المختصر في صفة العمرة وأحكامها
ওমৰাৰ সংক্ষিপ্ত পদ্ধতি আৰু ইয়াৰ বিধি-বিধান
ওমৰাৰ সংক্ষিপ্ত পদ্ধতি আৰু ইয়াৰ বিধি-বিধান
সকলো ধৰণৰ প্ৰশংসা বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ বাবে, দৰূদ আৰু ছালাম বৰ্ষিত হওক আমাৰ প্ৰিয় নবী মুহাম্মদৰ ওপৰত, আৰু তেখেতৰ পৰিয়ালবৰ্গ, লগতে তেখেতৰ সকলো চাহাবাৰ ওপৰত।
তাৰ পিছতঃ
এইখন হৈছে ওমৰাৰ বিৱৰণ, বিধি-বিধান আৰু নিয়ম-নীতি সম্পৰ্কীয় এটি সংক্ষিপ্ত পুস্তিকা। আমি ইয়াত ওমৰাহকাৰীৰ বাবে প্ৰয়োজনীয় অধিকাংশ বিষয় দাঙি ধৰাৰ চেষ্টা কৰিছোঁ।
মহান আল্লাহৰ ওচৰত দুআ কৰোঁ, তেওঁ যেন ইয়াক তেওঁৰ সন্তুষ্টিৰ বাবে নিৰ্দিষ্ট কৰি লয়, আৰু ইয়াৰ মাধ্যমত সকলো মুছলিমকে উপকৃত হোৱাৰ তাওফীক প্ৰদান কৰে।
বিভিন্ন ভাষাত ইছলামিক কণ্টেণ্টৰ সেৱা প্ৰদানকাৰী সংস্থাৰ গৱেষণা সমিতি
ভূমিকা
প্ৰথমঃ ইবাদত কবূল হোৱাৰ চৰ্তসমূহ
আল্লাহৰ ওচৰত ইবাদত কবূল হ'বলৈ দুটা চৰ্ত অত্যন্ত জৰুৰী।
ইখলাচঃ অৰ্থাৎ নিৰ্ভেজালভাৱে একমাত্ৰ আল্লাহৰ সন্তুষ্টি অৰ্জনৰ উদ্দেশ্যে আৰু আখিৰাতৰ বাবে ইবাদত কৰিব লাগিব। যেনে- মহান আল্লাহে কৈছেঃ "আৰু সিহঁতক কেৱল এই নিৰ্দেশ দিয়া হৈছিল যে, সিহঁতে যেন আল্লাহৰ ইবাদত কৰে তেওঁৰ বাবেই যেন দ্বীনক একনিষ্ঠ কৰে।" [1] [ছুৰা আল-বায়্যিনাহঃ ৫] অৰ্থাৎ আল্লাহৰ অভিমূখী হৈ আৰু তেওঁৰ ইবাদতত নিবেদিত থাকি, লগতে সকলো বস্তুৰ পৰা বিমুখ হৈ একনিষ্ঠভাৱে ইবাদত কৰিব লাগিব। (তাফছীৰ ছাদী পৃষ্ঠা নং ৫৩৮)
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "সকলো কাম (ৰ প্ৰাপ্য) হ’ব নিয়্যত অনুযায়ী, আৰু মানুহে তাৰ নিয়্যত অনুযায়ী প্ৰতিফল লাভ কৰিব।" [2] (বুখাৰীঃ ১, আৰু মুছলিমঃ ১৯০৭)
দ্বিতীয় চৰ্তটো হৈছে, ইবাদত পালনৰ ক্ষেত্ৰত কথা আৰু কৰ্মত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুসৰণ কৰিব লাগিব। তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যিয়ে আমাৰ দ্বীনৰ মাজত এনে কোনো নতুন বিষয় সংযুক্ত কৰিব যিটো তাৰ অংশ নহয়, সেইটো প্ৰত্যাখ্যাত। (অৰ্থাৎ সেইটো গ্ৰহণযোগ্য নহয়)। মুছলিমৰ (১৭১৮) বৰ্ণনাত আছেঃ "যিয়ে এনেকুৱা কোনো আমল কৰিছে, যিটো আমাৰ চৰীয়তত নাই সেইটো প্ৰত্যাখ্যাত।" [3] (বুখাৰীঃ ২৬৯৭, আৰু মুছলিমঃ ১৭১৮) [4] (মুছলিমঃ ১৭১৮)
***
দ্বিতীয়ঃ ওমৰাৰ পদ্ধতি আৰু ইয়াৰ নিয়ম-নীতি শিকাৰ বিধান
নিৰ্ভেজালভাৱে আল্লাহৰ ইবাদত কৰিব বিচৰা প্ৰতিজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দেখুৱাই দিয়া দিশ-নিৰ্দেশনাসমূহ শিকা উচিত। যাতে তেওঁ প্ৰতিটো আমল ছুন্নত অনুসৰি পালন কৰিব পাৰে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মানুহক তেখেতৰ অনুসৰণ কৰিবলৈ আৰু তেখেতৰ দিশ-নিৰ্দেশনাসমূহ মানি চলিবলৈ উৎসাহিত কৰিছে। মালিক বিন হুৱাইৰিছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "ছালাত আদায় কৰা, যেনেকৈ মোক ছালাত আদায় কৰোঁতে দেখিছা।" [5] (বুখাৰীঃ হাদীছ নং ৬০০৮)
জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ "(হজ্জৰ সময়ত) কুৰবানী ঈদৰ দিনা নবী চাল্লাল্লাহু আলাইহি অছাল্লামক বাহনৰ ওপৰৰ পৰা শিলগুটি নিক্ষেপ কৰা দেখিছোঁ। লগতে তেখেতে এই কথা কৈছিল যে, তোমালোকে হজ্জৰ নিয়ম নীতিবোৰ শিকি লোৱা, কাৰণ মই নাজানো হয়তো এই হজ্জৰ পিছত মই আৰু হজ্জ কৰিব পাৰোঁ নে নাই।" [6] (মুছলিমঃ ১২৯৭)
***
তৃতীয়ঃ ওমৰাৰ ফজীলত বা গুৰুত্ব
ওমৰাৰ দুটা ফজীলতঃ ব্যাপক আৰু বিশেষ।
ব্যাপকঃ
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "ওমৰাহ হৈছে, দুটা ওমৰাৰ মাজত হোৱা গুনাহৰ কাফ্ফাৰাহ। আনহাতে হজ্জে মাবৰূৰৰ প্ৰতিদান জান্নাতৰ বাহিৰে আন একো নহয়।" [7] (বুখাৰীঃ ১৭৭৩, আৰু মুছলিমঃ ১৩৪৯)
আব্দুল্লাহ বিন মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে হজ্জ আৰু ওমৰাহ বাৰে বাৰে কৰিবা, কিয়নো ইয়াৰ ফলত দৰিদ্ৰতা দূৰ হয় আৰু গুনাহ মোচন হয়, যিদৰে জুইশালত লোহা, সোণ আৰু ৰূপ উত্তপ্ত কৰিলে মামৰ গুচি যায়। হজ্জে মাবৰূৰৰ (যি হজ্জত কোনো ধৰণৰ গুনাহ কৰা হোৱা নাই।) ছোৱাব হৈছে কেৱল জান্নাত।" মাউজাউ নাৰিল হাদ্দাদ অচ্ছায়েগ (লোহাৰ কাম কৰা আৰু সোণৰ কাম কৰা লোকৰ জুইৰ স্থান।) ইবনে আব্দুল বাৰ্ৰৰ আত-তামহীদ (১৫/১০২) [9] (তিৰমিজীঃ ৮১০ আৰু নাছায়ীঃ ২৬৩১)
বিশেষ ওমৰাহ হৈছে, ৰমাজান মাহত কৰা ওমৰাহ। আব্দুল্লাহ ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "ৰমাজান মাহত কৰা ওমৰাৰ প্ৰতিদান হৈছে মোৰ সৈতে হজ্জ কৰাৰ সমান ছোৱাব।"[3] অৰ্থাৎ মোৰ সৈতে হজ্জ কৰাৰ সমান ছোৱাব। অন্যান্য বৰ্ণনাতো এই কথা উল্লেখ হৈছে।
***
ওমৰাৰ পদ্ধতি
প্ৰথমঃ মীকাতৰ বিধান
মীকাত কোৱা হয় সেইবোৰ স্থানক, যিবোৰ স্থানক নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হজ্জ বা ওমৰাহ পালনৰ ইচ্ছা পোষণকাৰী ব্যক্তিৰ বাবে এহৰাম পৰিধানৰ ঠাই হিচাপে নিৰ্ধাৰণ কৰিছে।
যিয়ে হজ্জ বা ওমৰাৰ নিয়্যত কৰি এই মীকাতসমূহৰ যিকোনো এটা মীকাত অতিক্ৰম কৰিব বিচাৰিব, তাৰ বাবে সেই স্থানত এহৰাম পৰিধান কৰাটো অনিবাৰ্য্য। এহৰাম পৰিধান নকৰাকৈ মীকাত অতিক্ৰম কৰা বৈধ নহয়।
যিয়ে এই মীকাতসমূহতৰ তুলনাত মক্কাৰ নিকটৱৰ্তী ঠাইত থাকে, তেওঁৰ মীকাত হৈছে নিজৰ অৱস্থানস্থল। তেওঁ সেই স্থানৰ পৰাই হজ্জ আৰু ওমৰাৰ এহৰাম পৰিধান কৰি নিয়্যত কৰিব পাৰিব।
মক্কাৰ বাসিন্দাসকলে আৰু যিসকলে মক্কাত থকা অৱস্থাত এহৰাম পৰিধান কৰিব বিচাৰে, তেওঁলোকে হজ্জৰ বাবে মক্কাৰ পৰাই এহৰাম পৰিধান কৰিব। কিন্তু ওমৰাৰ বাবে তেওঁলোকে পৱিত্ৰ সীমাৰ বাহিৰলৈ যাব লাগিব, যেনে- তানঈম বা তেনেকুৱা স্থানলৈ গৈ এহৰাম পৰিধান কৰি আহিব লাগিব।
যদি কোনোবাই বিমানযোগে আহে, তেন্তে তেওঁ মীকাত পোৱাৰ আগতেই এহৰাম পৰিধান কৰা উচিত। গতিকে তেওঁ মীকাতত উপনীত হোৱাৰ আগতেই এহৰাম পৰিধান কৰি প্ৰস্তুত হৈ থাকিব লাগে। মীকাতত উপনীত হৈ কেৱল নিয়্যত কৰিব, বিমানবন্দৰত বিমান অৱতৰণ কৰালৈকে বিলম্ব কৰাটো বৈধ নহয়। বিমান দ্ৰুতগতিত চলাৰ কাৰণে মীকাত পাৰ হোৱাৰ আশংকাত, সাৱধানতাবশতঃ মীকাতত উপনীত হোৱাৰ আগতেই তালবিয়া পাঠ কৰাৰ অনুমতি আছে।
দ্বিতীয়: এহৰামৰ পদ্ধতি আৰু বিধান
এহৰাম পৰিধান কৰিব বিচৰা ব্যক্তিয়ে নিম্নলিখিত বিষয়বোৰ পালন কৰিব লাগে:
গোছল কৰা। নাৰী পুৰুষ উভয়ৰে বাবে এই সময়ছোৱাত গোছল কৰাটো ছুন্নতে মুআক্কাদা (গুৰুত্বপূৰ্ণ ছুন্নত), আনকি মাহেকীয়া বা প্ৰসৱিত্ৰী অৱস্থাত থকা মহিলায়ো গোছল কৰিব লাগে।
উত্তম সুগন্ধি ব্যৱহাৰ কৰা, সেয়া সুগন্ধিমূলক তেল হওক বা ওদ আতৰ আদি, এইবোৰ মূৰ আৰু দাড়িত লগোৱা উচিত। এহৰাম পৰিধান কৰাৰ পাছতো যদি সেই সুগন্ধি থাকে তথাপিও কোনো অসুবিধা নাই। কিন্তু সুগন্ধি থকা কোনো আতৰেই ব্যৱহাৰ কৰা নাৰীৰ বাবে বৈধ নহয়, কাৰণ ইয়াৰ ফলত গায়েৰ-মাহৰাম পুৰুষে সুগন্ধি পাব পাৰে।
এহৰামৰ কাপোৰ পৰিধান কৰা। ইয়াৰ ভিতৰত আছে চিলাই বিহীন লুঙ্গী আৰু এখন চাদৰ। ছুন্নাহ হৈছে যে, এই কাপোৰ দুখন বগা আৰু পৰিষ্কৃত তথা নতুন হ'ব লাগে। নাৰীসকলে সৌন্দৰ্য প্ৰকাশ নকৰাকৈ যিকোনো কাপোৰ পৰিধান কৰিব পাৰে। কিন্তু এই সময়ছোৱাত নিকাব (মুখৰ আবৰণ) আৰু হাত মোজা (গ্লাভছ) পৰিধান কৰা উচিত নহয়। ইয়াৰ বাহিৰে বেলেগ উপায়ে নিজৰ মুখমণ্ডল আৰু হাত পৰ্দাত ৰাখিব।
নামাজৰ পিছত এহৰাম পৰিধান কৰিব লাগে, সেয়া ফৰজ নামাজ হওক বা নফল নামাজ। কিন্তু এইটো বাধ্যতামূলক নহয়।
ইয়াৰ পিছত এইদৰে ক’ব লাগে: "লাব্বাইকা আল্লাহুম্মা উমৰাতান" (হে আল্লাহ! মই তোমাৰ আহ্বানত সঁহাৰি দি ওমৰাহ কৰিবলৈ উপস্থিত হৈছোঁ)। আনহাতে যদি তেওঁ বেলেগ কাৰোবাৰ হৈ ওমৰাহ কৰিবলৈ আহিছে তেন্তে এইদৰে ক’ব: "লাব্বাইকা আল্লাহুম্মা উমৰাতান আন.... [সেই ব্যক্তিৰ নাম ল’ব]"।
যদি কোনো ব্যক্তিয়ে এহৰাম পৰিধান কৰাৰ সময়ত এই আশংকা কৰে যে, তেওঁ হজ্জ বা ওমৰাহ পালনত বাধাগ্ৰস্থ হোৱাৰ সম্ভাৱনা আছে, তেন্তে তেওঁ এহৰাম পৰিধান কৰাৰ সময়ত চৰ্ত সাপেক্ষে এহৰাম পৰিধান কৰিব আৰু এইদৰে ক’ব: "লাব্বাইকা আল্লাহুম্মা উমৰাতান, অ ইন হাবাছানী হাবিছ, ফামাহাল্লী হাইছু হাবাছতানী।" এই চৰ্ত অনুযায়ী এহৰাম পৰিধান কৰাৰ পিছত তেওঁ যদি কোনো বাধাৰ সন্মুখীন হয় তেন্তে সেই ঠাইতে তেওঁ এহৰাম খুলিব পাৰিব, ইয়াৰ ফলত তেওঁৰ কোনো অসুবিধা নহয়।
ইয়াৰ পিছত বেছি বেছি তালবিয়া পাঠ কৰিব: "লাব্বাইকা আল্লা-হুম্মা লাব্বাইক; লাব্বাইকা লা শ্বাৰিকা লাকা লাব্বাইক; ইন্নাল হামদা অন-নিমাতা, লাকা অল-মুল্ক, লা শ্বাৰীকা লাক।"[4] পুৰুষসকলে উচ্চস্বৰে তালবিয়া পাঠ কৰিব, এইদৰে পৰপুৰুষ নাথাকিলে নাৰীসকলে সশব্দে তালবিয়া পাঠ কৰিব। এহৰাম পৰিধান কৰা ব্যক্তিয়ে বেছি বেছি তালবিয়া পাঠ কৰিব লাগে, বিশেষকৈ সময় আৰু অৱস্থা পৰিবৰ্তনৰ সময়ত, যেনে- ওখ ঠাই আৰোহণ কৰাৰ সময়ত, ওপৰৰ পৰা তললৈ নমাৰ সময়ত, দিনে- ৰাতি সকলো সময়তে। যেতিয়া বান্দাই (لبيك) "লাব্বাইক" বুলি কয়ঃ তেতিয়া ইয়াৰ অৰ্থ হয়, হে মোৰ প্ৰতিপালক! মই তোমাৰ আহ্বানত বাৰে বাৰে সঁহাৰি দিওঁ। অৰ্থাৎ বান্দা তাৰ প্ৰতিপালকৰ আনুগত্যত উপস্থিত হৈছে আৰু তেওঁৰ উপাসনাত অটল আছে। ( "إن الحمد والنعمة لك والملك") "সকলো ধৰণৰ প্ৰশংসা, সকলো প্ৰকাৰ নিয়ামত আৰু ৰাজত্ব কেৱল তোমাৰেই"। الحمد : হৈছে কোনো সত্ত্বাৰ প্ৰশংসা পূৰ্ণাংগৰূপে মুহাব্বত আৰু শ্রদ্ধা সহকাৰে প্ৰকাশ কৰা; যদি সেই প্ৰশংসা বাৰে বাৰে কৰা হয় তেন্তে সেইটোক আৰবী ভাষাত ছানা ( ثناء) বুলি কোৱা হয়। والنعمة হৈছে, সেই খাইৰ অ বৰকত যিটো আল্লাহে বান্দাসকলক প্ৰদান কৰে, পছন্দনীয় বস্তু লাভ কৰা আৰু অপছন্দনীয় বিষয় দূৰ হোৱাটো ইয়াৰ অন্তৰ্ভুক্ত। (الملك) "ৰাজত্ব" অৰ্থাৎ ৰাজত্ব একমাত্ৰ তোমাৰেই। কাৰণ একমাত্ৰ আল্লাহেই হৈছে প্ৰকৃত মালিক। (لا شريك لك) "তোমাৰ কোনো অংশীদাৰ নাই": অৰ্থাৎ আল্লাহৰ পূৰ্ণাংগ চিফাতৰ ভিতৰত কাৰো কোনো অংশীদাৰিত্ব নাই। সেয়া ৰাজত্বৰ ক্ষেত্ৰতে হওক বা সৃষ্টিৰ ক্ষেত্ৰত, নাইবা পৰিচালনা আৰু ইবাদতৰ ক্ষেত্ৰত, কোনো ক্ষেত্ৰতে তেওঁৰ কোনো অংশীদাৰ নাই। মাজমূ‘ ফতোৱা অ ৰাছা-ইল শ্বাইখ আল-উছাইমীন (২২/৯৬)-ৰ পৰা সংগৃহীত।
ওমৰাত এহৰাম পৰিধান কৰাৰ পিছৰ পৰা তাৱাফ আৰম্ভ নকৰালৈকে তালবিয়া পাঠ কৰিব লাগে।
এহৰাম অৱস্থাত মুহৰিম ব্যক্তিয়ে সেই সকলোবোৰ কাম বৰ্জন কৰিব লাগে, যিবোৰ এহৰাম পৰিধান কৰা অৱস্থাত কৰা নিষিদ্ধ, যেতিয়ালৈকে তেওঁ হালাল নহ'ব।
তৃতীয়ঃ তাৱাফৰ পদ্ধতি
মুহৰিম ব্যক্তিয়ে যেতিয়া মছজিদে হাৰামত প্ৰৱেশ কৰিব, তেতিয়া তেওঁ সোঁ ভৰি প্ৰথমে প্ৰৱেশ কৰোৱাটো ছুন্নত। লগতে মছজিদত প্ৰৱেশৰ দুআ পাঠ কৰিব। এই ক্ষেত্ৰত সঠিক সূত্ৰত বৰ্ণিত দুআটো হৈছে এইদৰে কোৱাঃ আল্লা-হুম্মাফতাহলী আবৱাবা ৰাহমাতিক। এই দুআটো যিকোনো মছজিদত প্ৰৱেশ কৰাৰ সময়তে পঢ়িব লাগে। এইটো কেৱল মছজিদে হাৰামৰ সৈতে নিৰ্দিষ্ট নহয়।
তাৱাফ আৰম্ভ কৰাৰ সময়ত তালবিয়া বন্ধ কৰিব, আৰু এহৰামৰ চাদৰটো ইজতিবা কৰি ল'ব। ইজতিবা হৈছেঃ চাদৰখনৰ মাজভাগ সোঁ হাতৰ কাষলতিৰ তলেৰে পাৰ কৰি চাদৰৰ দুয়ো মূৰ বাওঁ কান্ধৰ ওপৰত ৰাখিব। তাৱাফ শেষ কৰাৰ পিছত চাদৰখন আকৌ পূৰ্বাৱস্থালৈ ঘূৰাই আনিব, যিদৰে তাৱাফৰ পূৰ্বে আছিল। কাৰণ কেৱল তাৱাফৰ সময়তহে ইজতিবা কৰিব লাগে।
ইয়াৰ পিছত হাজাৰে আছৱাদ চুমা খাবলৈ আগুৱাই যাব, যদি চুমা খোৱাৰ সুযোগ নাথাকে তেন্তে হাতেৰে স্পৰ্শ কৰিব আৰু হাতত চুমা খাব, যদি হাতেৰেও স্পৰ্শ কৰা সম্ভৱ নহয় তেন্তে বেলেগ কোনো বস্তুৰে স্পৰ্শ কৰিব, যেনে- লাখুটি আদিৰে আৰু স্পৰ্শ কৰাৰ পিছত সেইটোক চুমা খাব। যদি এইটোও সম্ভৱ নহয় তেন্তে হাজাৰে আছৱাদৰ ফালে মুখ কৰি থিয় হৈ হাতেৰে ইংগিত কৰিব, কিন্তু এই অৱস্থাত হাতত চুমা নাখাব। উত্তম এইটোৱে যে, ভিৰ কৰা উচিত নহয়। মানুহক কষ্ট দিয়াও উচিত নহয় আৰু নিজেও কষ্টত পৰা ঠিক নহয়।
হাজৰে আছৱাদ স্পৰ্শ কৰাৰ সময়ত বা ইংগিত কৰাৰ সময়ত (الله أكبر) আল্লাহু আকবাৰ বুলি ক'ব লাগে।
ইয়াৰ পিছত কাবা ঘৰক বাওঁফালে ৰাখি সোঁ দিশত তাৱাফ আৰম্ভ কৰিব, ৰুকনে য়ামানী পোৱাৰ পিছত, ৰুকনে য়ামানীক চুমা নোখোৱাকৈ স্পৰ্শ কৰিব, যদি স্পৰ্শ কৰা সম্ভৱ নহয় তেন্তে ভিৰ নকৰিব আৰু ইংগিত কৰাৰো প্ৰয়োজন নাই।
ৰুকনে য়ামানীৰ পৰা হাজৰে আছৱাদৰ মাজৰ ঠাইখিনিত এই দুআ পাঠ কৰিবঃ (رَبَّنَا آتِنَا فِي الدُّنْيَا حَسَنَةً وَفِي الْآخِرَةِ حَسَنَةً وَقِنَا عَذَابَ النَّارِ) "ৰাব্বানা আ-তিনা ফিদ্দুনিয়া হাছানাহ, অফিল আ-খিৰাতি হাছানাহ, অক্বিনা আজাবান না-ৰ।" অৰ্থঃ হে আমাৰ প্ৰতিপালক! আমাক পৃথিৱীত কল্যাণ প্ৰদান কৰা আৰু আখিৰাততো কল্যাণ দান কৰা, লগতে আমাক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰা।
যেতিয়াই হাজৰে আছৱাদৰ ওচৰলৈ আহিব তেতিয়াই হাতেৰে ইংগিত কৰিব আৰু ক'বঃ (الله أكبر) আল্লাহু আকবাৰ।
তাৱাফৰ সময়ছোৱাত নিজৰ পছন্দ মতে যিকোনো দুআ, জিকৰ-আজকাৰ আৰু কোৰআন পাঠ কৰিব পাৰে।
প্ৰথম তিনি তাৱাফত ৰমল কৰা ছুন্নত। ৰমল হৈছে অকণমান খৰকৈ দৌৰি যোৱাৰ নিচিনাকৈ খোজকাঢ়ি যোৱা। বাকী চাৰি তাৱাফত ৰমলৰ প্ৰয়োজন নাই, সেইকেইটাত স্বাভাৱিকভাৱে খোজকাঢ়ি তাৱাফ কৰিব।
তাৱাফ শেষ কৰি মাক্বামে ইব্ৰাহীমৰ ফালে যাব আৰু এই আয়াত পাঠ কৰিবঃ (وَاتَّخِذُوا مِنْ مَقَامِ إِبْرَاهِيمَ مُصَلّىً)، [ছুৰা আল-বাক্বাৰাহঃ ১২৫] ইয়াৰ পিছত যদি সম্ভৱ হয় মাক্বামে ইব্ৰাহীমৰ পিছফালে দুই ৰাকাত নামাজ পঢ়িব। যদি ঠাই পোৱা নাযায় তেন্তে মছজিদৰ যিকোনো স্থানতে পঢ়িলেই হ'ল। প্ৰথম ৰাকাতত ছুৰা ফাতিহাৰ পিছত, ক্বুল ইয়া আয়্যুহাল কাফিৰূন। অৰ্থাৎ ছুৰা আল-কাফিৰূন পাঠ কৰিব। [ছুৰা আল-কাফিৰূনঃ ১] আৰু দ্বিতীয় ৰাকাতত ছুৰা ফাতিহাৰ পিছত, ক্বুল হুৱাল্লা-হু আহাদ। অৰ্থাৎ ছুৰা ইখলাচ পাঠ কৰিব। [ছুৰা আল-ইখলাচঃ ১]
চতুৰ্থঃ ছায়ী কৰাৰ পদ্ধতি
তাৱাফ আৰু দুই ৰাকাত নামাজ আদায় কৰাৰ পিছত ছায়ী কৰাৰ স্থানলৈ যাব। চাফাৰ ওচৰলৈ গৈ এই আয়াত পাঠ কৰিবঃ (إِنَّ الصَّفَا وَالْمَرْوَةَ مِنْ شَعَائِرِ اللَّه) [ছুৰা আল-বাক্বাৰাহঃ ১৫৮] ইয়াৰ পিছত ক'বঃ "أبدأ بما بدأ الله به". (অৰ্থাৎ আল্লাহে যিটোৰ পৰা আৰম্ভ কৰিছে, ময়ো সেইটোৰ পৰা আৰম্ভ কৰিলোঁ।) "أبدأ بما بدأ الله به". (অৰ্থাৎ আল্লাহে যিটোৰ পৰা আৰম্ভ কৰিছে, ময়ো সেইটোৰ পৰা আৰম্ভ কৰিলোঁ।)[12] [12] (মুছলিমঃ ১২১৮)
ইয়াৰ পিছত চাফাৰ ওপৰলৈ উঠিব, যাতে কা'বা দেখা পোৱা যায়, অথবা কাবাৰ ফালে মুখ কৰি থিয় হ'বঃ লগতে আলহাম্দুলিল্লাহ আৰু আল্লাহু আকবাৰ কৈ এই দুআ তিনিবাৰ পাঠ কৰিবঃ (لا إله إلا الله وحده لا شريك له، له الملك وله الحمد، وهو على كل شيء قدير، لا إله إلا الله وحده، أنجز وعده، ونصر عبده، وهزم الأحزاب وحده) ইয়াৰ পিছত নিজৰ ইচ্ছা মতে দুআ কৰিব। (لَا إِلَهَ إِلَّا اللهُ وَحْدَهُ لَا شَرِيكَ لَهُ، لَهُ الْمُلْكُ وَلَهُ الْحَمْدُ، وَهُوَ عَلَى كُلِّ شَيْءٍ قَدِيرٌ، لَا إِلَهَ إِلَّا اللهُ وَحْدَهُ، أَنْجَزَ وَعْدَهُ، وَنَصَرَ عَبْدَهُ، وَهَزَمَ الْأَحْزَابَ وَحْدَهُ) লা ইলা-হা ইল্লাল্লা-হু অহদাহু লা শ্বাৰীকা লাহু, লাহুল মুল্কু অলাহুল হাম্দু, অহুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ। আনজাঝা অ'দাহ, অনাচাৰা আব্দাহ, অহাঝামাল আহঝা-বা অহদাহ। (আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। ৰাজত্ব তেওঁৰেই আৰু প্ৰশংসাও কেৱল তেওঁৰেই। তেওঁ সকলো ক্ষেত্ৰতে ক্ষমতাৱান। যিয়ে নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিছে, আৰু তেওঁৰ বান্দাক সহায় কৰিছে, আৰু শত্ৰুদলক অকলেই পৰাস্ত কৰিছে।) এই দুআটো তিনিবাৰ পাঠ কৰি নিজৰ ইচ্ছা মতে দুআ কৰিব। [13] [13] (মুছলিমঃ ১২১৮)
ইয়াৰ পিছত মাৰৱাৰ পিনে যাবলৈ চাফাৰ পৰা খোজকাঢ়ি নামি আহিব। সেউজীয়া সংকেতত আহি দৌৰি পাৰ হ'ব। দ্বিতীয় সেউজীয়া সংকেতত আহি স্বাভাৱিকভাৱে খোজকাঢ়ি পাৰ হ'ব। নাৰীসকলে দৌৰি পাৰ হোৱা উচিত নহয়।
মাৰৱাত উপস্থিত হৈ সেইবোৰ কৰিব, যিবোৰ চাফাত উপস্থিত হৈ কৰিছিল। (চাওক ২নং পেৰেগ্ৰাফ)
ইয়াৰ পিছত চাফাৰ পিনে যাবলৈ মাৰৱাৰ পৰা খোজকাঢ়ি নামি আহিব। সেউজীয়া সংকেতত আহি দৌৰি পাৰ হ'ব। দ্বিতীয় সেউজীয়া সংকেতত আহি স্বাভাৱিকভাৱে খোজকাঢ়ি পাৰ হ'ব।
এইদৰে সাতবাৰ কৰিব। চাফাৰ পৰা মাৰৱালৈ যোৱাটো হৈছে এটা ছায়ী, আৰু মাৰৱাৰ পৰা চাফালৈ অহাটো হৈছে আন এটা ছায়ী।
ছায়ী কৰাৰ সময়ছোৱাত নিজৰ পছন্দ মতে যিকোনো দুআ, জিকৰ-আজকাৰ আৰু কোৰআন পাঠ কৰিব পাৰে।
পঞ্চমঃ মূৰৰ চুলি চুটি কৰা বা মুণ্ডন কৰা
ওমৰাহকাৰীয়ে তাৱাফ আৰু ছায়ী শেষ কৰাৰ পিছত পুৰুষসকলে মূৰৰ চুলি খুৰাই পেলাব লাগে অথবা চুলি চুটি কৰি ল'ব লাগে। ছুন্নত হৈছে মূৰৰ চুলি খুৰাই পেলোৱা অথবা সম্পূৰ্ণ মূৰৰ চুলি চুটি কৰা।
চুলি চুটি কৰাতকৈ মুণ্ডন কৰা উত্তম। কিন্তু হজ্জৰ সময় নিকটৱৰ্তী হ'লে, চুলি গজাৰ সম্ভাৱনা নাথাকিলে চুলি চুটি কৰাই লোৱাটোৱে উত্তম।
আনহাতে নাৰীসকলে এক আঙুলি পৰিমাণ চুলি চুটি কৰি ল'ব লাগে।
এহৰামৰ নিষিদ্ধ বিষয়সমূহ
এহৰামৰ নিষিদ্ধ বিষয়সমূহ হৈছেঃ
চুলি, মোচ আৰু শৰীৰৰ যিকোনো ঠাইৰ নোম খুৰোৱা বা উঘালি পেলোৱা তথা কটা নিষেধ।
হাত ভৰিৰ নখ চুটি কৰা বা একেবাৰে উঠাই পেলোৱা নিষেধ।
এনেকুৱা বস্তুৰে মূৰ ঢাকি ৰখা নিষেধ, যিটো মূৰৰ সৈতে লাগি থাকে, যেনে- টুপি, পাগুৰি, গুতৰা আদি। এইদৰে মূৰৰ ওপৰত চাদৰ ৰখা, বা ৰুমাল নাইবা কম্বল অথবা কাৰ্টন আদি যিবোৰৰ দ্বাৰা সচৰাচৰ মানুহে মূৰ ঢাকি ৰাখে। এইটো কেৱল পুৰুষসকলৰ বাবে নিষিদ্ধ, নাৰীসকলৰ বাবে নহয়।
সচৰাচৰ পৰিধান কৰা কাপোৰ, যেনে- জুব্বা, পাইজামা, কামিচ, মোজা আৰু হাতমোজা আদি পিন্ধা নিষিদ্ধ। এই বিধানটো কেৱল পুৰুষসকলৰ বাবে। আনহাতে নাৰীসকলৰ বাবে কেৱল নিৰ্দিষ্ট কেইটামান বস্তু নিষিদ্ধ, যেনে-
নিকাব, মুখ ঢাকি ৰখা পৰ্দা বা লিছাম আদি পিন্ধা নিষেধ। কিন্তু পৰপুৰুষৰ সন্মুখত সামৰ্থ অনুযায়ী মুখ ঢকাৰ চেষ্টা কৰিব। এই ক্ষেত্ৰত যিটো বস্তুৰে মুখমণ্ডল ঢাকিব, সেইটো মুখমণ্ডলত স্পৰ্শ কৰিলেও কোনো অসুবিধা নাই। ইয়াৰ বাহিৰে নাৰীসকলে মূৰত পট্টী বান্ধি লোৱাটো উচিত নহয়, এই উদ্দেশ্যে যে, সেই পৰ্দা যাতে মুখমণ্ডলত স্পৰ্শ নকৰে। কোৰআন হাদীছত এইটো কৰাৰ কোনো প্ৰমাণ নাই।
হাতমোজা পিন্ধা নিষেধ, কিন্তু পৰপুৰুষৰ সন্মুখত হাত ঢাকি ৰখা অনিবাৰ্য্য। এইক্ষেত্ৰত হাত বোৰকাৰ আঁৰত সোমোৱাই ল'ব পাৰে।
শৰীৰত বা এহৰামৰ কাপোৰত সুগন্ধি ব্যৱহাৰ কৰা নিষেধ।
স্থলৰ কোনো জীৱ-জন্তু হত্যা কৰা বা চিকাৰ কৰা নিষেধ।
নিজৰ কাৰণে হওক বা বেলেগৰ কাৰণে বিবাহৰ প্ৰস্তাৱ দিয়া নিষেধ।
নিকাহৰ বৈঠক কৰাও নিষেধ।
স্ত্ৰীক চুমা খোৱা বা কামনাৰ সৈতে স্পৰ্শ কৰা নিষেধ।
যৌন মিলন কৰা নিষেধ।
ওমৰাৰ কৰণীয়সমূহৰ সংক্ষিপ্ত বিৱৰণ (কভাৰ পেজত থাকিব নাইবা শেষ পৃষ্ঠাত থাকিব)
১- গোছল কৰা।
২- সুগন্ধি ব্যৱহাৰ কৰা।
৩- এহৰামৰ কাপোৰ পৰিধান কৰা।
৪- এহৰাম কৰা। অৰ্থাৎ ওমৰাৰ কৰণীয়সমূহ পালন কৰিবলৈ প্ৰৱেশৰ সময়ত নিয়্যত কৰা।
৫- তালবিয়াহ পাঠ কৰা।
৬- বাইতুল্লাহৰ (কাবা ঘৰৰ) তাৱাফ কৰা।
৭- মাক্বামে ইব্ৰাহীমৰ পিছফালে দুই ৰাকাত নামাজ পঢ়া।
৮- চাফা আৰু মাৰৱাৰ মাজত ছায়ী কৰা।
৯- মূৰ খুৰোৱা বা চুলি চুটি কৰা। আল্লাহেই সৰ্বজ্ঞ। দৰূদ আৰু ছালাম বৰ্ষিত হওক আমাৰ প্রিয় নবী মুহাম্মদৰ ওপৰত।