رسالتان موجزتان في الزكاة والصيام

رسالتان موجزتان في الزكاة والصيام

যাকাত আৰু ছিয়াম সম্পৰ্কীয় দুখন সংক্ষিপ্ত পুস্তিকা

Language: lang_as
Prepared by: আব্দুল আজীজ ইবনে আব্দুল্লাহ ইবনে বাজ
Version: 2.0
Translations 43
Assamese Azerbaijani Bengali Bosnian +39
Attachments 7
PDF
Audio
Video
+3

যাকাত আৰু ছিয়াম সম্পৰ্কীয় দুখন সংক্ষিপ্ত পুস্তিকা

মহামান্য শ্বাইখ

আব্দুল আজীজ ইবনে আব্দুল্লাহ ইবনে বাজ

ৰাহিমাহুল্লাহ

প্ৰথম পুস্তিকা

যাকাতৰ বিষয়ে গুৰুত্বপূৰ্ণ আলোচনা

(আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত।

সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে, তেৱেঁই সকলো প্ৰশংসাৰ মালিক। দৰূদ আৰু ছালাম বৰ্ষিত হওক সৰ্বশেষ নবীৰ ওপৰত, যাৰ পিছত আন কোনো নবী নাহিব, লগতে তেওঁৰ পৰিয়ালবৰ্গ আৰু সকলো চাহাবাৰ ওপৰত। ইয়াৰ পাছত কথা হ'ল যে,

এই কথাখিনি লিখাৰ মূল কাৰণ হৈছে যাকাতৰ ফৰজ সম্পৰ্কে নছীহত আৰু স্মৰণ কৰাই দিয়া, যিটোৰ প্ৰতি বহুতো মুছলমানে অৱহেলা কৰে আৰু চৰীয়তসন্মতভাৱে আদায় নকৰে, অথচ ইয়াৰ মৰ্যাদা অতি মহান আৰু ই ইছলামৰ সেই পাঁচটা স্তম্ভৰ অন্যতম, যাৰ ওপৰত ইছলামৰ ভেটি প্রতিষ্ঠিত; কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: «ইছলামৰ স্তম্ভ হৈছে পাঁচটা– এই কথাৰ সাক্ষ্য প্ৰদান কৰা যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল, চালাত প্ৰতিষ্ঠা কৰা, যাকাত আদায় কৰা, ৰমাজান মাহৰ চিয়াম পালন কৰা, আৰু বাইতুল্লাহৰ হজ্জ কৰা»[1]। হাদীছটোৰ শুদ্ধতাৰ ক্ষেত্ৰত বুখাৰী আৰু মুছলিম একমত। [1] (বুখাৰীঃ ৮, আৰু মুছলিমঃ ১৬)

দুখীয়া দৰিদ্ৰ লোকসকল যাকাতৰ প্ৰতি মুখাপেক্ষী হোৱাৰ কাৰণে আৰু জীৱন যাপনৰ বিভিন্ন ক্ষেত্ৰত যাকাতৰ উপকাৰ আৰু গুৰুত্ব অপৰিসীম হোৱাৰ কাৰণে মুছলমানসকলৰ ওপৰত যাকাত ফৰজ কৰা হৈছে। ইয়াৰ উপৰিও যাকাত হৈছে ইছলামৰ সৌন্দৰ্য্যৰ অন্যতম এটা বাহ্যিক ৰূপ আৰু উৎকৃষ্ট প্ৰমাণ।

ইয়াৰ অন্যতম এটা উপকাৰিতা হৈছে, ধনী আৰু দৰিদ্ৰৰ মাজত মুহাব্বতৰ সম্পৰ্ক সুদৃঢ় কৰা; কাৰণ আত্মাসমূহ স্বভাৱগতভাৱেই সেই ব্যক্তিক ভাল পায়, যিয়ে তাৰ প্ৰতি দয়া কৰে।

ইয়াৰ অন্যতম আন এটা উপকাৰিতা হৈছে, যাকাতে আত্মাক পৱিত্ৰ আৰু পৰিশুদ্ধ কৰে। যাকাত আদায়ৰ দ্বাৰা কৃপণালিৰ দৰে ঘৃণনীয় চৰিত্ৰৰ পৰা দূৰত থকা যায়। যিদৰে পৱিত্ৰ কোৰআনে এই অৰ্থৰ প্ৰতি ইঙ্গিত কৰিছে, মহান আল্লাহে কৈছে: "তুমি সিহঁতৰ সম্পদৰ পৰা চাদাক্বা গ্ৰহণ কৰা। ইয়াৰ দ্বাৰা তুমি সিহঁতক পৱিত্ৰ কৰিবা আৰু পৰিশোধিত কৰিবা..." (ছুৰা আত-তাওবাহঃ ১০৩)

যাকাতৰ আন এটা উপকাৰিতা হৈছেঃ মুছলমানক দানশীলতা আৰু উদাৰতাৰ গুণ অৱলম্বন কৰিবলৈ, আৰু অভাৱী লোকৰ প্ৰতি দয়া কৰিবলৈ অভ্যস্ত কৰা।

যাকাতৰ আন এটা উপকাৰিতা হৈছেঃ যাকাত আদায় কৰিলে বৰকত হয়, সম্পদ বৃদ্ধি হয় আৰু উত্তম প্ৰতিদান লাভ কৰা যায়। যেনে- মহান আল্লাহে কৈছে: "তোমালোকে (আল্লাহৰ পথত) যি ব্যয় কৰা, তাৰ বিনিময় তেৱেঁই প্ৰদান কৰিব আৰু তেৱেঁই শ্ৰেষ্ঠ জীৱিকাদাতা’।" (ছুৰা ছাবাঃ আয়াত নং ৩৯) আৰু ছহীহ হাদীছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, মহান আল্লাহে কৈছেঃ “হে আদম সন্তান! ব্যয় কৰা, তেতিয়াহে তোমাৰ ওপৰত ব্যয় কৰা হ’ব...।”[2], ইয়াৰ উপৰিও যাকাতৰ আৰু বহুতো উপকাৰিতা আছে। [2] ছহীহ মুছলিম (৯৯৩)।

যিসকলে যাকাত আদায়ৰ ক্ষেত্ৰত কৃপণালি কৰে তথা যাকাত আদায়ত উদাসীনতা দেখুৱায়, সিহঁতৰ বিষয়ে কঠোৰ সতৰ্কবাণী আহিছে। মহান আল্লাহে কৈছেঃ "...যিসকলে সোণ-ৰূপ সঞ্চয় কৰে আৰু সেয়া আল্লাহৰ পথত ব্যয় নকৰে, তুমি সিহঁতক যন্ত্ৰণাদায়ক শাস্তিৰ সুসংবাদ দিয়া। যিদিনা সেইবোৰক জাহান্নামৰ অগ্নিত উত্তপ্ত কৰা হ’ব আৰু সেইবোৰৰ দ্বাৰা সিহঁতৰ কপালত, শৰীৰৰ দুয়োকাষত আৰু পিঠিত দাগ দিয়া হ’ব, (লগতে কোৱা হ’ব), ‘এইবোৰেই হৈছে তোমালোকৰ সেইবোৰ সম্পদ, যিবোৰক তোমালোকে নিজৰ বাবে সঞ্চয় কৰিছিলা। গতিকে তোমালোকে যি সঞ্চয় কৰিছিলা তাৰ সোৱাদ উপভোগ কৰা’।" (ছুৰা আত-তাওবাহঃ ৩৪-৩৫), এতেকে যি সম্পদৰ যাকাত আদায় কৰা নহয়, সেইটোৱে হৈছে সঞ্চিত ধন, যাৰ দ্বাৰা ক্বিয়ামতৰ দিনা তাৰ সঞ্চয়কাৰীক শাস্তি বিহা হ'ব, যিদৰে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণিত ছহীহ হাদীছত আহিছে যে, তেখেতে কৈছে: "সোণ-ৰূপৰ অধিকাৰী ব্যক্তি, যিয়ে ইয়াৰ হক আদায় নকৰে, ক্বিয়ামতৰ দিনা তাৰ এই সম্পদক জাহান্নামৰ জুইত উত্তপ্ত কৰি অগ্নিৰ পাত বনোৱা হ'ব; লগতে সেইবোৰক জাহান্নামৰ জুইত অধিক উত্তপ্ত কৰা হ'ব, আৰু সেইবোৰৰ দ্বাৰা তাৰ কাষত, কপালত আৰু পিঠিত দাগ দিয়া হ'ব। যেতিয়াই সেইটো শীতল হ'ব তেতিয়াই পুনৰ উত্তপ্ত কৰা হ'ব। এই শাস্তি বিহা হ'ব এনেকুৱা এটা দিৱসত যাৰ পৰিমাণ হ'ব পঞ্চাছ হাজাৰ বছৰৰ সমান। এই শাস্তি বান্দাসকলৰ মাজত ফয়চালা সম্পন্ন নোহোৱা পৰ্যন্ত চলি থাকিব। তাৰ পিছত সি তাৰ পথ দেখিবলৈ পাব: হয় জান্নাতলৈ, নহয় জাহান্নামলৈ।"[3] [3] ছহীহ মুছলিম (৯৮৭)।

ইয়াৰ পাছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উট, গৰু আৰু ছাগলীৰ যাকাত আদায় নকৰা ব্যক্তিৰ বিষয়ে উল্লেখ কৰিছে, আৰু তেখেতে জনাইছে যে, কিয়ামতৰ দিনা সেই ব্যক্তিকো সেইবোৰৰ দ্বাৰা শাস্তি বিহা হ'ব।

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা সঠিক সূত্ৰৰ দ্বাৰা প্ৰমাণিত যে, তেখেতে কৈছেঃ «আল্লাহে যাক সম্পদ দান কৰিছে, কিন্তু সি তাৰ যাকাত আদায় নকৰে, কিয়ামতৰ দিনা তাৰ সম্পদক এটা তপামূৰীয়া বিষাক্ত সাপৰ ৰূপ দিয়া হ’ব, যাৰ চকুৰ ওপৰত দুটা ক'লা দাগ থাকিব। সেই সাপডালে তাৰ ডিঙিত মেৰিয়াই ধৰিব। তাৰ পাছত সি তাৰ দুয়োটা হনুত (অৰ্থাৎ গালৰ দুয়োফালে) ধৰি ক’বঃ ‘ময়েই তোৰ ধন-সম্পদ, ময়েই তোৰ সঞ্চিত ধন’»। ইয়াৰ পাছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মহান আল্লাহৰ এই বাণী পাঠ কৰিছেঃ ﴾আৰু আল্লাহে নিজ অনুগ্ৰহৰ পৰা সিহঁতক যি দান কৰিছে সেয়া লৈ যিসকলে কৃপণালি কৰে, সিহঁতে যেন এই ধাৰণা নকৰে যে, সিহঁতৰ বাবে এয়া কল্যাণকৰ। বৰং এয়া সিহঁতৰ বাবে অমঙ্গল। যিটোলৈ সিহঁতে কৃপণালি কৰিছে কিয়ামতৰ দিনা সেইটোৱে সিহঁতৰ গলাৱদ্ধ কৰি দিয়া হ’ব...﴿ (ছুৰা আলে-ইমৰাণঃ ১৮০) [৪] [4] (বুখাৰীঃ হাদীছ নং ১৩৩৮)

যাকাত চাৰি প্ৰকাৰৰ সম্পদৰ ওপৰত ওৱাজিব হয়: কৃষিভূমিৰ পৰা উৎপাদিত শস্য আৰু ফল-মূল, পথাৰত চৰি ফুৰা ঘৰচীয়া চতুষ্পদ জন্তু, সোণ আৰু ৰূপ, আৰু ব্যৱসায়ীক পণ্য।

এই চাৰি প্ৰকাৰৰ বস্তুৰ প্ৰত্যেকৰে একোটাকৈ নিৰ্দিষ্ট নিচাব আছে, তাতকৈ কম হ'লে যাকাত ওৱাজিব নহয়। শস্য আৰু ফলৰ নিচাব হৈছে: পাঁচ অছাক্ব। এক অছাক্ব হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছা’ হিচাপত ষাঠি ছা’। এই হিচাপত খেজুৰ, কিচমিচ, ঘেঁহু, চাউল, যৱ আৰু এই জাতীয় শস্যৰ নিচাব হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছা’ হিচাপত তিনিশ ছা’। এই ছা’ হৈছে এজন মধ্যম আকৃতিৰ ব্যক্তিৰ দুয়োখন ভৰ্তি হাতেৰে চাৰি আঁজলি পৰিমাণ।

আৰু এই ক্ষেত্ৰত দহ ভাগৰ এভাগ (উশ্বৰ) ওৱাজিব হয়, যদি খেজুৰ গছ আৰু শস্যক্ষেত্ৰত বিনা কষ্টে পানী দিয়া হয়, যেনে বৰষুণ, নদী আৰু প্ৰবাহিত ঝৰ্ণা আদিৰ দ্বাৰা।

আনহাতে যদি কষ্ট আৰু খৰচ কৰি পানী যোগান ধৰা হয়, যেনে- পানী উঠোৱা মেচিন বা পাম্প আদিৰ দ্বাৰা, তেনেহ'লে তাত বিশভাগৰ এভাগ (উশ্বৰৰ অৰ্দ্ধেক) যাকাত দিব লাগিব, যিদৰে এই বিষয়ে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বিশুদ্ধ হাদীছত প্ৰমাণিত হৈছে।

চৰণীয়া উট, গৰু আৰু ছাগলীৰ নিচাবৰ ক্ষেত্ৰত, ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণিত ছহীহ হাদীছসমূহত ইয়াৰ বিশদ বিৱৰণ পোৱা যায়। যিজনে এই বিষয়ে জানিবলৈ আগ্ৰহী, তেওঁ জ্ঞানী লোকসকলক (আলিমসকলক) সুধিব পাৰে। সংক্ষিপ্ত কৰাৰ উদ্দেশ্য নাথাকিলে, পৰিপূৰ্ণ উপকাৰৰ বাবে আমি সেয়াও উল্লেখ কৰিলোঁহেঁতেন।

আৰু ৰূপৰ নিচাব হৈছে এশ চল্লিশ মিছক্বাল। দিৰহাম অনুপাতে ইয়াৰ পৰিমাণ হৈছে চৌদি আৰবৰ ছাপন্ন ৰিয়েলৰ সমান।

সোণৰ নিচাব হৈছে বিশ মিছক্বাল। চৌদি জুনাইহ হিচাপত ইয়াৰ পৰিমাণ হৈছে এঘাৰ দশমিক তিনি-সপ্তমাংশ জুনাইহ, আৰু গ্ৰাম হিচাপত বিৰানব্বৈ গ্ৰাম। যিয়ে এইবোৰৰ অথবা ইয়াৰ কোনো এবিধৰ নিচাব পৰিমাণৰ মালিক হয় আৰু সেই সম্পদৰ ওপৰত এবছৰ অতিক্ৰম কৰে, তেনে ব্যক্তিৰ ওপৰত শতকৰা ২.৫% যাকাত ওৱাজিব হৈ যায়।

লাভাংশ হৈছে মূলধনৰ অধীন। সেয়েহে ইয়াৰ বাবে নতুনকৈ বছৰ পূৰ্ণ হোৱাৰ প্ৰয়োজন নাই। ঠিক সেইদৰে চৰণীয়া জন্তুৰ পোৱালিও তাৰ মূলৰ অধীন, গতিকে তাৰ বাবেও নতুনকৈ বছৰ পূৰ্ণ হোৱাৰ প্ৰয়োজন নাই, যদিহে মূলটো নিচাব পৰিমাণৰ হয়।

বৰ্তমান মানুহে লেন-দেন কৰা কাগজৰ মুদ্ৰাসমূহো সোণ-ৰূপৰ বিধানৰ অন্তৰ্গত, সেইবোৰৰ নাম দিৰহাম, দীনাৰ, ডলাৰ বা অন্য যিয়েই নহওক কিয়, যেতিয়া ইয়াৰ মূল্য ৰূপ বা সোণৰ নিচাব পৰিমাণ হ’ব আৰু ইয়াৰ ওপৰত এবছৰ অতিবাহিত হ’ব, তেতিয়া তাৰ ওপৰত যাকাত ফৰজ হৈ যাব।

নগদ ধনৰ সৈতে নাৰীসকলৰ সোণ বা ৰূপৰ অলংকাৰো অন্তৰ্ভুক্ত, বিশেষকৈ যেতিয়া ই নিচাব পৰিমাণত উপনীত হয় আৰু ইয়াৰ ওপৰত এবছৰ অতিবাহিত হয়। উলামাসকলৰ দুটা মতৰ ভিতৰত আটাইতকৈ শুদ্ধ মতানুসৰি, এই অলংকাৰ ব্যৱহাৰৰ বাবে অথবা ধাৰলৈ দিয়াৰ বাবে ৰখা হ'লেও ইয়াৰ ওপৰত যাকাত ফৰজ হ’ব; কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাণীৰ ব্যাপক অৰ্থই এই বিষয়টোকো সামৰি লয়: «সোণ বা ৰূপৰ অধিকাৰী ব্যক্তি, যিয়ে ইয়াৰ যাকাত আদায় নকৰে, ক্বিয়ামতৰ দিনা তাৰ বাবে অগ্নিৰ পাত বনোৱা হ'ব»[5]। পূৰ্বোক্ত হাদীছটোৰ শেষ পৰ্যন্ত। [5] ছহীহ মুছলিম (৯৮৭)।

আৰু যিহেতু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা প্ৰমাণিত যে, তেখেতে এগৰাকী নাৰীৰ হাতত সোণৰ দুডাল খাৰু দেখি কৈছিলঃ “তুমি এইবোৰৰ যাকাত আদায় কৰানে?” তাই ক'লেঃ নাই। তেখেতে ক'লেঃ “কিয়ামতৰ দিনা আল্লাহে তোমাক এই দুডালৰ পৰিৱৰ্তে জাহান্নামৰ জুইৰ দুডাল খাৰু পিন্ধাই দিলে তুমি আনন্দিত হ'বানে!” তেতিয়া তাই সেই খাৰু দুডাল দলিয়াই দিলে আৰু ক'লেঃ “এই দুডাল আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বাবে (দান কৰিলোঁ)।”[6] [6] আবু দাউদ (হাদীছ নং ১৫৬৩), নাছায়ী (হাদীছ নং ২২৭০), ছনদ হাছান।

উম্মে ছালামা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা প্ৰমাণিত যে, তেওঁ সোণৰ কিছুমান অলংকাৰ পৰিধান কৰিছিল। তাৰ পাছত তেওঁ সুধিলে, হে আল্লাহৰ ৰাছুল! এইটো ‘কানয’ (সঞ্চিত সম্পদ) হিচাপে গণ্য হ'ব নেকি? তেখেতে ক’লেঃ “যি সম্পদৰ ওপৰত যাকাত ফৰজ হয় আৰু তাৰ যাকাত আদায় কৰা হয়, সেইটো গচ্ছিত ধন হিচাপে গণ্য নহয়।”[7] আৰু এনেকুৱা অৰ্থৰ অন্যান্য বহুতো হাদীছ বৰ্ণিত আছে। [৭] আবু দাউদ (হাদীছ নং ১৫৬৪)।

ব্যৱসায়িক সামগ্ৰী, অৰ্থাৎ যিবোৰ বিক্ৰীৰ বাবে প্ৰস্তুত ৰখা হয়, বছৰৰ শেষত সেইবোৰৰ মূল্য নিৰ্ধাৰণ কৰা হ'ব আৰু তাৰ মূল্যৰ এক দশমাংশৰ এক চতুৰ্থাংশ আদায় কৰিব লাগিব, সেই মূল্য তাৰ ক্ৰয়মূল্যৰ সমান হওক, বা অধিক হওক অথবা কম হওক; চামুৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত আছে, তেওঁ কৈছে: «ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক ব্যৱসায়িক সামগ্ৰীৰ পৰা চাদাক্বাহ (যাকাত) আদায় কৰিবলৈ নিৰ্দেশ দিছিল»[8]। [8] আবু দাউদ (হাদীছ নং ১৫৬২)।

ইয়াৰ অন্তৰ্ভুক্ত হৈছে বিক্ৰীৰ বাবে ৰখা মাটি, অট্টালিকা, গাড়ী, পানী উঠোৱা যন্ত্ৰ, আৰু বিক্ৰীৰ বাবে ৰখা অন্যান্য শ্ৰেণীৰ পণ্য-সামগ্ৰী।

যিবোৰ অট্টালিকা বিক্ৰীৰ বাবে নহয় বৰঞ্চ ভাড়া দিয়াৰ বাবেহে প্ৰস্তুত কৰা হৈছে, সেইবোৰৰ ভাড়াৰ ওপৰতহে যাকাত হ'ব, যেতিয়া সেই ভাড়াটোৰ ওপৰত এবছৰ অতিক্ৰম কৰিব। অট্টালিকাটোৰ ওপৰত কোনো যাকাত নাই, কাৰণ সেইটো বিক্ৰীৰ বাবে প্ৰস্তুত কৰা হোৱা নাই। এইদৰে ব্যক্তিগত গাড়ী আৰু ভাড়াতীয়া গাড়ীৰ ওপৰতো যাকাত নাই, যদি সেইবোৰ বিক্ৰীৰ বাবে প্ৰস্তুত কৰা নহয়, যিহেতু তাৰ মালিকে কেৱল ব্যৱহাৰৰ বাবেহে ক্ৰয় কৰিছে।

কিন্তু যদি গাড়ী ভাড়াৰ টকা বা অন্য কোনো নগদ ধন নিচাব পৰিমাণ হয়, তেন্তে এবছৰ অতিক্ৰম কৰাৰ পাছত তাৰ ওপৰত যাকাত ওৱাজিব হ'ব। সেই ধন তেওঁ খৰচ কৰাৰ বাবে ৰাখক, অথবা বিবাহৰ বাবে, বা কোনো ভূমি ক্ৰয় কৰাৰ বাবে, বা ঋণ পৰিশোধ কৰাৰ বাবে, অথবা আন কোনো উদ্দেশ্যতেই নহওক কিয়। কাৰণ শ্বৰীয়তৰ সাধাৰণ দলিলসমূহে এনেকুৱা সম্পদৰ ওপৰত যাকাত ওৱাজিব হোৱাৰ বিষয়টো প্ৰমাণ কৰে।

পূৰ্বোল্লিখিত দলিলসমূহৰ ভিত্তিত উলামাসকলৰ শুদ্ধ মতটো হৈছে এই যে, যাকাত আদায়ৰ ক্ষেত্ৰত ঋণ কেতিয়াও প্ৰতিবন্ধক নহয়।

এইদৰে অধিকাংশ উলামাৰ মতে অনাথ আৰু মানসিকভাৱে বিকাৰগ্ৰস্তসকলৰ সম্পদৰ ওপৰতো যাকাত আদায় কৰা বাধ্যতামূলক, যদি সেয়া নিচাব পৰিমাণত উপনীত হয়, আৰু তাৰ ওপৰত এটা বছৰ অতিক্ৰম কৰে। বছৰ সম্পূৰ্ণ হ'লে সিহঁতৰ অভিভাৱকসকলে সিহঁতৰ হৈ নিয়ত কৰি যাকাত আদায় কৰাটো জৰুৰী। কাৰণ এই সম্পৰ্কীয় দলিলসমূহ ব্যাপক অৰ্থবোধক, যেনে- ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মুআজ ৰাদ্বিয়াল্লাহু আনহুক ইয়েমেনলৈ প্ৰেৰণ কৰাৰ সময়ত কৈছিল: «নিশ্চয় আল্লাহে তেওঁলোকৰ সম্পদৰ ওপৰত চাদাক্বা ফৰজ কৰিছে, যিটো তেওঁলোকৰ ধনীসকলৰ পৰা লোৱা হ'ব আৰু তেওঁলোকৰ দৰিদ্ৰসকলৰ মাজত বণ্টন কৰা হ'ব»[9]। [৯] (বুখাৰীঃ ১৩৯৫, আৰু মুছলিমঃ ১৯)

যাকাত হৈছে আল্লাহৰ হক। এতেকে যিয়ে যাকাত খোৱাৰ উপযুক্ত নহয়, যাকাতৰ ধন প্ৰদান কৰি তাৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰাৰ কোনো অৱকাশ নাই। এইদৰে যাকাতৰ সম্পদ কোনো ব্যক্তিয়ে নিজৰ স্বাৰ্থত ব্যয় কৰিব নোৱাৰে, নিজৰ উপকাৰো কৰিব নোৱাৰে আৰু কোনো ক্ষতিও দূৰ কৰিব নোৱাৰে, নিজৰ সম্পদ ৰক্ষা কৰা অথবা নিজৰ পৰা কোনো নিন্দা দূৰ কৰাৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰিব নোৱাৰে। বৰং মুছলমানৰ ওপৰত ওৱাজিব হৈছে, যাকাতৰ সম্পদ সেই ব্যক্তিক আদায় দিয়া যিজন প্ৰকৃত উপযুক্ত। এই ক্ষেত্ৰত সন্তুষ্টচিত্তে আৰু একনিষ্ঠভাৱে আল্লাহৰ উদ্দেশ্যে আদায় দিব লাগে; যাতে তেওঁ দায়িত্বমুক্ত হ'ব পাৰে আৰু মহান পুৰস্কাৰ তথা উত্তম বিনিময়ৰ যোগ্য হ'ব পাৰে।

মহান আল্লাহে তেওঁৰ পৱিত্ৰ গ্ৰন্থ কোৰআনত যাকাতৰ শিতানসমূহ স্পষ্ট কৰি দিছে। তেওঁ কৈছেঃ "(ফৰজ) চাদাক্বা হৈছে কেৱল ফকীৰ, মিছকীন আৰু চাদাক্বা আদায়ৰ কামত নিয়োজিত কৰ্মচাৰীসকলৰ বাবে, আৰু যাৰ অন্তৰ (সত্যৰ প্ৰতি) আকৃষ্ট কৰাৰ আৱশ্যক তাৰ বাবে, দাসমুক্তিৰ বাবে, ঋণগ্ৰস্তসকলৰ বাবে, আল্লাহৰ পথৰ বাবে লগতে (বিপদগ্ৰস্ত) মুছাফিৰসকলৰ বাবে। এইটো হৈছে আল্লাহৰ তৰফৰ পৰা নিৰ্ধাৰিত (ফৰজ বিধান)। আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।" (ছুৰা আত-তাওবাহঃ ৬০)

এই পৱিত্ৰ আয়াতটো আল্লাহৰ এই দুটা মহান নামৰ দ্বাৰা সমাপ্ত কৰাৰ জৰিয়তে তেওঁ বান্দাসকলক এই কথাৰ প্ৰতি ইঙ্গিত দিছে যে, তেওঁ নিজৰ বান্দাসকলৰ অৱস্থা সম্পৰ্কে সৰ্বজ্ঞ: তেওঁলোকৰ মাজত কোনে চাদাক্বা খোৱাৰ উপযুক্ত আৰু কোন উপযুক্ত নহয়। তেওঁ চৰীয়ত আৰু তাকদীৰ সম্পৰ্কে মহাপ্ৰজ্ঞাৱান। সেয়েহে তেওঁ কোনো বস্তুকে তাৰ উপযুক্ত স্থানৰ বাহিৰে আন ক'তো স্থাপন নকৰে, যদিও তেওঁৰ হিকমতৰ কিছুমান ৰহস্য কিছুমান মানুহৰ ওচৰত গোপন হৈ থাকে; যাতে বান্দাসকলে তেওঁৰ চৰীয়তৰ প্ৰতি আশ্বস্ত হয় আৰু তেওঁৰ বিধানৰ ওচৰত আত্মসমৰ্পণ কৰে।

আল্লাহৰ ওচৰত দুআ কৰোঁ, তেওঁ যেন আমাক আৰু সকলো মুছলিমকে দ্বীনৰ সঠিক জ্ঞান দান কৰে, তেওঁৰ সৈতে কৰা আচৰণত একনিষ্ঠ হোৱাৰ, তেওঁক সন্তুষ্ট কৰা কামত আগুৱাই যোৱাৰ, আৰু তেওঁৰ ক্ৰোধৰ কাৰণসমূহৰ পৰা সুৰক্ষিত থকাৰ তাওফীক দিয়ে। নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, অতি নিকটৱৰ্তী।

মহান আল্লাহে তেওঁৰ বান্দা আৰু ৰাছুল মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি আৰু তেখেতৰ পৰিয়ালবৰ্গ আৰু চাহাবাসকলৰ প্ৰতি, দয়া-কৰুণা, ৰহমত আৰু শান্তি বৰ্ষণ কৰক।

ইল্মী গৱেষণা প্ৰশাসনৰ সাধাৰণ সভাপতি

ফতোৱা, দাৱাহ আৰু ইৰশ্বাদ

মহামান্য শ্বাইখ: আব্দুল আজীজ বিন আব্দুল্লাহ বিন বাজ

দ্বিতীয় পুস্তিকা

ৰমাজান মাহৰ ৰোজা আৰু ইয়াৰ ক্বিয়ামৰ ফজিলত, লগতে কিছুমান গুৰুত্বপূৰ্ণ আহকামৰ বৰ্ণনা যিবোৰ বহু লোকেই নাজানে।

(আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত।

আব্দুল আজীজ বিন আব্দুল্লাহ বিন বাজৰ ফালৰ পৰা সমগ্ৰ মুছলিম জাতিৰ প্ৰতি মুকলি বাৰ্তা। মহান আল্লাহে মোক আৰু তেওঁলোকক ঈমানৰ অনুসাৰীসকলৰ পথত পৰিচালিত কৰক, লগতে মোক আৰু তেওঁলোকক কোৰআন আৰু ছুন্নাহৰ গভীৰ জ্ঞান অৰ্জন কৰাৰ তাওফীক প্ৰদান কৰক। আমীন।

আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহি অবাৰাকাতুহ

অতঃপৰ, এইটো হৈছে ৰমাজান মাহৰ ৰোজা আৰু কিয়ামৰ ফজিলত, আৰু এই মাহত নেক আমলৰ জৰিয়তে অগ্ৰগামী হোৱাৰ ফজিলত সম্পৰ্কীয় এক সংক্ষিপ্ত নছীহত, লগতে ইয়াত আছে এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ আহকামৰ বৰ্ণনা, যিবোৰৰ বিষয়ে বহুতেই অজ্ঞাত।

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা এইটো প্ৰমাণিত যে, তেখেতে চাহাবাসকলক ৰমাজান মাহৰ আগমনৰ সুসংবাদ দিছিল। তেখেতে তেওঁলোকক জনাইছিল যে, এই মাহত ৰহমতৰ দুৱাৰসমূহ আৰু জান্নাতৰ দুৱাৰসমূহ খুলি দিয়া হয়, জাহান্নামৰ দুৱাৰসমূহ বন্ধ কৰি দিয়া হয়, আৰু চয়তানবোৰক শিকলিবদ্ধ কৰা হয়। তেখেতে কৈছে: «ৰমাজানৰ প্ৰথম ৰাতি অহাৰ লগে লগে জান্নাতৰ দুৱাৰসমূহ খুলি দিয়া হয়, কোনো দুৱাৰেই বন্ধ নাথাকে; আৰু জাহান্নামৰ দুৱাৰসমূহ বন্ধ কৰি দিয়া হয়, কোনো দুৱাৰেই খোলা নাথাকে; আৰু চয়তানবোৰক শিকলিবদ্ধ কৰা হয়, আৰু এজন আহ্বানকাৰীয়ে আহ্বান কৰে: হে কল্যাণকামী ব্যক্তি! আগবাঢ়ি আহা, আৰু হে অকল্যাণকামী ব্যক্তি! বিৰত থাকা। (এই মাহত) মহান আল্লাহে বহু লোকক জাহান্নামৰ পৰা মুক্তি দিয়ে, আৰু এইটো প্ৰত্যেক ৰাতিতেই হয়»[1]। [1] তিৰমিজী (হাদীছ নং ৬৮২), আৰু ইবনু মাজাহ (হাদীছ নং ১৬৪২)।

তেখেত আলাইহিচ্ছালাতু অচ্ছালামে আৰু কৈছেঃ «তোমালোকৰ ওচৰত ৰমজান মাহ আহিছে, এইটো হৈছে বৰকতৰ মাহ। এই মাহত আল্লাহে তোমালোকক ৰহমতৰ দ্বাৰা আৱৰি লয়: তেওঁ ৰহমত অৱতীৰ্ণ কৰে, গুনাহসমূহ মোচন কৰে, আৰু দুআ কবুল কৰে। আল্লাহে এই মাহত তোমালোকৰ (সৎকৰ্মৰ) প্ৰতিযোগিতালৈ দৃষ্টিপাত কৰে আৰু তেওঁ ফিৰিস্তাসকলৰ সন্মুখত তোমালোকক লৈ গৌৰৱ কৰে। এতেকে তোমালোকে আল্লাহক নিজৰ উত্তম আৰু নেক কৰ্মসমূহ প্ৰদৰ্শন কৰোৱা; কিয়নো প্ৰকৃত দুৰ্ভগীয়া হৈছে সেইজন, যিয়ে এই মাহত আল্লাহৰ ৰহমতৰ পৰা বঞ্চিত হয়»[2]। [2] তাবৰানীয়ে তেওঁৰ মুছনাদত বৰ্ণনা কৰিছে, (হাদীছ নং: ২২৩৮)।

তেখেত আলাইহিচ্ছালাতু অচ্ছালামে আৰু কৈছেঃ "যি ব্যক্তিয়ে ঈমানৰ সৈতে ছোৱাবৰ আশাত ৰমাজান মাহৰ চওম পালন কৰে, সেই ব্যক্তিৰ অতীতৰ গুনাহসমূহ মাফ কৰি দিয়া হয়, আৰু যিয়ে ঈমানৰ সৈতে ছোৱাবৰ আশাত ৰমাজান মাহত তাৰাৱীহ আদায় কৰে, সেই ব্যক্তিৰ অতীতৰ গুনাহসমূহ মাফ কৰি দিয়া হয়, আৰু যিয়ে ঈমানৰ সৈতে ছোৱাবৰ আশাত লাইলাতুল কদৰত কিয়াম (অৰ্থাৎ চালাত আদায়) কৰে, সেই ব্যক্তিৰ অতীতৰ গুনাহসমূহ মাফ কৰি দিয়া হয়।"[3] [3] (বুখাৰীঃ ২০১৪, আৰু মুছলিমঃ ৭৬০)

তেখেত আলাইহিচ্ছালাতু অচ্ছালামে আৰু কৈছেঃ "মহান আল্লাহে কৈছে, আদম সন্তানৰ প্ৰতিটো আমলৰ ছোৱাব দহৰ পৰা সাত শ গুণ পৰ্যন্ত বৃদ্ধি হয়, কেৱল ৰোজাৰ বাহিৰে। কাৰণ ৰোজা হৈছে মোৰ বাবে আৰু ইয়াৰ প্ৰতিদান মই নিজে প্ৰদান কৰিম। সি কেৱল মোৰ বাবেই নিজৰ প্ৰবৃত্তিৰ চাহিদা আৰু পানাহাৰ ত্যাগ কৰে। ৰোজাদাৰৰ বাবে দুটা আনন্দৰ সময় আছে: এটা আনন্দৰ সময় হৈছে ইফতাৰৰ সময়, আৰু আনটো হৈছে নিজ প্ৰতিপালকৰ সৈতে সাক্ষাতৰ সময়। জানি থোৱা! ৰোজাদাৰ ব্যক্তিৰ মুখৰ গোন্ধ, আল্লাহৰ ওচৰত মৃগনাভিৰ সুগন্ধিতকৈও উৎকৃষ্ট।"[4] [4] ইবনে মাজাহ (হাদীছ নং ১৬৩৮)।

ৰমজানৰ ৰোজা আৰু কিয়াম (তাৰাৱীহ) লগতে সাধাৰণভাৱে ৰোজাৰ ফজিলত সম্পৰ্কীয় হাদীছৰ সংখ্যা বহুত।

এতেকে প্রতিজন মুমিনৰ বাবে উচিত এই সুযোগৰ সদ্ব্যৱহাৰ কৰা যে, মহান আল্লাহে তেওঁক ৰমজান মাহত উপনীত কৰি যি অনুগ্ৰহ প্ৰদান কৰিছে; এই চেগতে তেওঁ সৎকৰ্মৰ প্ৰতি দ্ৰুতগতিত আগবাঢ়ি যোৱা উচিত, পাপকৰ্মৰ পৰা বিৰত থকা উচিত আৰু আল্লাহে তেওঁৰ ওপৰত ফৰজ কৰা ইবাদতসমূহ আদায় কৰিবলৈ চেষ্টা কৰা উচিত, বিশেষকৈ পাঁচ ওৱাক্ত নামাজ। কিয়নো এইটো হৈছে ইছলামৰ স্তম্ভ, আৰু শ্বাহাদাতাইনৰ পিছত এইটোৱেই হৈছে আটাইতকৈ মহান ফৰজ। সেয়েহে প্রত্যেক মুছলিম পুৰুষ আৰু মহিলাৰ ওপৰত ওৱাজিব হৈছে, ইয়াৰ প্ৰতি যত্নৱান হোৱা আৰু ইয়াক সঠিক সময়ত খুশ্বু খুজুৰ সৈতে আৰু একাগ্ৰতাৰ সৈতে আদায় কৰা।

পুৰুষসকলৰ ওপৰত থকা অন্যতম গুৰুত্বপূৰ্ণ দায়িত্ব হৈছে, আল্লাহৰ সেই ঘৰসমূহত (মছজিদসমূহত) জামাআতৰ সৈতে চালাত আদায় কৰা, যিবোৰক সমুন্নত কৰিবলৈ আৰু তাত তেওঁৰ নাম স্মৰণ কৰিবলৈ আল্লাহে নিৰ্দেশ দিছে, যিদৰে তেওঁ কৈছে: "আৰু তোমালোকে ছালাত প্ৰতিষ্ঠা কৰা আৰু যাকাত প্ৰদান কৰা লগতে ৰুকুকাৰীসকলৰ সৈতে ৰুকু কৰা।" (ছুৰা আল-বাক্বাৰাহঃ ৪৩) মহান আল্লাহে আৰু কৈছেঃ "তোমালোকে ছালাতৰ প্ৰতি যত্নৱান হোৱা, বিশেষকৈ মধ্যৱৰ্তী (আচৰ) ছালাতৰ প্ৰতি, আৰু আল্লাহৰ বাবে বিনিতভাৱে থিয় হোৱা।" (ছুৰা আল-বাক্বাৰাঃ ২৩৮) তেওঁ আৰু কৈছেঃ "নিশ্চয় মুমিনসকল সফল হৈছে, যিসকল নিজৰ চালাতৰ ক্ষেত্ৰত ভীতি-অৱনত," (ছুৰা আল-মুমিনূনঃ ১-২) অৱশেষত তেওঁ কৈছেঃ "আৰু যিসকলে নিজৰ চালাতত থাকে যত্নৱান, সেইসকলে হৈছে উত্তৰাধিকাৰী, তেওঁলোক হৈছে ফিৰদাউছৰ উত্তৰাধিকাৰী, তাত তেওঁলোকে চিৰকাল থাকিব।" (ছুৰা আল-মুমিনূনঃ ৯-১১) নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “আমাৰ (মুছলিম) আৰু সিহঁতৰ (অমুছলিমৰ) মাজত (মুক্তিৰ) যি প্ৰতিশ্ৰুতি আছে, সেয়া হৈছে চালাত। এতেকে যিয়ে ইয়াক পৰিত্যাগ কৰে, সি কুফৰী কৰে।”[5] [5] তিৰমিজী (হাদীছ নং ২৬২১), ইবনু মাজাহ (হাদীছ নং ১০৭৯)।

চালাতৰ পিছত আটাইতকৈ গুৰুত্বপূর্ণ ফৰজ হৈছে যাকাত আদায় কৰা, যেনে- মহান আল্লাহে কৈছে: "আৰু সিহঁতক কেৱল এই নিৰ্দেশ দিয়া হৈছিল যে, সিহঁতে যেন আল্লাহৰ ইবাদত কৰে তেওঁৰ বাবেই যেন দ্বীনক একনিষ্ঠ কৰে আৰু যেন ছালাত প্ৰতিষ্ঠা কৰে, লগতে যাকাত প্ৰদান কৰে, আৰু এইটোৱেই হৈছে সঠিক দ্বীন।" [ছুৰা আল-বায়্যিনাহঃ ৫] মহান আল্লাহে আৰু কৈছেঃ "তোমালোকে যথাযথভাৱে ছালাত কায়েম কৰা, যাকাত প্ৰদান কৰা আৰু ৰাছুলৰ আনুগত্য কৰা, যাতে তোমালোকে ৰহমতপ্ৰাপ্ত হ’ব পাৰা।" (ছুৰা আন-নূৰঃ ৫৬)

আল্লাহৰ মহান গ্রন্থ কোৰআন আৰু তেওঁৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নতৰ দ্বাৰা এই কথা প্রমাণিত যে, যিয়ে নিজৰ সম্পদৰ জাকাত আদায় নকৰিব, কিয়ামতৰ দিনা তাক সেই সম্পদৰ দ্বাৰাই শাস্তি বিহা হ’ব।

চালাত আৰু যাকাতৰ পিছত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে ৰমাজান মাহৰ চওম, আৰু এইটো হৈছে ইছলামৰ পাঁচটা স্তম্ভৰ অন্যতম এটা। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই বিষয়ে কৈছেঃ “ইছলামৰ স্তম্ভ হৈছে পাঁচটা– এই কথাৰ সাক্ষ্য প্ৰদান কৰা যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল, ছালাত প্রতিষ্ঠা কৰা, যাকাত আদায় কৰা, ৰমজানৰ ছিয়াম পালন কৰা, বাইতুল্লাহৰ হজ্জ কৰা।”[6] [6] (বুখাৰীঃ ৮, আৰু মুছলিমঃ ১৬)

এজন মুছলমানৰ ওপৰত এইটো অত্যাৱশ্যকীয় যে, তেওঁ যেন নিজৰ ৰোজা আৰু কিয়ামক সেই সকলো কথা আৰু কামৰ পৰা ৰক্ষা কৰে, যিবোৰ আল্লাহে হাৰাম কৰিছে। কাৰণ ৰোজাৰ উদ্দেশ্য হৈছে মহান আল্লাহৰ আনুগত্য কৰা, তেওঁৰ পৱিত্ৰ সীমাসমূহৰ সন্মান ৰক্ষা কৰা, নিজ প্ৰতিপালকৰ আনুগত্যত নিজৰ কু-প্ৰবৃত্তিৰ বিৰোধিতা কৰা, আৰু আল্লাহে হাৰাম কৰা বিষয়ত ধৈৰ্য্য ধৰাৰ অভ্যাস গঢ়ি তোলা। ইয়াৰ উদ্দেশ্য কেৱল পানাহাৰ আৰু অন্যান্য ৰোজা ভংগকাৰী বস্তুসমূহ ত্যাগ কৰাই নহয়; এই কাৰণেই ৰাছুলুল্লাহ (ছাল্লাল্লাহু আলাইহি অছাল্লাম)-ৰ পৰা প্ৰমাণিত আছে যে, তেওঁ কৈছে: «ৰোজা হৈছে ঢালস্বৰূপ, এতেকে তোমালোকৰ মাজৰ কোনোবাই ৰোজা ৰাখিলে সি যেন বেয়া ভাষা নকয় আৰু অপকৰ্ম নকৰে, কোনোবাই যদি তাক গালি পাৰে অথবা তাৰ লগত কাজিয়া কৰে তেন্তে সি যেন কয়ঃ মই ৰোজা ৰাখিছোঁ»[7], নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা সঠিক সূত্ৰৰ দ্বাৰা প্ৰমাণিত যে, তেখেতে কৈছেঃ «যি ব্যক্তিয়ে মিছা কথা কোৱা বন্ধ নকৰে, আৰু মিছা কথাৰ প্ৰতি আমল কৰাৰ পৰা বিৰত নাথাকে লগতে মূৰ্খতাপূৰ্ণ আচৰণ পৰিত্যাগ নকৰে, তেনে ব্যক্তিয়ে খোৱা-বোৱা পৰিত্যাগ কৰি উপবাস থকাৰ কোনো প্ৰয়োজন নাই»[8]। এতেকে এইবোৰ আৰু অন্যান্য দলীলৰ দ্বাৰা এইটো জনা যায় যে, ৰোজাদাৰৰ বাবে অনিবাৰ্য্য হৈছে, আল্লাহে তেওঁৰ ওপৰত হাৰাম কৰা প্ৰতিটো বস্তুৰ পৰা বিৰত থকা আৰু আল্লাহে তেওঁৰ ওপৰত ফৰজ কৰা সকলো বস্তুৰ প্ৰতি যত্নৱান উচিত। তেতিয়াহে তেওঁৰ বাবে মাগফিৰাত, জাহান্নামৰ পৰা মুক্তি আৰু ৰোজা আৰু ক্বিয়াম কবুল হোৱাৰ আশা কৰা যাব। [7] (বুখাৰীঃ ১৯০৪, আৰু নাছায়ীঃ ২৫৩৭) [8] বুখাৰীঃ ১৮০৪, আবু দাউদ (হাদীছ নং: ২৩৬২)।

এনেকুৱা কিছুমান বিষয় আছে, যিবোৰ বহুতেই নাজানেঃ

ইয়াৰ মাজত অন্যতম হৈছে: মুছলমানৰ ওপৰত এইটো অৱশ্য কর্তব্য যে, তেওঁ ঈমানৰ সৈতে আৰু ছোৱাবৰ আশাত চওম পালন কৰিব, লৌকিকতা, সুখ্যাতি অথবা মানুহৰ অন্ধ অনুকৰণৰ বাবে নহয়, বা নিজৰ পৰিয়াল আৰু দেশবাসীৰ অনুসৰণতো নহয়। বৰং তেওঁৰ চওম পালনৰ মূল প্ৰেৰণা হ'ব লাগে এই বিশ্বাসত যে, আল্লাহে তেওঁৰ ওপৰত ইয়াক ফৰজ কৰিছে আৰু ইয়াৰ বিনিময়ত তেওঁ নিজ প্ৰতিপালকৰ ওচৰত ছোৱাবৰ আশা কৰে। ঠিক সেইদৰে ৰমাজানৰ ক্বিয়ামো মুছলিমে ঈমানৰ সৈতে আৰু ছোৱাবৰ আশাত আদায় কৰা উচিত, অন্য কোনো কাৰণত নহয়। এই কাৰণেই তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "যি ব্যক্তিয়ে ঈমানৰ সৈতে ছোৱাবৰ আশাত ৰমাজান মাহৰ চওম পালন কৰে, সেই ব্যক্তিৰ অতীতৰ গুনাহসমূহ মাফ কৰি দিয়া হয়। এইদৰে যি ব্যক্তিয়ে ঈমানৰ সৈতে ছোৱাবৰ আশাত ৰমাজান মাহত তাৰাৱীহ আদায় কৰিব, সেই ব্যক্তিৰ অতীতৰ গুনাহসমূহ মাফ কৰি দিয়া হ'ব। লগতে যি ব্যক্তিয়ে ঈমানৰ সৈতে ছোৱাবৰ আশাত লাইলাতুল কদৰত কিয়াম (অৰ্থাৎ চালাত আদায়) কৰিব, সেই ব্যক্তিৰ অতীতৰ গুনাহসমূহ মাফ কৰি দিয়া হ'ব।"[9] [9] (বুখাৰীঃ ২০১৪, আৰু মুছলিমঃ ৭৬০)

কিছুমান বিষয় এনেকুৱাও আছে, যিবোৰৰ বিধান বহু লোকৰ বাবেই অস্পষ্ট: যেনে- ৰোজাদাৰৰ শৰীৰত আঘাত লগা, নাকৰ পৰা তেজ ওলোৱা, বমি হোৱা, অথবা অনিচ্ছাকৃতভাৱে ডিঙিলৈ পানী বা পেট্ৰ’ল আদি সোমাই যোৱা। এই সকলোবোৰ বিষয়ৰ ফলত ৰোজা ভংগ নহয়। কিন্তু যিয়ে ইচ্ছাকৃতভাৱে বমি কৰে, তাৰ ৰোজা ভংগ হৈ যাব। কিয়নো নবী (চাল্লাল্লাহু আলাইহি অছাল্লামে) কৈছে: "যাৰ অনিচ্ছাকৃতভাৱে বমি হৈ যায়, তাৰ ওপৰত কোনো কাজা নাই, আনহাতে যিয়ে ইচ্ছাকৃতভাৱে বমি কৰে, তাৰ ওপৰত কাজা ওৱাজিব।"[10] [10] তিৰমিজী (হাদীছ নং ৭২০), ইবনু মাজাহ (হাদীছ নং ১৬৭৬)।

এইদৰে ৰোজাদাৰ ব্যক্তিয়ে যদি জানাবতৰ গোছল ফজৰ উদয় হোৱালৈকে পলম কৰে (তথাপিও কোনো অসুবিধা নাই), অনুৰূপভাৱে যদি কোনো নাৰীয়ে হায়েজ বা নিফাছৰ পৰা ফজৰৰ আগমূহূৰ্তত পৱিত্ৰতা অৰ্জন কৰা সত্ত্বেও ফজৰ উদয় হোৱালৈকে গোছল পলম কৰে। এনে ক্ষেত্ৰত তাইৰ ওপৰত ৰোজা ৰখাটো ফৰজ, আৰু ফজৰ উদয় হোৱাৰ পিছলৈকে গোছল পলম কৰাত কোনো বাধা নাই। কিন্তু তাইৰ বাবে সূৰ্যোদয়লৈকে গোছল পলম কৰা বৈধ নহয়, বৰং তাইৰ ওপৰত ফৰজ হৈছে যে, তাই সূৰ্যোদয়ৰ আগতেই গোছল কৰি ফজৰৰ চালাত আদায় কৰিব। এইদৰে জুনুবী ব্যক্তিয়েও সূৰ্যোদয় হোৱাৰ পিছলৈকে গোছলত বিলম্ব কৰিব নোৱাৰিব, বৰং সূৰ্যোদয়ৰ আগতেই গোছল কৰি ফজৰৰ নামাজ আদায় কৰাটো তেওঁৰ ওপৰত ফৰজ। পুৰুষৰ বাবে এই কাম শীঘ্ৰে কৰা অৱশ্য কর্তব্য, যাতে তেওঁ জামাতৰ সৈতে ফজৰৰ নামাজ আদায় কৰিব পাৰে।

যিবোৰ বিষয়ৰ দ্বাৰা ৰোজা নষ্ট নহয় সেইবোৰৰ ভিতৰত আছে: তেজ পৰীক্ষা কৰা, আৰু পুষ্টি সাধনৰ উদ্দেশ্য নোহোৱাকৈ বেজী (ইঞ্জেকচন) লোৱা। কিন্তু সম্ভৱ হ’লে এইবোৰ ৰাতিলৈকে পলম কৰাটোৱেই উত্তম তথা অধিক সতৰ্কতামূলক; কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "সন্দেহযুক্ত বিষয় পৰিত্যাগ কৰি যিটোত সন্দেহ নাই সেইটো গ্ৰহণ কৰা।"[11] [11] (তিৰমিজীঃ ২৫১৮)

তেখেত আলাইহিচ্ছালাতু অচ্ছালামে আৰু কৈছেঃ «যিয়ে সন্দেহযুক্ত বিষয়সমূহৰ পৰা আঁতৰি থাকিব, সি তাৰ দ্বীন আৰু মর্যাদা ৰক্ষা কৰিব পাৰিব»[12]। [12] (বুখাৰীঃ ৫২, আৰু মুছলিমঃ ১৫৯৯)

বহুতো মানুহেই অৱগত নোহোৱা এটা বিষয় হৈছে, নামাজত ধীৰ-স্থিৰতা অৱলম্বন সম্পৰ্কে, সেয়া ফৰজ নামাজেই হওক বা নফল নামাজ। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণিত ছহীহ হাদীছসমূহে এই কথা প্রমাণ কৰে যে, ধীৰ-স্থিৰতা হৈছে নামাজৰ এটা অন্যতম ৰুকন, যাৰ অবিহনে নামাজ শুদ্ধ নহয়। এই ধীৰ-স্থিৰতা হৈছে নামাজত স্থিৰতা আৰু খুশ্বু খুজু অৱলম্বন কৰা, আৰু খৰখেদা নকৰা, যাতে শৰীৰৰ প্ৰতিটো অংগই নিজৰ স্থানত সুস্থিৰ হ'ব পাৰে। বহুতো মানুহে ৰমজান মাহত তাৰাবীহৰ নামাজ এনেদৰে আদায় কৰে যে, তেওঁলোকে তাত কি পঢ়িছে সেয়া বুজি নাপায় আৰু তাত কোনো ধীৰ-স্থিৰতাও নাথাকে, বৰঞ্চ কুকুৰাই খুটিয়াই খোৱাৰ দৰে খৰখেদাকৈ আদায় কৰে। এইদৰে আদায় কৰা নামাজ কেতিয়াও শুদ্ধ হ'ব নোৱাৰে, আৰু এনেকুৱা নামাজী ব্যক্তিয়ে ছোৱাব পোৱাৰ পৰিৱৰ্তে গুনাহগাৰহে হ'ব।

এইদৰে যিবোৰ বিষয়ৰ বিধান কিছুমান মানুহৰ বাবে অস্পষ্ট, তাৰে অন্যতম এটা হৈছে: কিছুমানে ধাৰণা কৰে যে, তাৰাবীহৰ নামাজ বিশ ৰাকাততকৈ কম কৰা বৈধ নহয়, আৰু আন কিছুমানৰ এই ধাৰণা যে, এঘাৰ ৰাকাত বা তেৰ ৰাকাততকৈ অধিক পঢ়া বৈধ নহয়। এই সকলোবোৰেই হৈছে অমূলক ধাৰণা, বৰং এইটো হৈছে দলীলৰ পৰিপন্থী এটা ভুল ধাৰণা।

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণিত ছহীহ হাদীছসমূহে এইটোৱে প্ৰমাণ কৰে যে, ৰাতিৰ নামাজৰ বিষয়টো হৈছে ব্যাপক, ইয়াত এনে কোনো নিৰ্দিষ্ট সীমা-ৰেখা নাই যাক অতিক্ৰম কৰিব নোৱাৰি। বৰং তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা এইটো প্ৰমাণিত যে, তেখেতে ৰাতি এঘাৰ ৰাকাত নামাজ পঢ়িছিল, কেতিয়াবা তেৰ ৰাকাতো পঢ়িছিল, আৰু কেতিয়াবা ৰমাজানত অথবা ৰমাজানৰ বাহিৰতো তাতকৈ কম পঢ়িছিল। যেতিয়া তেখেতক ৰাতিৰ নামাজৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল, তেতিয়া তেখেতে কৈছিলঃ «দুই দুই ৰাকাতকৈ আদায় কৰিবা। ইয়াৰ পিছত যদি তোমালোকৰ মাজৰ কোনোবাই ফজৰ হোৱাৰ আশংকা কৰে, তেন্তে তেওঁ যেন এক ৰাকাত আদায় কৰে, যাতে তেওঁৰ পূৰ্বৰ নামাজ ৱিতিৰ হৈ যায়»[13]। হাদীছটোৰ শুদ্ধতাৰ ক্ষেত্ৰত বুখাৰী আৰু মুছলিম একমত। [13] (বুখাৰীঃ ৯৪৬, আৰু মুছলিমঃ ৭৪৯)

তেখেতে ৰমজান মাহত অথবা অন্য কোনো মাহত কোনো নিৰ্দিষ্ট ৰাকাত নিৰ্ধাৰণ কৰা নাছিল। এই কাৰণেই ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ শাসনকালত চাহাবাসকলে কেতিয়াবা তেইশ ৰাকাত আৰু কেতিয়াবা এঘাৰ ৰাকাত নামাজ পঢ়িছিল। এই সকলোবোৰ ওমৰ ৰাদ্বিয়াল্লাহু আনহু আৰু তেওঁৰ শাসনকালৰ চাহাবাসকলৰ পৰা প্ৰমাণিত।

কিছুমান চালাফে ৰমজানত ছত্ৰিশ ৰাক’আত নামাজ পঢ়িছিল, আৰু তিনি ৰাক’আত ৱিতিৰ পঢ়িছিল। আনহাতে কিছুমানে একচল্লিশ ৰাক’আত পঢ়িছিল। এই বিষয়ে শ্বাইখুল ইছলাম ইবনে তাইমিয়াহ আৰু অন্যান্য আহলে ইল্মসকলে উল্লেখ কৰিছে। লগতে তেওঁ ৰাহিমাহুল্লাহে এইটোও কৈছে যে, এই বিষয়টোত যথেষ্ট অৱকাশ আছে। তেওঁ এইটোও উল্লেখ কৰিছে যে, যিজনে কিৰাআত, ৰুকু আৰু ছাজদা দীঘলীয়া কৰে, তেওঁৰ বাবে ৰাক’আতৰ সংখ্যা কমোৱাটোৱেই উত্তম। যিজনে কিৰাআত, ৰুকু আৰু ছাজদা চমু কৰে, তেওঁ ৰাক’আতৰ সংখ্যা বৃদ্ধি কৰিব। এইটোৱেই তেওঁৰ কথাৰ সাৰাংশ। (আল্লাহে তেওঁৰ ওপৰত ৰহমত বৰ্ষণ কৰক)।

যিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নতৰ ওপৰত চিন্তা-চৰ্চা কৰে, তেওঁ জানিব পাৰিব যে, এই ক্ষেত্ৰত আটাইতকৈ উত্তম হৈছে ৰমজানত আৰু অন্যান্য সময়ত এঘাৰ ৰাকাত অথবা তেৰ ৰাকাত নামাজ আদায় কৰা; কিয়নো এইটোৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অধিকাংশ অৱস্থাৰ আমলৰ অনুকূল। লগতে এইটো নামাজীসকলৰ বাবে অধিক সহজ আৰু খুশ্বু তথা স্থিৰতা অৰ্জনৰ অধিক নিকটৱৰ্তী। যিয়ে ইয়াতকৈ বেছি আদায় কৰে, তাতো কোনো আপত্তি নাই আৰু পূৰ্বৰ আলোচনা অনুসৰি ইয়াত কোনো বিষয় মাকৰূহো নহয়।

আৰু যিজনে ইমামৰ লগত ৰমজানৰ কিয়াম নামাজ আদায় কৰে, তেওঁৰ বাবে উত্তম হৈছে ইমামৰ লগতে নামাজ শেষ কৰা; কাৰণ নবী (চাল্লাল্লাহু আলাইহি অছাল্লামে) কৈছেঃ "যি ব্যক্তিয়ে ইমামৰ সৈতে শেষ পৰ্যন্ত কিয়াম কৰে, আল্লাহে তেওঁৰ বাবে গোটেই ৰাতিৰ কিয়াম লিপিবদ্ধ কৰে।"[14] [14] তিৰমিজী (হাদীছ নং ৮০৬), আবু দাউদ (হাদীছ নং ১৩৭৫)।

সকলো মুছলিমৰ বাবে এই পৱিত্ৰ মাহত বিভিন্ন প্ৰকাৰৰ ইবাদতত পৰিশ্ৰম কৰাৰ বিধান দিয়া হৈছে। যেনে- নফল চালাত আদায় কৰা, গভীৰভাৱে চিন্তা-চৰ্চা কৰি কোৰআন তিলাৱত কৰা, আৰু বেছি বেছি তাছবীহ, তাহলীল, তাহমীদ, তাকবীৰ আৰু ইস্তিগফাৰ পাঠ কৰা, চৰীয়তসন্মত দুআ কৰা, সৎকৰ্মৰ আদেশ দিয়া আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰা, আল্লাহৰ ফালে মানুহক আহ্বান কৰা, দুখীয়া-নিচলাক সহায়-সহানুভূতি কৰা, পিতৃ-মাতৃৰ সৈতে সদ্ব্যৱহাৰ কৰাত যত্নৱান হোৱা, আত্মীয়তাৰ সম্পৰ্ক অটুট ৰখা, চুবুৰীয়াৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা, বেমাৰীৰ শুশ্ৰূষা কৰা, আৰু এই ধৰণৰ অন্যান্য সকলো নেক কৰ্ম কৰা। কিয়নো পূৰ্বৱৰ্তী হাদীছত ৰাছুলুল্লাহ (চাল্লাল্লাহু আলাইহি অছাল্লামে) কৈছে: “আল্লাহে ইয়াত তোমালোকৰ প্ৰতিযোগিতাৰ প্ৰতি দৃষ্টিপাত কৰে আৰু তেওঁৰ ফিৰিস্তাসকলৰ ওচৰত তোমালোকক লৈ গৌৰৱ কৰে; এতেকে তোমালোকে নিজৰ ফালৰ পৰা আল্লাহক কল্যাণ দেখুওৱা, কাৰণ দুৰ্ভগীয়া হৈছে সেই ব্যক্তি, যিয়ে এই মাহত আল্লাহৰ ৰহমতৰ পৰা বঞ্চিত হয়”[15]। [15] তাবৰাণীয়ে তেওঁৰ মুছনাদত বৰ্ণনা কৰিছে (হাদীছ নং: ২২৩৮)।

আৰু যিহেতু তেখেত আলাইহিচ্ছালাতু অচ্ছালামৰ পৰা বৰ্ণিত আছে যে, তেখেতে কৈছেঃ «যি ব্যক্তিয়ে এই মাহত কোনো এটা সৎকৰ্ম কৰিব, তেওঁক অন্য সময়ত এটা ফৰজ আদায় কৰাৰ সমান ছোৱাব দিয়া হ’ব। এইদৰে যি ব্যক্তিয়ে এই মাহত এটা ফৰজ আদায় কৰিব, তেওঁক অন্য সময়ত সত্তৰটা ফৰজ আদায় কৰাৰ সমান ছোৱাব দিয়া হ’ব»[16]। [16] ছহীহ ইবনে খুযাইমাহ (হাদীছ নং ১৮৮৭)।

লগতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ছহীহ হাদীছত এই কথাও কৈছেঃ "ৰমাজান মাহত কৰা ওমৰাহৰ ছোৱাব হৈছে এটা হজ্জৰ সমান, অথবা তেওঁ কৈছে: মোৰ সৈতে কৰা হজ্জৰ সমান।"[17] [17] (বুখাৰীঃ হাদীছ নং ১৮৬৩)

এই মহিমামণ্ডিত মাহত বিভিন্ন প্ৰকাৰৰ কল্যাণৰ কামত প্ৰতিযোগিতা কৰাৰ বৈধতা সম্পৰ্কে বহুতো হাদীছ আৰু আছাৰ বৰ্ণিত আছে।

মহান আল্লাহৰ ওচৰত দুআ কৰোঁ, তেওঁ যেন আমাক আৰু সকলো মুছলিমকে তেওঁৰ সন্তুষ্টি থকা প্ৰতিটো কামৰ তাওফীক প্ৰদান কৰে, আমাৰ ছিয়াম আৰু কিয়াম কবুল কৰে, আমাৰ অৱস্থাৰ সংশোধন কৰি দিয়ে, আৰু আমাক সকলোকে বিভ্ৰান্তকাৰী ফিতনাৰ পৰা সুৰক্ষিত ৰাখে। আমি তেওঁৰ ওচৰত এইটোও প্ৰাৰ্থনা কৰোঁ যে, তেওঁ যেন মুছলিম শাসকসকলৰ সংশোধন কৰে, আৰু তেওঁলোকক সত্যৰ ওপৰত একত্ৰিত কৰে। নিশ্চয় তেৱেঁই এইটো কৰিবলৈ সক্ষম আৰু একমাত্ৰ তেৱেঁই সকলো ক্ষেত্ৰতে ক্ষমতাৱান।

অচ্ছালামু আলাইকুম অৰাহমাতুল্লাহি অবাৰাকাতুহ।