মুছলিমসকলে বিশ্বাস কৰে যে, ঈছা হৈছে আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল, তেওঁ আল্লাহৰ পুত্ৰ নহয়। কাৰণ আল্লাহ হৈছে মহান, তেওঁৰ স্ত্ৰী বা পুত্ৰ থকাটো অসম্ভৱ। কিন্তু পৱিত্ৰ কোৰআনত আল্লাহে আমাক জনাইছে যে, ঈছা হৈছে এজন নবী, যাক আল্লাহে বহুতো মুজিঝা (অলৌকিকতা) প্ৰদান কৰিছিল। মহান আল্লাহে তেওঁক এই উদ্দেশ্যে প্ৰেৰণ কৰিছিল যে, তেওঁ যাতে তেওঁৰ জাতিৰ লোকসকলক একমাত্ৰ আল্লাহৰ ইবাদতৰ প্ৰতি আহ্বান কৰে, যাৰ কোনো অংশীদাৰ নাই। এই কথাও জনাইছে যে, ঈছাই কেতিয়াও মানুহৰ পৰা এইটো বিচৰা নাছিল যে, মানুহে তেওঁৰ ইবাদত কৰক, বৰং তেওঁ নিজেই সৃষ্টিকৰ্তাৰ ইবাদত কৰিছিল।
ইছলাম হৈছে সাধাৰণ প্ৰকৃতি আৰু সুস্থ বিবেকৰ সৈতে সামঞ্জস্য থকা এটা ধৰ্ম। পক্ষপাতহীন অন্তৰসমূহে অতি সহজে ইয়াক গ্ৰহণ কৰে। মহান সৃষ্টিকৰ্তাই তেওঁৰ সৃষ্টিসকলৰ বাবে ইয়াক বিধি-বদ্ধ কৰিছে। এইটো গোটেই মানৱজাতিৰ বাবে কল্যাণ আৰু সুখৰ ধৰ্ম। ইছলামত কোনো ভেদাভেদ নাই, কোনো জাতিৰ ওপৰত কোনো জাতিৰ আৰু কোনো বৰ্ণৰ ওপৰত কোনো বৰ্ণৰ প্ৰাধান্য নাই। ইয়াত সকলো মানুহ সমান। ইছলামত সৎকৰ্মৰ পৰিমাণৰ বাহিৰে বেলেগ কোনো ক্ষেত্ৰতে কোনেও কাৰো ওপৰত প্ৰাধান্য লাভ কৰিব নোৱাৰে।
গতিকে প্ৰতিজন বিবেকৱান ব্যক্তিৰ বাবেই জৰুৰী মহান আল্লাহক ৰব্ব হিচাপে, ইছলামক দ্বীন হিচাপে আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক ৰাছুল হিচাপে বিশ্বাস কৰা। এইটো হৈছে এনেকুৱা বিষয়, যাৰ কোনো বিকল্প নাই। কিয়নো আল্লাহে কিয়ামতৰ দিনা সোধ-পোচ কৰিব যে, সি ৰাছুলসকলৰ আহ্বানত কেনেকুৱা সঁহাৰি দিছিল। এতেকে যদি তেওঁ মুমিন হয়, তেন্তে তেওঁ মহা বিজয় তথা মহা সফলতা অৰ্জন কৰিব। আনহাতে যদি সি কাফিৰ হয় তেন্তে স্পষ্ট ক্ষতিৰ সন্মুখীন হ'ব।
এতেকে যিয়ে ইছলাম গ্ৰহণ কৰিব বিচাৰে, তাৰ কৰ্তব্য হৈছে, এই বাক্যৰ স্বীকৃতি দিয়া যে, أشهد أن لا إله إلا الله وأشهد أن محمدًا رسول الله "আশ্বহাদু আল লা ইলাহা ইল্লাল্লাহ, অ আশ্বাহাদু আন্না মুহাম্মাদাৰ ৰাছুলুল্লাহ"। (অৰ্থাৎ মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু সাক্ষ্য দিওঁ যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল।) ইয়াৰ অৰ্থ জানি বুজি আৰু ইয়াৰ প্ৰতি ঈমান পোষণ কৰি স্বীকৃতি প্ৰদান কৰিলেই তেওঁ মুছলিম হিচাপে বিবেচিত হ'ব। ইয়াৰ পিছত লাহে লাহে চৰীয়তৰ যাৱতীয় বিধি-বিধান সম্পৰ্কে জ্ঞান অৰ্জন কৰিব লাগিব, যাতে আল্লাহে যিবোৰ বিষয় অনিবাৰ্য কৰিছে সেইবোৰ তেওঁ সুচাৰুৰূপে পালন কৰিব পাৰে।