কোৱা হয়, প্ৰতিজন প্ৰাপ্য অধিকাৰীক তাৰ অধিকাৰ অৰ্পণ কৰা, আৰু প্ৰতিজন ব্যক্তিক তাৰ উচিত স্থান প্ৰদান কৰা। এইবোৰ অধিকাৰ তেতিয়াহে প্ৰদান কৰা সম্ভৱ হ'ব, যেতিয়া এই বিষয়ে অৱগত হোৱা যাব। সেইকাৰণেই আমি ইয়াত কিছুমান অধিকাৰ সম্পৰ্কে আলোচনা কৰিছোঁ, যাতে বান্দাই নিজৰ সাধ্য অনুযায়ী সেইমতে আমল কৰিব পাৰে। সেই অধিকাৰসমূহ হৈছেঃ
১- মহান আল্লাহৰ অধিকাৰ।
২- নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ অধিকাৰ।
৩- পিতৃ-মাতৃৰ অধিকাৰ।
৪- সন্তান-সন্ততিৰ অধিকাৰ।
৫- আত্মীয়সকলৰ অধিকাৰ।
৬- স্বামী স্ত্ৰীৰ অধিকাৰ।
৭- শাসক আৰু ৰাইজৰ অধিকাৰ।
৮- প্ৰতিৱেশীৰ অধিকাৰ।
৯- সৰ্বসাধাৰণ মুছলিমসকলৰ অধিকাৰ।
১০- অমুছলিমসকলৰ অধিকাৰ।
এইবোৰ অধিকাৰ সম্পৰ্কেই আমি ইয়াত সংক্ষিপ্তভাৱে আলোচনা কৰিবলৈ মনস্থ কৰিছোঁ।
*
প্ৰথম অধিকাৰঃ মহান আল্লাহৰ অধিকাৰ।
এই অধিকাৰটো হৈছে আটাইতকৈ ডাঙৰ আৰু সবাতোকৈ গুৰুত্বপূৰ্ণ। কিয়নো এইটো হৈছে আল্লাহৰ অধিকাৰ, যিজন স্ৰষ্টা, মহান, মালিক, তেৱেঁই মহাবিশ্বৰ সকলো কৰ্মৰ পৰিচালক। এইটো হৈছে সেই মহা মহিম বাদশ্বাহৰ অধিকাৰ, যিয়ে সত্য প্ৰকাশ কৰে, তেওঁ চিৰঞ্জীৱ, সকলো সত্ত্বাৰ ধাৰক, আকাশমণ্ডল আৰু পৃথিৱী তেওঁৰ কাৰণেই সুনিৰ্ধাৰিতভাৱে পৰিচালিত হৈ আছে। প্ৰতিটো বস্তু তেওঁ অত্যন্ত হিকমত অনুসৰি সৃষ্টি কৰিছে, আৰু পৰিমিতভাৱে নিৰ্ধাৰণ কৰিছে। এইটো হৈছে সেই আল্লাহৰ অধিকাৰ, যিয়ে তোমাক অস্তিত্ব প্ৰদান কৰিছে, অথচ তুমি এটা সময়ত একোৱেই নাছিলা। এইটো হৈছে সেই আল্লাহৰ অধিকাৰ, যিয়ে তোমাক নিয়ামতেৰে লালন-পালন কৰিছে সেই সময়তো, যেতিয়া তুমি তোমাৰ মাকৰ পেটত তিনিটা অন্ধকাৰৰ মাজত আছিলা, তেতিয়া তোমাৰ ভোজনৰ ব্যৱস্থা কৰিব পৰা আৰু তোমাৰ জীয়াই থকাৰ বাবে কোনো উপকৰণ তোমালৈ পৌঁচাই দিব পৰা কাৰো ক্ষমতা নাছিল। এইদৰে তেৱেঁই তোমাৰ জীৱিকাৰ বাবে মাকৰ স্তনত গাখীৰৰ ব্যৱস্থা কৰিছে। তোমাক দুটা পথ দেখুৱাইছে। পিতৃ-মাতৃৰ মৰম দিছে। লগতে তোমাক প্ৰদান কৰিছে বিভিন্ন নিয়ামত, বিবেক বুদ্ধি। লগতে তোমাক এইবোৰ গ্ৰহণ কৰাৰ আৰু সেইবোৰৰ দ্বাৰা উপকৃত হোৱাৰ যোগ্য বনাইছে। মহান আল্লাহে কৈছেঃ "আৰু আল্লাহেই তোমালোকক তোমালোকৰ মাতৃগৰ্ভৰ পৰা এনেকুৱা অৱস্থাত উলিয়াইছে, যেতিয়া তোমালোকে একোৱে জনা নাছিলা আৰু তেৱেঁই তোমালোকক দিছে শ্ৰৱণশক্তি, দৃষ্টিশক্তি আৰু হৃদয়, যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰা।" (ছুৰা নাহলঃ ৭৮) যদি তেওঁ এটা মুহূৰ্তৰ বাবে তেওঁৰ অনুগ্ৰহ বন্ধ কৰি দিয়ে, তেন্তে তুমি নিশ্চিতভাৱে ধ্বংস হৈ যাবা। লগতে তেওঁ যদি তোমাক তেওঁৰ কৃপাৰ পৰা আঁতৰাই ৰাখে তেন্তে তুমি জীয়াই থাকিব নোৱাৰিবা। যিহেতু তোমাৰ ওপৰত তেওঁৰ অনুগ্ৰহ আৰু কৃপা ইমান বেছি, তেতিয়াহ'লে তেওঁৰ অধিকাৰো তোমাৰ ওপৰত সিমানেই বেছি। তোমাৰ ওপৰত তেওঁৰ অধিকাৰ এইকাৰণেও বেছি যে, তেৱেঁই তোমাক অস্তিত্ব প্ৰদান কৰিছে, নিয়ামত প্ৰদান কৰিছে, আৰু সেইবোৰ নিয়ামতৰ দ্বাৰা উপকৃত হ'বলৈ যোগ্য বনাইছে, ইয়াৰ বিপৰীতে তেওঁ তোমাৰ পৰা জীৱিকাও নিবিচাৰে আৰু পানাহাৰো কামনা নকৰে। মহান আল্লাহে কৈছেঃ "আমি তোমাৰ ওচৰত কোনো জীৱিকা নিবিচাৰোঁ, আমিয়েই তোমাক জীৱিকা দান কৰোঁ; আৰু শুভ পৰিণাম কেৱল তাক্বৱাৰ ভিতৰতেই নিহিত।" (ছুৰা ত্বা-হাঃ ১৩২)
তেওঁ তোমাৰ পৰা কেৱল এটা বস্তুহে বিচাৰে, আৰু সেইটোৰ দ্বাৰা তুমিয়েই উপকৃত হ'বা। তেওঁ বিচাৰে যে, তুমি কেৱল তেওঁৰেই ইবাদত কৰা আৰু কাকো তেওঁৰ অংশীদাৰ স্থাপন নকৰিবা। মহান আল্লাহে কৈছেঃ "আৰু মই জিন আৰু মানুহক কেৱল এই কাৰণেই সৃষ্টি কৰিছোঁ যে, সিহঁতে যেন কেৱল মোৰেই ইবাদত কৰে।" (ছুৰা আজ-জাৰিয়াতঃ ৫৬) তেওঁ কেৱল এইটো বিচাৰে যে, তুমি সকলো ফালৰ পৰা তেওঁৰ বান্দা হৈ যোৱা। যিদৰে তেওঁ সকলো ফালৰ পৰা তোমাৰ প্ৰতিপালক। তেওঁৰ বান্দা হৈ থাকা, তেওঁৰ ওচৰত মিনতি কৰা, নত স্বীকাৰ কৰা, তেওঁৰ নিৰ্দেশনা মানি চলা, তেওঁ যিবোৰ বিষয়ৰ পৰা নিষেধ কৰিছে সেইবোৰৰ পৰা বিৰত থাকা। তেওঁ দিয়া সকলো সংবাদ বিশ্বাস কৰা, কাৰণ তুমি দেখি আছা যে, তেওঁৰ ফালৰ পৰা তোমাৰ ওচৰলৈ একাদিক্ৰমে নিয়ামত আহিয়ে আছে। এতেকে ইয়াৰ বিপৰীতে তুমি যদি তেওঁৰ অবাধ্যতাত লিপ্ত হোৱা, তেন্তে তোমাৰ লাজ নালাগিবনে?
যদি কোনোবাই তোমাৰ ওপৰত কোনো উপকাৰ কৰে তেন্তে নিশ্চয় তুমি সেই ব্যক্তিৰ কথা খণ্ডন কৰিবলৈ আৰু তাৰ বিৰোধিতা কৰিবলৈ লাজ কৰিবা। তেনেহ'লে তোমালোকে সেই প্ৰতিপালকৰ বিৰোধিতা কেনেকৈ কৰা, অথচ তোমালোকৰ ওপৰত থকা প্ৰতিটো উপকাৰেই হৈছে তেওঁৰ উপকাৰ। প্ৰত্যেক বিদূৰিত বিপদ আপদ তেওঁৰ কৃপাতেই দূৰ হয়। মহান আল্লাহে কৈছেঃ "আৰু তোমালোকৰ ওচৰত যিবোৰ নিয়ামত আছে সেইবোৰ আল্লাহৰ পৰাই আহিছে। তাৰ পিছত যেতিয়া তোমালোকক দুখ-দৈন্যই স্পৰ্শ কৰে তেতিয়া তোমালোকে ব্যাকুলভাৱে তেওঁকেই আহ্বান কৰা।" (ছুৰা আন-নাহলঃ ৫৩)
আল্লাহৰ এই অধিকাৰ, যিটো তেওঁ অনিবাৰ্য কৰিছে, সেইটো তেওঁ যাৰ বাবে সহজ কৰি দিয়ে, তাৰ বাবে এইটো অত্যন্ত অসহজ। কিয়নো আল্লাহে ইয়াত কোনো ধৰণৰ দুখ-কষ্ট আৰু সংকীৰ্ণতা ৰখা নাই। মহান আল্লাহে কৈছেঃ "আৰু আল্লাহৰ পথত জিহাদ কৰা যেনেকৈ জিহাদ কৰা উচিত। তেওঁ তোমালোকক মনোনীত কৰিছে। তেওঁ দ্বীন সম্পৰ্কে তোমালোকৰ ওপৰত কোনো ধৰণৰ কঠোৰতা আৰোপ কৰা নাই। এইটো তোমালোকৰ পিতা ইব্ৰাহীমৰ দ্বীন। তেৱেঁই তোমালোকক ইয়াৰ পূৰ্বেই নামকৰণ কৰিছে ‘মুছলিম’ বুলি আৰু এই কিতাবতো (এই নামেৰে নামকৰণ কৰা হৈছে); যাতে ৰাছুল তোমালোকৰ বাবে সাক্ষী হয় আৰু তোমালোকে মানুহৰ বাবে সাক্ষী হোৱা। সেয়ে তোমালোকে ছালাত কায়েম কৰা, যাকাত প্ৰদান কৰা আৰু আল্লাহক মজবুতকৈ অৱলম্বন কৰা; তেৱেঁই তোমালোকৰ অভিভাৱক, তেওঁ কিমান যে উত্তম অভিভাৱক আৰু কিমান যে উত্তম সহায়কাৰী!" (ছুৰা আল-হজ্জঃ ৭৮)
এইটো হৈছে এটা শ্ৰেষ্ঠ আক্বীদাহ, তথা সত্য ঈমান, আৰু লাভদায়ক নেক আমল। এইটো হৈছে গায়েবৰ প্ৰতি বিশ্বাস কৰাৰ আক্বীদাহ। এনেকুৱা আক্বীদাহ যিটোৰ ভিত্তি হৈছে, মুহাব্বত আৰু সন্মান। ইয়াৰ ফল হৈছে ইখলাচ আৰু নিষ্ঠা সহকাৰে নিৰন্তৰ কৰ্ম কৰা। দিনে ৰাতি পাঁচ ওৱাক্ত নামাজ আদায় কৰা, যাৰ ফলত আল্লাহে বান্দাৰ গুনাহসমূহ মাফ কৰি দিয়ে, আৰু মৰ্যাদা উন্নীত কৰে, লগতে সিহঁতৰ অন্তৰ আৰু অৱস্থাৰ সংশোধন কৰে। বান্দাই নিজৰ সক্ষমতা অনুযায়ী এইবোৰ পালন কৰিব লাগে। মহান আল্লাহে কৈছেঃ ‘‘তোমালোকে সাধ্যানুযায়ী আল্লাহৰ তাক্বৱা অৱলম্বন কৰা।’’ [ছুৰা আত-তাগাবুন, আয়াত: ১৬]
নবী চাল্লাল্লাহু আলাইহি অছাল্লমে ইমৰাণ বিন হুচাইনক সেই সময়ত কৈছিল, যি সময়ত ইমৰাণ অসুস্থ আছিলঃ "থিয় হৈ চালাত আদায় কৰা, যদি নোৱাৰা তেন্তে বহি আদায় কৰা, যদি বহিও নোৱাৰা তেন্তে কাতি হৈ শুই আদায় কৰা।"
জাকাত আদায় কৰা। দৰাচলতে জাকাত হৈছে সম্পদৰ এটা সৰু অংশ, যিটো মুছলিমসকলৰ প্ৰয়োজন পূৰণ কৰিবলৈ ফকীৰ, মিছকিন, মুছাফিৰ আৰু ঋণগ্ৰস্ত আদি জাকাত গ্ৰহণকাৰী ব্যক্তিক আদায় দিব লাগে। মহান আল্লাহে কৈছেঃ "সেয়ে তোমালোকে ছালাত কায়েম কৰা, যাকাত প্ৰদান কৰা আৰু আল্লাহক মজবুতকৈ অৱলম্বন কৰা; তেৱেঁই তোমালোকৰ অভিভাৱক, তেওঁ কিমান যে উত্তম অভিভাৱক আৰু কিমান যে উত্তম সহায়কাৰী!" (ছুৰা আল-হজ্জঃ ৭৮)
বছৰত এক মাহ ৰোজা পালন কৰা। যিয়ে সেই মাহত বেমাৰগ্ৰস্ত হৈ থাকিব অথবা ভ্ৰমণত থাকিব, তেওঁ সেই দিনকেইটা বেলেগ মাহত ক্বাজা কৰিব লাগিব। আনহাতে যিয়ে একেবাৰেই ৰোজা ৰাখিবলৈ অক্ষম তেনেকুৱা ব্যক্তিয়ে প্ৰতিটো দিনৰ বিপৰীতে এজন মিছকিনক আহাৰ কৰাব লাগিব।
সক্ষম ব্যক্তিৰ বাবে জীৱনত এবাৰ হজ্জ কৰা।
এইবোৰেই হৈছে মহান আল্লাহৰ মৌলিক অধিকাৰ। ইয়াৰ বাহিৰে অন্যান্য বিধানবোৰ অস্থায়ীভাৱে অনিবাৰ্য্য। উদাহৰণস্বৰূপে আল্লাহৰ পথত জিহাদ কৰা; অথবা কাৰণবশতঃ অনিবাৰ্য্য, যেনে- নিৰ্যাতিত ব্যক্তিক সহায় কৰা।
হে মোৰ প্ৰিয় ভাই! এই অধিকাৰবোৰ হৈছে একেবাৰে নগণ্য আমল, কিন্তু ইয়াৰ ছোৱাব হৈছে বহুত বেছি। যদি তুমি এইবোৰ পালন কৰা তেন্তে তুমি দুনিয়া আৰু আখিৰাতত সফলতা লাভ কৰিবা। জাহান্নামৰ পৰা ৰক্ষা পাবা আৰু জান্নাতত প্ৰৱেশ কৰিবা। মহান আল্লাহে কৈছেঃ "এতেকে যাক জুইৰ পৰা আঁতৰত ৰখা হ’ব আৰু জান্নাতত প্ৰৱেশ কৰোৱা হ’ব তেৱেঁই সফল। পাৰ্থিৱ জীৱনটো ছলনাময় ভোগৰ বাহিৰে আন একো নহয়।" (ছুৰা আলে ইমৰাণঃ ১৮৫)
*
দ্বিতীয় অধিকাৰঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ অধিকাৰ।
এই অধিকাৰটো হৈছে সৃষ্টিৰ আটাইতকৈ ডাঙৰ অধিকাৰ। কিয়নো ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ অধিকাৰতকৈ সৃষ্টিৰ কোনো অধিকাৰেই ডাঙৰ নহয়। মহান আল্লাহে কৈছেঃ "নিশ্চয় আমি তোমাক প্ৰেৰণ কৰিছোঁ সাক্ষীৰূপে, সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপে, যাতে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা আৰু তেওঁক সহায়-সহযোগিতাৰ দ্বাৰা শক্তি যুগুৱা লগতে তেওঁক সন্মান কৰা; আৰু পুৱা-গধূলি তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা।" (ছুৰা আল-ফাতহঃ ৮-৯) এই কাৰণেই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মুহাব্বতক সকলো মানুহতকৈ, আনকি নিজৰ প্ৰাণ, পিতা আৰু সন্তান সন্ততিৰ মুহাব্বততকৈও অগ্ৰাধিকাৰ দিয়াটো অনিবাৰ্য্য। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছত কৈছেঃ "তোমালোকৰ মাজৰ কোনেও সেই সময় পৰ্যন্ত প্রকৃত মুমিন হ’ব নোৱাৰিব, যেতিয়ালৈকে মই তাৰ ওচৰত তাৰ সন্তান, তাৰ পিতা আৰু সকলো মানুহতকৈ অধিক প্ৰিয়পাত্ৰ নহওঁ।"
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অন্যতম এটা অধিকাৰ হৈছে, তেখেতক এনেকৈ সন্মান কৰা তথা মৰ্যাদা দিয়া যে, যাতে কোনো অৱহেলা নহয় আৰু সীমালংঘনো নহয়। তেখেতৰ জীৱনকালত তেখেতক সন্মান কৰাৰ অৰ্থ হৈছে, তেখেতৰ ছুন্নতৰ প্ৰতি আমল কৰা আৰু তেখেতৰ ব্যক্তিত্বক সন্মান কৰা। আনহাতে তেখেতৰ মৃত্যুৰ পিছত তেখেতৰ সন্মান কৰাৰ অৰ্থ হৈছে, তেখেতৰ ছুন্নতক সন্মান কৰি আমল কৰা আৰু তেখেতৰ চৰীয়তক সন্মান কৰা। চাহাবাসকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক যিদৰে সন্মান কৰিছিল আৰু মৰ্যাদা দিছিল, সেইটো যিয়ে অৱগত হ'ব, তেওঁহে প্ৰকৃতৰূপে জানিব পাৰিব যে, সেই বিশিষ্ট লোকসকলে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক কিমান মৰ্যাদা দিছিল আৰু কিমান সন্মান কৰিছিল। হুদাইবিয়্যাৰ ঘটনাত বৰ্ণিত আছে যে, কুৰাইশ্বে যেতিয়া সন্ধি সম্পৰ্কে আলোচনা কৰিবলৈ উৰুৱা বিন মাছউদক ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ প্ৰেৰণ কৰিছিল, তেতিয়া তেওঁ আলোচনা কৰি উভতি গৈ কৈছিলঃ "মই ৰোম সম্ৰাট আৰু পাৰস্য সম্ৰাটকে আদি কৰি নাজ্জাশ্বীৰ দৰে বাদশ্বাহৰ ওচৰলৈকেও গৈছোঁ, কিন্তু মুহাম্মদৰ চাহাবাসকলে তেখেতক যিদৰে সন্মান কৰে, তেনেকুৱা সন্মান মই কাকো কৰা দেখা নাই। তেখেতে যেতিয়া কোনো আদেশ দিয়ে, তেওঁলোকে লগে লগে সেইটো পালন কৰে, আৰু তেখেতে যেতিয়া অজু কৰে, তেতিয়া তেখেতৰ পানীৰ প্ৰতি তেওঁলোকে এনেকৈ ঢাপলি মেলে যেনিবা কাজিয়া কৰিব। তেখেতে যেতিয়া কথা কয়, তেতিয়া তেওঁলোকে মৌনতা অৱলম্বন কৰে। তেওঁলোকে তেখেতক ইমান সন্মান কৰে যে, কোনেও তেখেতৰ চকুৰ লগত চকু মিলাই কথা নকয়।"
এইদৰেই চাহাবাই কেৰাম ৰাদ্বিয়াল্লাহু আনহুমে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সন্মান কৰিছিল। তেখেত আছিল সজ চৰিত্ৰৰ উচ্চ শৃংগত উপনীত। তেখেত আছিল অত্যন্ত নম্ৰ আৰু ব্যৱহাৰতো আছিল বিনম্ৰতাৰ অধিকাৰী। তেখেত যদি কঠোৰ, নিষ্ঠুৰ আৰু খঙাল হ'লেহেঁতেন তেন্তে কোনেও তেখেতৰ কাষ নাচাপিলহেঁতেন।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আন এটা অধিকাৰ হৈছে এই যে, তেখেতে অতীত আৰু ভৱিষ্যত সম্পৰ্কীয় যিবোৰ সংবাদ দিছে সেইবোৰক সত্য বুলি মানিব লাগিব আৰু তেখেতৰ আদেশ পালন কৰিব লাগিব, লগতে তেখেতে যিবোৰ বস্তুৰ পৰা নিষেধ কৰিছে সেইবোৰৰ পৰা বিৰত থাকিব লাগিব। লগতে এই বিশ্বাস পোষণ কৰিব লাগিব যে, তেখেতে দেখুৱাই দিয়া পথেই হৈছে পূৰ্ণাংগ হিদায়তৰ পথ। এইদৰে তেখেতৰ চৰীয়তেই হৈছে পূৰ্ণাংগ চৰীয়ত। তেখেতৰ চৰীয়তৰ ওপৰত কোনো মতবাদকেই তথা কোনো বিধানকেই প্ৰাধান্য দিয়া উচিত নহয়, সেইটো যিয়েই প্ৰস্তুত নকৰক কিয়। মহান আল্লাহে কৈছেঃ “তোমাৰ প্ৰতিপালকৰ শপত! সিহঁত (কেতিয়াও প্ৰকৃত) মুমিন হ’ব নোৱাৰে, যেতিয়ালৈকে সিহঁতে নিজৰ মাজত সৃষ্টি হোৱা বিবাদ-বিসম্বাদৰ বিচাৰ কাৰ্যৰ বাবে তোমাক মীমাংসাকাৰী হিচাপে মানি নল’ব; তাৰ পিছত তোমাৰ মীমাংসা সম্পৰ্কে সিহঁতৰ মনত কোনো দ্বিধা থাকিব নালাগে, লগতে যেতিয়ালৈকে সৰ্বান্তকৰণে সেই সিদ্ধান্তক মানি নল’ব।” [আন-নিছা, আয়াত: ৬৫] কোৱা, ‘তোমালোকে যদি আল্লাহক ভাল পোৱা তেন্তে মোক অনুসৰণ কৰা, আল্লাহে তোমালোকক ভাল পাব আৰু তোমালোকৰ অপৰাধসমূহ ক্ষমা কৰিব। আল্লাহ অত্যন্ত ক্ষমাশীল, পৰম দয়ালু’। (ছুৰা আলে ইমৰাণঃ ৩১)
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আন এটা অন্যতম অধিকাৰ হৈছে এই যে, মানুহে নিজৰ সাধ্যানুযায়ী পৰিস্থিতিৰ দাবী মুতাবিক শক্তি প্ৰয়োগ কৰি চৰীয়ত তথা তেখেতৰ পদ্ধতিৰ প্ৰতিৰক্ষা কৰিব লাগে। এতেকে যদি শত্ৰু পক্ষই দলিল প্ৰমাণ আৰু সন্দেহৰ জৰিয়তে আক্ৰমণ কৰে, তেন্তে ইয়াৰ মোকাবিলা জ্ঞানৰ জৰিয়তে কৰিব লাগে। তেওঁ উত্থাপন কৰা দলিলসমূহ খণ্ডন কৰিব লাগে আৰু সন্দেহৰ নিবাৰণ কৰিব লাগে, লগতে তেওঁৰ ভুলবোৰ আঙুলিয়াই দিব লাগে। যদি শত্ৰু পক্ষই অস্ত্ৰ শস্ত্ৰৰ দ্বাৰা আক্ৰমণ কৰে, তেন্তে সিহঁতৰ মোকাবিলা তেনেকুৱা বস্তুৰেই কৰিব লাগে।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ চৰীয়তৰ ওপৰত আক্ৰমণ হোৱা দেখি, সামৰ্থ থকা সত্ত্বেও প্ৰতিৰক্ষা নকৰি মৌন হৈ থকাটো কোনো মুমিনৰ বাবেই উচিত নহয়।
*
তৃতীয় অধিকাৰঃ পিতৃ-মাতৃৰ অধিকাৰ।
সন্তানৰ ওপৰত থকা পিতৃ-মাতৃৰ উপকাৰক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। পিতৃ-মাতৃয়ে হৈছে সন্তানৰ জন্মৰ মূল কাৰণ। সন্তানৰ ওপৰত তেওঁলোকৰ ডাঙৰ অধিকাৰ আছে। তেওঁলোকেই সন্তানক লালন-পালন কৰে, আৰু সন্তানক সুবিধা প্ৰদান কৰিবলৈ নিজে কষ্ট সহ্য কৰে, নিজে ৰাতি জাগৰণ কৰি সন্তানক শুবলৈ ব্যৱস্থা কৰি দিয়ে। তোমাৰ মাকে তোমাক প্ৰায় ন-মাহ গৰ্ভত ধাৰণ কৰিছিল, আৰু তুমি তেওঁৰ আহাৰৰ ওপৰতে নিৰ্ভৰ কৰি জীৱিত আছিলা, লগতে তোমাৰ কাৰণেই তেওঁৰ স্বাস্থ্য প্রভাৱিত হৈছিল। যেনে- মহান আল্লাহে পৱিত্ৰ কোৰআনত কৈছেঃ "তাৰ মাকে তাক কষ্টৰ ওপৰত কষ্ট সহ্য কৰি গৰ্ভত ধাৰণ কৰিছিল।" (ছুৰা লুক্বমানঃ ১৪) ইয়াৰ পিছত অত্যন্ত কষ্টৰে প্ৰসৱ কৰি লালন-পালন কৰিছে, তথা প্ৰায় দুই বছৰলৈকে পিয়াহ খুৱাইছে। ইয়াৰ বাহিৰেও বহুতো দুখ-কষ্ট সহ্য কৰিছে।
এইদৰে তোমাৰ পিতৃয়েও সৰুৰে পৰা তোমাক এটা ভাল জীৱন দিবলৈ কঠোৰ পৰিশ্ৰম কৰিছে, যাতে তুমি ডাঙৰ হৈ নিজৰ যত্ন নিজে ল’ব পাৰা। তেওঁ তোমাক সেই সময়ত লালন-পালন কৰিছে আৰু জীৱনৰ পথ দেখুৱাইছে, যেতিয়া তুমি নিজৰ ভাল-বেয়া বুজিব পৰা নাছিলা। এইকাৰণেই মহান আল্লাহে সন্তান-সন্ততিক সিহঁতৰ পিতৃ-মাতৃৰ সৈতে সদ্ব্যৱহাৰ কৰিবলৈ আৰু তেওঁলোকৰ কৃতজ্ঞতা স্বীকাৰ কৰিবলৈ নিৰ্দেশ দিছে। মহান আল্লাহে কৈছেঃ "আৰু আমি মানুহক তাৰ পিতৃ-মাতৃৰ প্ৰতি সদাচৰণৰ নিৰ্দেশ দিছোঁ। তাৰ মাকে তাক কষ্টৰ পিছত কষ্ট সহ্য কৰি গৰ্ভত ধাৰণ কৰিছে, আৰু তাৰ পিয়াহ এৰোৱাৰ সময় হৈছে দুবছৰ। এতেকে মোৰ প্ৰতি আৰু তোমাৰ পিতৃ-মাতৃৰ প্ৰতি কৃতজ্ঞ হোৱা। প্ৰত্যাৱৰ্তন কেৱল মোৰ ওচৰতেই।" (ছুৰা লুক্বমানঃ ১৪) মহান আল্লাহে আৰু কৈছেঃ "আৰু তোমাৰ প্ৰতিপালকে আদেশ কৰিছে যে, তেওঁৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা আৰু পিতৃ-মাতৃৰ প্ৰতি সদ্ব্যৱহাৰ কৰিবা। তেওঁলোকৰ কোনোবা এজন অথবা উভয়েই যদি তোমাৰ জীৱন কালত বৃদ্ধাৱস্থাত উপনীত হয় তেন্তে তুমি তেওঁলোকক ‘উফ’ শব্দও নকৰিবা আৰু তেওঁলোকক ধমকো নিদিবা; তেওঁলোকৰ লগত সন্মানসূচক কথা ক'বা।" (ছুৰা আল-ইছৰাঃ ২৩-২৪)
তোমাৰ ওপৰত থকা পিতৃ-মাতৃৰ অধিকাৰ এই যে, তুমি তেওঁলোকৰ সৈতে সদ্ব্যৱহাৰ কৰিবা, শাৰীৰিকভাৱে আৰু অৰ্থিকভাৱে তেওঁলোকক সহায় কৰিবা। আল্লাহৰ আদেশ অমান্য নোহোৱাকৈ আৰু তোমাৰ ক্ষতি নোহোৱাকৈ তেওঁলোকৰ প্ৰতিটো কথা মানি চলিবা। তেওঁলোকৰ সৈতে হাঁহিমুখে সাক্ষাৎ কৰিবা, নম্ৰভাৱে কথা ক'বা, তেওঁলোকক উচিত সেৱা যত্ন কৰিবা, লগতে বৃদ্ধাৱস্থাত, দুৰ্বল বা অসুস্থ অৱস্থাত তেওঁলোকৰ প্ৰতি বিৰক্ত নহ’বা আৰু এনেকুৱা পৰিস্থিতিত তেওঁলোকক বোজা বুলি গণ্য নকৰিবা। কিয়নো তুমিও এদিন এনেকুৱা পৰিস্থিতিৰ চিকাৰ হ'বা, তেওঁলোকৰ দৰে তুমিও এদিন পিতা হ'বা, আয়ু পালে তুমিও এদিন নিজৰ সন্তান সন্ততিৰ জীৱনকালত বৃদ্ধ বয়সত উপনীত হ'বা, তুমিও নিজৰ সন্তান সন্ততিৰ সদ্ব্যৱহাৰৰ মুখাপেক্ষী হ'বা, যিদৰে তোমাৰ পিতৃ-মাতৃ মুখাপেক্ষী হৈছে। এতেকে যদি তুমি তোমাৰ পিতৃ-মাতৃৰ সৈতে ভাল ব্যৱহাৰ কৰিছা, তেন্তে তোমাৰ বাবে আছে মহা প্ৰতিদানৰ সুসংবাদ, আৰু সেই অনুৰূপ সদ্ব্যৱহাৰ পোৱাৰ সুখবৰ। যিয়ে নিজৰ পিতৃ-মাতৃৰ সৈতে ভাল ব্যৱহাৰ কৰিব, তাৰ সন্তান-সন্ততিয়েও তাৰ সৈতে ভাল ব্যৱহাৰ কৰিব। আনহাতে যিয়ে নিজৰ পিতৃ-মাতৃৰ সৈতে বেয়া ব্যৱহাৰ কৰিব, তাৰ সন্তান-সন্ততিয়েও তাৰ সৈতে বেয়া ব্যৱহাৰ কৰিব। যেনে কৰ্ম তেনে ফল।
মহান আল্লাহে পিতৃ-মাতৃৰ অধিকাৰক সুউচ্চ স্থান প্ৰদান কৰিছে। আনকি তেওঁলোকৰ মৰ্যাদাক তেওঁৰ আৰু ৰাছুলৰ মৰ্যাদাৰ সৈতে সম্পৃক্ত কৰি ইয়াৰ পিছতেই স্থান দিছে। মহান আল্লাহে কৈছেঃ "আৰু কেৱল আল্লাহৰেই ইবাদত (উপাসনা) কৰা, তেওঁৰ লগত আনক অংশীদাৰ স্থাপন নকৰিবা, লগতে পিতৃ-মাতৃৰ সৈতে সদ্ব্যৱহাৰ কৰিবা।" [ছুৰা আন-নিছাঃ ৩৬] মহান আল্লাহে আৰু কৈছেঃ "এতেকে মোৰ প্ৰতি আৰু তোমাৰ পিতৃ-মাতৃৰ প্ৰতি কৃতজ্ঞ হোৱা। মোৰ ওচৰলৈকেই তোমালোকে উভতি আহিব লাগিব।" (ছুৰা লুক্বমানঃ ১৪) নবী চাল্লাল্লাহু আলাইহি অছাল্লামে পিতৃ-মাতৃৰ সেৱা যত্নক আল্লাহৰ পথত কৰা জিহাদৰ ওপৰতো অগ্ৰাধিকাৰ দিছে। যেনে- ইবনে মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত হাদীছত আহিছে যে, তেওঁ কৈছেঃ মই সুধিলোঁ, হে আল্লাহৰ ৰাছুল! আল্লাহৰ দৃষ্টিত আটাইতকৈ পছন্দনীয় আমল কোনটো? তেখেতে ক'লেঃ "সময়মতে নামাজ আদায় কৰা।" মই ক'লোঁঃ ইয়াৰ পিছত কোনটো? তেখেতে ক'লেঃ "পিতৃ-মাতৃৰ সৈতে সদ্ব্যৱহাৰ কৰা।" আকৌ সুধিলোঁঃ তাৰ পিছত কোনটো? তেখেতে ক'লেঃ "আল্লাহৰ পথত জিহাদ কৰা।" এই হাদীছটো ইমাম বুখাৰী আৰু ইমাম মুছলিমে বৰ্ণনা কৰিছে। এই হাদীছটোৰ দ্বাৰা পিতৃ-মাতৃৰ অধিকাৰৰ গুৰুত্ব প্ৰমাণিত হয়, যাক বহুতে উপেক্ষা কৰে, সিহঁতে পিতৃ-মাতৃৰ অবাধ্যতা কৰে, তেওঁলোকৰ সৈতে সম্পৰ্ক নাৰাখে, আনকি সিহঁতৰ ওপৰত তেওঁলোকৰ কোনো অধিকাৰ নাই বুলি ভাবে। কেতিয়াবা কেতিয়াবা সিহঁতে তেওঁলোকক তুচ্ছ জ্ঞান কৰে, আৰু নিজকে ডাঙৰ বুলি ভাবে। এনেকুৱা মানুহে সোনকালে হওক বা পলমকৈ নিজৰ এই বেয়া কৰ্মৰ প্ৰতিফল নিশ্চয় পাব।
*
চতুৰ্থ অধিকাৰঃ সন্তান-সন্ততিৰ অধিকাৰ।
সন্তান-সন্ততি বোলোঁতে ল'ৰা ছোৱালী উভয়কে বুজোৱা হয়। সন্তান-সন্ততিৰ অধিকাৰ বহুত। তাৰে অন্যতম কেইটিমান হৈছেঃ সিহঁতক লালন-পালন কৰা। অৰ্থাৎ সিহঁতক ধৰ্ম আৰু নৈতিকতাৰ আধাৰত গঢ়ি তোলা, যাতে সিহঁতৰ মাজত এইবোৰ বস্তু অধিক পৰিমাণে পোৱা যায়। মহান আল্লাহে কৈছেঃ "হে ঈমান্দাৰসকল! তোমালোকে নিজকে আৰু তোমালোকৰ পৰিয়ালবৰ্গক জাহান্নামৰ পৰা ৰক্ষা কৰা, যাৰ ইন্ধন হ’ব মানুহ আৰু শিল।" (ছুৰা আত- তাহৰীমঃ ৬) এইদৰে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছত কৈছেঃ "তোমালোক সকলোৱে দায়িত্বশীল, আৰু তোমালোকৰ প্ৰত্যেককে নিজৰ নিজৰ দায়িত্ব সম্পৰ্কে জবাবদিহি কৰা হ'ব। পুৰুষ হৈছে নিজৰ পৰিয়ালৰ দায়িত্বশীল, তাক নিজৰ অধীনস্থসকলৰ বিষয়ে সোধ-পোচ কৰা হ'ব।" সন্তান-সন্ততি হৈছে পিতৃ-মাতৃৰ বাবে এটা আমানত। কিয়ামতৰ দিনা তেওঁলোক উভয়কে সন্তান-সন্ততিৰ বিষয়ে সোধ-পোচ কৰা হ'ব। পিতৃ-মাতৃৰ এই দায়িত্ব তেতিয়াহে পালন হ'ব যেতিয়া তেওঁলোকে নিজৰ সন্তান-সন্ততিক ধাৰ্মিক শিক্ষা আৰু চৰিত্ৰ তথা নৈতিকতাৰ শিক্ষাৰে শিক্ষিত কৰিব, আৰু ল'ৰা ছোৱালীক সংশোধন কৰিব। এনেকুৱা শিক্ষাৰে শিক্ষিত কৰিলেহে পিতৃ-মাতৃয়ে দুনিয়া আৰু আখিৰাতত শান্তি লাভ কৰিব তথা সন্তান-সন্ততিৰ দ্বাৰা তেওঁলোকৰ চকুৱে শীতল অনুভৱ কৰিব। মহান আল্লাহে পৱিত্ৰ কোৰআনত কৈছেঃ "আৰু যিসকলে ঈমান আনিছে আৰু তেওঁলোকৰ সন্তান-সন্ততিও ঈমানৰ ক্ষেত্ৰত তেওঁলোকৰ অনুগামী হৈছে, আমি তেওঁলোকৰ লগত তেওঁলোকৰ সন্তান-সন্ততিক একত্ৰিত কৰিম, আৰু তেওঁলোকৰ কৰ্মফল আমি অলপো হ্ৰাস নকৰোঁ; প্ৰত্যেক ব্যক্তিয়েই নিজৰ কৃতকৰ্মৰ বাবে দায়ী।" (ছুৰা আত-তূৰঃ ২১) {مَا أَلَتْنَاهُم} শব্দৰ অৰ্থ হৈছে, আমি তেওঁলোকৰ ছোৱাব অকণো হ্ৰাস নকৰোঁ। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যেতিয়া কোনো মানুহে মৃত্যুবৰণ কৰে, তেতিয়া তাৰ আমলৰ দুৱাৰসমূহ বন্ধ হৈ যায়, কেৱল তিনিটা উপায়ৰ বাহিৰেঃ চাদাক্বাহ জাৰিয়াহ, এনেকুৱা বিদ্যা যিটোৰ দ্বাৰা মানুহে উপকৃত হয়, আৰু এনেকুৱা নেক সন্তান যিয়ে তাৰ বাবে দুআ কৰে।" এইটো হৈছে সন্তান-সন্ততিক ভাল শিক্ষা দিয়াৰ প্ৰতিদান। পিতৃ-মাতৃৰ মৃত্যুৰ পিছতো নেক সন্তান কামত আহে।
বহুতো পিতৃ-মাতৃয়ে এই অধিকাৰ পালন কৰাৰ ক্ষেত্ৰত অৱহেলা কৰে। ফলত সিহঁতে নিজৰ সন্তান-সন্ততিৰ প্ৰতি ভ্ৰূক্ষেপ নকৰে আৰু সিহঁত পথভ্ৰষ্ট হৈ যায়। যেনিবা সিহঁতৰ ওপৰত কোনো দায়িত্বই নাই। সিহঁতে সিহঁতক এই কথাও নোসোধে যে, ক'ত গৈছিল, আৰু কেতিয়া আহিছে? এইদৰে সিহঁতৰ বন্ধু বান্ধৱ আৰু সংগী-সাৰথিৰ বিষয়েও নোসোধে। সিহঁতক ভাল পথৰ দিশ-নিৰ্দেশনাও নিদিয়ে আৰু বেয়া কৰ্মৰ পৰা নিষেধো নকৰে।
আশ্চৰ্যৰ বিষয় এই যে, এইসকল মানুহে নিজৰ ধন ৰক্ষা কৰিবলৈ যথাসম্ভৱ প্ৰয়াস কৰে, ধন বৃদ্ধি কৰিবলৈ আপ্ৰাণ চেষ্টা কৰে, আৰু দিনে ৰাতি পৰিশ্ৰম কৰে। যদিও বহু ক্ষেত্ৰত এই ধন বেলেগৰ হাতলৈ গুচি যায়। কিন্তু নিজৰ সন্তানৰ বিষয়ে সিহঁতে একো চিন্তা নকৰে, অথচ প্ৰকৃততে সন্তানৰ যত্ন লোৱাটো আছিল অধিক গুৰুত্বপূৰ্ণ আৰু পৃথিবী তথা পৰকালৰ বাবে আছিল এইটো অধিক লাভজনক। যিদৰে পিতাৰ ওপৰত সন্তানৰ বাবে ভৰণ-পোষণ আৰু খোৱা-বোৱাৰ ব্যৱস্থা কৰা অনিবাৰ্য্য, ঠিক সেইদৰে সন্তানক ঈমান আৰু জ্ঞানৰ আহাৰ কৰোৱা আৰু তাক্বৱাৰ লিবাছ পৰিধান কৰোৱাটোও তেওঁৰ ওপৰত অনিবাৰ্য্য।
সন্তানৰ আন এটা অধিকাৰ হৈছে, পিতাই সিহঁতৰ ওপৰত উচিতভাৱে ব্যয় কৰিব লাগে। অপচয় অথবা কৃপণালি যাতে নকৰে। কিয়নো এইটো হৈছে সন্তানৰ প্ৰতি থকা পিতাৰ কৰ্তব্য। লগতে এইটো হৈছে আল্লাহে প্ৰদান কৰা সম্পদৰ বাবে আল্লাহৰ এক প্ৰকাৰ কৃতজ্ঞতা। এজন পিতাই কেনেকৈ নিজৰ জীৱনকালতে সন্তানৰ ওপৰত ধন ব্যয় কৰিবলৈ অস্বীকাৰ কৰে আৰু কেনেকৈ সিহঁতৰ প্ৰতি কৃপণালি কৰি ধন-সম্পদ সাঁচি ৰাখে , অথচ তেওঁৰ মৃত্যুৰ পিছত সেই সন্তানেই তেওঁৰ সকলো সম্পদৰ মালিক হৈ পৰিব? এতেকে কোনো পিতাই যদি কৃপণালি কৰি সন্তানক প্ৰয়োজনীয় খৰচ দিবলৈ অস্বীকাৰ কৰে, তেন্তে সন্তানে নিজৰ সন্তানৰ সম্পদৰ পৰা প্ৰয়োজন অনুসৰি ল’ব পাৰে। যেনে- ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে হিন্দ বিন্তে উতবা ৰাদ্বিয়াল্লাহু আনহাক অনুমতি প্ৰদান কৰি ফতোৱা দিছিল।
সন্তানৰ এইটোও এটা অন্যতম অধিকাৰ যে, উপহাৰ তথা হিবা কৰাৰ ক্ষেত্ৰত কোনো সন্তানক যেন আন কোনো সন্তানৰ ওপৰত প্ৰাধান্য দিয়া নহয়। অৰ্থাৎ কাৰোবাক দিয়ে আৰু কাৰোবাক যাতে বঞ্চিত নকৰে। এইটো হৈছে এক প্ৰকাৰ অন্যায়। আল্লাহে অন্যায়কাৰীসকলক ভাল নাপায়। ইয়াৰ ফলত বঞ্চিত হোৱা সন্তানৰ অন্তৰত বিদ্বেষ সৃষ্টি হ'ব। বৰং সন্তানসকলৰ মাজতো শত্ৰুতা সৃষ্টি হ'ব। কেতিয়াবা কেতিয়াবা সন্তানসকলে পিতাৰ সৈতেও শত্ৰুতাত লিপ্ত হয়।
যেতিয়া কোনো সন্তানে পিতৃ-মাতৃৰ সৈতে বেছি ভাল ব্যৱহাৰ কৰে বা বিনম্ৰ আচৰণ কৰে, তেতিয়া কিছুমান অভিভাৱকে তেনেকুৱা সন্তানক বিশেষ উপহাৰ দিয়ে। কিন্তু এইটো বিশেষ উপহাৰ পোৱাৰ কোনো উচিত কাৰণ নহয়। কিয়নো ভাল ব্যৱহাৰ কৰাৰ কাৰণে তাক বিশেষ পুৰস্কাৰ দিয়াটো উচিত নহয়; ইয়াৰ বাবে আল্লাহে পুৰস্কাৰ নিৰ্ধাৰণ কৰি ৰাখিছে। লগতে এইটোও এটা কাৰণ যে, ভাল ব্যৱহাৰ কৰা ব্যক্তিক অধিক দিলে তাৰ ভিতৰত অহংকাৰ জন্মিব পাৰে, সি নিজকে শ্ৰেষ্ঠ বুলি ভাবিব পাৰে আৰু অন্যান্য সন্তানক ঘৃণাৰ চকুৰে চাব পাৰে, ফলত সি অবাধ্যতাত লিপ্ত হ'ব পাৰে। তদুপৰি আমি এইটোও নাজানো যে, জানোচা কেতিয়া আকৌ পৰিস্থিতিৰ পৰিবৰ্তন হৈ যায়, ফলত অবাধ্যজন বাধ্য সন্তান হৈ যাব পাৰে আৰু বাধ্যজন অবাধ্য হ'ব পাৰে। কাৰণ অন্তৰ হৈছে আল্লাহৰ হাতত, তেওঁ যিদৰে ইচ্ছা কৰে সেইদৰেই পৰিবৰ্তন কৰে।
বুখাৰী আৰু মুছলিমৰ হাদীছত আহিছে যে, নুমান বিন বাশ্বীৰক তেওঁৰ পিতৃ বাশ্বীৰ বিন ছাআদে এজন দাস উপহাৰ দিছিল, আৰু বিষয়টো নবী চাল্লাল্লাহু আলাইহি অছাল্লামক অৱগত কৰিছিল। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছিলঃ "তুমি তোমাৰ সকলো সন্তানকে এনেকুৱা উপহাৰ দিছানে?" তেওঁ ক'লেঃ নহয়। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "তেন্তে ইয়াৰ পৰা এইটো ওভোতাই লোৱা।" আন এটা বৰ্ণনাত আছে যে, "আল্লাহক ভয় কৰা, আৰু সন্তান-সন্ততিৰ মাজত ইনচাফ কৰা।" আন এটা বৰ্ণনাত আছে যে, "তুমি এই ক্ষেত্ৰত বেলেগ কাৰোবাক সাক্ষী কৰাগৈ, কাৰণ মই অন্যায়ৰ ক্ষেত্ৰত সাক্ষী নহওঁ।" ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এই হাদীছটোত কোনো সন্তানক আন আন সন্তানৰ ওপৰত প্ৰাধান্য দিয়াটোক অন্যায় বুলি কৈছে। গতিকে অন্যায় হৈছে হাৰাম।
কিন্তু যদি কোনো সন্তানক প্ৰয়োজনৰ ভিত্তিত প্ৰদান কৰে, আৰু আনজনৰ প্ৰয়োজন নাই কাৰণে নিদিয়ে, উদাহৰণস্বৰূপে কোনো সন্তানৰ কলম বহীৰ প্ৰয়োজন, বা চিকিৎসা অথবা বিবাহৰ প্ৰয়োজন তেন্তে এনেকুৱা প্ৰয়োজনত বিশেষৰূপে প্ৰদান কৰাত কোনো অসুবিধা নাই। কিয়নো এইটো আৱশ্যকতাৰ ভিত্তিত প্ৰদান কৰা হৈছে। এইটো হৈছে ভৰণ-পোষণৰ অন্তৰ্ভুক্ত।
পিতৃয়ে যেতিয়া ল'ৰা ছোৱালীৰ ভৰণ-পোষণৰ দায়িত্ব পালন কৰে, তেতিয়া আশা কৰিব পাৰি যে, সন্তানেও পিতৃৰ সৈতে সদাচৰণ কৰিব, আৰু তেওঁৰ অধিকাৰসমূহ ৰক্ষা কৰিব। কিন্তু যদি পিতৃয়ে এই কৰ্তব্য পালনত অৱহেলা কৰে, তেন্তে তেওঁ শাস্তিৰ সন্মুখীনো হ'ব পাৰে। সন্তানে তেওঁৰ অধিকাৰসমূহ ৰক্ষা কৰিবলৈ অস্বীকাৰো কৰিব পাৰে, আৰু তেওঁ অবাধ্যতাৰ সন্মুখীন হ'ব পাৰে। এতেকে এক কথাত, যেনে কৰ্ম তেনে ফল।
*
পঞ্চম অধিকাৰঃ আত্মীয়সকলৰ অধিকাৰ।
আত্মীয়তাৰ বন্ধন অনুযায়ী যিজন আপোনাৰ আত্মীয়, যেনে- ভাই-ককাই, খুৰা, মামা আৰু তেওঁলোকৰ সন্তানসকল, এইদৰে প্ৰত্যেক সেই ব্যক্তি, যাৰ সৈতে আপোনাৰ আত্মীয়তাৰ সম্পৰ্ক আছে, আপোনাৰ ওপৰত তেওঁলোকৰ অধিকাৰ আছে, যিয়ে যিমান নিকটাত্মীয় তেওঁ সিমান অগ্ৰাধিকাৰ প্ৰাপ্ত। মহান আল্লাহে কৈছেঃ "তোমালোকে আত্মীয়তাৰ প্ৰাপ্য অধিকাৰ আদায় কৰা।" (ছুৰা আল-ইছৰাঃ ২৬) মহান আল্লাহে আৰু কৈছেঃ "আৰু কেৱল আল্লাহৰেই ইবাদত (উপাসনা) কৰা, তেওঁৰ লগত আনক অংশীদাৰ স্থাপন নকৰিবা, লগতে পিতৃ-মাতৃৰ সৈতে সদ্ব্যৱহাৰ কৰিবা, আৰু নিকটাত্মীয়ৰ প্ৰাপ্য অধিকাৰ আদায় কৰা।" [ছুৰা আন-নিছাঃ ৩৬] সেয়ে প্ৰতিজন ব্যক্তিৰ বাবে আৱশ্যক যে, নিজৰ আত্মীয়ৰ সৈতে সুসম্পর্ক বজায় ৰখা। কেতিয়াবা নিজৰ পদ মৰ্যাদাৰ জৰিয়তে, কেতিয়াবা শাৰীৰিকভাৱে, আৰু কেতিয়াবা ধন-সম্পদৰ জৰিয়তে তেওঁলোকক সহায়-সহযোগিতা কৰিব লাগে, প্ৰয়োজন অনুসৰি আৰু আত্মীয়তাৰ বন্ধন অনুসৰি। চৰীয়ত (ধৰ্মীয় বিধান), বিবেক আৰু প্ৰাকৃতিক স্বভাৱে এই কথাকে সমৰ্থন কৰে।
আত্মীয়তাৰ বন্ধন অটুট ৰাখিবলৈ উৎসাহিত কৰা বিষয়ত বহুতো আয়াত আৰু হাদীছ আছে। বুখাৰী আৰু মুছলিমত আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “নিশ্চয় আল্লাহেই সকলো সৃষ্টিকে সৃষ্টি কৰিছে। যেতিয়া তেওঁ এই কাম সম্পূৰ্ণ কৰিলে, তেতিয়া ৰাহেম (আত্মীয়তাৰ সম্পৰ্কই) থিয় হৈ ক’লে: ‘হে আল্লাহ! মই আত্মীয়তাৰ সম্পৰ্ক বিচ্ছিন্নকাৰীসকলৰ পৰা এই ঠাইতে তোমাৰ ওচৰত আশ্ৰয় বিচাৰোঁ।’ তেতিয়া আল্লাহে ক’লে: ‘আচ্ছা, ঠিক আছে বাৰু, কিন্তু তুমি এই কথাত সুখীনে যে, যিয়ে তোমাৰ সৈতে সুসম্পৰ্ক বজায় ৰাখিব, ময়ো তাৰ সৈতে সুসম্পৰ্ক ৰাখিম, আৰু যিয়ে তোমাৰ সৈতে সম্পৰ্ক ছিন্ন কৰিব, ময়ো তাৰ সৈতে সম্পৰ্ক ছিন্ন কৰিম?’ তেতিয়া আত্মীয়তাৰ সম্পৰ্কই উত্তৰ দিলে: হয়, ‘নিশ্চয়।' আল্লাহে ক'লে: তেনেহ'লে তোমাক এই অধিকাৰ দিয়া হ'ল।” নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ "যিয়ে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি বিশ্বাস স্থাপন কৰে, তেওঁ যেন আত্মীয়তাৰ বন্ধন বজায় ৰাখে।"
বহুতো লোকে এই অধিকাৰ সংৰক্ষণ নকৰে আৰু এই ক্ষেত্ৰত অৱহেলা কৰে। ইয়াত তুমি এনেকুৱা মানুহো পাবা, যিয়ে আত্মীয়তাৰ সম্পৰ্ক কি সেইটোও নাজানে; সিহঁতে আৰ্থিকভাৱেও আত্মীয়তাৰ সম্পৰ্ক বজায় ৰাখিব নোৱাৰে আৰু শাৰীৰিকভাৱেও নহয়, আৰু নৈতিকভাৱেও নহয়। দিনৰ পিছত দিন পাৰ হৈ যায়, মাহৰ পিছত মাহ পাৰ হয়, কিন্তু দেখা সাক্ষাৎ নহয়, আৰু সাক্ষাৎ কৰিবলৈও নাযায়, আনকি কেতিয়াবা সিহঁতক উপহাৰো দি নপঠিয়ায় আৰু সিহঁতৰ প্ৰয়োজনত সহায়-সহযোগো নকৰে। বৰং কেতিয়াবা কেতিয়াবা সিহঁতৰ সৈতে বেয়া ব্যৱহাৰ কৰে, লগতে কথা আৰু কৰ্মৰ দ্বাৰা বেয়া আচৰণ কৰে। এনেকুৱাও হয় যে, দূৰৱৰ্তী লোকৰ সৈতে সম্পৰ্ক বজায় ৰাখে আৰু নিকটাত্মীয়ৰ সৈতে সম্পৰ্ক ছিন্ন কৰে।
কিছুমান লোকে তেতিয়াহে আত্মীয়তাৰ সম্পৰ্ক বজায় ৰাখে, যেতিয়া তাৰ সৈতে সম্পৰ্ক বজায় ৰখা হয়, আৰু যদি তাৰ সৈতে সম্পৰ্ক ছিন্ন কৰা হয়, তেন্তে সিও সম্পৰ্ক ছিন্ন কৰে। প্ৰকৃততে ইয়াক আত্মীয়তাৰ সম্পৰ্ক বজায় ৰখা বুলি নকয়। বৰং এইটো হৈছে সৎ ব্যৱহাৰৰ জৰিয়তে দিয়া সৎ ব্যৱহাৰৰ এটা প্ৰতিদানহে। এইটো সকলোৰে সৈতে হোৱা উচিত, কেৱল আত্মীয়ৰ সৈতেই নহয়। প্ৰকৃত আত্মীয়তাৰ অধিকাৰ ৰক্ষাকাৰী হৈছে সেইজন, যিয়ে আল্লাহৰ সন্তুষ্টি অৰ্জনৰ বাবে আত্মীয়তাৰ সম্পৰ্ক বজায় ৰাখে। এই কথাৰ প্ৰতি ভ্ৰূক্ষেপ কৰিব নালাগে যে, কোনে তেওঁৰ সৈতে সম্পৰ্ক ৰাখিছে আৰু কোনে ৰখা নাই। যেনে- বুখাৰীৰ এটা হাদীছত আহিছে, আব্দুল্লাহ ইবনে ‘আমৰ ইবনুল ‘আচ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কৈছে, “প্ৰতিদানকাৰী আত্মীয়তাৰ হক্ব সংৰক্ষণকাৰী নহয়। বৰং আত্মীয়তাৰ অধিকাৰ ৰক্ষাকাৰী হৈছে সেই ব্যক্তি, যিয়ে আত্মীয়তাৰ সম্পর্ক ছিন্ন হোৱাৰ পিছতো সেইটো বজায় ৰাখে।” এজনে সুধিলে, হে আল্লাহৰ ৰাছুল! মোৰ কিছুমান এনেকুৱা আত্মীয় আছে, যিসকলৰ সৈতে মই আত্মীয়তাৰ সম্পৰ্ক বজায় ৰাখিবলৈ যত্ন কৰোঁ, কিন্তু সিহঁতে সম্পৰ্ক ছিন্ন কৰে। মই তেওঁলোকৰ সৈতে সদ্ব্যৱহাৰ কৰোঁ, তেওঁলোকে মোৰ সৈতে বেয়া ব্যৱহাৰ কৰে। মই তেওঁলোকৰ ক্ষেত্ৰত সহিষ্ণুতা অৱলম্বন কৰোঁ, আৰু তেওঁলোকে মোৰ সৈতে মূৰ্খতাপূৰ্ণ আচৰণ কৰে। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "যদি বিষয়টো তেনেকুৱাই হয় যিদৰে তুমি কৈছা, তেন্তে তুমি সিহঁতৰ প্ৰতি জ্বলন্ত ছাইহে নিক্ষেপ কৰি আছা। যেতিয়ালৈকে তুমি এই অৱস্থাত থাকিবা, সিহঁতৰ বিপক্ষে আল্লাহৰ ফালৰ পৰা তোমাৰ সৈতে এজন সহায়ক ফিৰিস্তা থাকিব।" (মুছলিম)
আত্মীয়তাৰ বন্ধন বজায় ৰাখিলে, আল্লাহে পৃথিৱী আৰু আখিৰাতত সুসম্পৰ্ক বজায় ৰাখে, তাৰ প্ৰতি ৰহম কৰে, তাৰ যাৱতীয় বিষয় সহজ কৰি দিয়ে, বিপদ-আপদৰ পৰা ৰক্ষা কৰে। ইয়াৰ উপৰিও আত্মীয়তাৰ বন্ধন অটুট ৰাখিলে পৰিয়ালৰ সদস্যসকলৰ সৈতে নৈকট্যতা বাঢ়ে আৰু স্নেহ বৃদ্ধি হয়। পৰস্পৰৰ প্ৰতি দয়া আৰু সহানুভূতি জাগে। ফলত কঠিন পৰিস্থিতিত ইজনে সিজনক সহায় কৰিবলৈ আগবাঢ়ি আহে। ইয়াৰ ফলত অত্যন্ত আনন্দ লাভ হয়। এইটো অভিজ্ঞতাৰ দ্বাৰা প্ৰমাণিত। পক্ষান্তৰে আত্মীয়তাৰ বন্ধন ছিন্ন হ'লে, দূৰত্ব বৃদ্ধি পায় আৰু এই সকলো উপকাৰৰ বিপৰীত হয়।
*
ষষ্ঠ অধিকাৰঃ স্বামী স্ত্ৰীৰ অধিকাৰ।
বিবাহৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰভাৱ আছে আৰু কেইবাটাও ডাঙৰ দাবী আছে। এইটো হৈছে স্বামী স্ত্ৰীৰ মাজত এটা বন্ধন, যাৰ ফলত ইজনে সিজনৰ প্ৰতি কেইবাটাও অধিকাৰ বলৱৎ হয়। তাৰে কিছুমান, শাৰীৰিক আৰু কিছুমান সামাজিক, লগতে কিছুমান হৈছে আৰ্থিক।
ইজনে সিজনৰ প্ৰতি সদাচৰণ কৰি জীৱন যাপন কৰাটো স্বামী স্ত্ৰী উভয়ৰে বাবে জৰুৰী। কোনো ধৰণৰ অৱহেলা নকৰাকৈ, ইজনে সিজনৰ অধিকাৰ সহজে আদায় কৰিব লাগে, কোনো সংকোচ বা অপছন্দ নকৰাকৈ। মহান আল্লাহে কৈছেঃ "স্ত্ৰীৰ লগত সদাচৰণৰ সৈতে জীৱন-যাপন কৰা।" (ছুৰা আন-নিছাঃ ১৯) মহান আল্লাহে আৰু কৈছেঃ "আৰু নাৰীসকলৰো তেনেকৈয়ে ন্যায়সংগত অধিকাৰ আছে যেনেকৈ সিহঁতৰ ওপৰত পুৰুষসকলৰ অধিকাৰ আছে; কিন্তু নাৰীসকলৰ ওপৰত পুৰুষসকলৰ মৰ্যাদা (কিছু পৰিমাণে বেছি) আছে।" (ছুৰা আল-বাক্বাৰাহঃ ২২৮) সেয়ে পত্নীৰ বাবে জৰুৰী স্বামীৰ আৱশ্যক সেৱা যত্ন কৰা।
যেতিয়া উভয়ে নিজৰ নিজৰ দায়িত্ব পালন কৰিব, তেতিয়া তেওঁলোকৰ জীৱন আনন্দময় হৈ পৰিব, আৰু যুগ্মজীৱন অটুট থাকিব। কিন্তু যদি তেওঁলোকে এইবোৰ দায়িত্ব পালন নকৰে তেন্তে উভয়ৰ মাজত কাজিয়া-বিবাদ আৰু অশান্তি সৃষ্টি হ'ব, আৰু জীৱন-যাপন কঠিন হৈ পৰিব।
বহুতো হাদীছ আৰু কোৰআনৰ আয়াতত নাৰীসকলৰ প্ৰতি সদাচৰণ কৰিবলৈ আৰু তেওঁলোকৰ অৱস্থাৰ প্ৰতি মনোযোগ দিবলৈ উপদেশ দিয়া হৈছে। লগতে এই কথাও বুজোৱা হৈছে যে, সকলো গুণ বিচাৰি পোৱাটো তথা সম্পূৰ্ণতা বিচাৰি পোৱাটো অসম্ভৱ। সেয়ে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "নাৰীসকলৰ সৈতে সদাচৰণ কৰিবা, কিয়নো নাৰীসকলক কাষৰ হাড়েৰে সৃষ্টি কৰা হৈছে। কাষৰ আটাইতকৈ বক্ৰ ভাগ হৈছে উপৰি ভাগ। যদি তুমি ইয়াক পোন কৰিব বিচৰা তেন্তে তুমি ইয়াক ভাঙি পেলাবা। আনহাতে যদি ইয়াক এৰি দিয়া তেন্তে ই সদায় বেঁকা হৈয়ে থাকিব। সেয়ে তোমালোকে নাৰীসকলৰ সৈতে সদ্ব্যৱহাৰ কৰা।" আন এটা বৰ্ণনাত আছে যে, "নাৰীসকলক কাষৰ বেঁকা হাড়ৰ পৰা সৃষ্টি কৰা হৈছে, সেয়ে তুমি ইয়াক কেতিয়াও চিধা কৰিব নোৱাৰিবা। যদি তুমি ইয়াৰ দ্বাৰা উপকৃত হ'ব বিচৰা, তেন্তে ইয়াৰ বক্ৰতাৰ সৈতেই উপকৃত হোৱা। কিন্তু যদি চিধা কৰিবলৈ চেষ্টা কৰা তেন্তে তুমি ইয়াক ভাঙি পেলাবা। ভাঙি পেলোৱাৰ অৰ্থ হৈছে, তালাক হৈ যাব।" নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ “কোনো মুমিন বান্দাই যেন কোনো মুমিনা নাৰীক ঘৃণা নকৰে। কাৰণ তাইৰ কোনো এটা আচৰণ অপছন্দ হ'লেও, তাইৰ বেলেগ এটা আচৰণক তেওঁ নিশ্চয় পছন্দ কৰিব।” হাদীছটোত উল্লিখিত (لا يفرك) শব্দৰ অৰ্থ হৈছেঃ ঘৃণা নকৰিবা তথা অপছন্দ নকৰিবা। উক্ত হাদীছ কেইটাত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উম্মতক এই উপদেশ দিছে যে, নাৰীৰ সৈতে পুৰুষে কেনেকুৱা ব্যৱহাৰ কৰিব লাগে। এই কথা বুজোৱা হৈছে যে, নাৰীৰ পৰা সেইখিনিয়ে গ্ৰহণ কৰিব লাগে, যিখিনি গ্ৰহণ কৰাটো সম্ভৱ। কিয়নো নাৰীৰ স্বভাৱ হৈছে এই যে, নাৰীয়ে কেতিয়াও পূৰ্ণতা লাভ কৰিব নোৱাৰে তথা চিধা হ'ব নোৱাৰে। বৰং নাৰীৰ ভিতৰত বক্ৰতা থকাটো আৱশ্যক। পুৰুষে তাইৰ এই স্বভাৱৰ সৈতেই উপকৃত হ'ব লাগে।
এই হাদীছবোৰত এই কথাও উল্লেখ হৈছে যে, মানুহে স্ত্ৰীৰ ভাল বেয়া দুয়োটা দিশ মিলাই চাব লাগে। যদি তাইৰ কোনো এটা আচৰণ ভাল নালাগে তেন্তে ইয়াৰ বিপৰীতে তাইৰ সেই আচৰণটোৰ সৈতে মিলাই চাব লাগে যিটো আচৰণ ভাল লাগে। তাইৰ প্ৰতি কেৱল অসন্তুষ্টি আৰু ঘৃণাৰ দৃষ্টিৰে চাব নালাগে।
বহুতো স্বামীয়ে নিজৰ স্ত্ৰীৰ মাজত পূৰ্ণাংগতা বিচাৰে, যিটো পোৱা অসম্ভৱ। যাৰ ফলত অশান্তি সৃষ্টি হয় আৰু সি নিজৰ স্ত্ৰীৰ দ্বাৰা উপকৃত হ'ব নোৱাৰে। কেতিয়াবা কেতিয়াবা ইয়াৰ বাবে তালাকো হৈ যায়। যেনে- ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যদি তুমি ইয়াক চিধা কৰিবলৈ চেষ্টা কৰা তেন্তে তুমি ইয়াক ভাঙি পেলাবা। ভাঙি পেলোৱাৰ অৰ্থ হৈছে, তালাক হৈ যাব।" এতেকে স্বামীয়ে স্ত্ৰীৰ কিছুমান বিষয় আওকাণ কৰিব লাগে, যদিহে বিষয়টো ধৰ্মীয় আৰু সন্মানৰ ক্ষেত্ৰত প্ৰভাৱিত কৰিব পৰা নহয়।
স্বামীৰ ওপৰত স্ত্ৰীৰ অন্যতম এটা অধিকাৰ হৈছে এই যে, স্বামীয়ে তাইৰ থকা খোৱা, কাপোৰ-কানি আৰু বাসস্থানকে আদি কৰি যাৱতীয় ভৰণ-পোষণৰ দায়িত্ব পালন কৰিব লাগিব। কাৰণ মহান আল্লাহে কৈছেঃ "শিশুৰ পিতাৰ কৰ্তব্য হৈছে বিধি মুতাবিক সিহঁতৰ (মাতৃসকলৰ) ভৰণ-পোষণ কৰা।" (ছুৰা আল-বাক্বাৰাহঃ ২৩৩) আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকৰ দায়িত্ব হৈছে সিহঁতক বিধি মুতাবিক ভৰণ-পোষণ দিয়া।" ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্ন কৰা হ'ল, হে আল্লাহৰ ৰাছুল! আমাৰ ওপৰত আমাৰ স্ত্ৰীসকলৰ প্ৰাপ্য (অধিকাৰ) কি? তেখেতে ক'লেঃ "যেতিয়া তুমি আহাৰ কৰিবা, তেতিয়া তাইকো আহাৰ কৰাবা। এইদৰে যেতিয়া তুমি পৰিধান কৰিবা অথবা উপাৰ্জন কৰিবা তেতিয়া তাইকো পৰিধান কৰাবা। মুখমণ্ডলত নামাৰিবা, বেয়া ভাষাৰে গালি নাপাৰিবা, পৃথক ৰাখিবলগীয়া হ'লে ঘৰতে পৃথক ৰাখিবা।" (আবু দাউদ)
স্বামীৰ ওপৰত স্ত্ৰীৰ আন এটা অধিকাৰ হৈছে এই যে, যদি স্বামীৰ একাধিক স্ত্ৰী থাকে, তেন্তে উভয়ৰ মাজত ন্যায় কৰা, ভৰণ-পোষণ, বাসস্থান, ৰাতি অতিবাহিত কৰাকে আদি কৰি সকলো ক্ষেত্ৰতে ন্যায় কৰিব লাগে। কিয়নো কোনো এজনীৰ প্ৰতি ঢাল খোৱাটো হৈছে এটা মহাপাপ। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিজন ব্যক্তিৰ দুজনী স্ত্ৰী আছে, যদি তেওঁ এজনীৰ প্ৰতি বেছি ঢাল খায়, তেন্তে কিয়ামতৰ দিনা তেওঁ এনেকুৱা অৱস্থাত উপস্থিত হ'ব যে, তেওঁৰ শৰীৰৰ এটা কাষ ঢাল খাই থাকিব।" আনহাতে যিবোৰ ক্ষেত্ৰত ন্যায় কৰাটো সম্ভৱ নহয়, উদাহৰণস্বৰূপে কোনো এজনীক বেছি ভাল লগা, আৰু কোনো এজনীৰ ওচৰত বেছি সুখ অনুভৱ কৰা, তেন্তে এনেকুৱা ক্ষেত্ৰত কোনো গুনাহ নহ'ব। কাৰণ এইটো সাধ্যাতীত। মহান আল্লাহে কৈছেঃ "আৰু তোমালোকে যিমানেই ইচ্ছা নকৰা কিয়, তোমালোকৰ স্ত্ৰীসকলৰ মাজত তোমালোকে কেতিয়াও সমান ব্যৱহাৰ কৰিব নোৱাৰিবা।" (ছুৰা আন-নিছাঃ ১২৯) ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ স্ত্ৰীসকলৰ মাজত ন্যায়ভাৱে ৰাতি বণ্টন কৰিছিল আৰু এই দুআ কৰিছিলঃ "হে আল্লাহ! এইটো হৈছে মোৰ সামৰ্থ অনুসৰি বণ্টন। এতেকে যিটো তোমাৰ নিয়ন্ত্ৰণত আছে আৰু মোৰ সামৰ্থৰ বাহিৰত, সেই ক্ষেত্ৰত তুমি মোক ভৰ্ৎসনা নকৰিবা।"
"কিন্তু যদি এজনী পত্নীৰ পৰা অনুমতি লৈ আন এজনীৰ সৈতে অধিক ৰাতি কটায় তেন্তে কোনো অসুবিধা নাই। যেনে- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ সৈতে দুদিন অধিক কটাইছিল যেতিয়া ছাউদা ৰাদ্বিয়াল্লাহু আনহাই নিজৰ ভাগৰ দিনটো আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক উপহাৰ হিচাপে দিছিল।" ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যিটো বেমাৰত মৃত্যুবৰণ কৰিছে, সেই বেমাৰত থকা সময়তো তেখেতে বাৰে বাৰে সুধিছিল: "কাইলৈ মই কাৰ ঘৰত থাকিম? কাইলৈ মই কাৰ ঘৰত থাকিম?' তেতিয়া তেখেতৰ স্ত্ৰীসকলে তেখেতক অনুমতি দিছিল যে, আপুনি য'তে ইচ্ছা ত'তে থাকিব পাৰে। সেয়ে তেখেতে মৃত্যু পৰ্যন্ত আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ ঘৰতে আছিল।"
আনহাতে স্ত্ৰীৰ তুলনাত স্বামীৰ অধিকাৰ হৈছে আটাইতকৈ ডাঙৰ। যেনে- মহান আল্লাহে কৈছেঃ "আৰু নাৰীসকলৰো তেনেকৈয়ে ন্যায়সংগত অধিকাৰ আছে যেনেকৈ সিহঁতৰ ওপৰত পুৰুষসকলৰ অধিকাৰ আছে; কিন্তু নাৰীসকলৰ ওপৰত পুৰুষসকলৰ মৰ্যাদা (কিছু পৰিমাণে বেছি) আছে।" (ছুৰা আল-বাক্বাৰাহঃ ২২৮) আৰু পুৰুষ হৈছে স্ত্ৰীৰ ব্যৱস্থাপক আৰু দায়িত্বশীল, পুৰুষে স্ত্ৰীৰ জীৱন সাৱলীল কৰে, তাইক শিষ্ট বনাই আৰু পথ প্ৰদৰ্শন কৰে। যেনে- মহান আল্লাহে কৈছেঃ "পুৰুষসকল হৈছে নাৰীসকলৰ তত্ত্বাৱধায়ক, কাৰণ আল্লাহে সিহঁতৰ এজনক আনজনৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে আৰু এইবাবেও যে, পুৰুষসকলে (নাৰীসকলৰ ওপৰত) নিজৰ ধন-সম্পদ ব্যয় কৰে।" (ছুৰা আন-নিছাঃ ৩৪)
স্বামীৰ অন্যতম এটা অধিকাৰ হৈছে এই যে, পত্নীয়ে তেওঁৰ প্ৰতিটো আদেশ মানি চলিব লাগে, যেতিয়ালৈকে তেওঁ আল্লাহৰ অবাধ্যতাৰ আদেশ নিদিয়ে, তথা যেতিয়ালৈকে তাইৰ সম্পত্তি আৰু গোপনীয়তা ৰক্ষা কৰে। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যদি মই কাৰোবাক ছাজদাহ কৰাৰ আদেশ দিলোঁহেঁতেন তেন্তে মই নিশ্চয় স্ত্ৰীক নিৰ্দেশ দিলোঁহেঁতেন যে, সিহঁতে যেন নিজৰ স্বামীক ছাজদাহ কৰে।" নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ "যেতিয়া স্বামীয়ে তেওঁৰ পত্নীক বিচনাত মাতে, তেতিয়া যদি স্ত্ৰীয়ে যাবলৈ অস্বীকাৰ কৰে, আৰু ইয়াৰ ফলত যদি স্বামীয়ে খঙত ৰাতি কটায়, তেন্তে পুৱা পৰ্যন্ত ফিৰিস্তাসকলে সেই (পত্নী)ৰ ওপৰত অভিশাপ দিয়ে।"
স্বামীৰ আন এটা অধিকাৰ হৈছে এই যে, পত্নীয়ে যাতে এনেকুৱা কোনো কাম নকৰে, যাৰ ফলত স্বামীয়ে সম্পূর্ণৰূপে উপকৃত হ'ব নোৱাৰে; যদিও সেইটো নফল ইবাদতে নহওক কিয়; কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "স্বামীৰ উপস্থিতিত স্ত্ৰীয়ে স্বামীৰ অনুমতি নোলোৱাকৈ নফল ৰোজাও ৰখা বৈধ নহয়, এইদৰে স্বামীৰ অনুমতি নোহোৱাকৈ কাকো নিজৰ ঘৰলৈ প্ৰৱেশ কৰিবলৈও দিব নোৱাৰে।"
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে স্ত্ৰীৰ প্ৰতি স্বামীৰ সন্তুষ্টিক জান্নাত লাভৰ অন্যতম কাৰণ হিচাপে গণ্য কৰিছে। ইমাম তিৰমিজীয়ে উম্মে ছালামা ৰাদ্বিয়াল্লাহু আনহাৰ হাদীছ বৰ্ণনা কৰিছে, য'ত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিজনী স্ত্ৰীৰ মৃত্যুৰ সময়ত, তাইৰ স্বামী তাইৰ ওপৰত সন্তুষ্ট থাকে, সেই স্ত্ৰী জন্নাতত যাব।"
*
সপ্তম অধিকাৰঃ শাসক আৰু ৰাইজৰ অধিকাৰ।
শাসক: যিয়ে মুছলিমসকলৰ বিভিন্ন বিষয়ৰ দায়িত্ব গ্ৰহণ কৰে। সেয়া সাৰ্বজনিক ক্ষমতাৰ অধিকাৰী হওক যেনে ৰাষ্ট্ৰপতি বা প্ৰধান মন্ত্ৰী, অথবা কোনো বিশেষ গোটৰ বা প্ৰতিষ্ঠানৰ ক্ষমতাৰ অধিকাৰী হওক যেনে- সভাপতি। এই সকলো ক্ষেত্ৰতে শাসকৰ আৰু তেওঁলোকৰ অধিনস্থসকলৰ প্ৰতি, লগতে ইজনে সিজনৰ প্ৰতি কিছুমান অধিকাৰ আছে, যিবোৰ অধিকাৰ পালন কৰা আৱশ্যক।
শাসকৰ ওপৰত সৰ্ব সাধাৰণ ৰাইজৰ অধিকাৰ হৈছে এই যে, তেওঁলোকে সেই আমানত ৰক্ষা কৰিব লাগে, যি আমানত আল্লাহে তেওঁলোকক অৰ্পণ কৰিছে। সেই আমানত হৈছে এই যে, তেওঁলোকে ৰাইজৰ কল্যাণ সম্পৰ্কে চিন্তা কৰিব লাগে, আৰু তেওঁলোকক লগত লৈ সেই সঠিক পথত চলিব লাগে, যিটো পৃথিৱী আৰু আখিৰাতৰ বাবে মংগলজনক তথা নিৰাপত্তাজনক। আৰু এইটো তেতিয়াই সম্ভৱ যেতিয়া তেওঁলোকে মুমিনসকলৰ পথৰ অনুসৰণ কৰিব। এইটো হৈছে সেই পথ, যিটো পথত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম প্ৰতিষ্ঠিত আছিল; য'ত শাসকসকলৰ বাবেও আছে সুখ আৰু ৰাইজৰ বাবেও আছে নিৰাপত্তা। এইটোৱে হৈছে আটাইতকৈ ডাঙৰ বস্তু, যিটোৰ দ্বাৰা ৰাইজে শাসকৰ প্ৰতি সন্তুষ্ট হয়, আৰু তেওঁলোকৰ মাজৰ সম্পৰ্ক দৃঢ় হয়, আৰু তেওঁলোকে শাসকৰ আদেশ মানি চলে, লগতে শাসকে তেওঁলোকক যি দায়িত্ব দিয়ে সেইটো তেওঁলোকে আমানতৰ সৈতে পালন কৰে। কাৰণ যিয়ে আল্লাহক ভয় কৰে, মানুহেও তেওঁক ভয় কৰে। এইদৰে যিয়ে আল্লাহক সন্তুষ্ট কৰে, আল্লাহে তেওঁৰ ওপৰত মানুহক সন্তুষ্ট কৰাৰ দায়িত্ব লয়; কিয়নো হৃদয়বোৰ হৈছে আল্লাহৰ হাতত, তেওঁ যিদৰে ইচ্ছা কৰে, সেইদৰেই ওলট-পালট কৰি দিয়ে।
আনহাতে ৰাইজৰ ওপৰত শাসকৰ অধিকাৰ হৈছে এই যে, ৰাইজে শাসকৰ সেইবোৰ বিষয়ত হিতাকাংক্ষী হ'ব লাগে, যিবোৰ বিষয়ৰ দায়িত্ব হৈছে শাসকৰ ওপৰত। পাহৰি গ'লে মনত পেলাই দিয়া, পথভ্ৰষ্ট হ'লে তেওঁৰ বাবে দুআ কৰা আৰু যেতিয়ালৈকে আল্লাহৰ আদেশৰ অমান্য নহয় তেতিয়ালৈকে তেওঁৰ আদেশ মানি চলা। কাৰণ এনেকৈ চলিলেহে যাৱতীয় বিষয় সুশৃঙ্খলভাৱে পৰিচালিত হ'ব। আনহাতে তেওঁলোকৰ অবাধ্যতা আৰু বিৰোধ হৈছে অৰাজকতা তথা অশান্তিৰ কাৰণ। এই কাৰণেই মহান আল্লাহে নিজৰ আৰু তেওঁৰ ৰাছুলৰ লগতে শাসকৰ আজ্ঞাপালনৰ নিৰ্দেশ দিছে। মহান আল্লাহে কৈছেঃ "হে মুমিনসকল! তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা, লগতে আনুগত্য কৰা তোমালোকৰ মাজৰ ক্ষমতাশীলসকলৰ।" (ছুৰা আন-নিছাঃ ৫৯) নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছত কৈছেঃ "পছন্দ আৰু অপছন্দ উভয় অৱস্থাতে প্ৰতিজন মুছলিমৰ বাবে শাসকৰ কথা মানি চলা আৰু আজ্ঞাপালন কৰা আৱশ্যক। যদিহে তেওঁ কোনো পাপকৰ্মৰ আদেশ নিদিয়ে। এতেকে যদি কেতিয়াবা পাপকৰ্মৰ নিৰ্দেশ দিয়ে তেন্তে তেওঁৰ কথা মানি লোৱা বা আজ্ঞাপালন কৰা উচিত নহয়।" (বুখাৰী আৰু মুছলিম)
আব্দুল্লাহ বিন আমৰ ৰাদ্বিয়াল্লাহু আনহুমাই কৈছে যে, আমি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে এটা ভ্ৰমণত আছিলোঁ। আমি কোনো এটা ঠাইত অৱস্থান কৰিলোঁ, তেনেতে কোনোবাই 'আছ-ছালাতু জামিআহ' (আহা একেলগে নামাজ পঢ়োঁ) বুলি মাত লগালে, তেতিয়া আমি সকলোৱে গৈ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত একত্ৰিত হ'লোঁ, তেতিয়া তেখেতে ক'লেঃ "আল্লাহে যি নবীয়েই প্ৰেৰণ কৰিছে, তেওঁৰেই এই দায়িত্ব আছিল যে, তেওঁ নিজৰ উম্মতক প্ৰত্যেক সেই কল্যাণৰ দিশত পথপ্ৰদৰ্শন কৰিছিল, যিটো তেওঁলোকৰ বাবে মঙ্গলজনক বুলি জানিছিল। এইদৰে প্ৰত্যেক অনিষ্টকৰ বিষয়ৰ পৰা তেওঁলোকক সতৰ্ক কৰিছিল, যিটো তেওঁ জানিছিল। তোমালোকৰ এই উম্মতৰ প্ৰথম ভাগ হৈছে সুৰক্ষিত, আৰু শেষৰ ভাগ বিভিন্ন পৰীক্ষাৰ সন্মুখীন হ'ব আৰু এনেকুৱা কিছুমান বিষয়ৰ সন্মুখীন হ'ব যিবোৰ তোমালোকৰ ওচৰত অপছন্দনীয়। ফিতনা এনেকৈ আহিব যে, প্ৰত্যেক ফিতনা আগৰটোতকৈ ডাঙৰ হ'ব। ফিতনা যেতিয়া আহিব, তেতিয়া মৃুমিন ব্যক্তিয়ে ক'ব, ই মোক বিনাশ কৰিব। ইয়াৰ পিছত আন এটা ফিতনা যেতিয়া আহিব, তেতিয়া মুমিন ব্যক্তিয়ে ক'ব, এতিয়া মোৰ কোনো ৰক্ষা নাই। এতেকে যিয়ে জাহান্নামৰ পৰা ৰক্ষা পাব বিচাৰে আৰু জান্নাতত প্ৰৱেশ কৰিব বিচাৰে, তেওঁ যেন আল্লাহ আৰু আখিৰাতৰ প্ৰতি বিশ্বাস স্থাপন কৰা অৱস্থাত মৃত্যুবৰণ কৰে, লগতে তেওঁ যেন মানুহৰ সৈতে তেনেকুৱা আচৰণ কৰে, যেনেকুৱা আচৰণ তেওঁ নিজৰ বাবে পছন্দ কৰে। যিয়ে কোনো ইমাম (ৰাষ্ট্ৰ প্ৰধান)ৰ হাতত বাইআত কৰে, আনুগত্যৰ শপত গ্ৰহণ কৰে, আৰু নিষ্ঠাৰ সৈতে আদেশ পালনৰ প্ৰতিজ্ঞা কৰে, তেওঁ যেন সাধ্যানুসাৰে তেওঁৰ আদেশ মানি চলে। ইয়াৰ পিছত যদি কোনোবাই নেতৃত্ব লাভৰ আশাত (শাসকৰ পৰা) নেতৃত্ব কাঢ়ি ল'বলৈ বিদ্ৰোহ কৰে তেন্তে তোমালোকে সেই বিদ্ৰোহীৰ শিৰচ্ছেদ কৰি দিয়া।" (মুছলিম) এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্ন কৰি ক'লেঃ হে আল্লাহৰ ৰাছুল! যদি আমাৰ ওপৰত এনেকুৱা লোকে শাসন কৰে যিয়ে আমাৰ পৰা সিহঁতৰ অধিকাৰ পৰিপূৰ্ণৰূপে আদায় কৰে, কিন্তু আমি পাবলগীয়া অধিকাৰ আমাক প্ৰদান নকৰে। তেনে ক্ষেত্ৰত আপোনাৰ নিৰ্দেশনা কি? এইটো শুনি তেখেতে মুখ ঘূৰাই ল'লে। তেওঁ আকৌ সুধিলে, তেতিয়া তেখেতে ক'লেঃ "সিহঁতৰ কথা শুনিবা আৰু মানিবা, সিহঁতে যি কৰিব তাৰ প্ৰতিফল সিহঁতে ভোগ কৰিব আৰু তোমালোকে যি কৰিবা তাৰ প্ৰতিফল তোমালোকে ভোগ কৰিবা।"
ৰাইজৰ ওপৰত শাসকৰ আন এটা অধিকাৰ হৈছে এই যে, ৰাইজে শাসকৰ কামত সহায় সহযোগিতা কৰিব লাগে। শাসকে আৰু সৰ্বসাধাৰণ ৰাইজে নিজৰ নিজৰ ভূমিকা আৰু দায়িত্ব সম্পৰ্কে অৱগত হ'ব লাগে, যাতে সকলো বিষয় সঠিকভাৱে পৰিচালিত হয়; কিয়নো যদি শাসকে ৰাইজৰ সঁহাৰি নাপায় তেন্তে বিষয়বোৰ সুচাৰুৰূপে পৰিচালনাত ব্যাঘাত জন্মে।
*
অষ্টম অধিকাৰঃ প্ৰতিৱেশীৰ অধিকাৰ।
প্ৰতিৱেশী কোৱা হয় ওচৰ চুবুৰীয়াক। ওচৰ চুবুৰীয়াৰ অধিকাৰ বৰ ডাঙৰ। প্ৰতিৱেশী যদি নিজৰ বংশৰ হয় আৰু মুছলিম হয়, তেন্তে তাৰ হক হৈছে তিনিটা। এটা হৈছে প্ৰতিৱেশী হোৱাৰ হক, আনটো হৈছে আত্মীয়তাৰ হক আৰু তৃতীয়টো হৈছে মুছলিমৰ হক। আনহাতে প্ৰতিৱেশী যদি মুছলিম হয়, কোনো আত্মীয় নহয়, তেন্তে তাৰ হক হৈছে দুটা। এটা হৈছে প্ৰতিৱেশীৰ হক আৰু আনটো হৈছে মুছলিমৰ হক। এইদৰে প্ৰতিৱেশী যদি বংশীয় হয় আৰু মুছলিম নহয়, তথাপিও তাৰ হক হৈছে দুটা। এটা হৈছে প্ৰতিৱেশীৰ হক আৰু আনটো হৈছে আত্মীয়তাৰ হক। পক্ষান্তৰে প্ৰতিৱেশী যদি মুছলিমো নহয় আৰু আত্মীয়ও নহয়, বৰং কোনো অমুছলিম হয়, তেন্তে তাৰ হক হৈছে এটা। কেৱল প্ৰতিৱেশীৰ হক।
মহান আল্লাহে কৈছেঃ তোমালোকে আল্লাহৰ ইবাদত কৰা, আৰু তেওঁৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰিবা; লগতে পিতৃ-মাতৃ আৰু আত্মীয়-স্বজন, এতীম, অভাৱগ্ৰস্ত, নিকট প্ৰতিৱেশী, দূৰ-প্ৰতিৱেশীৰ সৈতে সদাচৰণ কৰিবা। (ছুৰা আন-নিছাঃ ৩৬) নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "জিব্ৰীলে মোক সদায় প্ৰতিৱেশীৰ বিষয়ে উপদেশ দিয়ে। এটা সময়ত মই ধাৰণা কৰিলোঁ যে, তেওঁ হয়তো প্ৰতিৱেশীক মোৰ উত্তৰাধিকাৰী বনাই দিব।" (মুত্তাফাক্ব আলাইহ)
এতেকে প্ৰতিৱেশীৰ ওপৰত প্ৰতিৱেশীৰ অন্যতম এটা অধিকাৰ হৈছে যে, ধন-সম্পদ, মান-মৰ্যাদাকে আদি কৰি যিকোনো উপায়ে প্ৰতিৱেশীৰ উপকাৰ কৰিব লাগে। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "আল্লাহৰ দৃষ্টিত সৰ্বোত্তম প্ৰতিৱেশী হৈছে সেইজন, যিজন নিজৰ প্ৰতিৱেশীৰ ওচৰত বেছি প্ৰিয়।" তেখেতে আৰু কৈছেঃ "যিয়ে আল্লাহ আৰু আখিৰাতৰ প্ৰতি বিশ্বাস স্থাপন কৰে, তেওঁ যেন প্ৰতিৱেশীৰ সৈতে ভাল ব্যৱহাৰ কৰে।" তেখেতে আৰু কৈছেঃ "যেতিয়া তোমালোকে কোনো জোল থকা আঞ্জা ৰান্ধিবা, তেতিয়া অলপ পানী বেছিকৈ দিবা, যাতে অলপ তৰকাৰি প্ৰতিৱেশীকো দিব পাৰা।"
প্ৰতিৱেশীৰ সৈতে সদ্ব্যৱহাৰৰ অন্যতম এটা উপায় হৈছে, বিভিন্ন উৎসৱৰ সময়ত উপহাৰ দিয়া, কাৰণ উপহাৰ দিলে মুহাব্বত বাঢ়ে, হিংসা বিদ্বেষ শেষ হয়।
প্ৰতিৱেশীৰ ওপৰত প্ৰতিৱেশীৰ অন্যতম এটা হক হৈছে এই যে, প্ৰতিৱেশীক কোনো ধৰণৰ কষ্ট নিদিয়া, কথাৰ দ্বাৰাই হওক বা কৰ্মৰ দ্বাৰা। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "আল্লাহৰ শপত! সেই ব্যক্তি মুমিন নহয়। আল্লাহৰ শপত! সেই ব্যক্তি মুমিন নহয়। আল্লাহৰ শপত! সেই ব্যক্তি মুমিন নহয়।" চাহাবাসকলে সুধিলেঃ হে আল্লাহৰ ৰাছুল কোন ব্যক্তি মুমিন নহয়? তেখেতে ক'লেঃ "যাৰ অনিষ্টৰ পৰা তাৰ প্ৰতিৱেশী সুৰক্ষিত নহয়।" এটা বৰ্ণনাত আছে, "সেই ব্যক্তিয়ে জান্নাতত প্ৰৱেশ নকৰিব, যাৰ অনিষ্টত তাৰ প্ৰতিৱেশী শান্তিত থাকিব নোৱাৰে।" এতেকে যাৰ অনিষ্টৰ ফলত তাৰ প্ৰতিৱেশী শান্তিত থাকিব নোৱাৰে, সি মুমিন নহয়, সেয়ে সি জান্নাতত প্ৰৱেশ নকৰিব।
আজিকালি বহুতেই প্ৰতিৱেশীৰ অধিকাৰৰ প্ৰতি ভ্ৰূক্ষেপ নকৰে, ফলত তেওঁলোকৰ বেয়া আচৰণৰ পৰা তেওঁলোকৰ প্ৰতিৱেশী সুৰক্ষিত নহয়। তুমি দেখিবলৈ পাবা যে, সিহঁতে সদায় কাজিয়া-বিবাদত লিপ্ত থাকে, অধিকাৰ হৰণ কৰে, লগতে কথা আৰু কৰ্মৰ জৰিয়তে কষ্ট দিয়ে। এই সকলোবোৰ হৈছে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আদেশৰ বিৰুদ্ধাচৰণ। ইয়াৰ ফলত মুছলিমসকলৰ মাজত একতা বিনষ্ট হয়। তেওঁলোকৰ অন্তৰত দূৰত্ব বৃদ্ধি পায়। পৰস্পৰৰ ওচৰত পৰস্পৰৰ মান-সন্মান পয়মাল হয়।
*
নৱম অধিকাৰঃ সৰ্বসাধাৰণ মুছলিমৰ অধিকাৰ।
ইয়াৰ বহুতো অধিকাৰ আছে। ছহীহ হাদীছৰ দ্বাৰা বৰ্ণিত কেইটিমান অধিকাৰ যেনে- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "এজন মুছলিমৰ ওপৰত আন এজন মুছলিমৰ ছয়টা হক (অধিকাৰ) আছে।" প্ৰশ্ন কৰা হ'ল, হে আল্লাহৰ ৰাছুল! সেইবোৰ কি কি? তেখেতে ক'লেঃ "সাক্ষাৎ হ'লে ছালাম কৰিবা, যদি তোমাক নিমন্ত্ৰণ জনায় তেন্তে গ্ৰহণ কৰিবা, যদি তোমাৰ পৰা পৰামৰ্শ বিচাৰে তেন্তে সৎপৰামৰ্শ দিবা, এইদৰে যদি হাঁচি কৰি আলহাম্দুলিল্লাহ কয় তেন্তে তাৰ উত্তৰ দিবা, বেমাৰত পৰিলে খা-খবৰ ল'বা, আৰু যদি মৃত্যুবৰণ কৰে তেন্তে জানাযাৰ অনুসৰণ কৰিবা।" এই হাদীছটোত মুছলিমসকলৰ কেইবাটাও অধিকাৰ বৰ্ণিত হৈছে।
প্ৰথম অধিকাৰ: ছালাম কৰা। ছালাম কৰাটো হৈছে ছুন্নতে মুআক্কাদা হৈছে। এইটো হৈছে মুছলিমসকলৰ মাজত মুহাব্বত বৃদ্ধি কৰাৰ অন্যতম এটা উপায়, যিটো সৰ্বজনবিদিত। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ এই হাদীছৰ দ্বাৰাও এইটো প্ৰমাণিত। তেখেতে কৈছেঃ "মুমিন নোহোৱাকৈ তোমালোকৰ মাজৰ কোনেও জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিব, আৰু তোমালোকে প্ৰকৃত মুমিন হ'ব নোৱাৰিবা যেতিয়ালৈকে তোমালোকে ইজনে সিজনক মুহাব্বত নকৰিবা। মই তোমালোকক সেই বিষয়টো জনাই নিদিমনে, যিটো কৰিলে তোমালোকৰ পৰস্পৰ মাজত মুহাব্বত সৃষ্টি হ'ব? সেইটো হৈছেঃ তোমালোকে পৰস্পৰে ছালাম আদান প্ৰদান কৰা।"
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া কাৰোবাক সাক্ষাৎ কৰিছিল তেতিয়া তেখেতে নিজেই প্ৰথমে ছালাম কৰিছিল, শিশুসকলৰ ওচৰেৰে পাৰ হ'লে সিহঁতকো ছালাম কৰিছিল।
ছুন্নত (তথা নবীৰ পদ্ধতি) হৈছে এই যে, সৰুৱে ডাঙৰক ছালাম কৰিব, কম সংখ্যকে অধিক সংখ্যক লোকক ছালাম কৰিব, আৰোহীয়ে খোজকাঢ়ি যোৱা ব্যক্তিক ছালাম কৰিব। কিন্তু যদি এই ছুন্নত অনুসৰি আমল নহয়, তেন্তে সন্মুখৰ ব্যক্তিয়ে ছালাম কৰিব লাগে, যাতে ছালামৰ এই বিধান বিনষ্ট নহয়। এতেকে যদি সৰুৱে ছালাম নকৰে তেন্তে ডাঙৰেই ছালাম কৰিব লাগে, ঠিক সেইদৰে কম সংখ্যকে যদি ছালাম নকৰে তেন্তে অধিক সংখ্যকে ছালাম কৰা উচিত, যাতে ছোৱাব অৰ্জন হয়।
আম্মাৰ বিন য়াছীৰ -ৰাদ্বিয়াল্লাহু আনহুমাৰ বৰ্ণিত হাদীছ, তেওঁ বৰ্ণনা কৰিছেঃ "যাৰ ভিতৰত এই তিনিটা গুণ একত্ৰিত হ'ব, তেওঁ হৈছে পৰিপূৰ্ণ ঈমানৰ অধিকাৰী। নিজৰ ওপৰত ন্যায় কৰা, সকলোকে ছালাম কৰা, দৰিদ্ৰতাৰ সময়তো দান কৰা।"
প্ৰথমে ছালাম কৰাটো হৈছে ছুন্নত, কিন্তু ছালামৰ উত্তৰ দিয়াটো হৈছে ফৰজে কিফায়া। যদি এজনে উত্তৰ দিয়ে তেন্তে এইটো বাকী লোকৰ ফালৰ পৰা যথেষ্ট হ'ব। উদাহৰণস্বৰূপেঃ যদি বেছি সংখ্যক লোকক ছালাম কৰা হয়, তেন্তে তেওঁলোকৰ মাজৰ যিকোনো এজনে উত্তৰ দিলেই যথেষ্ট হ'ব। মহান আল্লাহে কৈছেঃ "আৰু যেতিয়া তোমালোকক ছালাম দিয়া হয়, তেতিয়া তোমালোকে তাতোকৈ উত্তমৰূপে ছালামৰ উত্তৰ দিবা অথবা অনুৰূপ প্ৰত্যুত্তৰ দিবা। নিশ্চয় আল্লাহ সকলো বিষয়ে পূৰ্ণ হিচাপ গ্ৰহণকাৰী।" (ছুৰা আন-নিছাঃ ৮৬) এতেকে ছালামৰ উত্তৰত কেৱল (আহলান অছাহলান বা you are welcome) বুলি ক'লেই যথেষ্ট নহয়। কাৰণ এইটো ছালামৰ উত্তৰ নহয়, বৰং তাৰ অনুৰূপো নহয়। এতেকে যদি কোনোবাই (আচ্ছালামু আলাইকুম) বুলি কয়, তেন্তে তাৰ উত্তৰত এই বুলি কওকঃ (ওৱা আলাইকুম আচ্ছালাম) যদি কোনোবাই শুভাগমন বা স্বাগতম বুলি কয়, তেন্তে ইয়াৰ উত্তৰত আপুনিও শুভাগমন বুলি কওক। কিন্তু যদি ইয়াৰ উপৰিও ছালাম কৰা হয় তেন্তে সেইটো উত্তম।
দ্বিতীয় অধিকাৰঃ (নিমন্ত্ৰণ কৰিলে নিমন্ত্ৰণ গ্ৰহণ কৰা।) অৰ্থাৎ যদি পানাহাৰ কৰিবলৈ অথবা বিভিন্ন আনন্দৰ মুহূৰ্তত নিমন্ত্ৰণ কৰে, তেন্তে সেই নিমন্ত্ৰণত উপস্থিত হ'ব লাগে। নিমন্ত্ৰণ গ্ৰহণ কৰাটো হৈছে ছুন্নতে মুআক্কাদাহ। ইয়াৰ ফলত নিমন্ত্ৰণকাৰীয়ে সুখ অনুভৱ কৰে আৰু মুহাব্বত বৃদ্ধি হয়।
কিন্তু অলীমাৰ নিমন্ত্ৰণ হৈছে ব্যতিক্ৰম। কিয়নো অলীমাৰ নিমন্ত্ৰণ গ্ৰহণ কৰাটো চৰ্ত অনুযায়ী ওৱাজিব। যেনে- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে অলীমাৰ নিমন্ত্ৰণত উপস্থিত নহয়, তেওঁ আল্লাহ আৰু ৰাছুলৰ বিৰুদ্ধাচৰণ কৰে।"
আৰু সম্ভৱত তেখেতৰ এই বাক্য: "নিমন্ত্ৰণ কৰিলে গ্ৰহণ কৰিবা"ৰ ভিতৰত এই কথাও অন্তৰ্ভুক্ত যে, সহায়-সহযোগিতাৰ বাবে আহ্বান কৰিলে, সহায় সহযোগিতা কৰিবা। কাৰণ এইটো পালন কৰিবলৈ তোমাক নিৰ্দেশ দিয়া হৈছে। এইদৰে যদি তোমাক কোনো বোজা উঠাই দিবলৈ অথবা নমাই দিবলৈ আহ্বান কৰে, বা এনেকুৱা যিকোনো কামত সহায় কৰিবলৈ মাতে তেন্তে তুমি সেই ক্ষেত্ৰত সহায় কৰিবা। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "এজন মুমিন হৈছে আন এজন মুমিনৰ বাবে দেৱালস্বৰূপ, যাৰ এটা অংশই আন এটা অংশক সুদৃঢ় কৰি ৰাখে।"
তৃতীয় অধিকাৰঃ "পৰামৰ্শ বিচাৰিলে, সৎ পৰামৰ্শ দিবা।" অৰ্থাৎ যদি কোনোবাই কোনো বিষয়ত পৰামৰ্শ বিচাৰে তেন্তে তুমি তাক সৎপৰামৰ্শ প্ৰদান কৰিবা। কিয়নো এইটোৱে হৈছে দ্বীন। যেনে- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "দ্বীন হৈছে শুভ কামনাৰ নাম।" আমি প্ৰশ্ন কৰিলোঁ: কাৰ বাবে? তেখেতে ক’লে: "আল্লাহৰ বাবে, তেওঁৰ কিতাবৰ বাবে, তেওঁৰ ৰাছুলৰ বাবে, মুছলিমসকলৰ নেতৃবৃন্দৰ বাবে আৰু সৰ্বসাধাৰণ মুছলিমৰ বাবে।"
কিন্তু যদি তেওঁ উপদেশ ল’বলৈ তোমাৰ ওচৰলৈকে নাহে। তথাপিও তুমি বিষয়টো ভালকৈ চালি জাৰি চাবা, যদি বিষয়টো ক্ষতিকৰ হয় অথবা গুনাহৰ হয়, তেন্তে এই পৰিস্থিতিত তেওঁ তোমাৰ ওচৰলৈকে নাহিলেও তুমি উপযাচি হ'লেও সৎপৰামৰ্শ দিয়া উচিত। কিয়নো এইটো হৈছে মুছলিমসকলক ক্ষতিৰ পৰা আৰু পাপকৰ্মৰ পৰা সুৰক্ষিত ৰখাৰ উপায়। কিন্তু যদি সেই কৰ্মৰ ফলত তেওঁৰ কোনো পাপ নহয় আৰু কোনো ক্ষতিও নহয়, কিন্তু তোমাৰ দৃষ্টিত সেইটোতকৈ বেলেগ এটা কাম বেছি উত্তম, তেন্তে তেনে ক্ষেত্ৰত উপযাচি পৰামৰ্শ দিয়াৰ প্ৰয়োজন নাই। এই ক্ষেত্ৰত যদি তেওঁ উপদেশ বিচাৰি আহে, তেন্তে পৰামৰ্শ দিবা।
চতুৰ্থ অধিকাৰঃ হাঁচি কৰি আলহাম্দুলিল্লাহ ক'লে উত্তৰ দিবা। অৰ্থাৎ উত্তৰত ক'বাঃ "য়াৰহামুকাল্লাহ" (অৰ্থঃ আল্লাহে তোমাৰ ওপৰত ৰহম কৰক)। এই কাৰণে যে, তেওঁ হাঁচি কৰি আল্লাহৰ প্ৰশংসা কৰিছে। আনহাতে যদি হাঁচি কৰি আলহাম্দুলিল্লাহ নকয়, তেন্তে এই উত্তৰ পোৱাৰ তাৰ কোনো অধিকাৰ নাই। যিহেতু সি হাঁচি কৰি আলহাম্দুলিল্লাহ কোৱা নাই, সেয়ে সি এই উত্তৰ পোৱাৰ যোগ্য নহয়।
যদি হাঁচি কৰা ব্যক্তিয়ে আলহাম্দুলিল্লাহ কয় তেন্তে তাৰ উত্তৰ দিয়াটো অনিবাৰ্য্য, আৰু ইয়াৰ পিছত হাঁচি কৰা ব্যক্তিয়েও উত্তৰ দিয়া জৰুৰী। উত্তৰত ক'বঃ "য়াহদীকুমুল্লাহু ওৱা য়ুচলিহু বালাকুম।"
যদি কোনোবাই বাৰে বাৰে হাঁচি কৰে তেন্তে অধিকতম তিনিবাৰ উত্তৰ দিবা, চতুৰ্থবাৰ হাঁচি কৰিলে, "য়াৰহামুকাল্লাহ"ৰ সলনি এই বুলি ক'বাঃ "আফাকাল্লাহ" (আল্লাহে তোমাক আৰোগ্য প্ৰদান কৰক।)
পঞ্চম অধিকাৰ: (বেমাৰত পৰিলে খা-খবৰ ল'বলৈ যাবা)। বেমাৰত পৰিলে শুশ্ৰূষা কৰিব লাগে, এইটো হৈছে মুছলিম ভাতৃ অন্যতম অধিকাৰ। গতিকে তেওঁৰ এই অধিকাৰ তেওঁক আদায় দিব লাগে। বেমাৰী ব্যক্তি যদি আত্মীয় হয় বা সংগী হয় অথবা প্ৰতিৱেশী হয়, তেন্তে তাৰ হক আৰু অধিক বেছি গুৰুত্বপূৰ্ণ।
বেমাৰীৰ অৱস্থা অনুসৰি বেমাৰীৰ খা-খবৰ লোৱাৰ মাজত পাৰ্থক্য আছে। কেতিয়াবা বেমাৰীৰ খা-খবৰ বাৰে বাৰে ল'বলগীয়া হ'ব পাৰে, আকৌ কেতিয়াবা মাজে সময়ে ল'লেও কোনো অসুবিধা নাই। সেয়ে পৰিস্থিতি অনুসৰি এইটো সাল-সলনি হয়।
বেমাৰীক সাক্ষাৎ কৰিবলৈ যোৱা ব্যক্তিৰ ক্ষেত্ৰত ছুন্নত হৈছে, তেওঁ যেন বেমাৰীৰ অৱস্থা সম্পৰ্কে সোধে, বেমাৰীক দুআ দিয়ে, আৰু তেওঁক সোনকালে সুস্থ হৈ উঠাৰ আশা দিয়ে। কাৰণ এইটো হৈছে সুস্থতা আৰু আৰোগ্য লাভৰ অন্যতম এটা উপায়। লগতে তেওঁক তাওবাৰ কথা মনত পেলাই দিব লাগে, কিন্তু এনেকৈ স্মৰণ কৰাব লাগে, যাতে তেওঁ আতংকিত নহয়। উদাহৰণস্বৰূপে তেওঁক এই কথা ক'ব লাগে যে, এই বেমাৰৰ ফলত আপুনি ডাঙৰ ছোৱাব অৰ্জন কৰিব; কিয়নো বেমাৰৰ ফলত আল্লাহে বান্দাৰ পাপসমূহ মোচন কৰি দিয়ে আৰু গুনাসমূহ মাফ কৰি দিয়ে। গতিকে আপুনি যে এই বেমাৰত আক্ৰান্ত হৈছে, ইয়াৰ ফলত আপুনি মহা ছোৱাব অৰ্জন কৰিব। সেয়ে এই সময়ছোৱাত আপুনি বেছি বেছি জিকৰ-আজকাৰ কৰা উচিত, তাওবা ইস্তিগফাৰ আৰু দুআ কৰা উচিত।
ষষ্ঠ অধিকাৰঃ "মৃত্যুবৰণ কৰিলে জানাজাত উপস্থিত হোৱা।" জানাজাত উপস্থিত হোৱাটো তাৰ ভাতৃৰ ওপৰত মুছলিম ব্যক্তিৰ অন্যতম এটা অধিকাৰ। ইয়াৰ ফলত মহা ছোৱাব অৰ্জন হয়। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা প্ৰমাণিত তেখেতে কৈছেঃ "যিয়ে জানাজাক অনুসৰণ কৰি গৈ জানাজাত অংশগ্ৰহণ কৰে, তেওঁ এক কিৰাত ছোৱাব লাভ কৰে। যিয়ে দাফন কৰালৈকে থাকে, তেওঁ দুই কিৰাত ছোৱাব অৰ্জন কৰে।" তেখেতক সোধা হ'লঃ দুই কিৰাত মানে কিমান? তেখেতে ক'লেঃ "দুখন ডাঙৰ পৰ্বতৰ সমান।"
এজন মুছলিমৰ ওপৰত আন এজন মুছলিমৰ অন্যতম আন এটা অধিকাৰ হৈছে, তেওঁক কোনো ধৰণৰ কষ্ট নিদিয়া। কাৰণ মুছলিমক কষ্ট দিয়াটো হৈছে ডাঙৰ গুনাহৰ কাম। মহান আল্লাহে কৈছেঃ "আৰু যিসকলে মুমিন পুৰুষ আৰু মুমিনা নাৰীসকলক বিনা অপৰাধত (যিটো সিহঁতে কৰা নাই তাৰ বাবে) কষ্ট দিয়ে, নিশ্চয় সিহঁতে অপবাদ আৰু সুস্পষ্ট গুনাহৰ বোজা বহন কৰে।" (ছুৰা আল-আহজাবঃ ৫৮)
যিয়ে মুছলিম ভাতৃৰ প্ৰতি অন্যায় কৰে, সচৰাচৰ আল্লাহে পৃথিৱীতেই তাৰ প্ৰতিশোধ গ্ৰহণ কৰে। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছত কৈছেঃ "তোমালোকে পৰস্পৰে হিংসা নকৰিবা, এজনে আনজনৰ পৰা সম্পৰ্কচ্ছেদ নকৰিবা। হে আল্লাহৰ বান্দাসকল! পৰস্পৰে ভাতৃ হৈ যোৱা। এজন মুছলিম হৈছে আন এজন মুছলিমৰ ভাতৃ, সি যেন তাৰ প্ৰতি অন্যায় নকৰে আৰু তাক সঙ্গীহীন আৰু সহায়হীনভাৱে এৰি নিদিয়ে, আৰু যেন তাক অপমান অপদস্থ নকৰে। কোনো মানুহক অনিষ্ট কৰিবলৈ এইখিনিয়ে যথেষ্ট যে, সি তাৰ মুছলিম ভাতৃক নিম্ন আৰু হীন বুলি ভাবে। প্ৰতিজন মুছলিমৰে তেজ, সম্পদ আৰু মান-সন্মান অন্যান্য মুছলিমৰ ওপৰত হাৰাম।"
মুছলিমৰ ওপৰত মুছলিমৰ অধিকাৰ বহুত। সেই সকলো অধিকাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ এই গাম্ভীৰ্য্যপূৰ্ণ এটা কথাতে সামৰি ল'ব পাৰি। তেখেতে কৈছেঃ "এজন মুছলিম হৈছে আন এজন মুছলিমৰ ভাতৃ।" কিয়নো যেতিয়া তেওঁ এই ভাতৃত্ববোধ মানি ল'ব আৰু ইয়াৰ দাবী মুতাবিক কাম কৰিব, তেতিয়া তেওঁ সদায় তাৰ উপকাৰ কৰাৰহে চেষ্টা কৰিব, আৰু অনিষ্টৰ পৰা দূৰত্ব অৱলম্বন কৰিব।
*
দশম অধিকাৰঃ অমুছলিমসকলৰ অধিকাৰ।
ইছলামক অস্বীকাৰ কৰা সকলো কাফিৰেই অমুছলিমৰ অন্তৰ্ভুক্ত। অমুছলিমৰ শ্ৰেণী হৈছে চাৰিটা: হাৰ্বী (যাৰ সৈতে যুদ্ধ কৰা হয়), মুছতামিন (যিয়ে সুৰক্ষা কামনা কৰে), মুআহিদ (যাৰ সৈতে সন্ধি তথা চুক্তি কৰা হৈছে), আৰু জিম্মী (যিয়ে মুছলিম দেশত শাসকৰ অনুমতিত বাস কৰে)।
এইসকলৰ মাজৰ যিসকল হাৰ্বী, আমাৰ ওপৰত সিহঁতৰ কোনো অধিকাৰ নাই। সহায়-সুৰক্ষাৰ ক্ষেত্ৰতো নাই আৰু চোৱাচিতাৰ ক্ষেত্ৰতো নাই।
কিন্তু যিসকলে সুৰক্ষা কামনা কৰে, আমাৰ ওপৰত সিহঁতৰ অধিকাৰ হৈছে এই যে, আমি যেন সিহঁতক নিৰ্দিষ্ট সময়ত আৰু বিশেষ স্থানত সিহঁতক সুৰক্ষা প্ৰদান কৰোঁ। যেনে- মহান আল্লাহে কৈছেঃ "আৰু মুশ্বৰিকসকলৰ কোনোবাই যদি তোমাৰ ওচৰত আশ্ৰয় বিচাৰে তেন্তে তুমি তাক আশ্ৰয় দিবা, যাতে সি আল্লাহৰ বাণী শুনিব পাৰে, তাৰ পিছত তাক নিৰাপদ স্থানলৈ পৌঁচাই দিবা।" (ছুৰা আত-তাওবাঃ ৬)
আনহাতে যিসকলে আমাৰ সৈতে সন্ধি কৰিছে, তেওঁলোকৰ সৈতে আমি সেই সময় পৰ্যন্ত সন্ধিৰ নিয়ম নীতি পালন কৰিব লাগে, যেতিয়ালৈকে সিহঁত সন্ধিৰ ওপৰত প্ৰতিষ্ঠিত থাকিব, আৰু আমাৰ সৈতে প্ৰতিশ্ৰুতি পূৰণ কৰাৰ ক্ষেত্ৰত কোনো ত্ৰুটি নকৰিব, লগতে আমাৰ বিৰুদ্ধে কাকো সহায় নকৰিব, আৰু আমাৰ ধৰ্মীয় ক্ষেত্ৰতো কোনো ধৰণৰ কটুক্তি নকৰিব। যেনে- মহান আল্লাহে কৈছেঃ "কিন্তু মুশ্বৰিকসকলৰ মাজত যিসকলৰ লগত তোমালোকৰ চুক্তি আছে, এতেকে সিহঁতে তোমালোকৰ চুক্তি ৰক্ষাত কোনো ত্ৰুটিও কৰা নাই আৰু তোমালোকৰ বিৰুদ্ধে আনক সহায়ো কৰা নাই, তেন্তে তোমালোকে সিহঁতৰ লগত নিৰ্দিষ্ট ম্যাদ পৰ্যন্ত চুক্তি পূৰণ কৰিবা; নিশ্চয় আল্লাহে মুত্তাক্বীসকলক পছন্দ কৰে।" (ছুৰা আত-তাওবাঃ ৪) তেওঁ আৰু কৈছেঃ "আৰু যদি সিহঁতে সিহঁতৰ চুক্তিৰ পিছত নিজৰ প্ৰতিশ্ৰুতি ভঙ্গ কৰে আৰু তোমালোকৰ দ্বীন সম্পৰ্কে কটুক্তি কৰে, তেন্তে কুফৰৰ নেতাসকলৰ লগত যুদ্ধ কৰা; নিশ্চয় সিহঁত এনেকুৱা লোক যিসকলৰ কোনো প্ৰতিশ্ৰুতি নাই; যাতে সিহঁতে বিৰত থাকে।" (ছুৰা আত-তাওবাঃ ১২)
জিম্মীসকলৰ অধিকাৰ এওঁলোকৰ মাজত আটাইতকৈ অধিক। তাৰে কিছুমান অধিকাৰ হৈছে তেওঁলোকৰ বাবে, আৰু কিছুমান হৈছে তেওঁলোকে পালন কৰিবলগীয়া। কিয়নো তেওঁলোকে মুছলিম দেশত জিজিয়া (কৰ) আদায় দি বসবাস কৰে, আৰু সুৰক্ষা আৰু বিভিন্ন সেৱাৰ সুবিধা লাভ কৰে।
এতেকে মুছলিম শাসকৰ ওপৰত বাধ্যতামূলক যে, তেওঁলোকে যেন সিহঁতৰ প্ৰাণ, সম্পত্তি আৰু মান-সন্মান আদিৰ বিষয়ত ইছলামী আইন অনুসৰি সিদ্ধান্ত লয়। যিবোৰ বস্তুক সিহঁতে অবৈধ বুলি গণ্য কৰে, সেইবোৰত লিপ্ত হ'লে, সিহঁতক যেন শাস্তি বিহে, লগতে সিহঁতক যেন সুৰক্ষা প্ৰদান কৰে, যাতে সিহঁতৰ কোনো ধৰণৰ অনিষ্ট নহয়।
এইদৰে জিম্মীসকলৰ ওপৰত বাধ্যতামূলক যে, সিহঁতে যেন মুছলিমসকলৰ পৰা নিজকে পাৰ্থক্য কৰিব পৰা পোছাক পৰিধান কৰে, ৰাজহুৱা স্থানত যেন এনেকুৱা কোনো কাম নকৰে, যিটো ইছলামত বৈধ নহয়, অথবা যিটো সিহঁতৰ ধৰ্মৰ পৰিচয় বহন কৰে, যেনে- নাকুছ আৰু ক্ৰছ আদি। জিম্মীসকলৰ বিধান সংক্ৰান্তীয় বিষয়ত উলামাসকলে বহুতো কিতাপ লিপিবদ্ধ কৰিছে। সেয়ে আমি ইয়াত দীঘলীয়া আলোচনা কৰিব বিচৰা নাই।
সকলো ধৰণৰ প্ৰশংসা বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ বাবে, আৰু দৰুদ তথা ছালাম বৰ্ষিত হওক আমাৰ প্ৰিয় নবী মুহাম্মদৰ ওপৰত, আৰু তেখেতৰ পৰিয়ালবৰ্গৰ ওপৰত, লগতে তেখেতৰ সকলো চাহাবাৰ ওপৰত।
লেখকঃ মহান আল্লাহৰ মুখাপেক্ষী
মুহাম্মদ আচ-ছলেহ আল-উছাইমীন
*
Related books
All books
ৰাছুলৰ ছুন্নত মুতাবিক আমল কৰা বাধ্যতামূলক (যিয়ে ইয়াক অস্বীকাৰ কৰিব সি কাফিৰ হিচাপে বিবেচিত)23 ভাষাৰাছুলৰ ছুন্নত মুতাবিক আমল কৰা বাধ্যতামূলক (যিয়ে ইয়াক অস্বীকাৰ কৰিব সি কাফিৰ হিচাপে বিবেচিত)
লেখকঃ শ্বাইখ আব্দুল আজীজ বিন আব্দুল্লাহ বিন বাজ ৰাহিমাহুল্লাহ আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। ভূমিকা সকলো ধৰণৰ প্ৰশংসা বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ বাবে, আৰু শুভ পৰিণাম নিৰ্দিষ্ট মুত্তাক্বীসকলৰ বাবে। দৰূদ আৰু ছালাম বৰ্ষিত হওক তেওঁৰ বান্দা আৰু ৰাছুল আমাৰ প্ৰিয় নবী মুহাম্মদৰ ওপৰত, যাক বিশ্ববাসীৰ বাবে ৰহমত হিচাপে প্ৰেৰণ কৰা হৈছিল, লগতে তেখেতৰ পৰিয়ালবৰ্গ আৰু সেইসকল চাহাবীৰ ওপৰত যিসকলে আল্লাহৰ পৱিত্ৰ বাণী কোৰআন বহন কৰিছিল আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ হাদীছসমূহ আয়ত্ত কৰি পৰৱৰ্তী লোকসকলৰ ওচৰলৈ পৌঁচাই দিছিল। তেওঁলোকে এই কাম চূড়ান্ত বিশ্বস্ততাৰে আৰু পৰিপক্কতাৰে পালন কৰিছিল,…
نبذة في العقيدة الإسلامية (شرح أصول الإيمان)76 ভাষাنبذة في العقيدة الإسلامية (شرح أصول الإيمان)
رسالة لطيفة تتناول أصول العقيدة الإسلامية بأسلوب مبسط وميسر. تبدأ بمقدمة حول أهمية علم التوحيد، كونه أشرف العلوم وأجلّها، ثم تتناول مفهوم الدين الإسلامي وأركانه الخمسة: الشهادتان، والصلاة، والزكاة، والصوم، والحج. كما يشرح الإيمان بالله، وملائكته، وكتبه، ورسله، واليوم الآخر، ويؤكد على أهمية التوحيد في بناء دين المسلم بشكل سليم. الكتاب يهدف إلى تعزيز الفهم الصحيح للعقيدة الإسلامية وتطبيقها في حياة المسلم اليومية.
নাস্তিকসকলৰ প্ৰতি সংক্ষিপ্ত বাৰ্তা61 ভাষানাস্তিকসকলৰ প্ৰতি সংক্ষিপ্ত বাৰ্তা
নাস্তিকসকলৰ প্ৰতি এইটো এটা সংক্ষিপ্ত বাৰ্তা, যিটোৰ দ্বাৰা বিবেকক সম্বোধন কৰা হৈছে যে, এই সূক্ষ্ম সুশৃংখল মহাবিশ্বৰ পৰিচালনা তথা অনুপম ব্যৱস্থাপনাই প্ৰমাণ কৰে যে, এই মহাবিশ্ব নিজে নিজেই সৃষ্টি হোৱা নাই, বৰং ইয়াৰ এজন মহা প্ৰজ্ঞাবান স্ৰষ্টা আছে। তেন্তে এই সুন্দৰ ব্যৱস্থাপনা নিজে নিজেই শূন্যৰ পৰা অস্তিত্বলৈ অহাটো কোনো যুক্তি-যুক্ত কথা হ'ব পাৰে নে? গতিকে আপুনি আপোনাৰ হৃদয়ক চিন্তা আৰু গৱেষণাৰ বাবে উন্মুক্ত কৰক। সত্যৰ সন্ধান কৰক, হয়তো আপুনি এনে এটা জ্যোতিৰ সন্ধান পাব, যিয়ে আপোনাক হিদায়তৰ পথ দেখুৱাব।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছালাত (নামাজ) আদায় কৰাৰ পদ্ধতি82 ভাষানবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছালাত (নামাজ) আদায় কৰাৰ পদ্ধতি
"নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছালাত (নামাজ) আদায় কৰাৰ পদ্ধতি" শীৰ্ষক পুস্তিকাখনত সন্মানীয় শ্বাইখ আব্দুল আজীজ বিন বাজ ৰাহিমাহুল্লাহে অত্যন্ত সহজ, সাৱলীল আৰু সূক্ষ্ম পদ্ধতি অৱলম্বন কৰি সংক্ষিপ্ত আকাৰে তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ নামাজ পঢ়াৰ পদ্ধতি উপস্থাপন কৰিছে। তেওঁ এই পুস্তিকাখন বিশুদ্ধ দলীল প্ৰমাণৰ ভিত্তিত প্ৰস্তুত কৰিছে, যাতে মুছলিমসকলে সহজেই ইয়াৰ দ্বাৰা নামাজৰ সঠিক পদ্ধতি শিকিব পাৰে। তেওঁ এই পুস্তিকাখনত অজুৰ পৰা আদি কৰি ছালাম ফিৰোৱালৈকে নামাজৰ সকলো আৰকান, ছুন্নতসমূহ আৰু নামাজৰ সম্পূৰ্ণ পদ্ধতি দলীল সহকাৰে সুস্পষ্টভাৱে উল্লেখ কৰিছে, যাতে এই মহান ইবাদতত নবী চাল্লাল্লাহু আলাইহি…