نبذة في العقيدة الإسلامية (شرح أصول الإيمان)
*
These files are generated automatically from the book's text; their layout may differ from the printed edition.
ইছলামী আক্বীদাৰ সংক্ষিপ্ত পৰিচয়
লেখকঃ ফাজিলাতুশ্ব শ্বাইখ আল্লামা
মুহাম্মদ বিন চলেহ আল-উছাইমীন
আল্লাহে তেওঁক, লগতে তেওঁৰ পিতৃ-মাতৃ আৰু সকলো মুছলমানকে ক্ষমা কৰক।
(আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত
ভূমিকাঃ
সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, আমি তেওঁৰ ওচৰতেই সহায় বিচাৰোঁ আৰু তেওঁৰ ওচৰতেই ক্ষমা প্ৰাৰ্থনা কৰোঁ আৰু তেওঁৰ ওচৰতেই তাওবা কৰোঁ। আমি আমাৰ আত্মাৰ কুমন্ত্ৰণাৰ পৰা আৰু নিজৰ কৰ্মৰ দুষ্পৰিণামৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ। আল্লাহে যাক হিদায়ত দিয়ে, তাক পথভ্ৰষ্ট কৰিব পৰা কোনো নাই। আনহাতে তেওঁ যাক পথভ্ৰষ্ট কৰে তাক হিদায়ত দিব পৰা কোনো নাই। লগতে মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ একক তথা অদ্বিতীয়। তেওঁৰ কোনো অংশীদাৰ নাই। মই আৰু সাক্ষ্য দিওঁ যে, মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল। আল্লাহৰ তৰফৰ পৰা দৰূদ আৰু ছালাম বৰ্ষিত হওক আমাৰ প্ৰিয় নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত, আৰু তেওঁৰ বংশধৰসকলৰ লগতে ছাহাবায়ে কেৰামৰ ওপৰত, আৰু সেইসকল লোকৰ ওপৰতো যিসকলে সঠিকভাৱে তেওঁলোকে দেখুৱা পথৰ অনুসৰণ কৰিব।
জানি থওক, ইলমে তাওহীদ, অৰ্থাৎ আল্লাহৰ তা‘আলাৰ একত্ববাদ সংক্রান্তীয় জ্ঞান সৰ্বাপেক্ষা মহৎ আৰু পৱিত্ৰ। কিয়নো, ইলমে তাওহীদ হৈছে আল্লাহ তা‘আলাৰ নাম আৰু গুণাৱলী সম্পৰ্কীয় জ্ঞান অৰ্জন কৰা আৰু বান্দাৰ ওপৰত থকা তেওঁৰ অধিকাৰসমূহ সম্পৰ্কে অৱহিত হোৱা। এইটোৱে হৈছে আল্লাহ তা‘আলাৰ সন্তুষ্টি লাভৰ একমাত্ৰ পথ আৰু ইছলামী চৰীয়তৰ মূল ভিত্তি।
এইকাৰণেই সকলো নবী-ৰাছুলে মানুহক ইয়াৰ প্ৰতি আহ্বান জনাইছিল। আল্লাহ তা‘আলাই কৈছেঃ ‘‘আমি আপোনাৰ পূৰ্বে যিসকল ৰাছুল প্ৰেৰণ কৰিছোঁ প্ৰত্যককে এই প্ৰত্যাদেশ পঠাইছিলোঁ যে, মোৰ বাহিৰে আন কোনো সত্য ইলাহ বা উপাস্য নাই। গতিকে তোমালোকে কেৱল মোৰেই ইবাদত কৰা।” [আল-আম্বিয়া, আয়াত: ২৫]
এইটো সেই তাওহীদ যাৰ সাক্ষ্য স্বয়ং আল্লাহ তা‘আলা নিজেই দিছে আৰু সাক্ষ্য দিছে তেওঁৰ ফিৰিস্তাসকলে, লগতে বিদ্বান ব্যক্তিসকলে। এইটোৱেই হৈছে ঐশী কিতাবসমূহৰ মাজত থকা আল্লাহ সম্পৰ্কীয় সৰ্ববৃহৎ সাক্ষ্য। মহান আল্লাহে কৈছেঃ ‘‘আল্লাহে সাক্ষ্য দিছে যে, তেওঁৰ বাহিৰে আন কোনো সত্য মা‘বুদ নাই আৰু ফিৰিস্তাসকল আৰু ন্যায়নিষ্ঠ জ্ঞানীসকলেও সাক্ষ্য দিছে, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ (উপাস্য) নাই। তেওঁ পৰাক্ৰমশালী প্ৰজ্ঞাময়।’’ (ছুৰা আলে-ইমৰাণঃ ১৮)
তাওহীদৰ তাৎপৰ্য আৰু মৰ্যাদা যিহেতু অপৰিসীম, সেয়ে প্ৰত্যেক মুছলিমৰে অপৰিহাৰ্য দায়িত্ব হৈছে আল্লাহৰ তাওহীদ বা আল্লাহৰ একত্বৰ জ্ঞান অৰ্জন কৰা, আনক সেইটোৰ শিক্ষা প্ৰদান কৰা আৰু তাওহীদ লৈ গৱেষণা আৰু চিন্তা-ভাৱনা কৰা। যাতে, প্ৰশান্ত মনে নিজৰ ধৰ্মক এনেকুৱা দৃঢ় ভিত্তিৰ ওপৰত স্থাপন কৰিব পাৰে, যাৰ সফলতা আৰু পৰিণাম লৈ সি সুখী হ’ব পাৰে।
আল্লাহেই তাওফীক প্ৰদানকাৰী।
লেখক
দ্বীন ইছলাম:
ইছলাম সেই মহান দ্বীন বা সত্য তথা সঠিক জীৱন বিধান, যিটো প্ৰদান কৰি আল্লাহ তা‘আলাই মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামক ৰাহমাতুল লিল ‘আলামীনৰূপে প্ৰেৰণ কৰিছিল আৰু আল্লাহ তা‘আলাই ইয়াৰ দ্বাৰা সকলো ধৰ্মক ৰহিত কৰি দিছে, লগতে তেওঁৰ বান্দাসকলৰ বাবে এই ধৰ্মক পৰিপূৰ্ণতা প্ৰদান কৰিছে, আৰু ইয়াৰ মাজতে বান্দাসকলৰ ওপৰত আল্লাহৰ নি‘আমতৰ চূড়ান্ত পৰিপূৰ্ণতাৰ ঘোষণা প্ৰদান কৰিছে তথা বিশ্বমানৱতাৰ বাবে ইছলামক একমাত্র ধৰ্ম হিচাপে মনোনীত কৰিছে। তেওঁ ইছলামৰ বাহিৰে আন কোনো ধৰ্মক কাৰো পৰাই গ্ৰহণ নকৰিব। আল্লাহ তা‘আলাই কৈছেঃ মুহাম্মদ তোমালোকৰ মাজত কোনো পুৰুষৰেই পিতা নহয়; বৰং তেওঁ হৈছে আল্লাহৰ ৰাছুল আৰু সৰ্বশেষ নবী’’। (ছুৰা আল-আহযাবঃ ৪০)
মহান আল্লাহে আৰু কৈছেঃ আজি মই তোমালোকৰ বাবে তোমালোকৰ ধৰ্মক পূৰ্ণাঙ্গ কৰি দিলোঁ। তোমালোকৰ প্ৰতি মোৰ নিয়ামত সুসম্পূৰ্ণ কৰি দিলোঁ আৰু ইছলামক তোমালোকৰ বাবে একমাত্র ধৰ্ম হিচাপে মনোনীত কৰিলোঁ।” (ছুৰা আল-মায়িদাহঃ ৩)
আল্লাহ তাআলাই কৈছেঃ নিশ্চয় ইছলামেই হৈছে আল্লাহৰ ওচৰত একমাত্ৰ (পছন্দনীয়) দ্বীন। (ছুৰা আলে-ইমৰাণঃ ১৯)
আল্লাহ তাআলাই আৰু কৈছেঃ আৰু যিয়ে ইছলামৰ বাহিৰে আন কোনো দ্বীন সন্ধান কৰিব তাৰ পৰা কেতিয়াও সেয়া গ্ৰহণ কৰা নহ’ব আৰু সি পৰকালত ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ’ব। (ছুৰা আলে-ইমৰাণঃ ৮৫)
আল্লাহ তা‘আলাই মানৱ জাতিৰ ওপৰত তেওঁৰ এই মনোনীত ধৰ্ম গ্ৰহণ কৰাটো ফৰজ কৰি দিছে। তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সম্বোধন কৰি কৈছেঃ কোৱা, ‘হে মানৱ! নিশ্চয় মই তোমালোক সকলোৰে প্ৰতি প্ৰেৰিত আল্লাহৰ ৰাছুল, যিজন আকাশসমূহ আৰু পৃথিৱীৰ সাৰ্বভৌমত্বৰ অধিকাৰী। তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই; তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু ঘটায়। সেয়ে তোমালোকে ঈমান পোষণ কৰা আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুল উম্মী নবীৰ প্ৰতি, যিজনে আল্লাহ আৰু তেওঁৰ বাণীসমূহত ঈমান পোষণ কৰে; আৰু তোমালোকে তেওঁৰ অনুসৰণ কৰা যাতে তোমালোকে হিদায়ত প্ৰাপ্ত হোৱা’। (ছুৰা আল-আৰাফঃ ১৫৮)
ছহীহ মুছলিমত আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত হাদীছত আছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ ‘‘সেই মহান সত্ত্বাৰ শপত, যাৰ হাতত আছে মুহাম্মদৰ জীৱন, এই উম্মতৰ মাজৰ যিয়েই মোৰ আৱিৰ্ভাব সম্পৰ্কে অৱগত হৈছে, যদিও সি ইয়াহুদি হওক বা খ্ৰীষ্টান। যদি সি ইছলাম গ্ৰহণ নকৰাকৈ মৃত্যু বৰণ কৰে তেন্তে সি জাহান্নামত যাব।”
ৰাছুলৰ প্ৰতি ঈমানৰ অৰ্থ: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যি হিদায়ত আৰু শিক্ষা লৈ আহিছে সেইসমূহ বিষয়ক বিশ্বাস সহকাৰে গ্ৰহণ কৰা আৰু তাৰ প্ৰতি আমল কৰা। কেৱল বিশ্বাস কৰাই যথেষ্ট নহয়, আমল কৰাটোও অনিবাৰ্য। সেইকাৰণেই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ খুৰা আবু তালিবে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত ঈমান পোষণ কৰা বুলি বিবেচিত হোৱা নাছিল, যদিও তেওঁ ৰাছুলে যি আনিছে তাক সত্য বুলি বিশ্বাস কৰিছিল আৰু এই সাক্ষ্য দিছিল যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা ইছলাম হৈছে সৰ্বাপেক্ষা উত্তম ধৰ্ম।
ইছলামৰ মৌলিক বৈশিষ্ট্যাৱলী: এক: পূৰ্বৱৰ্তী সকলো ধৰ্মৰ কল্যাণসমূহ ইছলামত নিহিত আছে। আন আন ধৰ্মৰ ওপৰত ইছলামৰ প্ৰাধান্যৰ অন্যতম কাৰণ এইটোও যে, ইছলাম ধৰ্মটো হৈছে স্থান-কাল, জাতি নিৰ্বেশেষে সকলোৰে বাবে উপযোগী। মহান আল্লাহে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সম্বোধন কৰি কৈছেঃ আৰু আমি তোমাৰ প্ৰতি সত্যসহ কিতাব অৱতীৰ্ণ কৰিছোঁ, ইয়াৰ পূৰ্বে অৱতীৰ্ণ হোৱা কিতাবসমূহৰ সত্যতাৰ সমৰ্থনকাৰী আৰু সেইবোৰৰ তদাৰককাৰীৰূপে।’’ (ছুৰা মায়িদাহঃ ৪৮)
‘ইছলাম ধৰ্ম স্থান-কাল, জাতি নিৰ্বিশেষে সকলোৰে বাবে উপযুক্ত’ অৰ্থাৎ ইছলামৰ প্ৰয়োগ বা বাস্তৱায়ন কোনো যুগতে বা কোনো দেশতে জাতীয় স্বাৰ্থৰ পৰিপন্থী নহয়; বৰং ই সকলো জাতিৰ বাবে কল্যাণকৰ আৰু উপযোগী। আকৌ ইয়াৰ অৰ্থ এইটোও নহয় যে, ইছলাম প্ৰত্যেক স্থান-কাল আৰু জাতিৰ প্ৰবৃত্তিৰ অনুগত হৈ থাকিব; যেনে কিছুমান লোকে ধাৰণা কৰে।
দুই: ইছলাম সেই মহান সত্য ধৰ্ম, যদি কোনোৱে ইয়াক সঠিকভাৱে খামুচি ধৰে তেন্তে তাৰ বিষয়ে আল্লাহে এই প্ৰতিশ্ৰুতি দিছে যে, আল্লাহে তাক সহায় কৰিব আৰু আন সকলো বস্তুৰ ওপৰত তাক জয়যুক্ত কৰিব। যেনে মহান আল্লাহে কৈছেঃ ‘‘তেৱেঁই সেই সত্ত্বা যিজনে তেওঁৰ ৰাছুলক হিদায়ত আৰু সত্য দ্বীনসহ প্ৰেৰণ কৰিছে, যাতে তেওঁ ইয়াক সকলো দ্বীনৰ ওপৰত জয়যুক্ত কৰিব পাৰে, যদিও মুশ্বৰিকসকলে এইটো অপছন্দ কৰে।” [আচ-চফ, আয়াত: ৯]
মহান আল্লাহে আৰু কৈছেঃ “তোমালোকৰ মাজৰ যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক প্ৰতিশ্ৰুতি দিছে যে, তেওঁ নিশ্চয় তেওঁলোকক পৃথিৱীত প্ৰতিনিধিত্ব দান কৰিব, যেনেকৈ তেওঁ প্ৰতিনিধিত্ব দান কৰিছিল তেওঁলোকৰ পূৰ্বৱৰ্তীসকলক আৰু তেওঁ অৱশ্যে তেওঁলোকৰ বাবে তেওঁলোকৰ দ্বীনক প্ৰতিষ্ঠিত কৰিব, যিটো ধৰ্মক তেওঁলোকৰ বাবে তেওঁ পছন্দ কৰিছে; আৰু তেওঁলোকৰ ভয়-ভীতিক শান্তি তথা নিৰাপত্তাত পৰিবৰ্তন কৰি দিব। তেওঁলোকে কেৱল মোৰেই ইবাদত কৰিব, মোৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰিব, কিন্তু ইয়াৰ পিছতো যিসকলে কুফৰী কৰিব, সিহঁতেই হৈছে ফাছিক্ব।’’ [ছুৰা আন-নূৰ: ৫৫]
তিনি: ইছলাম হৈছে, আক্বীদা আৰু চৰীয়তৰ সমন্বয়ত গঠিত বিষয়ৰ নাম। আক্বীদাহ আৰু চৰীয়তৰ দ্বাৰাই ইছলাম হৈছে স্বয়ংসম্পূৰ্ণ। যেনেঃ
১। ইছলামে আল্লাহৰ একত্ববাদৰ আদেশ দিয়ে আৰু শ্বিৰ্কৰ পৰা বিৰত ৰাখে।
২। ইছলামে সত্যৰ আদেশ দিয়ে আৰু মিছা কথাৰ পৰা নিষেধ কৰে।
৩। ইছলামে ন্যায় আৰু ইনচাফৰ নিৰ্দেশ দিয়ে আৰু অন্যায় অত্যাচাৰৰ পৰা বিৰত ৰাখে। আদল বা ইনচাফৰ অৰ্থ হৈছেঃ সম পৰ্যায় সম্পন্নসকলৰ মাজত সমতা আৰু ভিন্নমুখীসকলৰ ক্ষেত্ৰত ভিন্নতা প্ৰতিষ্ঠা কৰা। নিঃচৰ্তভাৱে সমতা প্ৰতিষ্ঠা কৰাটো আদল বা ইনচাফৰ অৰ্থ কেতিয়াও নহয়, যিদৰে কিছুমান লোকে ধাৰণা কৰে। সিহঁতে কয় যে, ইছলাম হৈছে সমতাৰ ধৰ্ম। এই কথা কওঁতে সিহঁতে কোনো চৰ্তাৰোপ নকৰে। এই কথা মনত ৰখা উচিত যে, ভিন্নমুখীসকলৰ মাজত সমতা প্ৰতিষ্ঠা কৰাটোও হৈছে এক প্ৰকাৰ অন্যায়, যিটো ইছলামে কেতিয়াও কৰা নাই। লগতে ইছলামে এনেকুৱা সমতা প্ৰদানকাৰীৰ প্ৰশংসাও কৰা নাই।
৪। ইছলামে আমানত আদায় দিয়াৰ নিৰ্দেশ দিয়ে আৰু আমানতৰ খিয়ানত কৰাত বাধা প্ৰদান কৰে।
৫। ইছলামে প্ৰতিশ্ৰুতি ৰক্ষাৰ নিৰ্দেশ দিয়ে আৰু প্ৰতিশ্ৰুতি ভঙ্গৰ পৰা বিৰত ৰাখে।
৬। ইছলামে পিতৃ-মাতৃৰ লগত সদ্ব্যৱহাৰ আৰু তেওঁলোকৰ সেৱা-যত্ন কৰিবলৈ নিৰ্দেশ দিয়ে, আনহাতে তেওঁলোকৰ প্ৰতি অবাধ্য আচৰণ কৰিবলৈ নিষেধ কৰে।
৭। ইছলামে আত্মীয় স্বজনৰ লগত সুসম্পৰ্ক বজায় ৰখাৰ আদেশ দিয়ে আৰু সম্পৰ্ক বিচ্ছিন্ন কৰিবলৈ নিষেধ কৰে।
৮। ইছলামে প্ৰতিবেশীৰ লগত সদ্ব্যৱহাৰৰ নিৰ্দেশ দিয়ে আৰু অসদ্ব্যৱহাৰ কৰিবলৈ বাধা দিয়ে।
মুঠতে ইছলামে সৰ্বপ্ৰকাৰ উত্তম চৰিত্ৰৰ আদেশ দিয়ে আৰু যাৱতীয় কু-চৰিত্ৰৰ পৰা বাধা প্ৰদান কৰে। প্ৰতিটো সৎকৰ্মৰ আদেশ দিয়ে আৰু প্ৰতিটো অপকৰ্মৰ পৰা বিৰত ৰাখে।
যেনে- মহান আল্লাহে কৈছেঃ “নিশ্চয় আল্লাহে আদল (ন্যায়পৰায়ণতা), ইহছান (সদাচৰণ) আৰু আত্মীয়-স্বজনক দানৰ নিৰ্দেশ দিয়ে, লগতে তেওঁ অশ্লীলতা, অসৎকৰ্ম আৰু সীমালংঘনৰ পৰা নিষেধ কৰে, তেওঁ তোমালোকক উপদেশ দিয়ে যাতে তোমালোকে শিক্ষা গ্ৰহণ কৰা।” (ছুৰা আন-নাহলঃ ৯০)
ইছলামৰ আৰকান বা স্তম্ভসমূহ
ইছলামৰ ভিত্তি বা যাৰ ওপৰত ইছলাম প্ৰতিষ্ঠিত, সেয়া হৈছে পাঁচটা। এইটো আব্দুল্লাহ ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ দ্বাৰা বৰ্ণিত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, ‘‘ইছলামৰ ভিত্তি পাঁচটা বিষয়ৰ ওপৰত প্ৰতিষ্ঠিত। (১) এই কথাৰ সাক্ষ্য দিয়া যে, আল্লাহৰ বাহিৰে আন কোনো সত্য মা‘বুদ বা উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ বান্দা আৰু তেওঁৰ প্ৰেৰিত ৰাছুল। (২) চালাত প্ৰতিষ্ঠা কৰা, (৩) যাকাত প্ৰদান কৰা, (৪) ৰমাজান মাহৰ চওম পালন কৰা আৰু (৫) হজ্জ পালন কৰা।’’ কোনো এজন ব্যক্তিয়ে হাদীছত বৰ্ণিত ৰুকনসমূহৰ ধাৰাবাহিক বৰ্ণনাত হজ্জক ৰমজানৰ চওমৰ আগত উল্লেখ কৰাত আব্দুল্লাহ ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাই তেওঁক শুধৰাই দি কৈছিল যে, এনেকৈ নহয় বৰং ‘ৰমাজানৰ চওম আৰু হজ্জ’ এনেকৈ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ।
প্ৰথম ভিত্তি: কালিমাতুশ শ্বাহাদাহ: شَهَادَةِ أَنْ لا إِلَهَ إِلاَ اللَّهُ وَأَنَّ مُحَمَّدًا عَبْدُهُ وَرَسُولُهُ ইয়াৰ অৰ্থ হৈছে, ‘‘এই সাক্ষ্য প্ৰদান কৰা যে, আল্লাহ তা‘আলাৰ বাহিৰে ইবাদতৰ যোগ্য আন কোনো মা‘বুদ নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল। এই কথা মনে প্ৰাণে দৃঢ় বিশ্বাস কৰা আৰু মৌখিকভাৱে উচ্চাৰণ কৰা। এইটো এনেকৈ অন্তৰত দৃঢ়তাৰে গাঁথি লব লাগিব যাতে প্ৰত্যক্ষ কৰা যায়। এই বাক্যত একাধিক বিষয় থকা সত্বেও ইয়াক ইছলামৰ এটা ভিত্তি হিচাপে গণ্য কৰা হৈছে; ইয়াৰ কেইবাটাও কাৰণ হ’ব পাৰেঃ
সম্ভৱত এয়া এইকাৰণে যে, যিহেতু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ তৰফৰ পৰা তেওঁৰ দ্বীন প্ৰচাৰৰ বাবে প্ৰেৰিত এজন ৰাছুল, গতিকে তেওঁৰ বিষয়ে এই সাক্ষ্য প্ৰদান কৰা যে, তেওঁ হৈছে আল্লাহৰ এজন বান্দা আৰু ৰাছুল, এই সাক্ষ্যই আল্লাহৰ প্ৰকৃত উপাস্য হোৱাৰ প্ৰমাণক আৰু অধিক শক্তিশালী কৰে।
অথবা এইটোও হ’ব পাৰে যে, এই দুটা সাক্ষ্যই হৈছে সকলো ইবাদত আৰু সৎকৰ্ম ছহীহ তথা বিশুদ্ধ হোৱাৰ আৰু আল্লাহ তা‘আলাৰ ওচৰত গৃহীত হোৱাৰ পূৰ্বচৰ্ত। কিয়নো ইবাদত শুদ্ধ আৰু গ্ৰহণযোগ্য হ’বলৈ এই দুটা সাক্ষ্য হৈছে মূল চৰ্ত; (ক) ইখলাছ অৰ্থাৎ শ্বিৰ্কৰ পৰা মুক্ত হৈ একমাত্র আল্লাহৰ উদ্দেশ্যে ইবাদত কৰা, (খ) মুতাবা‘আত অৰ্থাৎ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ শিক্ষা আৰু পদ্ধতি অনুযায়ী ইবাদতসমূহ সম্পাদন কৰা।
এতেকে ইখলাছৰ দ্বাৰা ‘‘লা ইলাহা ইল্লাল্লাহ’’-ৰ সাক্ষ্য বাস্তৱায়িত হয় আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম-ৰ পৰিপূৰ্ণ আনুগত্যৰ দ্বাৰা ‘‘মুহাম্মাদুৰ ৰাছুলুল্লাহ’’ৰ সাক্ষ্য বাস্তৱায়িত হয়।
কালিমায়ে শ্বাহাদাতৰ সাক্ষ্য প্ৰদানৰ অন্যতম প্ৰধান ফল হৈছে: সৃষ্টিৰ দাসত্বৰ পৰা নিজকে মুক্ত কৰা আৰু নবী ৰাছুলসকলে দেখুৱাই দিয়া পথৰ অনুসৰণ কৰা।
দ্বিতীয় ভিত্তি: চালাত প্ৰতিষ্ঠা কৰা: ইয়াৰ অৰ্থ হৈছে: সঠিক পদ্ধতি আৰু পৰিপূৰ্ণভাৱে, নিৰ্দিষ্ট সময়ত আৰু বিশুদ্ধ নিয়মত চালাত আদায়ৰ মাধ্যমত আল্লাহৰ ইবাদত সম্পাদন কৰা।
চালাতৰ অন্যতম ফলাফল হৈছে, ইয়াৰ দ্বাৰা মনে প্ৰশান্তি লাভ কৰে, চকু শীতল হয় আৰু অশ্লীল তথা ঘৃণনীয় কামৰ পৰা বিৰত থকা যায়।
তৃতীয় ভিত্তি: যাকাত প্ৰদান কৰা: আৰু সেয়া হৈছে যাকাতৰ উপযুক্ত ধন-সম্পদৰ পৰা নিৰ্ধাৰিত পৰিমাণৰ ধন হিতাধিকাৰীসকলৰ ওপৰত ব্যয় কৰাৰ দ্বাৰা আল্লাহৰ ইবাদত কৰা।
যাকাত প্ৰদানৰ অন্যতম উপকাৰিতা হৈছে, যাকাত প্ৰদানৰ দ্বাৰা কৃপণতাৰ নিচিনা হীন চৰিত্ৰৰ পৰা আত্মাক পৱিত্ৰ কৰা হয় আৰু ইছলাম আৰু মুছলমান সকলৰ অভাৱ পূৰণ কৰা হয়।
চতুৰ্থ ভিত্তি: ৰমজান মাহৰ চওম বা ৰোজা: চওম হৈছে ৰমজান মাহত দিনৰ ভাগত খাদ্য সামগ্ৰী আৰু প্ৰবৃত্তিৰ চাহিদামূলক কিছুমান কৰ্মৰ পৰা বিৰত থকা, যিবোৰে চওম ভংগ কৰে।
চওমৰ অন্যতম উপকাৰিতা: আল্লাহ তাআলাৰ সন্তুষ্টি লাভৰ প্ৰত্যাশাত নিজৰ কামনা-বাসনাৰ বস্তুসমূহ বিসৰ্জনৰ দ্বাৰা আত্মাৰ উৎকৰ্ষ সাধন হয়।
পঞ্চম ভিত্তি: হজ্জ পালন কৰা: ইয়াৰ অৰ্থ হৈছে: হজ্জৰ কামসমূহ পালন কৰাৰ বাবে বায়তুল্লাহৰ উদ্দেশ্যে গমন কৰি আল্লাহ তা‘আলাৰ ইবাদত কৰা।
হজ্জৰ অন্যতম উপকাৰিতা: আল্লাহৰ আনুগত্যত নিজৰ শাৰিৰীক আৰু আৰ্থিক সম্পদ ব্যয় কৰাৰ মাধ্যমত আত্মশুদ্ধিৰ অনুশীলন কৰা। গতিকে হজ্জ পালন কৰাটোও হৈছে এক প্ৰকাৰ জিহাদ।
মই ইছলামৰ স্তম্ভসমূহৰ বিষয়ে ওপৰত যিবোৰ উপকাৰিতাৰ কথা উল্লেখ কৰিছোঁ আৰু যিবোৰ উল্লেখ কৰিব পৰা নাই, সেই সকলোবোৰেই উম্মতক এনেকুৱা পৱিত্র মুছলিম জাতিত পৰিণত কৰিব, যিসকলে আল্লাহৰ বাবে এই সত্য দ্বীন পালন কৰিব, সৃষ্টিজগতৰ লগত ন্যায়পৰায়ণতা আৰু সততাৰ আচৰণ কৰিব। কিয়নো ইছলামী চৰীয়তৰ এই ভিত্তিসমূহ বিশুদ্ধৰূপে পালন কৰিলেহে চৰীয়তৰ আন আন বিধানবোৰ বিশুদ্ধৰূপে পালন কৰা সম্ভৱ, আৰু দ্বীনি উন্নতি যথাযথভাৱে সম্পন্ন হ’লেই মুছলিম উম্মতৰ সাৰ্বিক অৱস্থা সংশোধিত হৈ যাব। আনহাতে তেওঁলোকৰ দ্বীনি কৰ্মকাণ্ড যিমান হ্ৰাস পাব সিমানেই তেওঁলোকৰ অৱস্থাৰ অৱনতি ঘটিব।
যিয়ে মোৰ উপৰোক্ত বক্তব্যৰ যথাৰ্থতা পৰখ কৰিব বিচাৰে তেওঁ যেন কোৰআনে কাৰীমৰ এই আয়াতটো পাঠ কৰে: “আৰু যদি সেইবোৰ জনপদৰ অধিবাসীসকলে ঈমান আনিলেহেঁতেন আৰু তাক্বৱা অৱলম্বন কৰিলেহেঁতেন তেন্তে নিশ্চয় আমি সিহঁতৰ বাবে আকাশ আৰু পৃথিৱীৰ বৰকতসমূহ উন্মুক্ত কৰি দিলোঁহেঁতেন, কিন্তু সিহঁতে মিছা প্ৰতিপন্ন কৰিছিল; সেয়ে আমি সিহঁতৰ কৃতকৰ্মৰ বাবে সিহঁতক কৰায়ত্ব কৰিছোঁ। জনপদৰ অধিবাসীবিলাকে ৰাতিৰ ভাগত সিহঁতৰ ওচৰলৈ আমাৰ শাস্তি নাহিব বুলি নিৰাপদ হৈছে নেকি, যেতিয়া সিহঁত টোপনিত থাকিব? নে জনপদৰ অধিবাসীবিলাকে দিনৰ ভগত আমাৰ শাস্তি নাহিব বুলি নিশ্চিন্ত হৈছে, যেতিয়া সিহঁতে খেল-ধেমালিত মগ্ন থাকিব? সিহঁতে আল্লাহৰ কৌশলৰ পৰাও নিৰাপদ হৈছেনে? প্ৰকৃততে আল্লাহৰ পৰিকল্পনাৰ পৰা কেৱল সেই সকল লোকেই নিৰ্ভয় হ’ব পাৰে, যিসকলৰ ধ্বংস অনিবাৰ্য।’’ [আল-আ‘ৰাফ, আয়াত: ৯৬-৯৯]
লগতে অতীতৰ লোকসকলৰ ইতিহাসৰ প্ৰতিও সকলোৰে লক্ষ্য কৰা উচিত। কিয়নো, ইতিহাসত আছে বুদ্ধিমান আৰু যিসকলৰ অন্তৰত আবৰণ পৰা নাই তেনে লোকসকলৰ বাবে প্ৰচুৰ জ্ঞান আৰু শিক্ষনীয় বিষয়বস্তু। আল্লাহেই সহায়কাৰী।
ইছলামী আক্বীদাৰ ভিত্তিসমূহ
ওপৰত উল্লেখ কৰা হৈছে যে, ইছলাম হৈছে আক্বীদা আৰু চৰীয়তৰ সামষ্টিক নাম। ইতিপূৰ্বে ইছলামী চৰীয়তৰ ভিত্তিসমূহৰ বৰ্ণনাও দিয়া হৈছে।
ইছলামী আক্বীদাৰ ভিত্তিসমূহ হৈছেঃ আল্লাহৰ ওপৰত, তেওঁৰ ফিৰিস্তাসকলৰ ওপৰত, তেওঁৰ কিতাবসমূহৰ ওপৰত, তেওঁৰ ৰাছুলসকলৰ ওপৰত, শেষ দিৱসৰ ওপৰত আৰু ভাগ্যৰ মঙ্গল অমঙ্গলৰ ওপৰত বিশ্বাস স্থাপন কৰা।
উক্ত ভিত্তিসমূহৰ প্ৰমাণ কোৰআনে কাৰীম আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছহীহ ছুন্নাহত সন্নিবিষ্ট আছে।
যেনে, মহান আল্লাহে পৱিত্ৰ কোৰআনত কৈছে, “পূৱ বা পশ্চিম দিশত তোমালোকৰ মুখ কৰাটোৱে সৎকৰ্ম নহয়, বৰং সৎকৰ্ম হৈছে, যিয়ে আল্লাহ, শেষ দিৱস, ফিৰিস্তাসকল, কিতাবসমূহ আৰু নবীসকলৰ প্ৰতি ঈমান পোষণ কৰে।’’ [আল-বাক্বাৰা, আয়াত: ১৭৭] আৰু তাক্বদীৰ সম্পৰ্কে আল্লাহে কৈছে, “নিশ্চয় আমি প্ৰতিটো বস্তু এটা নিৰ্ধাৰিত পৰিমাপত সৃষ্টি কৰিছোঁ, আৰু আমাৰ আদেশ (কাৰ্যকৰী হ’বলৈ) কেৱল এটা কথাৰ দূৰত্ব, চকুৰ পলকৰ দৰে।’’ [আল-ক্বামাৰ, আয়াত: ৪৯-৫০]
ঠিক এইদৰে প্ৰসিদ্ধ হাদীছে জিব্ৰীলত বৰ্ণিত আছে যে, জিব্ৰীল (আলাইহিচ্ছালাম) উপস্থিত হৈ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাহি অছাল্লামক ঈমান সম্পৰ্কে প্ৰশ্ন কৰিলে, তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে উত্তৰত ক’লে, ‘‘ঈমান হৈছে, তুমি আল্লাহৰ প্ৰতি, তেওঁৰ ফিৰিস্তাসকলৰ প্ৰতি, তেওঁৰ কিতাবসমূহৰ প্ৰতি, তেওঁৰ ৰাছুলসকলৰ প্ৰতি, শেষ দিৱসৰ প্ৰতি আৰু তাক্বদীৰৰ মঙ্গল অমঙ্গলৰ প্ৰতি ঈমান পোষণ কৰা।”
আল্লাহ তা‘আলাৰ প্ৰতি ঈমান
আল্লাহৰ ওপৰত ঈমানৰ মাজত চাৰিটা বিষয় অন্তৰ্ভুক্ত আছেঃ
এক: আল্লাহ তা‘আলাৰ অস্তিত্বৰ ওপৰত ঈমান:
ফিত্বৰত, (স্বাভাৱিক প্ৰকৃতি) যুক্তি আৰু চৰীয়ত আৰু ইন্দ্ৰিয়গ্ৰাহ্য দলীল আটায়ে আল্লাহ তা‘আলাৰ অস্তিত্বৰ প্ৰমাণ বহন কৰে।
(১) ফিত্বৰত (স্বাভাৱিক প্ৰকৃতি)ৰ আলোকত আল্লাহৰ অস্তিত্ব: আল্লাহৰ অস্তিত্বৰ ওপৰত ফিত্বৰত তথা স্বাভাৱিক প্ৰকৃতিগত প্ৰমাণ হৈছে, মহান আল্লাহে প্ৰত্যেক মানুহৰ মাজতে সৃষ্টিগতভাৱে চিন্তা আৰু শিক্ষা নোহোৱাকৈ স্ৰষ্টাৰ ওপৰত ঈমান পোষণ কৰাৰ যোগ্যতা নিহিত ৰাখিছে। ফিত্বৰতৰ এই দাবীৰ পৰা কোনোৱেই বিমুখ নহয়, যদি তাৰ ওপৰত কোনো ধৰণৰ প্ৰতিৰোধকাৰী বিষয়ৰ প্ৰভাৱ পৰা নাই। কিয়নো ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, «مَا مِنْ مَوْلُودٍ إِلاَ يُولَدُ عَلَى الْفِطْرَةِ فَأَبَوَاهُ يُهَوِّدَانِهِ أَوْ يُنَصِّرَانِهِ أَوْ يُمَجِّسَانِهِ» “প্ৰতিজন শিশুৱেই ইছলামী ফিত্বৰতৰ ওপৰত জন্মগ্ৰহণ কৰে; কিন্তু তাৰ পিতৃ-মাতৃয়ে তাক ইয়াহূদী, খ্ৰীষ্টান অথবা অগ্নিপূজকত পৰিণত কৰে।’’
(২) বিবেক-বুদ্ধি আৰু যুক্তিৰ আলোকত আল্লাহৰ অস্তিত্বৰ প্ৰমাণ: আদি অন্ত সৃষ্টি-জগতৰ সকলো বস্তুৱে প্ৰমাণ কৰে যে, এই সকলো বস্তুৰ এনে এজন স্ৰষ্টা আছে যিজনে এইবোৰক সৃষ্টি কৰিছে। কিয়নো বিশ্বজগতৰ কোনো বস্তুৱেই নিজেই নিজকে অস্তিত্ব প্ৰদান কৰা নাই অথবা এইবোৰ হঠাৎ নিজে নিজেই অস্তিত্ব লাভ কৰা নাই। কোনো বস্তুৰেই নিজে নিজকে অস্তিত্ব দান কৰা কেতিয়াও সম্ভৱ নহয়।
কাৰণ, বস্তু এটা কেতিয়াও নিজেই নিজকে সৃষ্টি কৰিব নোৱাৰে। কিয়নো, ই অস্তিত্ব লাভৰ আগত আছিল অস্তিত্বহীন আৰু যি অস্তিত্বহীন আছিল সি কেনেকৈ নিজৰ স্ৰষ্টা হ’ব পাৰে?
আকৌ হঠাৎ নিজে নিজেই অস্তিত্ব লাভ কৰাও সম্ভৱ নহয়; কিয়নো প্ৰতিটো ঘটনাৰ যিকোনো এজন ঘটক থাকে। সমগ্ৰ বিশ্ব-জগৎ আৰু ইয়াৰ মাজৰ সকলো ঘটনা- প্ৰবাহ এনে এক অভূতপূৰ্ব নিয়মত আৰু পৰস্পৰৰ লগত সুন্দৰ আৰু সুচাৰুৰূপে পৰিচালিত হৈছে, যাৰ দ্বাৰা প্ৰমাণিত হয় যে, এই বিশ্বজগতৰ হঠাৎ নিজে নিজেই অভ্যুদয় ঘটা নাই। হঠাৎ ঘটি যোৱা কোনো বস্তুৰ নিয়ম বহিৰ্ভূতভাৱে হৈ থাকে, ইয়াৰ মূল কোনো নিয়ম নাথাকে, তেনেহ’লে এই সৃষ্টি ইমান সুশৃঙ্খলভাৱে দীৰ্ঘ পৰিক্ৰমাত কেনেকৈ ৰৈ আছে?
গতিকে সৃষ্টিজগত যেতিয়া নিজকে নিজেই অস্তিত্ব দান কৰিব পৰা নাই আৰু হঠাৎ সৃষ্টিও হোৱা নাই, তেন্তে ইয়াৰ পৰা প্ৰমাণিত হ’ল যে ইয়াৰ এজন স্ৰষ্টা নিশ্চয় আছে, যিজন হৈছে সকলো জগতৰ প্ৰতিপালক আল্লাহ।
মহান আল্লাহে কোৰআনুল কাৰীমৰ ছুৰা আত্ব-তুৰত এই যুক্তিসঙ্গত দলীল উল্লেখ কৰি কৈছে, সিহঁতে স্ৰষ্টাবিহীন সৃষ্টি হৈছে নেকি, নে সিহঁত নিজেই স্ৰষ্টা? (ছুৰা আত-তূৰঃ ৩৫) অৰ্থাৎ সিহঁতে স্ৰষ্টাহীনভাৱে সৃষ্টি হোৱা নাই। লগতে সিহঁতে নিজকে নিজেও অস্তিত্ব দান কৰা নাই। তেন্তে ইয়াৰ পৰা প্ৰমাণ হয় যে, সিহঁতৰ এজন নিশ্চয় স্ৰষ্টা আছে। তেৱেঁই হৈছে আল্লাহ। সেয়ে জুবাইৰ ইবনুল মুত‘য়িম ৰাদ্বিয়াল্লাহু আনহুয়ে কৈছে, ‘‘ইছলাম গ্ৰহণৰ আগত মই এদিন ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক মাগৰিবৰ ছালাতত ছুৰা আত্ব-তূৰ পাঠ কৰোঁতে শুনিছোঁ। তেখেতে যেতিয়া এই আয়াতত আহি পালে, ‘‘সিহঁত স্ৰষ্টাবিহীন সৃষ্টি হৈছে নেকি, নে সিহঁত নিজেই স্ৰষ্টা? অথবা সিহঁতে আকাশমণ্ডল আৰু পৃথিৱীক সৃষ্টি কৰিছে নেকি? বৰং সিহঁতে দৃঢ় বিশ্বাস নকৰে। নে সিহঁতৰ ওচৰত তোমাৰ প্ৰতিপালকৰ গোপন কোনো ভাণ্ডাৰ আছে? নে সিহঁতেই সকলো বস্তুৰ নিয়ন্ত্ৰণকাৰী? (ছুৰা আত-তূৰঃ ৩৫-৩৭)
সেই সময়ত জুবাইৰ মুশ্বৰিক আছিল, তেওঁ কৈছেঃ মই অনুভৱ কৰিলোঁ যেনিবা মোৰ অন্তৰ উৰি গ’ল। তেখেতৰ পৰা কোৰআন শ্ৰৱণৰ এইটোৱে আছিল মোৰ প্ৰথম ঘটনা।” তেওঁ কৈছে, “সেই দিনাই মোৰ অন্তৰত ঈমানে স্থান কৰি লৈছিল।’’
আৰু এটা উদাহৰণেৰে এই যুক্তিটোক আৰু স্পষ্টভাৱে অনুধাৱন কৰাব বিচাৰিছোঁ। যেনে, কোনো এজন ব্যক্তিয়ে যদি আপোনাক এনে এখন ডাঙৰ প্ৰাসাদৰ কথা কয় যাৰ চাৰিওফালে বাগিচা, মাজে মাজে আছে প্ৰবাহমান নদ-নদী আৰু নিজৰা, প্ৰাসাদত আছে বিভিন্ন ধৰণৰ আচবাবপত্ৰ আৰু বিচনা আদি, লগতে ইয়াক পূৰ্ণতা প্ৰদানকাৰী সকলো ধৰণৰ অলংকাৰিক উপাদান আৰু আনুষংগিক সৰঞ্জাম আদি। তাৰ পিছত তেওঁ যদি কয় যে, এই প্ৰাসাদ আৰু ইয়াৰ মাজৰ যি পৰিপূৰ্ণতা আছে সেই সকলো বস্তুৱে নিজেই নিজকে সৃষ্টি কৰিছে, আকস্মিকভাৱে অস্তিত্ব লাভ কৰিছে। তেতিয়া আপুনি নিশ্চয় বিনা দ্বিধায় সেই কথা অস্বীকাৰ কৰিব, আৰু তেওঁক মিথ্যাবাদী সাব্যস্ত কৰিব বৰং তেওঁৰ কথাক বৰ ডাঙৰ মুৰ্খামী বুলি আখ্যায়িত কৰিব। তেনেহ’লে এই বিশাল আকাশ, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা লাখ-লাখ অনুপম সৃষ্টি নিজেই নিজৰ স্ৰষ্টা বা স্ৰষ্টাবিহীন অস্তিত্ব লাভ কৰিছে নেকি?
(৩) চৰীয়তৰ আলোকত আল্লাহ তা‘আলাৰ অস্তিত্বৰ প্ৰমাণ: সকলো ঐশীগ্ৰন্থতে আল্লাহৰ অস্তিত্বৰ কথা উল্লেখ আছে আৰু সেইসমূহ গ্ৰন্থত থকা সৃষ্টিজগতৰ কল্যাণ সংবলিত হুকুম আহকামে প্ৰমাণ কৰে যে, এই সকলো বস্তু এনে কোনো প্ৰজ্ঞাময় প্ৰতিপালকৰ তৰফৰ পৰা আহিছে যিজন সৃষ্টি জগতৰ সাৰ্বিক কল্যাণ সম্পৰ্কে জ্ঞাত। লগতে সেইসমূহ গ্ৰন্থত সৃষ্টিজগত সম্পৰ্কে যিবোৰ সংবাদ আহিছে আৰু বাস্তৱত যিবোৰ সত্য বুলিও প্ৰমাণিত হৈছে, এই আটাইবোৰে প্ৰমাণ কৰে যে, এই সকলোবোৰ বস্তু এনে এজন মহান প্ৰতিপালকৰ তৰফৰ পৰা আহিছে যিজন সৃষ্টি কৰিবলৈ সম্পূৰ্ণৰূপে সক্ষম।
(৪) ইন্দ্ৰিয় অনুভুতিৰ আলোকত আল্লাহৰ অস্তিত্বৰ প্ৰমাণ: এই ধৰণৰ প্ৰমাণক আমি দুই ধৰণে দাঙি ধৰিব পাৰোঁ:
প্ৰথম: আমি শুনি থাকোঁ আৰু দেখো যে, প্ৰাৰ্থনাকাৰীসকলৰ বহুতো প্ৰাৰ্থনা কবুল হৈছে, অসহায় ব্যক্তিসকল বিপদৰ পৰা উদ্ধাৰ হৈছে। ইয়াৰ দ্বাৰা আল্লাহৰ অস্তিত্ব অকাট্যভাৱে প্ৰমাণিত হয়। আল্লাহ তা‘আলাই কৈছেঃ “আৰু (স্মৰণ কৰা) নূহৰ কথা; ইতিপূৰ্বে তেওঁ যেতিয়া আহ্বান কৰিছিল তেতিয়া আমি তেওঁৰ আহ্বানত সঁহাৰি দিছিলোঁ, লগতে তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গক মহাসংকটৰ পৰা উদ্ধাৰ কৰিছিলোঁ।’’ [আল-আম্বিয়া, আয়াত: ৭৬] আন এঠাইত আল্লাহ তা‘আলাই কৈছেঃ “স্মৰণ কৰা, তোমালোকে যেতিয়া তোমালোকৰ প্ৰতিপালকৰ ওচৰত উদ্ধাৰ প্ৰাৰ্থনা কৰিছিলা তেতিয়া তেওঁ তোমালোকৰ প্ৰাৰ্থনা কবুল কৰিছিল।” [আল-আনফাল, আয়াত: ৯]
ছহীহ বুখাৰীত আনাছ ইবনে মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, এদিনাখন ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি অছাল্লামে খুৎবা দি আছিল, সেই সময়তে এজন বেদুঈন ব্যক্তি মছজিদত প্ৰৱেশ কৰি ক’লে, হে আল্লাহৰ ৰাছুল! ধন-সম্পদ ধ্বংস হৈ গ’ল। পৰিয়াল ভোকত ক’ক-বকাই আছে। আল্লাহৰ ওচৰত আমাৰ বাবে দু‘আ কৰক। আল্লাহৰ নবীয়ে দুহাত তুলি দু‘আ কৰিলে। ফলত আকাশত পৰ্বত সদৃশ মেঘাচ্ছন্ন হৈ পৰিল আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মিম্বাৰৰ পৰা অৱতৰণ কৰাৰ আগতেই বৰষুণ আৰম্ভ হ’ল। আনকি বৰষুণৰ পানীৰে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ দাড়ি তিতি গৈছিল আৰু টপ টপকৈ তেখেতৰ দাড়িৰ পৰা পানীৰ টোপাল পৰিছিল।
দ্বিতীয় জুমু‘আত সেই বেদুঈনে অথবা বেলেগ কোনোবাই আহি ক’লে, হে আল্লাহৰ ৰাছুল! ঘৰ-দুৱাৰ ধংস হ’বলৈ ধৰিছে আৰু ধন-সম্পদ শেষ হ’বলৈ ধৰিছে। আমাৰ বাবে দু‘আ কৰক। তাৰ পিছত তেখেতে দুহাত তুলি ক’লে, হে আল্লাহ! আমাৰ চাৰিওফালে, (বৰষুণ দিয়া) আমাৰ ওপৰত নিদিবা। আনকি তেখেতে যিফালেই ইঙ্গিত কৰিছিল সেই ফালৰ পৰা মেঘ আঁতৰি গৈছিল।’
দু‘আ কবুল হোৱাৰ চৰ্ত পূৰণ কৰি নিষ্ঠাৰ সৈতে আল্লাহৰ ফালে প্ৰত্যাৱৰ্তন কৰি দু‘আ কৰিলে এতিয়াও যে দু‘আ কবুল হয় সেয়া দৃশ্যমান প্ৰমাণিত বিষয়।
দ্বিতীয়: নবী আৰু ৰাছুলসকলৰ নিদৰ্শনসমূহক বহুতেই প্ৰত্যক্ষ কৰিছে অথবা নিৰ্ভৰযোগ্য সূত্ৰৰ দ্বাৰা সংবাদ লাভ কৰিছে (যিবোৰক মুজিঝা বুলি কোৱা হয়, অৰ্থাৎ যিবোৰ সাধ্যাতীত অলৌকিক ঘটনা)। এইবোৰ নিদৰ্শনে দৰাচলতে নবী ৰাছুলসকলক প্ৰেৰণ কৰা সত্ত্বাৰ অস্তিত্বৰ প্ৰমাণ বহন কৰে। লগতে এইবোৰ হৈছে মানুহৰ ক্ষমতাৰ সাধ্যাতীত বিষয়। এইবোৰ নিদৰ্শনৰ দ্বাৰা আল্লাহে তেওঁৰ নবী ৰাছুলসকলক সমৰ্থন প্ৰদান কৰিছিল তথা তেওঁলোকক সহায় কৰিছিল।
তাৰে কেইটিমান উদাহৰণ তলত দাঙি ধৰা হ’ল: প্ৰথম উদাহৰণ: মুছা আলাইহিচ্ছালামৰ নিদৰ্শন, যেতিয়া আল্লাহে মুছা আলাইহিচ্ছালামক নিৰ্দেশ দিলে যে, তুমি তোমাৰ হাতত থকা লাঠিৰে সাগৰৰ মাজত আঘাত কৰা। মুছা আলাইহিচ্ছালামে আঘাত কৰিলে। ফলত, সাগৰৰ মাজত বাৰটা শুকান ৰাস্তা হৈ গ’ল আৰু দুয়ো পাশে পানী বিশাল পৰ্বতসদৃশ স্থিৰ হৈ পৰিল। ইয়াক আল্লাহে এইদৰে বৰ্ণনা কৰিছেঃ “তাৰ পিছত আমি মুছাক আদেশ কৰিলোঁ যে, তুমি তোমাৰ লাখুটিডালেৰে সাগৰক আঘাত কৰা, ফলত সাগৰখন বিদীৰ্ণ (দুছিটা) হৈ গ’ল আৰু প্ৰত্যেক ভাগ বিশাল পৰ্বতসদৃশ হৈ পৰিল।’’ [আশ-শু‘আৰা, আয়াত: ৬৩]
দ্বিতীয় উদাহৰণ: ঈছা আলাইহিচ্ছালামৰ নিদৰ্শন: তেওঁ আল্লাহৰ ইচ্ছাত মৃত ব্যক্তিক জীৱিত কৰিব পাৰিছিল আৰু সিহঁতক কবৰৰ পৰা উলিয়াই আনিছিল। এই সম্পৰ্কে মহান আল্লাহে কৈছেঃ ‘‘আৰু মই আল্লাহৰ আদেশত মৃত ব্যক্তিক জীৱিত কৰি দিওঁ।’’ [আলে ইমৰাণ, আয়াত: ৪৯] তেওঁ আৰু কৈছেঃ “আৰু যেতিয়া তুমি মোৰ আদেশত মৃত ব্যক্তিক উলিয়াই আনিছিলা।’’ [আল-মায়িদাহ, আয়াত: ১১০]
তৃতীয় উদাহৰণ: নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নিদৰ্শন: কুৰাইছসকলে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত তেওঁৰ ৰিছালাতৰ সপক্ষে নিদৰ্শন বিচৰাত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে চন্দ্ৰৰ ফালে ইংগিত কৰিছিল, ফলত চন্দ্ৰ দ্বিখণ্ডিত হৈছিল আৰু উপস্থিত সকলোৱে এই ঘটনা অৱলোকন কৰিছিল। এই বিষয়ে আল্লাহে কৈছেঃ “কিয়ামত নিকটৱৰ্তী হৈছে আৰু চন্দ্ৰ বিদীৰ্ণ হৈছে, আৰু সিহঁতে কোনো নিদৰ্শন দেখিলে মুখ ঘূৰাই লয় আৰু কয়, ‘এয়াতো চিৰাচৰিত যাদুহে’।’’ [আল-ক্বামাৰ, আয়াত: ১-২]
ইন্দ্ৰিয় শক্তিৰ দ্বাৰা অনুধাৱন যোগ্য উক্ত নিদৰ্শন আৰু অলৌকিক ঘটনাসমূহ যিবোৰক আল্লাহে তেওঁৰ ৰাছুলসকলক সমৰ্থন কৰিবলৈ তথা সহায় কৰিবলৈ দেখুৱাইছিল, সেইবোৰ নিশ্চিতভাৱে আল্লাহৰ অস্তিত্বৰ অকাট্য প্ৰমাণ।
দুই: আল্লাহ তা‘আলাৰ ৰুবুবিয়্যাতৰ ওপৰত ঈমান: ইয়াৰ অৰ্থ হৈছে, তেৱেঁই একমাত্ৰ ৰব, তেওঁৰ কোনো অংশীদাৰ নাই, আৰু নাই কোনো সহায়কাৰী।
ৰব্ব শব্দৰ দ্বাৰা সেই সত্ত্বাক বুজোৱা হৈছে, যিজন সৃষ্টিকৰ্তা, মালিক আৰু সাৰ্বিক (চৰীয়তগত আৰু পৰিচালনাগত) নিৰ্দেশ প্ৰদানকাৰী। এতেকে আল্লাহৰ বাহিৰে আন কোনো স্ৰষ্টা নাই, তেওঁৰ বাহিৰে আন কোনো মালিক নাই আৰু তেওঁৰ বাহিৰে আন কাৰো নিৰ্দেশো নচলে। যেনে মহান আল্লাহে কৈছেঃ “জানি থোৱা, সৃষ্টি আৰু আদেশ প্ৰদানৰ কাম একমাত্ৰ তেওঁৰেই।” [আল আ‘ৰাফ, আয়াত: ৫৪] আল্লাহে আৰু কৈছেঃ “তেৱেঁই আল্লাহ তোমালোকৰ প্ৰতিপালক। আধিপত্য তেওঁৰেই। তোমালোকে তেওঁৰ পৰিবৰ্তে যিবোৰক আহ্বান কৰা সিহঁতে খেজুৰ গুটিৰ ওপৰত থকা পাতল আৱৰণ এটাৰো অধিকাৰী নহয়”। [ফাতিৰ, আয়াত: ১৩]
সৃষ্টি জগতৰ কোনেৱেই আল্লাহৰ ৰুবুবিয়্যাতক অস্বীকাৰ কৰা নাই কেৱল কিছুমান অহংকাৰী, মিছলীয়া ব্যক্তিৰ বাহিৰে, আনকি সিহঁতেও কেৱল মৌখিকভাৱেহে অস্বীকাৰ কৰিছিল, অন্তৰেৰে তেওঁৰ ৰুবুবিয়্যাতক মানি লৈছিল। যেনে, ফিৰ‘আউনে তাৰ জাতিক কৈছিল, , ﴿ فَقَالَ اَنَا رَبُّكُمُ الْاَعْلٰي ٢٤﴾ [النازعات: ٢٤] “সি (ফিৰ‘আউনে) ক’লে, ময়েই তোমালোকৰ সৰ্বোচ্চ ৰব।” [আন-নাযি‘আত, আয়াত: ২৪-২৫] ফিৰ‘আউনে আৰু কৈছিল, ﴿يٰ٘اَيُّهَا الْمَلَاُ مَا عَلِمْتُ لَكُمْ مِّنْ اِلٰهٍ غَيْرِيْ﴾ [القصص: ٣٨] “হে পৰিষদবৰ্গ, মোৰ বাহিৰে তোমালোকৰ আন কোনো উপাস্য আছে বুলি মই নাভাবোঁ।” [আল-কাচাচ, আয়াত: ৩৮] কিন্তু ফিৰ‘আউনে এই কথা অহংকাৰতহে কৈছিল; অথচ তাৰ অন্তৰত এনেকুৱা বিশ্বাস নাছিল। যেনে- মহান আল্লাহে কৈছে, ﴿وَجَحَدُوْا بِهَا وَاسْتَيْقَنَتْهَا٘ اَنْفُسُهُمْ ظُلْمًا وَّعُلُوًّاۚ ﴾ [النمل: ١٤] “সিহঁতে অন্যায় আৰু অহংকাৰৰ ফলত নিদৰ্শনাৱলীক প্ৰত্যাখ্যান কৰিছিল। অথচ সিহঁতৰ অন্তৰে এইবোৰক সত্য বুলি বিশ্বাস কৰিছিল।” [আন-নামল, আয়াত, ১৪] ঠিক এইদৰে মুছা আলাইহিচ্ছালামে ফিৰ‘আউনক লক্ষ্য কৰি কৈছিল, ﴿لَقَدْ عَلِمْتَ مَا٘ اَنْزَلَ هٰ٘ؤُلَآءِ اِلَّا رَبُّ السَّمٰوٰتِ وَالْاَرْضِ بَصَآئِرَﵐ وَاِنِّيْ لَاَظُنُّكَ يٰفِرْعَوْنُ مَثْبُوْرًا ﴾ [الاسراء: ١٠٢] “তুমি ভালকৈয়ে জানা যে আকাশ আৰু পৃথিৱীৰ প্ৰতিপালকেই এইবোৰ নিদৰ্শনাৱলী প্ৰত্যক্ষ প্ৰমাণ হিচাপে অৱতীৰ্ণ কৰিছে। হে ফিৰ‘আউন, মোৰ ধাৰণাত তুমি ধ্বংসৰ পথত গতি কৰিছা।” [বনী-ইছৰাঈল, আয়াত: ১০২] আৰু সেয়ে আমি দেখিবলৈ পাওঁ যে, সেই সময়ৰ আৰবৰ মুশ্বৰিকসকলেও আল্লাহৰ উলূহিয়্যাত বা ইবাদতত শ্বিৰ্ক কৰা সত্বেও তেওঁৰ ৰুবুবিয়্যাতক স্বীকাৰ কৰিছিল। যেনে- মহান আল্লাহে পৱিত্ৰ কোৰআনত কৈছেঃ “কোৱা, ‘পৃথিৱী আৰু ইয়াত যি আছে সেই সকলোবোৰ(ৰ অধিকাৰ) কাৰ? যদি তোমালোকে জানা (তেন্তে কোৱা)’। সিহঁতে তৎক্ষণাত ক’ব, ‘আল্লাহৰ’। কোৱা, ‘তথাপিও তোমালোকে শিক্ষা গ্ৰহণ নকৰিবানে’? কোৱা, ‘সপ্ত আকাশ আৰু মহা আৰছৰ প্ৰতিপালক কোন’? শীঘ্ৰেই সিহঁতে ক’ব, ‘আল্লাহ’। কোৱা, ‘তথাপিও তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’? কোৱা, ‘কাৰ হাতত সকলো বস্তুৰ কৰ্তৃত্ব? যিজনে আশ্ৰয় দান কৰে অথচ তেওঁৰ বিপক্ষে কোনোৱেই কাকো আশ্ৰয় দিব নোৱাৰে, যদি তোমালোকে জানা (তেন্তে কোৱা)’। অচিৰেই সিহঁতে ক’ব ‘আল্লাহ’। কোৱা, ‘তেন্তে ক’ৰ পৰা তোমালোকে যাদুগ্ৰস্ত হৈছা’? [আল-মু’মিনূন, আয়াত: ৮৪-৮৯]
মহান আল্লাহে আৰু কৈছেঃ ‘‘(হে ৰাছুল) আৰু যদি তুমি সিহঁতক সোধা, আকাশসমূহ আৰু পৃথিৱীক কোনে সৃষ্টি কৰিছে? তেন্তে সিহঁতে নিশ্চয় ক’ব, ‘এইবোৰক সৃষ্টি কৰিছে মহা পৰাক্ৰমশালী, সৰ্বজ্ঞ(আল্লাহে)’।” [আয-যুখৰুফ, আয়াত: ৯]
মহান আল্লাহে আৰু কৈছেঃ “আৰু যদি তুমি সিহঁতক সোধা, ‘কোনে সিহঁতক সৃষ্টি কৰিছে’? তেন্তে সিহঁতে নিশ্চয় ক’ব ‘আল্লাহে’। তথাপিও সিহঁতে কেনেকৈ বিমুখ হৈছে?” [আয-যুখৰুফ, আয়াত: ৮৭]
আৰু ‘আল্লাহৰ আদেশ’ এই কথাষাৰত তেওঁৰ সৃষ্টিগত আৰু চৰীয়ত সংশ্লিষ্ট উভয় প্ৰকাৰ বিষয়াদিকে চামিল কৰে। এতেকে যিদৰে তেওঁ নিজৰ হিকমত অনুযায়ী সৃষ্টিজগতত যি ইচ্ছা সেইটোৱে সিদ্ধান্ত গ্ৰহণ কৰে তথা বলৱৎ কৰে, ঠিক তেনেকৈ তেওঁ নিজৰ হিকমতানুযায়ী যাৱতীয় আইন, বিধি-বিধান আৰু ইবাদত তথা পাৰস্পাৰিক লেনদেনৰ বিধি-বিধান প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰতো একচ্ছত্ৰ অধিকাৰী। এতেকে, যিয়ে আল্লাহৰ লগত আন কাৰোবাক ইবাদতৰ বিধান প্ৰদানকাৰী অথবা লেন-দেনৰ বিধি-বিধান প্ৰদানকাৰী হিচাপে গ্ৰহণ কৰিব, সি মুশ্বৰিক বুলি বিবেচিত হ’ব, ফলত তাৰ ঈমান অটল নাথাকিব।
তিনি: আল্লাহৰ উলূহিয়্যাতৰ প্ৰতি ঈমান: ইয়াৰ অৰ্থ হৈছে, এই কথা স্বীকাৰ কৰা যে, একমাত্ৰ আল্লাহ তা‘আলাই প্ৰকৃত মা‘বুদ বা উপাস্য, ইয়াত আন কোনেও তেওঁৰ অংশীদাৰ নহয়। আৰু ‘‘ইলাহ’’ শব্দটো মালূহ শব্দৰ অৰ্থত ব্যৱহাৰ হৈছে। যাৰ অৰ্থ হৈছে মা‘বুদ। অৰ্থাৎ সেই উপাস্য যাক পূৰ্ণ মুহাব্বত আৰু পূৰ্ণ সন্মানৰ সৈতে ইবাদত কৰা হয় বা যাৰ দাসত্ব কৰা হয়।
যেনে- মহান আল্লাহে কৈছেঃ “আৰু তোমালোকৰ উপাস্য একমাত্র এজনেই উপাস্য। তেওঁৰ বাহিৰে আন কোনো সত্য মা‘বুদ নাই, তেওঁ মহা কৰুণাময় পৰম দয়ালু।” [আল-বাক্বাৰা, আয়াত: ১৬৩] মহান আল্লাহে আৰু কৈছেঃ “আল্লাহে সাক্ষ্য দিয়ে যে, নিশ্চয় তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ (উপাস্য) নাই, আৰু ফিৰিস্তাসকল লগতে জ্ঞানীসকলেও (এই সাক্ষ্য দিয়ে); তেওঁ ন্যায়নীতিৰ ওপৰত প্ৰতিষ্ঠিত। আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, (তেওঁ) পৰাক্ৰমশালী, প্ৰজ্ঞাময়।” [আলে ইমৰাণ, আয়াত: ১৮] গতিকে আল্লাহৰ বাহিৰে আন কাৰোবাক উপাস্যৰূপে গ্ৰহণ কৰি তাৰ ইবাদত কৰিলে, সেই ব্যক্তিৰ এই সিদ্ধান্ত বাতিল বুলি বিবেচিত হ’ব। মহান আল্লাহে পৱিত্র কোৰআনত কৈছেঃ “এয়া এইকাৰণে যে, নিশ্চয় আল্লাহ, কেৱল তেৱেঁই সত্য আৰু তেওঁৰ বাহিৰে সিহঁতে যিবোৰক আহ্বান কৰে, সেই সকলোবোৰ হৈছে অসত্য। নিশ্চয় আল্লাহ, তেৱেঁই সুউচ্চ, সুমহান।” [আল-হজ্জ, আয়াত: ৬২] (আল্লাহৰ বাহিৰে যিসকলক উপাসনা কৰা হয়) সেইবোৰক মা‘বুদ বুলি নাম ৰাখিলেই সেয়া সত্য উপাস্যৰ মৰ্যাদাত কেতিয়াও উপনীত হ’ব নোৱাৰে; বৰং কেৱল নাম মাত্ৰহে উপাস্য। যেনে, আল্লাহে পৱিত্ৰ কোৰআনত লাত, মানাত, উজ্জা ইত্যাদি সম্পৰ্কে কৈছে, “এইবোৰ কেৱল কিছুমান নামৰ বাহিৰে আন একো নহয়, যিবোৰ নাম তোমালোকে আৰু তোমালোকৰ পূৰ্ব-পুৰুষসকলে ৰাখিছা। ইয়াৰ সমৰ্থনত আল্লাহে কোনো দলীল অৱতীৰ্ণ কৰা নাই।” [আন-নাজম, আয়াত: ২৩]
এইদৰে হূদ আলাইহিচ্ছালামৰ বিষয়ে কৈছে, যেতিয়া তেওঁ নিজ সম্প্ৰদায়ক কৈছিলঃ তোমালোকে মোৰ লগত বিতৰ্কত লিপ্ত হ’ব বিচৰা নেকি এনেকুৱা কিছুমান নামকলৈ যিবোৰ নাম তোমালোকে আৰু তোমালোকৰ পিতৃপুৰুষসকলে ৰাখিছা, যি বিষয়ে আল্লাহে কোনো দলীল-প্ৰমাণ অৱতীৰ্ণ কৰা নাই? (ছুৰা আল-আৰাফঃ ৭১)
এইদৰে ইউছুফ (আলাইহিচ্ছালাম) তেওঁৰ কাৰাগাৰৰ সঙ্গীসকলক কৈছিলঃ “হে বন্দীশালৰ সংগীদ্বয়! পৃথক পৃথক বহু উপাস্য ভাল নে পৰাক্ৰমশালী এজন আল্লাহেই ভাল? তোমালোকে আল্লাহৰ বাহিৰে যিবোৰৰ ইবাদত কৰা সেইবোৰ কেৱল কিছুমান নামহে, যিবোৰ নাম তোমালোকে আৰু তোমালোকৰ পিতৃ-পৰুষসকলে ৰাখিছা। আল্লাহে ইয়াৰ সপক্ষে কোনো প্ৰমাণ অৱতীৰ্ণ কৰা নাই।” [ইউছুফ, আয়াত: ৩৯-৪০]
সেয়ে নবী ৰাছুলসকলে তেওঁলোকৰ নিজ নিজ জাতিক আহ্বান কৰি কৈছিল, “তোমালোকে কেৱল আল্লাহৰেই ইবাদত কৰা। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো প্ৰকৃত মা‘বুদ বা উপাস্য নাই। [আল-আ‘ৰাফ: ৫৯] কিন্তু যুগে যুগে মুশ্বৰিকসকলে এই দাওৱাত প্ৰত্যাখ্যান কৰিছিল আৰু বিভিন্ন ধৰণৰ বাতিল উপাস্যক আল্লাহৰ লগত অংশী কৰি সেইবোৰৰ উপাসনা কৰিছিল। সিহঁতৰ ওচৰত সহায় কামনা কৰিছিল আৰু সিহঁতৰ ওচৰত ফৰিয়াদ কৰিছিল।
মহান আল্লাহে মুশ্বৰিকসকলৰ এই প্ৰকাৰ উপাস্য গ্ৰহণৰ বিষয়ক দুটা যুক্তিৰে খণ্ডন কৰিছে:
প্ৰথম: যিসকলক সিহঁতে মা‘বুদ সাব্যস্ত কৰি লৈছে সিহঁতৰ মাজত উপাস্যগত কোনো গুণ নাই। সিহঁত সামান্যতম শক্তি আৰু ক্ষমতাৰো অধিকাৰী নহয়। সেয়ে সিহঁতে একোৱেই সৃষ্টি কৰা নাই; বৰং সিহঁত নিজেই হৈছে সৃষ্টি। আনহাতে যিবোৰক সিহঁতে উপাসনা কৰে সেইবোৰ মা‘বুদে সিহঁতৰ পুজাৰীসকলৰ কোনো উপকাৰ সাধন কৰিব নোৱাৰে, আৰু সিহঁতৰ কোনো বিপদ-আপদো দূৰ কৰিব নোৱাৰে আৰু সিহঁতৰ জীৱন, মৰণ আৰু পুনৰুজ্জীৱনৰো সিহঁত মালিক নহয়। আকাশ, পৃথিৱীৰো কোনো বস্তুৰ মালিক নহয় আৰু ইয়াত সিহঁতৰ কোনো অংশীদাৰিত্বও নাই।
মহান আল্লাহে কৈছেঃ ‘‘তথাপিও সিহঁতে আল্লাহৰ বাহিৰে বহুতো ইলাহ গ্ৰহণ কৰিছে, যিবোৰে একোৱে সৃষ্টি কৰিব নোৱাৰে, বৰং সিহঁত নিজেই সৃষ্ট, আনকি সিহঁতে নিজৰ অপকাৰ বা উপকাৰ কৰাৰো ক্ষমতা নাৰাখে। লগতে মৃত্যু, জীৱন আৰু পুনৰুত্থানতো সিহঁতৰ কোনো অধিকাৰ নাই।’’ [আল-ফুৰকান, আয়াত: ৩]
আল্লাহ তা‘আলাই আৰু কৈছেঃ “কোৱা, ‘তোমালোকে আল্লাহৰ বাহিৰে যিবোৰক ইলাহ বুলি ধাৰণা কৰিছিলা সেইবোৰক মাতা। সিহঁতে আকাশসমূহ আৰু পৃথিৱীৰ অণু পৰিমাণ বস্তুৰো মালিক নহয়। এই দুয়োৰে মাজত সিহঁতৰ কোনো অংশও নাই আৰু সিহঁতৰ মাজৰ পৰা কোনেও তেওঁৰ সহায়কো নহয়’। আল্লাহে যাক অনুমতি প্ৰদান কৰিব, তেওঁৰ বাহিৰে আল্লাহৰ ওচৰত কাৰো চুপাৰিছ ফলপ্ৰসূ নহ’ব।’’ [ছাবা, আয়াত: ২২-২৩] আল্লাহ তা‘আলাই কৈছেঃ “সিহঁতে এনেকুৱা বস্তুক অংশী কৰে নেকি যিসকলে একোৱেই সৃষ্টি কৰা নাই? বৰং সিহঁত নিজেই সৃষ্ট। এইবোৰে সিহঁতক কদাপিও সহায় কৰিব নোৱাৰে আনকি নিজৰো সহায় কৰিব নোৱাৰে।’’ [আল-আ‘ৰাফ, আয়াত: ১৯১-১৯২]
এতেকে এই বাতিল উপাস্যবোৰৰ যদি এনেকুৱা অসহায় অৱস্থা হয়, তেন্তে সেইবোৰক উপাস্য নিৰ্ধাৰণ কৰাটো হৈছে চৰম মুৰ্খামী আৰু বাতিল কৰ্মৰ বাহিৰে আন একো নহয়।
দ্বিতীয়: যিহেতু মুশ্বৰিকসকলে স্বীকাৰ কৰে যে এই নিখিল বিশ্বৰ ৰব তথা স্ৰষ্টা হৈছে একমাত্র আল্লাহ তা‘আলা, যাৰ হাতত আছে সকলো বস্তুৰ ক্ষমতা, যিজনে আশ্ৰয় দান কৰে, তাৰ ওপৰত কোনো আশ্ৰয়দানকাৰী নাই; তেনেক্ষেত্ৰত সিহঁতৰ বাবে অনিবাৰ্য হৈ উঠে এই বিষয়টোকো স্বীকাৰ কৰা যে, একমাত্র মহান আল্লাহেই হৈছে সৰ্বপ্ৰকাৰ ইবাদত বা উপাসনাৰ অধিকাৰী, যিদৰে সিহঁতে স্বীকাৰ কৰে যে, আল্লাহ তা‘আলা ৰুবুবিয়্যাতত একক আৰু অদ্বিতীয়, ইয়াত তেওঁৰ কোনো অংশীদাৰ নাই। মহান আল্লাহে কৈছেঃ “হে মানৱ সম্প্ৰদায়! তোমালোকে তোমালোকৰ সেই ৰব (প্ৰতিপালক)ৰ ইবাদত কৰা, যিজনে তোমালোকক আৰু তোমালোকৰ পূৰ্বৱৰ্তীসকলক সৃষ্টি কৰিছে, যাতে তোমালোকে তাক্বৱাৰ অধিকাৰী হ’ব পাৰা। যিজনে তোমালোকৰ বাবে পৃথিৱীখনক বিছনা কৰি দিছে আৰু আকাশখনক কৰি দিছে চাল, আৰু আকাশৰ পৰা পানী অৱতীৰ্ণ কৰি তাৰ দ্বাৰা তোমালোকৰ জীৱিকাৰ বাবে ফলমূল উৎপাদন কৰিছে। গতিকে তোমালোকে জানি-শুনি কাকো আল্লাহৰ সমকক্ষ থিৰ নকৰিবা।” [আল-বাক্বাৰাহ, আয়াত: ২১-২২]
আল্লাহ তাআলাই আৰু কৈছেঃ “আৰু যদি তুমি সিহঁতক সোধা, ‘কোনে সিহঁতক সৃষ্টি কৰিছে’? তেন্তে সিহঁতে নিশ্চয় ক’ব ‘আল্লাহে’। তথাপিও সিহঁতে কেনেকৈ বিমুখ হৈছে?” [আয-যুখৰুফ, আয়াত: ৮৭]
আল্লাহে আৰু কৈছেঃ “কোৱা, ‘কোনে তোমালোকক আকাশ আৰু পৃথিৱীৰ পৰা জীৱনোপকৰণ সৰবৰাহ কৰে অথবা শ্ৰৱণ আৰু দৃষ্টিশক্তি কাৰ কৰ্তৃত্বাধীন; জীৱিতৰ পৰা মৃতক কোনে উলিয়ায় আৰু মৃতক জীৱিতৰ পৰা কোনে উলিয়ায়, লগতে সকলো বিষয় কোনে নিয়ন্ত্ৰণ কৰে’? তেতিয়া সিহঁতে নিশ্চয় ক’ব, ‘আল্লাহ’। এতেকে কোৱা, ‘তথাপিও তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’? এতেকে তেৱেঁই আল্লাহ, তোমালোকৰ প্ৰকৃত প্ৰতিপালক। সত্য ত্যাগ কৰাৰ পিছত বিভ্ৰান্তিৰ বাহিৰে আন কি থাকিব পাৰে? গতিকে (সত্যক এৰি) তোমালোকক কোন ফালে আঁতৰাই নিয়া হৈছে?” [ইউনুছ, আয়াত: ৩১-৩২]
চাৰি: আল্লাহৰ নাম আৰু তেওঁৰ গুণাৱলীৰ ওপৰত ঈমান:
আল্লাহ তা‘আলাৰ প্ৰতি ঈমানৰ চতুৰ্থ দিশ হৈছে, আল্লাহে নিজৰ বাবে পৱিত্ৰ কোৰআনত যিবোৰ নাম উল্লেখ কৰিছে আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ছহীহ হাদীছত তেওঁৰ যিবোৰ নাম উল্লেখ কৰিছে, সেই সকলোবোৰ সুন্দৰ নাম আৰু তেওঁৰ মহৎ গুণৰাজীসমূহ যিদৰে সাব্যস্ত হৈছে ঠিক সেইদৰেই কোনো প্ৰকাৰ পৰিবৰ্তন, পৰিবৰ্ধন অস্বীকৃতি আৰু উপমা-সাদৃশ্য আৰোপ নকৰাকৈ আৰু কোনো ধৰণ-গঠন নিৰ্ণয় নকৰাকৈ আল্লাহৰ বাবে সাব্যস্ত কৰিব লাগিব। এই প্ৰসঙ্গত মহান আল্লাহে কৈছেঃ “আৰু আল্লাহৰ বাবে আছে সুন্দৰ সুন্দৰ নাম। এতেকে তোমালোকে তেওঁক সেইবোৰ নামেৰেই আহ্বান কৰিবা; আৰু যিসকলে তেওঁৰ নামসমূহক বিকৃত কৰে সিহঁতক বৰ্জন কৰা; সিহঁতৰ কৃতকৰ্মৰ ফল অনতিপলমে সিহঁতক দিয়া হ’ব।” [আল-আ‘ৰাফ, আয়াত: ১৮০] মহান আল্লাহে আৰু কৈছেঃ “আকাশ আৰু পৃথিৱীত সৰ্বোচ্চ মৰ্যাদাপূৰ্ণ গুণ তেওঁৰেই আৰু তেওঁ প্ৰবল পৰাক্ৰমশালী প্ৰজ্ঞাময়।’’ [আৰ-ৰূম: ২৭] আল্লাহ তা‘আলাই আৰু কৈছেঃ “তেওঁৰ অনুৰূপ একোৱেই নাই, তেওঁ সৰ্বশ্ৰোতা সৰ্বদ্ৰষ্টা।’’ [আশ-শ্বুৰা, আয়াত: ১১]
আল্লাহ তা‘আলাৰ নাম আৰু গুণাৱলীৰ ক্ষেত্ৰত দুটা দল পথভ্ৰষ্ট হৈছে:
প্ৰথম দল: আল-মু‘আত্তিলাহ: যিসকলে আল্লাহৰ সকলো নামকে বা কিছুমান নাম আৰু গুণাৱলীক অস্বীকাৰ কৰে, সিহঁতৰ ধাৰণা যে আল্লাহৰ বাবে গুণাৱলী প্ৰতিষ্ঠা কৰিলে আল্লাহক তেওঁৰ সৃষ্টিৰ সৈতে সাদৃশ্য বা সমতুল্য কৰা হয়। প্ৰকৃততে সিহঁতৰ এই ধাৰণা কেইবাটাও কাৰণত বাতিল:
১। যদি আল্লাহৰ নাম আৰু গুণাৱলী নাই বুলি কোৱা হয় তেনেহ’লে এই ক্ষেত্ৰত কিছুমান বাতিল কথা মানি লোৱাটো অপৰিহাৰ্য হৈ পৰে। যেনে মহান আল্লাহৰ কথাৰ মাজত স্ববিৰোধিতা আহি যায়। কাৰণ, আল্লাহে নিজেই তেওঁৰ নাম আৰু গুণাৱলী আছে বুলি আমাক জনাইছে আৰু তাত তেওঁৰ কোনো সাদৃশ্য বা সমতুল্য নাই বুলিও ঘোষণা দিছে। এতিয়া যদি আল্লাহৰ বাবে গুণাৱলী প্ৰতিষ্ঠা কৰিলে আল্লাহক তেওঁৰ সৃষ্টিৰ সৈতে সাদৃশ্য বা সমতুল্য কৰা হয় বুলি ভবা হয় তেন্তে আল্লাহৰ কথাকেই সাংঘর্ষিক বুলি কোৱা হ’ব; আৰু তেওঁৰ বাণীৰ একাংশক আন অংশৰ দ্বাৰা মিথ্যাৰোপ কৰা হ’ব।
২। যিকোনো দুটা বস্তু নাম বা গুণত অভিন্ন হ’লেও উভয় বস্তুৰ সাৰ্বিক দিশেৰে সাদৃশ্য হোৱাটো আৱশ্যক নহয়। উদাহৰণস্বৰূপে দুজন মানুহ আছে, উভয়ে শ্ৰৱণশক্তি, দৃষ্টিশক্তি আৰু বাকশক্তিৰ অধিকাৰী হোৱা সত্ত্বেও মানৱিক গুণ, শ্ৰৱণ শক্তি, দৃষ্টিশক্তি আৰু বাকশক্তিৰ দিশেৰে সিহঁত কেতিয়াও সমান নহয়।
ঠিক এইদৰে আপুনি দেখিব, সকলো জন্তুৰ হাত, ভৰি আৰু চকু আছে, কিন্তু এই অংগবোৰৰ নাম এক হোৱা সত্ত্বেও সিহঁতৰ হাত, ভৰি আৰু চকু একে নহয়।
গতিকে যদি সৃষ্টিৰ মাজত নাম আৰু গুণাৱলীৰ অভিন্নতা থকা সত্ত্বেও এনেকৈ পাৰ্থক্য পৰিলক্ষিত হয়, তেনেহ’লে স্ৰষ্টা আৰু সৃষ্টিৰ মাজৰ পাৰ্থক্য পোহৰৰ দৰে স্পষ্ট, আৰু ডাঙৰ পাৰ্থক্য তথা ভিন্নতা থকাটোৱে বেছি স্বাভাৱিক।
দ্বিতীয় দল: আল মুশ্বাব্বিহা: এই দলটোৱে আল্লাহৰ নাম আৰু তেওঁৰ গুণাৱলী আছে বুলি বিশ্বাস কৰে, কিন্তু লগতে সিহঁতে আল্লাহৰ গুণাৱলীক সৃষ্টিৰ গুণাৱলীৰ সৈতে সাদৃশ্য বুলি বিশ্বাস কৰে। সিহঁতৰ যুক্তি হ’ল যে, কোৰআন আৰু ছুন্নাহৰ উদ্ধৃতিৰ পৰা এইটোৱেই বুজা যায়। কিয়নো, আল্লাহে তেওঁৰ বান্দাসকলক তেওঁৰ গুণাৱলীৰ বিষয়ে সিহঁতৰ বোধগম্য ভাষাতেই সম্বোধন কৰিছে। বস্তুত সিহঁতৰ এই ধৰণৰ বিশ্বাস হৈছে ভিত্তিহীন আৰু কেইবাটাও কাৰণত বাতিল:
১। যুক্তি আৰু চৰীয়তৰ আলোকত পৰ্য্যবেক্ষণ কৰিলে উপলব্দি কৰিব পাৰি যে, মহান ৰাব্বুল আলামীন কেতিয়াও সৃষ্টিৰ সদৃশ হ’ব নোৱাৰে। কোৰআন আৰু ছুন্নাহৰ দাবী বাতিল হোৱাটো অসম্ভৱ।
২। আল্লাহে যদিও এনেকুৱা ভাষা আৰু শব্দৰে তেওঁৰ বান্দাসকলক সম্বোধন কৰিছে, যিবোৰ মৌলিক অৰ্থগত দিশেৰে সিহঁতৰ বোধগম্য’ কিন্তু তেওঁৰ নাম আৰু গুণাৱলীৰ ক্ষেত্ৰত সেইবোৰৰ প্ৰকৃত অৱস্থা আৰু আচল তত্ত্বৰ বিষয়ে আল্লাহে কাকো অৱহিত কৰা নাই; বৰং আল্লাহে তেওঁৰ সত্ত্বা আৰু গুণাৱলী সম্পৰ্কীয় বিষয়ৰ প্ৰকৃত জ্ঞান নিজৰ বাবে নিৰ্দিষ্ট কৰি ৰাখিছে।
উদাহৰণস্বৰূপে ক’ব পাৰি, আল্লাহে নিজকে ‘‘আচ-ছামী‘’’ বা ‘সৰ্বশ্ৰোতা’ গুণবাচক নামেৰে বিশেষিত কৰিছে। শ্ৰৱণৰ অৰ্থটো আমাৰ বোধগম্য (শব্দ পোৱা), কিন্তু আল্লাহৰ শ্ৰৱণ গুণৰ মূল তত্ত্ব আমাৰ জনা নাই। কিয়নো, শ্ৰৱণশক্তিৰ দিশৰ পৰা সৃষ্টিৰ মাজতে ব্যৱধান দেখিবলৈ পোৱা যায়, সেয়ে স্ৰষ্টা আৰু সৃষ্টিৰ মাজত এই ক্ষেত্ৰত অধিকতৰ পাৰ্থক্য থকাটোৱে স্বাভাৱিক।
অনুৰূপভাৱে আল্লাহে যিদৰে নিজকে ‘আৰশ্বৰ ওপৰত বিৰাজমান, বুলি কৈছে, এতেকে ‘ওপৰত উঠা’ৰ বিষয়টো অৰ্থগত দিশেৰে আমাৰ বোধগম্য; কিন্তু মহান ৰাব্বুল ‘আলামীনৰ ‘ওপৰত উঠা’ৰ প্ৰকৃত ৰূপ, ধৰণ আমাৰ জনা নাই। কাৰণ, সৃষ্টিৰ মাজতো ‘ওপৰত উঠা’ৰ ক্ষেত্ৰতো ভিন্নতা আমি দেখিবলৈ পাওঁ। যেনে- এটা স্থিতিশীল চকীৰ ওপৰত উঠা আৰু এটা চঞ্চল উটৰ পিঠিত উঠা সমান নহয়। যেতিয়া সৃষ্টিৰ ‘ওপৰত উঠা’ৰ মাজত ইমান ভিন্নতা পৰিলক্ষিত হয়, তেতিয়া ‘ওপৰত উঠা’ৰ ক্ষেত্ৰত স্ৰষ্টা আৰু সৃষ্টিৰ মাজত বহু গুণে ব্যৱধান থকাটোৱে স্বাভাৱিক।
উপৰোক্ত বৰ্ণনানুযায়ী আল্লাহৰ ওপৰত ঈমান পোষণ কৰাৰ কিছুমান মহান উপকাৰিতা, তাৰে অন্যতম হৈছে:
প্ৰথম: আল্লাহৰ তাওহীদ বা একত্ববাদ যথাযথভাৱে প্ৰতিষ্ঠিত হয়; ফলত বান্দাৰ মাজত আল্লাহৰ বাহিৰে আন কাৰো প্ৰতি কোনো প্ৰকাৰ ভয়-ভীতি বা আশা-ভৰসাৰ বিন্দুমাত্ৰও নাথাকে আৰু তেওঁৰ বাহিৰে আন কাৰো ইবাদত সি নকৰে।
দ্বিতীয়: আল্লাহৰ সুন্দৰ নামসমূহ আৰু তেওঁৰ সুউচ্চ গুণাৱলীৰ দাবী অনুযায়ী আল্লাহৰ পৰিপূৰ্ণ ভালপোৱা আৰু সৰ্বোচ্চ সন্মান প্ৰদৰ্শন সম্ভৱ হয়।
তৃতীয়: আল্লাহৰ ইবাদত যথাযথৰূপে বাস্তৱায়ন হয়; অৰ্থাৎ আল্লাহে যি আদেশ কৰিছে সেই অনুযায়ী ইবাদত কৰা আৰু তেওঁ যিবোৰ নিষেধ কৰিছে সেইবোৰ বৰ্জন কৰা।
*
ঈমানৰ দ্বিতীয় ভিত্তি: ফিৰিস্তাসকলৰ প্ৰতি ঈমান
ফিৰিস্তাসকল হৈছে আল্লাহ তা‘আলাৰ সৃষ্ট এক অদৃশ্য জগত। তেওঁলোক সদায় আল্লাহৰ ইবাদতত ব্যস্ত থাকে; তেওঁলোকৰ মাজত উলুহিয়্যাত বা ৰুবুবিয়্যাতৰ কোনো বৈশিষ্ট্য নাই। আল্লাহে তেওঁলোকক নূৰৰ দ্বাৰা সৃষ্টি কৰিছে। আল্লাহে তেওঁলোকক তেওঁৰ পূৰ্ণ আনুগত্যৰ গুণ প্ৰদান কৰিছে আৰু তেওঁৰ আদেশ বাস্তবায়ন কৰাৰ ক্ষমতা প্ৰদান কৰিছে। মহান আল্লাহে এই বিষয়ে কৈছে, “আৰু তেওঁৰ সান্নিধ্যত যিসকল আছে তেওঁলোকে অহংকাৰ কৰি তেওঁৰ ইবাদতৰ পৰা বিমুখ নহয় আৰু তেওঁলোকে বিৰক্তি বোধো নকৰে। তেওঁলোকে দিনে-ৰাতি তেওঁৰেই পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে, তেওঁলোকে অলসতা নকৰে।” [আল-আম্বিয়া, আয়াত: ১৯-২০]
তেওঁলোকৰ সংখ্যা ইমান বেছি যে, আল্লাহৰ বাহিৰে কোনোৱেই সেয়া গণনা কৰি শেষ কৰিব নোৱাৰে। ছহীহ বুখাৰী আৰু মুছলিমত আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা মি‘ৰাজৰ ঘটনাত বৰ্ণিত আছে যে, ‘নবী চাল্লাল্লাহ আলাইহি অছাল্লামে আকাশত অৱস্থিত ‘বায়তুল মা‘মুৰ’ ভ্ৰমণ কৰিছে। এই বায়তুল মা‘মুৰত দৈনিক ৭০ হাজাৰ ফিৰিস্তা প্ৰৱেশ কৰে। যিসকলে এবাৰ প্ৰৱেশ কৰিছে কিয়ামত পৰ্যন্ত তেওঁলোকে দ্বিতীয়বাৰ প্ৰৱেশ কৰিবলৈ সুযোগ নাপাব।’
ফিৰিস্তাসকলৰ প্ৰতি ঈমানৰ মাজত চাৰিটা বিষয় অন্তৰ্ভুক্ত আছে:
১। ফিৰিস্তাসকলৰ অস্তিত্বৰ ওপৰত ঈমান পোষণ কৰা।
২। কোৰআন আৰু ছুন্নাহৰ দ্বাৰা যিসকলৰ নাম আমি জানো যেনে, জিব্ৰীল আলাইহিচ্ছালাম, তেওঁলোকৰ ওপৰত নিৰ্দিষ্টকৈ ঈমান পোষণ কৰা। যিসকলৰ নাম আমাৰ জনা নাই তেওঁলোকৰ প্ৰতি সাৰ্বিকভাৱে ঈমান পোষণ কৰা।
৩। কোৰআনুল কাৰীম আৰু ছহীহ হাদীছত বৰ্ণিত তেওঁলোকৰ গুণাৱলীৰ প্ৰতি ঈমান পোষণ কৰা। যেনে, জিব্ৰীলৰ বিষয়ে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, তেখেতে তেওঁক প্ৰকৃত আকৃতিত দেখিছে। তেওঁৰ ছয়শ ডেউকা আছে যিবোৰে গোটেই দিগন্তক আৱৰি ৰাখিছিল।
আৰু ফিৰিস্তাসকলে আল্লাহৰ আদেশত মানৱাকৃতিত আত্মপ্ৰকাশ কৰিব পাৰে। যেনে, আল্লাহে যেতিয়া জিব্ৰীল আলাইহিচ্ছালামক ঈছা আলাইহিচ্ছালামৰ মাতৃৰ মৰিয়মৰ ওচৰলৈ প্ৰেৰণ কৰিছিল। তেতিয়া তেওঁ তেখেতৰ ওচৰত পূৰ্ণ মানৱাকৃতিত আত্মপ্ৰকাশ কৰিছিল। এইদৰে জিব্ৰীল আলাইহিচ্ছালাম এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ এজন অজ্ঞাত ব্যক্তিৰ আকৃতিত উপস্থিত হৈছিল, সেই সময়ত তেখেত ছাহাবায়ে কেৰামৰ মাজত বহি আছিল, তেওঁৰ (জিব্ৰীলৰ) পৰিধান কৰা পোছাক আছিল অতি বগা, মূৰৰ চুলিবোৰ আছিল অতি ক’লা। ভ্ৰমণৰ কোনো চিন তেওঁৰ ওপৰত নাছিল। ছাহাবীসকলৰ কোনেও তেওঁক চিনিও পোৱা নাছিল। তাৰ পিছত তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্মুখত তেওঁৰ আঠুৰ লগত আঠু মিলাই বহিছিল আৰু দুয়োহাত উৰুৰ ওপৰত ৰাখিছিল আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ইছলাম, ঈমান, ইহছান আৰু কিয়ামত আৰু ইয়াৰ লক্ষণাদি সম্পৰ্কে প্ৰশ্ন কৰিছিল। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এইবোৰৰ উত্তৰ প্ৰদান কৰিছিল। অৱশেষত তেওঁ গুচি যোৱাৰ পিছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ছাহাবাসকলক কৈছিল, «فَإِنَّهُ جِبْرِيلُ أَتَاكُمْ يُعَلِّمُكُمْ دِينَكُم» “এওঁ আছিল জিব্ৰীল আলাইহিচ্ছালাম, তোমালোকক তোমালোকৰ দ্বীন শিক্ষা প্ৰদানৰ উদ্দেশ্যে আহিছিল।”
এইদৰে আল্লাহে ইব্ৰাহীম আৰু লুত আলাইহিমাচ্ছালামৰ ওচৰলৈ যিসকল ফিৰিস্তাক প্ৰেৰণ কৰিছিল তেওঁলোকেও পুৰুষৰ ৰূপত আহি উপস্থিত হৈছিল।
৪। ফিৰিস্তাসকলৰ ‘আমল বা কৰ্মসমূহৰ ওপৰত ঈমান পোষণ কৰা, যিবোৰ কৰ্ম তেওঁলোকে আল্লাহৰ নিৰ্দেশত পালন কৰি থাকে। যেনে, ফিৰিস্তাসকলে ক্লান্ত নোহোৱাকৈ আৰু অৱহেলা নকৰাকৈ দিনে-ৰাতি তছবীহ পাঠ কৰে আৰু আল্লাহৰ ইবাদত কৰে।
তেওঁলোকৰ মাজৰ কিছুমান ফিৰিস্তা বিশেষ বিশেষ দায়িত্বত নিয়োজিত আছে।
যেনে, জিব্ৰীল আলাইহিচ্ছালাম, এওঁৰ দায়িত্ব হৈছে নবী ৰাছুলসকলৰ প্ৰতি আল্লাহৰ কালাম আৰু অহী বহন কৰা।
আৰু মিকাঈল আলাইহিচ্ছালাম, এওঁৰ দায়িত্ব হৈছে আল্লাহৰ অদেশক্ৰমে বৰষুণ অৱতীৰ্ণ কৰা।
আৰু ইছৰাফীল আলাইহিচ্ছালামৰ দায়িত্ব হৈছে কিয়ামত সংঘটিত হোৱাৰ সময়ত আৰু সৃষ্টিৰ পুনৰুত্থানৰ সময়ত শিঙ্গাত ফুঁ দিয়া।
আৰু মালাকুল মউত আলাইহিচ্ছালাম হৈছে সকলো প্ৰাণী জগতৰ মৃত্যুৰ সময় তাৰ ৰূহ অধিগ্ৰহণৰ দায়িত্বত নিয়োজিত।
আৰু মালিক (আলাইহিচ্ছালাম) হৈছে জাহান্নামৰ দায়িত্বত নিয়োজিত। তেওঁ জাহান্নামৰ তত্ত্বাৱধায়ক।
আৰু এদল ফিৰিস্তা, যিসকলে মাতৃৰ গৰ্ভত সন্তানসকলৰ ভ্ৰূণৰ দায়িত্বত নিয়োজিত। মাতৃগৰ্ভত যেতিয়া সন্তানৰ চাৰি মাহ পূৰ্ণ হয়, তেতিয়া সেই সন্তানৰ ওচৰলৈ আল্লাহে এজন ফিৰিস্তা প্ৰেৰণ কৰে আৰু তেওঁক সেই মানৱসন্তানৰ জীৱিকা, মৃত্যু, ‘আমল আৰু সি সৌভাগ্যৱান হ’ব নে দুৰ্ভাগ্যৱান সেয়া লিখাৰ নিৰ্দেশ প্ৰদান কৰে।
আৰু এইদৰে আৰু এদল ফিৰিস্তা আছে, যিসকলে প্ৰত্যেক মানুহৰ আমলনামা সংৰক্ষণ আৰু লিখাৰ দায়িত্বত নিয়োজিত। মানুহৰ প্ৰতিটো কৰ্ম দুজন ফিৰিস্তাই লিপিবদ্ধ কৰে, এজন সোঁফালে থাকে আৰু আন এজন বাওঁফালে থাকে।
আৰু এদল ফিৰিস্তা আছে, যিসকলে মৃত ব্যক্তিক দাফনৰ পিছত কবৰত তেওঁক প্ৰশ্ন কৰাৰ দায়িত্বত নিয়োজিত। মৃত ব্যক্তিক কবৰত ৰখাৰ পিছত দুজন ফিৰিস্তা আহি তাক তিনিটা বিষয়ে প্ৰশ্ন কৰে, এক: তাৰ ৰব্ব বা প্ৰতিপালক সম্পৰ্কে। দুই: তাৰ দ্বীন সম্পৰ্কে। তিনি: তাৰ নবী সম্পৰ্কে।
ফিৰিস্তাসকলৰ প্ৰতি ঈমানত বহুতো গুৰুত্বপূৰ্ণ উপকাৰ আছে। তাৰে অন্যতম হৈছে:
প্ৰথম: মহান আল্লাহৰ মাহাত্ম্য, অসীম শক্তি আৰু তেওঁৰ কৰ্তৃত্ব সম্পৰ্কে জ্ঞান লাভ। কিয়নো, সৃষ্টিৰ মাহাত্ম্য স্ৰষ্টাৰ মাহাত্ম্যৰ পৰাই প্ৰাপ্ত।
দ্বিতীয়: আদমসন্তানৰ প্ৰতি আল্লাহ তা‘আলাৰ বিশেষ অনুগ্ৰহৰ বাবে তেওঁৰ কৃতজ্ঞতা জ্ঞাপন; যিহেতু তেওঁ ফিৰিস্তাসকলক মানুহৰ হিফাজত, সিহঁতৰ ‘আমলনামা সংৰক্ষণসহ সিহঁতৰ বহুবিধ স্বাৰ্থ সংশ্লিষ্ট কামত নিয়োজিত কৰি ৰাখিছে।
তৃতীয়: ফিৰিস্তাসকলৰ প্ৰতি মুহাব্বত সৃষ্টি; যিহেতু তেওঁলোকে যথাযথভাৱে আল্লাহৰ ইবাদত সম্পাদন কৰে।
এদল বিভ্ৰান্ত লোকে ফিৰিস্তাসকলৰ অস্তিত্বক অস্বীকাৰ কৰে। সিহঁতে কয়, ফিৰিস্তাসকল হৈছে সৃষ্টিৰ মাজত নিহিত কল্যাণশক্তি বিশেষ। সিহঁতৰ এই বক্তব্য আল্লাহৰ কিতাব, তেওঁৰ ৰাছুলৰ হাদীছ আৰু মুছলিম ঐক্যমতক মিথ্যাৰোপ কৰাৰ দৰে।
আল্লাহ তা‘আলাই কৈছেঃ “সকলো ধৰণৰ প্ৰশংসা কেৱল আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা আল্লাহৰ বাবেই, যিজনে ফিৰিস্তাসকলক বাণীবাহকৰূপে নিয়োগ কৰিছে, তেওঁলোক (ফিৰিস্তাসকল) হৈছে দুখন দুখন, তিনিখন তিনিখন আৰু চাৰিখন চাৰিখন ডেউকা বিশিষ্ট। তেৱেঁই সৃষ্টিৰ মাজত যি ইচ্ছা কৰে বৃদ্ধি কৰে।” [ফাতিৰ, আয়াত: ১]
আল্লাহ তা‘আলাই আৰু কৈছেঃ “আৰু যদি তুমি দেখিলাহেঁতেন যেতিয়া ফিৰিস্তাসকলে কাফিৰসকলৰ প্ৰাণ হৰণ কৰিছিল, তেতিয়া সিহঁতৰ মুখমণ্ডলত আৰু পিঠিত আঘাত কৰি কৈছিল, ‘তোমালোকে দহনযন্ত্ৰণা ভোগ কৰা’।” [আল-আনফাল, আয়াত: ৫০]
মহান আল্লাহে আৰু কৈছেঃ “আৰু যদি তুমি দেখিলাহেঁতেন, যেতিয়া যালিমসকল মৃত্যু যন্ত্ৰণাত থাকিব আৰু ফিৰিস্তাসকলে হাত বঢ়াই ক’ব, ‘তোমালোকে নিজৰ প্ৰাণ নিজে উলিয়াই আনা।!” [আল আন‘আম, আয়াত: ৯৩]
আল্লাহ তা‘আলাই এই সম্পৰ্কে আৰু কৈছেঃ “অৱশেষত যেতিয়া সিহঁতৰ অন্তৰৰ পৰা ভয় বিদূৰিত হ’ব, তেতিয়া সিহঁতে পৰস্পৰৰ মাজত সোধ-পোছ কৰিব, ‘তোমালোকৰ প্ৰতিপালকে কি ক’লে’? ইয়াৰ উত্তৰত তেওঁলোকে ক’ব, ‘যিটো সত্য সেইটোৱে কৈছে’। তেওঁ অতি উচ্চ, অতি মহান।’’ [ছাবা, আয়াত: ২৩]
জান্নাতবাসীসকলৰ বিষয়ে অল্লাহ তা‘আলাই কৈছেঃ “স্থায়ী জান্নাতসমূহ, তাত তেওঁলোকে প্ৰৱেশ কৰিব আৰু তেওঁলোকৰ পিতৃ-মাতৃ, পতি-পত্নী লগতে সন্তান-সন্ততিসকলৰ মাজত যিসকলে সৎকৰ্ম কৰিছে তেওঁলোকেও (প্ৰৱেশ কৰিব)। লগতে ফিৰিস্তাসকলে তেওঁলোকৰ ওচৰলৈ উপস্থিত হ’ব প্ৰত্যেক দুৱাৰেৰে, (তেওঁলোকে আহি ক’ব) ‘শান্তি বৰ্ষিত হওক তোমালোকৰ ওপৰত, কাৰণ তোমালোকে ধৈৰ্য্য ধাৰণ কৰিছিলা, আখিৰাতৰ এই পৰিণাম কিমান যে উত্তম’!’’ [আৰ-ৰা‘দ, আয়াত: ২৩-২৪]
ছহীহ বুখাৰীত আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহ আনহুৰ পৰা বৰ্ণিত আছে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, ‘‘আল্লাহে যেতিয়া কোনো বান্দাক ভালপায় তেতিয়া তেওঁ জিব্ৰীলক মাতি কয়, আল্লাহে অমুক বান্দাক ভালপায়, তুমিও তাক ভালপোৱা। তেতিয়া জিব্ৰীলে তাক ভালপায়। তাৰপিছত জিব্ৰীলে আকাশবাসীসকলৰ মাজত ঘোষণা কৰি দিয়ে, আল্লাহে অমুক বান্দাক ভালপায় এতেকে তোমালোকেও তাক ভালপোৱা। তেতিয়া আকাশবাসীয়ে সেই বান্দাক ভালপায়। ইয়াৰ ফলত পৃথিৱীতো সেই বান্দাৰ গ্ৰহণযোগ্যতা অৰ্জিত হৈ যায়।”
ছহীহ বুখাৰীত আন এটা হাদীছ প্ৰসিদ্ধ ছাহাবী আবু হুৰাইৰাহ (ৰাদ্বিয়াল্লাহু আনহু)ৰ পৰা বৰ্ণিত আছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে : ‘‘জুমু‘আৰ দিনা মছজিদৰ প্ৰত্যেক দুৱাৰতে ফিৰিস্তাসকল অৱস্থান কৰে। তেওঁলোকে ছালাতত আগমনকাৰীসকলৰ নাম যথাক্ৰমে লিখি থাকে। তাৰপিছত ইমাম যেতিয়া খুৎবাৰ বাবে মিম্বৰত বহে তেতিয়া তেওঁলোকে তেওঁলোকৰ ফাইল বন্ধ কৰে আৰু খুৎবা শুনাৰ বাবে উপস্থিত হয়।’’
এইবোৰ আয়াত আৰু হাদীছে স্পষ্টভাৱে প্ৰমাণ কৰে যে, ফিৰিস্তাসকলৰ অস্তিত্ব আছে, তেওঁলোক অশৰীৰী কোনো অৰ্থতেই নহয়; যেনে বিভ্ৰান্ত লোকসকলে কৈ থাকে। উপৰোক্ত উদ্ধৃতিসমূহৰ ভাবাৰ্থ অনুযায়ী এই ক্ষেত্ৰত সমগ্ৰ মুছলিমৰ ঐকমত্য প্ৰতিষ্ঠিত হৈছে।
*
ঈমানৰ তৃতীয় ভিত্তি: ঐশী কিতাবসমূহৰ প্ৰতি ঈমান
কিতাব শব্দটো একবচন, ইয়াৰ বহুবচন হৈছে ‘কুতুবুন’; ইয়াৰ দ্বাৰা ‘মাকতূব’ বা লিখিত গ্ৰন্থক বুজায়।
আৰু ইয়াত ‘কিতাব’ৰ দ্বাৰা উদ্দেশ্য হৈছে সেইসমূহ কিতাব, যিবোৰ আল্লাহে সৃষ্টি জগতৰ বাবে হিদায়ত আৰু ৰহমত হিচাপে তেওঁৰ নবী ৰাছুলসকলৰ ওপৰত অৱতীৰ্ণ কৰিছে। যাতে সিহঁতে দুনিয়া আৰু আখিৰাতত আল্লাহে দেখুৱাই দিয়া সৌভাগ্যৰ পথত পৰিচালিত হৈ যাৱতীয় কল্যাণ আৰু সৌভাগ্য অৰ্জন কৰিব পাৰে।
কিতাবসমূহৰ প্ৰতি ঈমান পোষণৰ মাজত চাৰিটা বিষয় অন্তৰ্ভুক্ত আছে:
১। প্ৰথমে এই বিষয়ে ঈমান পোষণ কৰিব লাগিব যে, এইবোৰ গ্ৰন্থাৱলী মহান আল্লাহৰ তৰফৰ পৰা যথাযথভাৱে অৱতীৰ্ণ হৈছে। (এইবোৰ মানৱ ৰচিত গ্ৰন্থ নহয় অনুৰূপভাৱে ই কোনো শব্দ বা অৰ্থৰ অনুবাদো নহয়।)
২। নিৰ্দিষ্ট নামত সেইসমূহ কিতাবৰ প্ৰতি ঈমান স্থাপন কৰা, যিবোৰৰ নাম আল্লাহে বিশেষভাৱে উল্লেখ কৰিছে। যেনে, আল-ক্বোৰআন- মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ হৈছে, তৌৰাত অৱতীৰ্ণ হৈছে মূছা আলাইহিচ্ছালামৰ ওপৰত, আৰু ইঞ্জীল ঈছা আলাইহিচ্ছালামৰ ওপৰত। আৰু যাবুৰ অৱতীৰ্ণ হৈছে দাউদ আলাইহিচ্ছালামৰ ওপৰত, লগতে যিবোৰ ঐশী কিতাবৰ নাম আমাৰ জনা নাই, তাৰ প্ৰতি সাৰ্বিকভাৱে ঈমান পোষণ কৰা।
৩। ঐশী গ্ৰন্থসমূহত পূৰ্বৱৰ্তী নবী ৰাছুলসকল আৰু তেওঁৰ উম্মত, চৰীয়ত আৰু তেওঁলোকৰ ইতিহাস সম্পৰ্কে যিবোৰ বিশুদ্ধ বৰ্ণনা আছে, সেইবোৰৰ প্ৰতি ঈমান পোষণ কৰা। যেনে, কোৰআনত বৰ্ণিত সংবাদসমূহ আৰু পূৰ্বৱৰ্তী গ্ৰন্থসমূহৰ অপৰিৱৰ্তিত অথবা অবিকৃত সংবাদসমূহৰ ওপৰত বিশ্বাস স্থাপন কৰা।
৪। ঐশী গ্ৰন্থসমূহত বৰ্ণিত এনে আদেশসমূহৰ ওপৰত আমল কৰা যিবোৰ ৰহিত হোৱা নাই আৰু সেইবোৰ হুকুমৰ হিকমত আমাৰ জনা থাকক বা নাথাকক সৰ্বাৱস্থাতেই মনত কোনো ধৰণৰ সংকীৰ্ণতা অনুভৱ নকৰি হৃদয়ৰ সন্তুষ্টি আৰু আনুগত্যৰ সৈতে সেইবোৰ মানি লোৱা। আৰু কোৰআনুল কাৰীমৰ দ্বাৰা পূৰ্বৱৰ্তী ঐশী গ্ৰন্থসমূহ মানছুখ বা ৰহিত কৰি দিয়া হৈছে। আল্লাহে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সম্বোধন কৰি কৈছেঃ “আৰু আমি তোমাৰ প্ৰতি সত্যসহ কিতাব অৱতীৰ্ণ কৰিছোঁ, ইয়াৰ পূৰ্বে অৱতীৰ্ণ হোৱা কিতাবসমূহৰ সত্যতাৰ সমৰ্থনকাৰী আৰু সেইবোৰৰ তদাৰককাৰীৰূপে।” (অৰ্থাৎ যথাযথ সঁচা-মিছা নিৰ্ধাৰণকাৰীৰূপে)। [আল-মায়িদাহ, আয়াত: ৪৮]
এতেকে, পূৰ্ববৰ্তী ঐশী কিতাবসমূহৰ কোনো হুকুমৰ ওপৰত আমল কৰা জায়েয নহ’ব, কেৱল সেইসমূহ হুকুমৰ বাহিৰে যিবোৰ বিশুদ্ধভাৱে বৰ্ণিত হৈছে আৰু কোৰআনৰ দ্বাৰা যিবোৰক সমৰ্থন কৰা হৈছে তথা বলবৎ ৰখা হৈছে।
ঐশী কিতাবসমূহৰ ওপৰত ঈমানৰ বহুতো গুৰুত্বপূৰ্ণ ফলাফল আছে। তাৰে অন্যতম হৈছেঃ
প্ৰথম: বান্দাসকলৰ প্ৰতি আল্লাহ তা‘আলাৰ অশেষ ৰহমত আৰু অনুগ্ৰহ সম্পৰ্কে জ্ঞান লাভ, কিয়নো তেওঁ প্ৰত্যেক জাতিৰ প্ৰতি সিহঁতৰ হিদায়তৰ উদ্দেশ্যে কিতাব অৱতীৰ্ণ কৰিছে।
দ্বিতীয়: চৰীয়ত প্ৰৱৰ্তনত আল্লাহ তা‘আলাৰ হিকমত সম্পৰ্কে জ্ঞান লাভ, যিহেতু তেওঁ প্ৰতিটো জাতিৰ প্ৰতি সিহঁতৰ অৱস্থাৰ লগত সামঞ্জস্যশীল চৰীয়ত প্ৰৱৰ্তন কৰি পঠিয়াইছে। যেনে, আল্লাহ তা‘আলাই কৈছেঃ “আমি তোমালোকৰ প্ৰতিটো সম্প্ৰদায়ৰ বাবে চৰীয়ত আৰু জীৱন পদ্ধতি প্ৰৱৰ্তন কৰিছোঁ।” [আল-মায়িদাহ-৪৮]
তৃতীয়: উপৰোক্ত নি‘আমতসমূহৰ বাবে আল্লাহ তা‘আলাৰ কৃতজ্ঞতা জ্ঞাপন কৰা।
*
ঈমানৰ চতুৰ্থ ভিত্তি: ৰাছুলসকলৰ প্ৰতি ঈমান
‘ৰাছুল’ শব্দটো হৈছে একবচন, আৰবীত ইয়াৰ বহুবচন হৈছে ‘ৰুছুল’। যাৰ অৰ্থ, কোনো বিষয় পৌঁছোৱাৰ বাবে প্ৰেৰিত দূত বা প্ৰতিনিধি।
ইছলামী পৰিভাষাত ৰাছুল হৈছে এনেকুৱা মহান ব্যক্তি, যাৰ প্ৰতি আল্লাহৰ তৰফৰ পৰা চৰীয়ত অৱতীৰ্ণ হৈছে আৰু সেয়া প্ৰচাৰ কৰাৰ বাবে তেওঁক হুকুম দিয়া হৈছে।
সৰ্বপ্ৰথম ৰাছুল হৈছে নূহ আলাইহিচ্ছালাম আৰু সৰ্বশেষ ৰাছুল হৈছে আমাৰ প্ৰিয় নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম।
যেনে- মহান আল্লাহে কৈছেঃ “নিশ্চয় আমি তোমাৰ ওচৰলৈ অহী প্ৰেৰণ কৰিছোঁ, যেনেকৈ নূহ আৰু তেওঁৰ পৰৱৰ্তী নবীসকলৰ প্ৰতি অহী প্ৰেৰণ কৰিছিলোঁ।” [আন-নিছা, আয়াত: ১৬৩]
ছহীহ বুখাৰীত আনাছ ইবনে মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা শ্বাফা‘আতৰ হাদীছ বৰ্ণিত আছে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ কিয়ামতৰ দিনা মানুহে আল্লাহৰ ওচৰত ছুপাৰিছ কৰাৰ আশাত প্ৰথমে আদম আলাইহিচ্ছালামৰ ওচৰলৈ আহিব। তেতিয়া আদম আলাইহিচ্ছালামে নিজৰ অক্ষমতা প্ৰকাশ কৰি ক’ব, “তোমালোকে নূহ আলাইহিচ্ছালামৰ ওচৰলৈ যোৱা। তেওঁ প্ৰথম ৰাছুল, যাক আল্লাহে মানৱজাতিৰ প্ৰতি প্ৰেৰণ কৰিছিল।”
নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম সম্পৰ্কে আল্লাহে কোৰআনত কৈছেঃ ‘‘মুহাম্মদ তোমালোকৰ মাজৰ কোনো পুৰুষৰে পিতা নহয়, বৰং তেওঁ আল্লাহৰ ৰাছুল আৰু সৰ্বশেষ নবী।’’ [আল-আহযাব, আয়াত: ৪০]
মহান আল্লাহে যুগে-যুগে প্ৰত্যেক জাতিৰ ওচৰলৈ স্বতন্ত্র চৰীয়তসহ ৰাছুল অথবা পূৰ্বৱৰ্তী চৰীয়ত বাস্তৱায়নৰ বাবে অহীসহ নবী প্ৰেৰণ কৰিছিল। যেনে- মহান আল্লাহে কৈছেঃ ‘‘আমি প্ৰত্যেক উম্মতৰ মাজতেই একোজনকৈ ৰাছুল প্ৰেৰণ কৰিছোঁ, (তেওঁলোকে এই আহ্বান কৰিছিল) যে, তোমালোকে আল্লাহৰ ইবাদত কৰা আৰু তাগুতক পৰিহাৰ কৰা।” [আন-নাহল, আয়াত: ৩৬]
আল্লাহ তা‘আলাই আৰু কৈছেঃ ‘‘এনে কোনো সম্প্ৰদায় নাই যিসকলৰ ওচৰত সতৰ্ককাৰী অহা নাই।’’ [ফাতিৰ, আয়াত: ২৪]
তেওঁ আৰু কৈছেঃ ‘‘নিশ্চয় আমিয়েই তাওৰাত অৱতীৰ্ণ কৰিছিলোঁ, তাত আছিল হিদায়ত আৰু জ্যোতি, ইয়াৰ মাধ্যমত ইয়াহুদিসকলৰ বাবে ফয়চালা প্ৰদান কৰিছিল অনুগত নবীসকলে আৰু ৰাব্বানীসকলে লগতে বিদ্বানসকলেও। কাৰণ তেওঁলোকক আল্লাহৰ কিতাবৰ ৰক্ষক হিচাপে দায়িত্ব দিয়া হৈছিল আৰু তেওঁলোক আছিল ইয়াৰ (সত্যতাৰ) সাক্ষী।” [আল-মায়িদাহ, আয়াত: ৪৪]
নবী-ৰাছুলসকল হৈছে আল্লাহৰ প্ৰিয় সৃষ্টি, তেওঁলোক সকলোৱে আছিল মানুহ। তেওঁলোকৰ মাজত ৰুবুবিয়্যাত বা উলুহিয়্যাতৰ কোনো বৈশিষ্ট্য নাছিল। আল্লাহে নবীসকলৰ শিৰোমনি তথা নবীসকলৰ মাজৰ পৰা আল্লাহৰ ওচৰত আটাইতকৈ ডাঙৰ মৰ্যাদাৰ অধিকাৰী মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামক কৈছেঃ “কোৱা, ‘আল্লাহে যি ইচ্ছা কৰে তাৰ বাহিৰে মোৰ নিজৰ লাভ-লোকচানৰ ওপৰতো মোৰ কোনো অধিকাৰ নাই। গায়েব বা অদৃশ্যৰ জ্ঞান যদি মোৰ থাকিলহেঁতেন তেন্তে মই বহুতো কল্যাণ লাভ কৰিলোঁহেঁতেন আৰু কোনো ধৰণৰ অকল্যাণেই মোক স্পৰ্শ কৰিব নোৱাৰিলেহেঁতেন। মই কেৱল ঈমান্দাৰ সম্প্ৰদায়ৰ বাবে সতৰ্ককাৰী আৰু সুসংবাদদাতাৰ বাহিৰে আন একো নহয়’।” [আল-আৰাফ, আয়াত: ১৮৮]
আল্লাহ তাআলাই আৰু কৈছেঃ “কোৱা, তোমালোকৰ ক্ষতি সাধন কৰাৰ আৰু কল্যাণ কৰাৰ ক্ষমতা মোৰ নাই। কোৱা, আল্লাহ তা‘আলাৰ কবলৰ পৰা মোক কোনেও বচাব নোৱাৰে আৰু তেওঁৰ আশ্ৰয় বিনে আন কোনো আশ্ৰয়স্থলো পাব নোৱাৰোঁ।” [আল-জিন, আয়াত: ২১-২২]
নবী-ৰাছুলসকলেও সাধাৰণ মানুহৰ দৰেই মানৱিক বৈশিষ্ট্যৰে বিশেষিত আছিল। তেওঁলোকেও পানাহাৰ কৰিছিল, অসুস্থ হৈছিল আৰু তেওঁলোকেও মৃত্যুবৰণ কৰিছে। ইব্ৰাহীম আলাইহিচ্ছালামে তেওঁৰ জাতিৰ সন্মুখত আল্লাহৰ পৰিচয় দাঙি ধৰি কৈছিলঃ “তেৱেঁই মোক আহাৰ কৰায় আৰু তেৱেঁই মোক পান কৰায়, আৰু যেতিয়া মই অসুস্থ হওঁ, তেতিয়া তেৱেঁই মোক আৰোগ্য কৰে। ‘তেৱেঁই মোৰ মৃত্যু ঘটাব আৰু তেৱেঁই মোক পুনৰ্জীৱিত কৰিব।’’ [আশ-শু‘আৰা, আয়াত: ৭৯-৮১]
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, মই তোমালোকৰ দৰেই এজন মানুহ। মই পাহৰি যাওঁ, যেনেকৈ তোমালোকে পাহৰি যোৱা। যদি মই পাহৰি যাওঁ তেনেহ’লে তোমালোকে মোক স্মৰণ কৰাই দিবা।
আনহাতে আল্লাহে নিজেই নবী-ৰাছুলসকলক তেওঁলোকৰ সৰ্বোচ্চ মৰ্যাদাৰ স্থলত দাসত্বৰ গুণেৰে বিশেষিত কৰিছে আৰু তেওঁলোকৰ প্ৰশংসা কৰাৰ ক্ষেত্ৰতো তেওঁলোকক বান্দাহ বুলি আখ্যায়িত কৰিছে। যেনে আল্লাহ তা‘আলাই নূহ আলাইহিচ্ছালাম বিষয়ে কৈছেঃ “নিশ্চয় তেওঁ আছিল মোৰ কৃতজ্ঞ বান্দা।” [ আল-ইছৰা, আয়াত: ৩] নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বিষয়ে আল্লাহ তা‘আলাই কৈছেঃ “পৰম কল্যাণময় সেই সত্ত্বা, যিজনে তেওঁৰ বান্দাৰ প্ৰতি ফয়চালাৰ গ্ৰন্থ অৱতীৰ্ণ কৰিছে, যাতে তেওঁ সৃষ্টিজগতক সতৰ্ক কৰিব পাৰে।” [আল-ফুৰকান, আয়াত: ১]
এইদৰে আল্লাহে ইব্ৰাহীম, ইছহাক আৰু ইয়াকুব আলাইহিমুচ্ছালামৰ বিষয়ে কৈছেঃ “আৰু স্মৰণ কৰা, আমাৰ বান্দা ইব্ৰাহীম, ইছহাক্ব আৰু ইয়াকূবৰ কথা, তেওঁলোক আটায়ে আছিল শক্তিশালী আৰু সূক্ষ্মদৰ্শী। নিশ্চয় আমি তেওঁলোকক এটা বিশেষ গুণৰ অধিকাৰী কৰিছিলোঁ, সেয়া আছিল আখিৰাতৰ স্মৰণ। নিশ্চয় তেওঁলোক আছিল আমাৰ মনোনীত উত্তম বান্দাসকলৰ অন্যতম।” [চাদ, আয়াত: ৪৫-৪৭]
এইদৰে ঈছা আলাইহিচ্ছালাম সম্পৰ্কে আল্লাহ তা‘আলাই কৈছেঃ “তেওঁ কেৱল মোৰ এজন বান্দাহে আছিল। যাৰ ওপৰত আমি অনুগ্ৰহ কৰিছিলোঁ আৰু তেওঁক আমি বনী ইছৰাঈলৰ বাবে নিদৰ্শন বনাইছিলোঁ।’’ [আয-যুখৰুফ, আযাত: ৫৯]
ৰাছুলসকলৰ প্ৰতি ঈমান পোষণৰ মাজত চাৰিটা বিষয় অন্তৰ্ভুক্ত আছে:
প্ৰথম: এই বিশ্বাস পোষণ কৰা যে, সকলো নবী-ৰাছুলৰ ৰিছালত মহান আল্লাহৰ তৰফৰ পৰাই যথাযথভাৱে আহিছে। তেওঁলোকৰ কোনো এজনক অস্বীকাৰ কৰা মানে সকলোকে অস্বীকাৰ কৰা। যেনে, আল্লাহে নূহ আলাইহিচ্ছালামৰ সম্প্ৰদায়ৰ বিষয়ে কৈছেঃ ‘‘নূহ সম্প্ৰদায়েও ৰাছুলসকলক মিথ্যাৰোপ কৰিছিল।” [আশ-শু‘আৰা, আয়াত: ১০৫] এই আয়াতটোত আল্লাহে সিহঁতক সকলো নবী-ৰাছুলসকলৰ ওপৰত মিথ্যাৰোপকাৰী হিচাপে আখ্যায়িত কৰিছে, অথচ সেই সময়ত নূহ আলাইহিচ্ছালামৰ বাহিৰে আন কোনো ৰাছুল নাছিল। সেয়ে খ্ৰীষ্টানসকলৰ মাজৰ যিসকলে নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক অস্বীকাৰ কৰে আৰু তেওঁৰ আনুগত্য তথা অনুসৰণ নকৰে, সিহঁতে প্ৰকৃততে ঈছা-মছীহ আলাইহিচ্ছালামকো অস্বীকাৰ কৰে, তথা তেওঁৰ অনুকৰণ আৰু আনুগত্যৰ পৰা মুখ ঘূৰাই লয়। কিয়নো, ঈছা আলাইহিচ্ছালামে বনী ইছৰাঈলক নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম সম্পৰ্কে সুসংবাদ দিছিল আৰু সেই সুসংবাদ প্ৰদানৰ অৰ্থই হৈছে এইটো প্ৰমাণিত হোৱা যে, তেওঁ সিহঁতৰ ওচৰলৈ আহিবলগীয়া প্ৰেৰিত ৰাছুল। যিজনে সিহঁতক গুমৰাহী আৰু পথভ্ৰষ্টতাৰ পৰা ৰক্ষা কৰি সৰল সঠিক পথ প্ৰদৰ্শন কৰাব।
দ্বিতীয়: নবী-ৰাছুলসকলৰ মাজৰ পৰা যিসকলৰ নাম জনা আছে তেওঁলোকৰ প্ৰতি নিৰ্দিষ্টকৈ ঈমান পোষণ কৰা। যেনে, মুহাম্মদ, ইব্ৰাহীম, মুছা, ঈছা, নূহ (আলাইহিমুচ্ছালাম)। উল্লেখিত পাঁচজন হৈছে নবী-ৰাছুলসকলৰ মাজত বিশিষ্ট আৰু উচ্চ মৰ্যাদাসম্পন্ন। আল্লাহে তেওঁলোকক কোৰআনৰ দুই ঠাইত বিশেষভাৱে উল্লেখ কৰিছে। তেওঁ ছুৰা আল-আহযাবত কৈছেঃ “আৰু স্মৰণ কৰা সেই সময়ৰ কথা, যেতিয়া আমি নবীসকলৰ পৰা আৰু তোমাৰ পৰা আৰু নূহ, ইব্ৰাহীম, মূছা আৰু ঈছা ইবনে মৰিয়মৰ পৰা অঙ্গীকাৰ লৈছিলোঁ।” [আল-আহযাব, আয়াত: ৭] আৰু ছুৰা আশ-শ্বুৰাত কৈছেঃ “তেৱেঁই তোমালোকৰ বাবে দ্বীন বিধিবদ্ধ কৰিছে, যাৰ নিৰ্দেশ তেওঁ নূহক প্ৰদান কৰিছিল; আৰু আমি তোমাৰ প্ৰতি ইয়াৰেই অহী প্ৰেৰণ কৰিছোঁ লগতে ইব্ৰাহীম, মুছা আৰু ঈছাকো ইয়াৰ নিৰ্দেশ দিছিলোঁ যে, তোমালোকে দ্বীনক প্ৰতিষ্ঠিত কৰা আৰু ইয়াৰ মাজত বিভেদ সৃষ্টি নকৰিবা।” [আশ-শ্বুৰা, আয়াত: ১৩]
আনহাতে নবী-ৰাছুলসকলৰ মাজৰ পৰা যিসকলৰ নাম আমাৰ জনা নাই, তেওঁলোকৰ প্ৰতি সাধাৰণ আৰু সাৰ্বিকভাৱে ঈমান স্থাপন কৰিব লাগিব। মহান আল্লাহে কৈছেঃ “নিশ্চয় আমি তোমাৰ পূৰ্বেও বহুতো ৰাছুল প্ৰেৰণ কৰিছোঁ। আমি তেওঁলোকৰ কিছুমানৰ বৰ্ণনা তোমাৰ ওচৰত কৰিছোঁ আৰু কিছুমানৰ বৰ্ণনা কৰা নাই।” [গাফিৰ, আয়াত: ৭৮]
তৃতীয়: কোৰআন আৰু ছহীহ হাদীছৰ দ্বাৰা প্ৰমাণিত তেওঁলোকৰ ঘটনাসমূহৰ ওপৰত বিশ্বাস স্থাপন কৰা।
চতুর্থ: নবী-ৰাছুলসকলৰ মাজৰ পৰা যাক আল্লাহে আমাৰ ওচৰলৈ ৰাছুল হিচাপে প্ৰেৰণ কৰিছে, তেখেতে লৈ অহা চৰীয়তৰ ওপৰত আমল কৰা। তেওঁ হৈছে সৰ্বশেষ আৰু সৰ্বশ্ৰেষ্ঠ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম, যাক আল্লাহে সমগ্ৰ সৃষ্টি জগতৰ বাবে প্ৰেৰণ কৰিছে। পৱিত্ৰ কোৰআনত আল্লাহে কৈছেঃ “তোমাৰ প্ৰতিপালকৰ শপত! সিহঁত (কেতিয়াও প্ৰকৃত) মুমিন হ’ব নোৱাৰে যেতিয়ালৈকে সিহঁতে নিজৰ মাজত সৃষ্টি হোৱা বিবাদ-বিসম্বাদৰ বিচাৰ কাৰ্যৰ বাবে তোমাক মীমাংসাকাৰী হিচাপে মানি নল’ব; তাৰ পিছত তোমাৰ মীমাংসা সম্পৰ্কে সিহঁতৰ মনত কোনো দ্বিধা থাকিব নালাগে, লগতে যেতিয়ালৈকে সৰ্বান্তকৰণে সেই সিদ্ধান্তক মানি নল’ব।” [আন-নিছা, আয়াত: ৬৫]
নবী-ৰাছুলসকলৰ প্ৰতি ঈমানৰ ফলত যিবোৰ গুৰুত্বপূৰ্ণ উপকাৰ সাধন হয় তাৰে অন্যতম হৈছে:
১। আল্লাহৰ ৰহমত আৰু বান্দাসকলৰ প্ৰতি থকা তেওঁৰ পূৰ্ণ তত্ত্বাৱধান সম্পৰ্কে অৱগত হোৱা। যিহেতু তেৱেঁই সিহঁতৰ প্ৰতি ৰাছুলসকলক প্ৰেৰণ কৰিছে, যাতে তেওঁলোকে মানৱজাতিক সঠিক পথত পৰিচালিত কৰে আৰু কি পদ্ধতিত আল্লাহৰ ইবাদত কৰিব লাগে সেয়া মানুহক স্পষ্ট কৰি দিয়ে। কিয়নো, মানুহৰ নিজস্ব জ্ঞান-বুদ্ধিৰ মাধ্যমত সেয়া জনা অসম্ভৱ।
২। এই মহা নি‘আমতৰ বাবে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰা।
৩। নবী ৰাছুলসকলৰ প্ৰতি মুহাব্বত আৰু সন্মান প্ৰদৰ্শন কৰা আৰু তেওঁলোকৰ মৰ্যাদা উপযোগী প্ৰশংসা কৰা। কিয়নো, তেওঁলোক হৈছে আল্লাহৰ ৰাছুল আৰু তেওঁলোকেই প্ৰকৃত অৰ্থত আল্লাহৰ ইবাদত আদায় কৰিছে। তেওঁলোকে ৰিছালতৰ পৱিত্র দায়িত্ব যথাযথভাৱে আদায় কৰিছে আৰু আল্লাহৰ বান্দাসকলক নছিহত কৰিছে।
কেৱল শত্ৰুতা পোষণকাৰী কাফিৰসকলে সিহঁতৰ প্ৰতি প্ৰেৰিত ৰাছুলসকলক অবিশ্বাস কৰিছে এই বুলি যে, আল্লাহৰ ৰাছুলসকল মানুহৰ পৰা হ’ব নোৱাৰে। আল্লাহে কোৰআনে কাৰীমত সিহঁতৰ এই ভ্ৰান্ত ধাৰণাক খণ্ডন কৰি কৈছেঃ ‘‘আৰু যেতিয়া মানুহৰ ওচৰলৈ হিদায়ত আহিল, তেতিয়া সিহঁতক কেৱল এই কথাই ঈমান আনিবলৈ বাধা দিলে যে, ‘আল্লাহে এজন মানুহক ৰাছুল হিচাপে প্ৰেৰণ কৰিছে নেকি’? কোৱা, ‘ফিৰিস্তাসকল যদি নিশ্চিন্ত হৈ পৃথিৱীত বিচৰণ কৰিব পাৰিলেহেঁতেন তেন্তে নিশ্চয় আমি আকাশৰ পৰা সিহঁতৰ ওচৰলৈ ফিৰিস্তাকেই ৰাছুল বনাই প্ৰেৰণ কৰিলোঁহেঁতেন’।” [আল-ইছৰা, আয়াত: ৯৪-৯৫]
উক্ত ধাৰণাটো আল্লাহে এইদৰে খণ্ডন কৰিছে যে, যিহেতু পৃথিৱীত বসবাসকাৰী লোকসকল হৈছে মানুহ, গতিকে ইয়াত মানুহকেই ৰাছুল হিচাপে প্ৰেৰণ কৰাটো অপৰিহাৰ্য। যদি পৃথিৱীত বসবাসকাৰীসকল ফিৰিস্তা হ’লহেঁতেন তেনেহ’লে নিশ্চয় সিহঁতৰ প্ৰতি কোনো ফিৰিস্তাকেই ৰাছুল হিচাপে প্ৰেৰণ কৰাৰ প্ৰয়োজন হ’লহেঁতেন, যাতে সেই ৰাছুলজন সিহঁতৰ দৰেই দায়িত্ব পালন কৰিব পাৰে। পৱিত্ৰ কোৰআনত ৰাছুলসকলক অবিশ্বাস কৰা লোকসকলৰ বক্তব্য এইদৰে বৰ্ণনা কৰা হৈছে, সিহঁতে কৈছেঃ ‘‘সিহঁতে ক’লে, ‘তোমালোকে দেখোন আমাৰ দৰেই মানুহ। আমাৰ পিতৃ-পুৰুষসকলে যিসকলৰ ইবাদত কৰিছিল তোমালোকে কেৱল সিহঁতৰ ইবাদতৰ পৰা আমাক বিৰত ৰাখিব বিচৰা। এতেকে তোমালোকে আমাৰ ওচৰলৈ কোনো অকাট্য প্ৰমাণ লৈ আহা’। সিহঁতৰ ৰাছুলসকলে সিহঁতক ক’লে, ‘(সঁচা কথা) আমি তোমালোকৰ দৰেই মানুহ, কিন্তু আল্লাহে তেওঁৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে অনুগ্ৰহ প্ৰদান কৰে আৰু আল্লাহৰ অনুমতি অবিহনে তোমালোকৰ ওচৰত প্ৰমাণ উপস্থিত কৰিবলৈ আমাৰ কোনো ক্ষমতা নাই’।” [ইব্ৰাহীম, আয়াত: ১০-১১]
*
ঈমানৰ পঞ্চম ভিত্তি: আখিৰাতৰ প্ৰতি ঈমান
শেষ দিৱস বোলোঁতে কিয়ামতৰ দিনক বুজোৱা হৈছে। যিদিনা প্ৰতিফল প্ৰদান কৰা হ’ব আৰু হিচাপ-নিকাচৰ বাবে সকলো মৃত মানুহক পুনৰুত্থিত কৰা হ’ব।
সেই দিনটোক ইয়াওমুল আখিৰ বা শেষ দিৱস এইকাৰণে কোৱা হয় যে, ইয়াৰ পিছত আন কোনো দিৱস নাথাকিব। হিচাপ-নিকাচৰ পিছত জান্নাতীসকল তেওঁলোকৰ চিৰস্থায়ী আবাসস্থলত অৱস্থান কৰিব আৰু জাহান্নামীসকলেও সিহঁতৰ ঠিকনাত অৱস্থান কৰিব।
আখিৰাতৰ ওপৰত ঈমানে তিনিটা বিষয়ক অন্তৰ্ভুক্ত কৰে:
প্ৰথম: পুনৰুত্থান দিৱসৰ ওপৰত বিশ্বাস স্থাপন কৰা। এইটো হৈছে যিদিনা শিঙ্গাত দ্বিতীয়বাৰ ফুঁ দিয়া হ’ব, তেতিয়া সকলো মৃত ব্যক্তি জীৱিত হৈ নগ্ন দেহ, নগ্ন ভৰি আৰু খত্নাবিহীন অৱস্থাত ৰাব্বুল ‘আলামীনৰ সন্মুখত আহি উপস্থিত হ’ব। এই বিষয়ে মহান আল্লাহে কৈছেঃ “যিদৰে আমি প্ৰথমবাৰ সৃষ্টিৰ সূচনা কৰিছিলোঁ, সেইদৰে আকৌ পুনৰ সৃষ্টি কৰিম। আমাৰ প্ৰতিশ্ৰুতি নিশ্চিত। নিশ্চয় আমি এয়া পূৰণ কৰিম।” [আল-আম্বিয়া, আয়াত: ১০৪]
পুনৰুত্থান: মৃত্যুৰ পিছত হ’বলগীয়া পুনৰুত্থান সত্য, যিটো কোৰআন আৰু ছুন্নাহৰ দ্বাৰা প্ৰমাণিত আৰু ইয়াৰ ওপৰত মুছলিম উম্মাহৰ ঐক্যমত প্ৰতিষ্ঠিত হৈছে।
আল্লাহে কৈছেঃ “তাৰপিছত নিশ্চয় তোমালোক মৃত্যুবৰণ কৰিবা। ইয়াৰ পিছত কিয়ামতৰ দিনা তোমালোকক পুনঃৰ্জীৱিত কৰা হ’ব।” [আল-মু’মিনূন, আয়াত: ১৫-১৬]
এইদৰে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, ‘‘কিয়ামতৰ দিনা সকলো মানুহকে নগ্ন ভৰি আৰু খত্নাবিহীন অৱস্থাত সমবেত কৰা হ’ব।”
আৰু পুনৰুত্থান সাব্যস্ত হোৱাৰ ওপৰত মুছলিমসকলৰ ঐক্যমত প্ৰতিষ্ঠিত হৈছে। ইয়াৰ বাহিৰেও হিকমতৰ দাবী হৈছে এই যে, যিহেতু আল্লাহে ৰাছুলসকলৰ দ্বাৰা পৃথিৱীবাসীৰ ওচৰলৈ তেওঁৰ আদেশ নিষেধসমূহ জাৰি কৰিছিল, সেইবোৰ দায়িত্ব সিহঁতে কিমান দূৰ পালন কৰিলে সেই বিষয়ে হিচাপ-নিকাচ হোৱাৰ বাবে এটা সময় নিৰ্ধাৰণ কৰাটো নিশ্চিতভাৱে অনিবাৰ্য, যাতে আল্লাহে বান্দাসকলক উচিত প্ৰতিফল প্ৰদান কৰিব পাৰে। আল্লাহ তাআলাই কৈছেঃ “তোমালোকে ভাবিছিলা নেকি যে, আমি তোমালোকক অনৰ্থক সৃষ্টি কৰিছোঁ আৰু তোমালোকক আমাৰ ওচৰলৈকে ওভোতাই আনা নহ’ব?” [আল-মু’মিনূন, আয়াত: ১১৫] আল্লাহে তেওঁৰ নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামক সম্বোধন কৰি কৈছেঃ ‘‘নিশ্চয় যিয়ে তোমাৰ প্ৰতি কোৰআনক বিধানস্বৰূপে দান কৰিছে, নিশ্চয় তেওঁ তোমাক ওভতাই আনিব প্ৰত্যাৱৰ্তনস্থললৈ।” [আল-ক্বাচাচ, আয়াত: ৮৫]
দ্বিতীয়: হিচাপ-নিকাচ আৰু প্ৰতিফল প্ৰদানৰ ওপৰত ঈমান পোষণ কৰা। আল্লাহে কিয়ামতৰ দিনা বান্দাৰ সকলো কৰ্মৰ হিচাপ-নিকাচ লব আৰু প্ৰত্যেককে সিহঁতৰ যাৱতীয় কামৰ প্ৰতিফল প্ৰদান কৰিব। ইয়াৰ প্ৰমাণ হৈছে কোৰআন, ছুন্নাহ আৰু মুছলিম উম্মাৰ ইজমা‘।
আল্লাহ তা‘আলাই কৈছেঃ ‘‘নিশ্চয় আমাৰ পিনেই সিহঁতৰ প্ৰত্যাবৰ্তন। তাৰপিছত সিহঁতৰ হিচাপ-নিকাচ লোৱাটোও আমাৰেই দায়িত্ব।” [আল-গাশ্বিয়াহ, আয়াত: ২৫-২৬] তেওঁ আৰু কৈছেঃ ‘‘যিয়ে সৎকৰ্ম লৈ আহিব তেওঁ তাৰ দহগুণ (ছোৱাব) লাভ কৰিব, আৰু যিয়ে অসৎকৰ্ম লৈ আহিব তাক কেৱল তাৰ সমপৰিমাণ প্ৰতিদানহে দিয়া হ’ব আৰু সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নহ’ব।” [আল-আন’আম, আয়াত: ১৬০] আন এঠাইত আল্লাহে কৈছেঃ “আৰু কিয়ামতৰ দিনা আমি ন্যায়বিচাৰৰ তুলাচনী স্থাপন কৰিম, সেয়ে কাৰো প্ৰতি কোনো ধৰণৰ অন্যায় কৰা নহ’ব আৰু আমল যদি সৰিয়হ দানা পৰিমাণ ওজনৰো হয় তথাপিও আমি সেয়া উপস্থিত কৰিম; আৰু হিচাপ গ্ৰহণকাৰীৰূপে আমিয়েই যথেষ্ট।” [আল-আম্বিয়া, আয়াত: ৪৭]
আব্দুল্লাহ ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছে, মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক কওঁতে শুনিছোঁঃ‘‘আল্লাহে ঈমান্দাৰ ব্যক্তিক শেষ বিচাৰৰ দিনা তেওঁৰ ওচৰলৈ মাতি লব আৰু পৰ্দা এখন আঁৰি দিব আৰু তাক সুধিব, তুমি তোমাৰ অমুক অমুক পাপ সম্পৰ্কে জানানে? সি উত্তৰত ক’ব, হয়, হে মোৰ প্ৰতিপালক! এনেকৈ সি যেতিয়া নিজৰ পাপসমূহ স্বীকাৰ কৰিব আৰু দেখিব যে, সি ধ্বংসৰ মুখামুখী হৈছে, তেতিয়া আল্লাহে ক’ব, মই পৃথিৱীত তোমাৰ পাপসমূহ গোপন ৰাখিছিলোঁ আৰু আজি তোমাৰ সেইসমূহ পাপ ক্ষমা কৰি দিলোঁ। ইয়াৰ পিছত তাক তাৰ নেকীৰ ‘আমলনামা দিয়া হ’ব। কাফিৰ আৰু মুনাফিকসকলক সকলো সৃষ্টিৰ সন্মুখতে সমবেত কৰি কোৱা হ’ব, ইহঁতেই সেইসকল লোক যিসকলে সিহঁতৰ প্ৰতিপালকৰ প্ৰতি মিথ্যাৰোপ কৰিছিল। জানি থোৱা, অত্যাচাৰীসকলৰ ওপৰত আল্লাহৰ অভিশাপ।” (বুখাৰী আৰু মুছলিম)
আন এটা হাদীছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, ‘‘যি ব্যক্তিয়ে কোনো এটা সৎকৰ্ম কৰাৰ ইচ্ছা কৰে আৰু সেইটো সম্পন্ন কৰে, আল্লাহে তাৰ বাবে দহৰ পৰা সাতশ গুণ পৰ্যন্ত ছোৱাব লিখি দিয়ে; বৰং আল্লাহে তেওঁৰ অনুগ্ৰহ আৰু কৃপাত অধিক প্ৰদান কৰিব পাৰে। আনহাতে, যি ব্যক্তিয়ে এটা গুনাহ কৰাৰ ইচ্ছা কৰে আৰু সি সেইটো বাস্তৱায়িত কৰে, আল্লাহে তাৰ নামত কেৱল এটাই গুনাহ লিপিবদ্ধ কৰে।”
আখিৰাতত হিচাপ-নিকাচ শাস্তি আৰু পুৰস্কাৰ প্ৰদান কৰাৰ বিষয়ত মুছলিম উম্মাহৰ ঐক্যমত প্ৰতিষ্ঠিত হৈছে। ইয়াৰ বাহিৰেও এইটোৱেই হিকমতৰ দাবী। কিয়নো আল্লাহে পৃথিৱীত গ্ৰন্থৰাজি পঠিয়াইছে, ৰাছুলসকলক প্ৰেৰণ কৰিছে আৰু তেওঁলোকে লৈ অহা দ্বীন গ্ৰহণ কৰা আৰু তাৰ ওপৰত আমল কৰা বান্দাসকলৰ ওপৰত ফৰজ কৰি দিছে। তেওঁলোকৰ বিৰোধীসকলৰ বিৰুদ্ধে যুদ্ধ কৰা ওৱাজিব কৰিছে, সিহঁতৰ তেজ, সন্তান-সন্তত্তি, ধন-সম্পদ আৰু নাৰীসকলক মুছলিমসকলৰ বাবে হালাল কৰিছে। এতেকে, যদি প্ৰতিটো কৃতকৰ্মৰ হিচাপ-নিকাচ আৰু শাস্তি-পুৰস্কাৰ প্ৰদান কৰা নহয় তেনেহ’লে এই সকলোবোৰ হ’ব অনৰ্থক, যিটোৰ পৰা আমাৰ সৰ্ববিজ্ঞ ৰব আল্লাহ তা‘আলা পাক-পৱিত্র। ইয়াৰ প্ৰতিয়ে আল্লাহে ইঙ্গিত কৰি কৈছেঃ ‘‘এতেকে যিসকলৰ ওচৰলৈ ৰাছুল প্ৰেৰণ কৰা হৈছিল নিশ্চয় আমি সিহঁতক সোধ-পোচ কৰিম আৰু ৰাছুল সকলোকো প্ৰশ্ন কৰিম।” [আল-আ‘ৰাফ, আয়াত: ৬]
তৃতীয়: জান্নাত আৰু জাহান্নামৰ বিষয়ে এই বিশ্বাস স্থাপন কৰা যে, এই দুটা ঠাই হৈছে মু’মিন আৰু কাফিৰসকলৰ চিৰস্থায়ী শেষ আবাসস্থল।
জান্নাত, হৈছে চিৰস্থায়ী নি‘আমতৰ স্থান, আল্লাহে ইয়াক সেইসকল মু’মিন-মুত্তাকীৰ বাবে প্ৰস্তুত কৰি ৰাখিছে, যিসকলে আল্লাহে অনিবাৰ্য কৰা বিষয়সমূহৰ প্ৰতি ঈমান আনিছিল আৰু নিষ্ঠাৰ সৈতে আল্লাহ তা‘আলাৰ আনুগত্য আৰু তেওঁৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুসৰণ কৰিছিল। তাত এনেকুৱা নিয়ামতৰ ভাণ্ডাৰ মওজুদ আছে যিবোৰ কেতিয়াও কোনো চকুৱে দেখা নাই, কোনো কাণে শ্ৰৱণ কৰা নাই আৰু কোনো মানুহে সেয়া কেতিয়াও মনত কল্পনাও কৰিব পৰা নাই। আল্লাহ তা‘আলাই কৈছেঃ “নিশ্চয় যিসকলে ঈমান আনিছে আৰু নেক আমল কৰিছে, তেওঁলোকেই হৈছে সৃষ্টিৰ শ্ৰেষ্ঠ। তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত তেওঁলোকৰ পুৰস্কাৰ হৈছে স্থায়ী জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তেওঁলোকে চিৰকাল থাকিব। আল্লাহ তেওঁলোকৰ প্ৰতি সন্তুষ্ট হৈছে আৰু তেওঁলোকেও আল্লাহৰ প্ৰতি সন্তুষ্ট হৈছে। এই (প্ৰতিদান) তাৰ বাবে, যিয়ে নিজ প্ৰতিপালকক ভয় কৰে।” [আল-বাইয়্যিনাহ, আয়াত: ৭-৮] আল্লাহ তা‘আলাই আৰু কৈছেঃ “এতেকে কোনোৱেই নাজানে তেওঁলোকৰ কৃতকৰ্মৰ পুৰস্কাৰ হিচাপে তেওঁলোকৰ বাবে চকু জুৰ পেলোৱা কি (প্ৰতিদান) লুকুৱাই ৰখা হৈছে!” [ আচ-ছাজদা, আয়াত: ১৭]
আনহাতে জাহান্নাম হৈছে শাস্তিৰ স্থান, যিটোক আল্লাহে কাফিৰ যালিমসকলৰ বাবে প্ৰস্তুত কৰি ৰাখিছে। যিসকলে আল্লাহ তা‘আলাৰ লগত কুফুৰী আৰু তেওঁৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ অবাধ্যতা কৰে। তাত আছে বিভিন্ন প্ৰকাৰ ‘আযাব আৰু হৃদয়বিদাৰক শাস্তি, যিটো কোনোৱে কল্পনাও কৰিব নোৱাৰে। আল্লাহ তা‘আলাই কৈছেঃ “সেই জুইৰ পৰা আত্মৰক্ষা কৰা, যিটো প্ৰস্তুত কৰি ৰখা হৈছে কাফিৰসকলৰ বাবে।” [আলে ইমৰাণ, আয়াত: ১৩১] আল্লাহ তা‘আলাই আৰু কৈছেঃ “নিশ্চয় আমি যালিমসকলৰ বাবে প্ৰস্তুত ৰাখিছোঁ অগ্নি, যাৰ প্ৰাচীৰবোৰে সিহঁতক পৰিবেষ্টন কৰি ৰাখিব। সিহঁতে পানীয় বিচাৰিলে সিহঁতক দিয়া হ’ব গলিত ধাতুৰ দৰে পানীয়, যিটো সিহঁতৰ মুখমণ্ডল দগ্ধ কৰিব, এইটো বৰ নিকৃষ্ট পানীয়! আৰু জাহান্নাম কিমান যে নিকৃষ্ট বিশ্ৰামস্থল!” [আল কাহাফ, আয়াত: ২৯] আল্লাহ তা‘আলাই আৰু কৈছেঃ ‘‘নিশ্চয় আল্লাহে কাফিৰসকলক অভিশপ্ত কৰিছে আৰু সিহঁতৰ বাবে প্ৰস্তুত কৰি ৰাখিছে জ্বলন্ত জুই; তাত সিহঁতে চিৰস্থায়ী হ’ব আৰু সিহঁতে কোনো অভিভাৱকো নাপাব আৰু কোনো সহায়কাৰীও নাপাব। যিদিনা সিহঁতৰ মুখমণ্ডল জুইত ওলট-পালট কৰা হ'ব, সেইদিনা সিহঁতে ক'ব, হায়! আমি যদি আল্লাহক মানিলোঁহেঁতেন আৰু ৰাছুলৰ আনুগত্য কৰিলোঁহেঁতেন!” [ আল-আহযাব, আয়াত: ৬৪-৬৬]
শেষ দিৱসৰ ওপৰত ঈমান পোষণৰ বহুতো উপকাৰিতা আছে, তাৰে কেইটামান হৈছে নিম্নৰূপ:
১। আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰিলে সেই দিৱসৰ সুখ-শান্তি আৰু প্ৰতিফল আশা কৰিব পাৰি, লগতে আল্লাহৰ আনুগত্য আৰু তেওঁৰ নিৰ্দেশ মুতাবিক ‘আমল কৰাৰ প্ৰেৰণা পোৱা যায়।
২। আখিৰাতৰ সেই দিৱসৰ ‘আযাব তথা শাস্তিক ভয় কৰি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ নাফৰমানী কৰাৰ পৰা আৰু পাপ কামৰ বিৰত থাকিব পাৰি।
৩। আখিৰাতত পাবলগীয়া নি‘আমত আৰু ছোৱাবৰ আশাত মুমিন ব্যক্তিয়ে পাৰ্থিৱ জীৱনৰ কোনো নিআমতৰ পৰা বঞ্চিত হ’লেও সান্তনা লভিব পাৰে।
কাফিৰসকলে মৃত্যুৰ পিছত হ’বলগীয়া পূনৰুজ্জীৱনক অস্বীকাৰ কৰে। সিহঁতৰ ধাৰণাত এই পুনৰুজ্জীৱন অসম্ভৱ:
কাফিৰসকলৰ এই ধাৰণা বাতিল। কাৰণ, মৃত্যুৰ পিছত হ’বলগীয়া পুণৰুত্থান সম্পৰ্কে চৰীয়ত, ইন্দ্ৰিয় শক্তি আৰু যুক্তিগত প্ৰমাণ আছে:
(ক) চৰীয়তৰ প্ৰমাণ: আল্লাহ তা‘আলাই কৈছেঃ “কাফিৰসকলে ধাৰণা কৰে যে, সিহঁতক কেতিয়াও পুনৰুত্থিত কৰা নহ’ব। কোৱা, ‘নিশ্চয় কৰা হ’ব, মোৰ প্ৰতিপালকৰ শপত! তোমালোকক নিশ্চয় পুনৰুত্থিত কৰা হ’ব। তাৰ পিছত তোমালোকে যি কৰিছিলা সেই বিষয়ে তোমালোকক নিশ্চয় অৱগত কৰোৱা হ’ব আৰু এইটো আল্লাহৰ পক্ষে তেনেই সহজ।” [আত-তাগাবুন, আয়াত: ৭] সকলো ঐশী গ্ৰন্থই এই ক্ষেত্ৰত একমত পোষণ কৰিছে যে, মৃত্যুৰ পিছত পুনৰুত্থান হোৱাটো সত্য।
(খ) ইন্দ্ৰিয় শক্তিৰ আলোকত প্ৰমাণ: আল্লাহে এই পৃথিৱীতেই মৃত ব্যক্তিক জীৱিত কৰি তেওঁৰ বান্দাসকলৰ সন্মুখত প্ৰত্যক্ষ প্ৰমাণ দাঙি ধৰিছে। ছুৰা আল-বাক্বাৰাত ইয়াৰ পাঁচটা উদাহৰণ বৰ্ণিত হৈছে।
প্ৰথম উদাহৰণ: মূছা আলাইহিচ্ছালামৰ ঘটনা। যেতিয়া মুছা আলাইহিচ্ছালামে বনী ইছৰাঈলৰ ৭০ জন লোকক মনোনীত কৰি তেওঁৰ লগত তূৰ পৰ্বতলৈ লৈ গ’ল। তাতগৈ সিহঁতে আল্লাহৰ বাণী নিজ কাণে শ্ৰবণ কৰিও ঈমান পোষণ নকৰিলে বৰং ক’লে যে, যেতিয়ালৈকে আমি আল্লাহক প্ৰকাশ্যভাৱে দেখা নাপাম তেতিয়ালৈকে আমি বিশ্বাস নকৰোঁ। এই ধৃষ্টতাৰ বাবে সিহঁতৰ ওপৰত বজ্ৰপাত হ’ল আৰু সকলো ধ্বংস হৈ গ’ল। তাৰপিছত মুছা আলাইহিচ্ছালামৰ দুআত সিহঁতক পূণৰ্জীৱিত কৰা হৈছিল। এই সম্পৰ্কে আল্লাহে বনী ইছৰাঈলক সম্বোধন কৰি কৈছেঃ ‘‘আৰু স্মৰণ কৰা, যেতিয়া তোমালোকে কৈছিলা, হে মুছা! আমি আল্লাহক প্ৰকাশ্যভাৱে নেদেখালৈকে তোমাক বিশ্বাস নকৰোঁ, ফলত তোমালোকে চাই থাকোঁতেই হঠাৎ তোমালোকক বজ্ৰপাতে আক্ৰমণ কৰিছিল। তাৰ পিছত আমি তোমালোকৰ মৃত্যুৰ পিছতো তোমালোকক পুনৰ জীৱন দান কৰিলোঁ যাতে তোমালোকে কৃতজ্ঞ হোৱা।” [আল-বাকাৰা, আয়াত: ৫৫-৫৬]
দ্বিতীয় উদাহৰণ: এজন নিহত ব্যক্তিৰ ঘটনা। বনী ইছৰাঈলৰ মাজত এটা হত্যাকাণ্ড সংঘটিত হৈছিল আৰু মূল হত্যাকাৰী কোন সেইটো জনা কঠিন হৈ পৰিছিল। তেতিয়া আল্লাহে সিহঁতক এটা গৰু জবেহ কৰি তাৰ এটা অংশৰ দ্বাৰা মৃত ব্যক্তিক আঘাত কৰাৰ আদেশ দিছিল। ফলত সিহঁতে তেনেকৈ আঘাত কৰাত সেই ব্যক্তিজন জীৱিত হৈ উঠিছিল আৰু হত্যাকাৰীৰ নাম প্ৰকাশ কৰিছিল। এই প্ৰসঙ্গত আল্লাহ তা‘আলাই কৈছেঃ “আৰু স্মৰণ কৰা, যেতিয়া তোমালোকে এজন ব্যক্তিক হত্যা কৰিছিলা তাৰ পিছত এজনে আনজনৰ প্ৰতি দোষাৰোপ কৰিছিলা, আৰু তোমালোকে যি গোপন কৰিছিলা সেয়া আল্লাহে প্ৰকাশ কৰিলে। তাৰ পিছত আমি ক’লোঁ, ‘ইয়াৰ কোনো এটা অংশৰে (অৰ্থাৎ গাইজনীৰ মাংসৰে) তাক আঘাত কৰা’। এইদৰেই আল্লাহে মৃতক জীৱিত কৰে আৰু তেওঁ তোমালোকক তেওঁৰ নিদৰ্শনসমূহ দেখুৱায় যাতে তোমালোকে অনুধাৱন কৰিব পাৰা।” [আল-বাক্বাৰা, আয়াত: ৭২-৭৩]
তৃতীয় উদাহৰণ: এই ঘটনাৰ সংক্ষিপ্ত বিৱৰণ হৈছে এই ধৰণৰ যে, বনী ইছৰাঈলৰ কিছুমান লোকে কোনো এক চহৰত বাস কৰিছিল, তাত কোনো মহামাৰী বা মাৰাত্মক বেমাৰৰ প্ৰাদুৰ্ভাৱ হৈছিল। তেতিয়া সিহঁতে মৃত্যুৰ ভয়ত ঘৰ-বাৰী এৰি দুটা পাহাৰৰ মধ্যৱৰ্তী এক প্ৰশস্ত ময়দানত গৈ বসবাস কৰিবলৈ ধৰিলে। আল্লাহ তা‘আলাই সিহঁতক আৰু পৃথিৱীৰ আন আন জাতিক এই কথা অৱগত কৰাবলৈ যে, মৃত্যুৰ ভয়ত পলাই গৈ কোনোৱে ৰক্ষা পাব নোৱাৰে, সিহঁত আটাইকে সেই ঠাইত একেলগে মৃত্যু দি দিলে আৰু পিছত সিহঁতক আকৌ জীৱিত কৰিলে। এই প্ৰসঙ্গত আল্লাহ তা‘আলাই কৈছেঃ “তুমি সিহঁতক দেখা নাইনে, যিসকলে মৃত্যুৰ ভয়ত হাজাৰে হাজাৰে নিজ আবাসভূমি পৰিত্যাগ কৰিছিল? তাৰ পিছত আল্লাহে সিহঁতক কৈছিল, ‘তোমালোকে মৃত্যুবৰণ কৰা’। ইয়াৰ পিছত আল্লাহে সিহঁতক (পুনৰ) জীৱিত কৰিছিল। নিশ্চয় আল্লাহ মানুহৰ প্ৰতি অনুগ্ৰহশীল; কিন্তু অধিকাংশ মানুহে কৃতজ্ঞতা প্ৰকাশ নকৰে।” [ আল-বাক্বাৰা, আয়াত: ২৪৩]
চতুৰ্থ উদাহৰণ: সেই ব্যক্তিৰ ঘটনা যিয়ে এখন মৃত চহৰৰ মাজেদি গৈ আছিল। অৱস্থা দেখি সি ধাৰণা কৰিছিল যে, আল্লাহে এই চহৰক কেনেকৈ জীৱিত কৰিব। ইয়াৰ পিছত আল্লাহ তা‘আলাই তাক এশ বছৰ মৃত অৱস্থাত ৰাখিলে। তাৰপিছত তাক জীৱিত কৰিলে। এই বিষয়ে আল্লাহে কৈছেঃ ‘‘অথবা সেই ব্যক্তিৰ কথা ভাৱি চোৱা নাইনে, যিয়ে এনেকুৱা এটা জনপদ অতিক্ৰম কৰি আছিল যিটো সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছিল। সেই ব্যক্তিজনে ক'লে, 'মৃত্যুৰ পিছত আকৌ কেনেকৈ আল্লাহে ইয়াক জীৱিত কৰিব'? তাৰ পিছত আল্লাহে তাক এশ বছৰ মৃত অৱস্থাত ৰাখিলে। অৱশেষত তাক পুনৰ্জীৱিত কৰিলে। আল্লাহে ক'লে, 'তুমি কিমান দিন অৱস্থান কৰিলা'? সি ক'লে, 'এদিন বা এদিনতকৈও কম সময় অৱস্থান কৰিছোঁ'। তেওঁ ক'লে, 'বৰং তুমি এশ বছৰ অৱস্থান কৰিছা। এতেকে তুমি তোমাৰ খাদ্যসামগ্ৰী আৰু পানীয় বস্তুৰ ফালে লক্ষ্য কৰা, সেইবোৰ অবিকৃত আছে আৰু চোৱা, তোমাৰ গাধটোৰ পিনে, আৰু (এয়া কৰিছোঁ) যাতে আমি তোমাক মানুহৰ বাবে নিদৰ্শন বনাব পাৰোঁ, আৰু (গাধৰ) অস্থিসমূহৰ পিনে চোৱা; কেনেকৈ সেইবোৰ সংযোজিত কৰোঁ আৰু মাংসপিণ্ডৰে ঢাকি দিওঁ'। তাৰ পিছত যেতিয়া তাৰ ওচৰত স্পষ্ট হ’ল তেতিয়া সি ক’লে, 'মই জানো, নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান'।” [আল-বাক্বাৰা, আয়াত: ২৫৯]
পঞ্চম উদাহৰণ: ইব্ৰাহীম আলাইহিচ্ছালামৰ ঘটনা, যেতিয়া তেওঁ আল্লাহ তা‘আলাৰ ওচৰত আবেদন কৰিছিল যে, তুমি মৃতসকলক কেনেকৈ জীয়াই তোলা সেইটো মই চাব বিচাৰোঁ? তেতিয়া আল্লাহ তা‘আলাই ইব্ৰাহীম আলাইহিচ্ছালামক নিৰ্দেশ দিছিল, তুমি চাৰিটা চৰাই ধৰি সেইবোৰক কাটি টুকুৰা-টুকুৰ কৰা, তাৰপিছত সেই টুকুৰাবোৰ বিভিন্ন পাহাৰত ৰাখি থোৱা। তাৰপিছত সিহঁতক মাতা দেখিবা সিহঁত তোমাৰ ওচৰলৈ দ্ৰুত গতিত আহিব। আল্লাহে এই ঘটনাটোৰ বিৱৰণ দি কৈছেঃ ‘‘আৰু যেতিয়া ইব্ৰাহীমে ক’লে, ‘হে মোৰ প্ৰতিপালক! তুমি কেনেকৈ মৃতক জীৱিত কৰা মোক দেখুৱাই দিয়া’, তেওঁ ক’লে, ‘তেন্তে তুমি বিশ্বাস কৰা নাই নেকি’? ইব্ৰাহীমে ক’লে, ‘নিশ্চয় কৰোঁ, কিন্তু মোৰ মনৰ প্ৰশান্তিৰ বাবে (চাব বিচাৰোঁ)’, আল্লাহে ক’লে, ‘তেন্তে চাৰিটা চৰাই লোৱা আৰু সেইবোৰক পোহ মনাই লোৱা (যাতে মাতিলেই তোমাৰ ওচৰলৈ আহে)। তাৰ পিছত সেইবোৰৰ টুকুৰা-টুকুৰ কৰি এটা এটা ভাগ প্ৰত্যেক পাহাৰত স্থাপন কৰা। তাৰ পিছত সেইবোৰক মাতা, (চাবা) সেইবোৰ তোমাৰ ওচৰলৈ দ্ৰুতগতিত গুচি আহিব, আৰু জানি থোৱা, নিশ্চয় আল্লাহ প্ৰবল পৰাক্ৰমশালী, প্ৰজ্ঞাময়’।” [বাক্বাৰা, আয়াত: ২৬০]
এইবোৰ বাস্তৱ ইন্দ্ৰিয়গত উদাহৰণ যিবোৰে মৃতসকলৰ পুনৰ জীৱিত হোৱাক নিশ্চিতভাৱে প্ৰমাণ কৰে। ইতিপূৰ্বে মৃতক জীৱিত কৰা আৰু কবৰৰ পৰা পুণৰুত্থিত কৰা সম্পৰ্কে আল্লাহ তা‘আলাৰ নিদৰ্শনসমূহৰ মাজত অন্যতম নিদৰ্শন ঈছা ইবনে মৰিয়ম আলাইহিমাচ্ছালামৰ মু‘জিযাৰ প্ৰতি ঈঙ্গিত কৰা হৈছে।
(গ) যুক্তিৰ আলোকত পুণৰুত্থানৰ প্ৰমাণসমূহ। ইয়াক দুই ধৰণে উপস্থাপন কৰিব পাৰি:
এক: নিশ্চয় আল্লাহ তা‘আলা হৈছে আকাশ আৰু পৃথিৱী আৰু এই দুয়োৰে মাজত যি যি আছে সেই সকলো বস্তুৰ স্ৰষ্টা। যিজনে প্ৰথমবাৰ এইবোৰ সৃষ্টি কৰিছে আৰু এই কামত তেওঁ কোনো ক্লান্তিবোধ কৰা নাই, তেন্তে তেওঁ পুনৰ সেইবোৰক সৃষ্টি কৰিব নোৱাৰিবনে? নিশ্চয় পাৰিব, কাৰণ তেওঁ কেতিয়াও অক্ষম নহয়; বৰং এইটো তেওঁৰ বাবে তেনেই সহজ। তেওঁ সৰ্বশক্তিমান। আল্লাহ তা‘আলাই কৈছেঃ ‘‘তেৱেঁই সৃষ্টিৰ সূচনা কৰে, তাৰ পিছত তেৱেঁই ইয়াৰ পুনৰাবৃত্তি কৰিব; আৰু এইটো তেওঁৰ বাবে অতি সহজ। আকাশসমূহ আৰু পৃথিৱীত সৰ্বোচ্চ গুণাগুণ তেওঁৰেই; আৰু তেৱেঁই পৰাক্ৰমশালী, প্ৰজ্ঞাময়।” [আৰ-ৰূম, আয়াত: ২৭] আল্লাহ তাআলাই আৰু কৈছেঃ ‘‘যেনেকৈ আমি প্ৰথমবাৰ সৃষ্টি কৰিছিলোঁ তেনেকৈ আমি পুনৰবাৰ সৃষ্টি কৰিম। আমাৰ প্ৰতিশ্ৰুতি নিশ্চিত, আমি নিশ্চয় সেয়া পূৰণ কৰিম।” [আল-আম্বিয়া আয়াত: ১০৪] এইদৰে আল্লাহে পৱিত্ৰ কোৰআনত সেই ব্যক্তিৰ যুক্তিক খণ্ডন কৰিছে যিয়ে কৈছে যে, এই গেলি-পচি যোৱা হাড়ক কোনে পুনৰ্জীৱিত কৰিব পাৰিবঃ ‘‘আৰু সি আমাৰ বিষয়ে উপমা ৰচনা কৰে, অথচ সি নিজৰ সৃষ্টিৰ কথা পাহৰি যায়। সি কয়, ‘হাড়ৰ ভিতৰত কোনে প্ৰাণ সঞ্চাৰ কৰিব যেতিয়া ই জহি-খহি, গেলি-পচি যাব’? কোৱা, ‘তেৱেঁই তাত প্ৰাণ সঞ্চাৰ কৰিব যিজনে ইয়াক প্ৰথমবাৰ সৃষ্টি কৰিছে, আৰু তেওঁ প্ৰতিটো সৃষ্টি সম্পৰ্কে সম্যক পৰিজ্ঞাত’। তেৱেঁই তোমালোকৰ বাবে সেউজীয়া গছৰ পৰা জুই উৎপন্ন কৰে, ফলত তোমালোকে তাৰ পৰা অগ্নি প্ৰজ্বলিত কৰা। যিজনে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে, তেওঁ সিহঁতৰ অনুৰূপ পুনৰ সৃষ্টি কৰিবলৈ সক্ষম নহয়নে? নিশ্চয় সক্ষম। তেওঁ মহাস্ৰষ্টা, সৰ্বজ্ঞ।” [ইয়াছীন, আয়াত: ৭৮-৭৯]
দুই: পৃথিৱীত এটা সময়ত প্ৰায় গছৰে পাত সৰি পৰে, তেতিয়া সেউজীয়া কোনো গছ-গছনি নাথাকে। কিন্তু ইয়াৰ পিছত আল্লাহে বৰষুণ দিয়ে, ফলত সেইবোৰ গছ-গছনি পুনৰ উৎজীৱিত আৰু সেউজ-শ্যামল হৈ উঠে। যিজনে এই মাটিক মৰি যোৱাৰ পিছত জীৱিত কৰিবলৈ সক্ষম, তেওঁ নিশ্চয় মৃত প্ৰাণীবোৰক পুনৰবাৰ জীৱিত কৰিবলৈও সম্পূৰ্ণ সক্ষম। আল্লাহ তা‘আলাই কৈছেঃ “তেওঁৰ আন এটা নিদৰ্শন এই যে, তুমি ভূমিক শুকান দেখিবলৈ পোৱা, তাৰ পিছত যেতিয়া আমি তাত পানী বৰ্ষণ কৰোঁ তেতিয়া সেয়া উজ্জীৱিত আৰু স্ফীত হয়। নিশ্চয় যিজনে ভূমিক জীৱিত কৰে তেৱেঁই মৃতসকলক জীৱন কৰিব। নিশ্চয় তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।” [ফুচ্ছিলাত, আয়াত: ৩৯] আল্লাহ তা‘আলাই আৰু কৈছেঃ “আৰু আকাশৰ পৰা বৰ্ষণ কৰোঁ আমি কল্যণময় পানী। তাৰ পিছত তাৰ দ্বাৰা উৎপন্ন কৰোঁ বাগ-বাগিচা আৰু কৰ্তনযোগ্য শস্যদানা। আৰু ওখ ওখ খেজুৰ গছ, য’ত আছে ওপৰা-ওপৰিকৈ লাগি থকা খেজুৰৰ জোকা, বান্দাসকলৰ জীৱিকাৰ বাবে। আমিয়েই পানীৰ দ্বাৰা সঞ্জীৱিত কৰোঁ মৃত চহৰক; এইদৰেই পুনৰুত্থান ঘটিব।” [ক্বাফ, আয়াত: ৯-১১]
মৃত্যুৰ পিছত হ’বলগীয়া সকলো অৱস্থাৰ প্ৰতি ঈমান দৰাচলতে শেষ দিৱসৰ প্ৰতি ঈমানৰ অন্তৰ্ভুক্ত। যেনে-
(ক) কবৰৰ পৰীক্ষা: মৃত ব্যক্তিক দাফনৰ পিছত ফিৰিস্তাসকলে তাৰ ৰব্ব সম্পৰ্কে, তাৰ দ্বীন সম্পৰ্কে আৰু তাৰ নবী সম্পৰ্কে প্ৰশ্ন কৰিব। আল্লাহে ঈমান্দাৰসকলক সুদৃঢ় বাণীৰ দ্বাৰা সংহত কৰিব আৰু ঈমান্দাৰ ব্যক্তিয়ে ক’ব, আল্লাহ হৈছে মোৰ ৰব্ব, ইছলাম হৈছে মোৰ দ্বীন আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে মোৰ নবী। আনহাতে আল্লাহে জালিমসকলক বিভ্ৰান্ত কৰিব। সেয়ে কাফিৰে ক’ব, হায়! হায়! মইতো একোৱেই নাজানো। এইদৰে মুনাফিক বা সন্দেহকাৰীয়ে ক’ব, মই একোৱেই নাজানো, কিন্তু মানুহক কিবা কওঁতে শুনিছিলোঁ, তাৰ পিছত ময়ো তাকেই কৈছিলোঁ।
(খ) কবৰৰ ‘আযাব আৰু ইয়াৰ সুখ-শান্তি: কবৰৰ ‘আযাব যালিম, কাফিৰ আৰু মুনাফিকসকলৰ বাবে হ’ব। আল্লাহ তা‘আলাই কৈছেঃ “আৰু যদি তুমি দেখিলাহেঁতেন, যেতিয়া যালিমসকল মৃত্যু যন্ত্ৰণাত থাকিব আৰু ফিৰিস্তাসকলে হাত বঢ়াই ক’ব, ‘তোমালোকে নিজৰ প্ৰাণ উলিয়াই আনা। আজি তোমালোকক লাঞ্ছনাদায়ক শাস্তি দিয়া হ’ব, কাৰণ তোমালোকে আল্লাহৰ ওপৰত অসত্য কথা কৈছিলা আৰু তেওঁৰ আয়াতসমূহৰ প্ৰতি অহংকাৰ কৰিছিলা।” [আল-আন‘আম, আয়াত: ৯৩]
মহান আল্লাহে ফিৰ‘আউনৰ গোত্ৰ সম্পৰ্কে কৈছেঃ “পুৱা-গধূলি সিহঁতক অগ্নিত উপস্থিত কৰা হয় আৰু যিদিনা কিয়ামত সংঘটিত হ’ব সেইদিনা (ফিৰিস্তাসকলক) কোৱা হ’ব, ‘ফিৰআউন গোষ্ঠীক কঠোৰ শাস্তিত নিক্ষেপ কৰা’।” [গাফিৰ, আয়াত: ৪৬]
ছহীহ মুছলিমত যায়েদ ইবনে ছাবিত ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত এটা হাদীছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, ‘‘যদি মোৰ এই আশঙ্কা নহ’লহেঁতেন যে, তোমালোকে মৃত ব্যক্তিক দাফন কৰা এৰি দিবা, তেনেহ’লে মই আল্লাহৰ ওচৰত দুআ কৰিলোহেঁতেন, তোমালোকক কবৰৰ সেই ‘আযাব শুনাই দিয়াৰ বাবে যিটো মই শুনি থাকোঁ। তাৰপিছত ছাহাবাসকলৰ প্ৰতি লক্ষ্য কৰি ক’লে, তোমালোকে জাহান্নামৰ ‘আযাবৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা। তেওঁলোকে ক’লে, আমি জাহান্নামৰ ‘আযাবৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিলোঁ। তাৰপিছত তেখেতে ক’লে, তোমালোকে কবৰৰ ‘আযাবৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা। তেওঁলোকে ক’লে, আমি কবৰৰ ‘আযাবৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিলোঁ। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, তোমালোকে প্ৰকাশ্য আৰু অপ্ৰকাশ্য ফিতনাসমূহৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় কামনা কৰা। তেওঁলোকে ক’লে, আমি প্ৰকাশ্য আৰু অপ্ৰকাশ্য ফিতনাসমূহৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিলোঁ। তেখেতে ক’লে, তোমালোকে দাজ্জালৰ ফিতনাৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা। তেওঁলোকে ক’লে, আমি দাজ্জালৰ ফিতনাৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিলোঁ।”
আনহাতে কবৰৰ নি‘আমত আৰু শান্তি হৈছে কেৱল সত্যবাদী ঈমানদাৰ লোকসকলৰ বাবে। যেনে- আল্লাহ তা‘আলাই কৈছেঃ “নিশ্চয় যিসকলে কয়, ‘আমাৰ প্ৰতিপালক হৈছে আল্লাহ’, তাৰ পিছত অবিচলিত থাকে, তেওঁলোকৰ ওচৰলৈ ফিৰিস্তা অৱতীৰ্ণ হৈ এই কথা কয় যে, ‘তোমালোকে ভয় নকৰিবা, আৰু চিন্তিতও নহ’বা বৰং তোমালোকক যি জান্নাতৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল তাৰ বাবে আনন্দিত হোৱা।” [ফুচ্ছিলাত, আয়াত: ৩০]
আল্লাহ তা‘আলাই আৰু কৈছেঃ ‘‘এতেকে যেতিয়া প্ৰাণ কন্ঠাগত হয়, আৰু তেতিয়া তোমালোকে (অসহায় হৈ) চাই থাকা, আৰু আমি তোমালোকতকৈও তাৰ বেছি ওচৰত থাকোঁ, কিন্তু তোমালোকে দেখা নোপোৱা। এতেকে যদি তোমালোকে হিচাপ-নিকাচ আৰু প্ৰতিফলৰ সন্মুখীন নোহোৱা, তেনেহ'লে তোমালোকে সেইটো (আত্মাটো) ঘূৰাই নানা কিয়? যদি তোমালোকে সত্যবাদী! তাৰ পিছত সি যদি নৈকট্যপ্ৰাপ্তসকলৰ এজন হয়, তেন্তে তাৰ বাবে থাকিব বিশ্ৰাম, উত্তম জীৱনোপকৰণ আৰু সুখময় জান্নাত।” [ৱাকিয়াহ, আয়াত: ৮৩-৮৯]
এইদৰে বাৰা ইবনে ‘আযিব ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, ‘ঈমান্দাৰ ব্যক্তিৰ ফালৰ পৰা কবৰত ফিৰিস্তাদ্বয়ৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ পিছত এক আহ্বানকাৰীয়ে আকাশৰ পৰা আহ্বান কৰি ক’ব, মোৰ বান্দাই সঁচাই কৈছে। তোমালোকে তাৰ বাবে জান্নাতত বিছনা কৰি দিয়া, তাক জান্নাতৰ পোছাক পৰিধান কৰাই দিয়া আৰু তাৰ বাবে জান্নাতৰ এটা দুৱাৰ খুলি দিয়া। তাৰপিছত তেওঁৰ কবৰত জান্নাতৰ সুগন্ধি আহি থাকিব আৰু তেওঁৰ বাবে কবৰক চকু দৃষ্টিৰ সীমা পৰ্যন্ত প্ৰশস্ত কৰা হ’ব। (ইমাম আহমদ আৰু আবু দাউদে হাদীছটো বৰ্ণনা কৰিছে, এইটো দীৰ্ঘ এটা হাদীছৰ অংশ বিশেষ)
পথভ্ৰষ্ট সম্প্ৰদায়ে কবৰৰ আযাব আৰু ইয়াৰ সুখ-শান্তিক অস্বীকাৰ কৰে। সিহঁতৰ এই ধাৰণা অসম্ভৱ আৰু বাস্তৱতা বিৰোধী। সিহঁতে কয়, কোনো সময়ত কবৰ উন্মুক্ত কৰা হ’লে দেখা যায় যে, মৃত ব্যক্তি যেনে আছিল তেনেই আছে। কবৰৰ পৰিসীমাৰ বৃদ্ধি হোৱা নাই বা ই সংকুচিতও হোৱা নাই।
প্ৰকৃততে এই ধৰণৰ সন্দেহ চৰীয়ত, ইন্দ্ৰিয়শক্তি আৰু যুক্তিৰ বিচাৰত বাতিল:
চৰীয়তৰ প্ৰমাণ: কবৰৰ শাস্তি আৰু ইয়াৰ সুখ-শান্তিৰ প্ৰমাণ হিচাপে ইতিপূৰ্বে কোৰআন আৰু হাদীছৰ উদ্ধৃতিসমূহ ‘শেষ দিৱসৰ প্ৰতি ঈমান’ পৰিচ্ছেদৰ (খ) পৰ্বত উল্লেখ কৰা হৈছে।
ছহীহ বুখাৰীত আব্দুল্লাহ ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত আছে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এখন বাগিচাৰ কাষে দি গৈ আছিল। হঠাৎ তেওঁ দুজন মানুহৰ আৱাজ (শব্দ) শুনা পালে, যিসকলক সিহঁতৰ কবৰত শাস্তি দিয়া হৈছিল.....। এই হাদীছটোত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ‘আযাবৰ কাৰণ উল্লেখ কৰি কৈছে, এওঁলোকৰ এজনে প্ৰস্ৰাবৰ পৰা নিজকে ৰক্ষা কৰা নাছিল আৰু আনজনে চোগলখুৰী (ইজনৰ কথা সিজনক লগাই ফুৰিছিল) কৰিছিল।
ইন্দ্ৰিয়শক্তিৰ আলোকত ইয়াৰ প্ৰমাণ: যেনে, টোপনিত থকা ব্যক্তিয়ে সপোনত কেতিয়াবা এটা প্ৰশস্ত বাগিচা বা পথাৰ দেখিবলৈ পায় আৰু তাত শান্তি উপভোগ কৰে। আকৌ কেতিয়াবা সি সপোনত কোনো বিপদত পতিত হৈ বৰ কষ্টত অস্থিৰ হৈ উঠে আৰু কেতিয়াবা ভয়ত সাৰ পাই যায়। অথচ সি নিজৰ বিছনাতেই আগৰ দৰেই শুই আছে। কোৱা হয় যে, ‘‘টোপনি হৈছে মৃত্যুৰ সমতুল্য।” পৱিত্ৰ কোৰআনতো আল্লাহে টোপনিক মৃত্যু বুলি কৈছে। “আল্লাহেই প্ৰাণৱানসকলৰ প্ৰাণ হৰণ কৰে সিহঁতৰ মৃত্যুৰ সময়ত, আৰু যিসকলে মৃত্যুবৰণ কৰা নাই সিহঁতৰো (প্ৰাণ হৰণ কৰে) নিদ্ৰা অৱস্থাত। তাৰ পিছত তেওঁ যাৰ বাবে মৃত্যুৰ সিদ্ধান্ত গ্ৰহণ কৰে, তাৰ প্ৰাণ তেওঁ ৰাখি দিয়ে আৰু আনবোৰক এৰি দিয়ে, এটা নিৰ্দিষ্ট সময়লৈকে। নিশ্চয় ইয়াত নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে, যিসকলে গৱেষণা কৰে।” [আয-যুমাৰ, আয়াত: ৪২]
যুক্তি বা বুদ্ধিৰ আলোকত কবৰৰ শাস্তি আৰু শান্তিৰ প্ৰমাণ: টোপনিত থকা ব্যক্তিয়ে কেতিয়াবা এনেকুৱা সত্য সপোন দেখে যিটো বাস্তৱৰ লগত মিলি যায় আৰু হয়তো সি কেতিয়াবা ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক তেওঁৰ প্ৰকৃত আকৃতিতো দেখা পায়। এইটো সত্য যে, যিয়ে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক তেওঁৰ প্ৰকৃত আকৃতিত সপোনত দেখিছে, সি নিশ্চয় ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামকেই দেখিছে। অথচ তেতিয়া সি নিজৰ কোঠাত বিছনাতে শুই আছে। পৃথিৱীত এইটো সম্ভৱ হ’লে আখিৰাতৰ ক্ষেত্ৰত কিয় সম্ভৱ নহ’ব?
আৰু যি ধাৰণাৰ ওপৰত নিৰ্ভৰ কৰি সিহঁতে কয় যে, কেতিয়াবা কবৰ উন্মুক্ত কৰা হ’লে দেখা যায় যে, মৃত ব্যক্তি যেনে আছিল তেনেই আছে। কবৰৰ পৰিসৰ বৃদ্ধি হোৱা নাই বা সংকুচিত হোৱা নাই। সিহঁতৰ এই ভ্ৰান্ত ধাৰণাৰ উত্তৰ কেইবাটাও ধৰণে দিব পাৰি। যেনে-
১। আল্লাহ আৰু তেওঁৰ ৰাছুলে কোনো কামৰ আদেশ কৰিলে বা কোনো বিষয়ে সংবাদ দিলে সেইটো পালন কৰা বা বিশ্বাস কৰাৰ বাহিৰে ঈমানদাৰ নৰ-নাৰীৰ বাবে আন কোনো অধিকাৰ নাই। বিশেষকৈ এই জাতীয় সন্দেহযুক্ত ক্ষেত্ৰত। যদি অস্বীকাৰকাৰী ব্যক্তিয়ে চৰীয়তৰ বিষয়সমূহত যথাযথভাৱে চিন্তা-ভাবনা কৰে তেনেহ’লে সি এইবোৰ সন্দেহ-সংশয়ৰ অসাৰতা অনুধাৱন কৰিব পাৰিব। আৰবীত কোৱা হয়ঃ
‘‘বহুতেই বিশুদ্ধ বক্তব্যৰ মাজত দোষত্ৰুটি বিচাৰি থাকে
অথচ প্ৰকৃত দোষ-ত্ৰুটি তাৰ ৰোগাক্ৰান্ত বুদ্ধিতেই নিহিত হৈ আছে।”
২। কবৰৰ অৱস্থাসমূহ গায়েব বা অদৃশ্য বিষয়ৰ অন্তৰ্ভুক্ত। ইন্দ্ৰিয়শক্তিৰ মাধ্যমত ইয়াক উপলব্দি কৰা অসম্ভৱ। যদি ইন্দ্ৰিয় বা অনুভূতিৰ মাধ্যমত উপলব্ধি কৰা গ’লহেঁতেন তেনেহ’লে ঈমান বিল গায়েবৰ আৰু প্ৰয়োজন নহ’লহেঁতেন আৰু এই বাবে গায়েবত বিশ্বাসী আৰু অবিশ্বাসী একেই পৰ্যায়ভুক্ত হৈ যাব।
৩। কবৰৰ শান্তি আৰু শাস্তি আৰু প্ৰশস্ততা ও সংকীৰ্ণতা কেৱল কবৰবাসী মৃত ব্যক্তিয়েই অনুভৱ কৰে, আনে কৰিব নোৱাৰে। যেনে টোপনিত থকা ব্যক্তিয়ে সপোনত কোনো বিপদত পতিত হৈ বৰ কষ্টত অস্থিৰ হয়; কিন্তু ওচৰতে শুই থকা ব্যক্তিয়ে একোৱেই ক’ব নোৱাৰে। এইদৰে সমবেত ছাহাবায়ে কেৰামৰ মাজত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি যেতিয়া অহী অৱতীৰ্ণ হৈছিল তেতিয়া তেওঁ সেইটো শুনিছিল আৰু মুখস্থ কৰিছিল; কিন্তু ছাহাবাসকল একোৱেই শুনা নাছিল। আকৌ কেতিয়াবা জিব্ৰীল আলাইহিচ্ছালামে অহী লৈ আহিছিল আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক পাঠ কৰি শুনাইছিল। তেখেতে শুনিছিল, আৰু দেখিছিল; কিন্তু ছাহাবাসকলে একোৱেই গম পোৱা নাছিল।
৪। মানুহৰ জ্ঞান অতি সামান্য আৰু সীমিত। সৃষ্টিৰ বহু বস্তু মানুহৰ ইন্দ্ৰিয় আৰু চেতনা তথা জ্ঞানৰ ঊৰ্দ্ধত। এইদৰে সপ্তাকাশ, পৃথিৱী আৰু এই দুয়োৰে মাজত যি যি আছে সেই সকলো বস্তুৱে আল্লাহৰ তছবীহ পাঠ কৰে, কেতিয়াবা আল্লাহে তেওঁৰ কোনো সৃষ্টিক সেইটো শুনাই দিয়ে। কিন্তু সেইটো আমাৰ বোধশক্তি আৰু অনুভূতিৰ বাহিৰত, সাধাৰণ মানুহে সেইটো শ্ৰৱণ কৰিব নোৱাৰে। যেনে; আল্লাহ তা‘আলাই কৈছেঃ ‘‘সাতোখন আকাশ আৰু পৃথিৱী লগতে ইয়াৰ মাজত যি আছে সেই সকলো তেওঁৰেই পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে আৰু এনে কোনো বস্তু নাই যিটোৱে তেওঁৰ প্ৰশংসা সহকাৰে পৱিত্ৰতা আৰু মহিমা ঘোষণা নকৰে; কিন্তু সিহঁতৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা বিষয়টো তোমালোকে বুজি নোপোৱা; নিশ্চয় তেওঁ সহনশীল, ক্ষমাপৰায়ণ।” [আল-ইছৰা আয়াত: ৪৪] আৰু এইদৰে চয়তান আৰু জ্বিনসকলৰ পৃথিৱীত অহা যোৱা কৰা। জিনসকলৰ দল এটা ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত উপস্থিত হৈ কোৰআন শ্ৰবণ কৰাৰ পিছত ইছলাম গ্ৰহণ কৰিছিল আৰু নিজ সম্প্ৰদায়ৰ প্ৰতি ভীতিপ্ৰদৰ্শনকাৰী হিচাপে প্ৰত্যাৱৰ্তন কৰিছিল। ইয়াৰ পিছতো সিহঁত আমাৰ দৃষ্টিৰ অগোচৰত। এই সম্পৰ্কে আল্লাহ তা‘আলাই কৈছেঃ “হে আদম সন্তান! চয়তানে যেন তোমালোকক কোনো মতেই প্ৰলুব্ধ কৰিব নোৱাৰে—যিদৰে সি তোমালোকৰ পিতৃ-মাতৃক (প্ৰলুব্ধ কৰি) জান্নাতৰ পৰা উলিয়াইছিল, সি তেওঁলোকক তেওঁলোকৰ লজ্জাস্থান দেখুৱাৰ বাবে বিবস্ত্ৰ কৰিছিল। নিশ্চয় সি নিজে আৰু তাৰ দলে তোমালোকক এনেকৈ দেখে, তোমালোকে সিহঁতক দেখিব নোৱাৰা। নিশ্চয় আমি চয়তানক সেইসকল লোকৰ অভিভাৱক কৰি দিছোঁ যিসকলে ঈমান পোষণ নকৰে।” [আল আ‘ৰাফ, আয়াত: ২৭] যেতিয়া সৃষ্টিয়ে পৃথিৱীত বিৰাজমান সকলো বস্তু উপলব্ধি কৰিব নোৱাৰে, তেতিয়া সিহঁতৰ পক্ষে সিহঁতৰ উপলব্ধিৰ বাহিৰত থকা যিবোৰ গায়েবী বিষয়াদি আছে সেইবোৰ অস্বীকাৰ কৰাটো কোনোমতেই বৈধ নহয়।
*
ঈমানৰ ষষ্ঠ ভিত্তিঃ ঈমান বিল ক্বদৰ অৰ্থাৎ তাকদীৰ (ভাগ্য)ৰ প্ৰতি ঈমান।
চৰীয়তৰ পৰিভাষাত ‘ক্বদৰ (قدر) শব্দৰ অৰ্থ: আল্লাহৰ হিকমত আৰু তেওঁৰ জ্ঞান অনুসাৰে সৃষ্টিৰ বাবে যি নিৰ্ধাৰণ কৰিছে সেইটোকে ক্বদৰ বোলে।
তাকদীৰৰ ওপৰত ঈমানৰ ক্ষেত্ৰত নিম্নোক্ত চাৰিটা বিষয় অন্তৰ্ভুক্ত আছেঃ
প্ৰথম: এই বিষয়ে ঈমান পোষণ কৰা যে, আদিৰ পৰা অন্তলৈকে স্বয়ং আল্লাহৰ আৰু তেওঁৰ বান্দাসকলৰ কাৰ্যাৱলী সংশ্লিষ্ট সকলো বিষয় সম্পৰ্কে সামগ্ৰিকভাৱে আৰু বিশেষভাৱে অৱগত।
দ্বিতীয়: এই বিশ্বাস পোষণ কৰা যে, আল্লাহে যি যি নিৰ্ধাৰণ কৰিছে আৰু সম্পাদন কৰিছে সেই সকলোবোৰ তেওঁ লাওহে মাহফুজত (সংৰক্ষিত ফলকত) লিখি ৰাখিছে। এই দুয়োটা বিষয় সম্পৰ্কে আল্লাহে কৈছেঃ “তুমি নাজানানে যে, আকাশ আৰু পৃথিৱীত যি আছে সেই সকলো বিষয়ে আল্লাহ অৱগত। নিশ্চয় সেই সকলো (লিখা) আছে এখন পুথিত। নিশ্চয় আল্লাহৰ ওচৰত এয়া অতি সহজ।” [আল-হাজ্জ, আয়াত: ৭০]
‘আব্দুল্লাহ ইবনে ‘আমৰ ইবনুল ‘আচ ৰাদ্বিয়াল্লাহু আনহুৱে বৰ্ণনা কৰিছে যে, মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক কওঁতে শুনিছোঁ, "আল্লাহে আকাশ আৰু পৃথিৱী সৃষ্টি কৰাৰ পঞ্চাশ হাজাৰ বছৰ আগতে সকলো সৃষ্টিৰ তাক্বদীৰ লিপিবদ্ধ কৰিছে।"
তৃতীয়: এই বিষয়ে ঈমান পোষণ কৰা যে, বিশ্বজগতৰ একোৱেই আল্লাহৰ ইচ্ছাৰ বাহিৰে সংঘটিত নহয়। সেইটো তেওঁৰ নিজৰ কাৰ্য সম্পৰ্কীয় বিষয় হওক অথবা তেওঁৰ সৃষ্টিৰ কাৰ্য সম্পৰ্কীয় বিষয়। যেনে- আল্লাহে তেওঁৰ কাৰ্য সম্পৰ্কে কৈছেঃ “তোমাৰ প্ৰতিপালকে যি ইচ্ছা কৰে সেইটোৱে সৃষ্টি কৰে আৰু যাক ইচ্ছা মনোনীত কৰে।” [আল-কাচাচ, আয়াত: ৬৮] তেওঁ আৰু কৈছেঃ “আল্লাহে যি ইচ্ছা কৰে সেইটোৱে কৰে।” [ইব্ৰাহীম, আয়াত: ২৭] তেওঁ আৰু কৈছেঃ “তেৱেঁই মাতৃগৰ্ভত যেনেকৈ ইচ্ছা তোমালোকৰ আকৃতি গঠন কৰে। তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই; (তেওঁ) প্ৰবল পৰাক্ৰমশালী, প্ৰজ্ঞাময়।” [আলে ইমৰাণ, আয়াত: ৬] মাখলুকাতৰ কৰ্ম-কাণ্ড সংশ্লিষ্ট বিষয় সম্পৰ্কে আল্লাহ তা‘আলাই কৈছেঃ “যদি আল্লাহে ইচ্ছা কৰিলেহেঁতেন তেন্তে তোমালোকৰ ওপৰত সিহঁতক প্ৰবল কৰি দিলেহেঁতেন। ফলত সিহঁতে নিশ্চয় তোমালোকৰ লগত যুদ্ধ কৰিলেহেঁতেন।” [আন-নিছা, আয়াত: ৯০] তেওঁ আৰু কৈছেঃ “যদি আল্লাহে ইচ্ছা কৰিলেহেঁতেন, তেন্তে সিহঁতে এই কাম নকৰিলেহেঁতেন। এতেকে, তুমি সিহঁতক আৰু সিহঁতে ৰচনা কৰা কথাক পৰিত্যাগ কৰা।” [আল- আন‘আম, আয়াত: ১৩৭]
চতুৰ্থ: ঈমান স্থাপন কৰা যে, সমগ্ৰ সৃষ্টিজগৎ, আৰু সিহঁতৰ সত্তা, গুণ আৰু কৰ্ম তৎপৰতাসহ সকলো আল্লাহৰ সৃষ্ট। মহান আল্লাহে এই বিষয়ে কৈছে “আল্লাহেই প্ৰতিটো বস্তুৰ সৃষ্টিকৰ্তা আৰু তেৱেঁই সকলো বস্তুৰ তত্ত্বাৱধায়ক।” [আয-যুমাৰ, আয়াত: ৬২] আল্লাহে আৰু কৈছেঃ “তেৱেঁই প্ৰতিটো বস্তু সৃষ্টি কৰিছে, তাৰপিছত ইয়াক পৰিমিতভাৱে নিৰ্ধাৰণ কৰিছে।” [আল-ফুৰকান, আয়াত: ২] আল্লাহ তা‘আলাই ইব্ৰাহীম আলাইহিচ্ছালাম সম্পৰ্কে কৈছে যে, ইব্ৰাহীমে তেওঁৰ সম্প্ৰদায়ক কৈছিলঃ ‘‘আল্লাহেই তোমালোকক সৃষ্টি কৰিছে আৰু তোমালোকে যিবোৰ কৰ্ম সম্পাদন কৰা সেইবোৰো তেৱেঁই সৃষ্টি কৰিছে।” [আচ-ছাফ্ফাত, আয়াত: ৯৬]
ওপৰত আমি যি বৰ্ণনা কৰিছোঁ ‘‘ঈমান বিল ক্বদৰ’’ বা তাক্বদীৰৰ প্ৰতি ঈমান স্থাপন কৰাটো মানুহক কৰ্ম কৰিবলৈ যি ইচ্ছাশক্তি প্ৰদান কৰা হৈছে সেইটোৰ পৰিপন্থী নহয়। কিয়নো, চৰিয়ত আৰু বাস্তৱতাৰ প্ৰমাণাদিয়ে বান্দাৰ নিজস্ব ইচ্ছাশক্তিক সাব্যস্ত কৰে।
১। চৰীয়তৰ প্ৰমাণ: মহান আল্লাহে বান্দাৰ ইচ্ছা প্ৰসঙ্গত কৈছেঃ “এই দিৱসটো সত্য, এতেকে যাৰ ইচ্ছা সি তাৰ প্ৰতিপালকৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰক।” [আন-নাবা: ৩৯] আল্লাহে আৰু কৈছেঃ “এতেকে তোমালোকে তোমালোকৰ শষ্য-ক্ষেত্ৰত (স্ত্রীসকলৰ ওচৰত) যেনেকৈ ইচ্ছা আহিব পাৰা।” [আল-বাক্বাৰা, আয়াত: ২২৩] আল্লাহে বান্দাৰ সামৰ্থ সম্পৰ্কে কৈছেঃ ‘‘এতেকে, তোমালোকে আল্লাহক যথাসাধ্য ভয় কৰা।” [আত-তাগাবূন, আয়াত: ১৬] তেওঁ আৰু কৈছেঃ “আল্লাহে কাৰো ওপৰত তাৰ সাধ্যাতীত কোনো কামৰ দায়িত্ব নিদিয়ে, যিয়ে ভাল কাম কৰিছে তাৰ বাবে সুফল আছে আৰু যিয়ে বেয়া কাম কৰিছে তাৰ প্ৰতিফল সি নিজেই ভোগ কৰিব।’’ [আল-বাক্বাৰা, আয়াত: ২৮৬]
২। বাস্তৱতাৰ আলোকত ইয়াৰ প্ৰমাণ: প্ৰত্যেক মানুহে জানে যে, তাৰ নিজস্ব ইচ্ছাশক্তি আৰু সামৰ্থ আছে আৰু ইয়াৰ দ্বাৰাই সি কোনো কাম কৰে বা তাৰ পৰা বিৰত থাকে। যিবোৰ কাম তাৰ ইচ্ছাত সংঘটিত হয় যেনে, চলাফুৰা কৰা আৰু যি তাৰ অনিচ্ছাত হয় যেনে, হঠাৎ শৰীৰ প্ৰকম্পিত হোৱা। এই উভয় অৱস্থাৰ মাজত যি পাৰ্থক্য আছে সেইটো তেওঁ পাৰ্থক্য কৰিব পাৰে। কিন্তু বান্দাৰ ইচ্ছা আৰু সামৰ্থ আল্লাহৰ ইচ্ছা আৰু সামৰ্থৰ অধীনস্থ। যেনে- আল্লাহে কৈছেঃ ‘‘যিয়ে সৰল পথত চলাৰ ইচ্ছা কৰে (এই ঘোষণা) তাৰ বাবে, আৰু আল্লাহ ৰাব্বুল ‘আলামীনৰ ইচ্ছাৰ বাহিৰে তোমালোকৰ কোনো ইচ্ছাই কাৰ্যকৰী হ’ব নোৱাৰে।” [তাকৱীৰ: ২৮-২৯] যিহেতু সমগ্ৰ বিশ্বজগৎ আল্লাহ তা‘আলাৰ ৰাজত্ব, সেয়ে তেওঁৰ ৰাজত্বত তেওঁৰ অজানিতে একো ঘটিব নোৱাৰে।
আমাৰ উল্লেখিত বৰ্ণনানুযায়ী তাক্বদীৰৰ ওপৰত বিশ্বাসে বান্দাক তাৰ ওপৰত থকা ওৱাজিব আদায় নকৰাৰ অথবা তাক্বদীৰৰ কথাকৈ পাপত লিপ্ত হোৱাৰ কোনো সুযোগ প্ৰদান নকৰে। এতেকে তাক্বদীৰৰ ওপৰত বিশ্বাস কৰি এই ধৰণৰ যুক্তি উপস্থাপন কৰা কেইবাটাও কাৰণত বাতিল বুলি বিবেচিত হ’ব। তাৰে কেইটিমান প্ৰমাণ তলত বৰ্ণনা কৰা হ’ল:
প্ৰথম: আল্লাহ তা‘আলাই কৈছেঃ “যিসকলে শ্বিৰ্ক কৰিছে অতিশীঘ্ৰে সিহঁতে ক’ব, ‘আল্লাহে যদি ইচ্ছা কৰিলেহেঁতেন তেন্তে আমি আৰু আমাৰ পুৰ্বপুৰুষসকলে শ্বিৰ্ক নকৰিলোঁহেঁতেন আৰু একোৱেই হাৰাম নকৰিলোঁহেঁতেন’। এইদৰে সিহঁতৰ পূৰ্বৱৰ্তীসকলেও মিথ্যাৰোপ কৰিছিল, অৱশেষত সিহঁতে আমাৰ শাস্তি ভোগ কৰিছিল। কোৱা, ‘তোমালোকৰ ওচৰত কোনো জ্ঞান আছেনে? থাকিলে আমাৰ ওচৰত প্ৰকাশ কৰা। তোমালোকে কেৱল ধাৰণাৰহে অনুসৰণ কৰা আৰু কেৱল মনেসজা কথাহে কোৱা’।” [আল-আন‘আম, আয়াত: ১৪৮] ইয়াৰ দ্বাৰা বুজা গ’ল যে, পাপ কাম কৰাৰ বাবে তাক্বদীৰক প্ৰমাণ হিচাপে দাঙি ধৰাটো যদি বৈধ হ’লহেঁতেন তেন্তে আল্লাহ তা‘আলাই সিহঁতক সিহঁতৰ অবাধ্যতাৰ কাৰণে শাস্তি নিদিলেহেঁতেন।
দ্বিতীয়: আল্লাহ তাআলাই কৈছেঃ ‘‘সুসংবাদবাহী আৰু সাৱধানকাৰী ৰাছুল প্ৰেৰণ কৰিছোঁ, যাতে ৰাছুলসকল অহাৰ পিছত আল্লাহৰ বিৰুদ্ধে মানুহৰ বাবে কোনো অভিযোগ নাথাকে; আৰু আল্লাহ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।” [আন-নিছা, আয়াত: ১৬৫] যদি তাক্বদীৰ পথভ্ৰষ্ট লোকসকলৰ বাবে পাপ কাম কৰাৰ প্ৰমাণ হ’লহেঁতেন তেন্তে নবী-ৰাছুলসকল প্ৰেৰণ কৰি সিহঁতৰ এই প্ৰমাণক নাকচ কৰা নহ’লহেঁতেন। কিয়নো, নবী আৰু ৰাছুলসকলৰ আগমনৰ পিছতো অবাধ্যতা ত্বাকদীৰৰ ফলতেই সংঘটিত হৈছে।
তৃতীয়: ছহীহ বুখাৰী আৰু মুছলিমত আলী ইবনে আবু তালিব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা এটা হাদীছ বৰ্ণিত আছে, ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, তোমালোকৰ মাজত এনে কোনো ব্যক্তি নাই, যাৰ ঠিকনা জান্নাতত বা জাহান্নামত লিখা হোৱা নাই। উপস্থিত লোকসকলৰ মাজৰ পৰা এজনে সুধিলে, হে আল্লাহৰ ৰাছুল! তেনেহ’লে আমি ভাগ্যৰ ওপৰত তাৱাক্কুল তথা ভৰসা কৰি নাথাকিমনে? ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে উত্তৰত ক’লে, নহয়, আমল কৰি থাকা, যাক যি উদ্দেশ্যৰে সৃষ্টি কৰা হৈছে, তাৰ বাবে সেইটোক সহজ কৰি দিয়া হয়। তাৰপিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে এই আয়াত পাঠ কৰিলে: “এতেকে যিয়ে দান কৰে আৰু তাক্বৱা অৱলম্বন কৰে, লগতে যি উত্তম তাক সত্য বুলি গ্ৰহণ কৰে, শীঘ্ৰেই আমি তাৰ বাবে সুগম কৰি দিম (জান্নাতৰ) সহজ পথ।” [আল-লাইল আয়াত: ৫-৭] ছহীহ মুছলিমৰ হাদীছত এনেকৈ আহিছে যে, “যিয়ে যাৰ বাবে সৃষ্ট, সেইটো তাৰ বাবে সহজ।” সেয়ে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সকলোকে কাম কৰি যোৱাৰ নিৰ্দেশ দিছে আৰু তাক্কদীৰৰ ওপৰত ভৰসা কৰি থাকিবলৈ নিষেধ কৰিছে।
চতুৰ্থ: আল্লাহে তেওঁৰ বান্দাসকলক কিছুমান বিষয়ৰ আদেশ দিছে আৰু কিছুমান বিষয়ৰ পৰা নিষেধ কৰিছে। তেওঁ বান্দাসকলক ক্ষমতা আৰু সাধ্যৰ বাহিৰে একোৱে কৰিবলৈ কোৱা নাই। যেনে- আল্লাহে কৈছেঃ “এতেকে, তোমালোকে যথাসাধ্য আল্লাহক ভয় কৰা।” [আত-তাগাবুন: ১৬] আল্লাহ তা‘আলাই আৰু কৈছেঃ “আল্লাহে কোনো মানুহৰ ওপৰতেই তাৰ সাধ্যাতীত কোনো কামৰ দায়িত্ব দিয়া নাই।” [বাক্বাৰা, আয়াত: ২৮৬] যদি বান্দাক কোনো কাম কৰিবলৈ বাধ্য কৰা হ’লহেঁতেন, তেনেহ’লে তাক সেই কাম কৰিবলৈও বাধ্য কৰা হ’লহেঁতেন যিটোৰ তাৰ সাধ্য তথা ক্ষমতাৰ বাহিৰত, আৰু ইয়াৰ পৰা ৰেহাই পোৱাৰ কোনো উপায়ো নাথাকিলহেঁতেন। কিন্তু এইটো বাতিল। সেয়ে বান্দাই ভুলবশতঃ বা অজ্ঞতাবশতঃ অথবা বলপূৰ্বক অনিচ্ছাকৃতভাৱে যদি কোনো অপৰাধ কৰে তেন্তে তাত তাৰ কোনো গুনাহ নহ’ব, কাৰণ সি বাধ্য।
পঞ্চম: আল্লাহৰ তৰফৰ পৰা নিৰ্ধাৰিত তাক্বদীৰ সম্পৰ্কে বান্দাৰ কোনো জ্ঞান নাই। এইটো হৈছে গায়েবী জগতৰ এক গোপন ৰহস্য। তাক্বদীৰৰ বিষয়টো সংঘটিত হোৱাৰ পিছতহে বান্দাই সেই বিষয়ে জানিব পাৰে। কিন্তু বান্দাই যেতিয়া কোনো কাম কৰে তেতিয়া সি কাম কৰাৰ আগতে ইচ্ছা পোষণ কৰে যে, সি কোনটো কাম কৰিব; গতিকে তাৰ এই ইচ্ছা আল্লাহৰ তৰফৰ পৰা নিৰ্ধাৰিত তাক্বদীৰ জনাৰ ওপৰত ভিত্তি কৰি নহয়। এনেক্ষেত্ৰত তাক্বদীৰক প্ৰমাণ বনোৱাৰ কোনো অৰ্থই নহয়। কাৰণ যিটো বিষয় সম্পৰ্কে বান্দা অৱগতই নহয় সেই বিষয়টো তাৰ বাবে প্ৰমাণ হ’বই নোৱাৰে।
ষষ্ঠ: আমি লক্ষ্য কৰিছো, মানুহে পাৰ্থিৱ বিষয়ত সদায় যথোপযুক্ত আৰু সঠিক সিদ্ধান্ত লবলৈ আগ্ৰহী হৈ থাকে। কেতিয়াও ক্ষতিকৰ আৰু অলাভজনক কামত ভৰি নিদিয়ে আৰু তেতিয়া তাক্বদীৰৰ দোহায়ো নিদিয়ে। তেনেহ’লে ধৰ্মীয় কামত উপকাৰী দিশ এৰি ক্ষতিকৰ আৰু নিষিদ্ধ কামত লিপ্ত হৈ তাক্বদীৰৰ দোহাই দিয়া হয় কিয়? বিষয়টো উভয় ক্ষেত্ৰত একে নহয় নে বাৰু?
প্ৰিয় পাঠক, আপোনাৰ সন্মুখত দুটা উদাহৰণ দাঙি ধৰিছোঁ, যাৰ দ্বাৰা বিষয়টো আৰু স্পষ্ট হ’ব:
প্ৰথম উদাহৰণ: যদি কাৰো সন্মুখত দুটা পথ থাকে। এটা পথেৰে গ’লে সি এনে এখন দেশলৈ যাব য’ত কেৱল নৈৰাজ্য, খুন-খাৰাবী, লুটপাট, ভয়-ভীতি আৰু দূৰ্ভিক্ষ বিৰাজমান আছে। আনহাতে দ্বিতীয় পথেৰে গলে সি এনে এখন সপোনৰ চহৰত যাব য’ত শৃঙ্খলা নিৰাপত্তা, সুখ-শান্তি আৰু ধন-সম্পদৰ নিৰাপত্তাৰ নিশ্চয়তা আছে। তেনেক্ষেত্ৰত সি কোনটো পথ অৱলম্বন কৰিব?
নিশ্চিতভাৱে ক’ব পাৰি যে, সি দ্বিতীয় পথটোকে অৱলম্বন কৰিব, যি পথত শান্তি আৰু আইন-শৃঙ্খলা বলৱৎ আছে। কোনো বুদ্ধিমান মানুহেই প্ৰথম পথত ভৰি দি ভাগ্যৰ দোহাই নিদিব। তেনেহ’লে মানুহে আখিৰাতৰ ক্ষেত্ৰত জান্নাতৰ পথ এৰি জাহান্নামৰ পথত চলি তাক্বদীৰৰ দোহাই কিয় দিয়ে?
দ্বিতীয় উদাহৰণ: ডাক্তৰে বেমাৰিক কিবা ঔষধ সেৱন কৰিবলৈ দিলে, সেইটো তিতা হ’লেও তথা ইচ্ছা নথকা সত্ত্বেও সি সেইটো সেৱন কৰে। আনহাতে বিশেষ ধৰণৰ কোনো খাদ্য খাবলৈ বাৰণ কৰিলে, ইচ্ছা থকা সত্ত্বেও সি সেইটো নাখায়, যদিও তেওঁৰ খাবলৈ মন যায়। এই সকলো কেৱল নিৰাময় আৰু আৰোগ্য হোৱাৰ আশাত কৰে কিন্তু সি ত্বাকদীৰৰ দোহাই দি ঔষধ সেৱনৰ পৰা বিৰত নাথাকে বা নিষিদ্ধ খাদ্যও নাখায়। তেনেহ’লে মানুহে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ নিৰ্দেশনাৱলী বৰ্জন আৰু নিষেধাজ্ঞাসমূহ অমান্য কৰি তাকদীৰৰ দোহাই কিয় দিয়ে?
সপ্তম: যি ব্যক্তিয়ে নিজৰ ওপৰত থকা ওৱাজিব কামসমূহ ত্যাগ কৰে অথবা পাপকাম কৰি তাক্বদীৰৰ দোহাই দি থাকে, তেনেকুৱা ব্যক্তিৰ ধন-সম্পদ বা মান সন্মানত যদি কোনোবাই আঘাত হানি কয়, এইটোৱে তোমাৰ তাক্বদীৰত লিখা আছিল, মোক দোষাৰোপ নকৰিবা, তেতিয়া সি সেই ব্যক্তিৰ যুক্তি গ্ৰহণ কৰিবনে? নিশ্চয় নকৰে, সি নিজৰ ওপৰত হোৱা আক্ৰমণৰ সময়ত তাক্বদীৰৰ দোহাই কিয় স্বীকাৰ নকৰে। আনহাতে সি আল্লাহৰ অধিকাৰত আঘাত হানি কিদৰে তাক্বদীৰৰ দোহাই দিয়ে?
মনত ৰাখিব, এবাৰ ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৰ দৰবাৰত চোৰ এজনক হাজিৰ কৰোৱা হ’ল। তাৰ হাত কাটিবলৈ নিৰ্দেশ জাৰি কৰাত সি ক’লে! হে আমিৰুল মু’মিনীন! ৰ’ব, আল্লাহে তাক্বদীৰত লিখি ৰাখিছে বুলিহে মই চুৰি কৰিছোঁ। ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৱে ক’লে, আমিও আল্লাহে তাক্বদীৰত লিখি ৰাখিছে বুলিহে হাত কাটিবলৈ নিৰ্দেশ দিছোঁ।
তাক্বদীৰৰ ওপৰত ঈমানৰ কেইবাটাও উপকাৰ আছে তাৰে বিশেষ কেইটিমান হৈছে:
১। তাক্বদীৰৰ ওপৰত ঈমান থাকিলে উপায়-উপকৰণ গ্ৰহণ কৰাৰ সময়ত ব্যক্তিৰ অন্তৰত আল্লাহৰ ওপৰত তাৱাক্কুল আৰু ভৰসা অধিক থাকে, তেতিয়া সি অকল উপায়-উপকৰণৰ ওপৰতে নিৰ্ভৰ নকৰে। কাৰণ সি জানে যে, প্ৰতিটো বস্তুৱে আল্লাহৰ তাক্বদীৰৰ আয়ত্বাধীন।
২। তাক্বদীৰৰ ওপৰত ঈমান থাকিলে কোনো ক্ষেত্ৰত সফল হ’লে আত্মগৌৰৱ নহয়। কাৰণ সফলতা অৰ্জন হৈছে আল্লাহৰেই এটা নি‘আমত। যিটো আল্লাহে কল্যাণ আৰু সাফল্যৰ উপকৰণৰ মাধ্যমতে নিৰ্ধাৰণ কৰি ৰাখিছে। আনহাতে আত্মগৌৰৱে বান্দাক নি‘আমতৰ কৃতজ্ঞতা জ্ঞাপনৰ পৰা বিৰত ৰাখে।
৩। তাক্বদীৰৰ ওপৰত ঈমান থাকিলে মানুহৰ জীৱনত ঘটা প্ৰতিটো ঘটনাতে সন্তুষ্ট থাকে। ফলত সি কোনো প্ৰিয় বস্তু হেৰালে বা কোনো ধৰণৰ কষ্ট তথা বিপদাপদত পতিত হ’লে বিচলিত নহয়। কাৰণ সি জানে যে, এই সকলোবোৰ আল্লাহৰ তাক্বদীৰ অনুযায়ীহে ঘটিছে, যিজন আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা আৰু মালিক। যি ঘটিবলগীয়া সেইটো ঘটিবই। এই প্ৰসঙ্গত মহান আল্লাহে কৈছেঃ “পৃথিৱীত আৰু ব্যক্তিগতভাৱে তোমালোকৰ ওপৰত আপতিত হোৱা এনে কোনো বিপৰ্যয় নাই যিটো সংঘটিত হোৱাৰ আগতে আমি তাক এখন কিতাবত লিপিবদ্ধ কৰি ৰখা নাই। নিশ্চয় আল্লাহৰ পক্ষে এয়া অতি সহজ। এইটো এইকাৰণে যে, যাতে তোমালোকে যি হেৰাইছা তাৰ প্ৰতি পৰিতাপ নকৰা আৰু তেওঁ তোমালোকক যি প্ৰদান কৰিছে তাৰ বাবে উৎফুল্লিত নোহোৱা। কাৰণ আল্লাহে গৌৰৱকাৰী তথা অহংকাৰী ব্যক্তিক পছন্দ নকৰে।” [আল-হাদীদ, আয়াত: ২২-২৩] ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, ‘‘মু’মিনৰ বিষয়টো খুবেই আশ্চৰ্য্যজনক, মুমিনৰ প্ৰতিটো ক্ষেত্ৰতেই কল্যাণ নিহিত হৈ আছে। এইটো কেৱল মু’মিনৰ ক্ষেত্ৰতেই হয়। মুমিনে আনন্দ অনুভৱ কৰিলে কৃতজ্ঞতা জ্ঞাপন কৰে। ফলত এইটো তাৰ বাবে কল্যাণ কঢ়িয়াই আনে। আনহাতে যেতিয়া তাৰ ওপৰত কোনো ক্ষতিকৰ বিষয় আপতিত হয় তেতিয়া সি ধৈৰ্য্য ধাৰণ কৰে, তেতিয়া তাৰ বাবে এইটোও কল্যাণকৰ হয়।”
তাক্বদীৰ সম্পৰ্কে দুটা সম্প্ৰদায় পথভ্ৰষ্ট হৈছে:
তাৰ মাজত এটা হৈছে জাবৰিয়্যাহ সম্প্ৰদায়, এওঁলোকৰ মতে, তাক্বদীৰৰ কাৰণে বান্দাই নিজৰ প্ৰতিটো কাম কৰিবলৈ বাধ্য। কোনো কাম কৰাৰ ক্ষেত্ৰতেই বান্দাৰ নিজা কোনো ইচ্ছাশক্তি বা সামৰ্থ নাই।
আৰু দ্বিতীয়টো হৈছে ক্বাদাৰিয়্যাহ সম্প্ৰদায়, এওঁলোকৰ মতে, বান্দাই যাৱতীয় কৰ্ম-কাণ্ড নিজৰ ইচ্ছামতে কৰে, তাৰ কামত আল্লাহৰ ইচ্ছা বা কুদৰতৰ কোনো প্ৰভাৱ নাই।
চৰীয়ত আৰু বাস্তৱতাৰ আলোকত প্ৰথম দল (জাবৰিয়্যাহ সম্প্ৰদায়)ৰ বক্তব্যৰ উত্তৰ:
১. চৰীয়তৰ আলোকত ইয়াৰ উত্তৰ: এই কথা নিশ্চিত যে, আল্লাহে তেওঁৰ বান্দাসকলৰ বাবে ইৰাদা বা ইচ্ছাশক্তি সাব্যস্ত কৰিছে, আনকি বান্দাৰ কৰ্মক বান্দাৰ ইচ্ছাশক্তিৰ সৈতেই সম্পৃক্ত কৰিছে। যেনে- মহান আল্লাহে কৈছেঃ “তোমালোকৰ মাজৰ কিছুমানে দুনিয়া কামনা কৰে আকৌ কিছুমানে আখিৰাত কামনা কৰে।” [আলে ইমৰাণ, আয়াত: ১৫২] মহান আল্লাহে আৰু কৈছেঃ “আৰু কোৱা, ‘সত্য তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা (আহিছে), সেয়ে যাৰ ইচ্ছা সি ঈমান আনক আৰু যাৰ ইচ্ছা সি কুফৰী কৰক’। নিশ্চয় আমি যালিমসকলৰ বাবে প্ৰস্তুত ৰাখিছোঁ অগ্নি, যাৰ প্ৰাচীৰবোৰে সিহঁতক পৰিবেষ্টন কৰি ৰাখিব।” [আল-ক্বাহাফ, আয়াত: ২৯] তেওঁ আৰু কৈছেঃ “যিয়ে সৎকৰ্ম কৰে তেওঁ নিজৰ কল্যাণৰ বাবেই কৰে আৰু কোনোবাই অসৎকৰ্ম কৰিলে তাৰ প্ৰতিফল সি নিজেই ভোগ কৰিব। তোমাৰ প্ৰতিপালকে নিজ বান্দাসকলৰ প্ৰতি কদাপিও অন্যায় নকৰে।” [ফুচ্ছিলাত, আয়াত: ৪৬]
২. বাস্তৱতাৰ আলোকত জাব্ৰিয়া আক্বীদাৰ উত্তৰ: সকলো মানুহেই জানে যে, কিছুমান কাম সিহঁতে নিজৰ ইচ্ছাতে কৰে, যেনে, খোৱা-বোৱা আৰু বেচা-কিনা ইত্যাদি। আনহাতে কিছুমান কাম সিহঁতৰ ইচ্ছাত নহয়, যেনে- অসুস্থ্যতাৰ কাৰণে শৰীৰ কম্পন কৰা আৰু ওখ ঠাইৰ পৰা তলত পৰি যোৱা। প্ৰথম ধৰণৰ কামত মানুহে নিজেই কৰ্তা, নিজৰ ইচ্ছাতেই সি সেইটো কৰে, ইয়াত কোনো বাধ্যবাধকতা নাছিল। আনহাতে দ্বিতীয় প্ৰকাৰ কামত তাৰ কোনো নিজা পছন্দ নাছিল আৰু সেইটোৰ প্ৰতি তাৰ কোনো ইচ্ছাও নাছিল।
চৰীয়ত আৰু যুক্তিৰ আলোকত দ্বিতীয় দল ক্বাদাৰিয়্যাহসকলৰ বক্তব্যৰ উত্তৰ:
চৰীয়তৰ আলোকত উত্তৰ: নিঃসন্দেহে আল্লাহে সকলো বস্তুৰ স্ৰষ্টা, বিশ্বৰ সকলো বস্তু আল্লাহৰ ইচ্ছাতে অস্তিত্ব লাভ কৰিছে। আল্লাহে পৱিত্ৰ কোৰআনত স্পষ্টকৈ কৈছে যে, বান্দাসকলৰ সকলো কৰ্ম-কাণ্ড আল্লাহৰ ইচ্ছাতেই বাস্তৱায়িত হৈ থাকে। যেনে- আল্লাহে কৈছেঃ “আৰু যদি আল্লাহে ইচ্ছা কৰিলেহেঁতেন তেন্তে সিহঁতৰ পৰৱৰ্তী লোকসকলে সিহঁতৰ ওচৰত স্পষ্ট প্ৰমাণাদি সমাগত হোৱাৰ পিছতো পাৰস্পাৰিক যুদ্ধ-বিগ্ৰহত লিপ্ত নহ’লহেঁতেন; কিন্তু সিহঁতে মতভেদ কৰিছিল। ফলত সিহঁতৰ কিছুমানে ঈমান আনিছিল আৰু কিছুমানে কুফুৰী কৰিছিল; কিন্তু আল্লাহে ইচ্ছা কৰিলে সিহঁত পাৰস্পাৰিক যুদ্ধ-বিগ্ৰহত লিপ্ত নহ’লহেতেন; কিন্তু আল্লাহে যিটো ইচ্ছা কৰে সেইটোৱেই কৰে।” [আল-বাকাৰা: আয়াত: ২৫৩] মহান আল্লাহে আৰু কৈছেঃ “আৰু আমি ইচ্ছা কৰিলে প্ৰত্যেক ব্যক্তিকেই সৎপথত পৰিচালিত কৰিলোঁহেঁতেন; কিন্তু মোৰ ফালৰ পৰা এই কথা নিশ্চিতভাৱে সাব্যস্ত যে, নিশ্চয় মই কিছুমান জিন আৰু মানুহৰ দ্বাৰা জাহান্নাম পূৰণ কৰিম।” [আচ-ছাজদাহ, আয়াত: ১৩]
যুক্তিৰ দ্বাৰা ইয়াৰ উত্তৰ: এই কথা নিশ্চিত যে, সমগ্ৰ বিশ্বজগৎ আল্লাহৰ ৰাজত্ব আৰু মানুহ এই বিশ্বজগতৰেই এটা অংশ, সেয়ে মানুহো হৈছে আল্লাহৰ মালিকানাধীন। গতিকে মালিকানাধীন কোনো সত্ত্বাৰ পক্ষত মালিকৰ অনুমতি আৰু ইচ্ছাৰ বাহিৰে তাৰ ৰাজত্বত একো কৰা সম্ভৱ নহয়।
*
ইছলামী আক্বীদাৰ লক্ষ্যসমূহ
الهدف (আভিধানিকভাৱে): কেইবাটাও অৰ্থ বুজায়, য'ত অন্তৰ্ভুক্ত আছে: (উদ্দেশ্য নিৰ্ধাৰণ কৰি কিবা নিক্ষেপ কৰা, অথবা লক্ষ্যস্থানকে আৰবীত হাদাফ বোলে)।
ইছলামী আক্বীদাৰ সৈতে মজবুত সম্পৰ্ক গঢ়ি তোলাৰ লক্ষ্য আৰু ইয়াৰ ফলত অৰ্জন হ’বলগীয়া মহৎ উদ্দেশ্যসমূহৰ সংখ্যা অধিক হোৱাৰ লগতে ইয়াৰ প্ৰকাৰো বহুত। তাৰে কেইটামান উল্লেখযোগ্য হৈছেঃ
১। সকলো প্ৰকাৰ নিয়্যত আৰু ইবাদত একমাত্ৰ আল্লাহৰ বাবে একনিষ্ঠভাৱে সম্পাদন কৰা। কিয়নো তেৱেঁই একমাত্ৰ আমাৰ স্ৰষ্টা, তেওঁৰ কোনো অংশীদাৰ নাই। গতিকে একমাত্ৰ তেওঁৰেই ইবাদত কৰিব লাগিব।
২। আক্বীদাৰ শূণ্যতাৰ ফলত উদ্ভৱ হোৱা নৈৰাজ্য আৰু বিশৃঙ্খলাৰ পৰা বিবেকক তথা চিন্তাধাৰাক মুক্ত কৰা। কাৰণ আক্বীদাহীন ব্যক্তি সকলো প্ৰকাৰ আক্বীদাৰ পৰা বঞ্চিত হয় আৰু কেৱল বস্তুপূজাৰী অথবা কুসংস্কাৰ আৰু নানাবিধ আক্বীদাগত ভ্ৰান্তিত নিমজ্জিত হৈ থাকে।
৩। মানসিক আৰু চিন্তাগত প্ৰশান্তি অৰ্জন। ইছলামী আক্বীদাহ পোষণকাৰী ব্যক্তিৰ মনত কোনো ধৰণৰ উদ্বেগ আৰু বিষন্নতা নাথাকে, আৰু চিন্তাধাৰাতো কোনো অস্থিৰতা নাথাকে। কাৰণ, এই আক্বীদাৰ ফলত আল্লাহৰ সৈতে মুমিনৰ সম্পৰ্ক মজবুত তথা সুদৃঢ় হয়। ফলত, সি স্ৰষ্টা তথা প্ৰতিপালকৰ তাক্বদীৰ বা সিদ্ধান্তত সদায় সন্তুষ্ট থাকে, আৰু তাৰ আত্মাই প্ৰশান্তি লাভ কৰে। এইদৰে ইছলামৰ সত্যতাৰ ক্ষেত্ৰত তাৰ অন্তৰ সদায় প্ৰশস্ত হৈ থাকে, ফলত সি ইছলামৰ বাহিৰে বিকল্প আন কোনো পথৰ ফালে দৃষ্টিপাত নকৰে।
৪। আল্লাহৰ ইবাদত বা মানুহৰ লগত লেন-দেন আৰু আচাৰ আচৰণৰ ক্ষেত্ৰত উদ্দেশ্য আৰু কৰ্মৰ ক্ষেত্ৰত পথবিচ্যুতিৰ পৰা নিৰাপত্তা অৰ্জন। কিয়নো ইছলামী আক্বীদাৰ ভিত্তি হৈছে ৰাছুলসকলৰ প্ৰতি বিশ্বাস আৰু তেওঁলোকৰ অনুসৰণৰ ওপৰত, যিটো উদ্দেশ্য আৰু কৰ্মগত দিশেৰে নিৰাপদ তথা বিশুদ্ধ।
৫। ইছলামী আক্বীদাহ গ্ৰহণৰ ফলত সকলো বিষয়তে সুচিন্তিত আৰু দৃঢ়তাৰ সৈতে পদক্ষেপ লবলৈ সহায় লাভ হয়। সেয়ে বান্দাই ছোৱাবৰ আশাত সৎ আৰু পুণ্যৱান কামৰ কোনো সুযোগেই এৰি নিদিয়ে আৰু আখিৰাতৰ কঠোৰ আৰু ভয়াৱহ শাস্তিৰ ভয়ত সকলো ধৰণৰ পাপকৰ্মৰ পৰা নিজকে দূৰৈত ৰাখে। কাৰণ, ইছলামী আক্বীদাৰ অন্যতম মৌলিক বিশ্বাস হৈছে পুনৰুত্থান আৰু আমলৰ প্ৰতিফল লাভৰ প্ৰতি বিশ্বাস স্থাপন।
যেনে- আল্লাহ তা‘আলাই কৈছেঃ “আৰু সিহঁতে যি আমল কৰে, সেই অনুসাৰে প্ৰত্যেকৰে মৰ্যাদা আছে আৰু সিহঁতে যি কৰে সেই সম্পৰ্কে তোমাৰ প্ৰতিপালক অমনোযোগী নহয়।’’ [আল-আন‘আম, আয়াত: ১৩২] ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এই লক্ষ্য সাধনৰ বাবে উৎসাহিত কৰি কৈছেঃ “আল্লাহৰ ওচৰত দুৰ্বল মু’মিনতকৈ শক্তিশালী মু’মিন উত্তম তথা অধিক প্ৰিয়। প্ৰত্যেকৰেই মাজত কল্যাণ নিহিত আছে। তোমাৰ বাবে যি কল্যাণকৰ আৰু উপকাৰী সেইটো কৰিবলৈ সচেষ্ট হোৱা আৰু আল্লাহৰ ওচৰত সহায় প্রাৰ্থনা কৰা। অৱহেলা নকৰিবা। বিপদগ্ৰস্থ হ’লে এই কথা নক’বা যে, মই যদি এইটো আৰু এইটো কৰিলোহেঁতেন, তেনেহ’লে এনে নহ’লহেঁতেন। বৰং কোৱা, আল্লাহে তাক্বদীৰত যি ৰাখিছে সেইটোৱে হৈছে, আল্লাহে যি ইচ্ছা কৰে, সেইটোৱে কৰে। কাৰণ, ‘‘যদি’’ শব্দটোৱে চয়তানী কামৰ দুৱাৰ উন্মুক্ত কৰি দিয়ে।” (ছহীহ মুছলিম)
৬। ইছলামী আক্বীদাই এনেকুৱা এটা শক্তিশালী জাতি গঠন কৰে, যি জাতিয়ে আল্লাহৰ দ্বীনক প্ৰতিষ্ঠিত কৰাৰ উদ্দেশ্যে, ইয়াৰ ভিত্তিসমূহ মজবুত আৰু তাৰ পতাকা সমুন্নত কৰাৰ লক্ষ্যত পৃথিৱীৰ সকলো প্ৰতিকূল পৰিস্থিতিকে আওকান কৰি ধন-সম্পদ ব্যয় কৰে। এই প্ৰসঙ্গত আল্লাহে কৈছেঃ “প্ৰকৃত মুমিন হৈছে সেইসকল লোক, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছে, তাৰ পিছত তেওঁলোকে সন্দেহ পোষণ কৰা নাই, লগতে তেওঁলোকে জান-মালৰ সৈতে আল্লাহৰ পথত জিহাদ কৰিছে। তেওঁলোকেই হৈছে সত্যনিষ্ঠ।” [আল-হুজৰাত, আয়াত: ১৫]
৭। ব্যক্তিগত আৰু সামাজিক সংশোধনৰ জৰিয়তে পৃথিৱী আৰু পৰকালৰ সুখ-শান্তি অৰ্জন কৰা আৰু আল্লাহৰ ওচৰত ছোৱাব তথা সন্মান লাভ কৰা। এই প্ৰসঙ্গত আল্লাহ তা‘আলাই কৈছেঃ “পুৰুষ হওক বা নাৰী ঈমানৰ অৱস্থাত যিয়েই সৎকৰ্ম কৰিব, নিশ্চয় আমি তাক পৱিত্ৰ জীৱন দান কৰিম। লগতে অৱশ্যে আমি তেওঁলোকক তেওঁলোকে যি আমল কৰিছিল তাতোকৈ শ্ৰেষ্ঠ প্ৰতিদান প্ৰদান কৰিম।” [আন-নাহল আয়াত: ৯৭]
এইবোৰ হৈছে ইছলামী আক্বীদাৰ কেইটামান উদ্দেশ্য আৰু লক্ষ্য। আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, তেওঁ যেন আমাক আৰু সকলো মুছলমানকে এইবোৰ অৰ্জনৰ তাওফীক দান কৰে। নিশ্চয় তেওঁ অত্যন্ত দয়ালু পৰম দানশীল। সকলো ধৰণৰ প্ৰশংসা বিশ্বজগতৰ প্ৰতিপালক মহান আল্লাহৰ বাবে।
আল্লাহৰ তৰফৰ পৰা দৰূদ আৰু ছালাম বৰ্ষিত হওক আমাৰ প্ৰিয় নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত আৰু তেওঁৰ পৰিয়াল বৰ্গ লগতে ছাহাবায়ে কেৰামৰ ওপৰত।
লেখকৰ কলমেৰে সমাপ্ত
মুহাম্মদ আচ-ছলেহ আল-উছাইমীন
Related books
All books
তিনিটা মূলনীতি আৰু ইয়াৰ প্ৰমাণসমূহ73 ভাষাতিনিটা মূলনীতি আৰু ইয়াৰ প্ৰমাণসমূহ
এই কিতাপখনত এজন মুছলিমে শিকিবলগীয়া অত্যাৱশ্যকীয় মৌলিক নীতিসমূহ আলোচনা কৰা হৈছে: যেনে- আল্লাহৰ পৰিচয়, দ্বীন ইছলামৰ পৰিচয়, আৰু নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰিচয়। লগতে কোৰআন আৰু হাদীছৰ দলিলৰ আলোকত ঈমান আৰু সৎ আমল গঢ়ি তোলাত এই নীতিসমূহৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হৈছে।
ইছলাম হৈছে আল্লাহৰ ৰাছুলসকলৰ ধৰ্ম85 ভাষাইছলাম হৈছে আল্লাহৰ ৰাছুলসকলৰ ধৰ্ম
ইছলামৰ হৈছে, বিশ্বজগতৰ স্ৰষ্টা তথা পৰিচালক আল্লাহৰ ওচৰত আত্মসমৰ্পন কৰা, লগতে মুহাব্বত আৰু শ্ৰদ্ধাৰ সৈতে তেওঁৰ আনুগত্য কৰা তথা তেওঁৰ ওচৰত নত স্বীকাৰ কৰাৰ নাম। ইছলামৰ মূল ভিত্তি হৈছে আল্লাহৰ প্ৰতি ঈমান। অৰ্থাৎ এই বিশ্বাস পোষণ কৰা যে, আল্লাহেই হৈছে সৃষ্টিকৰ্তা আৰু তেওঁৰ বাহিৰে সকলোৱে হৈছে মখলুক বা সৃষ্টি। একমাত্ৰ তেৱেঁই ইবাদতৰ উপযুক্ত, তেওঁৰ কোনো অংশীদাৰ নাই। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁৰ আছে সুন্দৰ সুন্দৰ নাম আৰু সৰ্বোচ্চ গুণাৱলী। লগতে তেৱেঁই ত্ৰুটিহীন নিঃ চৰ্ত পৰিপূৰ্ণতাৰ অধিকাৰী। তেওঁ কাকো জন্ম দিয়া নাই আৰু তেৱোঁ কাৰো পৰা জন্ম লোৱা নাই। তেওঁৰ কোনো সমকক্ষ বা সমতুল্য নাই। তেওঁ…
الدروس المهمة لعامة الأمة78 ভাষাالدروس المهمة لعامة الأمة
يهدف الكتاب إلى تعليم المسلمين أساسيات دينهم بطريقة مبسطة وشاملة. يتناول مجموعة من الدروس المهمة مثل قراءة الفاتحة وقصار السور، وأركان الإسلام والإيمان، وأقسام التوحيد والشرك، وشروط وأركان وواجبات الصلاة، بالإضافة إلى مبطلاتها، مع بيان مختصر لشروط الوضوء وفروضه ونواقضه. كما يسلط الضوء على التحلي بالأخلاق الإسلامية والآداب الشرعية، ويقدم إرشادات لطيفة حول تجهيز الميت والصلاة عليه ودفنه.
পৱিত্ৰ কোৰআন আৰু হাদীছৰ আলোকত ইছলাম সম্পৰ্কে সংক্ষিপ্ত আলোচনা71 ভাষাপৱিত্ৰ কোৰআন আৰু হাদীছৰ আলোকত ইছলাম সম্পৰ্কে সংক্ষিপ্ত আলোচনা
ইছলাম ইছলামৰ সংক্ষিপ্ত পৰিচয় সম্পৰ্কে এইখন এখন অতি গুৰুত্বপূৰ্ণ পুস্তিকা। ইয়াত ইছলামৰ গুৰুপূৰ্ণ বিধি-বিধানসমূহ আৰু শিক্ষা তথা বৈশিষ্ট্যবোৰ ইছলামৰ মূল উৎসৰ আলোকত অৰ্থাৎ কোৰআন আৰু হাদীছৰ আলোকত বৰ্ণনা কৰা হৈছে। পৰিৱেশ পৰিস্থিতি ভিন ভিন হোৱা সত্তেও এই পুস্তিকাখনৰ দ্বাৰা প্ৰত্যেক সময় আৰু প্ৰত্যেক স্থানৰ মুছলিম আৰু অমুছলিমক সম্বোধন কৰা হৈছে। এইখন কোৰআন আৰু হাদীছৰ দলিলৰ দ্বাৰা সুসজ্জিত সংস্কৰণ ১) ইছলাম হৈছে গোটেই মানৱজাতিৰ প্ৰতি আল্লাহৰ অন্তিম আৰু অমৰ বাৰ্তা, যাৰ দ্বাৰা ঐশ্বৰীয় ধৰ্ম আৰু বাৰ্তাসমূহৰ সমাপন কৰা হৈছে। ইছলাম হৈছে আল্লাহৰ ফালৰ পৰা গোটেই মানৱজাতিৰ প্ৰতি প্ৰেৰিত বাৰ্তা। আল্লাহ তাআলাই কৈছেঃ…