إعداد خطيب ماهر

إعداد خطيب ماهر

(আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত।

Language: lang_as
Prepared by:
Version: 1.0
Translations 26
Assamese Azerbaijani German English +22
Attachments 7
PDF
Audio
Video
+3

(আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত।

নিশ্চয় সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে; আমি তেওঁৰেই প্ৰশংসা কৰোঁ, তেওঁৰ ওচৰতেই সহায় আৰু ক্ষমা প্ৰাৰ্থনা কৰোঁ; আৰু আমি আমাৰ নফছৰ সকলো প্ৰকাৰ কুমন্ত্ৰণা আৰু আমাৰ সকলো প্ৰকাৰ বেয়া আমলৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় বিচাৰোঁ। যাক আল্লাহে হিদায়ত দিয়ে, তাক কোনেও পথভ্ৰষ্ট কৰিব নোৱাৰে, আৰু তেওঁ যাক পথভ্ৰষ্ট কৰে, তাক কোনেও হিদায়ত দিব নোৱাৰে। মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। মই আৰু সাক্ষ্য দিওঁ যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে তেওঁৰ বান্দা আৰু ৰাছুল। দৰূদ আৰু ছালাম বৰ্ষিত হওক তেখেতৰ ওপৰত, তেখেতৰ পৰিয়ালবৰ্গ, তেখেতৰ চাহাবাসকলৰ ওপৰত আৰু যিসকলে ইহছানৰ সৈতে তেওঁলোকৰ অনুসৰণ কৰিব, তেওঁলোক সকলোৰে ওপৰত।

ইয়াৰ পাছতঃ মানুহে যিহেতু নিজৰ অৱস্থাৰ সংশোধনৰ বাবে অহৰহ বিভিন্ন বিধানৰ মুখাপেক্ষী হয়, সেয়েহে চৰীয়তেও সেইবোৰ বিধানৰেই ব্যৱস্থা কৰিছে। ইয়াৰ অন্তৰ্ভুক্ত হৈছে জুমুআৰ খুতবা। যিহেতু জুমুআৰ খতীবৰ দায়িত্ব হৈছে অত্যন্ত মহান, সেয়ে আমি মুআজ্জিন, ইমাম, খতীব আৰু মছজিদ সম্পৰ্কীয় বিধি-বিধান সম্পৰ্কে এখন সংক্ষিপ্ত আৰু উপকাৰী কিতাপ ([1]) প্ৰস্তুত কৰিবলৈ, আৰু বিভিন্ন ভাষাত ইয়াৰ অনুবাদ কৰিবলৈ গুৰুত্ব দিছোঁ, য’ত কেইবাটাও বিষয় সন্নিবিষ্ট আছে, যেনে: - https://islamcontent.com/ar/single-content/74839.

জুমুআৰ চালাত আৰু ইয়াৰ তাৎপৰ্য্য, ইয়াৰ সময়, আৰু মুকাল্লাফ (দায়িত্বপ্রাপ্ত ব্যক্তি) সম্পৰ্কীয় ইয়াৰ কিছু বিধান; এইদৰে জুমুআৰ খুতবা, ইয়াৰ বিধান, ইয়াৰ চৰ্তসমূহ, আৰকানসমূহ, ছুন্নতসমূহ, আৰু অনুবাদ; লগতে খতীবৰ বাবে প্ৰয়োজনীয় জ্ঞানগত আৰু নৈতিক যোগ্যতা, খুতবা আৰু খতীবৰ নিয়ম-নীতি, ইয়াৰ উদ্দেশ্য আৰু লক্ষ্য, আৰু ইয়াক প্ৰস্তুত কৰাৰ পদ্ধতি আদি উল্লেখ কৰা হৈছে।

বিষয়টোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি, পূৰ্বৱৰ্তী কিতাপখনৰ বিস্তাৰ আৰু পৰিপূৰক হিচাপে (সুদক্ষ খতীব প্ৰস্তুতকৰণ) নামেৰে এই দ্বিতীয় পুস্তিকাখন প্ৰকাশ কৰা হৈছে।

আল্লাহৰ ওচৰত দুআ কৰোঁ, তেওঁ যেন আমাৰ এই আমলক সৎ আৰু কেৱল তেওঁৰ সন্তুষ্টিৰ বাবে নিৰ্দিষ্ট কৰি লয়, আৰু ইয়াত বৰকত দান কৰে। আল্লাহেই সৰ্বজ্ঞ। দৰূদ আৰু ছালাম বৰ্ষিত হওক আমাৰ প্রিয় নবী মুহাম্মদৰ ওপৰত।

(খুতবাৰ গুৰুত্ব)

জুমুআৰ মিম্বৰ: মানুহৰ ওপৰত প্ৰভাৱ পেলোৱাৰ এইটো হৈছে এটা শক্তিশালী - বৰং আটাইতকৈ শক্তিশালী - মাধ্যম, যদিহে ইয়াৰ সঠিক ব্যৱহাৰ কৰা হয়। য'ত খতীবে কমেই হওক বা বেছিয়েই হওক, বছৰৰ পিছত বছৰ ধৰি প্ৰতি সপ্তাহত এবাৰকৈ মানুহক সম্বোধন কৰে। তেওঁলোকে তেওঁৰ বাবে নিজৰ মগজু আৰু অন্তৰ মুকলি কৰি ৰাখে, আনকি তেওঁলোকে তেওঁৰ কথাৰ পৰা অমনোযোগী হৈ শিলগুটি পৰ্যন্তও স্পৰ্শ নকৰে, আৰু তেওঁৰ পৰা বাৰে বাৰে তথা নিৰন্তৰভাৱে নছীহত, উপদেশ, শিক্ষা আৰু দৃষ্টান্তসমূহ গ্ৰহণ কৰে।

এজন সফল আৰু তাওফীকপ্ৰাপ্ত খতীব—যাক আল্লাহে আকৰ্ষণীয় শৈলী আৰু শক্তিশালী বচনভংগী প্ৰদান কৰিছে—তেওঁ যে লোকসকলৰ ওপৰত গভীৰ প্ৰভাৱ পেলাব তাত কোনো সন্দেহ নাই, আৰু সম্ভৱতঃ এই প্ৰভাৱ এজন শিক্ষকে তেওঁৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰত পেলোৱা প্ৰভাৱতকৈ আৰু সামাজিক মাধ্যমৰ প্ৰভাৱতকৈও অধিক তীব্ৰ আৰু শক্তিশালী হ’ব। কিয়নো খুতবা ছালাতৰ দৰে এক মহান ইবাদতৰ সৈতে সম্পৰ্কিত; আৰু এজন বাকপটু, হিতাকাংক্ষী আৰু সুবক্তা খতীবে মানুহৰ সন্মুখত থিয় হৈ পোনপটীয়াকৈ তেওঁলোকক সম্বোধন কৰে। তেওঁলোকে তেওঁৰ মুখৰ অভিব্যক্তি আৰু দৃষ্টি দেখা পায়, ফলত শ্ৰৱণ আৰু দৃষ্টিশক্তিৰ জৰিয়তে তেওঁলোকক প্ৰভাৱিত কৰে, আৰু তেওঁলোকৰ হৃদয় আৰু মগজুক স্পৰ্শ কৰে। তেওঁলোকে তেওঁৰ খুতবাৰ সম্পূৰ্ণ সময়ছোৱাত মনোযোগেৰে তেওঁৰ কথা শুনি থাকে, আৰু খতীবে তেওঁলোকৰ সন্মুখত এনে যৌক্তিক আৰু ধৰ্ম গ্ৰন্থভিত্তিক যুক্তি-প্ৰমাণ উপস্থাপন কৰে, যাৰ জৰিয়তে তেওঁ—আল্লাহৰ অনুমতিক্রমে—তেওঁলোকক পতিয়ন নিয়াবলৈ আৰু তেওঁলোকৰ ভুল ধাৰণাসমূহ শুধৰণি কৰিবলৈ সক্ষম হয়।

সফলকাম খতীব হৈছে সেইজন, যিজনে মিম্বৰক কল্যাণ আৰু জ্ঞান বিস্তাৰৰ এক অন্যতম গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে গ্ৰহণ কৰে আৰু কেৱল ইয়াতেই নিজকে সীমাবদ্ধ নাৰাখে, বৰং তেওঁ নিজৰ সামৰ্থ্য অনুসৰি কল্যাণ আৰু সৎকামৰ প্ৰতিটো ক্ষেত্ৰত অংশগ্ৰহণ কৰে আৰু অৱদান আগবঢ়ায়। য'তেই কল্যাণ থাকে, তেওঁক তাৰ অন্যতম অগ্ৰণী হিচাপে পোৱা যায়, আৰু য'তেই আল্লাহৰ বাবে ত্যাগৰ প্ৰয়োজন হয়, তেওঁক তেওঁৰ এজন সৈনিক হিচাপে পোৱা যায়।

এনেকুৱা খতীবজনেই হৈছে সেইজন, যিজনে আল্লাহৰ প্ৰতি দাওৱাত দিয়াৰ ক্ষেত্ৰত আৰু মুছলমানসকলৰ কল্যাণ সাধন কৰাত গুৰুত্ব দিয়ে, যিদৰে গুৰুত্ব দিছিল নবী আৰু ৰাছুলসকলে, ‘আলাইহিমুচ্ছালাতু অচ্ছালাম, আৰু ইছলামী উম্মতৰ নিষ্ঠাবান উলামা তথা দা‘ঈসকলে। এনেকুৱা খতীবেই নিজৰ শ্ৰোতাসকলৰ বাবে নৱীকৰণ, আকৰ্ষণ আৰু আগ্ৰহ সৃষ্টি কৰিবলৈ সদায় আগ্ৰহী থাকে।

এনেকুৱা বহুতো খতীব আছে, যিসকলৰ মাজত খতীবৰ বাবে প্ৰয়োজনীয় যোগ্যতা থকা সত্ত্বেও তেওঁলোকৰ খুতবাৰ পৰা আকাংক্ষিত ফল পোৱা নাযায়; যিটো সততা আৰু একনিষ্ঠতাৰে এই বাণী বহনকাৰী এজন খতীবৰ পৰা আশা কৰা হয়।

আৰু প্ৰতিটো জুমুআত তেওঁ এনেকুৱা বিষয় উপস্থাপন কৰে, যিয়ে তেওঁলোকৰ আৱেগ-অনুভূতি আৰু প্ৰয়োজনীয়তাক স্পৰ্শ কৰে আৰু তেওঁলোকৰ হৃদয় জয় কৰে। এবছৰত তেওঁ পঞ্চাশবাৰ তেওঁলোকৰ সৈতে মিলিত হয়। এতেকে, এই মাধ্যমটোতকৈ অধিক প্ৰভাৱশালী আন কোনো মাধ্যম আছেনে?

আনকি এইটো কোনো আচৰিত কথা নহয় যে, জুমু‘আৰ খুতবা হৈছে ইছলামৰ অন্যতম এটা শ্ৰেষ্ঠ প্ৰতীক, আৰু আল্লাহৰ পিনে দাওৱাত, তেওঁৰ শ্বৰী‘য়তৰ প্ৰচাৰ, আৰু তেওঁৰ বান্দাসকলৰ ওপৰত যুক্তি-প্ৰমাণ সাব্যস্ত কৰাৰ অন্যতম এক গুৰুত্বপূৰ্ণ ক্ষেত্ৰ। খুতবা হৈছে এনেকুৱা এটা বিষয় যিটোক দেখি ইছলামৰ শত্ৰুসকলেও আকাংক্ষা কৰে যে, সিহঁতৰ ধৰ্মতো যদি এনেকুৱা ব্যৱস্থা থাকিলহেঁতেন। আনকি ইছলাম বিৰোধী দলসমূহৰ এজন নেতাই কৈছে: «হায়! মোৰো যদি এনেকুৱা এটা আসনৰ (মিম্বৰৰ) ব্যৱস্থা থাকিলহেঁতেন!»

জ্ঞান আৰু শিল্পকৰ্ম আদিৰ মৰ্যাদা তাৰ উদ্দেশ্যৰ মহত্ত্বৰ দ্বাৰা নিৰ্ধাৰিত হয়। সেয়ে বক্তৃতাৰো এটা অতি গুৰুত্বপূৰ্ণ আৰু মহৎ উদ্দেশ্য আছে, সেয়া হৈছে: মানুহক সত্যৰ পথ দেখুওৱা আৰু তেওঁলোকক এনে বিষয়ৰ প্ৰতি উৎসাহিত কৰা যিবোৰ তেওঁলোকৰ পাৰ্থিৱ জীৱন আৰু পৰকালৰ বাবে উপকাৰী।

আৰু ভাষণ-কলাক (অথবা বাগ্মিতাক) নেতৃত্ব আৰু কৰ্তৃত্বৰ অন্যতম উপায় হিচাপে গণ্য কৰা হয়..

ভাষণ প্ৰদানত এক মহান মৰ্যাদা আছে, আৰু এই মৰ্যাদা নিহিত আছে, ভাষণ প্ৰদানৰ দায়িত্ব পালনকাৰীজন বুদ্ধিমান, জ্ঞানী আৰু সুভাষী হ’ব লাগে। ([2]) - ‘আল-খাতাবা ‘ইন্দাল ‘আৰব’, লেখকঃ মুহাম্মদ খিজিৰ হুছেইন: ১৭৮-১৭৯।

হে খতীব ভাই, ভাবি চাওক, আপুনি খুতবা দিয়াৰ সময়ত মানুহে যাতে আপোনাৰ খুতবা নীৰৱে শ্ৰৱণ কৰে এই বিধান চৰীয়তে মানুহৰ ওপৰত বাধ্যতামূলক কৰিছে। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: «জুমু‘আৰ দিনা ইমামে খুতবা দিয়া অৱস্থাত যদি তুমি তোমাৰ সঙ্গীক চুপ (মৌন) হৈ থাকিবলৈ কোৱা তেন্তে তুমিও অনৰ্থক কাম কৰিলা৷» (মুত্তাফাক্ব আলাইহ [3]) ‘ لغوت’ৰ অৰ্থ হৈছে, তেওঁ জুমুআৰ ছোৱাবৰ পৰা বঞ্চিত হ’ব। (বুখাৰীঃ ৯৩৪, আৰু মুছলিমঃ ৮৫১)

আনকি খুতবাৰ সময়ত মানুহে যাতে আপোনাৰ ফালে চাই থাকে, এইটো তেওঁলোকৰ বাবে ছুন্নত। ইয়াৰ উপৰিও এই বিষয়ে ইমাম নৱাৱী, ইবনুল মুনযিৰ আৰু ইবনু আব্দিল বাৰ্ৰ ৰাহিমাহুমুল্লাহে ইজমা বৰ্ণনা কৰিছে, এইটো হৈছে এটা পছন্দনীয় তথা মুস্তহাব বিষয়। ([4]) - (আল-মাজমূঃ ৪/৪৪৭)

"ৰহমানৰ ফিৰিস্তাসকলে আপোনাৰ খুতবা শ্ৰৱণ কৰে, এতেকে তেওঁলোকৰ যথোচিত মৰ্যাদা প্ৰদান কৰক।"

হে জুমুআৰ খতীব, আপোনাৰ বাবে সন্মান আৰু গৌৰৱস্বৰূপে এইটোৱেই যথেষ্ট যে, ৰহমানৰ ফিৰিস্তাসকলে আপোনাৰ খুতবা আৰু উপদেশসমূহ শুনিবলৈ উপস্থিত হয়। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, যিদৰে ছহীহাইনত বৰ্ণিত আছে ([5]): ‘‘জুমু‘আৰ দিনা মছজিদৰ প্ৰত্যেক দুৱাৰতে ফিৰিস্তাসকল অৱস্থান কৰে। তেওঁলোকে ছালাতত আগমনকাৰীসকলৰ নাম যথাক্ৰমে লিখি থাকে। তাৰপিছত ইমাম যেতিয়া খুৎবাৰ বাবে মিম্বৰত বহে তেতিয়া তেওঁলোকে তেওঁলোকৰ ফাইল বন্ধ কৰে আৰু খুৎবা শ্ৰৱণ কৰিবলৈ উপস্থিত হয়।’’ - (বুখাৰীঃ ৩২১১, আৰু মুছলিমঃ ৮৫০)

যেতিয়া আপুনি এই কথা উপলব্ধি কৰিব, তেতিয়া আপোনাৰ অন্তৰত খুতবাৰ গুৰুত্ব অধিক বাঢ়িব; ফলত মানুহৰ মন ৰক্ষা বা তোষামোদৰ প্ৰতি লক্ষ্য নকৰি আপুনি সত্য কথা ক’বলৈ, আমানত আদায় কৰিবলৈ আৰু মানুহক নছীহত কৰিবলৈ অধিক আগ্ৰহী হ'ব।

হে বৰকতময় খতীব! আপোনাৰ দৰে আৰু কোন আছে?

মহান আল্লাহে আপোনাৰ খুতবা শ্ৰৱণ কৰিবলৈ মানুহক মৌনতা তথা নিৰৱতা অৱলম্বন কৰিবলৈ অনিবাৰ্য্য কৰিছে। আনকি আপুনি কথা কৈ থকা অৱস্থাত মানুহক শিলগুটি চুবলৈ অথবা কোনো অসৎ কামত বাধা দিয়াৰ পৰাও নিষেধ কৰিছে, আৰু তেওঁৰ ফিৰিস্তাসকলকো আপোনাৰ কথা মনোযোগ সহকাৰে শুনিবলৈ নিযুক্ত কৰিছে৷

এইটোৱে আপোনাৰ ওপৰত অপৰিহাৰ্য কৰে যে, আপুনি আল্লাহৰ বাবে একনিষ্ঠ হওক, আপোনাৰ খুতবা আৰু নছীহতত পূৰ্ণ আন্তৰিকতাৰে নছীহত কৰিব, আৰু আপোনাৰ খুতবাসমূহৰ উদ্দেশ্য হ'ব আল্লাহৰ জিকিৰ, মানুহক নছীহত কৰা, আৰু তেওঁলোকক তেওঁলোকৰ দ্বীনৰ বিষয়সমূহ তথা তেওঁলোকৰ দুনিয়াৰ বাবে কল্যাণকৰ বিষয়সমূহৰ জ্ঞান দিয়া।

***

(কোনটো উত্তম: নোচোৱাকৈ খুতবা দিয়া, নে লিখিত খুতবা পাঠ কৰি শুনোৱা?)

ইয়াত কোনো সন্দেহ নাই যে, খতীবে কাগজৰ পৰা পঢ়ি খুতবা দিয়াত বহুতো উপকাৰ আছে, আৰু বহু খতীব তথা বক্তাৰ বাবে মুখস্থ কোৱাতকৈ এইটোৱেই অধিক উপযুক্ত হ’ব পাৰে। এইটো এটা পৰিলক্ষিত আৰু বাস্তৱিক বিষয়।

খতীবৰ সক্ৰিয়তা আৰু উদ্দীপনাৰ ওপৰত স্বতঃস্ফূৰ্ত ভাষণৰ এক ডাঙৰ প্ৰভাৱ আছে, আৰু ই নিঃসন্দেহে শ্ৰোতাসকলৰ মাজতো প্ৰভাৱ, উদ্দীপনা আৰু আৱেগৰ সৃষ্টি কৰে, পক্ষান্তৰে ইয়াৰ বিপৰীতটোও ঘটে।

এইটো এটা পৰিজ্ঞাত সত্য যে, জ্ঞান আহৰণৰ ক্ষেত্ৰত যেতিয়া শ্ৰৱণশক্তি আৰু দৃষ্টিশক্তি দুয়োটাৰ যিকোনো এটাৰ বিপৰীতে যেতিয়া উভয়েই জড়িত থাকে, তেতিয়া বিষয়বস্তু ভালদৰে বুজি পোৱা, তাৰ দ্বাৰা প্ৰভাৱিত হোৱা আৰু তথ্য মনত ৰখাৰ ক্ষমতা অধিক শক্তিশালী হয়। সেয়েহে যিজন খতীবে কোনো কাগজত নোচোৱাকৈ ভাষণ দিয়ে, আৰু মানুহৰ ফালে মুখ কৰি কথা হয় তথা তেওঁলোকৰ চকুলৈ চাই সম্বোধন কৰে, তেওঁৰ প্ৰভাৱ সেইজন খতীবতকৈ অধিক হয় যিজনে কাগজ চাই খুতবা দিয়ে, যাৰ পৰা মানুহে কেৱল শ্ৰৱণেন্দ্ৰিয়ৰ জৰিয়তেহে কথা গ্ৰহণ কৰে। এনেকুৱা ভাষণৰ বিপৰীতে নোচোৱাকৈ ভাষণ দিয়া খতীবৰ প্ৰভাৱ অধিক শক্তিশালী হয়। কাৰণ তেওঁৰ কণ্ঠস্বৰ অধিক শক্তিশালী হয় আৰু অধিক সজীৱ হয়।

যিয়ে বাৰে বাৰে লিখিত স্ক্ৰীপ্ট অবিহনে বক্তৃতা দিয়াৰ চেষ্টা কৰাৰ পিছতো নিজৰ বক্তৃতাত অধিক দ্বিধা-সংকোচ, খোকোজা লগা বা পাহৰি যোৱাৰ সমস্যাৰ সন্মুখীন হয়, অথবা অত্যধিক ভয় আৰু মানসিক চাপ অনুভৱ কৰে, আৰু বাৰে বাৰে অনুশীলন কৰাৰ পিছতো দিন যোৱাৰ লগে লগে এইবোৰ সমস্যা হ্ৰাস পোৱা দেখা নাপায়, তেন্তে তেওঁ লিখিত খুৎবা পঢ়া উচিত। কাৰণ সকলোকে লিখিত স্ক্ৰীপ্ট অবিহনে বক্তৃতা দিয়াৰ সামৰ্থ্য প্ৰদান কৰা নহয়। মহান আল্লাহে মানুহৰ মাজত যিদৰে পাৰ্থিৱ জীৱিকা বিতৰণ কৰিছে, ঠিক সেইদৰে তেওঁলোকৰ মাজত আধ্যাত্মিক জীৱিকাও বিতৰণ কৰিছে, যেনে- চৰিত্ৰ, ক্ষমতা, প্ৰতিভা আৰু সংকল্প আদি।

(খুতবাত সফলতা অৰ্জনৰ পথ সুগম কৰাৰ আঠটা পদক্ষেপ)

প্ৰথমঃ এই ক্ষেত্ৰত সহায়ৰ বাবে আন্তৰিকতাৰে দুআ কৰা, আৰু ইখলাচ আৰু বিনম্ৰতাৰে মহান আল্লাহৰ শৰণাপন্ন হোৱা।

দ্বিতীয়: এই ক্ষেত্ৰত মহান আল্লাহৰ ওপৰত আন্তৰিকতাৰে তাৱাক্কুল কৰা, আৰু তেওঁৰ ওপৰত উত্তমভাৱে ভৰসা কৰা। কাৰণ বান্দাই তেওঁৰ প্ৰতি যেনেকুৱা ধাৰণা পোষণ কৰে, আল্লাহে তাৰ বাবে সেইটোৱে কৰি দিয়ে। যিয়ে তেওঁৰ ওপৰত তাৱাক্কুল কৰে, সেই ব্যক্তিৰ গুৰুত্বপূৰ্ণ আৰু আকাংক্ষিত সকলো বিষয়ত তেঁৱেই যথেষ্ট হয়।

তৃতীয়ঃ বিশিষ্ট খতীবসকলৰ বক্তব্য শ্ৰৱন কৰা আৰু তেওঁলোকৰ অভিজ্ঞতাৰ পৰা শিক্ষা গ্ৰহণ কৰা।

চতুৰ্থঃ অকলশৰীয়কৈ খুতবা প্ৰদান কৰা। মছজিদৰ ভিতৰুৱা মাইকৰ জৰিয়তে হ'লে বেছি উত্তম, আৰু যদি মিম্বৰৰ ওপৰত হয় তেন্তে সেয়া অধিক উত্তম।

পঞ্চমঃ অনুভূতি প্ৰকাশৰ অনুশীলন কৰা আৰু আৱেগক শক্তিশালী কৰা।

ভাষণ, উপস্থাপন আৰু প্ৰভাৱ বিস্তাৰৰ ক্ষেত্ৰত সফল ব্যক্তিসকলৰ মহান ৰহস্যসমূহৰ বিষয়ে গভীৰভাৱে চিন্তা-চৰ্চা কৰি মই এইটোৱেই দেখিবলৈ পাইছোঁ যে, আল্লাহৰ অনুগ্ৰহৰ পিছত ইয়াৰ মূল কাৰণ আৰু ৰহস্য হৈছে তেওঁলোকৰ মাজত থকা আৱেগৰ প্ৰাবল্য, আৰু চৰিয়তৰ নীতি-নিয়মৰ অধীনত থাকি নিজৰ আৱেগ-অনুভূতিক সংক্ষেপে নহয় বৰং বিশদভাৱে প্ৰকাশ কৰাৰ ক্ষমতা।

নিশ্চয় আৱেগৰ গভীৰতাই এজন সুভাষী ব্যক্তিক ব্যক্ত কৰিবলৈ আৰু এজন জ্ঞানী ব্যক্তিক প্ৰকাশ কৰিবলৈ প্ৰেৰণা দিয়ে। ফলত তেওঁ ইয়াৰ দ্বাৰা অন্তৰ জয় কৰে আৰু নিজৰ সৌন্দৰ্য আৰু দক্ষতাৰে বিবেকক মোহিত কৰে। আনহাতে যাৰ আৱেগ-অনুভূতি দুৰ্বল, তেওঁৰ অনুভূতিৰ মৃত্যুৰ লগে লগে তেওঁৰ বহুতো জ্ঞানৰো মৃত্যু ঘটে, আৰু অনুভূতিবোৰ মৰি যোৱাৰ লগে লগে মানুহৰ ওপৰত থকা তেওঁৰ প্ৰভাৱো বিলীন হৈ যায়।

«এতেকে খতীবৰ বাবে জৰুৰী যে, তেওঁ যি বিষয়ৰ প্ৰতি আহ্বান কৰে, সেই বিষয়ত তেওঁ উদ্দীপনাৰে পৰিপূৰ্ণ হ'ব লাগে আৰু তাৰ সত্যতাৰ ওপৰত দৃঢ় বিশ্বাস ৰাখিব লাগে; কাৰণ যি কথা অন্তৰৰ পৰা ওলায়, সেয়া অন্তৰত প্ৰৱেশ কৰে। সেয়েহে খতীবৰ উদ্দীপনা তেওঁৰ শ্ৰোতাসকলৰ উদ্দীপনাতকৈ অধিক শক্তিশালী হোৱাটো অপৰিহাৰ্য; যাতে তেওঁৰ সেই উদ্দীপনা তেওঁলোকৰ মাজতো প্ৰবাহিত হয় আৰু তেওঁলোকৰ তৃষ্ণা নিবাৰণ কৰিব পাৰে। অন্যথা তেওঁলোকে তেওঁৰ মনৰ উদ্যমহীনতা অনুভৱ কৰিব, ফলত তেওঁৰ কথাৰ প্ৰভাৱ নাইকিয়া হৈ যাব।»

অত্যাধিক অনুশীলন কৰাটো অপৰিহাৰ্য; যেনে— নিজৰ ভাবনা আৰু অনুভূতিসমূহ লিপিবদ্ধ কৰা, সেইবোৰক লৈ নিজে অকলে আলোচনা কৰা, আৰু তাৰ পিছত কোনোবা প্ৰিয়জনৰ ওচৰত সেইবোৰ প্ৰকাশ কৰা।

অনুভূতিবোৰক যেতিয়া আৱদ্ধ কৰি তথা বন্দী কৰি ৰখা হয়, তেতিয়া সেইবোৰ শুকাই যায় আৰু নিঃশেষ হৈ পৰে। আনহাতে যেতিয়াই সেইবোৰ স্বাধীন হয় – এই চৰ্তত যে, সেইবোৰ শ্বৰীয়তৰ নীতি-নিয়মৰ অধীনত থাকিব লাগিব – তেতিয়াই সেইবোৰ উচ্ছ্বসিত হৈ প্ৰবাহিত হয়; ফলস্বৰূপে লিখনী আৰু গ্ৰন্থ ৰচনাৰ দ্বাৰা পৃষ্ঠাসমূহক, ভাষণ আৰু বৰ্ণনাৰ দ্বাৰা মিম্বৰসমূহক, তথা ভালপোৱা আৰু স্নেহৰ দ্বাৰা মানুহক সিক্ত কৰে।

এতেকে, হে মোৰ খতীব ভাই! আপোনাৰ অনুভূতি আৰু আৱেগক উন্মুক্ত কৰি দিয়ক; যাতে আপোনাৰ মাজত আৰু আনৰ মাজতো জীৱন, সৃজনীশীলতা, জাগৰণ, বিকাশ আৰু কৰুণাৰ আত্মা জীৱন্ত হৈ উঠে।

এতেকে, যাৰ অনুভূতি মহৎ হয়, তেওঁৰ চৰিত্ৰও মহৎ হয়, আৰু তেওঁৰ আত্মা হয় মৰ্যাদাপূৰ্ণ, লগতে তেওঁৰ প্ৰিয়জনৰ সংখ্যা বৃদ্ধি পায় আৰু শত্ৰুৰ সংখ্যা হ্ৰাস পায়, তেওঁৰ যুক্তি সুস্পষ্ট হৈ পৰে, তেওঁৰ বাকপটুতা শক্তিশালী হয় আৰু তেওঁৰ বাগ্মিতা বৃদ্ধি পায়।

ষষ্ঠঃ সত্যবাদী, বিবেকৱান, অভিজ্ঞ আৰু শুভাকাংক্ষী ব্যক্তিৰ পৰা পৰামৰ্শ বিচৰা, যিজনে তেওঁক তেওঁৰ দোষ-ত্ৰুটিসমূহৰ বিষয়ে অৱগত কৰাব যাতে তেওঁ সেইবোৰৰ পৰা আঁতৰি থাকিব পাৰে, আৰু তেওঁৰ সদ্গুণসমূহৰ বিষয়েও জনাব যাতে তেওঁ সেইবোৰৰ ওপৰত অটল থাকিব পাৰে আৰু সেইবোৰক অধিক বৃদ্ধি কৰিব পাৰে।

সপ্তমঃ আগতীয়াকৈ খুতবা প্ৰস্তুত কৰা।

অষ্টমঃ খুতবা প্ৰস্তুত কৰা আৰু উপস্থাপনৰ পদ্ধতি সম্পৰ্কীয় গ্ৰন্থ অধ্যয়ন কৰা। ([6]) চাওকঃ মুৱাজ্জিন, ইমাম, খতীব আৰু মছজিদৰ বিধি-বিধান সম্পৰ্কীয় উপকাৰী সংক্ষিপ্ত দিশ-নিৰ্দেশনা: ৯৫, https://islamcontent.com/ar/single-content/74839

খুতবা দিয়াৰ আৰম্ভণিত উদ্বেগ উৎকণ্ঠাৰ সৃষ্টি হোৱাটো এটা সাধাৰণ তথা স্বাভাৱিক বিষয়।

খুতবা প্ৰদানৰ আৰম্ভণিত আপুনি উদ্বেগ আৰু ভয় অনুভৱ কৰিব; এইটো এটা স্বাভাৱিক মানৱীয় প্রবৃত্তি। হয়তো আপোনাৰ মনলৈ এনেকুৱা ভাবনাও আহিব পাৰে যে, লোকসকলে আপোনালৈ চাই থকাৰ বাবে আৰু আপুনি নিজকে জ্ঞানত দুৰ্বল বুলি ভবাৰ বাবেই এনেকুৱা হৈছে।

আৰু আপোনাৰ অস্থিৰতা বৃদ্ধি কৰিব পাৰে এই অনুভৱে যে, মানুহে এইটো গম পাইছে আৰু খতীবৰ এনে অৱস্থাক তেওঁলোকে বেয়া পাইছে। কেতিয়াবা কেতিয়াবা এনেকুৱা স্থিতিৰ বাবেই তেওঁলোকে আপোনাৰ পৰা আঁতৰি যায়।

ইয়াত কোনো সন্দেহৰ অৱকাশ নাই যে, আল্লাহৰ সৈতে অধিক সম্পৰ্ক স্থাপন, তেওঁৰ ওপৰত ভৰসা, আন্তৰিক দু‘আ আৰু দীৰ্ঘদিনীয়া অনুশীলন আদিৰ জৰিয়তে আপোনাৰ অন্তৰৰ পৰা ভয় সম্পূৰ্ণৰূপে আঁতৰি যাব। আনকি আপুনি এনেকুৱা এটা পৰ্যায়ত উপনীত হ'বগৈ যে, খুতবা প্ৰদান কৰি আপুনি আনন্দ উপভোগ কৰিবলৈ ল'ব আৰু খুতবাৰ সোৱাদ ল'বলৈ জুমু‘আৰ দিনটোলৈ আগ্ৰহেৰে অপেক্ষা কৰিব।

ধৈৰ্য্য ধাৰণ কৰাৰ পিছতহে এজন ব্যক্তিৰ বাবে তাওফীকৰ ভঁৰাল আৰু পৰম দয়ালু, মহান দাতা আল্লাহৰ অনুগ্ৰহৰ দুৱাৰ মুকলি হয়।

আৰম্ভণিৰ নিষ্ঠা আৰু পৰিশ্ৰমৰ কষ্ট সহন কৰিলে, শেষত অনুগ্ৰহ, মৰ্যাদা আৰু সুখ-শান্তিৰ প্ৰশস্ততা লাভ হয়।

গতিকে মনক বুজাওক যে: সংকটৰ পিছতেই আছে প্ৰশস্ততা, আৰু দূৰ হয় সকলো অসুবিধা। ক্লান্তিৰ পিছতেই আছে আৰাম। এইটো হৈছে মাথোঁ কিছু সময়ৰ ধৈৰ্য্য। গতিকে ধৈৰ্য্য ধাৰণ কৰক আৰু ধৈৰ্য্যত অটল থাকক, যাতে আপুনি মিম্বৰত আৰোহণ কৰিব পাৰে, আৰু আল্লাহৰ পিনে দাৱাত দিব পাৰে। মহান আল্লাহে সত্য কৈছে, আল্লাহতকৈ অধিক সত্যবাদী আৰুনো কোন আছে? "আৰু যিসকলে আমাৰ পথত সৰ্বাত্মক প্ৰচেষ্টা চলায়, আমি তেওঁলোকক নিশ্চয় আমাৰ পথসমূহত পৰিচালিত কৰিম।" (ছুৰা আল-আনকাবূতঃ ৬৯)

আৰু ক্বাতাদাহ ৰাহিমাহুল্লাহে এটা অত্যন্ত সুন্দৰ কথা কৈছেঃ «হে আদম সন্তান, যদি তুমি কেৱল সতেজ অৱস্থাতহে সৎকৰ্ম কৰিব বিচৰা, তেন্তে তোমাৰ আত্মাই আমনি পাব, অৱসাদ আৰু এলাহ ভাৱৰ প্ৰতিহে আসক্ত হ’ব। কিন্তু মুমিন হৈছে সেইজন যিয়ে কষ্ট সহন কৰে, মুমিন হৈছে সেইজন যিয়ে শক্তি অৰ্জন কৰে, আৰু মুমিন হৈছে সেইজন যিয়ে দৃঢ়তা অৱলম্বন কৰে।» ([7]) মুতাশ্বাদ্দিদৰ অৰ্থ হৈছে: যিয়ে নেক আমলসমূহৰ ওপৰত ধাৰাবাহিকতা বজায় ৰাখিবলৈ নিজকে বাধ্য কৰে। - "তাফছীৰ আল-কুৰতুবী": (১/২৫১)। আৰু ক্বাতাদা -ৰাহিমাহুল্লাহ-ৰ আছাৰটো, আবুল ক্বাছিম ইবনে বুশ্বৰান বাগদাদীয়ে (মৃত্যুঃ ৪৩০ হিজৰী) "আমা-লীহ" গ্ৰন্থত উল্লেখ কৰিছেঃ (১৪৫৪)।

(ভাষণ প্ৰদানৰ সময়ত অতিৰিক্ত ভয়ৰ পৰা মুক্তি লাভৰ উপায়সমূহ)

ভয়—বিশেষকৈ প্ৰথম অৱস্থাতঃ পূৰ্বে উল্লেখ কৰাৰ দৰে এইটো এটা অতি পৰিচিত আৰু স্বাভাৱিক বিষয়। বৰং এইটো হৈছে এটা ইতিবাচক দিশ, ইয়াৰ দ্বাৰা খুতবাৰ প্ৰতি যত্ন লোৱাত আৰু খুতবাৰ বাবে প্ৰস্তুতি চলোৱাত সহায়ক হয়, লগতে নফছৰ অতিমাত্ৰা আত্মবিশ্বাসক নিয়ন্ত্ৰণ কৰে, যাৰ ফলত সচৰাচৰ মানুহক তুচ্ছ জ্ঞান কৰা হয়, আৰু এনেকুৱা আত্মবিশ্বাসে জ্ঞানমূলক সমলৰ মানদণ্ড আৰু উপযুক্ত শব্দ তথা অৰ্থ নিৰ্বাচনৰ প্ৰতি অৱহেলা কৰাৰ ফালে লৈ যায়।

কিন্তু প্ৰতিটো খুতবাতে দীৰ্ঘ সময় ধৰি ভয় অব্যাহত থকাটো হৈছে এটা নেতিবাচক বিষয় - ইয়াক আধুনিক যুগত সামাজিক ভীতি বুলি কোৱা হয় - গতিকে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ উপায় অৱলম্বন কৰা উচিত, আৰু তাৰে কিছুমান হৈছে:

প্ৰথমঃ মহান আল্লাহৰ প্ৰতি একনিষ্ঠ হোৱা (অৰ্থাৎ ইখলাচ অৱলম্বন কৰা), লগতে মহান আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰা, আৰু এই বুলি অধিক দুআ কৰা যে, তেওঁ যেন আপোনাক প্ৰশান্তি দান কৰে আৰু আপোনাৰ অন্তৰত ছাকিনা (শান্তি তথা স্থিৰতা) অৱতীৰ্ণ কৰে।

দ্বিতীয়ঃ খুতবাৰ পূৰ্বে কিছুমান প্ৰশান্তিদায়ক পানীয়, যেনে- পদিনা আদি পান কৰা, কিয়নো উদ্বেগ আৰু ভয় শান্ত কৰাত ইয়াৰ ফলপ্ৰসূ প্ৰভাৱ আছে।

তৃতীয়ঃ সমালোচনা শুনাৰ বাবে নিজকে প্ৰস্তুত কৰা আৰু তাত আনন্দিত হোৱা; যাতে এইটো প্ৰগতি আৰু সৃজনশীলতাৰ জখলাস্বৰূপ হ’ব পাৰে, আৰু ভুল কৰিবলৈ কোনো ভয় নাথাকে।

চতুৰ্থ: সোনকালে উপস্থিত হোৱা। কাৰণ ইয়াত কোনো সন্দেহ নাই যে, যিজন খতীবে শেষ মুহূৰ্তত খৰধৰকৈ আহে, তেওঁৰ মন আৰু অন্তৰ অস্থিৰ হৈ পৰে, আৰু তেওঁ এনে উদ্বেগ আৰু মানসিক চাপৰ সন্মুখীন হয়, যিটো খুতবাৰ সময়তো তেওঁৰ লগ নেৰে।

পঞ্চম- মানুহক চাবলৈ আপোনাৰ মূৰটো ওপৰলৈ তোলক আৰু মাজে-সময়ে লিখিতখিনিৰ বাহিৰেও কিছু কথা কওক। আৰম্ভণিত যদিও অসুবিধা হ'ব পাৰে, ভুল-ভ্ৰান্তি আৰু দ্বিধাৰ সন্মুখীন হ'ব পাৰে, তথাপিও কেৱল কাগজত লিখাখিনিতে সীমাবদ্ধ থকা আৰু সাহসেৰে শ্ৰোতাসকলৰ ফালে নোচোৱাৰ ফলত তেওঁলোকৰ মনত আপোনাৰ কথাৰ প্ৰতি থকা উৎসাহ নাইকিয়া হ'ব আৰু আপোনাৰ মনত মিম্বৰৰ প্ৰতি ভয় আৰু শংকা স্থায়ী হৈ পৰিব।

যিসকল খতীবে বহু বছৰ ধৰি খুতবা দি আহিছে, কিন্তু কেৱল কাগজত লিখাখিনিৰ পৰাহে পাঠ কৰে আৰু শ্ৰোতাসকলৰ ফালে নাচায়, তেনে কিছুমান খতীবে এই বুলি স্বীকাৰ কৰিছে যে, তেওঁলোকে প্ৰতিটো খুতবাৰ সময়তে ভয় আৰু উদ্বেগ অনুভৱ কৰে। আনকি তেওঁলোকৰ কিছুমানে কৈছেঃ 'চিন্তা আৰু ভয়ৰ কাৰণে প্ৰতিটো খুতবাতেই মই এনেকুৱা অনুভৱ কৰোঁ যে, মই যেনিবা প্ৰথমবাৰহে খুতবা দি আছোঁ!'

কিন্তু আপুনি খুতবাৰ আৰম্ভণিতে মানুহৰ মুখলৈ দৃষ্টিপাত নকৰিব, কাৰণ আপোনাৰ দৃষ্টি আপুনি সমীহ কৰা কোনো ব্যক্তিৰ ওপৰত পৰাৰ ফলত আপুনি বিব্ৰত হ'ব পাৰে, আনকি মানুহৰ দৃষ্টিয়েও আপোনাক শংকিত কৰিব পাৰে। বৰং তেওঁলোকৰ ব্যক্তি বিশেষৰ প্ৰতি তথা চকুৰ ওপৰত মনোযোগ নিবদ্ধ নকৰি, তেওঁলোকৰ মূৰৰ ফালে দৃষ্টিপাত কৰিব।

৬- মিম্বৰত উঠাৰ সময়ত হ'ব পৰা কোনো ঋণাত্মক দিশ বা ভুল-ত্ৰুটিৰ বিষয়ে চিন্তা নকৰিব। বৰং আল্লাহৰ অনুমতিক্রমে আশা কৰা ধনাত্মক ফলাফল আৰু আপোনাৰ খুতবাৰ পৰা লাভ হ'বলগীয়া বিশাল উপকাৰসমূহৰ বিষয়ে চিন্তা কৰক। যেনে— মানুহৰ উপকাৰ সাধন কৰা, সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ নিষেধৰ বিধান প্ৰতিষ্ঠা কৰাত আল্লাহৰ তাওফীক লাভ কৰা, আৰু তেওঁৰ (আল্লাহৰ) ফালে মানুহক আহ্বান কৰা আদি।

সপ্তম: খুতবাৰ আগত সঠিকভাৱে উশাহ-নিশাহ লোৱা, যাৰ পদ্ধতি হৈছে: নাকৰ দ্বাৰা গভীৰভাৱে উশাহ গ্ৰহণ কৰা, তাৰ পিছত কিছু মুহূৰ্তৰ বাবে উশাহ ধৰি ৰখা, আৰু শেষত লাহে লাহে এৰি দিয়া। এই উশাহ-নিশাহে মানসিক চাপ দূৰ কৰাত গভীৰ প্ৰভাৱ পেলায়; বিশেষজ্ঞ আৰু চিকিৎসকসকলে উল্লেখ কৰিছে যে, সাধাৰণ উশাহ-নিশাহে মগজুলৈ সাতৰ পৰা দহ লিটাৰ অক্সিজেন পাম্প কৰে, আনহাতে সঠিকভাৱে উশাহ-নিশাহ ল’লে, ই প্ৰায় পঁচাত্তৰ লিটাৰ অক্সিজেন পাম্প কৰে। ইয়াৰ ফলত উদ্বেগ আৰু মানসিক চাপৰ হৰম'নৰ মাত্ৰা হ্ৰাস পায়। আনকি এইটো পৰীক্ষা কৰিও চোৱা হৈছে আৰু মানসিক চাপ, দুশ্চিন্তা আৰু উদ্বেগ দূৰ কৰাত ইয়াৰ এক বৃহৎ প্ৰভাৱ পোৱা গৈছে।

আৰু খুতবাৰ সময়ত এনেদৰে দীঘলকৈ উশাহ ল'বলৈ চেষ্টা কৰিব যাতে উপস্থিত লোকসকলে বিষয়টোৰ উমান নাপায়। ইয়াৰ বাবে উপযুক্ত সময়ত ৰৈ মুখ বা নাকেৰে খৰকৈ আৰু অধিক পৰিমাণে উশাহ ল'ব, তাৰ পিছত এই উশাহটো লৈ পুনৰ কথা কৈ যাব। প্ৰায় প্ৰতিটো বিৰতিতেই এনেদৰে কৰিব।

আপোনাৰ প্ৰতি উত্থাপিত হোৱা ভুল সমালোচনাৰ সৰ্বোত্তম সমাধান।

হে মোৰ খতিব ভাই, গভীৰ চিন্তা-চৰ্চা আৰু অভিজ্ঞ লোকসকলৰ পৰামৰ্শ লোৱাৰ পাছত, আপুনি গ্ৰহণ কৰা কোনো সিদ্ধান্ত, বা বাছি লোৱা কোনো পদ্ধতি, অথবা অৱলম্বন কৰা কোনো পথৰ বিষয়ে যদি আপুনি নিশ্চিত হয়, তেন্তে সমালোচক আৰু নিন্দাকাৰীসকলৰ কথালৈ ভ্ৰূক্ষেপ নকৰিব। কাৰণ কোনো ব্যক্তিয়েই মানুহৰ সমালোচনাৰ পৰা বাচিব নোৱাৰে, তেওঁ যিয়েই নকৰক কিয় আৰু তেওঁৰ মৰ্যাদা যিমানেই উচ্চ নহওক কিয়।

আৰু যদি সিহঁতৰ সমালোচনাত আপুনি মনোযোগ দিয়ে, তেন্তে আপোনাৰ সংকল্প দুৰ্বল হৈ পৰিব, আপোনাৰ অন্তৰ সংকীৰ্ণ হৈ পৰিব, আৰু আপুনি উন্নয়ন তথা উদ্ভাৱনৰ আকাংক্ষাৰ পৰা বিমুখ হৈ পৰিব।

এনে কোনো গ্ৰন্থ, প্ৰবন্ধ অথবা কৰ্ম নাই, যাৰ কোনো সমালোচক বা ত্ৰুটি ধৰোতা নাই।

সমালোচকসকলৰ সৈতে নম্ৰতা আৰু সন্মান সহকাৰে ব্যৱহাৰ কৰা উচিত, আৰু উত্তম পন্থাৰে তেওঁলোকক উত্তৰ দিব লাগে। তেওঁলোকৰ ওচৰত যিখিনি সত্য আছে সেয়া গ্ৰহণ কৰিব লাগে, আৰু ইয়াক লৈ অহংকাৰ কৰা উচিত নহয়, যদিও আপোনাৰ দৃষ্টিত সমালোচকজন কোনো গণ্য-মান্য ব্যক্তি নহয়।

খুতবাৰ পূৰ্বে পালন কৰিবলগীয়া খতীবৰ উদ্দেশ্যে কিছুমান উপদেশ

হে খতীব ভাই! খুতবাৰ আগত আপুনি এনে কিছুমান কাম কৰা উচিত যিবোৰ কৰ্মই আল্লাহৰ পাছত আপোনাক মিম্বৰত থিয় হ'বলৈ আৰু খুতবা প্ৰদান কৰিবলৈ সহায় কৰে, যেনে:

প্ৰথমঃ আপুনি যে আল্লাহৰ বাণীসমূহ প্ৰচাৰ কৰিবলৈ আৰু তেওঁৰ প্ৰতি মানুহক আহ্বান জনাবলৈ ওলাইছে, এই কথাটো মনত জাগ্ৰত ৰাখিব। লগতে মাজে-সময়ে মহান আল্লাহৰ এই বাণী পাঠ কৰিবঃ "তেওঁলোকে আল্লাহৰ বাণী প্ৰচাৰ কৰিছিল, আৰু তেওঁকেই ভয় কৰিছিল আৰু আল্লাহৰ বাহিৰে আন কাকো ভয় কৰা নাছিল।" আকৌ কেতিয়াবা এই আয়াতটো পাঠ কৰিবঃ "সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান কৰে, লগতে সৎকৰ্ম কৰে? আৰু কয়, ‘নিশ্চয় মই মুছলিমসকলৰ অন্তৰ্ভুক্ত’।" (ছুৰা ফুচ্ছিলাতঃ ৩৩)

মহান আল্লাহে কৈছেঃ "কোৱা, ‘এইটোৱেই হৈছে মোৰ পথ, মই আৰু মোৰ অনুসাৰীসকলে পূৰ্ণ বিশ্বাসৰ সৈতে জানি-বুজি আল্লাহৰ প্ৰতি আহ্বান কৰোঁ। আল্লাহ অত্যন্ত পৱিত্ৰ, আৰু মই মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহয়’।" (ছুৰা ইউছুফঃ ১০৮)

আৰু এইটোৱে আপোনাক অধিক ইখলাচ, উদ্দীপনা, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুসৰণ কৰিবলৈ, আৰু বক্তব্যৰ মহান উদ্দেশ্যক উপলব্ধি কৰিবলৈ উৎসাহিত কৰিব, যাৰ কাৰণেই মহান আল্লাহে তেওঁৰ নবী-ৰাছুলসকলক প্ৰেৰণ কৰিছিল। সেয়া হৈছে দ্বীনৰ প্ৰচাৰ আৰু প্ৰসাৰ, আৰু এইটোৱেই হৈছে দুনিয়াৰ সৰ্বশ্ৰেষ্ঠ পদ।

দ্বিতীয়: মিম্বৰত উঠাৰ পূৰ্বে আল্লাহৰ ওচৰত দুআ কৰক যে, তেওঁ যেন আপোনাক ইখলাচ, তাওফীক আৰু সঠিক দিশ প্ৰদান কৰে, আৰু আপোনাৰ কথাৰ দ্বাৰা আপোনাক আৰু আনকো উপকৃত কৰে। কাৰণ এনেকুৱা বহুতো খতীব আৰু বক্তা আছে, যিসকলে নিজেই নিজৰ কথাৰ পৰা শিক্ষা গ্ৰহণ নকৰে। আনহাতে যদি কেতিয়াবা শিক্ষা গ্ৰহণ কৰেও, তেন্তে অতি সোনকালেই সেয়া পাহৰি যায়, বিশেষকৈ যেতিয়া দীৰ্ঘ সময় অতিবাহিত হয়।

আৰু সদায় মহান আল্লাহৰ ওচৰত এই দুআ কৰিব যে, তেওঁ যেন আপোনাক বাকপটুতা আৰু স্পষ্ট কথা কোৱাৰ তাওফীক দান কৰে।

তৃতীয়ঃ প্ৰায়ে খুতবা প্ৰদান কৰাৰ বহু সময় আগতেই একাধিক খুতবা প্ৰস্তুত কৰি ৰাখিব লাগে, আৰু কেতিয়াবা এই প্ৰস্তুতি আৰু ভাষণ প্ৰদানৰ মাজত কেইবামাহ বা কেইবাবছৰৰো ব্যৱধান হ'ব পাৰে।

যেতিয়া আপোনাৰ মনলৈ কোনো বিষয় আহে, অথবা অধ্যয়নৰ সময়ত কোনো মূল্যৱান শিক্ষা দৃষ্টি গোচৰ হয়, বা কোনো হাদীছ বা আয়াতে আপোনাক গভীৰভাৱে ভবাই তোলে, তেতিয়া পলম নকৰি তৎক্ষণাত সেইটো লিপিবদ্ধ কৰক। কাৰণ সেই সময়ত অনুভূতিবোৰ সজীৱ হৈ থাকে আৰু চিন্তাবোৰ সতেজ আৰু শৃংখলাবদ্ধ হৈ থাকে। যদি তেতিয়া লিখিবলৈ পলম কৰে, তেন্তে সেই চিন্তা-ভাৱনাবোৰ হেৰাই যাব আৰু পুনৰ সেইবোৰ মনত পেলোৱা কঠিন হৈ পৰিব। ইয়াৰ পিছত, মনত যি আহে তাকেই লিখি যাওক। তাৰ পিছত কোনো কষ্ট নকৰাকৈ কোৰআন, ছুন্নাহ আৰু সেইসকল বিজ্ঞ আলিমৰ বক্তব্যৰ পৰা ইল্‌মী সামগ্ৰী সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰক, যিসকলৰ বক্তব্য আপুনি তেওঁলোকৰ কিতাপ অধ্যয়ন কৰাৰ সময়ত নাইবা তেওঁলোকৰ পৰা উদ্ধৃতি উল্লেখ কৰা কিতাপৰ জৰিয়তে লাভ কৰিছে। প্ৰয়োজন সাপেক্ষে ‘মাকতাবা শ্বামেলা’ বা ইণ্টাৰনেটত অনুসন্ধান কৰক।

আৰু কোৰআনৰ আয়াত, নবৱী হাদীছ, ছালাফসকলৰ বাণী আৰু তেওঁলোকৰ আছাৰ, ইতিহাস, আৰু সমসাময়িক ৰাব্বানী আলিমসকলৰ বক্তব্যৰ প্ৰতি গুৰুত্ব দিয়ক, বিশেষকৈ সম-সাময়িক বিষয় আৰু ঘটনাৱলীৰ ক্ষেত্ৰত।

খুতবাৰ বিষয়ৰ সৈতে সম্পৰ্কীয় যি যি তথ্য পোৱা যায়, সেইবোৰ লৈ কম্পিউটাৰৰ এটা ফাইলত ৰাখক, কোনো ধৰণৰ সজোৱা-পৰোৱা আৰু যাছাই-বাছাই নকৰাকৈ।

এইদৰে, আপোনাৰ মনলৈ অহা বা আপুনি সন্মুখীন হোৱা বিভিন্ন বিষয় আৰু উপকাৰী কথাৰ ক্ষেত্ৰত সদায় এই পদ্ধতি অৱলম্বন কৰক: মনলৈ অহা কথাখিনি তেতিয়াই লিপিবদ্ধ কৰক, আৰু নিজৰ সামৰ্থ্য অনুসৰি অনুসন্ধান কৰি লিখক। তাৰ পিছত সেয়া তেনেকৈয়ে থৈ দিয়ক আৰু নিজৰ নিয়মীয়া অধ্যয়নত মনোনিৱেশ কৰক। পৰৱৰ্তী সময়ত, যদি আপুনি পূৰ্বে লিখা বা আংশিকভাৱে লিখা কোনো খুতবাৰ সৈতে সম্পৰ্কিত কোনো উপকাৰী কথা, আয়াত বা হাদীছ বিচাৰি পায়, তেন্তে সেয়া তাত যোগ কৰি দিয়ক।

হয়তো কোনো এটা খুতবা আপোনাৰ ওচৰত বহু বছৰ ধৰি আছে, ইয়াক আপুনি আপোনাৰ ক্লাছত, আলোচনা সভাত অথবা ভাষণত উপস্থাপন কৰক। এনে কৰাৰ ফলত আপোনাৰ সন্মুখত এনে বহুতো সূক্ষ্ম তত্ত্ব আৰু উপকাৰিতা মুকলি হ'ব যিবোৰ ইয়াৰ আগতে আপোনাৰ মনলৈ অহা নাছিল, আৰু আপুনি পাহৰি যোৱা কথাবোৰো স্মৰণ কৰিব পাৰিব। যেতিয়া আপুনি ইয়াক জুমুআৰ খুতবাত উপস্থাপন কৰিব তেতিয়া এইটো যথাসম্ভৱ সাজু হ'ব আৰু সম্পূৰ্ণ হৈ থাকিব।

চতুৰ্থঃ ইয়াক সম্পূৰ্ণৰূপে বা খণ্ড খণ্ড কৈ মছজিদত অথবা ব্যক্তিগত মজলিছত আলোচনা কৰক। ইয়াৰ উদ্দেশ্য হ’ব:

ক- জ্ঞান দৃঢ় কৰা আৰু মুখস্থ কৰা।

খ- মানুহৰ মাজত ইয়াক প্ৰচাৰ কৰা, বিশেষকৈ আপুনি খুতবা দিয়া জামে মছজিদৰ ওচৰত নথকা মছজিদসমূহত, আৰু সাধাৰণতে যিসকলে আপোনাৰ জামাতত উপস্থিত হ'ব নোৱাৰে।

গ- বিষয়টোৰ পুংখানুপুংখ আলোচনাৰ সুযোগ বৃদ্ধি পাব, আৰু সাধাৰণতে বক্তব্য ৰখাৰ সময়ত বা তাৰ পিছত আপোনাৰ মনলৈ আলোচনা কৰিবলগীয়া কিছুমান গুৰুত্বপূৰ্ণ বিষয় আহি পৰিব, অথবা আপোনাৰ বক্তব্য শুনা শ্ৰোতাৰ ফালৰ পৰা কোনো প্ৰশ্ন বা জানিবলগীয়া কোনো বিষয় উত্থাপিত হ'ব।

পঞ্চমঃ জুমুআৰ দিনা খুতবাৰ প্ৰায় দুই ঘণ্টা আগতে, খুতবাত প্ৰদান কৰাৰ দৰেই ভাষণৰ অভ্যাস কৰক।

ষষ্ঠ- গৱেষণা আৰু প্ৰস্তুতিত অতিৰঞ্জিত নকৰি, বৰঞ্চ এনে বিষয়বস্তু সংগ্ৰহ কৰাতহে গুৰুত্ব দিয়া উচিত, যিটো প্ৰথমে আপোনাক উপকৃত কৰিব, আৰু তাৰ পিছত বিভিন্ন শ্ৰেণীৰ শ্ৰোতাসকলকো উপকৃত কৰিব।

মই দেখিছোঁ যে, সকলো বিষয়তে তাকাল্লুফ (কৃত্ৰিমতা) হৈছে ক্ষতিকাৰক আৰু কষ্টকৰ, আৰু ই প্ৰায়েই এনেকুৱা ব্যক্তিক কৰ্ম-বিচ্ছিন্নতা অথবা অনীহা আৰু শিথিলতাৰ ফালে লৈ যায়।

খুতবাৰ সময়ত পালন কৰিবলগীয়া খতীবৰ বাবে কিছুমান নিৰ্দেশনা

খুতবা চলা অৱস্থাত নিম্নলিখিত বিষয়বোৰ পালন কৰা উচিত:

প্ৰথমঃ কাহিনী, বিভিন্ন পৰিস্থিতি আৰু শিক্ষামূলক ঘটনাৰাজিৰ অনুভৱৰ মাজত থাকোঁতে, নিজৰ অনুভূতিবোৰক কৃত্ৰিমভাৱে প্ৰকাশ কৰিবলৈ বা গোপন কৰিবলৈ চেষ্টা নকৰিব। ইয়াৰ পৰিৱৰ্তে, প্ৰসংগ অনুসৰি নিজৰ মুখমণ্ডলৰ অভিব্যক্তি, চকুৰ ভাৱ-প্ৰকাশ আৰু কণ্ঠস্বৰৰ ভিন্নতাৰ জৰিয়তে নিজৰ মনোভাৱ প্ৰকাশ কৰিব।

এইটো জানি থওক যে, আপোনাৰ উপস্থাপন যিমানেই স্বাভাৱিক হ’ব আৰু কৃত্ৰিমতা মুক্ত হ'ব, সিমানেই ই অধিক প্ৰভাৱশালী হ’ব। গতিকে আপোনাৰ সেই স্বাভাৱিক শৈলীটোকে বজাই ৰাখক, যিটো আপুনি খুতবাৰ বাহিৰে আন সাধাৰণ কথা-বতৰাত ব্যৱহাৰ কৰে। ইয়াৰ লগতে কণ্ঠস্বৰৰ উঠা-নমাৰ প্ৰতি মনোযোগ দিব আৰু উপস্থাপন উন্নত কৰিব।

আৰু বহুতো খত্বীবে তেওঁলোকৰ অভ্যস্ত শৈলীৰ পৰিৱৰ্তে খুতবাৰ বাবে এক সম্পূৰ্ণ ভিন্ন শৈলী গ্ৰহণ কৰে। তেওঁলোকে ভাবে যে, খুতবা প্ৰদানৰ এটা নিৰ্দিষ্ট গতানুগতিক শৈলী আৰু এটা নিজস্ব বিশেষ ধাৰা আছে। ইয়াৰ ফলত তেওঁলোকে শ্ৰোতাসকলৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰাত আৰু তেওঁলোকৰ অন্তৰত প্ৰৱেশ কৰাত ব্যৰ্থ হয়।

দ্বিতীয়ঃ খুতবা একেৰাহে বা অতি দ্ৰুতগতিত প্ৰদান নকৰিব, যাৰ ফলত শ্ৰোতাসকলে সম্পূৰ্ণৰূপে শুনাৰ পৰা বঞ্চিত হয়। বৰং ধীৰ-স্থিৰভাৱে খুতবা দিব আৰু প্ৰয়োজন সাপেক্ষে মাজত সামান্য বিৰতি ল’ব। বিষয়বস্তুৰ সৈতে সংগতি ৰাখি কণ্ঠস্বৰৰ উঠা-নমাৰ প্ৰতি মনোযোগ দিব। যদি পৰিস্থিতিয়ে দাবী কৰে, তেন্তে কণ্ঠস্বৰ উচ্চ কৰিব আৰু কথা কোৱাৰ গতি বৃদ্ধি কৰিব।

তৃতীয়ঃ খুতবাৰ সময় সঠিকভাৱে নিৰূপণ কৰা উচিত, আৰু প্ৰয়োজন নোহোৱাকৈ খুতবা দীঘলীয়া কৰা উচিত নহয়।

চতুৰ্থঃ খুতবাৰ সময়ত নামাজীসকলৰ পৰা কোনো ভুল হোৱা দেখিলে নম্ৰতাৰে সেই বিষয়ে তেওঁলোকক সচেতন কৰাওক। যেনে, খুতবাৰ সময়ত কোনোবাই কথা পাতি থাকিলে, এই ভুলৰ বিষয়ে সামূহিকভাৱে সকীয়াই দিয়ক।

(খতীবৰ বাবে খুতবাৰ পাছত পালন কৰিবলগীয়া কিছুমান উপদেশাৱলী)

খুতবাৰ পিছত আপুনি পালন কৰিবলগীয়া কেইবাটাও বিষয় আছে, তাৰে অন্যতম হৈছেঃ

প্ৰথম: মহান আল্লাহে আপোনাৰ প্ৰতি যি অনুগ্ৰহ কৰি আপোনাক খুতবা প্ৰদানৰ তাওফীক প্ৰদান কৰিলে তাৰ বাবে তেওঁৰ প্ৰশংসা কৰক।

দ্বিতীয়ঃ খুতবা প্ৰদান কৰাৰ পাছত সেই খুতবা পুনৰ শ্ৰৱণ কৰক। ইয়াৰ মাজৰ পৰা ইতিবাচক দিশসমূহ বিচাৰি সেইবোৰক শক্তিশালী আৰু দৃঢ় কৰাৰ চেষ্টা কৰক, আৰু নেতিবাচক দিশসমূহৰ পৰা বিৰত থাকক।

এইবোৰ কৰাৰ উদ্দেশ্য হৈছেঃ

প্ৰথম: খুতবাৰ মৰ্যাদাক সন্মান জনোৱা, কাৰণ ইছলামত ইয়াৰ এক বিশেষ গুৰুত্ব আৰু মৰ্যাদা আছে।

দ্বিতীয়তে, যিসকল নামাজীয়ে নিজ প্ৰতিপালকৰ আনুগত্য কৰি, তেওঁলোকৰ স্ৰষ্টাৰ আহ্বানত সঁহাৰি জনাই আপোনাৰ খুতবা শ্ৰৱণৰ মুহাব্বতত আহি উপস্থিত হৈছে, তেওঁলোকৰ সন্মানৰ প্ৰতি শ্ৰদ্ধা কৰি, উক্ত খুতবাটো আপুনি নিজে শুনক।

ইয়াৰোপৰি আপুনি ইয়াক কোনো সৎ শুভাকাংক্ষীৰ ওচৰলৈ প্ৰেৰণ কৰিব পাৰে, যাতে তেওঁ ইয়াৰ ইতিবাচক আৰু নেতিবাচক দিশবোৰ আপোনাক দেখুৱাই দিব পাৰে।

এইদৰে সম্ভৱ হ'লে ৰেকৰ্ড কৰি প্ৰচাৰ কৰা উচিত, বিশেষকৈ সেইবোৰ দেশত য’ত খতীবৰ সংখ্যা কম। যাতে আপোনাৰ সৈতে জামাতত চামিল হ'ব নোৱাৰা সাধাৰণ ৰাইজেও ইয়াৰ দ্বাৰা উপকৃত হ'ব পাৰে, লগতে ইয়াক শ্ৰাব্য (অডিঅ) তথা লিখিত ৰূপতো প্ৰচাৰ কৰিব লাগে।

আনকি ইয়াৰ বাবে ছচিয়েল মিডিয়াত এটা পেজ আৰু এটা বিশেষ ৱেবছাইট বনালে বেছি উত্তম হ'ব।

তদুপৰি খুতবা প্ৰকাশ কৰা ৱেবছাইটসমূহৰ সৈতে সহযোগিতা কৰা আৰু সেইবোৰত খুতবাসমূহ প্ৰকাশ কৰা, বিশেষকৈ অনূদিত খুতবাসমূহ, কাৰণ এইবোৰৰ সংখ্যা নিচেই কম।

খতীব আৰু দাঈসকলৰ (আল্লাহৰ প্ৰতি আহ্বানকাৰীৰ) বাবে সাধাৰণ উপদেশ

হে জুমুআৰ খতীব ভাই, আপোনাৰ বাবে আমাৰ এই নছীহতসমূহ হৈছে কেৱল এটা স্মৰণহে:

[1] "মানুহক সুসংবাদ দিয়ক, তেওঁলোকক আঁতৰাই নিদিব।"

সফল খতীব হৈছে সেইজন, যিয়ে সুসংবাদ দিয়ে আৰু বিতৃষ্ণা সৃষ্টি নকৰে, মানুহৰ মাজত আশা আৰু আশাবাদৰ মনোভাৱ সঞ্চাৰ কৰে, হতাশা আৰু অলসতাৰ ধূলি দূৰ কৰে, আৰু পৰিশ্ৰম আৰু কৰ্মৰ প্ৰতি উদ্বুদ্ধ কৰে।

হে খতীব ভাই, আপুনি আপোনাৰ খুতবাৰ বিষয়বস্তু কেৱল দুখ-দুৰ্দশা, বিপদ-আপদ আৰু সকলো সময়তে ঘটি থকা ঋনাত্মক ঘটনাবোৰৰ মাজতে সীমাবদ্ধ নাৰাখিব। বৰং আপোনাৰ অধিকাংশ খুতবা আশাবাদ, নৈতিকতা, আচৰণ আৰু আদৰ্শৱান ব্যক্তিসকলৰ উজ্জ্বল নিদৰ্শনসমূহৰ ওপৰত কেন্দ্ৰীভূত কৰক, যাতে মানুহে এইবোৰ নৈতিকতা, আচৰণ আৰু এই মহান ব্যক্তিসকলক নিজৰ বাবে আদৰ্শ আৰু প্ৰেৰণাৰ উৎস হিচাপে গ্ৰহণ কৰে।

আৰু যদি আপুনি কোনো ভুল দেখা পায়, তেন্তে চৰীয়তসন্মত পদ্ধতি আৰু উপযুক্ত পন্থাৰে সেই বিষয়ে মানুহক সতৰ্ক আৰু সাৱধান কৰক।

[2] সাধাৰণ জনতাক নিজৰ দৃষ্টিৰ সন্মুখত ৰাখিব।

- আল্লাহে আপোনাক ৰক্ষা কৰক - আপুনি সাধাৰণ জনগণক আপোনাৰ দৃষ্টিৰ সন্মুখত ৰাখক, কিয়নো আপোনাৰ খুতবা আৰু উপদেশসমূহৰ বাবে তেওঁলোকেই অধিক হকদাৰ আৰু উপযুক্ত। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উছমান বিন আবুল আচ ৰাদ্বিয়াল্লাহু আনহুক কৈছিল, যেতিয়া তেওঁক তেওঁৰ সম্প্ৰদায়ৰ ইমাম নিযুক্ত কৰা হৈছিল: "তেওঁলোকৰ মাজৰ দুৰ্বলতম ব্যক্তিৰ অনুসৰণ কৰিবা।" (8) - আবু দাউদ (৫৩১), ইবনে মাজাহ (৯৮৭), আহমদ (১৭৯০৬) আৰু অন্যান্য হাদীছ গ্ৰন্থত উল্লেখ আছে, আৰু শ্বাইখ আলবানীয়ে হাদীছটোক ছহীহ বুলি কৈছে।

অৰ্থাৎ দুৰ্বল লোকৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে, আৰু তেওঁলোকৰ বাবে কষ্টকৰ নোহোৱাকৈ ছালাত আদায় কৰিব লাগে। বোধশক্তিত দুৰ্বল লোকসকলৰ প্ৰতি লক্ষ্য ৰখাটো শাৰীৰিকভাৱে দুৰ্বল লোকসকলৰ প্ৰতি লক্ষ্য ৰখাতকৈ কোনো গুণে কম গুৰুত্বপূৰ্ণ নহয়।

আনহাতে, যদি আপুনি তেওঁলোকৰ মাজৰ বিশিষ্ট আৰু বিশেষ ব্যক্তিসকলক, লগতে আপোনাৰ অনুৰাগী আৰু শিষ্যসকলক গুৰুত্ব দিয়ে আৰু সাধাৰণ জনতাক অৱহেলা কৰে: তেন্তে ইয়াৰ ফলত আপুনি কেইবাটাও অসুবিধাৰ সন্মুখীন হ'ব:

প্ৰথমঃ শব্দচয়নত কষ্টকল্পনা কৰা, কৃত্ৰিমতাৰে ছন্দোবদ্ধ বাক্য ৰচনা কৰা, আৰু অধিকাংশ সাধাৰণ লোকক বাদ দি কেৱল নিজৰ স্তৰৰ লোকৰ বাবে উপযুক্ত বিষয়বস্তু নিৰ্বাচন কৰা।

দ্বিতীয়ঃ সাধাৰণ মানুহক তেওঁলোকৰ বাবে উপকাৰী নছীহত আৰু সামাজিক বিষয়সমূহৰ আলোচনাৰ পৰা বঞ্চিত কৰা হয়; কাৰণ আপুনি বুদ্ধিজীৱী শ্ৰেণী আৰু অন্যান্যসকলৰ আগ্ৰহৰ বিষয়বোৰত ব্যস্ত হৈ পৰে, আৰু তেওঁলোকে গভীৰ ইল্ম আৰু সূক্ষ্ম বিষয়বোৰ শুনিব বিচাৰে, আৰু তাৰ পৰা গৃহীত মাছলা-মাছাঈল, লগতে নতুন আৰু আচৰিত বিষয়ৰ ওপৰত আলোচনা শুনিব বিচাৰে। তেওঁলোকৰ কিছুমানে আকৌ ৰাজনীতি আৰু সাম্প্ৰতিক পৰিস্থিতিৰ গভীৰ বিশ্লেষণ শুনিবলৈ আগ্ৰহ কৰে। এইবোৰ বিষয়ে তেওঁলোকৰ দ্বীন অথবা পাৰ্থিৱ জীৱনত কোনো উপকাৰ নকৰে।

তৃতীয়ঃ নিয়তৰ অশুদ্ধি; ফলস্বৰূপে নিয়ত আল্লাহৰ সন্তুষ্টিৰ বাবে একনিষ্ঠ হোৱাৰ পৰিৱৰ্তে, ই আপোনাৰ প্ৰশংসাকাৰীসকলক সন্তুষ্ট কৰা আৰু তেওঁলোকক মুগ্ধ কৰিব পৰা বিষয়ৰ প্ৰতিহে পৰিচালিত হয়।

যেতিয়া আপুনি দেখিবলৈ পাব যে, মানুহে আপোনাৰ খুতবাৰ প্ৰতি মুগ্ধ আৰু আপোনাৰ খুতবা শুনিবলৈ তাত উপস্থিত হোৱাৰ বাবে ব্যাকুল, তেতিয়া নিঃসন্দেহে আপুনি তেওঁলোকৰ মন জয় কৰিবলৈ চেষ্টা কৰিব আৰু তেওঁলোকক সন্তুষ্ট কৰা বিষয়ত খুতবা দিব।

সেই সময়তে আল্লাহে আপোনাৰ পৰা বৰকত, কবুলিয়ত, উপকাৰ আৰু লাভ উঠাই ল'ব।

খতীবে সাধাৰণ লোকসকলক উপকৃত কৰাত মনোযোগ দিলেও, তাৰ অৰ্থ এইটো নহয় যে, তেওঁ এনে কিছুমান গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব নোৱাৰিব, যিবোৰ বহু লোকৰ বোধশক্তিৰ ঊৰ্ধ্বত হ'ব পাৰে। এনে বিষয়ৰ দ্বাৰা জ্ঞান অৰ্জনকাৰী অথবা দায়িত্বশীল ব্যক্তিসকলৰ দৰে কিছু বিশেষজ্ঞ লোকে উপকৃত হ'ব পাৰে; কিন্তু সেয়া কেৱল প্ৰয়োজন অনুসৰিহে হ'ব।

[3](আত্মগৌৰৱ নাইবা মানুহৰ প্ৰশংসাৰ পৰা বিৰত থাকিব)

যেতিয়া জুমুআৰ খতীব মিম্বৰত উঠে, আৰু তেওঁৰ ওচৰত সমবেত হোৱা বিশাল জনসমাগম দেখিবলৈ পায়, যিসকল তেওঁৰ উদ্দেশ্যেই তেওঁৰ ওচৰলৈ আহিছে, আৰু তেওঁলোকৰ মাজত জ্ঞানী, চিকিৎসক, বয়োজ্যেষ্ঠ, বিচাৰক, ধনী আৰু দায়িত্বশীল লোকসকলক দেখে: তেতিয়া তেওঁৰ মনলৈ আত্মগৌৰৱৰ ভাব সোমাব পাৰে। বিশেষকৈ যেতিয়া তেওঁ এইটো অনুভৱ কৰিব যে, তেওঁলোকৰ বহুতেই কেৱল তেওঁৰ কাৰণেই উপস্থিত হৈছে। গতিকে এজন বিচক্ষণ খতীবৰ বাবে জৰুৰী হৈছে যে, তেওঁ যেন আত্মগৌৰৱ আৰু অহংকাৰৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় বিচাৰে। লগতে প্ৰতিটো জুমুআতে নিজকে আত্মম্ভৰিতা আৰু আত্মগৌৰৱৰ পৰা মুক্ত ৰাখিবলৈ নিজৰ নফছৰ সৈতে জিহাদ কৰে, আৰু ইয়াৰ সকলো শ্ৰেয় মহান আল্লাহক অৰ্পণ কৰে, তেৱেঁই মানুহক তেওঁৰ ফালে আকৰ্ষিত কৰিছে।

কিছুমান ছালাফে কৈছেঃ «যেতিয়া তুমি মানুহৰ সৈতে বহিবা, তেতিয়া নিজৰ হৃদয় আৰু আত্মাক উপদেশ দিবা, আৰু তোমাৰ চৌপাশে তেওঁলোকৰ সমাগমে যেন তোমাক প্ৰতাৰিত কৰিব নোৱাৰে; কিয়নো তেওঁলোকে তোমাৰ বাহ্যিক অৱস্থাহে নিৰীক্ষণ কৰে, আৰু আল্লাহে তোমাৰ অভ্যন্তৰীণ অৱস্থাক নিৰীক্ষণ কৰে।» ([9]) - "মাদাৰিজুছ ছালিকীন বাইনা মানাযিলি ইয়্যাকা না’বুদু ওৱা ইয়্যাকা নাস্তা’ঈন": (২/৬৬)।

এতেকে আপোনাৰ ওপৰত অনিবাৰ্য হৈছে আল্লাহৰ উদ্দেশ্যে ইখলাচ অৱলম্বন কৰা, আৰু নিজৰ ঈমান শক্তিশালী কৰা। লগতে মানুহৰ প্ৰশংসাত মুগ্ধ হোৱাৰ পৰা সাৱধান থকাও অপৰিহাৰ্য; কাৰণ এনেকুৱা বহুতো মানুহ আছে, যেতিয়া তেওঁলোকে প্ৰশংসা কৰে তেতিয়া সীমা চেৰাই যায়, অথচ আপুনিহে নিজৰ বিষয়ে ভালকৈ জানে।

ইবনুল জাওযী ৰাহিমাহুল্লাহে কৈছেঃ «আটাইতকৈ ডাঙৰ ফিৎনা হৈছে সাধাৰণ মানুহৰ প্ৰশংসা, কাৰণ এনেকুৱা প্ৰশংসাই বহু লোকক বিপথগামী কৰিছে।» ([10]) (চাইদুল খা-তিৰঃ ৬৭)

মানুহে আপোনাৰ অথবা আপোনাৰ বক্তব্যৰ প্ৰশংসা কৰিলে তাত আনন্দিত হোৱাটো কোনো দোষৰ কথা নহয়। এবাৰ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক সোধা হৈছিলঃ “সেইজন ব্যক্তিৰ বিষয়ে আপোনাৰ অভিমত কি, যিজনে কোনো কল্যাণকৰ আমল কৰে, আৰু তাৰ বাবে মানুহে তেওঁৰ প্ৰশংসা কৰে?” তেখেতে ক'লেঃ “সেইটো হৈছে মুমিনৰ আগতীয়া সুসংবাদ৷” (১১) - (মুছলিমঃ ২৬৪২)

এতেকে যেতিয়া মুমিন ব্যক্তিয়ে আমল কৰে, “একনিষ্ঠভাৱে আল্লাহৰ বাবে আমল কৰাৰ পিছত যদি আল্লাহে মুমিনসকলৰ অন্তৰত তাৰ বাবে উত্তম প্ৰশংসা স্থাপন কৰি দিয়ে, আৰু তেওঁ আল্লাহৰ অনুগ্ৰহ আৰু দয়াৰ বাবে আনন্দিত হয় তথা সেইটোত সন্তুষ্টি লাভ কৰে, তেন্তে এইটোৱে তেওঁৰ কোনো ক্ষতি নকৰে।” ([12]) - (জা-মেউল উলূম অল-হিকাম লি-ইবনে ৰজবঃ ১/ ৮৪)

প্ৰকৃত দোষ আৰু গুনাহ তেতিয়াহে হয়, যেতিয়া মানুহৰ প্ৰশংসাত অন্তৰত অহংকাৰ সৃষ্টি হয়, ফলত আপুনি নিজৰ চেষ্টা আৰু কৰ্মক লৈ আনন্দিত হয় আৰু ইয়াৰ কৃতিত্ব নিজকে দিয়ে; অথচ আপোনাৰ এই আনন্দ হৈছে আল্লাহৰ অনুগ্ৰহ, দয়া আৰু কৰুণাৰ বাবে, যিজনে আপোনাৰ বাবে কল্যাণ কঢ়িয়াই আনিছে আৰু আপোনাৰ দৃষ্টিত প্ৰিয় আৰু সহজ কৰি দিছে।

আত্মগৌৰৱৰ ৰোগত আক্ৰান্ত হোৱাৰ আলামত হৈছে সমালোচনাৰ পৰা বিমুখ হোৱা আৰু উপদেশকাৰীৰ উপদেশক ঘৃণা কৰা।

(4) এনেকুৱা কথা কওক যিটো তেওঁলোকৰ দ্বীন আৰু দুনিয়াৰ বাবে উপকাৰী।

যিসকলে আপোনাৰ বক্তব্য শুনিবলৈ আহে, তেওঁলোকক এনেকুৱা বিষয় শুনাওক, যাৰ দ্বাৰা তেওঁলোকৰ দ্বীন আৰু দুনিয়াৰ কল্যাণ সাধিত হ'ব। প্ৰস্তুতিৰ সময়ত নিজকে সোধকঃ ‘যেতিয়া মানুহে মছজিদৰ পৰা ওলাই যাব, তেতিয়া তেওঁলোকে দ্বীন আৰু আখলাকৰ ক্ষেত্ৰত মোৰ দ্বাৰা কিদৰে উপকৃত হ’ব?’

আৰু যিটোৰ পৰা তেওঁলোকে লাভান্বিত নহয়, তেনেকুৱা বিষয় উল্লেখ নকৰাই উচিত৷

উদাহৰণস্বৰূপে মই যদি ৰাজনীতিৰ সূক্ষ্ম বিষয়বোৰৰ ওপৰত কথা কওঁ, অথবা মুছলমানসকলৰ দুখ-দুৰ্দশাৰ বিষয়ে অধিক চৰ্চা কৰোঁ, তেন্তে তেওঁলোকৰনো কি উপকাৰ হ'ব?

মোৰ এনেকুৱা এটা বিষয় উত্থাপনৰ পৰা তেওঁলোকেনো কি উপকাৰ পাব, যিটো ইয়াৰ সংবেদনশীলতাৰ কাৰণে আৰু স্পষ্টকৈ ক’লে মোৰ নিজৰেই ক্ষতি হ’ব বুলি থকা ভয়ৰ বাবে ৰহস্যঘন হৈ আছে, আৰু যাৰ ফলত মই কেৱল ইংগিত আৰু পৰোক্ষ কথাৰ আশ্ৰয় লওঁ যিবোৰ অতি নিৰ্বাচিত কিছুমান লোকেহে বুজিব পাৰে?

শাসকক মানুহৰ সন্মুখত, স্পষ্টভাৱেই হওক বা উহ্যভাৱেই হওক, নছীহত কৰিলে কি লাভ হ'ব? অথচ শাসকক ৰাজহুৱাকৈ নছীহত কৰিবলৈ ছালাফে ছালেহীনসকলে নিষেধ কৰিছে, কাৰণ এনে কৰিলে প্ৰায়ে ফিৎনাৰ সৃষ্টি হয় আৰু বক্তাজনৰো ক্ষতি হয়।

[5] খুতবা চলা অৱস্থাত শান্ত-শিষ্টতা অৱলম্বন কৰা

খুতবাৰ সময়ত শান্ত আৰু স্থিৰ থকা উচিত, আৰু আৱেগৰ বশৱৰ্তী হৈ বিষয়বস্তুৰ পৰা আঁতৰি যোৱা বা পাছত অনুশোচনা কৰিবলগীয়া কথা কোৱাৰ পৰা বিৰত থাকিব লাগে। যদি খতীবৰ আৱেগ বৃদ্ধি পায় তেন্তে তেওঁ সাধাৰণতে নিজৰ মনোযোগ আৰু কথাৰ ওপৰত থকা নিয়ন্ত্ৰণ হেৰুৱাই পেলায়, আৰু তেওঁৰ কণ্ঠস্বৰ ইমান উচ্চ হৈ পৰিব পাৰে যে, সেয়া বহুতো শ্ৰোতাৰ বাবে কষ্টদায়ক হৈ পৰে।

[6] খুতবা দীঘলীয়া কৰাৰ পৰা বিৰত থকা।

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে খুতবা চুটি কৰিছিল, আৰু সেইদৰে তেখেতৰ চাহাবাসকলে (ৰাদ্বিয়াল্লাহু আনহুম) আৰু তেওঁলোকৰ পিছত অহা উম্মতৰ পূৰ্বসূৰীসকলেও (ৰাহিমাহুমুল্লাহ) চুটি খুতবা প্ৰদান কৰিছিল।

আবু ওৱাইল ৰাহিমাহুল্লাহে বৰ্ণনা কৰিছেঃ আম্মাৰ ৰাদ্বিয়াল্লাহু আনহুৱে আমাক উদ্দেশ্যি এটা সংক্ষিপ্ত অথচ সাৰগৰ্ভ খুতবা প্ৰদান কৰিলে। তেওঁ যেতিয়া নামি আহিল, আমি ক'লোঁঃ হে আবু য়াকজান! আপুনি অতি সাৰগৰ্ভ আৰু সংক্ষিপ্ত ভাষণ দিলে, যদি ইয়াক আৰু অলপ দীঘলীয়া কৰিলেহেঁতেন (উত্তম হ'লহেঁতেন)! তেতিয়া তেওঁ ক'লেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছোঁ, তেখেতে কৈছেঃ "চালাত দীঘল আৰু খুতবা চমু কৰাটো হৈছে ব্যক্তিৰ গভীৰ ধৰ্মীয় জ্ঞানৰ লক্ষণ। সেয়েহে চালাত দীঘলীয়া কৰিবা আৰু খুতবা চমু কৰিবা, আৰু নিশ্চয় কিছুমান ভাষণৰ ভিতৰত নিহিত আছে যাদু (আকৰ্ষণ)।" ([13]) - (মুছলিমঃ ৮৬৯)

(تَنَفَّسْتَ) শব্দৰ অৰ্থ হৈছেঃ আপুনি খুতবা দীঘলীয়া কৰিলে।

(مَئِنَّةٌ) শব্দৰ অৰ্থ হৈছেঃ চিহ্ন বা প্ৰতীক। (مِنْ فِقْهِهِ): অৰ্থাৎ যিবোৰ বিষয়ৰ দ্বাৰা কোনো ব্যক্তিৰ ফিকহ বা জ্ঞান-প্ৰজ্ঞাৰ পৰিচয় পোৱা যায়, আৰু প্ৰত্যেক সেই বস্তু যিয়ে আন কোনো বস্তুৰ প্ৰতি ইংগিত দিয়ে, সেয়া তাৰেই চিন বা পৰিচায়ক।

খুৎবা সংক্ষিপ্ত কৰাত তিনিটা মূল্যৱান উপকাৰ আছে:

প্ৰথমঃ ছুন্নতৰ অনুসৰণ কৰা হয়।

দ্বিতীয়: খুতবা প্ৰস্তুত কৰাত সহজ হয়, আনকি প্ৰস্তুত কৰাৰ সময়ত, প্ৰদানৰ সময়ত, আৰু সমাপ্তিৰ পিছতো মানসিক প্ৰশান্তি লাভ হয়।

এনেকুৱা বহুতো খতীব আছে, যিসকলে আগতে জুমু‘আৰ ফজৰৰ পৰা অথবা তাৰ আগৰ পৰাই খুতবাৰ বাবে উদ্বিগ্ন হৈছিল, আৰু মানসিকভাৱে ইয়াৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছিল, কিন্তু যেতিয়া তেওঁলোকে খুতবা চমু কৰিবলৈ ধৰিলে আৰু দহ মিনিটতে সমাপ্ত কৰিবলৈ ল'লে, তেতিয়া সেই সকলো উদ্বিগ্নতা বা তাৰ অধিকাংশই দূৰ হৈ গৈছে।

তৃতীয়: শ্ৰোতাসকলৰ বাবে সহজসাধ্য হয়, কিয়নো প্ৰায় সকলো লোকেই চমু খুতবা প্ৰদানকাৰীৰ প্ৰতি সন্তুষ্টি অনুভৱ কৰে, আৰু দীঘলীয়া খুতবাত বিৰক্ত হয়।

খতীব আৰু শ্ৰোতাৰ বাবে উপযুক্ত সময় হৈছে প্ৰায় দহৰ পৰা পোন্ধৰ মিনিট; কাৰণ বেছিভাগ লোকেই এই কথাত একমত যে, খুতবা দীঘলীয়া হোৱাৰ তুলনাত চমু হোৱাটো তেওঁলোকৰ বাবে অধিক পছন্দনীয় আৰু কম কষ্টকৰ।

[7] দুৰ্বোধ্য কথাৰ পৰা বিৰত থকা।

অপ্ৰচলিত তথা কঠিন শব্দৰ ব্যৱহাৰৰ পৰা বিৰত থাকিব লাগে। কাৰণ মানুহে আপোনাৰ পৰা এনেকুৱা কথা আশা নকৰে, আনকি এনেকুৱা কথাই তেওঁলোকক কোনো উপকাৰো নকৰে। যদিও এনেকুৱা শব্দৰ ব্যৱহাৰ আৰু ইয়াৰ আধিক্যৰ মাজত নফছৰ আত্মসন্তুষ্টি নিহিত থাকিব পাৰে।

স্বীকৃতিপ্ৰাপ্ত সাহিত্যিক আৰু বাগ্মীসকলে দুৰ্বোধ্য শব্দ ব্যৱহাৰৰ পৰা সতৰ্ক কৰিছে।

[8] ছন্দ সজোৱাৰ কৃত্ৰিম চেষ্টাৰ পৰা বিৰত থাকিব।

ছন্দ (السَّجْعُ): ইয়াৰ অৰ্থ হৈছে "গদ্যৰ বাক্যৰ শেষৰ অংশসমূহৰ একে ওজনত মিল থকা।" প্ৰজ্ঞাময় শ্বৰী’আত প্ৰণেতাই ছন্দত তাকাল্লুফ (কৃত্ৰিমতা) অৱলম্বন কৰিবলৈ নিষেধ কৰিছে, আৰু সাহিত্যিক তথা বাগ্মীসকলেও ইয়াক অপছন্দ কৰে; «কিয়নো ছন্দত এনেকুৱা কিছুমান কৃত্ৰিম শব্দৰ ব্যৱহাৰ থাকে, যিয়ে শ্ৰোতাক পূৰ্ণ অৰ্থ উপলব্ধি কৰাৰ ক্ষেত্ৰত বাধা দিয়ে। কিন্তু ছন্দৰ ক্ষেত্ৰত যিটো গ্ৰহণযোগ্য, সেইটো হৈছে এনেকুৱা বাক্য যিটো কোনো কষ্টকৰ চেষ্টা নকৰাকৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহে; অৰ্থাৎ, এনেকুৱা ছন্দ যিটো নিজে নিজে ওলাই আহে, সেইটো নহয় যিটোক বক্তাই নিজৰ ইচ্ছামতে বিচাৰে।» ([14]) - ইবনে আশ্বুৰৰ "উছূল আল-ইনশ্বা অল-খিতাবা" (পৃ. ১২৬)৷

এতেকে বাক্যত কৃত্ৰিমভাৱে ছন্দ সজোৱাৰ পৰা বিৰত থাকক; কিয়নো এনে কৃত্ৰিমতাই ৰচনা কৰোঁতাক কষ্ট দিয়ে, আৰু শ্ৰোতাসকলৰ বাবেও বুজাত কষ্টকৰ হয়। আনহাতে, যদিহে কোনো ছন্দ সহজভাৱে মনলৈ আহে, তাৰ শব্দবোৰ উচ্চাৰণ কৰিবলৈ সহজ হয়, আৰু শ্ৰোতাৰ বাবেও বুজিব পৰা হয়, তেন্তে তেনেকুৱা ছন্দত কোনো অসুবিধা নাই।

[9](বাহ্যিক আকাৰ-আকৃতি পৰিপাটি কৰি ৰখা)

খতীবে নিজৰ বাহ্যিক অৱয়ব সংশোধনৰ প্ৰতি মনোযোগ দিয়াটো, তেওঁৰ আভ্যন্তৰীণ দিশৰ সংশোধনৰ প্ৰতি মনোযোগ দিয়াৰ তুলনাত কোনো গুণে কম নহয়। বাহ্যিক সংশোধন বা বিকৃতি হৈছে কেৱল আভ্যন্তৰীণ সংশোধন বা বিকৃতিৰেই পৰিণতি। খতীবৰ বাহ্যিক অৱয়বৰ সংশোধন হয় নিম্নলিখিত বিষয়বোৰৰ জৰিয়তে:

প্ৰথম: অপচয় বা সীমা লঙ্ঘন নকৰাকৈ সুন্দৰ পোছাক আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা অৱলম্বন কৰা।

দ্বিতীয়: পৰিষ্কাৰ-পৰিচ্ছন্নতা, সুগন্ধি, মোচ চুটি কৰা আৰু দাড়ি ৰখাৰ জৰিয়তে শৰীৰৰ সৌন্দৰ্য অৱলম্বন কৰা।

তৃতীয়ঃ মছজিদৰ বাহিৰত মানুহক ছালাম দিয়াৰ সময়ত, খুতবাৰ বাবে প্ৰৱেশ কৰাৰ সময়ত আৰু খুতবা সমাপ্ত হোৱাৰ পাছত, হাঁহিমুখে মানুহৰ লগত সাক্ষাৎ কৰা আৰু প্ৰফুল্লতাৰ জৰিয়তে নিজৰ মুখমণ্ডলক শুৱনি কৰা। কাৰণ আন্তৰিকতাপূৰ্ণ হাঁহি, প্ৰফুল্ল মুখমণ্ডল আৰু হাঁহিমুখে সম্ভাষণ জনোৱা আদিয়ে মানুহক খতীবৰ লগতে তেওঁৰ খুতবা আৰু উপদেশসমূহৰ প্ৰতিও প্ৰিয়পাত্ৰ কৰি তোলে। আল্লাহৰ সন্তুষ্টিৰ বাবে একনিষ্ঠভাৱে এই কাম কৰিলে এইটো ইবাদতত পৰিণত হয়, আনকি ইয়াৰ দ্বাৰা বিবেক-বুদ্ধিক জয় কৰিব পৰা যায়। এজন প্ৰফুল্লচিত্তৰ ব্যক্তিৰ কাম-কাজ প্ৰশংসনীয় আৰু তেওঁৰ সৰু-সুৰা ভুল-ত্ৰুটিও মাৰ্জনীয় হয়। ইয়াৰ বিপৰীতে গোমোঠা-মুখী তথা বিষন্ন ব্যক্তি, যাৰ পৰা পানাহ বিচৰা হৈছে, এনেকুৱা ব্যক্তিৰ সৈতে সাক্ষাৎ হ'লে অন্তৰত দুখ-কষ্ট আৰু সংকীৰ্ণতাই আগুৰি ধৰে।

হে মোৰ খতীব ভাই! আপুনি সদায় হাঁহিমুখীয়া আৰু প্ৰফুল্লচিত্ত হওক। তেতিয়া আপুনি আপোনাৰ অন্তৰত প্ৰশান্তি অনুভৱ কৰিব, মানুহে আপোনাৰ প্ৰতি আকৃষ্ট হ’ব, তেওঁলোকৰ মাজত আপোনাৰ সুনাম বৃদ্ধি পাব, তেওঁলোকে আপোনাৰ দিহা-পৰামৰ্শ আৰু উপদেশসমূহ গ্ৰহণ কৰিব, আৰু তেওঁলোকে আপোনাৰ ভুল-ত্ৰুটিৰ বাবে ওজৰ-আপত্তি সন্ধান কৰিব।

চতুৰ্থঃ খোজ কঢ়া, মিম্বৰত উঠা আৰু তাত বহাৰ সময়ত নম্ৰতা আৰু আদব বজাই ৰখা, আৰু বহাৰ অৱস্থাত আৰু খুৎবাৰ সময়ত মানুহৰ ফালে উত্তমৰূপে মুখ কৰা।

আৰু এইটোও দেখিবলৈ পোৱা যায় যে, কিছুমান খতীবে খুতবাৰ আগত এনেদৰে বহে, য’ত মানুহৰ প্ৰতি তেওঁৰ উদাসীনতা প্ৰকাশ পায়, আৰু তেওঁ মানুহৰ মুখবোৰ চাই থকাত ব্যস্ত হৈ পৰে। যেতিয়া তেওঁ খুতবা আৰম্ভ কৰে, তেতিয়া মানুহৰ ফালে এনে দৃষ্টিৰে চাবলৈ ধৰে যিয়ে অনুভৱ কৰায় যে তেওঁ মানুহৰ প্ৰতি উদাসীন আৰু কোনো ভ্ৰূক্ষেপ নাই। তেওঁ যেন মানুহক এইটো অনুভৱ কৰাব বিচাৰে যে, তেওঁ হৈছে এজন সাহসী আৰু নিৰ্ভীক। এনেকুৱা খতীবে পোনপটীয়াকৈ আদেশ-নিষেধ দি কঠোৰ আৰু উচ্চ স্বৰত সম্বোধন কৰে। এনেকুৱা পদ্ধতি মানুহে গ্ৰহণ নকৰে, বৰং ইয়াৰ প্ৰতি বিতৃষ্ণা অনুভৱ কৰে।

পঞ্চমঃ বিনা প্ৰয়োজনত দাড়ি স্পৰ্শ কৰা উচিত নহয়, আৰু বিশেষকৈ মিম্বৰত বহি থকা অৱস্থাত ইফালে-সিফালে বেছি চোৱা উচিত নহয়; কাৰণ এনে কৰিলে খত্বীবৰ গাম্ভীৰ্য হ্ৰাস পায়, অথবা তেওঁৰ সন্মুখত থকা লোকসকলৰ প্ৰতি অমনোযোগিতাৰ ইংগিত দিয়ে।

ষষ্ঠঃ নম্ৰতা আৰু শিষ্টাচাৰৰ সৈতে মিছৱাক কৰা। কিছুমান খত্বীবে—আল্লাহে তেওঁলোকক হিদায়ত দিয়ক—মছজিদত প্ৰৱেশ কৰাৰ সময়ত দৃষ্টি আকৰ্ষণীয়ভাৱে মিছৱাক কৰে, আৰু তেওঁলোকৰ মাজৰ কিছুমানে খুতবা আৰম্ভ হোৱাৰ ঠিক আগমুহূৰ্তলৈকে এই কাম কৰি থাকে। ফলত তেওঁৰ মুখত মিছৱাকৰ পৰা ওলোৱা আৱৰ্জনা ৰৈ যায়, আৰু খুতবা দি থকা অৱস্থাত সেইবোৰ বাহিৰ কৰে, এইটো এটা নিন্দনীয় কাম। এই কাৰ্যই মানুহৰ প্ৰতি আৰু খুতবাৰ মহান মৰ্যাদাৰ প্ৰতি তেওঁৰ অৱজ্ঞাৰ ইংগিত দিব পাৰে।

সপ্তমঃ পোছাক পৰিধানৰ ক্ষেত্ৰত ইছবাল (ভৰিৰ সৰুগাঁঠিৰ তললৈকে কাপোৰ পিন্ধা)ৰ পৰা বিৰত থকা আৰু ছুন্নত মুতাবিক দাঢ়ি ৰখা। কাৰণ খতীব হৈছে এজন আদৰ্শৱান ব্যক্তি। সেয়ে যদি তেওঁৰ কাম তেওঁৰ কথাৰ বিপৰীত হয়, মানুহে তেওঁক কেনেকৈ আদৰ্শ হিচাপে গ্ৰহণ কৰিব? আৰু যিজন ব্যক্তিৰ কথাই তাৰ নিজৰ ওপৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে , তেওঁৰ কথাৰ দ্বাৰা মানুহেই বা কেনেকৈ প্ৰভাৱিত হ'ব?

অষ্টমঃ কথা কোৱাৰ সময়ত শাৰীৰিক স্থিৰতা অৱলম্বন কৰা, কাৰণ এইটো হৈছে আন্তৰিক স্থিৰতাৰ প্ৰমাণ।

(10) খুতবা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত সময়ৰ তাৰতম্য

খুতবা প্ৰস্তুত কৰাৰ সময়ঃ খতীবৰ জ্ঞান, সংস্কৃতি আৰু তেওঁ উপস্থাপন কৰিবলগীয়া বিষয়বস্তু অনুসৰি ইয়াৰ মাজত ভিন্নতা আছে, ইয়াৰ বিষয়বস্তু হৈছে দুই প্ৰকাৰৰ:

প্ৰথমটো হৈছে: খুতবা হ'ব লাগে জ্ঞান-ভিত্তিক, যেনে- ফিকহী মাছাঈল বা আক্বীদাগত বিষয় আৰু ইয়াৰ মৌলিক বিষয় সম্পৰ্কে। এইবোৰক ইয়াৰ মৰ্যাদা অনুযায়ী সময় দিয়াটো আৱশ্যক, আৰু খুতবাৰ মাত্ৰ কেইঘণ্টামান আগতে প্ৰস্তুত কৰি ইয়াক অৱহেলা কৰা উচিত নহয়।

দ্বিতীয়: খুতবা উপদেশমূলক অথবা সামাজিক বিষয় সম্পৰ্কীয় হ’ব লাগে, সাধাৰণতে এনেকুৱা খুতবাৰ প্ৰস্তুতিৰ বাবে সময়ো কম প্ৰয়োজন হয়।

ভাষণ কলাত যিসকল নৱাগত— যাৰ ওচৰত পৰ্যাপ্ত অভিজ্ঞতা আৰু জ্ঞান নাই— তেওঁলোকৰ বাবে মোৰ উপদেশ হৈছে যে, তেওঁলোকে আৰম্ভণিতে নিজৰ পূৰ্বসূৰীসকলৰ খুতবাৰ পৰা শিক্ষা গ্ৰহণ কৰিব লাগে, আৰু তেওঁলোকে যাৰ পৰা শিক্ষা গ্ৰহণ কৰিব, তেওঁৰ খুতবাত তিনিটা বৈশিষ্ট্য থকা উচিত:

প্ৰথমঃ যাতে খুতবা চুটি হয়, খুতবা দিওঁতে যাতে অসুবিধা নহয়।

দ্বিতীয়ঃ ব্যাকৰণগতভাৱে আৰু বৈজ্ঞানিকভাৱে যাতে শুদ্ধ হয়।

তৃতীয়ঃ শব্দ আৰু বিষয়বস্তু উভয়তে যাতে কৃত্রিমতা বা বাহ্যিকতাৰ পৰা বিৰত থকা হয়।

সময়ৰ লগে লগে উপযুক্ত বুলি বিবেচনা কৰা বিষয়বোৰ সংশোধন বা সংযোজন কৰাত কোনো আপত্তি নাই, আৰু তাৰ পিছত পূৰ্বৱৰ্তীসকলৰ পৰা শিক্ষা গ্ৰহণ কৰি তেওঁ নিজে খুতবা লিখিবলৈ চেষ্টা কৰা উচিত।

[11](শ্রোতাসকলক পোনপটীয়াকৈ আদেশ দিয়াৰ পৰা বিৰত থাকিব)

এনেকুৱা শব্দ ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক—আল্লাহে আপোনাক সুৰক্ষা দিয়ক আৰু সঠিক পথত পৰিচালিত কৰক—যিবোৰ শব্দত বক্তাক এৰি কেৱল শ্ৰোতাসকলৰ বাবেহে আদেশ থাকে, যেনে- ‘তোমালোকে কৰা’ বা ‘তোমালোকে নকৰিবা’। বৰং তাৰ পৰিৱৰ্তে ব্যৱহাৰ কৰকঃ ‘আহক আমি কৰোঁ’, ‘আহক আমি পৰিত্যাগ কৰোঁ’ ইত্যাদি। কিয়নো বাক্যৰ এনেকুৱা শৈলীয়ে শ্ৰোতাসকলক আপোনাৰ বিনয়ী হোৱাৰ উমান দিয়ে, আৰু এইটোও উপলব্ধি কৰায় যে, আপুনি নিজৰ বাবে যিদৰে কল্যাণ কামনা কৰে, তেওঁলোকৰ বাবেও সেইদৰেই কল্যাণ কামনা কৰে, আৰু আপুনি দ্বীন অথবা চৰিত্ৰ কোনো ক্ষেত্ৰতে তেওঁলোকতকৈ শ্ৰেষ্ঠ নহয়।

সফল খতীবে আনক সম্বোধন কৰাৰ আগতে প্ৰথমে নিজকে সম্বোধন কৰে, আৰু আনক নছীহত কৰাৰ আগতে নিজক নছীহত কৰে। ফলত তেওঁৰ খুতবাৰ বক্তব্য মানুহৰ প্ৰতি নিৰ্দেশিত হোৱাৰ আগতে, প্ৰথমে তেওঁৰ নিজৰ প্ৰতিয়েই নিৰ্দেশিত হয়। যেতিয়া তেওঁ এনেকুৱা কৰে, তেতিয়া আল্লাহে তেওঁক উচ্চ মৰ্যাদা প্ৰদান কৰে, আৰু তেওঁক তেওঁৰ নিজৰ কথাৰ দ্বাৰা উপকৃত কৰে, আৰু তেওঁৰ হিদায়ত, গ্ৰহণযোগ্যতা আৰু সত্যবাদিতা বৃদ্ধি কৰি দিয়ে।

[12](ভাষণৰ ক্ষেত্ৰত অনুকৰণ কেতিয়া প্রশংসনীয় আৰু কেতিয়া নিন্দনীয়?)

কোনো নিৰ্দিষ্ট খতীবৰ শৈলী বা বিষয়বস্তুৰ অনুকৰণ নকৰিব, কিয়নো তেওঁৰ বাবে যিটো উপযুক্ত সেয়া আপোনাৰ বাবে উপযুক্ত নহ'বও পাৰে। অনুকৰণে আপোনাৰ সৃজনীশীলতা আৰু প্ৰতিভাক নষ্ট কৰে। সেয়েহে, আপোনাৰ প্ৰতিপালকে আপোনাক প্ৰদান কৰা যোগ্যতা, প্ৰতিভা আৰু জ্ঞান অনুসৰি খুতবা দিয়ক।

এজন নতুন শিক্ষাৰ্থীৰ বাবে আনৰ শৈলী আৰু বিষয়বস্তুৰ পৰা শিক্ষা লোৱাত কোনো অসুবিধা নাই। কিন্তু তাৰ হুবহু নকল কৰা উচিত নহয়, বৰং নিজকে উন্নত কৰিবলৈ এনেকুৱা শৈলীক সহায়ক হিচাপেহে গ্ৰহণ কৰা উচিত।

[13] কম লোকৰ উপস্থিতিত আক্ষেপ নকৰিব, আৰু বেছি সংখ্যক লোকৰ উপস্থিতিত উৎফুল্লিত নহ’ব।

জানি থওক -আল্লাহে আপোনাৰ দ্বাৰা আনক উপকৃত কৰক- আত্মাই সদায় আকাংক্ষা কৰে যে, শ্ৰোতা তথা উপস্থিত লোকৰ সংখ্যা অধিক হওক, বিশেষকৈ আপোনাৰ আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱৰ মাজৰ পৰা। হয়তো আপুনি তেওঁলোকৰ উপস্থিতিৰ বিষয়ে সোধ-পোছ কৰে, অথবা তেওঁলোকৰ কোনোবা এজন উপস্থিত নথকাৰ বাবে অন্তৰে অন্তৰে হ'লেও অসন্তুষ্টি প্ৰকাশ কৰে। এতেকে এই বেমাৰৰ পৰা মুক্তি পাবলৈ নিজৰ আত্মাৰ সৈতে সংগ্ৰাম কৰক। কাৰণ তেওঁ আপোনাৰ ওচৰত উপস্থিত নথকাৰ অৰ্থ এইটো নহয় যে আপুনি দুৰ্বল; বৰং এইটোও হ'ব পাৰে যে তেওঁ বেলেগ খতীবৰ খুতবা শুনি বেছি শান্তি অনুভৱ কৰে তথা উপকৃত হয়, অথবা এইটোও হ'ব পাৰে যে, সেইটো মছজিদ তেওঁৰ ঘৰৰ ওচৰত, নাইবা বেলেগ কোনো কাৰণো হ'ব পাৰে।

আৰু সত্যবাদী খতীবে যেতিয়া শুনে যে, মানুহে তেওঁক এৰি বেলেগৰ ওচৰত উপস্থিত হৈছে, তেতিয়া তেওঁ অসন্তুষ্ট নহয়, আনকি সেই ব্যক্তিৰ বাবে আল্লাহৰ ওচৰত সঠিক পথত অবিচল থকাৰ আৰু কল্যাণৰ বাবে দুআ কৰে, লগতে তেওঁৰ বিষয়ে কোনো ভাল কথা জানিব পাৰিলে তেওঁৰ প্ৰশংসা কৰে।

আৰু যদি আপুনি আপোনাৰ ওচৰত লোকৰ উপস্থিতি কম দেখিবলৈ পায় আৰু তেওঁলোকক আপোনাৰ প্ৰতি বিমুখ হোৱা পৰিলক্ষিত হয়, তেন্তে আপুনি আত্মবিশ্লেষণ কৰক। কাৰণ সম্ভৱতঃ এই ত্ৰুটি আপোনাৰ নিজৰেই। সেয়া হয়তো আপোনাৰ উপস্থাপন-শৈলীৰ দুৰ্বলতাৰ বাবেও হ'ব পাৰে, অথবা আপুনি আগবঢ়োৱা বিষয়বস্তুৰ দুৰ্বলতাৰ বাবেও হ'ব পাৰে, নাইবা আপুনি খুতবা দীঘলীয়া কৰাৰ বাবে, অথবা আপোনাৰ নিষ্ঠাৰ অভাৱৰ কাৰণে, নাইবা এনেকুৱা ধৰণৰ বেলেগ কোনো কাৰণতো হ'ব পাৰে।

সৎ আৰু শুভাকাংক্ষী ভাইসকলৰ পৰা পৰামৰ্শ লোৱা উচিত, আৰু তেওঁলোকক নিজৰ ওচৰত উপস্থিত থাকিবলৈ বা খুতবা শুনিবলৈ অনুৰোধ কৰা উচিত। লগতে তেওঁলোকৰ পৰা আন্তৰিকতাৰে তেওঁলোকৰ পৰ্যবেক্ষণ আৰু মতামতসমূহ বিচৰা উচিত। মহান আল্লাহৰ অনুমতিক্রমে ইয়াৰ দ্বাৰা উপকাৰী ফলাফল লাভ কৰা যাব।

[14](উত্তম প্ৰস্তুতিৰ গুৰুত্ব)

যদি আপুনি তাৎক্ষণিকভাৱে খুতবা প্ৰদান কৰে, তেন্তে ইয়াৰ বাবে ভালদৰে প্ৰস্তুতি চলোৱা উচিত, আৰু এই ক্ষেত্ৰত কেতিয়াও অৱহেলা নকৰিব, যদিও বিষয়টো আপোনাৰ বাবে সৰল আৰু সহজ যেন লাগে আৰু আপুনি পূৰ্বতে এই বিষয়ে আলোচনাও কৰিছে।

উত্তম প্রস্তুতি হৈছে খতীবসকলৰ বাবে অন্যতম আনন্দদায়ক বিষয়; বৰঞ্চ তেওঁলোকে পৰিশ্ৰম কৰি প্ৰস্তুত কৰা বিষয়বস্তু উপস্থাপন কৰিবলৈকে জুমুআৰ দিনটোলৈ আগ্ৰহেৰে অপেক্ষা কৰে।

ধাৰাবাহিকভাৱে নিজে প্ৰস্তুতি নকৰি কেৱল আনৰ খুৎবাৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বহুতো কুফল আছে, তাৰে অন্যতম হৈছে:

প্ৰথমঃ ইয়াৰ ফলত মনোবল দুৰ্বল হয়, দৃঢ় সংকল্প শিথিল হৈ পৰে আৰু আত্ম-মৰ্যাদা হ্ৰাস পায়, কাৰণ এনেকুৱা ব্যক্তিয়ে কেৱল আনৰ অন্ধ অনুসৰণ কৰিয়েই সন্তুষ্ট থাকে।

দ্বিতীয়ঃ ইয়াৰ ফলত আপোনাৰ উদ্দীপনা, কৰ্মশক্তি আৰু আনন্দ নাইকিয়া হৈ পৰে, ফলত এইটো এটা বোজা হৈ পৰে, যিটোক আপুনি নিজৰ পৰা আঁতৰাই পেলাব বিচাৰে। ই আপোনাৰ ব্যৱহাৰ-শৈলী আৰু মানুহৰ মাজত আপোনাৰ গ্ৰহণযোগ্যতাৰ ওপৰতো প্ৰভাৱ পেলায়।

তৃতীয়: বহুতো মানুহে অনুভৱ কৰে যে, খতীবে খুতবাটো নিজে প্ৰস্তুত কৰা নাই, বৰং আনৰ পৰা নকল কৰিছে। খুতবাৰ শৈলী আৰু বিষয়বস্তু খতীবজনৰ নিজা শৈলী আৰু জ্ঞানৰ স্তৰৰ সৈতে নিমিলাৰ বাবে তেওঁলোকৰ ওচৰত সেই খুতবাৰ কোনো গ্ৰহণযোগ্যতা নাথাকে।

চতুৰ্থঃ ইয়াৰ দ্বাৰা আপুনি উপকৃত হ'ব নোৱাৰিব, আৰু যদি কিবা লাভ হয়ো, সেয়াও হ'ব অতি সামান্য। কাৰণ যিটো কামৰ বাবে তাৰ কৰ্তাই গৱেষণা আৰু প্ৰস্তুতি চলাই চেষ্টা-পৰিশ্ৰম নকৰে, সেই কাম অতি সোনকালেই বিস্মৃত হয় আৰু বিলীন হৈ যায়।

যাৰ ফলত আপুনি কেতিয়াও উন্নতি কৰিব নোৱাৰিব, আপোনাৰ উচ্চাকাংক্ষা বৃদ্ধি নহ'ব, আপোনাৰ সংকল্পও মহান নহ'ব আৰু আপোনাৰ জ্ঞানৰ দ্বাৰা উপকৃত হোৱাও সম্ভৱ নহ'ব— যদিহে আল্লাহে ইচ্ছা নকৰে।

সেইকাৰণে ভালদৰে প্ৰস্তুত কৰা খুতবাৰ প্ৰতি লক্ষ্য কৰিলে আপুনি দেখিবলৈ পাব যে, আপুনি সেইটো পাহৰি যোৱা নাই, আৰু বছৰৰ পিছত পুনৰ সেইটো চালেও তাৰ বিষয়বস্তু আপোনাৰ মনত থাকিব, যেনিবা আপুনি সেইটো কিছুদিন আগতেই উপস্থাপন কৰিছিল।

আনহাতে আপুনি আনৰ পৰা সংগ্ৰহ কৰা খুতবাসমূহ অতি সোনকালেই পাহৰি যাব। যদি আপুনি চাৰি বা পাঁচ বছৰ পুৰণি খুতবাসমূহ স্মৰণ কৰিবলৈ চেষ্টা কৰে, তেন্তে নিজেই দেখিবলৈ পাব যে আপুনি সেইবোৰ পাহৰি পেলাইছে, অথবা তাত উল্লেখ থকা বিষয়বস্তুৰ সামান্য অংশহে কোনোমতে স্মৰণ কৰিব পাৰিছে।

এখন উপকাৰী গ্ৰন্থ হিচাপে প্ৰস্তুত কৰিবলৈ ইয়াৰ বিষয়বস্তু সংগ্ৰহ কৰিও কোনো উপকাৰ নহ'ব।

এতেকে, খুতবা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত এনেদৰে পৰিশ্ৰম কৰা উচিত, যেনিবা সেইখন এখন কিতাপ আকাৰে প্ৰকাশ কৰা হ'ব। ইয়াৰ বাবে কিছুমান মুহাদ্দিছৰ বক্তব্যৰ সহায়ত হাদীছসমূহৰ উৎস নিৰ্ণয় কৰিব লাগে আৰু সেইবোৰৰ শুদ্ধতাৰ স্তৰ স্পষ্ট কৰিব লাগে। যিবোৰ তথ্যসূত্ৰ আৰু উৎসৰ সহায় লোৱা হৈছে সেইবোৰ উল্লেখ কৰিব লাগে, আৰু লগতে ইয়াৰ ব্যাকৰণ, বানান তথা ভাষাগত দিশৰ প্ৰতিও মনোযোগ দিয়া উচিত।

[15](বিৰাম চিহ্নৰ প্ৰতি গুৰুত্ব)

খুতবা পঢ়ি শুনোৱাৰ সময়ত কমা আদিৰ দৰে বিৰাম চিহ্নসমূহৰ প্ৰতি মনোযোগ দিয়ক, আৰু নিজৰ উশাহ-নিশাহৰ প্ৰতি লক্ষ্য ৰাখি ৰৈ দিয়াৰ বাবে বিশেষ চিহ্ন বনাই লওক, যাতে অনুপযুক্ত স্থানত সঘনাই ৰৈ বিমোৰত পৰিবলগীয়া নহয়।

[16](বিভিন্ন ধৰণৰ বিষয়বস্তু আৰু পদ্ধতিৰ গুৰুত্ব)

বিষয়বস্তু উপস্থাপনৰ ক্ষেত্ৰত বৈচিত্ৰ্য আনক আৰু ইয়াক কোনো এটা ধাৰাতে সীমাবদ্ধ কৰি নাৰাখিব, যেনে- খুতবাসমূহ কেৱল অন্তৰৰ অৱস্থা, উম্মাহৰ সাধাৰণ বিষয়সমূহ, অথবা তেনেধৰণৰ বিষয়তে আৱদ্ধ কৰি ৰখা। বৰং মানুহৰ দ্বীন আৰু দুনিয়াৰ প্ৰয়োজনীয়তাৰ প্ৰতিও লক্ষ্য ৰাখক।

বৰং অধিক বৈচিত্ৰ্য অৱলম্বন কৰক; যাতে মানুহৰ অন্তৰত আপোনাৰ খুতবাৰ প্রতি আগ্রহ আৰু উৎসুকতা জাগ্রত হয়।

আনহাতে যদি খুতবাটো কোনো এটা বিষয়ত ধাৰাবাহিকভাৱে চলে, তেন্তে প্ৰয়োজনত সেই ধাৰাবাহিকতা বিচ্ছিন্ন কৰাত কোনো অসুবিধা নাই।

জানি থওক যে, কোৰআন, ছহীহ ছুন্নাহ আৰু চাহাবায়ে কেৰামসকলৰ (ৰাদ্বিয়াল্লাহু আনহুমৰ) বাণীৰ পৰা লোৱা কাহিনীসমূহৰ শ্ৰোতাসকলৰ ওপৰত এক গভীৰ প্ৰভাৱ আছে, আৰু ইয়াত আছে মহান শিক্ষা আৰু উপদেশ, নছীহত আৰু মূল্যবান বাণী। গতিকে এইবোৰৰ প্ৰতি যত্নশীল হওক আৰু ইয়াক এক আকৰ্ষণীয় শৈলীৰে উপস্থাপন কৰক, লগতে ইয়াৰ পৰা উপকাৰ আৰু শিক্ষা আহৰণ কৰক।

আপোনাৰ খুতবাক ঘটনা, কাহিনী আৰু বাস্তৱিক উদাহৰণ আদিৰ উল্লেখৰ পৰা খালী নাৰাখিব; যাতে সেয়া শ্ৰোতাৰ বাবে আমনিদায়ক আৰু গধুৰ হৈ নপৰে।

কাহিনী আৰু ঘটনাসমূহ উপস্থাপন কৰাৰ ক্ষেত্ৰত সৰ্বোত্তম শৈলী অৱলম্বন কৰাৰ প্ৰতি অত্যন্ত গুৰুত্ব দিয়া উচিত, লগতে সেইবোৰক নিজৰ অন্তৰাত্মাৰে অনুভৱ কৰা উচিত, আৰু সেই অনুভৱ যাতে মুখমণ্ডলৰ অভিব্যক্তি আৰু কণ্ঠস্বৰৰ তাৰতম্যত প্ৰকাশ পায়।

মানুহৰ বাস্তৱ অৱস্থা আৰু দুখ-কষ্টৰ সমভাগী হ'বলৈ সদায় সচেষ্ট থাকিব, যাতে আপোনাৰ আৰু সিহঁতৰ জগতখন সম্পূৰ্ণ পৃথক হৈ নপৰে।

[17](ভাষণ আৰু প্ৰভাৱ বিস্তাৰৰ দক্ষতা তথা কলা-কৌশল অৰ্জনৰ গুৰুত্ব)

ভাষণ প্ৰদানৰ দক্ষতা আৰু কলা-কৌশল অৰ্জন কৰাৰ বাবে খতীব হৈছে আটাইতকৈ উপযুক্ত ব্যক্তি; কিয়নো খতীবে মানুহক পতিয়ন নিয়াব লাগে আৰু তেওঁলোকৰ মনোযোগ আকৰ্ষণ কৰিব লাগে, যাতে তেওঁ কোৱা কথাবোৰ তেওঁলোকে গ্ৰহণ কৰে।

শক্তিশালী উপস্থাপন-শৈলী আৰু চমৎকাৰ বাচনভংগীৰ অধিকাৰী খতীবৰ দ্বাৰা মানুহে সাধাৰণতে অধিক উপকৃত হয়, সেই ব্যক্তিৰ তুলনাত যাৰ ওচৰত এই গুণ নাই, যদিও তেওঁ অধিক জ্ঞানী আৰু উচ্চ পদবীধাৰীয়েই নহওক কিয়।

এতেকে, খতীবে ভাষণ কলা সম্পৰ্কীয় পাঠ শ্ৰৱণ কৰা উচিত, আৰু এনেকুৱা সভাত উপস্থিত থাকিব পাৰিলে বেছি উত্তম, অথবা এই বিষয়ে সংশ্লিষ্ট গ্ৰন্থ অধ্যয়ন কৰা উচিত।

যিয়ে আল্লাহৰ প্ৰতি নিষ্ঠাৱান হয় আৰু ইয়াৰ বাবে নিজকে তথা নিজৰ সময় উচৰ্গা কৰে, আল্লাহে তেওঁক নিজ অনুগ্ৰহ আৰু কৃপাৰ জৰিয়তে এনেকুৱা বস্তু প্ৰদান কৰে যিটো তাৰ কল্পনাতীত, আনকি সেইটো তাৰ ধ্যান-ধাৰণাতো নাথাকে। এতেকে যিয়ে নিজৰ প্ৰিয় বস্তু আল্লাহক অৰ্পণ কৰে, আল্লাহে তাক তাৰ সেই প্ৰিয় বস্তুতকৈও অধিক প্ৰদান কৰে। যিয়ে নিজকে আল্লাহৰ বাবে উচৰ্গা কৰে, আল্লাহে তেওঁৰ বাবে নিজৰ সৃষ্টিক বশীভূত কৰি দিয়ে, আৰু তেওঁৰ বাবে সৌভাগ্য, উচ্চ মৰ্যাদা আৰু প্ৰতিষ্ঠাৰ উপায়সমূহো সহজ কৰি দিয়ে।

এতেকে, আপোনাৰ আৰু মহিমাময় প্ৰতিপালকৰ অনুগ্ৰহসমূহৰ মাজত একমাত্ৰ ব্যৱধান হৈছে সংকল্পৰ সততা, আল্লাহৰ বাবে দৃঢ় মনোবল, আল্লাহৰ প্ৰতি মুহাব্বত আৰু তেওঁৰ সন্তুষ্টিৰ বাবে নিজৰ ভালপোৱা আৰু কামনা-বাসনা পৰিত্যাগ কৰা, আৰু তেওঁৰ দ্বীন আৰু শ্বৰীয়তৰ উন্নতিৰ বাবে নিৰলস প্ৰচেষ্টা চলোৱা, ইয়াৰ ফলত যদিও দুনিয়াদাৰ, প্রবৃত্তিপূজাৰী আৰু পদবীধাৰী লোকসকলৰ ওচৰত আপোনাৰ মৰ্যাদা কমি যায়।

(18. তাজদীদৰ মূলনীতি)

নিশ্চয় মহান আল্লাহে মানুহক এনেকৈ সৃষ্টি কৰিছে যে, সিহঁতে উত্তম দিশত পৰিৱৰ্তন আৰু নতুনত্বক ভালপায়। সেয়ে দেখিবলৈ পোৱা যায় যে, মানুহে কোনো এটা অৱস্থাতে স্থিৰ হৈ নাথাকে, আৰু যেতিয়াই জীৱনত কোনো নতুন বস্তুৰ আৱিৰ্ভাৱ হয়, তেতিয়াই নিজৰ সামৰ্থ্য অনুসৰি সেইটো লাভ কৰিবলৈ খৰখেদা কৰে।

সেয়েহে আজিৰ মানুহজন, দহ বছৰ আগৰ মানুহজন নহয়, বৰং তেওঁ নিজৰ জীৱন-যাপন, জীৱিকা, যান-বাহন আৰু ঘৰ-দুৱাৰক সলনি কৰি উন্নত কৰি তুলিছে।

সেয়ে জুমুআৰ খতীবৰ বাবে নিজৰ শৈলী নৱীকৰণ কৰা আৰু উন্নত কৰা, তথা ভাষণ প্ৰদান আৰু প্ৰভাৱ বিস্তাৰৰ দক্ষতা বৃদ্ধি কৰাটো বেলেগ লোকৰ তুলনাত অধিক প্ৰয়োজনীয়। কাৰণ তেওঁ যদি ভাষণৰ দায়িত্ব লোৱাৰ দিনাৰ পৰাই কোনো এটা গতানুগতিক পদ্ধতিকে অনুসৰণ কৰি থাকে, তেন্তে নিঃসন্দেহে তেওঁৰ কোনো উন্নতি নহ'ব, বৰং তেওঁৰ অৱনতিহে ঘটিব। কিয়নো মানুহৰ স্বাভাৱিক প্ৰকৃতিয়েই হৈছে এই যে, বয়স বৃদ্ধিৰ লগে লগে তেওঁৰ উদ্যমতা আৰু কৰ্মশক্তি দুৰ্বল হৈ পৰে, তেওঁৰ আত্মা নিস্তেজ হৈ যায় আৰু তেওঁৰ প্ৰভাৱো হ্ৰাস পায়। সেয়েহে তেওঁৰ এনেকুৱা কিছুমান উপাদানৰ প্ৰয়োজন হয়, যিয়ে তেওঁক পুনৰ সক্ৰিয় কৰি তুলিব, তেওঁৰ উদ্যম আৰু আত্মাক শক্তিশালী কৰিব, লগতে তেওঁৰ দক্ষতা আৰু শৈলীৰ বিকাশ সাধন কৰিব; যাতে তেওঁ সেই দুৰ্বলতাবোৰক অতিক্ৰম কৰিব পাৰে, যিবোৰে তেওঁক আৰু তেওঁৰ ইন্দ্ৰিয়ক লগতে উদ্যমক আক্ৰান্ত কৰে।

অধিকাংশ খতীবৰ মাজত খুতবা দিয়া আৰম্ভ কৰাৰ পৰাই কোনো স্পষ্ট পৰিৱৰ্তন দেখিবলৈ পোৱা নাযায়, তেন্তে ইয়াৰ অৰ্থ এইটো নেকি যে, তেওঁলোকে আৰম্ভণিৰ পৰাই পূৰ্ণতা অৰ্জন কৰিছিল?

নহয়।

তেনেহ'লে, তেওঁ কিয় নিজৰ পুৰণি অভ্যাসগত পদ্ধতিতেই লাগি থাকে, আৰু নিজৰ শৈলী তথা উপস্থাপনৰ উন্নতি, নৱীকৰণ আৰু সৃজনশীলতাৰ বাবে সঠিক পদক্ষেপ গ্ৰহণ নকৰে, অথচ তেওঁ নিজৰ জীৱিকা আৰু পাৰ্থিৱ বিষয়সমূহ উন্নত কৰাৰ বাবে অহোপুৰুষাৰ্থ কৰিছে?

আৰু তেওঁ ইয়াৰ প্ৰতি কিয় যত্নবান নহয়, যিহেতু খুতবাৰ পদমৰ্যাদা হৈছে তেওঁৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ আৰু মহান কাৰ্যসমূহৰ অন্যতম?

[19] (প্ৰভাৱ বিস্তাৰৰ অন্যতম দুটা উপকৰণৰ প্ৰতি যত্নৱান হ'ব লাগিব: কণ্ঠস্বৰ আৰু দৃষ্টি)

এজন সফল খতীবৰ বাবে এই দুটা আহিলাৰ ব্যৱহাৰ অপৰিহাৰ্য:

১- কণ্ঠস্বৰ, এইটো হৈছে প্ৰভাৱ বিস্তাৰৰ আটাইতকৈ শক্তিশালী সঁজুলি, আৰু নিম্নলিখিত বিষয়সমূহৰ প্ৰতি লক্ষ্য ৰাখিলে ইয়াৰ প্ৰভাৱে পূৰ্ণতা লাভ কৰে:

ক- কণ্ঠস্বৰৰ মাত্ৰা তাৰ উচ্চতা-নিম্নতা আৰু গতি-মন্থৰতাৰ ক্ষেত্ৰত মধ্যমীয়া হোৱা উচিত, ই যাতে অতি নিম্ন বা মন্থৰ হৈ শ্ৰোতাসকলৰ মাজত আমনি আৰু বিৰক্তিৰ সৃষ্টি নকৰে, আৰু যাতে অতি উচ্চ বা দ্ৰুত হৈ তেওঁলোকক আমনি নিদিয়ে অথবা তেওঁলোকৰ মনোযোগ আৰু গ্ৰহণযোগ্যতাত বাধাৰ সৃষ্টি নকৰে।

খ- খুতবা একেসুৰীয়া হোৱা উচিত নহয়, কিয়নো কিছুমান খতীবৰ মাত সমগ্ৰ খুতবাতে একেই থাকে। ফলত তেওঁৰ মাত দুৰ্বল হ'লে সেয়া শ্ৰোতাসকলৰ বাবে আমনিদায়ক হৈ পৰে, আৰু শক্তিশালী আৰু উচ্চ হ'লে তেওঁলোকৰ বাবে কষ্টকৰ হৈ পৰে।

একে সুৰত কথা কৈ থাকিলে শ্ৰোতাসকলে খতীবৰ কথাৰ লগত সংযোগ স্থাপন কৰিব নোৱাৰে, কাৰণ তেওঁলোকে গুৰুত্বপূৰ্ণ আৰু সাধাৰণ কথাৰ মাজত পাৰ্থক্য ধৰিব নোৱাৰে। ইয়াত কোনো সন্দেহ নাই যে, গুৰুত্বপূৰ্ণ আৰু প্ৰভাৱশালী কথাৰ বাবে গতিৰ সৈতে কণ্ঠস্বৰ লক্ষণীয়ভাৱে উচ্চ কৰা, অথবা ধীৰ গতিৰ সৈতে কণ্ঠস্বৰ নমাই অনাৰ প্ৰয়োজন হয়।

গ- বাক্যৰ অৱস্থান অনুযায়ী তাৰ কণ্ঠস্বৰ পৰিৱেশন কৰিব লাগে; যদি ই প্ৰশ্নবোধক হয় তেন্তে প্ৰশ্নৰ সুৰত, আৰু যদি আশ্চৰ্যবোধক হয় তেন্তে আশ্চৰ্য প্ৰকাশৰ সুৰত ক'ব লাগে।

ঘ- স্বাভাৱিক কথা-বতৰাৰ সময়তকৈ মুখখন অধিককৈ খোলা উচিত, কাৰণ ইয়াৰ দ্বাৰা আখৰসমূহৰ উচ্চাৰণ স্পষ্ট হয়, ইটোৰ লগত সিটো মিলি নাযায় আৰু কণ্ঠস্বৰৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব পৰা যায়। কিন্তু ইয়াত অতিৰঞ্জিত কৰা অনুচিত; কিয়নো মুখ খোলাত অতিৰঞ্জিত কৰিলে অতিমাত্ৰা উৎসাহৰ সৃষ্টি হয় আৰু খতীবৰ বাবে এইটো এটা অশোভনীয় দৃশ্যত পৰিণত হয়।

ঙ- নিজৰ স্বাভাৱিক কণ্ঠস্বৰেৰে খুতবা দিয়া, আৰু ইয়াৰ বাবে কোনো বিশেষ কণ্ঠস্বৰ আৰু উপস্থাপন শৈলী ব্যৱহাৰ নকৰা; কাৰণ এনে কৰিলে আপোনাৰ আৰু মানুহৰ মাজত এটা ব্যৱধানৰ সৃষ্টি হ'ব, আৰু এইটো শ্ৰোতাসকলক প্ৰভাৱিত কৰাৰ আটাইতকৈ শক্তিশালী আহিলা হেৰুওৱাৰ কাৰণ হৈ পৰে।

যিবোৰ অৱস্থাত ৰৈ দিব লাগে, তাত ক্ষন্তেক বিৰাম লোৱা। গতিকে, যেতিয়া খতীবে কোনো গুৰুত্বপূৰ্ণ ধাৰণা শ্ৰোতাসকলৰ মনত দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিব বিচাৰে, তেতিয়া তেওঁ তেওঁলোকৰ ফালে চাই, একো নোকোৱাকৈ ক্ষন্তেকৰ বাবে পোনপটীয়াকৈ তেওঁলোকৰ চকুলৈ চাব লাগে।

আৰু এই আকস্মিক নীৰৱতাই তেওঁলোকৰ ওপৰত এনেকুৱা এটা ডাঙৰ প্ৰভাৱ পেলায় যে, যিয়ে তেওঁলোকৰ মনোযোগ আকৰ্ষণ কৰে আৰু তেওঁলোকৰ প্ৰত্যেককে সেই নীৰৱতাৰ পৰৱৰ্তী পৰিণামৰ বাবে সতৰ্ক আৰু উৎসুক কৰি তোলে।

কিন্তু বিৰতিটো দীঘলীয়া হ’ব নালাগে, আৰু ইয়াত কোনো কৃত্ৰিমতা থাকিব নালাগে।

ইয়াৰ উদাহৰণ হৈছেঃ আলী ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ এটুকুৰা সোণ প্ৰেৰণ কৰিলে, ফলত তেখেতে সেইটো তেখেতৰ কিছুমান ছাহাবীৰ মাজত বণ্টন কৰি দিলে।

এজন ব্যক্তি আগুৱাই আহি ক'লেঃ হে আল্লাহৰ ৰাছুল! আল্লাহক ভয় কৰক। (...)

সত্যবাদী আৰু বিশ্বস্ত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি এইটো কিমান যে এটা ভয়ংকৰ দুঃসাহস!

এইকাৰণেই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এনেকুৱা দুঃসাহসত আচৰিত হৈ কৈছিল: “...যদি ময়েই আল্লাহৰ অবাধ্যতা কৰোঁ, তেন্তে তেওঁৰ আনুগত্য কোনে কৰিব? পৃথিৱীবাসীৰ ওপৰত আল্লাহে মোক আমানতদাৰ বুলি গণ্য কৰিছে, অথচ তোমালোকে মোক বিশ্বাস নকৰা?”

বন্ধনীবোৰে এটা সৰু বিৰতিৰ ইংগিত দিয়ে; যাতে শ্ৰৱণকাৰীসকলৰ মনোযোগ আকৰ্ষণ কৰিব পৰা যায় আৰু যাতে ইয়াৰ পিছত ক'বলগীয়া কথাৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ বৃদ্ধি পায়।

যেনে- প্ৰথম বাক্যত: (সত্যবাদী আৰু বিশ্বস্ত নবীৰ বিষয়ে এইটো কেনেকুৱা দুঃসাহস!!), এইটো হৈছে এটা বিস্ময়সূচক শৈলী। সেয়ে প্ৰসংগটোৱে ইয়াক বিস্ময়সূচক ৰূপত উপস্থাপন কৰাৰ দাবী কৰে।

আনহাতে দ্বিতীয় বাক্যটো, “মই যদি (আল্লাহৰ) অবাধ্যতা কৰোঁ তেন্তে আল্লাহৰ আনুগত্য কোনে কৰিব? পৃথিৱীবাসীৰ তুলনাত আল্লাহে মোক বেছি বিশ্বাস কৰে, অথচ তোমালোকে মোক বিশ্বাস নকৰা নেকি?” এইটো হৈছে এটা অস্বীকাৰসূচক প্ৰশ্নবোধক শৈলী। গতিকে পৰিস্থিতিৰ দাবী হৈছে এই যে, এইটো উপস্থাপন কৰিব লাগিব অস্বীকাৰকাৰী প্রশ্নকর্তাৰ দৰে।

২- দৃষ্টি: অৰ্থাৎ, সকলো শ্ৰোতাৰ মাজত দৃষ্টি বিতৰণ কৰা, আৰু নিজৰ বক্তব্যৰ সৈতে চকুৰ দ্বাৰা ভাৱ-বিনিময় কৰা, আৰু সেয়া হ'ব লাগে এনে ধৰণৰ:

ক- খৰখেদাকৈ বা সঘনাই নহয়, বৰং সামান্যভাৱে সোঁফালে আৰু বাওঁফালে মুখ ঘূৰোৱা। কাৰণ সঘনাই মুখ ঘূৰোৱাটো বিশেষকৈ খতীবৰ ক্ষেত্ৰত উত্তম নহয়; কাৰণ ইয়াৰ দ্বাৰা খতীবজন নিজৰ আবেগৰ দ্বাৰা পৰিচালিত হোৱাটো প্ৰকাশ পায়, আৰু ই মনোযোগৰ একাগ্ৰতাত ব্যাঘাত জন্মায়।

খ- চকু মেলি অথবা তাৰ ওপৰত সামান্য হেঁচা প্ৰয়োগ কৰি, চকুৰ সঞ্চালনে উপস্থিত লোকসকলৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়, আৰু ইয়াৰ পৰা তেওঁলোকে এনে ভাবাৰ্থ গ্ৰহণ কৰে যিটো মুখেৰে প্ৰকাশ কৰিব পৰা নাযায়।

কণ্ঠস্বৰ আৰু দৃষ্টি: এই দুটা হৈছে শ্ৰোতাসকলৰ ওপৰত খতীবৰ প্ৰভাৱ বিস্তাৰৰ দুটা মৌলিক স্তম্ভ। এই দুটা নোহোৱাকৈ তেওঁ নিজৰ বক্তব্য শ্ৰোতাসকলৰ ওচৰলৈ পৌঁচাই দিয়াৰ ক্ষেত্ৰত, তেওঁলোকক পতিয়ন নিয়াৰ ক্ষেত্ৰত ব্যৰ্থ হয়, আৰু তেওঁলোকৰ মনোযোগ আকৰ্ষণ কৰা, তথা তেওঁলোকৰ মাজত উদ্দীপনা আৰু সক্ৰিয়তা সৃষ্টি কৰাৰ ক্ষমতা হেৰুৱাই পেলায়।

কোনো অসুবিধা আৰু কৃত্রিমতা নোহোৱাকৈ প্ৰত্যেক খতীবেই এইবোৰ ব্যৱহাৰ কৰিব পাৰে, কিন্তু তাত অতিৰঞ্জন কৰা উচিত নহয়। কিয়নো এই ক্ষেত্ৰত কৰা অতিৰঞ্জনে চঞ্চলতা আৰু অবিবেচনাৰ পৰিচয় দিয়ে, ঠিক তেনেদৰে অত্যধিক গাম্ভীৰ্য আৰু স্থিৰতায়ো আমনি আৰু বিৰক্তিৰ সৃষ্টি কৰে। সকলো ক্ষেত্ৰতে মধ্যম পন্থাই হৈছে সৰ্বোত্তম।

কিছুমান এনেকুৱা বিষয় আছে যিবোৰ জুমু‘আৰ খতীবৰ বাবে সমীচীন নহয়, সেইবোৰ হৈছেঃ

১- দুয়ো হাত সঞ্চালন কৰা।

২- টুপি বা পাগুৰী লৰচৰ কৰা, মাইকৰ সৈতে অলাগতিয়াল ব্যৱহাৰ কৰা, আগুৱাই যোৱা আৰু পিছুৱাই অহা ইত্যাদি।

[20] (ছহীহ ছুন্নাহৰ দ্বাৰা প্ৰমাণিত নোহোৱা কোনো নিৰ্দিষ্ট পদ্ধতি অৱলম্বন নকৰিব।)

ছহীহ ছুন্নাহৰ দ্বাৰা প্ৰমাণিত হোৱাৰ বাহিৰে কোনো নির্দিষ্ট বাক্য বা দুআ নিয়মীয়াকৈ পাঠ কৰা উচিত নহয়, যাতে মানুহে ইয়াক ছুন্নাহ বুলি ধাৰণা নকৰে। যেনে, প্ৰথম খুতবাৰ শেষত এইদৰে কোৱা হয়: "بَارَكَ اللهُ لِي وَلَكُمْ فِي القُرْآنِ العَظِيم"।

আৰু প্ৰায়েই কিছুমান খতীবে খুতবাৰ শেষত এটা নিৰ্দিষ্ট দুআকে ধৰি ৰাখে, যাৰ পৰা তেওঁলোকে খুব কমেইহে আঁতৰি যায়, আৰু তেওঁলোকৰ কিছুমানে এই পুনৰাবৃত্তিমূলক দুআটো দীঘলীয়া কৰে। যাৰ ফলত, বহুতো মানুহে খতীবে দুআ আৰম্ভ কৰাৰ লগে লগে অস্বস্তি আৰু বিৰক্তি অনুভৱ কৰে; কাৰণ তেওঁলোকে ইয়াৰ সঘন পুনৰাবৃত্তিত আমনি পায়, যিটোত দুআৰ বাবে প্ৰয়োজনীয় আন্তৰিকতাৰ সলনি কেৱল বিৱৰণৰ প্ৰাধান্য থাকে।

[21](আখৰৰ মাখৰাজৰ প্ৰতি যত্ন লোৱা, যাতে আখৰবোৰ সংযুক্ত নহয়)

বৰ্ণসমূহ নিজ নিজ উচ্চাৰণ স্থানৰ পৰা সুপ্ৰতিষ্ঠিতভাৱে উচ্চাৰণ কৰাৰ প্ৰতি যত্নৱান হোৱা উচিত, কিয়নো ভাষাজ্ঞান, স্পষ্টতা আৰু কথাৰ শক্তিত ইয়াৰ এক গভীৰ প্ৰভাৱ আছে।

খতীবৰ বাবে এটা নিন্দনীয় বিষয় হৈছে: খৰখেদাকৈ শব্দ উচ্চাৰণ কৰা, যাৰ ফলত প্ৰথম আখৰ বা শব্দটো নিজৰ স্থানত স্থিৰ হোৱাৰ আগতেই পৰৱৰ্তী আখৰ বা শব্দটো তাৰ লগত সংলগ্ন হৈ পৰে। বৰং উত্তম আদব হৈছে, বৰ্ণসমূহক স্পষ্টৰূপত উচ্চাৰণ কৰা আৰু শব্দবোৰক পৃথক পৃথককৈ কোৱা। ([15]) - ‘আল-খিতাবা ইন্দাল আৰব’, মুহাম্মাদ আল-খিদৰ হুছাইন: ১৮৯।

এইদৰেই আছিল সৃষ্টিজগতৰ সৰ্বাধিক বিশুদ্ধভাষী ব্যক্তি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাণী।

উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছেঃ «নিশ্চয় ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তোমালোকৰ দৰে একেলেঠাৰিয়ে কথা কোৱা নাছিল।»([16]) - (বুখাৰীঃ ৩৫৬৮, আৰু মুছলিমঃ ২৪৯৩)

[22](খুতবাৰ উদ্দেশ্য, আৰু খতীবে আলোচনা কৰিবলগীয়া প্ৰধান বিষয়সমূহ)

খতীবৰ বাবে উচিত হৈছে, মানুহক পাৰ্থিৱ জগতৰ দুশ্চিন্তা আৰু ঘটনাৱলীৰ পৰা আঁতৰাই আখিৰাতৰ জগত আৰু তাৰ বাবে প্ৰস্তুতিৰ ফালে লৈ যোৱা। লগতে মছজিদক কোনো প্ৰচাৰ মঞ্চ হিচাপে ব্যৱহাৰ কৰা উচিত নহয়, য'ত খতীবে ৰাজনৈতিক বিষয়ত আলোচনা কৰে আৰু শ্ৰোতাসকলৰ দ্বীন আৰু দুনিয়াৰ বাবে অলাভজনক বিষয়ত লিপ্ত হয়।

এজন সফল খতীবৰ অধিকাংশ খুতবা এনেকুৱা বিষয়ৰ ওপৰত হয়, যিয়ে ঈমান বৃদ্ধি কৰে আৰু আল্লাহ তা‘আলাৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰে। কিয়নো যেতিয়া মানুহৰ ঈমান বৃদ্ধি পায় আৰু তেওঁলোকৰ প্ৰতিপালকৰ সৈতে সম্পৰ্ক মজবুত হয়, তেতিয়া এইটো তেওঁলোকৰ পাপকৰ্ম আৰু তুচ্ছ বিষয়সমূহ পৰিত্যাগ কৰাৰ আটাইতকৈ ডাঙৰ কাৰণ হৈ পৰে।

খতীবে অৱহেলা নকৰি সদায় পুনৰাবৃত্তি কৰিবলগীয়া কিছুমান বিষয়বস্তু হৈছে:

তাওহীদ আৰু ইছলামৰ স্তম্ভসমূহ।

নামাজৰ পদ্ধতি আৰু নামাজত খুশ্বু খুজুৰ গুৰুত্ব।

সময়োপযোগী বিষয়, যেনে ৰমজান মাহৰ আগমনৰ লগে লগে ৰমাজানৰ ফজীলত সম্পৰ্কে আলোচনা কৰা।

ফিতনাৰ বিষয়ে সতৰ্কীকৰণ আৰু এনেকুৱা পৰিস্থিতিত কৰণীয়।

বিদ‘আতৰ পৰা সতৰ্কীকৰণ৷

চয়তানৰ ষড়যন্ত্র আৰু বিপথে পৰিচালিত কৰাৰ উপায়সমূহৰ পৰা সতর্ক কৰা।

আচাৰ-ব্যৱহাৰ আৰু শিষ্টাচাৰসমূহ, আৰু ইয়াৰ সৈতে সম্পৰ্কিত বিষয়সমূহ।

যিবোৰ বিষয়ৰ দ্বাৰা ঈমান আৰু আল্লাহৰ সৈতে সম্পৰ্ক বৃদ্ধি হয়, তাৰে অন্যতম হৈছে:

১- মানুহৰ অন্তৰত আল্লাহৰ গুণাৱলী আৰু নিয়ামতসমূহৰ স্মৰণৰ জৰিয়তে তেওঁৰ মহত্ত্ব প্রতিষ্ঠা কৰা।

২- কোৰআনক সন্মান কৰা, যিখন হৈছে মহান আল্লাহৰ বাণী।

৩- নবীসকলৰ কাহিনী বৰ্ণনা কৰা, যাৰ শীৰ্ষত আছে সৰ্বশেষ তথা আমাৰ প্ৰিয় নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম, লগতে মহান চাহাবা (ৰাদ্বিয়াল্লাহু আনহুম)সকলৰ কাহিনী।

৪- জান্নাত, ইয়াৰ বৈশিষ্ট্য সম্পৰ্কে আলোকপাত কৰা, আৰু তাত প্ৰৱেশ কৰাৰ উপায়সমূহ উল্লেখ কৰা, ঠিক এইদৰে জাহান্নামৰ বিষয়েও।

৫- আন্তৰিক ইবাদতৰ প্ৰতি গুৰুত্ব দিয়া: যেনে- তাৱাক্কুল, আল্লাহৰ প্ৰতি প্ৰত্যাৱৰ্তন, তাওবা, ভয় আৰু খুশ্বু আদি।

আল্লামা ইবনুল কাইয়্যিম ৰাহিমাহুল্লাহে কৈছেঃ যিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেখেতৰ চাহাবাসকলৰ ভাষণসমূহৰ প্ৰতি গভীৰভাৱে চিন্তা-চৰ্চা কৰিব, তেওঁ দেখিবলৈ পাব যে, তাত হিদায়ত আৰু তাওহীদৰ ব্যাখ্যা সম্পৰ্কে যথেষ্ট বৰ্ণনা আছে। সেইবোৰত সন্নিবিষ্ট আছে সৰ্বশক্তিমান আল্লাহৰ গুণাৱলী, ঈমানৰ মৌলিক নীতিসমূহ আৰু আল্লাহৰ ফালে মানুহক আহ্বান কৰা সম্পৰ্কীয় বিষয়। লগতে তেওঁৰ সেই অনুগ্ৰহসমূহৰো উল্লেখ আছে, যিবোৰে তেওঁক তেওঁৰ সৃষ্টিৰ ওচৰত প্ৰিয়পাত্ৰ কৰি তোলে, আৰু সেই ঘটনাসমূহৰো উল্লেখ আছে যিবোৰে তেওঁলোকক তেওঁৰ শাস্তিৰ বিষয়ে ভয় দেখুৱায়। তদুপৰি, তেওঁৰ জিকৰ আৰু শ্বুকৰ কৰিবলৈ আদেশ দিয়া হৈছে, যিয়ে তেওঁলোকক আল্লাহৰ ওচৰত প্ৰিয়পাত্ৰ কৰে। সেয়েহে তেওঁলোকে আল্লাহৰ মহত্ত্ব, গুণাৱলী আৰু নামসমূহ এনেদৰে বৰ্ণনা কৰে, যাৰ ফলত মহান আল্লাহ তেওঁৰ সৃষ্টিৰ ওচৰত প্ৰিয়পাত্ৰ হৈ পৰে। তেওঁলোকে আল্লাহৰ আনুগত্য, কৃতজ্ঞতা আৰু তেওঁৰ জিকৰ কৰিবলৈ এনেকৈ নিৰ্দেশ দিয়ে, যাৰ ফলত তেওঁলোক আল্লাহৰ ওচৰত প্ৰিয়পাত্ৰ হৈ পৰে। ফলত শ্ৰোতাসকলে যেতিয়া ভাষণ শুনি বিদায় লয় তেতিয়া তেওঁলোকৰ অন্তৰত আল্লাহৰ মুহাব্বতে ঠাই কৰি লয় আৰু আল্লাহেও তেওঁলোকক ভাল পায়।

ইয়াৰ পাছত দীৰ্ঘ সময় পাৰ হৈ গ'ল আৰু নুবুওৱতৰ জ্যোতি ম্লান হৈ পৰিল। বিধান আৰু আদেশসমূহ তাৰ আচল তত্ত্ব আৰু উদ্দেশ্যৰ প্ৰতি লক্ষ্য নকৰাকৈ পালন কৰা আনুষ্ঠানিকতাত পৰিণত হ'ল। ফলত মানুহে সেইবোৰক কেৱল বাহ্যিক ৰূপ দিলে, আৰু বিভিন্ন বস্তুৰে সুসজ্জিত কৰিলে। তেওঁলোকে ৰীতি-নীতি আৰু আচাৰ-অনুষ্ঠানসমূহক অলংঘনীয় ছুন্নতত পৰিণত কৰিলে, কিন্তু যিবোৰ উদ্দেশ্য আচলতে অলংঘনীয় আছিল সেইবোৰক তেওঁলোকে অৱহেলা কৰিলে। সেয়েহে তেওঁলোকে খুতবাসমূহক ছন্দময় গদ্য আৰু আলংকাৰিক শাস্ত্ৰৰে সুসজ্জিত কৰিলে। ফলত তাৰ পৰা অন্তৰে পাবলগীয়া অংশ হ্ৰাস পাবলৈ ধৰিলে, বৰং বিলুপ্ত হৈ পৰিল, আৰু তাৰ মূল উদ্দেশ্যও হেৰাই গ'ল।» ([17]) - (জাদ আল-মা'আদ ফী হাদী খাইৰ আল-ইবাদঃ ১/ ৪০৯-৪১০)

আৰু তেখেত -ৰাহিমাহুল্লাহে- খুতবাৰ উদ্দেশ্য সম্পৰ্কে কৈছে: «ইয়াৰ উদ্দেশ্য হৈছে আল্লাহৰ প্ৰশংসা কৰা আৰু তেওঁৰ গুণানুকীৰ্তন কৰা, তেওঁৰ একত্ববাদৰ সাক্ষ্য দিয়া আৰু ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ৰিছালতৰ সাক্ষ্য দিয়া, বান্দাসকলক আল্লাহৰ দিনসমূহৰ কথা স্মৰণ কৰাই দিয়া, তেওঁলোকক তেওঁৰ শাস্তি আৰু ক্ৰোধৰ পৰা সতৰ্ক কৰা, তেওঁলোকক এনেকুৱা বিষয়ৰ উপদেশ দিয়া, যিয়ে তেওঁলোকক আল্লাহৰ আৰু তেওঁৰ জান্নাতৰ নিকটৱৰ্তী কৰিব, আৰু তেওঁলোকক এনেকুৱা বিষয়ৰ পৰা বিৰত ৰখা, যিবোৰে তেওঁলোকক তেওঁৰ অসন্তুষ্টি আৰু তেওঁৰ জুইৰ (জাহান্নামৰ) নিকটৱৰ্তী কৰিব। এইটোৱে হৈছে খুতবা আৰু ইয়াৰ বাবে একত্ৰিত হোৱাৰ উদ্দেশ্য।» ([18]) - (পূৰ্বৱৰ্তী উৎসঃ ১/৩৮৬)।

খতীবৰ বাবে উচিত যে, তেওঁ মানুহক ‘আকীদা, ‘ইবাদাত, আখলাক, লেনদেন, জীৱন-ধাৰণ, প্ৰতিপালন আদি বিষয়ত তেওঁলোকৰ মাজত প্ৰচলিত ভুলসমূহৰ বিষয়ে সতৰ্ক কৰা, ফিতনাত লিপ্ত হোৱাৰ পৰা সাৱধান কৰা আৰু তেওঁলোকক দ্বীনি বিষয়সমূহৰ শিক্ষা দিয়া।

আল্লাহেই সৰ্বজ্ঞ। দৰূদ আৰু ছালাম বৰ্ষিত হওক আমাৰ প্রিয় নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত, আৰু তেখেতৰ পৰিয়ালবৰ্গ আৰু চাহাবাসকলৰ ওপৰত।