آداب السفر وأحكامه
ভ্ৰমণ সম্পৰ্কীয় নীতি-নিয়ম আৰু বিধি-বিধান সকলো ধৰণৰ প্ৰশংসা বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ বাবে, দৰূদ আৰু ছালাম বৰ্ষিত হওক আমাৰ প্ৰিয় নবী মুহাম্মদৰ ওপৰত, আৰু তেখেতৰ পৰিয়ালবৰ্গ, লগতে তেখেতৰ সকলো চাহাবাৰ ওপৰত।
ভ্ৰমণ সম্পৰ্কীয় নীতি-নিয়ম আৰু বিধি-বিধান সকলো ধৰণৰ প্ৰশংসা বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ বাবে, দৰূদ আৰু ছালাম বৰ্ষিত হওক আমাৰ প্ৰিয় নবী মুহাম্মদৰ ওপৰত, আৰু তেখেতৰ পৰিয়ালবৰ্গ, লগতে তেখেতৰ সকলো চাহাবাৰ ওপৰত।
তাৰ পিছতঃ
এইটো হৈছে ভ্ৰমণৰ নীতি-নিয়ম আৰু বিধি-বিধান সম্পৰ্কীয় এটি সংক্ষিপ্ত পুস্তিকা। আমি ইয়াত ভ্ৰমণকাৰীৰ বাবে প্ৰয়োজনীয় অধিকাংশ বিষয় দাঙি ধৰাৰ চেষ্টা কৰিছোঁ।
মহান আল্লাহৰ ওচৰত দুআ কৰোঁ, তেওঁ যেন ইয়াক তেওঁৰ সন্তুষ্টিৰ বাবে নিৰ্দিষ্ট কৰি লয়, আৰু ইয়াৰ মাধ্যমত সকলো মুছলিমকে উপকৃত হোৱাৰ তাওফীক প্ৰদান কৰে।
বিভিন্ন ভাষাত ইছলামিক কণ্টেণ্টৰ সেৱা প্ৰদানকাৰী সংস্থাৰ গৱেষণা সমিতি
প্ৰথমঃ ভ্ৰমণ সম্পৰ্কীয় শিষ্টাচাৰ
হজ্জ বা অন্যান্য ইবাদতৰ উদ্দশ্যে ভ্ৰমণকাৰী ব্যক্তিয়ে নিম্নলিখিত বিষয়বোৰৰ প্ৰতি মনোযোগ দিয়া উচিতঃ
১- সময়, বাহন, সংগী আৰু একাধিক পথ থাকিলে, পথ নিৰ্ধাৰণৰ ক্ষেত্ৰত মহান আল্লাহৰ ওচৰত ইস্তিখাৰা কৰিব লাগে, লগতে এই বিষয়ত অভিজ্ঞ আৰু ধাৰ্মিক ব্যক্তিসকলৰ সৈতে পৰামৰ্শ কৰিব লাগে। বিশেষকৈ হজ্জ আৰু ওমৰাৰ ক্ষেত্ৰত এইটো কৰিবই লাগে। কিয়নো নিশ্চয় এইটো হৈছে এটা উত্তম পদক্ষেপ। ইস্তিখাৰাৰ পদ্ধতি হৈছে, দুই ৰাকাত নামাজ পঢ়ি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণিত ইস্তিখাৰাৰ সেই দুআটো পাঠ কৰিব লাগে।
২- হজ্জ আৰু ওমৰাহ পালনকাৰী ব্যক্তিয়ে নিজৰ হজ্জ আৰু ওমৰাৰ মাধ্যমত আল্লাহৰ সন্তুষ্টি আৰু তেওঁৰ নৈকট্য লাভৰ নিয়ত কৰা ওৱাজিব। লগতে সাৱধান থকা উচিত যে, এই ক্ষেত্ৰত যাতে কোনো ধৰণৰ পাৰ্থিৱ লাভৰ উদ্দেশ্য, অহংকাৰ, উপাধি অৰ্জন, অথবা লোকক দেখুৱাবলৈ বা খ্যাতি অৰ্জন কৰিবলৈ কোনো ইচ্ছা নাথাকে। কিয়নো এইবোৰ হৈছে আমল বাতিল হোৱাৰ তথা গৃহীত নোহোৱাৰ অন্যতম কাৰণ। মহান আল্লাহে পৱিত্ৰ কোৰআনত কৈছেঃ কোৱা, ‘মই তোমালোকৰ দৰেই এজন মানুহ, মোৰ প্ৰতি অহী হয় যে, তোমালোকৰ ইলাহ একমাত্ৰ সত্য ইলাহ। সেয়ে যিয়ে তাৰ প্ৰতিপালকৰ সাক্ষাৎ কামনা কৰে, তাৰ উচিত সৎকৰ্ম কৰা আৰু তাৰ প্ৰতিপালকৰ ইবাদতত আন কাকো অংশী নকৰা’। (ছুৰা আল-কাহাফঃ ১১০) লগতে হাদীছে কুদছিত আহিছে যে, মই সকলো অংশীদাৰৰ শ্বিৰ্কৰ পৰা মুক্ত। যদি কোনোবাই এনেকুৱা কোনো আমল কৰে, যি আমলত সি মোৰ সৈতে আনক অংশী কৰে, তেন্তে মই তাক আৰু তাৰ এই শ্বিৰ্কক বৰ্জন কৰোঁ।[1] [1] (মুছলিমঃ ২৯৮৫)
৩- হজ্জযাত্ৰী আৰু ওমৰাহ পালনকাৰী ব্যক্তিয়ে ছফৰত ওলাই যোৱাৰ আগতে হজ্জ তথা ওমৰাৰ বিধান আৰু ছফৰৰ বিধানবোৰ জানি লোৱা আৱশ্যক। যাতে তেওঁৰ দ্বাৰা কোনো ওৱাজিব আমলৰ প্ৰতি অৱহেলা নহয় অথবা কোনো হাৰাম কামত লিপ্ত নহয়। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "আল্লাহে যাৰ মঙ্গল বিচাৰে, তাক দ্বীনৰ ‘ইল্ম (জ্ঞান) দান কৰে।"[2] [2] (বুখাৰীঃ ৩১১৬, আৰু মুছলিমঃ ১০০)
৪- হজ্জযাত্ৰী তথা ওমৰাহ পালনকাৰী ব্যক্তিয়ে হজ্জ আৰু ওমৰাৰ বাবে হালাল অৰ্থ (টকা পইচা) নিৰ্বাচন কৰিব লাগে। কিয়নো মহান আল্লাহ হৈছে পৱিত্ৰ, সেয়ে তেওঁ পৱিত্ৰ বস্তুৰ বাহিৰে বেলেগ একো গ্ৰহণ নকৰে। ইয়াৰ ওপৰিও হাৰাম সম্পদৰ ফলত দুআ কবূল নহয়।
৫- তেওঁ সকলো পাপকৰ্ম আৰু সীমালংঘনৰ পৰা তাওবা কৰা উচিত। লগতে তেওঁ যদি কাৰোবাৰ অধিকাৰ খৰ্ব কৰিছে তেন্তে সেইটো ওভোতাই দিব লাগিব। সেয়া ধন-সম্পদ হওক বা মান-সন্মান অথবা আন কোনো বস্তু।
৬- মুছাফিৰে নিজৰ অছিয়ত তথা তেওঁৰ ওপৰত যি ঋণ আছে আৰু তেওঁ বেলেগৰ ওচৰত যি পাবলগীয়া আছে সেয়া লিখি ৰখা মুস্তাহাব। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিজন মুছলিমৰ ওচৰত কিবা অছিয়ত কৰিব পৰা কোনো বিষয় আছে তেন্তে তেনেকুৱা ব্যক্তিয়ে অছিয়ত লিপিবদ্ধ কৰি নৰখাকৈ দুই ৰাতিও অতিবাহিত কৰা উচিত নহয়।" [3] তেওঁ সেই বিষয়ত সাক্ষী ৰখা উচিত, যাতে সেই ব্যক্তিয়ে তেওঁৰ ফালৰ পৰা সেই ঋণ পৰিশোধ কৰি দিয়ে, তথা আমানত উপযুক্ত ব্যক্তিক হস্তান্তৰ কৰে নাইবা নিজৰ ওচৰত ৰাখিবলৈ অনুমতি গ্ৰহণ কৰে। [3] (বুখাৰীঃ ২৭৩৮, আৰু মুছলিমঃ ১৬২৭)
৭- মুছাফিৰ ব্যক্তিয়ে এজন সংগী নিৰ্বাচন কৰা মুস্তাহাব। লগতে তেওঁ শ্বাৰয়ী জ্ঞান অৰ্জনৰ ক্ষেত্ৰত আগ্ৰহী হ'ব লাগে। কাৰণ এইটো হৈছে সফলতাৰ মাধ্যম, লগতে ভ্ৰমণ তথা হজ্জ আৰু ওমৰাৰ ক্ষেত্ৰত হোৱা ভুল ত্ৰুটিৰ পৰা ৰক্ষা পোৱাৰ অন্যতম উপায়। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মানুহে নিজৰ বন্ধুৰ পথ অনুকৰণ কৰে। গতিকে তোমালোকৰ মাজৰ প্ৰত্যেকেই মনোযোগ দিয়া উচিত যে, সি কাক বন্ধুৰূপে গ্ৰহণ কৰিছে।" [4] লগতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই কথাও কৈছেঃ "মুমিন ব্যক্তিৰ বাহিৰে আন কাৰোবাক সংগী হিচাপে গ্ৰহণ নকৰিবা, লগতে মনোযোগ ৰাখিবা মুত্তাক্বী ব্যক্তিৰ বাহিৰে বেলেগ কোনেও যেন তোমাৰ খাদ্য ভক্ষণ নকৰে।" [5] [4] (আবু দাউদঃ ৪৮৩৩) [5] আবু দাউদ (হাদীছ নং ৪৮৩২), তিৰমিজী (হাদীছ নং ২৩৯৫)।
৮- মুছাফিৰ ব্যক্তিক তেওঁৰ পৰিয়ালবৰ্গই, প্ৰতিৱেশীয়ে আৰু সংগী-সাৰথিসকলে বিদায় জনোৱাটো মুস্তাহাব। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ ছফৰত যাবলৈ মনস্থ কৰা ব্যক্তিয়ে, পৰিয়ালবৰ্গ তথা এৰি থৈ যাবলগীয়া লোকসকলক এই বুলি দুআ দিব লাগেঃ (আস্তাওদিউকুমুল্লাহাল লাজী লা য়ুদ্বীউ অদায়েউহ) অৰ্থঃ মই তোমালোকক আল্লাহৰ হিফাজতত এৰি থৈ গৈ আছোঁ, যাৰ ওচৰত থৈ দিয়া আমানত কেতিয়াও বিনষ্ট নহয়।[6] এইদৰে কোনো চাহাবীয়ে যেতিয়া ছফৰত যাবলৈ ওলাইছিল তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক এই বুলি বিদায় জনাই দুআ দিছিলঃ (আছতাওদিউল্লা-হা দ্বীনাকা, ৱাআমানাতাকা, অখাৱাতীমা আমালিক।)[7] এইদৰে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত কোনো মুছাফিৰে উপদেশ বিচাৰিলে এই বুলি দুআ দিছিলঃ "আল্লাহে তোমাক তাক্বৱা দান কৰক, তোমাৰ গুনাহ খাতা মাফ কৰক, আৰু তুমি য'তে নাথাকা কিয়, তোমাৰ বাবে সকলো কল্যাণ সহজ কৰি দিয়ক।" [8] এইদৰে এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ছফৰত যোৱাৰ কথা উল্লেখ কৰিলে আৰু ক'লেঃ হে আল্লাহৰ ৰাছুল! মোক উপদেশ দিয়ক, তেতিয়া তেখেতে ক'লেঃ "মই তোমাক এই কথাৰ উপদেশ দিওঁ যে, তুমি আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, আৰু প্ৰতিটো ওখ ঠাই আৰোহণৰ সময়ত তাকবীৰ পাঠ কৰিবা।" সেই ব্যক্তিজন গুচি যোৱাৰ সময়ত তেখেতে কৈছিলঃ " হে আল্লাহ! ইয়াৰ বাবে পৃথিৱীক সংকুচিত কৰি দিয়া আৰু ইয়াৰ ছফৰটোক সহজ কৰি দিয়া।"[9] [6] (তাবৰাণীঃ ৮২৩) [7] (মুছনাদে আহমদঃ ৪৫২৪) [8] (তিৰমিজীঃ ৩৪৪৪) [9] (মুছনাদে আহমদঃ ৯৭২৪)
৯- মুছাফিৰ ব্যক্তিয়ে ছফৰত ঘণ্টা, বাঁহী আৰু কুকুৰ লগতলৈ যোৱা উচিত নহয়। আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত হাদীছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "(ৰহমতৰ) ফিৰিস্তাহ সেই ভ্ৰমণকাৰী দলৰ সৈতে নাথাকে যিসকলৰ লগত কুকুৰ আৰু ঘণ্টা থাকে।"[10] [10] (মুছলিমঃ ২১১৩)
১০- যদি ভ্ৰমণত যাব বিচৰা ব্যক্তিৰ একাধিক স্ত্ৰী থাকে আৰু তেওঁলোকৰ মাজৰ যিকোনো এজনীক লগতলৈ যাব বিচাৰে তেন্তে তেওঁ সিহঁতৰ মাজত লটাৰি কৰা উচিত আৰু লটাৰিত যাৰ নাম আহিব তাক লগতলৈ যোৱা উচিত। আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহু চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া ছফৰলৈ ওলাইছিল তেতিয়া তেখেতে তেখেতৰ স্ত্ৰীসকলৰ মাজত লটাৰি কৰিছিল, আৰু যাৰ নাম ওলাইছিল তাকেই লগতলৈ গৈছিল।[11] [11] (বুখাৰীঃ ২৫৯৩, আৰু মুছলিমঃ ২৭৭০)
১১- সম্ভৱ হ'লে বৃহস্পতিবাৰৰ দিনৰ আৰম্ভণিতে ছফৰলৈ ওলোৱা মুস্তাহাব। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এনেকুৱা কৰিছিল। কাআব বিন মালিক ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ "ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ছফৰলৈ ওলাওঁতে বৃহস্পতিবাৰৰ বাহিৰে বেলেগ দিনা খুবেই কম ওলাইছিল।"[12] [12] (বুখাৰীঃ হাদীছ নং ২৯৪৯)
[12] ছফৰ হওক বা বেলেগ কোনো সময়ত ঘৰৰ পৰা ওলোৱাৰ সময়ত দুআ পঢ়ি লোৱা মুস্তাহাব। ঘৰৰ পৰা ওলোৱাৰ সময়ত এই দুআ পঢ়িব লাগেঃ বিছমিল্লাহি তাৱাক্কালতু আলাল্লাহ, লা হাওলা অলা কুওৱাতা ইল্লা বিল্লাহ, আল্লা-হুম্মা ইন্নি আউজুবিকা আন আজিল্লা আও উজাল্লা, আও আঝিল্লা আও উঝাল্লা, আও আজলামা আও উজলামা, আও আজহালা আও ইউজহালা আলাইয়্যা। [13] [13] (আবু দাউদঃ ৫০৯৪)
১৩- লগতে তেওঁ যেতিয়া বাহনত আৰোহণ কৰিব, সেয়া কোনো জন্তু হওক বা গাড়ী নাইবা বিমান আদি তেতিয়া এই দুআ পাঠ কৰিবঃ «اللَّهُ أَكْبَرُ، اللَّهُ أَكْبَرُ، اللَّهُ أَكْبَرُ ثُمَّ يَقُولُ: {سُبْحَانَ الَّذِي سَخَّرَ لَنَا هَذَا وَمَا كُنَّا لَهُ مُقْرِنِينَ وَإِنَّا إِلَى رَبِّنَا لَمُنْقَلِبُونَ} [الزخرف: 14] اللَّهُمَّ إِنَّا نَسْأَلُكَ فِي سَفَرِنَا هَذَا الْبِرَّ وَالتَّقْوَى، وَمِنَ الْعَمَلِ مَا تَرْضَى، اللَّهُمَّ هَوِّنْ عَلَيْنَا السَّفَرَ، وَاطْوِ عَنَّا بُعْدَهُ، اللَّهُمَّ أَنْتَ الصَّاحِبُ فِي السَّفَرِ، وَالْخَلِيفَةُ فِي الْأَهْلِ، اللَّهُمَّ إِنِّي أَعُوذُ بِكَ مِنْ وَعْثَاءِ [14] السَّفَرِ، وَكَآبَةِ المنظر[15]، وسوء الْمُنْقَلَبِ[16] فِي الْمَالِ وَالْأَهْلِ..» [17]. "আল্লাহু আকবাৰ, আল্লাহু আকবাৰ, আল্লাহু আকবাৰ, ছুবহা-নাল লাজী ছাখখৰা লানা হা-জা অমা কুন্না লাহু মুক্বৰিনীন। ৱা ইন্না ইলা ৰাব্বিনা লামুংক্বালিবূন। আল্লা-হুম্মা ইন্না নাছআলুকা ফী ছাফাৰিনা হা-জাল বিৰ্ৰা অত-তাক্বৱা, অমিনাল আমালি মা তাৰদ্বা, আল্লা-হুম্মা হাওৱিন আলাইনা ছাফাৰানা হা-জা, অত্বৱি আন্না বু'দাহ, আল্লা-হুম্মা আনতাচ চা-হিবু ফিচ ছফৰ, অলখালীফাতু ফিল আহল, আল্লা-হুম্মা ইন্নি আউজুবিকা মিন অ'ছা-য়িচ ছফৰ, অকাআবাতিল মানজাৰ, অছুয়িল মুনকালাবি ফিল মা-লি অল আহল।" [14] وعثاء السفر: অৰ্থাৎ ছফৰৰ কষ্ট আৰু বিপদ-আপদৰ পৰা। চাওকঃ আল-ইফছাহ আন মাআনিচ ছিহাহ (৪/২৮৪) [15] (كآبة المنظر) অৰ্থাৎ দুশ্চিন্তাৰ কাৰণে হোৱা চেহেৰা পৰিবৰ্তনৰ পৰা। চাওকঃ আল-ইফছাহ ‘আন মাআনীছ ছিহাহ (৪/২৮৪) [16] ((وسوء المنقلب): অৰ্থাৎ অনিষ্টকৰ প্ৰত্যাৱৰ্তনৰ পৰা। চাওকঃ আল-ইফছাহ ‘আন মাআনীছ ছিহাহ (৪/২৮৪) [17] (মুছনাদে আহমদঃ ৬৩৭৪)
১৪- সংগী নোহোৱাকৈ ছফৰ নকৰাটোৱে হৈছে মুছাফিৰৰ বাবে মুস্তাহাব। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "অকলশৰীয়া ভ্ৰমণ সম্পৰ্কে মই যি জানো, সেয়া যদি মানুহে জানিলেহেঁতেন তেন্তে কোনো আৰোহীয়েই ৰাতি অকলশৰীয়াকৈ ভ্ৰমণ নকৰিলেহেঁতেন।"[18] [18] (বুখাৰীঃ হাদীছ নং ২৯৯৮)
১৫- মুছাফিৰসকলে নিজৰ মাজতে এজনক আমীৰ নিযুক্ত কৰিব লাগে। ইয়াৰ ফলত তেওঁলোকৰ ভিন্ন মতক একমত কৰিবলৈ, লগতে তেওঁলোকৰ ঐক্য আৰু লক্ষ্য অৰ্জনক শক্তিশালী কৰিবলৈ সহায়ক হ'ব। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যেতিয়া তিনিজন ব্যক্তি ভ্ৰমণলৈ ওলাব, তেতিয়া তেওঁলোকে যেন নিজৰ মাজৰে এজনক আমীৰ বনাই লয়।"[19] [19] (আবু দাউদঃ ২৬০৮)
১৬- মুছাফিৰ ব্যক্তিয়ে আল্লাহে ওৱাজিব কৰা ইবাদতসমূহ পালন কৰিব, হাৰামসমূহ বৰ্জন কৰিব, আৰু উত্তম চৰিত্ৰ অৱলম্বন কৰিব লাগে। এইদৰে যাৰ সহায়-সহযোগিতাৰ প্ৰয়োজন তাক সহায়-সহযোগিতা কৰিব। যদি কোনোবাই কিবা শিকিব বিচাৰে তাক শিক্ষা দিব। নিজৰ ধন-সম্পদৰ ক্ষেত্ৰত উদাৰ হ'ব লাগে, সেয়ে তেওঁ নিজৰ হিতৰ কাৰণে আৰু সংগী তথা ভাতৃৰ হিতত ব্যয় কৰিব লাগে।
১৭- ছফৰত প্ৰয়োজন হোৱা সম্বল যথেষ্ট পৰিমাণে লগত লৈ যোৱা উচিত। কাৰণ কেতিয়াবা প্ৰয়োজন দেখা দিয়ে আৰু পৰিস্থিতি পৰিবৰ্তন হোৱা দেখা যায়।
১৮- ছফৰত সকলো ক্ষেত্ৰতে হাঁহিমুখে, আনন্দচিত্তে থকা উচিত আৰু সংগীসকলক উৎসাহিত কৰা উচিত। যাতে তেওঁ বেলেগক ভালপায় আৰু তেৱোঁ আনৰ ভালপোৱাৰ পাত্ৰ হয়।
১৯- লগতে সংগীসকলৰ ৰূঢ় আচৰণ আৰু তেওঁলোকৰ বিৰোধী মতৰ প্ৰতি ধৈৰ্য ধাৰণ কৰা আৰু তেওঁলোকৰ সৈতে সৰ্বোত্তম আচৰণ কৰা। যাতে তেওঁ তেওঁলোকৰ মাজত সন্মানিত হয় আৰু তেওঁলোকৰ অন্তৰত ঠাই কৰি লয়।
২০- মুছাফিৰসকলে যেতিয়া কোনো ঠাইত আশ্ৰয় লোৱাৰ বাবে অৱস্থান কৰিব, তেতিয়া তেওঁলোকে ইজনে সিজনৰ কাষত থাকিব লাগে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কিছুমান চাহাবাই যেতিয়া কোনো ঠাইত আশ্ৰয় শিবিৰ পাতিছিল তেতিয়া তেওঁলোকে উপত্যাকা আৰু নিম্নাঞ্চলৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ পৰিছিল, তাকে দেখি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকক কৈছিলঃ "উপত্যকা তথা নিম্নাঞ্চলত সিঁচৰতি হৈ বিভিন্ন ঠাইত তোমালোকৰ আশ্ৰয় লোৱাটো হৈছে চয়তানৰ প্ৰৰোচনা।"[20] ইয়াৰ পিছৰ পৰা তেওঁলোকে য'তেই আশ্ৰয় লৈছে ত'তে ওচৰা ওচৰিকৈ থাকিছে, আনকি ইমান ওচৰা-ওচৰিকৈ থাকিছে যে, এখন চাদৰ যদি তেওঁলোকৰ ওপৰত পাৰি দিয়া হ'লহেঁতেন তেন্তে সেইটোৱে যথেষ্ট হ'লহেঁতেন। [20] (মুছনাদে আহমদঃ ১৭৭৩৬)
২১- মুছাফিৰ ব্যক্তিয়ে যেতিয়া ছফৰত কোনো ঠাইত আশ্ৰয় লয়, তেতিয়া তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ দ্বাৰা প্ৰমাণিত দুআ পঢ়ি আশ্ৰয় লোৱা উচিত। "মই পূৰ্ণ বাক্যৰ জৰিয়তে আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ তেওঁ যি সৃষ্টি কৰিছে তাৰ অনিষ্টৰ পৰা"। [21] কিয়নো যদি তেওঁ এই দুআটো পাঠ কৰে, তেন্তে সেই আশ্ৰয় লোৱা ঠাইৰ পৰা প্ৰস্থান নকৰালৈকে একোৱে তাৰ কোনো ক্ষতি কৰিব নোৱাৰিব। [21] (মুছলিমঃ ২৭০৮)
২২- মুছাফিৰ ব্যক্তিয়ে ওখ ঠাই আৰোহণ কৰাৰ সময়ত আল্লাহু আকবাৰ আৰু নিম্ন স্থান তথা উপত্যকাত অৱতৰণ কৰাৰ সময়ত ছুবহানাল্লাহ বুলি কোৱাটো মুস্তাহাব। জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ "আমি কোনো ওখ ঠাই আৰোহণ কৰিলে আল্লাহু আকবাৰ কৈছিলোঁ, আৰু অৱতৰণ কৰিলে ছুবহানাল্লাহ কৈছিলোঁ।"[22] কিন্তু উচ্চস্বৰে তাকবীৰ পাঠ নকৰিব। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "হে মানৱজাতি! তোমালোকে নিজৰ প্ৰতি কোমলতা অৱলম্বন কৰা। কাৰণ তোমালোকে কোনো বধিৰ আৰু অনুপস্থিত সত্ত্বাক আহ্বান কৰা নাই। নিশ্চয় তেওঁ তোমালোকৰ লগত আছে, কিয়নো তেওঁ সৰ্বশ্ৰোতা আৰু অত্যন্ত নিকটৱৰ্তী।"[23] [22] (বুখাৰীঃ হাদীছ নং ২৯৯৪) [23] (বুখাৰীঃ হাদীছ নং ২৯৯৩)
২৩- মুছাফিৰ ব্যক্তিয়ে ৰাতি তথা ৰাতিৰ আৰম্ভণিতে যাত্ৰা আৰম্ভ কৰা মুস্তাহাব। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে ৰাতিত ছফৰ কৰা। কাৰণ ৰাতিত পৃথিৱীক গোটাই লোৱা হয়।"[24] [24] (আবু দাউদঃ ২৫৭১)
২৪- ছফৰত বেছি বেছি দুআ কৰাটো মুস্তাহাব। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তিনি ধৰণৰ লোকৰ দুআ নিশ্চিতভাৱে কবূল হয়। নিৰ্যাতিত ব্যক্তিৰ দুআ, মুছাফিৰৰ দুআ আৰু সন্তানৰ বিৰুদ্ধে পিতৃ-মাতৃৰ দুআ।"[25] [25] (মুছনাদে আহমদঃ ১০৭৭১)
***
দ্বিতীয়ঃ ছফৰৰ সময়ত পৱিত্ৰতা
মুছাফিৰ ব্যক্তিয়ে নিজৰ পৱিত্ৰতাৰ ক্ষেত্ৰত যত্ন লোৱাটো অনিবাৰ্য্য। সৰু নাপাকীৰ ক্ষেত্ৰত অজু কৰিব লাগিব আৰু ডাঙৰ নাপাকীৰ ক্ষেত্ৰত গোছল কৰিব লাগিব।
যদি মুছাফিৰ ব্যক্তিয়ে পানী বিচাৰি নাপায়, অথবা নিজৰ লগত ইমান পৰিমাণ পানী আছে যিটো তেওঁৰ পানাহাৰৰ বাবে প্ৰয়োজন হ'ব, তেন্তে তেনে ক্ষেত্ৰত মুছাফিৰ ব্যক্তিয়ে তায়াম্মুম কৰিব।
তায়াম্মুম কৰাৰ পদ্ধতিঃ দুয়ো হাতেৰে মাটিত আঘাত কৰিব আৰু তাৰ দ্বাৰা মুখ আৰু দুয়ো হাতৰ কব্জি বা সৰুগাঁঠিলৈকে মছেহ কৰিব।
তায়াম্মুমৰ পৱিত্ৰতা হৈছে এটা অস্থায়ী পৱিত্ৰতা। পানী পোৱা গ'লেই তায়াম্মুম ভংগ হৈ যাব আৰু তাৰ বাবে পানী ব্যৱহাৰ কৰাটো ওৱাজিব হৈ পৰিব। এইদৰে যদি কোনোবাই গোছল ফৰজ হোৱাৰ পিছত তায়াম্মুম কৰিছে তেন্তে তাৰ বাবে গোছল ওৱাজিব হৈ পৰিব। আনহাতে যদি কোনোবাই শৌচ-প্ৰস্ৰাৱৰ পৰা আহি তায়াম্মুম কৰিছে তেনে ক্ষেত্ৰত পানী পোৱাৰ পিছত তেওঁ কেৱল অজু কৰি ল'ব। হাদীছত আহিছে যে, "পৱিত্ৰ মাটি হৈছে মুছলিমৰ বাবে অজুৰ উপকৰণ, যদিও তেওঁ দহ বছৰলৈকে পানীৰ সম্ভেদ নাপায়। কিন্তু পানী পোৱাৰ পিছত তেওঁ আল্লাহক ভয় কৰা উচিত আৰু নিজৰ শৰীৰত পানী ব্যৱহাৰ কৰা উচিত।"[26] [26] (মুছনাদে বাজ্জাৰঃ ১০০৬৮)
কোৰআন, ছুন্নাহ আৰু আহলে ছুন্নত অল-জামাআতৰ ইজমা অনুসৰি মোজাৰ ওপৰত মছেহ কৰাটো চৰীয়তসন্মত।
মোজা আৰু ইয়াৰ অনুৰূপ বস্তুৰ ওপৰত মছেহ কৰাৰ কেইটিমান চৰ্ত আছেঃ
১- মোজা চামৰাৰ হওক বা কাপোৰৰ, সেইটো পৱিত্ৰ হ'ব লাগিব।
২- পৱিত্ৰতা অৰ্জন কৰাৰ পিছত পৰিধান কৰিব লাগিব।
৩- যিখিনি অংশ পানীৰে ধোৱা ওৱাজিব, সেইখিনি অংশ মোজাৰ দ্বাৰা আবৃত কৰিব লাগিব।
৪- মছেহ কেৱলমাত্ৰ সৰু নাপাকীৰ ক্ষেত্ৰতহে প্ৰযোজ্য। এতেকে ডাঙৰ নাপাকীৰ ক্ষেত্ৰত অথবা গোছল ওৱাজিব হোৱাৰ ক্ষেত্ৰত মছেহ কৰা বৈধ নহয়।
৫- চৰীয়তে নিৰ্ধাৰণ কৰা সময়ৰ ভিতৰতে মছেহ কৰিব লাগিব। সেই নিৰ্ধাৰিত সময় হৈছে মুক্বীমৰ বাবে এদিন আৰু এক ৰাতি, আনহাতে মুছাফিৰৰ বাবে তিনি দিন তিনি ৰাতি। সঠিক মত অনুসৰি মছেহ কৰাৰ সময়কাল নাপাক হোৱাৰ পিছত প্ৰথমবাৰ মছেহ কৰাৰ পৰা আৰম্ভ হয়, ইয়াৰ পিছৰ পৰা মুক্বীমৰ বাবে চব্বিশ ঘণ্টা আৰু মুছাফিৰৰ বাবে বাসত্তৰ ঘণ্টা।
তিনিটা বিষয়ৰ যিকোনো এটা হ'লেই মোজাৰ ওপৰত মছেহ কৰাটো বাতিল হৈ পৰেঃ
১- যদি গোছল ওৱাজিব হয়, যেনে- স্ত্ৰী মিলনৰ পিছত গোছল ওৱাজিব হয়। এনে ক্ষেত্ৰত মছেহ বাতিল হ'ব আৰু গোছল কৰাটো আৱশ্যক।
২- মছেহ কৰাৰ পিছত যদি মোজা খুলি পেলোৱা হয়।
৩- এইদৰে চৰীয়তে নিৰ্ধাৰণ কৰা সময়সীমা পাৰ হ'লে মছেহ ভংগ হৈ যায়।
***
ভ্ৰমণত ছালাত কচৰ কৰাৰ নিয়ম-নীতি
ছফৰত তথা ভ্ৰমণত নামাজ সম্পূৰ্ণ পঢ়াতকৈ কচৰ কৰাটো উত্তম। কিন্তু যদি কোনো মুছাফিৰে চাৰি ৰাকাত বিশিষ্ট নামাজ, চাৰি ৰাকাত পৰিপূৰ্ণৰূপে পঢ়ে তেন্তে তেওঁৰ নামাজ হৈ যাব কিন্তু এইটো হৈছে উত্তমৰ পৰিপন্থী।
মুছাফিৰ ব্যক্তিয়ে নিজৰ অঞ্চল তথা চহৰৰ পৰা ওলাই যোৱাৰ পিছৰ পৰাই কচৰ কৰিব পাৰিব। এইটো হৈছে জমহুৰ (অধিকাংশ) উলামাসকলৰ অভিমত।
যদি তেওঁ নামাজৰ সময় আৰম্ভ হোৱাৰ পিছত ভ্ৰমণ কৰে, তেন্তে তেওঁ কচৰ কৰিব পাৰিব। কিয়নো তেওঁ সময় শেষ হোৱাৰ আগতেই ছফৰত ওলাই পৰিছে।
এইদৰে প্ৰয়োজনত জোহৰ আৰু আচৰ, লগতে মাগৰিব আৰু ঈশ্বাৰ নামাজ জমা (এটা সময়তে আদায়) কৰাটো ছুন্নত। যদি তেওঁৰ বাবে ছফৰ কঠিন হয় অথবা ক্ৰমাগত ছফৰত থাকিবলগীয়া হয় তেন্তে তেওঁ দুটাৰ যিকোনো এটা কৰা উচিত যিটো তেওঁৰ বাবে সহজ, জমা তাক্বদীম (অগ্ৰিম জমা) কৰক বা জমা তাখীৰ (বিলম্বিত জমা)।
যদি মুছাফিৰৰ বাবে দুটা নামাজ জমা কৰিবলগীয়া নহয় তেন্তে নকৰাই উচিত। উদাহৰণস্বৰূপে তেওঁ যদি কোনো ঠাইত অৱস্থান কৰিছে আৰু তেওঁ দ্বিতীয় নামাজ আৰম্ভ হোৱাৰ আগতে সেই ঠাই ত্যাগ নকৰে তেন্তে তেনে ক্ষেত্ৰত জমা নকৰাই ভাল। কাৰণ এই ক্ষেত্ৰত জমা আদায় কৰাৰ তেওঁৰ কোনো প্ৰয়োজন নাই। এই কাৰণেই নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বিদায়ী হজ্জৰ সময়ত মিনাত অৱস্থান কালত নামাজ জমা কৰা নাছিল। কাৰণ ইয়াৰ কোনো প্ৰয়োজন নাছিল।
আনহাতেে মুছাফিৰ ব্যক্তিয়ে মুক্বীম ব্যক্তিৰ দৰেই নফল নামাজ পঢ়িব পাৰে। এতেকে তেওঁ চাস্তৰ নামাজ, তাহাজ্জুদ, ৱিতিৰ আৰু অন্যান্য নফল নামাজ পঢ়িব পাৰিব। কিন্তু জোহৰ, মাগৰিব, ঈশ্বা আদিৰ ছুনান ৰাৱাতিব নপঢ়াটোৱে ছুন্নত।
যান বাহনত ছফৰৰ সময়ত নফল নামাজ আদায় কৰা বৈধ। যেনে- বিমান, গাড়ী, জাহাজ অথবা অন্যান্য পৰিবহণত। আনহাতে ফৰজ নামাজৰ ক্ষেত্ৰত যদি তেওঁ অপাৰগ নহয় তেন্তে নামিব লাগিব।
মুক্বীম ইমামৰ পিছফালে মুছাফিৰৰ নামাজ শুদ্ধ আৰু মুছাফিৰ ব্যক্তিয়ে ইমামৰ দৰেই নামাজ সম্পন্ন কৰিব। তেওঁ সেই ইমামৰ পিছফালে আৰম্ভণিৰ পৰা চামিল হওক অথবা এক ৰাকাত পাওক নাইবা তাতোকৈ কম। আনকি শেষ তাশ্বাহহুদত ছালামৰ আগতো যদি গৈ তেওঁ নামাজত চামিল হয় তথাপিও সম্পূৰ্ণ নামাজ পঢ়িব লাগিব। (এই ক্ষেত্ৰত কচৰ নহ'ব)। এইটোৱে হৈছে উলামাসকলৰ সঠিক অভিমত।
***
চতুৰ্থঃ হজ্জ, ওমৰাহ বা ছফৰৰ পৰা উভতি অহাৰ নিয়ম-নীতি
তেওঁ ছফৰৰ পৰা যিমান সোনকালে পাৰে উভতি অহা উচিত। প্ৰয়োজন নোহোৱাকৈ ছফৰত বেছি সময় থকা উচিত নহয়। কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "ছফৰ হৈছে এক প্ৰকাৰ শাস্তি। ইয়াৰ ফলত তোমালোকৰ খোৱা-বোৱা আৰু টোপনিত ব্যাঘাত জন্মে। এতেকে তোমালোকৰ মাজৰ যিয়ে ভ্ৰমণত গৈ নিজৰ প্ৰয়োজন শেষ কৰে, তেতিয়া তেওঁ যেন সোনকালে নিজৰ পৰিয়ালৰ ওচৰলৈ উভতি আহে।"[27] [27] (বুখাৰীঃ ১৮০৪, আৰু মুছলিমঃ ১৯২৭)
যেতিয়া তেওঁ নিজ ঘৰলৈ উভতিব তেতিয়া তেওঁ বাহনত উঠি ছফৰৰ দুআটো পাঠ কৰিব, লগতে অতিৰিক্ত এইখিনি পঢ়িবঃ (آيِبُونَ تَائِبُونَ عَابِدُونَ لِرَبِّنَا حَامِدُونَ). আয়েবূনা, তায়েবূনা, আবিদূনা লিৰাব্বিনা হামিদূন।[28] [28] (বুখাৰীঃ ১৭৯৭, আৰু মুছলিমঃ ১৩৪২)
ছফৰৰ পৰা উভতি অহাৰ সময়ত মুছাফিৰৰ বাবে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা প্ৰমাণিত দুআটো পাঠ কৰা মুস্তাহাব। যেতিয়া তেখেতে কোনো যুদ্ধ, হজ্জ অথবা ওমৰাৰ পৰা উভতিছিল তেতিয়া তেখেতে প্ৰতিটো ওখ স্থানত তিনিবাৰকৈ তাকবীৰ দিছিল আৰু এই দুআটো পাঠ কৰিছিলঃ (لا إله إلا اللَّه وحده لا شريك له، له الملك وله الحمد وهو على كل شيء قدير، آيبون، تائبون، عابدون، ساجدون، لربنا حامدون، صدق اللَّه وعده، ونصر عبده، وهزم الأحزاب وحده). লা ইলাহা ইল্লাল্লাহু অহদাহু লা শ্বাৰীকা লাহ, লাহুল মুল্কু অলাহুল হাম্দু অহুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰৰ, আয়েবূনা, তায়েবূনা, আবিদূনা, ছাজিদূনা লিৰাব্বিনা হামাদূন। চাদাক্বাল্লাহু অ'দাহ, অনাচাৰা আব্দাহ, অহাঝিমাল আহঝাবা অহদাহ।[29] [29] (বুখাৰীঃ হাদীছ নং ৪১১৬)
নিজৰ অঞ্চল দেখা পাই এই দুআটো পঢ়া মুস্তাহাবঃ (آيِبُونَ تَائِبُونَ عَابِدُونَ لِرَبِّنَا حَامِدُونَ). আয়েবূনা, তায়েবূনা, আবিদূনা লিৰাব্বিনা হামিদূন। [30] নিজৰ অঞ্চলত প্ৰৱেশ নকৰালৈকে এই দুআটো পাঠ কৰিব লাগে। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এনেকুৱাই কৰিছিল। [30] (বুখাৰীঃ ১৭৯৭, আৰু মুছলিমঃ ১৩৪২)
যদি তেওঁ ছফৰত দীৰ্ঘদিন প্ৰয়োজন নোহোৱাকৈ অতিবাহিত কৰিছে, তেনে ক্ষেত্ৰত তেওঁ ৰাতিৰ ভাগত ঘৰলৈ অহা উচিত নহয়। কিন্তু যদি তেওঁ ঘৰলৈ অহাৰ খবৰটো আগতীয়াকৈ জনাই থাকে তেন্তে বিষয়টো সুকীয়া। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এইদৰে আহিবলৈ নিষেধ কৰিছে। জাবিৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ "ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ৰাতিৰ ভাগত পৰিয়ালবৰ্গৰ ওচৰলৈ আহিবলৈ নিষেধ কৰিছে।"[31] ইয়াৰ এটা হিকমত বৰ্ণিত হৈছে বেলেগ এটা বৰ্ণনাত, কোৱা হৈছে যে, "যাতে স্ত্ৰীয়ে নিজৰ স্বামীৰ বাবে সাজি কাঁচি থাকিব পাৰে[32] আৰু নাভিৰ তলৰ নোম আদি পৰিষ্কাৰ কৰি ল'ব পাৰে।" [33] আন এটা বৰ্ণনাত আহিছে যে, "ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে নিষেধ কৰিছে, কোনো ব্যক্তিয়ে যেন ৰাতিৰ ভাগত অতৰ্কিতে নিজৰ স্ত্ৰীৰ ওচৰত উপস্থিত হৈ সন্দেহ পোষণ নকৰে অথবা তাইৰ দোষ-ত্ৰুটি অনুসন্ধান নকৰে।"[34] [31] (মুছলিমঃ ৭১৫) [32] (الشعثة): যিয়ে দীৰ্ঘদিন ধৰি চুলিত তেল ব্যৱহাৰ কৰা নাই আৰু চুলি নফণিওৱাৰ কাৰণে যাৰ চুলিবোৰ অপৰিপাটি। (الاستحداد): ব্লেড বা খুৰ আদি ব্যৱহাৰ কৰা। (المغيبة): যাৰ স্বামী দীৰ্ঘদিন ধৰি বাহিৰত আছে। চাওকঃ আত-তাহৰীৰ ফী শ্বাৰহি ছহীহ মুছলিম। আল-আচবাহানী (পৃষ্ঠা নং ২৯২) [33] (নাছায়ীঃ হাদীছ নং ৯০৯৯) [34] (মুছলিমঃ ৭১৫)
মুছাফিৰ ব্যক্তিয়ে ছফৰৰ পৰা আহি প্ৰথমে ওচৰৰ মছজিদত যাব লাগে আৰু তাত দুই ৰাকাত নামাজ পঢ়িব লাগে। কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এনেকৈ কৰিছিল।
ছফৰৰ পৰা উভতি আহি নিজৰ সন্তান-সন্ততিৰ প্ৰতি আৰু ওচৰ চুবুৰিয়াৰ সৈতে ভাল আচৰণ কৰিব লাগে। এইদৰে যেতিয়া তেওঁলোক আগমনকাৰীক আঁদৰিবলৈ আহে তেতিয়া সকলোৰে সৈতে সদাচৰণ কৰিব লাগে। ইবনু আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া মক্কাত আহিল তেতিয়া বনু আব্দিল মুত্তালিবৰ শিশুসকলে তেখেতক আঁদৰিবলৈ আহিল, তেখেতে সিহঁতৰ মাজৰ এজনক কোলাত তুলি লৈছিল আৰু এজনক পিঠিত বহন কৰিছিল। আব্দুল্লাহ ইবনু জাফৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ "যেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কোনো ছফৰৰ পৰা উভতি আহিছিল, তেখেত আমাৰ সৈতে লগ কৰিছিল। তেখেতে মোৰ সৈতে লগতে হাছান আৰু হুছাইনৰ সৈতে সাক্ষাৎ কৰিছিল, তেখেতে আমাৰ মাজৰ এজনক কোলাত তুলি লৈছিল আৰু আনজনক পিঠিত বহন কৰিছিল, অৱশেষত আমি মদীনাত প্ৰৱেশ কৰিছিলোঁ।"[35] [35] (মুছলিমঃ ২৪২৮)
এইদৰে মুছাফিৰ ব্যক্তিয়ে হাদীয়া দিয়াটো মুস্তাহাব। কাৰণ ইয়াৰ ফলত অন্তৰে প্ৰশান্তি লাভ কৰে আৰু ঘৃণা বিদ্বেষ দূৰ হয়। লগতে উপহাৰ গ্ৰহণ কৰা আৰু ইয়াৰ বিনিময়ত উত্তম প্ৰতিদান দিয়া বাঞ্ছনীয়। আনহাতে চৰীয়তি প্ৰতিবন্ধকতা নোহোৱাকৈ হাদীয়া ঘূৰাই দিয়াটো অপছন্দনীয়। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে পৰস্পৰে পৰস্পৰক উপহাৰ দিয়া, মুহাব্বত বৃদ্ধি পাব।"[36] উপহাৰ তথা হাদীয়া হৈছে মুছলিমসকলৰ মাজত মুহাব্বত বৃদ্ধি কৰাৰ অন্যতম এটা উপায়। [36] বাইহাকী ছুনান আল-কুবৰাঃ ১১৯৪৬)
মুছাফিৰ ব্যক্তিয়ে যেতিয়া নিজৰ স্থানলৈ উভতি আহে তেতিয়া তেওঁৰ সৈতে আলিঙ্গন কৰা মুস্তাহাব। কিয়নো এইটো নবী চাল্লাল্লাল্লাহু আলাইহি অছাল্লামৰ চাহাবাসকলৰ পৰা প্ৰমাণিত। যেনে- আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ "যেতিয়া তেওঁলোকে সাক্ষাৎ কৰিছিল তেতিয়া মুছাফাহা কৰিছিল আৰু যেতিয়া ছফৰৰ পৰা আহিছিল তেতিয়া মুআনাকা তথা আলিঙ্গন কৰিছিল।"[37] [37] (তাবৰাণী আল- আওছাতঃ ৯৭)
আল্লাহে আমাৰ প্রিয় নবী মুহাম্মদৰ ওপৰত দৰূদ আৰু ছালাম বৰ্ষণ কৰক।