নিশ্চয় ইছলাম হৈছে সৰ্বশেষ ঐশী ধৰ্ম। ইছলামেই হৈছে সেই ধৰ্ম, যিটোক আল্লাহে মানুহৰ বাবে মনোনীত কৰিছে। যেনে- আল্লাহ তাআলাই কৈছেঃ আজি মই তোমালোকৰ বাবে তোমালোকৰ দ্বীনক (ধৰ্মক) পৰিপূৰ্ণ কৰি দিলোঁ আৰু তোমালোকৰ ওপৰত মোৰ অনুগ্ৰহ সম্পূৰ্ণ কৰিলোঁ, লগতে তোমালোকৰ বাবে ইছলামক দ্বীন হিচাপে মনোনীত কৰিলোঁ। (ছুৰা মায়িদাহঃ ৩)
আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল, তেওঁ নবীসকলৰ মাজৰ সৰ্বশেষ নবী, (তেওঁৰ জৰিয়তেই নবীসকলৰ ধাৰাবাহিকতা সম্পন্ন কৰা হৈছে)। সেয়ে তেওঁক গোটেই মানৱজাতিৰ প্ৰতি প্ৰেৰণ কৰা হৈছে। মহান আল্লাহে কৈছেঃ কোৱা, ‘হে মানৱ! নিশ্চয় মই তোমালোক সকলোৰে প্ৰতি আল্লাহৰ (ফালৰ পৰা প্ৰেৰিত) ৰাছুল। (ছুৰা আল-আৰাফঃ ১৫৮) আৰু ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ মোক পাঁচটা এনেকুৱা বস্তু প্ৰদান কৰা হৈছে, যিবোৰ মোৰ পূৰ্বে কাকো প্ৰদান কৰা হোৱা নাছিল। মোৰ পূৰ্বে প্ৰতিজন নবীকেই নিৰ্দিষ্টভাৱে নিজ নিজ সম্প্ৰদায়ৰ প্ৰতিহে প্ৰেৰণ কৰা হৈছিল। কিন্তু মোক শুভ্ৰ নিগ্ৰো সকলো মানৱজাতিৰ প্ৰতি প্ৰেৰণ কৰা হৈছে।
ইছলামৰ বাৰ্তা প্ৰতিজন ব্যক্তি আৰু প্ৰতিটো জাতীয়তাৰ লোকৰ বাবেই সমান। আৰবীয়ান, বাৰ্বাৰ, মংগোলীয়, ককেচীয়ান, আফ্ৰিকান, আমেৰিকান, আনকি প্ৰতিটো জাতীয়তাৰ লোকৰ বাবেই সমানভাৱে প্ৰযোজ্য।
ইছলামে গুণ্ডাগিৰি আৰু বৰ্ণবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত উত্তম আদৰ্শ দাঙি ধৰিছে। ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ বিদায়ী হজ্জৰ ভাষণত কৈছিলঃ হে মানৱজাতি! জানি থোৱা! নিশ্চয় এজনেই হৈছে তোমালোকৰ প্ৰতিপালক, আৰু তোমালোকৰ আদি পিতাও হৈছে এজনেই। জানি থোৱা! অনাৰবীয়ানৰ ওপৰত আৰবীয়ানৰ কোনো প্ৰাধান্যতা নাই। এইদৰে আৰবীয়ানৰ ওপৰতো অনাৰবীয়ানৰ কোনো প্ৰাধান্যতা নাই। এইদৰে ক'লাৰ ওপৰত ৰঙাৰ কোনো প্ৰাধান্যতা নাই আৰু ৰঙাৰ ওপৰতো ক'লাৰ কোনো প্ৰাধান্যতা নাই। কিন্তু তাক্বৱা অনুসৰি প্ৰাধান্য লাভ কৰাৰ বিষয়টো হৈছে সুকীয়া।
এবাৰ আবু জৰ আৰু বিলাল ৰাদ্বিয়াল্লাহু আনহুমাৰ মাজত বাক-বিতণ্ডা হোৱাত, আবুজৰে বিলালক কৈছিলঃ "হে নিগ্ৰোৰ পুত্ৰ"। ফলত বিলাল ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আহি অভিযোগ দিলে, অভিযোগ অনুসৰি আবু জৰক মাতি নি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ (হে আবু জৰ! তুমি তেওঁক তেওঁৰ মাকৰ বৰ্ণত ধৰি অপমান কৰিছা নেকি? তোমাৰ মাজত দেখোন এতিয়াও অজ্ঞতা যুগৰ বৈশিষ্ট্য আছে।) অৰ্থাৎঃ বিলালৰ মাকৰ বৰ্ণ উল্লেখ কৰি কিয় অপমান কৰিছা, নিশ্চয় এইটো অজ্ঞতা যুগৰ অভ্যাস। এইটো ইছলামৰ বৈশিষ্ট্য নহয়।
শৰীৰৰ ৰঙৰ ওপৰত ভিত্তি কৰি ইছলামত কোনো বিধান দিয়া হোৱা নাই।
নিশ্চয় বিলাল হাবশ্বীও হৈছে নেতৃস্থানীয় চাহাবাসকলৰ অন্যতম এজন। যদিও তেওঁ এজন নিগ্ৰো হাবশ্বী দাস আছিল। এইকাৰণেই ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ আমাৰ নেতা আবু বকৰে, আমাৰ আন এজন নেতাক (দাসত্বৰ জীৱনৰ পৰা) মুক্ত কৰিছে। অৰ্থাৎ বিলালক।
আনহাতে আবু লাহাব আছিল বংশৰ ফালৰ পৰা আটাইতকৈ মৰ্যাদাসম্পন্ন, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ খুড়া আছিল। দেখাতো তেওঁ খুবেই ধুনীয়া আছিল। কিন্তু (এইবোৰে কিবা উপকাৰ কৰিব পাৰিছেনে,) অৱশেষত তেওঁ জাহান্নামী হৈছে। কাৰণ তেওঁ আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা নাছিল।
ইছলাম ধৰ্মটো সকলোৰে বাবে উন্মুক্ত। যি ভাষাৰ ব্যক্তিয়েই নহওক কিয়। আৰবী, ইংৰাজী, ফৰাচী, উৰ্দু অথবা বিশ্বৰ অন্য কোনো ভাষা কোৱা ব্যক্তি। ৰাষ্ট্ৰীয় ভাষা হওক অথবা ৰাজ্যিক ভাষা, কোনো ভেদাভেদ নাই।
ইছলামৰ বাৰ্তা সকলো সময়ৰ সকলো লোকৰ বাবেই সমানভাৱে উন্মুক্ত। এই বাৰ্তা কেৱল নবীৰ যুগৰ লোকসকলৰ মাজতেই সীমাবদ্ধ নহয়। বৰং এইটো হৈছে শেষ জামানালৈকে অৱশিষ্ট থাকিব পৰা এটা বাৰ্তা।
আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ আল্লাহে সেই ব্যক্তিৰ মুখমণ্ডল উজ্জ্বল কৰক, যিয়ে আমাৰ পৰা কোনো এটা হাদীছ শুনাৰ পিছত সেইটোক যত্ন সহকাৰে মুখস্থ কৰিছে আৰু আনকো শিকাইছে। কাৰণ কেতিয়াবা জ্ঞান বহনকাৰী ব্যক্তিতকৈ জ্ঞান অৰ্জনকাৰী ব্যক্তিয়ে অধিক বুজি পায়। আনহাতে বহুতো এনেকুৱা জ্ঞান বহনকাৰী ব্যক্তি আছে, যিয়ে নিজেই সেই জ্ঞান সম্পৰ্কে অধিক অৱগত নহয়।
ইছলামৰ বাৰ্তা প্ৰতিটো স্থানৰ লোকৰ বাবেই সমানভাৱে প্ৰযোজ্য। বিশ্বৰ প্ৰতিটো মহাদেশতে ইছলাম প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰিছে, আনকি আকাশচুম্বী অট্টালিকা, পৰ্বতৰ গুহা, আৰু বুৰাৰী বনাঞ্চল আৰু মৰুভূমিৰ বাসিন্দাসকলৰ ওচৰলৈকেও ইছলাম প্ৰচাৰিত হৈছে। পৱিত্ৰ কোৰআনত এইদৰে কোৱা হৈছেঃ এই কোৰআন মোৰ ওচৰলৈ অহী কৰা হৈছে, যাতে তোমালোকক আৰু যাৰ ওচৰলৈকে ই গৈ পাব সিহঁতক ইয়াৰ দ্বাৰা সতৰ্ক কৰিব পাৰোঁ। (ছুৰা আল-আনআমঃ ১৯) অৰ্থাৎ প্ৰতিটো যুগৰ প্ৰতিটো স্থানৰ যি ব্যক্তিৰ ওচৰলৈকেই এই কোৰআনৰ বাৰ্তা গৈ পাব, সেই ব্যক্তিকেই ইয়াৰ দ্বাৰা সতৰ্ক কৰা হৈছে।
চাহাবা আৰু তাবেঈনসকলৰ সময়ত যদিও যাতায়তৰ মাধ্যম আদিম আছিল, কেৱল উট আৰু ঘোঁৰাৰ বাহিৰে আন কোনো মাধ্যম নাছিল, তথাপিও তেওঁলোকে ভাৰত, সিন্ধ, চীন, পূৱ এছিয়া, আফ্ৰীকা আৰু ইউৰোপৰ বিভিন্ন অঞ্চললৈকে ইছলাম প্ৰচাৰ কৰিছিল।
পৃথিৱীৰ বুকুত এনেকুৱা কোনো ঠাই অৱশিষ্ট নাথাকিব, য'ত ইছলাম ঢুকি নাপাব। ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ এই ধৰ্মটো নিশ্চয় প্ৰত্যেক সেই ঠাইলৈ যাব, য'লৈকে দিন আৰু ৰাতি গৈ পাইছে। আল্লাহে কেচা পকা প্ৰতিটো ঘৰতে এই ধৰ্মটোক প্ৰৱেশ কৰাইহে এৰিব। সন্মানৰ পাত্ৰ ব্যক্তিক আল্লাহে সন্মান প্ৰদান কৰিব আৰু অপমানৰ পাত্ৰ ব্যক্তিক অপমান কৰিব। যিয়ে ইয়াক আকোঁৱালি লব তাক আল্লাহে ইছলামৰ দ্বাৰা সন্মান প্ৰদান কৰিব, আৰু যিয়ে ইয়াক প্ৰত্যাখ্যান কৰিব আল্লাহে তাক কুফৰৰ দ্বাৰা অপমান কৰিব।
অৰ্থাৎ যাতে ইজনে সিজনৰ সৈতে পৰিচিত হ'ব পাৰে, আৰু ইয়াৰ মাধ্যমত কল্যাণ তথা মঙ্গলৰ ক্ষেত্ৰত সহায়-সহযোগ কৰিব পাৰে।
ইছলামী চৰীয়ত আৰু ইয়াৰ বিধানসমূহ প্ৰতিজন ব্যক্তিৰ বাবেই উপযুক্ত। ইয়াৰ ভিতৰত সকলোকে সামৰি লোৱা হৈছে, ইয়াৰ ভিতৰত ইনচাফ, দয়া, উপকাৰ আদি সকলো বিষয়কে অন্তৰ্ভুক্ত কৰা হৈছে। লগতে ইয়াৰ ভিতৰত নমনীয়তা আছে, যাৰ ফলত ই সকলো পৰিস্থিতি আৰু প্ৰতিটো পৰিৱেশতে খাপ খায়। কিয়নো ইছলাম কোনো কঠিন ধৰ্ম নহয়, যিয়ে মানুহৰ কল্যাণক প্ৰভাৱিত কৰে।
সেয়ে ইছলাম হৈছে এটা বিশ্বব্যাপী ধৰ্ম, প্ৰতিটো সময়, প্ৰতিটো স্থান আৰু প্ৰতিজন লোকৰ বাবেই ই সমানে প্ৰযোজ্য। এই ধৰ্মৰ বাৰ্তাই প্ৰত্যক্ষভাৱে বিবেক আৰু অন্তৰক সম্বোধন কৰে, শৰীৰৰ লগতে আত্মাক সংশোধন কৰে। ইয়াৰ ভিতৰত পৃথিৱী আৰু আখিৰাতৰ কল্যাণ নিহিত হৈ আছে।
অন্যান্য ভাষাৰ পামফ্লেট পাবলৈ।