شرح ألفاظ الأذان
আজানৰ শব্দবোৰৰ ব্যাখ্যা
আজানৰ শব্দবোৰৰ ব্যাখ্যা
বিভিন্ন ভাষাত ইছলামিক কণ্টেণ্টৰ সেৱা প্ৰদানকাৰী সংস্থাৰ গৱেষণা সমিতি
আজান হৈছে এক ঐশ্বৰিক আহ্বান, যিটো এজন মুছলমানে দিনটোত পাঁচবাৰকৈ শ্ৰৱণ কৰে। ইয়াৰ দ্বাৰা তেওঁক আল্লাহৰ মহত্বৰ কথা স্মৰণ কৰোৱা হয় আৰু কল্যাণ তথা সফলতাৰ ফালে আহ্বান কৰা হয়। আজান হৈছে মানুহ আৰু তেওঁৰ সৃষ্টিকৰ্তাৰ মাজত সংযোগৰ এটা মুহূৰ্ত, ইয়াৰ ফলত তেওঁ পাৰ্থিৱ জগতৰ কোলাহলৰ পৰা বিচ্ছিন্ন হৈ মহান আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ থিয় হয়।
আজানে এনে কিছুমান মহান অৰ্থ বহন কৰে যিবোৰ আল্লাহৰ মহত্ত্বৰ ঘোষণাৰে আৰম্ভ হয় আৰু নামাজৰ প্ৰতি আহ্বানেৰে সমাপ্ত হয়, ইয়াৰ মাজত মুছলিম ব্যক্তিয়ে নিজৰ প্ৰশান্তি বিচাৰি পায়।
আজানৰ শব্দবোৰ হৈছে এই ধৰণৰঃ
আল্লাহু আকবাৰ আল্লাহু আকবাৰ, আল্লাহু আকবাৰ আল্লাহু আকবাৰ। (অৰ্থঃ আল্লাহ আটাইতকৈ মহান আল্লাহ আটাইতকৈ মহান, আল্লাহ আটাইতকৈ মহান আল্লাহ আটাইতকৈ মহান)
আল্লাহু আকবাৰ। (আল্লাহ আটাইতকৈ মহান)
"আল্লাহ" শব্দৰ অৰ্থ হৈছে, এনেকুৱা সত্ত্বা যিজন ইবাদতৰ একমাত্ৰ যোগ্য, অৰ্থাৎ সত্য উপাস্য, আৰু এইটো হৈছে পৱিত্ৰ মহান প্ৰতিপালক তথা সৃষ্টিকৰ্তাৰ নাম। অন্যান্য সকলো ইলাহী নাম এই নামটোৰ অনুগামী আৰু ইয়াৰ গুণস্বৰূপ। আল্লাহ হৈছে একক অদ্বিতীয়, যিজনে কাকো জন্ম দিয়া নাই আৰু তেঁৱো কাৰো পৰা জন্ম লোৱা নাই, বৰং তেওঁ হৈছে আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা।
"আল্লাহু আকবাৰ" উক্তিটোৰ অৰ্থ হৈছে যে, আল্লাহ সকলোতকৈ মহান, আৰু তেওঁৰ মহিমা তথা পূৰ্ণতাৰ সৈতে অশোভনীয় যিকোনো কথা তেওঁৰ প্ৰতি আৰোপ কৰাৰ পৰা তেওঁ বহু ঊৰ্ধ্বত।"
আল্লাহু আকবাৰ.. এই বাক্যশাৰীয়ে মুছলমানক সোঁৱৰাই দিয়ে যে, এই জীৱনৰ কোনো বস্তুৱেই যেন তেওঁক নিজৰ স্ৰষ্টাৰ পৰা বিমুখ কৰিব নোৱাৰে, আনকি মানুহে নিজৰ জীৱন আল্লাহৰ ইচ্ছা আৰু তেওঁৰ বিধান অনুসৰি পৰিচালিত কৰিব লাগে, নিজৰ কু-প্ৰবৃত্তি আৰু কামনা-বাসনা অনুসৰি নহয়; কাৰণ পৃথিৱীৰ সকলো বস্তুতকৈ আল্লাহ মহান।
আশ্বহাদু আন লা ইলাহা ইল্লাল্লাহ, আশ্বহাদু আন লা ইলাহা ইল্লাল্লাহ, (মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই।)
আশ্বহাদু আন লা ইলাহা ইল্লাল্লাহ। (মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই।)
এইটোৱে হৈছে প্ৰথম সাক্ষ্য, আৰু ইয়াৰ অৰ্থ হৈছে আল্লাহৰ প্ৰতি এই স্বীকৃতি প্ৰদান কৰা যে, তেৱেঁই হৈছে সকলো বস্তুৰ সৃষ্টিকৰ্তা, প্ৰতিপালক, মালিক আৰু পৰিচালক, আৰু একমাত্ৰ তেওঁৰেই ইবাদত কৰা উচিত, তেওঁৰ বাহিৰে আন কাৰো নহয়। লগতে একমাত্ৰ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ একক, তেওঁৰ কোনো শ্বৰীক নাই, তেওঁৰ কোনো সন্তান নাই আৰু তেওঁৰ সমতুল্যও কোনো নাই; এতেকে আল্লাহৰ বাহিৰে আনৰ ইবাদত কৰা কোনো পধ্যেই উচিত নহয় আৰু আল্লাহৰ বাহিৰে আন কাৰো ওচৰত প্ৰাৰ্থনা কৰাও বৈধ নহয়।
আৰু এই সাক্ষ্যটোৱেই হৈছে সৃষ্টিজগতৰ আটাইতকৈ ডাঙৰ সাক্ষ্য, আৰু এইটোৱে হৈছে মানৱজাতিৰ প্ৰতি অহা প্ৰতিটো ইলাহী ৰিছালাতত ঈমানৰ মূল ভিত্তি। সেয়ে নূহ, ইব্ৰাহীম, মুছা আৰু ঈছাৰ পৰা আৰম্ভ কৰি মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামলৈকে সকলো নবী আলাইহিমুচ্ছালামে নিজ নিজ সম্প্ৰদায়ক এই কথাৰ স্বীকৃতি দিবলৈ, গ্ৰহণ কৰিবলৈ আৰু ঈমান আনিবলৈ আহ্বান কৰিছিল যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। এইটোৱেই হৈছে সেই বাক্য, যাৰ বাবে আল্লাহে সৃষ্টিজগতক সৃষ্টি কৰিছে, ইয়াক প্ৰতিষ্ঠা কৰিবলৈ ৰাছুলসকলক প্ৰেৰণ কৰিছে, ইয়াৰ বৰ্ণনা দিবলৈ গ্ৰন্থসমূহ অৱতীৰ্ণ কৰিছে আৰু যিয়ে সৎ অন্তৰেৰে তথা বিশুদ্ধচিত্তে ইয়াক গ্ৰহণ কৰিব, তেওঁৰ বাবে প্ৰতিদান হিচাপে আছে জান্নাত।
এই কলিমাৰ বাবেই মানুহক তেওঁলোকৰ কবৰৰ পৰা পুনৰুত্থিত কৰা হ'ব, আৰু কিয়ামতৰ দিনা হিচাপ-নিকাচ লোৱা হ'ব; এতেকে যিয়ে ইয়াৰ ওপৰত প্ৰতিষ্ঠিত থাকি জীৱন অতিবাহিত কৰিব আৰু ইয়াৰ ওপৰতেই জীৱনৰ অৱসান ঘটাব, সেই ব্যক্তিয়ে মহা সফলতা অৰ্জন কৰিব, আনহাতে যিয়ে ইয়াক প্ৰত্যাখ্যান কৰিব আৰু মুখেৰে উচ্চাৰণ নকৰিব, সেই ব্যক্তিয়ে চিৰকাল জাহান্নামত অৱস্থান কৰিব।
আশ্বহাদু আন্না মুহাম্মাদাৰ ৰাছুলুল্লাহ, আশ্বহাদু আন্না মুহাম্মাদাৰ ৰাছুলুল্লাহ। (অৰ্থঃ মই সাক্ষ্য দিওঁ যে, মুহাম্মদ হৈছে আল্লাহৰ ৰাছুল, মই সাক্ষ্য দিওঁ যে, মুহাম্মদ হৈছে আল্লাহৰ ৰাছুল।)
আশ্বহাদু আন্না মুহাম্মাদাৰ ৰাছুলুল্লাহ (মই সাক্ষ্য দিওঁ যে, মুহাম্মদ হৈছে আল্লাহৰ ৰাছুল।)
এই সাক্ষ্য দানৰ অৰ্থ হৈছে, এজন মুছলিমে এই কথাৰ সাক্ষ্য দিয়া যে, আল্লাহে মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম)ক ইলাহী ৰিছালাতসমূহৰ সৰ্বশেষ বাৰ্তাবাহক হিচাপে প্ৰেৰণ কৰিছে আৰু মানৱজাতিৰ প্ৰতি তেওঁলোকৰ প্ৰতিপালকৰ বাৰ্তা প্ৰচাৰৰ দায়িত্ব অৰ্পণ কৰিছে, আৰু এজন মুছলিমে এই কথা দৃঢ়ভাৱে বিশ্বাস কৰা যে, ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ ৰিছালাতৰ সাক্ষ্য দান কৰা, তেওঁৰ অনুসৰণ আৰু অনুকৰণ কৰা, আৰু ৰাছুল মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম)এ প্ৰচাৰ কৰা চৰীয়ত অনুসৰি আল্লাহৰ ইবাদত কৰাৰ বাহিৰে, তেওঁৰ ইবাদত কৰাৰ আৰু তেওঁৰ সন্তুষ্টি অৰ্জন কৰাৰ আন কোনো পথ নাই।
লগতে এই সাক্ষ্যৰ অন্তৰ্ভুক্ত হৈছে এই কথা যে, ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে মানুহক তাওহীদৰ প্ৰতি ঘূৰাই আনিবলৈহে আগমন কৰিছিল, যিদৰে তেখেতৰ পূৰ্বে ইব্ৰাহীম, মুছা আৰু ঈছা আলাইহিমুচ্ছালামে কৰিছিল। সেয়ে তেখেত হৈছে বিশ্বজগতৰ প্ৰতিপালকৰ ফালৰ পৰা প্ৰেৰিত ৰাছুল, যিজনে নিজ প্ৰতিপালকৰ বাণীসমূহ প্ৰচাৰ কৰাৰ ক্ষেত্ৰত সেই পথতেই পৰিচালিত হৈছিল যি পথত সকলো নবী পৰিচালিত হৈছিল, অৱশ্যে পাৰ্থক্য কেৱল এইখিনিয়েই যে তেখেতৰ পিছত আন কোনো নবী নাহিব।
হায়্যি আলাচ্ছালাহ। হায়্যি আলাচ্ছালাহ। (অৰ্থঃ আহা ছালাতৰ পিনে، আহা ছালাতৰ পিনে।)
হায়্যি আলাচ্ছালাহ
বাক্যটোৰ অৰ্থ হৈছে: হে ঈমান্দাৰসকল! তোমালোকে নিজ প্ৰতিপালকৰ ইবাদতৰ পিনে অগ্ৰসৰ হোৱা, নিশ্চয় তেওঁ ক্ষমাশীল, পৰম দয়ালু; তেওঁ তাওবা কবুল কৰে আৰু পাপসমূহ ক্ষমা কৰি দিয়ে।
এইটো হৈছে মুমিনসকলৰ বাবে এটা আহ্বান আৰু এই কথা স্মৰণ কৰাই দিয়া যে, ছালাতত তেওঁলোকৰ প্ৰতিপালকৰ সন্মুখত থিয় হোৱাৰ নিৰ্ধাৰিত সময় উপস্থিত হৈছে।
হায়্যি আলাল ফালাহ, হায়্যি আলাল ফালাহ। (অৰ্থঃ আহা সফলতাৰ পিনে، আহা সফলতাৰ পিনে।)
হায়্যি আলাল ফালাহ
সফলতা মানে হৈছে দুনিয়া আৰু আখিৰাতত সন্তুষ্টি, কৃতকাৰ্যতা, নিৰাপত্তা আৰু মুক্তি লাভ কৰা।
আৰু ইয়াৰ অৰ্থসমূহৰ ভিতৰত আছে, আল্লাহৰ সন্তুষ্টি লাভ কৰা, জান্নাত লাভ কৰা আৰু জাহান্নামৰ পৰা মুক্তি লাভ কৰা; কাৰণ যিয়ে ঈমান আনিছে আৰু ছালাত আদায় কৰিছে তেওঁ সফল হৈছে, আৰু যিয়ে সফল হৈছে তেওঁ মুক্তি লাভ কৰিছে লগতে জান্নাতত স্থায়িত্ব লাভ কৰিছে।
আল্লাহু আকবাৰ, আল্লাহু আকবাৰ, লা ইলাহা ইল্লাল্লাহ। (অৰ্থঃ আল্লাহ আটাইতকৈ মহান, আল্লাহ আটাইতকৈ মহান, আল্লাহৰ বাহিৰে আন কোনো উপাস্য নাই)
পৰিশেষত তাকবীৰ আৰু তাওহীদ
“আল্লাহু আকবাৰ” বাক্যৰ পুনৰাবৃত্তি আৰু “লা ইলা-হা ইল্লাল্লাহ”ৰ দৃঢ়তা প্ৰদানৰ জৰিয়তে আজান সমাপ্ত কৰা হয়। এই দুয়োটা বাক্যই পূৰ্বৰ অৰ্থসমূহক অধিক দৃঢ়তা প্ৰদান কৰে আৰু ইয়াৰ ওপৰতেই মানৱ অস্তিত্ব নিৰ্ভৰশীল। কাল যিমানেই অতিবাহিত নহওক কিয়, আৰু ঘটনাপ্ৰৱাহ যিমানেই সলনি নহওক কিয়, এই সত্য কেতিয়াও পৰিৱৰ্তন বা সলনি নহয়। সেয়া হৈছে যে, আল্লাহ সকলো বস্তুতকৈ মহান, আল্লাহেই হৈছে প্ৰকৃত সত্য উপাস্য, একমাত্ৰ তেৱেঁই ইবাদতৰ যোগ্য, আৰু তেওঁৰ বাহিৰে অন্যান্য সকলো বস্তুৰ ইবাদত কৰাটো হৈছে বাতিল।
পৰিশেষত: আজান কেৱল নামাজৰ বাবে কৰা এটা আহ্বান নহয়, বৰং এইটো হৈছে কল্যাণ, বিজয় আৰু সাফল্যৰ প্ৰতি এটা আহ্বান। এইটো হৈছে এনেকুৱা এটা বাৰ্তা, যিটো অন্তৰসমূহক জাগ্ৰত কৰিবলৈ আৰু আল্লাহ যে নিকটৱৰ্তী সেই কথা আমাক সোঁৱৰাই দিবলৈ, প্ৰতিদিনে পাঁচবাৰকৈ মছজিদসমূহত প্ৰতিধ্বনিত হয়।
(গতিকে হে পাঠক) ঈমানৰ বাবে আপুনি নিজৰ অন্তৰ উন্মুক্ত কৰক, আৰু কওক: “আশ্বহাদু আল-লা ইলাহা ইল্লাল্লাহ, ওৱা আশ্বহাদু আন্না মুহাম্মাদাৰ ৰাছুলুল্লাহ” অৰ্থাৎ "মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু সাক্ষ্য দিওঁ যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল।" তেতিয়া আপুনি আল্লাহৰ ৰহমতত প্ৰৱেশ কৰিব, পৃথিৱীত সুখ আৰু আখিৰাতত মুক্তি লাভ কৰিব, আৰু কিয়ামতৰ দিনা মুমিনসকলৰ দলত পুনৰুত্থিত হ'ব।