মছজিদুল হাৰাম আৰু মছজিদে নবৱীৰ ধৰ্মীয় বিষয়াদিৰ সৰ্বোচ্চ পৰিষদৰ অধীনত গৱেষণা সমিতি
সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, যিজন এককভাৱে চিৰঞ্জীৱ, আৰু যিজনে সকলো জীৱৰ বাবে মৃত্যু অৱধাৰিত কৰিছে। দৰূদ আৰু শান্তি বৰ্ষিত হওক আমাৰ প্ৰিয় নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত, যাক গোটেই বিশ্বজগতৰ বাবে ৰহমত হিচাপে প্ৰেৰণ কৰা হৈছিল, লগতে শান্তি বৰ্ষিত হওক তেখেতৰ পৰিয়াল বৰ্গ, চাহাবাসকল আৰু তেখেতৰ সকলো অনুগামীৰ ওপৰত। প্ৰশংসা আৰু দৰূদৰ পিছত:
হে নিজৰ আত্মীয়, পৰিচিত আৰু প্ৰিয়জন হেৰুৱা ব্যক্তি! এইখন হৈছে আপোনাৰ বাবে এখন সৰু তথা সংক্ষিপ্ত পুস্তিকা। আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, তেওঁ যেন ইয়াৰ দ্বাৰা আমাক সকলোকে আৰু আপোনাকো উপকৃত কৰে। ইয়াৰ শিৰোনাম হৈছে: (আহকামুল জানায়িঝ) বা জানাযাৰ বিধি-বিধান।
আমি সৰ্বশক্তিমান আল্লাহৰ ওচৰত আপোনাৰ বাবে মহা পুৰস্কাৰ আৰু এই বিপদত সান্ত্বনা তথা শান্তি প্ৰাৰ্থনা কৰিছোঁ, আৰু আপোনাৰ জীৱনৰ পৰা হেৰুৱা ব্যক্তিৰ বাবে ক্ষমা আৰু আল্লাহৰ সন্তুষ্টি কামনা কৰিছোঁ।
আল্লাহৰ ফালৰ পৰা সুসংবাদঃ
হে মৃত্যুৰ দুখত আঘাতপ্ৰাপ্ত মোৰ ভাই! মহান আল্লাহৰ এই বাক্য শাৰী মনত পেলাওকঃ "আৰু তুমি ধৈৰ্যশীলসকলক সুসংবাদ দিয়া।" (ছুৰা আল-বাক্বাৰাহঃ ১৫৫)
নিশ্চয় আপোনাৰ বাবে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৃত্যু হৈছে সবাতোকৈ মহান সান্ত্বনা আৰু সমবেদনা। তেখেতে কৈছে: "যদি তোমালোকৰ মাজৰ কোনোবাই বিপদ-আপদ (মুছিবত)ত আক্ৰান্ত হয়, তেন্তে সি যেন মোৰ মুছিবতৰ সৈতে নিজৰ মুছিবতক ৰিজাই চায়। কিয়নো নিশ্চয় মোৰ মুছিবতেই (মৃত্যুৱেই) হৈছে আল্লাহৰ ওচৰত আটাইতকৈ ডাঙৰ মুছিবত।" (তাবৰানী)
ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে নিজ মুখেৰে আপোনাৰ বাবে কল্যাণৰ প্ৰতিশ্ৰুতি দিছে। উম্মে ছালামা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছে: মই ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামক এনেদৰে কওঁতে শুনিছোঁঃ কোনো মুছলিমৰ ওপৰত মুছিবত আহিলে, তেওঁ যদি কয়ঃ ইন্না লিল্লাহি ওৱা ইন্না ইলাইহি ৰাজিঊন। (অৰ্থাৎ আমি আল্লাহৰ বাবেই আৰু আল্লাহৰ ওচৰতেই আমাৰ প্ৰত্যাৱৰ্তন।) লগতে এই দুআ পঢ়েঃ আল্লা-হুম্মা আজুৰনী ফী মুচীবাতি ওৱা আখলিফ লী খয়ৰাম মিনহা। (অৰ্থাৎ হে আল্লাহ, মোক এই বিপদৰ সময়ত ধৈৰ্য্যৰ বিনিময়ত ছোৱাব দান কৰা, লগতে ইয়াৰ বিনিময়ত তুমি মোক ইয়াতকৈও উত্তম বস্তু দান কৰা।) সেই ব্যক্তিক মহান আল্লাহে সেই মুছিবতৰ বিনিময়ত ছোৱাব দান কৰে আৰু সেই হেৰুৱা বস্তুতকৈ উত্তম বস্তু প্ৰদান কৰে। (মুছলিম)
হে মোৰ ভাতৃ! মহান আল্লাহে আপোনাৰ গুনাহ খাতা ক্ষমা কৰিবলৈ আপোনাক বিপদাক্ৰান্ত কৰিছে। আবু ছাঈদ খুদৰী আৰু আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুমাই বৰ্ণনা কৰিছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মুছলিম ব্যক্তিৰ ওপৰত যিবোৰ যাতনা, ৰোগ-ব্যাধি, উদ্বেগ-উৎকন্ঠা, দুশ্চিন্তা, কষ্ট তথা বিপদ-আপদ আপতিত হয়, আনকি শৰীৰত যদি এটা কাইটো বিন্ধে, তেন্তে ইয়াৰ ফলত আল্লাহে তাৰ গুনাহ ক্ষমা কৰি দিয়ে।" (বুখাৰী)
মহান আল্লাহে আপোনাক জান্নাতত এখন গৃহ প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে। আবূ মুছা আল-আশ্ব'আৰী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: কোনো বান্দাৰ যেতিয়া সন্তান মৃত্যুবৰণ কৰে, তেতিয়া মহান আল্লাহে ফিৰিস্তাসকলক কয়ঃ তোমালোকে মোৰ বান্দাৰ সন্তানৰ প্ৰাণ হৰণ কৰি আনিলা? তেওঁলোকে কয়: 'হয়'। তেতিয়া তেওঁ কয়ঃ "তোমালোকে তেওঁৰ হৃদয়ৰ টুকুৰাক কাঢ়ি আনিলা?" তেওঁলোকে কয়ঃ 'হয়'। তেতিয়া তেওঁ কয়ঃ "মোৰ বান্দাই ইয়াৰ কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে?" তেওঁলোকে কয় যে, "সি আপোনাৰ প্ৰশংসা কৰিছে, আৰু ইন্না লিল্লাহি ওৱা ইন্না ইলাইহি ৰাজিঊন পাঠ কৰিছে।" তেতিয়া মহান আল্লাহে কয়ঃ "জান্নাতত মোৰ বান্দাৰ বাবে এখন ঘৰ নিৰ্মাণ কৰা আৰু তাৰ নাম দিয়া "বাইতুল হামদ"।" (তিৰমিজী, হাদীছটোক শ্বাইখ আলবানীয়ে হাছান বুলি কৈছে।)
বৰং আল্লাহে আপোনাক জান্নাতৰ প্ৰতিশ্ৰুতি দিছে। আবূ হুৰাৰাইহ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: সৰ্বশক্তিমান আল্লাহে কৈছেঃ "মই যেতিয়া মোৰ মুমিন বান্দাৰ কোনো প্ৰিয় বস্তু পৃথিৱীৰ পৰা উঠাই লওঁ আৰু এই ক্ষেত্ৰত সি ধৈৰ্য্য ধাৰণ কৰে, তেন্তে ইয়াৰ বিনিময়ত মোৰ ওচৰত তাৰ বাবে আছে কেৱল জান্নাতৰ প্ৰতিদান।" (বুখাৰী)
মৃত ব্যক্তিৰ বাবে চিন্তিত নহ'ব, দুখ নকৰিব, বৰং নিজ প্ৰতিপালকৰ প্ৰতি উত্তম ধাৰণা পোষণ কৰক। আব্দুল্লাহ বিন ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
জানাযাৰ অনুসৰণ কৰাৰ গুৰুত্বঃ
প্ৰথমঃ ঘৰৰ পৰা আৰম্ভ কৰি জানাযাৰ নামাজ আদায় কৰালৈকে অনুসৰণ কৰা।
দ্বিতীয়ঃ ঘৰৰ পৰা দাফন পৰ্যন্ত লগত থকা। এইটো বেছি উত্তম, আৰু অধিক ছোৱাবৰ কাম।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে জানাযাক অনুসৰণ কৰি গৈ জানাযাত অংশগ্ৰহণ কৰে, তেওঁ এক কিৰাত ছোৱাব লাভ কৰে। যিয়ে দাফন কৰালৈকে থাকে, তেওঁ দুই কিৰাত ছোৱাব অৰ্জন কৰে।" তেখেতক সোধা হ'লঃ দুই কিৰাত মানে কিমান? তেখেতে ক'লেঃ "দুখন ডাঙৰ পৰ্বতৰ সমান।" (মুত্তাফাক্ব আলাইহ)
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "আজি তোমালোকৰ মাজৰ কোনে ৰোজা ৰাখিছা?" আবু বকৰ ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ মই। তেখেতে ক'লেঃ "আজি তোমালোকৰ মাজৰ কোনে জানাযাৰ অনুসৰণ কৰিছা?" আবু বকৰ ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ মই। তেখেতে ক'লেঃ "আজি তোমালোকৰ মাজৰ কোনে দুখীয়া দৰিদ্ৰক আহাৰ কৰাইছা?" আবু বকৰ ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ মই। তেখেতে ক'লেঃ "আজি তোমালোকৰ মাজৰ কোনে বেমাৰী ব্যক্তিৰ খা-খবৰ লৈছা?" আবু বকৰ ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ মই। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "এইবোৰ বিষয় যাৰ মাজত একত্ৰিত হয়, তেওঁ নিশ্চয় জান্নাতত প্ৰৱেশ কৰিব।" (মুছলিম)
প্ৰথম তাকবীৰ التَّكبِيرَةُ الُأولى: চয়তানৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা বিচাৰি ক'ব (أَعُوذُ بِاللَّهِ مِنَ الشَّيْطَانِ الرَّجِيمِ) ইয়াৰ পিছত বিছমিল্লাহ পাঠ কৰিব (بِسْمِ اللَّهِ الرَّحْمَٰنِ الرَّحِيمِ) আৰু তাৰ পিছত ছুৰা ফাতিহা পঢ়িব লগতে এটা সৰু ছুৰা বা কেইটামান আয়াত তিলাৱত কৰিব।
দ্বিতীয় তাকবীৰ (التَّكبِيرَةُ الثَّانِيَةُ): নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত দৰূদ পঢ়িব (অর্থাৎ দৰূদে ইব্ৰাহিমী)
তৃতীয় তাকবীৰ (التَّكبِيرَةُ الثَّالِثَةُ): মৃত ব্যক্তিৰ বাবে দুআ কৰিব। উত্তম হৈছে এই দুআ পাঠ কৰাঃ আল্লাহুম্মাগফিৰলী হাইয়্যিনা ওৱা মাইয়্যিতিনা ওৱা শ্বা-হিদীনা ওৱা গা-ইবিনা ওৱা ছাগীৰিনা ওৱা কাবীৰিনা ওৱা যাকাৰিনা ওৱা উনছা-না। আল্লাহুম্মা মান আহ-ইয়াইতাহু মিন্না ফা আহ-য়িহী-আলাল ইছলাম, অমান তাওৱাফ্ফাইতাহু মিন্না ফাতাৱাফ্ফাহু আলাল ঈমান। আল্লাহুম্মাগফিৰলাহু অৰহামহু, ওৱা আফিহি, ওৱা আ‘ফু আনহু ওৱা আকৰিম নুযুলাহু ওৱাছ্ছি’ মুদখালাহু, অগছিলহু বিলমা-য়ি ওৱাচ-ছালজি ওৱাল বাৰদি। ওৱা নাক্কিহি মিনাল খাতায়া কামা য়ূনাক্কাচ ছাওবুল আবয়াযু মিনাদ্দানাছি, ওৱা আবদিলহু দাৰান খাইৰাম্ মিন্ দা-ৰিহী ওৱা আহলান খাইৰাম্ মিন আহলিহী, ওৱা ঝাওজান খাইৰাম মিন্ ঝাওজিহি, ওৱা আদখিলহুল জান্নাতা, ওৱা আয়িযহু মিন আযাবিল ক্বাবৰি,” এই সকলোবোৰ দুআ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা প্ৰমাণিত, ইয়াৰ উপৰিও যদি অন্যান্য দুআ পাঠ কৰে তথাপিও কোনো অসুবিধা নাই। যেনে- এই বুলি দুআ কৰাঃ "আল্লাহুম্মা ইন কা-না মুহছিনান, ফাঝিদ ফী ইহছানিহী, ওৱা ইন কা-না মুছীআন ফাতাজা-ৱাঝ আন ছায়্যিআতিহ, আল্লাহুম্মাগফিৰ লাহু অছাব্বিতহু বিল ক্বাউলিছ ছা-বিত।"
চতুর্থ তাকবীৰ (التَّكبِيرَةُ الرَّابِعَةُ): অলপ সময় ৰৈ দিব, তাৰ পিছত কেৱল এফালে ছালাম ফিৰাব, সোঁফালে। এইদৰে ক'ব: "আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহ" (অৰ্থ: "আপোনালোকৰ ওপৰত শান্তি আৰু আল্লাহৰ ৰহমত বৰ্ষিত হওক।"
জানাযা নামাজৰ বিভিন্ন অৱস্থাঃ
১) জানাযাৰ নামাজ নিৰ্দিষ্ট বিশেষ নামাজগৃহত পঢ়িব পাৰি।
২) মছজিদৰ ভিতৰতো জানাযাৰ নামাজ পঢ়িব পাৰি।
৩) দাফনৰ আগত কবৰস্থানতো পঢ়িব পাৰি।
৪) দাফনৰ পিছত কিছু দিনলৈকে কবৰস্থানতো পঢ়িব পাৰি।
৫) দাফনৰ বহুদিন পিছতো কবৰস্থানত পঢ়িব পাৰি। আবু হুৰাইৰাহ (ৰাদ্বিয়াল্লাহু আনহু)ৰ পৰা বৰ্ণিত, এজন ক’লা ব্যক্তি বা মহিলা, যিয়ে মছজিদৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা কৰিছিল, মৃত্যুবৰণ কৰাত নবী চাল্লাল্লাহু আলাইহি অছাল্লামক অৱগত কৰা হোৱা নাছিল। এদিন তেওঁৰ কথা মনত পৰাত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে: (সেই ব্যক্তিজনৰ কি হ'ল।) চাহাবাসকলে ক'লেঃ হে আল্লাহৰ ৰাছুল! তেওঁৰ মৃত্যু হৈছে। তেখেতে ক'লেঃ (তোমালোকে মোক জনোৱা নাছিলা কিয়?) তেওঁলোকে ক'লেঃ তেওঁ এনেকুৱা আৰু এনেকুৱা আছিল। বৰ্ণনাকাৰীয়ে কৈছেঃ তেওঁলোকে সেই ব্যক্তিজনক সিমান মৰ্যাদাপূৰ্ণ নহয় বুলি দেখুৱাইছিল। তেতিয়া তেখেতে ক'লেঃ (তোমালোকে মোক তাৰ কবৰ দেখুৱাই দিয়া।) তেতিয়া তেখেতে তাৰ কবৰৰ ওচৰত আহি জানাযাৰ নামাজ আদায় কৰিলে। (বুখাৰী)
গুৰুত্বপূৰ্ণ কিছুমান দিশ-নিৰ্দেশনাঃ
দ্বিতীয়ঃ জানাযাৰ নামাজ পঢ়িবলৈ উৎসাহিত কৰা আৰু ইয়াৰ অনুসৰণত অৱহেলা কৰাৰ পৰা সতৰ্ক কৰা।
তৃতীয়ঃ মৃত ব্যক্তিৰ ফালৰ পৰা ঋণ আদায়ৰ ক্ষেত্ৰত পলম নকৰা। আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মুমিনৰ আত্মা ঋণৰ বাবে ওলমি থাকে, যেতিয়ালৈকে সেইটো পৰিশোধ কৰা নহয়।" (আহমদ, তিৰমিজী)
চতুৰ্থঃ নিয়াহা (বিলাপ) কৰিব নালাগে; অৰ্থাৎ মৃত ব্যক্তিৰ ভাল গুণ আৰু বৈশিষ্টবোৰ উচ্চস্বৰে কান্দি কান্দি গণনা কৰা, এইটো হৈছে জাহিলিয়্যাত (অজ্ঞতা) যুগৰ এটা কৰ্ম। আবু মালিক আল-আশ্বআৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "মোৰ উম্মতৰ মাজত জাহিলিয়্যাতৰ চাৰিটা কাম আছে, যিবোৰ তেওঁলোকে সম্পূৰ্ণৰূপে পৰিত্যাগ কৰিব নোৱাৰিব: আভিজাত্যৰ অহংকাৰ কৰা, বংশৰ প্ৰতি দোষাৰোপ কৰা, গ্ৰহ-নক্ষত্ৰৰ দ্বাৰা বৰষুণ বিচৰা আৰু বিলাপ কৰা।" (মুছলিম)
পঞ্চমঃ কবৰৰ ওপৰত খোজকঢ়া আৰু কবৰৰ ওপৰত বহাৰ পৰা সতৰ্ক থকা উচিত। উক্ববাহ বিন আমিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মই যদি জুইৰ জ্বলন্ত অন্ধৰা বা তৰোৱালৰ ওপৰেৰে খোজ কাঢ়োঁ, অথবা মোৰ জোতাক যদি মই মোৰ ভৰিৰ সৈতে চিলাই কৰি লওঁ, তেন্তে এয়া মোৰ বাবে মুছলিমৰ কবৰৰ ওপৰেৰে খোজ কঢ়াতকৈ বেছি প্ৰিয়।" (ইবনে মাজাহ)
ষষ্ঠঃ মৃত ব্যক্তিৰ বাবে খৰধৰ কৰি দুআ কৰি দাফনৰ পিছত লগে লগে গুচি যাব নালাগে: আবু আমৰ, কিছুমানে কৈছেঃ আবু আব্দুল্লাহ, আকৌ কোৱা হৈছে আবু লাইলা- উছমান ইবনে আফফান ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: "নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া মৃত ব্যক্তিক দাফন কৰি উঠিছিল, তেতিয়া তেখেতে তাত কিছু সময় থিয় হৈ থাকিছিল আৰু কৈছিলঃ “তোমালোকে তোমালোকৰ ভাতৃৰ বাবে মাগফিৰাতৰ দুআ কৰা আৰু ঈমানৰ ওপৰত অটল থকাৰ বাবে দু’আ কৰা; কিয়নো, এতিয়া তাক প্ৰশ্ন কৰা হ’ব।” (আবু দাউদ)
সপ্তমঃ কবৰস্থানৰ ওচৰেদি পাৰ হওঁতে অথবা কবৰ জিয়াৰত কৰিবলৈ গ'লে কবৰবাসীক ছালাম জনাব লাগে। বুৰাইদা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: "নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকক কবৰস্থানলৈ যাওঁতে এনেদৰে ক’বলৈ শিকাইছিলঃ “আচ্ছালামু আলাইকুম ইয়া আহলাদ্ দিয়াৰি মিনাল মু’মিনীনা অল মুছলিমীন, ৱা ইন্না ইন্ শ্বা আল্লাহু বিকুম লা-হিকূন। আছআলুল্লাহা লানা অলাকুমুল আ-ফিয়াহ।” (মুছলিম)
অষ্টমঃ স্থান আৰু পৰিস্থিতিৰ সন্মান ৰক্ষা কৰি, দুনিয়াবী কথা-বতৰা বা আন কোনো কামত ব্যস্ত থাকিব নালাগে।
মৃত্যু হৈছে এটা দুৱাৰসদৃশ, আৰু সকলো মানুহেই ইয়াত প্ৰৱেশ কৰিব। জানি থোৱা উচিত যে, মৃত্যুতকৈ ডাঙৰ উপদেশ আন একো নাই। আল্লাহে আপোনাৰ মৃতজনক ক্ষমা কৰক, আৰু সকলো মুছলিম মৃত ব্যক্তিকো ক্ষমা কৰক।
আল্লাহে আমাৰ প্ৰিয় নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি আৰু তেওঁৰ পৰিয়ালবৰ্গ আৰু চাহাবাসকলৰ প্ৰতি তেওঁৰ দয়া-কৰুণা, ৰহমত আৰু শান্তি বৰ্ষণ কৰক।