المختصر المفيد للمؤذن والإمام والخطيب وأحكام المساجد

المختصر المفيد للمؤذن والإمام والخطيب وأحكام المساجد

كتاب "المختصر المفيد للمؤذن والإمام والخطيب وأحكام المساجد" يتناول مسؤوليات المؤذن والإمام والخطيب وأحكام الأذان والإقامة وصلاة الجمعة وأحكام المساجد. يوضح الكتاب تعريف الأذان والإقامة وحكمهما وفضلهما، كما يبين الصفات المطلوبة في المؤذن والشروط اللازمة لصحة الأذان والإقامة. بالإضافة إلى ذلك يستعرض الكتاب أحكام الإمامة، ومشروعيتها وفضلها، وشروط وصفات الإمام، مع التركيز على أهمية العلم والخلق في من يتولى هذه الوظيفة الشرعية.

Language: lang_as
Prepared by: বিভিন্ন ভাষাত ইছলামিক কণ্টেণ্টৰ সেৱা প্ৰদানকাৰী সংস্থাৰ গৱেষণা সমিতি
Version: 2.1
Translations 30
Afrikanns Assamese Azerbaijani Bengali +26
Attachments 7
PDF
Audio
Video
+3

মুৱাজ্জিন, ইমাম, খতীব আৰু মছজিদৰ বিধি-বিধান সম্পৰ্কে উপকাৰী সংক্ষিপ্ত দিশ-নিৰ্দেশনা

বিভিন্ন ভাষাত ইছলামিক কণ্টেণ্টৰ সেৱা প্ৰদানকাৰী সংস্থাৰ গৱেষণা সমিতি

নিশ্চয় সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে; আমি তেওঁৰেই প্ৰশংসা কৰোঁ, তেওঁৰ ওচৰতেই সহায় আৰু ক্ষমা প্ৰাৰ্থনা কৰোঁ; আৰু আমি আমাৰ নফছৰ সকলো প্ৰকাৰ কুমন্ত্ৰণা আৰু আমাৰ সকলো প্ৰকাৰ বেয়া আমলৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় বিচাৰোঁ। মহান আল্লাহে যাক হিদায়ত দিয়ে, তাক কোনেও পথভ্ৰষ্ট কৰিব নোৱাৰে, আৰু তেওঁ যাক পথভ্ৰষ্ট কৰে, তাক কোনেও হিদায়ত দিব নোৱাৰে। আৰু মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। মই আৰু সাক্ষ্য দিওঁ যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে তেওঁৰ বান্দা আৰু ৰাছুল। আল্লাহৰ তৰফৰ পৰা দৰূদ আৰু ছালাম বৰ্ষিত হওক তেখেতৰ ওপৰত, আৰু তেখেতৰ বংশধৰসকলৰ লগতে চাহাবাসকলৰ ওপৰত, আৰু সেইসকল লোকৰ ওপৰতো যিসকলে নিষ্ঠাৰ সৈতে তেওঁলোকৰ অনুসৰণ কৰিছে।

মানুহে যিহেতু নিজৰ অৱস্থাৰ সংশোধনৰ বাবে অহৰহ বিভিন্ন বিধানৰ মুখাপেক্ষী হয়, সেয়েহে চৰীয়তে সেইবোৰৰেই ব্যৱস্থা কৰিছে। ইয়াৰ অন্তৰ্ভুক্ত হৈছে চালাতৰ বাবে আজান আৰু ইক্বামত, ইমামতি, জুমুআৰ খুতবা, আৰু মছজিদ সম্পৰ্কীয় বিধানসমূহ। যিহেতু মছজিদৰ মুআজ্জিন, ইমাম আৰু জুমুআৰ খতীবৰ দায়িত্ব হৈছে অত্যন্ত মহান, সেয়ে আমি মুআজ্জিন, ইমাম, খতীব আৰু মছজিদ সম্পৰ্কীয় বিধি-বিধান সম্পৰ্কে এক সংক্ষিপ্ত আৰু উপকাৰী কিতাপ প্ৰস্তুত কৰিবলৈ, আৰু বিভিন্ন ভাষাত ইয়াৰ অনুবাদ কৰিবলৈ গুৰুত্ব দিছোঁ।

প্ৰথম পৰিচ্ছেদঃ আজান আৰু ইক্বামতৰ বিধান

আজান হৈছে ইছলাম আৰু ইয়াৰ অনুগামীসকলৰ এক প্ৰতীক, যিটো দিনে-ৰাতিয়ে পাঁচবাৰকৈ উচ্চাৰণ কৰা হয়। এই ইবাদতৰ গুৰুত্ব আৰু মৰ্যাদাৰ প্ৰতি লক্ষ্য ৰাখিয়েই আলিমসকলে তেওঁলোকৰ গ্ৰন্থসমূহত ইয়াৰ বিধান, ছুন্নতসমূহ, হুকুম-আহকাম আৰু মুস্তাহাবসমূহৰ বিষয়ে আৰু বাতিল হোৱাৰ কাৰণসমূহৰ বিষয়ে বিশদভাৱে আলোচনা কৰিছে। [1] [১] দ্ৰষ্টব্যঃ ফাতহুল মুনঈম শ্বাৰহে ছহীহ মুছলিম (২/ ৪৬০)।

প্ৰথম বিষয়ঃ আজান আৰু ইক্বামতৰ সংজ্ঞা

শ্বৰীয়তৰ পৰিভাষাত আজান হৈছে, কিছুমান নিৰ্দিষ্ট, বিশেষ আৰু শ্বৰীয়তসন্মত শব্দেৰে চালাতৰ সময় হোৱাৰ জাননী দিয়া [2]। [২] দ্ৰষ্টব্যঃ আল-মুগনী, ইবনে কুদামাঃ (১/২৯২), মুখতাৰ আছ-ছিহাহঃ (পৃ. ১৬)- আৰবীত আজান শব্দটো أ ذ ن মূল শব্দৰ পৰা গৃহীত। আল-আজান অল-ইক্বামাহ, আল-ক্বাহতানীঃ (পৃ. ৫)।

শ্বৰীয়তত ইকামত হৈছে, শ্বৰীয়ত নিৰ্ধাৰিত বিশেষ বাক্যৰ জৰিয়তে চালাতৰ বাবে থিয় হোৱাৰ জাননী দিয়াক ইকামত বোলে৷[3] [3] দ্ৰষ্টব্যঃ কাশ্শ্বাফ আল-ক্বিনা (১/ ২৩০)।

দ্বিতীয় বিষয়ঃ আজান আৰু ইক্বামতৰ বিধান

আজান আৰু ইক্বামত হৈছে কোৰআন, ছুন্নাহ আৰু ইজমাৰ দ্বাৰা বিধানসিদ্ধ তথা প্ৰমাণিত:

কোৰআনত ইয়াৰ দলীল, যেনে- মহান আল্লাহে কৈছেঃ "আৰু যেতিয়া তোমালোকে চালাতৰ প্ৰতি আহ্বান কৰা তেতিয়া সিহঁতে ইয়াক উপহাস আৰু খেল-ধেমালিৰ বস্তুৰূপে গ্ৰহণ কৰে- এইটো এইকাৰণে যে, সিহঁত হৈছে এনেকুৱা এটা সম্প্ৰদায় যিসকলে একোৱে নবুজে।" (ছুৰা আল-মায়িদাহঃ ৫৮)

এইদৰে ছুন্নততো আজান আৰু ইক্বামতৰ বৈধতা সম্পৰ্কে বহুতো হাদীছ বৰ্ণিত হৈছে। যেনে-

ইবনে ‘ওমৰ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মুছলমানসকলে যেতিয়া মদিনালৈ আগমন কৰিছিল, তেতিয়া তেওঁলোকে একত্ৰিত হৈ নামাজৰ সময় অনুমান কৰি লৈছিল, কাৰণ সেই সময়ছোৱালৈকে নামাজৰ বাবে কোনো আহ্বান জনোৱা হোৱা নাছিল। এদিন তেওঁলোকে এই বিষয়ে আলোচনা কৰাত কিছুমানে ক'লেঃ খ্ৰীষ্টানসকলৰ ঘণ্টাৰ দৰে এটা ঘণ্টা বনাই লোৱা যাওক। আন কিছুমানে ক'লেঃ বৰং ইহুদীসকলৰ শিঙাৰ দৰে এটা শিঙা বনাই লোৱা যাওক। তেতিয়া ‘ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ তোমালোকে নামাজৰ বাবে আহ্বান জনাবলৈ এজন লোকক নিয়োগ নকৰা কিয়? তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "হে বিলাল! উঠা, আৰু চালাতৰ বাবে আহ্বান কৰা।"[4] [4] (বুখাৰীঃ ৬০৪, আৰু মুছলিমঃ ৩৭৭)

আনহাতে ইজমাৰ দ্বাৰা ইয়াৰ প্ৰমান হৈছে এই যে, পাঁচ ওৱাক্ত চালাতৰ বাবে এই দুয়োটাৰ বৈধতাৰ ওপৰত উম্মতৰ ইজমা প্ৰতিষ্ঠিত হৈছে।

ইমাম ইবনে কুদামা আল-মাকদিছী ৰাহিমাহুল্লাহে কৈছেঃ আৰু উম্মতে ইজমা পোষণ কৰিছে যে, আজান পাঁচ ওৱাক্ত চালাতৰ বাবে বিধিসন্মত৷[5] [5] আল-মুগনী: (১/২৯৩)।

মুক্বীম হওক বা ছফৰ উভয় অৱস্থাতে পুৰুষসকলৰ ওপৰত কেৱল পাঁচ ওৱাক্ত চালাতৰ বাবে আজান আৰু ইক্বামত দিয়াটো ফৰজে কিফায়াহ; কাৰণ মালিক ইবনে হুৱাইৰিছ ৰাদ্বিয়াল্লাহু আনহুৱে বৰ্ণনা কৰিছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকক কৈছিলঃ "যেতিয়া চালাতৰ সময় হ'ব, তেতিয়া তোমালোকৰ মাজৰ এজনে আজান দিব, আৰু তোমালোকৰ বয়জ্যেষ্ঠজনে ইমামতি কৰিব।" [6] [6] (বুখাৰীঃ ৬২৮, আৰু মুছলিমঃ ৬৭৪)

কিয়নো এই দুয়োটাই হৈছে ইছলামৰ অন্যতম প্ৰকাশ্য প্ৰতীক, সেয়েহে এই দুটাক পৰিত্যাগ কৰা জায়েজ নহয়।

নাৰীসকলৰ বাবে আজান বা ইকামাত দিয়াৰ বিধান নাই; সেয়া লাগিলে তাই অকলে নামাজ পঢ়ক অথবা নাৰীসকলৰ ইমামতি কৰক৷ [7] [7] ইবনে তাইমিয়াৰ শ্বাৰহুল উমদাহ - কিতাবুচ্ছালাত (পৃঃ ১০১)।

তৃতীয় বিষয়: আজান আৰু ইক্বামতৰ ফজিলত

আজান আৰু মুআজ্জিনসকলৰ ফজিলত সম্পৰ্কে বহুতো দলীল বৰ্ণিত হৈছে, তাৰে কেইটামান ফজিলত তলত উল্লেখ কৰা হ'লঃ

মুআজ্জিন হৈছে আল্লাহৰ ফালে আহ্বানকাৰীসকলৰ অন্তৰ্ভুক্ত, আৰু তেওঁ হৈছে সেইসকল লোকৰ অন্তৰ্ভুক্ত, যিসকলে উত্তম কথা কয়। মহান আল্লাহে কৈছেঃ "সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান কৰে, লগতে সৎকৰ্ম কৰে? আৰু কয়, ‘নিশ্চয় মই মুছলিমসকলৰ অন্তৰ্ভুক্ত’।" (ছুৰা ফুচ্ছিলাতঃ ৩৩)

কিয়ামতৰ দিনা মুআজ্জিনসকলৰ ডিঙি সকলো লোকতকৈ দীঘল হ'ব; মুআৱিয়া ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছোঁ: "কিয়ামতৰ দিনা মুআজ্জিনসকলৰ ডিঙি সকলো লোকতকৈ দীঘল হ'ব।" [8] [8] (মুছলিমঃ ৩৮৭)

আজান আৰু ইক্বামতে চয়তানক বিতাৰিত কৰে; আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "যেতিয়া নামাজৰ বাবে আজান দিয়া হয়, তেতিয়া চয়তানে বায়ু নিৰ্গত কৰি পলায়ন কৰে, যাতে সি আজান শুনিবলৈ নাপায়। যেতিয়া আজান শেষ হৈ যায়, তেতিয়া সি ঘূৰি আহে। আকৌ যেতিয়া নামাজৰ বাবে ইকামত দিয়া হয় (অৰ্থাৎ নামাজ আৰম্ভ কৰা হয়), তেতিয়া সি পলায়ন কৰে। যেতিয়া ইকামত শেষ হৈ যায়, তেতিয়া সি ঘূৰি আহি ব্যক্তিজন আৰু তেওঁৰ মনৰ মাজত ৱাছৱাছা (সন্দেহ-সংশয়) সৃষ্টি কৰে। সি তাক কয়ঃ অমুক কথা স্মৰণ কৰা, তমুক কথা স্মৰণ কৰা, যিবোৰ কথা তেওঁ আগতে স্মৰণ কৰা নাছিল। অৱশেষত ব্যক্তিজন এনেকুৱা অৱস্থাত উপনীত হয় যে, তেওঁ কিমান ৰাকাত নামাজ পঢ়িছে সেয়াও থিৰাং কৰিব নোৱাৰা হয়।" [9] [9] (বুখাৰীঃ ১২২২, আৰু মুছলিমঃ ৩৮৯)

মুআজ্জিনৰ আজান শুনা প্ৰতিটো বস্তুৱে তেওঁৰ পক্ষত সাক্ষী দিয়ে; আব্দুল্লাহ ইবনে আব্দুৰ ৰহমান আল-আনছাৰীৰ পৰা বৰ্ণিত আছে যে, আবু ছাঈদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৱে তেওঁক কৈছিল: মই দেখিছোঁ, তুমি ভেড়া-ছাগলী আৰু মৰু-প্ৰান্তৰত অৱস্থান কৰাক বেছি ভাল পোৱা। গতিকে যেতিয়া তুমি তোমাৰ ভেড়া-ছাগলীৰ জাকৰ সৈতে থাকিবা, নাইবা মৰু-প্ৰান্তৰত অৱস্থান কৰিবা তেতিয়া চালাতৰ বাবে আজান দিলে উচ্চস্বৰে আজান দিবা, কাৰণ, "মুআজ্জিনৰ আজানৰ ধ্বনি যিমান দূৰলৈকে যায়, জিন, মানুহ অথবা যিকোনো বস্তুৱে সেই আজান শুনিলে, কিয়ামতৰ দিনা তেওঁৰ সপক্ষে সাক্ষী দিব।" আবু ছাঈদে কৈছেঃ মই এইটো ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ [10]। [10] (বুখাৰীঃ হাদীছ নং ৬০৯)

যদি মানুহে আজানৰ ফজিলত সম্পৰ্কে সঠিকভাৱে জানিলেহেঁতেন, তেন্তে কোনে আজান দিব সেইটো নিৰ্ধাৰণ কৰিবলৈ নিজৰ মাজত লটাৰি কৰিলেহেঁতেন; এই সম্পৰ্কে আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত আছে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "আজান আৰু নামাজৰ প্ৰথম শাৰীৰ যি ফজীলত আছে, সেয়া যদি মানুহে জানিলেহেঁতেন, আৰু লটাৰিৰ বাহিৰে বেলেগ কোনো উপায়ে যদি এই সুযোগ লাভ কৰাটো সম্ভৱ নহ'লহেঁতেন তেন্তে সিহঁতে নিশ্চয় লটাৰিয়ে কৰিলেহেঁতেন।" [11] [11] (বুখাৰীঃ ৬১৫, আৰু মুছলিমঃ ৪৩৭)

মুআজ্জিনৰ কণ্ঠ যিমান দূৰলৈকে যায়, সেই পৰিমাণৰ গুনাহ তেওঁৰ ক্ষমা কৰি দিয়া হয়। তেওঁৰ আজান শুনা প্ৰতিটো সজীৱ আৰু নিৰ্জীৱ বস্তুৱে তেওঁৰ বাবে সাক্ষী দিব। লগতে তেওঁৰ লগত নামাজ আদায় কৰা ব্যক্তিৰ সমপৰিমাণৰ ছোৱাব তেওঁ লাভ কৰিব। কাৰণ, যিয়ে সৎকৰ্মৰ পথ দেখুৱায়, তেওঁ সেই কৰ্ম সম্পাদনকাৰীৰ দৰেই ছোৱাব লাভ কৰে। বাৰা ইবনে আঝিব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "নিশ্চয় আল্লাহে প্ৰথম শাৰীৰ নামাজীসকলৰ ওপৰত ৰহমত বৰ্ষণ কৰে আৰু ফিৰিস্তাসকলে তেওঁলোকৰ বাবে দুআ কৰে। মুআজ্জিনক তেওঁৰ কণ্ঠ ধ্বনিৰ দূৰত্ব অনুপাতে ক্ষমা কৰি দিয়া হয়, আৰু তেওঁৰ ধ্বনি শ্ৰৱণ কৰা প্ৰতিটো সজীৱ আৰু নিৰ্জীৱ বস্তুৱে তেওঁৰ বাবে সাক্ষী দিয়ে, আৰু তেওঁৰ লগত ছালাত আদায় কৰা সকলো লোকৰ সমপৰিমাণৰ ছোৱাব তেৱোঁ লাভ কৰে।" [12] [12] (আহমদঃ (১৮৫০৬), নাছাঈঃ (৬৪৬)। আত-তাৰগীব অত-তাৰহীবত (১/১৭৬) আল-মুনযিৰীয়ে কৈছেঃ চনদটো হাছান জায়্যিদ, আৰু আল-বদৰুল মুনীৰত (৩/৩৮৫) ইবনে মুলাক্কিনে কৈছেঃ এই চনদটো জায়্যিদ।)

আজান হৈছে ইছলামৰ অন্যতম এটা মহান প্ৰতীক, আৰু এইটো হৈছে দাৰুল কুফৰ আৰু দাৰুল ইছলামৰ মাজত পাৰ্থক্যকাৰী। এই বিষয়ে ইমাম বুখাৰীয়ে তেওঁৰ ছহীহ গ্ৰন্থত “অধ্যায়ঃ আজানৰ দ্বাৰা ৰক্তপাত ৰোধ” শীৰ্ষক এটা অধ্যায় সন্নিৱিষ্ট কৰিছে। তাৰ পিছত তেওঁ আনাছ ইবনে মালিক ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত এই হাদীছটো উল্লেখ কৰিছেঃ "নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া আমাক লগত লৈ কোনো সম্প্ৰদায়ৰ বিৰুদ্ধে যুদ্ধ কৰিছিল, তেখেতে পুৱা নোহোৱালৈকে আৰু পৰ্যবেক্ষণ নকৰালৈকে আক্ৰমণ কৰা নাছিল। যদি তেখেতে আজান শুনিছিল তেন্তে সিহঁতৰ পৰা বিৰত থাকিছিল, আৰু যদি আজান শুনা নাছিল তেন্তে সিহঁতৰ ওপৰত আক্ৰমণ কৰিছিল"[13]. [13] (বুখাৰীঃ ৬১০, আৰু মুছলিমঃ ৩৮২)

ইমাম খাত্তাবী (ৰাহিমাহুল্লাহে) কৈছেঃ “ইয়াত এই কথাৰ বৰ্ণনা আছে যে, আজান হৈছে ইছলাম ধৰ্মৰ এটা প্ৰতীক, আৰু এইটো হৈছে এটা ওৱাজিব বিধান, যিটো পৰিত্যাগ কৰা জায়েজ নহয়। আনকি যদি কোনো এখন ঠাইৰ লোকসকলে আজান পৰিত্যাগ কৰিবলৈ একমত হয় আৰু তাৰ পৰা বিৰত থাকে, তেন্তে শাসকে তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰিব।”[14] [14] আ'লামুল হাদীছ শ্বৰহ ছহীহ বুখাৰী: (১/ ৪৬০)

চতুৰ্থ বিষয়: আজান আৰু ইক্বামতৰ শুদ্ধতাৰ চৰ্তাৱলী

১- ইছলাম: কাফিৰৰ পৰা এই দুটা গৃহীত নহয়; কাৰণ আজান আৰু ইক্বামত হৈছে ইবাদত, আৰু কাফিৰৰ কোনো ইবাদত গৃহীত নহয়।

২- বিবেক সম্পন্ন হ'ব লাগিব। মানসিক সন্তোলন হেৰুৱা ব্যক্তি, নিচাগ্ৰস্ত ব্যক্তি আৰু ভাল-বেয়া বিচাৰ কৰিব নোৱাৰা শিশুৰ পৰা এই দুয়োটা শুদ্ধ নহয়, যিদৰে অন্যান্য ইবাদত শুদ্ধ নহয়।

৩- নিয়্যত: নিয়্যত অবিহনে আজান আৰু ইকামত শুদ্ধ নহয়; কাৰণ সেই দুয়োটা হৈছে ইবাদত, আৰু ইবাদত নিয়্যত অবিহনে শুদ্ধ নহয়; কাৰণ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "সকলো কাম (ৰ প্ৰাপ্য) হ’ব নিয়্যত অনুযায়ী, আৰু মানুহে তাৰ নিয়্যত অনুযায়ী প্ৰতিফল পাব।" [15] [15] বুখাৰীয়ে বৰ্ণনা কৰিছে: (1), আৰু মুছলিম: (1907), উমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৰ হাদীছৰ পৰা।

৪- মহিলাসকলৰ আজান আৰু ইকামত শুদ্ধ নহয়।

৫- চালাতৰ সময় হ’লেহে আজান দিব লাগিব: সময় হোৱাৰ আগতে দিলে শুদ্ধ নহয়; কাৰণ মালিক ইবনে হুৱাইৰিছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত হাদীছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: «... যেতিয়া চালাতৰ সময় হ’ব, তেতিয়া তোমালোকৰ মাজৰ কোনোবাই আজান দিবা, আৰু তোমালোকৰ মাজৰ আটাইতকৈ বয়সীয়ালজনে ইমামতি কৰিবা।» [16]، সেই কাৰণে আজানৰ বিষয়টো চালাতৰ সময় হোৱাৰ সৈতে সম্পৃক্ত৷ গতিকে চালাতৰ সময় হোৱাৰ পিছতহে আজানৰ সময় হয়। আনহাতে ইকামত তেতিয়া দিব লাগে, যেতিয়া চালাতৰ বাবে থিয় হোৱাৰ ইচ্ছা কৰা হয়। [16] (বুখাৰীঃ ৬২৮, আৰু মুছলিমঃ ৬৭৪)

৬- আজানৰ -আৰু এইদৰে ইক্বামতৰ- ক্ৰম ৰক্ষা কৰিব লাগিবঃ ইয়াৰ দ্বাৰা উদ্দেশ্য হৈছে, মুৱাজ্জিনে আজান আৰু ইক্বামতৰ পদ্ধতি সম্পৰ্কে বৰ্ণিত শ্বৰয়ী দলীল অনুসৰি, কোনো শব্দ বা বাক্য অগা-পিছা নকৰাকৈ আজান আৰু ইক্বামতৰ বাক্যসমূহ উচ্চাৰণ কৰিব লাগিব; কাৰণ আজান এই নিৰ্দিষ্ট ক্ৰমতেই দিয়াটো হৈছে এটা ইবাদত, সেয়েহে যিদৰে বৰ্ণনা আহিছে ঠিক সেইদৰেই ইয়াক সম্পন্ন কৰিব লাগিব; যিহেতু তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে আমাৰ দ্বীনৰ মাজত এনেকুৱা কোনো নতুন বিষয় সংযুক্ত কৰিব, যিটো ইয়াৰ অংশ নহয়, সেইটো হৈছে প্ৰত্যাখ্যাত, (অৰ্থাৎ সেইটো গ্ৰহণযোগ্য নহয়)।" [17] [17] (বুখাৰীঃ ২৬৯৭, আৰু মুছলিমঃ ১৭১৮, আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বৰ্ণিত হাদীছ।)

৭- আজান আৰু ইকামতৰ ধাৰাবাহিকতা ৰক্ষা কৰিব লাগিব। ইয়াৰ দ্বাৰা উদ্দেশ্য হৈছে আজানৰ বাক্যবোৰৰ মাজত কোনো কথা বা কামেৰে ব্যৱধান কৰা নাযাব, আৰু ইয়াৰ অংশবোৰৰ মাজতো দীঘলীয়া ব্যৱধান কৰা নাযাব।

৮- আজান আৰু ইক্বামত আৰবী ভাষাত হ’ব লাগিব যিটো হাদীছৰ দ্বাৰা প্ৰমাণিত, আৰু অৰ্থ বিকৃতকাৰী ভুল-ত্ৰুটিৰ পৰা মুক্ত হ'ব লাগিব।

৯- উচ্চস্বৰে আজান দিয়া; কাৰণ মুৱাজ্জিনে যদি এনেদৰে নিম্নস্বৰে আজান দিয়ে যে, কেৱল তেওঁ নিজেই শুনে, তেন্তে আজানৰ বিধানগত উদ্দেশ্য পূৰণ নহ'ব; কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকৰ মাজৰ এজনে যাতে আজান দিয়ে।" [18] ইয়াৰ দ্বাৰা আনক শুনোৱাৰ বাবে উচ্চস্বৰে আজান দিয়াৰ কথা বুজোৱা হৈছে; যাতে ঘোষণাৰ উদ্দেশ্য পূৰণ হয়। এতেকে যদি কোনোবাই নিজৰ বাবে অথবা তেওঁৰ লগত উপস্থিত থকা ব্যক্তিৰ বাবে আজান দিয়ে, তেন্তে উচ্চস্বৰে আজান দিয়াটো চৰ্ত নহয়। কিন্তু সিমানখিনি উচ্চস্বৰে ক’ব লাগে, যিমানখিনিত তেওঁ নিজে শুনে অথবা তেওঁৰ লগত থকা ব্যক্তিয়ে শুনে। তথাপিও যদি তাতোকৈ অধিক উচ্চস্বৰে কয়, তেন্তে সেয়া উত্তম হ’ব; কিয়নো এই সম্পৰ্কে আবু ছায়ীদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা এটা হাদীছ বৰ্ণনা কৰিছেঃ "...যেতিয়া তুমি তোমাৰ ছাগলী-ভেড়াৰ জাকৰ সৈতে অথবা মুকলি ঠাইত থাকি আজান প্ৰদান কৰিবা, তেতিয়া উচ্চ কণ্ঠেৰে আজান দিবা; কিয়নো মুআজ্জিনৰ কণ্ঠস্বৰৰ পৰিসীমাৰ ভিতৰত জিন, মানুহ অথবা যিকোনো বস্তুৱেই তেওঁৰ আজান শুনে, সি কিয়ামতৰ দিনা তেওঁৰ পক্ষত সাক্ষ্য প্ৰদান কৰিব।" [19] [18] ইয়াৰ তাখৰীজ পূৰ্বে অতিবাহিত হৈছে। (19) ইয়াৰ উৎস পূৰ্বে উল্লেখিত।

পঞ্চম বিষয়ঃ মুৱাজ্জিনৰ বাঞ্ছনীয় গুণাৱলী

১- ন্যায়পৰায়ণ আৰু দ্বীনি বিষয়ত অবিচল বুলি পৰিচিত হ'ব লাগিব; কিয়নো ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: «ইমাম হৈছে দায়িত্বশীল, আৰু মুৱাজ্জিন হৈছে আমানতদাৰ। হে আল্লাহ! ইমামসকলক সঠিক পথ প্রদর্শন কৰা, আৰু মুৱাজ্জিনসকলক ক্ষমা কৰি দিয়া।» [20] মুৱাজ্জিন হৈছে চালাত আৰু চিয়ামৰ সময়ৰ ক্ষেত্ৰত এজন আমানতদাৰ। এই আমানত কেৱল ন্যায়পৰায়ণ ব্যক্তিয়েহে পালন কৰিব পাৰে। সেয়েহে মুৱাজ্জিন যাতে ফাছিক, প্রকাশ্যে পাপকাৰী, অথবা মৰ্যাদাহীন ব্যক্তি নহয়। [20] আবু দাউদ (হাদীছ নং ৫১৭), তিৰমিজী (হাদীছ নং ২০৭)।

২- বালিগ (প্ৰাপ্তবয়স্ক) হ’ব লাগিব; কাৰণ বালিগৰ আজান অধিক পৰিপূৰ্ণ। পাৰ্থক্য কৰিব পৰা শিশুৰ আজানো শুদ্ধ, যেতিয়ালৈকে তেওঁ চালাতৰ সময়ত আজান দিয়ে। এতেকে তেওঁ আজান দিলে সেয়াই যথেষ্ট হ’ব; কাৰণ ইয়াৰ দ্বাৰা চালাতৰ সময় হোৱাৰ ঘোষণা সম্পন্ন হয়।

৩- সময় সম্পৰ্কে জ্ঞানী হ’ব লাগিব; যাতে সঠিক সময় নিৰ্ধাৰণ কৰি তাৰ আৰম্ভণিতেই আজান দিব পাৰে। কিয়নো সময়ৰ জ্ঞান নাথাকিলে ভুল-ত্ৰুটি হোৱাৰ আশংকা থাকে।

৪- উচ্চ কণ্ঠস্বৰৰ অধিকাৰী হোৱা উচিত; কাৰণ আব্দুল্লাহ ইবনে যায়েদ ৰাদ্বিয়াল্লাহু আনহুৰ আজানৰ সপোন সম্পৰ্কীয় হাদীছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক কৈছিল: «নিশ্চয় এইটো হৈছে এটা সত্য সপোন। এতেকে তুমি বিলালৰ ওচৰলৈ যোৱা, কাৰণ তেওঁৰ কণ্ঠস্বৰ তোমাতকৈ অধিক সুমধুৰ আৰু উচ্চ। সেয়ে, তোমাক যিখিনি কোৱা হৈছে, সেয়া তেওঁক শিকাই দিয়া আৰু তেওঁ যাতে ইয়াৰ দ্বাৰা আজান দিয়ে।» (21) আৰু وَأَمْدُّ صَوْتًا مِنْكَ ৰ অৰ্থ হৈছে: "তেওঁৰ কণ্ঠস্বৰ, তোমাৰ কণ্ঠস্বৰতকৈ অধিক সুদূৰপ্ৰসাৰী।" অৰ্থাৎ, তোমাৰ কণ্ঠস্বৰতকৈ অধিক উচ্চ আৰু দীৰ্ঘ। ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে, উচ্চস্বৰৰ অধিকাৰী ব্যক্তিক মুৱাজ্জিন নিযুক্ত কৰাটো মুস্তাহাব। কাৰণ আজানৰ যোগেদি সংবাদ প্ৰেৰণ কৰাৰ বাবে উচ্চস্বৰ অধিক ফলদায়ক। [22] [21] তিৰমিজী (১৮৯), আৰু তেওঁ হাদীছটোক হাছান ছহীহ বুলি কৈছে। [22] দ্ৰষ্টব্যঃ তুহফাতুল আহৱাযী (১/ ৪৮১)।

৫- উত্তম কণ্ঠস্বৰৰ অধিকাৰী হ’ব লাগিব; কাৰণ পূৰ্বোক্ত আব্দুল্লাহ বিন যায়েদ ৰাদ্বিয়াল্লাহু আনহুৰ হাদীছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ «কাৰণ নিশ্চয় তেওঁ তোমাতকৈ অধিক সুমধুৰ আৰু দূৰগামী কণ্ঠৰ অধিকাৰী।» অৰ্থাৎ অধিক উত্তম আৰু সুমধুৰ কণ্ঠৰ অধিকাৰী।

৬- হাদাছে আচগৰ আৰু আকবৰৰ পৰা পৱিত্ৰ হোৱা উচিত; কাৰণ আজান আৰু ইকামত হৈছে সৰ্বশক্তিমান আল্লাহৰ জিকিৰ, আৰু জিকিৰকাৰী পৱিত্ৰ থকাটোৱেই উত্তম।

৭- দণ্ডায়মান হৈ আজান দিয়া; কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "হে বিলাল! উঠা, আৰু চালাতৰ আজান দিয়া।" [23]، ইবনুল মুনযিৰে কৈছেঃ "এই বিষয়ে ইজমা হৈছে যে, মুআজ্জিনে থিয় হৈ আজান দিয়াটো ছুন্নত৷"[24]. [23] (বুখাৰীঃ ৬০৪, আৰু মুছলিমঃ ৩৭৭) [24] (আল-ইজমা-ইবনুল মুনযিৰঃ পৃঃ ৩৮)

৮- কিবলামুখী হৈ আজান দিয়া; যিহেতু আব্দুল্লাহ বিন ঝায়েদ ৰাদ্বিয়াল্লাহু আনহুৰ আজান সম্পৰ্কীয় সপোনৰ হাদীছৰ এটা বৰ্ণনাত আহিছে, তেওঁ কৈছেঃ "ইয়াৰ পিছত তেওঁ কিবলামুখী হৈ “আল্লাহু আকবাৰ, আল্লাহু আকবাৰ...” বুলি ক’লে"[25], ইবনুল মুনযিৰ ৰাহিমাহুল্লাহে আৰু কৈছে যে, "আজান দিয়াৰ সময়ত কিবলামুখী হোৱাটো যে ছুন্নত, এই বিষয়ে সকলোৱে একমত।"[26] [25] (আবু দাউদঃ ৫০৭) [26] (আল-ইজমা', ইবনুল মুনযিৰঃ ৩৮)

৯- নিজৰ তৰ্জনী আঙুলি দুটা কাণৰ ভিতৰত ৰখা; কাৰণ বিলাল ৰাদ্বিয়াল্লাহু আনহুৱে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্মুখত আজান দিয়াৰ সময়ত তেনেদৰে কৰা বুলি আবু জুহাইফা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত আছে, তেওঁ কৈছে: মই বিলালক দেখিছোঁ, তেওঁ কাণত আঙুলিৰে সোপা দি ইফালে-সিফালে মুখ ঘূৰাই আজান দি আছিল। সেই সময়ছোৱাত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম এটা ৰঙা তম্বুত আছিল..."[27]। [27] হাদীছটো তিৰমিজীয়ে বৰ্ণনা কৰিছেঃ (১৯৭), আৰু কৈছেঃ এইটো এটা হাছান ছহীহ হাদীছ। ইয়াৰ মূল ছহীহ বুখাৰীত (৬৩৪) এই শব্দৰে বৰ্ণিত হৈছেঃ আউন ইবনে আবি জুহাইফাই তেওঁৰ পিতৃৰ পৰা বৰ্ণনা কৰিছে, তেওঁ (পিতৃয়ে) কৈছেঃ মই বিলাল ৰাদ্বিয়াল্লাহু আনহুক আজান দি থকা দেখিছিলোঁ। সেয়ে মই আজানৰ সময়ত তেওঁৰ মুখখন ইফালে-সিফালে ঘূৰোৱা চাবলৈ ধৰিলোঁ।

ইমাম তিৰিমিজীয়ে এই হাদীছটো বৰ্ণনা কৰাৰ পিছত কৈছে: আৰু আলিমসকলৰ ওচৰত এইটোৱে আমলযোগ্য বিষয়ঃ তেওঁলোকে মুৱাজ্জিনে আজানৰ সময়ত নিজৰ আঙুলি দুটা কাণৰ ভিতৰত ৰখাটোক পছন্দ কৰে।

ইবনু শ্বুবৰামাক সোধা হৈছিলঃ “মুৱাজ্জিনক কিয় কাণৰ ভিতৰত আঙুলি ৰাখিবলৈ আদেশ দিয়া হয়?” তেওঁ কৈছিলঃ “কণ্ঠস্বৰ তীব্ৰ কৰাৰ বাবে...”[28]। [28] (আল- আওছাতঃ ৪/১১)

ইমাম নাৱাৱী ৰাহিমাহুল্লাহে কৈছেঃ ছুন্নত হৈছে, নিজৰ আঙুলি দুটা কাণৰ বিন্ধাত প্ৰৱেশ কৰোৱা। এইটো এটা সৰ্বসন্মত বিষয়। আল-মাহামিলীয়ে তেওঁৰ ‘মাজমু’ নামৰ গ্ৰন্থত অধিকাংশ আলিমৰ পৰা এই কথাটোৱেই বৰ্ণনা কৰিছে। আমাৰ আলিমসকলে কৈছে: ইয়াৰ আন এটা উপকাৰিতাও আছে, সেয়া হৈছে- হয়তো কোনো ব্যক্তিয়ে কলা হোৱাৰ কাৰণে, বা দূৰত্বত থকাৰ বাবে অথবা অন্য কোনো কাৰণত (মুৱাজ্জিনৰ) মাত নুশুনিবও পাৰে। এনে ক্ষেত্ৰত তেওঁলোকে তেওঁৰ আঙুলিৰ দ্বাৰা তেওঁৰ আজান সম্পৰ্কে অৱগত হ'ব পাৰিব। [29] [29] (শ্বাৰহুল মুহাজ্জাবঃ ৩/১১৩)

১০- ‘হাইয়্যা আলাচ্ছালাহ’ বুলি কওঁতে দুয়োবাৰ সোঁফালে, আৰু ‘হাইয়্যা আলাল-ফালাহ’ বুলি কওঁতে দুয়োবাৰ বাওঁফালে মুখ ঘূৰাব, ভৰি দুখন স্থিৰ ৰাখি; কিয়নো আবু জুহাইফা ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্মুখত বিলাল ৰাদ্বিয়াল্লাহু আনহুৰ আজানৰ বিষয়ে কৈছেঃ "ফলত মই তেখেতৰ মুখক ইফালে-সিফালে অনুসৰণ কৰিবলৈ ধৰিলোঁ, তেখেতে সোঁফালে আৰু বাওঁফালে হাই আলাচ্ছলাহ, হাই আলাল ফালাহ বুলি কৈছিল।"[30] মছজিদৰ পৰা দূৰৈত থকা লোকসকলক চালাতৰ আজান শুনোৱাবলৈ এইটো হৈছে অধিক কাৰ্যকৰী। [30] বুখাৰী (৬৩৪) মুছলিম (৫০৩) শব্দবোৰ মুছলিমৰ।

১১- আজান ধীৰ-স্থিৰে কোনো ধৰণৰ টান বা অতিৰিক্ত প্ৰসাৰণ নকৰাকৈ উচ্চাৰণ কৰিব লাগে; কাৰণ আজান হৈছে মছজিদত অনুপস্থিত লোকসকলৰ বাবে এক ঘোষণা, সেয়েহে ইয়াত ধীৰ-স্থিৰতা অৱলম্বন কৰাটো অধিক ফলপ্ৰসূ। আনহাতে ইকামত দ্ৰুতগতিত ক’ব লাগে; কাৰণ এইটো উপস্থিত লোকসকলৰ বাবে এটা ঘোষণা, সেয়েহে ইয়াত দ্ৰুত গতি অৱলম্বন কৰাই উপযুক্ত[31]। [31] দ্ৰষ্টব্যঃ আল-মুগনী লি ইবনে কুদামাহ (১/ ২৯৫)।

১২- শ্বৰয়ী চৰ্ত আৰু আদবসমূহ পালন কৰি, কোনো ধৰণৰ কৃত্ৰিমতা বা গানৰ দৰে সুৰ আৰোপ নকৰাকৈ, আৰু উদ্দেশ্য ব্যাহত হোৱাকৈ অতিৰিক্ত প্ৰসাৰণ নকৰি, নিজৰ সৰল আৰু স্বাভাৱিক কণ্ঠেৰে আজান দিব লাগে।

ষষ্ঠ বিষয়ঃ আজান আৰু ইক্বামতৰ পদ্ধতি

হাদীছত আজান আৰু ইক্বামতৰ পদ্ধতিসমূহৰ বিষয়ে উল্লেখ আছে। এই ক্ষেত্ৰত আব্দুল্লাহ বিন ঝায়েদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত হাদীছটো অন্যতম, আৰু তাত আজানৰ শব্দবোৰ হৈছে এই ধৰণৰঃ

আল্লাহু আকবাৰ, আল্লাহু আকবাৰ, আল্লাহু আকবাৰ, আল্লাহু আকবাৰ। (অৰ্থঃ আল্লাহ আটাইতকৈ মহান, আল্লাহ আটাইতকৈ মহান, আল্লাহ আটাইতকৈ মহান, আল্লাহ আটাইতকৈ মহান)

আশ্ব-হাদু আল লা ইলাহা ইল্লাল্লাহ, আশ্ব-হাদু আল লা ইলাহা ইল্লাল্লাহ। (অৰ্থঃ মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই।)

আশ্বহাদু আন্না মুহাম্মাদাৰ ৰাছুলুল্লাহ, আশ্বহাদু আন্না মুহাম্মাদাৰ ৰাছুলুল্লাহ। (অৰ্থঃ মই সাক্ষ্য দিওঁ যে, মুহাম্মদ হৈছে আল্লাহৰ ৰাছুল, মই সাক্ষ্য দিওঁ যে, মুহাম্মদ হৈছে আল্লাহৰ ৰাছুল।)

হায়্যি আলাচ্ছালাহ। হায়্যি আলাচ্ছালাহ। (অৰ্থঃ আহা ছালাতৰ পিনে، আহা ছালাতৰ পিনে।)

হায়্যি আলাল ফালাহ, হায়্যি আলাল ফালাহ। (অৰ্থঃ আহা সফলতাৰ পিনে، আহা সফলতাৰ পিনে।)

আল্লাহু আকবাৰ, আল্লাহু আকবাৰ। (অৰ্থঃ আল্লাহ আটাইতকৈ মহান, আল্লাহ আটাইতকৈ মহান)

লা ইলাহা ইল্লাল্লাহ। (অৰ্থঃ আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই)

ইকামতৰ শব্দসমূহ হৈছে:

আল্লাহু আকবাৰ، আল্লাহু আকবাৰ।

আশ্বহাদু আল লা ইলাহা ইল্লাল্লাহ।

আশ্বহাদু আন্না মুহাম্মাদাৰ ৰাছূলুল্লাহ।

হায়্যি আলাচ্ছালাহ, হায়্যি আলাল ফালাহ।

কাদ ক্বামাতিচ্ছালাহ، কাদ ক্বামাতিচ্ছালাহ।

আল্লাহু আকবাৰ, আল্লাহু আকবাৰ।

লা ইলাহা ইল্লাল্লাহ।[32] [32] আবু দাউদ (হাদীছ নং ৪৯৯), তিৰমিজী (হাদীছ নং ১৮৯)৷ লগতে তেওঁ কৈছে: আব্দুল্লাহ বিন ঝায়েদৰ হাদীছটো হাছান ছহীহ।

এইটোৱেই হৈছে আজান আৰু ইকামতৰ সেই পদ্ধতি, যিটো বিলাল ৰাদ্বিয়াল্লাহু আনহুৱে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে তেখেতৰ মৃত্যু পৰ্যন্ত, ঘৰত থাকোঁতে আৰু ভ্ৰমণৰত অৱস্থাতো নিয়মীয়াকৈ পালন কৰিছিল।

আৰু ফজৰৰ আজানত "হাইয়্যা আলাল ফালাহ"ৰ পিছত: "আচ্ছালাতু খাইৰুম মিনান নাওম," বুলি দুবাৰকৈ ক’ব; কাৰণ আবু মাহজুৰাহ ৰাদ্বিয়াল্লাহু আনহুৱে বৰ্ণনা কৰিছে যে, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক কৈছিল: «যদি সেয়া ফজৰৰ নামাজ হয়, তেন্তে তুমি ক'বাঃ "আচ্ছালাতু খাইৰুম মিনান নাওম, আচ্ছালাতু খাইৰুম মিনান নাওম"» [33] [33] আবু দাউদ (হাদীছ নং ৫০০)। ইমাম নৱৱীয়ে ‘খুলাছাতুল আহকাম’ (১/২৮৬)ত ইয়াক হাছান বুলি কৈছে।

আজানৰ আন এটা পদ্ধতি হৈছে ‘তাৰজী’’ আজান, অৰ্থাৎ পুনৰাবৃত্তি কৰা। এই পদ্ধতিটোত শ্বাহাদাতাইনৰ বাক্য দুটা প্ৰথমে নিম্নস্বৰে কোৱা হয়, তাৰ পিছত পুনৰ উচ্চস্বৰে কোৱা হয়, আৰু ইকামতৰ বাক্যবোৰ দুবাৰকৈ কোৱা হয়। এই পদ্ধতিটো আবু মাহজুৰা ৰাদ্বিয়াল্লাহু আনহুৰ হাদীছত বৰ্ণিত হৈছে। তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মোক নিজেই আজান শিকাইছিল আৰু কৈছিল: কোৱা: আল্লাহু আকবাৰ আল্লাহু আকবাৰ, আল্লাহু আকবাৰ আল্লাহু আকবাৰ, আশ্বহাদু আল লা ইলা-হা ইল্লাল্লাহ, আশ্বহাদু আল লা ইলা-হা ইল্লাল্লাহ, আশ্বহাদু আন্না মুহাম্মাদাৰ ৰাছুলুল্লাহ, আশ্বহাদু আন্না মুহাম্মাদাৰ ৰাছুলুল্লাহ। তেখেতে কৈছে: ইয়াৰ পিছত পুনৰ উচ্চস্বৰে কোৱা: আশ্বহাদু আল লা ইলা-হা ইল্লাল্লাহ, আশ্বহাদু আল লা ইলা-হা ইল্লাল্লাহ, আশ্বহাদু আন্না মুহাম্মাদাৰ ৰাছুলুল্লাহ, আশ্বহাদু আন্না মুহাম্মাদাৰ ৰাছুলুল্লাহ, হায়্যি আলাচ্ছালাহ, হায়্যি আলাচ্ছালাহ, হায়্যি আলাল ফালাহ, হায়্যি আলাল ফালাহ, আল্লাহু আকবাৰ আল্লাহু আকবাৰ, লা ইলা-হা ইল্লাল্লাহ।

«আৰু ইকামত হৈছেঃ আল্লাহু আকবাৰ, আল্লাহু আকবাৰ, আল্লাহু আকবাৰ, আল্লাহু আকবাৰ, আশ্বহাদু আল লা ইলা-হা ইল্লাল্লাহ, আশ্বহাদু আল লা ইলা-হা ইল্লাল্লাহ, আশ্বহাদু আন্না মুহাম্মাদাৰ ৰাছুলুল্লাহ, আশ্বহাদু আন্না মুহাম্মাদাৰ ৰাছুলুল্লাহ, হায়্যি আলাচ্ছালাহ, হায়্যি আলাচ্ছালাহ, হায়্যি আলাল ফালাহ, হায়্যি আলাল ফালাহ, ক্বাদক্বামাতিচ্ছালাহ, ক্বাদক্বামাতিচ্ছালাহ, আল্লাহু আকবাৰ, আল্লাহু আকবাৰ, লা ইলা-হা ইল্লাল্লাহ» [34] [34] (আবু দাউদঃ ৫০২, ৫০৩)

এই বিষয়টো বৈচিত্ৰ্যপূৰ্ণ মতানৈক্যৰ অন্তৰ্ভুক্ত, সেয়েহে মুআজ্জিনে এইবোৰ প্ৰমাণিত পদ্ধতিৰ যিকোনো এটা গ্ৰহণ কৰিলেই সেয়া উত্তম হ’ব। আজানৰ কিছুমান প্ৰমাণিত পদ্ধতি উল্লেখ কৰি শ্বাইখুল ইছলাম ইবনে তাইমিয়্যাহ ৰাহিমাহুল্লাহে কৈছে: "যেতিয়া বিষয়টো এনেকুৱাই হয়, তেন্তে সঠিক মত হৈছে আহলে হাদীছ আৰু তেওঁলোকৰ সমৰ্থকসকলৰ মাজহাব, তেওঁলোকৰ মতে এই বিষয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা প্ৰমাণিত সকলো পদ্ধতিকেই বৈধ বুলি গণ্য কৰা হয়। তেওঁলোকে ইয়াৰ এটাকো অপছন্দ নকৰে; কিয়নো আজান আৰু ইকামতৰ পদ্ধতিৰ ভিন্নতা হ’ল কিৰাআত, তাশ্বাহ্হুদ আৰু এই জাতীয় আন আন বিষয়ৰ পদ্ধতিৰ ভিন্নতাৰ দৰেই। গতিকে ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে নিজৰ উম্মতৰ বাবে যি পদ্ধতি প্ৰচলন কৰি গৈছে, তাক অপছন্দ কৰাৰ অধিকাৰ কোনো ব্যক্তিৰেই নাই।" [35] [35] মাজমু' আল-ফাতাৱা: (২২/ ৬৬)

সপ্তম বিষয়ঃ আজানৰ উত্তৰ আৰু আজানৰ পিছত পঢ়িবলগীয়া দুআ।

আজান শ্ৰৱণকাৰীৰ বাবে মুস্তাহাব হৈছে মুআজ্জিনে যি কয় তাকেই কোৱা; কাৰণ আবু ছায়ীদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "যেতিয়া তোমালোকে আজান শুনিবা, তেতিয়া সেইদৰেই ক'বা যিদৰে মুআজ্জিনে কয়।" [36]. কেৱল হাইআলাতাইনৰ বাহিৰে—আৰু সেই দুটা হৈছে মুআজ্জিনৰ এই দুটা বাক্যঃ হায়্যি আলাচ্ছালাহ, হায়্যি আলাল ফালাহ—আজান শ্ৰৱণকাৰীৰ বাবে মুস্তাহাব হৈছে যে, এই দুয়োটা বাক্যৰ উত্তৰত "লা হাওলা অলা কুউৱাতা ইল্লা বিল্লাহ" কোৱা। (অৰ্থঃ আল্লাহৰ সহায় অবিহনে কোনো বস্তুৰ পৰা ৰক্ষা পোৱা টান আৰু কিবা কৰাৰো ক্ষমতা নাই৷) কাৰণ ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত হাদীছত আছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "যেতিয়া মুআজ্জিনে কয়ঃ আল্লাহু আকবাৰ, আল্লাহু আকবাৰ, তেতিয়া তোমালোকেও কোৱাঃ আল্লাহু আকবাৰ, আল্লাহু আকবাৰ। ইয়াৰ পিছত যেতিয়া আশ্বহাদু আল লা ইলা-হা ইল্লাল্লাহ কয়, তেতিয়া তোমালোকেও কোৱাঃ আশ্বহাদু আল লা ইলা-হা ইল্লাল্লাহ। ইয়াৰ পিছত যেতিয়া আশ্বহাদু আন্না মুহাম্মাদাৰ ৰাছুলুল্লাহ কয়, তেতিয়া তোমালোকেও কোৱাঃ আশ্বহাদু আন্না মুহাম্মাদাৰ ৰাছুলুল্লাহ। ইয়াৰ পিছত যেতিয়া হায়্যি আলাচ্ছালাহ কয়, তেতিয়া কোৱাঃ লা হাওলা অলা কুউৱাতা ইল্লা বিল্লাহ। ইয়াৰ পিছত যেতিয়া হায়্যি আলাল ফালাহ বুলি কয়, তেতিয়াও কোৱাঃ লা হাওলা অলা কুউৱাতা ইল্লা বিল্লাহ। ইয়াৰ পিছত যেতিয়া আল্লাহু আকবাৰ, আল্লাহু আকবাৰ কয়, তেতিয়া তোমালোকেও কোৱাঃ আল্লাহু আকবাৰ, আল্লাহু আকবাৰ। ইয়াৰ পিছত যেতিয়া লা ইলা-হা ইল্লাল্লাহ কয়, তেতিয়া তোমালোকেও কোৱাঃ লা ইলা-হা ইল্লাল্লাহ। যিয়ে আন্তৰিকতাৰে এই উত্তৰ প্ৰদান কৰিব, তেওঁ জান্নাতত প্ৰৱেশ কৰিব।" [37] [36] (বুখাৰীঃ ৬১১, আৰু মুছলিমঃ ৩৮৩) [37] (মুছলিমঃ ৩৮৫)

আৰু শ্বাহাদাতাইনৰ পিছত এই কথা কোৱা: (أَشْهَدُ أَنْ لَا إِلٰهَ إِلَّا اللهُ وَحْدَهُ لَا شَرِيكَ لَهُ، وَأَنَّ مُحَمَّدًا عَبْدُهُ وَرَسُولُهُ، رَضِيتُ بِاللَّهِ رَبًّا، وَبِمُحَمَّدٍ رَسُولًا، وَبِالْإِسْلَامِ دِينًا), অৰ্থাৎ মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। মই আৰু সাক্ষ্য দিওঁ যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে তেওঁৰ বান্দা আৰু ৰাছুল। মই আল্লাহক প্ৰতিপালক হিচাপে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক ৰাছুল হিচাপে আৰু ইছলামক দ্বীন হিচাপে গ্ৰহণ কৰি সন্তুষ্ট।

ছাআদ বিন আবি অক্কাচ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে মুআজ্জিনৰ আজান শুনি এই দুআটো পাঠ কৰে, তাৰ গুনাহ খাতা মাফ কৰি দিয়া হয়। أَشْهَدُ أَنْ لَا إِلٰهَ إِلَّا اللهُ وَحْدَهُ لَا شَرِيكَ لَهُ، وَأَنَّ مُحَمَّدًا عَبْدُهُ وَرَسُولُهُ، رَضِيتُ بِاللَّهِ رَبًّا، وَبِمُحَمَّدٍ رَسُولًا، وَبِالْإِسْلَامِ دِينًا অৰ্থঃ মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই, আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল। মই সন্তুষ্ট হৈছোঁ আল্লাহক ৰব্ব হিচাপে পাই, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক ৰাছুল হিচাপে পাই, লগতে ইছলামক দ্বীন হিচাপে পাই।" [38] (মুছলিমঃ ৩৮৬)

আৰু যেতিয়া মুআজ্জিনে ফজৰৰ নামাজত "আচ্ছালাতু খাইৰুম মিনান নাওম" বুলি কয়, তেন্তে শ্ৰোতাইও একেদৰেই ক’ব; কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "যেতিয়া তোমালোকে আজান শুনিবা, তেতিয়া সেইদৰেই ক'বা যিদৰে মুআজ্জিনে কয়।" [39] [39] (মুত্তাফাক্ব আলাইহ)।

তাৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত দৰূদ পাঠ কৰিব, ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণিত দুআ পাঠ কৰিব, তেখেতে কৈছে: "আজান শুনাৰ পিছত যিয়ে এই দুআ পাঠ কৰিবঃ اللَّهُمَّ رَبَّ هَذِهِ الدَّعْوَةِ التَّامَّةِ، وَالصَّلاَةِ القَائِمَةِ، آتِ مُحَمَّدًا الوَسِيلَةَ وَالفَضِيلَةَ، وَابْعَثْهُ مَقَامًا مَحْمُودًا الَّذِي وَعَدْتَهُ আল্লাহুম্মা ৰাব্বা হা-জিহিদ দা'ৱাতিত তা-ম্মাহ, অচ্ছালাতিল ক্বা-য়িমাহ, আ-তি মুহাম্মাদানিল অচীলাতা অল ফাজীলাহ। অবআছহু মাক্বা-মাম মাহমূদানিল লাজী ওৱা আত্তাহ। কিয়ামতৰ দিনা তাৰ বাবে মোৰ শ্বাফাআত ওৱাজিব হৈ পৰে।" [40] আৰু «الدَّعْوَةِ التَّامَّة»ৰ অৰ্থ হৈছেঃ পৰিপূৰ্ণ আহ্বান। অৰ্থাৎ আজানৰ আহ্বান হৈছে এক সম্পূৰ্ণ আৰু পৰিপূৰ্ণ আহ্বান; কিয়নো ইয়াৰ মাজত সন্নিবিষ্ট আছে আল্লাহৰ মহত্ত্বৰ ঘোষণা, তেওঁৰ তাওহীদ, ৰিছালতৰ সাক্ষ্য, আৰু কল্যাণৰ প্ৰতি আহ্বান। «وَالصَّلَاةِ القَائِمَة» «আৰু প্ৰতিষ্ঠিত নামাজ» অৰ্থাৎ যিটো কায়েম কৰা হ'ব আৰু আদায় কৰা হ'ব। «الوَسِيلَة» “অছীলা” জান্নাতত পাবলগীয়া এটা মৰ্যাদা। «الفَضِيلَة» ফাজীলাহ। সেই সুউচ্চ পদমৰ্যাদা, যিটো আন কাকো দিয়া নহ'ব। «مَقَامًا مَحْمُودًا» «প্ৰশংসিত স্থান» মাক্বামে মাহমুদ: সেইটো হৈছে এনেকুৱা এটা স্থান, য’ত সকলো মানুহে তেখেতৰ প্ৰশংসা কৰিব। ইয়াৰ অন্তৰ্ভুক্ত হৈছে সমগ্ৰ সৃষ্টিৰ বাবে কৰা মহা শ্বাফাআত, য’ত তেখেতে কিয়ামতৰ ময়দানবাসীৰ বাবে ছুপাৰিছ কৰিব, যাতে তেওঁলোকৰ মাজত বিচাৰ-ফয়চালা আৰম্ভ কৰা হয়। [40] (বুখাৰীঃ হাদীছ নং ৬১৪)

আব্দুল্লাহ বিন আমৰ ইবনুল আচ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ তোমালোকে যেতিয়া মুআজ্জিনক আজান দিওঁতে শুনিবা, তেতিয়া মুআজ্জিনে যি যি কয় তোমালোকেও তাকেই ক'বা। ইয়াৰ পিছত মোৰ ওপৰত দৰূদ পাঠ কৰিবা; কাৰণ যিয়ে মোৰ ওপৰত এবাৰ দৰূদ পাঠ কৰে, তাৰ ওপৰত আল্লাহে দহটা ৰহমত অৱতীৰ্ণ কৰে। ইয়াৰ পিছত আল্লাহৰ ওচৰত তোমালোকে মোৰ বাবে অছীলাহ প্ৰাৰ্থনা কৰিবা। অছীলাহ হৈছে জান্নাতৰ এটা বিশেষ স্থান, যিখন আল্লাহৰ কোনো এজন নেক বান্দাক দিয়া হ'ব। মই আশা কৰোঁ সেইজন ময়েই হম। যিয়ে মোৰ বাবে অছীলাহ প্ৰাৰ্থনা কৰিব, তাৰ ওপৰত মোৰ শ্বাফাআত ওৱাজিব হৈ যাব। [41] [41] (মুছলিমঃ ৩৮৪)

আজানত সংযোজিত হোৱা বিদআতসমূহৰ অন্যতম হৈছে, মুআজ্জিনে আজানৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত উচ্চস্বৰে দৰূদ আৰু ছালাম পাঠ কৰা, এইদৰে আজানৰ পিছত বৰ্ণিত জিকৰটো (আল্লাহুম্মা ৰাব্বা হা-জিহিদ দা'ৱাতিত তা-ম্মাহ...) সামূহিকভাৱে পাঠ কৰা, আৰু দুআ কৰাৰ সময়ত দুয়ো হাত উত্তোলন কৰা, তদুপৰি মুআজ্জিনৰ সৈতে আজানৰ উত্তৰ দিয়াৰ শেষত “হাক্কান” বা “আবাদান” শব্দটো বৃদ্ধি কৰি “হাক্কান লা ইলাহা ইল্লাল্লাহ” বা “আবাদান লা ইলাহা ইল্লাল্লাহ”; বুলি কোৱাৰ সপক্ষে কোনো দলীল নাই।

অষ্টম বিষয়: আজানৰ পিছত মছজিদৰ পৰা ওলাই যোৱাৰ বিধান

আজানৰ পিছত চালাত আদায় নকৰালৈকে কোনো পুৰুষৰ বাবে মছজিদৰ পৰা ওলাই যোৱা হাৰাম, কিন্তু যদি তেওঁৰ কোনো অজুহাত থাকে অথবা মছজিদলৈ উভতি অহাৰ নিয়ত কৰে, তেন্তে কোনো অসুবিধা নাই। আবু শ্বা'ছাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ «আমি আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ সৈতে মছজিদত বহি আছিলোঁ, এনেতে মুৱাজ্জিনে আজান দিলে। তেতিয়া এজন ব্যক্তিয়ে মছজিদৰ পৰা খোজ কাঢ়ি ওলাই যাবলৈ ধৰিলে। আবু হুৰাইৰাই তেওঁক মছজিদৰ পৰা ওলাই নোযোৱালৈকে চাই থাকিল। তাৰ পিছত তেখেতে ক'লেঃ এই ব্যক্তিজনে আবুল কাচিম চাল্লাল্লাহু আলাইহি অছাল্লামৰ অবাধ্যতা কৰিছে»[42]।" [42] (মুছলিমঃ ৬৫৫)

তিৰমিজীয়ে তেওঁৰ ছুনান গ্ৰন্থত এই হাদীছটো বৰ্ণনা কৰাৰ পাছত কৈছে: "নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ চাহাবাসকলৰ মাজত আৰু তেওঁলোকৰ পৰৱৰ্তী জ্ঞানীসকলৰ মাজত এই আমলটোৱেই প্ৰচলিত আছে যে, আজানৰ পিছত কোনোৱে যাতে মছজিদৰ পৰা ওলাই নাযায়, কিন্তু কোনো অজুহাত থাকিলে সেয়া সুকীয়া কথা: যেনে, অজু নাথাকিলে, অথবা কোনো অপৰিহাৰ্য্য কাম থাকিলে।[43]" [43] ছুনান আত-তিৰমিজী: (১/৩৯৭), হাদীছ নং (২০৪) ।

নৱম বিষয়ঃ আজান আৰু ইকামতৰ মাজত কিমান সময় ব্যৱধান থকা উচিত?

হাদীছত এই কথাৰ প্ৰমাণ পোৱা যায় যে, আজান আৰু ইক্বামতৰ মাজত যথেষ্ট সময় আছে। আব্দুল্লাহ বিন মুগাফ্ফল ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "প্ৰত্যেক দুটা আজানৰ মাজত আছে নামাজ, প্ৰত্যেক দুটা আজানৰ মাজত আছে নামাজ।" ইয়াৰ পিছত তৃতীয়বাৰত তেখেতে কৈছিলঃ "যাৰ ইচ্ছা সি পঢ়িব পাৰে।" [44]. দুই আজানৰ দ্বাৰা আজান আৰু ইকামতক বুজোৱা হৈছে। সেয়েহে মুৱাজ্জিনে আজান আৰু ইকামতৰ মাজত কিছু সময়ৰ ব্যৱধান ৰাখিব লাগে, যাতে উপস্থিত লোকসকলে নামাজৰ আগত দুই ৰাকাত নামাজ আদায় কৰিব পাৰে আৰু মছজিদত আহিবলগীয়া লোকসকলেও আহি নামাজ পাব পাৰে। [44] (বুখাৰীঃ ৬২৭, আৰু মুছলিমঃ ৮৩৮)

ইমাম আহমদে কৈছেঃ মুৱাজ্জিনৰ উচিত হৈছে, আজান আৰু ইকামতৰ মাজত ইমানখিনি সময়ৰ ব্যৱধান ৰখা, যাতে মছজিদৰ মুছল্লীসকলে আহি উপস্থিত হ'ব পাৰে আৰু শৌচ-প্ৰস্ৰাৱৰ প্ৰয়োজন অনুভৱ কৰা ব্যক্তিয়েও নিজৰ প্ৰয়োজন পূৰণ কৰি ল'ব পাৰে।[45] [45] শ্বাৰহু উমদাতিল ফিকহ। ইবনে তাইমিয়াঃ, কিতাবুচ্ছালাতঃ (পৃঃ ১৩৫)।

দশম বিষয়: মুৱাজ্জিনৰ দায়িত্ব আৰু শিষ্টাচাৰ

মুআজ্জিনে নিজৰ আজানৰ দ্বাৰা মহান আল্লাহৰ সন্তুষ্টি বিচৰা উচিত; যিহেতু উছমান ইবনে আবুল আছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে: “ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মোক দিয়া সর্বশেষ নির্দেশসমূহৰ মাজত এটা আছিল এনে এজন মুআজ্জিন নিয়োগ কৰা, যিয়ে নিজৰ আজানৰ বিনিময়ত কোনো পাৰিশ্রমিক গ্রহণ নকৰে।”[46] [46] হাদীছটো তিৰমিজীয়ে বৰ্ণনা কৰিছে (২০৯), আৰু কৈছেঃ হাদীছটো হাছান।

তিৰমিজী ৰাহিমাহুল্লাহে এই হাদীছটো বৰ্ণনা কৰি কৈছে: "আহলে ইল্মৰ ওচৰত এইটোৱেই হৈছে আমলযোগ্য যে, তেওঁলোকে মুআজ্জিনে আজানৰ বিনিময়ত পাৰিশ্ৰমিক লোৱাটোক অপছন্দ কৰিছে, আৰু মুআজ্জিনে নিজৰ আজানৰ জৰিয়তে ছোৱাবৰ আশা কৰাটোক মুস্তাহাব বুলি গণ্য কৰিছে।"

মুছলমানসকলৰ ৰাজকোষ (বাইতুল মাল)ৰ পৰা মুআজ্জিনক কিবা দিয়াত কোনো দোষ নাই; কিয়নো বাইতুল মাল মুছলমানসকলৰ কল্যাণৰ বাবেই স্থাপন কৰা হৈছে, আৰু আজান আৰু ইক্বামত দিয়াটোও মুছলমানসকলৰ কল্যাণমূলক কামৰেই অন্তৰ্ভুক্ত [47]। [47] দ্ৰষ্টব্যঃ আল-ক্বাহতানীৰ ‘আজান আৰু ইক্বামত’: (পৃষ্ঠা ১৯)।

আৰু এইটো জনা ওৱাজিব যে, তেওঁ নিৰ্ধাৰিত ওৱাক্তত পাঁচ ওৱাক্ত চালাতৰ আজানৰ বাবে জবাবদিহি; কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "ইমাম হৈছে জিম্মাদাৰ, আৰু মুআজ্জিন হৈছে আমানতদাৰ।" [48] অৰ্থাৎ তেওঁ হৈছে চালাতৰ সময়ৰ আমানতদাৰ। সেয়েহে আজানৰ সময়ৰ যথেষ্ট পূৰ্বেই তেওঁ পৱিত্ৰতা অৰ্জন কৰি মছজিদত উপস্থিত হোৱা আৱশ্যক। কোনো ওজৰ অবিহনে আজান দিয়াৰ পৰা তেওঁ বিৰত থকা উচিত নহয়। যদি তেনে পৰিস্থিতি হয়, তেন্তে তেওঁৰ কৰ্তব্য হৈছে নিজৰ স্থানত আজান দিবলৈ আন এজনক প্ৰতিনিধি নিযুক্ত কৰা। [48] আবু দাউদ (হাদীছ নং ৫১৭), তিৰমিজী (হাদীছ নং ২০৭)।

মুৱাজ্জিনৰ কৰণীয় বিষয়সমূহঃ

(১) মছজিদৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সংৰক্ষণৰ প্ৰতি যত্ন লোৱা, লগতে এই ক্ষেত্ৰত মছজিদৰ কৰ্মচাৰী আৰু জামাআতৰ সৈতে সহযোগিতা কৰা; কিয়নো আল্লাহে তেওঁৰ ঘৰসমূহক আবাদ কৰা লোকসকলৰ প্ৰশংসা কৰি কৈছে: "একমাত্ৰ তেওঁলোকেই আল্লাহৰ মছজিদসমূহক সুচাৰুৰূপে পৰিচালনা কৰে তথা তত্বাৱধায়ন কৰে, যিসকলে ঈমান আনিছে আল্লাহৰ প্ৰতি আৰু শেষ দিৱসৰ প্ৰতি, লগতে ছালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে, এইদৰে আল্লাহৰ বাহিৰে আন কাকো ভয় নকৰে। এতেকে আশা কৰা যায় যে, তেওঁলোকেই হ’ব সৎপথ প্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত।" (ছুৰা আত-তাওবাহঃ ১৮) মছজিদ নিৰ্মাণ কৰাই হওক বা তাৰ ৰক্ষণাবেক্ষণ কৰা অথবা পৰিষ্কাৰ-পৰিচ্ছন্নতা কৰা, লগতে তাত নামাজ কায়েম কৰা আৰু আল্লাহৰ জিকৰ-আজকাৰ কৰা আদি সকলো হৈছে মছজিদ আবাদ কৰাৰ অন্তৰ্ভুক্ত৷ ‘ইমাৰত’[49] শব্দৰ দ্বাৰা এই উভয় অৰ্থকেই বুজোৱা হয়। [49] দ্ৰষ্টব্যঃ ফাতহুল বাৰী, ইবনু হাজাৰঃ ১/ ৫৪১।

(২) তেওঁ ছহীহ আক্বীদাহ আৰু আজানৰ বিধি-বিধান সম্পৰ্কে, পৱিত্ৰতা তথা নামাজৰ বিধি-বিধান আদি শিকিব লাগিব, যথেষ্ট পৰিমাণে কোৰআন মুখস্থ থাকিব লাগিব, আৰু কেতিয়াবা ইমামে নামাজত অনুপস্থিত থাকিলে তেওঁৰ স্থানত ইমামতি কৰিব পৰাকৈ যোগ্য হ'ব লাগিব।

(৩) তেওঁ সৎকৰ্মৰ আদেশ দিয়া আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰা ব্যক্তি হ’ব লাগিব, লগতে হিকমত বা প্রজ্ঞা আৰু উত্তম উপদেশৰ দ্বাৰা আল্লাহৰ ফালে আহ্বান জনোৱা হ’ব লাগিব, এইদৰে মানুহৰ প্ৰতি নম্ৰ আৰু তেওঁলোকৰ কষ্টত ধৈৰ্য্য ধাৰণ কৰিব লাগিব, লগতে এই ক্ষেত্ৰত মছজিদৰ ইমামৰ সৈতে সহযোগিতা কৰিব লাগিব৷

(৪) মছজিদক কেৱল জ্ঞান, ইবাদত আৰু মুছল্লীসকলৰ বাবে উপকাৰী বিষয়ৰ মাজতে সীমাবদ্ধ ৰাখিব লাগিব, আৰু তেওঁলোকৰ দ্বীন আৰু দুনিয়াৰ বাবে ক্ষতিকাৰক সকলো বিষয়ৰ পৰা ইয়াক আঁতৰাই ৰাখিব লাগিব।

(৫) মছজিদৰ জামাআত আৰু নামাজীসকলৰ সৈতে মিলাপ্ৰীতি আৰু সহযোগিতা বজাই ৰখা, তেওঁলোক অনুপস্থিত থাকিলে খা-খবৰ লোৱা, তেওঁলোকৰ বেমাৰীক চাবলৈ যোৱা, তেওঁলোকৰ জানাজাৰ চালাত আদায় কৰা আৰু মৃতকক অনুসৰণ কৰা, আৰু বিপদ-আপদৰ সময়ত তেওঁলোকৰ কাষত থিয় দিয়া।

দ্বিতীয় পৰিচ্ছেদ: ইমামতিৰ বিধান

প্ৰথম বিষয়ঃ ইমামতিৰ সংজ্ঞা

নামাজত ইমামতি হৈছে: নামাজীসকলৰ মাজৰ পৰা কোনো এজন ব্যক্তিয়ে আগবঢ়ি যোৱা; যাতে তেওঁলোকে তেওঁক নিজৰ নামাজত অনুসৰণ কৰে। এতেকে নামাজৰ ইমাম হৈছে: সেইজন ব্যক্তি, যাক মানুহে নিজৰ নামাজত অনুসৰণ কৰে[50]। [50] দ্ৰষ্টব্যঃ হাশ্বিয়াহ আৰ-ৰাওজুল-মুৰবে (২/ ২৯৬), আল-ইমামাহ ফিচ্ছালাহ, লিল-কাহতানীঃ (পৃ. ৬)।

দ্বিতীয় বিষয়ঃ ইমামতি আৰু ইয়াৰ ফজিলত

চালাতৰ ইমামতি সর্বোত্তম আমলসমূহৰ অন্যতম, যাৰ দায়িত্ব পালন কৰে জ্ঞানী, কোৰআন পাঠকাৰী, ন্যায়পৰায়ণ আদি উত্তম গুণাৱলীসম্পন্ন সর্বোত্তম ব্যক্তিসকলে, যি বিষয়ে পাছত আলোচনা কৰা হ'ব। ইমামতি অবিহনে জামাআতত চালাতৰ কল্পনা কৰিব নোৱাৰি, আৰু জামাআতত চালাত আদায় কৰাটো হৈছে ইছলামৰ অন্যতম এটা মহান প্ৰতীক৷[51] [51] দ্ৰষ্টব্যঃ আল-মাওছুআ আল-ফিকহীয়া আল-কুৱাইতীয়াঃ (৬/ ২০১)।

ইমামতিৰ ফজিলতসমূহ:

১- ইমামতিৰ ফজিলত সুবিখ্যাত, স্বয়ং নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই দায়িত্ব পালন কৰিছিল, ঠিক তেনেদৰে তেওঁৰ খোলাফায়ে ৰাশ্বিদীনে আৰু ইল্ম আৰু আমলত শ্ৰেষ্ঠ মুছলিমসকলে সদায় এই দায়িত্ব পালন কৰি আহিছে।[52] [52] দ্ৰষ্টব্যঃ আল-ইমামাহ ফিচ্ছালাহ, লিলকাহতানীঃ (পৃ. ৯)।

২- ছালাতৰ ইমামতি হৈছে এক ফজিলতপূৰ্ণ শ্বাৰয়ী পদ, যিটোৰ দায়িত্ব গ্ৰহণ কৰে ফজিলতৰ অধিকাৰীসকলে; কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "আল্লাহৰ কিতাবৰ শ্ৰেষ্ঠ পাঠকাৰীজনে লোকসকলৰ ইমামতি কৰিব ..." [53], আৰু এইটো জ্ঞাত যে, উত্তম কাৰীয়েই হৈছে শ্ৰেষ্ঠ; ফলত তেওঁৰ সৈতে ইয়াৰ সম্বন্ধই ইয়াৰ শ্ৰেষ্ঠত্বক প্ৰমাণ কৰে [৫৪]। [53] (মুছলিমঃ ৬৭৩, আবু মাছঊদ আল-আনছাৰী ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত হাদীছ।) [54] দ্ৰষ্টব্যঃ আশ্ব-শ্বাৰহুল মুমতি আলা ঝাদিল-মুস্তাকনি (২/ ৪১)।

৩- নেতৃবৃন্দৰ হিদায়তৰ বাবে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ দুআ। আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ «ইমাম হৈছে জিম্মাদাৰ আৰু মুৱাজ্জিন হৈছে আমানতদাৰ। হে আল্লাহ! তুমি ইমামসকলক সৎপথ প্ৰদৰ্শন কৰা আৰু মুৱাজ্জিনসকলক ক্ষমা কৰি দিয়া।» (55) [55] আবু দাউদ (হাদীছ নং ৫১৭), তিৰমিজী (হাদীছ নং ২০৭)।

الإمام ضامن (ইমাম জিম্মাদাৰ) ইয়াৰ অৰ্থ হৈছেঃ - তেওঁ মুক্তাদীসকলৰ ছালাতৰ শুদ্ধতাৰ জিম্মাদাৰ, কাৰণ তেওঁলোকৰ ছালাত তেওঁৰ ছালাতৰ সৈতে সম্পৃক্ত। আনহাতে "আল্লাহুম্মা আৰশ্বিদিল আইম্মাহ।" (হে আল্লাহ! ইমামসকলক সঠিক পথত পৰিচালিত কৰা।)ৰ অৰ্থ হৈছেঃ তেওঁলোকক সঠিক পথত পৰিচালিত কৰক; যাতে তেওঁলোকে সৰ্বোত্তমভাৱে ছালাত আদায় কৰিব পাৰে [56]। [56] দ্ৰষ্টব্যঃ শ্বাৰাহ আবু দাঊদ লিল-আইনীঃ (২/৪৬৮), ফয়জুল কাদীৰ লিল-মুনাৱীঃ (৩/১৮২)।

তৃতীয় বিষয়: ইমামতিৰ বাবে বেছি যোগ্য কোন?

ইমামতিৰ বাবে অধিক হকদাৰ তথা বেছি উপযুক্ত কোন, সেই বিষয়ে স্পষ্ট কৰি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে পৱিত্ৰ কোৰআন আটাইতকৈ ভালদৰে পাঠ কৰিব পাৰে, তেৱেঁই লোকসকলৰ ইমামতি কৰিব। যদি পাঠ কৰাত সকলো সমান হয়, তেন্তে তেওঁলোকৰ মাজত যিজন ছুন্নাহ সম্পৰ্কে অধিক জ্ঞানী, তেওঁ ইমামতি কৰিব। যদি ছুন্নাহৰ জ্ঞানতো সকলো সমান হয়, তেন্তে তেওঁলোকৰ মাজত যিজনে প্ৰথমে হিজৰত কৰিছে, তেওঁ ইমামতি কৰিব। যদি হিজৰততো সকলো সমান হয়, তেন্তে তেওঁলোকৰ মাজত যিজনে প্ৰথমে ইছলাম গ্ৰহণ কৰিছে, তেওঁ ইমামতি কৰিব। -আন এক বৰ্ণনাত আছেঃ বয়সত জ্যেষ্ঠজনে- আৰু কোনো ব্যক্তিয়ে যেন আন কোনো ব্যক্তিৰ কৰ্তৃত্বাধীন স্থানত তেওঁৰ ইমামতি নকৰে।" [57] ইমামতিৰ বাবে আটাইতকৈ অগ্রগণ্য আৰু বেছি যোগ্য ব্যক্তিসকলৰ ক্ৰম নিম্নোক্ত ধৰণৰ: [57] (মুছলিমঃ ৬৭৩)

১- যাৰ কোৰআন বেছি মুখস্থ আছে, আৰু যাৰ তিলাৱত উত্তম— অৰ্থাৎ যিয়ে নিখুঁতভাৱে আৰু সৰ্বোত্তম ৰূপত কোৰআন পাঠ কৰে—তথা যিজন ছালাতৰ ফিকহ সম্পৰ্কে জ্ঞানী। এতেকে যদি এজন অধিক ভাল তিলাৱতকাৰী আৰু আন এজন তিলাৱতত তেওঁতকৈ কম কিন্তু ফিকহত অধিক জ্ঞানী ব্যক্তি একত্ৰিত হয়, তেন্তে ফিকহৰ জ্ঞান নথকা উত্তম তিলাৱতকাৰীৰ ওপৰত ফিকহৰ জ্ঞান থকা তিলাৱতকাৰীক অগ্ৰাধিকাৰ দিয়া হ'ব। কাৰণ ছালাত আৰু ইয়াৰ বিধানসমূহৰ ক্ষেত্ৰত ফিকহৰ প্ৰয়োজনীয়তা, উত্তম তিলাৱতৰ প্ৰয়োজনীয়তাতকৈ অধিক।

২- তাৰ পিছত, ছুন্নতৰ বিষয়ে আটাইতকৈ জ্ঞানী ব্যক্তি। এতেকে যদি কিৰাআতত সমপৰ্যায়ৰ দুজন ইমাম একত্ৰিত হয়, কিন্তু তেওঁলোকৰ এজন অধিক ফকীহ আৰু ছুন্নতৰ বিষয়ে অধিক জ্ঞানী, তেন্তে অধিক ফকীহ ব্যক্তিক অগ্ৰাধিকাৰ দিয়া হ'ব, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ এই বাণীৰ বাবে: "যদি তেওঁলোক কোৰআন পাঠত সমান হয়, তেন্তে তেওঁলোকৰ মাজত যিজন ছুন্নত সম্পৰ্কে সৰ্বাধিক জ্ঞানী।"

৩- ইয়াৰ পিছত, কুফৰী দেশৰ পৰা ইছলামী দেশলৈ হিজৰতত অগ্ৰগামী ব্যক্তি, যদি তেওঁলোক কোৰআন পাঠ আৰু ছুন্নাহৰ জ্ঞানত সমান হয়; কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ «যদি তেওঁলোক ছুন্নতত সমান হয়, তেন্তে হিজৰতৰ ক্ষেত্ৰত যিজন আগতীয়া।»

৪- ইয়াৰ পিছত সেই ব্যক্তি যিয়ে প্ৰথমে ইছলাম গ্ৰহণ কৰিছে, যদি তেওঁলোক হিজৰতত সমান হয়; কাৰণ পূৰ্বৱৰ্তী হাদীছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: «যদি তেওঁলোক হিজৰতৰ ক্ষেত্ৰতো সমান হয়, তেন্তে তেওঁলোকৰ মাজত যিজনে আগত ইছলাম গ্ৰহণ কৰিছে তেৱেঁই অগ্ৰগণ্য হ’ব।» فَأَقدَمُهُمْ سِلْمًا অৰ্থাৎ: যিয়ে প্ৰথমে ইছলাম গ্ৰহণ কৰিছে।

৫- তাৰ পিছত বয়সত যিজন ডাঙৰ, যদিহে পূৰ্বোক্ত সকলো বিষয়ত দুয়োজন সমান হয়, কাৰণ পূৰ্বৰ হাদীছটোৰ আন এক বৰ্ণনাত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: «ইয়াৰ পাছত সিহঁতৰ মাজত যিজন বয়সত ডাঙৰ» আৰু মালিক ইবনু হুৱাইৰিছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ "তোমালোকৰ মাজৰ এজনে আজান দিয়া উচিত, আৰু যিজন তোমালোকৰ মাজত বয়সত জ্যেষ্ঠ, তেওঁ তোমালোকৰ ইমামতি কৰা উচিত।" [58] [58] (বুখাৰীঃ ৬২৮, আৰু মুছলিমঃ ৬৭৪)

এই হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বয়সত ডাঙৰসকলক প্ৰাধান্য দিছে। কাৰণ তেওঁলোক আছিল জ্ঞানৰ ক্ষেত্ৰত পৰস্পৰে সমপৰ্যায়ৰ।

এতেকে যদি পূৰ্বোক্ত সকলো বিষয়ত তেওঁলোক সমান হয় আৰু ইমামতি কৰিবলৈ সকলোৱে আগ্ৰহ প্ৰকাশ কৰাৰ ফলত মতানৈক্যই দেখা দিয়ে, তেন্তে তেওঁলোকৰ মাজত লটাৰি কৰা হ’ব। লটাৰিত যাৰ নাম ওলাব, তেওঁকেই অগ্ৰাধিকাৰ দিয়া হ’ব। ইয়াৰ কাৰণ হৈছে, তেওঁলোক যোগ্যতাৰ ক্ষেত্ৰত সমান, কিন্তু সকলোকে একেলগে ইমামতিৰ সুযোগ দিয়াটো অসম্ভৱ। সেয়েহে অন্যান্য হকসমূহৰ দৰেই এইক্ষেত্ৰতো লটাৰিৰ জৰিয়তে মীমাংসা কৰা হয়।

অতিথিৰ তুলনাত ঘৰৰ মালিক হৈছে ইমামতিৰ বাবে বেছি যোগ্য, আৰু তেনেদৰেই শাসক -যিজন হৈছে সৰ্বোচ্চ ইমাম- তেওঁ আন লোকৰ তুলনাত ইমামতিৰ বাবে অধিক উপযুক্ত, যদিহে দুয়োজনেই ইমামতিৰ বাবে যোগ্য হয়; কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "কোনো ব্যক্তিয়ে আন এজন ব্যক্তিৰ পৰিয়ালৰ মাজত যাতে ইমামতি নকৰে, আৰু তেওঁৰ কৰ্তৃত্বাধীন স্থানতো যাতে নকৰে।"

এইদৰেই মছজিদৰ নিয়মীয়া ইমামেই আনতকৈ অধিক হকদাৰ -শাসকৰ বাহিৰে-, আনকি তেওঁতকৈ অধিক উত্তম ক্বাৰী আৰু জ্ঞানী ব্যক্তি থাকিলেও। কিয়নো পূৰ্বৱৰ্তী হাদীছৰ ব্যাপকতাই এইটো প্ৰমাণ কৰে।

ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ এজন গোলাম আছিল যিয়ে মছজিদত নামাজ পঢ়িছিল। এবাৰ তেখেত উপস্থিত হোৱাত তেওঁৰ গোলামজনে তেখেতক আগবঢ়াই দিলে, তেতিয়া ইবনে ওমৰে তেওঁক ক’লে: «আপোনাৰ মছজিদত ইমামতি কৰিবলৈ আপোনাৰেই অধিকাৰ বেছি»[59]। [59] শ্বাফেয়ী (আল-উম্ম) (১/১৮৫), আব্দুৰ ৰাজ্জাক (আল-মুছান্নাফ) (২/৩৯৯), বাইহাকী (৩/১২৬) (৫৫৩১)৷ আনহাতে নৱৱীয়ে (আল-খুলাছা)ত (২/৭০১) কৈছে: ইয়াৰ চনদ হাছান বা ছহীহ, আৰু শ্বাইখ আলবানীয়ে (ইৰওৱাউল-গালীল)ত (২/৩০২) ইয়াৰ চনদক হাছান বুলি কৈছে।

কিয়নো তেওঁতকৈ আনক অগ্ৰাধিকাৰ দিলে তেওঁৰ অধিকাৰ খৰ্ব কৰা হয় আৰু তেওঁৰ মন ভঙা হয়।

বিবেকৱান শিশুৱে আনৰ ইমামতি কৰাৰ বিষয়ত মতানৈক্য আছে, কিছুমান আহলে ইল্মে আমৰ বিন ছালিমা ৰাদ্বিয়াল্লাহু আনহুৰ হাদীছৰ ভিত্তিত ইয়াক জায়েয বুলি কৈছে। "তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগত ছয় অথবা সাত বছৰ বয়সত নিজ সম্প্ৰদায়ৰ ইমামতি কৰিছিল।"[60] [60] (বুখাৰীঃ হাদীছ নং ৪৩০২)

নফল আদায়কাৰীৰ ইমামতি ফৰজ আদায়কাৰীৰ বাবে শুদ্ধ; মুআজ বিন জাবাল ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত হাদীছৰ ভিত্তিত। «তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে ঈশ্বাৰ নামাজ পঢ়িছিল, ইয়াৰ পাছত উভতি গৈ তেওঁৰ কওমক সেই নামাজকে পঢ়োৱাইছিল»[61]। [61] (বুখাৰীঃ ৭০১, আৰু মুছলিমঃ ৪৬৫)

চতুৰ্থ বিষয়ঃ যিসকলৰ ইমামতি নিষিদ্ধ:

ইমামতি হাৰাম হোৱাৰ অৱস্থাসমূহ:

১- মহিলাই পুৰুষৰ ইমামতি কৰা, কাৰণ ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে ব্যাপকভাৱে কৈছে: "সেই সম্প্ৰদায় কেতিয়াও সফল হ'ব নোৱাৰে, যিয়ে নিজৰ শাসনভাৰ এজনী নাৰীৰ হাতত অৰ্পণ কৰে।" [62], আৰু ইমামতি হৈছে এক প্ৰকাৰৰ অভিভাৱকত্ব, আৰু যিহেতু শেষৰ শাৰীসমূহত অৱস্থান কৰাটোৱেই হৈছে মূল বিধান, যেনেদৰে ছুন্নতত আহিছে; আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "পুৰুষসকলৰ বাবে সৰ্বোত্তম শাৰী হৈছে প্ৰথম শাৰী, আৰু বেয়া শাৰী হৈছে একেবাৰে শেষৰ শাৰী। আনহাতে নাৰীসকলৰ ক্ষেত্ৰত সৰ্বোত্তম শাৰী হৈছে একেবাৰে শেষৰ শাৰী, আৰু বেয়া শাৰী হৈছে প্ৰথম শাৰী।" [63], এইটো হৈছে তাইৰ সুৰক্ষা আৰু আবৰুৰ বাবে। সেয়েহে যদি তাইক ইমামতিৰ বাবে আগবঢ়াই দিয়া হয়, তেন্তে এইটো চৰীয়তী মূলনীতিৰ বিৰোধী হ’ব। এই বিষয়ত সকলো উলামা একমত। ইমাম ইবনে হাযম ৰাহিমাহুল্লাহে কৈছে: আৰু তেওঁলোক এই বিষয়ে একমত যে, কোনো মহিলাই পুৰুষৰ ইমামতি কৰিব নোৱাৰে, যদি তেওঁলোকে জানে যে তেওঁ হৈছে এগৰাকী মহিলা। এতেকে যদি তেওঁলোকে তেনে কৰে, তেন্তে সৰ্বসন্মতিক্ৰমে তেওঁলোকৰ ছালাত বাতিল হৈ যাব। [64] [62] বুখাৰীয়ে আবু বকৰা ৰাদ্বিয়াল্লাহু আনহুৰ হাদীছৰ পৰা বৰ্ণনা কৰিছে: (৪৪২৫)। [63] (মুছলিমঃ ৪৪০) [64] মাৰাতিবুল ইজমাঃ (পৃঃ ২৭)।

২- অপৱিত্ৰ ব্যক্তি আৰু যাৰ ওপৰত কিবা নাপাকী লাগি আছে, তেনে ব্যক্তিয়ে যদি এই বিষয়ে জানি-শুনি ইমামতি কৰে (তেন্তে তাৰ নামাজ বাতিল হ'ব), কিন্তু যদি মুক্তাদীসকলে চালাত শেষ হোৱালৈকে এই বিষয়ে অৱগত নহয়, তেন্তে তেওঁলোকৰ চালাত শুদ্ধ হ'ব, যিদৰে ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত আছে যে, "তেওঁ জুনুবী অৱস্থাত লোকসকলক ইমামতি কৰিছিল, পাছত নিজে পুনৰ ছালাত আদায় কৰিলে, কিন্তু তেওঁলোকক পুনৰ আদায় কৰিবলৈ আদেশ দিয়া নাছিল।"[65] [65] (ছুনানে দাৰাকুত্বনীঃ ১৩৭১)

আব্দুৰ ৰহমান বিন মাহদী ৰাহিমাহুল্লাহে কৈছেঃ এইটোৱেই হৈছে সৰ্বসন্মত মত: জুনুবী ব্যক্তিয়ে পুনৰ আদায় কৰিব, কিন্তু বাকী লোকসকলে পুনৰ আদায় কৰাৰ প্ৰয়োজন নাই। এই বিষয়ে কোনো মতানৈক্য আছে বুলি মই নাজানো। (66) (66) ছুনান আদ-দাৰাকুতনী (২/১৮৮)

৩- যিজনে ছুৰা ফাতিহা মুখস্থ কৰা নাই, বা ইয়াক শুদ্ধকৈ পাঠ কৰিব নোৱাৰে, অথবা ইয়াত যিবোৰ আখৰৰ ইদগাম কৰা নহয় তেনে আখৰকো ইদগাম কৰে, তেনে ব্যক্তিৰ ইমামতি; যেনে, কোনোবাই মহান আল্লাহৰ এই বাক্যত ‘হা’ আখৰক ‘ৰা’ আখৰৰ সৈতে ইদগাম কৰে: "আলহাম্দুলিল্লাহি ৰাব্বিল আলামীন।" (সকলো ধৰণৰ হামদ (প্ৰশংসা) বিশ্বজগতৰ ৰব আল্লাহৰ বাবে।) (ছুৰা আল-ফাতিহাঃ ২) কাৰণ তেওঁ এটা আখৰক আন এটা অসদৃশ বা সম্পৰ্কহীন আখৰৰ লগত একত্ৰিত কৰে, অথবা এটা আখৰক আন এটা আখৰেৰে সলনি কৰে, যেনে ‘ৰা’ আখৰক ‘য়া’ আখৰলৈ সলনি কৰা, নাইবা তেওঁ পঢ়োঁতে অৰ্থ সলনি হৈ যোৱাকৈ ভুল কৰে। তেন্তে এনে ব্যক্তিৰ ইমামতি তেওঁৰ দৰে আন ব্যক্তিৰ বাহিৰে শুদ্ধ নহ'ব; কাৰণ তেওঁ নামাজৰ এটা ৰুকন আদায় কৰাত অক্ষম, অথবা ইয়াক পালন কৰাত ত্ৰুটি কৰে।

৪- এনে বিদআতীৰ ইমামতি, যাক তাৰ বিদআতৰ বাবে কাফিৰ বুলি গণ্য কৰা হয়; কাৰণ মহান আল্লাহে কৈছেঃ "এতেকে এজন মুমিন ব্যক্তি ফাছিকৰ দৰে হ’ব পাৰেনে? তেওঁলোকে কেতিয়াও সমান নহয়।" (ছুৰা আছ-ছাজদাহঃ ১৮) ইয়াত ফাছিক্বৰ দ্বাৰা কাফিৰক উদ্দেশ্য কৰা হৈছে, যিদৰে আয়াতসমূহৰ পৰিপ্ৰেক্ষিতৰ পৰা এইটো স্পষ্ট।

৫- যি মছজিদত নিৰ্দিষ্ট ইমাম আছে, তাত তেওঁৰ অনুমতি সাপেক্ষে, অথবা তেওঁৰ পলম হোৱা আৰু সময় সংকীৰ্ণ হোৱাৰ বাহিৰে, আন কোনোবাই তেওঁৰ আগত ইমামতি কৰা হাৰাম আৰু অশুদ্ধ।[67] [67] দ্ৰষ্টব্যঃ আল-আছয়িলা অল-আজৱিবা আল-ফিক্বহিয়্যাহ। আছ-ছালমানঃ (১/ ১৬৩)।

পঞ্চম বিষয়ঃ যিসকলৰ ইমামতি মাকৰূহ

যিসকলৰ ইমামতি মকৰূহ:

১- লাহ্হান: তেওঁ হৈছে সেইজন ব্যক্তি যিয়ে শুদ্ধকৈ কিৰাআত পাঠ কৰিব নোৱাৰে, বৰং তেওঁ অৰ্থ পৰিৱৰ্তন নোহোৱা ধৰণৰ অধিক ভুল কৰে, সেয়া ছুৰা ফাতিহাতেই হওক বা অন্য কোনো কিৰাআতত। যেনে, (الحمدَ لله) বুলি ‘দাল’ আখৰত জবৰ দি পঢ়া। এনেকুৱা ব্যক্তিৰ নামাজ শুদ্ধ, কিন্তু তেওঁৰ ইমামতি মাকৰূহ; কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "আল্লাহৰ কিতাব অৰ্থাৎ পৱিত্ৰ কোৰআনৰ শ্ৰেষ্ঠ পাঠকাৰীয়েই লোকসকলৰ ইমামতি কৰিব।" [68] [68] ইয়াৰ উৎস পূৰ্বোল্লিখিত।

ছুৰা ফাতিহাৰ বাহিৰে অন্য ঠাইত যদি ভুলক্ৰমে, অজ্ঞানতাৰ বাবে অথবা জিভাৰ কোনো ত্ৰুটিৰ ফলত অৰ্থ সলনি কৰি দিয়া কোনো ভুল কৰে, তেন্তে অপছন্দনীয় হোৱা সত্ত্বেও তেওঁৰ ইমামতি শুদ্ধ হ’ব। কাৰণ, ছুৰা ফাতিহাৰ বাহিৰে অন্য তিলাৱত পৰিত্যাগ কৰিলেও যিহেতু ইমামতি শুদ্ধ হয়, সেয়েহে তাত ভুল কৰিলেও ইমামতি শুদ্ধ হ'ব। কিন্তু যদি তেওঁ ইচ্ছাকৃতভাৱে এনেকুৱা কৰে তেন্তে তেওঁৰ চালাত বাতিল হৈ যাব; কাৰণ তেওঁ নিজৰ চালাতক লৈ খেল-ধেমালি কৰিছে।

২- তিলাৱতত আখৰ বৃদ্ধি কৰাৰ উদ্দেশ্যে কোনো আখৰৰ পুনৰাবৃত্তি কৰা, যেনে- ফা, বা তা অথবা অন্য কোনো আখৰ।

৩- ফাছিক্ব আৰু এনেকুৱা বিদআতী যিয়ে বিদআতৰ ফলত কাফিৰ হিচাপে গণ্য নহয়।[69] [69] দ্ৰষ্টব্যঃ কাশ্শাফ আল-কিনাঃ (১/ ৪৭৫) আৰু পৰৱৰ্তী অংশ।

৪- যিজনে কোনো সমাজৰ ইমামতি কৰে আৰু তেওঁলোকৰ অধিকাংশই তেওঁক ন্যায়সংগত কাৰণত অপছন্দ কৰে; এই বিষয়ে আবূ উমামাহ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তিনিজন ব্যক্তিৰ চালাত তেওঁলোকৰ কাণ অতিক্ৰম নকৰে: পলায়নকাৰী ক্ৰীতদাস, যেতিয়ালৈকে সি উভতি নাহে; এনেকুৱা নাৰী, যাৰ স্বামী তাইৰ ওপৰত অসন্তুষ্ট থকা অৱস্থাত ৰাতিটো পাৰ কৰে; আৰু এনেকুৱা ইমাম, যাক তেওঁৰ সমাজৰ লোকসকলে অপছন্দ কৰে।" [70] [70] তিৰমিজী (৩৬০), লগতে তেওঁ কৈছেঃ চনদৰ ফালৰ পৰা এই হাদীছটো হাছান গৰীব।

ইমাম তিৰমিজীয়ে কৈছে: "কিছুসংখ্যক আহলে ইল্মৰ মতে, এনে ব্যক্তিৰ ইমামতি কৰা মাকৰূহ, যাক মুক্তাদীসকলে অপছন্দ কৰে। কিন্তু যদি ইমামজন অত্যাচাৰী নহয়, তেন্তে যিয়ে তেওঁক অপছন্দ কৰিছে, গুনাহ তাৰ ওপৰতহে হ’ব। এই বিষয়ে আহমদ আৰু ইছহাকে কৈছে যে, “যদি এজন, দুজন অথবা তিনিজন লোকে অপছন্দ কৰে, তেন্তে তেওঁলোকৰ ইমামতি কৰাত কোনো সমস্যা নাই; যেতিয়ালৈকে অধিকাংশ লোকে তেওঁক অপছন্দ নকৰে”[71]। (71) ছুনান আত-তিৰমিজী (২/১৯২) ।

যদি তেওঁলোকে তেওঁক এইবাবে অপছন্দ কৰে যে, তেওঁ চালাতত ছুন্নত অনুসৰণ কৰিবলৈ আগ্ৰহী, মছনূন ছুৰাসমূহ পাঠ কৰে আৰু ধীৰ-স্থিৰতাৰে চালাত আদায় কৰে, তেন্তে তেওঁৰ ইমামতি মাকৰূহ নহ’ব; কিয়নো তেওঁলোকে তেওঁক অন্যায়ভাৱে অপছন্দ কৰিছে, সেয়ে তেওঁলোকৰ এই অপছন্দক গুৰুত্ব দিয়া নহ’ব। বৰঞ্চ তেওঁৰ উচিত তেওঁলোকক উপদেশ দিয়া, আল্লাহক স্মৰণ কৰাই দিয়া আৰু তেওঁলোকৰ অন্তৰ জয় কৰাৰ চেষ্টা কৰা; লগতে ছুন্নতত বৰ্ণিত নিয়ম অনুসৰি তেওঁলোকক লৈ চালাত আদায় কৰা, আৰু তেওঁলোকৰ মাজত সম্প্রীতি স্থাপনৰ ক্ষেত্ৰত যদি আল্লাহে তেওঁৰ নিয়্যতত আন্তৰিকতা দেখিবলৈ পায়, তেন্তে তেওঁৰ বাবে সেই কামটো সহজ কৰি দিব[72]। [72] দ্ৰষ্টব্যঃ আশ-শ্বাৰহুল-মুমতি' 'আলা ঝাদিল-মুস্তাকনি' (৪/ ২৫৩)।

ষষ্ঠ বিষয়ঃ মুক্তাদীসকলৰ পৰা ইমামৰ অৱস্থান

ছুন্নত হৈছে, ইমাম মুক্তাদীসকলৰ আগত থিয় হ’ব। যদি মুক্তাদী দুজন বা তাতোধিক হয়, তেন্তে তেওঁলোক ইমামৰ পিছফালে থিয় হ’ব। কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা এইটো প্ৰমাণিত যে, তেখেতে যেতিয়া নামাজৰ বাবে থিয় হৈছিল তেতিয়া তেখেতে আগত থিয় হৈছিল আৰু চাহাবাসকলে তেখেতৰ পিছফালে থিয় হৈছিল। "তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে নামাজ পঢ়ি থকা অৱস্থাত জাবিৰ আৰু জাব্বাৰ ৰাদ্বিয়াল্লাহু আনহুমা নামক দুজনৰ এজনে তেখেতৰ সোঁফালে আৰু আনজনে বাওঁফালে থিয় হ'ল, তেতিয়া তেখেতে তেওঁলোক দুজনৰ হাতত ধৰি নিজৰ পিছফালে থিয় কৰাই দিলে।" [73] [73] মুছলিমে জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত এটা দীঘল হাদীছৰ অংশত বৰ্ণনা কৰিছে। (৩০১০)

এজন ব্যক্তি হ'লে ইমামৰ সোঁফালে তেওঁৰ সমানে থিয় হ'ব; কাৰণ ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাই কৈছেঃ «ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে নামাজ পঢ়িবলৈ থিয় হ'ল, আৰু মই তেখেতৰ বাওঁফালে থিয় হ'লোঁ। তেখেতে মোৰ কাণত ধৰি মোক তেখেতৰ সোঁফালে আনি থিয় কৰালে» [74]। [74] (বুখাৰীঃ ৬৩১৬, আৰু মুছলিমঃ ৭৬৩)

আৰু মহিলাসকল পুৰুষসকলৰ শাৰীৰ পিছফালে থাকিব; কাৰণ আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত হাদীছত আছে: «মই আৰু এজন এতীমে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পিছফালে শাৰী বান্ধিলোঁ, আৰু এগৰাকী বৃদ্ধা মহিলা আমাৰ পিছফালে থিয় হৈছিল» [75]। [75] (বুখাৰীঃ ৩৮০, আৰু মুছলিমঃ ৬৫৮)

ইমামে শাৰীৰ মাজভাগৰ সন্মুখত থিয় হোৱা উচিত৷ আল্লামা ইবনে বাজ ৰাহিমাহুল্লাহে কৈছেঃ “মছজিদত ইমাম মধ্যম স্থানত থিয় হোৱাটো হৈছে ছুন্নত, আৰু এইটো হৈছে মুছলিমসকলৰ মাজত প্ৰচলিত এক কৰ্মগত ছুন্নত।”[76] [76] এই কথা শ্বাইখ ছাঈদ আল-কাহতানী ৰাহিমাহুল্লাহে তেওঁৰ "আল-ইমামাহ ফিচ্ছালাহ" নামক কিতাপত উল্লেখ কৰিছে (পৃঃ নং ৫৫)৷

তেওঁ আৰু কৈছেঃ "শাৰী ইমামৰ পিছফালৰ মাজভাগৰ পৰা আৰম্ভ হ’ব, প্ৰত্যেক শাৰীৰ সোঁফাল তাৰ বাওঁফালতকৈ উত্তম, আৰু এইটো আৱশ্যক যে, আগৰ শাৰীটো পূৰ্ণ নোহোৱালৈকে কোনো নতুন শাৰী আৰম্ভ কৰা নহ'ব।"

সপ্তম বিষয়: ইমামক অতিক্ৰম কৰা

মুক্তাদীৰ বাবে ওৱাজিব যে, তেওঁ ইমামে কৰাৰ পিছতহে নামাজৰ কৰ্মবোৰ আৰম্ভ কৰিব আৰু তেওঁৰ সকলো কৰ্মতে ইমামৰ অনুসৰণ কৰিব। অনুসৰণকাৰী অৰ্থাৎ মুক্তাদীৰ বৈশিষ্ট্যই হৈছে তেওঁ নিজৰ অনুসৰণীয় ব্যক্তিৰ আগত নাযায় আৰু তেওঁৰ সমানে সমানেও কোনো কাম নকৰে। বৰং তেওঁ ইমামৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু ইমামে কৰাৰ পিছতহে তেওঁৰ দৰে সেই কাম কৰিব। ইয়াৰ তাৎপৰ্য হৈছে, মুক্তাদীয়ে কোনো অৱস্থাতেই ইমামৰ বিপৰীত একো নকৰিব; এই বিষয়ে আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা প্ৰমাণিত আছে, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণনা কৰিছে যে, তেখেতে কৈছে: "নিশ্চয় ইমাম নিযুক্ত কৰা হৈছে অনুসৰণ কৰিবলৈ, গতিকে তেওঁৰ লগত মতানৈক্য নকৰিবা। যেতিয়া তেওঁ ৰূকু কৰিব, তেতিয়া তোমালোকেও ৰূকু কৰিবা, আৰু যেতিয়া তেওঁ ছামি আল্লাহু লিমান হামিদাহ ক'ব, তেতিয়া তোমালোকে ৰাব্বানা লাকাল হাম্দ ক'বা। এইদৰে যেতিয়া তেওঁ ছাজদাহ কৰিব, তেতিয়া তোমালোকেও ছাজদাহ কৰিবা। আনহাতে যেতিয়া তেওঁ বহি চালাত আদায় কৰিব, তেতিয়া তোমালোক সকলোৱে বহি চালাত আদায় কৰিবা। শুনা! চালাতত শাৰী পোন কৰিবা; কিয়নো শাৰী পোন কৰাটো হৈছে চালাতৰ সৌন্দর্য্যৰ অন্তৰ্ভুক্ত।" [77] [77] (বুখাৰীঃ ৭২২, আৰু মুছলিমঃ ৪১৭)

প্ৰতিটো ৰুকনৰ ক্ষেত্ৰতে ইমামতকৈ আগত কৰা হাৰাম; আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: এদিন ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক লৈ নামাজ পঢ়ি আছিল। তেখেতে নামাজ শেষ কৰি আমাৰ ফালে মুখ কৰি ক'লেঃ «হে মানুহসকল, মই হৈছোঁ তোমালোকৰ ইমাম। গতিকে তোমালোকে ৰূকু, ছাজদাহ, ক্বিয়াম (থিয় হোৱা) আৰু চালাত শেষ কৰাৰ ক্ষেত্ৰত মোতকৈ আগত নকৰিবা; কিয়নো মই তোমালোকক মোৰ সন্মুখৰ পৰাও দেখা পাওঁ আৰু পিছফালৰ পৰাও দেখা পাওঁ।»[78] আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকৰ মাজৰ কোনোবাই যেতিয়া ইমামৰ আগত মূৰ তোলে, তেতিয়া সি ভয় নকৰে নেকি যে, আল্লাহে হয়তো তাৰ মূৰটো গাধৰ মূৰৰ দৰে কৰিব পাৰে অথবা তাৰ আকৃতি গাধৰ আকৃতিৰ দৰে কৰি দিব পাৰে।" [79] [78] (মুছলিমঃ ৪২৬) [79] (বুখাৰীঃ ৬৯১, আৰু মুছলিমঃ ৪২৭)

যিয়ে ইমামৰ আগত তাকবীৰে তাহৰীমা বান্ধিব, তাৰ চালাত অনুষ্ঠিত নহ'ব; কিয়নো ইয়াৰ বাবে চৰ্ত হৈছে ইমামৰ পিছত তাকবীৰ দিয়া, আৰু তেওঁ এই চৰ্ত পূৰণ কৰা নাই।

অষ্টম বিষয়ঃ ইমামতি আৰু জামাত সম্পৰ্কীয় বিবিধ বিধান

ইমামতি আৰু জামাআত সম্পৰ্কীয় অন্যান্য বিধান:

১- জ্ঞানী আৰু বিবেকৱান প্রাপ্তবয়স্ক লোকসকলক ইমামৰ পিছফালে তেওঁৰ নিকটৱৰ্তী স্থানত অগ্রাধিকাৰ দিয়া মুস্তাহাব; কাৰণ ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কৈছে: «তোমালোকৰ মাজৰ প্ৰাপ্তবয়স্ক আৰু জ্ঞানীসকল মোৰ নিকটৱৰ্তী হওক, তাৰ পিছত তেওঁলোকৰ পৰৱৰ্তীসকল, তাৰ পিছত তেওঁলোকৰ পিছৰসকল» [80] [80] মুছলিমে আব্দুল্লাহ ইবন মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণনা কৰিছে। (432)

২- প্ৰথম শাৰীৰ প্ৰতি আগ্ৰহী হোৱাঃ মুক্তাদীসকলৰ বাবে প্ৰথম শাৰীৰ ফালে আগবাঢ়ি যোৱা আৰু ইয়াৰ প্ৰতি যত্নৱান হোৱা মুস্তাহাব, আনহাতে এই ক্ষেত্ৰত পিছ পৰি থকাৰ পৰা বিৰত থকা উচিত। আবু ছায়ীদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক পিছফালে অৱস্থান কৰা দেখি তেওঁলোকক ক'লে:

"তোমালোকে অগ্ৰসৰ হোৱা আৰু মোৰ অনুসৰণ কৰা, যাতে তোমালোকৰ পিছৰ লোকসকলে তোমালোকক অনুসৰণ কৰে। একাংশ লোক সদায় পিছুৱাই থাকে, আনকি শেষত আল্লাহেও সিহঁতক পিছুৱাই থকা লোকসকলৰ অন্তৰ্ভুক্ত কৰি দিয়ে।" [81]၊ আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ «আজান আৰু নামাজৰ প্ৰথম শাৰীৰ ফজীলত সম্পৰ্কে যদি মানুহে জানিলেহেঁতেন, আৰু লটাৰিৰ বাহিৰে বেলেগ কোনো উপায়ে যদি এই সুযোগ লাভ কৰাটো সম্ভৱ নহ'লহেঁতেন তেন্তে সিহঁতে নিশ্চয় লটাৰিয়ে কৰিলেহেঁতেন।» (82) আৰু "তেন্তে নিশ্চয় তেওঁলোকে লটাৰিয়ে কৰিলেহেঁতেন।" ইয়াৰ অৰ্থ হৈছেঃ তেওঁলোকে নিজৰ মাজত লটাৰি কৰিবলগীয়া হ’লহেঁতেন যে, প্ৰথম শাৰীত কোন থিয় হ’ব। [81] (মুছলিমঃ ৪৩৮) [82] (বুখাৰীঃ ৬১৫, আৰু মুছলিমঃ ৪৩৭)

আনহাতে নাৰীসকলৰ বাবে পিছফালৰ শাৰীসমূহত থিয় হোৱাটো মুস্তাহাব। এই বিষয়ে আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "পুৰুষসকলৰ বাবে সৰ্বোত্তম শাৰী হৈছে প্ৰথম শাৰী, আৰু বেয়া শাৰী হৈছে একেবাৰে শেষৰ শাৰী। আনহাতে নাৰীসকলৰ ক্ষেত্ৰত সৰ্বোত্তম শাৰী হৈছে একেবাৰে শেষৰ শাৰী, আৰু বেয়া শাৰী হৈছে প্ৰথম শাৰী।" [83]. এই বিধানটো তেতিয়া প্ৰযোজ্য হ'ব, যেতিয়া নাৰীসকলে কোনো আৱৰণ বা পৰ্দা নোহোৱাকৈ পুৰুষসকলৰ পিছফালে নামাজ আদায় কৰে। কিন্তু যদি তেওঁলোকে পুৰুষসকলৰ পৰা পৃথক বা পৰ্দাৰ ব্যৱস্থা থকা কোনো ঠাইত নামাজ পঢ়ে, তেন্তে তেওঁলোকে প্ৰথমে প্ৰথম শাৰী পূৰণ কৰিব, তাৰ পিছত ক্ৰমান্বয়ে পৰৱৰ্তী শাৰীবোৰ পূৰ কৰিব।[84] [83] (মুছলিমঃ ৪৪০) [84] দ্ৰষ্টব্যঃ মজমু ফাতাৱা ইবনে বাজঃ (১২/ ১৯৬)।

৩- ইমামে ছুৰা ফাতিহা পাঠ কৰোঁতে খৰখেদা নকৰি ধীৰ-স্থিৰে পাঠ কৰা উচিত, যাতে মুক্তাদিয়েও পাঠ কৰিবলৈ সুবিধা পায়।[85] [85] দ্ৰষ্টব্যঃ আল-মিনজাৰ ফী বয়ান কাছীৰ মিনাল আখতা আশ্ব-শ্বায়েআহ। ছালিহ আলে শ্বাইখঃ (৫৩)।

৪- কোনো পুৰুষে শাৰীৰ পিছফালে অকলশৰীয়াকৈ নামাজ পঢ়িলে সেই নামাজ শুদ্ধ নহয়। কিয়নো ওৱাবিছা বিন মা'বাদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, এজন ব্যক্তিয়ে শাৰীৰ পিছফালে অকলশৰীয়াকৈ নামাজ পঢ়াত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তাক পুনৰ নামাজ পঢ়িবলৈ নিৰ্দেশ দিছিল।[86] (86) তিৰমিজীয়ে বৰ্ণনা কৰিছে (২৩০), আৰু কৈছেঃ ৱাবিছাৰ হাদীছটো হাছান।

নৱম বিষয়: ইমামে পালন কৰিবলগীয়া ছুন্নতসমূহ

ইমামে ইমামতিৰ ক্ষেত্ৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নতৰ অনুগামী হোৱা উচিত। এই ছুন্নতসমূহৰ কিছুমান হৈছে:

১- চালাত আদায়ৰ সময়ত সহজ পন্থা অৱলম্বন কৰা, আৰু মানুহৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰখা। অৰ্থাৎ ইমামে চালাতত স্থিৰতা অৱলম্বন কৰিব; তেওঁৰ বাবে চালাতত ইমান খৰখেদা কৰা বৈধ নহয় যে, যাৰ ফলত মুক্তাদীসকলে চালাতৰ ৰুকন আৰু ওৱাজিবসমূহ আদায় কৰিব নোৱাৰে। তেওঁ কিৰাআততো ধীৰ স্থিৰতা অৱলম্বন কৰা উচিত, যাতে তেওঁৰ পিছত থকা নামাজীসকলে নিজৰ চালাত সম্পূৰ্ণ কৰিব পাৰে। আবু মাছঊদ আল-আনচাৰীৰ পৰা বৰ্ণিত, ব্যক্তি এজনে (অভিযোগ) কৰি ক’লেঃ আল্লাহৰ শপত, হে আল্লাহৰ ৰাছুল, মই ৰাতিপুৱাৰ চালাত - অৰ্থাৎ ফজৰৰ চালাতৰ - পৰা পিছুৱাই থাকোঁ, কাৰণ অমুক ব্যক্তিয়ে আমাক লৈ নামাজ পঢ়াৰ সময়ত অতি দীঘলীয়া কৰে। মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক কোনো উপদেশ দি থকা অৱস্থাত সেইদিনাতকৈ অধিক ক্ৰোধান্বিত হোৱা কেতিয়াও দেখা নাছিলোঁ। তাৰ পিছত তেখেতে ক’লেঃ “নিশ্চয় তোমালোকৰ মাজত এনেকুৱা লোক আছে যিয়ে মানুহক বিৰক্ত কৰে। এতেকে, তোমালোকৰ যিয়েই মানুহক নামাজ পঢ়াব, তেওঁ যেন সৰলভাৱে নামাজ আদায় কৰে; কিয়নো তেওঁলোকৰ মাজত দুৰ্বল, বয়োজ্যেষ্ঠ আৰু জৰুৰী কাম থকা ব্যক্তিও থাকে।” [87] [87] (বুখাৰীঃ হাদীছ নং ৯০)

২- চালাতত প্ৰৱেশ কৰাৰ পূৰ্বে শাৰীবোৰ পোন কৰিবলৈ আৰু ফাঁকসমূহ পূৰণ কৰিবলৈ নিৰ্দেশ দিয়া। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নিজে এনেদৰে কৰিছিল আৰু মুচল্লীসকলকো ইয়াৰ নিৰ্দেশ দিছিল, যেনেদৰে নু'মান ইবনে বশ্বীৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত আছে, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাৰ শাৰীবোৰ এনেকৈ পোন কৰি দিছিল, যেনেকৈ ধেনুৰ কাঁড় পোন কৰা হয়। অৱশেষত যেতিয়া তেখেতে দেখিলে যে, আমি বিষয়টো বুজি পাইছোঁ, তাৰ পিছত এদিনাখন তেখেত ওলাই আহি থিয় হ’ল, আৰু তাকবীৰ দিবলৈয়ে ওলাইছিল, ঠিক সেই সময়তে তেখেতে এজন লোকক দেখিবলৈ পালে যাৰ বুকুখন শাৰীৰ পৰা আগবাঢ়ি আছিল। তেতিয়া তেখেতে ক'লেঃ “হে আল্লাহৰ বান্দাসকল! তোমালোকে অৱশ্যেই তোমালোকৰ শাৰীবোৰ পোন কৰি ল’বা, নহ’লে আল্লাহে তোমালোকৰ মাজত মতানৈক্যৰ সৃষ্টি কৰিব।” [88] [88] বুখাৰী (৭১৭), মুছলিম (৪৩৬) শব্দবোৰ মুছলিমৰ

ইমাম নাৱাৱী ৰাহিমাহুল্লাহে কৈছেঃ "ক্বাফ আখৰত কাছৰা (যেৰ) দি পঢ়া (القِدَاحُ) শব্দটোৰ অৰ্থ হৈছে, কাঁড়ৰ কাঠ যাক চাঁচি-চুৰুকি মিহি কৰা হয়। ইয়াৰ ভাবাৰ্থ হৈছেঃ তাক ইমান নিখুঁতভাৱে পোন কৰা হয় যে, ই অত্যন্ত পোন আৰু সমান হোৱাৰ বাবে এনেকুৱা হৈ পৰে যেন তাৰ দ্বাৰা আন কাঁড়কো পোন কৰিব পৰা যাব।"[89] (89) শ্বাৰাহ ছহীহ মুছলিম (নৱৱী): (৪/১৫৭) ৷

৩- তেওঁলোকক প্ৰথমে প্ৰথম শাৰী, তাৰ পিছত পৰৱৰ্তী শাৰী পূৰ কৰিবলৈ নিৰ্দেশ দিয়া, আৰু যদি কোনো শাৰী অসম্পূৰ্ণ থাকে তেন্তে সেইটো যাতে শেষৰ শাৰী হয়; কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "ফিৰিস্তাসকলে নিজ প্ৰতিপালকৰ ওচৰত যিদৰে শাৰীবদ্ধভাৱে থিয় হয় তোমালোকে সেইদৰে শাৰীবদ্ধ নহ'বানে?" তেতিয়া আমি সুধিলোঁ, ‘হে আল্লাহৰ ৰাছুল, ফিৰিস্তাসকলে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত কেনেকৈ থিয় হয়?’ তেখেতে ক’লেঃ "তেওঁলোকে প্ৰথম শাৰীবোৰ পূৰণ কৰে, আৰু শাৰীবোৰৰ মাজত কোনো ফাঁক নাৰাখে।" [90] [90] মুছলিমে বৰ্ণনা কৰিছে: (430), জাবিৰ ইবনে ছামুৰা ৰাদ্বিয়াল্লাহু আনহুৰ হাদীছৰ পৰা।

৪- চালাতৰ তিলাৱতত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুসৰণ কৰা। তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ সাধাৰণ নিয়ম আছিল যে, তেখেতে ফজৰৰ চালাতত দীঘল ছুৰা, মাগৰিবৰ চালাতত চুটি ছুৰা, আৰু ঈশ্বা, জোহৰ আৰু আছৰ চালাতত মধ্যস্তৰীয় ছুৰা তিলাৱত কৰিছিল। এই বিষয়ে ছুলাইমান বিন ইয়াছাৰে আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণনা কৰিছে, তেওঁ কৈছে: "মই অমুক ব্যক্তিজনৰ বাহিৰে আন কাৰো পিছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নামাজৰ দৰে নামাজ পঢ়া নাই। ছুলাইমানে কৈছে: তেওঁ জোহৰৰ প্ৰথম দুটা ৰাক’আত দীঘলীয়াকৈ আৰু পিছৰ দুটা চুটিকৈ পঢ়িছিল, আছৰৰ নামাজো চুটিকৈ পঢ়িছিল, মাগৰিবত মুফাচ্ছালৰ চুটি ছুৰা, ঈশ্বাত মুফাচ্ছালৰ মধ্যস্তৰীয় ছুৰা, আৰু ফজৰত মুফাচ্ছালৰ দীঘল ছুৰা পাঠ কৰিছিল।" [91] (91) নাছায়ীঃ (৯৮২), আৰু বুলুগুল মাৰামত হাফিজ ইবনে হাজাৰে ইয়াৰ চনদক ছহীহ বুলি কৈছেঃ (২৮৬)।

আৰু মুফাচ্ছালৰ দীঘল ছুৰাসমূহ হৈছে: ছুৰা আল-হুজুৰাতৰ পৰা ছুৰা আল-বুৰুজলৈকে, আৰু মধ্যম ছুৰাসমূহ হৈছে: ছুৰা আল-বুৰুজৰ পৰা ছুৰা আল-বাইয়্যিনাহলৈকে, আৰু সৰু ছুৰাসমূহ হৈছে: ছুৰা আল-বাইয়্যিনাৰ পৰা কোৰআনৰ শেষলৈকে।[92] [92] দ্ৰষ্টব্যঃ মিৰকাত আল-মাফাতিহ (২/ ৭০০)।

দশম বিষয়: ইমামৰ যোগ্যতা

মছজিদৰ ইমামেই হ’ল মছজিদৰ স্তম্ভ আৰু শক্তি। তেওঁৰ জৰিয়তেই মছজিদে দাৱাত প্ৰচাৰ কৰে, সমাজক সচেতন কৰে, আৰু মানুহক তেওঁলোকৰ দ্বীনি বিষয়ত জ্ঞান দান কৰে। এতেকে যদি ইমামজন আলিম হয়, বিচক্ষণ হয়, অন্তৰ্দৃষ্টি সম্পন্ন হয় আৰু মানুহৰ ৰীতি-নীতি তথা অৱস্থা সম্পৰ্কে অৱগত হয়, তেন্তে মছজিদৰ জামাত আৰু ইয়াৰ ওচৰে-পাজৰে থকা লোকসকলৰ ওপৰত তেওঁৰ প্ৰভাৱ উত্তম আৰু উপকাৰী হ’ব। কাৰণ ইমামে তেওঁলোকক শিক্ষা দিয়ে, সৎপথ দেখুৱায় আৰু সকলো ধৰণৰ কল্যাণ আৰু সৎগুণৰ পিনে পৰিচালিত কৰে।

ইমামতিৰ চৰ্তসমূহ পূৰণকাৰী ইমামসকল এনেকুৱাই আছিল। ইছলামৰ প্ৰাৰম্ভিক যুগত নবী চাল্লাল্লাহু আলাইহি অছাল্লাম স্বয়ং ইমাম আছিল, তাৰ পিছত তেওঁৰ খোলাফায়ে ৰাশ্বিদীন, তাৰ পিছত আমীৰসকল, সেনাপতিসকল, উলামাসকল আৰু জ্ঞানী-গুণী ব্যক্তিসকল। ইয়াৰ দ্বাৰা এইটোৱে প্রমাণিত হয় যে, এই দায়িত্ব পালনকাৰী ব্যক্তিজন নিশ্চিতভাৱে দীন, আখলাক, জ্ঞান আৰু আচৰণত উচ্চ মৰ্যাদাৰ অধিকাৰী হ’ব লাগিব।

ইয়াৰ দ্বাৰা মানৱ জীৱনত এই পদটোৰ গুৰুত্ব প্ৰকাশ কৰে; কিয়নো ইমামসকলৰ যোগ্যতা তেওঁলোকৰ সমাজত প্ৰতিফলিত হয়, আৰু তেওঁলোকৰ দুৰ্বলতাৰ প্ৰভাৱো সেই সমাজত প্ৰকাশ পায়। কাৰণ মছজিদেই সমাজক কথা আৰু কামত মিল ৰাখিবলৈ শিক্ষা দিয়ে। গতিকে যদি ইমামজন জ্ঞান বা বিবেক-বুদ্ধিত দুৰ্বল হয়, অথবা তেওঁৰ চৰিত্ৰ আৰু আচৰণ বেয়া হয়, তেন্তে তেওঁ উপকাৰৰ পৰিৱৰ্তে অপকাৰহে কৰে। যিহেতু ইমামৰ দায়িত্ব হৈছে নামাজীসকলক কল্যাণ, সৎকৰ্ম আৰু সততাৰ ফালে পথ প্ৰদৰ্শন কৰা, সেয়ে এজন অজ্ঞ ইমামৰ বাবে এই মহান দায়িত্ব পালন কৰাটো অত্যন্ত কঠিন হৈ পৰে।

কেতিয়াবা ইমাম এজন জ্ঞান আৰু ব্যক্তিগত সামৰ্থ্যৰ ফালৰ পৰা এই দায়িত্বৰ বাবে যোগ্য হ’ব পাৰে, কিন্তু তেওঁ আন কামত ব্যস্ত থকাৰ ফলত তেওঁৰ কৰ্মদক্ষতাৰ ওপৰত প্ৰভাৱ পৰে। ফলত তেওঁ ছালাতৰ নিৰ্ধাৰিত সময়ত পলমকৈ আহে, আৰু চালাতত পাঠ কৰিবলগীয়া ছূৰা বা আয়াতসমূহ পুনৰীক্ষণ কৰিবলৈ পৰ্যাপ্ত সময় নাপায়; সেয়েহে তেওঁক সদায় একেই কেইটামান নিৰ্দিষ্ট ছূৰা বা আয়াতৰ দ্বাৰাই চালাত আদায় কৰা দেখা যায়।

কেতিয়াবা প্ৰবৃত্তি, অজ্ঞানতা, বিবাদ-বিসম্বাদ নাইবা নিন্দনীয় চৰমপন্থাৰ প্ৰভাৱত পৰি তেওঁ ন্যায়নিষ্ঠা, শৈক্ষিক দিক-নিৰ্দেশনা আৰু প্ৰজ্ঞা তথা সদুপদেশৰ জৰিয়তে আহ্বান কৰা পথৰ পৰা বিচ্যুত হয়।

ধৰ্মীয় ক্ষেত্ৰত মছজিদৰ এক মহান প্ৰভাৱ আছে; কাৰণ এইটো হৈছে হিদায়তৰ অন্যতম এটা মিনাৰ, য'ত বান্দাই নিজৰ প্ৰতিপালকৰ সৈতে সংযোগ স্থাপন কৰে, তেওঁৰ ঈমান শক্তিশালী হয়, আৰু তেওঁ নিজৰ ভাইসকলৰ লগত একত্ৰিত হয় যাতে সকলোৱে মিলি সৎকামৰ প্ৰচাৰ আৰু অসৎকামৰ বিৰুদ্ধে সংগ্ৰাম কৰিব পাৰে। মছজিদে এই ভূমিকা তেতিয়ালৈকে পালন কৰিবলৈ সক্ষম নহয়, যেতিয়ালৈকে মহান আল্লাহে ইয়াৰ বাবে এনেকুৱা এজন ইমাম নিযুক্ত নকৰে, যাৰ মাজত এই মহান পদত অধিষ্ঠিত হোৱাৰ বাবে প্ৰয়োজনীয় জ্ঞান আৰু নৈতিক গুণাৱলী বিদ্যমান থাকে, আৰু যিয়ে এই মহৎ দায়িত্বসমূহ পালন কৰে।

ইমামৰ প্ৰধান জ্ঞানভিত্তিক অৰ্হতাসমূহ:

১- নিৰ্ভেজালভাৱে ইখলাচৰ সৈতে একমাত্ৰ আল্লাহৰ বাবে আমল কৰা; যাতে সেই আমলটো আল্লাহ আৰু মানুহৰ ওচৰত সহায়প্ৰাপ্ত, বিজয়প্ৰাপ্ত, গৃহীত আৰু প্ৰিয়পাত্ৰ হয়।

২ - ৰিয়া (লোকক দেখুৱা) আৰু অহংকাৰৰ পৰা বিৰত থকা; কিয়নো আমলসমূহ নিয়্যতৰ ওপৰতহে নিৰ্ভৰশীল, আৰু প্ৰতিজন ব্যক্তিয়ে সেইটোৱে লাভ কৰে যিটো তেওঁ নিয়্যত কৰে। আনহাতে যিয়ে নিজৰ মাজত নথকা গুণৰ ভাও জুৰে, আল্লাহে তাক অপমানিত কৰে।

৩- তেওঁ পৱিত্ৰ কোৰআনৰ হাফিজ হ’ব লাগিব, অথবা ইয়াৰ কিছু অংশ মুখস্থ থাকিব লাগিব, আৰু মুখস্থখিনিৰ নিয়মীয়া চৰ্চাৰ লগতে দৈনিক কোৰআন তিলাৱত কৰা হ'ব লাগিব।

৪- ৰিয়াজুছ চলেহীন, বা আল-আৰবাঈন আন-নাৱবিয়্যা, বা বুলুগুল মাৰাম, অথবা অন্য কোনো নিৰ্ভৰযোগ্য হাদীছ গ্ৰন্থৰ পৰা কিছুসংখ্যক হাদীছ মুখস্থ থাকিব লাগিব।

৫- ছহীহ আকীদাৰ শিক্ষাৰে শিক্ষিত হ'ব লাগিব, অৰ্থাৎ ছালাফে চলেহীনৰ আকীদা শিকিব লাগিব।

৬ - দ্বীনি বিধানসমূহৰ ফিকহ, বিশেষকৈ ইবাদত সম্পৰ্কীয় ফিকহ, যাৰ মাজত আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে পৱিত্ৰতা, চালাত, যাকাত আৰু চওম, লগতে লেনদেন সম্পৰ্কীয় ফিকহৰ জ্ঞান অৰ্জন কৰা; যাতে তেওঁ উপাৰ্জন আৰু ব্যয়ৰ নিয়ম-নীতিসমূহ জানিব পাৰে, আৰু মানুহক প্ৰতাৰণা, ঠগবাজি আৰু বাতিল পন্থাত আনৰ ধন-সম্পদ লোৱাৰ পৰা সতৰ্ক কৰিব পাৰে। লগতে তেওঁলোকক অপচয়, অপব্যয়, কৃপণতা আৰু সংকীৰ্ণতাৰ পৰা সতৰ্ক কৰিব পাৰে, যাতে তেওঁলোকৰ আৰ্থিক লেনদেনসমূহ কোৰআন আৰু ছুন্নাহৰ আলোকত পৰিচালিত হয়।

৭- আল্লাহে তেওঁৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ কৰা বাণীৰ অৰ্থ জনাৰ বাবে আৰবী ভাষাত পাৰদৰ্শী হ’ব লাগিব, কাৰণ কোৰআন আৰবী ভাষাত অৱতীৰ্ণ হৈছে।

৮- নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ জীৱনী, মুহাম্মদী গুণাৱলী, আৰু সৎ পূৰ্বসূৰীসকলৰ জীৱন-চৰিত অধ্যয়ন কৰা; কিয়নো এইবোৰৰ মাজত আছে সৎ আদৰ্শ, উত্তম চানেকি, উপকাৰী জ্ঞানৰ ভঁৰাল, আৰু উচ্চস্তৰীয় ইছলামী শিক্ষা।

৯. নিজ দেশৰ আৰু অন্যান্য ঠাইৰ বিশুদ্ধ আক্বীদা, ইল্ম আৰু প্রজ্ঞাসম্পন্ন সুপ্রতিষ্ঠিত পণ্ডিতসকলৰ বিষয়ে জনা আৰু দ্বীনৰ প্ৰয়োজনীয় বিষয়সমূহ আৰু সমাজৰ সমস্যাৱলীৰ সমাধানৰ বাবে তেওঁলোকৰ ওচৰত প্ৰত্যাৱৰ্তন কৰা।

১০ - ইছলামী ফিৰ্কাসমূহ আৰু সিহঁতৰ আকীদা, বৈচাৰিক ধাৰাসমূহ আৰু সিহঁতৰ উদ্দেশ্য, আৰু ধ্বংসাত্মক মতবাদসমূহ আৰু সিহঁতৰ লক্ষ্য সম্পৰ্কে জ্ঞান অৰ্জন কৰা, যাতে পৱিত্ৰ কোৰআন, ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লাম)-ৰ ছুন্নত আৰু সত্যনিষ্ঠ মুছলিম উলামাসকলৰ লিখনিৰ আলোকত সেইবোৰৰ বিষয়ে আলোচনা-সমালোচনা কৰিব পাৰে, সিহঁতৰ মিছা আৰু ভণ্ডামিক খণ্ডন কৰিব পাৰে, আৰু সিহঁতৰ বাতিল আক্বীদাৰ পৰা (মানুহক) সতৰ্ক কৰিব পাৰে।

১১- বিভিন্ন সংবাদ মাধ্যমৰ সৈতে পৰিচিত হোৱা, ইয়াৰ ইতিবাচক আৰু নেতিবাচক দিশসমূহ জনা, আল্লাহৰ ফালে আহ্বানৰ কামত তাৰ পৰা কেনেকৈ উপকৃত হ'ব পাৰি সেয়া শিকা, আৰু নিজৰ তথা সমাজৰ বাবে তাত থকা বিপদসমূহৰ পৰা সতৰ্ক থকা।

এইবোৰ গুণ যেতিয়া মছজিদৰ ইমামৰ মাজত বিদ্যমান থাকিব, তেতিয়া ইয়াৰ ফলত মহান আল্লাহৰ অনুমতিক্ৰমে স্থিৰতা আৰু ভাৰসাম্যতা স্থাপন কৰিব।

আৰু প্ৰধান চৰিত্ৰগত গুণসমূহ হৈছে:

১- মছজিদৰ ইমামজন, মছজিদৰ জামা‘আতত চামিল হোৱা লোকসকলৰ বাবে, ওচৰ-চুবুৰীয়া তথা মছজিদলৈ অহা-যোৱা কৰা অন্যান্য লোকসকলৰ বাবে এজন দা‘ঈ আৰু শিক্ষক হোৱা উচিত। তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামক আদৰ্শ হিচাপে গ্ৰহণ কৰা ওৱাজিব; কাৰণ তেখেতেই হৈছে উত্তম আদৰ্শ, সৰ্বশ্ৰেষ্ঠ অনুকৰণীয় ব্যক্তিত্ব আৰু উম্মত তথা নেতাসকলৰ বাবে সর্বোত্তম আদর্শ। মহান আল্লাহে কৈছে: "নিশ্চয় তোমালোকৰ মাজৰ যিসকলে আল্লাহৰ (সন্তুষ্টি কামনা কৰে) আৰু আখিৰাতৰ (ভাল ফলাফল) আশা কৰে, লগতে আল্লাহক বেছি বেছি স্মৰণ কৰে, তেওঁলোকৰ বাবে আল্লাহৰ ৰাছুলৰ (চৰিত্ৰৰ) মাজত আছে উত্তম আদৰ্শ।" (ছুৰা আল-আহঝাবঃ ২১)

নিজকে আৰু মছজিদৰ মুছল্লীসকলক দুনিয়াবী আৰু ৰাজনৈতিক আলোচনাৰ পৰা আঁতৰাই ৰখা উচিত, আৰু মছজিদক কেৱল ইল্ম আৰু ইবাদতৰ বাবে সীমাবদ্ধ ৰখা উচিত।

২- নিজে পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু পৰিপাটি হ’ব লাগিব। লগতে মছজিদৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি যত্ন ল'ব লাগিব, ইয়াৰ সামগ্ৰীসমূহ শৃংখলাবদ্ধভাৱে সজাই ৰাখিব লাগিব আৰু আনুষংগিক বস্তুসমূহৰ ৰক্ষণাবেক্ষণ কৰিব লাগিব। তদুপৰি এই ক্ষেত্ৰত অপব্যয় কৰাৰ পৰা বিৰত থাকিব লাগিব আৰু মছজিদৰ সাজ-সজ্জা পৰিহাৰ কৰিব লাগিব।

৩- উত্তম আচৰণ আৰু সৎ পথৰ অনুগামী হ’ব লাগিব, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নত অনুসৰি দাড়ি ৰাখিব আৰু মোচ চুটি কৰিব লাগিব, কাপোৰ গোৰোহাৰ তললৈ ওলোমাই পিন্ধাৰ পৰা বিৰত থাকিব লাগিব, গাম্ভীৰ্য আৰু প্ৰশান্তি অৱলম্বন কৰিব লাগিব, আৰু সৎকর্মপৰায়ণ পূর্বসূৰীসকলৰ (ৰাহিমাহুমুল্লাহ) পথ অনুসৰণ কৰিব লাগিব।

৪- নম্ৰ ব্যৱহাৰকাৰী, সহনশীল আৰু দয়ালু হ'ব লাগিব; কাৰণ নম্ৰ ব্যৱহাৰে যিকোনো বিষয়কে সৌন্দৰ্যময় কৰে। আনহাতে যিটো বিষয়ত কোমলতা বা নম্ৰতা নাথাকে সেইটো কলুষিত হৈ পৰে, যিদৰে এই বিষয়ে হাদীছত বৰ্ণিত হৈছে; আইশ্বা ৰাদ্বিয়াল্লাহু ‘আনহাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "নিশ্চয় নম্ৰ ব্যৱহাৰে যিকোনো বিষয়কে সৌন্দৰ্যময় কৰে। আনহাতে যিটো বিষয়ত কোমলতা বা নম্ৰতা নাথাকে সেইটো কলুষিত হৈ পৰে।" [93] [93] (মুছলিমঃ ২৫৯৪)

এতেকে মছজিদলৈ অহা কোনো ব্যক্তিৰ পৰা যদি ভুল হয়, তেন্তে ইমামে তেওঁক তিৰস্কাৰ কৰা উচিত নহয়; বৰং তেওঁক নম্ৰতাৰে উপদেশ দিব লাগে; আৰু উত্তম পন্থাৰে শিকাই-বুজাই দিয়া উচিত। মুআৱিয়া বিন হাকাম আছ-ছুলামী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত নামাজ পঢ়ি আছিলোঁ; তেনেতে জামাআতত থকা এজন ব্যক্তিয়ে হাঁচি মাৰিলে। তেতিয়া মই ক'লোঁঃ য়াৰহামুকাল্লাহ। এই কথা শুনি লোকসকলে মোৰ ফালে চাবলৈ ধৰিলে। মই ক'লোঁঃ হায় মোৰ দুৰ্ভাগ্য! তোমালোকৰ কি হ'ল, মোৰ ফালে এনেকৈ চাই আছা কিয়? তেতিয়া তেওঁলোকে নিজৰ হাতেৰে নিজৰ ঊৰুত চপৰিয়াবলৈ ধৰিলে। যেতিয়া মই তেওঁলোকক দেখিলোঁ যে, তেওঁলোকে মোক মনে মনে থাকিবলৈ ইংগিত দি আছে, তেতিয়া মই মনে মনে থাকিলোঁ। যেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে নামাজ শেষ কৰিলে, -মোৰ পিতৃ-মাতৃ তেখেতৰ প্ৰতি কুৰবান হওক- মই তেখেততকৈ উত্তমভাৱে শিক্ষা প্ৰদান কৰা কোনো শিক্ষক তেখেতৰ আগতেও দেখা নাই আৰু পিছতো দেখা নাই। আল্লাহৰ শপত, তেখেতে মোক ধমক দিয়া নাছিল, মাৰ-পিটো কৰা নাছিল আৰু গালি-গালাজো কৰা নাছিল। তেখেতে ক'লেঃ «নিশ্চয় নামাজত মানুহে কোনো ধৰণৰ কথা-বতৰা কোৱা উচিত নহয়। ইয়াত কেৱল তাছবীহ, তাকবীৰ আৰু কোৰআন তিলাৱত কৰিব লাগে।» [94] [94] (মুছলিমঃ ৫৩৭)

৫- নম্ৰ আৰু কোমল অন্তৰৰ অধিকাৰী হ'ব লাগে; যাতে মানুহে তেওঁৰ চৌপাশে একত্ৰিত হ'ব পাৰে আৰু তেওঁৰ মৰম-স্নেহ, সহায় আৰু জ্ঞানৰ দ্বাৰা উপকৃত হ'ব পাৰে। লগতে তেওঁলোকৰ বিপদ-আপদ আৰু প্ৰয়োজনত তেওঁলোকৰ কাষত থিয় দিব লাগে, আৰু মছজিদৰ বাৰ্তা সম্পৰ্কীয় বিষয়ত তেওঁলোকৰ সৈতে পৰামৰ্শ কৰিব লাগে।

এইবোৰ বিষয়ত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম আছিল সৰ্বোচ্চ স্থানত, যিদৰে তেখেতৰ বিষয়ে মহান আল্লাহে কৈছেঃ "এতেকে আল্লাহৰ কৃপাত তুমি সিহঁতৰ প্ৰতি কোমল-হৃদয় হৈছিলা; যদি তুমি ৰূঢ় আৰু কঠোৰচিত্ত হ’লাহেঁতেন তেন্তে সিহঁত নিশ্চয় তোমাৰ সঙ্গ ত্যাগ কৰিলেহেঁতেন। এতেকে তুমি সিহঁতক ক্ষমা কৰি দিয়া আৰু সিহঁতৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা আৰু কাম-কাজৰ বাবে সিহঁতৰ লগত পৰামৰ্শ কৰা, তাৰ পিছত তুমি কোনো সংকল্প কৰিলে আল্লাহৰ ওপৰত নিৰ্ভৰ কৰা; নিশ্চয় আল্লাহে (তেওঁৰ ওপৰত) নিৰ্ভৰকাৰীসকলক ভালপায়।" (ছুৰা আলে-ইমৰাণঃ ১৫৯)

৬- ধৈৰ্য্য, পূৰ্ণবিশ্বাস আৰু নিজৰ কথাত সত্যবাদী আদি গুণেৰে গুণাম্বিত হ'ব লাগে; যাতে তেওঁ নিজৰ মছজিদ আৰু জামাতৰ মাজত ইমামতি কৰিব পৰা সন্মানৰ যোগ্য হয়। কিয়নো ধৈৰ্য্য আৰু পূৰ্ণবিশ্বাসে এজন বান্দাক ধৰ্মীয় ক্ষেত্ৰত ইমামতিৰ মৰ্যাদালৈ উপনীত কৰায়। মহান আল্লাহে কৈছে: "আৰু আমি সিহঁতৰ মাজৰ পৰা বহু কেইজন নেতা মনোনীত কৰিছিলোঁ, তেওঁলোকে আমাৰ নিৰ্দেশ অনুযায়ী সৎপথ প্ৰদৰ্শন কৰিছিল, যিহেতু তেওঁলোকে ধৈৰ্য্য ধাৰণ কৰিছিল; আৰু তেওঁলোকে আমাৰ আয়াতসমূহৰ প্ৰতি দৃঢ় বিশ্বাস পোষণ কৰিছিল।" (ছুৰা আছ-ছাজদাহঃ ২৪)

৭- তেওঁ কোৱা কথাত সত্যবাদী হোৱাটো জৰুৰী, সেয়া জুমুআৰ খুতবাতেই হওক, শিক্ষা আৰু উপদেশমূলক পাঠদানতেই হওক, অথবা মানুহৰ সৈতে হোৱা কথা-বতৰাতেই হওক; যাতে তেওঁ সত্যবাদী, সৎপথপ্ৰাপ্ত আৰু সফলকামসকলৰ অন্তৰ্ভুক্ত হ’ব পাৰে। কাৰণ হাদীছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণিত আছে যে, তেওঁ কৈছে: "তোমালোকে সত্যক অনিবাৰ্যৰূপে অৱলম্বন কৰা, কাৰণ সত্যই নেকীৰ পথ দেখুৱায়, আৰু নেকীয়ে জান্নাতৰ পথত পৰিচালিত কৰে। মানুহে যেতিয়া সদায় সত্য কথা কয় আৰু সত্যৰ সন্ধানত থাকে, তেতিয়া আল্লাহৰ ওচৰত তাক সত্যবাদী বুলি লিপিবদ্ধ কৰা হয়। আৰু তোমালোকে মিছা কথাৰ পৰা বিৰত থাকা, কাৰণ মিছা কথাই মানুহক পাপকৰ্মৰ পথ দেখুৱায়, আৰু পাপকৰ্মই মানুহক জাহান্নামত লৈ যায়। মানুহে যেতিয়া সদায় মিছা কথা কয় আৰু মিছাৰ সন্ধানত থাকে, অৱশেষত আল্লাহৰ ওচৰত তাক মিছলীয়া বুলি লিপিবদ্ধ কৰা হয়।" [95] [95] (বুখাৰীঃ ৬০৯৪, মুছলিমঃ ২৬০৭, হাদীছটো আব্দুল্লাহ বিন মাছঊদৰ দ্বাৰা বৰ্ণিত।)

মিছা কথা হৈছে এক প্ৰকাৰ অনিষ্ট আৰু বিপদ, আৰু আটাইতকৈ ডাঙৰ মিছা কথা হৈছে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰা আৰু জ্ঞান নোহোৱাকৈ তেওঁৰ বিষয়ে কিবা কথা কোৱা। মহান আল্লাহে কৈছে: "কোৱা, ‘নিশ্চয় মোৰ প্ৰতিপালকে প্ৰকাশ্য আৰু গোপন উভয় প্ৰকাৰ অশ্লীলতাক হাৰাম কৰিছে, আৰু (এইদৰে হাৰাম কৰিছে) পাপকৰ্ম কৰা আৰু অন্যায়ভাৱে সীমালংঘন কৰা আৰু কোনো বস্তুক আল্লাহৰ অংশীদাৰ স্থাপন কৰাক—যাৰ কোনো দলীল- প্ৰমাণ আল্লাহে অৱতীৰ্ণ কৰা নাই; আৰু আল্লাহ সম্পৰ্কে এনে কোনো কথা কোৱাটোও (হাৰাম) যিটো তোমালোকে নাজানা’।" (ছুৰা আল-আৰাফঃ ৩৩)

এই মহিমান্বিত আয়াতটোৱে আটাইতকৈ ডাঙৰ গুনাহবোৰক একত্ৰিত কৰিছে, যিবোৰ নিম্ন পৰ্যায়ৰ পৰা আৰম্ভ কৰি উচ্চ পৰ্যায়লৈ ক্ৰমান্বয়ে উল্লেখ কৰা হৈছে। সেইবোৰৰ ভিতৰত শীৰ্ষস্থানীয় গুনাহটো হৈছে, আল্লাহৰ আচমা অচ্ছিফাত আৰু তেওঁৰ বিধান সম্পৰ্কে জ্ঞান অবিহনে কথা কোৱা।

এইদৰে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত মিছা আৰোপ কৰাটোও হৈছে আটাইতকৈ ডাঙৰ মিছা আৰু নিকৃষ্ট গুনাহসমূহৰ অন্যতম। এইটো এনেকুৱা এটা কবীৰাহ গুনাহ, যি গুনাহ কৰা ব্যক্তিক জাহান্নামৰ ভাবুকি দিয়া হৈছে। আল-মুগীৰা ইবনে শু'বাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছোঁ: "নিশ্চয় মোৰ বিষয়ে মিছা কথা কোৱা, আন কাৰোবাৰ বিষয়ে মিছা কথা কোৱাৰ দৰে নহয়। যিয়ে জানি বুজি মোৰ বিষয়ে মিছা কথা ক'ব, সি যেন নিজৰ ঠিকনা জাহান্নামত বনাই লয়।" [96] [96] (বুখাৰীঃ ১২৯১, আৰু মুছলিমঃ ৪)

ভাল কামৰ প্ৰতি উৎসাহিত কৰা আৰু বেয়া কামৰ পৰা সতৰ্ক কৰাৰ দৰে সৎ উদ্দেশ্য থাকিলেও মিছা কথা পৰিহাৰ কৰা উচিত, যিদৰে কিছুমান বক্তাই কৰি থাকে। কাৰণ এইটো হৈছে এটা ঘৃণনীয় কাম, যাৰ মাজত কোনো কল্যাণ বা হিদায়ত নাই। এনে কথা কোৱাজন পুৰস্কৃত হোৱাৰ পৰিৱৰ্তে পাপকৰ্মৰ ভাগী হয়, আৰু লাভৱান হোৱাৰ সলনি গুনাহগাৰ সাব্যস্ত হয়।

৮- কথা পৰিৱেশন কৰাৰ ক্ষেত্ৰত আমানতদাৰ হ'ব লাগিব, সংবাদৰ সত্যতা নিৰূপণ কৰা, গুজৱ গ্ৰহণত খৰখেদা নকৰা, আৰু কেৱল বিশ্বাসযোগ্য কথাৰ ওপৰতহে নিৰ্ভৰ কৰা। মহান আল্লাহে এই বিষয়ে তেওঁৰ এই বাণীত আমাক আদেশ দিছে: "হে ঈমান্দাৰসকল! যদি কোনো ফাছিক্বে তোমালোকৰ ওচৰলৈ কোনো বাৰ্তা লৈ আহে, তেন্তে তোমালোকে সেয়া পৰীক্ষা কৰি চাবা, যাতে এনে নহয় যে, অজ্ঞতাবশতঃ তোমালোকে কোনো সম্প্ৰদায়ক আক্ৰমণ কৰি পেলাবা, যাৰ ফলত তোমালোকে নিজৰ কৃতকৰ্মৰ বাবে অনুতপ্ত হ’ব লাগিব।" (ছুৰা আল-হুজুৰাতঃ ৬)

৯- মানুহৰ দোষ-ত্রুটি ঢাকি ৰাখিবলৈ যথাসাধ্য চেষ্টা কৰিব লাগিব আৰু তেওঁলোকৰ গোপন কথা গোপন ৰাখিব লাগিব। কিয়নো যিয়ে কোনো মুছলিমৰ দোষ-ত্ৰুটি গোপন কৰে, আল্লাহে পৃথিৱী আৰু আখিৰাতত তেওঁৰ দোষ-ত্ৰুটি গোপন ৰাখিব। আনহাতে যিয়ে মুছলিমসকলৰ দোষ-ত্রুটি অনুসন্ধান কৰি ফুৰে, আল্লাহেও তাৰ দোষ-ত্রুটি অনুসন্ধান কৰিব, আৰু অৱশেষত তাক অপমানিত কৰিব, আনকি সি নিজৰ ঘৰৰ ভিতৰত থাকিলেও। আব্দুল্লাহ বিন ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "যিয়ে কোনো মুছলিম ব্যক্তিৰ দোষ গোপন কৰিব, আল্লাহে কিয়ামতৰ দিনা তাৰ দোষ গোপন ৰাখিব।" [97]. আবূ বাৰঝাহ আল-আছলামী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "হে সেইসকল লোক, যিসকলে মুখেৰে ঈমান আনিছা কিন্তু অন্তৰত এতিয়াও ঈমান প্ৰৱেশ কৰা নাই। তোমালোকে মুছলিমসকলৰ সমালোচনা নকৰিবা, তেওঁলোকৰ গোপন দোষ খুচৰি নুফুৰিবা। কিয়নো যিয়ে তেওঁলোকৰ গোপন দোষ অনুসন্ধান কৰিব, আল্লাহে তাৰ গোপন দোষ অনুসন্ধান কৰিব। শুনা! যাৰ গোপন দোষ আল্লাহে অনুসন্ধান কৰিব, তেওঁ সেই ব্যক্তিক তাৰ ঘৰৰ ভিতৰত হ'লেও অপমান কৰিহে এৰিব।" [98] [97] (বুখাৰীঃ ২৪৪২, আৰু মুছলিমঃ ২৫৮০) [98] (আবু দাউদঃ ৪৮৮০), আৰু এই গুণাৱলীসমূহৰ বাবে শ্বাইখ ছউদ বিন মুহাম্মদ আল-বিশ্বৰৰ কিতাপ ‘ইমামুল মছজিদঃ মুকাওৱিমাতুহু আল-ইল্মিয়্যাহ অল খুলুক্বিয়্যাহ’ চাওক।

তৃতীয় আলোচনা: জুমুআৰ চালাত আৰু খুতবা

প্ৰথম বিষয়: জুমুআৰ চালাত

প্ৰথম: জুমুআৰ চালাতৰ তাৎপৰ্য আৰু ইয়াৰ সময়:

প্ৰথম: জুমুআৰ চালাতৰ তাৎপৰ্য:

জুমুআঃ সপ্তাহৰ এটা বিশেষ দিন, য’ত এক বিশেষ চালাত আদায় কৰা হয়, সেইটোকে জুমুআৰ চালাত বোলে। [99] [99] দ্ৰষ্টব্যঃ মুহাম্মাদ ৰাওৱাছ ক্বাল'আজিৰ মু'জামু লুগাতিল ফুক্বাহা আৰু অন্যান্য (পৃঃ ১৬৬)।

মহান আল্লাহে এই উম্মতক জুমুআৰ দিনৰ হিদায়ত প্ৰদান কৰাটো হৈছে এক মহা অনুগ্ৰহ ফজল। আবু হুৰাইৰা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "আমি (পৃথিৱীলৈ আগমনৰ ক্ষেত্ৰত) সৰ্বশেষ, কিন্তু কিয়ামতৰ দিনা সৰ্বপ্ৰথম। নিশ্চয় সিহঁতক আমাৰ পূৰ্বে কিতাব দিয়া হৈছিল, আৰু আমাক দিয়া হৈছে সিহঁতৰ পাছত। এইটোৱেই আছিল সিহঁতৰ সেই দিৱস (শুক্ৰবাৰ) যিটো সিহঁতৰ ওপৰত ফৰজ কৰা হৈছিল, কিন্তু সিহঁতে এই বিষয়ে মতানৈক্য কৰিছিল। ফলত আল্লাহে আমাক ইয়াৰ হিদায়ত প্ৰদান কৰিলে, সেয়েহে এই ক্ষেত্ৰত সিহঁত আমাৰ অনুগামী। এতেকে ইয়াহুদীসকলৰ দিন হৈছে অহাকালি (শনিবাৰ), আৰু খ্ৰীষ্টানসকলৰ দিন হৈছে পৰহি (দেওবাৰ)।" [100] [100] (বুখাৰীঃ ৮৭৬, আৰু মুছলিমঃ ৮৫৫)

আৰু জুমুআৰ দিন হৈছে সূৰ্য্য উদয় হোৱা দিনসমূহৰ ভিতৰত সৰ্বোত্তম দিন; আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ «সূৰ্য্য উদয় হোৱা দিনসমূহৰ মাজত উত্তম দিন হৈছে জুমুআৰ দিন। জুমুআৰ দিনাই আদমক সৃষ্টি কৰা হৈছে আৰু এই দিনাই তেওঁক জান্নাতত প্ৰৱেশ কৰোৱা হৈছিল, আৰু জুমুআৰ দিনাই তেওঁক তাৰ পৰা বহিষ্কাৰ কৰা হৈছে।» [101] [101] (মুছলিমঃ ৮৫৪)

এটা জুমু‘আৰ পৰা আনটো জুমু‘আ হৈছে ইয়াৰ মধ্যৱৰ্তী গুনাহসমূহৰ কাফফাৰা; যিহেতু আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত আছে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "পাঁচ ওৱাক্ত চালাত, এটা জুমু‘আৰ পৰা আনটো জুমু‘আ তথা এটা ৰামাজানৰ পৰা আনটো ৰামাজান, এইবোৰ হৈছে সেইবোৰ গুনাহৰ কাফফাৰা যিবোৰ ইয়াৰ মধ্যৱৰ্তী সময়ত হৈ থাকে, যদিহে কবীৰা গুনাহৰ পৰা বিৰত থকা হয়।" [102] [102] (মুছলিমঃ ২৩৩)

জুমুআৰ চালাত: এইটো হৈছে এটা সুকীয়া চালাত, ৰাকাত সংখ্যা, উচ্চস্বৰে কিৰাত পঢ়া, খুতবা আৰু ইয়াৰ চৰ্তসমূহত জোহৰৰ চালাততকৈ ভিন্ন; কিন্তু ওৱাক্তৰ ক্ষেত্ৰত মিল আছে।

দ্বিতীয়: জুমুআৰ চালাতৰ সময়:

জুমুআৰ সময় হৈছে জোহৰৰ সময়, যিটো সূৰ্য্য মূৰৰ ওপৰৰ পৰা পশ্চিম দিশত ঢাল খোৱাৰ পিছত আৰম্ভ হয়। আনাছ ইবনে মালিক ৰাদ্বিয়াল্লাহু আনহুৰ হাদীছত আছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জুমুআৰ নামাজ তেতিয়া পঢ়িছিল যেতিয়া সূৰ্য্য ঢাল খাইছিল [103]। অৰ্থাৎ: যেতিয়া সূৰ্য্য পশ্চিম দিশলৈ ঢাল খায়, আৰু আকাশৰ মাজভাগৰ পৰা আঁতৰি যায়, আৰু এইটোৱেই হৈছে জোহৰৰ নামাজৰ সময়। [103] (বুখাৰীঃ হাদীছ নং ৯০৪)

দ্বিতীয় মাছআলা: জুমুআৰ চালাতৰ বিধান, আৰু এইটো কাৰ ওপৰত ওৱাজিব?

প্ৰথমঃ জুমুআৰ চালাতৰ বিধান:

জুমুআৰ নামাজ পুৰুষসকলৰ ওপৰত ফৰজে আঈন; মহান আল্লাহে কৈছেঃ "হে ঈমান্দাৰসকল! জুমুআৰ দিনা যেতিয়া ছালাতৰ বাবে আহ্বান কৰা হয়, তেতিয়া তোমালোকে আল্লাহৰ স্মৰণৰ ফালে ধাৱিত হোৱা আৰু বেচা-কিনা বন্ধ কৰা। এইটোৱে তোমালোকৰ বাবে সৰ্বোত্তম, যদি তোমালোকে উপলব্ধি কৰা।" (ছুৰা আল-জুমুআহঃ ৯) আব্দুল্লাহ ইবনু ওমৰ আৰু আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁলোক উভয়ে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছে, তেখেতে মিম্বৰৰ চিঢ়িত থিয় হৈ কৈছেঃ "জুমুআৰ চালাত ত্যাগকাৰীসকলে যেন এই অভ্যাস পৰিত্যাগ কৰি দিয়ে, অন্যথা আল্লাহে সিহঁতৰ অন্তৰত মোহৰ মাৰি দিব, ফলত সিহঁত অমনোযোগীসকলৰ অন্তৰ্ভুক্ত হৈ যাব।" [104] [104] (মুছলিমঃ ৮৬৫)

মুছলিমসকলে জুমুআৰ নামাজ ওৱাজিব হোৱাৰ ওপৰত ইজমা পোষণ কৰিছে। ইবনুল মুনজিৰ ৰাহিমাহুল্লাহে কৈছে: "আৰু তেওঁলোকে এই বিষয়ত একমত যে, স্বাধীন, প্রাপ্ত বয়স্ক, স্থায়ী বাসিন্দা আৰু ওজৰবিহীন লোকসকলৰ ওপৰত জুমুআ ওৱাজিব।" [105] (105) আল-ইজমা' (৪০)

দ্বিতীয়ঃ কাৰ ওপৰত ওৱাজিব?

প্ৰত্যেক স্বাধীন, প্রাপ্ত বয়স্ক, বিবেক সম্পন্ন, উপস্থিত হ'বলৈ সক্ষম, আৰু স্থায়ী বাসিন্দা পুৰুষ মুছলিমৰ ওপৰত জুমুআ ওৱাজিব। সেয়েহে দাস, মহিলা, নাবালক, উন্মাদ, ৰোগী, অথবা মুছাফিৰৰ ওপৰত জুমুআ ওৱাজিব নহয়। ইয়াৰ দলীল স্বৰূপে ত্বাৰিক ইবনে শ্বিহাব ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণনা কৰিছে, তেখেতে কৈছে: «জামাতৰ সৈতে জুমুআ প্ৰতিজন মুছলিমৰ ওপৰত এক ওৱাজিব হক, কিন্তু চাৰিজনৰ বাহিৰে: ক্ৰীতদাস, অথবা মহিলা, অথবা নাবালক, অথবা বেমাৰী।» [106] [106] (আবু দাউদঃ ১০৬৭)

আনহাতে মুছাফিৰৰ বাবে জুমুআৰ নামাজ অনিবাৰ্য্য নহয়; কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ছফৰত এই নামাজ আদায় কৰা নাছিল। তেখেতৰ হজ্জৰ সময়তো আৰাফাৰ দিনটো জুমুআৰ দিন আছিল, তথাপিও তেখেতে জোহৰৰ নামাজহে আদায় কৰিছিল আৰু তাৰ লগত আচৰৰ নামাজো জমা কৰিছিল।

ইবনুল মুনজিৰ ৰাহিমাহুল্লাহে এই বিষয়ে ইজমা নকল কৰি কৈছেঃ "আৰু তেওঁলোকে এই বিষয়ে ইজমা পোষণ কৰিছে যে, অপ্ৰাপ্তবয়স্ক আৰু মহিলাসকলৰ ওপৰত জুমুআ ওৱাজিব নহয়... আৰু তেওঁলোকে এই বিষয়েও ইজমা পোষণ কৰিছে যে, স্বাধীন, প্রাপ্ত বয়স্ক, স্থায়ী বাসিন্দা আৰু ওজৰবিহীন লোকসকলৰ ওপৰত জুমুআ ওৱাজিব।"[107] [107] আল-ইজমাঃ (পৃ. ৪০)

আৰু ক্রীতদাস, মহিলা, শিশু, ৰোগী অথবা মুছাফিৰ ব্যক্তিয়ে জুমুআ পঢ়িলে, তেওঁৰ নামাজ সঠিক বুলি বিবেচিত হ’ব আৰু এইটো তেওঁৰ বাবে জোহৰৰ নামাজ হিচাপে যথেষ্ট হ’ব।

চৰণীয়া পথাৰ আৰু পানীৰ সন্ধানত ভ্ৰমণ কৰি ফুৰা যাযাবৰী লোকসকলৰ ওপৰত জুমুআৰ চালাত বাধ্যতামূলক নহয়; কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগত যাযাবৰী লোকসকল মদীনাৰ আশে-পাশে আছিল, আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকক জুমুআ আদায়ৰ আদেশ দিয়া নাছিল। ইমাম আহমদে কৈছেঃ "মৰুবাসী লোকসকলৰ বাবে জুমুআ ফৰজ নহয়; কাৰণ তেওঁলোকে এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰে। যিহেতু এইদৰে স্থানান্তৰ হোৱাটোৱেই জুমুআ ৰহিত হোৱাৰ কাৰণ, সেয়েহে যিসকল স্থায়ীভাৱে বসবাস কৰে আৰু ইচ্ছাকৃতভাৱে স্থানান্তৰ নহয়, তেওঁলোকেই গাঁও বা চহৰৰ অধিবাসী।" [108] (108) মাজমু' আল-ফাতাৱা (২৪/ ১৬৬)

নূন্যতম তিনিজন ব্যক্তিৰ দ্বাৰা জুমুআ অনুষ্ঠিত হয়ঃ এজনে খুতবা দিব আৰু দুজনে শুনিব; কিয়নো মহান আল্লাহে কৈছেঃ "...আল্লাহৰ স্মৰণৰ ফালে ধাৱিত হোৱা..." (ছুৰা আল-জুমুআহঃ ৯) এইটো এটা সমষ্টি, আৰু সমষ্টিৰ নূন্যতম সংখ্যা হৈছে তিনি।

তৃতীয়: জুমুআৰ চালাতৰ পদ্ধতি:

জুমুআৰ চালাত হৈছে দুই ৰাকাত, য'ত উচ্চস্বৰে কিৰাআত পাঠ কৰা হয়; কাৰণ তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে এনেকৈয়ে কৰিছিল, আৰু এই বিষয়ত বিদ্বানসকল একমত হৈছে। ইবনে হাযম ৰাহিমাহুল্লাহে কৈছে: "সকলোৱে একমত যে, জুমুআ হৈছে দুই ৰাকাত, -যেতিয়া ইয়াৰ চৰ্তসমূহ পূৰণ কৰি আদায় কৰা হয়- য'ত উচ্চস্বৰে কিৰাআত কৰা হয়।" [109] (109) মাৰাতিব আল-ইজমাঃ (পৃঃ ৩৩)

প্ৰথম ৰাকাতত ছুৰা ফাতিহাৰ পিছত ছুৰা আল-আ‘লা, আৰু দ্বিতীয় ৰাকাতত ছুৰা ফাতিহাৰ পিছত ছুৰা আল-গাশ্বিয়াহ পাঠ কৰা ছুন্নত; কিয়নো নু‘মান ইবনে বাশ্বীৰ ৰাদ্বিয়াল্লাহু আনহুমাই কৈছে: "ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে দুই ঈদৰ চালাতত আৰু জুমুআৰ চালাতত (ছাব্বিহিছমা ৰাব্বিকাল আ'লা) আৰু (হাল আতা-কা হাদীছুল গা-শ্বিয়াহ) পাঠ কৰিছিল।"[110] [110] (মুছলিমঃ ৮৭৮)

নাইবা প্ৰথম ৰাকাতত ছুৰা ফাতিহা আৰু ছুৰা জুমুআ, আৰু দ্বিতীয় ৰাকাতত ছুৰা ফাতিহা আৰু ছুৰা মুনাফিকূন পাঠ কৰিব; ইবনে আবি ৰাফে’ৰ পৰা বৰ্ণিত, তেওঁ কৈছে: মাৰৱানে আবু হুৰাইৰাক মদীনাৰ দায়িত্বত নিযুক্ত কৰি মক্কালৈ গৈছিল, সেয়ে আবু হুৰাইৰাই আমাক জুমুআৰ নামাজ পঢ়াইছিল। তেওঁ ছুৰা জুমুআৰ পিছত দ্বিতীয় ৰাকাতত (ইযা জা’আকাল মুনাফিকূন) পাঠ কৰিছিল। তেওঁ কৈছে: তেওঁ নামাজ শেষ কৰাৰ পিছত মই তেওঁক লগ পালোঁ আৰু ক’লোঁ: আপুনি এনেকুৱা দুটা ছুৰা পাঠ কৰিছে যি ছুৰা দুটা আলী ইবনে আবি তালিবে কুফাত পাঠ কৰিছিল। তেতিয়া আবু হুৰাইৰাই ক’লে: «মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক জুমু‘আৰ দিনা এই ছুৰা দুটা তিলাৱত কৰা শুনিছোঁ।» [111] [111] (মুছলিমঃ ৮৭৭)

চতুৰ্থ মাছআলাঃ কেনেদৰে জুমুআ পোৱা যায়?

ইমামৰ সৈতে এক ৰাকআত পোৱাৰ দ্বাৰা জুমুআ পোৱা যায়; আব্দুল্লাহ ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “যিয়ে জুমুআৰ অথবা অন্য চালাতৰ এক ৰাকআত পাইছে, তেওঁৰ চালাত সম্পূৰ্ণ হোৱা বুলি বিবেচিত হ’ব।” [112] [112] (নাছায়ীঃ হাদীছ নং ৫৫৭)

আৰু যদি তেওঁ এক ৰাকাততকৈ কম অংশ পায়, তেনেহ’লে তেওঁ জোহৰৰ নামাজ আদায় কৰিব লাগিব৷ [113] [113] দ্ৰষ্টব্যঃ আল-মুগনী লি ইবনে ক্বুদামাঃ (২/ ২৩১)।

এতেকে যিয়ে জুমুআৰ নামাজত এক ৰাকআত পলমকৈ উপস্থিত হৈছে আৰু তেওঁ ইমামক দ্বিতীয় ৰাকআতত ৰুকু কৰা অৱস্থাত বা তাৰ আগতে পাইছে, তেওঁ কেৱল এক ৰাকআতহে আদায় কৰিব, যিহেতু হাদীছত আছে: “আৰু যিয়ে চালাতৰ এক ৰাকআত পাইছে, তেওঁ দৰাচলতে চালাত পাইছে।” [114] [114] (আবু দাউদঃ ৮৯৩)

পঞ্চম মাছআলাঃ জুমুআৰ দিনা যিবোৰ কাম কৰা হাৰাম অথবা মাকৰূহ:

১- ইমামে খুতবা দিয়া অৱস্থাত শ্ৰোতাই কথা কোৱা হাৰাম, কাৰণ আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত আছে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কৈছে: «জুমু‘আৰ দিনা ইমামে খুতবা দিয়া অৱস্থাত যদি তুমি তোমাৰ সঙ্গীক চুপ থাকিবলৈ কোৱা তেন্তে তুমিও অনৰ্থক কাম কৰিলা।» [115] অৰ্থাৎ আপুনি অনৰ্থক কথা কৈছে, যিটো হৈছে বাতিল আৰু অগ্ৰহণযোগ্য, আৰু ইয়াৰ ফলত আপোনাৰ জুমুআৰ ফজিলত বাতিল হৈ গৈছে। [115] (বুখাৰীঃ ৯৩৪, আৰু মুছলিমঃ ৮৫১)

ইমাম নাৱাৱী ৰাহিমাহুল্লাহে কৈছেঃ এই হাদীছত খুতবাৰ অৱস্থাত সকলো ধৰণৰ কথা কোৱা নিষেধ কৰা হৈছে, আৰু ইয়াৰ দ্বাৰা অন্যান্য কথাৰ বিষয়েও সতৰ্ক কৰা হৈছে; কিয়নো, ‘চুপ থাকা’ বুলি কোৱাটোকো যেতিয়া অনৰ্থক কাম বুলি কোৱা হৈছে - অথচ সেইটো মূলতঃ এটা সৎকৰ্মৰ আদেশ - তেন্তে সাধাৰণ কথা-বতৰা যে অনৰ্থক বুলি গণ্য হ'ব সেয়া অধিক স্পষ্ট৷ [116] [116] (শ্বাৰহু মুছলিমঃ ৬/১৩৮)

কথা কোৱাৰ নিষেধৰ ভিতৰত হাঁচিৰ উত্তৰ দিয়া আৰু ছালামৰ উত্তৰ দিয়াও অন্তৰ্ভুক্ত। গতিকে ইমামে খুতবা দি থকা অৱস্থাত এইবোৰ জায়েয নহয়। অৱশ্যে খতিবে খুতবা আৰম্ভ কৰাৰ আগত, আৰু দুই খুতবাৰ মাজত দিয়া বিৰতিৰ সময়ত কথা কোৱাত কোনো আপত্তি নাই।

খতীবৰ লগত মুক্তাদীয়ে কথা-বতৰা পতাত কোনো আপত্তি নাই, যিহেতু আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: «জুমুআৰ দিনা এজন ব্যক্তিয়ে দাৰুল কাজা (বিচাৰ মীমাংসা কৰা ঠাই)ৰ ফালে থকা দুৱাৰেৰে মছজিদত প্ৰৱেশ কৰিলে। সেই সময়ত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে থিয় হৈ খুতবা দি আছিল। সেই ব্যক্তিজনে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ফালে মুখ কৰি ক'লেঃ হে আল্লাহৰ ৰাছুল! ধন-সম্পদ বিনষ্ট হৈ যাব ধৰিছে আৰু (প্ৰখৰ ৰ'দৰ কাৰণে) বাট-পথত ওলাব নোৱাৰা অৱস্থা হৈছে। আপুনি আল্লাহৰ ওচৰত দুআ কৰক তেওঁ যেন আমাক বৰষুণ দান কৰে। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে দুয়ো হাত উত্তোলন কৰিলে...।» হাদীছ [117] [117] (বুখাৰীঃ ৯৬৭, আৰু মুছলিমঃ ৮৯৭)

২- খুতবা চলা অৱস্থাত অনৰ্থক কাম-কাজ কৰা হাৰাম, যেনে- শিলগুটি স্পৰ্শ কৰা, তাছবীহ ব্যৱহাৰ কৰা, বা মোবাইল ফোনত ব্যস্ত থকা আৰু এই ধৰণৰ অন্যান্য কাম। কাৰণ আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা প্ৰমাণিত, তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "যিয়ে শিলগুটি স্পৰ্শ কৰে, সি অনৰ্থক কাম কৰে।" [118] কিয়নো অলাগতিয়াল কৰ্মই অনুধাৱন আৰু খুশ্বু (বিনয়-একাগ্ৰতা)ত বাধাৰ সৃষ্টি কৰে। [118] (মুছলিমঃ ৮৫৭)

৩- খুতবা দি থকা অৱস্থাত মানুহৰ কান্ধৰ ওপৰেৰে পাৰ হৈ যোৱাটো হাৰাম, কাৰণ আব্দুল্লাহ বিন বুছৰ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত আছে, তেওঁ কৈছে: জুমু‘আৰ দিনা এজন ব্যক্তিয়ে মানুহৰ কান্ধৰ ওপৰেৰে দীঘল খোজ দি আগুৱাই আছিল, আৰু নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে খুতবা দি আছিল। তেতিয়া নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে তেওঁক ক’লে: "বহা, তুমি কষ্ট দি আছা।" [119] [119] (আবু দাউদঃ ১১১৮)

ইয়াৰ কাৰণ হৈছে, মানুহৰ কান্ধৰ ওপৰেৰে পাৰ হ'লে নামাজীসকলৰ কষ্ট হয় আৰু খুতবা শুনাৰ ক্ষেত্ৰত তেওঁলোকৰ মনোযোগ বিচ্ছিন্ন হয়। কিন্তু ইমামৰ বাবে এনেকৈ আগুৱাই যোৱাৰ অনুমতি আছে, যদিহে তেওঁ নিজৰ স্থানত অন্য কোনো উপায়েৰে উপস্থিত হোৱা সম্ভৱ নহয়। এইদৰে সেইজন ব্যক্তিৰ বাবেও অনুমতি আছে, যিয়ে কোনো অপৰিহাৰ্য প্ৰয়োজনত যেনে- অজু কৰিবলৈ, সন্মুখৰ খালী ঠাই পূৰণ কৰিবলৈ, অথবা তেনে কোনো কাৰণত মানুহক ডিঙাই যাবলৈ বাধ্য হয়।

৪- কোনো ব্যক্তিক তেওঁ প্ৰথমে বহা স্থানৰ পৰা উঠাই দি, সেই স্থানত নিজে বহাটো হাৰাম; এইটো জাবিৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত আছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকৰ মাজৰ কোনোৱে যেন জুমুআৰ দিনা নিজৰ ভাতৃক তেওঁৰ আসনৰ পৰা উঠাই দি নিজে তাত নবহে, বৰঞ্চ (এজনে আনজনৰ বাবে) ঠাই বহল কৰি দিবা।" [120] [120] (মুছলিমঃ ২১৭৮)

৫- দুজন ব্যক্তিক দুইফালে আঁতৰাই মাজত বহা অথবা তেওঁলোকক ডিঙাই যোৱাটো মাকৰূহ। কাৰণ ছালমান ফাৰিছী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে জুমুআৰ দিনা গোছল কৰি (মছজিদলৈ) যায়, দুজন লোকক পৃথক নকৰে, তাৰ পিছত সাধ্য অনুযায়ী ছালাত আদায় কৰে, আৰু ইমাম ওলাই অহাৰ পিছত মনে মনে থাকে, তাৰ সেই জুমুআ আৰু পৰৱৰ্তী জুমুআৰ মাজৰ গুনাহসমূহ ক্ষমা কৰি দিয়া হয়।" [121], এতেকে ইয়াৰ দ্বাৰা এইটোৱে সাব্যস্ত হয় যে, যিয়ে দুজনৰ মাজত বিচ্ছেদ কৰে, তেওঁ এই মাগফিৰাত লাভ নকৰিব। [121] (বুখাৰীঃ হাদীছ নং ৯১০)

ষষ্ঠ মাছআলাঃ জুমুআৰ ছুন্নতসমূহ:

১- জুমুআৰ দিনা ফজৰৰ চালাতত ছুৰা আছ-ছাজদাহ আৰু ছুৰা আল-ইনছান পাঠ কৰা ছুন্নত; কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ইয়াৰ ওপৰত নিয়মিতভাৱে আমল কৰিছিল। আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: «নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জুমু‘আৰ দিনা ফজৰৰ নামাজত (আলিফ-লাম-মীম তানযীলুছ ছাজদাহ) আৰু (হাল আতা আলাল ইনছান) পাঠ কৰিছিল।»[122] [122] (বুখাৰীঃ ৮৯১, আৰু মুছলিমঃ ৮৮০)

২- জুমুআৰ দিনা গোছল কৰাটো হৈছে এটা গুৰুত্বপূৰ্ণ ছুন্নত। কাৰণ আব্দুল্লাহ ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "যেতিয়া তোমালোকৰ কোনোবাই জুমুআলৈ আহে, তেওঁ যেন গোছল কৰি লয়।" [123]. ইয়াৰ প্ৰতি গুৰুত্ব দিব লাগে আৰু এইটো পৰিত্যাগ কৰা উচিত নহয়, বিশেষকৈ দুৰ্গন্ধযুক্ত লোকসকলৰ বাবে। [123] (বুখাৰীঃ ৮৭৭, আৰু মুছলিমঃ ৮৪৪)

জুমুআৰ গোছলৰ সময় ফজৰৰ পৰা আৰম্ভ হয়। জানাবতৰ গোছলো জুমুআৰ গোছলৰ বাবে যথেষ্ট; কাৰণ জুমুআৰ গোছলৰ উদ্দেশ্য হৈছে শৰীৰক পৰিষ্কাৰ-পৰিচ্ছন্ন কৰা আৰু ইয়াৰ পৰা বেয়া গোন্ধ দূৰ কৰা, এই উদ্দেশ্য জানাবতৰ গোছলৰ দ্বাৰাও পূৰণ হয়। কিন্তু জানাবতৰ গোছলৰ লগতে জুমুআৰ গোছলৰো নিয়ত কৰি লোৱাটো উত্তম; যাতে তেওঁ ইয়াৰ বাবেও ছোৱাব লাভ কৰিব পাৰে।

৩- ছুন্নত হৈছে সুগন্ধি ব্যৱহাৰ কৰা আৰু পৰিষ্কাৰ-পৰিচ্ছন্ন হোৱা, আৰু শৰীৰৰ পৰা যিবোৰ বস্তু আঁতৰ কৰিবলগীয়া আছে সেইবোৰ আঁতৰ কৰা; যেনে- নখ কটা, নাভিৰ তলৰ নোম খুৰোৱা, কাষলতিৰ নোম উঘালি পেলোৱা আৰু গোঁফ চুটি কৰা; ছালমান ফাৰিছী ৰাদ্বিয়াল্লাহু ‘আনহুৰ হাদীছ অনুসৰি, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "যিয়ে জুমুআৰ দিনা গোছল কৰে, আৰু যথাসাধ্য পৰিষ্কাৰ-পৰিচ্ছন্নতা অৰ্জন কৰে, তাৰ পিছত তেল ব্যৱহাৰ কৰে নাইবা সুগন্ধি লগায়, তাৰ পাছত (মছজিদলৈ) যায় আৰু দুজন লোকক আঁতৰাই দি তেওঁলোকৰ মাজত নবহে, ইয়াৰ পাছত তাওফীক অনুযায়ী চালাত আদায় কৰে, তাৰ পাছত যেতিয়া ইমাম আহি উপস্থিত হয়, তেতিয়া তেওঁ মনে মনে থাকে, তেন্তে তাৰ দুই জুমুআৰ মাজৰ গুনাহসমূহ ক্ষমা কৰি দিয়া হয়।" (124) [124] (বুখাৰীঃ হাদীছ নং ৯১০)

তদুপৰি এই দিনটোত মিছৱাক কৰাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে; যিহেতু আবু ছায়ীদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ হাদীছত বৰ্ণিত আছে, তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত সাক্ষী দি কৈছোঁ যে, তেখেতে কৈছেঃ "প্ৰতিজন প্ৰাপ্তবয়স্ক লোকৰ বাবে জুমুআৰ দিনা গোছল কৰা ওৱাজিব। লগতে মিছৱাক কৰা উচিত আৰু সুগন্ধি থাকিলে সেয়া ব্যৱহাৰ কৰা উচিত।" [125] [125] (বুখাৰীঃ হাদীছ নং ৮৮০)

৪- জুমুআৰ দিনা নিজৰ ওচৰত থকা উত্তম কাপোৰ পৰিধান কৰা ছুন্নত। ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, «তেওঁ মছজিদৰ দুৱাৰমুখত এখন ৰেচমী পোছাক দেখি ক'লেঃ হে আল্লাহৰ ৰাছুল! আপুনি যদি এইটো কিনি লৈ জুমুআৰ দিনা আৰু আপোনাৰ ওচৰলৈ অহা প্ৰতিনিধি দলৰ সন্মুখত পৰিধান কৰিলেহেঁতেন...» [126] [126] (বুখাৰীঃ ৮৮৬, আৰু মুছলিমঃ ২০৬৮)

৫- জুমুআৰ দিনা সোনকালে মছজিদত যোৱা ছুন্নত; কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই বিষয়ে উৎসাহিত কৰিছে; যেনে আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ হাদীছত আছে যে, আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "জুমুআৰ দিনা যিয়ে জানাবতৰ গোছল কৰিব - অৰ্থাৎ ফৰজ গোছলৰ দৰে পৰিপূৰ্ণ গোছল কৰিব - আৰু প্ৰথম সময়ছোৱাতে মছজিদত যাব, তেওঁ দৰাচলতে এটা উট (মতা হওক বা মাইকী) কুৰবানী কৰাৰ ছোৱাব অৰ্জন কৰিব। দ্বিতীয় সময়ছোৱাত যিয়ে আহিব, তেওঁ অৰ্জন কৰিব এটা গৰু কুৰবানী কৰাৰ ছোৱাব। তৃতীয় সময়ছোৱাত যিয়ে আহিব তেওঁ দুম্বা কুৰবানী কৰাৰ ছোৱাব পাব। চতুৰ্থ সময়ছোৱাত যিয়ে আহিব তেওঁ মুৰ্গী দান কৰাৰ ছোৱাব পাব। আনহাতে যিয়ে পঞ্চম সময়ছোৱাত আহিব তেওঁ কণী এটা দান কৰাৰ ছোৱাব অৰ্জন কৰিব। ইয়াৰ পাছত ইমাম যেতিয়া আহি উপস্থিত হয়, তেতিয়া ফিৰিস্তাসকলে (ৰেজিষ্টাৰ বন্ধ কৰি) মনোযোগ সহকাৰে খুতবা শ্ৰৱণ কৰে।" [127] [127] (বুখাৰীঃ ৮৮১, আৰু মুছলিমঃ ৮৫০)

৬- জুমুআৰ দিনা ইমামে খুতবা দি থকা অৱস্থাত মছজিদত প্ৰৱেশ কৰা ব্যক্তিৰ বাবে ছুন্নত হৈছে, তেওঁ যেন দুই ৰাকাত নামাজ সংক্ষিপ্তভাৱে আদায় নকৰালৈকে নবহে। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে খুতবাৰ সময়ত মছজিদত প্ৰৱেশ কৰা ব্যক্তিক তেনেকৈ কৰিবলৈ আদেশ দিছিল। এই সম্পৰ্কে জাবিৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত আছে, তেওঁ কৈছে: ছুলাইক আল-গাতফানীয়ে জুমুআৰ দিনা মছজিদলৈ আহিছিল, সেই সময়ত ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে খুতবা দি আছিল। তেওঁ আহি বহি পৰিল, তেতিয়া তেখেতে তেওঁক ক'লে: "হে ছুলাইক, থিয় হোৱা আৰু দুই ৰাকাত নামাজ আদায় কৰা, লগতে চমুকৈ আদায় কৰা।" ইয়াৰ পিছত কৈছেঃ «যেতিয়া তোমালোকৰ মাজৰ কোনোবাই জুমু‘আৰ দিনা ইমামে খুতবা দি থকা অৱস্থাত আহে, তেতিয়া তেওঁ যেন দুই ৰাকাত নামাজ পঢ়ি লয়, আৰু তেওঁ যেন এই দুই ৰাকাত চমুকৈ আদায় কৰে।» [128] [128] (বুখাৰীঃ ৯৩০, আৰু মুছলিমঃ ৮৭৫)

৭- জুমুআৰ দিনা ছুৰা কাহাফ তিলাৱত কৰা ছুন্নত; আবু ছায়ীদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যি ব্যক্তিয়ে জুমুআৰ দিনা ছুৰা আল-কাহাফ তিলাৱত কৰিব, তেওঁৰ বাবে দুটা জুমুআৰ মাজৰ সময়ছোৱাক নূৰেৰে আলোকিত কৰা হ’ব।" [129] [129] (মুস্তাদৰাক আল-হাকিমঃ ৩৩৯২), আৰু হাদীছটো আবু ছাঈদৰ ওপৰত মাওকূফ হোৱাৰ বাবে মা'লূল।

৮- জুমুআৰ দিনা আৰু জুমুআৰ ৰাতিত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি বেছি বেছি দৰূদ পাঠ কৰা ছুন্নত; কাৰণ আওছ ইবনে আওছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত আছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকৰ দিনসমূহৰ মাজত সৰ্বোৎকৃষ্ট দিন হৈছে জুমুআৰ দিন, গতিকে সেইদিনা তোমালোকে মোৰ প্ৰতি অধিক পৰিমাণে দৰূদ পাঠ কৰিবা; কাৰণ তোমালোকে পাঠ কৰা দৰূদ মোৰ ওচৰলৈ উপস্থাপন কৰা হয়।" [130] [130] (আবু দাউদঃ ১৫৩১)

৯- এই দিনটোত বেছি বেছি দুআ কৰা ছুন্নত, আৰু দুআ কবুল হোৱাৰ সময় সন্ধান কৰাটোও ছুন্নত। আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত আছে যে, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে জুমুআৰ দিনৰ বিষয়ে উল্লেখ কৰি কৈছে: «এই দিৱসটোত এনেকুৱা এটা বিশেষ মুহূৰ্ত আছে, যিটো মুহূৰ্তত কোনো মুছলিম বান্দাই চালাতৰত অৱস্থাত থিয় হৈ আল্লাহ তাআলাৰ ওচৰত কিবা বিচাৰে, তেন্তে আল্লাহে তেওঁক সেইটো নিশ্চয় প্ৰদান কৰে।» [131] [131] (বুখাৰীঃ ৯৩৫, আৰু মুছলিমঃ ৮৫২)

জুমু'আৰ দিনটোৰ সকলো সময়তেই দুআ কবুল হোৱাৰ আশা কৰা যায়, কিন্তু ইয়াৰ আটাইতকৈ সম্ভাৱনাময় সময় হৈছে, জুমু'আৰ দিনা ইমাম চাহেবে খুতবা দিবলৈ বহাৰ পৰা ছালাত শেষ হোৱালৈকে, আৰু জুমু'আৰ দিনাৰ শেষ সময়ছোৱা হৈছে সেইজন ব্যক্তিৰ বাবে যিজনে মাগৰিবৰ ছালাতৰ বাবে অপেক্ষা কৰে, তেওঁ মছজিদতেই থাকক বা নিজৰ ঘৰতেই থাকক। কিয়নো আবু মুছা আল-আশ্বা‘ৰী ৰাদ্বিয়াল্লাহু আনহুৱে বৰ্ণনা কৰা হাদীছত আছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জুমু'আৰ এই বিশেষ মুহূৰ্তটোৰ বিষয়ে কৈছে: «সেই সময়টো হৈছে ইমামে বহাৰ পৰা নামাজ সমাপ্ত হোৱালৈকে।» [132] [132] (মুছলিমঃ ৮৫৩)

সপ্তম মাছআলাঃ জুমুআৰ নফলসমূহ:

জুমুআৰ নামাজৰ আগত কোনো ছুন্নতে ৰাতিবা নাই। কিন্তু যিয়ে জুমুআলৈ আহে, তেওঁৰ বাবে দুই, চাৰি, ছয় বা তাতোধিক, যিমান ইচ্ছা নামাজ পঢ়াটো ছুন্নত, আৰু তেওঁ প্ৰতি দুই ৰাকাতৰ অন্তত ছালাম ফিৰাব; কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই বিষয়ে উৎসাহিত কৰিছে, যেনেকৈ ছালমান ফাৰ্ছী ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে জুমুআৰ দিনা গোছল কৰে... তাৰ পিছত মছজিদলৈ গৈ দুজন ব্যক্তিক পৃথক নকৰে, আৰু তেওঁৰ বাবে নিৰ্ধাৰিত চালাত আদায় কৰে, ইয়াৰ পিছত যেতিয়া ইমাম ওলাই আহে তেতিয়া তেওঁ মনে মনে থাকে, তেওঁৰ দুই জুমুআৰ মাজৰ গুনাহ ক্ষমা কৰি দিয়া হয়।" [133] কাৰণ এই আমল চাহাবাসকলে কৰিছিল, ইয়াৰ ওপৰিও নফল ইবাদতৰ বিষয়ে বৰ্ণিত ব্যাপক ফজিলতৰ কাৰণেও এইটো কৰিব লাগে। [133] (বুখাৰীঃ হাদীছ নং ৯১০)

আনহাতে জুমুআৰ পিছত পঢ়িবলগীয়া ছুন্নতে ৰাতিবা যদি ঘৰত পঢ়ে তেন্তে দুই ৰাকাত, আৰু যদি মছজিদত পঢ়ে তেন্তে চাৰি ৰাকাত। “নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জুমুআৰ পিছত নিজৰ ঘৰত দুই ৰাকাত পঢ়িছিল”৷ [134] আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যেতিয়া তোমালোকৰ কোনোবাই জুমুআৰ চালাত আদায় কৰিব, তেওঁ যেন তাৰ পিছত চাৰি ৰাকাত আদায় কৰে।" (135) [134] (বুখাৰীঃ ৯৩৭, আৰু মুছলিমঃ ৭২৯) [135] (মুছলিমঃ ৮৮১)

গতিকে জুমুআৰ ৰাতিবা চালাত যদি মছজিদত আদায় কৰে তেন্তে চাৰি ৰাকাত, আৰু ঘৰত আদায় কৰিলে দুই ৰাকাত।

দ্বিতীয় বিষয়: জুমুআৰ খুতবা

প্ৰথম মাছআলা: জুমুআৰ খুতবা:

খুতবা হৈছে জুমুআৰ চালাতৰ পূৰ্বে মানুহৰ সমাৱেশত আগবঢ়োৱা এটা বক্তব্য, য'ত আল্লাহৰ প্ৰশংসা আৰু তেওঁৰ গুণানুকীৰ্তন, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত দৰূদ আৰু ছালাম, লগতে ওৱাজ আৰু নছীহত সন্নিৱিষ্ট থাকে।[136] [136] দ্ৰষ্টব্যঃ মু'জাম লুগাত আল-ফুকাহা (১৯৭), আৰু আল-হুজাইলানৰ খুতবাতুল জুমুআহ ৱা আহকামুহা আল-ফিকহিয়্যাহ (২২)৷

দ্বিতীয় মাছআলাঃ খুতবাৰ বিধান

খুতবা হৈছে জুমুআৰ চালাতৰ এটা চৰ্ত, যাৰ অবিহনে এই চালাত শুদ্ধ নহয়। কিয়নো মহান আল্লাহে কৈছে: "হে ঈমান্দাৰসকল! জুমুআৰ দিনা যেতিয়া ছালাতৰ বাবে আহ্বান কৰা হয়, তেতিয়া তোমালোকে আল্লাহৰ স্মৰণৰ ফালে ধাৱিত হোৱা..." (ছুৰা আল-জুমুআহঃ ৯) আয়াতত ব্যৱহৃত (ذِكْرُ الله) শব্দৰ ব্যাখ্যাত কোৱা হৈছে যে, ইয়াৰ দ্বাৰা খুতবাক বুজোৱা হৈছে; [137] এতেকে যদি খুতবা বাধ্যতামূলক নহ’লহেঁতেন, তেন্তে তাৰ বাবে চেষ্টা কৰাটোও বাধ্যতামূলক নহ’লহেঁতেন। তদুপৰি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এইটো পালন কৰিছিল আৰু কেতিয়াও পৰিত্যাগ কৰা নাছিল। [137] দ্ৰষ্টব্যঃ তাফছীৰ আত তাবাৰীঃ (২২/ ৬৪২)।

ইমাম ইবনে কুদামা আল-হান্বালী ৰাহিমাহুল্লাহে কৈছেঃ "ইয়াৰ সাৰাংশ এই যে, খুতবা হৈছে জুমু‘আৰ এটা চৰ্ত, ইয়াৰ অবিহনে জুমু‘আ শুদ্ধ নহয়।"[138] [138] আল-মুগনীঃ (২/ ২২৪)।

তৃতীয়: খুতবাৰ চৰ্তাৱলী

১- খুৎবা দুটা হ’ব লাগে; কাৰণ আব্দুল্লাহ ইবনে ওমৰ -ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত আছে, তেওঁ কৈছে: «নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুটা খুৎবা দিছিল, আৰু দুয়ো খুতবাৰ মাজত বহিছিল।» [139] [139] (বুখাৰীঃ হাদীছ নং ৯২৮)

২- জুমুআৰ চালাতৰ সময় আৰম্ভ হোৱাৰ পাছত অনুষ্ঠিত হ’ব লাগিব, কাৰণ যদি এই খুতবা অথবা তাৰ কোনো অংশ সময় হোৱাৰ আগতে অনুষ্ঠিত হয়, তেন্তে সেই খুতবা শুদ্ধ নহ’ব।

৩- ছালাতৰ পূৰ্বে দুটা খুতবা দিব লাগে; কাৰণ ছাইব বিন এঝীদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত আছে যে, তেওঁ কৈছে: «ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম, আবু বকৰ আৰু ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ আমোলত জুমুআৰ আজানৰ আৰম্ভণি হৈছিল যেতিয়া ইমাম মিম্বৰত বহিছিল।» [140] দুয়োটা খুতবা ছালাতৰ পূৰ্বে প্ৰদান কৰাৰ ক্ষেত্ৰত এইটোৱে হৈছে স্পষ্ট প্ৰমাণ। [140] (বুখাৰীঃ হাদীছ নং ৯১৬)

লগতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে সেইদৰেই ছালাত আদায় কৰা, যেনেকৈ মোক ছালাত আদায় কৰোঁতে দেখিছা।" [141], আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুটা খুৎবাৰ পিছতহে চালাত আদায় কৰিছিল। এইদৰে আল-মাৰ্দাৱীয়ে কৈছেঃ "দুয়োটা খুতবা চালাতৰ পূৰ্বে প্ৰদান কৰাৰ ক্ষেত্ৰত কাৰো দ্বিমত নাই।" [142]।" [141] বুখাৰীয়ে বৰ্ণনা কৰিছে: (631) মালিক ইবনুল-হুৱাইৰিছ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত। (142) আল-ইনছাফঃ (২/ ৩৮৯)

৪- খুতবাৰ অংশবোৰ একেলেঠাৰিয়ে আদায় কৰিব লাগিব, ইমাম ইবনে কুদামা ৰাহিমাহুল্লাহে কৈছে: "খুতবা শুদ্ধ হোৱাৰ বাবে ধাৰাবাহিকতা ৰক্ষা কৰাটো হৈছে এটা চৰ্ত। যদি দীঘলীয়া কথা-বতৰা, দীঘলীয়া নীৰৱতা, বা এনে কোনো কাৰ্যৰ দ্বাৰা খুতবাৰ ধাৰাবাহিকতাত বাধা পৰে, তেন্তে খুতবা পুনৰ নতুনকৈ আৰম্ভ কৰিব লাগিব। বিৰতি দীঘলীয়া নে চুটি, সেয়া প্ৰচলিত ৰীতি-নীতিৰ ওপৰত নিৰ্ভৰ কৰিব। ঠিক তেনেদৰে খুতবা আৰু চালাতৰ মাজতো ধাৰাবাহিকতা ৰক্ষা কৰাটো হৈছে এটা চৰ্ত। আনহাতে যদি পৱিত্ৰতা অৰ্জন কৰাৰ প্ৰয়োজন হয়, তেন্তে তেওঁ পৱিত্ৰতা অৰ্জন কৰি য'ত খুতবা শেষ কৰিছিল তাৰ পৰাই পুনৰ আৰম্ভ কৰিব, যদিহে এই বিৰতি দীঘলীয়া নহয়।"[143] [143] আল-মুগনীঃ (২/২৩০)।

৫- খুতবা উচ্চস্বৰে দিব লাগে। কিয়নো খুতবা হৈছে ওৱাজিব, আৰু জুমু‘আ শুদ্ধ হ'বলৈ এইটো হৈছে এটা চৰ্ত, আৰু উচ্চস্বৰে দিয়াটোৱে হৈছে এই খুতবা আদায় কৰাৰ আৰু ইয়াৰ উদ্দেশ্য (ওৱাজ-নছিহত) পূৰণ কৰাৰ মাধ্যম। জানি থোৱা উচিত যে, যি বস্তু অবিহনে কোনো ওৱাজিব আদায় নহয়, সেই বস্তুটোও ওৱাজিব।

৬- জুমুআ অনুষ্ঠিত হোৱাৰ বাবে আৱশ্যকীয় সংখ্যক লোক উপস্থিত থাকিব লাগিব; কাৰণ খুতবা হৈছে এনেকুৱা এটা জিকৰ যাৰ বাবে চেষ্টা কৰাটো ওৱাজিব, সেয়েহে উক্ত সংখ্যক লোকে খুতবা শুনাটো অনিবাৰ্য্য।

চতুৰ্থ মাছআলা: খুতবাৰ আৰকান

১- সৰ্বশক্তিমান আল্লাহৰ প্ৰশংসাৰ জৰিয়তে আৰম্ভ কৰিব লাগিব; জাবিৰ ইবনে আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুমাৰ হাদীছৰ দ্বাৰা প্ৰমাণিত যে, তেওঁ কৈছে: «নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জুমুআৰ দিনাৰ খুতবাত আল্লাহৰ প্ৰশংসা আৰু তেওঁৰ গুণগাণ কৰিছিল, তাৰ পিছত এইদৰে কৈছিল...» হাদীছ [144] [144] (মুছলিমঃ ৮৬৭)

২- ইয়াৰ ভিতৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি দৰূদ থকা; কাৰণ চাহাবা ৰাদ্বিয়াল্লাহু আনহুমৰ ওচৰত খুৎবাসমূহত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি দৰূদ পঠোৱাটো এটা জনাজাত আৰু প্ৰসিদ্ধ বিষয় আছিল। [145] [145] দ্ৰষ্টব্যঃ জালাউল আফহাম লি-ইবনিল কাইয়্যিম। (৩৭১)

২- উপদেশ আৰু মহান আল্লাহৰ তাক্বৱাৰ অচিয়তক অন্তর্ভুক্ত কৰিব লাগিব; জাবিৰ ইবনে চামুৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ «নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুটা খুৎবা দিছিল, আৰু তেখেতে দুয়োটা খুতবাৰ মাজত বহিছিল, তেখেতে খুতবাত কোৰআন পাঠ কৰিছিল আৰু মানুহক উপদেশ দিছিল।» [146] কাৰণ এইটোৱে হৈছে খুতবাৰ উদ্দেশ্য। [146] (মুছলিমঃ ৮৬২)

৪- কোৰআনৰ কিছু অংশ তিলাৱত কৰা; ইয়াৰ দলীল হৈছে জাবিৰ ইবনে চামুৰা ৰাদ্বিয়াল্লাহু আনহুৰ হাদীছঃ «নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুটা খুৎবা দিছিল, তেখেতে সেই দুয়োটা খুতবাৰ মাজত বহিছিল, কোৰআন তিলাৱত কৰিছিল আৰু লোকসকলক উপদেশ দিছিল।»

পঞ্চম মাছআলাঃ খুতবাৰ ছুন্নতসমূহঃ

১- মিম্বৰৰ ওপৰত অথবা কোনো ওখ ঠাইত খুতবা প্ৰদান কৰা। «তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাবে এখন মিম্বৰ নিৰ্মাণ কৰা হৈছিল, আৰু তেখেতে জুমু‘আৰ দিনা সেইখনৰ ওপৰত খুতবা প্ৰদান কৰিছিল।» [147] বহুতো চাহাবা ৰাদ্বিয়াল্লাহু আনহুমৰ পৰা বহুসূত্ৰে প্ৰমাণিত হৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মিম্বৰত ভাষণ দিছিল,[148] আৰু নৱবী ৰাহিমাহুল্লাহে এইটো মুস্তাহাব হোৱা সম্পৰ্কে থকা ঐকমত্যৰ কথা উল্লেখ কৰি কৈছেঃ এই বিষয়ত উলামাসকল একমত যে, মিম্বৰৰ ওপৰত খুতবা দিয়াটো মুস্তাহাব। (149) কাৰণ এনে কৰিলে বাৰ্তা অধিক উত্তমৰূপে সকলোলৈ গৈ পায়, আৰু যেতিয়া মানুহে খতীবক প্ৰত্যক্ষ কৰে তেতিয়া তেওঁলোকৰ ওপৰত উপদেশ অধিক প্ৰভাৱশালী হয়। [147] (বুখাৰীঃ হাদীছ নং ২০৯৫) [148] দ্ৰষ্টব্যঃ ইৰৱাউল গালীল ফী তাখৰীজি আহাদীছি মানাৰিছ ছাবীলঃ (৩/ ৭৫) আৰু পৰৱৰ্তী। [149] (আল-মাজমূ শ্বাৰহ আল-মুহাজ্জাবঃ ৪/৫২৭)

২- খুতবাৰ সময়ত খতীবে থিয় হোৱা; কাৰণ মহান আল্লাহে কৈছেঃ "আৰু সিহঁতে যেতিয়া ব্যৱসায় অথবা ক্ৰীড়া-কৌতুক দেখা পায় তেতিয়া সিহঁতে আপোনাক থিয় অৱস্থাতেই ৰাখি সেইফালে ধাৱিত হয়..." (ছুৰা আল-জুমুআহঃ ১১) আব্দুল্লাহ ইবনে ওমৰ -ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ "নবী চাল্লাল্লাহু আলাইহি অছাল্লামে থিয় হৈ ভাষণ দিছিল, তাৰ পিছত বহিছিল, পুনৰ থিয় হৈছিল, যিদৰে তোমালোকে এতিয়া কৰা।" [150] [150] (বুখাৰীঃ ৯২০, আৰু মুছলিমঃ ৮৬১)

৩- খতীবৰ বাবে মামূমসকলৰ (মুক্তাদীসকলৰ) মুখামুখি হোৱাটো ছুন্নত; আব্দুল্লাহ ইবনে ওমৰ -ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত যে, «নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জুমুআৰ দিনা যেতিয়া তেখেতৰ মিম্বৰৰ ওচৰলৈ গৈছিল, তেতিয়া তাত বহি থকা লোকসকলক ছালাম কৰিছিল। তাৰ পিছত যেতিয়া মিম্বৰত উঠিছিল, তেতিয়া মানুহৰ অভিমুখী হৈ ছালাম কৰিছিল।»[151] [151] বাইহাকী ছুনান আল-কুবৰাঃ ৫৭৪২)

হাফিজ ইবনে ৰজব ৰাহিমাহুল্লাহে কৈছেঃ "ইমামে মছজিদৰ লোকসকলৰ সন্মুখীন হোৱা আৰু কিবলাক পিঠি দিয়াটো সৰ্বসন্মতভাৱে প্ৰমাণিত, আৰু বিভিন্ন দলিলেও এইটোকে প্ৰমাণ কৰে; কাৰণ তেওঁ তেওঁলোকক সম্বোধন কৰে, যাতে তেওঁলোকে তেওঁৰ কথা বুজিব পাৰে। এই সকলোবোৰেই হৈছে ছুন্নত। এতেকে যদি কোনো ইমামে ইয়াৰ বিপৰীত কৰে, তেন্তে তেওঁ ছুন্নতৰ বিপৰীত কাম কৰে, কিন্তু তেওঁৰ জুমুআ শুদ্ধ হৈ যাব।" [152] [152] (ফাতহুল বাৰী লি-ইবনে ৰজবঃ ৮/ ২৫০)

৪- খতীবে মুক্তাদীসকলৰ অভিমুখী হৈ ছালাম দিয়াটো ছুন্নত; কাৰণ জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত হাদীছত আছে যে, "নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া মিম্বৰত আৰোহণ কৰিছিল, তেতিয়া ছালাম দিছিল।"[153] [153] (ইবনে মাজাহঃ হাদীছ নং ১১০৯)

৫- মুৱাজ্জিনে আজান শেষ কৰা পৰ্যন্ত মিম্বৰত বহা; কাৰণ ইবনু ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাই কৈছেঃ «নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুটা খুতবা দিছিল: তেওঁ মিম্বৰত আৰোহণ কৰি মুৱাজ্জিনৰ আজান শেষ হোৱালৈকে বহিছিল, তাৰ পিছত থিয় হৈ খুতবা দিছিল, ইয়াৰ পিছত একো কথা নোকোৱাকৈ বহিছিল, পুনৰ থিয় হৈ খুতবা দিছিল।»[154] ইয়াৰ সমৰ্থনত ছায়িব বিন এঝীদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত হাদীছটোও উল্লেখযোগ্য, তেওঁ কৈছেঃ «নিশ্চয় ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম, আবু বকৰ আৰু ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ যুগত জুমু‘আৰ দিনাৰ আজান তেতিয়াই আৰম্ভ হৈছিল যেতিয়া ইমাম মিম্বৰত বহিছিল।» [155] [154] (আবু দাউদঃ ১০৯২) [155] (বুখাৰীঃ হাদীছ নং ৯১৬)

৬- সামৰ্থ্য অনুসৰি উচ্চস্বৰে ভাষণ দিয়া; কাৰণ জাবিৰ ইবনে আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত আছে, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া ভাষণ দিছিল, তেতিয়া তেখেতৰ চকু দুটা ৰঙা পৰিছিল, উচ্চস্বৰে কথা কৈছিল আৰু ক্ৰোধ বৃদ্ধি পাইছিল, এনে লাগিছিল যেনিবা তেখেতে কোনো সৈন্যবাহিনীক সতৰ্ক কৰি কৈ আছে: «ছাব্বাহাকুম ওৱা মাচ্ছাকুম» [156]، (ছাব্বাহাকুম) অৰ্থাৎ: সৈন্যবাহিনীয়ে পুৱাৰ সময়ত তোমালোকক আক্ৰমণ কৰিব পাৰে, আৰু (মাচ্ছাকুম) অৰ্থাৎ: সিহঁতে গধূলিৰ সময়তো তোমালোকক আক্ৰমণ কৰিব পাৰে। দৰাচলতে সচৰাচৰ ভয় দেখুৱাবলৈ এই শব্দ দুটা ব্যৱহাৰ কৰা হৈছিল। [156] (মুছলিমঃ ৮৬৭)

৭- দুই খুতবাৰ মাজত অলপ বহা; কাৰণ ইবনু ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ হাদীছত আছে: "নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুটা খুৎবা দিছিল, আৰু দুয়োটাৰ মাজত বহিছিল"।[157] [157] (বুখাৰীঃ হাদীছ নং ৯২৮)

৮- খুৎবা দুটা চুটি কৰা, আৰু দ্বিতীয়টো প্ৰথমটোতকৈ চুটি কৰা, কিন্তু চালাত দীঘল কৰা; কাৰণ আম্মাৰ ৰাদ্বিয়াল্লাহু আনহুৰ হাদীছত আছে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "এজন ব্যক্তিৰ চালাত দীঘল আৰু খুতবা চমু হোৱাটো তেওঁৰ গভীৰ ধৰ্মীয় জ্ঞানৰ লক্ষণ। সেয়েহে চালাত দীঘলীয়া কৰিবা আৰু খুতবা চমু কৰিবা।" [158] [158] (মুছলিমঃ ৮৬৯)

৯- মুছলিমসকলৰ দ্বীন আৰু দুনিয়াৰ কল্যাণৰ বাবে, আৰু মুছলিম শাসকসকলৰ সংশোধন আৰু তাওফীকৰ বাবে দুআ কৰাটো ছুন্নত। ইমাম নাৱাৱী ৰাহিমাহুল্লাহে কৈছে: মুছলিমসকলৰ ইমামসকল আৰু তেওঁলোকৰ শাসকসকলৰ সংশোধন, হকৰ ওপৰত সহায়, ন্যায় প্রতিষ্ঠা আৰু এই ধৰণৰ অন্যান্য বিষয়ৰ বাবে, লগতে ইছলামৰ সৈন্যবাহিনীৰ বাবেও দুআ কৰাটো সৰ্বসন্মতিক্রমে মুস্তাহাব। [159] [159] (আল-মাজমু’ শ্বাৰহুল মুহাজ্জাবঃ ৪/৫২১)

জুমুআৰ খুতবাত দুআ কৰাৰ সময়ত ইমামৰ বাবে হাত উত্তোলন কৰা চৰীয়তসন্মত নহয়, কেৱল ইস্তিস্কাৰ বাহিৰে, বৰঞ্চ তেওঁৰ বাবে শ্বাহাদাত আঙুলিৰে ইংগিত দিয়া মুস্তাহাব। উমাৰা বিন ৰুৱাইবা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ বিশ্বৰ বিন মাৰৱানক মিম্বৰৰ ওপৰত দুয়ো হাত উত্তোলন কৰি থকা দেখি কৈছিল: «আল্লাহে এই দুখন হাতক কুৎসিত কৰক। মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক দেখিছোঁ, তেখেতে নিজৰ হাতেৰে এনেকৈ কোৱাৰ বাহিৰে আন একো কৰা নাছিল, আৰু তেখেতে নিজৰ তৰ্জনী আঙুলিৰে ইংগিত দিছিল।»[160] [160] (মুছলিমঃ ৮৭৪)

১০- খুতবা প্ৰদানকাৰীয়েই চালাতৰ ইমামতি কৰা। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নিজেই এই দুয়োটাৰ ইমামতি কৰিছিল, আৰু সেইদৰে তেখেতৰ পিছত তেখেতৰ খলীফাসকলেও কৰিছিল। আনহাতে যদি কোনো ওজৰৰ কাৰণে এজনে খুৎবা দিয়ে আৰু আন এজনে চালাতৰ ইমামতি কৰে, তেন্তে সেয়াও জায়েয হ'ব।[161] [161] (ইবনে কুদামাৰ আল-মুগনীঃ ২/ ২২৮)

ষষ্ঠ মাছআলা: জুমুআৰ খুতবাৰ অনুবাদ:

যিবোৰ দেশৰ অধিকাংশ লোকেই আৰবী ভাষা নাজানে, সেইবোৰ দেশত খতীবে তেওঁলোকৰ নিজৰ ভাষাত খুতবা দিব পাৰে। যাতে তেওঁলোকে খুতবা বুজি পায়, ইয়াৰ উদ্দেশ্য পূৰণ হয় আৰু খুতবাৰ মাজত থকা জ্ঞান, উপদেশ তথা স্মৰণৰ দ্বাৰা উপকৃত হ'ব পাৰে। কিয়নো নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ পৰা এনে কোনো কথাই প্ৰমাণিত নাই, যাৰ দ্বাৰা এইটো সাব্যস্ত হয় যে, জুমু‘আৰ খুতবা আৰবী ভাষাতেই হ’ব লাগিব। বৰং তেখেত চাল্লাল্লাহু ‘আলাইহি অছাল্লামে আৰবী ভাষাত খুতবা দিছিল; কিয়নো সেইটো আছিল তেখেতৰ মাতৃভাষা আৰু তেখেতৰ জাতিৰ ভাষা।

খতীবৰ বাবে উত্তম হৈছে তেওঁ আৰবী ভাষাত খুতবা দি তাৰ পিছত নিজৰ দেশৰ ভাষাত অনুবাদ কৰা, যাতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ খুতবাৰ অনুসৰণ হয় আৰু এই বিষয়ৰ মতানৈক্যৰ পৰাও বাচিব পৰা যায়।

অনুবাদৰ ক্ষেত্ৰত শ্ৰোতাসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এইটো বিবেচনা কৰিব লাগে যে, অনুবাদটো খুতবাৰ প্ৰতিটো অংশৰ পিছত কৰা হ'ব, নে আৰবী খুতবা সমাপ্ত হোৱাৰ পিছত নামাজৰ আগত কৰা হ'ব।

এইদৰে খুতবাৰ তাৎক্ষণিক অনুবাদ কৰা বৈধ। লগতে কোনো সম্প্ৰচাৰ কেন্দ্ৰৰ যোগেদি সেই অনুবাদ সম্প্ৰচাৰ কৰা, আৰু আৰবী নজনা নামাজীসকলে ৰিচিভাৰ ব্যৱহাৰ কৰি সেই অনুবাদ শুনাও বৈধ। অনুবাদক বা শ্ৰোতা, কাৰো পক্ষৰ পৰাই ইয়াক নিষিদ্ধ অনৰ্থক কথা-বতৰা বুলি গণ্য কৰা নহয়; কাৰণ ইয়াৰ দ্বাৰা সামূহিক কল্যাণ সাধিত হয় আৰু খুতবাৰ মূল উদ্দেশ্যও পূৰণ হয়।

সপ্তম মাছআলাঃ খতীবৰ গুণাৱলী

মছজিদৰ খতীব হৈছে মছজিদৰ মূল স্তম্ভ আৰু শক্তি। তেওঁৰ জৰিয়তেই মছজিদত দাৱাত প্ৰচাৰ হয়, সমাজক সচেতন কৰা হয় আৰু মানুহক তেওঁলোকৰ দ্বীন সম্পৰ্কীয় জ্ঞান দিয়াৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰা হয়। গতিকে যদি খতীবজন জ্ঞানী, বিচক্ষণ, অন্তৰ্দৃষ্টিসম্পন্ন, তথা মানুহৰ ৰীতি-নীতি আৰু অৱস্থা সম্পর্কে অৱগত হয়, তেন্তে মছজিদৰ জামাত আৰু মছজিদ থকা অঞ্চলটোৰ বাসিন্দাসকলৰ ওপৰত তেওঁৰ প্ৰভাৱ উত্তম আৰু উপকাৰী হ’ব। কাৰণ তেৱেঁই তেওঁলোকক শিক্ষা প্ৰদান কৰে, সৎপথ প্ৰদৰ্শন কৰে আৰু সকলো কল্যাণ আৰু ফজীলতৰ ফালে পৰিচালিত কৰে।

খুতবাৰ চৰ্তসমূহ পূৰণকাৰী সকলো খতীব এনেকুৱাই আছিল। ইছলামৰ প্ৰাৰম্ভিক যুগত নবী চাল্লাল্লাহু আলাইহি অছাল্লামেই খতীব আছিল, তাৰ পিছত তেখেতৰ খোলাফায়ে ৰাশ্বিদুনসকল, তাৰ পিছত ৰজা-বাদশ্বাহসকল, সেনাপতিসকল, আলিমসকল আৰু জ্ঞানী-গুণী ব্যক্তিসকল। এইটোৱে প্রমাণ কৰে যে, এই গুৰুত্বপূৰ্ণ দায়িত্ব পালনকাৰী ব্যক্তিজন নিশ্চিতভাৱে দ্বীন, চৰিত্র, জ্ঞান আৰু আচৰণৰ ক্ষেত্রত উচ্চ মর্যাদাৰ অধিকাৰী হ’ব লাগিব।

ইয়াৰ পৰাই মানৱ জীৱনত এই দায়িত্বটোৰ গুৰুত্ব ফুটি উঠে। কিয়নো খতীবসকলৰ দক্ষতা তেওঁলোকৰ সমাজত প্ৰতিফলিত হয়, আৰু তেওঁলোকৰ দুৰ্বলতাৰ প্ৰভাৱো সমাজত স্পষ্ট হৈ পৰে। কাৰণ মছজিদেই সমাজক কথা আৰু কামৰ মাজত মিল থকাৰ শিক্ষা দিয়ে। এতেকে যদি খতীবজন জ্ঞান, বুদ্ধি-বিবেক অথবা ব্যক্তিত্বৰ ফালৰ পৰা দুৰ্বল হয়, অথবা তেওঁৰ চৰিত্ৰ আৰু আচৰণ বেয়া হয়, তেন্তে তেওঁ উপকাৰ কৰাৰ পৰিৱৰ্তে অপকাৰহে কৰে। খতীবৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব হৈছে নামাজীসকলক কল্যাণ, সৎকৰ্ম আৰু সংশোধনৰ দিশত পৰিচালিত কৰা। সেয়েহে এজন অজ্ঞ খতীবৰ পক্ষে এই মহান দায়িত্ব পালন কৰাটো অত্যন্ত কঠিন।

কেতিয়াবা খতীবজন জ্ঞান আৰু ব্যক্তিগত সামৰ্থ্যৰ ফালৰ পৰা এই দায়িত্বৰ বাবে যোগ্য হোৱা সত্ত্বেও, তেওঁ অন্য কাম-কাজত ব্যস্ত থকাৰ কাৰণে তেওঁৰ দায়িত্ব পালনত বিৰূপ প্ৰভাৱ পৰে।

এইদৰে তেওঁ হয়তো পৰিস্থিতি অনুযায়ী খুতবা প্ৰস্তুত কৰিবলৈ পৰ্যাপ্ত সময় নাপাব পাৰে। ফলত তেওঁ মানুহৰ সন্মুখলৈ এনেকুৱা এটা খুতবা লৈ আহে -যিদৰে ইবনুল কায়্যিম আল-জাওযিয়্যাহ ৰাহিমাহুল্লাহে কৈছে- এনেকুৱা খুতবাই অন্তৰত আল্লাহৰ প্রতি ঈমান সৃষ্টি নকৰে, তেওঁৰ তাওহীদ প্রতিষ্ঠা নকৰে, তেওঁৰ বিষয়ে বিশেষ জ্ঞান দান নকৰে, আল্লাহৰ দিনসমূহৰ বিষয়ে সোঁৱৰাই নিদিয়ে, আৰু অন্তৰত তেওঁৰ প্ৰতি ভালপোৱা তথা তেওঁৰ সৈতে সাক্ষাৎ কৰাৰ আগ্ৰহ জাগ্রত নকৰে। [162] [162] (ঝাদ আল-মা'আদ ফী হাদয়ি খাইৰ আল-ইবাদঃ ১/৪০৯)

আৰু কেতিয়াবা প্ৰবৃত্তি, অজ্ঞানতা, বিবাদ-বিসম্বাদ নাইবা নিন্দনীয় চৰমপন্থাই তেওঁৰ ওপৰত প্ৰাধান্য বিস্তাৰ কৰে, যাৰ ফলত তেওঁ বস্তুনিষ্ঠতা, শিক্ষামূলক দিক-নিৰ্দেশনা আৰু হিকমত তথা উত্তম উপদেশৰ সৈতে দাৱাত দিয়াৰ পৰা বিচ্যুত হয়।

ইছলামত মছজিদৰ এক মহান ভূমিকা আছে; কাৰণ মছজিদ হৈছে হিদায়তৰ এনেকুৱা এক আলোকস্তম্ভ, য'ত বান্দাই নিজ প্ৰতিপালকৰ সৈতে সংযোগ স্থাপন কৰে, ঈমান শক্তিশালী হয়, আৰু মুছলিম ভাই-সকলৰ সৈতে একত্ৰিত হয়, যাতে সকলোৱে মিলি সৎ গুণৰ প্ৰচাৰ আৰু অসৎ গুণৰ বিৰোধিতা কৰিব পাৰে। মছজিদে এই দায়িত্ব তেতিয়াহে পালন কৰিবলৈ সক্ষম হ'ব, যেতিয়া আল্লাহে তাৰ বাবে এনেকুৱা এজন ইমাম নিযুক্ত কৰিব, যাৰ মাজত এই মহান পদৰ বাবে প্ৰয়োজনীয় জ্ঞানগত আৰু নৈতিক গুণাৱলী থাকে আৰু যিয়ে এই সন্মানীয় কৰ্তব্যসমূহ পালন কৰে।

খতীবৰ বাবে আৱশ্যকীয় প্ৰধান গুণাৱলীসমূহ:

১ - ইখলাচৰ সৈতে আল্লাহৰ উদ্দেশ্যে আমল কৰা, যাতে সেই আমল আল্লাহৰ ওচৰত আৰু মানুহৰ ওচৰত সমৰ্থিত, সাহায্যপ্ৰাপ্ত, মকবুল আৰু প্ৰিয়পাত্ৰ হয়।

২ - লোকক দেখুওৱা মনোভাৱ আৰু গৌৰৱ-অহংকাৰৰ পৰা বিৰত থকা; কিয়নো সকলো কাম তাৰ উদ্দেশ্যৰ দ্বাৰাই বিবেচিত হয়, আৰু আমলসমূহ নিয়্যতৰ ওপৰত নিৰ্ভৰশীল। নিশ্চয় প্ৰত্যেক ব্যক্তিয়ে সেয়াই পাব, যি তেওঁ নিয়্যত কৰিব। আনহাতে যিয়ে নিজৰ মাজত নথকা গুণৰ ভাও দেখুৱায়, আল্লাহে তাক লাঞ্ছিত কৰে।

৩- পৱিত্ৰ কোৰআনৰ হাফিজ হ’ব লাগিব বা ইয়াৰ কিছু অংশ মুখস্থ থাকিব লাগিব, আৰু মুখস্থ কৰাখিনি নিয়মীয়াকৈ চৰ্চা কৰাৰ লগতে দৈনিক কোৰআন তিলাৱতৰ অভ্যাসো থাকিব লাগিব।

৪- কিছুমান হাদীছ মুখস্থ থাকিব লাগিব; যেনে- ৰিয়াজুছ চলিহীনৰ পৰা, আল-আৰবাইন আন-নাৱাৱিয়্যাৰ পৰা, বুলুগুল মাৰামৰ পৰা, অথবা অন্যান্য নিৰ্ভৰযোগ্য হাদীছ গ্ৰন্থৰ পৰা।

৫ - ছহীহ আকীদা, অৰ্থাৎ ছালাফে ছালেহীনৰ আকীদাৰে শিক্ষিত হ'ব লাগিব।

৬- দ্বীনৰ বিধান সম্পৰ্কীয় ফিকহৰ জ্ঞান অৰ্জন কৰিব লাগে, বিশেষকৈ ইবাদতৰ ফিকহ, যাৰ মাজত আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে পৱিত্রতা, চালাত, যাকাত, আৰু চওম। লগতে লেনদেনৰ ফিকহৰ জ্ঞানো অৰ্জন কৰিব লাগে; যাতে উপাৰ্জন আৰু ব্যয়ৰ নীতি-নিয়ম জানিব পাৰে, মানুহক প্ৰতাৰণা, প্ৰৱঞ্চনা আৰু অন্যায়ভাৱে আনৰ সম্পদ ভক্ষণ কৰাৰ পৰা সতৰ্ক কৰিব পাৰে, আৰু লগতে তেওঁলোকক অপব্যয়, অপচয়, কৃপণালি আৰু কার্পণ্যৰ পৰা সতৰ্ক কৰিব পাৰে, যাতে তেওঁলোকৰ আৰ্থিক লেনদেনসমূহ কোৰআন আৰু ছুন্নাহৰ আলোকত পৰিচালিত হয়।

৭ - তেওঁ আৰবী ভাষা ভালদৰে জানিব লাগিব, যাতে আল্লাহ তা‘আলাই তেওঁৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত যি অৱতীৰ্ণ কৰিছে তাৰ অৰ্থ বুজিব পাৰে। কাৰণ কোৰআন আৰবী ভাষাত অৱতীৰ্ণ হৈছে।

৮- নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ জীৱনচৰিত, শ্বামায়েলে মুহাম্মদীয়া, আৰু ছালাফে ছালেহীনৰ জীৱনচৰিত অধ্যয়ন কৰা; কিয়নো এইবোৰত সৎ আদৰ্শ, উত্তম আৰ্হি, উপকাৰী জ্ঞান-ভাণ্ডাৰ, আৰু উচ্চ ইছলামী সংস্কৃতি নিহিত আছে।

৯) বিশুদ্ধ আক্বীদা, জ্ঞান আৰু বিবেকৰ বাবে পৰিচিত নিজৰ দেশৰ লগতে অন্যান্য ঠাইৰ গভীৰ জ্ঞানসম্পন্ন পণ্ডিতসকলক চিনি পোৱা, আৰু দ্বীনি বিষয়সমূহ তথা সমাজৰ সমস্যা সমাধানৰ বাবে প্ৰয়োজনীয় সকলো ক্ষেত্ৰত তেওঁলোকৰ ওচৰত প্ৰত্যাৱৰ্তন কৰা।

১০ - ইছলামী ফিৰ্কাসমূহ আৰু সিহঁতৰ আকীদা সম্পৰ্কে, বিভিন্ন বৈচাৰিক মতাদৰ্শ আৰু তাৰ উদ্দেশ্য, লগতে ধ্বংসাত্মক মতবাদ আৰু সিহঁতৰ লক্ষ্যসমূহৰ বিষয়ে জ্ঞান অৰ্জন কৰা, যাতে পৱিত্ৰ কোৰআন, ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নত আৰু প্ৰাজ্ঞ মুছলিম উলামাসকলৰ লিখনিৰ পোহৰত সেইবোৰৰ বিষয়ে আলোচনা কৰিব পাৰে, সিহঁতৰ ভ্ৰান্তিৰ সমালোচনা কৰিব পাৰে আৰু বাতিলৰ পৰা সতৰ্ক কৰিব পাৰে।

১১- মুছলমানসকলৰ বাস্তৱ অৱস্থা, তেওঁলোকৰ দুৰ্বলতা আৰু তেওঁলোকৰ ওপৰত শত্ৰুৰ আধিপত্যৰ প্ৰতি তেওঁ মনোযোগ দিব লাগে। তেওঁ এইটোও জানিব লাগে যে, এই সকলোবোৰৰ কাৰণ হৈছে আল্লাহৰ সঠিক পথৰ পৰা তেওঁলোকৰ দূৰত্ব, আল্লাহৰ প্ৰতি ঈমানৰ দুৰ্বলতা, আৰু তেওঁৰ চৰীয়ত অমান্য কৰা। সেয়ে ইমামে তেওঁলোকক দ্বীন আৰু দুনিয়াত উপকাৰী হোৱা বিষয়সমূহ শিক্ষা দিয়াৰ বাবে চেষ্টা কৰিব লাগে।

১২- বিভিন্ন গণমাধ্যমৰ সৈতে পৰিচিত হোৱা, ইয়াৰ ইতিবাচক-নেতিবাচক দিশসমূহ আৰু আল্লাহৰ ফালে আহ্বানৰ বাবে ইয়াৰ পৰা কেনেকৈ উপকৃত হ’ব পাৰি সেই বিষয়ে অৱগত হোৱা, লগতে নিজৰ আৰু সমাজৰ বাবে ইয়াত থকা বিপদসমূহৰ পৰা সতৰ্ক থকা।

জুমু‘আৰ খতীবৰ মাজত এই গুণসমূহ বিদ্যমান থাকিলে, আল্লাহৰ অনুমতিক্ৰমে স্থিৰতা আৰু ভাৰসাম্য সৃষ্টি হয়।

আৰু প্ৰধান চৰিত্ৰগত ভিত্তিসমূহ:

১- মছজিদৰ খতীবজন মছজিদৰ জামা‘আত, মহল্লাবাসী আৰু মছজিদলৈ অহা-যোৱা কৰা অন্যান্য লোকসকলৰ বাবে এজন আহ্বানকাৰী আৰু শিক্ষক হোৱা উচিত। এতেকে তেওঁৰ বাবে ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামক আদৰ্শ হিচাপে লোৱাটো জৰুৰী; কাৰণ তেখেতেই হৈছে উম্মত আৰু নেতৃবৃন্দৰ বাবে সৎ আদৰ্শ, উত্তম আৰ্হি আৰু সৰ্বোত্তম আদৰ্শ। মহান আল্লাহে কৈছে: "নিশ্চয় তোমালোকৰ মাজৰ যিসকলে আল্লাহৰ (সন্তুষ্টি কামনা কৰে) আৰু আখিৰাতৰ (ভাল ফলাফল) আশা কৰে, লগতে আল্লাহক বেছি বেছি স্মৰণ কৰে, তেওঁলোকৰ বাবে আল্লাহৰ ৰাছুলৰ (চৰিত্ৰৰ) মাজত আছে উত্তম আদৰ্শ।" (ছুৰা আল-আহঝাবঃ ২১)

তেওঁ নিজকে আৰু মছজিদৰ মুছল্লীসকলক দুনিয়াবী কথা-বতৰা আৰু ৰাজনীতিৰ পৰা আঁতৰাই ৰখা উচিত, আৰু মছজিদক কেৱল ইল্ম আৰু ইবাদতৰ বাবেহে সীমাবদ্ধ ৰখা উচিত।

২- তেওঁ নিজে পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু পৰিপাটি হ'ব লাগিব, লগতে মছজিদৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতিও যত্ন ল'ব লাগিব, ইয়াৰ সামগ্ৰীসমূহ শৃংখলাবদ্ধভাৱে সজাই ৰাখিব লাগিব আৰু ইয়াৰ সা-সুবিধাসমূহৰ ৰক্ষণাবেক্ষণ কৰিব লাগিব। তদুপৰি এনে কামত অপচয় কৰাৰ পৰা আৰু মছজিদক অত্যাধিক জাক-জমকতা তথা সৌন্দৰ্য্যৰ পৰা বিৰত থাকিব লাগিব।

৩- উত্তম চাল-চলন আৰু আচৰণৰ অধিকাৰী হ'ব লাগে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নত অনুসৰি দাঢ়ি ৰখা আৰু মোচ চুটি কৰাৰ লগতে ভৰিৰ সৰুগাঁঠিৰ তললৈকে কাপোৰ পৰিধান কৰাৰ পৰা বিৰত থকা, গাম্ভীৰ্য আৰু স্থিৰতা অৱলম্বন কৰা, আৰু ছালাফে ছালেহীনসকলৰ (আল্লাহে তেওঁলোকৰ ওপৰত ৰহমত বৰ্ষণ কৰক) পথ অনুসৰণ কৰা।

৪- নম্ৰ, সহনশীল আৰু দয়ালু হোৱা; কিয়নো নম্ৰ ব্যৱহাৰে যিকোনো বিষয়কে সৌন্দৰ্যময় কৰি তোলে, আৰু যিকোনো বিষয়ৰ পৰা যেতিয়া নম্ৰতা আঁতৰাই দিয়া হয় তেতিয়া সেইটো কলুষিত হৈ পৰে, যিদৰে এই বিষয়ে হাদীছত বৰ্ণিত হৈছে; আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "নিশ্চয় নম্ৰ ব্যৱহাৰে যিকোনো বিষয়কে সৌন্দৰ্যময় কৰি তোলে, আৰু যিটো বিষয়ত কোমলতা বা নম্ৰতা নাথাকে সেইটো কলুষিত হৈ পৰে।" [163] [163] (মুছলিমঃ ২৫৯৪)

এতেকে মছজিদলৈ অহা কোনো ব্যক্তিৰ দ্বাৰা ভুল সংঘটিত হ'লে, খতীবে তেওঁক ভৰ্ৎসনা কৰা উচিত নহয়, বৰং তেওঁক নম্ৰতাৰে উপদেশ দিয়া আৰু উত্তম পন্থাৰে শিক্ষা দিয়াহে উচিত। এই বিষয়ে মুআৱিয়া ইবনুল হাকাম আছ-ছুলামী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত আছে, তেওঁ কৈছে: এদিন মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে নামাজ পঢ়ি আছিলোঁ; তেনেতে জামাআতত থকা কোনোবা এজনে হাঁচি মাৰিলে। তেতিয়া মই ক'লোঁ, "য়াৰহামুকাল্লাহ, অৰ্থঃ আল্লাহে আপোনাৰ প্ৰতি দয়া কৰক"। তেতিয়া লোকসকলে মোৰ ফালে একেথৰে চাবলৈ ধৰিলে। মই ক'লোঁঃ হায় মোৰ সৰ্ব্বনাশ! তোমালোকৰ কি হ'ল, মোৰ ফালে এনেকৈ চাই আছা কিয়? তেতিয়া তেওঁলোকে নিজৰ হাতেৰে নিজৰ ঊৰুত চপৰিয়াবলৈ ধৰিলে। যেতিয়া মই বুজিব পাৰিলোঁ যে, তেওঁলোকে মোক মনে মনে থাকিবলৈ কৈছে, তেতিয়া মই মনে মনে থাকিলোঁ। যেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে নামাজ শেষ কৰিলে, মোৰ পিতৃ-মাতৃ তেখেতৰ প্ৰতি কুৰবান হওক, মই তেখেতৰ আগতেও আৰু পিছতো তেখেততকৈ অধিক সুন্দৰভাৱে শিক্ষা দিয়া আন কোনো শিক্ষক দেখা নাই। আল্লাহৰ শপত, তেখেতে মোক ধমক দিয়া নাছিল, মৰা নাছিল আৰু গালিও পৰা নাছিল। বৰঞ্চ তেখেতে কৈছিলঃ «নিশ্চয় এই নামাজত মানুহে কোনো ধৰণৰ কথা-বতৰা কোৱাটো বৈধ নহয়। এইটো হৈছে কেৱল তাছবীহ, তাকবীৰ আৰু কোৰআন তিলাৱতৰ স্থান।» [164] [164] (মুছলিমঃ ৫৩৭)

৫- নম্ৰ আৰু কোমল অন্তৰৰ অধিকাৰী হোৱা, যাতে তেওঁৰ চৌপাশে মানুহ একত্ৰিত হৈ তেওঁৰ স্নেহ, সহায় আৰু জ্ঞানৰ দ্বাৰা উপকৃত হ'ব পাৰে; লগতে তেওঁলোকৰ বিপদ-আপদ আৰু প্ৰয়োজনত কাষত থিয় দিয়া আৰু মছজিদৰ বাৰ্তা সম্পৰ্কীয় বিষয়ত তেওঁলোকৰ সৈতে পৰামৰ্শ কৰা।

এই গুণাৱলীসমূহৰ ক্ষেত্ৰত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম আছিল সৰ্বোচ্চ স্থানত, যেনে- মহান আল্লাহে তেখেতৰ বিষয়ে কৈছেঃ "এতেকে আল্লাহৰ কৃপাত তুমি সিহঁতৰ প্ৰতি কোমল-হৃদয় হৈছিলা; যদি তুমি ৰূঢ় আৰু কঠোৰচিত্ত হ’লাহেঁতেন তেন্তে সিহঁত নিশ্চয় তোমাৰ সঙ্গ ত্যাগ কৰিলেহেঁতেন। এতেকে তুমি সিহঁতক ক্ষমা কৰি দিয়া আৰু সিহঁতৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা আৰু কাম-কাজৰ বাবে সিহঁতৰ লগত পৰামৰ্শ কৰা, তাৰ পিছত তুমি কোনো সংকল্প কৰিলে আল্লাহৰ ওপৰত নিৰ্ভৰ কৰা; নিশ্চয় আল্লাহে (তেওঁৰ ওপৰত) নিৰ্ভৰকাৰীসকলক ভালপায়।" (ছুৰা আলে-ইমৰাণঃ ১৫৯)

৬- তেওঁ যেন ধৈৰ্য্য আৰু পূৰ্ণবিশ্বাসৰ গুণেৰে গুণান্বিত হয়; যাতে নিজৰ মছজিদত আৰু জামা'আতৰ মাজত ইমামতিৰ সন্মান লাভ কৰিব পাৰে। কাৰণ ধৈৰ্য্য আৰু পূৰ্ণবিশ্বাসে এজন বান্দাক দ্বীনৰ মাজত নেতৃত্বৰ মৰ্যদালৈ উপনীত কৰায়। মহান আল্লাহে কৈছে: "আৰু আমি সিহঁতৰ মাজৰ পৰা বহু কেইজন নেতা মনোনীত কৰিছিলোঁ, তেওঁলোকে আমাৰ নিৰ্দেশ অনুযায়ী সৎপথ প্ৰদৰ্শন কৰিছিল, যিহেতু তেওঁলোকে ধৈৰ্য্য ধাৰণ কৰিছিল; আৰু তেওঁলোকে আমাৰ আয়াতসমূহৰ প্ৰতি দৃঢ় বিশ্বাস পোষণ কৰিছিল।" (ছুৰা আছ-ছাজদাহঃ ২৪)

৭- তেওঁ কোৱা কথাত সত্যবাদী হোৱাটো জৰুৰী, সেয়া জুমুআৰ খুতবাতেই হওক, অথবা শিক্ষা আৰু উপদেশমূলক পাঠতেই হওক, নাইবা মানুহৰ সৈতে হোৱা কথা-বতৰাতেই হওক; যাতে তেওঁ সত্যবাদী, সৎপথপ্ৰাপ্ত আৰু সাফল্যমণ্ডিতসকলৰ অন্তৰ্ভুক্ত হ’ব পাৰে। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণিত হাদীছত আছে যে, তেখেতে কৈছে: "তোমালোকে সত্যক অনিবাৰ্যৰূপে অৱলম্বন কৰা; কাৰণ সত্যই নেকীৰ পথ দেখুৱায়, আৰু নেকীয়ে জান্নাতৰ পথত পৰিচালিত কৰে। মানুহে যেতিয়া সদায় সত্য কথা কয় আৰু সত্যৰ সন্ধানত থাকে, তেতিয়া আল্লাহৰ ওচৰত তাক সত্যবাদী বুলি লিপিবদ্ধ কৰা হয়। এইদৰে তোমালোকে মিছা কথাৰ পৰা বিৰত থাকা, কাৰণ মিছা কথাই মানুহক পাপকৰ্মৰ পথ দেখুৱায়, আৰু পাপকৰ্মই মানুহক জাহান্নামত লৈ যায়। মানুহে যেতিয়া সদায় মিছা কথা কয় আৰু মিছাৰ সন্ধানত থাকে, অৱশেষত আল্লাহৰ ওচৰত তাক মিছলীয়া বুলি লিপিবদ্ধ কৰা হয়।" [165] [165] (বুখাৰীঃ ৬০৯৪, মুছলিমঃ ২৬০৭, হাদীছটো আব্দুল্লাহ বিন মাছঊদৰ দ্বাৰা বৰ্ণিত।)

মিছা কথা হৈছে এক অমঙ্গল আৰু আপদ, আৰু আটাইতকৈ ডাঙৰ মিছা কথা হৈছে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰা আৰু জ্ঞান নোহোৱাকৈ তেওঁৰ বিষয়ে কথা কোৱা। মহান আল্লাহে কৈছে: "কোৱা, ‘নিশ্চয় মোৰ প্ৰতিপালকে প্ৰকাশ্য আৰু গোপন উভয় প্ৰকাৰ অশ্লীলতাক হাৰাম কৰিছে, আৰু (হাৰাম কৰিছে) পাপ আৰু অন্যায়ভাৱে সীমালংঘন আৰু কোনো বস্তুক আল্লাহৰ অংশীদাৰ স্থাপন কৰাক—যাৰ কোনো দলীল- প্ৰমাণ আল্লাহে অৱতীৰ্ণ কৰা নাই; আৰু আল্লাহ সম্পৰ্কে এনে কোনো কথা কোৱাটোও (হাৰাম) যিটো তোমালোকে নাজানা’।" (ছুৰা আল-আৰাফঃ ৩৩)

এই মৰ্যাদাপূৰ্ণ আয়াতটোত মহাপাপসমূহক নিম্ন পৰ্যায়ৰ পৰা উচ্চ পৰ্যায়ৰ ক্ৰমত একত্ৰিত কৰা হৈছে, আৰু সেইটো হৈছে আল্লাহৰ আচমা অচ্ছিফাত আৰু তেওঁৰ বিধান সম্পৰ্কে জ্ঞানবিহীনভাৱে কথা কোৱা।

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত মিছা আৰোপ কৰাটো হৈছে আটাইতকৈ ডাঙৰ মিছা আৰু নিকৃষ্টতম গুনাহ। এইটো এনে এক কবীৰাহ গুনাহ, যাৰ বাবে কৰোঁতাজনক জাহান্নামৰ ভাবুকি দিয়া হৈছে; মুগীৰাহ ইবনে শু'বাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, তেওঁ কৈছে: মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছোঁ: "নিশ্চয় মোৰ বিষয়ে মিছা কথা কোৱা, আন কাৰোবাৰ বিষয়ে মিছা কথা কোৱাৰ দৰে নহয়। যিয়ে জানি বুজি মোৰ বিষয়ে মিছা কথা ক'ব, সি যেন নিজৰ ঠিকনা জাহান্নামত বনাই লয়।" [166] [166] (বুখাৰীঃ ১২৯১, আৰু মুছলিমঃ ৪)

ভাল কামৰ প্ৰতি উৎসাহিত কৰিবলৈ আৰু বেয়া কামৰ পৰা সতৰ্ক কৰাৰ দৰে সৎ উদ্দেশ্য থাকিলেও মিছা কথা কোৱাৰ পৰা বিৰত থকা উচিত, যিদৰে কিছুমান বক্তাই কৰি থাকে। কাৰণ এইটো এটা নিকৃষ্ট কাৰ্য, যাৰ মাজত কোনো কল্যাণ বা হিদায়ত নাই। এনে কথা কোৱা ব্যক্তিজন গুনাহগাৰ হয়, পুৰস্কৃত নহয়, আৰু পাপী হয়, লাভৱান নহয়।

৮- কথা প্ৰেৰণ কৰাৰ ক্ষেত্রত আমানতদাৰ হ’ব লাগে, সংবাদৰ সত্যতা নিৰূপণ কৰিব লাগে, উৰাবাতৰি গ্ৰহণ কৰাত খৰখেদা কৰিব নালাগে আৰু কেৱল বিশ্বাসযোগ্য কথাৰ ওপৰতহে নিৰ্ভৰ কৰিব লাগে। এই বিষয়ে মহান আল্লাহে তেওঁৰ এই বাণীত আমাক আদেশ দিছে: "হে ঈমান্দাৰসকল! যদি কোনো ফাছিক্বে তোমালোকৰ ওচৰলৈ কোনো বাৰ্তা লৈ আহে, তেন্তে তোমালোকে সেয়া পৰীক্ষা কৰি চাবা, যাতে এনে নহয় যে, অজ্ঞতাবশতঃ তোমালোকে কোনো সম্প্ৰদায়ক আক্ৰমণ কৰি পেলাবা, যাৰ ফলত তোমালোকে নিজৰ কৃতকৰ্মৰ বাবে অনুতপ্ত হ’ব লাগিব।" (ছুৰা আল-হুজুৰাতঃ ৬)

৯- মানুহৰ দোষ-ত্রুটি অধিকভাৱে গোপন কৰা আৰু তেওঁলোকৰ গোপনীয়তা ৰক্ষা কৰা। কিয়নো যিয়ে কোনো মুছলিমৰ দোষ-ত্রুটি গোপন কৰে, আল্লাহে পৃথিৱী আৰু আখিৰাতত সেই ব্যক্তিৰ দোষ-ত্রুটি গোপন ৰাখিব। আৰু যিয়ে মুছলিমসকলৰ গোপনীয় দোষ-ত্রুটিৰ সন্ধান কৰে, আল্লাহেও তাৰ দোষ-ত্রুটিৰ সন্ধান কৰে আৰু শেষত তাক নিজৰ ঘৰৰ মাজতে অপমানিত কৰে। এই সন্দৰ্ভত আব্দুল্লাহ বিন উমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত আছে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: যিয়ে কোনো মুছলিমৰ দোষ গোপন কৰিব, আল্লাহে কিয়ামতৰ দিনা তাৰ দোষ গোপন ৰাখিব। [167] আবূ বাৰঝাহ আল-আছলামী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "হে সেইসকল লোক, যিসকলে মুখেৰে ঈমান আনিছা, কিন্তু অন্তৰত এতিয়াও ঈমান প্ৰৱেশ কৰা নাই। তোমালোকে মুছলিমসকলৰ গীবত নকৰিবা, আৰু তেওঁলোকৰ গোপন দোষ খুচৰি নুফুৰিবা; কিয়নো যিয়ে তেওঁলোকৰ গোপন দোষৰ অনুসন্ধান কৰিব, আল্লাহে তাৰ গোপন দোষ প্ৰকাশ কৰি দিব। আৰু যাৰ গোপন দোষ আল্লাহে অনুসৰণ কৰিব, তেওঁ তাক তাৰ নিজৰ ঘৰতেই অপমানিত কৰিব।" [168] [167] (বুখাৰীঃ ২৪৪২, আৰু মুছলিমঃ ২৫৮০) [168] (আবু দাউদঃ ৪৮৮০)

অষ্টম বিষয়: খুতবা আৰু খতীবৰ শিষ্টাচাৰ

১- জুমু‘আৰ খুতবা কোনো ব্যক্তি, দল, বা অনুষ্ঠানৰ প্ৰচাৰৰ আহিলা নহৈ, বৰং কেৱল আল্লাহ তা‘আলাৰ বাবে, তেওঁৰ দ্বীনৰ বাবে, তেওঁৰ দাওৱাতৰ প্ৰচাৰ আৰু তেওঁৰ বাণী উচ্চ কৰাৰ উদ্দেশ্যে একনিষ্ঠ হোৱা উচিত। মহান আল্লাহে কৈছে: "আৰু নিশ্চয় মছজিদসমূহ আল্লাহৰ বাবেই (নিৰ্মিত), গতিকে তোমালোকে আল্লাহৰ লগত আন কাকো নামাতিবা।" (ছুৰা আল-জিনঃ ১৮)

২- খতীবে খুতবা ইমান দীঘলীয়া কৰা উচিত নহয় যে, সেয়া শ্ৰোতাসকলৰ বাবে কষ্টকৰ হৈ পৰে আৰু খুতবা শুনাৰ প্ৰতি বিমুখ কৰি তোলে। লগতে ইমানো চমু কৰা উচিত নহয় যে, যাৰ ফলত মূল বিষয়বস্তু ব্যাহত হয় আৰু অসম্পূৰ্ণ হৈ পৰে।

৩- খতীবৰ বাবে উচিত যে, তেওঁ খুতবা প্ৰদানৰ সময়ত শ্ৰোতাসকলৰ গ্ৰহণযোগ্যতা আৰু বুজ-শক্তিলৈ লক্ষ্য ৰাখিব। তেওঁ সাধাৰণ লোকসকলৰ বোধশক্তি অনুসৰি তেওঁলোকৰ বাবে সহজ ভাষাত খুতবা দিব আৰু বুজিবলৈ কঠিন হোৱা শব্দ ব্যৱহাৰৰ পৰা বিৰত থাকিব। মধ্যমীয়া জ্ঞানৰ অধিকাৰী লোকসকলৰ সৈতে মধ্যম পন্থা অৱলম্বন কৰিব আৰু বিশেষ জ্ঞানী লোকসকলৰ সৈতে উচ্চ পৰ্যায়ৰ ভাষা ব্যৱহাৰ কৰিব। এইদৰে তেওঁ সকলো শ্ৰেণীৰ লোকৰ বাবে এজন প্ৰজ্ঞাসম্পন্ন ব্যক্তি হ’ব, যিয়ে সকলো বিষয়কে তাৰ যথাযোগ্য স্থান দিয়ে। আৰু প্ৰতিটো অৱস্থাতে তেওঁ নিজৰ কথাত সকলো ধৰণৰ ভিত্তিহীন আলংকাৰিক আড়ম্বৰৰ পৰা বিৰত থাকিব।

৪- শত্ৰুতা আৰু বিদ্বেষ সৃষ্টিকাৰী বিতৰ্কিত বিষয়সমূহ পৰিহাৰ কৰা, কাৰণ খতীবৰ প্ৰধান দায়িত্ব হৈছে মানুহক শিক্ষা দিয়া, সত্যৰ ওপৰত তেওঁলোকৰ অন্তৰক একত্ৰিত কৰা আৰু তেওঁলোকৰ মাজৰ পৰা বিভেদৰ কাৰণসমূহ দূৰ কৰা।

৫- বাক্যত ছন্দ সজোৱা বা গভীৰতা প্ৰদৰ্শনত অতিৰঞ্জিত নকৰি, বৰঞ্চ আটাইতকৈ স্পষ্ট আৰু সংক্ষিপ্ত বাক্যৰ দ্বাৰা উপকাৰী অৰ্থ প্ৰকাশ কৰাতহে গুৰুত্ব দিয়া।

৬- ঘৃণনীয় আৰু কৃত্ৰিম অনুকৰণ, আৰু বিখ্যাত খত্বীবসকলৰ ব্যক্তিত্বৰ হুবহু নকল কৰাৰ পৰা বিৰত থকা; কাৰণ এনে কৰিলে মানুহৰ মনত অস্বস্তি আৰু অসন্তুষ্টিৰ সৃষ্টি হয়। [169] [169] দ্রষ্টব্য: ‘উছলূবু খুতবাতিল জুমু‘আ’, আব্দুল্লাহ বিন দ্বাইফুল্লাহ আৰ-ৰুহাইলী: (পৃষ্ঠা: ১২, ২০, ২২); আৰু ‘খামছূনা ওৱাছিয়্যাহ ওৱা ওৱাছিয়্যাহ লিতাকূনা খতীবান নাজিহান’, আমীৰ বিন মুহাম্মাদ আল-মাদৰী (পৃষ্ঠা: ৩৩, ৭৩, ৮৭)।

নৱম মাছআলা: খুৎবাৰ উদ্দেশ্য আৰু ইয়াৰ লক্ষ্য:

জুমুআৰ খুতবাৰ জৰিয়তে নিম্নলিখিত উদ্দেশ্যসমূহ পূৰণ কৰাৰ লক্ষ্য লোৱা উচিতঃ

১। তাওহীদৰ মূলনীতি, ইয়াৰ গুৰুত্ব আৰু ফজীলত বৰ্ণনা কৰা, আৰু শ্বিৰ্কৰ সকলো বিভাগ, ৰূপ আৰু মাধ্যমৰ পৰা সতৰ্ক কৰা।

২- মহান আল্লাহ তাআ'লা, আখিৰাতত তেওঁৰ হিচাপ-নিকাচ আৰু প্ৰতিদান, আৰু অন্তৰক জীৱন দান কৰা ৰাব্বানী তত্ত্বসমূহৰ বিষয়ে উপদেশ দিয়া আৰু স্মৰণ কৰোৱা, লগতে কল্যাণৰ প্ৰতি আহ্বান জনোৱা, ভাল কামৰ আদেশ দিয়া আৰু বেয়া কামৰ পৰা নিষেধ কৰা।

৩- মুছলমানসকলক আল্লাহ তা'আলাৰ কিতাপ আৰু তেওঁৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নতৰ পৰা তেওঁলোকৰ দ্বীনৰ বাস্তৱতাসমূহ বুজাই দিয়া আৰু শিক্ষা দিয়া, লগতে চৰমপন্থা আৰু শৈথিল্যৰ পৰা আখলাক আৰু আদব-কায়দাক সুৰক্ষিত ৰখাৰ প্ৰতি গুৰুত্ব আৰোপ কৰা।

4- বাক-বিতণ্ডা আৰু গালি-গালাজৰ পৰা বিৰত থাকি, যুক্তিসংগত আৰু প্ৰজ্ঞাপূৰ্ণ পদ্ধতিৰে ইছলাম সম্পৰ্কে থকা ভুল ধাৰণাবোৰ সংশোধন কৰা, লগতে মানুহক বিভ্ৰান্ত কৰাৰ উদ্দেশ্যে বিৰোধীসকলে উত্থাপন কৰা বিভিন্ন সংশয় আৰু ভিত্তিহীন কথাবোৰ খণ্ডন কৰা।

৫- ধ্বংসাত্মক আৰু বিভ্রান্তিকৰ চিন্তা-ধাৰাৰ মোকাবিলা কৰিবলৈ সঠিক ইছলামক উম্মতৰ সেই মৌলিক জীৱন-ব্যৱস্থা হিচাপে উপস্থাপন কৰা, যিটোক আল্লাহে তেওঁলোকৰ বাবে পছন্দ কৰিছে আৰু উম্মতেও নিজৰ বাবে দ্বীন হিচাপে গ্ৰহণ কৰিছে, লগতে ইয়াৰ সামগ্ৰিকতা, ভাৰসাম্য, গভীৰতা আৰু ইতিবাচকতাৰ দৰে বৈশিষ্ট্যসমূহকো তুলি ধৰা।

৬- খুতবাক জীৱনৰ সৈতে, আৰু মানুহে বসবাস কৰা বাস্তৱতাৰ সৈতে সংযুক্ত কৰা। এই উদ্দেশ্যত মহান ইছলামী শ্বৰীয়তৰ পৰা সমাধান আহৰণ কৰি সমাজৰ ব্যাধিসমূহৰ চিকিৎসা আৰু ইয়াৰ সমস্যাসমূহৰ সমাধানৰ ওপৰত গুৰুত্ব দিয়া, লগতে আক্বীদাহ আৰু ইয়াৰ সংস্কাৰ, ইছলাম আৰু ঈমানৰ আৰকানসমূহ, মুছলিম নাৰী আৰু পৰিয়ালৰ বিষয়সমূহ তথা মানুহৰ বাবে প্ৰয়োজনীয় আন আন বিষয়ৰ প্ৰতিও মনোযোগ দিয়া।

৭- গোটেই বছৰজুৰি পুনৰাবৃত্তি হোৱা বিভিন্ন সময়োপযোগী অনুষ্ঠান, যেনে- ৰমজান, হজ্জ ইত্যাদিৰ প্ৰতি লক্ষ্য ৰখা, যিবোৰে শ্ৰোতাসকলৰ মনক ব্যস্ত ৰাখে আৰু সেই সম্পৰ্কে এনে জ্ঞান অৰ্জনৰ বাবে আগ্ৰহী কৰি তোলে যি তেওঁলোকৰ পথ আলোকিত কৰে।

৮- মুছলিমসকলৰ মাজত ইছলামী ভাতৃত্ববোধ শক্তিশালী কৰা, আৰু মুছলিমসকলৰ মাজত বিভেদ সৃষ্টিকাৰী বৰ্ণবাদী, মাযহাবী, আঞ্চলিকতাবাদ আদি সকলো ধৰণৰ গোড়ামি আৰু মতবাদক প্ৰতিৰোধ কৰা।

দশম মছআলাঃ খুতবা প্ৰস্তুত কৰাৰ পদ্ধতিঃ

খতীবে নিজৰ খুতবা নিখুঁতভাৱে প্ৰস্তুত কৰাৰ প্ৰতি মনোযোগ দিয়া উচিত, আৰু নিম্নলিখিত বিষয়বোৰ বিবেচনা কৰা উচিত:

সাধাৰণতে খুতবা তিনিটা অংশৰে গঠিত হয়: ভূমিকা, বিষয়বস্তু আৰু সামৰণি। এইবোৰ এনেকুৱা উপাদান, যাৰ বিষয়ে লিখাৰ বা উপস্থাপন কৰাৰ সময়ত স্পষ্টভাৱে উল্লেখ কৰা নহয়। তদুপৰি এইবোৰ পৰস্পৰে জড়িত আৰু সুসংগঠিত উপাদান। খতিবৰ সামৰ্থ্য, তেওঁৰ জ্ঞানৰ গভীৰতা আৰু অভিজ্ঞতা অনুসৰি এইবোৰৰ মাজৰ সম্পৰ্কৰ মান উন্নত হয়, যাৰ ফলত খুতবাৰ অংশসমূহ সুসংগঠিত হয় আৰু ইয়াৰ গাঁথনি মজবুত হয়।

এই শৃংখলাবদ্ধতা আৰু সুসংহতাই অৰ্থক স্পষ্ট কৰি তোলে আৰু উদ্দেশ্যক প্ৰকাশ কৰে, আৰু ই বক্তাৰ বাবে শ্ৰোতা আৰু উপস্থিত ব্যক্তিসকলৰ পৰা মনোযোগপূৰ্ণ শ্ৰৱণ আৰু সম্পূৰ্ণ একাগ্রতা নিশ্চিত কৰে।

ভূমিকা: খতিবে নিজৰ ভূমিকা আৰু আৰম্ভণিৰ ওপৰত মনোযোগ দিয়া উচিত। তেওঁ এনেকুৱা আৰম্ভণি বাক্যৰে খুতবা আৰম্ভ কৰিব লাগে, যিবোৰে শ্রোতাক খুতবাৰ উদ্দেশ্যৰ বিষয়ে ইংগিত দিয়ে, মনোযোগ আকর্ষণ কৰে আৰু তেওঁলোকৰ আত্মাক প্রস্তুত কৰে। এই আৰম্ভণি কোনো সতর্কতামূলক অথবা উৎসাহমূলক কোৰআনৰ আয়াত, নাইবা নবী (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ কোনো জ্ঞানগর্ভ বাণীৰ জৰিয়তেও হ'ব পাৰে। খুতবাৰ আৰম্ভণিয়েই হৈছে খতিবে তেওঁৰ শ্রোতামণ্ডলীৰ সন্মুখত আগবঢ়োৱা প্রথম কথা। এতেকে, যদি তেওঁ এক উত্তম উপস্থাপনাৰে তেওঁলোকক আকৃষ্ট কৰিব পাৰে, তেন্তে তেওঁলোকে তেওঁৰ বাকী খুতবাটো পূর্ণ উৎসাহ আৰু সক্ৰিয়তাৰে অনুসৰণ কৰিবলৈ সক্ষম হ'ব।

বক্তব্যৰ আৰম্ভণিতে বক্তাৰ উদ্দেশ্যৰ ইংগিত থকা উচিত। যিহেতু এইটো জনাজাত যে, জুমুআৰ খুতবা আল্লাহৰ প্রশংসা, তেওঁৰ গুণানুকীৰ্ত্তন, দুয়োটা শ্বাহাদত আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ ওপৰত চালাত আৰু চালামৰ দ্বাৰা আৰম্ভ হয়, সেয়েহে এই শব্দবোৰৰ এনে এক উৎকৃষ্ট বাছনি থাকিব লাগে, যিয়ে খুতবাৰ বিষয়বস্তু আৰু উদ্দেশ্যক সূচায়।

বিষয়বস্তু: এইটোৱেই হৈছে খুতবাৰ মূল উদ্দেশ্য। খুতবাৰ আৰম্ভণিতে বিষয়বস্তু স্পষ্টকৈ উল্লেখ কৰা উচিত। যেনে এনেদৰে কোৱা, “মই আপোনালোকক অমুক বিষয়ত ক’ব বিচাৰিছোঁ...”৷ বিশেষকৈ যদি বিষয়টো সাম্প্ৰতিক হয়, যিটো লৈ সমাজত ব্যাপক চৰ্চা চলি আছে আৰু সকলোৱে তাৰ বিষয়ে এক সন্তোষজনক বক্তব্য বিচাৰি আছে।

কেতিয়াবা কোনো বিষয় পোনপটীয়াকৈ আলোচনা কৰাটো উচিত নহয়, কাৰণ হয়তো বিষয়টো স্পৰ্শকাতৰ হ'ব পাৰে অথবা ই মানুহৰ মাজত বিভেদৰ সৃষ্টি কৰিব পাৰে। এনে অৱস্থাত খতীবৰ বাবে উচিত যে, তেওঁ বিষয়টো পৰ্যায়ক্ৰমে আৰু পৰোক্ষভাৱে উত্থাপন কৰিব, যাতে তেওঁ শ্ৰোতাসকলক এক যুক্তিসংগত ক্ৰম অনুসৰি লৈ গৈ উত্তেজনা আৰু বিভেদৰ পৰা আঁতৰি থাকি ভাৰসাম্য আৰু সংযমতাৰে নিজৰ উদ্দেশ্যত উপনীত হ’ব পাৰে। এইদৰেই খতীবে তেওঁৰ লক্ষ্য পূৰণ কৰিব পাৰে, অৰ্থাৎ যিসকলৰ আত্মা সেই বিষয়টোৰ প্ৰতি বিমুখ থাকে অথবা যাৰ বাবে সেই কথা অপৰিচিত, তেওঁলোকক মানসিকভাৱে প্ৰস্তুত কৰিব পাৰে।

খুতবাৰ বিষয়বস্তু সাধাৰণতে দুটা মৌলিক স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত: স্পষ্টীকৰণ আৰু দলিল উপস্থাপন।

স্পষ্টীকৰণ কৰাটো হৈছে, আলোচ্য বিষয়টোৰ সংজ্ঞা উল্লেখ কৰা, আৰু ইয়াৰ গুণ, বৈশিষ্ট্য তথা উপকাৰিতাসমূহ বৰ্ণনা কৰা।

প্ৰমাণ সাব্যস্ত কৰাৰ ক্ষেত্ৰত, সাধাৰণতে বিষয়বস্তুটোক শক্তিশালী কৰিবলৈ দলীল-প্ৰমাণ আৰু যুক্তিৰ প্ৰয়োজন হয়। এইবোৰ সাধাৰণতে কোৰআন, হাদীছ আৰু চালাফসকলৰ উক্তিৰ পৰা লোৱা হয়, আৰু লগতে কিয়াছ আৰু শিক্ষা গ্ৰহণৰ বাবে কিছুমান ঘটনাৰো উল্লেখ কৰা হয়। এই ক্ষেত্ৰত, পৰিস্থিতি আৰু বিষয়বস্তুৰ সৈতে সংগতি ৰাখি, ধাৰ্মিকতা, নেতৃত্ব, উচ্চ নৈতিকতা, দুনিয়াবিমুখতা, সাহসিকতা আৰু তাক্বৱাৰ বাবে পৰিচিত বিখ্যাত ইমাম আৰু জ্ঞানীসকলৰ পৰা উদ্ধৃতি দিয়াটোও যথেষ্ট উপকাৰী।

খুতবাৰ উপসংহাৰ: খতীবে নিজৰ বিষয়বস্তু উপস্থাপন সমাপ্ত কৰাৰ পিছত, তেওঁৰ খুতবাটো এটা উপযুক্ত উপসংহাৰৰ সৈতে শেষ কৰা উচিত, য'ত তেওঁ নিজৰ ভাৱনাবোৰক একত্ৰিত কৰি ভিন্ন বাক্যৰে আৰু সংক্ষিপ্ত ৰূপত বিষয়বস্তুটোৰ সাৰাংশ দাঙি ধৰে। কাৰণ এই ক্ষেত্ৰত ভাষণ দীঘলীয়া কৰিলে ই বিৰক্তিৰ সৃষ্টি কৰে আৰু চিন্তাক বিচ্ছিন্ন কৰে।

ইয়াত নতুন চিন্তা-ধাৰণা আৰু নতুন দলিল অন্তৰ্ভুক্ত থকা উচিত নহয়; কাৰণ তেনে কৰিলে সেয়া উপসংহাৰ হৈ নাথাকে, বৰঞ্চ খুতবাৰ এটা অংশ আৰু ইয়াৰেই এক সম্প্ৰসাৰণহে হয়।

উপসংহাৰটো ইয়াৰ অভিব্যক্তি আৰু প্ৰভাৱৰ ফালৰ পৰা শক্তিশালী হোৱা আৱশ্যক, কাৰণ ইয়েই হৈছে শ্ৰোতাৰ কৰ্ণগোচৰ হোৱা আৰু তেওঁৰ মানসপটত ৰৈ যোৱা অন্তিম বিষয়। যদি ইয়াৰ গঠনশৈলী দুৰ্বল আৰু উপস্থাপন নীৰস হয়, তেন্তে খুৎবাৰ উপকাৰিতা বিলুপ্ত হয়।

কেতিয়াবা উপসংহাৰটো পূৰ্বে উল্লেখ নকৰা কোৰআনৰ কোনো আয়াত হ'ব পাৰে, যিয়ে বিষয়বস্তুটোক তৰগীব (উৎসাহ), তাৰহীব (সতৰ্কীকৰণ), অথবা দলিল-প্ৰমাণৰ জৰিয়তে সামৰি লয়। কেতিয়াবা কোৰআনৰ আয়াতৰ দৰে একেই ভাৱাৰ্থ প্ৰকাশ কৰা কোনো নবুৱী হাদীছো হ'ব পাৰে, আৰু কেতিয়াবা খুতবাৰ মূল উপাদানসমূহক এক ভিন্ন শৈলীৰে, শক্তিশালী প্ৰভাৱ পেলোৱা এক সামগ্ৰিক আৰু স্পষ্ট ৰূপত পুনৰাবৃত্তি কৰা হ'ব পাৰে।

খতীবৰ বাবে মনোযোগ দিবলগীয়া দুটা বিষয় হ'ল: বিষয়বস্তুৰ একতা, নতুনত্ব আৰু পৰিৱৰ্তন।

বিষয়বস্তুৰ একতা: এটা একক বিষয়বস্তুৰ মাজত সীমাবদ্ধ থকা উচিত; যাৰ উপাদানসমূহ সম্পূৰ্ণৰূপে সামৰি লোৱা হয়, শব্দ চয়ন মাৰ্জিত হয়, আৰু আলোচনাও গভীৰ হয়। কাৰণ, একেটা আলোচনাতে একাধিক বিষয় আৰু বিভিন্ন প্ৰসংগৰ অৱতাৰণাই মনোযোগ ছিন্ন-ভিন্ন কৰে, এটাৰ বাবে আনটো বিস্মৃত হয়, আৰু ই আলোচনাক বিৰক্তিকৰভাৱে দীঘলীয়া কৰাৰ লগতে বিষয়বস্তুৰ এক অস্পষ্ট ছবি দাঙি ধৰে আৰু বিশ্লেষণক অগভীৰ কৰি তোলে।

নতুনত্ব আৰু পৰিৱৰ্তন: ইয়াৰ অৰ্থ হৈছে যে, তেওঁৰ খুতবাহসমূহ একে ধৰণৰ পৌনঃপুনিক বিষয়বস্তুতে সীমাবদ্ধ নাৰাখি তাত বৈচিত্ৰ্য আনিব লাগে; যাতে শ্বৰীয়তৰ সকলো বিষয় যেনে- তাওহীদ, ইবাদত, মুআমালাত, আখলাক আদি অন্তৰ্ভুক্ত হয়।

তেওঁৰ উপস্থাপন-শৈলী আৰু পদ্ধতি যাতে কোনো এটা নিৰ্দিষ্ট ধাৰাতে সীমাবদ্ধ নাথাকে, বৰং ই কেতিয়াবা প্রশ্নবোধক, কেতিয়াবা ব্যাখ্যামূলক, কেতিয়াবা উদাহৰণভিত্তিক আৰু কেতিয়াবা হিকমত তথা ৰহস্য অনুসন্ধানমূলক হোৱা উচিত। লগতে সমাজৰ বাস্তৱিকতাৰ সৈতে সহাৱস্থান কৰি, জনসাধাৰণৰ প্ৰয়োজনীয়তা অনুধাৱন কৰি, আৰু তেওঁলোকৰ ওপৰত এইবোৰ পৰিৱৰ্তনৰ প্ৰভাৱৰ সৈতে সংগতি ৰাখি তেওঁলোকক দিক-নিৰ্দেশনা দিয়া আৰু জ্ঞান দান কৰা উচিত।[170] [170] দ্ৰষ্টব্যঃ ড. ছালিহ বিন আব্দুল্লাহ বিন হুমাইদৰ “মানহাজ ফি ই'দাদ খুতবাতিল জুমু'আহ” (পৃ. ২২) আৰু তাৰ পৰৱৰ্তী অংশ।

চতুৰ্থ আলোচনাঃ মছজিদৰ বিধান

প্ৰথম প্ৰসঙ্গঃ মছজিদৰ সংজ্ঞা

চৰীয়তৰ পৰিভাষাত মছজিদ হৈছে এনেকুৱা স্থান, য'ত পাঁচ ওৱাক্ত ফৰজ চালাত, জুমুআ আৰু অন্যান্য চালাতসমূহ আদায় কৰা হয়, আৰু য'ত আজান দিয়া হয়। ইয়াক মছজিদ বোলা হয়; কাৰণ এইখন হৈছে আল্লাহ তাআলাক ছাজদাহ কৰাৰ স্থান।

মছজিদ আৰু মুছাল্লাৰ মাজত পাৰ্থক্য

মছজিদ হৈছে এনেকুৱা স্থান, যিটোক স্থায়ীভাৱে ফৰজ চালাতসমূহৰ বাবে নিৰ্দিষ্ট কৰা হৈছে আৰু সেই উদ্দেশ্যেই অকফ কৰা হৈছে। আনহাতে মুছাল্লা হৈছে এনেকুৱা ঠাই, যিটোক কোনো সাময়িক চালাতৰ বাবে গ্ৰহণ কৰা হয়; যেনে- বিদ্যালয়, অনুষ্ঠান-প্ৰতিষ্ঠান, কোম্পানী আৰু ভ্ৰমণৰ পথত থকা ইত্যাদি মুছাল্লাসমূহ, যিবোৰক পাঁচ ওৱাক্ত চালাতৰ বাবে অকফ কৰা হোৱা নাই। মুছাল্লাত প্ৰৱেশ কৰিলে তাহিয়্যাতুল মছজিদ আদায় কৰাটো ছুন্নত নহয়, বৰং মছজিদত প্ৰৱেশ কৰিলেহে এইটো ছুন্নত।

দ্বিতীয় বিষয়: মছজিদ নিৰ্মাণ আৰু ইয়াৰ ফজিলত

মছজিদ হৈছে পৃথিৱীৰ সৰ্বোত্তম আৰু আটাইতকৈ মৰ্যাদাপূৰ্ণ স্থান, য'ত সর্বোত্তম ইবাদত অৰ্থাৎ চালাত আদায় কৰা হয়। মহান আল্লাহে কৈছে: "সেইবোৰ ঘৰত যিবোৰক সমুন্নত কৰিবলৈ আৰু তেওঁৰ নাম স্মৰণ কৰিবলৈ আল্লাহে নিৰ্দেশ দিছে, পুৱা-গধূলি তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে, সেইসকল লোকে, যিসকলক ব্যৱসায়-বাণিজ্য আৰু বেচা-কিনাই আল্লাহৰ স্মৰণৰ পৰা আৰু ছালাত কায়েম কৰাৰ পৰা, লগতে যাকাত প্ৰদান কৰাৰ পৰা বিৰত ৰাখিব নোৱাৰে, তেওঁলোকে সেই দিৱসক ভয় পায় যিদিনা বহুতো অন্তৰ আৰু দৃষ্টিসমূহ ওলট-পালট হৈ যাব।" (ছুৰা আন-নূৰঃ ৩৬-৩৭)

মহান আল্লাহে মছজিদসমূহক সন্মান আৰু মৰ্যাদা প্ৰদানৰ বাবে নিজৰ সৈতে সম্পৃক্ত কৰিছে, তেওঁ কৈছে: "আৰু সেইজনতকৈ অধিক যালিম আৰু কোন হ’ব পাৰে, যিয়ে আল্লাহৰ মছজিদসমূহত তেওঁৰ নাম স্মৰণ কৰিবলৈ বাধা দিয়ে ..." (ছুৰা আল-বাক্বাৰাহঃ ১১৪) মহান আল্লাহে আৰু কৈছেঃ "আৰু নিশ্চয় মছজিদসমূহ আল্লাহৰ বাবেই (নিৰ্মিত), গতিকে তোমালোকে আল্লাহৰ লগত আন কাকো নামাতিবা।" (ছুৰা আল-জিনঃ ১৮)

এইকাৰণেই চৰীয়তে ইয়াক নিৰ্মাণ কৰা আৰু ইয়াক প্ৰকাশ্য আৰু অপ্ৰকাশ্যভাৱে আবাদ ৰখাৰ প্ৰতি উৎসাহিত কৰিছে। যেনে- মহান আল্লাহে কৈছেঃ "একমাত্ৰ তেওঁলোকেই আল্লাহৰ মছজিদসমূহক সুচাৰুৰূপে পৰিচালনা কৰিব তথা তত্বাৱধান ল'ব, যিসকলে ঈমান আনিছে আল্লাহৰ প্ৰতি আৰু শেষ দিৱসৰ প্ৰতি, ছালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে লগতে আল্লাহৰ বাহিৰে আন কাকো ভয় নকৰে। এতেকে আশা কৰা যায় যে, তেওঁলোকেই হ’ব সৎপথ প্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত।" (ছুৰা আত-তাওবাহঃ ১৮)

উচমান বিন আফ্ফান ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "যিয়ে আল্লাহৰ সন্তুষ্টি অৰ্জনৰ উদ্দেশ্যে মছজিদ নিৰ্মাণ কৰে, আল্লাহে তাৰ বাবে জান্নাতত অনুৰূপ এখন ঘৰ নিৰ্মাণ কৰে।" [171] [171] (বুখাৰীঃ ৪৫০, আৰু মুছলিমঃ ৫৩৩)

জাবিৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে আল্লাহৰ সন্তুষ্টি অৰ্জনৰ উদ্দেশ্যে এটা কপতি চৰাইৰ বাহৰ সমান অথবা তাতোকৈও সৰু মছজিদৰ অংশ নিৰ্মাণ কৰে, আল্লাহে তেওঁৰ বাবে জান্নাতত এটা ঘৰ নিৰ্মাণ কৰে।" [172] [172] (ইবনে মাজাহঃ ৭৩৮, আল-বুছীৰীয়ে আয-যাওৱাইদত (১/৯৪) কৈছে, ইয়াৰ চনদ ছহীহ।)

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ "এটা কপতি চৰাইৰ বাহৰ দৰে হ'লেও।" অৰ্থাৎ, মাইকী চৰাই এটাই কণী পৰিবলৈ মাটিত যি স্থান বনাই লয়। ইয়াৰ দ্বাৰা ক্ষুদ্ৰতাৰ চূড়ান্ত উদাহৰণ দাঙি ধৰা হৈছে, যাতে কোনেও নিৰ্মাণ কৰা মছজিদক তুচ্ছ জ্ঞান নকৰে, যদিও সেয়া অত্যন্ত সৰু হয়।

ইয়াৰ অন্তৰ্ভুক্ত সেই ব্যক্তিও হ’ব যিয়ে মছজিদ নিৰ্মাণত অৱদান আগবঢ়ায়, সেয়া লাগিলে এটা ইটা বা মাটিৰ দ্বাৰাই নহওক কিয়, অথবা নিজ হাতেৰে তাত কাম কৰি, নাইবা শ্ৰমিকসকলক মজুৰি প্ৰদান কৰি, বা এনেকুৱা আন যিকোনো কাম, যাৰ দ্বাৰা এইটো প্ৰমাণিত হয় যে, ব্যক্তিজনে শাৰীৰিকভাৱে বা আৰ্থিকভাৱে মছজিদ নিৰ্মাণত সহায় কৰিছে। এই কাম কেৱল ছোৱাব পোৱাৰ উদ্দেশ্যেই কৰিব লাগিব। ইয়াৰ প্ৰতিদান হৈছে, আল্লাহে তাৰ বাবে জান্নাতত তেনেকুৱা এটা ঘৰ নাইবা তাতোকৈয়ো বিশাল ঘৰ নিৰ্মাণ কৰি দিব। কাৰণ জান্নাতৰ ঘৰক পৃথিৱীৰ ঘৰৰ সৈতে তুলনা কৰিব নোৱাৰি, আৰু এই দুয়োটাৰ মাজত কোনো সাদৃশ্যও নাই। এই কথাই সেইসকল লোকক উৎসাহিত কৰে যাক আল্লাহে স্বচ্ছলতা প্ৰদান কৰিছে, যাতে তেওঁলোকে কল্যাণকৰ কামত খৰধৰ কৰে, আৰু এই পাৰ্থিৱ জীৱনৰ সুযোগৰ সৎব্যৱহাৰ কৰে, আৰু নিজৰ আখিৰাতৰ বাবে এনে কিবা আগবঢ়াই থৈ যায়, যাৰ ছোৱাব তেওঁলোকে নিজৰ প্ৰতিপালকৰ ওচৰত বহুগুণে বৃদ্ধি পোৱা অৱস্থাত পাব।[173] [173] দ্ৰষ্টব্যঃ শ্বাইখ ইবনে জিব্ৰীন ৰাহিমাহুল্লাহৰ "ফুচুল ৱা মাছাইল তাতা'আল্লাকু বিল-মাছাজিদ" (পৃঃ ১৪)।

তৃতীয়: মছজিদ নিৰ্মাণ আৰু ইয়াৰ ফজিলত

মছজিদৰ আবাদকৰণৰ সাধাৰণ অৰ্থই বস্তুগত আৰু আধ্যাত্মিক—উভয় প্ৰকাৰৰ আবাদকৰণকে সামৰি লয়। সেয়েহে ইয়াৰ অন্তৰ্ভুক্ত হৈছে: মছজিদ নিৰ্মাণ কৰা আৰু তাক মেৰামতি কৰা, তাত পোহৰ আৰু দলিচাৰ ব্যৱস্থা কৰা, ইয়াৰ খেদমত কৰা আৰু পৰিষ্কাৰ-পৰিচ্ছন্ন ৰখা, তাত আল্লাহৰ ইবাদত কৰা, ইয়াৰ বাবে ইমাম আৰু মুৱাজ্জিন নিয়োগ কৰা, আৰু তাত জ্ঞান চৰ্চাৰ বৈঠক অনুষ্ঠিত কৰা; যেনে কোৰআন, ফিকহ, তাফছীৰ, হাদীছ আৰু অন্যান্য উপকাৰী জ্ঞানৰ শিক্ষা প্ৰদান কৰা, তাত কৰ্মৰত লোকসকলৰ বাবে জীৱিকাৰ ব্যৱস্থা কৰা, লগতে মছজিদৰ কল্যাণ হোৱা বস্তু অকফ কৰা, যেনে ইমাম, মুৱাজ্জিন, শিক্ষক আৰু তাত থকা জ্ঞান অৰ্জনকাৰী ছাত্ৰসকলৰ বাবে বাসস্থান অকফ কৰা, অজুখানা নিৰ্মাণ কৰা আৰু এইধৰণৰ অন্যান্য কল্যাণমূলক কাম কৰা।

মহান আল্লাহে কৈছেঃ "একমাত্ৰ তেওঁলোকেই আল্লাহৰ মছজিদসমূহক সুচাৰুৰূপে পৰিচালনা কৰিব তথা তত্বাৱধান ল'ব, যিসকলে ঈমান আনিছে আল্লাহৰ প্ৰতি আৰু শেষ দিৱসৰ প্ৰতি, ছালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে লগতে আল্লাহৰ বাহিৰে আন কাকো ভয় নকৰে। এতেকে আশা কৰা যায় যে, তেওঁলোকেই হ’ব সৎপথ প্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত।" (ছুৰা আত-তাওবাহঃ ১৮)

এই পবিত্ৰ আয়াতটোৱে সেইসকল লোকৰ ঈমানক সাব্যস্ত কৰিছে যিসকলে তাত চালাত আদায় কৰে, তাক পৰিষ্কাৰ-পৰিচ্ছন্ন কৰে আৰু তাৰ ক্ষতিগ্ৰস্ত অংশ মেৰামতি কৰাৰ দ্বাৰা মছজিদসমূহক সজীৱ কৰি ৰাখে।[174] [174] দ্ৰষ্টব্যঃ মুহাম্মাদ আল-আৰফাজৰ ‘আল-মাশ্বৰু' অল-মামনু' ফীল-মাছজিদ’ (পৃঃ ৯)।

চতুৰ্থ পৰিচ্ছেদ: মছজিদসমূহক ময়লা-আৱৰ্জনাৰ পৰা পৱিত্ৰ ৰখা আৰু সংৰক্ষণ কৰা।

যিহেতু মছজিদবোৰ হৈছে ইবাদত আৰু আনুগত্যৰ জৰিয়তে আল্লাহ তাআলাৰ নৈকট্য লাভ কৰাৰ স্থান, সেয়েহে এইবোৰক অপৱিত্ৰতা, আৱৰ্জনা আৰু লেতেৰা বস্তুৰ পৰা সংৰক্ষণ আৰু সুৰক্ষা দিয়াৰ আদেশ দিয়া হৈছে, যাতে ইয়াৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সৌন্দৰ্য্য বৰ্তি থাকে।

শ্বাইখ ইবনে ছা’দী ৰাহিমাহুল্লাহে এই আয়াতৰ তাফছীৰত কৈছেঃ "সেইবোৰ ঘৰত যিবোৰক সমুন্নত কৰিবলৈ আৰু তেওঁৰ নাম স্মৰণ কৰিবলৈ আল্লাহে নিৰ্দেশ দিছে, পুৱা-গধূলি তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে৷" (ছুৰা আন-নূৰঃ ৩৬) তেওঁ কৈছেঃ "...সমুন্নত কৰিবলৈ আৰু তেওঁৰ নাম স্মৰণ কৰিবলৈ.." এইটো হৈছে মছজিদৰ বিধানৰ সমষ্টি, ইয়াৰ মৰ্যাদা বৃদ্ধি কৰাৰ অন্তৰ্ভুক্ত হৈছে: মছজিদ নিৰ্মাণ কৰা, ইয়াক ঝাৰু দিয়া আৰু নাপাকী তথা ময়লা-আৱৰ্জনাৰ পৰা পৰিষ্কাৰ-পৰিচ্ছন্ন ৰখা, মানসিকভাৱে অসুস্থ লোক আৰু নাপাকীৰ পৰা নিজকে বচাই নৰখা শিশুসকলৰ পৰা, তথা কাফিৰসকলৰ পৰা ইয়াক ৰক্ষা কৰা, লগতে ইয়াত অনৰ্থক কথা-বতৰা কোৱা আৰু আল্লাহৰ জিকিৰৰ বাহিৰে উচ্চস্বৰে কথা কোৱাৰ পৰা ইয়াক মুক্ত ৰখা।[175] [175] (তাফছীৰ আচ-ছাদীঃ ৫৬৯)

আবু হুৰাইৰাহ (ৰাদ্বিয়াল্লাহু আনহু)ৰ পৰা বৰ্ণিত, এগৰাকী কৃষ্ণাংগ মহিলাই মছজিদৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা কৰিছিল। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক বিচাৰি নাপাই তেওঁৰ বিষয়ে সোধ-পোচ কৰাত তেওঁলোকে ক’লে যে, তেওঁ মৃত্যুবৰণ কৰিছে। তেতিয়া তেখেতে ক'লে: তেখেতে ক’লেঃ (তোমালোকে মোক জনোৱা নাছিলা কিয়?) বৰ্ণনাকাৰীয়ে কৈছেঃ তেওঁলোকে মহিলাগৰাকীৰ বিষয়টোক গুৰুত্বহীন বুলি গণ্য কৰিছিল। তেতিয়া তেখেতে ক'লেঃ (মোক তাইৰ কবৰটো দেখুৱাই দিয়া।) তেওঁলোকে তেখেতক কবৰটো দেখুৱাই দিয়াত তেখেতে তাইৰ ওপৰত জানাযাৰ নামাজ আদায় কৰিলে। তাৰ পিছত তেখেতে ক'লেঃ "নিশ্চয় এই কবৰবোৰ ইয়াৰ অধিবাসীসকলৰ বাবে অন্ধকাৰেৰে পৰিপূৰ্ণ, আৰু নিশ্চয় সৰ্বশক্তিমান আল্লাহে তেওঁলোকৰ ওপৰত মোৰ চালাতৰ জৰিয়তে সেইবোৰ আলোকিত কৰি দিয়ে।" [176] [176] (বুখাৰীঃ ৪৬০, আৰু মুছলিমঃ ৯৫৬)

আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা প্ৰমাণিত আছে যে, তেওঁ কৈছেঃ এদিনাখন আমি ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে মছজিদত বহি আছিলোঁ, এনেতে এজন বেদুঈন মানুহে আহি মছজিদত প্ৰস্ৰাৱ কৰিবলৈ ধৰিলে। চাহাবীসকলে তাক বাধা প্ৰদান কৰি ক'লে, "বন্ধ কৰা, বন্ধ কৰা!"। তেতিয়া ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "তাক বাধা নিদিবা, অৰ্থাৎ তাৰ প্ৰস্ৰাৱ বন্ধ নকৰিবা, তাক এৰি দিয়া।" ফলত তেওঁলোকে তাক প্ৰস্ৰাৱ শেষ কৰা পৰ্যন্ত এৰি দিলে। ইয়াৰ পিছত আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে তাক মাতি নি ক'লেঃ "নিশ্চয় এই মছজিদসমূহ কোনো ধৰণৰ প্ৰস্ৰাৱ বা বেয়া বস্তুৰ বাবে উপযুক্ত নহয়। ইয়াত কেৱল আল্লাহৰ জিকৰ-আজকাৰ কৰা হয়, নামাজ পঢ়া হয় আৰু কোৰআন তিলাৱত কৰা হয়।" এতেকে তেখেতে এজন লোকক নিৰ্দেশ দিলে, ফলত তেওঁ এক বাল্টি পানী আনি সেই প্ৰস্ৰাৱৰ ওপৰত ঢালি দিলে। [177] [177] (বুখাৰীঃ ২১৯, আৰু মুছলিমঃ ২৮৫)

এই বিষয়ে কোনো মতানৈক্য নাই যে প্ৰস্ৰাৱ আৰু তেনে ধৰণৰ বস্তুবোৰ নাপাক, যাৰ পৰা মছজিদসমূহক পৱিত্ৰ ৰখা হয়, কাৰণ ইয়াৰ পৱিত্ৰতা চৰ্তস্বৰূপ। সেয়েহে মছজিদ, ইয়াৰ দলিচা আৰু ইয়াৰ লগত সংলগ্ন চোতাল, ছাদ আদি অংশসমূহক সকলো ধৰণৰ নাপাকীৰ পৰা পৱিত্ৰ ৰখা হয়, আৰু যেতিয়াই তাত তেনে কোনো বস্তু পৰে তেতিয়াই তাক পৱিত্ৰ কৰা হয়।

এইদৰেই খেকাৰ, নাকৰ শ্লেষ্মা, লেলাউটি, তেজ, পূঁজ আদিৰ দৰে অপৱিত্ৰ বস্তুৰ পৰা ইয়াক পৱিত্ৰ কৰাৰ বিষয়ে বৰ্ণিত হৈছে। এই বিষয়ে আনাছ ইবনে মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত আছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কিবলাৰ দিশত খেকাৰ দেখিলে। এই দৃশ্যটো তেখেতৰ বাবে ইমানেই কষ্টদায়ক আছিল যে, তাৰ প্ৰভাৱ তেখেতৰ মুখমণ্ডলতো স্পষ্ট হৈ পৰিছিল। তেতিয়া তেখেতে থিয় হৈ নিজ হাতেৰে তাক ঘঁহি আঁতৰাই দিলে, আৰু ক'লেঃ “নিশ্চয় তোমালোকৰ মাজৰ কোনোবাই যেতিয়া চালাতত থিয় হয়, তেতিয়া তেওঁ নিজৰ প্ৰতিপালকৰ সৈতে মুনাজাত কৰে - অথবা (এইদৰেও বৰ্ণিত আছে যে) তেওঁৰ ৰব তেওঁৰ আৰু কিবলাৰ মাজত থাকে - গতিকে তোমালোকৰ কোনোৱে যেন নিজৰ কিবলাৰ ফালে থু নেপেলায়, বৰং তেওঁৰ বাওঁফালে অথবা ভৰিৰ তলত পেলাব লাগে।” ইয়াৰ পিছত তেখেতে নিজৰ চাদৰৰ এটা কোণ লৈ তাত থু পেলালে, আৰু কাপোৰখনৰ এটা অংশ আনটোৰ ওপৰত দি ঘঁহি দিলে। তাৰ পিছত ক’লেঃ “নাইবা এইদৰে কৰিব লাগে।” [178] [178] (বুখাৰীঃ ৪০৫, আৰু মুছলিমঃ ৫৫১)

মছজিদত থু-খেকাৰ পেলোৱা সম্পৰ্কে বহুতো হাদীছ বৰ্ণিত আছে, য’ত এই কাম কৰিবলৈ নিষেধ কৰা হৈছে। ইয়াৰে কিছুমানত কিবলাৰ ফালে অথবা সোঁফালে থু-খেকাৰ পেলাবলৈ নিষেধ কৰা হৈছে, কিন্তু বাওঁফালে অথবা বাওঁভৰিৰ তলত পেলাই ভৰিৰে মোহাৰি দিয়াৰ অনুমতি আছে। নিঃসন্দেহে থু-খেকাৰ হৈছে এক ঘৃণনীয় বস্তু, সেয়েহে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া মছজিদৰ কিবলাৰ ফালে থু-খেকাৰ দেখিছিল, তেতিয়া তেখেতৰ মুখমণ্ডল ক্ৰোধত ৰঙা হৈ পৰিছিল। তেখেতে লগে লগে সেইটো হাতেৰে পৰিষ্কাৰ কৰিছিল আৰু সেই ঠাইত খালুক অথবা জাফৰান সানি দিছিল।

এইটো জনাজাত যে, যদি মছজিদ মাটিৰে নিৰ্মিত হয় তেন্তে তাক ঘঁহি পৰিষ্কাৰ কৰাটো সহজ, আৰু মজিয়াখন মাটিৰ হোৱা বাবে তাত পৰা কোনো অশুচি বস্তু পুতি থোৱা যায় অথবা সেই ঠাইৰ অপৱিত্ৰ মাটিখিনি আঁতৰাই পেলাব পাৰি।

যিহেতু বৰ্তমান সময়ত মছজিদসমূহ সাধাৰণতে টাইলচযুক্ত আৰু পৰিষ্কাৰ ফাৰ্চেৰে সজ্জিত হৈ পৰিছে, যিবোৰ লেতেৰা বস্তুৰ দ্বাৰা সহজে প্ৰভাৱিত হয় আৰু য'ত খেকাৰ, তেজ, পূঁজ আদিৰ চিন স্পষ্টকৈ ধৰা পৰে, সেয়েহে মছজিদৰ মজিয়াত থু-খেকাৰ পেলোৱাটো সম্পূৰ্ণৰূপে নিষিদ্ধ, সেয়া ফাৰ্চৰ ওপৰত হওক, দেৱালত হওক অথবা টাইলচৰ ওপৰতেই হওক। গতিকে যদি কাৰোবাৰ থু বা খেকাৰ আহে, তেন্তে তেওঁ তাৰ বাবে বাহিৰলৈ ওলাই যাব লাগে, অথবা কোনো ৰুমালত পেলাই সেয়া বাহিৰলৈ লৈ যাব লাগে, অথবা হাদিছত বৰ্ণিত থকাৰ দৰে নিজৰ কাপোৰৰ কোনো এটা অংশত পেলাই তাক ভাঁজ কৰি ল'ব লাগে, যাতে মছজিদটো পৰিষ্কাৰ আৰু পৱিত্ৰ হৈ থাকে।

এইদৰে আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ "ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মহল্লাসমূহত মছজিদ নিৰ্মাণ কৰিবলৈ, আৰু সেইবোৰক পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু সুগন্ধিত কৰি ৰাখিবলৈ নিৰ্দেশ দিছে।" ছুফিয়ানে কৈছেঃ “মহল্লাসমূহত মছজিদ নিৰ্মাণ কৰাৰ অৰ্থ হৈছে বিভিন্ন গোত্ৰৰ এলেকাত মছজিদ নিৰ্মাণ কৰা।”[179] [179] (তিৰমিজীঃ ৫৯৪), দ্ৰষ্টব্যঃ «ফূছূল ওৱা মাছাইল তাতাআল্লাকু বিল মাছাজিদ» (পৃষ্ঠা: ২৭)।

পঞ্চম বিষয়: কবৰৰ ওপৰত মছজিদ নিৰ্মাণ কৰা অথবা মছজিদত কবৰ অন্তৰ্ভুক্ত কৰাৰ বিধান।

যিকোনো ব্যক্তিৰ কবৰৰ ওপৰত মছজিদ নিৰ্মাণ কৰা কেতিয়াও বৈধ নহয়, তেওঁ যিয়েই নহওক কিয়। কাৰণ ইয়াৰ পৰা নিষেধ কৰা হৈছে। শ্বাইখুল ইছলাম ইবনে তাইমিয়া ৰাহিমাহুল্লাহে কৈছে: এই ক্ষেত্ৰত ইমামসকল একমত যে, কবৰৰ ওপৰত মছজিদ নিৰ্মাণ কৰা বৈধ নহয়; কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: “নিশ্চয় তোমালোকৰ পূৰ্বৱৰ্তী উম্মতবোৰে কবৰক মছজিদত পৰিণত কৰিছিল। সাৱধান, তোমালোকে কবৰক মছজিদত পৰিণত নকৰিবা; নিশ্চয় মই তোমালোকক এই কামৰ পৰা নিষেধ কৰিছোঁ।”

আৰু মছজিদত কোনো মৃত ব্যক্তিক দাফন কৰা নাজায়েজ। যদি দাফন কৰাৰ পূৰ্বে মছজিদটো আছিল, তেন্তে তাক পৰিৱৰ্তন কৰিব লাগিব: হয় কবৰটো সমান কৰি দিয়াৰ জৰিয়তে, নাইবা যদি কবৰটো নতুন হয় তেন্তে তাক খান্দি উলিওৱাৰ জৰিয়তে।

আৰু যদি কবৰৰ পিছত মছজিদ নিৰ্মাণ কৰা হয়: তেন্তে হয় মছজিদটো আঁতৰাই পেলোৱা হ'ব, নহ'লে কবৰটোৰ গাঁথনি ভাঙি দিয়া হ'ব। কবৰৰ ওপৰত নিৰ্মিত মছজিদত ফৰজ বা নফল কোনো চালাতে আদায় কৰা বৈধ নহয়; কিয়নো এইটো নিষিদ্ধ।[180] [180] মাজমু' আল-ফাতাৱা (২২/১৯৪)।

শ্বাইখুল ইছলাম ৰাহিমাহুল্লাহে উল্লেখ কৰা দলিলসমূহৰ উপৰিও এই বিষয়ে অন্যান্য দলিলো আছে: আঈশ্বা আৰু আব্দুল্লাহ ইবনু আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁলোকে কৈছে: যেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৃত্যু উপস্থিত হ’ল (অৰ্থাৎ তেখেতৰ ওপৰত মৃত্যু আহি পৰিল), তেখেতে নিজৰ মুখমণ্ডলখন এখন চাদৰেৰে ঢাকি ল'লে। যেতিয়া তেখেত অচেতন হৈ পৰিছিল তেতিয়া তেখেতে মুখমণ্ডলৰ পৰা সেইখন গুচাই দিছিল। সেই মৃত্যু শয্যাত তেখেতে কৈছিল: "ইয়াহুদী আৰু খ্ৰীষ্টানসকলৰ ওপৰত আল্লাহৰ অভিসম্পাত হওক, সিহঁতে সিহঁতৰ নবীসকলৰ সমাধিসমূহক উপাসনালয়ত পৰিণত কৰিছে।’’ তেওঁলোকৰ দৰে কাৰ্য কৰাৰ পৰা সতৰ্ক কৰা হৈছে। [181] [181] (বুখাৰীঃ ৪৩৫, আৰু মুছলিমঃ ৫৩১)

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মুমূৰ্ষ অৱস্থাত স্পষ্ট কৰি কৈছে যে, আল্লাহে ইয়াহুদী আৰু খ্ৰীষ্টানসকলক এই কাৰণে অভিসম্পাত কৰিছে যে, সিহঁতে সিহঁতৰ নবীসকলৰ সমাধিসমূহক উপাসনালয়ত পৰিণত কৰিছে। লগতে তেখেতে স্পষ্ট কৰিছে যে, এইটো আছিল পূৰ্বৱৰ্তী কাফিৰসকলৰ অভ্যাস। এইটো এইবাবেই কোৱা হৈছে, যাতে তেখেতৰ উম্মতক সিহঁতৰ অনুৰূপ কাৰ্যৰ পৰা সতৰ্ক কৰা হয়, আৰু তেওঁলোকৰ বাবে আল্লাহৰ সৈতে শ্বিৰ্ক কৰা আৰু তেওঁৰ বাহিৰে আনৰ উপাসনা কৰাৰ দুৱাৰ বন্ধ কৰি দিয়া হয়।

উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত যে, উম্মে হাবীবা আৰু উম্মে ছালামাই হাবশ্বাত দেখা ছবি থকা এখন গীৰ্জাৰ বিষয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত উল্লেখ কৰিলে। তেতিয়া তেখেতে ক’লে: "নিশ্চয় সিহঁত এনেকুৱা লোক, সিহঁতৰ মাজৰ কোনো পুণ্যৱান ব্যক্তি মৃত্যুবৰণ কৰিলে সিহঁতে তেওঁৰ কবৰৰ ওপৰত মছজিদ নিৰ্মাণ কৰিছিল, আৰু তাত সেইবোৰ চিত্ৰ অংকন কৰিছিল। কিয়ামতৰ দিনা আল্লাহৰ দৃষ্টিত সিহঁতেই হ'ব নিকৃষ্টতম সৃষ্টি।" [182] [182] (বুখাৰীঃ ৪২৭, আৰু মুছলিমঃ ৫২৮)

এইদৰে আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত আছে, তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ অন্তিম বেমাৰৰ সময়ত কৈছেঃ "ইয়াহুদী আৰু খ্ৰীষ্টানসকলৰ ওপৰত আল্লাহৰ অভিসম্পাত হওক, সিহঁতে সিহঁতৰ নবীসকলৰ সমাধিসমূহক উপাসনালয়ত পৰিণত কৰিছে।’’ অন্যথা তেখেতৰ কবৰক উন্মুক্ত ৰখা হ’লহেঁতেন। কিন্তু তেখেত আশংকা কৰিছিল যে, তেখেতৰ কবৰক ছাজদাৰ স্থানত পৰিণত কৰা হ’ব। [183] [183] (বুখাৰীঃ ১৩৯০, আৰু মুছলিমঃ ৫২৯)

ষষ্ঠ বিষয়: মছজিদক সুসজ্জিত কৰাৰ বিধান

মছজিদবোৰক অতিৰিক্তভাৱে সজোৱা আৰু সেইবোৰকলৈ অহংকাৰ কৰা উচিত নহয়, কিয়নো বুখাৰীয়ে আব্দুল্লাহ বিন আব্বাছ -ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণনা কৰিছে, তেওঁ কৈছে: "শীঘ্ৰেই তোমালোকে ইয়াক তেনেদৰেই সুসজ্জিত কৰিবা, যিদৰে ইয়াহুদী আৰু খ্ৰীষ্টানসকলে সুসজ্জিত কৰিছিল।"

আৰু আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ "সিহঁতে সেইবোৰক লৈ গৌৰৱ কৰিব, তাৰ পিছত তাত খুব কমেইহে ইবাদত কৰিব।"

আৰু ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত আছে যে, তেওঁ মছজিদ নিৰ্মাণৰ আদেশ দিছিল আৰু কৈছিল: "মানুহক বৰষুণৰ পৰা আশ্ৰয় দিবা, আৰু ৰঙা অথবা হালধীয়া ৰং ব্যৱহাৰ কৰি মানুহক ফিৎনাত নেপেলাবা।"[184] [184] বুখাৰীয়ে এই আছাৰবোৰ তেওঁৰ ‘ছহীহ বুখাৰী’ত মুআল্লাক হিচাপে নিশ্চিত সূত্ৰত উল্লেখ কৰিছে। (১/ ৯৬-৯৭)

বৰ্তমান সময়ত মছজিদক লৈ গৌৰৱ কৰাটো অতিমাত্ৰা বৃদ্ধি পাইছে, আৰু মানুহে ইয়াৰ সৌন্দৰ্য্যবৰ্ধন কৰাত আৰু ইয়াৰ ওপৰত অধিক ধন-সম্পদ খৰচ কৰাত অপচয় কৰিবলৈ ধৰিছে। আলিমসকলে মছজিদক উন্নতভাৱে নিৰ্মাণ কৰাৰ বৈধতা সম্পৰ্কে ফতোৱা দিছে, যদিহে মানুহৰ বাসগৃহবোৰো উন্নতভাৱে নিৰ্মাণ কৰা হয়, যাতে ঘৰ-দুৱাৰৰ তুলনাত মছজিদবোৰ দেখাত বিকৃত আৰু তুচ্ছ যেন নালাগে; কিন্তু এই কাম সাজ-সজ্জা, ৰং, আৰু টাইলচ, দলিচা আদিৰ দৰে অপ্ৰয়োজনীয় বস্তুৰ ব্যৱহাৰত অপচয় আৰু অতিৰঞ্জনৰ অবিহনে হ'ব লাগিব। লগতে এইটোও মনত ৰখা উচিত যে, এনে বহুতো মছজিদ আছে যাৰ নূন্যতম নিৰ্মাণকাৰ্যৰ প্ৰয়োজন, এতেকে সেই ধন-সম্পদ সেই মছজিদবোৰৰ নিৰ্মাণকাৰ্যত খৰচ কৰা উচিত।

আব্দুল্লাহ ইবনে ওমৰ -ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত যে, «ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগত মছজিদখন ইটাৰে নিৰ্মিত আছিল, ইয়াৰ চাদ আছিল খেজুৰৰ ঠাৰি, আৰু খুঁটাবোৰ আছিল খেজুৰ গছৰ। আবু বকৰ ৰাদ্বিয়াল্লাহু আনহুৱে ইয়াত কোনো পৰিবৰ্ধন কৰা নাছিল। ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে ইয়াক সম্প্ৰসাৰণ কৰিছিল আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ দিনৰ নিৰ্মাণৰ দৰেই ইটা আৰু খেজুৰৰ ঠাৰিৰে পুনৰ্নিৰ্মাণ কৰিছিল, আৰু খুঁটাবোৰ পুনৰ কাঠৰেই বনাইছিল। তাৰ পিছত উছমান ৰাদ্বিয়াল্লাহু আনহুৱে ইয়াক পৰিবৰ্তন কৰিলে আৰু ইয়াত ব্যাপক সম্প্ৰসাৰণ কৰিলে। তেখেতে ইয়াৰ দেৱাল নক্সা কটা শিল আৰু প্লাষ্টাৰেৰে নিৰ্মাণ কৰিছিল, খুঁটাবোৰ নক্সা কটা শিলৰ আৰু চাদখন চেগুন কাঠৰ বনাইছিল» [185]। [185] (বুখাৰীঃ হাদীছ নং ৪৪৬)

আল্লামা আব্দুল আজীজ বিন বাজ ৰাহিমাহুল্লাহে কৈছে: উছমান ৰাদ্বিয়াল্লাহু আনহুৰ কাৰ্যই এই কথা সূচায় যে, নক্সা কৰা শিল, উন্নত মানৰ কাঠ আৰু প্লাষ্টাৰ অৰ্থাৎ দেৱাল ৰং কৰি মছজিদক সুন্দৰ কৰাত কোনো আপত্তি নাই। যদিও ছালাফসকলৰ জীৱনধাৰা অধিক অগ্ৰাধিকাৰযোগ্য আৰু উত্তম, কিন্তু যেতিয়া মানুহে নিজৰ ঘৰ-দুৱাৰবোৰ সুন্দৰকৈ সজায় আৰু পুৰণি ধৰণৰ ঘৰ অপছন্দ কৰে, আৰু এনে অৱস্থাত মছজিদক তাৰ পুৰণি অৱস্থাত ৰখাটোৱে তেওঁলোকক নামাজ আৰু মছজিদত একত্ৰিত হোৱাৰ পৰা বিমুখ কৰিব পাৰে, তেন্তে মছজিদৰ প্ৰতি মানুহক উৎসাহিত কৰিবলৈ উছমান ৰাদ্বিয়াল্লাহু আনহুৱে কৰাৰ দৰে কৰাত কোনো আপত্তি নাই। অৱশ্যে গৌৰৱ দেখুৱাবলৈ নহয়, আৰু মছজিদত কিবা লিখাটো অপছন্দনীয়, সেয়েহে উত্তম হৈছে ইয়াক সাধাৰণভাৱে ৰখাটো।"[186] [186] (আল-কাহতানীৰ আল-মাছাজিদঃ পৃষ্ঠা নং ৭১)

সপ্তমঃ মছজিদত কাফিৰৰ প্ৰৱেশৰ বিধান

মুছলিমসকলৰ বাবে কোনো কাফিৰক মছজিদে হাৰাম আৰু ইয়াৰ চৌপাশৰ সমগ্ৰ হাৰাম এলেকাত প্ৰৱেশ কৰিবলৈ দিয়াটো হাৰাম; আৰু ইয়াৰ ভিত্তি হৈছে মহান আল্লাহৰ এই বাণী: "হে ঈমান্দাৰসকল! নিশ্চয় মুশ্বৰিকসকল হৈছে অপৱিত্ৰ, গতিকে এই বছৰৰ পিছত সিহঁতে যাতে মছজিদুল হাৰামৰ নিকটৱৰ্তী নহয়..." (ছুৰা আত-তাওবাহঃ ২৮) আনহাতে অন্য মছজিদসমূহৰ ক্ষেত্ৰত, যদি শ্বৰীয়তসন্মত উদ্দেশ্যত— যেনে ইছলাম সম্পৰ্কে প্ৰশ্ন কৰিবলৈ, অথবা মছজিদ সম্পৰ্কীয় বা মুছলিমসকলৰ কল্যাণৰ বাবে কোনো কাম কৰিবলৈ, বা উপদেশ শুনিবলৈ, অথবা মছজিদৰ ভিতৰত থকা পানী পান কৰাৰ দৰে কোনো বৈধ কামৰ বাবে— প্ৰৱেশ কৰা হয়, তেন্তে তাত কোনো অসুবিধা নাই। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ছুমা‌মাহ বিন উছালক মছজিদৰ এটা খুঁটাত বান্ধি ৰাখিছিল। আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: «নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নজদৰ ফালে এদল অশ্বাৰোহী প্ৰেৰণ কৰিলে, তেওঁলোকে বনু হানীফা গোত্ৰৰ ছুমামা বিন উছাল নামৰ এজন ব্যক্তিক লৈ আহিল, আৰু তেওঁক মছজিদৰ এটা খুঁটাৰ সৈতে বান্ধি থ’লে। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লাম তেওঁৰ ওচৰলৈ ওলাই আহিল আৰু সুধিলেঃ "হে ছুমামা, তোমাৰ কি ক’বলগীয়া আছে?" তেওঁ ক’লেঃ "হে মুহাম্মদ, মোৰ ওচৰত কল্যাণহে আছে। যদি আপুনি মোক হত্যা কৰে, তেন্তে আপুনি এজন প্ৰতিশোধৰ যোগ্য ব্যক্তিকহে হত্যা কৰিব। আৰু যদি আপুনি অনুগ্ৰহ কৰে, তেন্তে এজন কৃতজ্ঞ ব্যক্তিৰ ওপৰতে অনুগ্ৰহ কৰিব। আৰু যদি আপুনি ধন-সম্পদ বিচাৰে, তেন্তে যিমান ইচ্ছা সিমান দাবী কৰক।" তেতিয়া তেখেতে তেওঁক পিছদিনালৈকে সেই অৱস্থাতে এৰি দিলে…» [187] (মুত্তাফাক্ব আলাইহ)

নাজৰানৰ খ্ৰীষ্টানসকলৰ এটা প্ৰতিনিধি দলে মছজিদত প্ৰৱেশ কৰিছিল[188], আৰু জিমাম ইবনে ছা'লাবাই নবী চাল্লাল্লাহু আলাইহি অছাল্লাম মছজিদত থাকোঁতে তেখেতৰ ওচৰলৈ আহিছিল। যেনে, আনাছ বিন মালিক -ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ এদিনাখন আমি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে মছজিদত বহি আছিলোঁ, তেনেতে এজন ব্যক্তি উটৰ পিঠিত আৰোহণ কৰি প্ৰৱেশ কৰিলে, আৰু মছজিদ প্ৰাঙ্গনত উট ৰখাই বান্ধিলে। ইয়াৰ পিছত চাহাবাসকলক উদ্দেশ্যি ক'লেঃ তোমালোকৰ মাজত মুহাম্মদ কোন? নবী চাল্লাল্লাহু আলাইহি অছাল্লাম সেই সময়ত তেওঁলোকৰ মাজতেই আউজি বহি আছিল। আমি ক'লোঁঃ এই যে, আউজি বহি থকা শুভ্ৰ ব্যক্তিজনেই হৈছে তেওঁ। সেই ব্যক্তিজনে তেখেতক ক'লেঃ আব্দুল মুত্তালিবৰ পুত্ৰ। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লে, কোৱা কি ক'বলগীয়া আছে মই তোমাৰ উত্তৰ দি আছোঁ। সেই ব্যক্তিজনে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ক'লেঃ মই প্ৰশ্ন কৰাৰ ক্ষেত্ৰত কিছু কঠোৰতা অৱলম্বন কৰিম, কিন্তু আপুনি বেয়া নাপাব বা মোৰ প্ৰতি অসন্তুষ্ট নহ'ব। তেখেতে ক'লেঃ তোমাৰ যি সুধিবলগীয়া আছে সোধা। ...ইয়াৰ পিছত ব্যক্তিজনে ক'লেঃ আপুনি যি বাৰ্তা লৈ প্ৰেৰিত হৈছে মই তাৰ ওপৰত ঈমান আনিলোঁ। মই মোৰ সম্প্ৰদায়ৰ প্ৰতিনিধি হিচাপে ইয়ালৈ আগমন কৰিছোঁ। মোৰ নাম হৈছে জিমাম ইবনে ছা'লাবাহ, বনী ছাআদ ইবনে বকৰৰ ভাতৃ। [189] [188] মুত্তাফাক্ব আলাইহ) [189] ইয়াক বুখাৰীয়ে বৰ্ণনা কৰিছে। আৰু দ্ৰষ্টব্য: মাজমূ ফাতাৱা ওৱা মাক্বালাত ইবনে বাজ, অষ্টম খণ্ড, ‘কাফিৰসকলৰ মছজিদত প্ৰৱেশৰ বিধান’; আৰু স্থায়ী কমিটিৰ ফাতাৱা। ৬/২৭৬

মুৱাজ্জিন, ইমাম, খতীব আৰু মছজিদৰ বিধানাৱলী সম্পৰ্কে আমি এইখিনিয়েই উপস্থাপন কৰিবলৈ সক্ষম হৈছোঁ। আমি মুৱাজ্জিন, ইমাম আৰু খতীবক সৰ্বশক্তিমান আল্লাহৰ তাক্ৱৱা অৱলম্বন কৰিবলৈ, নিষ্ঠাৰে ইল্ম অৰ্জন কৰিবলৈ আৰু প্ৰচাৰত আত্মনিয়োগ কৰিবলৈ, আৰু এই বিষয়ত যত্নৱান হ'বলৈ উপদেশ দিওঁ।

আৰু আল্লাহেই হৈছে তাওফীক প্ৰদানকাৰী। হে আল্লাহ, দৰূদ আৰু ছালাম বৰ্ষণ কৰা আমাৰ নবী মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ ওপৰত, লগতে তেখেতৰ পৰিয়ালবৰ্গ আৰু সকলো চাহাবাৰ ওপৰত। অৱশেষত আমি কওঁ যে, সকলো ধৰণৰ প্ৰশংসা বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ বাবে।

মুৱাজ্জিন, ইমাম আৰু খতীবৰ বাবে কিছুমান উপকাৰী উৎস

আজান আৰু ইক্বামত, লেখকঃ ডক্টৰ ছায়ীদ বিন আলী বিন ৱাহফ আল-ক্বাহতানী, প্ৰকাশকঃ ছফীৰ প্ৰেছ, ৰিয়াদ।

ছালাতত ইমামতি আৰু ইক্বতিদা সম্পৰ্কীয় বিধানসমূহ, ড. আব্দুল মুহছিন আল-মুনীফ।

কিতাব আৰু ছুন্নাহৰ আলোকত চালাতৰ ইমামতি, ছাঈদ বিন আলী বিন অহাফ আল-ক্বাহতানী।

জুমুআৰ খুতবাৰ শৈলী, আব্দুল্লাহ বিন দ্বাইফুল্লাহ আৰ-ৰুহাইলী, প্ৰকাশক: ইছলামিক পৰিক্ৰমা, দাৱাহ আৰু নিৰ্দেশনা মন্ত্ৰালয়, চৌদি আৰব।

চালাতৰ ইমামতি - ধাৰণা, ফজিলত, প্ৰকাৰ, আদব, আৰু বিধান, কিতাব আৰু ছুন্নাহৰ আলোকত, ডক্টৰ ছাঈদ বিন আলী বিন অহাফ আল-কাহতানী, প্ৰকাশক: ছাফীৰ ছপাশাল, ৰিয়াদ।

জুমুআৰ খুতবা আৰু খতীবসকলৰ দায়িত্ব, সংকলন: দাৱাত আৰু ইৰশ্বাদ পৰিষদ, ইছলামিক পৰিক্ৰমা, দাৱাত আৰু ইৰশ্বাদ মন্ত্ৰালয়, চৌদি আৰব।

কোৰআন আৰু ছুন্নাহৰ আলোকত জুমুআৰ খুতবা, আব্দুৰ ৰহমান বিন মুহাম্মদ আল-হামদ, প্ৰকাশক: ইছলামিক পৰিক্ৰমা, দা‘ৱাহ আৰু নিৰ্দেশনা মন্ত্ৰালয়, চৌদি আৰব।

জুমুআৰ খুতবা আৰু ইয়াৰ ফিকহী বিধান, আব্দুল আজীজ বিন মুহাম্মদ বিন আব্দুল্লাহ আল-হুজাইলান, প্ৰকাশক: ইছলামিক পৰিক্ৰমা, দাৱাহ আৰু মাৰ্গদৰ্শন মন্ত্ৰণালয়, ইছলামিক গৱেষণা আৰু অধ্যয়ন কেন্দ্ৰ।

জুমুআৰ খুতবা আৰু উম্মতৰ তৰবিয়তত ইয়াৰ ভূমিকা, আব্দুল গণি আহমদ জবৰ মুজহিৰ, প্ৰকাশক: ইছলামিক পৰিক্ৰমা, দাৱাত আৰু নিৰ্দেশনা মন্ত্ৰালয়, চৌদি আৰব।

আমীৰ বিন মুহাম্মদ আল-মাদৰীৰ ‘এজন সফল খতীব হোৱাৰ একান্নটা উপদেশ’ নামৰ প্ৰৱন্ধটো চৌদি আৰবৰ ইছলামিক পৰিক্ৰমা, দাৱাহ আৰু নিৰ্দেশনা মন্ত্ৰালয়ৰ ৱেবছাইটত প্ৰকাশিত।

জুমুআৰ চালাত - ধাৰণা, চৰ্ত, ফজিলত, বৈশিষ্ট্য, আদব, আৰু বিধান; কোৰআন আৰু ছুন্নাহৰ আলোকত। লেখক: ডক্টৰ চঈদ বিন আলী বিন অহাফ আল-কাহতানী। প্ৰকাশক: ছফীৰ প্ৰেছ, ৰিয়াদ।

জুমুআৰ মিম্বৰ: আমানত আৰু দায়িত্ব, আব্দুল্লাহ বিন মুহাম্মদ বিন হুমাইদৰ, প্ৰকাশকঃ ইছলামিক পৰিক্ৰমা, দাৱাহ আৰু মাৰ্গদৰ্শন মন্ত্ৰালয়, চৌদি আৰব।

জুমুআৰ খুতবাৰ প্ৰস্তুত-প্ৰণালী, ডক্টৰ ছলেহ বিন আব্দুল্লাহ বিন হুমাইদ, প্ৰকাশকঃ ইছলামিক পৰিক্ৰমা, দাৱাহ আৰু মাৰ্গদৰ্শন মন্ত্ৰালয়, চৌদি আৰব।

ইমাম আৰু মুআজ্জিনসকলৰ বাবে উপদেশমালা, শ্বাইখ আব্দুল্লাহ বিন ছালিহ আল-ফাওজান, দাৰ ইবনুল-জাওযী।

মছজিদৰ ইমামসকল, মুআজ্জিনসকল আৰু মামুমসকললৈ এটা বাৰ্তা, শ্বাইখ আব্দুল্লাহ বিন জাৰুল্লাহ আল-জাৰুল্লাহ।

কুৱেইটীয়া ফিকাহ বিশ্বকোষ, আৰু খুৎবা, ইমামত, আযান আৰু মছজিদ সম্পৰ্কীয় অধ্যায়সমূহ।