সকলো ধৰণৰ প্ৰশংসা বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ বাবে, দৰূদ আৰু ছালাম বৰ্ষিত হওক আমাৰ প্ৰিয় নবী মুহাম্মদৰ ওপৰত, আৰু তেখেতৰ পৰিয়ালবৰ্গ, লগতে তেখেতৰ সকলো চাহাবাৰ ওপৰত।
এইটো হৈছে মছজিদে নবৱী জিয়াৰতৰ নীতি-নিয়ম আৰু বিধি-বিধান সম্পৰ্কীয় এটি সংক্ষিপ্ত পুস্তিকা। আমি এইখনত মছজিদে নবৱী জিয়াৰতকাৰী ব্যক্তিৰ বাবে প্ৰয়োজনীয় অধিকাংশ বিষয় দাঙি ধৰাৰ চেষ্টা কৰিছোঁ।
মহান আল্লাহৰ ওচৰত দুআ কৰোঁ, তেওঁ যেন ইয়াক তেওঁৰ সন্তুষ্টিৰ বাবে নিৰ্দিষ্ট কৰি লয়, আৰু ইয়াৰ মাধ্যমত সকলো মুছলিমকে উপকৃত হোৱাৰ তাওফীক প্ৰদান কৰে।
বিভিন্ন ভাষাত ইছলামিক কণ্টেণ্টৰ সেৱা প্ৰদানকাৰী সংস্থাৰ গৱেষণা সমিতি
মছজিদে নবৱী জিয়াৰত কৰাটো হৈছে মুস্তাহাব। ইয়াৰ বাবে কোনো নিৰ্দিষ্ট সময় নাই। লগতে এইটো হজ্জৰ কোনো আনুষ্ঠানিকতাৰ অংশও নহয়। পুৰুষ হওক বা মহিলা কোনো হজ্জযাত্ৰীৰ বাবেই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰ অথবা বাকীঈ কবৰস্থান জিয়াৰত কৰাটো বাধ্যতামূলক নহয়।
আনকি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰ জিয়াৰত কৰাৰ উদ্দেশ্যে ভ্ৰমণ কৰি যোৱাও বৈধ নহয়। কিয়নো ইবাদতৰ উদ্দেশ্যে কৰা ভ্ৰমণ জিয়াৰতৰ বাবে গণ্য নহ'ব। এইদৰে ইবাদতৰ উদ্দেশ্যে কেৱল তিনিটা মছজিদৰ পিনেহে ভ্ৰমণ কৰি যোৱা বৈধ। যেনে- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তিনিটা মছজিদৰ বাহিৰে বেলেগ ক'তো তোমালোকে (ছোৱাবৰ উদ্দেশ্যে) ছফৰ কৰি নাযাবা। সেই তিনিটা মছজিদ হৈছেঃ মোৰ এই মছজিদ, মছজিদে হাৰাম আৰু মছজিদে আকচা।"
মদীনাৰ পৰা দূৰৈত অৱস্থান কৰা ব্যক্তিয়ে কেৱল কবৰ জিয়াৰতৰ উদ্দেশ্যে ছফৰ কৰি যোৱাটো বৈধ নহয়। কিন্তু তেওঁঁ মছজিদে নবৱী জিয়াৰত কৰাৰ উদ্দেশ্যে তথা তাত ইবাদত কৰাৰ উদ্দেশ্যে ভ্ৰমণ কৰি যোৱাটো চৰীয়ত সন্মত। তাত উপস্থিত হোৱাৰ পিছত তেওঁ নিশ্চয় নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰ আৰু চাহাবাসকলৰ কবৰ জিয়াৰত কৰিব পাৰিব। ইয়াৰ ফলত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰ জিয়াৰতটো মূলতে মছজিদে নবৱী জিয়াৰতৰ আনুসংগিক বিষয় হিচাপে গণ্য হ'ব।
মহিলাসকলৰ বাবে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰ জিয়াৰতৰ লগতে অন্যান্য লোকৰ কবৰ জিয়াৰত কৰাটোও চৰীয়ত সন্মত নহয়। কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কবৰ জিয়াৰতকাৰীণী নাৰীসকলৰ প্ৰতি অভিসম্পাত কৰিছে। ইয়াৰ অন্যতম এটা কাৰণ হৈছে, সিহঁতে কবৰৰ ওচৰতগৈ বিলাপ কৰিব পাৰে, পৰ্দা লঙ্ঘন হ'ব পাৰে, আৰু ইছলামী চৰীয়তৰ অন্যান্য বিধান লঙ্ঘন হ'ব পাৰে। ইয়াৰ বিপৰীতে তেওঁলোকৰ বাবে মছজিদ তথা অন্যান্য স্থানত ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অধিক পৰিমাণে দৰূদ পাঠ কৰা আৰু দুআ কৰা মুস্তাহাব। তেওঁ যি ঠাইৰ পৰাই দৰূদ আৰু ছালাম তথা দুআ নকৰক কিয়, সেইটো তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত পৌঁচাই দিয়া হয়। নবী চাল্লাল্লাহু আলাইহি অচাল্লামে কৈছেঃ "তোমালোকে নিজৰ ঘৰবোৰক কবৰস্থানত পৰিণত নকৰিবা আৰু মোৰ কবৰকো মেলাৰ স্থল নবনাবা। তোমালোকে মোৰ ওপৰত দৰূদ পাঠ কৰা। তোমালোকে য’তেই নাথাকা কিয় তোমালোকৰ দৰূদ মোৰ ওচৰলৈ পৌঁচাই দিয়া হয়।" তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ "নিশ্চয় পৃথিৱীত আল্লাহৰ কিছুমান বিচৰণকাৰী ফিৰিস্তা আছে, তেওঁলোকে মোৰ ওচৰলৈ মোৰ উম্মতৰ ছালাম পৌঁচাই দিয়াৰ কামত নিয়োজিত।"
মছজিদে নবৱীত প্ৰৱেশ কৰাৰ সময়ত সোঁ ভৰি প্ৰথমে আগুৱাই দিয়া মুস্তাহাব। লগতে এই দুআটো পঢ়িব লাগেঃ "আল্লাহুম্মাফ তাহলী আবৱাবা ৰাহমাতিক।" যিদৰে এই দুআটো অন্যান্য সকলো মছজিদতে প্ৰৱেশৰ সময়ত কোৱা হয়।
মছজিদে নবৱীত প্ৰৱেশ কৰাৰ কোনো বিশেষ দুআ নাই।
ভিতৰত প্ৰৱেশ কৰাৰ পিছত দুই ৰাকাত তাহিয়্যাতুল মছজিদ পঢ়িব লাগে।
যদি সেই সময়ছোৱা নামাজৰ বাবে নিষিদ্ধ সময় নহয়, তেন্তে দুই দুই ৰাকাতকৈ যিমান ইচ্ছা পঢ়িব পাৰে। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মছজিদে হাৰামৰ বাহিৰে অন্যান্য মছজিদৰ তুলনাত মোৰ এই মছজিদত নামাজ পঢ়াটো এহেজাৰ গুণ উত্তম।"
ৰাওজা (ৰিয়াজুল জান্নাত)ত নামাজ পঢ়িবলৈ চেষ্টা কৰা উচিত। ৰিয়াজুল জান্নাত হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ হুজৰাৰ পৰা তেখেতৰ মিম্বৰৰ মধ্যৱৰ্তী স্থান। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মোৰ ঘৰ আৰু মিম্বৰৰ মধ্যৱৰ্তী ঠাইখিনি হৈছে জান্নাতৰ এটা বাগান।"
যদি তাত পঢ়িবলৈ সুবিধা নাপায়, তেন্তে মছজিদৰ যিকোনো ঠাইত নামাজ পঢ়ি ল'ব। এইটো জামাআতত পঢ়া নামাজৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। জামাআতৰ নামাজৰ ক্ষেত্ৰত ইমামৰ ওচৰত বা সংলগ্ন শাৰীত থিয় হ'ব লাগিব। এই ক্ষেত্ৰত ব্যাপক প্ৰমাণাদি বৰ্ণিত হৈছে।
যদি তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰ আৰু দুয়ো চাহাবীৰ কবৰ জিয়াৰত কৰিব বিচাৰেঃ
তেন্তে তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰৰ সন্মুখত সন্মান সহকাৰে আৰু ভদ্ৰতাৰ সৈতে থিয় হ'ব আৰু নিজৰ ধ্বনি উচ্চ নকৰিব। ইয়াৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামক এই বুলি ছালাম জনাবঃ "আচ্ছালামু আলাইকা ইয়া ৰাছুলাল্লাহি অৰাহমাতুল্লাহি অবাৰাকাতুহ।" অৰ্থঃ হে আল্লাহৰ ৰাছুল! আপোনাৰ ওপৰত শান্তি বৰ্ষিত হওক, লগতে আল্লাহৰ ৰহমত আৰু বৰকত অৱতীৰ্ণ হওক। আনহাতে যদি তেওঁ এইটো কয়ঃ "আশ্বহাদু আন্নাকা ৰাছুলুল্লাহি হাক্কান। ৱা আন্নাকা ক্বাদ বাল্লাগতাৰ ৰিছালাহ। ৱা আদ্দাইতাল আমানাহ। অজা-হাত্তা ফিল্লাহি হাক্কা জিহাদিহ। অনাছাহতাল উম্মাহ। ফাজাঝাকাল্লাহু আন উম্মাতিকা আফজালু মা জাঝা নাবিয়্যান আন উম্মাতিহ।" তথাপিও কোনো অসুবিধা নাই।
ইয়াৰ পিছত অকণমান সোঁফালে আগুৱাই আবু বকৰ চিদ্দীক ৰাদ্বিয়াল্লাহু আনহুক ছালাম দিব।
ইয়াৰ পিছত অকণমান আগুৱাই গৈ ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুক ছালাম দিব। ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে সচৰাচৰ যেতিয়া ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি আৰু দুই চাহাবীৰ প্ৰতি ছালাম দিছিল, তেতিয়া কেৱল এই বুলি কৈছিলঃ (السلام عليك يا رسول اللَّه، السلام عليك يا أبا بكر، السلام عليك يا أبتاه) হে আল্লাহৰ ৰাছুল আপোনাৰ ওপৰত শান্তি বৰ্ষিত হওক, হে আবু বকৰ আপোনাৰ ওপৰত শান্তি বৰ্ষিত হওক, হে মোৰ পিতা! আপোনাৰ ওপৰত শান্তি বৰ্ষিত হওক। এই বুলি কৈ তেওঁ গুচি গৈছিল।
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰৰ ওচৰত আৰু দুই চাহাবীৰ কবৰৰ ওচৰত বেছি সময় থিয় হৈ থকা বা তাত থিয় হৈ দুআ কৰা উচিত নহয়। ইমাম মালিকে এই বিষয়টোক অপছন্দ কৰিছে। লগতে তেওঁ কৈছেঃ এইটো হৈছে এটা বিদআত, যিটো ছালাফসকলে কৰা নাছিল। এই উম্মতৰ পৰৱৰৰ্তী লোকসকলে তেতিয়াহে সংশোধন হ'ব পাৰিব, যেতিয়া তেওঁলোকে সেইসমূহ বিষয় মজবুতভাৱে ধাৰণ কৰিব, যিবোৰৰ দ্বাৰা প্ৰথম সময়ছোৱাৰ লোকসকলে সংশোধন হৈছিল।
এইদৰে কিছুমান লোকে তেখেতৰ কবৰৰ ওচৰত আহি দুয়ো হাত উত্তোলন কৰি দুআ কৰাৰ চেষ্টা কৰে। এইটো হৈছে ছালাফে ছলেহীনসকলৰ আদৰ্শৰ পৰিপন্থী। অৰ্থাৎ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ চাহাবাসকল আৰু তেওঁলোকৰ প্ৰকৃত অনুসাৰী তাবেঈসকলৰ আদৰ্শ বিৰোধী। বৰং এইটো হৈছে এটা নতুন বিদআত।
এইদৰে কিছুমানে তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰৰ ওচৰত ছালাম দিবলৈ আহি নামাজত থিয় হোৱাৰ দৰে হাতৰ ওপৰত হাত ৰাখি বুকুত ৰাখে বা বুকুৰ তলত বান্ধি ৰাখে। এইটোও হৈছে চৰীয়ত পৰিপন্থী। তেখেতক ছালাম দিয়াৰ সময়ত এনেকুৱা পদ্ধতি অৱলম্বন কৰা বৈধ নহয়। কাৰণ এইটো হৈছে অৱনমন তথা আত্মসমৰ্পণ বা ইবাদতৰ অৱস্থা, যিটো কেৱল আল্লাহৰ বাবেই উপযুক্ত। এই ক্ষেত্ৰত হাফিজ ইবনু হাজাৰ ৰাহিমাহুল্লাহে তেওঁৰ ফাতহুল বাৰী গ্ৰন্থত কেইবাজনো উলামাৰ উক্তি উল্লেখ কৰিছে।
এইদৰে তেখেতৰ হুজৰা স্পৰ্শ কৰি অথবা তাৱাফ কৰি আল্লাহৰ নৈকট্য অন্বেষণ কৰাও বৈধ নহয়। কোনো প্ৰয়োজন পূৰণ কৰাৰ বাবে অথবা অসুস্থ ব্যক্তিৰ আৰোগ্য কামনা কৰি আদি কোনো দুআই তেখেতৰ ওচৰত কৰা বৈধ নহয়। কাৰণ এইবোৰ আল্লাহৰ বাহিৰে আন কাৰো ওচৰত বিচৰা জায়েজ নহয়।
মদীনাত থকা অৱস্থাত জিয়াৰতকাৰীৰ বাবে মছজিদে কুবা পৰিদৰ্শন কৰা আৰু তাত চালাত আদায় কৰা মুস্তাহাব। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তালৈ খোজকাঢ়িও গৈছিল আৰু বাহনত আৰোহণ কৰিও গৈছিল আৰু তাতগৈ দুই ৰাকাত নামাজ পঢ়িছিল। ছাহল ইবনে হুনাইফৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে নিজৰ ঘৰত পৱিত্ৰতা অৰ্জন কৰি মছজিদে কুবাত আহি যিকোনো নামাজ আদায় কৰে, তেওঁ এটা ওমৰাৰ সমান ছোৱাব লাভ কৰে।"
এইদৰে পুৰুষসকলৰ বাবে মদীনাৰ বাকীঈ কবস্থান জিয়াৰত কৰা আৰু উহুদৰ শ্বহীদসকলৰ কবৰ লগতে হামঝাহ ৰাদ্বিয়াল্লাহু আনহুৰ কবৰ জিয়াৰত কৰা ছুন্নত। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকৰ কবৰ জিয়াৰত কৰিছিল আৰু তেওঁলোকৰ বাবে দুআ কৰিছিল। ইয়াৰ ওপৰিও তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মই তোমালোকক কবৰ জিয়াৰত কৰিবলৈ নিষেধ কৰিছিলোঁ, কিন্তু তোমালোকে এতিয়া কবৰ জিয়াৰত কৰিব পাৰা। কাৰণ কবৰ জিয়াৰতে তোমালোকক আখিৰাতৰ কথা স্মৰণ কৰাব।"
তেওঁলোকৰ কবৰ জিয়াৰত কৰাৰ সময়ত সেইটো দুআই পঢ়িব লাগে, যিটো দুআ সাধাৰণতে অন্যান্য কবৰ জিয়াৰতৰ সময়ত পাঠ কৰা হয়। (السلام عليكم أهل الديار، من المؤمنين والمسلمين، وإنا إن شاء اللَّه بكم لاحقون ويرحم اللَّه المستقدمين منا والمستأخرين، نسأل اللَّه لنا ولكم العافية) “আচ্ছালামু আলাইকুম ইয়া আহলাদ্ দিয়াৰি মিনাল মু’মিনীনা অল মুছলিমীন, ৱা ইন্না ইন্ শ্বা আল্লাহু বিকুম লা-হিকূন। অয়াৰহামুল্লা-হুল্ মুস্তাকদিমীনা অল মুস্তাখিৰীন, নাছআলুল্লাহা লানা অলাকুমুল আ-ফিয়াহ।”
ইয়াত কোনো সন্দেহ নাই যে, কবৰ জিয়াৰত কৰাৰ মূল উদ্দেশ্য হৈছে আখিৰাতক স্মৰণ কৰা, মৃত ব্যক্তিসকলৰ প্ৰতি দুআ কৰি তেওঁলোকৰ প্ৰতি উপকাৰ কৰা। লগতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নতৰ অনুসৰণ কৰা। এইটোৱে হৈছে চৰীয়ত সন্মত জিয়াৰত।
আনহাতে তেওঁলোকৰ কবৰৰ ওচৰত গৈ দুআ কৰাৰ উদ্দেশ্যে জিয়াৰত কৰা অথবা তেওঁলোকৰ অছীলাত বা তেওঁলোকৰ মৰ্যাদাৰ অছীলাত দুআ কৰা নাইবা এনেকুৱা যিকোনো উদ্দেশ্যত জিয়াৰত কৰাটো হৈছে এটা নিন্দনীয় বিদআত, যিটোক আল্লাহ আৰু তেওঁৰ ৰাছুলে অনুমোদন দিয়া নাই। লগতে ছালাফে ছলেহীন সকলেও এনেকুৱা কৰা নাই। পক্ষান্তৰে তেওঁলোকৰ ওচৰত প্ৰয়োজন পূৰণৰ বাবে দুআ কৰা অথবা আৰোগ্য বিচাৰি দুআ কৰা আদি হৈছে শ্বিৰ্কে আকবৰ বা ডাঙৰ শ্বিৰ্ক।
প্ৰিয় পাঠক! এই ক্ষেত্ৰত ব্যাপকভাৱে প্ৰচাৰ লাভ কৰা কেইটিমান জাল হাদীছ মই আপোনালোকৰ সন্মুখত উপস্থাপন কৰিব বিচাৰিছোঁ, যাতে আপুনি এই বিষয়ে অৱগত হয় আৰু ইয়াৰ দ্বাৰা বিভ্ৰান্ত হোৱাৰ পৰা সতৰ্ক থাকিব পাৰেঃ
প্ৰথমঃ (من حج ولم يزرني فقد جفاني) অৰ্থঃ যিয়ে হজ্জ কৰিলে কিন্তু মোক জিয়াৰত নকৰিলে, সি দৰাচলতে মোৰ সৈতে অসদাচৰণ কৰিলে।
দ্বিতীয়ঃ (من زارني بعد مماتي فكأنما زارني في حياتي) অৰ্থঃ "যিয়ে মোৰ মৃত্যুৰ পিছত মোক জিয়াৰত কৰিব, সি দৰাচলতে মোক জীৱিত অৱস্থাতেই জিয়াৰত কৰিলে।"
তৃতীয়ঃ (من زارني وزار أبي إبراهيم في عام واحد ضمنت له على الله الجنة) অৰ্থঃ "যিয়ে মোক আৰু মোৰ পিতৃ ইব্ৰাহীমক একেই বছৰত জিয়াৰত কৰিছে, মই আল্লাহৰ ফালৰ পৰা তাক জান্নাতৰ নিশ্চয়তা প্ৰদান কৰিছোঁ।"
চতুৰ্থঃ (من زار قبري وجبت له شفاعتي) অৰ্থঃ "যিয়ে মোৰ কবৰ জিয়াৰত কৰিব, তাৰ বাবে মোৰ শ্বাফাআত ওৱাজিব।"
এইবোৰ হাদীছ আৰু এনেকুৱা অন্যান্য হাদীছ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কোৱা বুলি কোনো প্ৰমাণ নাই। হাফিজ উক্বাইলিয়ে কৈছেঃ এই বিষয়ত বৰ্ণিত হোৱা এটা হাদীছো শুদ্ধ নহয়। হাফিজ ইবনু হাজাৰে তেওঁৰ তালখীচ গ্ৰন্থত এই হাদীছবোৰৰ বেছিভাগ বৰ্ণনা উল্লেখ কৰাৰ পিছত কৈছেঃ এই হাদীছৰ সকলো চনদ দুৰ্বল। হজ্জ অথবা ওমৰাৰ আগত বা পিছত মছজিদে নবৱী জিয়াৰত কৰাটো হজ্জ বা ওমৰাৰ কোনো ছুন্নতো নহয় আৰু এই দুটা ইবাদতৰ পূৰ্ণাংগতাৰ কোনো অংশও নহয়। কিয়নো মছজিদে নবৱী জিয়াৰত কৰাটো হৈছে এটা মুস্তাহাব আমল। হজ্জ বা ওমৰাহ পালনকাৰী ব্যক্তিয়ে তাত নগ'লেও কোনো পাপ নহয়। হজ্জ ওমৰাৰ সৈতে মছজিদে নবৱী জিয়াৰতৰ কোনো সম্পৰ্ক নাই। এইবোৰ হৈছে পৃথক ইবাদত। হজ্জ পালনকাৰী বা ওমৰাহ পালনকাৰীৰ বাবে মছজিদে নবৱী জিয়াৰত কৰাটো জৰুৰী নহয়। এইদৰে মছজিদে নবৱী জিয়াৰতকাৰীৰ বাবে হজ্জ বা ওমৰাহ পালন কৰা জৰুৰী নহয়। আনহাতে যদি কোনোবাই হজ্জ ওমৰাহ পালন কৰে আৰু মছজিদে নবৱীও জিয়াৰত কৰে তেন্তে কোনো অসুবিধা নাই।
মছজিদে নবৱী জিয়াৰতৰ ক্ষেত্ৰত কিছুমান প্ৰচলিত ভুলঃ বৰকতৰ উদ্দেশ্যে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰ জিয়াৰত কৰাৰ সময়ত দেৱাল, লোহাৰ দণ্ড স্পৰ্শ কৰা, খিৰিকীত সূতা আদি বান্ধি ৰখা।
দৰাচলতে বৰকত আছে কেৱল আল্লাহ আৰু তেওঁৰ ৰাছুলে নিৰ্ধাৰণ কৰা বিধি-বিধানৰ মাজতহে, বিদআতৰ মাজত কোনো বৰকত নাই।
উহুদ পৰ্বতৰ গুহাবোৰত যোৱা, এইদৰে মক্কাৰ হিৰা আৰু ছাওৰ গুহাত যোৱা আৰু তাত কাপোৰ বান্ধি ৰখা, লগতে এনেকুৱা দুআ কৰা যিটোৰ আল্লাহে অনুমতি দিয়া নাই, আৰু এইক্ষেত্ৰত কষ্ট সহ্য কৰা।
এইবোৰ হৈছে এনেকুৱা বিদআত, চৰীয়তত যিবোৰৰ কোনো ভিত্তি নাই।
এনেকুৱা কিছুমান স্থান পৰিদৰ্শন কৰা, যিবোৰৰ বিষয়ে সিহঁতে দাবী কৰে যে, এইবোৰৰ সৈতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্মৃতি জৰিত আছে। যেনে- মাবৰাকুন নাকাহ, (উট বহাৰ স্থান) বীৰে খাতাম, অথবা বীৰে উছমান, লগতে বৰকতৰ উদ্দেশ্যে এইবোৰ স্থানৰ পৰা মাটি সংগ্ৰহ কৰা।
বাকীঈ কবৰস্থান আৰু উহুদৰ শ্বহীদসকলৰ কবৰ জিয়াৰত কৰাৰ সময়ত মৃত ব্যক্তিসকলৰ ওচৰত দুআ কৰা, লগতে তেওঁলোকৰ নৈকট্য তথা বৰকত অৰ্জনৰ উদ্দেশ্যে টকা পইচা দলিয়াই দিয়া।
আল্লাহে আমাৰ প্ৰিয় নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি আৰু তেওঁৰ পৰিয়ালবৰ্গ আৰু ছাহাবাসকলৰ প্ৰতি তেওঁৰ দয়া-কৰুণা, ৰহমত আৰু শান্তি বৰ্ষণ কৰক।