কোৰআন আৰু ছুন্নাহৰ আলোকত হজ্জ, ওমৰাহ আৰু জিয়াৰতৰ বহুতো মাছআলা-মাছাইলৰ বিশ্লেষণ আৰু স্পষ্টীকৰণ
এই কিতাপখনত কোৰআন আৰু ছুন্নাহ অনুযায়ী হজ্জ, ওমৰাহ আৰু জিয়াৰতৰ বিধি-বিধান বৰ্ণনা কৰা হৈছে। লগতে ইয়াত হজ্জ আৰু ওমৰাহৰ ৱাজিবসমূহ, এহৰাম অৱস্থাত নিষিদ্ধ কামসমূহ আৰু মছজিদে নবৱী জিয়াৰতৰ আদবসমূহ দাঙি ধৰা হৈছে, আৰু এই ইবাদতসমূহত বিদআতী কাম-কাজৰ পৰা সতৰ্ক কৰা হৈছে।
These files are generated automatically from the book's text; their layout may differ from the printed edition.
কোৰআন আৰু ছুন্নাহৰ আলোকত হজ্জ, ওমৰাহ আৰু জিয়াৰত সম্পৰ্কীয় বহুতো মাছআলা-মাছাইলৰ বিশ্লেষণ আৰু স্পষ্টীকৰণ
মহামান্য শ্বাইখ আল্লামা
আব্দুল আজীজ ইবনে আব্দুল্লাহ ইবনে বাজ
লেখকৰ ভূমিকা
আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত
সকলো ধৰণৰ প্ৰশংসা বিশ্বজগতৰ প্ৰতিপালক মহান আল্লাহৰ বাবে, আৰু শুভ পৰিণাম নিৰ্দিষ্ট কেৱল মুত্তাক্বীসকলৰ বাবে। লগতে দৰূদ আৰু ছালাম বৰ্ষিত হওক তেওঁৰ বান্দা আৰু ৰাছুল মুহাম্মদৰ ওপৰত, আৰু তেখেতৰ পৰিয়ালবৰ্গ, লগতে তেখেতৰ সকলো চাহাবাৰ ওপৰত।
তাৰ পিছতঃ
এইখন হৈছে হজ্জ, ইয়াৰ ফজীলত আৰু নিয়ম-নীতিৰ বিৱৰণ, লগতে হজ্জ আদায় কৰাৰ উদ্দেশ্যে ভ্ৰমণ কৰিব বিচৰা ব্যক্তিৰ কৰণীয় বিষয় সম্পৰ্কীয় এটি সংক্ষিপ্ত পুস্তিকা। ইয়াত হজ্জ, ওমৰাহ আৰু জিয়াৰতৰ বহুতো গুৰুত্বপূৰ্ণ বিষয় সংক্ষিপ্ত আৰু স্পষ্ট ৰূপত দাঙি ধৰা হৈছে। ইয়াত মই পৱিত্ৰ কোৰআন আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নাহৰ দ্বাৰা প্ৰমাণিত বিষয়সমূহ সন্নিবিষ্ট কৰিবলৈ যথাসাধ্য চেষ্টা কৰিছোঁ। মুছলিমসকলৰ প্ৰতি উপদেশস্বৰূপে আৰু মহান আল্লাহৰ বাণীৰ ওপৰত আমল কৰাৰ উদ্দেশ্যে মই এইখন সংকলন কৰিছোঁ: “আৰু তুমি উপদেশ দিয়া, কাৰণ নিশ্চয় উপদেশ মুমিনসকলৰ উপকাৰত আহে।” (ছুৰা আজ-যাৰিয়াতঃ ৫৫) মহান আল্লাহে আৰু কৈছে: “স্মৰণ কৰা, যেতিয়া আল্লাহে কিতাবীসকলৰ পৰা প্ৰতিশ্ৰুতি লৈছিল যে, ‘নিশ্চয় তোমালোকে ইয়াক মানুহৰ ওচৰত স্পষ্টভাৱে প্ৰকাশ কৰিবা আৰু ইয়াক গোপন নকৰিবা...” (ছুৰা আলে-ইমৰাণঃ ১৮৭) আয়াত, মহান আল্লাহে আৰু কৈছেঃ “সৎকৰ্ম আৰু তাক্বৱাৰ বিষয়ত তোমালোকে পৰস্পৰে পৰস্পৰক সহায়-সহযোগিতা কৰিবা৷” (ছুৰা আল-মায়িদাহঃ ২)
এইদৰে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা ছহীহ হাদীছত বৰ্ণিত আছে যে, তেখেতে কৈছেঃ “দ্বীন হৈছে শুভ কামনাৰ নাম।” কথাষাৰ তেখেতে তিনিবাৰ ক’লে। প্ৰশ্ন কৰা হ’ল: হে আল্লাহৰ ৰাছুল! কাৰ বাবে? তেখেতে ক’লে: "আল্লাহৰ বাবে, তেওঁৰ কিতাবৰ বাবে, তেওঁৰ ৰাছুলৰ বাবে, মুছলিমসকলৰ নেতৃবৃন্দৰ বাবে আৰু সকলো মুছলিমৰ বাবে।” [১] [১] (মুছলিমঃ ৫৫)
তাবাৰানীত হুজাইফাৰ পৰা বৰ্ণিত আছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে মুছলিমসকলৰ বিষয়ক গুৰুত্ব নিদিয়ে তথা সেই সম্পৰ্কে চিন্তা-চৰ্চা নকৰে, সি তেওঁলোকৰ অন্তৰ্ভুক্ত নহয়। এইদৰে যিয়ে পুৱা গধূলি আল্লাহৰ কিতাব, তেওঁৰ ৰাছুল, মুছলিম শাসক আৰু সৰ্বসাধাৰণ মুছলিমৰ কল্যাণ কামনা নকৰে, তেনেকুৱা ব্যক্তিও তেওঁলোকৰ অন্তৰ্ভুক্ত নহয়।" [২] [২] (তাবৰাণী আল- আওছাতঃ ৭৪৬৯)
আল্লাহৰ ওচৰত দুআ কৰোঁ, তেওঁ যেন ইয়াৰ দ্বাৰা মোক আৰু সকলো মুছলিমকে উপকৃত কৰে, আৰু এই প্ৰচেষ্টাক তেওঁৰ সন্তুষ্টিৰ বাবে নিৰ্দিষ্ট কৰি লয়, লগতে তেওঁৰ ওচৰত জান্নাতুন নাঈমত সফলতা লাভৰ মাধ্যম বনাই দিয়ে। নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, প্ৰাৰ্থনা কবূলকাৰী, আৰু তেৱেঁই আমাৰ বাবে যথেষ্ট আৰু উত্তম কৰ্মবিধায়ক।
পৰিচ্ছেদ
হজ্জ আৰু ওমৰাহ ওৱাজিব হোৱাৰ প্ৰমাণ আৰু ইয়াক দ্ৰুত আদায় কৰা সম্পৰ্কীয় বৰ্ণনা।
মহান আল্লাহে মোক আৰু আপোনালোকক সত্য জনাৰ আৰু সেইমতে পালন কৰাৰ তাওফীক প্ৰদান কৰক। জানি থওক যে, মহান আল্লাহে তেওঁৰ বান্দাসকলৰ ওপৰত তেওঁৰ পৱিত্ৰ ঘৰৰ হজ্জ পালন কৰাটো ওৱাজিব কৰিছে, আৰু ইয়াক ইছলামৰ অন্যতম এটা ৰুকন (স্তম্ভ) হিচাপে ধাৰ্য্য কৰিছে। মহান আল্লাহে কৈছেঃ “আৰু মানুহৰ মাজৰ পৰা তাত যাবলৈ যাৰ সামৰ্থ আছে, আল্লাহৰ উদ্দেশ্যে সেই ঘৰৰ হজ্জ কৰা তাৰ বাবে অৱশ্য কৰ্তব্য (অনিবাৰ্য্য); আৰু যিয়ে কুফুৰী কৰিব, সি জানি থোৱা উচিত যে, নিশ্চয় আল্লাহ সৃষ্টিজগতৰ মুখাপেক্ষী নহয়।” (ছুৰা আলে-ইমৰাণঃ ৯৭)
ছহীহ বুখাৰী আৰু মুছলিমত ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “ইছলামৰ স্তম্ভ হৈছে পাঁচটা– এই কথাৰ সাক্ষ্য প্ৰদান কৰা যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল, চালাত প্ৰতিষ্ঠা কৰা, যাকাত আদায় কৰা, ৰমাজান মাহৰ চিয়াম পালন কৰা, আৰু বাইতুল্লাহিল হাৰামৰ হজ্জ কৰা৷” [৩] [৩] (বুখাৰীঃ ৮, আৰু মুছলিমঃ ১৬)
আৰু ছায়ীদে তেওঁৰ ছুনানত ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণনা কৰিছে, তেওঁ কৈছেঃ “মই মনস্থ কৰিছোঁ যে, মই এই নগৰবোৰলৈ এদল লোক প্ৰেৰণ কৰিম, যাতে তেওঁলোকে প্ৰত্যেক এনেকুৱা লোকক বিচাৰি উলিয়ায়, যিসকলে সামৰ্থ [৪] থকা সত্ত্বেও হজ্জ পালন কৰা নাই, যাতে সিহঁতৰ ওপৰত জিঝিয়া (কৰ) আৰোপ কৰিব পৰা যায়। কাৰণ সিহঁত মুছলিম নহয়, কাৰণ সিহঁত মুছলিম নহয়।” [৫] [৪] অৰ্থাৎ: ধন-সম্পদৰ প্ৰাচুৰ্য। [৫] জামেউল আহাদীছত (হাদীছ নং: ৩১২২১) ইয়াক ছুনানে ছায়ীদ ইবনে মানচূৰৰ বুলি উল্লেখ কৰা হৈছে, কিন্তু উপলব্ধ সংস্কৰণত মই এইটো বিচাৰি পোৱা নাই।
আলী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা আৰু বৰ্ণিত যে, তেওঁ কৈছেঃ “যিয়ে সামৰ্থ থকা সত্ত্বেও হজ্জ পৰিত্যাগ কৰিছে, সি ইয়াহুদী হৈ অথবা খ্ৰীষ্টান হৈ মৃত্যুবৰণ কৰক, তাত কোনো পাৰ্থক্য নাই।” [৬] [৬] (তিৰমিজীঃ ৮১২)
যি ব্যক্তিয়ে হজ্জ কৰাৰ সামৰ্থ থকাৰ পিছতো হজ্জ কৰা নাই, সেই ব্যক্তিৰ ওপৰত দ্ৰুত হজ্জ পালন কৰা ওৱাজিব। কাৰণ ইবনু আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “তোমালোকে হজ্জ কৰিবলৈ খৰখেদা কৰা - অৰ্থাৎ ফৰজ হজ্জ পালনৰ ক্ষেত্ৰত। কাৰণ তোমালোকৰ মাজৰ কোনেও নাজানে কাৰ সন্মুখত কি ধৰণৰ বাধা আহিব পাৰে।” [৭] [৭] (আবু দাউদঃ ১৭৩২)
সেয়ে সামৰ্থৱান ব্যক্তিৰ বাবে দ্ৰুত হজ্জ আদায় কৰাটো অত্যাৱশ্যক, ওৱাজিব। এই কথাটো মহান আল্লাহৰ এই বাণীৰ দ্বাৰাও প্ৰমাণিতঃ “আৰু মানুহৰ মাজৰ পৰা তাত যাবলৈ যাৰ সামৰ্থ আছে, আল্লাহৰ উদ্দেশ্যে সেই ঘৰৰ হজ্জ কৰাটো তাৰ বাবে অৱশ্য কৰ্তব্য (অনিবাৰ্য্য); আৰু যিয়ে কুফুৰী কৰিব, সি জানি থোৱা উচিত যে, নিশ্চয় আল্লাহ সৃষ্টিজগতৰ মুখাপেক্ষী নহয়।” (ছুৰা আলে-ইমৰাণঃ ৯৭) এইদৰে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ ভাষণত কোৱা এই বক্তব্যৰ দ্বাৰাও প্ৰমাণিতঃ “হে লোকসকল, নিশ্চয় আল্লাহে তোমালোকৰ ওপৰত হজ্জ ফৰজ কৰিছে, গতিকে তোমালোকে হজ্জ কৰা৷” [৮] [৮] (মুছলিমঃ ১৩৩৭)
ওমৰাহ আদায় কৰা ওৱাজিব সম্পৰ্কেও কিছুমান হাদীছ বৰ্ণিত হৈছে। যেনে-
জিব্ৰীল আলাইহিচ্ছালামে যেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ইছলাম সম্পৰ্কে প্ৰশ্ন কৰিছিল, তেতিয়া উত্তৰত তেখেতে কৈছিলঃ “ইছলাম হৈছে, এই কথাৰ সাক্ষ্য দিয়া যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল, ছালাত প্ৰতিষ্ঠা কৰা, যাকাত আদায় কৰা, বাইতুল্লাহৰ হজ্জ কৰা আৰু ওমৰাহ পালন কৰা, জানাবতৰ (ফৰজ) গোছল কৰিবা, পৰিপূৰ্ণৰূপে অজু কৰিবা, ৰমাজানৰ চওম পালন কৰিবা৷” [৯] এই হাদীছটো ইবনু খুজাইমা আৰু দাৰা-কুতনীয়ে ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণনা কৰিছে আৰু দাৰা-কুতনীয়ে কৈছে: ইয়াৰ চনদ প্ৰমাণিত আৰু বিশুদ্ধ। [৯] (ইবনে খুজাইমাঃ ১)
এইদৰে আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বৰ্ণিত হাদীছ, য'ত তেওঁ কৈছেঃ “হে আল্লাহৰ ৰাছুল! মহিলাসকলৰ ওপৰত কোনো জিহাদ আছেনে? তেখেতে ক'লেঃ তেওঁলোকৰ বাবে যুদ্ধবিহীন জিহাদ আছে: সেয়া হৈছে হজ্জ আৰু ওমৰাহ।”[১০] উক্ত হাদীছটো আহমদ আৰু ইবনে মাজাই বিশুদ্ধ চনদৰ সৈতে বৰ্ণনা কৰিছে। [১০] (বুখাৰীঃ হাদীছ নং ১৫২০)
হজ্জ আৰু ওমৰাহ জীৱনত কেৱল এবাৰেই অনিবাৰ্য্য। কাৰণ ছহীহ হাদীছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “হজ্জ এবাৰেই আৱশ্যক। এতেকে যিজনে একাধিকবাৰ কৰিব সেয়া নফল বুলি গণ্য হ’ব।”[১১] [১১] (নাছায়ীঃ হাদীছ নং ২৬২০)
বেছি বেছি নফল হজ্জ আৰু ওমৰাহ পালন কৰা ছুন্নত। ইয়াৰ প্ৰমাণ হৈছে বুখাৰী আৰু মুছলিমত আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত এই হাদীছ, তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “ওমৰাহ হৈছে, দুটা ওমৰাৰ মাজত হোৱা গুনাহৰ কাফ্ফাৰাহ। আনহাতে হজ্জে মাবৰূৰৰ প্ৰতিদান জান্নাতৰ বাহিৰে আন একো নহয়।” [১২] [১২] (বুখাৰীঃ ১৭৭৩, আৰু মুছলিমঃ ১৩৪৯)
পৰিচ্ছেদ
গুনাহৰ পৰা তাওবা কৰা আৰু অন্যায়-অত্যাচাৰৰ পৰা দূৰত্ব অৱলম্বন কৰা ওৱাজিব।
কোনো মুছলিম ব্যক্তিয়ে যেতিয়া হজ্জ বা ওমৰাৰ উদ্দেশ্যে ছফৰ কৰাৰ সংকল্প কৰেঃ তেতিয়া তেওঁৰ বাবে নিজৰ পৰিয়ালবৰ্গ আৰু সংগী-সাৰথিসকলক মহান আল্লাহৰ তাক্বৱা অৱলম্বন কৰিবলৈ উপদেশ দিয়াটো মুস্তাহাব। তাক্বৱা হৈছে, আল্লাহৰ আদেশ পালন কৰা আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থকা।
লগতে তেওঁ নিজৰ প্ৰত্যেক সেই ঋণৰ বিৱৰণ বিতংভাৱে লিপিবদ্ধ কৰি থৈ যোৱা উচিত, যিটো তেওঁ বেলেগৰ ওচৰত পাবলগীয়া আছে আৰু যিটো তেওঁ বেলেগক দিবলগীয়া আছে, লগতে ইয়াৰ বাবে সাক্ষী ৰখা উচিত। এইদৰে সকলো গুনাহৰ পৰা দ্ৰুত তাওবায়ে নাচুহা কৰা উচিত। যেনে- মহান আল্লাহে কৈছেঃ “হে মুমিনসকল! তোমালোক আটায়ে আল্লাহৰ ফালে উভতি আহা, যাতে তোমালোকে সফলকাম হ’ব পাৰা।” (ছুৰা আন-নূৰঃ ৩১)
প্ৰকৃত তাওবা হৈছেঃ গুনাহৰ পৰা সম্পূৰ্ণৰূপে বিৰত থকা তথা পাপকৰ্ম পৰিত্যাগ কৰা। হৈ যোৱা গুনাহৰ ক্ষেত্ৰত অনুতপ্ত হোৱা। লগতে পুনৰ এনেকুৱা গুনাহ নকৰিবলৈ দৃঢ় প্ৰতিজ্ঞা কৰা। এইদৰে যদি তাৰ ওপৰত বেলেগৰ অধিকাৰ খৰ্ব হোৱাৰ অথবা ধন-সম্পদ বা মৰ্যাদা হানি সম্পৰ্কীয় কোনো অভিযোগ থাকে তেন্তে তাৰ সেই অধিকাৰ তাক পৰিশোধ কৰিব লাগিব। নাইবা ছফৰলৈ ওলোৱাৰ আগতে তাৰ ওচৰতগৈ ক্ষমা বিচাৰি নিজৰ দায়-দোষ এৰাই ল'ব লাগিব। কিয়নো ছহীহ হাদীছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “যি ব্যক্তিয়ে তাৰ ভাতৃৰ প্ৰতি কোনো অন্যায় কৰিছে, নাইবা তাৰ ধন-সম্পদ আত্মসাৎ কৰিছে অথবা মান হানি কৰিছে, বা বেলেগ কোনো ক্ষতি কৰিছে, সি যেন আজিয়েই তাৰ ওচৰত ক্ষমা বিচাৰে, সেই দিৱসটো অহাৰ আগতে যিদিনা দীনাৰ (স্বৰ্ণমুদ্ৰা) আৰু দিৰহাম (ৰূপমুদ্ৰা) নাথাকিব। সেইদিনা তাৰ আমলনামাত যদি নেক আমল থাকে তেন্তে তাৰ অন্যায়ৰ পৰিমাণ অনুসৰি তাৰ পৰা নেক আমল কাঢ়ি লোৱা হ’ব। আনহাতে যদি তাৰ কোনো সৎকৰ্ম নাথাকে, তেন্তে প্ৰতিপক্ষৰ আমলনামাৰ পৰা গুনাহ লৈ তাৰ ওপৰত চপাই দিয়া হ’ব।” [১৩] [১৩] (বুখাৰীঃ হাদীছ নং ২৪৪৯)
এইদৰে তেওঁ হজ্জ আৰু ওমৰাৰ বাবে তেওঁৰ হালাল সম্পদৰ পৰা উৎকৃষ্ট সম্পদ বাচনি কৰা উচিত। কাৰণ ছহীহ হাদীছৰ দ্বাৰা নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা প্ৰমাণিত যে, তেখেতে কৈছেঃ “নিশ্চয় মহান আল্লাহ হৈছে পৱিত্ৰ, সেয়ে তেওঁ পৱিত্ৰ বস্তুৰ বাহিৰে একো গ্ৰহণ নকৰে।”[১৪] [১৪] (মুছলিমঃ ১০১৫)
আৰু ত্বাবাৰানীয়ে আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণনা কৰিছে, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “যেতিয়া কোনো ব্যক্তিয়ে পৱিত্ৰ সম্পদ লৈ হজ্জ কৰাৰ উদ্দেশ্যে ওলাই যায়, আৰু নিজৰ বাহনত উঠিবলৈ ভৰি দিয়ে, লগতে এইদৰে তালবিয়া পাঠ কৰেঃ লাব্বাইক আল্লাহুম্মা লাব্বাইক। তেতিয়া আকাশৰ পৰা এজন ঘোষকে তেওঁক মাতি কয়ঃ তোমাৰ আহ্বান কবূল হৈছে, তুমি হৈছা এজন সৌভাগ্যৱান। তোমাৰ সম্বল হালাল, তোমাৰ বাহন হালাল। তোমাৰ হজ্জ কবূল হোৱাৰ যোগ্য তথা ত্ৰুটিমুক্ত। পক্ষান্তৰে যেতিয়া কোনো ব্যক্তিয়ে হাৰাম সম্পদ লৈ হজ্জৰ উদ্দেশ্য ওলায়, আৰু বাহনত উঠি এইদৰে তালবিয়া পাঠ কৰে। লাব্বাইক আল্লাহুম্মা লাব্বাইক। তেতিয়া আকাশৰ পৰা এজন ঘোষকে তেওঁক মাতি কয়ঃ তোমাৰ আহ্বান কবূল হোৱা নাই, তুমি হৈছা এজন দুৰ্ভাগ্যৱান ব্যক্তি। তোমাৰ সম্বল হাৰাম, তোমাৰ সম্পদ হাৰাম, তোমাৰ হজ্জ কবূল হোৱাৰ যোগ্য নহয়।” [১৫] [১৫] (তাবৰাণী আল-কাবীৰঃ ২৯৮৯)
হজ্জলৈ ওলোৱা প্ৰতিজন হাজীয়ে মানুহৰ সম্পদৰ পৰা বিমুখ হোৱা উচিত, আৰু মানুহৰ ওচৰত কিবা বিচৰাৰ পৰা বিৰত থকা উচিত। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “যিয়ে আনৰ ওচৰত বিচৰাৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰে, আল্লাহেও তাক তাৰ পৰা বিৰত ৰাখে। এইদৰে যিয়ে মানুহৰ পৰা অমুখাপেক্ষী থাকিব বিচাৰে, আল্লাহেও তাক মানুহৰ পৰা অমুখাপেক্ষী কৰি ৰাখে।” [১৬] [১৬] (বুখাৰীঃ ১৪২৭, আৰু মুছলিমঃ ১০৩৫)
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ “যিয়ে সদায় মানুহৰ ওচৰত খুজি মাগি থাকে, সেই ব্যক্তি কিয়ামতৰ দিনা এনেকুৱা অৱস্থাত উপস্থিত হ'ব যে, তাৰ মুখমণ্ডলত মাংসৰ এটা টুকুৰাও নাথাকিব।” [১৭] [১৭] (বুখাৰীঃ ১৪৭৪, আৰু মুছলিমঃ ৪০৪০)
হজ্জ আৰু ওমৰাহ কৰিবলৈ মনস্থ কৰা প্ৰতিজন ব্যক্তিয়ে হজ্জ তথা ওমৰাহ কৰিবলৈ নিয়্যত কৰাৰ সময়ত তেওঁৰ উদ্দেশ্য হ'ব লাগে একমাত্ৰ আল্লাহৰ সন্তুষ্টি অৰ্জন আৰু জান্নাত লাভৰ আশা। হজ্জ পালন কৰাৰ সময়ত হজ্জৰ পৱিত্ৰ স্থানবোৰত আল্লাহৰ পছন্দনীয় কথা আৰু কৰ্মসমূহ পালনৰ মাধ্যমত তেওঁৰ নৈকট্য অৰ্জনৰ আশা পোষণ কৰিব লাগে। হজ্জৰ দ্বাৰা কোনো পধ্যেই পৃথিৱী আৰু পৃথিৱীৰ তুচ্ছ বস্তুবোৰ কামনা উচিত নহয়, মানুহক দেখুৱাৰ উদ্দেশ্যে অথবা বিখ্যাত হোৱাৰ উদ্দেশ্য নাইবা মানুহৰ মাজত গৌৰৱ কৰাৰ নিমিত্তে হজ্জ কৰা কোনো পধ্যেই উচিত নহয়, যেনে- মানুহে তেওঁক হাজী বুলি কওক আদি। কাৰণ এইবোৰ হৈছে একেবাৰে নিকৃষ্ট উদ্দেশ্য। এইবোৰ হৈছে আমল ধ্বংস হোৱাৰ কাৰণ তথা আমল গ্ৰহণযোগ্য নোহোৱাৰ কাৰণ। যেনে- মহান আল্লাহে কৈছেঃ “যিয়ে পাৰ্থিৱ জীৱন আৰু ইয়াৰ সৌন্দৰ্য কামনা কৰে, পৃথিৱীতেই আমি সিহঁতৰ আমলৰ পূৰ্ণ ফল প্ৰদান কৰোঁ আৰু তাত সিহঁতক কম দিয়া নহ’ব। ইহঁতেই হৈছে সেইসকল লোক, যিসকলৰ বাবে আখিৰাতত (জাহান্নামৰ) জুইৰ বাহিৰে আন একো নাই; আৰু ইহঁতে পাৰ্থিৱ জীৱনত যি (আমল) কৰিছিল আখিৰাতত সেইবোৰ নিষ্ফল হৈ যাব আৰু ইহঁতে যি কৰিছিল সেইবোৰ আছিল নিৰৰ্থক।” (ছুৰা হূদঃ ১৫-১৬)
মহান আল্লাহে আৰু কৈছেঃ “কোনোবাই আশু সুখ-সম্ভোগ কামনা কৰিলে, আমি যাক ইচ্ছা কৰোঁ ইয়াতেই ততালিকে দি দিওঁ, তাৰ পিছত তাৰ বাবে জাহান্নাম নিৰ্ধাৰিত কৰোঁ, তাত সি লাঞ্ছিত আৰু অনুগ্ৰহৰ পৰা বঞ্চিত হৈ প্ৰৱেশ কৰিব। আনহাতে যিসকলে মুমিন হৈ আখিৰাত কামনা কৰে আৰু তাৰ বাবে যথাযথ চেষ্টা কৰে, তেওঁলোকৰ প্ৰচেষ্টা হৈছে পুৰস্কাৰযোগ্য।” (ছুৰা আল-ইছৰাঃ ১৮-১৯)
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা সঠিক সূত্ৰৰ দ্বাৰা প্ৰমাণিত যে, তেখেতে কৈছেঃ মহান আল্লাহে কৈছেঃ “মই সকলো অংশীদাৰৰ অংশীদাৰিত্ব (শ্বিৰ্ক)ৰ পৰা মুক্ত। যদি কোনোবাই এনেকুৱা কোনো আমল কৰে, য'ত সি মোৰ সৈতে আন কাৰোবাক অংশীদাৰ কৰিছে, তেনেহ'লে মই তাক আৰু তাৰ শ্বিৰ্কক বৰ্জন কৰোঁ।” [১৮] [১৮] (মুছলিমঃ ২৯৮৫)
লগতে তেওঁ ভ্ৰমণকালত আনুগত্যশীল, তাক্বাৱান আৰু দ্বীনৰ গভীৰ জ্ঞানসম্পন্ন উত্তম ব্যক্তিসকলৰ সাহচৰ্য গ্ৰহণ কৰা উচিত। আনহাতে নিৰ্বোধ, পাপিষ্ঠ ব্যক্তিৰ সংগ ত্যাগ কৰা উচিত।
ইয়াৰ উপৰিও তেওঁ হজ্জ আৰু ওমৰাহ সম্পৰ্কীয় চৰীয়তৰ বিধি-বিধানবোৰ শিকি লোৱা উচিত, আৰু এই বিষয়ে গভীৰ জ্ঞান অৰ্জন কৰা উচিত, লগতে যিবোৰ বিষয় তাৰ ওচৰত অস্পষ্ট, সেইবোৰ বিষয় বিজ্ঞসকলৰ পৰা জানি লোৱা উচিত, যাতে তেওঁ সঠিক নিয়ম-নীতি অনুসৰি পালন কৰিব পাৰে। এইদৰে যেতিয়া তেওঁ বাহনত আৰোহণ কৰিব, সেয়া চতুষ্পদ বাহন হওক বা কোনো গাড়ী নাইবা উৰাজাহাজ, তেতিয়া আল্লাহৰ নাম লৈ তেওঁৰ প্ৰশংসা কৰা উচিত আৰু ইয়াৰ পিছত তিনিবাৰ আল্লাহু আকবাৰ কোৱা উচিত। তাৰ পাছত এইটো পঢ়িব লাগেঃ “...ছুবহা-নাল লাজী ছাখখাৰা লানা হা-জা অমা কুন্না লাহু মুক্বৰিনীন। অৰ্থঃ পৱিত্ৰ আৰু মহান তেওঁ, যিজনে এইবোৰক আমাৰ বশীভূত কৰি দিছে। অথচ এইবোৰক বশীভূত কৰিবলৈ আমি সামৰ্থ নাছিলোঁ। ওৱা ইন্না ইলা ৰাব্বিনা লামুংকালিবূন।” অৰ্থঃ আৰু নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ ওচৰতেই প্ৰত্যাৱৰ্তনকাৰী। [আয-যুখৰুফ, আয়াত: ১৩-১৪]
“আল্লা-হুম্মা ইন্না নাছআলুকা ফী ছাফাৰিনা হা-জাল বিৰ্ৰা অত-তাক্বৱা, অমিনাল আমালি মা তাৰদ্বা, আল্লা-হুম্মা হাওৱিন আলাইনা ছাফাৰানা হা-জা, অত্বৱি আন্না বু'দাহ, আল্লা-হুম্মা আনতাচ চা-হিবু ফিচ ছফৰ, অলখালীফাতু ফিল আহল, আল্লা-হুম্মা ইন্নি আউজুবিকা মিন অ'ছা-য়িচ ছফৰ, অকাআবাতিল মানজাৰ, অছুয়িল মুনকালাবি ফিল মা-লি অল আহল।” [১৯] অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত মোৰ এই ভ্ৰমণত পুণ্য আৰু তাক্বৱা প্ৰাৰ্থনা কৰোঁ, আৰু এনে আমলৰ তাওফীক কামনা কৰোঁ যিটোত তুমি সন্তুষ্ট হোৱা। হে আল্লাহ! আমাৰ এই ভ্ৰমণক আমাৰ বাবে সহজ কৰি দিয়া আৰু ইয়াৰ দূৰত্বক আমাৰ বাবে কমাই দিয়া। হে আল্লাহ! তুমিয়েই ভ্ৰমণৰ সংগী আৰু পৰিয়ালৰ তত্ত্বাৱধায়ক। হে আল্লাহ! মই তোমাৰ আশ্ৰয় বিচাৰোঁ ভ্ৰমণৰ কষ্ট, দুখজনক দৃশ্য আৰু ধন-সম্পদ তথা পৰিয়ালৰ মাজলৈ বেয়া অৱস্থাত ঘূৰি অহাৰ পৰা। এই দুআটো নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা সঠিক সূত্ৰত বৰ্ণিত হৈছে। ইমাম মুছলিমে ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা হাদীছটো বৰ্ণনা কৰিছে। [১৯] (মুছলিমঃ ১৩৪২)
এই ছফৰত বেছি বেছি জিকৰ-আজকাৰ পঢ়িব লাগে, ইস্তিগফাৰ (ক্ষমা প্ৰাৰ্থনা) কৰিব লাগে, লগতে কাকূতি মিনতি কৰি আল্লাহৰ ওচৰত দুআ কৰিব লাগে, কোৰআন তিলাৱত কৰিব লাগে আৰু তাৰ অৰ্থ অনুধাৱন কৰিব লাগে, জামাত সহকাৰে পাঁচ ওৱাক্ত চালাত আদায়ত যত্নৱান হ'ব লাগে, অনৰ্থক কথা-বতৰা, অপ্ৰয়োজনীয় বিষয়ত লাগি থকা আৰু অতিৰিক্ত ঠাট্টা-মস্কৰা কৌতুক আদিৰ পৰা নিজকে বিৰত ৰাখিব লাগে। এইদৰে মিছা কথা, গীবত, চোগলখুৰী (ইজনৰ কথা সিজনক লগোৱা), কোনো মুছলিম ভাতৃক উপহাস তথা উপলুঙা কৰা আদিৰ পৰাও সম্পূৰ্ণৰূপে বিৰত থাকিব লাগে।
লগতে সংগী-সাৰথিসকলৰ সৈতে সদাচৰণ কৰিব লাগে, তেওঁলোকক কষ্টদায়ক বস্তুৰ পৰা বিৰত ৰখা, লগতে তেওঁলোকক হিকমত সহকাৰে সৎকৰ্মৰ নিৰ্দেশ দিব লাগে আৰু অসৎকৰ্মৰ পৰা বিৰত ৰাখিব লাগে। এইদৰে সক্ষম অনুযায়ী তেওঁলোকক উপদেশ দিব লাগে।
পৰিচ্ছেদ
মীকাতত উপস্থিত হৈ হাজীসকলৰ কৰণীয়
গতিকে যেতিয়া তেওঁ মীক্বাতত আহি উপস্থিত হ’ব, তেতিয়া তেওঁৰ বাবে গোছল কৰা আৰু সুগন্ধি ব্যৱহাৰ কৰাটো মুস্তাহাব। কাৰণ হাদীছত উল্লেখ আছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে গোছল কৰি এহৰামৰ সময়ত চিলাইযুক্ত কাপোৰ পৰিহাৰ কৰিছিল। বুখাৰী আৰু মুছলিমত আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত যে, তেওঁ কৈছেঃ “মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক তেখেতৰ এহৰামৰ বাবে এহৰামত প্ৰৱেশৰ আগতেই সুগন্ধি লগাই দিছিলোঁ, এইদৰে হালাল হোৱাৰ সময়ত বাইতুল্লাহ তাৱাফৰ পূৰ্বে অনুৰূপ কৰিছিলোঁ।” [২০] এইদৰে আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই ওমৰাৰ এহৰাম কৰাৰ পাছত হায়েজগ্ৰস্ত হোৱাত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক গোছল কৰি হজ্জৰ এহৰাম কৰিবলৈ নিৰ্দেশ দিছিল। এইদৰে আছমা বিন্তে উমাইছ ৰাদ্বিয়াল্লাহু আনহাই যেতিয়া জুলহুলাইফাত উপস্থিত হৈ সন্তান প্ৰসৱ কৰিছিল, তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক এই প্ৰসূতি অৱস্থাতে গোছল কৰি এহৰাম কৰিবলৈ নিৰ্দেশ দিছিল, আৰু কাপোৰেৰে তেজ বন্ধ কৰাৰ দিহা দিছিল।[21] ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে, মীকাতত উপস্থিত হৈ নাৰীসকল হায়েজগ্ৰস্ত অথবা নিফাছ অৱস্থাত থাকিলেও গোছল কৰি অন্যান্য লোকৰ দৰে এহৰাম কৰি ল'ব। কেৱল কাবা ঘৰৰ তাৱাফৰ বাহিৰে হাজীসকলৰ কৰণীয় প্ৰতিটো কাম তেওঁলোকে কৰিব পাৰিব। যিদৰে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আঈশ্বা আৰু আছমা ৰাদ্বিয়াল্লাহু আনহুমাক নিৰ্দেশ দিছিল। [২০] (বুখাৰীঃ ১৫৩৯, আৰু মুছলিমঃ ১১৮৯) [২১] (মুছলিমঃ ১২১৮)
এহৰাম কৰিবলৈ মনস্থ কৰা ব্যক্তিয়ে নিজৰ মোচ, নখ, নাভিৰ তলৰ নোম আৰু কাষলতিৰ নোম আদি পৰিষ্কাৰ কৰি লোৱা মুস্তাহাব। এইবোৰৰ মাজৰ যিবোৰ পৰিষ্কাৰ কৰা প্ৰয়োজন হৈছে, সেইবোৰ এহৰাম কৰাৰ আগতে পৰিষ্কাৰ কৰি ল'ব লাগে, কাৰণ এহৰাম অৱস্থাত এইবোৰ নিষিদ্ধ। ইয়াৰ উপৰিও নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সকলো মুছলিমকে সদায় এইবোৰ স্থান পৰিষ্কাৰ কৰি ৰাখিবলৈ নিৰ্দেশ দিছে। বুখাৰী আৰু মুছলিমত আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “ফিতৰাত (অৰ্থাৎ মানুহৰ জন্মগত স্বভাৱ) হৈছে পাঁচটা: খাতনা কৰা; নাভীৰ তলৰ নোম কাটি পৰিস্কাৰ কৰা; মোচ বা গোঁফ চুটি কৰা, নখ কটা; কাষলতিৰ নোম উঘালি পেলোৱা।” [২২] [২২] (বুখাৰীঃ ৫৮৯১, আৰু মুছলিমঃ ২৫৭)
এইদৰে ছহীহ মুছলিমত আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ “মোচ চুটি কৰিবলৈ, নখ কাটিবলৈ, কাষলতিৰ নোম উঘালি পেলাবলৈ, নাভিৰ তলৰ নোম খুৰাবলৈ আমাৰ বাবে সময় নিৰ্ধাৰণ কৰি দিয়া হৈছিল যে, এইবোৰ পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত আমি যাতে চল্লিশ দিনতকৈ অধিক সময় অতিক্ৰম নকৰোঁ।” [২৩] [২৩] (মুছলিমঃ ২৫৮)
আৰু নাছায়ীৰ বৰ্ণনাত এনেকৈ আছেঃ “ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাৰ বাবে সময় নিৰ্ধাৰণ কৰি দিছিল।” [২৪] এই হাদীছটো আহমদ, আবু দাঊদতো আছে, আৰু তিৰমিজীয়ে নাছায়ীৰ শব্দবোৰেই বৰ্ণনা কৰিছে। এহৰামৰ সময়ত মূৰৰ চুলি চুটি কৰা সম্পৰ্কে কোনো বিধান নাই, পুৰুষৰ ক্ষেত্ৰতে হওক বা নাৰীৰ ক্ষেত্ৰত। [২৪] (নাছায়ীঃ হাদীছ নং ১৪)
আনহাতে দাড়ি মুণ্ডন কৰা বা চুটি কৰা সকলো সময়তে হাৰাম। বৰং দাড়ি দীঘল কৰা তথা এৰি দিয়াটো ওৱাজিব। কাৰণ বুখাৰী আৰু মুছলিমত ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “তোমালোকে মুশ্বৰিকসকলৰ বিৰোধিতা কৰা, দাড়ি দীঘল কৰা আৰু মোচ চুটি কৰা।” [২৫] ছহীহ মুছলিমত আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “তোমালোকে মোচ চুটি কৰা আৰু দাড়ি দীঘল কৰা, মাজুছীসকলৰ (অগ্নিপূজকসকলৰ) বিৰোধিতা কৰা।” [২৬] [২৫] (বুখাৰীঃ ২৮৯২, আৰু মুছলিমঃ ২৫৯) [২৬] (মুছলিমঃ ২৬০)
বৰ্তমান সময়ত এই ব্যাধিটো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে, আৰু বহুতেই এই ছুন্নাহৰ বিৰোধিতাত নামি পৰিছে, সিহঁতে দাড়ি ৰখাৰ ক্ষেত্ৰত বিদ্বেষ পোষণ কৰিছে, আৰু সিহঁতে নাৰীসকলৰ আৰু কাফিৰসকলৰ সাদৃশ্য় গ্ৰহণৰ প্ৰতি সন্তুষ্টি পোষণ কৰিছে। বিশেষকৈ যিসকলে নিজকে শিক্ষিত আৰু জ্ঞানী বুলি দাবী কৰে। إنا لله وإنا إليه راجعون (আমি আল্লাহৰ বাবেই, আৰু আমি তেওঁৰ ওচৰতেই উভতি যাব লাগিব।) আমি আল্লাহৰ ওচৰত দুআ কৰোঁ, তেওঁ যেন আমাক আৰু সকলো মুছলিমকে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নাহ অনুযায়ী পৰিচালিত হোৱাৰ, ইয়াক দৃঢ়ভাৱে ধাৰণ কৰাৰ আৰু ইয়াৰ প্ৰতি মানুহক আহ্বান কৰাৰ তাওফীক প্ৰদান কৰে, যদিও অধিকাংশ লোক ইয়াৰ পৰা বিমুখ হয়। আমাৰ বাবে আল্লাহেই যথেষ্ট আৰু তেৱেঁই সৰ্বোত্তম কৰ্মবিধায়ক। সকলো প্ৰকাৰ শক্তি-সামৰ্থ একমাত্ৰ মহান তথা সৰ্বোচ্চ মহানুভৱ আল্লাহৰ ফালৰ পৰাই আহে।
ইয়াৰ পাছত পুৰুষে দুবিধ চিলাইবিহীন চাদৰ পৰিধান কৰিব, এটা পিন্ধি ল'ব আৰু এটা শৰীৰত মেৰিয়াই ল'ব। এই দুয়োবিধ চাদৰ বগা হ'ব লাগে আৰু পৰিষ্কাৰ পৰিচ্ছন্ন হ'ব লাগে। এহৰাম অৱস্থাত চেণ্ডেল পিন্ধা মুস্তাহাব। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “তোমালোকৰ মাজৰ কোনোবাই যেতিয়া এহৰাম বান্ধিব, তেওঁ যেন এহৰাম বান্ধাৰ সময়ত এটা ইঝাৰ, এটা ৰিদা আৰু দুটা চেণ্ডেল পিন্ধি লয়। যদি চেণ্ডেল নাপায় তেন্তে যেন চামৰাৰ মোজা পিন্ধি লয় আৰু ওপৰৰ পৰা কাটি লয়, যাতে সৰুগাঁঠিৰ তলত থাকে।” [২৭] ইমাম আহমদ (ৰাহিমাহুল্লাহে) বৰ্ণনা কৰিছে। [২৭] (মুছলিমঃ ১১৭৭)
আনহাতে নাৰীসকলে যিকোনো ৰঙৰ কাপোৰেৰে এহৰাম বান্ধিব পাৰে, সেয়া ক'লা হওক অথবা সেউজীয়া নাইবা বেলেগ কোনো ৰং। কিন্তু তেওঁলোকে পৰিধানৰ ক্ষেত্ৰত পুৰুষসকলৰ সাদৃশ্যতা গ্ৰহণৰ পৰা বিৰত থাকিব লাগিব। এইদৰে এহৰাম অৱস্থাত তেওঁলোকে নিকাব (মুখাৱৰণ) আৰু হাত মোজা পৰিধান কৰিব নোৱাৰিব। তেওঁলোকে নিকাব আৰু হাত মোজাৰ বাহিৰে বেলেগ উপায়ে নিজৰ মুখ আৰু হাত ঢাকি ৰাখিব। কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এহৰাম অৱস্থাত নাৰীসকলক নিকাব আৰু হাত মোজা পিন্ধিবলৈ নিষেধ কৰিছে। আনহাতে কিছুমান সাধাৰণ ব্যক্তিয়ে ধাৰণা কৰে যে, নাৰীসকলে কেৱল সেউজীয়া অথবা ক'লা ৰঙৰ কাপোৰ পিন্ধিহে এহৰাম কৰিব লাগে, কিন্তু এই কথাৰ কোনো ভিত্তি নাই।
ইয়াৰ পিছত গোছল কৰি তথা পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ এহৰামৰ কাপোৰ পৰিধান কৰি অন্তৰেৰে হজ্জ অথবা ওমৰাত প্ৰৱেশ কৰিবলৈ নিয়্যত কৰিব লাগে। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “সকলো কাম (ৰ প্ৰাপ্য) হ’ব নিয়্যত অনুযায়ী, আৰু মানুহে তাৰ নিয়্যত অনুযায়ীহে প্ৰতিফল পাব।” [২৮] [২৮] (বুখাৰীঃ ১, আৰু মুছলিমঃ ১৯০৭)
এই ক্ষেত্ৰত উচ্চাৰণ কৰি নিয়্যত কৰাও চৰীয়তসন্মত। এতেকে যদি ওমৰাহ কৰিবলৈ নিয়্যত কৰে তেন্তে এইদৰে ক'বঃ “লাব্বাইকা ওমৰাতান।” অথবা “আল্লাহুম্মা লাব্বাইকা ওমৰাতান।” আনহাতে যদি হজ্জ কৰিবলৈ নিয়্যত কৰে তেন্তে এইদৰে ক'বঃ “লাব্বাইকা হাজ্জান”, অথবা “আল্লাহুম্মা লাব্বাইকা হাজ্জান।” কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এইদৰেই কৰিছিল। আনহাতে যদি হজ্জ আৰু ওমৰাহ দুয়োটা একেলগে কৰিব বিচাৰে তেন্তে এইদৰে ক'বঃ “আল্লাহুম্মা লাব্বাইকা ওমৰাতান অহাজ্জান।” উত্তম হৈছে, বাহনত যেনে- উট, গাড়ী বা জাহাজত উঠি বহাৰ পাছত এইদৰে উচ্চাৰণ কৰি নিয়্যত কৰিব লাগে। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বাহনত আৰোহণ কৰি বহাৰ পাছত অৰ্থাৎ মীকাতৰ পৰা ৰাওনা হোৱাৰ পৰাই তালবিয়া পাঠ কৰিছিল। বিশেষজ্ঞ উলামাসকলৰ এইটোৱেই হৈছে সঠিক মত।
এহৰামৰ সময়ত উচ্চাৰণ কৰি নিয়্যত কৰাটো চৰীয়তসন্মত, কিন্তু অন্যান্য ইবাদতৰ ক্ষেত্ৰত এইটো বৈধ নহয়। কিয়নো কেৱল এই ক্ষেত্ৰতেই উচ্চাৰণ কৰি নিয়্যত কৰা সম্পৰ্কে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা প্ৰমাণিত।
পক্ষান্তৰে নামাজ, ৰোজা, তাৱাফ আদি ইবাদতৰ ক্ষেত্ৰত মৌখিকভাৱে নিয়্যত কৰা বৈধ নহয়। সেয়ে এইদৰে কোৱা উচিত নহয় যে, নাৱাইতু আন উচাল্লি..... অৰ্থঃ মই অমুক নামাজৰ নিয়্যত কৰিলোঁ। অথবা নাৱাইতু আন আতুফা... অৰ্থঃ মই অমুক তাৱাফৰ নিয়্যত কৰিলোঁ। বৰং এইদৰে উচ্চস্বৰে নিয়্যত কৰাটো হৈছে বিদআত তথা নিন্দনীয় নিকৃষ্ট গুনাহৰ কাম। যদি মৌখিকভাৱে নিয়্যত কৰাটো চৰীয়তসন্মত হ'লহেঁতেন তেন্তে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নিশ্চয় স্পষ্টভাৱে জনালেহেঁতেন অথবা কৰি দেখুৱালেহেঁতেন আৰু চালাফে চলেহীনসকলেও এই ক্ষেত্ৰত আগভাগ ল'লেহেঁতেন।
যিহেতু এইটো নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা আৰু কোনো চাহাবাৰ পৰাও বৰ্ণিত হোৱা নাই, সেয়ে এইটো প্ৰমাণ কৰে যে, এইটো হৈছে এটা বিদআত। বিদআত সম্পৰ্কে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “আটাইতকৈ নিকৃষ্ট বস্তু হৈছে দ্বীনি ক্ষেত্ৰত বিদআত (নতুনত্বৰ) সৃষ্টি কৰা, আৰু প্ৰত্যেক বিদআতেই হৈছে ভ্ৰষ্টতা।” [২৯] হাদীছটো ছহীহ মুছলিমত আছে। তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ “যিয়ে আমাৰ দ্বীনৰ মাজত এনে কোনো নতুন বিষয় সংযুক্ত কৰিব, যিটো ইয়াৰ অংশ নহয়, সেয়া হৈছে প্ৰত্যাখ্যাত, (অৰ্থাৎ সেয়া গ্ৰহণযোগ্য নহয়)।” [৩০] হাদীছটোৰ শুদ্ধতাৰ ক্ষেত্ৰত বুখাৰী আৰু মুছলিম একমত। মুছলিমৰ আন এটা বৰ্ণনাত আছে যে, “যিয়ে এনেকুৱা কোনো আমল কৰিছে, যিটো আমাৰ চৰীয়তত নাই, সেইটো প্ৰত্যাখ্যাত।”[৩১] [২৯] (মুছলিমঃ ৮৬৭) [৩০] (বুখাৰীঃ ২৬৯৭, আৰু মুছলিমঃ ১৭১৮) [৩১] (বুখাৰীঃ ২৫৫০, আৰু মুছলিমঃ ১৭১৮)
মীকাত আৰু ইয়াৰ নিৰ্দিষ্ট স্থানসমূহ
মীক্বাত হৈছে পাঁচটা:
প্ৰথম: জুলহুলাইফাঃ এইটো হৈছে মদীনাবাসীসকলৰ মীকাত। বৰ্তমান মানুহৰ ওচৰত এই স্থানটো "আবিয়াৰে আলী" নামেৰে পৰিচিত।
দ্বিতীয়: জুহফা। এইটো হৈছে শ্বাম তথা ছিৰিয়াবাসীৰ মীকাত। এইটো হৈছে ৰাবিগ নামক অঞ্চল পাৰ হৈ আহি এটা জনশূণ্য এলাকা। বৰ্তমান মানুহে ৰাবিগ নামক অঞ্চলৰ পৰাই এহৰাম পৰিধান কৰে। এতেকে যিয়ে ৰাবিগৰ পৰা এহৰাম বান্ধিব, তেওঁ মীকাতৰ পৰাই এহৰাম বান্ধিছে বুলি গণ্য হ'ব। কাৰণ ৰাবিগ জুহফাৰ আগতেই অৱস্থিত।
তৃতীয়: কাৰনুল মানাঝিল। এইটো হৈছে নজদবাসীসকলৰ মীকাত। বৰ্তমান এইটো "ছাইল" নামেৰে পৰিচিত।
চতুৰ্থ: য়ালামলাম। এইটো হৈছে য়ামানৰ ফালৰ পৰা অহা লোকসকলৰ মীকাত।
পঞ্চমঃ যাতু ইৰক, এইটো হৈছে ইৰাকবাসীসকলৰ মীকাত।
এই মীকাতসমূহ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লিখিত লোকসকলৰ বাবে নিৰ্ধাৰণ কৰিছে, লগতে এইবোৰ মীকাত প্ৰত্যেক সেইসকল ব্যক্তিৰ বাবেও প্ৰযোজ্য, যিসকলে হজ্জ বা ওমৰাৰ নিয়্যত কৰি এইবোৰ ঠাই অতিক্ৰম কৰি আহে।
এই মীকাতবোৰ যিয়ে অতিক্ৰম কৰিব, তাৰ বাবে সেই ঠাইত এহৰাম কৰি লোৱাটো বাধ্যতামূলক। এতেকে যদি কোনোবাই হজ্জ অথবা ওমৰাৰ উদ্দেশ্যে মক্কালৈ যায়, স্থলপথেৰে হওক অথবা আকাশপথেৰে তেন্তে তাৰ বাবে এহৰাম নকৰাকৈ এইবোৰ ঠাই অতিক্ৰম কৰা হাৰাম। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া এই মীকাতসমূহ নিৰ্ধাৰণ কৰিছিল তেতিয়া তেখেতে এই বুলি কৈছিলঃ “এইবোৰ হৈছে তেওঁলোকৰ নিৰ্ধাৰিত মীকাত, লগতে সেইসকল লোকৰো মীকাত যিসকলে হজ্জ বা ওমৰাৰ নিয়্যত কৰি এই পথেৰে অতিক্ৰম কৰিব, যদিও তেওঁলোক সেই অঞ্চলৰ বাসিন্দা নহয়।” [৩২] [৩২] (বুখাৰীঃ ১৫২৪, আৰু মুছলিমঃ ১১৮১)
যিয়ে আকাশ পথেৰে হজ্জ বা ওমৰাহ পালন কৰিবলৈ মক্কালৈ যাব বিচাৰে, তেওঁৰ বাবে চৰীয়তি বিধান হৈছেঃ বিমানত উঠাৰ আগতেই গোছল আৰু অন্যান্য প্ৰস্তুতি গ্ৰহণ কৰি বিমানত উঠা উচিত। যেতিয়া মীকাতৰ নিকটৱৰ্তী হ'ব, তেতিয়া এহৰামৰ কাপোৰ পৰিধান কৰি ল'ব, যদি ওমৰাহ কৰিব পৰা সময় থাকে তেন্তে ওমৰাৰ নিয়্যত কৰি ল'ব। আনহাতে যদি হজ্জৰ সময় নিকটৱৰ্তী থাকে, ওমৰাহ কৰিবলৈ সময় নাথাকে তেন্তে হজ্জৰ নিয়্যত কৰি ল'ব। যদি কোনোবাই বিমানত উঠাৰ আগতেই অথবা মীকাতলৈ অহাৰ আগতেই এহৰামৰ কাপোৰ পৰিধান কৰি লয় তথাপিও কোনো অসুবিধা নাই। কিন্তু এই সময়ছোৱাত নুছুকত প্ৰৱেশ কৰাৰ নিয়্যত কৰিব নোৱাৰিব আৰু তালবিয়াও পাঠ কৰিব নোৱাৰিব, যেতিয়ালৈকে মীকাতত গৈ উপস্থিত নহয় অথবা মীকাতৰ ওচৰত গৈ উপস্থিত নহয়। কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মীকাতৰ পৰাই এহৰাম বান্ধিছিল। সেয়ে উম্মতীসকলৰ বাবেও দ্বীনৰ যাৱতীয় বিষয়ত তেখেতৰ আদৰ্শ অৱলম্বন কৰা জৰুৰী। যেনে- মহান আল্লাহে কৈছেঃ “নিশ্চয় তোমালোকৰ বাবে আছে আল্লাহৰ ৰাছুলৰ মাজত উত্তম আদৰ্শ,....।” (ছুৰা আল-আহঝাবঃ ২১) এইদৰে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বিদায়ী হজ্জত কৈছেঃ “তোমালোকে মোৰ পৰা হজ্জৰ নিয়ম-নীতি শিকি লোৱা।” [৩৩] [৩৩] (মুছলিমঃ ১২৯৭)
আনহাতে যিয়ে হজ্জ বা ওমৰাৰ বাহিৰে বেলেগ কোনো উদ্দেশ্যে মক্কালৈ যায়, যেনে- ব্যৱসায়ৰ উদ্দেশ্যে বা ডাক-বাহক আদি যিকোনো উদ্দেশ্যে যোৱা ব্যক্তি, তেনেকুৱা লোকৰ বাবে এহৰাম কৰা জৰুৰী নহয়। কিন্তু যদি তেনেকুৱা ব্যক্তিয়ে এহৰাম বান্ধি প্ৰৱেশ কৰিব বিচাৰে তেন্তে কৰিব পাৰে। কাৰণ ইতিপূৰ্বে যিটো হাদীছ উল্লেখ কৰা হৈছে য'ত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মীকাতসমূহ নিৰ্ধাৰণ কৰাৰ পাছত কৈছেঃ “এইবোৰ হৈছে তেওঁলোকৰ নিৰ্ধাৰিত মীকাত, লগতে সেইসকল লোকৰো মীকাত যিসকলে হজ্জ বা ওমৰাৰ নিয়্যতেৰে এই পথেৰে অতিক্ৰম কৰিব, যদিও তেওঁলোক সেই অঞ্চলৰ বাসিন্দা নহয়।” [৩৪] ইয়াৰ দ্বাৰা বুজা যায় যে, যিয়ে হজ্জ বা ওমৰাৰ নিয়্যত নকৰাকৈ এইবোৰ মীকাত অতিক্ৰম কৰিব, তাৰ বাবে এইবোৰ স্থানত এহৰাম কৰা অনিবাৰ্য্য নহয়। [৩৪] ইয়াৰ উৎস পূৰ্বোল্লিখিত।
এইটো হৈছে আল্লাহৰ ফালৰ পৰা তেওঁৰ বান্দাসকলৰ প্ৰতি এটা বিশেষ ৰহমত আৰু সুবিধা। সেয়ে ইয়াৰ বাবে আমি আল্লাহৰ প্ৰশংসা কৰোঁ আৰু তেওঁৰ প্ৰতি আমি কৃতজ্ঞ। উক্ত বিষয়টোৰ সমৰ্থনত আন এটা প্ৰমাণ হৈছে এই যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া মক্কা বিজয়ৰ সময়ত মক্কাত প্ৰৱেশ কৰিছিল, তেতিয়া তেখেতে এহৰাম কৰা নাছিল। বৰং সেই সময়ত তেখেতৰ মূৰত আছিল লোহাৰ টুপি (মিগফাৰ)। কিয়নো তেখেতে হজ্জ বা ওমৰাৰ নিয়্যতেৰে তাত প্ৰৱেশ কৰা নাছিল, বৰং তেখেতে মক্কা বিজয় কৰাৰ উদ্দেশ্যে আৰু তাত থকা শ্বিৰ্ক আৰু মূৰ্তিপূজা নিৰ্মূল কৰাৰ উদ্দেশ্য প্ৰৱেশ কৰিছিল।
আনহাতে যিসকলে মীকাতৰ ভিতৰত বসবাস কৰে, যেনে- জেদ্দা, উম্মু ছালাম, বাহৰা, আশ্ব-শ্বাৰায়ে, বদৰ, মাস্তাওৰাহ আদি অঞ্চলৰ অধিবাসীসকল, তেওঁলোকৰ বাবে মীকাতত গৈ এহৰাম পৰিধান কৰা জৰুৰী নহয়। তেওঁলোকৰ বাবে নিজৰ বসবাস কৰা স্থানটোৱে মীকাত হিচাপে গণ্য হ'ব। তেওঁলোকে নিজৰ নিজৰ ঠাইৰ পৰাই হজ্জ আৰু ওমৰাৰ এহৰাম কৰিব। পক্ষান্তৰে যদি কোনো ব্যক্তিৰ বেলেগ কোনো বাসস্থান থাকে যিটো মীকাতৰ বাহিৰত অৱস্থিত, তেন্তে তেনেকুৱা ব্যক্তিয়ে দুটা বাসস্থানৰ যিকোনো এটাক প্ৰাধান্য দিব পাৰে, তেওঁ ইচ্ছা কৰিলে মীকাতৰ ভিতৰত থকা বাসস্থানৰ পৰাও এহৰাম কৰিব পাৰে। কাৰণ ইবনে আব্বাছৰ দ্বাৰা বৰ্ণিত হাদীছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মীকাতৰ বিষয়ে আলোচনা কৰি ব্যাপকভাৱে কৈছেঃ “যিসকলে এই মীকাতসমূহৰ ভিতৰত বাস কৰে, তেওঁলোকৰ এহৰামৰ স্থান হৈছে তেওঁলোকৰ নিজ নিজ বাসস্থান। [৩৫] আনকি মক্কাৰ অধিবাসীসকলেও মক্কাৰ পৰাই এহৰাম বান্ধিব।” [৩৬] (বুখাৰী আৰু মুছলিম) [৩৫] এহৰামৰ স্থানঃ অৰ্থাৎ যি ঠাইৰ পৰা তেওঁ তালবিয়া পাঠ কৰি এহৰামত প্ৰৱেশ কৰিব। [৩৬] পূৰ্বৱৰ্তী হাদীছৰ অংশ।
কিন্তু যিজন ব্যক্তি হাৰামৰ ভিতৰত আছে আৰু তেওঁ মনস্থ কৰিছে যে, ওমৰাহ কৰিব, তেনেকুৱা ব্যক্তিয়ে এহৰাম বান্ধিবলৈ হাৰামৰ সীমাৰ বাহিৰত যাব লাগিব। কাৰণ আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই যেতিয়া ওমৰাহ কৰিবলৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা অনুমতি বিচাৰিছিল, তেতিয়া তেখেতে তেওঁৰ ভাতৃ আব্দুৰ ৰহমানক লগত লৈ হাৰামৰ সীমাৰ বাহিৰত গৈ এহৰাম বান্ধি আহিবলৈ অনুমতি প্ৰদান কৰিছিল। এইটোৱে প্ৰমাণ কৰে যে, ওমৰাহকাৰী ব্যক্তিয়ে হাৰামৰ ভিতৰত এহৰাম বান্ধিব নোৱাৰিব, বৰং হাৰামৰ সীমাৰ বাহিৰত গৈ এহৰাম কৰি আহিব লাগিব।
এই হাদীছটোৱে ইবনু আব্বাছৰ পূৰ্বোক্ত হাদীছটোক ক্ষেত্ৰ বিশেষৰ বাবে নিৰ্দিষ্ট বুলি প্ৰমাণ কৰে। ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ এই বাণীৰ অৰ্থ হৈছেঃ “আনকি মক্কাবাসীয়েও মক্কাৰ পৰাই ইহৰাম বান্ধিব।” [৩৭] ইয়াৰ দ্বাৰা তেখেতে হজ্জৰ এহৰামক বুজাইছে, ওমৰাৰ এহৰামক নহয়। কিয়নো যদি হাৰামৰ ভিতৰৰ পৰাই এহৰাম বান্ধাটো বৈধ হ'লহেঁতেন তেন্তে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক হাৰামৰ ভিতৰৰ পৰাই এহৰাম বান্ধিবলৈ অনুমতি দিলেহেঁতেন, আৰু হাৰামৰ বাহিৰলৈ গৈ এহৰাম বান্ধি আহিবলৈ কষ্ট নিদিলেহেঁতেন। এইটো এটা সুস্পষ্ট বিষয়। অধিকাংশ উলামাই এই মতটোকেই গ্ৰহণ কৰিছে, আল্লাহে তেওঁলোকৰ ওপৰত ৰহমত বৰ্ষণ কৰক। এইটোৱে হৈছে মুমিনসকলৰ বাবে উত্তম পথ। কাৰণ ইয়াৰ দ্বাৰা দুয়োটা হাদীছতে আমল হয়। মহান আল্লাহেই তাওফীক প্ৰদানকাৰী। [৩৭] ইয়াৰ উৎস পূৰ্বোল্লিখিত।
কিন্তু কিছুমান লোকক হজ্জৰ পাছত তানয়ীমৰ পৰা অথবা জিয়িৰ্ৰানাৰ পৰা নাইবা বেলেগ কোনো হিলৰ পৰা বাৰে বাৰে ওমৰাহ কৰা দেখিবলৈ পোৱা যায়, অথচ তেওঁলোকে হজ্জৰ পূৰ্বে ওমৰাহ কৰিছে। এইদৰে বাৰে বাৰে ওমৰাহ কৰাৰ চৰীয়তসন্মত কোনো ভিত্তি নাই। বৰং প্ৰমাণাদিৰ পৰা স্পষ্টভাৱে বুজা যায় যে, এইটো নকৰাই ভাল। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু চাহাবাসকলে হজ্জ কৰাৰ পাছত এইদৰে বাৰে বাৰে ওমৰাহ কৰা নাছিল। কেৱল আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই তানয়ীমৰ পৰা এহৰাম কৰি ওমৰাহ কৰিছিল, কাৰণ তেওঁ মক্কাত প্ৰৱেশৰ সময়ত হায়েজ অৱস্থাত থকাৰ কাৰণে হাজীসকলৰ সৈতে ওমৰাহ পালন কৰিব পৰা নাছিল। এই কাৰণে তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত অনুৰোধ কৰিছিল, যাতে তেওঁ মীকাতৰ পৰা যিটো ওমৰাৰ এহৰাম বান্ধিছিল, তাৰ পৰিবৰ্তে এটা ওমৰাহ কৰিব পাৰে। সেয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক অনুমতি প্ৰদান কৰিছিল। এই হিচাপে তেওঁ দুটা ওমৰাহ পালন কৰিছিল। এটা হৈছে হজ্জৰ সৈতে সম্পৃক্ত ওমৰাহ আৰু আনটো হৈছে পৃথকভাৱে কৰা ওমৰাহ। এতেকে যিয়ে আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ দৰে পৰিস্থিতিৰ সন্মুখীন হ'ব, তাৰ বাবে হজ্জৰ পাছত ওমৰাহ পালন কৰাত কোনো অসুবিধা নাই। ইয়াৰ প্ৰতি আমল কৰিলে চৰীয়তৰ দলীলসমূহৰ মাজত সমন্বয় হয় আৰু মুছলিমসকলৰ বাবেও বিষয়টো প্ৰশস্ত হয়।
হজ্জ সম্পন্ন কৰাৰ পাছত -হজ্জৰ সৈতে সম্পৃক্ত ওমৰাৰ বাহিৰে- অতিৰিক্ত ওমৰাহ পালন কৰা বিষয়টোৱে সকলোৰে বাবে অসুবিধাৰ সৃষ্টি কৰে। ইয়াৰ ফলত প্ৰচণ্ড ভিৰ হয় আৰু দুৰ্ঘটনাৰ আশংকা সৃষ্টি হয়, সমান্তৰালকৈ এইটো হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নতৰ পৰিপন্থী। মহান আল্লাহেই তাওফীক প্ৰদানকাৰী।
পৰিচ্ছেদ
হজ্জৰ মাহসমূহৰ বাহিৰে বেলেগ কোনো মাহত মীকাতত উপস্থিত হোৱা ব্যক্তিৰ বিধান
জানি থওক যে, মীকাতত উপস্থিত হোৱা ব্যক্তিসকলৰ অৱস্থা হৈছে দুই প্ৰকাৰঃ
প্ৰথম অৱস্থাঃ যিয়ে হজ্জৰ মাহৰ বাহিৰে বেলেগ কোনো মাহত যেনে- শ্বাবান, ৰমাজান আদি মাহত মীকাতত গৈ উপস্থিত হ'ব, তেওঁৰ বাবে ছুন্নত হৈছে ওমৰাৰ এহৰাম কৰা। তেওঁ অন্তৰত ওমৰাৰ নিয়্যত কৰিব, আৰু মুখেৰে এই বুলি উচ্চাৰণ কৰিবঃ "লাব্বাইকা উমৰাতান", অথবা "আল্লাহুম্মা লাব্বাইকা উমৰাতান।" তাৰ পাছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে শিকোৱা এই তালবিয়া পাঠ কৰিবঃ “লাব্বাইক আল্লা-হুম্মা লাব্বাইক, লাব্বাইকা লা শ্বাৰীকা লাকা লাব্বাইক, ইন্নাল হাম্দা অন নি'মাতা লাকা অলমুল্ক, লা শ্বাৰীকা লাক।” [৩৮] অৰ্থঃ মই উপস্থিত হৈছোঁ হে আল্লাহ, মই উপস্থিত হৈছোঁ। মই উপস্থিত হৈছোঁ, তোমাৰ কোনো অংশীদাৰ নাই, মই উপস্থিত হৈছোঁ। নিশ্চয় সকলো প্ৰশংসা, নিয়ামত আৰু সাৰ্বভৌমত্ব একমাত্ৰ তোমাৰেই, তোমাৰ কোনো অংশীদাৰ নাই। কা'বাত উপস্থিত নোহোৱালৈকে এই তালবিয়া বেছি বেছি পাঠ কৰিব লাগে আৰু জিকৰ-আজকাৰ পাঠ কৰিব লাগে। কা'বাত উপস্থিত হোৱাৰ পাছত তালবিয়া পাঠ বন্ধ কৰিব, আৰু কা'বা ঘৰৰ সাতটা তাৱাফ কৰিব। ইয়াৰ পাছত মাক্বামে ইব্ৰাহীমৰ পিছফালে দুই ৰাকাত নামাজ আদায় কৰিব। ইয়াৰ পাছত চাফা পৰ্বতৰ উদ্দেশ্যে ওলাই যাব, তাত চাফা আৰু মাৰৱা পৰ্বতৰ মাজত সাতটা ছায়ী কৰিব। ইয়াৰ পাছত মূৰ খুৰাই ল'ব নাইবা চুলি কাটি ল'ব। ইয়াৰ মাধ্যমত তাৰ ওমৰাহ সম্পন্ন হ'ব আৰু এহৰামৰ ফলত যিবোৰ বস্তু নিষিদ্ধ আছিল সেইবোৰ তাৰ বাবে হালাল হৈ পৰিব। [৩৮] (বুখাৰীঃ ১৫৪৯, আৰু মুছলিমঃ ১১৮৪)
দ্বিতীয় অৱস্থাঃ হজ্জৰ মাহসমূহত মীকাতত উপস্থিত হোৱা। যেনে- শ্বাওৱাল, জুল কা'দা, আৰু জুলহিজ্জা মাহৰ প্ৰথম দহ দিনত।
এনেকুৱা লোকৰ বাবে তিনিটা বিকল্প আছে, ১) কেৱল হজ্জ আদায় কৰিব। ২) কেৱল ওমৰাহ পালন কৰিব। ৩) হজ্জ ওমৰাহ দুয়োটাই আদায় কৰিব। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বিদায়ী হজ্জৰ সময়ত জুল কাদা মাহত মীকাতত গৈ উপস্থিত হৈছিল, তেতিয়া তেখেতে চাহাবাসকলক এই তিনিটা বিকল্পৰ যিকোনো এটা বাচি ল'বলৈ অনুমতি দিছিল। কিন্তু যাৰ লগত কুৰবানী কৰিব পৰা কোনো হাদী নাই, তেওঁৰ বাবে ছুন্নত হৈছে ওমৰাৰ এহৰাম বান্ধা আৰু তেওঁ হজ্জৰ মাহসমূহ বাদে অন্য মাহত যিদৰে ওমৰাহ পালন কৰিব লাগে সেই সকলোবোৰ কৰা। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক নিৰ্দেশ দিছিল যে, তেওঁলোকে যেতিয়া মক্কাৰ নিকটৱৰ্তী হ'ব তেতিয়া তেওঁলোকে যেন নিজৰ এহৰামক ওমৰাৰ বাবে নিৰ্দিষ্ট কৰি লয়। মক্কাত উপস্থিত হোৱাৰ পাছত তেখেতে পুনৰ তেওঁলোকক ইয়াৰ প্ৰতি উৎসাহিত কৰিছিল। সেয়ে তেওঁলোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নিৰ্দেশ অনুযায়ী তাৱাফ কৰিছিল, ছায়ী কৰিছিল, চুলি চুটি কৰিছিল আৰু এহৰামৰ পৰা হালাল হৈছিল। আনহাতে যিসকলৰ লগত কুৰবানী কৰিব পৰা হাদী আছিল, তেওঁলোকক নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নিৰ্দেশ দিছিল যে, তেওঁলোকে যেন এহৰাম অৱস্থাতেই থাকে, কুৰবানীৰ দিনা যেন এহৰামৰ পৰা হালাল হয়। আনহাতে যিয়ে কুৰবানীৰ পশু লগত লৈ আহিব তেওঁৰ বাবে ছুন্নত হৈছে হজ্জ আৰু ওমৰাৰ এহৰাম একেলগে কৰা, (ইয়াক হজ্জে ক্বিৰান বোলে)। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামেও এইটোৱেই কৰিছিল, তেখেতেও কুৰবানীৰ পশু লগত লৈ আহিছিল। এইদৰে যিসকল চাহাবায়ে কেৰামে কুৰবানী পশু লগত লৈ আহিছিল কিন্তু তেওঁলোকে কেৱল ওমৰাৰ নিয়্যত কৰিছিল, তেখেতে তেওঁলোকক ওমৰাৰ সৈতে হজ্জৰ তালবিয়া পাঠ কৰিবলৈ নিৰ্দেশ দিছিল। লগতে তেওঁলোকক নিৰ্দেশ দিছিল যে, তেওঁলোকে যেন হজ্জ সম্পন্ন নকৰালৈকে অৰ্থাৎ কুৰবানীৰ দিৱসৰ আগতে এহৰামমুক্ত নহয়। এইদৰে যদি কোনোবাই কুৰবানীৰ পশু লগত আনিছে কিন্তু কেৱল হজ্জৰ এহৰাম কৰিছে, সেই ব্যক্তিয়েও ক্বিৰান হজ্জ পালনকাৰীৰ দৰে কুৰবানীৰ দিৱসলৈকে এহৰামত থাকিব লাগিব।
ইয়াৰ দ্বাৰা বুজা যায় যে, যিয়ে কেৱল হজ্জৰ নিয়্যত কৰি এহৰাম বান্ধিছে, অথবা হজ্জ আৰু ওমৰাহ একেলগে পালন কৰিবলৈ (ক্বিৰান কৰিবলৈ) এহৰাম বান্ধিছে কিন্তু তেওঁ লগত কুৰবানীৰ পশু আনা নাই, তেওঁ এহৰামত থকা উচিত নহয়, বৰং তেওঁৰ বাবে ছুন্নত হৈছে নিজৰ এহৰামক ওমৰাৰ এহৰামলৈ পৰিবৰ্তন কৰি তাৱাফ ছায়ী আৰু চুলি চুটি কৰি এহৰামৰ পৰা হালাল হৈ যোৱা। যিদৰে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সেই চাহাবাসকলক নিৰ্দেশ দিছিল, যিসকলে নিজৰ লগত হাদী (কুৰবানীৰ পশু) আনা নাছিল। কিন্তু যদি কোনোবাই পলমকৈ উপস্থিত হৈছে আৰু তেওঁ যদি আশংকা কৰে যে, এইটো কৰিলে হজ্জৰ সময় গুচি যাব তেন্তে তেওঁ এহৰাম অৱস্থাতে থাকিব পাৰে ইয়াত কোনো অসুবিধা নাই। আল্লাহেই সৰ্বজ্ঞ।
যদি কোনো মুহৰিম ব্যক্তিয়ে আশংকা কৰে যে, তেওঁ নিজৰ হজ্জ অথবা ওমৰাহ পালন কৰিব নোৱাৰিব, যেনে- অসুস্থতাৰ কাৰণে অথবা শত্ৰুৰ ভয়ত নাইবা বেলেগ কোনো কাৰণত, তেনেকুৱা ব্যক্তিৰ বাবে মুস্তাহাব হৈছে এহৰামৰ সময়ত এইদৰে চৰ্ত বান্ধি লোৱাঃ فَإِنْ حَبَسَنِي حَابِسٌ فَمَحِلِّي حَيْثُ حَبَسْتَنِي (ফা ইন হাবাছানী হাবিছ, ফামাহাল্লী হাইছু হাবাছতানী। অৰ্থঃ যদি মই ক'ৰবাত বাধাগ্ৰস্ত হওঁ, তেন্তে সেই ঠাইতে মই এহৰামমুক্ত হৈ যাম, য'ত মই বাধাগ্ৰস্ত হৈছোঁ। ) এইটো জুবাআ বিন্তে ঝুবাইৰ ৰাদ্বিয়াল্লাহু আনহাৰ হাদীছৰ দ্বাৰা প্ৰমাণিত। তেওঁ কৈছেঃ হে আল্লাহৰ ৰাছুল! মই হজ্জ কৰিব বিচাৰোঁ, কিন্তু মই অসুস্থ। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক কৈছিলঃ “তুমি হজ্জ কৰা, আৰু এই বুলি চৰ্ত কৰা যে, য'ত মই বাধাগ্ৰস্ত হ'ম, সেইটোৱে হ'ব মোৰ হালাল হোৱাৰ স্থান।” [৩৯] (মুত্তাফাক্ব আলাইহ) [৩৯] (বুখাৰীঃ ৫০৮৯, আৰু মুছলিমঃ ১২০৭)
এইদৰে চৰ্ত কৰি এহৰাম কৰাৰ উপকাৰিতা হৈছে, যদি কোনোবাই এহৰাম কৰাৰ পাছত এনেকুৱা কোনো বাধাৰ সন্মুখীন হয়, যাৰ ফলত তেওঁ নুছুক (হজ্জ, ওমৰাহ) সম্পন্ন কৰিব নোৱাৰিব, সেয়া অসুস্থতাৰ কাৰণে হওক অথবা শত্ৰুৰ দ্বাৰা বাধাপ্ৰাপ্ত হোৱাৰ কাৰণে, তেন্তে তেওঁ এহৰামৰ পৰা হালাল হ'ব পাৰিব আৰু তেওঁ কোনো কাফ্ফাৰা বা ক্ষতিপূৰণো দিব নালাগিব।
পৰিচ্ছেদ
শিশু অৱস্থাত কৰা হজ্জ, ইছলামৰ ফৰজ হজ্জ হিচাপে গণ্য হ'বনে?
শিশু ছোৱালী হওক বা ল'ৰা, সিহঁতৰ হজ্জ বিশুদ্ধ। ছহীহ মুছলিমত ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত আছে যে, এজনী মহিলাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত এটি শিশুৰ বিষয়ে সুধিলেঃ হে আল্লাহৰ ৰাছুল! ইয়াৰ প্ৰতিও হজ্জ আছে নেকি? তেখেতে ক'লেঃ ‘হয়। কিন্তু ইয়াৰ ছোৱাব তুমি লাভ কৰিবা।’ [৪০] [৪০] (মুছলিমঃ ১৩৩৬)
ছায়িব বিন এঝীদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা ছহীহ বুখাৰীতো বৰ্ণিত হৈছে, তেওঁ কৈছেঃ “মোক ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে হজ্জলৈ লৈ যোৱা হৈছিল, সেই সময়ত মোৰ বয়স আছিল সাত বছৰ।” [৪১] কিন্তু এই বয়সৰ হজ্জ, ইছলামৰ ফৰজ হজ্জ হিচাপে গণ্য নহ'ব। [৪১] (বুখাৰীঃ হাদীছ নং ১৮৫৮)
এইদৰে দাস অথবা দাসীয়ে কৰা হজ্জো শুদ্ধ বুলি গণ্য হ'ব, কিন্তু এইটো ইছলামৰ ফৰজ হজ্জ হিচাপে গণ্য নহ'ব। কিয়নো ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ দ্বাৰা বৰ্ণিত হাদীছৰ দ্বাৰা প্ৰমাণিত যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “যিজন শিশুৱে শিশু অৱস্থাত হজ্জ কৰিছে, সেই শিশুজন প্ৰাপ্তবয়স্ক হোৱাৰ পাছত তাৰ ওপৰত আন এটা ফৰজ হজ্জ কৰা আৱশ্যক। এইদৰে যিজন দাসে দাসত্ব অৱস্থাত হজ্জ কৰিছে, সি স্বাধীন হোৱাৰ পাছত তাৰ ওপৰত আন এটা হজ্জ আৱশ্যক।” [৪২] ইবনে আবী শ্বাইবা আৰু বাইহাক্বীয়ে হাছান চনদৰ সৈতে বৰ্ণনা কৰিছে। [৪২] (ইবনে আবী শ্বাইবাঃ ৪/৪৪৪)
যদি কোনো ল'ৰা শিশু পাৰ্থক্য কৰিব পৰা বয়সত উপনীত হোৱা নাই, তেন্তে তাৰ ফালৰ পৰা তাৰ অভিভাৱকে এহৰামৰ নিয়্যত কৰিব। তাক চিলাইযুক্ত কাপোৰৰ পৰা বিৰত ৰাখিব আৰু তাৰ ফালৰ পৰা তালবিয়া পাঠ কৰিব। ইয়াৰ মাধ্যমত সেই শিশুটি এহৰামত প্ৰৱেশ কৰিব। প্ৰাপ্তবয়স্ক মুহৰিমৰ বাবে যিবোৰ বস্তু নিষিদ্ধ, তাৰ বাবেও সেইবোৰ নিষিদ্ধ হ'ব। এইদৰে যদি কোনো শিশু ছোৱালী পাৰ্থক্য কৰিব পৰা বয়সত উপনীত নহয়, তেন্তে তাইৰ ফালৰ পৰাও তাইৰ অভিভাৱকে এহৰামৰ নিয়্যত কৰিব আৰু তাইৰ ফালৰ পৰা তালবিয়া পাঠ কৰিব। এইদৰে তাই এহৰামত প্ৰৱেশ কৰিব। ইয়াৰ ফলত প্ৰাপ্তবয়স্কা এহৰাম অৱস্থাত থকা মহিলাৰ বাবে যি যি নিষিদ্ধ, সেইবোৰ তাইৰ বাবেও নিষিদ্ধ হৈ পৰিব। ইয়াৰ উপৰিও সিহঁতৰ কাপোৰ আৰু শৰীৰ পৱিত্ৰ ৰাখিব লাগিব, বিশেষকৈ তাৱাফৰ সময়ত, কাৰণ তাৱাফ হৈছে নামাজৰ দৰে ইবাদত। তাৱাফ বিশুদ্ধ হ'বলৈ পৱিত্ৰতা চৰ্ত।
আনহাতে যদি শিশু ল'ৰা ছোৱালী পাৰ্থক্য কৰিব পৰা বয়সত উপনীত হৈছে, তেন্তে সিহঁতে নিজৰ অভিভাৱকৰ অনুমতি লৈ নিজেই এহৰামৰ নিয়্যত কৰিব আৰু এহৰামৰ সময়ত প্ৰাপ্তবয়স্কসকলৰ দৰেই গোছল আৰু সুগন্ধি আদি ব্যৱহাৰ কৰিব। ইয়াত অভিভাৱক বোলোঁতে সেই ব্যক্তিক বুজোৱা হৈছে, যিয়ে সিহঁতৰ চোৱাচিতাৰ দায়িত্বত আছে আৰু সিহঁতৰ কল্যাণৰ বাবে দায়িত্ব পালন কৰি আছে। সিহঁতৰ পিতৃ-মাতৃও হ'ব পাৰে বা বেলেগ কোনোবা। যিবোৰ কাম সিহঁতে নিজে কৰিব নোৱাৰিব, উদাহৰণস্বৰূপে- শিলগুটি নিক্ষেপ আদি, সেইবোৰ সিহঁতৰ অভিভাৱকে সিহঁতৰ ফালৰ পৰা কৰি দিব। কিন্তু বাকী সকলো কৰণীয় যেনে- আৰাফাতত অৱস্থান, মিনা আৰু মুজদালিফাত ৰাতি অতিবাহিতকে আদি কৰি তাৱাফ আৰু ছায়ী আদি নিজেই কৰিব লাগিব। যদি তাৱাফ আৰু ছায়ী নিজে কৰিব নোৱাৰে তেন্তে কান্ধত তুলি হ'লেও তাৱাফ আৰু ছায়ী কৰাব লাগিব। কিন্তু কান্ধত তুলি লোৱা ব্যক্তিৰ বাবে উত্তম হৈছে নিজৰ আৰু সিহঁতৰ তাৱাফ যাতে একেলগে নকৰে। বৰং নিজৰ তাৱাফ পৃথকভাৱে আদায় কৰি সিহঁতৰ তাৱাফ পৃথকভাৱে আদায় কৰিবলৈ নিয়্যত কৰিব। এইদৰে ছায়ী কৰাৰ সময়তো নিজৰটো পৃথকভাৱে কৰিব লাগিব। এইটো হৈছে ইবাদতৰ ক্ষেত্ৰত সতৰ্কতা। লগতে এই হাদীছৰ ওপৰতো আমল হৈ যাবঃ “সন্দেহযুক্ত বিষয় পৰিত্যাগ কৰি যিটোত সন্দেহ নাই সেইটো গ্ৰহণ কৰা।” [৪৩] যদি কোনোবাই শিশুক বহন কৰি নিজৰ আৰু শিশুৰ ফালৰ পৰা তাৱাফ কৰাৰ নিয়্যত কৰে, তেন্তে বিশুদ্ধ মত অনুযায়ী তাৱাফ যথেষ্ট বুলি গণ্য হ'ব। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সেই মহিলাজনীক যিয়ে এজন শিশুৰ হজ্জ সম্পৰ্কে প্ৰশ্ন কৰিছিল অকলশৰীয়াকৈ তাৱাফ কৰাৰ নিৰ্দেশ দিয়া নাছিল। যদি এইটো ওৱাজিব হ'লহেঁতেন তেন্তে তেখেতে নিশ্চয় স্পষ্ট কৰিলেহেঁতেন। আল্লাহেই তাওফীক প্ৰদানকাৰী। [৪৩] (তিৰমিজীঃ ২৫১৮)
পাৰ্থক্য কৰিব পৰা বয়সত উপনীত হোৱা শিশুক তাৱাফ আৰম্ভ কৰাৰ আগত প্ৰাপ্তবয়স্ক মুহৰিম ব্যক্তিৰ দৰেই পৱিত্ৰতা অৰ্জন কৰিবলৈ নিৰ্দেশ কৰিব লাগিব, সিহঁতে যেন অজু গোছল কৰি তথা নাপাকীৰ পৰা পৱিত্ৰতা অৰ্জন কৰি তাৱাফ কৰে। শিশু ল'ৰা হওক বা ছোৱালী সিহঁতৰ ফালৰ পৰা অভিভাৱকে এহৰাম কৰাটো ওৱাজিব নহয়, বৰং এইটো এটা নফল বিষয়। যদি অভিভাৱকে সিহঁতৰ ফালৰ পৰা এহৰাম কৰে তেন্তে তেওঁ ছোৱাব অৰ্জন কৰিব, অন্যথা নকৰিলে কোনো গুনাহ নহয়। আল্লাহেই সৰ্বজ্ঞ।
পৰিচ্ছেদ
এহৰাম অৱস্থাত যিবোৰ নিষিদ্ধ আৰু মুহৰিম ব্যক্তিৰ বাবে যিবোৰ হালাল সেইবোৰৰ বৰ্ণনা
মুহৰিম ব্যক্তি পুৰুষ হওক বা নাৰী, এহৰাম কৰাৰ পিছত চুলি অথবা নখ আদি কাটিব নোৱাৰিব আৰু সুগন্ধিও ব্যৱহাৰ কৰিব নোৱাৰিব।
এহৰাম অৱস্থাত পুৰুষে সম্পূৰ্ণৰূপে চিলাইযুক্ত কাপোৰ পৰিহাৰ কৰিব লাগিব, অৰ্থাৎ এনেকুৱা কোনো পোছাক পৰিধান কৰিব নোৱাৰিব, যিটো পিন্ধিবলৈ নিৰ্দিষ্টভাৱে চিলাই কৰা হৈছে, যেনে- কামিজ আদি। এইদৰে শৰীৰৰ কোনো নিৰ্দিষ্ট অংগৰ বাবে চিলাইকৃত কাপোৰ যেনে- গেঞ্জি বা অন্তৰ্বাস, পায়জামা, চামৰাৰ মোজা বা কাপোৰৰ মোজা আদি। কিন্তু যদি কোনোবাই এহৰামৰ বাবে চিলাইবিহীন কাপোৰ নাপায়, তেন্তে তেওঁ পায়জামা পিন্ধিব পাৰে। এইদৰে যদি কোনোবাই চেণ্ডেল নাপায় তেন্তে মোজা পৰিধান কৰিব পাৰে কাটি লোৱাৰ প্ৰয়োজন নাই। কাৰণ বুখাৰী আৰু মুছলিমত ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “যাৰ জোতা নাই, তেওঁ যেন মোজা পৰিধান কৰি লয়; আৰু যাৰ চিলাইবিহীন ইঝাৰ নাই তেওঁ যেন পায়জামা পৰিধান কৰে।” [৪৪] [৪৪] (বুখাৰীঃ ১৮৪১, আৰু মুছলিমঃ ১১৭৯)
ইবনু ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ হাদীছত জোতা চেণ্ডেল নথকা অৱস্থাত মোজা পৰিধান কৰিবলগীয়া হ'লে মোজা কাটি লোৱাৰ যিটো কথা বৰ্ণিত হৈছে, সেইটো মনছুখ হৈ গৈছে। কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই আদেশটো মদীনাত থকা অৱস্থাত দিছিল, যেতিয়া তেখেতক মুহৰিম ব্যক্তিৰ পৰিধেয় কাপোৰ সম্পৰ্কে প্ৰশ্ন কৰা হৈছিল। কিন্তু পাছত যেতিয়া তেখেতে আৰাফাৰ দিনা খুতবা দিলে সেই সময়তো তেখেতে জোতা চেণ্ডেল নথকা অৱস্থাত মোজা পৰিধান কৰাৰ নিৰ্দেশ দিছিল কিন্তু কাটি লোৱাৰ কথা উল্লেখ কৰা নাছিল। অথচ এই সময়ছোৱাত অসংখ্য ব্যক্তি উপস্থিত আছিল যিসকলে মদীনাৰ সেই উত্তৰ সম্পৰ্কে জনা নাছিল। ইছলামী চৰীয়তত প্ৰয়োজনৰ সময়ত কোনো বিধান বৰ্ণনা কৰাৰ ক্ষেত্ৰত পলম কৰা বৈধ নহয়। এইটো হৈছে হাদীছ আৰু ফিকাহ শাস্ত্ৰৰ অন্যতম এটা মূলনীতি। এতেকে ইয়াৰ দ্বাৰা স্পষ্ট হয় যে, মোজা কাটি লোৱাৰ প্ৰথম বিধানটো ৰহিত হৈছে। যদি সেইটো এতিয়াও বাধ্যতামূলক হ'লহেঁতেনে তেন্তে তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে নিশ্চয় বিষয়টো স্পষ্ট কৰিলেহেঁতেন। আল্লাহেই সৰ্বজ্ঞ।
মুহৰিম ব্যক্তিৰ বাবে এনেকুৱা মোজা পৰিধান কৰা বৈধ, যিটো সৰুগাঁঠিৰ তলত থাকে। কাৰণ এনেকুৱা মোজা হৈছে জোতা বা চেণ্ডেলৰ পৰ্যায়ভুক্ত।
এইদৰে মুহৰিম ব্যক্তিৰ বাবে ইঝাৰ বান্ধিবলৈ ৰছী ব্যৱহাৰ কৰাও বৈধ। কাৰণ এই ক্ষেত্ৰত নিষেধাজ্ঞাৰ কোনো প্ৰমাণ নাই।
মুহৰিম ব্যক্তিৰ বাবে গোছল কৰা, মূৰ ধোৱা আৰু প্ৰয়োজনত সতৰ্কতাৰ সৈতে মূৰ খুজোৱা আদি বৈধ। অসাৱধানতাবশতঃ যদি ইয়াৰ ফলত মূৰৰ কিছু চুলি সৰি পৰে তেন্তে কোনো গুনাহ নহ'ব।
এইদৰে নাৰীসকলৰ বাবে এহৰাম অৱস্থাত চিলাইকৃত কাপোৰ মুখমণ্ডলত ব্যৱহাৰ কৰা নিষিদ্ধ। উদাহৰণস্বৰূপে বুৰ্কাৰ নিকাব। এইদৰে হাতত চিলাইকৃত কাপোৰ পিন্ধা নিষিদ্ধ, যেনে- হাত মোজা পৰিধান কৰা। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “এহৰাম অৱস্থাত থকা নাৰীয়ে নিকাব পিন্ধিব নোৱাৰিব আৰু হাত মোজাও পৰিধান কৰিব নোৱাৰিব।” [৪৫] (বুখাৰী) আৰবী ভাষাত القفازان কোৱা হয় হাতমোজাক। যিটো মূলতে ঊণ, সূতাৰ কাপোৰ বা বেলেগ কোনো উপাদানেৰে হাতত পিন্ধিবলৈ তৈয়াৰ কৰা হয়। [৪৫] (বুখাৰীঃ হাদীছ নং ১৮৩৮)
নাৰীসকলৰ বাবে এহৰাম অৱস্থাত নিকাব আৰু হাতমোজাৰ বাহিৰে বাকী সকলো কাপোৰ চিলাইকৃত পৰিধান কৰা বৈধ, যেনে- কামিজ পায়জামা, ভৰিত পিন্ধিব পৰা চামৰাৰ মোজা, কাপোৰৰ মোজা ইত্যাদি।
এইদৰে প্ৰয়োজনত মূৰত বান্ধি নোথোৱাকৈ মুখমণ্ডলৰ ওপৰত ওৰণি ওলোমাই ৰখাও বৈধ। যদিও মুখমণ্ডলত সেই ওৰণিয়ে স্পৰ্শ কৰে, তথাপিও কোনো অসুবিধা নাই। কিয়নো আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত আছে যে, তেওঁ কৈছেঃ “আমি এহৰাম অৱস্থাত যেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে আছিলোঁ, তেতিয়া আমাৰ ওচৰেৰে যেতিয়াই কোনো পথচাৰী অতিক্ৰম কৰিছিল আমি তেতিয়া আমাৰ ওৰণি মুখৰ ফালে নমাই দিছিলোঁ আৰু যেতিয়াই সিহঁতে আমাক অতিক্ৰম কৰিছিল, তেতিয়াই আমি মুখমণ্ডল খুলি ৰাখিছিলোঁ।” [৪৬] হাদীছটো আবু দাঊদে আৰু ইবনে মাজাই বৰ্ণনা কৰিছে, আৰু দাৰাকুতনীয়ে উম্মু ছালামা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা অনুৰূপ হাদীছ বৰ্ণনা কৰিছে। [৪৬] (আবু দাউদঃ ১৮৩৩)
এইদৰে পৰিধানকৃত কাপোৰেৰে বা আন কোনো বস্তুৰে নিজৰ হাতখন ঢাকি ৰখাত কোনো অসুবিধা নাই। বিশেষকৈ পৰপুৰুষৰ সন্মুখত নিজৰ মুখমণ্ডল আৰু দুয়ো হাত ঢাকি ৰখাটো প্ৰতিজন নাৰীৰে কৰ্তব্য। কাৰণ এইটোও পৰ্দাযোগ্য অংগ। কাৰণ মহান আল্লাহে পৱিত্ৰ কোৰআনত কৈছেঃ “আৰু তেওঁলোকে যেন নিজৰ স্বামীৰ বাহিৰে আন কাৰো সন্মুখতেই তেওঁলোকৰ সৌন্দৰ্য প্ৰকাশ নকৰে৷” (ছুৰা আন-নূৰঃ ৩১) ইয়াত কোনো সন্দেহ নাই যে, নাৰীসকলৰ মুখমণ্ডল আৰু দুয়ো হাত হৈছে সিহঁতৰ সৌন্দৰ্য্যৰ অন্যতম অংশ।
মুখমণ্ডলৰ বিষয়টো অধিক গুৰুত্বপূৰ্ণ আৰু অত্যন্ত স্পৰ্শকাতৰ। মহান আল্লাহে কৈছেঃ “তোমালোকে তেখেতৰ পত্নীসকলৰ পৰা কিবা বিচাৰিলে পৰ্দাৰ আঁৰৰ পৰা বিচাৰিবা। এই বিধান তোমালোকৰ বাবে আৰু তেওঁলোকৰ হৃদয়ৰ বাবে বেছি পৱিত্ৰ।” (ছুৰা আল-আহজাবঃ ৫৩)
সাধাৰণতে কিছুমান মহিলাই মুখমণ্ডলক পৰ্দাত ৰাখিবলৈ মূৰত এটা পট্টি বান্ধি লয়, আমি জনামতে ইয়াৰ কোনো ভিত্তি নাই। যদি এইটো বৈধ হ'লহেঁতেন তেন্তে নিশ্চয় নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উম্মতক ইয়াৰ বিষয়ে অৱগত কৰিলেহেঁতেন, আৰু তেখেতে এনেকুৱা বিষয়ত কেতিয়াও মৌনতা অৱলম্বন নকৰিলেহেঁতেন।
এহৰাম অৱস্থাত পিন্ধি থকা কাপোৰ লেতেৰা হ'লে অথবা ধোৱাৰ প্ৰয়োজন হ'লে ধোৱা বৈধ, আনকি পৰিবৰ্তন কৰিবলগীয়া হ'লেও পৰিবৰ্তন কৰা বৈধ। এইটো পুৰুষ আৰু নাৰী উভয়ৰে বাবে প্ৰযোজ্য।
কিন্তু তেওঁলোকৰ বাবে এনেকুৱা কোনো কাপোৰ পৰিধান কৰা বৈধ নহয়, যিটো জাফৰান অথবা অৰাছ ৰঙেৰে ৰঞ্জিত কৰা হৈছে। কাৰণ ইবনে ওমৰৰ দ্বাৰা বৰ্ণিত হাদীছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এইটো নিষেধ কৰিছে।
এহৰাম অৱস্থাত মুহৰিম ব্যক্তিয়ে সকলো প্ৰকাৰ পাপ-পঙ্কিলতা, স্ত্ৰী সম্ভোগ, তৰ্ক-বিতৰ্ক অশ্লীলতা আদি পৰিহাৰ কৰাটো অনিবাৰ্য্য। যেনে- মহান আল্লাহে পৱিত্ৰ কোৰআনত কৈছেঃ "হজ্জ পালন কৰিবলৈ যোৱা হয় নিৰ্দিষ্ট মাহসমূহত। এতেকে যিয়ে এই মাহসমূহত হজ্জ কৰিবলৈ মনস্থ কৰে, সি যেন হজ্জৰ সময়ত স্ত্ৰী-সম্ভোগ, অন্যায় আচৰণ আৰু কলহ-বিবাদ নকৰে;...." (ছুৰা আল-বাক্বাৰাহঃ ১৯৭)
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা সঠিক সূত্ৰৰ দ্বাৰা প্ৰমাণিত যে, তেখেতে কৈছেঃ “যি ব্যক্তিয়ে হজ্জ পালন কৰিছে আৰু (সেই হজ্জ কৰাৰ সময়ছোৱাত) কোনো ধৰণৰ অশ্লীল কৰ্ম কৰা নাই আৰু পাপকৰ্মও কৰা নাই, এনেকুৱা ব্যক্তিয়ে ঠিক সেইদৰে (নিষ্পাপ হৈ) ঘৰলৈ উভতি আহে, যেনিবা আজিয়ে তাৰ মাকে তাক প্ৰসৱ কৰিছে।” [৪৭] الرفث: শব্দৰ দ্বাৰা যৌন সম্পৰ্ক, অশ্লীল কথা আৰু কৰ্মক বুজায়। الفسوق: শব্দৰ দ্বাৰা সকলো প্ৰকাৰ পাপকৰ্মক বুজায়। الجدال: শব্দৰ দ্বাৰা অনৰ্থক আৰু বাতিল তৰ্ক-বিতৰ্কক বুজায়। আনহাতে সত্য প্ৰমাণ কৰিবলৈ আৰু অসত্যক খণ্ডন কৰিবলৈ তৰ্ক কৰাত কোনো বাধা নাই, বৰং এইটো কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। যেনে- মহান আল্লাহে কৈছেঃ “তুমি তোমাৰ প্ৰতিপালকৰ পথত মানুহক আহ্বান কৰা হিকমত আৰু সদুপদেশৰ দ্বাৰা আৰু সিহঁতৰ লগত উত্তম পন্থাত তৰ্ক কৰিবা। ...” (ছুৰা আন-নাহলঃ ১২৫) [৪৭] বুখাৰীয়ে আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা (১৫২১) নম্বৰত আৰু মুছলিমে (১৩৫০) নম্বৰত বৰ্ণনা কৰিছে।
এহৰাম অৱস্থাত থকা পুৰুষৰ বাবে মূৰত লাগি থকা কোনো বস্তুৰে মূৰ ঢাকি ৰখা হাৰাম। যেনে- টুপি, গুতৰা (হাজী ৰুমাল), পাগুৰি বা এনেকুৱা যিকোনো বস্তুৰে। এইদৰে মুখমণ্ডল ঢাকি ৰখাও নিষেধ। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সেই ব্যক্তি গৰাকী সম্পৰ্কে কৈছিল, যিয়ে আৰাফাৰ দিনা নিজৰ বাহনৰ পৰা পৰি মৃত্যুবৰণ কৰিছিলঃ “এওঁক তোমালোকে পানী আৰু বগৰী পাত আদিৰে গোছল দিয়া, লগতে এওঁক এওঁৰ এই দুবিধ কাপোৰেৰেই কাফন দিয়া, এওঁৰ মুখমণ্ডল আৰু মূৰ ঢাকি নিদিবা। কিয়নো এওঁ কিয়ামতৰ দিনা তালবিয়া পাঠ কৰা অৱস্থাত পুনৰুত্থিত হ'ব।” [৪৮] মুত্তাফাক্ব আলাইহ, আৰু এই শব্দবোৰ মুছলিমৰ। [৪৮] (বুখাৰীঃ ১৫২১, আৰু মুছলিমঃ ১৩৫০)
গাড়ীৰ চাদ, ছাতি বা এনেকুৱা যিকোনো বস্তু ব্যৱহাৰ কৰাত কোনো অসুবিধা নাই। যেনে- তম্বু বা গছৰ ছাঁ গ্ৰহণ কৰা। কাৰণ ছহীহ হাদীছৰ দ্বাৰা প্ৰমাণিত যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া জামৰাতুল আক্বাবাত শিলগুটি নিক্ষেপ কৰি আছিল, তেতিয়া তেখেতক কাপোৰেৰে ছাঁ কৰা হৈছিল। ছহীহ হাদীছৰ দ্বাৰা এইটোও প্ৰমাণিত যে, তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাবে নামিৰাত এটা তম্বু তৈয়াৰ কৰা হৈছিল আৰু তেখেতে আৰাফাৰ দিনা সূৰ্য্য ঢলি পৰা লৈকে সেই ঠাইতে অৱস্থান কৰিছিল।
এইদৰে মুহৰিম ব্যক্তি পুৰুষ হওক বা নাৰী উভয়ৰে বাবে স্থলৰ কোনো প্ৰাণী চিকাৰ কৰা বৈধ নহয়। আনকি চিকাৰ কৰাত সহায় কৰাও বৈধ নহয়, লগতে কোনো প্ৰাণীক খেদি পঠিওৱাটোও বৈধ নহয়। এইদৰে মুহৰিম ব্যক্তিৰ বাবে বিবাহৰ বৈঠক, যৌন সম্পৰ্ক, কোনো নাৰীক বিবাহৰ প্ৰস্তাৱ দিয়া, আৰু কামনাৰ সৈতে নাৰীক স্পৰ্শ কৰা আদি হৈছে হাৰাম। কাৰণ উছমান ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত হাদীছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “মুহৰিম ব্যক্তিয়ে বিবাহ কৰিব, বিবাহ দিবও নোৱাৰিব, আনকি বিবাহৰ প্ৰস্তাৱো দিব নোৱাৰিব।”[৪৯] (মুছলিম) [৪৯] (মুছলিমঃ ১৪০৯)
যদি মুহৰিম ব্যক্তিয়ে ভুলবশতঃ অথবা অজ্ঞতাবশতঃ চিলাই কৰা কাপোৰ পৰিধান কৰে, নাইবা মূৰ ঢাকি লয় অথবা ভুলতে সুগন্ধি ব্যৱহাৰ কৰে, তেন্তে তাৰ ওপৰত কোনো ফিদিয়া নাই। কিন্তু মনত পৰাৰ লগে লগে সেইটো আঁতৰাব লাগিব। এইদৰে যদি কোনোবাই ভুলতে মূৰৰ চুলি কাটে, নাইবা যিকোনো চুলি উঘালি পেলায় বা কাটে, অথবা নখ কাটে তেন্তে বিশুদ্ধ মত এইটোৱে যে, তাৰ ওপৰত কোনো কাফ্ফাৰা নাই।
হাৰাম অঞ্চলৰ কোনো জীৱ-জন্তু চিকাৰ কৰা বা চিকাৰ কাৰ্য্যত অস্ত্ৰৰ দ্বাৰা নাইবা ইংগিতৰ দ্বাৰা বা কোনো পধ্যেই সহায় কৰাটো কোনো মুছলিমৰ বাবেই বৈধ নহয়, বৰং এইটো হৈছে হাৰাম। তেওঁ মুহৰিম হওক বা নহওক, পুৰুষ হওক বা নাৰী, সকলোৰে বাবে এইটো প্ৰযোজ্য।
আনকি হাৰাম অঞ্চলৰ কোনো জীৱ-জন্তুক খেদি পঠিওৱাটোও হাৰাম। এইদৰে হাৰাম অঞ্চলৰ গছ-গছনি, ইয়াত থকা সেউজ উদ্ভিদ আদি কাটি পেলোৱা নিষিদ্ধ। হাৰাম অঞ্চলত পৰি থকা কোনো গৰাকীহীন বস্তু কেৱল সেই ব্যক্তিয়েই উঠাব পাৰিব, যিয়ে সেইটো ওভোতাই দিবলৈ প্ৰচাৰ কৰিব। কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “নিশ্চয় এই মক্কা নগৰক কিয়ামতৰ পৰ্যন্ত মহান আল্লাহৰ নিৰ্দেশত হাৰাম তথা পৱিত্ৰ ঘোষণা কৰা হৈছে। ইয়াত থকা কোনো কাইট উঘালি পেলোৱা নাযাব, ইয়াত থকা কোনো জীৱ-জন্তুক খেদি পঠিওৱা নাযাব, আনকি ইয়াত পৰি থকা মালিকবিহীন কোনো বস্তু উঠাই লোৱাও নাযাব, কিন্তু সেই ব্যক্তিৰ বাহিৰে যিয়ে প্ৰচাৰ কৰিব, লগতে ইয়াত থকা কোনো সেউজীয়া ঘাঁহ বনো কটা নাযাব।” [৫০] (মুত্তাফাক্ব আলাইহ) [৫০] (বুখাৰীঃ ১৮৩৪, আৰু মুছলিমঃ ১৩৫৩)
হাদীছটোত বৰ্ণিত المنشد: (মুনশ্বিদ) শব্দৰ অৰ্থ হৈছে, ঘোষণাকাৰী। الخلا: (খালা) শব্দৰ অৰ্থ হৈছেঃ সেউজীয়া ঘাঁহ বন। মীনা আৰু মুজদালিফাও হৈছে হাৰাম অঞ্চলৰ অন্তৰ্ভুক্ত। কিন্তু আৰাফা হৈছে হাৰাম অঞ্চলৰ বাহিৰত।
পৰিচ্ছেদ
মক্কাত প্ৰৱেশ কৰাৰ পাছত কৰণীয়, আৰু মছজিদুল হাৰামত প্ৰৱেশ কৰাৰ পাছত কৰিবলগীয়া তাৱাফ আৰু ইয়াৰ পদ্ধতিৰ বৰ্ণনা।
মুহৰিম ব্যক্তিয়ে মক্কাত প্ৰৱেশৰ পূৰ্বে গোছল কৰি লোৱাটো মুস্তাহাব। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৰিছিল। ছুন্নত হৈছে মছজিদে হাৰামত উপস্থিত হৈ প্ৰথমে সোঁ ভৰি আগুৱাই দিয়া আৰু এই দুআ পাঠ কৰাঃ "বিছমিল্লাহ, অচ্ছালাতু অচ্ছালামু আলা ৰাছুলিল্লাহ, আউজু বিল্লাহিল আজীম, অবি ৱজহিহিল কাৰীম অছুলত্বনিহিল ক্বাদীম, মিনাশ্ব শ্বাইত্বনিৰ ৰাজীম, আল্লা-হুম্মাফ তাহলী আবওৱাবা ৰাহমাতিক।" এই দুআটো সকলো মছজিদতে প্ৰৱেশৰ সময়ত পঢ়িব লাগে। কেৱল মছজিদে হাৰামত প্ৰৱেশৰ সময়ত পঢ়িবলগীয়া কোনো নিৰ্দিষ্ট দুআ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা প্ৰমাণিত আছে বুলি মোৰ জনা নাই।
যদি ব্যক্তিজন তামাত্তু হজ্জকাৰী হয় বা ওমৰাহ পালনকাৰী হয় তেন্তে তেওঁ তাৱাফ আৰম্ভ কৰাৰ আগত তালবিয়া পাঠ কৰা বন্ধ কৰিব লাগিব। ইয়াৰ পাছত তেওঁ হাজৰে আছৱাদৰ ফালে যাব আৰু তাৰ সন্মুখত থিয় হৈ সোঁ হাতেৰে স্পৰ্শ কৰিব আৰু যদি সম্ভৱ হয় চুমা খাব। এই ক্ষেত্ৰত ভিৰ কৰি মানুহক কষ্ট নিদিয়াটোৱে বেছি উত্তম। হাজৰে আছৱাদক স্পৰ্শ কৰাৰ সময়ত বা ইংগিত কৰাৰ সময়ত "বিছমিল্লাহি আল্লাহু আকবাৰ" বুলি ক'ব, নাইবা কেৱল "আল্লাহু আকবাৰ" বুলি ক'ব। যদি হাজৰে আছৱাদক চুমা খাব পৰা পৰিস্থিতি নাথাকে তেন্তে হাতৰ দ্বাৰা অথবা লাখুটি নাইবা আন কোনো বস্তুৰে স্পৰ্শ কৰিব। যদি স্পৰ্শ কৰাও সম্ভৱ নহয় তেন্তে কেৱল ইংগিত কৰিব আৰু "আল্লাহু আকবাৰ" বুলি ক'ব। কিন্তু যিটো বস্তুৰে ইংগিত কৰিব সেইটোক চুমা খোৱা উচিত নহয়। তাৱাফ বিশুদ্ধ হোৱাৰ চৰ্ত হৈছেঃ তাৱাফকাৰী ব্যক্তিয়ে সৰু ডাঙৰ সকলো প্ৰকাৰ অপৱিত্ৰতাৰ পৰা পৱিত্ৰতা অৰ্জন কৰিব লাগিব। কিয়নো তাৱাফ হৈছে নামাজৰ দৰে ইবাদত, কিন্তু পাৰ্থক্য হৈছে ইয়াত কথা কোৱাৰ অনুমতি আছে। তাৱাফ কৰাৰ সময়ত কা'বা ঘৰক বাওঁফালে ৰাখিব লাগিব। তাৱাফ আৰম্ভ কৰাৰ আগত যদি কোনোবাই এইটো পঢ়ে "اللَّهُمَّ إِيمَانًا بِكَ، وَتَصْدِيقًا بِكِتَابِكَ، وَوَفَاءً بِعَهْدِكَ، وَاتِّبَاعًا لِسُنَّةِ نَبِيِّكَ مُحَمَّدٍ ﷺ" অৰ্থঃ "হে আল্লাহ! তোমাৰ প্ৰতি ঈমান পোষণ কৰি, তোমাৰ কিতাবক বিশ্বাস কৰি আৰু তোমাৰ প্ৰতিশ্ৰুতি পালন কৰি, লগতে তোমাৰ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নতৰ অনুসৰণ কৰি (তাৱাফ আৰম্ভ কৰিলোঁ)।" তেন্তে উত্তম। কাৰণ এইটো নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা প্ৰমাণিত। সাতবাৰ প্ৰদক্ষিণ কৰি তাৱাফ সম্পন্ন কৰিব লাগিব। মক্কাত প্ৰৱেশ কৰি প্ৰথম তাৱাফৰ সময়ছোৱাত প্ৰথম তিনিটা প্ৰদক্ষিণত ৰমল কৰাটো (দ্ৰুত খোঁজকাঢ়ি যোৱাটো) ছুন্নত। এইটো সকলোৰে বাবে প্ৰযোজ্য, ওমৰাহকাৰী হওক বা হজ্জ পালনকাৰী, তথা হজ্জে তামাত্তু হওক বা হজ্জে ক্বিৰান নাইবা হজ্জে ইফৰাদ। বাকী চাৰিটা প্ৰদক্ষিণত স্বাভাৱিকভাৱে খোঁজকাঢ়িব। প্ৰতিটো প্ৰদক্ষিণ হাজৰে আছৱাদৰ পৰা আৰম্ভ হ'ব আৰু তাতে আহি শেষ হ'ব।
ৰমল কোৱা হয়, দ্ৰুত খোঁজকাঢ়ি যোৱাক। অন্যান্য তাৱাফৰ বিপৰীতে এই তাৱাফ কৰাৰ সময়ত ইজতিবা কৰা মুস্তাহাব। ইজতিবা হৈছেঃ চাদৰৰ মধ্যভাগ সোঁ কান্ধৰ তলত ৰাখি চাদৰৰ দুয়ো প্ৰান্ত মুহৰিম ব্যক্তিৰ বাওঁ কান্ধৰ ওপৰত ৰখা।
তাৱাফৰ সংখ্যাত যদি কোনো সন্দেহ হয় তেন্তে নিশ্চিত তথা কম সংখ্যাৰ ওপৰত ভিত্তি কৰি আমল কৰিব লাগিব। এতেকে যদি সন্দেহ হয় যে, তিনিটা হ'ল নে চাৰিটা, তেনেহ'লে তিনিটাক নিশ্চিত বুলি গণ্য কৰা হ'ব। এইদৰে ছায়ীৰ ক্ষেত্ৰতো এইটোৱে নীতি অৱলম্বন কৰা উচিত।
তাৱাফ সম্পন্ন কৰি মুহৰিম ব্যক্তিয়ে চাদৰখন কান্ধৰ ওপৰত সঠিকভাৱে পৰিধান কৰিব। যাতে চাদৰৰ দুয়ো প্ৰান্ত বুকুৰ ওপৰত থাকে আৰু উভয় কান্ধক ঢাকি ৰাখে। ইয়াৰ পিছত তেওঁ তাৱাফৰ দুই ৰাকাত নামাজ পঢ়ি ল'ব।
এনেকুৱা কিছুমান বিষয় আছে যিবোৰ নাৰীসকলৰ বাবে নিন্দনীয়, সেয়ে তেওঁলোকক এইবোৰৰ পৰা সতৰ্ক কৰা উচিত। উদাহৰণস্বৰূপে সৌন্দৰ্য্য প্ৰকাশ কৰি বা সুগন্ধি ব্যৱহাৰ কৰি নাইবা উপযুক্ত পৰ্দা নোহোৱাকৈ তাৱাফ কৰা। এতেকে তেওঁলোকে তাৱাফৰ দৰে পৰিৱেশত য'ত নাৰী পুৰুষ উভয়ৰে উপস্থিতি থাকে সৌন্দৰ্য্য পৰিহাৰ কৰি সম্পূৰ্ণৰূপে পৰ্দা অৱলম্বন কৰা অনিবাৰ্য্য। কিয়নো নাৰী হৈছে সম্পূৰ্ণৰূপে পৰ্দাৰ বিষয় আৰু পৰীক্ষাৰ কাৰণ। এইদৰে নাৰীৰ মুখমণ্ডল হৈছে অন্যতম সৌন্দৰ্য্যৰ অংগ। গতিকে কেৱল মাহৰাম (যাৰ সৈতে বিবাহ হাৰাম এনেকুৱা) ব্যক্তিৰ বাহিৰে বেলেগৰ আগত মুখমণ্ডল উন্মুক্ত কৰা বৈধ নহয়। যেনে- মহান আল্লাহে কৈছেঃ “...আৰু সিহঁতে যেন নিজৰ সৌন্দৰ্য্য কেৱল নিজৰ স্বামীৰ ওচৰতেই প্ৰকাশ কৰে...৷” (ছুৰা আন-নূৰঃ ৩১) এতেকে নাৰীসকলে হাজৰে আছৱাদ চুমা খোৱাৰ সময়ত যদি পৰপুৰুষে দেখাৰ আশংকা থাকে তেন্তে সেই সময়ছোৱাতো মুখমণ্ডল উন্মুক্ত কৰাটো তেওঁলোকৰ বাবে বৈধ নহয়। গতিকে যদি তেওঁলোকে হাজৰে আছৱাদ চুমা খোৱাৰ বা স্পৰ্শ কৰাৰ সুযোগ নাপায় তেন্তে এইটো কৰিবলৈ পুৰুষসকলৰ মাজত ভিৰ কৰাটো তেওঁলোকৰ বাবে বৈধ নহয়। বৰং তেওঁলোকে পুৰুষসকলৰ পিছফালে থাকি তাৱাফ কৰিব। কা'বাৰ ওচৰলৈকে নোযোৱাকৈ এইটোৱে হৈছে তেওঁলোকৰ বাবে বেছি উত্তম আৰু অধিক ছোৱাবৰ কাৰণ। লগতে জানি থোৱা উচিত যে, ৰমল আৰু ইজতিবা হৈছে কেৱল তাৱাফৰ বাবে নিৰ্ধাৰিত। ছায়ীৰ ক্ষেত্ৰতো এইটো প্ৰযোজ্য নহয় আৰু নাৰীসকলৰ বাবেও প্ৰযোজ্য নহয়। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া মক্কাত প্ৰৱেশ কৰিছিল তেতিয়া তেখেতে কেৱল প্ৰথম তাৱাফতহে ৰমল আৰু ইজতিবা কৰিছিল। এইদৰে তাৱাফ কৰা অৱস্থাত সৰু ডাঙৰ সকলো প্ৰকাৰ নাপাকীৰ পৰা পৱিত্ৰ থাকিব লাগিব। মহান আল্লাহৰ প্ৰতি বিনয়ী হৈ পূৰ্ণ আনুগত্যৰ সৈতে তাৱাফ কৰিব লাগিব।
তাৱাফ কৰাৰ সময়ত বেছি বেছি আল্লাহৰ জিকৰ-আজকাৰ আৰু দুআ কৰিব লাগে। যদি কোনোবাই কোৰআন তিলাৱত কৰে, সেইটোও ভাল। এই তাৱাফ আৰু অন্যান্য যিকোনো তাৱাফ আৰু ছায়ীৰ বাবে কোনো নিৰ্দিষ্ট দুআ নাই আৰু কোনো নিৰ্ধাৰিত জিকৰ-আজকাৰো নাই।
আনহাতে যিসকল লোকে প্ৰতিটো তাৱাফ আৰু প্ৰতিটো ছায়ীৰ বাবে কিছুমান আজকাৰ অথবা দুআ নিৰ্ধাৰণ কৰিছে, সেইবোৰৰ কোনো ভিত্তি নাই। বৰং সাধ্য অনুযায়ী নিজৰ সুবিধা মতে যিকোনো দুআ কৰিলেই যথেষ্ট। ৰুকনে য়ামানীৰ সন্মুখত আহি ইয়াক স্পৰ্শ কৰিব লাগে আৰু বিছমিল্লাহি আল্লাহু আকবাৰ বুলি ক'ব লাগে, কিন্তু চুমা খাব নালাগে। যদি স্পৰ্শ কৰা কঠিন হয় তেন্তে এইটো পৰিহাৰ কৰি তাৱাফ সম্পন্ন কৰা উচিত। এই অৱস্থাত ইংগিত কৰাৰো প্ৰয়োজন নাই আৰু আল্লাহু আকবাৰ বুলিও কোৱাৰ প্ৰয়োজন নাই। কাৰণ আমি জনা মতে এইটো কৰা নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা প্ৰমাণিত নহয়। কিন্তু ৰুকনে য়ামানী আৰু হাজৰে আছৱাদৰ মাজত এই দুআটো পাঠ কৰা মুস্তাহাবঃ “...হে আমাৰ প্ৰতিপালক! আমাক পৃথিৱীত কল্যাণ প্ৰদান কৰা আৰু আখিৰাততো কল্যাণ দিয়া, লগতে আমাক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰা।” (ছুৰা আল-বাক্বাৰাহঃ ২০১) যেতিয়াই হাজৰে আছৱাদৰ ওচৰলৈ আহিব, তেতিয়াই সেইখনক স্পৰ্শ কৰিব আৰু চুমা খাব আৰু আল্লাহু আকবাৰ বুলি ক'ব। যদি চুমা খোৱা আৰু স্পৰ্শ কৰা সম্ভৱ নহয় তেন্তে ইংগিত কৰিব আৰু তাকবীৰ দিব।
জমজম আৰু মাকামে ইব্ৰাহীমৰ পিছফালৰ পৰা তাৱাফ কৰাত বাধা নাই, বিশেষকৈ ভিৰৰ সময়ত। মছজিদৰ গোটেই প্ৰাঙ্গন হৈছে তাৱাফৰ স্থান। আনকি যদি কোনোবাই মছজিদৰ বাৰান্দাতো তাৱাফ কৰে, তথাপিও তাৱাফ হৈ যাব। কিন্তু সক্ষম অনুযায়ী কা'বাৰ যিমান ওচৰত পাৰে তাৱাফ কৰাটো উত্তম।
তাৱাফ শেষ কৰি সক্ষম অনুযায়ী মাকামে ইব্ৰাহীমৰ পিছফালে দুই ৰাকাত নামাজ আদায় কৰিব লাগে। আনহাতে যদি ভিৰ বা বেলেগ কোনো কাৰণত এইটো সম্ভৱ নহয় তেন্তে মছজিদৰ যিকোনো ঠাইতে আদায় কৰিব পাৰে। এই দুই ৰাকাত নামাজত ছুৰা ফাতিহাৰ পাছত ছুৰা কাফিৰূনঃ ﴿قُلۡ يَٰٓأَيُّهَا ٱلۡكَٰفِرُونَ﴾ কোৱা, ‘হে কাফিৰসকল !’ [ছুৰা আল-কাফিৰূনঃ ১] প্ৰথম ৰাকাতত আৰু ﴿قُلۡ هُوَ ٱللَّهُ أَحَدٌ1﴾ কোৱা, ‘তেওঁ আল্লাহ, একক-অদ্বিতীয়। [ছুৰা আল-ইখলাচঃ ১] দ্বিতীয় ৰাকাতত পাঠ কৰাটো ছুন্নত। এইটোৱে হৈছে উত্তম। ইয়াৰ বিপৰীতে বেলেগ কোনো ছুৰা পাঠ কৰাতো কোনো অসুবিধা নাই। ইয়াৰ পাছত সাধ্যানুযায়ী সোঁহাতেৰে হাজৰে আছৱাদক স্পৰ্শ কৰিব লাগে। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এইটো কৰিছিল, সেয়ে তেখেতৰ অনুসৰণত এইটো কৰিব লাগে।
ইয়াৰ পাছত চাফা দুৱাৰেৰে চাফালৈ ওলাই যাব অথবা চাফাৰ ওচৰত গৈ থিয় হ'ব। সক্ষম অনুযায়ী চাফাত আৰোহণ কৰা উত্তম। প্ৰথম ছায়ী আৰম্ভ কৰাৰ সময়ত মহান আল্লাহৰ এই বাণী পাঠ কৰিব লাগেঃ (إِنَّ الصَّفَا وَالْمَرْوَةَ مِنْ شَعَائِرِ اللَّه) অৰ্থঃ নিশ্চয় চাফা আৰু মাৰৱা হৈছে আল্লাহৰ অন্যতম এটা নিদৰ্শন।.... [ছুৰা আল-বাক্বাৰাহঃ ১৫৮]
চাফাত উঠি কিবলামুখী হোৱাটো মুস্তাহাব। ইয়াৰ পাছত আল্লাহৰ প্ৰশংসা কৰিব লাগে আৰু তাকবীৰ দিব লাগে আৰু এই দুআটো পঢ়িব লাগেঃ (لَا إِلَهَ إِلَّا اللهُ وَحْدَهُ لَا شَرِيكَ لَهُ، لَهُ الْمُلْكُ وَلَهُ الْحَمْدُ، وَهُوَ عَلَى كُلِّ شَيْءٍ قَدِيرٌ، لَا إِلَهَ إِلَّا اللهُ وَحْدَهُ، أَنْجَزَ وَعْدَهُ، وَنَصَرَ عَبْدَهُ، وَهَزَمَ الْأَحْزَابَ وَحْدَهُ) "লা ইলা-হা ইল্লাল্লাহ, অল্লাহু আকবাৰ, লা ইলা-হা ইল্লাল্লা-হু অহদাহু লা শ্বাৰীকা লাহু, লাহুল মুল্কু অলাহুল হাম্দু, অহুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ। আনজাঝা অ'দাহ, অনাচাৰা আব্দাহ, অহাঝামাল আহঝা-বা অহদাহ।" অৰ্থঃ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ মহান। আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। ৰাজত্ব তেওঁৰেই আৰু প্ৰশংসাও কেৱল তেওঁৰেই। তেওঁ সকলো ক্ষেত্ৰতে ক্ষমতাৱান। যিয়ে নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিছে, আৰু তেওঁৰ বান্দাক সহায় কৰিছে, আৰু শত্ৰুদলক অকলেই পৰাস্ত কৰিছে। এই দুআটো তিনিবাৰ পাঠ কৰিব লাগে আৰু তাৰ পাছত দুয়ো হাত তুলি সামৰ্থ অনুযায়ী দুআ কৰিব লাগে। ইয়াৰ পাছত তাৰ পৰা নামি মাৰৱাৰ ফালে খোজ দিব, প্ৰথম সেউজ চিহ্নত উপস্থিত হৈ দ্বিতীয় চিহ্ন নোপোৱালৈকে পুৰুষসকলে দ্ৰুত খোজকাঢ়িব লাগে। আনহাতে নাৰীসকলৰ বাবে এই ঠাইত দ্ৰুত পাৰ হোৱাটো চৰীয়তসন্মত নহয়। কাৰণ নাৰীসকল হৈছে পৰ্দাৰ অন্তৰ্ভুক্ত। তেওঁলোকে সম্পূৰ্ণ ছায়ী স্বাভাৱিকভাৱে খোজকাঢ়ি কৰিব লাগে। ইয়াৰ পাছত মাৰৱাত গৈ আৰোহণ কৰিব অথবা তাত গৈ থিয় হ'ব। সক্ষম অনুযায়ী ওপৰলৈ উঠি যোৱা উত্তম। মাৰৱাতো সেইবোৰে কৰিব, যিখিনি কাম চাফাত কৰিছিল। কেৱল এই আয়াতটো পঢ়িব নালাগেঃ “নিশ্চয় চাফা আৰু মাৰৱা আল্লাহৰ নিদৰ্শনসমূহৰ অন্তৰ্ভুক্ত...৷” (ছুৰা আল-বাক্বাৰাহঃ ১৫৮) এই আয়াতটো কেৱল ছায়ীৰ আৰম্ভণিত চাফাত উপস্থিত হৈ পাঠ কৰিব লাগে। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এনেকৈয়ে কৰিছিল। ইয়াৰ পাছত তাৰ পৰা নামি আহিব, আৰু য'ত স্বাভাৱিকভাৱে খোজকাঢ়িব লাগে তাত স্বাভাৱিকভাৱে খোজকাঢ়িব, আৰু য'ত দ্ৰুত যাব লাগে তাত দ্ৰুত গতিত খোজখাঢ়ি পাৰ হ'ব। এইদৰে তেওঁ পুনৰ গৈ চাফাত উপস্থিত হ'ব। এইদৰে তেওঁ সাত পাক ঘূৰিব। যোৱাটো এপাক আৰু অহাটো এপাক হিচাপে গণ্য হ'ব। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এইদৰেই কৰিছিল। তেখেতে কৈছেঃ “তোমালোকে মোৰ পৰা হজ্জৰ নিয়ম-নীতি শিকি লোৱা।” [৫১] সাধ্য অনুযায়ী ছায়ী কৰাৰ সময়ত বেছি বেছি জিকৰ-আজকাৰ পাঠ কৰা মুস্তাহাব। এইদৰে সৰু ডাঙৰ অপৱিত্ৰতাৰ পৰা পৱিত্ৰ থকা উচিত। যদি কোনোবাই অজু নকৰাকৈ ছায়ী কৰে তথাপিও তেওঁৰ ছায়ী সঠিক বুলি গণ্য হ'ব। এইদৰে যদি কোনো নাৰীৰ তাৱাফ কৰাৰ পাছত হায়েজ হয় অথবা নিফাছগ্ৰস্ত হয়, এই অৱস্থাত ছায়ী কৰিলেও ছায়ী হৈ যাব। কাৰণ ছায়ীৰ বাবে পৱিত্ৰতা চৰ্ত নহয়। বৰং এইটো হৈছে মুস্তাহাব। এই কথা ইতিপূৰ্বে উল্লেখ কৰা হৈছে। [৫১] ইয়াৰ উৎস পূৰ্বে উল্লেখিত।
ছায়ী সম্পন্ন কৰাৰ পাছত মূৰ খুৰাই ল'ব নাইবা চুলি চুটি কৰি ল'ব। পুৰুষৰ বাবে মূৰ খুৰোৱা উত্তম। এইদৰে যদি কোনোবাই চুলি চুটি কৰি লয় আৰু হজ্জৰ বাবে মূৰত চুলি ৰাখি দিয়ে তেন্তে এইটো ভাল। আনহাতে যদি কোনোবাই হজ্জৰ নিকটৱৰ্তী সময়ত আহি মক্কাত উপস্থিত হয় তেন্তে তাৰ বাবে চুলি চুটি কৰাটোৱে উত্তম, যাতে হজ্জৰ সময়ত মূৰ খুৰাব পাৰে। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু চাহাবাসকলে জুলহিজ্জা মাহৰ চাৰি তাৰিখে মক্কাত আহি উপস্থিত হৈছিল, তেতিয়া তেখেতে যিসকলৰ লগত কুৰবানীৰ পশু নাছিল তেওঁলোকক চুলি চুটি কৰি এহৰাম খুলিবলৈ নিৰ্দেশ দিছিল, কিন্তু তেওঁলোকক মূৰ খুৰাবলৈ কোৱা নাছিল। আনহাতে চুলি চুটি কৰিলেও সম্পূৰ্ণ মূৰৰ চুলি চুটি কৰিব লাগিব, মূৰৰ কিছু অংশ কৰিলে নহ'ব, যিদৰে মূৰৰ এটা অংশ খুৰালে যথেষ্ট নহয়। পক্ষান্তৰে নাৰীসকলৰ বাবে মূৰ খুৰোৱা বৈধ নহয়, বৰং তেওঁলোকে প্ৰতিটো বেণীৰ পৰা আঙুলিৰ এটা পুৰ পৰিমাণ চুলি কাটি ল'ব। ইয়াতকৈ বেছি কৰ্তন কৰাটো নাৰীসকলৰ বাবে বৈধ নহয়।
মুহৰিম ব্যক্তিয়ে উপৰোক্ত কামখিনি সম্পন্ন কৰিলে তেওঁৰ ওমৰাহ সম্পন্ন হৈ যাব, আৰু এহৰাম অৱস্থাত তাৰ ওপৰত যিবোৰ হাৰাম আছিল সেইবোৰ হালাল হৈ পৰিব। কিন্তু যদি কোনোবাই কুৰবানীৰ পশু লগত লৈ আহিছে তেন্তে তেওঁ ওমৰাহ আৰু হজ্জ সম্পন্ন নকৰালৈকে এহৰাম অৱস্থাতে থাকিব লাগিব।
আনহাতে যিয়ে হজ্জে ইফৰাদৰ এহৰাম কৰিছে, নাইবা হজ্জ আৰু ওমৰাহ একলগে (অৰ্থাৎ হজ্জে ক্বিৰান) কৰিবলৈ এহৰাম কৰিছে, তেনেকুৱা ব্যক্তিৰ বাবে ছুন্নত হৈছে উক্ত এহৰামক পৰিবৰ্তন কৰি কেৱল ওমৰাৰ বাবে নিৰ্দিষ্ট কৰা উচিত আৰু তামাত্তু হজ্জ পালনকাৰীৰ দৰে সকলো কাম কৰা উচিত। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক এই আদেশ দিছিল। তেখেতে কৈছিলঃ “মই যদি হাদি লগত নানিলোঁহেঁতেন তেন্তে তোমালোকৰ সৈতে হালাল হৈ গ'লোঁহেঁতেন।” [৫২] [৫২] (বুখাৰীঃ হাদীছ নং ১৫৬৮)
কোনো নাৰী যদি এহৰাম কৰাৰ পাছত হায়েজগ্ৰস্ত হয় বা নিফাছগ্ৰস্ত হয়, তেন্তে তাই পৱিত্ৰ নোহোৱালৈকে কা'বা ঘৰৰ তাৱাফ নকৰিব আৰু চাফা মাৰৱাৰ ছায়ীও নকৰিব। যেতিয়া পৱিত্ৰতা অৰ্জন কৰিব তেতিয়া তাৱাফ কৰিব আৰু ছায়ী সম্পন্ন কৰি অকণমান চুলি কাটি পেলাব। এইদৰে তাইৰ ওমৰাহ সম্পন্ন হ'ব। এইদৰে যদি তাই য়াউমুত তাৰবিয়া (৮জুলহিজ্জা) লৈকে পৱিত্ৰ হ'ব নোৱাৰে তেন্তে যি ঠাইত অৱস্থান কৰিছে তাৰ পৰাই হজ্জ এহৰাম বান্ধি ল'ব আৰু লোকসকলৰ সৈতে মীনালৈ ৰাওনা হ'ব। ইয়াৰ ফলত তাইৰ হজ্জ আৰু ওমৰাহ একত্ৰিত হৈ ক্বিৰান হৈ পৰিব। ইয়াৰ পাছত তাই হাজীসকলৰ দৰেই আৰাফাত অৱস্থান কৰিব, মীনা আৰু মুজদালিফাত ৰাতি অতিবাহিত কৰা, শিলগুটি নিক্ষেপ কৰা, হাদী (কুৰবানীৰ পশু) জবেহ কৰা, আৰু চুলি চুটি কৰা আদি যাৱতীয় কাম সম্পন্ন কৰিব। ইয়াৰ পাছত যেতিয়া তাই পৱিত্ৰতা অৰ্জন কৰিব, তেতিয়া কাবা ঘৰ তাৱাফ কৰিব আৰু চাফা মাৰৱাৰ ছায়ী কৰিব, যিটো তাইৰ বাবে হজ্জ আৰু ওমৰাহ উভয়ৰে বাবে যথেষ্ট হ'ব। যেনে- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক কৈছিলঃ “হজ্জ পালনকাৰীসকলে যি যি কৰে, তুমিও তাকেই কৰা। কিন্তু পৱিত্ৰ নোহোৱালৈকে তুমি কা’বা ঘৰৰ তাৱাফ নকৰিবা।” [৫৩] (মুত্তাফাক্ব আলাইহ) [৫৩] (বুখাৰীঃ ৩০৫, আৰু মুছলিমঃ ১২১১)
হায়েজগ্ৰস্ত অথবা নিফাছগ্ৰস্ত নাৰীয়ে য়াউমুন নাহাৰ (১০ জুলহিজ্জা)ৰ দিনা যেতিয়া জামাৰাতত শিলগুটি নিক্ষেপ কৰিব আৰু চুলি কাটি ল'ব, তেতিয়া তাই সেই সকলো নিষিদ্ধ বস্তুৰ পৰা হালাল হৈ পৰিব যিবোৰ এহৰামৰ কাৰণে নিষিদ্ধ আছিল। যেনে- সুগন্ধি আদি ব্যৱহাৰ কৰা। কিন্তু অন্যান্য নাৰীসকলৰ দৰে হজ্জ সম্পন্ন নকৰালৈকে স্বামীৰ বাবে হালাল নহ'ব। এতেকে যেতিয়া তাই পৱিত্ৰ হৈ তাৱাফ আৰু ছায়ী সম্পন্ন কৰিব, তেতিয়া তাইৰ বাবে স্বামীও হালাল হৈ পৰিব।
পৰিচ্ছেদ
অষ্টম জুলহিজ্জাৰ দিনা হজ্জৰ বাবে এহৰাম কৰা আৰু মীনালৈ যোৱাৰ বিধান
য়াউমুত তাৰবিয়া তথা অষ্টম জুলহিজ্জাৰ দিনা হজ্জ কৰিবলৈ ইচ্ছুক মক্কাৰ স্থানীয় বাসিন্দাসকলে আৰু হজ্জ কৰাৰ উদ্দেশ্যে অহা বাহিৰৰ লোকসকলে নিজ নিজ স্থানৰ পৰাই হজ্জৰ বাবে এহৰাম কৰিব। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ চাহাবাসকলে আবতাহ নামক ঠাইত অৱস্থান কৰিছিল আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নিৰ্দেশত তেওঁলোকে সেই ঠাইৰ পৰাই হজ্জৰ এহৰাম বান্ধিছিল। তেখেতে তেওঁলোকক এহৰাম কৰিবলৈ কা'বাৰ ওচৰত যাবলৈ নিৰ্দেশ দিয়া নাছিল আৰু মীঝাবৰ ওচৰলৈ গৈ এহৰাম কৰাৰো নিৰ্দেশ দিয়া নাছিল। এইদৰে তেখেতে তেওঁলোকক মিনালৈ যোৱাৰ আগতে তাৱাফে ৱিদা (বিদায়ী তাৱাফ) কৰিবলৈও নিৰ্দেশ দিয়া নাছিল। যদি এইটো চৰীয়তসন্মত হ'লহেঁতেন তেন্তে নিশ্চয় তেখেতে এইটো তেওঁলোকক শিকাই গ'লহেঁতেন। গতিকে প্ৰকৃত কল্যাণ হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুসৰণৰ মাজত আৰু তেখেতৰ চাহাবাসকলৰ অনুসৰণৰ মাজত।
হজ্জৰ এহৰাম কৰাৰ সময়ত গোছল কৰা, পৰিষ্কাৰ-পৰিচ্ছন্ন হোৱা আৰু সুগন্ধি ব্যৱহাৰ কৰা মুস্তাহাব। যিদৰে মীকাতত এহৰাম কৰাৰ সময়ত কৰা হয়। অষ্টম জুলহিজ্জাৰ দিনা হজ্জৰ এহৰাম কৰাৰ পাছত তেওঁলোকে জোহৰৰ আগত অথবা পাছত মিনালৈ ৰাওনা হ'ব। তেওঁলোকে জামাৰাতুল আক্বাবাত শিলগুটি নিক্ষেপ কৰাৰ আগলৈকে বেছি বেছি তালবিয়া পাঠ কৰিব। মিনাত তেওঁলোকে জোহৰ, আচৰ, মাগৰিব, ঈশ্বা আৰু ফজৰৰ চালাত আদায় কৰিব। ছুন্নত হৈছে তেওঁলোকে প্ৰতিটো নামাজ নিৰ্ধাৰিত সময়ত কচৰ কৰি আদায় কৰিব, কিন্তু মাগৰিব আৰু ফজৰ কচৰ নহ'ব।
এই ক্ষেত্ৰত মক্কাৰ অধিবাসী আৰু বাহিৰৰ পৰা অহা লোকৰ মাজত কোনো পাৰ্থক্য নাই। কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মক্কাবাসী আৰু অন্যান্যসকলক লগত লৈ মিনা আৰাফা আৰু মুজদালিফাত কচৰ কৰিছিল। তেখেতে মক্কাৰ অধিবাসীসকলকো সম্পূৰ্ণ পঢ়িবলৈ নিৰ্দেশ দিয়া নাছিল। যদি এইটো ওৱাজিব হ'লহেঁতেন তেন্তে নিশ্চয় তেখেতে তেওঁলোকৰ বাবে এইটো স্পষ্ট কৰিলেহেঁতেন।
ইয়াৰ পাছত আৰাফাৰ দিনা সূৰ্য্য উদয় হোৱাৰ পাছত হাজীসকলে মিনাৰ পৰা আৰাফালৈ ৰাওনা হ'ব। ছুন্নত হৈছে সাধ্য অনুযায়ী সূৰ্য্য পশ্চিমফালে ঢলি পৰালৈকে নামিৰাতে অৱস্থান কৰা উচিত। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এইদৰেই কৰিছিল।
সূৰ্য্য ঢাল খোৱাৰ পাছত ইমামে বা তেওঁৰ প্ৰতিনিধিয়ে এটি খুতবা প্ৰদান কৰা ছুন্নত, সেই খুতবাটো সময় উপযোগী হোৱা উচিত। সেই খুতবাত তেওঁ হাজীসকলক জনোৱা উচিত যে, হাজীসকলে আজিৰ দিনটোত আৰু পৰৱৰ্তী সময়ছোৱাত কি কি কৰা উচিত। লগতে তেওঁলোকক তাক্বৱা, তাওহীদ আৰু প্ৰতিটো কাম ইখলাচ সহকাৰে কৰিবলৈ উপদেশ দিয়া উচিত। এইদৰে হাৰাম কৰ্মৰ পৰা সতৰ্ক কৰা উচিত, আল্লাহৰ কিতাব আৰু ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নতক খামোচি ধৰিবলৈ আৰু সেইমতে বিচাৰ-ফয়চালা কৰিবলৈ নিৰ্দেশনা দিয়া উচিত, যাতে প্ৰতিটো ক্ষেত্ৰতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুসৰণ কৰে। ইয়াৰ পাছত জোহৰ আৰু আচৰক একত্ৰিত কৰি জোহৰৰ সময়তে কচৰ আদায় কৰিব, এটা আজান দুই ইকামতৰ জৰিয়তে আদায় কৰিব। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এইদৰেই কৰিছিল বুলি ইমাম মুছলিমে জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৰ সূত্ৰত হাদীছ বৰ্ণনা কৰিছে।
ইয়াৰ পাছত হাজীসকলে আৰাফাতত অৱস্থান কৰিব। বাতনে উৰানা নামক স্থানটোৰ বাহিৰে গোটেই আৰাফা প্ৰান্তৰ হৈছে অৱস্থানৰ ঠাই। সাধ্য অনুযায়ী কিবলাৰ ফালে আৰু জাবালে ৰহমতৰ ফালে মুখ কৰি থিয় হোৱাটো মুস্তাহাব। যদি এইটো সম্ভৱ নহয় তথাপিও কোনো অসুবিধা নাই। আৰাফাতত অৱস্থানৰত সময়ত হাজীসকলে মহান আল্লাহক স্মৰণ কৰি বেছি বেছি জিকৰ-আজকাৰ পাঠ কৰিব লাগে আৰু অত্যন্ত বিনয়ীভাৱে তেওঁৰ ওচৰত দুআ কৰিব লাগে। দুআ কৰাৰ সময়ত দুয়ো হাত তুলি দুআ কৰিব লাগে। এইদৰে যদি কোনোবাই তালবিয়া পাঠ কৰে নাইবা কোৰআন তিলাৱত কৰে তেন্তে সেইটোও ভাল। এইদৰে "লা ইলা-হা ইল্লাল্লা-হু অহদাহু লা শ্বাৰীকা লাহু, লাহুল মুল্কু, অলাহুল হাম্দু, ইউহয়ী অয়ুমীতু, অহুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ।" এই দুআটো বেছি বেছি পাঠ কৰা ছুন্নত। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণিত আছে, তেখেতে কৈছে যে, সৰ্বোত্তম দুআ হৈছে আৰাফা দিৱসৰ দুআ। এইদৰে সৰ্বোত্তম কথা হৈছে সেইটো যিটো মই আৰু মোৰ পূৰ্বে অহা নবীসকলে পাঠ কৰিছেঃ “লা ইলা-হা ইল্লাল্লা-হু অহদাহু লা শ্বাৰীকা লাহু, লাহুল মুল্কু, অলাহুল হাম্দু, ইউহয়ী অয়ুমীতু, অহুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ।” [৫৪] অৰ্থঃ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। ৰাজত্ব তেওঁৰেই আৰু প্ৰশংসাও কেৱল তেওঁৰেই। তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু দিয়ে, আৰু তেওঁ সকলো ক্ষেত্ৰতে ক্ষমতাৱান। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা সঠিক সূত্ৰৰ দ্বাৰা প্ৰমাণিত যে, তেখেতে কৈছেঃ “আল্লাহৰ ওচৰত আটাইতকৈ প্রিয় বাক্য হৈছে চাৰিটা: سُبْحَانَ اللَّهِ (আল্লাহ মহা পৱিত্র), وَالْحَمْدُ لِلَّهِ (যাৱতীয় প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে) وَلاَ إِلَهَ إِلاَّ اللَّهُ (আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই) আৰু اللَّهُ أَكْبَرُ (আল্লাহ সৰ্বশ্রেষ্ঠ)।” [৫৫] [৫৪] (তিৰমিজীঃ ৩৫৮৫) [৫৫] (মুছলিমঃ ২১৩৭)
গতিকে একাগ্ৰতাৰ সৈতে বিনয়ীভাৱে এই দুআটো বেছি বেছি পাঠ কৰা উচিত, লগতে চৰীয়তসন্মত অন্যান্য দুআ আৰু জিকৰ-আজকাৰবোৰো প্ৰতিটো সময়তে বেছি বেছি পাঠ কৰা উচিত। বিশেষকৈ এই মহান দিৱসটোত আৰু এই মহান স্থানটোত। এইদৰে এই সময়ছোৱাত বেছি বেছি সেইসমূহ দুআ পাঠ কৰিব লাগে, যিবোৰ অধিক গুৰুত্বপূৰ্ণ। উদাহৰণস্বৰূপেঃ
* “ছুবাহা-নাল্লাহি অবিহামদিহি, ছুবহানাল্লাহিল আজীম।” “"...লা ইলাহা ইল্লা আন্তা ছুব্হা-নাকা ইন্নি কুংতু মিনাজ্জা-লিমীন।” অৰ্থঃ তোমাৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তুমি পৱিত্ৰ মহান, নিশ্চয় মই অন্যায় কৰিছিলোঁ৷ (ছুৰা আল-আম্বিয়াঃ ৮৭)
* “লা ইলা-হা ইল্লাল্লাহ, অলা না'বুদু ইল্লা ইয়্যাহ, লাহুন নি'মাহ, অলাহুল ফাজল, অলাহুচ্ছানা উল হাছান, লা ইলা-হা ইল্লাল্লা-হু মুখলিচীনা লাহুদ দ্বীন, অলাও কাৰিহাল কাফিৰূন।” অৰ্থঃ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। আমি একমাত্ৰ তেওঁৰেই ইবাদত কৰোঁ। নিয়ামত একমাত্ৰ তেওঁৰেই আৰু তেওঁৰেই অনুগ্ৰহ আৰু তেওঁৰ বাবেই নিৰ্দিষ্ট উত্তম প্ৰশংসা। আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। যাৱতীয় ইবাদত নিৰ্ভেজালভাৱে একমাত্ৰ তেওঁৰেই প্ৰাপ্য, যদিও কাফিৰসকলে অপছন্দ কৰে।
* “লা হাওলা অলা কুউৱাতা ইল্লা বিল্লাহ।” [৫৬] অৰ্থঃ আল্লাহৰ সহায় অবিহনে কোনো বস্তুৰ পৰা ৰক্ষা পোৱা টান আৰু কিবা কৰাৰো ক্ষমতা নাই। [৫৬] (মুছলিমঃ ৫৯৪, ইবনে যুবাইৰ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত হাদীছ।)
“হে আমাৰ প্ৰতিপালক! আমাক পৃথিৱীত কল্যাণ প্ৰদান কৰা আৰু আখিৰাততো কল্যাণ দিয়া আৰু আমাক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰা।” (ছুৰা আল-বাক্বাৰাহঃ ২০১)
* “আল্লাহুম্মা আচলিহ লী দ্বীনি আল্লাজী হুৱা ইচমাতু আমৰী। ওৱা আচলিহ লী দুনিয়ায়া আল্লাতী ফীহা মাআশ্বী। ওৱা আচলিহ লী আখিৰাতী আল্লাতী ফীহা মাআদী। অজআলিল হায়াতা ঝিয়াদাতান লী ফী কুল্লি খাইৰ। অজআলিল মাওতা ৰা-হাতান লী মিন কুল্লি শ্বাৰ্ৰ।”[৫৭] অৰ্থঃ হে আল্লাহ! তুমি মোৰ দ্বীনক সংশোধন কৰি দিয়া, এই দ্বীনেই হৈছে মোৰ নিৰাপত্তা; তুমি মোৰ দুনিয়া সংশোধন কৰি দিয়া, য'ত আছে মোৰ জীৱন-জীৱিকা, আৰু মোৰ পৰকালক সংশোধন কৰি দিয়া, য’ত মই উভতি যাব লাগিব। তুমি প্ৰতিটো কল্যাণৰ বাবে মোৰ আয়ু বঢ়াই দিয়া আৰু প্ৰতিটো পাপ বা অকল্যাণৰ পৰা ৰক্ষা কৰি তুমি মোৰ মৃত্যুক আনন্দদায়ক বনাই দিয়া। [৫৭] (মুছলিমঃ ২৭২০, আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত হাদীছ।)
* “আ’উজু বিকা মিন জাহদিল-বালা, অদাৰাকিশ্ব-শ্বাক্বা’, অছূ-ইল্-ক্বাজা’, অশ্বামাতাতিল আ’দা’।” [৫৮] অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ বিপদ-আপদৰ কঠোৰতাৰ পৰা, দুৰ্ভাগ্যত পতিত হোৱাৰ পৰা, ভাগ্যৰ অশুভ পৰিণতিৰ পৰা আৰু শত্ৰুৰ আনন্দ হোৱাৰ পৰা। [৫৮] বুখাৰীয়ে আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা (৬৩৪৭) নম্বৰত বৰ্ণনা কৰিছে।
* “আল্লা-হুম্মা ইন্নী আ'উজু বিকা মিনাল-হাম্মি অল-হাজানি, ৱা আ'উজু বিকা মিনাল-আজঝি অল-কাছালি, ৱা আ'উজু বিকা মিনাল-জুবনি অল-বুখলি, অমিনাল-মা'ছামি অল-মাগৰামি, ৱা আ'উজু বিকা মিন গালাবাতিদ-দাইনি অকাহৰিৰ-ৰিজা-ল।” [৫৯] অৰ্থঃ হে আল্লাহ! মই তোমাৰ আশ্ৰয় বিচাৰোঁ দুশ্চিন্তা আৰু দুখ-কষ্টৰ পৰা, লগতে আশ্ৰয় বিচাৰোঁ অক্ষমতা আৰু অলসতাৰ পৰা, এইদৰে আশ্ৰয় বিচাৰোঁ কাপুৰুষতা আৰু কৃপণতাৰ পৰা, লগতে পাপকৰ্ম আৰু ঋণৰ পৰা, আৰু মই তোমাৰ আশ্ৰয় বিচাৰোঁ ঋণৰ বোজাৰ পৰা আৰু মানুহৰ নিৰ্যাতনৰ পৰা। [৫৯] এই শব্দৰে আবু দাউদে আবু উমামা আল-আনছাৰীৰ পৰা (ومن المأثم والمغرم) কথাষাৰৰ বাহিৰে বৰ্ণনা কৰিছে। (আবু দাউদঃ ১৫৫৪)
* “আল্লা-হুম্মা ইন্নী আ‘উজু বিকা মিনাল বাৰাচি, অল জুনূনি, অল জুযা-মি, অমিন ছাই্যিয়িল আছক্বাম।” [৬০] অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ শ্বেত ৰোগৰ পৰা, উন্মাদনাৰ পৰা, কুষ্ঠ ৰোগৰ পৰা আৰু সকলো ধৰণৰ দুৰাৰোগ্য ব্যাধিৰ পৰা। [৬০] আনছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বর্ণিত, (আবু দাউদঃ ১৫৫৪)
* “আল্লা-হুম্মা ইন্নী আছআলুকাল আফৱা অল ‘আ-ফিয়াতা ফিদ্দুনিয়া অল আ-খিৰাহ।” অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত ক্ষমা আৰু ইহকাল আৰু পৰকাল উভয়ৰে শান্তি, নিৰাপত্তা আৰু সুস্থতা প্ৰাৰ্থনা কৰোঁ।
* “আল্লা-হুম্মা ইন্নি আছআলুকাল আফৱা অল আ-ফিয়া ফী দ্বীনি, অদুনিয়া-য়ী, ৱা আহলি, অ মা-লী।” অৰ্থঃ হে আল্লাহ! মই মোৰ দ্বীন, মোৰ দুনিয়া, মোৰ পৰিয়াল আৰু মোৰ সম্পদৰ বাবে তোমাৰ ওচৰত ক্ষমা বিচাৰোঁ আৰু নিৰাপদ কামনা কৰোঁ।
* “আল্লা-হুম্মাছ তুৰ আউৰা-তি, ৱা আ-মিন ৰাউআ-তি, আল্লা-হুম্মাহ ফাজনি মিন বাইনা য়াদায়্যা, অমিন খাল্ফি, ৱা আন য়ামীনি, অ আন শ্বিমা-লি, অমিন ফাউকি, অ আউজুবি আজমাতিকা আন উগতা-লা মিন তাহতি৷” [৬১] অৰ্থঃ হে আল্লাহ! মোৰ পৰ্দা কৰা অংগসমূহৰ ওপৰত পৰ্দা কৰি দিয়া। আৰু মোৰ ভয়-ভীতি দূৰ কৰি শান্তি বিৰাজ কৰা। হে আল্লাহ! মোৰ সন্মুখৰ পৰা, মোৰ পিছফালৰ পৰা, মোৰ সোঁফালৰ পৰা, মোৰ বাওঁফালৰ পৰা আৰু মোৰ ওপৰৰ পৰা মোক সুৰক্ষা প্ৰদান কৰা। আকস্মিক তলৰ পৰা ধ্বংস হোৱাৰ পৰাও মই তোমাৰ আশ্ৰয় বিচাৰোঁ। [৬১] ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, (আবু দাউদঃ ৫০৭৪)।
* “আল্লাহুম্মাগ ফিৰলী জিদ্দী, অহাঝলী, অখাত্বায়ী, ওৱা আমদী, অকুল্লু জালিকা ইনদী। আল্লাহুম্মাগ ফিৰলী মা ক্বাদ্দামতু অমা আখ্খাৰতু, অমা আছৰাৰতু অমা আ'লানতু, অমা আনতা আলামু বিহি মিন্নী, আনতাল মুক্বাদ্দিমু ওৱা আনতাল মুআখ্খিৰ, ওৱা আনতা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ।” [৬২] অৰ্থঃ হে আল্লাহ! গুৰুত্ব সহকাৰে কৰা, আৰু হাঁহি ধেমালি লগতে জানি বুজি কৰা মোৰ সকলো গুনাহ তুমি ক্ষমা কৰি দিয়া, এই সকলোবোৰ মই নিজৰ ফালৰ পৰা কৰিছোঁ। হে আল্লাহ! মোৰ পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী সকলো গুনাহ ক্ষমা কৰি দিয়া, লগতে প্ৰকাশ্য়ভাৱে কৰা গুনাহ আৰু অপ্ৰকাশ্যভাৱে কৰা গুনাহো ক্ষমা কৰি দিয়া, লগতে সেই যাৱতীয় ভুল-ত্ৰুটি ক্ষমা কৰি দিয়া, যিবোৰৰ বিষয়ে তুমি মোতকৈ অধিক অৱগত। তুমিয়ে অগ্ৰসৰকাৰী আৰু তুমিয়ে পিছুৱাই দিয়াৰ অধিকাৰী। তুমি সকলো ক্ষেত্ৰতে সৰ্বশক্তিমান। [৬২] (মুছলিমঃ ২৭১৯, আবু মুছা আল-আশ্বআৰী ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত হাদীছৰ এটা অংশ।)
* “আল্লা-হুম্মা ইন্নি আছআলুকাচ ছুবাতা ফিল আম্ৰি অল আঝীমাতা আলাৰ ৰুশ্বদি, ওৱা আছআলুকা শ্বুকৰা নি'মাতিক, অহুছনা ইবা-দাতিক, ওৱা আছআলুকা ক্বলবান ছালীমা, অলিছা-নান চা-দিক্বা, ওৱা আছআলুকা মিন খাইৰি মা তা'লাম। ওৱা আউজুবিকা মিন শ্বাৰ্ৰি মা তা'লাম। ওৱা আছতাগফিৰুকা লিমা তা'লাম। ইন্নাকা আল্লা-মুল গুয়ুব।” [৬৩] অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত (ধৰ্মৰ) কামত দৃঢ়তা আৰু সৎ পথত চলাৰ দৃঢ় সংকল্প বিচাৰোঁ। লগতে তোমাৰ ওচৰত তোমাৰ নিআমতৰ কৃতজ্ঞতা জ্ঞাপন কৰাৰ তাওফীক বিচাৰোঁ, আৰু উত্তমৰূপে তোমাৰ ইবাদত কৰাৰ তাওফীক বিচাৰোঁ। মই তোমাৰ ওচৰত এক সুস্থ অন্তৰ আৰু এক সত্যবাদী জিভা বিচাৰোঁ। মই তোমাৰ ওচৰত তুমি জনা সকলো কল্যাণ বিচাৰোঁ, তুমি জনা সকলো অনিষ্টৰ পৰা তোমাৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ, আৰু তুমি জনা মোৰ (পাপ)সমূহৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰোঁ। নিশ্চয় তুমি গায়েবৰ বিষয়ে সৰ্বজ্ঞানী। [৬৩] শ্বাদ্দাদ বিন আওছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, (তিৰমিজীঃ ৩৪০৭)
* “আল্লা-হুম্মা ৰাব্বান নাবিয়্যি মুহাম্মাদিন আলাইহিচ্ছালা-তু অচ্ছালা-ম, ইগফিৰ লী যাম্বী, ৱা আযহিব গইজা ক্বলবী, ৱা আজিৰনী মিন মুদ্বিল্লাতিল ফিতানি মা আহয়াইতানা।”[৬৪] অৰ্থঃ হে আল্লাহ! নবী মুহাম্মদ (তেওঁৰ ওপৰত ছালাত আৰু ছালাম বৰ্ষিত হওক)ৰ প্ৰতিপালক! তুমি মোৰ গুনাহ ক্ষমা কৰি দিয়া, মোৰ অন্তৰৰ ক্ৰোধ দূৰ কৰি দিয়া আৰু যিমান দিন তুমি আমাক জীৱিত ৰাখা, মোক বিভ্ৰান্তকাৰী ফিতনাৰ পৰা ৰক্ষা কৰা। [৬৪] (আহমদঃ ৬/৩০১, উম্মে ছালামা ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বৰ্ণিত হাদীছ।)
* “আল্লা-হুম্মা ৰাব্বাছ-ছামাৱা-তি, অৰাব্বাল্-আৰ্জ, অৰাব্বাল্-আৰ্শ্বিল্-আযীম, ৰাব্বানা অৰাব্বা কুল্লি শ্বাই, ফা-লিকাল্-হাব্বি অন্-নাৱা, অমুন্ঝিলাত্-তাওৰাতি অল্-ইঞ্জীলি অল্-ফুৰ্ক্বান, আ‘উজু বিকা মিন্ শ্বাৰ্ৰি কুল্লি শ্বাই আন্তা আ-খিযুম্ বিনা-চিয়াতিহ, আল্লা-হুম্মা আন্তাল-আওৱালু ফালাইছা ক্বাবলাকা শ্বাই’, ৱা আন্তাল্-আ-খিৰু ফালাইছা বা'দাকা শ্বাই’, ৱা আন্তাজ-যাহিৰু ফালাইছা ফাওক্বাকা শ্বাই’, ৱা আন্তাল্ বা-তিনু ফালাইছা দূ-নাকা শ্বাই’, ইক্বজি আন্নাদ্-দাইনা, ৱা আগনিনা মিনাল্-ফাক্ৰ।” [৬৫] অৰ্থঃ হে আল্লাহ! হে আকাশসমূহ আৰু পৃথিৱীৰ প্ৰতিপালক, মহা আৰছৰ ৰব্ব, আমাৰ ৰব্ব, তথা সকলো বস্তুৰেই ৰব্ব, শস্য-বীজ আৰু গুটি বিদীৰ্ণকাৰী, তাওৰাত, ইঞ্জীল আৰু ফুৰক্বান অৱতীৰ্ণকাৰী! মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ প্ৰত্যেক ক্ষতিকাৰকৰ ক্ষতিৰ পৰা, যাৰ কপালৰ অগ্ৰভাগ তুমিয়েই ধাৰণকাৰী। হে আল্লাহ! তুমিয়েই প্ৰথম, তোমাৰ পূৰ্বে একো নাই। তুমিয়েই অন্ত, তোমাৰ পিছত একো নাই। তুমিয়েই সৰ্বোচ্চ, তোমাৰ ওপৰত একো নাই। তুমিয়েই আটাইতকৈ ওচৰত, তোমাতকৈ ওচৰত আন কোনো নাই। তুমি মোৰ ঋণ পৰিশোধ কৰাৰ তাওফীক দিয়া, আৰু দৰিদ্ৰতা তথা অভাৱ-অনাটনৰ পৰা অভাৱমুক্ত কৰা। [৬৫] (মুছলিমঃ ২৭১৩, আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত হাদীছ।)
* “আল্লা-হুম্মা আ’ত্বি নাফ্ছী তাক্বৱা-হা, অঝাক্কিহা আন্তা খাইৰু মান ঝাক্কা-হা, আন্তা অলিয়্যুহা ৱা মাওলা-হা। আল্লা-হুম্মা ইন্নী আ’উজু বিকা মিনাল আ’জঝি অল কাছাল, ৱা আ’উজু বিকা মিনাল জুব্নি অল হাৰাম, অল বুখল, ৱা আ’উজু বিকা মিন আজা-বিল কাব্ৰ৷” [৬৬] অৰ্থঃ হে আল্লাহ! মোৰ অন্তৰত তাক্বৱা দান কৰা, আৰু ইয়াক পৰিশুদ্ধ কৰি দিয়া, কাৰণ তুমিয়ে সৰ্বোত্তম পৰিশুদ্ধকাৰী। তুমিয়েই ইয়াৰ অভিভাৱক আৰু ৰক্ষক। হে আল্লাহ! মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ অক্ষমতাৰ পৰা আৰু অলসতাৰ পৰা, আৰু মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ কাপুৰুষতাৰ পৰা, বৃদ্ধ অৱস্থাৰ পৰা আৰু কৃপণতাৰ পৰা, লগতে মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ কবৰৰ শাস্তিৰ পৰা৷ [৬৬] (মুছলিমঃ ২৭২২, যায়েদ ইবন আৰক্বম ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত হাদীছ।)
* “আল্লা-হুম্মা লাকা আছলামতু, অবিকা আ-মানতু, ওৱা আলাইকা তাৱাক্কালতু, অ ইলাইকা আনাবতু, অবিকা খা-চামতু, আউজু বিইঝ্ঝাতিকা আন তুজিল্লানী, লা ইলা-হা ইল্লা আন্তা, আন্তাল হাইয়্যুল লাজী লা য়ামূত, অলজিন্নু অল ইনছু য়ামূতূন৷” [৬৭] অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰতে আত্মসমৰ্পণ কৰিছোঁ। তোমাৰ ওপৰতে ঈমান আনিছোঁ আৰু তোমাৰ ওপৰতে ভৰসা কৰিছোঁ। তোমাৰ ওচৰলৈকেই মই উভতি আহিছোঁ। মই তোমাৰ বাবেই শত্ৰুৰ সৈতে মোকাবিলা কৰিছোঁ। মই তোমাৰ সন্মানৰ অছিলাৰে তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ। হিদায়তৰ পৰা আৰু তোমাৰ সন্তুষ্টি লাভৰ তাওফীকৰ পৰা তুমি মোক পথভ্ৰষ্ট নকৰিবা। তোমাৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তুমিয়ে চিৰঞ্জীৱ, যাৰ কোনো মৃত্যু নাই। পক্ষান্তৰে জিন আৰু মানৱ সকলোৱে মৃত্যুবৰণ কৰিব। [৬৭] (মুছলিমঃ ২৭১৭, ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ দ্বাৰা বৰ্ণিত হাদীছ।)
* “আল্লা-হুম্মা ইন্নী আ’উজু বিকা মিন ইল্মিল্লা য়ান্ফা’, অমিন ক্বালবিল্লা য়াখ্শ্বা’, অমিন নাফ্ছিল্লা তাশ্ববা’, অমিন দা’ৱা-তিল্লা ইউস্তাজাবু লাহা।”[৬৮] অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত আশ্ৰয় বিচাৰোঁ এনেকুৱা জ্ঞানৰ পৰা, যিটো কোনো উপকাৰ নকৰে, আৰু এনেকুৱা অন্তৰৰ পৰা যিটো তোমাৰ ভয়ত কম্পিত নহয়, এনেকুৱা নফছৰ পৰা যিটো কেতিয়াও তৃপ্ত নহয়, আৰু এনেকুৱা দুআৰ পৰা যিটো কবূল কৰা নহয়। [৬৮] এইটো যায়েদ বিন আৰকাম ৰাদ্বিয়াল্লাহু আনহুৰ হাদীছৰ এটা অংশ, যিটো পূৰ্বেই উল্লেখ কৰা হৈছে (হাদীছ নং ২৭২২)।
* “আল্লা-হুম্মা জান্নিব্নী মুনকাৰা-তিল আখ্লা-ক্ব, অল আ‘মা-ল, অল আহ্ৱা, অল আদ্ৱা।” [৬৯] অর্থ: হে আল্লাহ! মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ নিন্দনীয় চৰিত্ৰৰ পৰা, বেয়া কৰ্ম আৰু প্ৰবৃত্তিৰ বেয়া কামনা-বাসনাৰ পৰা আৰু বেয়া বেমাৰ-আজাৰৰ পৰা। [৬৯] তিৰমিজীয়ে জিয়াদ বিন ইলাকাহৰ পৰা, তেওঁ তেওঁৰ খুড়াকৰ পৰা বৰ্ণনা কৰিছে (হাদীছ নং ৩৫৯১)।
* “আল্লা-হুম্মা আলহিম্নী ৰুশ্বদী, ৱা আ'য়িজনী মিন শ্বাৰ্ৰি নাফ্ছী।”[৭০] অৰ্থঃ হে আল্লাহ! মোক সঠিক পথৰ প্ৰেৰণা দিয়া, আৰু মোক মোৰ নিজৰ অন্তৰৰ কুমন্ত্ৰণাৰ পৰা ৰক্ষা কৰা। [৭০] তিৰমিজীয়ে ইমৰান বিন হুছাইন ৰাদ্বিয়াল্লাহু আনহুৰ হাদীছৰ পৰা (3483) নম্বৰত বৰ্ণনা কৰিছে।
* “আল্লা-হুম্মাকফিনী বিহালা-লিকা আন হাৰা-মিক, ওৱা আগনিনী বিফাজলিকা আম্মান ছিৱা-ক।”[৭১] অৰ্থঃ হে আল্লাহ! হাৰাম জীৱিকাৰ পৰা তোমাৰ হালাল জীৱিকা মোৰ বাবে যথেষ্ট কৰি দিয়া। লগতে তোমাৰ বাহিৰে সকলো লোকৰ পৰা মোক অমুখাপেক্ষী কৰি দিয়া। [৭১] তিৰমিজীয়ে আলী ৰাদ্বিয়াল্লাহু আনহুৰ হাদীছৰ পৰা (৩৫৬৩) নম্বৰত বৰ্ণনা কৰিছে।
* “আল্লা-হুম্মা ইন্নী আছ্আলুকাল হুদা, অত্-তুক্বা, অল আফা-ফা, অল গিনা৷” [৭২] অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত হিদায়ত প্ৰাৰ্থনা কৰোঁ, তাক্বৱা বিচাৰোঁ, চাৰিত্ৰিক পৱিত্ৰতা আৰু সচ্ছলতাৰ বাবে প্ৰাৰ্থনা জনাওঁ। [৭২] (মুছলিমঃ ২৭২১, আব্দুল্লাহ ইবন মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত হাদীছ।)
* “আল্লা-হুম্মা ইন্নী আছ্আলুকাল হুদা অচ্ছাদা-দ।”[৭৩] অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত হিদায়ত আৰু সঠিক পথত পৰিচালনা বিচাৰোঁ। [৭৩] (মুছলিমঃ ২৭২৫, আলী ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত হাদীছ।)
* “লা ইলা-হা ইল্লাল্লা-হু অহদাহু লা শ্বাৰীকা লাহু, লাহুল মুল্কু, অলাহুল হাম্দু, ইউহয়ী অয়ুমীতু, বিয়াদিহিল খাইৰু, অহুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ। ছুবহানাল্লাহ, আল-হামদু লিল্লাহ, অলা লা-ইলাহা ইল্লাল্লাহ, অল্লাহু আকবাৰ। অলা হাউলা অলা কুউৱাতা ইল্লা বিল্লাহিল আলিয়্যিল আজীম।” [৭৫] অৰ্থঃ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। ৰাজত্ব তেওঁৰেই আৰু প্ৰশংসাও কেৱল তেওঁৰেই। তেৱেঁই জীৱন দিয়ে আৰু তেৱেঁই মৃত্যু দিয়ে, সকলো কল্যাণ তেওঁৰ হাততেই, আৰু তেওঁ সকলো ক্ষেত্ৰতে ক্ষমতাৱান। আল্লাহ মহাপৱিত্ৰ, আৰু সকলো প্ৰশংসা কেৱল আল্লাহৰেই, আৰু আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, আৰু আল্লাহেই মহান। আৰু সুউচ্চ, সুমহান আল্লাহৰ বাহিৰে আন কাৰো শক্তি নাই তথা ক্ষমতাও নাই। [৭৫] বুখাৰীয়ে বৰ্ণনা কৰিছে, উবাদাহ বিন চামিত ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, হাদীছ নং (১১৫৪)।
* “আল্লা-হম্মা চল্লি আলা মুহাম্মদ, ৱা আলা আ-লি মুহাম্মদ, কামা চাল্লাইতা আলা ইব্ৰাহীম, ৱা আলা আ-লি ইব্ৰাহীম, ইন্নাকা হামীদুম মাজীদ। অবা-ৰিক আলা মুহাম্মদ, ৱা আলা আ-লি মুহাম্মদ, কামা বা-ৰাকতা আলা ইব্ৰাহীম, ৱা আলা আ-লি ইব্ৰাহীম, ইন্নাকা হামীদুম মাজীদ।” [৭৬] অৰ্থঃ হে আল্লাহ! মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেওঁৰ বংশধৰসকলৰ ওপৰত ৰহমত অৱতীৰ্ণ কৰা, যেনেকৈ ৰহমত অৱতীৰ্ণ কৰিছিলা ইব্ৰাহীম আলাইহিচ্ছালাম আৰু তেওঁৰ বংশধৰসকলৰ ওপৰত। নিশ্চয় তুমি প্ৰশংসনীয় আৰু সন্মানীয়। আৰু বৰকত অৱতীৰ্ণ কৰা মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেওঁৰ বংশধৰসকলৰ ওপৰত, যেনেকৈ বৰকত অৱতীৰ্ণ কৰিছিলা ইব্ৰাহীম আলাইহিচ্ছালাম আৰু তেওঁৰ বংশধৰসকলৰ ওপৰত। নিশ্চয় তুমি প্ৰশংসনীয় আৰু সন্মানীয়। [৭৬] বুখাৰীয়ে কা'ব বিন উজৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ হাদীছৰ পৰা বৰ্ণনা কৰিছে, নম্বৰ (৩৩৭০)।
“হে আমাৰ প্ৰতিপালক! আমাক পৃথিৱীত কল্যাণ প্ৰদান কৰা আৰু আখিৰাততো কল্যাণ দিয়া আৰু আমাক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰা।” (ছুৰা আল-বাক্বাৰাহঃ ২০১)
এই মহা মৰ্যাদাৱান স্থানত অৱস্থান কৰা সময়ত হাজীসকলে উক্ত দুআ আৰু আজকাৰসমূহ বেছি বেছি পাঠ কৰা মুস্তাহাব। ইয়াৰ উপৰিও এনেকুৱা অৰ্থৰ দুআ আৰু আজকাৰসমূহ লগতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি দৰূদ পাঠ কৰা উচিত। এইদৰে দুআ কৰাৰ সময়ত বিনয়ীভাৱে আৰু কাকূতি-মিনতিৰ সুৰত দুআ কৰিব লাগে, লগতে দুনিয়া আৰু আখিৰাতৰ কল্যাণ প্ৰাৰ্থনা কৰিব লাগে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া দুআ কৰিছিল, তেতিয়া প্ৰতিটো দুআ তিনিবাৰকৈ পুনৰাবৃত্তি কৰিছিল। গতিকে তেখেতৰ এই ছুন্নত মুতাবিক আমল কৰা উচিত।
ইয়াত অৱস্থান কৰা সময়ছোৱাত মুছলিম ব্যক্তিৰ উচিত হৈছে, আল্লাহৰ সন্মুখত বিনয়ী হোৱা, নম্ৰতা অৱলম্বন কৰা, তেওঁৰ সন্মুখত আত্মসমৰ্পন কৰা, ভীত-সন্ত্ৰস্ত হৈ তেওঁৰ কৰুণা তথা ক্ষমা আশা কৰা, লগতে তেওঁৰ শাস্তি আৰু অসন্তুষ্টিক ভয় কৰা, আত্মপৰ্যালোচনা কৰা, নতুনকৈ তাওবাই নাছুহা কৰা। কিয়নো এইটো হৈছে মহা মৰ্যাদাৱান দিৱস আৰু বিশাল সমাবেশ, য'ত মহান আল্লাহে তেওঁৰ বান্দাসকলৰ প্ৰতি বিশেষ অনুগ্ৰহ কৰে, ফিৰিস্তাসকলৰ সন্মুখত তেওঁলোককলৈ গৌৰৱ কৰে, আৰু বহু সংখ্যক মানুহক জাহান্নামৰ পৰা মুক্তি দিয়ে। এই দিৱসটোত চয়তানক অত্যন্ত অপদস্থ, লাঞ্ছিত আৰু দুৰ্বল পৰিলক্ষিত হয়, কিন্তু কেৱল বদৰৰ দিৱসত ইয়াতকৈও অধিক অপমানিত আৰু অপদস্থ হৈছিল। কাৰণ সি বান্দাসকলৰ প্ৰতি আল্লাহৰ সীমাহীন অনুগ্ৰহ আৰু দয়াৰ লগতে প্ৰচুৰ মুক্তিৰ ঘোষণা দেখা পাই হতাশ হৈ পৰে।
ছহীহ মুছলিমত আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত আছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “আৰাফা দিৱসৰ তুলনাত এনেকুৱা কোনো দিন নাই, যিদিনা মহান আল্লাহে সৰ্বাধিক লোকক জাহান্নামৰ পৰা মুক্ত কৰে। এই দিৱসটোত মহান আল্লাহে বান্দাসকলৰ নিকটৱৰ্তী হয় আৰু ইয়াৰ পাছত ফিৰিস্তাসকলৰ সন্মুখত গৌৰৱ কৰি কয়ঃ এওঁলোকে কি বিচাৰে?” [৭৭] [৭৭] (মুছলিমঃ ১৩৪৮, আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বৰ্ণিত হাদীছ।)
এতেকে মুছলিমসকলে মহান আল্লাহৰ সন্মুখত নিজকে কল্যাণ কৰ্মত নিয়োজিত কৰি উপস্থাপন কৰা উচিত, লগতে তেওঁলোকৰ শত্ৰু চয়তানক অপমানিত কৰা উচিত আৰু বেছি বেছি জিকৰ-আজকাৰ আৰু দুআ কৰি তথা সকলো প্ৰকাৰ ভুল-ত্ৰুটি আৰু গুনাহৰ পৰা ইস্তিগফাৰ কৰি লগতে সদায় তাওবাক আঁকোৱালি ৰাখি চয়তানক দুঃখিত কৰা উচিত। সূৰ্য্য অস্ত নোযোৱালৈকে হাজীসকলে জিকৰ-আজকাৰ তথা বিনয়ীভাৱে দুআ কৰাত ব্যস্ত থাকিব লাগে। সূৰ্য্য অস্ত যোৱাৰ পাছত তেওঁলোকে ধীৰ-স্থিৰতাৰ সৈতে মুজদালিফাৰ ফালে ৰাওনা হ'ব আৰু এই সময়ছোৱাত বেছি বেছি তালবিয়া পাঠ কৰিব, লগতে প্ৰশস্ত স্থানত অকণমান খৰকৈ খোজ দিব, কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এনেকৈয়ে কৰিছিল। সূৰ্য্য অস্ত যোৱাৰ আগত আৰাফা ত্যাগ কৰা বৈধ নহয়, কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সূৰ্যাস্ত পৰ্যন্ত অৱস্থান কৰিছিল। তেখেতে কৈছেঃ “তোমালোকে মোৰ পৰা হজ্জৰ নিয়ম-নীতি শিকি লোৱা।” [৭৮] [৭৮] ইয়াৰ উৎস পূৰ্বোল্লিখিত।
ইয়াৰ পাছত মুজদালিফাত উপস্থিত হৈ মাগৰিব আৰু ঈশ্বা জমা কৰিব, এটা আজান আৰু দুই ইক্বামতৰ জৰিয়তে মাগৰিবৰ তিনি ৰাকাত আৰু ঈশ্বা দুই ৰাকাত আদায় কৰিব। এইদৰেই নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৰিছিল। তেওঁলোকে মাগৰিবৰ সময় থকা অৱস্থাতে তাত গৈ উপস্থিত হওক বা ঈশ্বাৰ সময়ত, উভয় অৱস্থাতে এইদৰে আদায় কৰিব।
বহুতো সাধাৰণ লোকক দেখিবলৈ পোৱা যায় যে, তেওঁলোকে মুজদালিফাত উপস্থিত হোৱাৰ পাছতেই নামাজ আদায় কৰাৰ আগতেই জামাৰাৰ বাবে শিলগুটি সংগ্ৰহ কৰিবলৈ ধৰে, আৰু সিহঁতৰ বেছিভাগেই ইয়াক চৰীয়তসন্মত বুলি গণ্য কৰে, অথচ এইটো এটা ভুল ধাৰণা, যাৰ কোনো ভিত্তি নাই। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মুজদালিফাৰ পৰা মিনালৈ যোৱাৰ পিছতহে শিলগুটি সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিছে, ইয়াৰ আগত নহয়। যদিও যিকোনো ঠাইৰ পৰাই শিলগুটি সংগ্ৰহ কৰিলেই যথেষ্ট হ'ব, কেৱল মুজদালিফাৰ পৰাই যে সংগ্ৰহ কৰিব লাগিব এনেকুৱা কোনো বাধ্যবাধকতা নাই। বৰং মিনাৰ পৰাও শিলগুটি সংগ্ৰহ কৰিব পাৰে। ছুন্নত হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুসৰণ কৰি ১০ জুলহিজ্জাৰ দিনা জামাৰাতুল আক্বাবাত নিক্ষেপ কৰিবলৈ সাতটা শিলগুটি সংগ্ৰহ কৰা। পৰৱৰ্তী তিনি দিনিত ২১টাকৈ শিলগুটি সংগ্ৰহ কৰি তিনিওটা জামাৰাত নিক্ষেপ কৰিব।
শিলগুটিবোৰ ধোৱাৰ প্ৰয়োজন নাই, বৰং নোধোৱাকৈয়ে নিক্ষেপ কৰিব লাগে। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু চাহাবাসকলে শিলগুটি ধুইছে বুলি কোনো প্ৰমাণ নাই। এইদৰে নিক্ষেপ কৰা শিলগুটি পুনৰ ব্যৱহাৰ কৰাও উচিত নহয়।
এই ৰাতিটো হাজীসকলে মুজদালিফাতেই অতিবাহিত কৰিব। আনহাতে নাৰী, শিশু আৰু দুৰ্বল লোকসকলৰ বাবে ৰাতিৰ শেষ ভাগত মুজদালিফাৰ পৰা প্ৰস্থান কৰা বৈধ। কাৰণ এইটো আঈশ্বা আৰু উম্মে ছালামা ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত হাদীছৰ দ্বাৰা প্ৰমাণিত। অন্যান্য হাজীসকলে গোটেই ৰাতি তাত অতিবাহিত কৰিব আৰু ফজৰৰ চালাত আদায় কৰি মাশ্বআৰুল হাৰামৰ ওচৰত গৈ কিবলামুখী হৈ থিয় হ'ব আৰু বেছি বেছি জিকৰ-আজকাৰ তথা তাকবীৰ পাঠ কৰিব আৰু দুআ কৰিব, পুৱাৰ কিৰণ স্পষ্ট নোহোৱালৈকে। এই সময়ছোৱাত দুআ কৰাৰ সময়ত হাত তুলি দুআ কৰা মুস্তাহাব। মুজদালিফাৰ যিকোনো ঠাইত থিয় হ'লেই যথেষ্ট হ'ব। মাশ্বআৰুল হাৰামৰ নিকটৱৰ্তী হোৱা বা তাৰ ওপৰত উঠা অনিবাৰ্য্য নহয়। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “মই ইয়াত অৱস্থান কৰিছোঁ - অৰ্থাৎ মাশ্বআৰুল হাৰামত - আৰু ইয়াৰ গোটেই প্ৰান্তৰ হৈছে অৱস্থান কৰিব পৰা ঠাই।” [৭৯] হাদীছটোক মুছলিমে বৰ্ণনা কৰিছে, আৰু 'جَمْعٌ' বুলি মুজদালিফাক বুজোৱা হৈছে। [৭৯] মুছলিমে বৰ্ণনা কৰিছে জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৰ হাদীছৰ পৰা (১২১৮)।
সূৰ্য্য উদয় হোৱাৰ আগতে তথা পুৱাৰ কিৰণ স্পষ্ট হোৱাৰ লগে লগে মিনালৈ ৰাওনা হ'ব, আৰু যোৱাৰ সময়ত বেছি বেছি তালবিয়া পাঠ কৰিব। মুহাচ্ছিৰ অঞ্চলত উপস্থিত হৈ অকণমান খৰকৈ খোজকাঢ়ি যোৱা মুস্তাহাব।
হাজীসকলে মিনাত উপস্থিত হৈ জামাৰাতুল আক্বাবাত তালবিয়া পাঠ বন্ধ কৰিব। ইয়াৰ পাছত তেওঁলোকে জামাৰাতুল আক্বাবাত উপস্থিত হৈ ধাৰাবাহিকভাৱে সাতটা শিলগুটি নিক্ষেপ কৰিব। প্ৰতিটো শিলগুটি নিক্ষেপৰ সময়ত হাত উঠাই নিক্ষেপ কৰিব আৰু তাকবীৰ দিব। বাতনে ওৱাদিৰ পৰা শিলগুটি নিক্ষেপ কৰা মুস্তাহাব, যাতে মিনা সোঁফালে থাকে আৰু কাবা বাওঁফালে। এইদৰেই নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৰিছিল। যদি কোনোবাই বেলেগ দিশৰ পৰা নিক্ষেপ কৰে আৰু সেইটো নিৰ্দিষ্ট স্থানত গৈ পৰে তেন্তে সেইটোও যথেষ্ট বুলি গণ্য হ'ব। লক্ষ্যস্থানত শিলগুটি পোৱাটোৱে যথেষ্ট, তাত স্থায়ীভাৱে থাকিব লাগিব বুলি কোনো চৰ্ত নাই। যদি শিলগুটি নিৰ্দিষ্ট স্থানত পৰাৰ পাছত উভতি আহে, তথাপিও সেইটো যথেষ্ট হিচাপে গণ্য হ'ব, বিশেষজ্ঞ উলামাসকলৰ এইটোৱে স্পষ্ট মত, তাৰে অন্যতম হৈছে ইমাম নাৱাৱী ৰাহিমাহুল্লাহ, তেওঁ শ্বাৰহুল মুহাজ্জাবত এই কথা স্পষ্ট কৰিছে। জামাৰাতত নিক্ষেপ কৰিবলগীয়া শিলগুটিৰ আকাৰ হ'ব লাগে খাজাফ আকাৰৰ শিলগুটি। অৰ্থাৎ বুটমাহতকৈ অকণমান ডাঙৰ।
শিলগুটি নিক্ষেপ কৰাৰ পাছত কুৰবানীৰ বাবে লৈ যোৱা জন্তু জবেহ কৰিব। জবেহ কৰাৰ সময়ত এই দুআ পাঠ কৰা মুস্তাহাবঃ بِسْمِ اللهِ وَاللهُ أَكْبَرُ، اللَّهُمَّ هَذَا مِنْكَ وَلَكَ (বিছমিল্লাহি আল্লাহু আকবাৰ, আল্লাহুম্মা হা-জা মিনকা অলাকা।) কুৰবানীৰ পশুক কিবলাৰ ফালে মুখ কৰি ৰাখিব। উট কুৰবানী কৰাৰ ছুন্নত পদ্ধতি হৈছেঃ থিয় কৰাই ৰাখি বাওঁ ভৰিৰ আঠু ভাঁজ কৰি বান্ধি নহৰ কৰা (ডিঙিৰ তলৰ অংশত ছুৰি সোমোৱাই দিয়া)। আনহাতে গৰু ছাগলী ভেড়া আদি জবেহ কৰাৰ ছুন্নত পদ্ধতি হৈছে, বাওঁ কাতিত শুৱাই জবেহ কৰা। যদি কোনোবাই কিবলামুখী নকৰাকৈ জবেহ কৰে, তথাপিও সেইটো সঠিক হ'ব কিন্তু ছুন্নত পৰিত্যাগ কৰা বুজাব। কাৰণ জবেহ কৰাৰ সময়ত কিবলামুখী কৰাটো হৈছে ছুন্নত, ওৱাজিব নহয়। কুৰবানীৰ মাংস নিজেও খাব, উপহাৰ হিচাপে বেলেগক দিব আৰু দুখীয়া দৰিদ্ৰৰ মাজত বণ্টন কৰিব। কাৰণ মহান আল্লাহে কৈছেঃ “এতেকে (সেই কুৰাবনীৰ পৰা) তোমালোকে নিজে খোৱা আৰু দুখীয়া-নিচলা, অভাৱগ্ৰস্তক আহাৰ কৰোৱা।” (ছুৰা আল-হাজ্জঃ ২৮) বিশেষজ্ঞ উলামাসকলৰ বিশুদ্ধ মত অনুযায়ী কুৰবানীৰ সময়সীমা হৈছে জুলহিজ্জা মাহৰ ১০ তাৰিখ (য়াউমুন নাহৰ)ৰ পৰা আৰম্ভ কৰি আয়্যামে তাশ্বৰীকৰ তৃতীয় দিন (১৩ তাৰিখ)ৰ সূৰ্য্যাস্ত পৰ্যন্ত। এতেকে ঈদৰ দিনা আৰু ইয়াৰ পাছত তিনিদিন পৰ্যন্ত কুৰবানী কৰিব পাৰিব।
কুৰবানীৰ জন্তু জবেহ কৰাৰ পাছত হাজীসকলে মূৰ খুৰাই ল'ব নাইবা চুলি চুটি কৰি ল'ব। মূৰ খুৰাই লোৱাটো উত্তম। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মূৰ খুৰাই লোৱা ব্যক্তিৰ বাবে তিনিবাৰকৈ ৰহমতৰ আৰু মাগফিৰাতৰ দুআ কৰিছে। আনহাতে চুলি চুটি কৰি লোৱা ব্যক্তিৰ হকে কেৱল এবাৰহে দুআ কৰিছে। কিন্তু মূৰৰ কিছু অংশৰ চুলি চুটি কৰিলে সেইটো যথেষ্ট নহ'ব, বৰং সম্পূৰ্ণ মূৰৰ চুলি চুটি কৰাটো বাধ্যতামূলক। আনহাতে নাৰীসকলে প্ৰতিটো বেণীৰ পৰা অধিকতম এক আঙুলি পৰিমাণ বা তাতকৈ কম পৰিমাণ চুলি কাটি পেলাব।
জামাৰাতত শিলগুটি নিক্ষেপ আৰু মূৰ খুৰোৱা বা চুলি চুটি কৰাৰ পাছত মুহৰিম ব্যক্তিৰ বাবে প্ৰত্যেক সেই বস্তু হালাল হৈ পৰিব যিটো এহৰামৰ বাবে নিষিদ্ধ আছিল, কেৱল স্ত্ৰী সহবাসৰ বাহিৰে। ইয়াক প্ৰথম হালাল বুলি কোৱা হয়। এই হালালৰ পাছত ছুন্নত হৈছে সুগন্ধি ব্যৱহাৰ কৰা আৰু তাৱাফে ইফাজা কৰিবলৈ মক্কাৰ ফালে ৰাওনা হোৱা। কাৰণ আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত আছে যে, তেওঁ কৈছেঃ “মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক তেখেতৰ এহৰামৰ বাবে এহৰামত প্ৰৱেশৰ আগতেই সুগন্ধি লগাই দিছিলোঁ, এইদৰে হালাল হোৱাৰ সময়ত বাইতুল্লাহ তাৱাফৰ পূৰ্বেও অনুৰূপ কৰিছিলোঁ।” [৮০] (বুখাৰী আৰু মুছলিম) [৮০] (বুখাৰীঃ ১৫৩৯, আৰু মুছলিমঃ ১১৮৯)
এই তাৱাফক তাৱাফে ইফাজা বা তাৱাফে ঝিয়াৰাহ বোলে। এইটো হৈছে হজ্জৰ অন্যতম এটা ৰুকন, এইটো নকৰিলে হজ্জ নহয়। এই বিষয়ে সৰ্বশক্তিমান আল্লাহে কৈছেঃ “তাৰ পিছত তেওঁলোকে যেন অপৰিচ্ছন্নতা দূৰ কৰে আৰু তেওঁলোকৰ মানত পূৰ্ণ কৰে, লগতে প্ৰাচীন (কা’বা) ঘৰৰ তাৱাফ কৰে।” (ছুৰা আল-হাজ্জঃ ২৯)
তাৱাফে ইফাজা সম্পন্ন কৰাৰ পাছত মাক্বামে ইব্ৰাহীমৰ পিছফালে দুই ৰাকাত নামাজ আদায় কৰিব লাগিব। ইয়াৰ পাছত তামাত্তু হজ্জকাৰীয়ে চাফা মাৰৱাৰ ছায়ী কৰিব। এইটো হৈছে হজ্জৰ ছায়ী। প্ৰথম ছায়ী আছিল ওমৰাৰ ছায়ী।
উলামাসকলৰ বিশুদ্ধ মত এইটোৱে যে, তামাত্তু হজ্জকাৰীৰ ক্ষেত্ৰত এটা ছায়ী যথেষ্ট নহয়। কাৰণ আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই হাদীছ বৰ্ণনা কৰি কৈছেঃ "আমি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে ওলালোঁ।" সম্পূৰ্ণ হাদীছ বৰ্ণনা কৰিছে, তাৰ এটা অংশত আছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “যাৰ লগত কুৰবানীৰ জন্তু আছে, সি যেন হজ্জৰ সৈতে ওমৰাৰ এহৰাম কৰে, আৰু উভয়ৰ পালনীয় কৰ্মখিনি সম্পন্ন নকৰাকৈ এহৰামৰ পৰা যেন হালাল নহয়।...” অৱশেষত কৈছেঃ “যিসকলে ওমৰাৰ বাবে এহৰাম কৰিছিল, তেওঁলোকে কা'বা ঘৰ তাৱাফ কৰিলে আৰু চাফা মাৰৱাৰ ছায়ী কৰিলে, তাৰ পাছত হালাল হ'ল। ইয়াৰ পাছত মিনাৰ পৰা উভতি আহি তেওঁলোকে হজ্জৰ বাবে আন এটা তাৱাফ কৰিলে।” [৮১] (বুখাৰী আৰু মুছলিম) [৮১] (বুখাৰীঃ ১৫৫৬, আৰু মুছলিমঃ ১২১১)
যিসকলে ওমৰাৰ বাবে এহৰাম বান্ধিছিল, তেওঁলোকৰ বিষয়ে আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই কোৱা এই কথাষাৰ যে, "ইয়াৰ পাছত মিনাৰ পৰা উভতি আহি তেওঁলোকে হজ্জৰ বাবে আন এটা তাৱাফ কৰিলে।" এই হাদীছৰ ব্যাখ্যাত উলামাসকলৰ সঠিক মত এইটোৱে যে, তেওঁ ইয়াৰ দ্বাৰা চাফা মাৰৱাৰ ছায়ীক বুজাইছে। আনহাতে যিসকলে কৈছে যে, তেওঁ ইয়াৰ দ্বাৰা তাৱাফে ইফাজাক বুজাইছে, সেইটো ঠিক নহয়। কাৰণ তাৱাফে ইফাজা হৈছে হজ্জৰ ৰুকন, এইটো প্ৰত্যেক হাজীৰ ওপৰতে অনিবাৰ্য্য, যিটো সকলোৱে পালন কৰিছে। বৰং ইয়াত বুজোৱা হৈছে কেৱল তামাত্তু হজ্জকাৰীৰ ওপৰত যিটো প্ৰযোজ্য, অৰ্থাৎ মিনাৰ পৰা উভতি আহি চাফা আৰু মাৰৱাৰ মাজত ছায়ী কৰা, যাতে হজ্জ সম্পূৰ্ণ হয়। আলহাম্দুলিল্লাহ এইটো স্পষ্ট। অধিকাংশ উলামাসকলেই এই মত পোষণ কৰিছে।
ছহীহ বুখাৰীত বৰ্ণিত এটা মুআল্লাক্ব হাদীছেও উক্ত বিষয়টোক শক্তিশালী কৰে। হাদীছটোত আছে যে, ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাক হজ্জে তামাত্তু সম্পৰ্কে প্ৰশ্ন কৰাত তেওঁ কৈছেঃ “বিদায়ী হজ্জৰ সময়ত আনচাৰ, মুহাজিৰীন আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰীসকলে এহৰাম বান্ধিলে আৰু আমিও এহৰাম বান্ধিলোঁ। আমি মক্কাত আহি উপস্থিত হোৱাৰ পাছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তোমালোকে হজ্জৰ এহৰামক ওমৰাহলৈ পৰিবৰ্তন কৰি লোৱা, কিন্তু যিসকলে কুৰবানীৰ পশু লগত আনিছে তেওঁলোকে নহয়। ইয়াৰ পাছত আমি বাইতুল্লাহৰ তাৱাফ কৰিলোঁ আৰু চাফা মাৰৱাৰ ছায়ী কৰিলোঁ। ইয়াৰ পাছত আমি সাধাৰণ কাপোৰ পৰিধান কৰি স্ত্ৰীৰ সৈতে অৱস্থান কৰিলোঁ। তেখেতে (চাল্লাল্লাহু আলাইহি অছাল্লামে) ক'লেঃ যিসকলে কুৰবানীৰ পশু আনিছে তেওঁলোকে কুৰবানী নকৰা পৰ্যন্ত হালাল হ'ব নোৱাৰিব। ইয়াৰ পাছত তেখেতে আমাক জুলহিজ্জা মাহৰ ৮ তাৰিখে দুপৰীয়াৰ পাছত হজ্জৰ এহৰাম কৰিবলৈ নিৰ্দেশ দিলে। ইয়াৰ পাছত হজ্জৰ যাৱতীয় কৰ্ম সম্পাদন কৰি আমি বাইতুল্লাহৰ তাৱাফ কৰিলোঁ আৰু চাফা মাৰৱাৰ ছায়ী কৰিলোঁ।” [৮২] তাৰ পৰা ক'বলগীয়াখিনি সমাপ্ত হ'ল, ইয়াৰ দ্বাৰা স্পষ্ট হয় যে, তামাত্তু হজ্জকাৰীয়ে দুবাৰকৈ ছায়ী কৰিব লাগিব। আল্লাহেই সৰ্বজ্ঞ। [৮২] (বুখাৰীঃ হাদীছ নং ১৫৭২)
আনহাতে মুছলিমে জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা যিটো বৰ্ণনা কৰিছেঃ “নবী চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেওঁৰ চাহাবাসকলে চাফা মাৰৱাত কেৱল এবাৰেই ছায়ী কৰিছে।” [৮৩] ইয়াৰ দ্বাৰা সেইসকলক বুজোৱা হৈছে যিসকলে নিজৰ লগত কুৰবানীৰ পশু আনিছিল। কাৰণ তেওঁলোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে এহৰাম অৱস্থাতেই আছিল। অৱশেষত তেওঁলোকে ওমৰাহ আৰু হজ্জৰ যাৱতীয় কৰণীয়ৰ পৰা একেলগে হালাল হৈছিল। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ওমৰাহ আৰু হজ্জৰ একেলগে এহৰাম কৰিছিল আৰু যিসকলে কুৰবানীৰ পশু লগত আনিছিল তেওঁলোককো নিৰ্দেশ দিছিল যে, তেওঁলোকে যেন ওমৰাহ আৰু হজ্জ সম্পন্ন নকৰালৈকে হালাল নহয়। গতিকে হজ্জে ক্বিৰান আদায় কৰা ব্যক্তিৰ বাবে কেৱল এবাৰেই ছায়ী। ইয়াৰ প্ৰমাণ হৈছে জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৰ উক্ত হাদীছ আৰু অন্যান্য ছহীহ হাদীছসমূহ। [৮৩] (মুছলিমঃ ১২১৫)
এইদৰে যিয়ে হজ্জে ইফৰাদ কৰিব আৰু কুৰবানীৰ দিৱস পৰ্যন্ত এহৰামত থাকিব তেওঁৰ বাবেও এটাই ছায়ী। ইফৰাদ হজ্জকাৰী আৰু ক্বিৰান হজ্জকাৰীয়ে তাৱাফে কুদূম কৰাৰ পাছত ছায়ী কৰিলে, তেওঁলোকে তাৱাফে ইফাজাৰ পাছত দুনাই ছায়ী কৰাৰ প্ৰয়োজন নাই। ইয়াৰ দ্বাৰাই আঈশ্বা, ইবনে আব্বাছ আৰু জাবিৰ ৰাদ্বিয়াল্লাহু আনহুমৰ উক্ত হাদীছসমূহৰ মাজত সমন্বয় বিধান কৰা হয়, যাতে বিৰোধ নিৰসণ কৰি গোটেই কেইটা হাদীছৰ ওপৰত আমল কৰা সম্ভৱ হয়।
এই সমন্বয়ৰ সপক্ষে এইটোও এটা প্ৰমাণ যে, আঈশ্বা ৰাদ্বিয়াল্লাহু আনহা আৰু ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত হাদীছ দুটা হৈছে ছহীহ হাদীছ। এই হাদীছ দুটাই প্ৰমাণ কৰে যে, তামাত্তু হজ্জকাৰীয়ে দুবাৰকৈ ছায়ী কৰিব লাগে। আনহাতে জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত হাদীছটোৰ বাহ্যিক অৰ্থই উক্ত বিষয়টোক নাকচ কৰে। কিন্তু ইল্মে উচুল আৰু মুস্তালাহুল হাদীছৰ মূলনীতি হৈছে এই যে, প্ৰমাণিত বিষয় সদায় অপ্ৰমাণিত বিষয়ৰ ওপৰত প্ৰাধান্য লাভ কৰে। মহান আল্লাহেই সত্যৰ পথপ্ৰদৰ্শক। মহান আল্লাহৰ সহায় অবিহনে কোনো শক্তি নাই আৰু কোনো ক্ষমতাও নাই।
পৰিচ্ছেদ
ঈদৰ দিনা হাজীসকলৰ বাবে সৰ্বোত্তম কৰণীয় সম্পৰ্কে বৰ্ণনা
হাজীসকলৰ বাবে উত্তম হৈছে ঈদৰ দিনা চাৰিটা আমল তলত উল্লেখ কৰা ক্ৰমানুসাৰে সম্পন্ন কৰাঃ ১- প্ৰথমে জামাৰাতুল আক্বাবাত শিলগুটি নিক্ষেপ কৰা। ২- কুৰবানী কৰা। ৩- মূৰ খুৰাই লোৱা বা চুলি চুটি কৰা। ৪- শেষত কা'বাত গৈ তাৱাফে ইফাজা কৰা। তামাত্তু হজ্জকাৰীয়ে এই তাৱাফৰ পাছত ছায়ী কৰা। হজ্জে ইফৰাদ আৰু হজ্জে ক্বিৰান কৰা ব্যক্তিয়ে যদি তাৱাফে কুদূমৰ পাছত ছায়ী কৰা নাছিল তেন্তে তাৱাফে ইফাজাৰ পাছত ছায়ী কৰিব লাগিব। যদি কোনোবাই এই ক্ৰম ভংগ কৰে তথাপিও কোনো অসুবিধা নাই। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই ক্ষেত্ৰত অৱকাশ দিছে। আনকি কোনোবাই যদি তাৱাফৰ আগত ছায়ী কৰে তথাপিও কোনো অসুবিধা নাই। কিয়নো এইটো ঈদৰ দিনা কৰিবলগীয়া আমলৰ অন্তৰ্ভুক্ত। এই প্ৰসঙ্গত এজন চাহাবীয়ে বৰ্ণনা কৰিছে যে, সেইদিনা নবী চাল্লাল্লাহু আলাইহি অছাল্লামক যিয়েই অগা পিছা সম্পৰ্কে প্ৰশ্ন কৰিছে, তেখেতে কেৱল এইটোৱে উত্তৰ দিছেঃ “কৰা, কোনো অসুবিধা নাই।”[৮৪] ইয়াৰ উপৰিও যিহেতু এইটো পাহৰি যোৱাৰ কাৰণে বা অজ্ঞতাৰ কাৰণে হোৱাৰ সম্ভাৱনা আছে, সেয়ে ইয়াক উক্ত সাধাৰণ বিধানৰ অন্তৰ্ভুক্ত কৰাটো জৰুৰী। কাৰণ এইটোৱে হৈছে সহজ তথা সৰল বিধান। [৮৪] (বুখাৰীঃ ৮৩, আৰু মুছলিমঃ ১৩০৬)
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা এইটো প্ৰমাণিত যে, তেখেতক তাৱাফৰ আগত ছায়ী কৰাৰ বিষয়ে প্ৰশ্ন কৰাত তেখেতে কৈছেঃ “কোনো অসুবিধা নাই৷” [৮৫] আবু দাঊদে এই হাদীছটো উছামা বিন শ্বাৰীকৰ সূত্ৰত ছহীহ চনদৰ সৈতে বৰ্ণনা কৰিছে। গতিকে কোনো ধৰণৰ সন্দেহ সংশয় নোহোৱাকৈ এই বিষয়টো যে, সাধাৰণ বিধানৰ অন্তৰ্ভুক্ত এইটো স্পষ্ট হৈ পৰিছে। মহান আল্লাহেই তাওফীক প্ৰদানকাৰী। [৮৫] (আবু দাউদঃ ২০১৫)
যিবোৰ কাম সম্পন্ন কৰাৰ পাছত হাজীসকলে সম্পূৰ্ণৰূপে হালাল হ'ব, সেইবোৰ হৈছে তিনিটাঃ জামাৰাতুল আক্বাবাত শিলগুটি নিক্ষেপ কৰা, মূৰ খুৰোৱা বা চুলি চুটি কৰা, আৰু তাৱাফে ইফাজা কৰা লগতে ছায়ী কৰা, যিটো ইতিপূৰ্বে উল্লেখ কৰা হৈছে। এই তিনিটা কাম সম্পন্ন কৰাৰ পাছত হজ্জ পালনকাৰী ব্যক্তি সম্পূৰ্ণৰূপে হালাল হৈ পৰিব, আৰু এহৰামৰ ফলত যিবোৰ নিষিদ্ধ আছিল সেইবোৰ ব্যৱহাৰ কৰিব পাৰিব। যেনে- সুগন্ধি, স্ত্ৰী আৰু অন্যান্য বিষয়াদি। আনহাতে যিয়ে ইয়াৰ মাজৰ দুটা সম্পন্ন কৰিব, তেওঁৰ বাবেও সেই সকলো হালাল হ'ব কিন্তু কেৱল স্ত্ৰীৰ বাহিৰে। ইয়াক প্ৰাথমিক হালাম বোলে।
হাজীসকলে পৰ্যাপ্ত পৰিমাণে জমজম পানী পান কৰি নিজৰ ইচ্ছামতে উপকাৰী দুআ কৰাটো মুস্তাহাব। “জমজম পানী যিটো নিয়্যতেৰে খোৱা হয়, সেই উদ্দেশ্যই পূৰণ হয়।” [৮৬] যিদৰে ছহীহ মুছলিমত আবু জৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত হৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জমজম পানী সম্পৰ্কে কৈছেঃ “এইটো হৈছে ভোকাতুৰৰ বাবে খাদ্য৷” [৮৭] আবু দাঊদত এই কথাও উল্লেখ আছে যে, “আৰু বেমাৰীৰ বাবে আৰোগ্য৷” [৮৮] [৮৬] ইবনে মাজাহে জাবিৰ ইবনে আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণনা কৰিছে, হাদীছ নং ৩০৬২। [৮৭] (মুছলিমঃ ২৪৭৩) [৮৮] অৰ্থাৎ আবু দাঊদ আত-ত্বয়ালিছী, তেওঁ আবু জৰ ৰাদ্বিয়াল্লাহু আনহুৰ ইছলাম গ্ৰহণৰ ঘটনাৰ মাজত এই হাদীছটোৱে বৰ্ণনা কৰিছে। চাওকঃ আবু দাঊদ আত-ত্বয়ালিছীৰ মুছনাদ, (৪৫৯)।
তাৱাফে ইফাজা কৰাৰ পাছত আৰু যিসকলৰ ওপৰত ছায়ী ওৱাজিব তেওঁলোকে ছায়ী সম্পন্ন কৰাৰ পাছত মিনালৈ উভতি যাব আৰু তাতগৈ তিনিদিন তিনি ৰাতি অৱস্থান কৰিব। এই সময়ছোৱাত তেওঁলোকে দৈনিক সূৰ্য্য ঢাল খোৱাৰ পাছত তিনিওটা জামাৰাতত শিলগুটি নিক্ষেপ কৰিব, লগতে এই ক্ষেত্ৰত ধাৰাবাহিকতা বজায় ৰখা আৱশ্যক।
এই ক্ষেত্ৰত আৰম্ভ কৰিব লাগিব প্ৰথম জামাৰাতৰ পৰা, যিটো মছজিদে খাইফৰ নিকটৱৰ্তী। সাতটা শিলগুটি একেৰাহে এটাৰ পিছত এটাকৈ নিক্ষেপ কৰিব। প্ৰতিটো শিলগুটি নিক্ষেপৰ সময়ত হাত দাঙি নিক্ষেপ কৰিব। ইয়াৰ পাছত অকণমান পিছুৱাই আহি জামাৰাতক বাওঁফালে ৰাখি কিবলামুখী হৈ দুয়ো হাত উত্তোলন কৰি বিনয় সহকাৰে বেছি বেছি দুআ কৰিব, এইটো ছুন্নত।
ইয়াৰ পাছত তেওঁ প্ৰথম জামাৰাতৰ নিচিনাকৈয়ে দ্বিতীয় জামাৰাততো শিলগুটি নিক্ষেপ কৰিব। ইয়াৰ পাছত ছুন্নত হৈছে অকণমান আগুৱাই গৈ জামাৰাতক সোঁফালে ৰাখি কিবলামুখী হৈ উভয় হাত উত্তোলন কৰি বেছি বেছি দুআ কৰিব।
ইয়াৰ পিছত তৃতীয় জামাৰাতত শিলগুটি নিক্ষেপ কৰিব আৰু তাৰ ওচৰত ৰৈ নাথাকিব।
ইয়াৰ পাছত দ্বিতীয় দিনাও সূৰ্য্য ঢাল খোৱাৰ পাছত প্ৰথম দিনাৰ দৰে শিলগুটি নিক্ষেপ কৰিব। লগতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুসৰণ কৰি প্ৰথম আৰু দ্বিতীয় জামাৰাতত সেইখিনি আমল কৰিব যিখিনি প্ৰথম দিনা কৰিছিল।
আয়্যামে তাশ্বৰীকৰ প্ৰথম দুদিন শিলগুটি নিক্ষেপ কৰাটো হৈছে হজ্জৰ অন্যতম এটা ওৱাজিব। ঠিক সেইদৰে প্ৰথম আৰু দ্বিতীয় ৰাতি মিনাত অৱস্থান কৰা ওৱাজিব, কিন্তু পানী সৰবৰাহকাৰী আৰু পশু পালনত কৰ্মৰত বিশেষ প্ৰয়োজনীয় কামত নিয়োজিত ব্যক্তিসকলৰ বাবে এইটো আৱশ্যক নহয়।
উক্ত দুদিন শিলগুটি নিক্ষেপ কৰাৰ পাছত যদি কোনোবাই মিনা ত্যাগ কৰিব বিচাৰে তেন্তে তেওঁ যাব পাৰে। কিন্তু তেওঁ সূৰ্যাস্তৰ আগত মিনা ত্যাগ কৰিব লাগিব। আনহাতে যিয়ে তৃতীয় দিনাও থাকি জামাৰাতত শিলগুটি নিক্ষেপ কৰিব, এইটো তেওঁৰ বাবে উত্তম আৰু মহা ছোৱাবৰ কাম। যেনে- মহান আল্লাহে কৈছেঃ “আৰু তোমালোকে নিৰ্দিষ্ট দিনসমূহত আল্লাহক স্মৰণ কৰিবা। এতেকে কোনোবাই যদি খৰখেদাকৈ দুদিনতেই গুচি আহে তেন্তে তাৰ কোনো পাপ নহ’ব আৰু যদি কোনোবাই পলমকৈ আহে তাৰো কোনো পাপ নহ’ব। এইটো (নিয়ম) সেই ব্যক্তিৰ বাবে যিয়ে তাক্বৱা অৱলম্বন কৰে...” (ছুৰা আল-বাক্বাৰাহঃ ২০৩) এইদৰে নবী চাল্লাল্লাহু আলাইহি অছাল্লামেও সেই ব্যক্তিক অৱকাশ দিছে, যিয়ে খৰখেদাকৈ দুদিনতে গুচি আহিব বিচাৰে, কিন্তু তেখেত নিজে গুচি অহা নাছিল। বৰং তেখেতে মিনাতেই অৱস্থান কৰিছিল আৰু তেৰ জুলহিজ্জাৰ দিনা সূৰ্য্য ঢাল খোৱাৰ পাছত জামাৰাতত শিলগুটি নিক্ষেপ কৰিছিল আৰু জোহৰৰ আগতেই মিনা ত্যাগ কৰিছিল।
যি শিশুৱে নিজে শিলগুটি নিক্ষেপ কৰিবলৈ অক্ষম, তাৰ ফালৰ পৰা তাৰ অভিভাৱকে শিলগুটি নিক্ষেপ কৰিব, কিন্তু তেওঁ প্ৰথমে নিজৰটো কৰি ল'ব লাগিব। এইদৰে সৰু ছোৱালীৰ ক্ষেত্ৰতো এই একেই বিধান প্ৰযোজ্য। তাইৰ অভিভাৱকে তাইৰ ফালৰ পৰা শিলগুটি নিক্ষেপ কৰিব। যেনে- জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত হাদীছত তেওঁ কৈছেঃ “আমি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে হজ্জ কৰিছিলোঁ আৰু আমাৰ লগত আছিল নাৰী আৰু শিশুসকল। তেতিয়া আমি শিশুসকলৰ ফালৰ পৰা তালবিয়া পাঠ কৰিছিলোঁ আৰু সিহঁতৰ হৈ শিলগুটি নিক্ষেপ কৰিছিলোঁ।” [৮৯] (ইবনে মাজাহ) [৮৯] (তিৰমিজীঃ ৯২৭)
এইদৰে যিয়ে অসুস্থতা, বাৰ্ধক্য অথবা গৰ্ভধাৰণৰ কাৰণে জামাৰাতত শিলগুটি নিক্ষেপ কৰিবলৈ অক্ষম, তেনেকুৱা ব্যক্তিয়ে শিলগুটি নিক্ষেপ কৰিবলৈ বেলেগ কাৰোবাক নিজৰ প্ৰতিনিধি নিযুক্ত কৰিব পাৰে। কাৰণ মহান আল্লাহে কৈছেঃ “এতেকে তোমালোকে যথাসাধ্য আল্লাহৰ তাক্বৱা অৱলম্বন কৰা...” (ছুৰা আত-তাগাবুনঃ ১৬) এনেকুৱা যিসকল লোকে ভিৰৰ মাজত গৈ শিলগুটি নিক্ষেপ কৰিবলৈ অক্ষম, যদি শিলগুটি নিক্ষেপৰ সময় পাৰ হৈ যায় তথাপিও তেওঁলোকৰ বাবে কাজা পালন কৰাৰ কোনো বিধান নাই। সেয়ে তেওঁলোকৰ বাবে প্ৰতিনিধি নিযুক্ত কৰাটো বৈধ কৰা হৈছে, কিন্তু অন্যান্য কৰণীয়ৰ ক্ষেত্ৰত এইটো বৈধ নহয়। গতিকে মুহৰিম ব্যক্তিৰ বাবে উচিত নহয়, বেলেগ কাৰোবাক নিজৰ ফালৰ পৰা হজ্জৰ কোনো আমল কৰিবলৈ কোৱা, যদিও সেইটো নফল হজ্জ হয়। কিয়নো হজ্জ বা ওমৰাৰ এহৰাম বন্ধাৰ পাছত সেইটো পূৰণ কৰা জৰুৰী হৈ পৰে, যদিও সেইটো নফল হয়। মহান আল্লাহে কৈছেঃ “আৰু তোমালোকে হজ্জ আৰু ওমৰাহ আল্লাহৰ বাবেই সম্পাদন কৰা...” (ছুৰা আল-বাক্বাৰাহঃ ১৯৬) ইয়াৰ উপৰিও তাৱাফ আৰু ছায়ীৰ সময় শেষ নহয়, আনহাতে শিলগুটি নিক্ষেপৰ সময় হৈছে সীমিত।
আৰাফাত অৱস্থান, মুজদালিফা আৰু মিনাত ৰাতি অতিবাহিত কৰা, এইবোৰৰ বাবে সময় নিৰ্দিষ্ট আছে যিটো শেষ হৈ যায়। ইয়াত কোনো সন্দেহ নাই। কিন্তু অক্ষম ব্যক্তিৰ বাবে অকণমান কষ্টকৰ হ'লেও এইবোৰ ঠাইত উপস্থিত হোৱাটো সম্ভৱ। কিন্তু ইয়াৰ বিপৰীতে নিজ হাতে শিলগুটি নিক্ষেপ কৰাটো অধিক কষ্টকৰ। সেয়ে ছালাফসকলৰ ফালৰ পৰা প্ৰমাণ আছে যে, অক্ষম ব্যক্তিৰ ক্ষেত্ৰত শিলগুটি নিক্ষেপ কৰিবলৈ প্ৰতিনিধি নিযুক্ত কৰা বৈধ। কিন্তু অন্যান্য ক্ষেত্ৰত ইয়াৰ অনুমোদন নাই।
ইবাদতসমূহ হৈছে তাওক্বীফি অৰ্থাৎ চৰীয়ত নিৰ্ধাৰিত বিধান। গতিকে উপযুক্ত প্ৰমাণ নোহোৱাকৈ কোনেও কোনো ইবাদত সংযোজন কৰিব নোৱাৰিব। যি ব্যক্তিয়ে বেলেগৰ হৈ শিলগুটি নিক্ষেপ কৰিব, তেওঁ নিজৰটো নিক্ষেপ কৰাৰ পাছত সেই স্থানৰ পৰাই তিনিওটা জামাৰাতত সেই ব্যক্তিৰ ফালৰ পৰা শিলগুটি নিক্ষেপ কৰিব। ইয়াৰ কাৰণে এইটো জৰুৰী নহয় যে, তেওঁ প্ৰথমে তিনিওটা জামাৰাতত নিজৰটো নিক্ষেপ কৰি আহিব লাগিব, বৰং প্ৰতিটো জামাৰাতত নিজৰটো নিক্ষেপ কৰাৰ পাছত প্ৰতিনিধিত্ব কৰা ব্যক্তিৰ ফালৰ পৰা নিক্ষেপ কৰিব। কাৰণ নিজৰটো নিক্ষেপ কৰি ঘূৰি অহাটো হৈছে অত্যন্ত কষ্টকৰ আৰু ইয়াৰ সপক্ষে কোনো স্পষ্ট দলীলো নাই। মহান আল্লাহে পৱিত্ৰ কোৰআনত কৈছেঃ “তেওঁ দ্বীন সম্পৰ্কে তোমালোকৰ ওপৰত কোনো কঠোৰতা আৰোপ কৰা নাই।” (ছুৰা আল-হাজ্জঃ ৭৮) নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “তোমালোকে (দ্বীনী ক্ষেত্ৰত) সহজ পন্থা অৱলম্বন কৰা, কঠোৰ পন্থা অৱলম্বন নকৰিবা।” [৯০] ইয়াৰ বাহিৰে চাহাবাসকলৰ পৰা ইয়াৰ কোনো প্ৰমাণ পোৱা নাযায় যে, তেওঁলোকে যেতিয়া শিশু অথবা অক্ষম ব্যক্তিৰ ফালৰ পৰা শিলগুটি নিক্ষেপ কৰিছিল, তেতিয়া তেওঁলোকে প্ৰথমে নিজৰটো সম্পন্ন কৰি পুনৰ ঘূৰি আহি প্ৰতিনিধিত্ব কৰা ব্যক্তিৰ ফালৰ পৰা নিক্ষেপ কৰিছিল। যদি তেওঁলোকে এইদৰে কৰিলেহেঁতেন তেন্তে নিশ্চয় এইটো বৰ্ণনা কৰিলেহেঁতেন। কাৰণ এইটো এনেকুৱা বিষয় যিটো সংৰক্ষণ কৰা আৰু মানুহৰ ওচৰত বৰ্ণনা কৰা অত্যন্ত গুৰুত্বপূৰ্ণ। মহান আল্লাহেই সৰ্বজ্ঞ। [৯০] বুখাৰীয়ে আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ হাদীছৰ পৰা (৬৯) নম্বৰত বৰ্ণনা কৰিছে।
পৰিচ্ছেদ
ক্বিৰান আৰু তামাত্তু হজ্জকাৰীৰ বাবে দম (কুৰবানী) অনিবাৰ্য্য
হজ্জকাৰী ব্যক্তিজন যদি তামাত্তু বা ক্বিৰান হজ্জকাৰী হয় আৰু তেওঁ যদি মছজিদুল হাৰামৰ অধিবাসী নহয়, তেন্তে তেওঁ এটা কুৰবানী কৰা আৱশ্যক। এটা ছাগলী বা ভেৰাৰ দ্বাৰাই হওক অথবা উট বা গৰুত সাতজনীয়া ভাগতে হওক। এই কুৰবানী হালাল তথা পৱিত্ৰ সম্পদৰ দ্বাৰা হোৱাটো অনিবাৰ্য্য। কাৰণ মহান আল্লাহ হৈছে পৱিত্ৰ, আৰু তেওঁ কেৱল পৱিত্ৰ বস্তুহে কবূল কৰে।
কুৰবানীৰ পশু অথবা আন কোনো বস্তু বেলেগৰ ওচৰত বিচাৰি ফুৰাটো কোনো মুছলিমৰ বাবেই উচিত নহয়, সেয়া ৰজা বাদশ্বাহৰ ওচৰতেই হওক বা বেলেগ কাৰোবাৰ ওচৰত। যদি মহান আল্লাহে তেওঁক নিজৰ সম্পদৰ পৰা কুৰবানী কৰাৰ তাওফীক দিছে তেন্তে সেইটোৱে উত্তম, মানুহৰ ওচৰত বিচৰাৰ পৰা বিৰত থকা উচিত। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা প্ৰমাণিত কেইবাটাও হাদীছত তেখেতে মানুহৰ ওচৰত হাত পতা বিষয়টোক নিন্দা কৰিছে, আৰু ইয়াৰ পৰিত্যাগকাৰীক প্ৰশংসা কৰিছে।
যদি তামাত্তু হজ্জকাৰী আৰু ক্বিৰান হজ্জকাৰীয়ে কুৰবানী দিব নোৱাৰে, তেন্তে তেওঁ হজ্জৰ সময়ছোৱাত তিনিটা ৰোজা কৰিব আৰু ঘৰলৈ উভতি আহি সাতটা ৰোজা পালন কৰা আৱশ্যক। এইটো তেওঁৰ ওপৰত নিৰ্ভৰ কৰিব, তেওঁ ইচ্ছা কৰিলে ঈদৰ পূৰ্বেই তিনিটা ৰোজা পালন কৰিব পাৰে আৰু তেওঁ যদি বিচাৰে তেন্তে আয়্যামে তাশ্বৰীকৰ তিনিদিনতো ৰাখিব পাৰে। মহান আল্লাহে কৈছেঃ “...তোমালোকৰ মাজত যিয়ে ওমৰাক হজ্জৰ লগত মিলাই তামাত্তু কৰিব বিচাৰে, সি সহজলভ্য হাদী জবেহ কৰিব। কিন্তু যদি কোনোবাই এইটো কৰিব নোৱাৰে, তেন্তে তাৰ বাবে হজ্জৰ সময়ত তিনি দিন আৰু ঘৰত উভতি আহি সাত দিন, এইদৰে সম্পূৰ্ণ দহ দিন তাৰ ছিয়াম পালন কৰিব লাগিব। এইটো কেৱল তাৰ বাবে যাৰ পৰিয়ালবৰ্গ মছজিদুল হাৰামৰ অধিবাসী নহয়।....” (ছুৰা আল-বাক্বাৰাহঃ ১৯৬) আয়াত।
আৰু ছহীহ বুখাৰীত আঈশ্বা আৰু ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁলোকে কৈছেঃ “যিয়ে হজ্জত কুৰবানী দিবলৈ সক্ষম হোৱা নাই কেৱল সেই ব্যক্তিৰ বাহিৰে তাশ্বৰীকৰ দিনবোৰত ৰোজা পালন কৰাৰ অনুমতি আন কাকো দিয়া হোৱা নাই।” [৯১] হাদীছটো মাৰফু হাদীছৰ অন্তৰ্ভুক্ত। উত্তম হৈছে এই তিনিটা ৰোজা আৰাফাৰ আগতে পালন কৰা, যাতে আৰাফাৰ দিনা ৰোজা নৰখাকৈ থাকিব পাৰে। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ৰোজা নৰখা অৱস্থাত অৱস্থান কৰিছিল, আৰু তেখেতে আৰাফাৰ দিনা আৰাফাত ৰোজা ৰাখিবলৈ নিষেধ কৰিছিল। লগতে এই দিনটোত ৰোজা নৰখাকৈ থাকিলে জিকৰ-আজকাৰ আৰু দুআ কৰাত সহায়ক হ’ব। এইদৰে এই তিনিটা ৰোজা একেৰাহেও ৰাখিব পাৰে আৰু পৃথক পৃথককৈও ৰাখিব পাৰে। এইদৰে পৰৱৰ্তী সাতটা ৰোজাও একেৰাহে ৰখাটো বাধ্যতামূলক নহয়। বৰং বিচ্ছিন্নভাৱেও ৰাখিব পাৰে আৰু একেৰাহেও ৰাখিব পাৰে। কিয়নো মহান আল্লাহে এই সাতটা ৰোজা ৰখাৰ ক্ষেত্ৰত ধাৰাবাহিকতা ৰক্ষা কৰাৰ চৰ্ত আৰোপ কৰা নাই আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামেও কৰা নাই। বৰং উত্তম হৈছে ঘৰলৈ উভতি আহি এই সাতটা ৰোজা পালন কৰা। যেনে- মহান আল্লাহে কৈছেঃ “...আৰু সাতটা ৰাখিব ঘৰলৈ উভতি আহি।...” (ছুৰা আল-বাক্বাৰাহঃ ১৯৬) [৯১] (বুখাৰীঃ হাদীছ নং ১৯৯৮)
ৰজা-বাদশ্বাহ বা বেলেগ কাৰোবাৰ ওচৰত কুৰবানীৰ পশু বিচাৰি যোৱাতকৈ কুৰবানী কৰিবলৈ অসমৰ্থ ব্যক্তিয়ে ৰোজা পালন কৰাটোহে অধিক উত্তম। কিন্তু যদি কোনোবাই তেওঁক স্ব-ইচ্ছাই কুৰবানীৰ জন্তু দিয়ে অথবা এই ক্ষেত্ৰত সহায় কৰে, যিটো তেওঁ নিজে বিচৰা নাই আৰু তাৰ প্ৰতি আগ্ৰহো প্ৰকাশ কৰা নাই তেন্তে সেইটো গ্ৰহণ কৰাত কোনো অসুবিধা নাই। যদিও তেওঁ বেলেগৰ ফালৰ পৰা হজ্জ কৰি আছে। যদিহে ব্যক্তি গৰাকীয়ে কুৰবানীৰ জন্তু ক্ৰয় কৰাৰ ধন দিয়া নাই। আনহাতে যিসকল লোকে মিছা কথা কৈ চৰকাৰৰ পৰা বেলেগৰ নামত কুৰবানীৰ জন্তু সংগ্ৰহ কৰে, এইটো নিঃসন্দেহে হাৰাম। কাৰণ এইটো হৈছে মিছা কথাৰ আশ্ৰয় লৈ ধন ঘটাৰ উপায়। মহান আল্লাহে আমাক আৰু সকলো মুছলিমকে এনেকুৱা গুনাহৰ পৰা ৰক্ষা কৰক।
পৰিচ্ছেদ
হাজীসকলে আৰু অন্যান্য সকলো লোকে সৎকৰ্মৰ আদেশ দিয়া অনিবাৰ্য্য
হাজীসকলকে আদি কৰি অন্যান্য সকলো লোকৰে ওপৰত অন্যতম এটা গুৰু দায়িত্ব হৈছে সৎকৰ্মৰ আদেশ দিয়া আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰা। জামাতৰ সৈতে পাঁচ ওৱাক্ত নামাজ আদায় কৰা, যিদৰে মহান আল্লাহে পৱিত্ৰ কোৰআনত আৰু ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ ভাষাত নিৰ্দেশ দিছে।
অধিকাংশ মক্কাবাসীয়ে নিজৰ ঘৰত চালাত আদায় কৰে, আৰু মছজিদলৈ নাযায়, এইটো এটা চৰীয়ত বিৰোধী ভুল কাম। এনেকুৱা কাম কৰিবলৈ নিষেধ কৰা আৰু নিয়মিত মছজিদত চালাত আদায় কৰিবলৈ আদেশ দিয়াটো ওৱাজিব। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা এইটো প্ৰমাণিত যে, ইবনে উম্মে মাকতুম ৰাদ্বিয়াল্লাহু আনহু অন্ধ আছিল আৰু মছজিদৰ পৰা তেওঁৰ ঘৰো আছিল বহুত দূৰত। তেওঁ যেতিয়া নিজৰ ঘৰত নামাজ পঢ়াৰ অনুমতি বিচাৰিছিল, তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক কৈছিলঃ ‘‘তুমি নামাজৰ বাবে দিয়া আজান শুনিবলৈ পোৱানে?" তেওঁ ক'লেঃ হয়। তেতিয়া তেখেতে ক'লেঃ "তেন্তে আহিব লাগিব।’’ [অর্থাৎ মছজিদলৈ আহি চালাত আদায় কৰিব লাগিব।] [৯২] আন এটা বৰ্ণনাত আছেঃ “মই তোমাৰ বাবে কোনো অৱকাশ বিচাৰি পোৱা নাই।” [৯৩] তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ “মোৰ এনেকুৱা লাগে যে, মই চালাত আদায় কৰাৰ আদেশ দিওঁ, ফলত ইকামত দিয়া হওক, আৰু ইয়াৰ পিছত কাৰোবাক নামাজ পঢ়াবলৈ নিৰ্দেশ দিওঁ যেন তেওঁ মানুহকলৈ চালাত আদায় কৰে, আৰু মই এনেকুৱা কিছুমান মানুহক লগত লৈ সেইসকল লোকৰ ঘৰলৈ যাওঁ, যিসকলে চালাতত উপস্থিত হোৱা নাই, যাতে মই সিহঁতৰ ঘৰত সিহঁতে থকা অৱস্থাতে জুই লগাই দিব পাৰোঁ।” [৯৪] ছুনান ইবনে মাজাহ আৰু অন্যান্য গ্ৰন্থত হাছান ছনদৰ সৈতে ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ দ্বাৰা বৰ্ণিত আছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “যিয়ে আজান শুনিও জামাতত অহা নাই, সেই ব্যক্তিৰ নামাজ নহ'ব, যদি কোনো উপযুক্ত কাৰণ নাথাকে।” [৯৫] ছহীহ মুছলিমত ইবনে মাছঊদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ “যিয়ে কিয়ামতৰ দিনা মুছলিম হিচাপে আল্লাহৰ সৈতে সাক্ষাৎ কৰিবলৈ আনন্দবোধ কৰে, তেওঁ যেন সেইসমূহ নামাজৰ ৰক্ষণাবেক্ষণ কৰে যিবোৰ নামাজৰ বাবে আহ্বান কৰা (আজান দিয়া) হয়। কিয়নো তোমালোকৰ নবীৰ বাবে স্বয়ং মহান আল্লাহে হিদায়তৰ পথ বিধিবদ্ধ কৰিছে। এই নামাজবোৰ হৈছে সেই হিদায়তৰেই অন্তৰ্ভুক্ত। যেনে- অমুক ব্যক্তিয়ে যিদৰে নামাজৰ জামাতত উপস্থিত নহৈ ঘৰত চালাত আদায় কৰে, সেইদৰে তোমালোকেও যদি নিজৰ ঘৰত চালাত আদায় কৰা, তেন্তে নিশ্চয় তোমালোকে তোমালোকৰ নবীৰ ছুন্নত পৰিত্যাগ কৰিলা। জানি থোৱা! তোমালোকে যদি তোমালোকৰ নবীৰ ছুন্নত পৰিত্যাগ কৰা তেন্তে নিশ্চিতভাৱে পথভ্ৰষ্ট হ'বা। যদি কোনোবাই উত্তমভাৱে পৱিত্ৰতা অৰ্জন কৰি কোনো মছজিদত গৈ উপস্থিত হয়, তেন্তে তেওঁ মছজিদত যাওঁতে যিমানটা খোজ দিব প্ৰতিটো খোজৰ পৰিবৰ্তে মহান আল্লাহে তেওঁৰ বাবে এটাকৈ নেকী লিপিবদ্ধ কৰে আৰু মৰ্যাদাৰ এটা ধাপ উন্নীত কৰে, আৰু এটাকৈ গুনাহ ক্ষমা কৰে। আমাৰ মতে পৰিচিত মুনাফিকৰ বাহিৰে আন কোনেও জামাতৰ পৰা পিছুৱাই নাথাকে। অথচ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগত এনেকুৱা ব্যক্তি জামাতত উপস্থিত হৈছিল, যিয়ে দুজন লোকৰ কান্ধত ভৰ কৰি আহি নামাজৰ শাৰীত চামিল হৈছিল।” [৯৬] [৯২] (বুখাৰীঃ ২৪২০, আৰু মুছলিমঃ ৬৫১) [৯৩] (মুছলিমঃ ৬৫৩, আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত হাদীছ।) [৯৪] আব্দুল্লাহ বিন উম্মে মাকতুমৰ পৰা বৰ্ণিত (আবু দাউদঃ ৫৫২) [৯৫] (মুছলিমঃ ৬৫৪) [৯৬] ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, (আবু দাউদঃ ৫৫১)
হাজীসকলৰ বাবে আৰু অন্যান্য সকলো মানুহৰ বাবেই আল্লাহে নিষিদ্ধ কৰা বিষয়সমূহৰ পৰা বিৰত থকা অনিবাৰ্য্য আৰু সেইবোৰৰ পৰা সতৰ্ক থকা জৰুৰী। যেনে- ব্যভিচাৰ, সমকামিতা, চুৰি কাৰ্য্য, সুত খোৱা, অনাথৰ সম্পদ অন্যায়ভাৱে ভোগ কৰা, লেনদেনত প্ৰতাৰণা কৰা, আমানতত বিশ্বাসঘাতকতা কৰা, মাদক দ্ৰৱ্য সেৱন কৰা, ধূমপান কৰা, সৰুগাঁঠিৰ তলত কাপোৰ ওলোমাই ৰখা, অহংকাৰ কৰা, হিংসা কৰা, মানুহক দেখুৱাৰ উদ্দেশ্যে আমল কৰা, পৰনিন্দা কৰা, ইজনৰ কথা সিজনক লগাই ফুৰা, মুছলিমসকলকলৈ উপহাস কৰা, বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা, যেনে- গ্ৰামোফোন, বেহালা, ৰাবাব, বাঁহী আৰু এই ধৰণৰ অন্যান্য যন্ত্ৰ। এইদৰে গান শুনা, ৰেডিঅ বা আন কোনো উপায়েৰে বাদ্যযন্ত্ৰৰ সুৰ শুনা, পাশা খেল, দবা খেল, জুৱা, এইদৰে প্ৰাণীৰ ছবি আঁকা, আৰু এইবোৰ কৰ্মত সন্তুষ্টি প্ৰকাশ কৰা। এই সকলোবোৰ হৈছে পাপকৰ্ম৷ মহান আল্লাহে তেওঁৰ বান্দাসকলৰ ওপৰত এইবোৰ সকলো সময়তে আৰু সকলো ঠাইতে হাৰাম কৰিছে। গতিকে অন্যান্য লোকসকলৰ তুলনাত মক্কাৰ অধিবাসী আৰু হজ্জ কৰিবলৈ অহা লোকসকলে এইবোৰৰ পৰা বিৰত থকাটো অধিক জৰুৰী। কাৰণ এই পৱিত্ৰ নগৰত গুনাহ কৰাটো হৈছে অধিক ভয়াৱহ আৰু ইয়াৰ শাস্তিও অধিক কঠোৰ।
এইদৰে মহান আল্লাহে কৈছেঃ “যিয়ে অন্যায়ভাৱে ইলহাদ তথা দ্বীনবিৰোধী পাপ কৰ্মৰ ইচ্ছা কৰে, আমি তাক যন্ত্ৰণাদায়ক শাস্তি ভোগ কৰাম।” (ছুৰা আল-হাজ্জঃ ২৫), এতেকে চিন্তা কৰক যে, তাত কেৱল দ্বীন বিৰোধী তথা অন্যায়-অত্যাচাৰ কৰাৰ ইচ্ছা কৰিলেই যদি এনেকুৱা শাস্তিৰ যোগ্য হয় তেন্তে যিয়ে তাত সেইবোৰ কৰ্ম বাস্তৱায়িত কৰিব তাৰ শাস্তি কেনেকুৱা হ'ব পাৰে? ইয়াত কোনো সন্দেহ নাই যে, তাৰ শাস্তি আৰু অধিক কঠিন হ'ব তথা মহা ভয়ানক হ'ব। গতিকে এনেকুৱা পাপকৰ্মৰ পৰা আৰু সকলো ধৰণৰ গুনাহৰ পৰা বিৰত থকা আৱশ্যক।
হাজীসকলে হজ্জৰ ছোৱাব তথা গুনাহ মাফ হোৱাৰ বিষয়টো তেতিয়াই লাভ কৰে যেতিয়া তেওঁলোকে উক্ত গুনাহসমূহৰ পৰা তথা আল্লাহে যিবোৰ বস্তু হাৰাম কৰিছে সেইবোৰ বস্তুৰ পৰা বিৰত থাকে। যেনে- নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণিত আছে যে, তেখেতে কৈছেঃ “যি ব্যক্তিয়ে হজ্জ পালন কৰিছে আৰু (সেই হজ্জ কৰাৰ সময়ত) কোনো ধৰণৰ অশ্লীল কৰ্ম কৰা নাই আৰু পাপকৰ্মও কৰা নাই, সেই ব্যক্তি ঠিক সেইদিনৰ দৰে (নিষ্পাপ হৈ) ঘৰলৈ উভতিছে, যিদিনা তাৰ মাকে তাক প্ৰসৱ কৰিছিল।” [৯৭] [৯৭] বুখাৰীয়ে আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা (১৫২১) নম্বৰত, আৰু মুছলিমে (১৩৫০) নম্বৰ হাদীছত বৰ্ণনা কৰিছে।
এই গৰ্হিত কামবোৰতকৈও মাৰাত্মক তথা ভয়ংকৰ বিষয়বোৰ হৈছেঃ মৃত ব্যক্তিক আহ্বান কৰা তথা তাৰ ওচৰত দুআ কৰা, সিহঁতৰ ওচৰত সহায় প্ৰাৰ্থনা কৰা আৰু সিহঁতৰ ওচৰত মানত কৰা আৰু সিহঁতৰ নামত জীৱ-জন্তু জবেহ কৰা, এই আশাত যে, যাতে সিহঁতে আল্লাহৰ ওচৰত এওঁলোকৰ হৈ মধ্যস্থতা কৰে। অথবা বেমাৰ-আজাৰ আৰোগ্য কৰে নাইবা নিখোঁজ ব্যক্তিক ওভোতাই দিয়ে ইত্যাদি ধৰণৰ সহায় বিচাৰি আবেদন কৰা।
এইটো হৈছে শ্বিৰ্কে আকবাৰ, যিটো আল্লাহে হাৰাম কৰিছে। লগতে এইটোৱে হৈছে অজ্ঞতা যুগৰ মুশ্বৰিকসকলৰ ধৰ্ম। এইবোৰ নিষিদ্ধ কৰাৰ বাবেই মহান আল্লাহে অসংখ্য নবী-ৰাছুল প্ৰেৰণ কৰিছে আৰু কিতাবসমূহ অৱতীৰ্ণ কৰিছে।
এতেকে হাজীসকলকে আদি কৰি সকলো লোকে এনেকুৱা গুনাহৰ পৰা সতৰ্ক থকাটো অপৰিহাৰ্য্য। লগতে পূৰ্বে যদি এনেকুৱা কোনো গুনাহ হৈছে তেন্তে বিগত সেইসমূহ গুনাহৰ পৰা আল্লাহৰ ওচৰত আন্তৰিকতাৰে তাওবা কৰা উচিত। এইদৰে যদি কোনোবাই শ্বিৰ্ক বা বেলেগ কোনো গুনাহ কৰিছিল তেন্তে তেওঁ তাওবা কৰাৰ পাছত নতুনকৈ হজ্জ কৰা উচিত, কাৰণ শ্বিৰ্কে আকবৰৰ ফলত সকলো আমল ধ্বংস হৈ যায়। যেনে- মহান আল্লাহে কৈছেঃ “কিন্তু যদি তেওঁলোকে শ্বিৰ্ক কৰিলেহেঁতেন তেন্তে তেওঁলোকৰ সকলো আমল নিষ্ফল হৈ গ’লহেঁতেন।” (ছুৰা আল-আনআমঃ ৮৮)
শ্বিৰ্কে আচগৰৰ এটা উদাহৰণ হৈছে, আল্লাহৰ বাহিৰে আনৰ নামত শপত খোৱা, যেনে- নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ শপত খোৱা, কা'বাৰ শপত খোৱা, পিতৃ-মাতৃকে আদি কৰি বিদ্যা আদিৰ শপত খোৱা ইত্যাদি।
এইদৰে, মানুহক দেখুৱাবলৈ কৰা আমল আৰু বিখ্যাত হোৱাৰ আশাও হৈছে শ্বিৰ্কে আচগৰ। এইদৰে এইবোৰ কথা কোৱাও শ্বিৰ্কে আচগৰঃ যেনে- “আল্লাহে যি বিচাৰে আৰু আপুনি যি বিচাৰে।” “এইটো আল্লাহৰ ফালৰ পৰা আৰু আপোনাৰ ফালৰ পৰা”, এনেকুৱা ধৰণৰ কথাও হৈছে শ্বিৰ্কে আচগৰ।
গতিকে এনেকুৱা শ্বিৰ্কীয়া কৰ্মৰ পৰা বিৰত থকা আৰু সতৰ্ক থকাটো আপৰিহাৰ্য্য, লগতে ইজনে সিজনক এইবোৰ পৰিত্যাগ কৰিবলৈ উপদেশ দিয়াটোও জৰুৰী। কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা প্ৰমাণিত আছে যে, তেখেতে কৈছেঃ “যি ব্যক্তিয়ে আল্লাহৰ বাহিৰে আনৰ নামত শপত কৰিছে, সি দৰাচলতে কুফৰী কৰিছে অথবা শ্বিৰ্ক কৰিছে।” [৯৮] (আহমদ, আবু দাউদ আৰু তিৰমিজীয়ে বিশুদ্ধ চনদৰ সৈতে বৰ্ণনা কৰিছে।) [৯৮] (আবু দাউদঃ ৩২৫১)
ছহীহ গ্ৰন্থত ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “যি ব্যক্তিয়ে শপত খাব বিচাৰে, তাৰ বাবে উচিত সি যেন আল্লাহৰ নামত শপত খায়, নহ’লে মৌনতা অৱলম্বন কৰে৷” [৯৯] নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ “যিয়ে আমানতৰ শপত খায় সি আমাৰ (উম্মতৰ) অন্তৰ্ভুক্ত নহয়।” [১০০] (আবু দাউদ।) [৯৯] (আবু দাউদঃ ৩২৫৩) [১০০] (বুখাৰীয়ে আব্দুল্লাহৰ পৰা বৰ্ণনা কৰিছে, ২৬৭৯, আৰু মুছলিমঃ ১৬৪৬)
তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ “মই তেমালোকৰ ওপৰত যিটো বিষয়ক আটাইতকৈ বেছি ভয় কৰোঁ সেইটো হৈছে সৰু শ্বিৰ্ক। এই সম্পর্কে প্ৰশ্ন কৰাত তেখেতে কৈছেঃ সেইটো হৈছে ৰিয়া (লোকক দেখুৱাবলৈ কৰা আমল)।” [১০১] তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ “তোমালোকে এনেকৈ নক'বা যে, 'আল্লাহে যি বিচাৰে আৰু অমুকে যি বিচাৰে'; বৰং এনেকৈ কোৱা, 'আল্লাহে যি বিচাৰে, তাৰ পিছত অমুকে যি বিচাৰে'।” [১০২] নাছাঈয়ে ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণনা কৰিছে যে, এজন ব্যক্তিয়ে ক'লেঃ “হে আল্লাহৰ ৰাছুল! আল্লাহৰ যি ইচ্ছা আৰু আপোনাৰ যি ইচ্ছা।” এই শুনি তেখেতে ক'লেঃ “তুমি মোক আল্লাহৰ লগত অংশী কৰিলা নেকি, বৰং (এইদৰে কোৱা) কেৱল আল্লাহে যি বিচাৰে।” [১০৩] [১০১] (মুছনাদে আহমদঃ ৫/৪২৮) [১০২] (আবু দাউদঃ ৪৯৮০) [১০৩] (ইবনে মাজাহঃ ২১১৭)
এই হাদীছবোৰে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ তাওহীদ সুৰক্ষা আৰু উম্মতক সৰু-ডাঙৰ সকলো প্ৰকাৰৰ শ্বিৰ্কৰ পৰা সতৰ্ক কৰিছে। লগতে এইটোও প্ৰমাণ কৰে যে, তেখেতে তেওঁলোকৰ ঈমানৰ নিৰাপত্তা, আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা পোৱাৰ উপায় আৰু তেওঁৰ অসন্তুষ্টিৰ কাৰণসমূহৰ পৰা মুক্তিৰ ক্ষেত্ৰত অত্যন্ত উদ্বিগ্ন আছিল। মহান আল্লাহে তেখেতক ইয়াৰ উত্তম প্ৰতিদান দিয়ক, কিয়নো তেখেতে যথাযথভাৱে পৌঁচাই দিছে আৰু সতৰ্ক কৰিছে, লগতে আল্লাহৰ উদ্দেশ্যে তেওঁৰ বান্দাসকলক উপদেশ দিছে। মহান আল্লাহে তেখেতৰ ওপৰত চিৰস্থায়ী শান্তি তথা ৰহমত বৰ্ষণ কৰক।
আল্লাহৰ পৱিত্ৰ নগৰ আৰু তেওঁৰ সন্মানিত বিশ্বস্ত ৰাছুলৰ চহৰ মদীনাৰ অধিবাসী আৰু তাত উপস্থিত হোৱা হজ্জ পালনকাৰী উলামাসকলৰ কৰ্তব্য হৈছে- তেওঁলোকে যেন মানুহক আল্লাহে প্ৰদান কৰা চৰীয়তৰ শিক্ষা দিয়ে লগতে বিভিন্ন প্ৰকাৰৰ শ্বিৰ্ক আৰু অন্যান্য গুনাহ যিবোৰ আল্লাহে হাৰাম কৰিছে সেইবোৰৰ পৰা সতৰ্ক কৰে। তেওঁলোকে যেন এইবোৰ বিষয়ত প্ৰমাণসহ বিস্তাৰিত ব্যাখ্যা দিয়ে আৰু স্পষ্টভাৱে উপস্থাপন কৰে, যাতে তেওঁলোকে মানুহক অন্ধকাৰৰ পৰা পোহৰলৈ আনিব পাৰে। গতিকে তেওঁলোকৰ উচিত হৈছে, আল্লাহে প্ৰদান কৰা এই দায়িত্ব সুচাৰুৰূপে পালন কৰা। যেনে- মহান আল্লাহে কৈছেঃ “স্মৰণ কৰা, যেতিয়া আল্লাহে কিতাবীসকলৰ পৰা প্ৰতিশ্ৰুতি লৈছিল যে, ‘নিশ্চয় তোমালোকে ইয়াক মানুহৰ ওচৰত স্পষ্টভাৱে প্ৰকাশ কৰিবা আৰু ইয়াক গোপন নকৰিবা’...” (ছুৰা আলে-ইমৰাণঃ ১৮৭)
ইয়াৰ দ্বাৰা এই উম্মতৰ উলামাসকলক সতৰ্ক কৰা হৈছে, যাতে তেওঁলোকে পূৰ্বৱৰ্তী ঐশীগ্ৰন্থপ্ৰাপ্ত লোকসকলৰ দৰে সত্য গোপন কৰাৰ পথ অৱলম্বন নকৰে, যিসকলে পাৰ্থিৱ স্বাৰ্থক আখিৰাতৰ ওপৰত প্ৰাধান্য দিছিল। মহান আল্লাহে কৈছেঃ “নিশ্চয় আমি যিবোৰ সু-স্পষ্ট নিদৰ্শন আৰু হিদায়ত অৱতীৰ্ণ কৰিছোঁ, মানুহৰ বাবে কিতাবত সেইবোৰ স্পষ্টভাৱে ব্যক্ত কৰাৰ পিছতো যিসকলে সেইবোৰ গোপন কৰে, সিহঁতক আল্লাহে অভিশাপ কৰে আৰু অভিশাপকাৰীসকলেও সিহঁতক অভিশাপ কৰে। কিন্তু যিসকলে তাওবা কৰিছে আৰু নিজকে সংশোধন কৰিছে আৰু সত্যক সুস্পষ্টভাৱে ব্যক্ত কৰিছে। তেওঁলোকেই হৈছে সেইসকল লোক, যিসকলৰ তাওবা আমি কবুল কৰোঁ; আৰু মই অধিক তাওবা কবুলকাৰী, পৰম দয়ালু।” [ছুৰা আল-বাক্বাৰাহঃ ১৫৯-১৬০] কোৰআনৰ আয়াত আৰু হাদীছসমূহে প্ৰমাণ কৰে যে, আল্লাহৰ প্ৰতি আহ্বান কৰা আৰু মানুহক সঠিক পথৰ দিকনিৰ্দেশনা দিয়াটো হৈছে সৰ্বশ্ৰেষ্ঠ ইবাদত আৰু সৰ্বাধিক গুৰুত্বপূৰ্ণ দায়িত্ব। এইটোৱে হৈছে নবী ৰাছুলসকলৰ তথা কিয়ামত পৰ্যন্ত যিসকল লোকে তেওঁলোকৰ অনুসৰণ কৰিব সেইসকল লোকৰ পথ। যেনে- মহান আল্লাহে কৈছেঃ “সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান কৰে, লগতে সৎকৰ্ম কৰে? আৰু কয়, ‘নিশ্চয় মই মুছলিমসকলৰ অন্তৰ্ভুক্ত।” (ছুৰা ফুচ্ছিলাতঃ ৩৩), সৰ্বশক্তিমান আল্লাহে আৰু কৈছেঃ “কোৱা, এইটোৱেই হৈছে মোৰ পথ, মই আৰু মোৰ অনুসাৰীসকলে পূৰ্ণ বিশ্বাসৰ সৈতে জানি-বুজি আল্লাহৰ প্ৰতি আহ্বান কৰোঁ। আল্লাহ অতি পৱিত্ৰ, আৰু মই মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহয়।” (ছুৰা ইউছুফঃ ১০৮)
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “যি ব্যক্তিয়ে কল্যাণৰ পথ দেখুৱায়, তেৱোঁ আমলকাৰীৰ সমপৰিমাণ ছোৱাব পায়।” [১০৪] “তোমাৰ দ্বাৰা এজন লোকেও যদি ঈমান পোষণ কৰে, তেন্তে সেয়া তোমাৰ বাবে ৰঙা উটতকৈও উত্তম।” [১০৫] এনেকুৱা অৰ্থৰ আয়াত আৰু হাদীছ বহুতো আছে। [১০৪] (মুছলিমঃ ১৮৯৩) [১০৫] (বুখাৰীঃ ৩০০৯, আৰু মুছলিমঃ ২৪০৬)
গতিকে বিজ্ঞ লোকসকলে আৰু ঈমানৰ অধিকাৰীসকলে আল্লাহৰ প্ৰতি আহ্বান কৰাৰ ক্ষেত্ৰত দ্বিগুণ প্ৰচেষ্টা কৰা উচিত আৰু মানুহক মুক্তিৰ পথ দেখুৱাৰ ক্ষেত্ৰত সদায় সচেষ্ট হোৱা উচিত, লগতে সিহঁতক ধ্বংসৰ কাৰণসমূহৰ পৰা সতৰ্ক কৰা উচিত। বিশেষকৈ এই যুগত, যি সময়ত প্ৰবৃত্তিৰ অনুসৰণ ব্যাপকভাৱে বৃদ্ধি পাইছে, ধ্বংসাত্মক মতবাদ আৰু বিভ্ৰান্তিকৰ শ্লোগান প্ৰসাৰিত হৈছে, হিদায়তৰ আহ্বানকাৰী হ্ৰাস হৈছে, পক্ষান্তৰে নাস্তিকতা আৰু অশ্লীলতাৰ প্ৰচাৰকাৰীৰ সংখ্যা বৃদ্ধি পাইছে। মহান আল্লাহেই সহায়কাৰী। সৰ্বশক্তিমান সুউচ্চ আল্লাহৰ বাহিৰে আন কাৰো শক্তি তথা ক্ষমতা নাই।
পৰিচ্ছেদ
নেক কৰ্মৰ পাথেয় সংগ্ৰহ কৰা মুস্তাহাব
হাজীসকলে মক্কাত থকা সময়ছোৱাত মহান আল্লাহৰ বেছি বেছি জিকৰ-আজকাৰ কৰা, তেওঁৰ আনুগত্য কৰা আৰু নেক আমলৰ মাজত ব্যস্ত থকা মুস্তাহাব। বেছি বেছি নফল নামাজ, নফল তাৱাফ কৰাটোও হৈছে মুস্তাহাব। কাৰণ হাৰামৰ ভিতৰত কৰা নেক আমলৰ ছোৱাব বৃদ্ধিকৈ প্ৰদান কৰা হয়, লগতে ইয়াত কৰা গুনাহৰ ভয়াৱহতাও হৈছে অধিক ভয়ংকৰ। এইদৰে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতিও বেছি বেছি দৰূদ আৰু ছালাম পাঠ কৰাও মুস্তাহাব।
হাজীসকলে মক্কাৰ পৰা ওলাই অহাৰ সময়ত কাবা ঘৰৰ বিদায়ী তাৱাফ কৰাটো বাঞ্চনীয়, যাতে বাইতুল্লাহৰ তাৱাফটো হয় তেওঁলোকৰ শেষ কাম। কিন্তু হায়েজ বা নিফাছ অৱস্থাত থকা নাৰীসকলৰ ক্ষেত্ৰত বিদায়ী তাৱাফ কৰাৰ প্ৰয়োজন নাই। ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত হাদীছ, তেওঁ কৈছেঃ “নবী (চাল্লাল্লাহু আলাইহি অছাল্লামে) মানুহক এই বিষয়ে আদেশ কৰিছিল যে, তেওঁলোকৰ সর্বশেষ কামটো যাতে কা’বাত সম্পন্ন হয় [অৰ্থাৎ বিদায়ী তাৱাফৰ মাধ্যমত]। কিন্তু তেখেতে হায়েজ অৱস্থাত থকা নাৰীসকলৰ বাবে এই বিধান লাঘৱ কৰিছিল।”[১০৬] [১০৬] (বুখাৰীঃ ১৭৫৫, আৰু মুছলিমঃ ১৩২৮)
বাইতুল্লাহৰ বিদায়ী পৰ্ব শেষ কৰি মছজিদৰ পৰা বাহিৰ হোৱাৰ সময়ত সন্মুখৰ ফালে খোজকাঢ়ি ওলাই আহিব। কিছুমানে পিছফালে ওলোটা ভৰিৰে খোজকাঢ়ি আহে, এইটো কোনো পধ্যেই চৰীয়ত সন্মত নহয়। এইটো নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰাও প্ৰমাণিত নহয় আৰু চাহাবাসকলৰ পৰাও প্ৰমাণিত নহয়। বৰং এইটো হৈছে নৱাৱিষ্কৃত এটা বিদআত। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “যিয়ে এনেকুৱা কোনো আমল কৰিছে, যিটো আমাৰ চৰীয়তত নাই সেইটো হৈছে প্ৰত্যাখ্যাত।” [১০৭] তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ “(চৰীয়তৰ ক্ষেত্ৰত) নৱাৱিষ্কৃত বিষয় সম্পৰ্কে সাৱধান থাকিবা, কাৰণ প্ৰত্যেক নতুনত্বৰ হৈছে বিদ'আত, আৰু প্ৰত্যেক বিদ'আতেই হৈছে ভ্ৰষ্টতা।” [১০৮] [১০৭] ইয়াৰ উৎস পূৰ্বোল্লিখিত। [১০৮] মুছলিমে জাবিৰ ইবনে আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণনা কৰিছে: (৮৬৭)।
মহান আল্লাহৰ ওচৰত দুআ কৰোঁ, তেওঁ যেন আমাক তেওঁৰ দ্বীনৰ ওপৰত অটল ৰাখে, লগতে চৰীয়ত বিৰোধী কৰ্মৰ পৰা ৰক্ষা কৰে। নিশ্চয় তেওঁ অত্যন্ত দাতা আৰু পৰম দয়ালু।
পৰিচ্ছেদ
ঝিয়াৰতৰ বিধি-বিধান আৰু নীতি-নিয়ম
হজ্জৰ আগত অথবা পিছত মছজিদে নবৱী ঝিয়াৰত কৰা ছুন্নত। যিহেতু এইটো বুখাৰী আৰু মুছলিমত বৰ্ণিত হাদীছৰ দ্বাৰা প্ৰমাণিত যে, আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “মছজিদে হাৰামৰ বাহিৰে অন্যান্য মছজিদৰ তুলনাত মোৰ এই মছজিদত নামাজ পঢ়াটো এহেজাৰ গুণ উত্তম।” [১০৯] আৰু ইবনে ‘ওমৰ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “মছজিদে হাৰামৰ বাহিৰে অন্যান্য মছজিদৰ তুলনাত মোৰ এই মছজিদত নামাজ পঢ়াটো এহেজাৰ গুণ উত্তম।” [১১০] (মুছলিম) আৰু আব্দুল্লাহ বিন যুবাইৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “মছজিদে হাৰামৰ বাহিৰে বেলেগ যিকোনো মছজিদত চালাত আদায় কৰাৰ ছোৱাবৰ তুলনাত মোৰ এই মছজিদৰ ছোৱাব হৈছে এহেজাৰতকৈ অধিক শ্ৰেষ্ঠ। আনহাতে মছজিদে হাৰামত আদায় কৰা এটা নামাজ মোৰ এই মছজিদত এশ বাৰ নামাজ পঢ়াতকৈ অধিক শ্ৰেষ্ঠ।” [১১১] আহমদ, ইবনে খুজাইমা, ইবনে হিব্বান [১০৯] (বুখাৰীঃ ১১৯০, আৰু মুছলিমঃ ১৩৯৪) [১১০] (মুছলিমঃ ১৩৯৫) [১১১] (মুছনাদে আহমদঃ ৪/৫)
জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “মছজিদে হাৰামৰ বাহিৰে অন্যান্য মছজিদৰ তুলনাত মোৰ এই মছজিদত নামাজ পঢ়াৰ ছোৱাব এহেজাৰ গুণ উত্তম, আৰু অন্যান্য মছজিদৰ তুলনাত মছজিদে হাৰামত নামাজ পঢ়াৰ ছোৱাব এক লাখ গুণ উত্তম।” [১১২] আহমদ আৰু ইবনে মাজাহ। এই অৰ্থত বহুতো হাদীছ আছে। [১১২] (ইবনে মাজাহঃ হাদীছ নং ১৪০৬)
মছজিদে হাৰামত উপস্থিত হৈ প্ৰথমে সোঁ ভৰি আগুৱাই দিয়া মুস্তাহাব, লগতে এই দুআটো পাঠ কৰিব লাগেঃ "বিছমিল্লাহ, অচ্ছালাতু অচ্ছালামু আলা ৰাছুলিল্লাহ, আউজু বিল্লাহিল আজীম, অবি ৱজহিহিল কাৰীম অছুলত্বনিহিল ক্বাদীম, মিনাশ্ব শ্বাইত্বনিৰ ৰাজীম, আল্লা-হুম্মাফ তাহলী আবওৱাবা ৰাহমাতিক।"
অন্যান্য মছজিদত প্ৰৱেশৰ সময়তো এই দুআটো পাঠ কৰিব লাগে। মছজিদে নবৱীত প্ৰৱেশৰ সময়ত কোনো নিৰ্দিষ্ট দুআ নাই। ইয়াৰ পাছত তেওঁ দুই ৰাকাত নামাজ পঢ়িব আৰু তাৰ পাছত নিজৰ ইচ্ছামতে আল্লাহৰ ওচৰত পৃথিৱী আৰু আখিৰাতৰ কল্যাণ কামনা কৰি দুআ কৰিব। এই দুই ৰাকাত নামাজ ৰওজাত পঢ়িলে বেছি উত্তম। কাৰণ ৰওজা সম্পৰ্কে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “মোৰ ঘৰ আৰু মিম্বৰৰ মধ্যৱৰ্তী ঠাইখিনি হৈছে জান্নাতৰ এখন বাগান।” [১১৩] নামাজ শেষ কৰি নবী চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেখেতৰ দুয়ো চাহাবী আবু বকৰ আৰু ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ কবৰ ঝিয়াৰত কৰিব। প্ৰথমে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰৰ ফালে মুখ কৰি আদব সহকাৰে আৰু নিম্নস্বৰে এই বুলি ছালাম দিবঃ আচ্ছালামু আলাইকা ইয়া ৰাছুলাল্লাহি অৰাহমাতুল্লাহি অবাৰাকাতুহ। কিয়নো ছুনানে আবি দাঊদত হাছান চনদৰ সৈতে আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “মোৰ প্ৰতি যেতিয়াই কোনোবাই ছালাম প্ৰেৰণ কৰে, তেতিয়াই আল্লাহে মোক মোৰ প্ৰাণ ওভোতাই দিয়ে, যাতে মই সেই ছালামৰ উত্তৰ দিব পাৰোঁ।” [১১৪] আনহাতে যদি ঝিয়াৰতকাৰীয়ে এইদৰে কয়ঃ “আচ্ছালামু আলাইকা ইয়া নাবিয়্যাল্লাহ, আচ্ছালামু আলাইকা ইয়া খীৰাতাল্লাহি মিন খালক্বিহি, আচ্ছালামু আলাইকা ইয়া ছায়্যিদাল মুৰছালীনা ওৱা ইমামাল মুত্তাক্বীন। আশ্বহাদু আন্নাকা ক্বদ বাল্লাগতাৰ ৰিছালাহ, ওৱা আদ্দাইতাল আমানাহ, অনাচাহতাল উম্মাহ, অজাহাত্তা ফিল্লাহি হাক্কা জিহাদিহ।” অৰ্থঃ হে আল্লাহৰ নবী! আপোনাৰ ওপৰত শান্তি বৰ্ষিত হওক। হে আল্লাহৰ সৃষ্টিৰ মাজৰ পৰা মনোনীত ব্যক্তি! আপোনাৰ ওপৰত শান্তি বৰ্ষিত হওক। হে ৰাছুলসকলৰ চৰ্দাৰ আৰু মুত্তাক্বীসকলৰ ইমাম! আপোনাৰ ওপৰত শান্তি বৰ্ষিত হওক। মই সাক্ষ্য দিওঁ যে, নিশ্চয় আপুনি ৰিছালাত পৌঁচাই দিছে, আমানত আদায় কৰিছে, উম্মতক সৎ উপদেশ দিছে আৰু আল্লাহৰ পথত প্ৰকৃত জিহাদ কৰিছে। তথাপিও কোনো অসুবিধা নাই। কাৰণ এই সকলোবোৰ হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ গুণাৱলী। ইয়াৰ লগতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি দৰূদো পাঠ কৰিব আৰু তেখেতৰ বাবে দুআ কৰিব। যিহেতু চৰীয়তত তেখেতৰ ওপৰত দৰূদ আৰু ছালাম একেলগে পাঠ কৰাৰ নিয়ম আছে। মহান আল্লাহৰ এই বাণীৰ প্ৰতি আমল কৰিঃ “নিশ্চয় আল্লাহে নবীৰ প্ৰতি অনুগ্ৰহ কৰে আৰু তেওঁৰ ফিৰিস্তাসকলেও নবীৰ বাবে দুআ আৰু ইস্তিগফাৰ কৰে। হে ঈমান্দাৰসকল! তোমালোকেও নবীৰ প্ৰতি দৰূদ পাঠ কৰা আৰু তেওঁক যথাযথভাৱে ছালাম জনোৱা।” (ছুৰা আল-আহঝাবঃ ৫৬) ইয়াৰ পিছত আবু বকৰ আৰু ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাক ছালাম দিব, তেওঁলোকৰ বাবে দুআ কৰিব আৰু তেওঁলোকৰ প্ৰতি আল্লাহৰ সন্তুষ্টি কামনা কৰিব। [১১৩] আব্দুল্লাহ বিন ঝায়েদ আল-মাঝিনীৰ পৰা বৰ্ণিত, (বুখাৰীঃ ১১৯৫, আৰু মুছলিমঃ ১৩৯০) [১১৪] (আবু দাউদঃ ২০৪১)
ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাই সচৰাচৰ যেতিয়া ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি আৰু দুই চাহাবীৰ প্ৰতি ছালাম দিছিল, তেতিয়া কেৱল এই বুলি কৈছিলঃ “আচ্ছালামু আলাইকা ইয়া ৰাছুলাল্লাহ, আচ্ছালামু আলাইকা ইয়া আবা বকৰ, আচ্ছালামু আলাইকা ইয়া আবাতা-হ।” অৰ্থঃ হে আল্লাহৰ ৰাছুল আপোনাৰ ওপৰত শান্তি বৰ্ষিত হওক, হে আবু বকৰ আপোনাৰ ওপৰত শান্তি বৰ্ষিত হওক, হে মোৰ পিতা! আপোনাৰ ওপৰত শান্তি বৰ্ষিত হওক। ইয়াৰ পিছত গুচি আহিব।
এই ঝিয়াৰত কেৱল পুৰুষসকলৰ বাবে নিৰ্দিষ্ট। নাৰীসকলৰ বাবে কবৰ ঝিয়াৰতৰ অনুমতি নাই। কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা প্ৰমাণিত আছে যে, তেখেতে “কবৰ জিয়াৰতকাৰী নাৰীসকলৰ প্ৰতি, আৰু যিসকলে ইয়াৰ ওপৰত মছজিদ নিৰ্মাণ কৰে লগতে চাকি জ্বলায়, সিহঁতৰ প্ৰতি অভিসম্পাত কৰিছে৷ [১১৫] [১১৫] (আবু দাউদঃ ৩২৩৬)
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ মছজিদত নামাজ পঢ়া আৰু দুআ কৰাৰ উদ্দেশ্যে যোৱাটো চৰীয়তসন্মত। এই উদ্দেশ্যেৰে সকলো মছজিদতে যোৱা বৈধ। এইটো সকলোৰে বাবে বৈধ। এই বিষয়ে ইতিমধ্যে প্ৰমাণসমূহ উল্লেখ কৰা হৈছে।
ঝিয়াৰতকাৰীয়ে পাঁচ ওৱাক্ত নামাজ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ মছজিদত আদায় কৰা ছুন্নত, লগতে বেছি বেছি দুআ কৰা, জিকৰ-আজকাৰ পাঠ কৰা আৰু নফল নামাজ আদায় কৰিব লাগে। কাৰণ যাতে তেওঁ ইয়াৰ দ্বাৰা অফুৰন্ত ছোৱাব অৰ্জন কৰিব পাৰে।
ৰওজাত বেছি বেছি নফল চালাত আদায় কৰা মুস্তাহাব। ইয়াৰ গুৰুত্ব তথা ফজীলত সম্পূৰ্কে ইতিমধ্যে বিশুদ্ধ হাদীছ বৰ্ণনা কৰা হৈছে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “মোৰ ঘৰ আৰু মিম্বৰৰ মধ্যৱৰ্তী ঠাইখিনি হৈছে জান্নাতৰ এখন বাগান৷” [১১৬] [১১৬] ইয়াৰ উৎস পূৰ্বোল্লিখিত।
আনহাতে ফৰজ নামাজৰ ক্ষেত্ৰত ঝিয়াৰতকাৰীয়ে দ্ৰুত প্ৰস্তুতি লোৱা উচিত আৰু দায়িত্বশীলতাৰ সৈতে প্ৰথম শাৰীত উপস্থিত হ'বলৈ চেষ্টা কৰা উচিত। যদিও প্ৰথম শাৰীত উপস্থিত হোৱাটো অত্যন্ত কষ্টকৰ, তথাপিও চেষ্টাত ত্ৰুটি কৰিব নালাগে। যিহেতু প্ৰথম শাৰীত থিয় হ'বলৈ ছহীহ হাদীছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উৎসাহিত কৰিছে। যেনে- তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “আজান আৰু নামাজৰ প্ৰথম শাৰীৰ ফজীলত সম্পৰ্কে যদি মানুহে জানিলেহেঁতেন, আৰু লটাৰিৰ বাহিৰে বেলেগ কোনো উপায়ে যদি এই সুযোগ লাভ কৰাটো সম্ভৱ নহ'লহেঁতেন তেন্তে সিহঁতে নিশ্চয় লটাৰিয়ে কৰিলেহেঁতেন।” [১১৭] (মুত্তাফাক্ব আলাইহ) এইদৰে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক উদ্দেশ্যি কৈছিলঃ “তোমালোকে সন্মুখৰ ফালে অগ্ৰসৰ হোৱা, আৰু মোৰ অনুসৰণ কৰা, তোমালোকৰ পিছৰ লোকসকলে তোমালোকক অনুসৰণ কৰিব। (মনত ৰাখিবা) যিয়ে সদায় নামাজত পলমকৈ উপস্থিত হ'ব, অৱশেষত আল্লাহে তাক পিছুৱাই দিব।” [১১৮] (মুছলিম) [১১৭] মুছলিমে আবু ছায়ীদ আল-খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণনা কৰিছে: (৪৩৮)। [১১৮] (বুখাৰীঃ ৬১৫, আৰু মুছলিমঃ ৪৩৭)
আৰু আবু দাউদে হাছান ছনদৰ সৈতে আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণনা কৰিছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “কোনো ব্যক্তিয়ে যদি সদায় প্ৰথম শাৰীৰ পৰা পিছুৱাই থাকে, অৱশেষত আল্লাহে তাক ইমান পিছুৱাই দিয়ে যে, তাক জাহান্নামত নিক্ষেপ কৰে।” [১১৯] নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা এইটোও প্ৰমাণিত আছে যে, তেখেতে চাহাবাসকলক কৈছিলঃ “তোমালোকে ফিৰিস্তাসকলৰ দৰে শাৰীবদ্ধভাৱে থিয় হ'ব নোৱাৰা নেকি? যিদৰে তেওঁলোকে নিজ প্ৰতিপালকৰ সন্মুখত থিয় হয়। তেওঁলোকে ক'লেঃ হে আল্লাহৰ ৰাছুল! ফিৰিস্তাসকলে তেওঁলোকৰ প্ৰতিপালকৰ সন্মুখত কেনেকৈ থিয় হয়? তেখেতে ক'লেঃ তেওঁলোকে প্ৰথম শাৰী পূৰ্ণ কৰে, (তাৰ পিছত পৰৱৰ্তী শাৰী পূৰ্ণ কৰে৷) তেওঁলোকে শাৰীবোৰ নিছিদ্ৰভাৱে পূৰ্ণ কৰে, তাৰ মাজত কোনো ধৰণৰ ফাঁক নাথাকে।” [১২০] (মুছলিম) [১১৯] মুছলিমে জাবিৰ ইবনে ছামুৰাৰ পৰা বৰ্ণনা কৰিছে, হাদীছ নং (৪৩০)। [১২০] (আবু দাউদঃ ৬৭৯) আৰু ইয়াৰ শব্দ হৈছেঃ “একাংশ লোক প্ৰথম শাৰীৰ পৰা সদায় পিছুৱাই থাকে, আনকি শেষত আল্লাহেও সিহঁতক জাহান্নামত পিছুৱাই থকা লোকসকলৰ অন্তৰ্ভুক্ত কৰি দিয়ে।”
এনেকুৱা অৰ্থৰ হাদীছ বহুতো আছে, যিবোৰ মছজিদে নবৱীকে আদি কৰি সকলো মছজিদৰ ক্ষেত্ৰতে প্ৰযোজ্য। সেয়া ঝিয়াৰতৰ আগত হওক বা পিছত। এইটোও প্ৰমাণিত আছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক সোঁফালে থিয় হ'বলৈ উৎসাহিত কৰিছিল। জানি থোৱা উচিত যে, তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ মছজিদৰ সোঁফালটো হৈছে ৰওজাৰ বাহিৰত। গতিকে ইয়াৰ দ্বাৰা বুজা যায় যে, সোঁফালে থিয় হোৱাটো হৈছে ৰওজাত আদায় কৰা চালাততকৈও গুৰুত্বপূৰ্ণ, আনকি এই ক্ষেত্ৰত যত্নৱান হোৱাটো ৰওজাত নামাজ পঢ়াতকৈও অধিক প্ৰাধান্যযোগ্য। এই বিষয়টো যে স্পষ্ট, সেই কথা প্ৰত্যেক সেই ব্যক্তিয়ে গম পাব, যিয়ে এই বিষয়ে বৰ্ণিত হাদীছসমূহকলৈ চিন্তা চৰ্চা কৰিব। একমাত্ৰ আল্লাহেই তাওফীক প্ৰদানকাৰী।
হুজৰা স্পৰ্শ কৰা অথবা চুমা খোৱা বা হুজৰাৰ তাৱাফ কৰাটো কাৰো বাবেই বৈধ নহয়। কাৰণ এইটো ছালাফে চলেহীনৰ পৰা প্ৰমাণিত নহয়। বৰং এইটো হৈছে এটা নিকৃষ্ট তথা নিন্দনীয় বিদআত।
এইদৰে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত প্ৰয়োজন পূৰণৰ বাবে আবেদন কৰা, সংকট দূৰীকৰণৰ বাবে প্ৰাৰ্থনা কৰা, নাইবা আৰোগ্য বিচাৰি দুআ কৰা আদি কাৰো বাবেই বৈধ নহয়। কাৰণ এইবোৰ একমাত্ৰ আল্লাহৰ ওচৰতহে কৰিব লাগে। মৃত ব্যক্তিৰ ওচৰত এইবোৰ বিচৰাটো হৈছে শ্বিৰ্ক তথা আনৰ ইবাদত কৰাৰ অন্তৰ্ভুক্ত। ইছলাম ধৰ্ম দৰাচলতে দুটা মৌলিক ভিত্তিৰ ওপৰত প্ৰতিষ্ঠিত।
প্ৰথমঃ একমাত্ৰ আল্লাহৰ বাহিৰে আন কাৰো ইবাদত কৰা বৈধ নহয়।
দ্বিতীয়ঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে দেখুৱাই যোৱা পদ্ধতিৰ বাহিৰে বেলেগ কোনো পদ্ধতিৰে ইবাদত কৰা বৈধ নহয়।
এইটোৱে হৈছে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ (উপাস্য) নাই আৰু মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) হৈছে আল্লাহৰ ৰাছুল। এই সাক্ষ্য প্ৰদানৰ মূল উদ্দেশ্য।
এইদৰে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত শ্বাফাআত দাবী কৰাও বৈধ নহয়। কিয়নো এইটো হৈছে আল্লাহৰ মালিকানাধীন। গতিকে এইটো একমাত্ৰ আল্লাহৰ ওচৰতেই বিচাৰিব লাগিব। যেনে- মহান আল্লাহে কৈছেঃ “কোৱা, সকলো ধৰণৰ ছুপাৰিছ আল্লাহৰ মালিকানাধীন....।” (ছুৰা আজ-ঝুমৰঃ ৪৪) বৰং এনেকৈ ক'ব পাৰেঃ “হে আল্লাহ! মোৰ বাবে তোমাৰ নবীৰ ছুপাৰিছ কবূল কৰা। হে আল্লাহ! মোৰ বাবে তোমাৰ ফিৰিস্তাসকলৰ আৰু তোমাৰ মুমিন বান্দাসকলৰ ছুপাৰিছ কবূল কৰা। হে আল্লাহ! মোৰ বাবে মোৰ আমলসমূহৰ ছুপাৰিছ কবূল কৰা”, ইত্যাদি। কিন্তু মৃত ব্যক্তিৰ ওচৰত একো বিচৰা বৈধ নহয়। সেয়া ছুপাৰিছ হওক বা বেলেগ কোনো বস্তু। তেওঁ নবী হওক বা বেলেগ কোনো পুণ্যৱান ব্যক্তি। কাৰণ এইটো হৈছে চৰীয়ত পৰিপন্থী কৰ্ম। কিয়নো মৃতসকলৰ বাবে সকলো আমলৰ দুৱাৰ বন্ধ, কেৱল চৰীয়তে যিটোৰ অনুমতি দিছে সেইটোৰ বাহিৰে।
ছহীহ মুছলিমত আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “যেতিয়া কোনো মানুহে মৃত্যুবৰণ কৰে, তেতিয়া তাৰ আমলৰ দুৱাৰসমূহ বন্ধ হৈ যায়, কেৱল তিনিটা উপায়ৰ বাহিৰেঃ চাদাক্বাহ জাৰিয়াহ, এনেকুৱা বিদ্যা যিটোৰ দ্বাৰা মানুহে উপকৃত হয়, আৰু এনেকুৱা নেক সন্তান যিয়ে তাৰ বাবে দুআ কৰে।” [১২১] [১২১] (মুছলিমঃ ১৬৩১, হাদীছটো আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত।)
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ জীৱিত অৱস্থাত তেখেতৰ ওচৰত শ্বাফাআত বিচৰা আৰু কিয়ামত দিৱসত তেখেতৰ পৰা শ্বাফাআত দাবী কৰাটো বৈধ আছিল, কাৰণ তেখেতক এই অধিকাৰ প্ৰদান কৰা হৈছে। যিহেতু একমাত্ৰ তেৱেঁই কিয়ামতৰ দিনা নিজ প্ৰতিপালকৰ সন্মুখত গৈ ছুপাৰিছ কৰাৰ অনুমতি বিচাৰিব। আনহাতে পাৰ্থিৱ বিষয়টো স্পষ্ট, কাৰণ এইটো কেৱল তেখেতৰ বাবে নিৰ্দিষ্ট নহয়, বৰং এইটো তেখেতৰ লগতে সকলোৰে বাবে বৈধ। গতিকে যিকোনো মুছলিমে আন এজন মুছলিমক এইদৰে ক'ব পাৰে যে, মোৰ বাবে আল্লাহৰ ওচৰত এই এই বিষয়ে ছুপাৰিছ কৰক, অৰ্থাৎ মোৰ বাবে দুআ কৰি দিয়ক। এনে ক্ষেত্ৰত যাক অনুৰোধ কৰা হৈছে, তেওঁ আল্লাহৰ ওচৰত দুআ কৰা আৰু তাৰ বাবে ছুপাৰিছ কৰা বৈধ। কিন্তু চৰ্ত হৈছে প্ৰস্তাৱিত বিষয়টো বৈধ হ'ব লাগিব।
আনহাতে ক্বিয়ামতৰ দিনা আল্লাহ চুবহানাহু অতাআলাৰ অনুমতি অবিহনে কোনেও শ্বাফাআত কৰিব নোৱাৰিব, যেনে- মহান আল্লাহে কৈছেঃ “কোন আছে এনেকুৱা, যিয়ে তেওঁৰ অনুমতি অবিহনে তেওঁৰ ওচৰত চুপাৰিছ কৰিব পাৰিব?” (ছুৰা আল-বাক্বাৰাহঃ ২৫৫)
মৃত্যুৰ অৱস্থা হৈছে এটা বিশেষ অৱস্থা, ইয়াক জীৱিত অৱস্থাৰ সৈতে বা পুনৰুত্থানৰ পাছৰ অৱস্থাৰ সৈতে তুলনা কৰাটো বৈধ নহয়। কিয়নো মৃত্যুৰ পাছত মানুহৰ সকলো আমলৰ দুৱাৰ বন্ধ হৈ যায়, আৰু মৃত ব্যক্তি নিজৰ কৰ্মফলৰ মাজতেই আৱদ্ধ হৈ থাকে, কিন্তু নিৰ্দিষ্ট কিছুমান ক্ষেত্ৰত চৰীয়তে ইয়াৰ ব্যতিক্ৰম নিৰ্ধাৰণ কৰিছে। মৃত ব্যক্তিৰ ওচৰত শ্বাফাআত বিচাৰি আবেদন কৰাটো এই ব্যতিক্ৰমৰ অন্তৰ্ভুক্ত নহয়। সেয়ে ইয়াক ইয়াৰ অন্তৰ্ভুক্ত কৰাটো কোনো পধ্যেই বৈধ নহয়। নিঃসন্দেহে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মৃত্যুৰ পাছত এনেকুৱা এটা বাৰঝাখী জীৱন যাপন কৰি আছে, যিটো শ্বহীদসকলৰ জীৱনতকৈও পূৰ্ণাংগ। কিন্তু এই জীৱন মৃত্যুৰ পূৰ্বৰ জীৱনৰ দৰে নহয়, লগতে কিয়ামত দিৱসৰ জীৱনৰ লগতো ইয়াৰ কোনো সাদৃশ্য নাই। বৰং এইটো হৈছে এনেকুৱা এটা জীৱন, যিটো অৱস্থা আৰু প্ৰকৃতি সম্পৰ্কে একমাত্ৰ মহান আল্লাহেই অৱগত। এইকাৰণেই পূৰ্বৱৰ্তী হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “মোৰ প্ৰতি যেতিয়াই কোনোবাই ছালাম প্ৰেৰণ কৰে, তেতিয়াই আল্লাহে মোক মোৰ প্ৰাণ ওভোতাই দিয়ে, যাতে মই সেই ছালামৰ উত্তৰ দিব পাৰোঁ।” [১২২]
এতেকে ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে, তেখেত হৈছে মৃত। তেখেতৰ ৰূহ তেখেতৰ পৰা পৃথক হৈ গৈছে। কিন্তু তেখেতক তেখেতৰ ৰূহ ওভোতাই দিয়া হয়, যেতিয়া তেখেতলৈ ছালাম প্ৰেৰণ কৰা হয়। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৃত্যুৰ বিষয়টোত কোৰআন আৰু ছুন্নাহৰ দলীলসমূহ স্পষ্ট। বিশেষজ্ঞ উলামাসকলৰ মাজত এইটো এটা নিশ্চিত ঐকমত্যপূৰ্ণ বিষয়। কিন্তু এইটো তেখেতৰ বাৰঝাখী জীৱনৰ পৰিপন্থী কোনো বিষয় নহয়। যিদৰে শ্বহীদসকলৰ মৃত্যু, তেওঁলোকৰ বাৰঝাখী জীৱনৰ বাস্তৱতাৰ পৰিপন্থী নহয়। যেনে- মহান আল্লাহে কৈছেঃ “যিসকলে আল্লাহৰ পথত নিহত হৈছে তেওঁলোকক কেতিয়াও মৃত বুলি ধাৰণা নকৰিবা; বৰং তেওঁলোক নিজ প্ৰতিপালকৰ ওচৰত জীৱিত আছে আৰু তেওঁলোকক জীৱিকাও দিয়া হয়।” (ছুৰা আলে-ইমৰাণঃ ১৬৯) [১২২] (আবু দাউদঃ ২০৪১)
আমি এই বিষয়ে বিস্তাৰিত আলোচনা কৰিছোঁ, কাৰণ ইয়াৰ প্ৰয়োজনীয়তা অধিক। যিহেতু পৰিলক্ষিত হৈছে যে, বহুতেই এই পথ অনুসৰণ কৰিছে, যিসকলে আল্লাহৰ বাহিৰে মানুহক শ্বিৰ্কৰ ফালে তথা মৃত লোকসকলৰ ইবাদতৰ ফালে আহ্বান কৰি আছে। আমি আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, তেওঁ যেন আমাক আৰু সকলো মুছলিমকে তেওঁৰ চৰীয়তৰ পৰিপন্থী কামৰ পৰা ৰক্ষা কৰে তথা নিৰাপদে ৰাখে। আল্লাহেই সৰ্বজ্ঞ।
কিছুমান ঝিয়াৰতকাৰীক দেখিবলৈ পোৱা যায় যে, তেওঁলোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰৰ সন্মুখত উচ্চস্বৰে প্ৰাৰ্থনা কৰে, আৰু দীৰ্ঘ সময় থিয় হৈ থাকে, এইটো হৈছে চৰীয়ত বিৰোধী কৰ্ম। কিয়নো মহান আল্লাহে এই উম্মতক নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কণ্ঠস্বৰৰ ওপৰত নিজৰ কণ্ঠস্বৰ উচ্চ কৰিবলৈ নিষেধ কৰিছে। আনকি ইজনে সিজনৰ সৈতে কথা কোৱাৰ দৰে কথা ক'বলৈও নিষেধ কৰিছে। বৰং তেখেতৰ সন্মুখত নিম্নস্বৰে কথা ক'বলৈ উৎসাহিত কৰিছে। যেনে- মহান আল্লাহে কৈছেঃ “হে মুমিনসকল! তোমালোকে নবীৰ কণ্ঠস্বৰৰ ওপৰত নিজৰ কণ্ঠস্বৰ উচ্চ নকৰিবা আৰু নিজৰ মাজত যেনেকৈ উচ্চস্বৰে কথা কোৱা তেওঁৰ লগত তেনেকৈ উচ্চস্বৰত কথা নক’বা; অন্যথা তোমালোকে গ'ম নোপোৱাকৈয়ে তোমালোকৰ সকলো আমল বিনষ্ট হৈ যাব। নিশ্চয় যিসকলে আল্লাহৰ ৰাছুলৰ সন্মুখত নিজৰ কণ্ঠস্বৰ অৱনমিত কৰে, আল্লাহে তেওঁলোকৰ অন্তৰসমূহক তাক্বৱাৰ বাবে নিৰ্বাচিত কৰিছে। তেওঁলোকৰ বাবে আছে ক্ষমা আৰু মহা পুৰস্কাৰ।” (ছুৰা আল-হুজুৰাতঃ ২-৩)
ইয়াৰ ওপৰিও, তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰৰ ওচৰত বেছি সময় থিয় হৈ থাকি অধিক ছালাম পাঠ কৰাৰ ফলত অধিক ভিৰ হয় আৰু অতিৰিক্ত শব্দ বৃদ্ধি পায়, উক্ত সুস্পষ্ট আয়াতসমূহত মহান আল্লাহে মুছলিমসকলক যিবোৰ বিধান দিছে এইটো হৈছে সেইবোৰৰ পৰিপন্থী। জীৱিত আৰু মৃত উভয় ক্ষেত্ৰতে তেখেত সন্মানীয়। সেয়ে প্ৰতিজন মুমিন ব্যক্তিৰে কৰ্তব্য, তেখেতৰ কবৰৰ ওচৰত এনেকুৱা কোনো কাম নকৰা যিটো ইছলামী শিষ্টাচাৰৰ পৰিপন্থী।
এইদৰে কিছুমান লোকে তেখেতৰ কবৰৰ ওচৰত আহি দুয়ো হাত উত্তোলন কৰি দুআ কৰাৰ চেষ্টা কৰে। এইটো হৈছে ছালাফে ছলেহীনসকলৰ আদৰ্শৰ পৰিপন্থী। অৰ্থাৎ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ চাহাবাসকল আৰু তেওঁলোকৰ প্ৰকৃত অনুসাৰী তাবেঈসকলৰ আদৰ্শ বিৰোধী। বৰং এইটো হৈছে এটা নতুন বিদআত। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: “এতেকে তোমালোকে মোৰ ছুন্নতক আৰু হিদায়তপ্ৰাপ্ত খুলাফায়ে ৰাশ্বিদীনৰ পদ্ধতিক মজবুতভাৱে মানি চলিবা, সেইটোক গুৰি দাঁতেৰে (অৰ্থাৎ মজবুতকৈ) খামোচি ধৰি ৰাখিবা; আৰু (চৰীয়তৰ ক্ষেত্ৰত) নৱাৱিষ্কৃত বিষয় সম্পৰ্কে সাৱধান থাকিবা, কাৰণ প্ৰত্যেক নতুনত্বৰ হৈছে বিদ'আত, আৰু প্ৰত্যেক বিদ'আতেই হৈছে ভ্ৰষ্টতা।”[১২৩] [১২৩] ইৰবাজ বিন ছাৰিয়াৰ দ্বাৰা বৰ্ণিত হাদীছৰ পৰা সংগৃহীত, (আবু দাউদঃ ৪৬০৭)
তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ “যিয়ে আমাৰ দ্বীনৰ মাজত এনেকুৱা কোনো নতুন বিষয় সংযুক্ত কৰিব, যিটো ইয়াৰ অংশ নহয়, সেয়া হৈছে প্ৰত্যাখ্যাত, (অৰ্থাৎ সেয়া গ্ৰহণযোগ্য নহয়)।”[১২৪] “যিয়ে এনেকুৱা কোনো আমল কৰিছে, যিটো আমাৰ চৰীয়তত নাই সেইটো প্ৰত্যাখ্যাত।”[১২৫] [১২৪] ইয়াৰ উৎস পূৰ্বোল্লিখিত। [১২৫] ইয়াৰ উৎস পূৰ্বোল্লিখিত।
আলী ইবনুল হুছাইন ঝাইনুল আবিদীন ৰাদ্বিয়াল্লাহু আনহুমা এজন ব্যক্তিক দেখিলে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰৰ ওচৰত দুআ কৰি আছে, তেওঁ সেই ব্যক্তিজনক নিষেধ কৰিলে আৰু ক'লেঃ মই তোমাক এনেকুৱা এটা হাদীছ শুনামনে যিটো মই মোৰ পিতাৰ পৰা, আৰু তেওঁ মোৰ আতাৰ পৰা, আৰু মোৰ আতাই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছিল, তেখেতে কৈছেঃ “তোমালোকে মোৰ কবৰক মেলাৰ স্থল নবনাবা আৰু নিজৰ ঘৰবোৰক কবৰত পৰিণত নকৰিবা। তোমালোকে মোৰ ওপৰত দুৰূদ পাঠ কৰা, কাৰণ তোমালোকে য’তেই নাথাকা কিয় তোমালোকৰ ছালাম মোৰ ওচৰলৈ পৌঁচাই দিয়া হয়।”[১২৬] [১২৬] শ্বাইখে ঝাইনুল আবিদীনৰ বৰ্ণনাটো হাফেজ মাকদিছীৰ সৈতে সম্পৃক্ত কৰিছে আৰু তেওঁ কাহিনীটো উল্লেখ নকৰাকৈ হাদীছটো উল্লেখ কৰিছে, আৰু আহমদে 'মুছনাদত' বৰ্ণনা কৰিছে (২/৩৬৭)।
এইদৰে কিছুমান ঝিয়াৰতকাৰীয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি ছালাম দিয়াৰ সময়ত নামাজৰ দৰে বাওঁ হাতৰ ওপৰত সোঁ হাত ৰাখি বুকুৰ ওপৰত ৰাখে বা তলত বান্ধি ৰাখে। এইদৰে থিয় হৈ তেখেতক ছালাম জনোৱাটো বৈধ নহয়। লগতে কোনো ৰজা বাদশ্বাহকো এইদৰে ছালাম দিয়া উচিত নহয়। কাৰণ এইটো হৈছে বিনয়- বিনম্ৰতা তথা ইবাদতৰ অৱস্থা। আল্লাহৰ বাহিৰে আন কাৰো বাবেই এনেকুৱা অৱস্থাত থিয় হোৱা উচিত নহয়। যেনে- হাফিজ ইবনু হাজাৰে ফাতহুল বাৰীত এই কথা উলামাসকলৰ পৰা বৰ্ণনা কৰিছে। যিয়ে এই বিষয়টো গভীৰভাৱে চিন্তা কৰিব তেওঁৰ ওচৰত এইটো স্পষ্ট হৈ পৰিব, যাৰ উদ্দেশ্য হৈছে ছালাফে চলেহীনৰ পথৰ অনুসৰণ।
আনহাতে যাৰ ওপৰত পক্ষপাতিত্ব, প্ৰবৃত্তি, অন্ধ তাক্বলীদে প্ৰভাৱ বিস্তাৰ কৰিছে আৰু ছালাফে চলেহীনৰ পথৰ প্ৰতি আহ্বানকাৰীসকলৰ প্ৰতি যিয়ে কু-ধাৰণা পোষণ কৰিছে, তাৰ বিষয়টো আল্লাহৰ ওপৰত ন্যস্ত। আমি আল্লাহৰ ওচৰত দুআ কৰোঁ, তেওঁ যেন আমাক সকলো বস্তুৰ ওপৰত সত্যক প্ৰাধান্য দিবলৈ হিদায়ত আৰু তাওফীক প্ৰদান কৰে। নিশ্চয় মহান আল্লাহেই হৈছে সৰ্বোৎকৃষ্ট সত্তা, যাৰ ওচৰত প্ৰাৰ্থনা কৰা হয়।
এইদৰে কিছুমানক দেখিবলৈ পোৱা যায় যে, সিহঁতে দূৰৰ পৰাই কবৰ শ্বৰীফৰ ফালে মুখ কৰি থিয় হৈ ছালাম আৰু দুআ পাঠ কৰে। এইটোও হৈছে পূৰ্বৱৰ্তী বিষয়সমূহৰ দৰেই বিদআত। দ্বীনৰ মাজত এনেকুৱা কোনো বিষয়েই নতুনকৈ সৃষ্টি কৰাটো ঠিক নহয়, যিটোৰ অনুমোদন আল্লাহ প্ৰদত্ত চৰীয়তে দিয়া নাই। এনেকুৱা ধৰণৰ কৰ্মকাণ্ডৰ ফলত উক্ত ব্যক্তিয়ে প্ৰকৃত উদ্দেশ্যৰ পৰা আঁতৰি যায় আৰু বিদ্বেষৰ ফালে গুচি যায়। এনেকুৱা ধৰণৰ বিষয়বোৰক ইমাম মালিক ৰাহিমাহুল্লাহে কঠোৰভাৱে নিষেধ কৰিছে তথা অসন্মতি প্ৰকাশ কৰি কৈছেঃ “যিটোৱে এই উম্মতৰ প্ৰথমাংশক সংশোধন কৰিছিল, তাৰ বাহিৰে বেলেগ একোৱেই ইয়াৰ শেষাংশক সংশোধন কৰিব নোৱাৰিব।” [১২৭] [১২৭] ইগাছাত আল-লাহফান ফি মাচা-য়িদিশ্ব শ্বাইত্বান (১/৩৬৩)।
এই কথা স্পষ্ট যে, এই উম্মতৰ প্ৰথম সময়ছোৱাৰ লোকসকলে যিটোৰ দ্বাৰা সংশোধন হৈছিল, সেইটো হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লাম, খুলাফায়ে ৰাশ্বিদীন আৰু চাহাবাসকলৰ পথৰ অনুসৰণ। গতিকে এই উম্মতৰ শেষাংশৰ লোকসকলেও তেওঁলোকৰ মত আৰু পথ মজবুতকৈ ধাৰণ কৰাৰ মাধ্যমতহে সংশোধন হোৱাটো সম্ভৱ।
মহান আল্লাহে সকলো মুছলিমকে এনেকুৱা আমল তথা কাম কৰাৰ তাওফীক প্ৰদান কৰক যিটোৰ ভিতৰত তেওঁলোকৰ দুনিয়া আৰু আখিৰাতত সৌভাগ্য আৰু মুক্তি আছে। নিশ্চয় তেওঁ দানশীল মহানুভৱ।
বিঃদ্ৰঃ
নবী আলাইহিচ্ছালাতু অচ্ছালামৰ কবৰ জিয়াৰতৰ বিধান
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰ ঝিয়াৰত কৰাটো ওৱাজিব নহয়, আৰু এইটো হজ্জৰ চৰ্তও নহয়, যিদৰে সাধাৰণ লোকসকলে তথা অজ্ঞ লোকসকলে এইটোক অনিবাৰ্য্য বুলি ধাৰণা কৰে। বৰং এইটো হৈছে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ মছজিদলৈ অহা লোকসকলৰ বাবে আৰু ইয়াৰ ওচৰে পাঁজৰে থকা লোকসকলৰ বাবে এটা মুস্তাহাব বিষয়।
আনহাতে যিসকলে দূৰত আছে তেওঁলোকে কেৱলমাত্ৰ কবৰ ঝিয়াৰতৰ উদ্দেশ্যে ভ্ৰমণ কৰি অহাটো বৈধ নহয়। পক্ষান্তৰে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মছজিদত নামাজ পঢ়াৰ উদ্দেশ্যে অহাটো হৈছে ছুন্নত। গতিকে যেতিয়া কোনোবাই তাত নামাজ পঢ়াৰ উদ্দেশ্যে উপস্থিত হ’ব, তেওঁ নিশ্চিতভাৱে তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰ ঝিয়াৰত কৰিব পাৰিব আৰু আবু বকৰ আৰু ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ কবৰো ঝিয়াৰত কৰাৰ সুযোগ লাভ কৰিব। আনকি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আৰু দুয়ো চাহাবীৰ কবৰ ঝিয়াৰত হৈছে মছজিদে নবৱী ঝিয়াৰতৰেই অন্তৰ্ভুক্ত। বুখাৰী আৰু মুছলিমত বৰ্ণিত হৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “তিনিটা মছজিদৰ বাহিৰে বেলেগ ক'তো তোমালোকে (ছোৱাবৰ উদ্দেশ্যে) ছফৰ কৰি নাযাবা। সেই তিনিটা মছজিদ হৈছেঃ মছজিদে হাৰাম, মোৰ এই মছজিদ আৰু মছজিদে আকচা।”[১২৮] [১২৮] আবু হুৰাইৰাৰ পৰা বর্ণিত, (বুখাৰীঃ ১১৮৯, আৰু মুছলিমঃ ১৩৯৭)
যদি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰ বা বেলেগ কাৰোবাৰ কবৰ ঝিয়াৰতৰ উদ্দেশ্যে ভ্ৰমণ কৰা বৈধ হ'লহেঁতেন তেন্তে তেখেতে নিজেই উম্মতক এই বিষয়ে দিকনিৰ্দেশনা দিলেহেঁতেন আৰু ইয়াৰ ফজীলতৰ প্ৰতি উৎসাহিত কৰিলেহেঁতেন। কাৰণ তেখেত আছিল মানুহৰ মাজত সৰ্বাধিক সদুপদেশ প্ৰদানকাৰী। আল্লাহ সম্পৰ্কে তেখেতেই আছিল সৰ্বাধিক জ্ঞাত, আৰু তেখেতেই আল্লাহক সৰ্বাধিক ভয় কৰিছিল। তেখেতে দ্বীনৰ যাৱতীয় বিধি-বিধান পৌঁচাই দিছে। উম্মতক সকলো প্ৰকাৰ কল্যাণৰ পথ দেখুৱাইছে আৰু সকলো প্ৰকাৰ অনিষ্টৰ পৰা সতৰ্ক কৰিছে। এতেকে এইটো কেনেকৈ বৈধ হ'ব পাৰে যে, তেখেতে নিজেই তিনিটা মছজিদৰ বাহিৰে বেলেগ ক'তো ছোৱাবৰ উদ্দেশ্যে ভ্ৰমণ কৰি যাবলৈ নিষেধ কৰিছে। ইয়াৰ উপৰিও তেখেতে কৈছেঃ “তোমালোকে মোৰ কবৰক মেলাৰ স্থল নবনাবা আৰু নিজৰ ঘৰবোৰক কবৰস্থানত পৰিণত নকৰিবা। তোমালোকে মোৰ ওপৰত দুৰূদ পাঠ কৰা। তোমালোকে য’তেই নাথাকা কিয় তোমালোকৰ দুৰূদ মোৰ ওচৰলৈ পৌঁচাই দিয়া হয়।”[১২৯] [১২৯] ইয়াৰ উৎস পূৰ্বোল্লিখিত।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰ ঝিয়াৰতৰ উদ্দেশ্যে ভ্ৰমণৰ বিষয়টোক অনুমোদন প্ৰদান কৰা হ'লে, ইয়াৰ ফলত তেখেতৰ কবৰক উৎসৱস্থলত পৰিণত কৰাৰ কাৰণ হৈ পৰিব। পৰিপ্ৰেক্ষিতত সেই নিষিদ্ধ কামটো হোৱাৰ বেছি আশংকা আছে যিটোৰ পৰা তেখেতে নিজেই উম্মতক সতৰ্ক কৰিছে। যেনে- অতিৰিক্ত প্ৰশংসা কৰা তথা সীমালংঘন কৰা। আনকি বহুতেই তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰ ঝিয়াৰতৰ উদ্দেশ্যে ভ্ৰমণ কৰাটোক চৰীয়তসন্মত বিধান বুলি বিশ্বাস কৰি সীমালংঘনত লিপ্ত হৈছে।
যিসকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰ ঝিয়াৰতৰ উদ্দেশ্যে কৰা ভ্ৰমণক চৰীয়ত সন্মত বুলি ধাৰণা কৰে, তেওঁলোকে যিবোৰ হাদীছৰ ওপৰত ভিত্তি কৰি প্ৰমাণ দাঙি ধৰে, সেইবোৰৰ চনদ হৈছে দুৰ্বল, বৰং তাৰে কিছুমান হৈছে জাল হাদীছ। হাদীছ বিশাৰদসকলে যেনে- দাৰাকুতনী, বায়হাকী, হাফিজ ইবনে হাজাৰ ৰাহিমাহুমুল্লাহ প্ৰমুখ্যে অন্যান্য মুহাদ্দিছসকলে এই হাদীছবোৰৰ দুৰ্বলতা সম্পৰ্কে আৰু জাল হোৱা সম্পৰ্কে সতৰ্ক কৰিছে। এতেকে এইবোৰ দুৰ্বল আৰু জাল হাদীছৰ মাধ্যমত ছহীহ হাদীছৰ বিৰোধিতা কৰাটো কেতিয়াও বৈধ নহয়, বিশেষকৈ সেইসমূহ ছহীহ হাদীছৰ, য'ত স্পষ্টভাৱে তিনিটা মছজিদৰ বাহিৰে বেলেগ ক'তো ভ্ৰমণ কৰি যাবলৈ নিষিদ্ধ কৰা হৈছে।
প্ৰিয় পাঠক! এই ক্ষেত্ৰত ব্যাপকভাৱে প্ৰচাৰ লাভ কৰা কেইটিমান জাল হাদীছ মই আপোনালোকৰ সন্মুখত উপস্থাপন কৰিব বিচাৰিছোঁ, যাতে আপুনি এই বিষয়ে অৱগত হয় আৰু ইয়াৰ দ্বাৰা বিভ্ৰান্ত হোৱাৰ পৰা সতৰ্ক থাকিব পাৰেঃ
প্ৰথমঃ “من حج ولم يزرني فقد جفاني” অৰ্থঃ যিয়ে হজ্জ কৰিলে কিন্তু মোক জিয়াৰত নকৰিলে, সি দৰাচলতে মোৰ সৈতে অসদাচৰণ কৰিলে।
দ্বিতীয়ঃ “من زارني بعد مماتي فكأنما زارني في حياتي” অৰ্থঃ যিয়ে মোৰ মৃত্যুৰ পিছত মোক জিয়াৰত কৰিছে, সি দৰাচলতে মোক জীৱিত অৱস্থাতেই জিয়াৰত কৰিছে।
তৃতীয়ঃ “من زارني وزار أبي إبراهيم في عام واحد ضمنت له على الله الجنة” অৰ্থঃ যিয়ে মোক আৰু মোৰ পিতৃ ইব্ৰাহীমক একেই বছৰত জিয়াৰত কৰিছে, মই আল্লাহৰ ফালৰ পৰা তাক জান্নাতৰ নিশ্চয়তা প্ৰদান কৰিছোঁ।
চতুৰ্থঃ “من زار قبري وجبت له شفاعتي” অৰ্থঃ যিয়ে মোৰ কবৰ জিয়াৰত কৰিছে, তাৰ বাবে মোৰ শ্বাফাআত ওৱাজিব।
এইবোৰ হাদীছ আৰু এনেকুৱা অন্যান্য হাদীছ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কোৱা বুলি কোনো প্ৰমাণ নাই।
হাফিজ ইবনু হাজাৰে তেওঁৰ তালখীচ গ্ৰন্থত বেছিভাগ বৰ্ণনা উল্লেখ কৰাৰ পিছত কৈছেঃ এই হাদীছসমূহৰ সকলো চনদ দুৰ্বল।
হাফিজ উক্বাইলিয়ে কৈছেঃ এই বিষয়ত বৰ্ণিত হোৱা এটা হাদীছো শুদ্ধ নহয়।
শ্বাইখুল ইছলাম ইবনে তাইমিয়্যা ৰাহিমাহুল্লাহে অত্যন্ত শক্তিশালী ৰূপত কৈছে যে, এই সকলোবোৰ হাদীছ হৈছে জাল। গতিকে এইবোৰৰ বিষয়ে জনা, আয়ত্ব কৰা আৰু পৰ্যবেক্ষণ কৰাটোৱে যথেষ্ট।
যদি এই ধৰণৰ কোনো বিষয় চৰীয়তত প্ৰমাণিত থাকিলহেঁতেন, তেন্তে নিঃসন্দেহে এই ক্ষেত্ৰত চাহাবাসকলেই প্ৰথমে আমল কৰিলেহেঁতেন আৰু পৰৱৰ্তী লোকসকলৰ বাবে সেয়া বৰ্ণনা কৰিলেহেঁতেন আৰু সেইটোৰ প্ৰতি মানুহক আহ্বান কৰিলেহেঁতেন। কিয়নো নবীসকলৰ পাছত তেওঁলোকেই হৈছে সৰ্বোত্তম ব্যক্তি, আল্লাহৰ সীমাৰেখা সম্পৰ্কে আৰু তেওঁৰ বান্দাসকলৰ বাবে নিৰ্ধাৰিত বিধান সম্পৰ্কে তেওঁলোকেই অধিক জ্ঞানী, লগতে আল্লাহ আৰু তেওঁৰ সৃষ্টিসকলৰ বাবে আটাইতকৈ বেছি শুভাকাংক্ষী। গতিকে তেওঁলোকৰ পৰা যদি এই বিষয়ে একো বৰ্ণনা হোৱা নাই, তেন্তে ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে, বিষয়টো চৰীয়ত সন্মত নহয়।
এই ক্ষেত্ৰত যদি কোনো এটা বিষয় সঠিক বুলিও প্ৰমাণিত হয়, তথাপিও বিষয়টোক এনেকুৱা চৰীয়তি বিধান হিচাপে গণ্য কৰা হ'ব, যিটোত কেৱল কবৰ ঝিয়াৰতৰ উদ্দেশ্যে ভ্ৰমণ কৰা নহয়, বৰং সকলো হাদীছৰ সমন্বয় হিচাপে অন্তৰ্ভুক্ত কৰা হ'ব। পৱিত্ৰ মহান আল্লাহেই সৰ্বজ্ঞ।
পৰিচ্ছেদ
মছজিদে কুবা আৰু বাকীঈ কবৰস্থান ঝিয়াৰত কৰা মুস্তাহাব
মদীনাৰ ঝিয়াৰতকাৰী সকলৰ বাবে মুস্তাহাব হৈছে মছজিদে কুবা ঝিয়াৰত কৰা আৰু তাতগৈ চালাত আদায় কৰা। কাৰণ বুখাৰী আৰু মুছলিমত ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ “নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মছজিদে কুবা পৰিদৰ্শন কৰিবলৈ খোজকাঢ়িও গৈছিল আৰু বাহনত আৰোহণ কৰিও গৈছিল আৰু তাতগৈ দুই ৰাকাত নামাজ পঢ়িছিল৷” [১৩০] [১৩০] (বুখাৰীঃ ১১৯৩, আৰু মুছলিমঃ ১৩৯৯)
আৰু ছাহল ইবনে হুনাইফ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “যিয়ে নিজৰ ঘৰত পৱিত্ৰতা অৰ্জন কৰি মছজিদে কুবাত আহি যিকোনো নামাজ আদায় কৰে, তেওঁ এটা ওমৰাৰ সমান ছোৱাব লাভ কৰে।” [১৩১] [১৩১] (ইবনে মাজাহঃ ১৪১২)
এইদৰে বাকীঈ কবৰস্থান, শ্বহীদসকলৰ কবৰস্থান, হামঝাহ ৰাদ্বিয়াল্লাহু আনহুৰ কবৰ আদিও ঝিয়াৰত কৰা ছুন্নত, কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এইবোৰ কবৰ ঝিয়াৰত কৰিবলৈ গৈছিল আৰু তেওঁলোকৰ বাবে দুআ কৰিছিল। ইয়াৰ উপৰিও তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “তোমালোকে কবৰ জিয়াৰত কৰা; কাৰণ, ই তোমালোকক আখিৰাতৰ কথা স্মৰণ কৰোৱাব৷” [১৩২] (মুছলিম) [১৩২] (মুছলিমঃ ৯৭৬)
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক শিকাইছিল যে, তেওঁলোকে যেন কবৰ ঝিয়াৰত কৰাৰ সময়ত এই দুআ পাঠ কৰেঃ “আচ্ছালামু আলাইকুম ইয়া আহলাদ্ দিয়াৰি মিনাল মু’মিনীনা অল মুছলিমীন, ৱা ইন্না ইন্ শ্বা আল্লাহু বিকুম লা-হিকূন। আছআলুল্লাহা লানা অলাকুমুল আ-ফিয়াহ।” [১৩৩] মুছলিমে হাদীছটো ছুলাইমান ইবনে বুৰাইদাহৰ পৰা তেওঁৰ পিতৃৰ সূত্ৰে বৰ্ণনা কৰিছে। [১৩৩] (মুছলিমঃ ৯৭৫)
তিৰমিজীয়ে ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণনা কৰিছে, তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মদীনাৰ কবৰসমূহৰ ওচৰেৰে পাৰ হোৱাৰ সময়ত কবৰৰ ফালে মুখ কৰি কৈছিলঃ “আচ্ছালামু আলাইকুম ইয়া আহলাল কুবূৰ, য়াগফিৰুল্লাহু লানা অলাকুম, আন্তুম ছালাফুনা অনাহনু বিল আছাৰ।” [১৩৪] [১৩৪] (তিৰমিজীঃ ১০৩৫)
এই হাদীছসমূহৰ দ্বাৰা বুজা যায় যে, শ্বাৰয়ী পদ্ধতিত কবৰ ঝিয়াৰতৰ উদ্দেশ্য হৈছে আখিৰাতক স্মৰণ কৰা, আৰু মৃত ব্যক্তিৰ প্ৰতি অনুগ্ৰৰ কৰা আৰু তেওঁলোকৰ বাবে দুআ কৰা আৰু আল্লাহৰ ওচৰত তেওঁলোকৰ বাবে ৰহমত কামনা কৰা।
আনহাতে ঝিয়াৰত কৰাৰ উদ্দেশ্য যদি হয় মৃত ব্যক্তিৰ ওচৰত কিবা বিচাৰি দুআ কৰা, কবৰৰ ওচৰত অৱস্থান কৰা, তথা তাৰ ওচৰত প্ৰয়োজন পূৰণৰ বাবে আবেদন কৰা নাইবা বেমাৰ-আজাৰৰ পৰা আৰোগ্য বিচাৰি প্ৰাৰ্থনা কৰা, অথবা তাৰ অছিলাৰে বা তাৰ মৰ্যাদাৰ অছিলাৰে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰা হয় তেন্তে নিঃসন্দেহে এই ঝিয়াৰত হৈছে জঘন্য বিদআত, যিটোক আল্লাহে আৰু তেওঁৰ ৰাছুলে অনুমোদন দিয়া নাই। লগতে ছালাফে চলেহীনসকলেও এইটো কৰা নাছিল। বৰং এইটো হৈছে প্ৰত্যাখ্যাত এটা বিষয়, যিটোৰ পৰা ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে নিষেধ কৰিছে। তেখেতে কৈছেঃ “তোমালোকে কবৰ জিয়াৰত কৰা আৰু কোনো বেয়া কথা নক'বা।” [১৩৫] [১৩৫] (ইবনে বুৰাইদাহৰ পৰা তেওঁৰ পিতৃৰ সূত্ৰে বৰ্ণিত, মুছলিমঃ ৯৭৭)
এই সকলোবোৰ কৰ্ম হৈছে বিদআত। কিন্তু বিষয়বোৰ স্তৰ তথা শ্ৰেণীৰ ক্ষেত্ৰত ভিন ভিন। ইয়াৰে কিছুমান হৈছে বিদআত, শ্বিৰ্ক নহয়। যেনে- কবৰৰ ওচৰত গৈ আল্লাহৰ ওচৰত দুআ কৰা, মৃত ব্যক্তিৰ দোহাই দি বা তাৰ অছিলাৰে আল্লাহৰ ওচৰত দুআ কৰা আদি। আনহাতে কিছুমান হৈছে শ্বিৰ্ক, যেনে- মৃত ব্যক্তিৰ ওচৰত প্ৰাৰ্থনা কৰা, তাৰ ওচৰত সহায় বিচৰা ইত্যাদি।
এই বিষয়ে বিস্তাৰিত আলোচনা ইতিপূৰ্বে অতিবাহিত হৈছে। গতিকে এই ক্ষেত্ৰত সতৰ্ক তথা সাৱধান থকা উচিত, আৰু মহান আল্লাহৰ ওচৰত সত্যৰ হিদায়ত আৰু তাওফীক কামনা কৰা উচিত। একমাত্ৰ তেৱেঁই হিদায়তৰ তাওফীক প্ৰদানকাৰী, তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, আৰু আন কোনো প্ৰতিপালকো নাই।
এইখিনি লিপিবদ্ধ কৰাটোৱে আমাৰ উদ্দেশ্য আছিল। আদিৰ পৰা অন্তলৈকে সকলো প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে। দৰূদ আৰু ছালাম বৰ্ষিত হওক তেওঁৰ বান্দা আৰু ৰাছুল সৰ্বোৎকৃষ্ট মানৱ মুহাম্মদৰ প্ৰতি, আৰু তেখেতৰ পৰিয়ালবৰ্গ আৰু চাহাবাসকলৰ প্ৰতি, লগতে সেই সকলো লোকৰ প্ৰতি যিসকলে কিয়ামত পৰ্যন্ত এহছানৰ সৈতে তেওঁলোকৰ অনুসৰণ কৰিব।
Related books
All books
হজ্জ, ওমৰাহ আৰু জিয়াৰতত সাধাৰণতে হোৱা অনিয়মসমূহ39 ভাষাহজ্জ, ওমৰাহ আৰু জিয়াৰতত সাধাৰণতে হোৱা অনিয়মসমূহ
ওমৰাহ সম্পৰ্কীয় ভুল-ত্ৰুটি আৰু বিভিন্ন অনিয়ম প্ৰথমঃ ইহৰাম অৱস্থাত মানুহে সচৰাচৰ কৰা কিছুমান ত্ৰুটি। ইহ্লাল পৰিত্যাগ কৰা বা তালবিয়া পাঠ নকৰা। অৰ্থাৎ ইহৰাম কৰাৰ সময়ত নিৰ্দিষ্ট ইবাদতৰ (হজ্জ বা ওমৰাৰ) বিষয়টো উচ্চস্বৰে পাঠ নকৰা। এই ক্ষেত্ৰত ছুন্নত হৈছে উচ্চস্বৰে তালবিয়া পাঠ কৰা।
হজ্জ, ওমৰাহ আৰু জিয়াৰত সম্পৰ্কীয় ফাতাৱাসমূহ25 ভাষাহজ্জ, ওমৰাহ আৰু জিয়াৰত সম্পৰ্কীয় ফাতাৱাসমূহ
এই ফতোৱাসমূহ ছৌদি আৰবৰ স্থায়ী ফতোৱা কমিটিৰ 'ফাতাৱা সমগ্ৰ'ৰ পৰা সংগ্ৰহ কৰা হৈছে, লগতে প্ৰশ্নোত্তৰবোৰ স্থান অনুযায়ী সংগতিপূৰ্ণভাৱে সংক্ষিপ্তৰূপে দাঙি ধৰা হৈছে। প্ৰথমঃ সাধাৰণ ফাতাৱা প্ৰশ্নঃ বেংকৰ পৰা ঋণ গ্ৰহণ কৰি সেই টকাৰে ওমৰাহ কৰিবলৈ যোৱাটো মোৰ পিতৃৰ বাবে বৈধ হ'বনে? উত্তৰঃ যিয়ে নিজৰ ফালৰ পৰা অথবা আন কাৰোবাৰ ফালৰ পৰা হজ্জ বা ওমৰাহ কৰিব বিচাৰে, সেই ব্যক্তিয়ে হজ্জ বা ওমৰাৰ বাবে হালাল তথা পৱিত্ৰ উপাৰ্জনৰ পৰা ব্যয় কৰা অনিবাৰ্য্য। কাৰণ মহান আল্লাহ হৈছে পৱিত্ৰ, তেওঁ কেৱল পৱিত্ৰ বস্তুহে কবূল কৰে।
ৰাছুলৰ ছুন্নত মুতাবিক আমল কৰা বাধ্যতামূলক (যিয়ে ইয়াক অস্বীকাৰ কৰিব সি কাফিৰ হিচাপে বিবেচিত)23 ভাষাৰাছুলৰ ছুন্নত মুতাবিক আমল কৰা বাধ্যতামূলক (যিয়ে ইয়াক অস্বীকাৰ কৰিব সি কাফিৰ হিচাপে বিবেচিত)
লেখকঃ শ্বাইখ আব্দুল আজীজ বিন আব্দুল্লাহ বিন বাজ ৰাহিমাহুল্লাহ আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। ভূমিকা সকলো ধৰণৰ প্ৰশংসা বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ বাবে, আৰু শুভ পৰিণাম নিৰ্দিষ্ট মুত্তাক্বীসকলৰ বাবে। দৰূদ আৰু ছালাম বৰ্ষিত হওক তেওঁৰ বান্দা আৰু ৰাছুল আমাৰ প্ৰিয় নবী মুহাম্মদৰ ওপৰত, যাক বিশ্ববাসীৰ বাবে ৰহমত হিচাপে প্ৰেৰণ কৰা হৈছিল, লগতে তেখেতৰ পৰিয়ালবৰ্গ আৰু সেইসকল চাহাবীৰ ওপৰত যিসকলে আল্লাহৰ পৱিত্ৰ বাণী কোৰআন বহন কৰিছিল আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ হাদীছসমূহ আয়ত্ত কৰি পৰৱৰ্তী লোকসকলৰ ওচৰলৈ পৌঁচাই দিছিল। তেওঁলোকে এই কাম চূড়ান্ত বিশ্বস্ততাৰে আৰু পৰিপক্কতাৰে পালন কৰিছিল,…
المختصر في آداب زيارة المسجد النبوي وأحكامها