وجوب العمل بالسنة وكفر من أنكرها

وجوب العمل بالسنة وكفر من أنكرها

رسالة لطيفة تبين أهمية الالتزام بسنة النبي محمد صلى الله عليه وسلم وبيان كفر من ينكرها. تبدأ بالتأكيد على أن مصادر التشريع الإسلامي تعتمد على القرآن الكريم وسنة النبي محمد صلى الله عليه وسلم وإجماع علماء الأمة. تشرح الرسالة كيف أن القرآن وسنة النبي متلازمان، وتؤكد على ضرورة اتباع السنة لفهم وتطبيق أحكام الشريعة. يُستدل فيها بآيات القرآن وأحاديث النبي العدنان وشهادات من الصحابة والتابعين، لإثبات حجية السنة وأهمية التمسك بها. تُختتم الرسالة بتذكير المسلمين بضرورة طاعة الرسول والابتعاد عن مخالفة سنته لتحقيق الهداية والرحمة من الله جل جلاله.

Language: lang_as
Prepared by:
Version: 1.0
Translations 22
Akan Amharic Assamese Bambara +18
Attachments 7
PDF
Audio
Video
+3

ৰাছুলৰ ছুন্নত মুতাবিক আমল কৰা বাধ্যতামূলক (যিয়ে ইয়াক অস্বীকাৰ কৰিব সি কাফিৰ হিচাপে বিবেচিত) লেখকঃ

শ্বাইখ আব্দুল আজীজ বিন আব্দুল্লাহ বিন বাজ ৰাহিমাহুল্লাহ

আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত।

ভূমিকা

সকলো ধৰণৰ প্ৰশংসা বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ বাবে, আৰু শুভ পৰিণাম নিৰ্দিষ্ট মুত্তাক্বীসকলৰ বাবে। দৰূদ আৰু ছালাম বৰ্ষিত হওক তেওঁৰ বান্দা আৰু ৰাছুল আমাৰ প্ৰিয় নবী মুহাম্মদৰ ওপৰত, যাক বিশ্ববাসীৰ বাবে ৰহমত হিচাপে প্ৰেৰণ কৰা হৈছিল, লগতে তেখেতৰ পৰিয়ালবৰ্গ আৰু সেইসকল চাহাবীৰ ওপৰত যিসকলে আল্লাহৰ পৱিত্ৰ বাণী কোৰআন বহন কৰিছিল আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ হাদীছসমূহ আয়ত্ত কৰি পৰৱৰ্তী লোকসকলৰ ওচৰলৈ পৌঁচাই দিছিল। তেওঁলোকে এই কাম চূড়ান্ত বিশ্বস্ততাৰে আৰু পৰিপক্কতাৰে পালন কৰিছিল, লগতে শব্দ আৰু অৰ্থৰ পৰিপূৰ্ণ সংৰক্ষণৰ সৈতে এই দায়িত্ব পালন কৰিছিল। আল্লাহে তেওঁলোকৰ ওপৰত সন্তুষ্ট হৈছে আৰু তেওঁলোকো আল্লাহৰ ওপৰত সন্তুষ্ট হৈছে। আল্লাহে আমাক তাওফীক দিয়ক, আমি যাতে ন্যায়পৰায়ণতাৰ সৈতে তেওঁলোকৰ অনুসাৰী হ'ব পাৰোঁ, আৰু সকলো বান্দাৰ ওপৰত প্ৰমাণ হ'ব পাৰোঁ। ইয়াৰ পিছতঃ

প্ৰবীণ আৰু নবীন সকলো উলামাই এই কথাত একমত প্ৰকাশ কৰিছে যে, কোনো বিধান প্ৰমাণিত কৰাৰ ক্ষেত্ৰত তথা হালাল হাৰাম সাব্যস্ত কৰাৰ ক্ষেত্ৰত মূল ভিত্তি হৈছে আল্লাহৰ পৱিত্ৰ বাণী তথা আল-কোৰআন, যি গ্ৰন্থত বাতিলৰ অনুপ্ৰৱেশ অসম্ভৱ, সন্মুখৰ পৰাও নহয় আৰু পিছফালৰ পৰাও নহয়। ইয়াৰ পিছত হৈছে, ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ হাদীছ, যাৰ বিষয়ে কোৱা হৈছে যে, তেওঁ মনেসজা কোনো কথাই নকয়, তেওঁ সেইটোৱে কয় যিটো তেওঁৰ প্ৰতি অহী কৰা হয়। তাৰ পিছত হৈছে উম্মতৰ উলামসকলৰ ইজমা। ইয়াৰ বাহিৰেও কিছুমান ভিত্তি আছে যিবোৰৰ ক্ষেত্ৰত উলামাসকলে মতানৈক্য কৰিছে, তাৰে অন্যতম এটা হৈছে ক্বিয়াছ। গৰিষ্ঠসংখ্যক বিজ্ঞ আলিমে ইয়াক প্ৰমাণ হিচাপে গ্ৰহণ কৰে, যদিহে ইয়াৰ নিৰ্ভৰযোগ্য চৰ্তসমূহ পূৰণ হয়। এইবোৰ মূল ভিত্তিৰ প্ৰমাণাদি গণনাতকৈও বেছি, আৰু উল্লেখ কৰাতকৈও বিখ্যাত।

বিধি-বিধান প্ৰমাণ কৰাৰ নিৰ্ভৰযোগ্য মৌলিক ভিত্তিসমূহ

প্ৰথম ভিত্তিঃ আল্লাহৰ পৱিত্ৰ বাণী আল-কোৰআন

এতেকে প্ৰথম ভিত্তিটো হৈছেঃ মহা গ্ৰন্থ আল-কোৰআন, আমাৰ সৰ্বশক্তিমান প্ৰতিপালকৰ কেইবাটাও বাণীয়ে এই কথা প্ৰমাণ কৰে যে, এই কিতাবৰ অনুসৰণ কৰা অনিবাৰ্য আৰু ইয়াক খামুচি ধৰি ৰখাটো অপৰিহাৰ্য, লগতে ইয়াৰ দ্বাৰা নিৰ্ধাৰণ কৰা সীমাৰ পৰা আঁতৰি থকা বাধ্যতামূলক।

আল্লাহে কৈছেঃ আৰু এই কিতাব, যিখন আমি অৱতীৰ্ণ কৰিছোঁ – বৰকতময়। সেয়ে তোমালোকে ইয়াৰ অনুসৰণ কৰা আৰু তাক্বৱা অৱলম্বন কৰা, যাতে তোমালোকে ৰহমতপ্ৰাপ্ত হোৱা।

আল্লাহ তাআলাই কৈছেঃ

নিশ্চয় তোমালোকৰ ওচৰলৈ আমাৰ ৰাছুল আহি পাইছে, তোমালোকে কিতাবৰ পৰা যি গোপন কৰিছিলা তাৰে বেছি ভাগ তেওঁ তোমালোকৰ ওচৰত প্ৰকাশ কৰিছে আৰু বহুখিনি এৰি দিছে। নিশ্চয় আল্লাহৰ তৰফৰ পৰা এটা জ্যোতি তথা স্পষ্ট কিতাব তোমালোকৰ ওচৰলৈ আহিছে। যিসকলে আল্লাহৰ সন্তুষ্টিৰ অনুসৰণ কৰে, ইয়াৰ মাধ্যমত তেওঁ সিহঁতক শান্তিৰ পথত পৰিচালিত কৰে আৰু সিহঁতক নিজ অনুমতিক্ৰমে অন্ধকাৰৰ পৰা পোহৰলৈ উলিয়াই আনে লগতে সিহঁতক সৰল পথৰ হিদায়ত দিয়ে।

আল্লাহে আৰু কৈছে:

“নিশ্চয় যিসকলে উপদেশ (কোৰআন) অহাৰ পিছতো সেয়া অস্বীকাৰ কৰে (সিহঁতক নিশ্চিতভাৱে কঠিন শাস্তি বিহা হ’ব)। নিশ্চয় এয়া হৈছে এখন সন্মানিত গ্ৰন্থ, বাতিল কেতিয়াও ইয়াত অনুপ্ৰৱেশ কৰিব নোৱাৰে, সন্মুখৰ ফালৰ পৰাও নহয়, পিছফালৰ পৰাও নহয়। এইটো প্ৰজ্ঞাময়, চিৰপ্ৰশংসিত সত্তাৰ তৰফৰ পৰা অৱতীৰ্ণ”।

মহান আল্লাহে আৰু কৈছেঃ

“এই কোৰআন মোৰ ওচৰলৈ অহী কৰা হৈছে যাতে তোমালোকক আৰু যাৰ ওচৰলৈকে ই গৈ পাব সিহঁতক ইয়াৰ দ্বাৰা মই সতৰ্ক কৰিব পাৰোঁ”।

মহান আল্লাহে আৰু কৈছেঃ

এইটো হৈছে মানুহৰ বাবে এটা বাৰ্তা, যাতে ইয়াৰ দ্বাৰা সিহঁতক সতৰ্ক কৰা হয়।

এনেকুৱা অৰ্থৰ আয়াত বহুত আছে, লগতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰাও ছহীহ হাদীছ বৰ্ণিত হৈছে য'ত কোৰআনক মজবুতভাৱে ধাৰণ কৰাৰ নিৰ্দেশ দিয়া হৈছে। এইটোৱে প্ৰমাণ কৰে যে, যিয়ে ইয়াক মজবুতভাৱে ধাৰণ কৰিব তেওঁ হিদায়তৰ ওপৰত প্ৰতিষ্ঠিত হ'ব, আনহাতে যিয়ে ইয়াক ত্যাগ কৰিব সি পথভ্ৰষ্ট হ'ব। উদাহৰণস্বৰূপে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ বিদায়ী ভাষণত কৈছিলঃ

মই তোমালোকৰ মাজত আল্লাহৰ কিতাব এৰি থৈ গ'লোঁ, যেতিয়ালৈকে তোমালোকে ইয়াক মজবুতভাৱে ধাৰণ কৰি ৰাখিবা তেতিয়ালৈকে তোমালোকে কোনো পধ্যেই পথভ্ৰষ্ট নহ'বা।

(এই হাদীছটো মুছলিমে বৰ্ণনা কৰিছে।)

ছহীহ মুছলিমত ঝায়েদ ইবনে আৰকামৰ পৰা আৰু এটা হাদীছ বৰ্ণিত হৈছে য'ত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

নিশ্চয় মই তোমালোকৰ মাজত দুটা গধূৰ বস্তু এৰি থৈ গ'লোঁ, তাৰে প্ৰথমটো হৈছে আল্লাহৰ কিতাব, য'ত আছে হিদায়ত (পথনিৰ্দেশনা) আৰু নূৰ (পোহৰ), গতিকে তোমালোকে ইয়াক গ্ৰহণ কৰা আৰু মজবুতভাৱে ধাৰণ কৰা।

তেখেতে ইয়াত আল্লাহৰ কিতাব কোৰআনৰ প্ৰতি গুৰুত্বাৰোপ কৰিছে আৰু উৎসাহিত কৰিছে, ইয়াৰ পিছত তেখেতে কৈছেঃ

মোৰ আহলে বাইত তথা মোৰ পৰিয়াল সম্পৰ্কে তোমালোকক আল্লাহৰ কথা স্মৰণ কৰাওঁ, মোৰ পৰিয়াল সম্পৰ্কে তোমালোকক আল্লাহৰ কথা স্মৰণ কৰাওঁ, মোৰ পৰিয়াল সম্পৰ্কে তোমালোকক আল্লাহৰ কথা স্মৰণ কৰাওঁ,

কোৰআনৰ ভাষাত পৱিত্ৰ কোৰআনক আল্লাহৰ ৰছী বুলিও কোৱা হৈছেঃ

এইটো হৈছে আল্লাহৰ ৰছী, যিয়ে ইয়াক মজবুতভাৱে ধাৰণ কৰিব, তেওঁ হিদায়তৰ ওপৰত প্ৰতিষ্ঠিত হ'ব, আনহাতে যিয়ে ইয়াক পৰিত্যাগ কৰিব সি পথভ্ৰষ্ট হ'ব।

এনেকুৱা অৰ্থৰ হাদীছ বহুতো আছে। এই বিষয়ে বিজ্ঞ আলিমসকলৰ ইজমাও আছে, লগতে ইয়াৰ প্ৰতি চাহাবাসকলৰ ঈমান আছিল আৰু তেওঁলোকৰ পৰৱৰ্তী লোকসকলৰো ঈমান আছিল যে, হাদীছৰ লগতে আল্লাহৰ কিতাব মজবুতভাৱে ধাৰণ কৰা, সেই অনুসৰি বিধান সাব্যস্ত কৰা আৰু বিচাৰ-মীমাংসা কৰা আদি হৈছে অনিবাৰ্য। এই বিষয়ে বৰ্ণিত প্ৰমাণাদিসমূহ দীঘলীয়াকৈ উল্লেখ কৰাৰ প্ৰয়োজন নাই বুলি ভাবোঁ।

দ্বিতীয় মূল ভিত্তিঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণিত ছহীহ হাদীছ, তথা চাহাবাসকল আৰু তেওঁলোকৰ পৰৱৰ্তী বিজ্ঞ লোকসকলৰ উক্তি।

ঐকমত্য পোষণ কৰা তিনিটা মৌলিক ভিত্তিৰ দ্বিতীয়টো হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণিত ছহীহ হাদীছসমূহ, চাহাবাসকলে আৰু তেওঁলোকৰ পৰৱৰ্তী বিজ্ঞ উলামাসকলে ইয়াক মূল নীতি হিচাপে গ্ৰহণ কৰিছিল, আৰু ইয়াৰ দ্বাৰা বিধান সাব্যস্ত কৰিছিল, লগতে উম্মতকো শিকাইছিল। এই বিষয়ত বহুতো গ্ৰন্থ সংকলিত হৈছে আৰু উচুলুল ফিকহ আৰু মুস্তালাহ গ্ৰন্থতো বিষয়টোক সবিস্তাৰে আলোচনা কৰা হৈছে। এই বিষয়ে অসংখ্য দলীল আছে। উদাহৰণস্বৰূপে সেই সকলোবোৰ আয়াত ইয়াৰ প্ৰমাণ যিবোৰ আয়াতত নবী চাল্লাল্লাহু আলাইহি অছাল্লামক অনুসৰণ আৰু অনুকৰণ কৰাৰ নিৰ্দেশ দিয়া হৈছে। এই নিৰ্দেশ কেৱল তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ সময়ৰ লোকসকলকেই নহয় বৰং তেখেতৰ পিছত আহিবলগীয়া সকলো লোককে দিয়া হৈছে, কিয়নো তেখেত সকলো লোকৰ প্ৰতি ৰাছুল হিচাপে প্ৰেৰিত হৈছে। সেইকাৰণেই কিয়ামত পৰ্যন্ত আহিবলগীয়া সকলো লোককে তেখেতৰ অনুসৰণ আৰু অনুকৰণ কৰাৰ নিৰ্দেশ দিয়া হৈছে। লগতে এই কাৰণেও যে, তেখেতেই হৈছে পৱিত্ৰ কোৰআনৰ ব্যাখ্যাকাৰী, এইদৰে পৱিত্ৰ কোৰআনৰ সংক্ষিপ্ত বিষয়বোৰক তেখেতেই নিজৰ কথা, কৰ্ম আৰু মৌন সন্মতিৰ দ্বাৰা ব্যাখ্যা কৰিছে। হাদীছ নাথাকিলে মুছলিমসকলে গমেই নাপালেহেঁতেন যে, প্ৰতিটো নামাজৰ ৰাকাত সংখ্যা কিমান, নামাজ পঢ়াৰ ধৰণ কি আৰু তাৰ মাজত অৱশ্য কৰণীয় কি কি আছে। এইদৰে ৰোজা, জাকাত, হজ্জ, জিহাদ, সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ পৰা নিষেধ আদিৰ বিধানবোৰ সবিস্তাৰে জানিবই নোৱাৰিলেহেঁতেন, লগতে পাৰ্থিৱ জীৱনৰ বিভিন্ন বিষয়াদিৰ বিধি-বিধানসমূহ, এইদৰে নিষিদ্ধ বস্তুবোৰৰ বিধানসমূহ আৰু আল্লাহে নিৰ্ধাৰণ কৰা সীমাৰেখা আৰু দণ্ডবিধি সম্পৰ্কেও অৱগত নহ'লহেঁতেনে। ইয়াৰ সপক্ষে মহান আল্লাহে ছুৰা আলে ইমৰাণত কৈছেঃ

তোমালোকে আল্লাহ আৰু ৰাছুলৰ আনুগত্য কৰা যাতে তোমালোকে কৃপা লাভ কৰিব পাৰা।

এইদৰে ছুৰা নিছাত কৈছেঃ

হে মুমিনসকল! তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা লগতে আনুগত্য কৰা তোমালোকৰ মাজৰ ক্ষমতাশীলসকলৰ, তাৰ পিছত তোমালোকৰ মাজত কোনো বিষয় লৈ মতভেদ ঘটিলে সেয়া উপস্থাপন কৰা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ওচৰত, যদি তোমালোকে আল্লাহ আৰু আখিৰাতক বিশ্বাস কৰা। এই পন্থাই উত্তম আৰু পৰিণামত প্ৰকৃষ্টতৰ।

মহান আল্লাহে ছুৰা নিছাতো কৈছেঃ

যিয়ে ৰাছুলৰ আনুগত্য কৰিলে নিশ্চয় সি আল্লাহৰেই আনুগত্য কৰিলে, আৰু যিয়ে বিমুখ হ’ব তেন্তে (জানি থোৱা) আমি তোমাক সিহঁতৰ ওপৰত তত্ত্বাৱধায়কৰূপে প্ৰেৰণ কৰা নাই।

এতেকে ৰাছুলৰ হাদীছক প্ৰমাণ হিচাপে গণ্য নকৰাকৈ অথবা হাদীছসমূহ সুৰক্ষিত নহয় বুলি অজুহাত দেখুৱালে, মানুহৰ মাজত থকা মতানৈক্যবোৰ মীমাংসা কৰাৰ ক্ষেত্ৰত আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ফালে প্ৰত্যাৱৰ্তন কৰাটো কেনেকৈ সম্ভৱ? এনেকুৱা হ'লে এইটো বুজাব যে, আল্লাহে তেওঁৰ বান্দাসকলক এনেকুৱা এটা বিষয়ৰ প্ৰতি প্ৰত্যাৱৰ্তন কৰিবলৈ কৈছে যাৰ কোনো অস্তিত্বই নাই, এইটো এটা চৰম পৰ্যায়ৰ ভিত্তিহীন কথা নহয়নে বাৰু, তথা এইটো হৈছে আল্লাহৰ প্ৰতি কৰা মহা কুফৰী আৰু তেওঁৰ প্ৰতি পোষণ কৰা এটা কু-ধাৰণা।

সৰ্বশক্তিমান আল্লাহে ছুৰা নাহলত কৈছেঃ

আৰু আমি তোমাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছোঁ, যাতে তুমি মানুহৰ বাবে সেইটো স্পষ্ট কৰি দিব পাৰা যিটো সিহঁতৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে লগতে যাতে মানুহে (এই বিষয়ে) চিন্তা-চৰ্চা কৰে।

মহান আল্লাহে আৰু কৈছেঃ

আৰু আমি তোমাৰ প্ৰতি কিতাব অৱতীৰ্ণ কৰিছোঁ যিসকলে এই বিষয়ে মতভেদ কৰে সিহঁতক সুস্পষ্টভাৱে বুজাই দিয়াৰ বাবে, লগতে ই হৈছে হিদায়ত আৰু ৰহমতস্বৰূপ সেই সম্প্ৰদায়ৰ বাবে যিসকলে ঈমান পোষণ কৰে।

এতেকে হাদীছৰ যদি কোনো অস্তিত্বই নাই আৰু ই যদি প্ৰমাণ হিচাপে ব্যৱহাৰেই নহয় তেনেহ'লে আল্লাহে তেওঁৰ ৰাছুলক অৱতীৰ্ণ হোৱা আয়াতসমূহ বুজাই দিয়াৰ তথা বিশ্লেষণ কৰাৰ দায়িত্ব কিয় অৰ্পন কৰিলে?

এইদৰে মহান আল্লাহে ছুৰা নূৰত কৈছেঃ

কোৱা, ‘তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা’। তথাপিও যদি তোমালোকে মুখ ঘূৰাই লোৱা, তেন্তে তেওঁ কেৱল তেওঁৰ ওপৰত অৰ্পিত দায়িত্বৰ বাবে দায়ী আৰু তোমালোকৰ ওপৰত অৰ্পিত দায়িত্বৰ বাবে তোমালোক নিজেই দায়ী; যদি তোমালোকে তেওঁৰ আনুগত্য কৰা তেন্তে সঠিক পথ পাবা, দৰাচলতে ৰাছুলৰ দায়িত্ব হৈছে কেৱল সুস্পষ্টভাৱে পৌঁচাই দিয়া।

মহান আল্লাহে এই ছুৰাতেই আকৌ কৈছেঃ

আৰু তোমালোকে ছালাত কায়েম কৰা, জাকাত প্ৰদান কৰা আৰু ৰাছুলৰ আনুগত্য কৰা, যাতে তোমালোক ৰহমতপ্ৰাপ্ত হ’ব পাৰা।

ছুৰা আ'ৰাফত তেওঁ কৈছেঃ

কোৱা, ‘হে মানৱ! নিশ্চয় মই তোমালোক সকলোৰে প্ৰতি প্ৰেৰিত আল্লাহৰ ৰাছুল, যিজন আকাশসমূহ আৰু পৃথিৱীৰ সাৰ্বভৌমত্বৰ অধিকাৰী। তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই; তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু ঘটায়। সেয়ে তোমালোকে ঈমান পোষণ কৰা আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুল উম্মী নবীৰ প্ৰতি, যিজনে আল্লাহ আৰু তেওঁৰ বাণীসমূহত ঈমান পোষণ কৰে; আৰু তোমালোকে তেওঁৰ অনুসৰণ কৰা যাতে তোমালোকে হিদায়ত প্ৰাপ্ত হোৱা’।

উক্ত আয়াতবোৰে স্পষ্টৰূপে প্ৰমাণ কৰে যে, ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুকৰণ আৰু অনুসৰণতেই আছে হিদায়ত আৰু ৰহমত। গতিকে ইয়াক নিৰ্ভৰযোগ্য গণ্য নকৰাকৈ তথা ইয়াৰ ওপৰত আমল নকৰাকৈ কেনেকৈ সেই হিদায়ত পোৱা সম্ভৱ?

সৰ্বশক্তিমান আল্লাহে ছুৰা নূৰত আৰু কৈছেঃ

এতেকে যিসকলে তেওঁৰ বিৰুদ্ধাচৰণ কৰে সিহঁতে সতৰ্ক হোৱা উচিত যে, সিহঁতে ফিতনাত পতিত হ’ব নাইবা যন্ত্ৰণাদায়ক শাস্তিয়ে সিহঁতক গ্ৰাস কৰিব।

তেওঁ ছুৰা হাশ্বৰত কৈছেঃ

ৰাছুলে তোমালোকক যি দিয়ে সেয়া তোমালোকে গ্ৰহণ কৰা, আৰু যিটোৰ পৰা তেওঁ তোমালোকক নিষেধ কৰে তাৰ পৰা বিৰত থাকা।

এই সংক্ৰান্তীয় বহুতো আয়াত উল্লেখ আছে, যিবোৰে প্ৰমাণ কৰে যে, ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ আনুগত্য কৰা অনিবাৰ্য। এইদৰে তেখেতে যি লৈ আহিছে তাৰ অনুসৰণ কৰাও অনিবাৰ্য, যিদৰে ইতিপূৰ্বে দলিল সহকাৰে আল্লাহৰ কিতাবৰ অনুসৰণ আৰু মজবুতভাৱে ধাৰণৰ কথা আলোচনা কৰা হৈছে, লগতে তাত থকা বিধি-নিষেধসমূহ মানি চলা অনিবাৰ্য। এই দুয়োটাই হৈছে মূল ভিত্তি। এই দুটাৰ যিকোনো এটাক অস্বীকাৰ কৰিলেই আনটোক অস্বীকাৰ কৰা বুজায় তথা মিছা প্ৰতিপন্ন কৰা সূচায়, লগতে বিজ্ঞ আলিমসকলৰ ইজমা অনুসৰি এইটো হৈছে এক প্ৰকাৰ কুফৰ আৰু পথভ্ৰষ্টতা, আনকি ইছলামৰ পৰা বহিষ্কাৰ হোৱাৰ কাৰণ।

এই বিষয়ে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বহুতো হাদীছ বৰ্ণিত হৈছে-

আনকি তেখেতৰ আনুগত্য কৰা আৰু তেখেতে যি লৈ আহিছে তাৰ অনুসৰণ কৰা আৰু তেখেতৰ অবাধ্যতা কৰা হাৰাম সম্পৰ্কীয় ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণিত হাদীছবোৰ মুতাৱাতিৰ পৰ্যায়ত উপনীত হৈছে। এই আদেশ কেৱল সেইসকল লোকৰ বাবেই নহয় যিসকলে তেখেতৰ যুগত আছিল আনকি কিয়ামত পৰ্যন্ত অহা সকলো লোকৰ বাবেই এইটো প্ৰযোজ্য। প্ৰমাণ স্বৰূপে বুখাৰী আৰু মুছলিমত বৰ্ণিত হাদীছ, আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৱে বৰ্ণনা কৰিছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

যিয়ে মোৰ অনুসৰণ কৰে, তেওঁ দৰাচলতে আল্লাহৰ অনুসৰণ কৰে। আনহাতে যিয়ে মোৰ অবাধ্যতা কৰে, সি দৰাচলতে আল্লাহৰ অবাধ্যতা কৰে।

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বুখাৰীতো বৰ্ণিত হৈছে, য'ত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

মোৰ উম্মতৰ প্ৰতিজন ব্যক্তিয়ে জান্নাতত প্ৰৱেশ কৰিব, কেৱল সেই ব্যক্তিৰ বাহিৰে যিয়ে অস্বীকাৰ কৰিব, সোধা হ'ল- হে আল্লাহৰ ৰাছুল, কোনে অস্বীকাৰ কৰিব? তেখেতে ক'লেঃ যিয়ে মোৰ অনুসৰণ কৰিব তেওঁ জান্নাতত প্ৰৱেশ কৰিব আৰু যিয়ে মোৰ অবাধ্যতা কৰিব, সেইজনহে দৰাচলতে অস্বীকাৰ কৰিব।

আহমদ, আবু দাঊদ আৰু হাকিমে বিশুদ্ধ সূত্ৰৰ দ্বাৰা মিক্বদাম ইবনে মাদী কাৰিব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণনা কৰিছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

জানি থোৱা! মোক কিতাব প্ৰদান কৰা হৈছে, লগতে ইয়াৰ অনুৰূপ আৰু কিবা দিয়া হৈছে। জানি থোৱা, এনেকুৱা এটা সময় আহিব, যেতিয়া কোনো এজন প্ৰাচুৰ্যৱান ব্যক্তিয়ে নিজ আসনত বহি ক'ব, তোমালোকে অকল কোৰআনকেই মানি চলা, তাত যি হালাল বুলি পাবা সেইটোকে হালাল মানিবা আৰু তাত যি হাৰাম বুলি পাবা, কেৱল সেইটোকে হাৰাম বুলি গণ্য কৰিবা।

আবু দাঊদ আৰু ইবনে মাজাত বিশুদ্ধ সূত্ৰত বৰ্ণিত হৈছেঃ ইবনু আবী ৰাফে তেওঁৰ পিতৃৰ পৰা বৰ্ণনা কৰিছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

মই তোমালোকৰ কাকো যেন এনেকুৱা অৱস্থাত দেখা নাপাওঁ যে, সি নিজৰ আসনত আউজি বহি থাকিব, আৰু তাৰ ওচৰলৈ মোৰ কোনো নিৰ্দেশ আহিলে -যি নিৰ্দেশৰ জৰিয়তে মই কিবা কৰিবলৈ আদেশ কৰিছোঁ অথবা কোনো বিষয়ে নিষেধ কৰিছোঁ-, তেতিয়া সি ক'বঃ এইবোৰ আমি একো নাজানো, আমি আল্লাহৰ কিতাবত যি পাইছোঁ সেইখিনিহে মানিম।

হাছান ইবনে জাবিৰে কৈছে, মই মিক্বদাম ইবনে মা'দী কাৰিব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা শুনিছোঁ, তেওঁ কৈছেঃ

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে খাইবৰৰ দিনা কেইবাটাও বস্তু হাৰাম কৰিছে, তাৰ পিছত কৈছেঃ অনতি পলমে তোমালোকৰ মাজৰ কোনোবাই মোৰ কথাক অস্বীকাৰ কৰিব, যেতিয়া সি নিজৰ আসনত আউজি বহি থাকিব তেতিয়া তাৰ সন্মুখত মোৰ হাদীছ পাঠ কৰা হ'ব, তেতিয়া সি ক'বঃ আমাৰ মাজত আল্লাহৰ কিতাব আছে, আমি তাত যি হালাল বুলি পাইছোঁ সেইটোকে হালাল বুলি মানো আৰু তাত যি হাৰাম বুলি পাইছোঁ সেইটোকে হাৰাম বুলি মানো। সাৱধান হোৱা তথা জানি থোৱা! ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যিটো হাৰাম কৰিছে সেইটোও আল্লাহে হাৰাম কৰাৰ দৰেই হাৰাম।

হাকিম, তিৰমিজী আৰু ইবনে মাজাই বিশুদ্ধ চনদৰ সৈতে বৰ্ণনা কৰিছে।

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা এনেকুৱা হাদীছবোৰ মুতাৱাতিৰ পৰ্যায়ত উপনীত হৈছে- এইদৰে তেখেতে তেখেতৰ ভাষণত চাহাবাসকলক উদ্দেশ্যি কৈছিল, তেওঁলোকৰ মাজৰ উপস্থিত লোকসকলে যেন অনুপস্থিত লোকসকলক কথাখিনি পৌঁচাই দিয়ে। লগতে এই কথাও কৈছিলঃ এনেকুৱাও হ'ব পাৰে যে, যিসকলৰ ওচৰলৈ জ্ঞানৰ কথা পৌঁচাই দিয়া হ'ব তেওঁলোক হয়তো শ্ৰোতাতকৈও অধিক স্মৃতিধৰ।

বুখাৰী আৰু মুছলিমত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণিত যে, তেখেতে আৰাফাৰ ময়দানত দিয়া বিদায়ী ভাষণত আৰু কুৰবানীৰ দিনা তেওঁলোকক এই কথা কৈছিল যে,

উপস্থিত লোকসকলে যেন অনুপস্থিত লোকসকলৰ ওচৰলৈ (মোৰ বাণী) পৌঁচাই দিয়ে। এনেকুৱাও হ'ব পাৰে যে, যিসকলৰ ওচৰলৈ জ্ঞানৰ কথা পৌঁচাই দিয়া হ'ব তেওঁলোক হয়তো শ্ৰোতাতকৈও অধিক স্মৃতিধৰ।

শ্ৰোতা আৰু যিসকলৰ ওচৰলৈ তেখেতৰ বাণী পৌঁচাই দিয়া হ'ব তেওঁলোকৰ বাবে যদি হাদীছসমূহ প্ৰমাণ হিচাপে গণ্য নহ'লহেঁতেন আৰু যদি হাদীছবোৰ কিয়ামত পৰ্যন্ত অৱশিষ্ট থাকিবলগীয়া নহ'লহেঁতেন তেন্তে তেখেতে কেতিয়াও সেইটো পৌঁচাই দিয়াৰ নিৰ্দেশ নিদিলেহেঁতেন। গতিকে বুজা গ'ল যে, হাদীছ হৈছে প্ৰতিষ্ঠিত এটা প্ৰমাণ, সেইসকলৰ বাবেও যিসকলে প্ৰত্যক্ষভাৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মুখৰ পৰা শুনিছে আৰু সেইসকলৰ বাবেও যিসকলৰ ওচৰলৈ বিশুদ্ধ সূত্ৰৰ দ্বাৰা বৰ্ণিত হৈছে।

ইপিনে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ চাহাবাসকলে তেখেতৰ কওলী ফে'লী সকলো প্ৰকাৰ হাদীছকে সংৰক্ষণ কৰিছে আৰু সেইবোৰ তেওঁলোকৰ পৰৱৰ্তী তাবেঈনসকলৰ ওচৰলৈ আৰু তেওঁলোকে তেওঁলোকৰ পৰৱৰ্তী লোকসকলৰ ওচৰলৈ পৌঁচাই দিছিল। এইদৰে বিশ্বস্ত উলামাসকলে প্ৰজন্মৰ পিছত প্ৰজন্ম আৰু শতাব্দীৰ পিছত শতাব্দীলৈ পৌঁচাই দিছিল তথা শিকাই থৈ গৈছিল। লগতে তেওঁলোকে কিতাপত লিপিবদ্ধ কৰিছিল আৰু ছহীহ জঈফ নিৰ্বাচন কৰি স্পষ্ট কৰিছিল। এইদৰে বিশুদ্ধ হাদীছ বাচনি কৰাৰ নিয়ম-কানূন প্ৰস্তুত কৰিছিল। বিজ্ঞ আলিমসকলে কুতুবুচ্ছুন্নহকে আদি কৰি ছহীহাইন আদিক পৰিপূৰ্ণৰূপে হিফজ কৰিছিল তথা সংৰক্ষণ কৰিছিল, যিদৰে আল্লাহে পৱিত্ৰ কোৰআনক সংৰক্ষণ কৰিছে অলাগতীয়াল বস্তুৰ পৰা, নাস্তিকসকলৰ নাস্তিকতাৰ পৰা আৰু বাতিলপন্থীৰ বিকৃতিৰ পৰা। এক কথাত মহান আল্লাহে তেখেতৰ এই কথাক বাস্তৱায়ন কৰিছে, য'ত তেওঁ কৈছেঃ

নিশ্চয় আমিয়েই কোৰআন অৱতীৰ্ণ কৰিছোঁ আৰু অৱশ্যে আমিয়েই ইয়াৰ সংৰক্ষক।

এই কথাত কোনো সন্দেহ নাই যে, ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ হাদীছো হৈছে এক প্ৰকাৰ অহী। আল্লাহে যিদৰে তেওঁৰ কিতাবক সংৰক্ষণ কৰিছে, ঠিক সেইদৰে তেওঁ হাদীছো সংৰক্ষণ কৰিছে, ইয়াৰ বাবে আল্লাহে উলামাসকলক নিয়োজিত কৰিছে। তেওঁলোকে বাতিলপন্থীৰ পৰিবৰ্তন, পৰিবৰ্ধন আৰু বিকৃতিক নসাৎ কৰিছিল, লগতে জাহিলসকলৰ অপব্যাখ্যাক মিছা প্ৰমাণ কৰি দেখুৱাইছিল। আনকি নাস্তিক, মিছলীয়া আৰু মূৰ্খসকলে ইয়াৰ সৈতে যি যি সম্পৃক্ত কৰাৰ অপচেষ্টা কৰিছে সেই সকলোবোৰকে পৃথক কৰিছে। কাৰণ আল্লাহে হাদীছক পৱিত্ৰ কোৰআনৰ তাফছীৰ বনাইছে, আৰু কোৰআনত থকা সংক্ষিপ্ত বিষয়বোৰৰ ব্যাখ্যা হিচাপে ঘোষণা কৰিছে, লগতে হাদীছত এনেকুৱা কিছুমান বিধি-বিধানৰ কথাকো স্বীকৃতি প্ৰদান কৰিছে যিবোৰ কোৰআনত উল্লেখ কৰা নাই। উদাহৰণস্বৰূপে দুগ্ধ পান কৰোৱাৰ বিতং বিধি-বিধান, উত্তৰাধিকাৰী সম্পৰ্কীয় কিছুমান বিধি-বিধান, এইদৰে কোনো নাৰীক তাইৰ পেহী অথবা মাহীৰ সৈতে একেলগে বিবাহ কৰা হাৰাম সম্পৰ্কীয় বিধি-বিধান আদি যিবোৰ ছহীহ হাদীছত বৰ্ণিত হৈছে কিন্তু পৱিত্ৰ কোৰআনত এইবোৰ উল্লেখ নাই। চাহাবা আৰু তাবেঈনসকলে, লগতে তেওঁলোকৰ পৰৱৰ্তী বিজ্ঞ আলিমসকলে চাহাবা আৰু তাবেঈনসকলৰ কিছুমান এনেকুৱা ঘটনা বৰ্ণনা কৰিছে যিবোৰে প্ৰমান কৰে যে, তেওঁলোকে হাদীছৰ প্ৰতি আমল কৰাক অনিবাৰ্য বুলি ভাবিছিল আৰু ইয়াক বহুত মৰ্যাদা দিছিল...

বুখাৰী আৰু মুছলিমত আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ

ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৃত্যুৰ পিছত যেতিয়া আৰবৰ কিছুমান লোক মুৰ্তাদ হৈ গৈছিল, তেতিয়া আবু বকৰ চিদ্দীক্ব ৰাদ্বিয়াল্লাহু আনহুৱে ঘোষণা কৰি কৈছিলঃ আল্লাহৰ শপত! যিসকলে নামাজ আৰু জাকাতৰ মাজত পাৰ্থক্য কৰিছে তথা ইয়াকলৈ বিভ্ৰান্তি সৃষ্টি কৰিছে, নিশ্চিতভাৱে মই সিহঁতৰ লগত যুদ্ধ কৰিমেই। এই শুনি ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে তেওঁক ক'লেঃ আপুনি সিহঁতৰ সৈতে কি ভিত্তিত যুদ্ধ কৰিব, অথচ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ মোক যুদ্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে যেতিয়ালৈকে মানুহে লা ইলা-হা ইল্লাল্লাহ স্বীকাৰ নকৰে, এতেকে যেতিয়া কোনোবাই লা ইলা-হা ইল্লাল্লাহৰ স্বীকাৰোক্তি দিব, তেতিয়া তাৰ প্ৰাণ, ধন-সম্পদ আদি মোৰ পৰা নিৰাপদ হৈ পৰিব, কিন্তু কোনো হক বিনিষ্ট কৰি দণ্ডবিধিৰ আওতাত পৰিলে সেয়া সুকীয়া কথা। তেতিয়া আবু বকৰ চিদ্দীক্ব ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ জাকাত লা ইলা-হা ইল্লাল্লাহৰ হক নহয়নে, আল্লাহৰ শপত! সিহঁতে যদি মোক এটা ৰছী দিবলৈও অস্বীকাৰ কৰে যিটো সিহঁতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগত দিছিল তেন্তে মই এইটো নিদিয়াৰ কাৰণেও সিহঁতৰ সৈতে যুদ্ধ কৰিম। ইয়াৰ পিছত ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে যে, মই দেখিছিলোঁ আল্লাহে যুদ্ধৰ বাবে আবু বকৰৰ বুকু প্ৰশস্ত কৰি দিছে, তেতিয়াহে মই গম পালোঁ তেওঁৰ সিদ্ধান্তটোৱে সঠিক।

চাহাবা-এ-কেৰাম ৰাদ্বিয়াল্লাহু আনহুমেও বিষয়টোত তেওঁক সমৰ্থন কৰিছিল আৰু তেওঁলোকে মুৰ্তাদসকলৰ বিৰুদ্ধে সেইসময়লৈকে যুদ্ধ কৰিছিল যেতিয়ালৈকে সিহঁতে প্ৰত্যাৱৰ্তন কৰা নাছিল। আনহাতে যিসকলে অটল আছিল সিহঁতৰ সৈতে যুদ্ধ কৰিছিল। এই ঘটনাটোৱে স্পষ্টৰূপে প্ৰমাণ কৰে যে, হাদীছৰ মৰ্যাদা অধিক আৰু তাৰ ওপৰত আমল কৰা অনিবাৰ্য। এইদৰে আন এটা ঘটনাত এজনী আইতা (দাদী মাক) আহি আবু বকৰ ৰাদ্বিয়াল্লাহু আনহুক নিজৰ মীৰাছ সম্পৰ্কে সোধাত তেখেতে ক'লেঃ

আল্লাহৰ কিতাবত তোমাৰ বাবে কোনো অংশ নিৰ্ধাৰিত নাই, আৰু ৰাছুলুল্লাহু চাল্লাল্লাহু আলাইহি অছাল্লামে কোনো অংশ নিৰ্ধাৰণ কৰিছে নে নাই সেইটোও মোৰ জনা নাই, বিষয়টো মই মানুহক সোধ-পোচ কৰি তাৰ পিছত জনাই আছোঁ। ইয়াৰ পিছত তেওঁ চাহাবাসকলক বিষয়টো সম্পৰ্কে সুধিলে, তেওঁলোকৰ মাজৰ বিভিন্নজনে এই সাক্ষ্য প্ৰদান কৰিলে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আইতাৰ কাৰণে ষষ্ঠাংশ নিৰ্ধাৰণ কৰিছে। এইদৰে ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱেও তেওঁৰ কৰ্মকৰ্তাসকলক নিৰ্দেশ দিছিল যে, তেওঁলোকে যেন মানুহৰ মাজত আল্লাহৰ কিতাব অনুসৰি মীমাংসা কৰে, লগতে যদি বিষয়টোৰ মীমাংসা কোৰআনত নাপায় তেন্তে যেন ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ হাদীছৰ দ্বাৰা মীমাংসা কৰে।

নিৰ্যাতনৰ বশৱৰ্তী হৈ অকালতে মৃত সন্তান গৰ্ভপাত কৰা নাৰীৰ এটা গোচৰৰ ফয়চালা দিয়াটো তেওঁৰ বাবে যেতিয়া কঠিন হৈ পৰিছিল তেতিয়া তেওঁ মীমাংসাৰ বাবে চাহাবাসকলক সুধিছিল, তেতিয়া মুহাম্মদ বিন মাছলামাহ আৰু মুগীৰাহ বিন শ্বুবা ৰাদ্বিয়াল্লাহু আনহুমাই সাক্ষ্য প্ৰদান কৰি কৈছিল যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই ক্ষেত্ৰত ৰক্তপণ হিচাপে এজন দাস অথবা এজনী দাসী মুক্ত কৰিবলৈ নিৰ্দেশ দিছে। ইয়াৰ পিছত তেৱোঁ সেইমতেই মীমাংসা কৰিছিল।

স্বামীৰ মৃত্যুৰ পিছত সেই ঘৰতে স্ত্ৰীৰ ইদ্দত পালন সম্পৰ্কীয় এটা বিষয়ত ফয়চালা দিয়াৰ ক্ষেত্ৰত উছমান ৰাদ্বিয়াল্লাহু আনহুৱে যেতিয়া কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছিল, তেতিয়া ফাৰিয়া বিন্তে মালিক বিন ছিনান অৰ্থাৎ আবু ছাঈদ ৰাদ্বিয়াল্লাহু আনহুৰ ভগ্নীয়ে সংবাদ দিছিল যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এনেকুৱা নাৰীক সেই ঘৰতে ইদ্দত পালন কৰাৰ নিৰ্দেশ দিছে, এই কথা শুনি তেৱোঁ সেইমতেই ফয়চালা দিছিল।

এইদৰে হাদীছ অনুসৰিয়ে অলীদ বিন উক্ববাক মাদক দ্ৰৱ্য সেৱনৰ শাস্তি বিহা হৈছিল। এইদৰে আলী ৰাদ্বিয়াল্লাহু আনহুৱে যেতিয়া শুনিছিল যে, উছমান ৰাদ্বিয়াল্লাহু আনহুৱে তামাত্তু হজ্জৰ বিপক্ষে থিয় দিছে তথা মানুহক তামাত্তু কৰিবলৈ নিষেধ কৰি আছে, তেতিয়া আলী ৰাদ্বিয়াল্লাহু আনহুৱে হজ্জ আৰু ওমৰাৰ একেলগে নিয়্যত কৰিছিল অৰ্থাৎ তামাত্তু কৰাৰ নিয়্যত কৰিছিল আৰু কৈছিলঃ কোনো মানুহৰ কথাক সমৰ্থন কৰি মই ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ হাদীছ ত্যাগ কৰিব নোৱাৰোঁ। এইদৰে আব্দুল্লাহ ইবনে আব্বাছৰ ওচৰত যেতিয়া কিছুমান লোকে ইফৰাদ হজ্জৰ সপক্ষে থিয় হৈ তামাত্তু হজ্জৰ বিপক্ষে আবু বকৰ আৰু ওমৰৰ কথাক প্ৰমাণ হিচাপে উপস্থাপন কৰিছিল, তেতিয়া তেওঁ কৈছিলঃ বেছি সম্ভৱ তোমালোকৰ ওপৰত শিলাবৃষ্টি হ'ব, কাৰণ মই কৈ আছোঁ ৰাছুলুল্লাহু চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে আৰু তোমালোকে কৈ আছা আবু বকৰ আৰু ওমৰে কৈছে। এতেকে অকণমান ভাবি চাওকচোন, আবু বকৰ আৰু ওমৰৰ দৰে বিশিষ্ট চাহাবীৰ কথাৰ দ্বাৰা হাদীছৰ বিৰুদ্ধাচৰণ হ'লে যদি শাস্তিৰ সন্মুখীন হ'বলগীয়া হয় তেন্তে তেওঁলোকতকৈ নিম্ন পৰ্যায়ৰ ব্যক্তিৰ মত বা ইজতিহাদৰ দ্বাৰা হাদীছৰ বিৰুদ্ধাচৰণ কৰাটো কিমান সমীচীন? এইদৰে কিছুমান লোকে যেতিয়া আব্দুল্লাহ ইবনে ওমৰৰ সৈতে মতানৈক্য কৰিছিল তেতিয়া তেওঁ সিহঁতক উদ্দেশ্যি কৈছিলঃ আমি ওমৰৰ অনুসৰণ কৰিবলৈ দায়বদ্ধ নে হাদীছৰ অনুসৰণ কৰিবলৈ দায়বদ্ধ?

এইদৰে ইমৰাণ ইবনে হুছাইন ৰাদ্বিয়াল্লাহু আনহুৱে যেতিয়া হাদীছ বৰ্ণনা কৰি আছিল, সেই সময়তে কোনো এজন ব্যক্তিয়ে ক'লে যে, আমাক কোৰআনৰ কথা কওক, তেতিয়া তেওঁ ক্ৰোধান্বিত হৈ কৈছিল যে, শুনা! হাদীছেই হৈছে কোৰআনৰ তাফছীৰ, হাদীছ নাথাকিলে আমি জানিবই নোৱাৰিলোঁহেতেন যে, জোহৰৰ ফৰজ চাৰি ৰাকাত, মাগৰিবৰ তিনি ৰাকাত আৰু ফজৰৰ দুই ৰাকাত, এইদৰে জাকাতৰ বিস্তাৰিত বিধি-বিধান আদিও গম নাপালোঁহেঁতেন, যিবোৰৰ বিতং আলোচনা হাদীছতহে আহিছে। হাদীছৰ মৰ্যাদা আৰু সেইমতে আমল কৰাৰ বাধ্যবাধকতা, লগতে ইয়াৰ বিৰুদ্ধাচৰণ কৰাৰ পৰা বিৰত থকা সম্পৰ্কীয় চাহাবাসকলৰ বহুতো উক্তি পোৱা যায়। ইয়াৰ আৰু এটা উদাহৰণ হৈছেঃ আব্দুল্লাহ ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাই যেতিয়া এই হাদীছ বৰ্ণনা কৰিছিলঃ আল্লাহৰ বান্দীসকলক আল্লাহৰ মছজিদৰ পৰা বিৰত নাৰাখিবা।

তেওঁৰ কিছুমান সন্তানে কৈছিলঃ আমি আমাৰ স্ত্ৰীসকলক বিৰত ৰাখিম, এই শুনি আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহু ক্ৰোধান্বিত হৈছিল আৰু তাক কঠোৰ ভাষাৰে ভৰ্ৎসনা কৰিছিল আৰু কৈছিলঃ মই কৈ আছোঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে আৰু তোমালোকে কৈ আছা আমি যাবলৈ নিদিওঁ। আব্দুল্লাহ বিন মুগাফ্ফল আল-মুঝানী ৰাদ্বিয়াল্লাহু আনহু ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ এজন চাহাবী আছিল, তেওঁ এবাৰ তেওঁৰ এজন আত্মীয়ক দুই আঙুলিৰে শিলগুটি দলিওৱা দেখিলে, এই দেখি তাক নিষেধ কৰিলে আৰু তাক ক'লেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এনেকৈ দুই আঙুলিৰে শিলগুটি নিক্ষেপ কৰিবলৈ নিষেধ কৰিছে আৰু কৈছেঃ কিয়নো ইয়াৰ দ্বাৰা চিকাৰক মাৰিব পৰা নাযায় আৰু শত্ৰুকো কঠিন আঘাত কৰিব পৰা নাযায়, কিন্তু ইয়াৰ দ্বাৰা দাঁত ভাঙিব পৰা যায় অথবা চকুত আঘাত কৰিব পাৰি। ইয়াৰ পিছত তেওঁ সেই ব্যক্তিক আকৌ তেনেকৈ শিলগুটি দলিওৱাই চিকাৰ কৰা দেখিলে। তেতিয়া তেওঁ ক'লে, আল্লাহৰ শপত! ‘মই তোমাৰ লগত কেতিয়াও কথা নকওঁ। মই তোমাক এই কাম কৰিবলৈ ৰাছুলুল্লাহ চাল্লাল্লাহ আলাইহি অছাল্লামে নিষেধ কৰা বুলি কোৱাৰ পিছতো তুমি আকৌ সেই কামকে কৰিলা?

বিশিষ্ট তাবেয়ী আইয়্যুব আচ-ছাখতিয়ানীৰ পৰা বাইহাকীয়ে বৰ্ণনা কৰিছে, তেওঁ কৈছেঃ যদি তুমি কাৰোবাক হাদীছ বৰ্ণনা কৰা আৰু সি যদি কয় যে, এইটো বাদ দিয়া কোৰআনৰ পৰা কোৱা, তেতিয়া জানিবা যে, সেইজন এজন পথভ্ৰষ্ট ব্যক্তি। আওঝায়ী ৰাহিমাহুল্লাহে কৈছেঃ হাদীছেই হৈছে কোৰআনৰ ব্যাখ্যা, কোৰআনত সাধাৰণভাৱে উল্লেখিত বিষয়বোৰক হাদীছেই বিশ্লেষণ কৰি শৃংখলাবদ্ধ কৰিছে অথবা তাত যিবোৰ বিধান উল্লেখ নাই সেইবোৰ বিধান অৱগত কৰাইছে। এই বিষয়টোক আল্লাহে পৱিত্ৰ কোৰআনত এইদৰে উল্লেখ কৰিছেঃ

আৰু আমি তোমাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছোঁ, যাতে তুমি মানুহৰ বাবে সেইটো স্পষ্ট কৰি দিব পাৰা যিটো সিহঁতৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে লগতে যাতে মানুহে (এই বিষয়ে) চিন্তা-চৰ্চা কৰে।

লগতে ইতিপূৰ্বে উল্লেখ কৰা নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ এই হাদীছটোৱেও এই কথাকেই প্ৰমাণ কৰে। জানি থোৱা! নিশ্চয় মোক কিতাব (কোৰআন) প্ৰদান কৰা হৈছে, লগতে ইয়াৰ অনুৰূপ আৰু কিবা দিয়া হৈছে।

বাইহাকীয়ে আমিৰ আশ্ব-শ্বাবী ৰাহিমাহুল্লাহৰ পৰা বৰ্ণনা কৰিছে, তেওঁ কিছুমান লোকক উদ্দেশ্য়ি কৈছিলঃ

তোমালোকে তেতিয়াই ধ্বংসত পতিত হ'বা যেতিয়া আ-ছাৰ পৰিত্যাগ কৰিবা। ইয়াত 'আ-ছাৰ' শব্দৰ দ্বাৰা ছহীহ হাদীছক বুজোৱা হৈছে। বাইহাকীয়ে আওঝায়ী ৰাহিমাহুল্লাহৰ পৰাও বৰ্ণনা কৰিছে যে, তেৱোঁ কেইজনমান শিষ্যক উদ্দেশ্যি কৈছিলঃ যেতিয়া তোমাৰ ওচৰলৈ কোনো হাদীছ আহি পাব, তেতিয়া সেই হাদীছৰ বাহিৰে বেলেগ কোনো কথাক প্ৰাধান্য নিদিবা, কাৰণ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সেই হাদীছৰ বাৰ্তাটো আল্লাহৰ ফালৰ পৰা বৰ্ণনা কৰিছে।

বিশিষ্ট ইমাম ছুফিয়ান বিন ছাঈদ আচ-ছাওৰী ৰাহিমাহুল্লাহৰ পৰা বাইহাকীয়ে বৰ্ণনা কৰিছে যে, তেওঁ কৈছেঃ হাদীছৰ জ্ঞানেই হৈছে পৰিপূৰ্ণ জ্ঞান। ইমাম মালিক ৰাহিমাহুল্লাহে কৈছেঃ আমি প্ৰতিজনে প্ৰতিজনৰ কথাক খণ্ডন কৰিব পাৰোঁ অথবা আমাৰ কথাক খণ্ডন কৰিব পাৰে, কেৱল এইজন কবৰবাসীৰ বাহিৰে, অৰ্থাৎ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ কথাক কোনেও খণ্ডন কৰিব নোৱাৰে।

আবু হানীফা ৰাহিমাহুল্লাহে কৈছেঃ ৰাছুলৰ হাদীছ পোৱাৰ লগে লগে তাক শিৰত স্থান দিবা।

শ্বাফেয়ী ৰাহিমাহুল্লাহে কৈছেঃ যেতিয়া মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা কোনো ছহীহ হাদীছ বৰ্ণনা কৰোঁ, আৰু সেই অনুসৰি যদি মই নিজে আমল নকৰোঁ, শপত খাই কওঁ যে, ইয়াৰ দ্বাৰা এইটো বুজাব যে, মোৰ ওচৰত বিবেক নাই।

তেওঁ আৰু কৈছেঃ যদি মই এনেকুৱা কোনো কথা কওঁ যিটো হাদীছৰ পৰিপন্থী, তেনেহ'লে মোৰ কথাক দলিয়াই দিয়া।

ইমাম আহমদ বিন হাম্বল ৰাহিমাহুল্লাহে তেওঁৰ শিষ্যসকলক উদ্দেশ্যি কৈছিলঃ মোক অন্ধানুসৰণ (তাক্বলীদ) নকৰিবা আৰু মালিক, শ্বাফেয়ীকো নহয়, বৰং আমি যি ঠাইৰ পৰা বিধান সংগ্ৰহ কৰিছোঁ তাৰ পৰা তোমালোকেও সংগ্ৰহ কৰা।

তেওঁ এই কথাও কৈছেঃ আচৰিত লাগে সেইসকল লোকৰ প্ৰতি যিসকলে হাদীছৰ চনদ আৰু তাৰ সত্যতা সম্পৰ্কে জনাৰ পিছতো ছুফিয়ানৰ প্ৰতি ঢাপলি মেলে, অথচ মহান আল্লাহে কৈছেঃ এতেকে যিসকলে তেওঁৰ (ৰাছুলৰ) বিৰুদ্ধাচৰণ কৰে সিহঁতে সতৰ্ক হোৱা উচিত যে, সিহঁতে ফিতনাত পতিত হ’ব নাইবা যন্ত্ৰণাদায়ক শাস্তিয়ে সিহঁতক গ্ৰাস কৰিব।

তেওঁ কৈছেঃ ফিতনা কি তোমালোকে জানানে? ফিতনা হৈছে শ্বিৰ্ক। ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ হাদীছৰ এটা বাক্যক অমান্য কৰিলেই অন্তৰত বক্ৰতা সৃষ্টি হয়, তাৰ ফলত সেই ব্যক্তি ধ্বংস হৈ যায়।

বাইহাকীয়ে বিশিষ্ট তাবেয়ী মুজাহিদ বিন জবৰৰ পৰা বৰ্ণনা কৰিছে, তেওঁ মহান আল্লাহৰ এই বাণী সম্পৰ্কে কৈছেঃ

এতেকে তোমালোকৰ মাজত কোনো বিষয় লৈ মতভেদ ঘটিলে সেয়া উপস্থাপন কৰা তথা প্ৰত্যাৱৰ্তন কৰা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ওচৰত।

আল্লাহৰ প্ৰতি প্ৰত্যাৱৰ্তন অৰ্থাৎ কোৰআনৰ প্ৰতি প্ৰত্যাৱৰ্তন কৰাক বুজাইছে। ৰাছুলৰ প্ৰতি প্ৰত্যাৱৰ্তন অৰ্থাৎ হাদীছৰ প্ৰতি প্ৰত্যাৱৰ্তন কৰাক বুজাইছে। বাইহাকীয়ে ঝুহৰী ৰাহিমাহুল্লাহৰ পৰা বৰ্ণনা কৰিছে, তেওঁ কৈছেঃ আমাৰ পূৰ্বৱৰ্তী উলামাসকলে গুৰুত্ব সহকাৰে এই কথা কৈছিল যে, মজবুতভাৱে হাদীছ খামুচি ধৰাৰ মাজতেই আছে মুক্তি। ইবনে কুদামা ৰাহিমাহুল্লাহে তেওঁৰ কিতাব ৰাওজাতুন না-জিৰ গ্ৰন্থত বিধি-বিধানৰ মৌলিক নীতিমালা সম্পৰ্কীয় এক আলোচনাত কৈছেঃ আৰু দ্বিতীয় মূলনীতি হৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ হাদীছ। তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাণী হৈছে তেখেতৰ সত্যতাৰ প্ৰমাণ, লগতে আল্লাহে তেখেতৰ আনুগত্য কৰাৰ নিৰ্দেশ দিছে আৰু তেখেতে দেখুৱাই দিয়া দিশ-নিৰ্দেশনাৰ বিৰুদ্ধাচৰণৰ পৰা সতৰ্ক কৰিছে।

ক'বলগীয়াখিনি সমাপ্ত হ'ল।

ইবনে কাছীৰ ৰাহিমাহুল্লাহে এই আয়াতৰ তাফছীৰত কৈছেঃ

এতেকে যিসকলে তেওঁৰ (ৰাছুলৰ) বিৰুদ্ধাচৰণ কৰে সিহঁতে সতৰ্ক হোৱা উচিত যে, সিহঁতে ফিতনাত পতিত হ’ব নাইবা যন্ত্ৰণাদায়ক শাস্তিয়ে সিহঁতক গ্ৰাস কৰিব।

অৰ্থাৎ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাণীৰ বিৰুদ্ধাচৰণ, আৰু সেইটোৱে হৈছে তেখেতৰ পথ, মানহাজ, তৰীকাহ, ছুন্নত আৰু চৰীয়ত। গতিকে প্ৰতিটো কথা আৰু কৰ্মকে তেখেতৰ কথা আৰু কৰ্মৰ সৈতে মিলাই চোৱা হ'ব, যদি মিল থাকে তেতিয়াহে গ্ৰহণযোগ্য হ'ব অন্যথা প্ৰত্যাখ্যান কৰা হ'ব, কৰ্তা আৰু বক্তা যিয়েই নহওক কিয়।

যিদৰে বুখাৰী আৰু মুছলিমত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণিত হৈছে, তেখেতে কৈছেঃ

যিয়ে এনেকুৱা কোনো আমল কৰিছে যিটো আমাৰ চৰীয়তত নাই সেইটো প্রত্যাখ্যাত।

অৰ্থাৎ প্ৰকাশ্য অপ্ৰকাশ্য সকলো ফালৰ পৰা ৰাছুলৰ চৰীয়তৰ বিৰুদ্ধাচৰণৰ পৰা সতৰ্ক হোৱা উচিত তথা ভয় কৰা উচিত।

সিহঁতক ফিতনাই আগুৰি ধৰিব পাৰে।

অৰ্থাৎ সিহঁতৰ অন্তৰত কুফৰ, নিফাক অথবা বিদআতে ঠাই লব পাৰে।

নাইবা সিহঁত যন্ত্ৰণাদায়ক শাস্তিৰ সন্মুখীন হ'ব।

অৰ্থাৎ পৃথিৱীত হত্যা অথবা শাস্তি নাইবা গ্ৰেপ্তাৰ হ'ব পাৰে। ইমাম আহমদ ৰাহিমাহুল্লাহে বৰ্ণনা কৰিছে যে, আমাক আব্দুৰ ৰাজ্জাকে বৰ্ণনা কৰিছে, তেওঁ কৈছে- আমাক মা'মাৰে বৰ্ণনা কৰিছে, তেওঁ হাম্মাম ইবনে মুনাব্বিহৰ পৰা বৰ্ণনা কৰি কৈছে- আমাক আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৱে বৰ্ণনা কৰি কৈছে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

শুনা! মোৰ আৰু তোমালোকৰ উদাহৰণ হৈছে সেই ব্যক্তিৰ দৰে, যিয়ে জুই জ্বলালে, যেতিয়া জুই প্ৰজ্বলিত হৈ চাৰিওফালে আলোকিত হ'ল, তেতিয়া কীট-পতঙ্গ পৰুৱা আদি উৰি উৰি আহি তাত পৰিবলৈ ধৰিলে, আৰু সেই ব্যক্তিয়ে আপ্ৰাণ চেষ্টা কৰি সেইবোৰক বাধা দিবলৈ ধৰিলে কিন্তু তথাপিও তেওঁক অপাৰগ কৰি সেইবোৰ জুইত জাপ দিলে, ঠিক সেইদৰে ময়ো তোমালোকক তোমালোকৰ কঁকালত ধৰি টানি টানি জাহান্নামৰ পৰা ৰক্ষা কৰাৰ চেষ্টা কৰি আছোঁ আৰু তোমালোকে মোক পৰাজিত কৰি তাত পতিত হৈ আছা।

হাদীছটো আব্দুৰ ৰাজ্জাকৰ পৰা বৰ্ণিত।

ছুয়ুতী ৰাহিমাহুল্লাহে মিফতাহুল জান্নাহ ফিল ইহতিজাজি বিচ-ছুন্নাহ নামক এটা বাৰ্তাত কৈছে যে,

আল্লাহে আপোনালোকৰ ওপৰত ৰহম কৰক, জানি থওক যে, যদি কোনোবাই বিখ্যাত মূলনীতিসমূহৰ চৰ্ত অনুযায়ী প্ৰমাণিত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কোনো হাদীছক- সেয়া কওলী হাদীছ (তেখেতৰ বাণী) হওক বা কৰ্ম সম্পৰ্কীয় হাদীছ- প্ৰমাণ হিচাপে মানিবলৈ অস্বীকাৰ কৰে তেন্তে সি নিশ্চিতভাৱে কুফৰী কৰে, আৰু সি ইছলামৰ পৰা বহিষ্কাৰ হৈ যায়, লগতে সি ইয়াহুদী আৰু নাচাৰাৰ সৈতে কিয়ামতৰ দিনা উত্থিত হ'ব অথবা আন কোনো কাফিৰ ফিৰ্কাৰ সৈতে আল্লাহে তাক উত্থিত কৰিব।

ক'বলগীয়াখিনি সমাপ্ত হ'ল।

হাদীছৰ গুৰুত্ব আৰু মৰ্যাদা, তথা সেইমতে আমল কৰাৰ বাধ্যবাধকতা, লগতে ইয়াৰ বিৰুদ্ধাচৰণৰ সতৰ্কতা সম্পৰ্কীয় চাহাবা আৰু তাবেঈন লগতে তেওঁলোকৰ পৰৱৰ্তী বিজ্ঞ আলিমসকলৰ বহুতো অভিমত লিপিবদ্ধ আছে। মই ভাবোঁ, আমি ইয়াত কোৰআনৰ যিবোৰ আয়াত, হাদীছ আৰু উক্তি উল্লেখ কৰিলোঁ সেইখিনিয়ে যথেষ্ট হ'ব, তথা সত্য অন্বেষণকাৰীৰ বাবে পৰ্যাপ্ত হ'ব বুলি আশা কৰোঁ। মহান আল্লাহৰ ওচৰত আমি দুআ কৰোঁ, তেওঁ যেন আমাক আৰু সকলো মুছলমানকে তেওঁৰ সন্তুষ্টিমূলক কাম কৰাৰ তাওফীক দিয়ে, লগতে তেওঁক ক্ৰোধান্বিত কৰা বিষয়ৰ পৰা যাতে আমাক সুৰক্ষিত ৰাখে, আৰু আমাক আটাইকে যাতে চিৰাতে মুস্তাকীমৰ হিদায়ত দিয়ে। নিশ্চয় তেওঁ সৰ্বশ্ৰোতা অতি নিকটৱৰ্তী।

দৰূদ আৰু ছালাম বৰ্ষিত হওক তেওঁৰ বান্দা আৰু ৰাছুল, আমাৰ প্ৰিয় নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম তেওঁৰ পৰিয়ালবৰ্গ আৰু চাহাবাসকলৰ ওপৰত আৰু তেওঁলোকক এহছানৰ সৈতে অনুসৰণ কৰা লোকসকলৰ ওপৰত।

শ্বাইখ আব্দুল আজীজ বিন আব্দুল্লাহ বিন বাজ ৰাহিমাহুল্লাহ