সৰ্বাধিক সন্ধান কৰা
তিনিটা মূলনীতি আৰু ইয়াৰ প্ৰমাণসমূহ
এই কিতাপখনত এজন মুছলিমে শিকিবলগীয়া অত্যাৱশ্যকীয় মৌলিক নীতিসমূহ আলোচনা কৰা হৈছে: যেনে- আল্লাহৰ পৰিচয়, দ্বীন ইছলামৰ পৰিচয়, আৰু নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰিচয়। লগতে কোৰআন আৰু হাদীছৰ দলিলৰ আলোকত ঈমান আৰু সৎ আমল গঢ়ি তোলাত এই নীতিসমূহৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হৈছে।
This PDF is generated automatically from the book's text; its layout may differ from the printed edition.
তিনিটা মূলনীতি আৰু ইয়াৰ প্ৰমাণসমূহ
শ্বাইখ মুহাম্মাদ আত-তামীমী ৰাহিমাহুল্লাহ
(আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত।
হে পাঠক বৃন্দ! -আল্লাহে আপোনাৰ ওপৰত ৰহমত বৰ্ষণ কৰক।- জানি থওক যে, চাৰিটা বিষয়ৰ জ্ঞান লাভ কৰা আমাৰ বাবে অত্যন্ত আৱশ্যকঃ
১. ইল্ম বা দ্বীনি জ্ঞান অৰ্জন কৰা: অৰ্থাৎ এনেকুৱা শিক্ষা অৰ্জন কৰা, যাৰ সহায়ত দলীল-প্ৰমাণসহ মহান আল্লাহ সম্পৰ্কে, তেওঁৰ নবী আৰু দ্বীন-ইছলাম সম্পৰ্কে সম্যক জ্ঞান লাভ কৰিব পাৰি।
২. সেই জ্ঞান অনুযায়ী আমল কৰা।
৩. সেই জ্ঞানৰ ফালে মানুহক আহ্বান কৰা।
৪. এই দায়িত্ব পালন কৰোঁতে সন্মুখীন হ’বলগীয়া কষ্ট তথা বিপদ-আপদত ধৈৰ্য্য ধাৰণ কৰা।
ইয়াৰ প্ৰমাণ হৈছে মহান আল্লাহৰ এই বাণীঃ «বিছমিল্লা-হিৰ ৰহমা-নিৰ ৰাহীম» "সময়ৰ শপত, নিশ্চয় মানুহ হৈছে ক্ষতিগ্ৰস্ততাত নিপতিত, কিন্তু তেওঁলোকৰ বাহিৰে, যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, লগতে (যিসকলে) পৰস্পৰক সত্যৰ উপদেশ দিয়ে আৰু ধৈৰ্য্য ধাৰণ কৰিবলৈ উৎসাহিত কৰে।" (ছুৰা আল-আচৰঃ ১-৩)
ইমাম শ্বাফেয়ী ৰাহিমাহুল্লাহে কৈছেঃ “যদি মহান আল্লাহে এই ছুৰাটোৰ বাহিৰে আন কোনো ছুৰা অৱতীৰ্ণ নকৰিলেহেঁতেন, তেন্তে তেওঁৰ সৃষ্টিৰ বাবে এই ছুৰাটোৱেই যথেষ্ট হ’লহেঁতেন।”
আৰু ইমাম বুখাৰী ৰাহিমাহুল্লাহে কৈছেঃ (পৰিচ্ছেদ) “কথা আৰু কৰ্মৰ আগত জ্ঞান অৰ্জন কৰা”। যেনে- পৱিত্ৰ কোৰআনত মহান আল্লাহে কৈছেঃ “গতিকে জানি থোৱা যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু তুমি তোমাৰ নিজৰ ভুল-ত্ৰুটিৰ বাবে ক্ষমা প্রার্থনা কৰা...” (ছূৰা মুহাম্মদ : ১৯)। এই আয়াতটোত মহান আল্লাহে কথা আৰু কৰ্মৰ আগত জ্ঞান অৰ্জন কৰিবলৈ আদেশ দিছে।
জানি থওক, (আল্লাহে আপোনাৰ ওপৰত কৰুণা বৰ্ষণ কৰক।) প্ৰত্যেক মুছলিম নৰ-নাৰীৰ ওপৰতে এই তিনিটা বিষয়ৰ জ্ঞান অৰ্জন কৰা আৰু সেই মতে আমল কৰা অপৰিহাৰ্য্য:
১) আল্লাহেই আমাক সৃষ্টি কৰিছে, জীৱিকা প্ৰদান কৰিছে, আৰু তেওঁ আমাক কোনো দায়িত্ব নিদিয়াকৈ এনেই এৰি দিয়া নাই। তেওঁ আমাৰ হিদায়তৰ বাবে আমাৰ ওচৰলৈ ৰাছুল প্ৰেৰণ কৰিছে। গতিকে যিয়ে তেওঁৰ আহ্বান কবূল কৰিব তেওঁ জান্নাতত প্ৰৱেশ কৰিব আৰু যিয়ে তেওঁৰ আদেশ অমান্য কৰিব সি জাহান্নামত প্ৰৱেশ কৰিব।
ইয়াৰ প্ৰমাণ হৈছে মহান আল্লাহৰ এই বাণীঃ "নিশ্চয় আমি তোমালোকৰ বাবে সাক্ষী স্বৰূপে তোমালোকৰ ওচৰলৈ এজন ৰাছুল প্ৰেৰণ কৰিছোঁ, যেনেকৈ ৰাছুল প্ৰেৰণ কৰিছিলোঁ ফিৰআউনৰ ওচৰলৈ। কিন্তু ফিৰআউনে ৰাছুলক অমান্য কৰিছিল, সেয়ে আমি তাক শাস্তি বিহিছিলোঁ।" (ছুৰা আল-মুঝঝম্মিলঃ ১৫-১৬)
২) ইবাদত-উপাসনাৰ ক্ষেত্ৰত কোনোবাই কাকো আল্লাহৰ অংশীদাৰ স্থাপন কৰক, এইটো আল্লাহে পছন্দ নকৰে। যদিও সেইজন সান্নিধ্য লাভ কৰা কোনো ফিৰিস্তাই হওক বা প্ৰেৰিত কোনো ৰাছুলেই নহওক কিয়। ইয়াৰ দলীল হৈছে মহান আল্লাহৰ এই বাণীঃ "আৰু নিশ্চয় মছজিদসমূহ হৈছে আল্লাহৰ বাবেই (নিৰ্মিত), গতিকে তোমালোকে আল্লাহৰ লগত আন কাকো নামাতিবা।" (ছুৰা আল-জিনঃ ১৮)
তৃতীয়ঃ আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধাচৰণকাৰী সকলৰ লগত নবীৰ আনুগত্যকাৰীসকলে তথা আল্লাহৰ একত্ববাদ স্বীকাৰকাৰীসকলে বন্ধুত্ব কৰা কেতিয়াও বৈধ নহয়। যদিও সিহঁত ঘনিষ্ঠ আত্মীয়ই নহওক কিয়।
ইয়াৰ প্ৰমাণ হৈছে মহান আল্লাহৰ এই বাণীঃ "আল্লাহ আৰু আখিৰাতৰ প্ৰতি বিশ্বাস স্থাপন কৰা এনে কোনো সম্প্ৰদায় তুমি বিচাৰি নাপাবা, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলক বিৰুদ্ধাচাৰণ কৰা লোকসকলক ভাল পায়--- যদিও সিহঁত তেওঁলোকৰ পিতা বা পুত্ৰ অথবা ভাই নাইবা বংশ-পৰিয়ালৰ মানুহেই নহওক কিয়! এওঁলোকৰ অন্তৰতেই আল্লাহে ঈমান লিখি দিছে আৰু তেওঁৰ তৰফৰ পৰা ৰূহৰ দ্বাৰা তেওঁলোকক শক্তিশালী কৰিছে। তেওঁলোকক তেওঁ প্ৰৱেশ কৰাব এনেকুৱা জান্নাতসমূহত যাৰ তলেদি নিজৰাসমূহ প্ৰবাহিত হয়। তাত তেওঁলোকে চিৰকাল থাকিব; আল্লাহে তেওঁলোকৰ প্ৰতি সন্তুষ্ট হৈছে আৰু তেওঁলোকেও তেওঁৰ প্ৰতি সন্তুষ্ট। তেওঁলোকেই হৈছে আল্লাহৰ দল। জানি থোৱা, আল্লাহৰ দলেই সফলতা লাভ কৰিব।" (ছুৰা মুজাদালাহঃ ২২)
(আল্লাহে আপোনাক তেওঁৰ আনুগত্য কৰিবলৈ আৰু তেওঁৰ আদেশ মানিবলৈ তাওফীক দিয়ক) জানি থওক, নিশ্চয় একনিষ্ঠ আনুগত্যই হৈছে মিল্লাতে ইব্ৰাহীমৰ মূলনীতি। সেইটো হৈছে এই যে, আপুনি কেৱল আল্লাহৰেই উপাসনা কৰক আৰু কেৱল তেওঁৰ বাবেই দ্বীন-ইছলামক আন্তৰিকতাৰে আৰু একাগ্ৰচিত্তে পালন কৰক। আল্লাহে সমগ্ৰ মানৱ জাতিকে ইয়াৰ আদেশ দিছে আৰু এই উদ্দেশ্যেই সিহঁতক সৃষ্টি কৰিছে। যেনে- মহান আল্লাহে পৱিত্ৰ কোৰআনত কৈছেঃ "আৰু মই জিন আৰু মানুহক কেৱল এইকাৰণেই সৃষ্টি কৰিছোঁ যে, সিহঁতে যেন কেৱল মোৰেই ইবাদত কৰে।" (ছুৰা আজ-যাৰিয়াতঃ ৫৬) ‘যাতে সিহঁতে কেৱল মোৰেই ইবাদত কৰে’ ইয়াৰ অৰ্থ হৈছে- সিহঁতে যেন মোক "একক তথা অদ্বিতীয়" বুলি স্বীকাৰ কৰে।
মুঠতে আল্লাহে যিবোৰ নিৰ্দেশনা দিছে, সেইবোৰৰ মাজত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে ‘তাওহীদ’৷ ইয়াৰ অৰ্থ হৈছে- ‘সকলো প্ৰকাৰ ইবাদত-উপাসনা এককভাৱে আল্লাহৰ উদ্দেশ্যে পালন কৰা।
তেওঁ যিবোৰ বিষয়ৰ পৰা নিষেধ কৰিছে সেইবোৰৰ মাজত আটাইতকৈ ডাঙৰ নিষেধাজ্ঞাটো হৈছে শ্বিৰ্ক। সেয়া হৈছে, আল্লাহৰ সৈতে আনক আহ্বান কৰা তথা অংশীদাৰ স্থাপন কৰা।
ইয়াৰ প্ৰমাণ হৈছে মহান আল্লাহৰ এই বাণীঃ "তোমালোকে আল্লাহৰ ইবাদত কৰা, আৰু তেওঁৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰিবা..." (ছুৰা নিছাঃ ৩৬)
যদি আপোনাক প্ৰশ্ন কৰা হয় যে, সেই তিনিটা মূলনীতি কি কি, যিবোৰ জনাটো প্ৰত্যেক মানুহৰ বাবেই অপৰিহাৰ্য?
তেতিয়া আপুনি উত্তৰ দিব যে, সেই বিষয় তিনিটা হৈছে: ১) প্ৰতিজন ব্যক্তিয়েই প্ৰতিপালক সম্পৰ্কে জ্ঞান ৰখা। ২) তেওঁ প্ৰদান কৰা দ্বীন বা জীৱন বিধান সম্পৰ্কে সম্যক জ্ঞান ৰখা আৰু ৩) এইদৰে তেওঁৰ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম সম্পৰ্কে জনাটো অপৰিহাৰ্য৷
প্ৰথম মূলনীতি
যদি আপোনাক প্ৰশ্ন কৰা হয় যে ‘আপোনাৰ প্ৰতিপালক কোন?
তেতিয়া উত্তৰ দিবঃ মোৰ প্ৰতিপালক হৈছে সেই মহান আল্লাহ, যিজনে মোক আৰু আন আন গোটেই সৃষ্টি জীৱকে তেওঁৰ বিশেষ অনুগ্ৰহৰ দ্বাৰা লালন-পালন কৰে। তেৱেঁই মোৰ একমাত্ৰ উপাস্য, তেওঁৰ বাহিৰে মোৰ আন কোনো উপাস্য নাই। ইয়াৰ প্ৰমাণ হৈছে, মহান আল্লাহৰ বাণীঃ "সকলো ধৰণৰ হামদ (প্ৰশংসা) বিশ্বজগতৰ ৰব্ব আল্লাহৰ বাবে।" (ছুৰা আল-ফাতিহাঃ ২) আল্লাহৰ বাহিৰে সকলো বস্তুৱে হৈছে তেওঁৰ সৃষ্টি, আৰু ময়ো সেই সৃষ্টি জগতৰ এটা অংশ মাত্ৰ।
আৰু যদি আপোনাক প্ৰশ্ন কৰা হয় যে “আপুনি কেনেকৈ আপোনাৰ প্ৰতিপালকক চিনি পালে?”
তেতিয়া আপুনি উত্তৰ দিবঃ তেওঁৰ নিদৰ্শনসমূহ আৰু তেওঁৰ সৃষ্টিসমূহৰ দ্বাৰা মই তেওঁক চিনি পাইছোঁ।
আৰু তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আছে: ৰাতি আৰু দিন, সূৰ্য আৰু চন্দ্ৰ।
আৰু তেওঁৰ সৃষ্টিসমূহৰ মাজত আছেঃ সাতখন আকাশ আৰু ইয়াৰ মাজত যিসকল আছে, সাতটা পৃথিৱী আৰু ইয়াৰ মাজত যিসকল আছে, আৰু এই দুয়োৰে মাজত যি যি আছে।
ইয়াৰ প্ৰমাণ হৈছে মহান আল্লাহৰ এই বাণীঃ "আৰু তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আছে ৰাতি আৰু দিন, সূৰ্য আৰু চন্দ্ৰ। তোমালোকে সূৰ্যক ছাজদাহ নকৰিবা, আৰু চন্দ্ৰকো নহয়; ছাজদাহ কৰিবা কেৱল আল্লাহক, যিজনে এইবোৰক সৃষ্টি কৰিছে, যদিহে তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা।" (ছুৰা ফুচ্ছিলাতঃ ৩৭)
মহান আল্লাহে আৰু কৈছেঃ "নিশ্চয় তোমালোকৰ প্ৰতিপালক হৈছে আল্লাহ, যিজনে আকাশসমূহ আৰু পৃথিৱীক ছয় দিনত সৃষ্টি কৰিছে, তাৰ পাছত তেওঁ আৰশ্বৰ ওপৰত উঠিছে। তেৱেঁই দিনক ৰাতিৰে আচ্ছন্ন কৰে। সেইবোৰৰ এটাই আনটোক দ্ৰুতগতিত অনুসৰণ কৰে। (লগতে তেৱেঁই সৃষ্টি কৰিছে) সূৰ্য, চন্দ্ৰ আৰু নক্ষত্ৰসমূহক, যিবোৰ তেওঁৰ আদেশৰেই অনুগত। জানি থোৱা, সৃজন আৰু আদেশ কেৱল তেওঁৰেই। বিশ্বজগতৰ প্ৰতিপালক আল্লাহ মহা বৰকতময়!" (ছুৰা আল-আৰাফঃ ৫৪)
সেই প্ৰতিপালকেই হৈছে প্ৰকৃত উপাস্য। যেনে- মহান আল্লাহে কৈছেঃ "হে মানৱ সম্প্ৰদায়! তোমালোকে তোমালোকৰ সেই ৰব্ব (প্ৰতিপালক)ৰ ইবাদত কৰা, যিজনে তোমালোকক আৰু তোমালোকৰ পূৰ্বৱৰ্তীসকলক সৃষ্টি কৰিছে, যাতে তোমালোকে তাক্বৱাৰ অধিকাৰী হ’ব পাৰা। যিজনে তোমালোকৰ বাবে পৃথিৱীখনক বিছনা কৰি দিছে আৰু আকাশখনক কৰি দিছে চালস্বৰূপ, আৰু আকাশৰ পৰা পানী অৱতীৰ্ণ কৰি তাৰ দ্বাৰা তোমালোকৰ জীৱিকাৰ বাবে ফলমূল উৎপাদন কৰিছে। গতিকে তোমালোকে জানি-শুনি কাকো আল্লাহৰ সমকক্ষ থিৰ নকৰিবা।" (ছুৰা আল-বাক্বাৰাহঃ ২১-২২)
ইবনে কাছীৰ ৰাহিমাহুল্লাহে কৈছেঃ "এইবোৰ বস্তুৰ যিজন সৃষ্টিকৰ্তা, তেৱেঁই হৈছে ইবাদতৰ একমাত্ৰ যোগ্য।"
আল্লাহে নিৰ্দেশ দিয়া ইবাদতসমূহৰ প্ৰকাৰভেদঃ যেনে- ইছলাম, ঈমান আৰু ইহছান। ইয়াৰ ওপৰিও আছেঃ দুআ (প্ৰাৰ্থনা), খাওফ (ভয়), ৰাজা (আশা), তাৱাক্কুল (ভৰসা), ৰাগবাহ (অনুৰাগ), ৰাহবাহ (ভীতি), খুশ্বু (বিনয়), খাশ্বিয়া (আল্লাহৰ ভয়), ইনা-বাহ (আল্লাহৰ প্ৰতি প্ৰত্যাৱৰ্তন), ইছতিআ’নাহ (সহায় প্ৰাৰ্থনা), ইছতিআ’যাহ (আশ্ৰয় প্ৰাৰ্থনা), ইছতিগাছাহ (বিপদৰ পৰা উদ্ধাৰৰ বাবে সাহায্য প্ৰাৰ্থনা), জবেহ (কুৰবানী), নজৰ (মান্নত) আৰু এইবোৰৰ বাহিৰেও আন আন যিবোৰ ইবাদতৰ নিৰ্দেশ আল্লাহে প্ৰদান কৰিছে, সেই সকলোবোৰ কেৱলমাত্ৰ মহান আল্লাহৰ বাবেই হ’ব লাগিব। ইয়াৰ দলীল হৈছে মহান আল্লাহৰ এই বাণীঃ "আৰু নিশ্চয় মছজিদসমূহ আল্লাহৰ বাবেই (নিৰ্মিত), গতিকে তোমালোকে আল্লাহৰ লগত আন কাকো নামাতিবা।" (ছুৰা আল-জিনঃ ১৮)
গতিকে উপৰোক্ত বিষয়সমূহৰ যিকোনো এটা যদি কোনোবাই আল্লাহৰ বাহিৰে আনৰ বাবে সম্পাদিত কৰে, তেন্তে সি মুশ্বৰিক তথা কাফিৰ বুলি পৰিগণিত হ’ব। এই বিষয়ে মহান আল্লাহে কৈছেঃ "আৰু যিয়ে আল্লাহৰ লগত অন্য কোনো উপাস্যকো আহ্বান কৰে, (অথচ) সেই বিষয়ে তাৰ ওচৰত কোনো প্ৰমাণ নাই, তাৰ হিচাপ-নিকাচ কেৱল তাৰ প্ৰতিপালকৰ ওচৰত আছে, নিশ্চয় কাফিৰসকল সফল হ’ব নোৱাৰিব।" (ছুৰা আল-মুমিনূনঃ ১১৭)
হাদীছত কোৱা হৈছে: "দুআই হৈছে ইবাদতৰ মূল (মগজু)।"
ইয়াৰ প্ৰমাণ হৈছে মহান আল্লাহৰ এই বাণীঃ "আৰু তোমালোকৰ প্ৰতিপালকে কৈছে, ‘তোমালোকে কেৱল মোৰ ওচৰতেই দুআ কৰা, মই তোমালোকৰ দুআ কবুল কৰিম। নিশ্চয় যিসকলে অহংকাৰ কৰি মোৰ ইবাদতৰ পৰা বিমুখ হয়, সিহঁত অচিৰেই লাঞ্ছিত হৈ জাহান্নামত প্ৰৱেশ কৰিব’।" (ছুৰা গাফিৰঃ ৬০)
ভয়ঃ ইয়াৰ প্ৰমাণ যেনে- মহান আল্লাহে কৈছেঃ "...সিহঁতক কেতিয়াও ভয় নকৰিবা, কেৱল মোকেই ভয় কৰা।" (ছুৰা আলে-ইমৰাণঃ ১৭৫)
আশাঃ ইয়াৰ প্ৰমাণ যেনে- মহান আল্লাহে কৈছেঃ "সেয়ে যিয়ে তাৰ প্ৰতিপালকৰ সাক্ষাৎ আশা (কামনা) কৰে, তাৰ উচিত সৎকৰ্ম কৰা আৰু তাৰ প্ৰতিপালকৰ ইবাদতত আন কাকো অংশীদাৰ স্থাপন নকৰা"। (ছুৰা আল-কাহাফঃ ১১০)
ভৰসা বা নিৰ্ভৰশীলতাঃ যেনে- মহান আল্লাহে কৈছেঃ "...আল্লাহৰ ওপৰতেই ভৰসা কৰা যদি তোমালোকে মুমিন হোৱা৷" (ছুৰা মায়িদাহঃ ২৩) আৰু কৈছেঃ "...আৰু যিয়ে আল্লাহৰ প্ৰতি তাৱাক্কুল (ভৰসা) কৰিব, তাৰ বাবে আল্লাহেই যথেষ্ট।..." (ছুৰা আত-তালাক্বঃ ৩)
আগ্ৰহ আৰু ভয় মিশ্ৰিত শ্ৰদ্ধা তথা বিনয়ঃ ইয়াৰ প্ৰমাণ- মহান আল্লাহে কৈছেঃ "তেওঁলোকে সৎকৰ্মত প্ৰতিযোগিতা কৰিছিল, লগতে তেওঁলোকে আমাক আগ্ৰহ আৰু ভীতিৰ সৈতে আহ্বান কৰিছিল আৰু তেওঁলোক আছিল আমাৰ প্ৰতি বিনীত।" (ছুৰা আল-আম্বিয়াঃ ৯০)
ভয়ঃ ইয়াৰ প্ৰমাণ- মহান আল্লাহে কৈছেঃ "সেয়ে সিহঁতক ভয় নকৰিবা কেৱল মোকেই ভয় কৰা।" (ছুৰা মায়িদাহঃ ৩)
নৈকট্য লাভৰ কামনা কৰা আৰু হৈ যোৱা পাপকৰ্মৰ বাবে অনুশোচনা কৰাঃ ইয়াৰ প্ৰমাণ "আৰু তোমালোকে নিজ প্ৰতিপালকৰ অভিমুখী হোৱা আৰু তেওঁৰ ওচৰত আত্মসমৰ্পন কৰা..." (ছুৰা আঝ-ঝুমৰঃ ৫৪)
সহায় প্ৰাৰ্থনাঃ যেনে- পৱিত্ৰ কোৰআনত আছেঃ "আমি কেৱল তোমাৰেই ইবাদত কৰোঁ, আৰু তোমাৰ ওচৰতেই সহায় প্ৰাৰ্থনা কৰোঁ।" (ছুৰা আল-ফাতিহাঃ ৫) হাদীছত কোৱা হৈছে: "যেতিয়া সহায় প্রার্থনা কৰিবা, তেতিয়া কেৱল আল্লাহৰ ওচৰতেই সহায় প্ৰাৰ্থনা কৰিবা।"
আশ্ৰয় প্ৰাৰ্থনা কৰাঃ ইয়াৰ প্ৰমাণ: যেনে- মহান আল্লাহে কৈছেঃ "কোৱা, মই আশ্ৰয় বিচাৰোঁ ঊষাৰ প্ৰতিপালকৰ।" (ছুৰা ফালাক্বঃ ১) আৰু "কোৱা- মই মানুহৰ প্ৰতিপালকৰ আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ৷" (ছুৰা আন-নাছঃ ১)
বিপন্ন ব্যক্তিৰ আশ্ৰয় প্ৰাৰ্থনাঃ ইয়াৰ প্ৰমাণ: যেনে- মহান আল্লাহে কৈছেঃ "স্মৰণ কৰা, যেতিয়া তোমালোকে তোমালোকৰ প্ৰতিপালকৰ ওচৰত উদ্ধাৰ প্ৰাৰ্থনা কৰিছিলা, ফলত তেওঁ তোমালোকৰ প্ৰাৰ্থনাত সহাঁৰি দিছিল..." [আল-আনফাল, আয়াত: ৯]
জবেহ বা কুৰবানীঃ ইয়াৰ প্ৰমাণ: যেনে মহান আল্লাহে কৈছেঃ "কোৱা, ‘নিশ্চয় মোৰ ছালাত, মোৰ কুৰবানী, মোৰ জীৱন আৰু মোৰ মৰণ, বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ বাবেই’। তেওঁৰ কোনো অংশীদাৰ নাই..." (ছুৰা আল-আনআমঃ ১৬২-১৬৩) হাদীছৰ পৰা ইয়াৰ প্ৰমাণ: "আল্লাহে সেইসকল লোকৰ প্ৰতি অভিসম্পাত কৰিছে, যিসকলে আল্লাহৰ বাহিৰে আনৰ বাবে জবেহ কৰে।"
নজৰ আৰু মান্নত: কোৰআনত ইয়াৰ প্ৰমাণ: "(কাৰণ) তেওঁলোকে মান্নত পূৰণ কৰে, আৰু সেই দিৱসটোক ভয় কৰে যিটো দিৱসৰ অকল্যাণ হ’ব সুবিস্তৃত।" (ছুৰা আল-ইনছানঃ ৭)
দ্বিতীয় মূলনীতি
প্ৰমাণসহ ইছলাম ধৰ্মৰ জ্ঞান লাভ কৰা, আৰু সেয়া হৈছে: তাওহীদৰ মাধ্যমত আল্লাহৰ ওচৰত পৰিপূৰ্ণৰূপে আত্মসমৰ্পণ কৰা, আনুগত্যৰ মাধ্যমত তেওঁৰ ওচৰত পৰিপূৰ্ণৰূপে বশ্যতা স্বীকাৰ কৰা, লগতে শ্বিৰ্ক আৰু মুশ্বৰিকৰ পৰা সম্পৰ্কচ্ছেদ ঘোষণা কৰা।
ইয়াৰ তিনিটা পৰ্যায় আছে: ইছলাম, ঈমান আৰু ইহছান।
আৰু প্ৰতিটো পৰ্যায়ৰ সুকীয়াকৈ আৰকান আছে।
এতেকে ইছলামৰ আৰকান বা স্তম্ভ হৈছে পাঁচটা: এই কথাৰ সাক্ষ্য প্ৰদান কৰা যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল, চালাত প্ৰতিষ্ঠা কৰা, যাকাত আদায় কৰা, ৰমাজান মাহৰ চিয়াম পালন কৰা আৰু পবিত্ৰ বাইতুল্লাহৰ হজ্জ কৰা।
প্ৰথম স্তম্ভৰ প্ৰমাণ। যেনে- মহান আল্লাহে কৈছেঃ "আল্লাহে সাক্ষ্য দিয়ে যে, নিশ্চয় তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ (উপাস্য) নাই, আৰু ফিৰিস্তাসকলে লগতে জ্ঞানীসকলেও (এই সাক্ষ্য দিয়ে); তেওঁ ন্যায়নীতিৰ ওপৰত প্ৰতিষ্ঠিত। আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, (তেওঁ) পৰাক্ৰমশালী, প্ৰজ্ঞাময়।" (ছুৰা আলে-ইমৰাণঃ ১৮)
ইয়াৰ অৰ্থ হৈছে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই।
“লা ইলা-হা”ৰ দ্বাৰা আল্লাহৰ বাহিৰে আন সকলো উপাস্যকে অস্বীকাৰ কৰা হৈছে।
"ইল্লাল্লাহ"ৰ দ্বাৰা ইবাদতক একমাত্ৰ আল্লাহৰ বাবে সাব্যস্ত কৰা হৈছে।
তেওঁৰ ইবাদতত কোনো অংশীদাৰ নাই, যিদৰে তেওঁৰ ৰাজত্বৰ ক্ষেত্ৰতো কোনো অংশীদাৰ নাই।
ইয়াৰ স্পষ্ট ব্যাখ্যা এই আয়াতৰ দ্বাৰা বুজিব পাৰিব। মহান আল্লাহে কৈছে: "আৰু স্মৰণ কৰা, যেতিয়া ইব্ৰাহীমে তেওঁৰ পিতৃ আৰু তেওঁৰ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকে যিবোৰৰ ইবাদত কৰা, নিশ্চয় সেইবোৰৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই। কেৱল তেওঁৰ বাহিৰে যিজনে মোক সৃষ্টি কৰিছে.." (ছুৰা আজ-ঝুখৰূফ: ২৬-২৭) মহান আল্লাহে আৰু কৈছেঃ "কোৱা, ‘হে কিতাবীসকল! আহা সেই কথাৰ পিনে, যিটো আমাৰ আৰু তোমালোকৰ মাজত মিল আছে; সেয়া হৈছে- আমি যেন একমাত্ৰ আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰোঁ, তেওঁৰ লগত আন কাকো অংশী স্থাপন নকৰোঁ আৰু আমাৰ মাজৰ কোনোৱেই যাতে ইজনে সিজনক ৰব্ব হিচাপে গ্ৰহণ নকৰে’। তথাপিও যদি সিহঁতে মুখ ঘূৰাই লয়, তেনেহ’লে তোমালোকে কোৱা, ‘তোমালোকে সাক্ষী থকা যে, নিশ্চয় আমি মুছলিম’।" (ছুৰা আলে-ইমৰাণঃ ৬৪)
মুহাম্মদ চাল্লাল্লা-হু আলাইহি অছাল্লাম হৈছে তেওঁৰ প্ৰেৰিত ৰাছুল এই সাক্ষ্য দিয়াৰ প্ৰমাণ: যেনে- মহান আল্লাহে কৈছেঃ "নিশ্চয় তোমালোকৰ ওচৰলৈ তোমালোকৰ মাজৰ পৰাই এজন ৰাছুল আহিছে, তোমালোকৰ যি দুখ-কষ্ট হয় তেওঁ তাৰ বাবে বৰ মনোকষ্ট পায়। তেওঁ তোমালোকৰ হিতাকাংক্ষী, মুমিনসকলৰ প্ৰতি তেওঁ কৰুণাশীল আৰু অতি দয়ালু।" (ছুৰা আত-তাওবাহঃ ১২৮)
আৰু মুহাম্মদ চাল্লাল্লা-হু আলাইহি অছাল্লাম আল্লাহৰ ৰাছুল বুলি সাক্ষ্য দিয়াৰ অৰ্থ হৈছে: তেওঁ যিবোৰ আদেশ দিছে সেইবোৰৰ অনুসৰণ কৰা, তেওঁ যিবোৰ বিষয়ে সংবাদ প্ৰদান কৰিছে সেইবোৰক সত্য বুলি স্বীকাৰ কৰা, তেওঁ যিবোৰ বিষয়ে নিষেধ কৰিছে সেইবোৰ বৰ্জন কৰা, আৰু আল্লাহৰ ইবাদত কেৱল চৰীয়তে অনুমোদন জনোৱা পদ্ধতিৰেহে কৰা।
চালাত, যাকাত আৰু তাওহীদৰ ব্যাখ্যাৰ প্ৰমাণ, এই বিষয়ে পৱিত্ৰ কোৰআনত আহিছে: মহান আল্লাহে কৈছেঃ "আৰু সিহঁতক কেৱল এই নিৰ্দেশ দিয়া হৈছিল যে, সিহঁতে যেন আল্লাহৰ ইবাদত কৰে তেওঁৰ বাবেই যেন দ্বীনক একনিষ্ঠ কৰে আৰু ছালাত প্ৰতিষ্ঠা কৰে, লগতে যাকাত প্ৰদান কৰে, আৰু এইটোৱেই হৈছে সঠিক দ্বীন।" (ছুৰা আল-বায়্যিনাহঃ ৫)
চওম বা ৰোজা সম্পৰ্কে কোৰআনৰ বাণী: "হে ঈমান্দাৰসকল! তোমালোকৰ ওপৰত ছিয়াম ফৰজ কৰা হৈছে যেনেকৈ তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ ওপৰত ফৰজ কৰা হৈছিল, যাতে তোমালোকে তাক্বৱা অৱলম্বন কৰিব পাৰা।" (ছুৰা আল-বাক্বাৰাহঃ ১৮৩)
হজ্জ সম্পৰ্কে মহান আল্লাহৰ বাণীঃ "আৰু মানুহৰ মাজৰ পৰা তাত যাবলৈ যাৰ সামৰ্থ আছে, আল্লাহৰ উদ্দেশ্যে সেই ঘৰৰ হজ্জ কৰা তাৰ বাবে অৱশ্য কৰ্তব্য (অনিবাৰ্য); আৰু যিয়ে অস্বীকাৰ (কুফুৰী) কৰিব সি জানি থোৱা উচিত যে, নিশ্চয় আল্লাহ সৃষ্টিজগতৰ মুখাপেক্ষী নহয়।" (ছুৰা আলে-ইমৰাণঃ ৯৭)
দ্বিতীয় স্তৰঃ ঈমান; ইয়াৰ সত্তৰতকৈও অধিক শাখা-প্ৰশাখা আছে। ইয়াৰ সৰ্বোচ্চ শাখাটো হৈছেঃ লা ইলা-হা ইল্লাল্লাহ, আৰু সৰ্বনিম্ন শাখাটো হৈছে বাট-পথৰ পৰা কষ্টদায়ক বস্তু আঁতৰাই দিয়া। এইদৰে হায়া বা লাজ হৈছে ঈমানৰ এটা অন্যতম শাখা।
ঈমানৰ আৰকান হৈছে ছয়টা: আল্লাহৰ প্ৰতি, তেওঁৰ ফিৰিস্তাসকলৰ প্ৰতি, তেওঁৰ কিতাপসমূহৰ প্ৰতি, তেওঁৰ ৰাছুলসকলৰ প্ৰতি, শেষ দিৱসৰ প্ৰতি, আৰু তাক্বদীৰৰ মঙ্গল-অমঙ্গলৰ প্ৰতি ঈমান পোষণ কৰা।
ইয়াৰ প্ৰমাণ যেনে- মহান আল্লাহে কৈছেঃ "পূৱ বা পশ্চিম দিশত তোমালোকৰ মুখ কৰাটোৱে সৎকৰ্ম নহয়, বৰং সৎকৰ্ম হৈছে, যিয়ে আল্লাহ, শেষ দিৱস, ফিৰিস্তাসকল, কিতাবসমূহ আৰু নবীসকলৰ প্ৰতি ঈমান পোষণ কৰে..." (ছুৰা আল-বাক্বাৰাহঃ ১৭৭)
আৰু তাক্বদীৰ বা ভাগ্য সম্পৰ্কে মহান আল্লাহে কৈছে: "নিশ্চয় আমি প্ৰতিটো বস্তু এটা নিৰ্ধাৰিত পৰিমাপত সৃষ্টি কৰিছোঁ।" [ছুৰা আল-ক্বামাৰ: ৪৯]
তৃতীয় স্তৰ: এহছান (ইয়াৰ এটাই ৰুকন), আৰু সেয়া হৈছে আল্লাহৰ ইবাদত এনেকৈ কৰা যেনিবা তুমি তেওঁক দেখি আছা, আৰু যদি এইটো অনুভৱ নহয় তেন্তে মনত ৰাখিবা যে, নিশ্চয় তেওঁ তোমাক দেখি আছে।
ইয়াৰ প্ৰমাণ হৈছে মহান আল্লাহৰ এই বাণীঃ "নিশ্চয় আল্লাহ তেওঁলোকৰ লগত আছে যিসকলে তাক্বৱা অৱলম্বন কৰিছে আৰু যিসকল সৎকৰ্মপৰায়ণ।" (ছুৰা আন-নাহলঃ ১২৮)
মহান আল্লাহে আৰু কৈছেঃ "আৰু তুমি নিৰ্ভৰ কৰা পৰাক্ৰমশালী, পৰম দয়ালু (আল্লাহ)ৰ ওপৰত, যিজনে তোমাক দেখে যেতিয়া তুমি (ছালাতৰ বাবে) থিয় হোৱা, আৰু (তেৱেঁই) ছাজদাকাৰীসকলৰ মাজত তোমাৰ গতিবিধি (লক্ষ্য কৰে)।" (ছুৰা আশ্ব-শ্বুআৰাঃ ২১৭-২১৯)
মহান আল্লাহে আৰু কৈছেঃ "আৰু তুমি যি অৱস্থাতেই নথকা কিয় আৰু তুমি সেই সম্পৰ্কে কোৰআনৰ পৰা যিটোৱেই তিলাৱত কৰা আৰু তোমালোকে যি আমলেই নকৰা কিয়, আমি তোমালোকৰ সাক্ষী থাকোঁ, যেতিয়া তোমালোকে তাত প্ৰবৃত্ত হোৱা।..." (ছুৰা ইউনুছঃ ৬১) আয়াত।
ছুন্নাহৰ পৰা ইয়াৰ প্ৰমাণ হৈছে সেই বিখ্যাত হাদীছে জিব্ৰীল, যিটো ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ এদিনাখন আমি ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ ওচৰত বহি আছিলোঁ, এনেতে এজন ব্যক্তি আমাৰ সন্মুখত আহি উপস্থিত হ'ল, যাৰ কাপোৰ আছিল অতিকৈ বগা, চুলি আছিল ভীষণ ক’লা; তেওঁৰ ওপৰত ভ্ৰমণৰ কোনো লক্ষণ পৰিলক্ষিত হোৱা নাছিল, আৰু আমাৰ মাজৰ কোনেও তেওঁক চিনিও পোৱা নাছিল। তেওঁ নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ ওচৰত আহি বহিল, নিজৰ আঠু তেখেতৰ আঠুৰ লগত মিলাই বহিল, আৰু নিজৰ দুয়ো হাত তেখেতৰ উৰুৰ ওপৰত ৰাখি ক’লে: “হে মুহাম্মদ!”
মোক ইছলাম সম্পৰ্কে কওক?
তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে: “ইছলাম হৈছে, এই কথাৰ সাক্ষ্য দিয়া যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল। ছালাত কায়েম কৰা, যাকাত প্ৰদান কৰা, ৰমজানৰ চওম পালন কৰা আৰু সক্ষম হ'লে বাইতুল্লাহৰ হজ্জ কৰা।” তেওঁ ক’লে: ‘আপুনি সত্য কৈছে’। তেওঁক দেখি আমি আচৰিত হ'লোঁ, তেওঁ তেখেতক প্ৰশ্নও কৰিছে আৰু সত্য বুলি স্বীকাৰো কৰিছে।
তাৰ পিছত তেওঁ ক’লে, “মোক ঈমান সম্পৰ্কে জ্ঞান দিয়ক”।
তেখেতে ক’লে: “তুমি আল্লাহৰ প্ৰতি, তেওঁৰ ফিৰিস্তাসকলৰ প্ৰতি, তেওঁৰ কিতাবসমূহৰ প্ৰতি, তেওঁৰ ৰাছুলসকলৰ প্ৰতি, শেষ দিৱসৰ প্ৰতি, আৰু তাক্বদীৰৰ মঙ্গল-অমঙ্গলৰ প্ৰতি ঈমান পোষণ কৰা।” তেতিয়া তেওঁ ক’লে, “আপুনি সত্য কৈছে।”
তেওঁ ক'লেঃ তেন্তে মোক এহছান সম্পৰ্কে জনাওক?
তেওঁ ক'লেঃ এতিয়া মোক কিয়ামত সম্পৰ্কে কওক।
তেখেতে ক'লেঃ তেন্তে মোক ইয়াৰ নিদৰ্শনসমূহৰ বিষয়ে জনাই দিয়ক।
তেখেতে ক’লেঃ দাসীয়ে নিজৰ মালিকনীক জন্ম দিব, আৰু তুমি নগ্নপদ, নগ্নদেহ, নিঃস্ব, ছাগলীৰ ৰখীয়াসকলক উচ্চ অট্টালিকা নিৰ্মাণত পৰস্পৰে প্ৰতিযোগিতা কৰা দেখিবা।
এই কথোপকথনৰ পিছত সেই ব্যক্তিজন গুচি গ’ল, কিন্তু মই আৰু কিছু সময় বহি থাকিলোঁ। তেতিয়া তেখেতে মোক ক’লে: “হে ওমৰ! প্ৰশ্নকাৰীজন কোন আছিল, আপুনি জানেনে? মই ক'লোঁ: “আল্লাহ আৰু তেওঁৰ ৰাছুলেহে অধিক ভালকৈ জানে”। তেখেতে ক’লে: “তেওঁ আছিল জিব্ৰীল (আলাইহিচ্ছালাম)। আপোনালোকক আপোনালোকৰ দ্বীন শিক্ষা দিবলৈ আপোনালোকৰ ওচৰলৈ আহিছিল।”
তৃতীয় মূলনীতি
তেখেত হৈছে মুহাম্মদ বিন আব্দুল্লাহ বিন আব্দুল মুত্তালিব বিন হাশ্বিম। হাশ্বিম হৈছে কুৰাইশ্বৰ বংশধৰ, আৰু কুৰাইশ্ব হৈছে আৰবৰ শ্ৰেষ্ঠ গোষ্ঠী, আৰু আৰব হৈছে ইব্ৰাহীম আলাইহিচ্ছালামৰ পুত্ৰ ইছমাঈল আলাইহিচ্ছালামৰ বংশধৰ। দৰূদ আৰু ছালাম বৰ্ষিত হওক ইব্ৰাহীম আলাইহিচ্ছালাম আৰু আমাৰ প্ৰিয় নবীৰ ওপৰত।
তেখেত ৬৩ বছৰ জীৱিত আছিল। নুবুওৱত প্ৰাপ্তিৰ পূৰ্বে ৪০ (চল্লিশ) বছৰ আৰু নবী তথা ৰাছুল হৈ ২৩ (তেইছ) বছৰ অতিবাহিত কৰিছিল।
ছুৰা “ইকৰা” আৰু ছুৰা “মুদ্দাচ্ছিৰ” অৱতীৰ্ণ হোৱাৰ লগে লগে তেখেত যথাক্ৰমে নুবুওৱত আৰু ৰিছালত লাভ কৰিছিল, আৰু তেখেতৰ জন্মস্থান আছিল মক্কা।
শ্বির্কৰ পৰা সতৰ্ক কৰিবলৈ আৰু তাওহীদৰ প্ৰতি আহ্বান জনাবলৈ আল্লাহে তেখেতক প্ৰেৰণ কৰিছিল। ইয়াৰ দলীল হৈছে মহান আল্লাহৰ এই বাণীঃ "হে বস্ত্ৰাবৃত! উঠা, আৰু সতৰ্ক কৰা, আৰু তোমাৰ প্ৰতিপালকৰ শ্ৰেষ্ঠত্ব ঘোষণা কৰা। আৰু তোমাৰ পোছাক-পৰিচ্ছদ পৱিত্ৰ ৰাখিবা, আৰু অপৱিত্ৰতা (শ্বিৰ্ক) পৰিহাৰ কৰা, লগতে অধিক পোৱাৰ আশাত কাকো অনুগ্ৰহ নকৰিবা। আৰু তোমাৰ প্ৰতিপালকৰ বাবেই ধৈৰ্য ধাৰণ কৰা।" (ছুৰা আল-মুদ্দাচ্ছিৰঃ ১-৭)
আৰু ইয়াৰ অৰ্থ (উঠা, আৰু সতৰ্ক কৰা,) শ্বিৰ্কৰ বিৰুদ্ধে সতৰ্ক কৰা, আৰু তাওহীদৰ প্ৰতি আহ্বান কৰা।
(আৰু তোমাৰ প্ৰতিপালকৰ শ্ৰেষ্ঠত্ব ঘোষণা কৰা।) অৰ্থাৎ তাওহীদৰ দ্বাৰা তেওঁৰ শ্ৰেষ্ঠত্ব ঘোষণা কৰা।
(আৰু তোমাৰ পোছাক-পৰিচ্ছদ পৱিত্ৰ ৰাখিবা,) অৰ্থাৎ আমলসমূহক শ্বিৰ্কৰ পৰা পৱিত্ৰ ৰাখিবা।
(আৰু অপৱিত্ৰতা (শ্বিৰ্ক) পৰিহাৰ কৰা,) الرُّجْزُ হৈছে মূৰ্ত্তিসমূহ। ইয়াক পৰিত্যাগ কৰা মানে হৈছে, মূৰ্ত্তিসমূহ আৰু মূৰ্ত্তি-পূজকসকলৰ পৰা আঁতৰত থকা আৰু সিহঁতক সম্পূৰ্ণৰূপে অস্বীকাৰ কৰা।
ইয়াৰ ওপৰত ভিত্তি কৰি তেখেতে দহ বছৰলৈকে তাওহীদৰ প্ৰতি মানুহক আহ্বান কৰিছিল। দহ বছৰ পিছত তেখেতক মিৰাজলৈ লৈ যোৱা হয় আৰু পাঁচ ওৱাক্ত নামাজ ফৰজ কৰা হয়। তেখেতে মক্কাত সেই নামাজ তিনি বছৰলৈকে সূচাৰুৰূপে বাস্তৱায়ন কৰাৰ পাছত মদীনালৈ হিজৰত কৰাৰ আদেশ লাভ কৰে।
হিজৰত হৈছে, শ্বিৰ্কৰ স্থান পৰিত্যাগ কৰি ইছলামী দেশলৈ স্থানান্তৰিত হোৱা।
উম্মতে মুহাম্মদিয়াৰ ওপৰত শ্বিৰ্ক তথা কলুষিত স্থানৰ পৰা ইছলামী ৰাজ্যলৈ হিজৰত কৰাটো ফৰজ কৰি দিয়া হৈছে। এই হিজৰতৰ বিধান কিয়ামত পৰ্যন্ত অক্ষুন্ন তথা অব্যাহত থাকিব।
ইয়াৰ প্ৰমাণ হৈছে আল্লাহৰ এই বাণীঃ "নিশ্চয় যিসকলে নিজৰ ওপৰত অন্যায় কৰে সিহঁতৰ প্ৰাণগ্ৰহণৰ সময়ত ফিৰিস্তাসকলে কয়, ‘তোমালোকে কি অৱস্থাত আছিলা’? সিহঁতে কয়, ‘পৃথিৱীত আমি নিঃসহায় আছিলোঁ’, সিহঁতে কয়, ‘আল্লাহৰ পৃথিৱী ইমান প্ৰশস্ত নাছিলনে যে তোমালোকে আন ঠাইলৈ হিজৰত কৰি যাব নোৱাৰিলা’? ইহঁতৰেই আবাসস্থল হৈছে জাহান্নাম, আৰু এইটো কিমান যে নিকৃষ্ট আবাসস্থল! কিন্তু যিসকল অসহায় পুৰুষ, নাৰী আৰু শিশুৱে কোনো উপায় অৱলম্বন কৰিব নোৱাৰে আৰু কোনো পথ বিচাৰিও নাপায় (সিহঁতৰ বিষয়টো সুকীয়া)।" (ছুৰা আন-নিছাঃ ৯৭-৯৮)
মহান আল্লাহে আৰু কৈছেঃ "হে মোৰ মুমিন বান্দাসকল! নিশ্চয় মোৰ পৃথিৱীখন বহুত প্ৰশস্ত, এতেকে তোমালোকে কেৱল মোৰেই ইবাদত কৰা।" (ছুৰা আল-আনকাবূতঃ ৫৬)
ইমাম বাগৱী ৰাহিমাহুল্লাহে কৈছেঃ এই আয়াতটো মক্কাৰ সেইসকল মুছলিমৰ বিষয়ে অৱতীৰ্ণ হৈছিল, যিসকলে হিজৰত কৰা নাছিল, আল্লাহে তেওঁলোককো মুমিন হিচাপে সম্বোধন কৰিছে।
হিজৰতৰ সমৰ্থনত হাদীছৰ পৰা প্ৰমাণঃ "তাওবা বন্ধ নোহোৱালৈকে হিজৰত বন্ধ নহয়, আৰু সূৰ্য পশ্চিম ফালৰ পৰা উদয় নোহোৱালৈকে তাওবাৰ দুৱাৰো বন্ধ নহ’ব।"
মদীনাত স্থিতি লাভ কৰাৰ পিছত ইছলামৰ বাকী থকা বিধানসমূহৰ আদেশ দিয়া হৈছিল, যেনে- যাকাত, ৰোজা, হজ্জ, আজান, জিহাদ, সৎকৰ্মৰ আদেশ আৰু অসৎ কৰ্মৰ পৰা নিষেধ কৰা। এইবোৰৰ ওপৰতেই তেখেতে দহ বছৰ অতিবাহিত কৰিছিল।
তেখেতে প্ৰচাৰ কৰা এই ধৰ্ম কিয়ামত পৰ্যন্ত প্ৰতিষ্ঠিত থাকিব। তেখেতে তেখেতৰ উম্মতক যাৱতীয় সৎ কৰ্ম সম্পৰ্কে অৱহিত কৰিছে আৰু যাৱতীয় অসৎকৰ্মৰ পৰা সতৰ্ক কৰিছে।
তেখেতে যি কল্যাণৰ পথ দেখুৱাইছে, সেয়া হৈছে তাওহীদ আৰু প্ৰত্যেক সেই বস্তু যিটো আল্লাহে ভালপায় আৰু যিটোৰ প্ৰতি তেওঁ সন্তুষ্ট।
আৰু তেখেতে যিটো অকল্যাণৰ পৰা মানুহক সতৰ্ক কৰিছে, সেইটো হৈছে শ্বিৰ্ক, লগতে প্ৰত্যেক সেই বস্তু যিটোক আল্লাহে অপছন্দ কৰে।
মহান আল্লাহে তেখেতক গোটেই মানৱজাতি আৰু সমগ্ৰ জিন জাতিৰ প্ৰতি প্ৰেৰণ কৰিছে। লগতে সমগ্ৰ জিন জাতি আৰু মানৱজাতিৰ প্ৰতি তেখেতৰ আনুগত্য অপৰিহাৰ্য কৰি দিছে। পৱিত্ৰ কোৰআনত এই বিষয়ে মহান আল্লাহে কৈছেঃ "কোৱা, ‘হে মানৱ! নিশ্চয় মই তোমালোক সকলোৰে প্ৰতি আল্লাহৰ (প্ৰেৰিত) ৰাছুল..." (ছুৰা আল-আৰাফঃ ১৫৮)
আৰু মহান আল্লাহে তেওঁৰ নবীৰ জৰিয়তে এই ধৰ্মক পৰিপূৰ্ণ কৰি দিছে। ইয়াৰ প্ৰমাণ হৈছে মহান আল্লাহৰ এই বাণীঃ "আজি মই তোমালোকৰ বাবে তোমালোকৰ দ্বীনক পৰিপূৰ্ণ কৰিলোঁ আৰু তোমালোকৰ ওপৰত মোৰ অনুগ্ৰহ সম্পূৰ্ণ কৰিলোঁ, আৰু তোমালোকৰ বাবে ইছলামক দ্বীন হিচাপে মনোনীত কৰিলোঁ।" (ছুৰা আল-মায়িদাহঃ ৩)
নবী মুহাম্মদ চাল্লাল্লা-হু আলাইহি অছাল্লামৰ মৃত্যু সম্পৰ্কে আল্লাহৰ বাণী: "নিশ্চয় তুমি মৰণশীল আৰু সিহঁতেও মৰণশীল। এতেকে কিয়ামতৰ দিনা নিশ্চয় তোমালোকে নিজ প্ৰতিপালকৰ সন্মুখত পৰস্পৰে বাক-বিতণ্ডা কৰিবা।" (ছুৰা আঝ-ঝুমৰঃ ৩০-৩১)
মৃত্যুৰ পিছত কিয়ামতৰ দিনা সকলোকে পুনৰুথিত কৰা হ’ব। এই বিষয়ে কোৰআন মাজীদত বহুতো প্ৰমাণ আছে: যেনেঃ "আমি তোমালোকক মাটিৰ পৰাই সৃষ্টি কৰিছোঁ, তালৈকেই তোমালোকক ওভোতাই দিম আৰু তাৰ পৰাই তোমালোকক পুনৰ উলিয়াই আনিম।" (ছুৰা ত্বা-হাঃ ৫৫) মহান আল্লাহে আৰু কৈছেঃ "আৰু আল্লাহে তোমালোকক মাটিৰ পৰা উদ্ভূত কৰিছে, ‘তাৰ পিছত তেৱেঁই তোমালোকক তালৈকে ওভোতাই নিব আৰু নিশ্চিতভাৱে তোমালোকক পুনৰুত্থিত কৰিব৷" (ছুৰা নুহ: ১৭-১৮)
আৰু পুনৰুথানৰ পিছত প্ৰত্যেককে জবাবদিহি কৰা হ’ব, পুংখানুপুংখভাৱে হিচাপ-নিকাচ লোৱা হ’ব আৰু আমল অনুসৰি তেওঁলোকক পুৰস্কাৰ অথবা শাস্তি প্ৰদান কৰা হ’ব। এই বিষয়ে আল্লাহে কৈছে: "...যাতে তেওঁ সেইসকল লোকক বেয়া প্ৰতিফল দিব পাৰে যিসকলে বেয়া কৰ্ম কৰে, আৰু যাতে সেইসকল লোকক উত্তম পুৰস্কাৰ দিব পাৰে যিসকলে সৎকৰ্ম কৰে৷" (ছুৰা আন-নাজমঃ ৩১)
এতেকে যিয়ে পুনৰুথানক অস্বীকাৰ কৰিছে সি কুফৰী কৰিছে। মহান আল্লাহে কৈছেঃ "কাফিৰসকলে ধাৰণা কৰে যে, সিহঁতক কেতিয়াও পুনৰুত্থিত কৰা নহ’ব। কোৱা, ‘নিশ্চয় কৰা হ’ব, মোৰ প্ৰতিপালকৰ শপত! তোমালোকক নিশ্চয় পুনৰুত্থিত কৰা হ’ব। তাৰ পিছত তোমালোকে যি কৰিছিলা সেই বিষয়ে তোমালোকক নিশ্চয় অৱগত কৰোৱা হ’ব, আৰু এইটো আল্লাহৰ পক্ষে তেনেই সহজ’।" (ছুৰা আত-তাগাবুনঃ ৭)
মহান আল্লাহে সকলো নবীক শুভ সংবাদ প্ৰদানকাৰী আৰু সতৰ্ককাৰী হিচাপে প্ৰেৰণ কৰিছিল। প্ৰমাণঃ "সুসংবাদবাহী আৰু সাৱধানকাৰী ৰাছুল প্ৰেৰণ কৰিছোঁ, যাতে ৰাছুলসকল অহাৰ পিছত আল্লাহৰ বিৰুদ্ধে মানুহৰ বাবে কোনো অভিযোগ নাথাকে..." (ছুৰা আন-নিছাঃ ১৬৫)
সৰ্বপ্ৰথম ৰাছুল হৈছে নূহ আলাইহিচ্ছালাম।
আৰু তেওঁলোকৰ মাজত সৰ্বশেষ হৈছে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম, তেওঁ হৈছে সৰ্বশেষ নবী, তেওঁৰ পিছত আৰু কোনো নবী নাহিব৷ ইয়াৰ দলীল হৈছে মহান আল্লাহৰ এই বাণীঃ "মুহাম্মদ তোমালোকৰ মাজৰ কোনো পুৰুষৰে পিতা নহয়, বৰং তেওঁ হৈছে আল্লাহৰ ৰাছুল আৰু সৰ্বশেষ নবী..." (ছুৰা আল-আহযাবঃ ৪০)
নুহ আলাইহিচ্ছালাম হৈছে সৰ্বপ্ৰথম ৰাছুল, ইয়াৰ প্ৰমাণ মহান আল্লাহে কৈছেঃ "নিশ্চয় আমি তোমাৰ ওচৰলৈ অহী প্ৰেৰণ কৰিছোঁ, যেনেকৈ নূহ আৰু তেওঁৰ পৰৱৰ্তী নবীসকলৰ প্ৰতি অহী প্ৰেৰণ কৰিছিলোঁ..." (ছুৰা নিছাঃ ১৬৩)
নুহ আলাইহিচ্ছালামৰ পৰা আৰম্ভ কৰি মুহাম্মদ চাল্লাল্লা-হু আলাইহি অছাল্লামলৈকে প্ৰতিটো জাতিৰ ওচৰলৈ আল্লাহে একোজনকৈ ৰাছুল প্ৰেৰণ কৰিছিল, যাতে সিহঁতে কেৱল আল্লাহৰেই ইবাদত কৰে আৰু তাগুতক পৰিহাৰ কৰে। প্ৰমাণঃ "আৰু নিশ্চয় আমি প্ৰত্যেক জাতিৰ ওচৰলৈ একো একোজনকৈ ৰাছুল প্ৰেৰণ কৰিছিলোঁ, এই নিৰ্দেশ প্ৰদান কৰি যে, তোমালোকে আল্লাহৰ ইবাদত কৰা আৰু তাগুতক পৰিহাৰ কৰা..." (ছুৰা নাহলঃ ৩৬)
মহান আল্লাহে সকলো মানুহৰ ওপৰতে তেওঁৰ প্ৰতি বিশ্বাস স্থাপন কৰা আৰু তাগুতক পৰিহাৰ কৰা (আল্লাহৰ বাহিৰে আনৰ উপাসনাক নসাৎ কৰা) বিষয়টোক অনিবাৰ্য কৰিছে।
প্ৰখ্যাত ইমাম আল্লামা ইবনুল কায়্যিম ৰাহিমাহুল্লাহে কৈছে: তাগুতৰ অৰ্থ হৈছে: যিটোৰ দ্বাৰা বান্দাই নিজৰ সীমা লঙ্ঘন কৰে, সেয়া উপাস্যই হওক বা অনুসৰণীয় কোনো সত্ত্বাই হওক, অথবা আনুগত্যপ্ৰাপ্ত ব্যক্তিয়েই হওক।
তাগুতৰ বহুতো প্ৰকাৰ আছে, আৰু তাৰে অন্যতম হৈছে পাঁচটাঃ ইবলিছ (ইয়াৰ ওপৰত আল্লাহে অভিশাপ কৰিছে), এইদৰে এনেকুৱা ব্যক্তি যাৰ উপাসনা কৰা হয় আৰু সেই উপাসনাত সি সন্তুষ্ট হয়, আৰু যিয়ে নিজৰ উপাসনা কৰিবলৈ মানুহক আহ্বান কৰে, যিয়ে অদৃশ্য বা ভৱিষ্যত জ্ঞানৰ দাবী কৰে, আৰু যিয়ে এনেকুৱা বিধানৰ দ্বাৰা শাসনকাৰ্য পৰিচালনা কৰে যিটো আল্লাহে অৱতীৰ্ণ কৰা নাই।
ইয়াৰ প্ৰমাণ হৈছে মহান আল্লাহৰ এই বাণীঃ "দ্বীন গ্ৰহণৰ ক্ষেত্ৰত কোনো জোৰ-জবৰদস্তি নাই; সত্য পথ ভ্ৰান্ত পথৰ পৰা সুস্পষ্ট হৈছে। এতেকে যিয়ে তাগুতক (অৰ্থাৎ আল্লাহৰ বাহিৰে অন্যান্য বাতিল উপাস্যসমূহক) অস্বীকাৰ কৰিব আৰু আল্লাহৰ প্ৰতি ঈমান আনিব, সি দৰাচলতে এনেকুৱা এডাল ৰছীত খামুচি ধৰিব যিটো কেতিয়াও বিচ্ছিন্ন নহ’ব; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞানী।" (ছুৰা আল-বাক্বাৰাহঃ ২৫৬) এইটোৱেই হৈছে “লা ইলা-হা ইল্লাল্লা-হ”ৰ অৰ্থ, আৰু হাদীছত আছে: সকলো দ্বীনি কৰ্মৰ মূল হৈছে ইছলাম, আৰু ইছলামৰ স্তম্ভ হৈছে নামাজ, আৰু ইয়াৰ সৰ্বোচ্চ শৃংগ হৈছে আল্লাহৰ পথত যুদ্ধ কৰা।
আল্লাহেই সৰ্বজ্ঞ।
Related books
All books- ইছলাম হৈছে বিশ্বজগতৰ প্ৰতিপালক প্ৰদত্ত ধৰ্ম80 ভাষা
ইছলাম হৈছে বিশ্বজগতৰ প্ৰতিপালক প্ৰদত্ত ধৰ্ম
(আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত আপোনাৰ প্ৰতিপালক কোন? এইটোৱেই হৈছে অস্তিত্বৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন। এইটো এনেকুৱা এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন যিটোৰ উত্তৰ জনাটো প্ৰতিজন ব্যক্তিৰ বাবেই অনিবাৰ্য। আমাৰ প্ৰতিপালক হৈছে সেই সত্তা, যিজনে আকাশমণ্ডল আৰু পৃথিৱীক সৃষ্টি কৰিছে। যিজনে আকাশৰ পৰা পানী বৰ্ষণ কৰে আৰু তাৰ দ্বাৰা আমাৰ বাবে আৰু জীৱ-জন্তুৰ খাদ্য হিচাপে ফল-মূল আৰু গছ-গছনি উৎপন্ন কৰে, যিবোৰ আমি ভক্ষণ কৰোঁ। তেৱেঁই আমাক আৰু আমাৰ পূৰ্বপুৰুষসকলক সৃষ্টি কৰিছে, আনকি প্ৰতিটো বস্তুকে সৃষ্টি কৰিছে। তেৱেঁই দিন আৰু ৰাতিক সৃষ্টি কৰিছে। তেৱেঁই ৰাতিক বিশ্ৰামৰ সময় নিৰ্ধাৰণ কৰিছে আৰু দিনক জীৱিকা উপাৰ্জনৰ…
- ইছলাম হৈছে আল্লাহৰ ৰাছুলসকলৰ ধৰ্ম81 ভাষা
ইছলাম হৈছে আল্লাহৰ ৰাছুলসকলৰ ধৰ্ম
ইছলামৰ হৈছে, বিশ্বজগতৰ স্ৰষ্টা তথা পৰিচালক আল্লাহৰ ওচৰত আত্মসমৰ্পন কৰা, লগতে মুহাব্বত আৰু শ্ৰদ্ধাৰ সৈতে তেওঁৰ আনুগত্য কৰা তথা তেওঁৰ ওচৰত নত স্বীকাৰ কৰাৰ নাম। ইছলামৰ মূল ভিত্তি হৈছে আল্লাহৰ প্ৰতি ঈমান। অৰ্থাৎ এই বিশ্বাস পোষণ কৰা যে, আল্লাহেই হৈছে সৃষ্টিকৰ্তা আৰু তেওঁৰ বাহিৰে সকলোৱে হৈছে মখলুক বা সৃষ্টি। একমাত্ৰ তেৱেঁই ইবাদতৰ উপযুক্ত, তেওঁৰ কোনো অংশীদাৰ নাই। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁৰ আছে সুন্দৰ সুন্দৰ নাম আৰু সৰ্বোচ্চ গুণাৱলী। লগতে তেৱেঁই ত্ৰুটিহীন নিঃ চৰ্ত পৰিপূৰ্ণতাৰ অধিকাৰী। তেওঁ কাকো জন্ম দিয়া নাই আৰু তেৱোঁ কাৰো পৰা জন্ম লোৱা নাই। তেওঁৰ কোনো সমকক্ষ বা সমতুল্য নাই। তেওঁ…
- আপুনি কেতিয়াবা নিজকে প্ৰশ্ন কৰিছেনে যে, কোনে আপোনাক সৃষ্টি কৰিছে? আৰু কিয় সৃষ্টি কৰিছে? মৃত্যুৰ পিছত কি হ'ব?50 ভাষা
আপুনি কেতিয়াবা নিজকে প্ৰশ্ন কৰিছেনে যে, কোনে আপোনাক সৃষ্টি কৰিছে? আৰু কিয় সৃষ্টি কৰিছে? মৃত্যুৰ পিছত কি হ'ব?
এই পুস্তিকাখনত অস্তিত্ব আৰু সৃষ্টি সম্পৰ্কীয় প্ৰশ্নসমূহ উল্লেখ কৰা হৈছে, যিবোৰে যুক্তিসংগতভাৱে পৰিপূৰ্ণ প্ৰজ্ঞাময় আৰু পূৰ্ণাংগ গুণৰ অধিকাৰী এজন স্ৰষ্টাৰ অস্তিত্ব প্ৰমাণ কৰে, লগতে এই কথাও স্পষ্ট কৰে যে, জীৱনৰ উদ্দেশ্য হৈছে একমাত্ৰ আল্লাহৰ ইবাদত কৰা, আৰু ইছলামেই হৈছে সত্য আৰু সুৰক্ষিত ধৰ্ম। এই পুস্তিকাখনে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি ঈমান পোষণ কৰিবলৈ আৰু তেখেতৰ নীতি আদৰ্শ অনুসৰণ কৰিবলৈ আহ্বান জনায়, লগতে শ্বিৰ্কৰ পৰা সতৰ্ক কৰে আৰু আখিৰাতত হ'বলগীয়া হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বিষয়টোক নিশ্চিত কৰে।
- হিন্দু ধৰ্ম সিহঁতৰ মূল শিক্ষা, যুক্তি আৰু সুস্থ প্ৰাকৃতিক স্বভাৱৰ আলোকত এক পৰ্যালোচনা11 ভাষা
হিন্দু ধৰ্ম সিহঁতৰ মূল শিক্ষা, যুক্তি আৰু সুস্থ প্ৰাকৃতিক স্বভাৱৰ আলোকত এক পৰ্যালোচনা
গ্ৰন্থৰ বিৱৰণ চাবলৈ ক্লিক কৰক।