الدعاء ويليه العلاج بالرقى من الكتاب والسنة
দুআ আৰু কোৰআন-হাদীছৰ দ্বাৰা প্ৰমাণিত জৰাফুঁকাৰ জৰিয়তে চিকিৎসা
দুআ আৰু কোৰআন-হাদীছৰ দ্বাৰা প্ৰমাণিত জৰাফুঁকাৰ জৰিয়তে চিকিৎসা
কোৰআন আৰু হাদীছৰ পৰা সংগৃহীত দুআ
লেখকঃ
মহান আল্লাহৰ মুখাপেক্ষী ড. ছাঈদ বিন আলী বিন অহাফ আল-কাহতানী
"আৰু আল্লাহৰ বাবে আছে সুন্দৰ সুন্দৰ নাম। এতেকে তোমালোকে তেওঁক সেইবোৰ নামেৰেই আহ্বান কৰা; আৰু যিসকলে তেওঁৰ নামসমূহক বিকৃত কৰে সিহঁতক বৰ্জন কৰা; সিহঁতৰ কৃতকৰ্মৰ ফল অনতিপলমে সিহঁতক দিয়া হ’ব।" (ছুৰা আল-আৰাফ: ১৮০)
আল্লাহ (তেওঁৰ সত্ত্বাগত নাম) আল-আওৱাল (সৰ্বপ্ৰথম) আল-আখিৰ (সৰ্বশেষ) আজ্জাহিৰ (প্ৰকাশ্য) আল-বাতিন (অপ্ৰকাশ্য) আল-আলী (সুউচ্চ) আল-আ’লা (সৰ্বোচ্চ)
আল-মুতাআল (সৃষ্টিৰ গুণাৱলীৰ উৰ্দ্ধত অৱস্থানকাৰী), আল-আজীম (সর্বশ্রেষ্ঠ, অতিশয় মহান), আল-মাজীদ (অতিশয় মর্যাদাৱান, মহিমামণ্ডিত), আল-কাবীৰ (সৰ্বতোকৈ মহান), আচ-ছামিউ' (সৰ্বশ্রোতা), আল-বাছীৰ (সৰ্ববিষয়-দৰ্শনকাৰী, সৰ্বদ্রষ্টা), আল-আলীম (সৰ্বজ্ঞ)
আল-খাবীৰ (সকলো বিষয়ে অৱগত) আল-হামীদ (পৰম প্ৰশংসিত) আল-আঝীঝ (পৰাক্ৰমশালী, অপৰাজেয়, মহাসন্মানিত) আল-ক্বাদীৰ (সর্বশক্তিমান) আল-ক্বাদিৰ (মহা ক্ষমতাধৰ) আল-মুক্বতাদীৰ (নিৰংকুশ সিদ্ধান্তৰ অধিকাৰী) আল-ক্বাৱিয়্যু (মহা শক্তিশালী)
আল-মাতীন (পৰম শক্তিশালী, সুদৃঢ়), আল-গানী (অভাৱমুক্ত), আল-হাকীম (পৰম জ্ঞানী, প্ৰজ্ঞাময়), আল-হালীম (পৰম সহনশীল), আল-আফুউ (উদাৰ ক্ষমাশীল, পাপ মোচনকাৰী), আল-গাফুৰ (পৰম ক্ষমাশীল, মার্জনাকাৰী, অতি ক্ষমাশীল), আল-গাফ্ফাৰ (অত্যন্ত মাৰ্জনাকাৰী)
আত-তাওৱাব (তাওবাগ্ৰহণকাৰী, তাওবাৰ তাওফীক দানকাৰী), আৰ-ৰাক্বীব (পৰ্যবেক্ষক, সংৰক্ষক, তত্ত্বাৱধায়ক), আশ্ব-শ্বাহীদ (সৰ্বসাক্ষী), আল-হাফীজ (সংৰক্ষক, ৰক্ষক, ৰক্ষণা-বেক্ষণকাৰী), আল-লাতীফ (সকলো গোপন বিষয়ে অৱগত, সূক্ষ্মদৰ্শী, অমায়িক), আল-ক্বাৰীব (অতি নিকটৱৰ্তী), আল-মুজীব (সঁহাৰি প্ৰদানকাৰী, দুআ কবুলকাৰী)
আল-ৱাদূদ (পৰম স্নেহশীল, প্রেমময়), আশ্ব-শ্বাকিৰ (গুণগ্ৰাহী, কৃতজ্ঞতা স্বীকাৰকাৰী), আশ্ব-শ্বাকুৰ (পৰম গুণগ্ৰাহী, অতিশয় কৃতজ্ঞ), আচ্ছাইয়্যিদ (প্ৰভু, মালিক, চৰ্দাৰ), আছ-চামাদ (অমুখাপেক্ষী), আল-ক্বাহিৰ (দমনকাৰী, প্ৰবল), আল-ক্বাহহাৰ (মহা পৰাক্ৰমশালী, সৰ্বজয়ী, কঠোৰ দমনকাৰী)
আল-জাব্বাৰ (মহাপ্ৰতাপশালী, অতি মহিমান্বিত) আল-হাছীব (হিচাপ গ্ৰহণকাৰী) আল-হাদী (সৎপথ প্ৰদৰ্শনকাৰী) আল-হাকাম (ফয়চালাকাৰী, মহা বিচাৰক) আল-ক্বুদ্দূছ (পৰম পৱিত্ৰ, নিষ্কলঙ্ক) আচ্ছালাম (শান্তি প্ৰদানকাৰী, নিৰাপত্তা প্ৰদানকাৰী, দোষমুক্ত) আলৃবাৰ্ৰু (পৰম দয়ালু, অনুগ্ৰহশীল)
আল-অহহাব (মহাদাতা, অকাতৰে দানকাৰী), আৰ-ৰাহমান (পৰম দয়ালু, পৰম কৰুণাময়, সৱাতোকৈ দয়ালু, কল্যাণময়), আৰ-ৰাহীম (অত্যন্ত দয়ালু), আল-কাৰীম (পৰম উদাৰ, মহানুভৱ), আল-আকৰাম (সর্বাধিক উদাৰ, মহাসম্মানিত), আৰ-ৰাঊফ (অতি স্নেহশীল, পৰম কৰুণাময়), আল-ফাত্তাহ (পৰম উন্মোচনকাৰী, বিজয়দাতা)
আৰ-ৰাজিক্ব (জীৱিকাদাতা), আৰ-ৰাজ্জাক্ব (জীৱিকা প্ৰদানকাৰী), আল-হাইয়্যু (চিৰঞ্জীৱ, চিৰজীৱন্ত), আল-ক্বাইয়্যুম (স্বয়ং প্রতিষ্ঠিত, সকলোৰে ধাৰণকাৰী), আৰ-ৰাব্ব (প্ৰতিপালক), আল-মালিক (সৰ্বকৰ্তৃত্বময়, অধিপতি, মালিক), আল-মালীক (পৰম ক্ষমতাশালী ৰজা, সর্বোচ্চ অধিপতি)
আল- ওৱাহিদ (এক) আল-আহাদ (একক, অদ্বিতীয়) আল-মুতাকাব্বীৰ (পৰম গৰিমাময়) আল-খালিক্ব (স্ৰষ্টা) আল-খাল্লাক্ব (নিপুনভাৱে সৃষ্টিকাৰী) আল-বাৰিঈ (উদ্ভাৱনকৰ্তা) আল-মুচাউৱিৰ (আকৃতিদানকাৰী)
আল-মু'মিন (নিৰাপত্তা প্ৰদানকাৰী, ঈমান দানকাৰী), আল-মুহাইমিন (সংৰক্ষণকাৰী, তত্ত্বাৱধায়ক, পৰ্যবেক্ষক), আল-মুহীত (সৰ্ব পৰিবেষ্টনকাৰী), আল-মুক্বীত (আহাৰ দানকাৰী, শক্তিদাতা), আল-অকীলু (পৰম নির্ভৰযোগ্য কর্ম-সম্পাদনকাৰী, তত্ত্বাৱধায়ক, সহায় প্রদানকাৰী), আল-কাফী (পৰম নির্ভৰযোগ্য), আল-ওৱাছে (সৰ্বব্যাপী)
আল-হাক্ক (সত্য, পৰম সত্য), আল-জামীল (পৰম সৌন্দৰ্য্যময়, সুন্দৰ), আৰ-ৰাফীক্ব (কোমল, দয়ালু, নম্ৰ), আল-হাইয়্যু (পৰম লজ্জাশীল), আচ-চিত্তীৰ (দোষ-ত্রুটি গোপনকাৰী, আৱৰণকাৰী), আল-ইলাহ (একমাত্ৰ সত্য উপাস্য), আল-ক্বাবিজ (সংকুচিতকাৰী, সংকীর্ণকাৰী)
আল-বাছিত্ব (প্ৰশস্তকাৰী), আল-মু'ত্বী (দানকাৰী), আল-মুক্বাদ্দিম (অগ্রগামীকাৰী), আল-মুআখখিৰ (পশ্চাদগামীকাৰী), আল-মুবীন (সুস্পষ্ট), আল-মান্নান (পৰম উপকাৰী), আল-অলিয়্যু (অভিভাৱক)
আল-মৌলা (অভিভাৱক), আন-নাছীৰ (পৰম সহায়কাৰী), আশ-শ্বাফী (আৰোগ্য প্ৰদানকাৰী), মালিকুল-মুলক (সমগ্ৰ ৰাজত্বৰ অধিকাৰী), জামিউন-নাছ (সমগ্ৰ মানৱ জাতিক একত্ৰিতকাৰী।)
আকাশমণ্ডল আৰু পৃথিৱীৰ নূৰ -সন্মান আৰু প্ৰতিপত্তিৰ মালিক- আকাশমণ্ডল আৰু পৃথিৱীৰ উদ্ভাৱক।[1] [1] কোৰআন আৰু হাদীছৰ দলিলসমূহৰ সৈতে এই নামসমূহৰ বিষয়ে চাওক, লেখকৰ কিতাপ: শ্বাৰহু আছমায়িল্লাহিল হুছনা ফী জাউয়িল কিতাবি অচ্ছুন্নাহ (কোৰআন আৰু হাদীছৰ আলোকত আল্লাহৰ সুন্দৰ নামসমূহৰ ব্যাখ্যা)...।
আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত৷
ভূমিকা
নিশ্চয় সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে; আমি তেওঁৰেই প্ৰশংসা কৰোঁ, তেওঁৰ ওচৰতেই সহায় আৰু ক্ষমা প্ৰাৰ্থনা কৰোঁ; আৰু আমি আমাৰ নফছৰ সকলো প্ৰকাৰ কুমন্ত্ৰণা আৰু আমাৰ সকলো প্ৰকাৰ বেয়া আমলৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় বিচাৰোঁ। আল্লাহে যাক হিদায়ত দিয়ে, তাক পথভ্ৰষ্ট কৰিব পৰা কোনো নাই, আৰু যাক তেওঁ পথভ্ৰষ্ট কৰে, তাক হিদায়ত দিব পৰাও কোনো নাই। আৰু মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁৰ কোনো অংশীদাৰ নাই, মই আৰু সাক্ষ্য দিওঁ যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে তেওঁৰ বান্দা আৰু ৰাছুল। তেওঁৰ ওপৰত, তেওঁৰ পৰিয়ালবৰ্গ আৰু চাহাবাসকলৰ ওপৰত, লগতে কিয়ামত দিৱসলৈকে যিসকলে তেওঁলোকক উত্তমৰূপে অনুসৰণ কৰিব, তেওঁলোক সকলোৰে ওপৰত আল্লাহৰ দৰূদ আৰু অগণন ছালাম বৰ্ষিত হওক। ইয়াৰ পাছতঃ
এইখন মোৰ গ্ৰন্থ ‘আয-যিকৰ অদ-দুআ অল-ইলাজ বিৰ-ৰুক্বা মিনাল-কিতাবি অচ্ছুন্নাহ’[2] ৰ এটা সংক্ষিপ্ত ৰূপ, য’ত মই কেৱল দুআৰ অংশটোকে সংক্ষিপ্তভাৱে উল্লেখ কৰিছোঁ; যাতে ইয়াৰ দ্বাৰা সহজে উপকৃত হ'ব পৰা যায়। লগতে ইয়াত মই কিছুমান দুআ আৰু উপকাৰী বিষয়বস্তুও সংযোজন কৰিছোঁ, ইন শ্বা আল্লাহ তাআলা। আৰু মই আল্লাহৰ ওচৰত তেওঁৰ সুন্দৰ সুন্দৰ নামসমূহ আৰু মহান গুণাৱলীসমূহৰ জৰিয়তে প্ৰাৰ্থনা কৰোঁ, তেওঁ যেন ইয়াক একনিষ্ঠভাৱে কেৱল তেওঁৰ সন্তুষ্টিৰ বাবে পৰিগণিত কৰে। নিশ্চয় তেৱেঁই ইয়াৰ অভিভাৱক আৰু ইয়াৰ ওপৰত ক্ষমতাৱান। [২] আলহামদুলিল্লাহ, উল্লিখিত মূল গ্ৰন্থখন হাদীছসমূহৰ বিস্তাৰিত তাখৰীজসহ চাৰিটা খণ্ডত প্ৰকাশিত হৈছেঃ প্ৰথম আৰু দ্বিতীয় খণ্ডত আজকাৰ ((হিছনুল মুছলিম)), তৃতীয় খণ্ডত দুআ, আৰু চতুৰ্থ খণ্ডত ৰুকিয়াৰ দ্বাৰা চিকিৎসা।
মহান আল্লাহে আমাৰ প্রিয় নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত, তেখেতৰ পৰিয়ালবৰ্গ, চাহাবাসকল আৰু কিয়ামত পৰ্যন্ত এহছানৰ সৈতে তেওঁলোকক অনুসৰণ কৰা লোকসকলৰ ওপৰত দৰূদ, ছালাম আৰু বৰকত বৰ্ষণ কৰক।
লেখক ছাঈদ ইবনে আলী ইবনে অহাফ আল-ক্বাহতানী
শ্বাবান ১৪০৮ হিজৰী।
দুআৰ গুৰুত্ব
মহান আল্লাহে কৈছেঃ "আৰু তোমালোকৰ প্ৰতিপালকে কৈছে, ‘তোমালোকে কেৱল মোৰ ওচৰতেই দুআ কৰা, মই তোমালোকৰ দুআ কবুল কৰিম। নিশ্চয় যিসকলে অহংকাৰ কৰি মোৰ ইবাদতৰ পৰা বিমুখ হয়, সিহঁত অচিৰেই লাঞ্ছিত হৈ জাহান্নামত প্ৰৱেশ কৰিব’।" (ছুৰা আল-মুমিন: ৬০) সৰ্বশক্তিমান আল্লাহে আৰু কৈছেঃ "আৰু মোৰ বান্দাসকলে যেতিয়া মোৰ বিষয়ে তোমাক সোধে, (তেতিয়া তুমি কৈ দিয়া) নিশ্চয় মই অতি ওচৰত আছোঁ। মই প্ৰাৰ্থনাকাৰীৰ প্ৰাৰ্থনা কবুল কৰোঁ, যেতিয়া সি প্ৰাৰ্থনা কৰে। এতেকে সিহঁতেও যেন মোৰ আহ্বানত সঁহাৰি দিয়ে আৰু মোৰ প্ৰতি ঈমান পোষণ কৰে, যাতে সিহঁত সঠিক পথত পৰিচালিত হ’ব পাৰে।" (ছুৰা আল-বাক্বাৰাহঃ ১৮৬) আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “দুআই হৈছে ইবাদত। তোমালোকৰ প্ৰতিপালকে কৈছে, ‘মোৰ ওচৰত দুআ কৰা, মই তোমালোকৰ দুআ কবূল কৰিম৷”[3] তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ "নিশ্চয় তোমালোকৰ প্ৰতিপালক হৈছে বৰকতময় আৰু সুমহান, তেওঁ অত্যন্ত লজ্জাশীল, পৰম দানশীল। তেওঁৰ বান্দাই যেতিয়া তেওঁৰ ওচৰত দুয়োখন হাত মেলি কিবা বিচাৰে, তেতিয়া তেওঁ সেই হাত দুখন খালী ঘূৰাই দিয়াত লজ্জাবোধ কৰে।"[4] তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ "যেতিয়াই কোনো মুছলিমে কোনো দুআ কৰে, যদি সেই দুআটোত কোনো গুনাহ নাথাকে, অথবা সেইটো আত্মীয়তাৰ বন্ধন ছিন্ন কৰাৰ বাবে নহয়, তেন্তে আল্লাহে সেই দুআৰ বিনিময়ত তাক এই তিনিটা বিষয়ৰ যিকোনো এটা প্ৰদান কৰে। ১- হয়তো লগে লগে তাৰ দুআ কবূল কৰে, ২- নাইবা আখিৰাতৰ বাবে সেইটো জমা কৰি ৰাখে, ৩- অথবা সেই পৰিমাণ কোনো বিপদ-আপদ দূৰ কৰি দিয়ে।" চাহাবাসকলে ক'লেঃ তেনেহ'লে আমি আৰু বেছি পৰিমাণে কৰিম। তেতিয়া তেখেতে ক'লেঃ "তেন্তে আল্লাহেও অধিক প্ৰদান কৰিব।"[5] [3] আবু দাউদ (২/৭৮, হাদীছ নং ১৪৮১), তিৰমিজী (৫/২১১, হাদীছ নং ২৯৫৯), ইবনে মাজাহ (২/১২৫৮, হাদীছ নং ৩৮২৮), শ্বাইখ আলবানীয়ে ছহীহ জামে আছ-ছাগীৰত ছহীহ বুলি কৈছে (৩/১৫০), আৰু চাওক ছহীহ ইবনে মাজাহ (২/৩২৪)। [4] আবু দাউদ (২/৭৮, হাদীছ নং ১৪৮৮), তিৰমিজী (৫/৫৫৭, হাদীছ নং ৩৫৫৬), ইবনে মাজাহ (২/১২৭১, হাদীছ নং ৩৮৬৫), ইবনে হাজাৰে কৈছে, ইয়াৰ ছনদ জাইয়্যিদ, আৰু শ্বাইখ আলবানীয়ে ছহীহ তিৰমিজীত ছহীহ বুলি কৈছে (৩/১৭৯)। [5] তিৰমিজী (৫/৫৬৬, ৫/৪৬২, হাদীছ নং ৩৫৭৩), আহমদ (৩/১৮, হাদীছ নং ১১১৫০), আৰু শ্বাইখ আলবানীয়ে 'ছহীহ জামে ছগীৰত' (৫/১১৬) আৰু 'ছহীহ চুনান তিৰমিজীত ইয়াক ছহীহ বুলি কৈছে (৩/১৪০)।
দুআ কৰাৰ নিয়ম-নীতি আৰু কবূল হোৱাৰ উপায়[6]: [6] এই শিষ্টাচাৰসমূহ আৰু দুআ কবুল হোৱাৰ কাৰণসমূহ দলিলসহ মূল গ্ৰন্থত চাওক, (৩/৯২৭-৯৭৫)।
১- একমাত্ৰ আল্লাহৰ বাবে ইখলাচ অৱলম্বন কৰা।
২- আল্লাহৰ প্ৰশংসা আৰু তেওঁৰ গুণানুকীৰ্তনেৰে আৰম্ভ কৰিব, তাৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত দৰূদ পাঠ কৰিব, আৰু ইয়াৰ দ্বাৰাই সমাপ্ত কৰিব।
৩- দৃঢ়তাৰে দুআ কৰা, আৰু কবূল হোৱাৰ ইয়াকীন ৰখা।
৪- অনুনয়-বিনয় তথা কাকূতি-মিনতি কৰি দুআ কৰা আৰু খৰখেদা নকৰা।
৫- দুআত মনোযোগ প্ৰদান কৰা।
৬- সুখ-শান্তি আৰু বিপদ-আপদৰ সময়ত দুআ কৰা।
৭- একমাত্ৰ আল্লাহৰ ওচৰতেই দুআ কৰিব লাগে।
৮- পৰিয়াল, ধন-সম্পদ, সন্তান আৰু নিজৰ বিৰুদ্ধে বদ-দুআ কৰিব নালাগে।
৯- উচ্চ আৰু নিম্নস্বৰৰ মধ্যৱৰ্তী স্বৰত দুআ কৰা।
১০- অপৰাধ স্বীকাৰ কৰা, তাৰ বাবে ক্ষমা প্রার্থনা কৰা, নিয়ামত স্বীকাৰ কৰা, আৰু তাৰ বাবে আল্লাহৰ চুকৰিয়া আদায় কৰা।
১১- দুআত ছন্দ সজোৱাৰ কৃত্ৰিম চেষ্টা নকৰা।
১২- কাতৰ মিনতি কৰা, খুশ্বু, আগ্ৰহ আৰু ভয় পোষণ কৰা।
১৩- তাওবাৰ সৈতে খৰ্ব কৰা অধিকাৰসমূহ ওভোতাই দিয়া।
১৪- তিনিবাৰকৈ দুআ পাঠ কৰা।
১৫- কিবলামুখী হৈ দুআ কৰা।
১৬- দুআ কৰাৰ সময়ত দুয়ো হাত উত্তোলন কৰা।
১৭- দুআৰ আগত সম্ভৱ হ'লে অজু কৰা।
১৮- দুআ কৰাৰ ক্ষেত্ৰত সীমা লঙ্ঘন নকৰা।
১৯- দুআকাৰীয়ে আনৰ বাবে দুআ কৰাৰ সময়ত প্ৰথমে নিজৰ বাবে দুআ কৰা।[7] [7] নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা এইটো প্ৰমাণিত যে, তেখেতে দুআ কৰোঁতে নিজৰ পৰা আৰম্ভ কৰিছিল। লগতে এইটোও প্ৰমাণিত যে, তেখেতে নিজৰ পৰা আৰম্ভ কৰা নাছিল, যেনে তেখেতে আনাছ, ইবনে আব্বাছ, উম্মে ইছমাঈল আৰু অন্যান্যসকলৰ বাবে দুআ কৰিছিল। এই বিষয়ত বিশদ বিৱৰণৰ বাবে চাওক: শ্বাৰহে নৱাৱী লি ছহীহ মুছলিম, ১৫/ ১৪৪, তুহফাতুল আহৱাযী শ্বাৰহে ছুনানিত তিৰমিজী, ৯/ ৩২৮, আৰু ফাতহুল বাৰী শ্বাৰহে ছহীহুল বুখাৰী, ১/ ২৮১।
২০- আল্লাহৰ সুন্দৰ সুন্দৰ নাম আৰু তেওঁৰ মহান বিশেষণসমূহৰ জৰিয়তে, অথবা দুআকাৰীয়ে নিজে কৰা কোনো নেক কৰ্মৰ জৰিয়তে, অথবা কোনো জীৱিত আৰু উপস্থিত নেক লোকৰ দুআৰ মাধ্যমত আল্লাহৰ ওচৰত অছিলা বিচৰা।
২১- পানাহাৰ আৰু পোছাক-পৰিচ্ছদ হালাল হ’ব লাগিব।
২২- পাপ কৰ্ম কৰিবলৈ অথবা আত্মীয়তাৰ সম্পৰ্ক ছিন্ন কৰিবলৈ দুআ কৰিব নালাগে।
২৩- সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰিব লাগে।
২৪- সকলো প্ৰকাৰ গুনাহৰ পৰা বিৰত থকা।
দুআ কবুল হোৱাৰ সময়, অৱস্থা আৰু স্থানসমূহ[8]: [8] সময়, অৱস্থা আৰু স্থানসমূহৰ বিষয়ে দলীলসহ বিতংভাৱে জানিবলৈ মূল গ্ৰন্থত চাওক, ৩/৯৭৫-১১১৭।
১- লাইলাতুল ক্বদৰত।
২- ৰাতিৰ শেষ ভাগত।
৩- ফৰজ নামাজসমূহৰ পিছত।
৪- আজান আৰু ইক্বামতৰ মাজত।
৫- প্ৰত্যেক ৰাতিৰ এটা প্ৰহৰত।
৬- ফৰজ চালাতৰ আজানৰ সময়ত।
৭- বৰষুণৰ সময়ত।
৮- আল্লাহৰ পথত সৈন্যবাহিনী অগ্ৰসৰ হোৱাৰ সময়ত।
৯- শুক্ৰবাৰৰ এটা সময়ত।
এই বিষয়ে সর্বাধিক শুদ্ধ মতটো হৈছে, এইটো হৈছে জুমু‘আৰ দিনা আচৰৰ শেষ সময়, আনহাতে এইটো খুতবা আৰু চালাতৰ সময়ো হ'ব পাৰে।
১০- সৎ নিয়্যতেৰে জমজম পানী সেৱন কৰাৰ সময়ত।
১১- ছাজদাত।
১২- ৰাতি টোপনিৰ পৰা সাৰ পোৱাৰ সময়ত, আৰু সেই সম্পৰ্কীয় বৰ্ণিত দুআ পাঠ কৰাৰ সময়ত।
১৩- পৱিত্ৰতা অৰ্জন কৰি শুৱাৰ পাছত, ৰাতি সাৰ পাই উঠি দুআ কৰা।
১৪- "লা ইলাহা ইল্লা আন্তা ছুব্হা-নাকা ইন্নি কুংতু মিনাজ্ জ-লিমীন" বুলি দুআ কৰাৰ সময়ত।
১৫- কোনো লোকৰ মৃত্যুৰ পাছত মানুহে দুআ কৰাৰ সময়ত।
১৬. শেষ তাশ্বাহহুদত আল্লাহৰ প্রশংসা আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত দৰূদ পাঠ কৰাৰ পিছত দুআ কৰা।
১৭- মহান আল্লাহক তেওঁৰ মহান নামৰ জৰিয়তে আহ্বান কৰি দুআ কৰা, যি নামেৰে তেওঁক আহ্বান কৰিলে তেওঁ কবুল কৰে আৰু তেওঁৰ ওচৰত বিচাৰিলে প্ৰদান কৰে।[9] [9] (আল্লাহৰ মহান নামৰ বাবে দ্ৰষ্টব্যঃ এই কিতাপৰ হাদীছ নং ২০৩, ১০৪ আৰু ১০৫)
১৮- কোনো মুছলিম ভাতৃৰ অনুপস্থিতিত তাৰ বাবে দুআ কৰাৰ সময়ত।
১৯- আৰাফাৰ দিনা আৰাফাত দুআ কৰাৰ সময়ত।
২০- ৰমজান মাহত দুআ কৰাৰ সময়ত।
২১- মুছলমানসকল জিকৰ-আজকাৰৰ বাবে একত্ৰিত হোৱা বৈঠকত।
২২- বিপদ বা মুছিবতৰ সময়ত পঢ়িবলগীয়া দুআ: «ইন্না লিল্লাহি ওৱা ইন্না ইলাইহি ৰাজিঊন, আল্লা-হুম্মা আজুৰনী ফী মুচীবাতি, ওৱা আখলিফ লী খয়ৰাম মিনহা»।
২৩- আল্লাহৰ প্ৰতি আন্তৰিক মনোযোগ আৰু গভীৰ ইখলাছৰ সৈতে দুআ কৰা।
২৪. অত্যাচাৰীৰ বিৰুদ্ধে মজলুম ব্যক্তিৰ বদ্দু‘আ।
২৫- পিতৃয়ে নিজৰ সন্তানৰ বাবে কৰা দুআ, আৰু সন্তানৰ বিৰুদ্ধে কৰা দুআ।
২৬- মুছাফিৰৰ দুআ।
২৭- ৰোজাদাৰে ইফতাৰ কৰা পৰ্যন্ত দুআ কৰা।
২৮- ৰোজাদাৰে ইফতাৰৰ সময়ত দুআ কৰা।
২৯- বিপদগ্ৰস্তৰ দুআ।
৩০- ন্যায়পৰায়ণ ইমামৰ দুআ।
৩১- পিতৃ-মাতৃৰ সৈতে সদ্ব্যৱহাৰ কৰা সন্তানৰ দুআ।
৩২- অজুৰ পিছত বর্ণিত দুআ পাঠ কৰা।
৩৩- সৰু জামাৰাতত শিলগুটি নিক্ষেপ কৰাৰ পিছত দুআ কৰা।
৩৪- মাজৰ জামাৰাতত শিলগুটি নিক্ষেপৰ পিছত দুআ কৰা।
৩৫- কাবাৰ ভিতৰত দুআ কৰা, আৰু যিয়ে হিজৰে ইছমাঈলৰ ভিতৰত নামাজ আদায় কৰে, সেয়াও কাবাৰেই অংশ।
৩৬- চাফাৰ ওপৰত দুআ কৰা।
৩৭- মাৰৱাত দুআ কৰা।
৩৮- মাশ্বআৰুল হাৰামত দুআ কৰা।
আৰু মুমিনে সকলো সময়তে আৰু সকলো অৱস্থাতে নিজ প্ৰতিপালকৰ ওচৰত দুআ কৰিব পাৰে। সৰ্বশক্তিমান আল্লাহে কৈছেঃ "আৰু মোৰ বান্দাসকলে যেতিয়া মোৰ বিষয়ে তোমাক সোধে, (তেতিয়া তুমি কৈ দিয়া) নিশ্চয় মই অতি ওচৰত আছোঁ। মই প্ৰাৰ্থনাকাৰীৰ প্ৰাৰ্থনা কবুল কৰোঁ, যেতিয়া সি প্ৰাৰ্থনা কৰে। এতেকে সিহঁতেও যেন মোৰ আহ্বানত সঁহাৰি দিয়ে আৰু মোৰ প্ৰতি ঈমান পোষণ কৰে, যাতে সিহঁত সঠিক পথত পৰিচালিত হ’ব পাৰে।" (ছুৰা আল-বাক্বাৰাহঃ ১৮৬) কিন্তু এইবোৰ সময়, অৱস্থা আৰু স্থানক বিশেষভাৱে গুৰুত্ব দিয়া হৈছে।
কোৰআন আৰু ছুন্নাহৰ পৰা প্ৰমাণিত দুআসমূহ
সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, দৰূদ আৰু ছালাম বৰ্ষিত হওক সেই অন্তিম নবীৰ ওপৰত, যাৰ পিছত আন কোনো নবী নাই।
(আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। সকলো ধৰণৰ হামদ (প্ৰশংসা) বিশ্বজগতৰ ৰব্ব আল্লাহৰ বাবে। যিজন পৰম কৰুণাময়, পৰম দয়ালু। বিচাৰ দিৱসৰ মালিক। আমি কেৱল তোমাৰেই ইবাদত কৰোঁ, আৰু তোমাৰ ওচৰতেই সহায় প্ৰাৰ্থনা কৰোঁ। আমাক সৰল পথৰ হিদায়ত দিয়া। তেওঁলোকৰ পথ, যিসকলক তুমি নিয়ামত (অনুগ্ৰহ) প্ৰদান কৰিছা, সিহঁতৰ নহয়, যিসকলৰ ওপৰত তোমাৰ ক্ৰোধ আপতিত হৈছে আৰু সিহঁতৰো নহয় যিসকল পথভ্ৰষ্ট হৈছে। (ছুৰা আল-ফাতিহাঃ ১-৭)
ৰাব্বানা তাক্বাব্বাল মিন্না ইন্নাকা আনতাচ ছামিউল আলীম। (হে আমাৰ প্ৰতিপালক! আমাৰ ফালৰ পৰা তুমি কবুল কৰা। নিশ্চয় তুমি সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।) (ছুৰা আল-বাক্বাৰাহঃ ১২৭)
"অতুব আলাইনা ইন্নাকা আনতাত তাওৱাবুৰ ৰাহীম। (আৰু আমাৰ তাওবা কবুল কৰা। নিশ্চয় তুমি অধিক তাওবা গ্ৰহণকাৰী, পৰম দয়ালু’।) (ছুৰা আল-বাক্বাৰাহঃ ১২৮)
ৰাব্বানা আ-তিনা ফিদ্দুনিয়া হাছানাতাওঁ অফিল আ-খিৰাতি হাছানাতাওঁ অক্বিনা আজাবান না-ৰ। (হে আমাৰ প্ৰতিপালক! আমাক পৃথিৱীত কল্যাণ প্ৰদান কৰা আৰু আখিৰাততো কল্যাণ দিয়া আৰু আমাক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰা।) (ছুৰা আল-বাক্বাৰাহঃ ২০১)
ছামি'না ওৱা আতা'না গুফৰানাকা ৰাব্বানা ওৱা ইলাইকাল মাচীৰ। (আমি শুনিছোঁ আৰু মানি লৈছোঁ। হে আমাৰ প্ৰতিপালক! তোমাৰ ক্ষমা প্ৰাৰ্থনা কৰোঁ আৰু তোমাৰ পিনেই (আমি) উভতি যাব লাগিব।) (ছুৰা আল-বাক্বাৰাহঃ ২৮৫)
ৰাব্বানা লা তু'আখিজনা ইন নাছীনা আও আখ্ত্বা'না। ৰাব্বানা অলা তাহমিল আলাইনা ইছৰান কামা হামালতাহু আলাল্লাজীনা মিন ক্বাবলিনা। ৰাব্বানা অলা তুহাম্মিলনা মা লা ত্বাক্বাতা লানা বিহি। অ'ফু আন্না, অগফিৰ লানা, অৰহামনা। আন্তা মাওলানা ফাংছুৰনা আলাল ক্বাওমিল কাফিৰীন। (হে আমাৰ প্ৰতিপালক! যদি আমি বিস্মৃত হওঁ অথবা ভুল কৰোঁ তেন্তে তুমি আমাক অপৰাধ নধৰিবা। হে আমাৰ প্ৰতিপালক! আমাৰ পূৰ্বৱৰ্তীসকলৰ ওপৰত যেনেকৈ তুমি বোজা অৰ্পণ কৰিছিলা আমাৰ ওপৰত তেনেকুৱা বোজা অৰ্পণ নকৰিবা। হে আমাৰ প্ৰতিপালক! তুমি আমাক এনেকুৱা বোজা বহন নকৰাবা যিটো বহন কৰাৰ সামৰ্থ আমাৰ নাই; আৰু তুমি আমাৰ পাপ মোচন কৰি দিয়া, আমাক ক্ষমা কৰি দিয়া, আমাৰ প্ৰতি দয়া কৰা, তুমিয়েই আমাৰ অভিভাৱক। গতিকে কাফিৰ সম্প্ৰদায়ৰ বিৰুদ্ধে আমাক সহায় কৰা।) (ছুৰা আল-বাক্বাৰাহঃ ২৮৬)
ৰাব্বানা লা তুঝিগ ক্বুলুবানা বা'দা ইয হাদাইতানা অহাব লানা মিল লাদুনকা ৰাহমাহ। ইন্নাকা আন্তাল অহ্হাব। (হে আমাৰ প্ৰতিপালক! সৰল পথ প্ৰদান কৰাৰ পিছত তুমি আমাৰ অন্তৰসমূহক বক্ৰ কৰি নিদিবা আৰু তোমাৰ তৰফৰ পৰা আমাক ৰহমত দান কৰা, নিশ্চয় তুমি মহাদাতা।) (ছুৰা আলে ইমৰাণ: ৮)
"ৰাব্বানা ইন্নানা আ-মান্না ফাগফিৰ লানা জুনুবানা অক্বিনা আযাবান্না-ৰ।" (হে আমাৰ প্ৰতিপালক! নিশ্চয় আমি ঈমান আনিছোঁ; গতিকে তুমি আমাৰ গুণাহসমূহ ক্ষমা কৰি দিয়া আৰু আমাক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰা’।) (ছুৰা আলে ইমৰাণ: ১৬)
"ৰাব্বি হাব্ লী মিল্লাদুংকা জুৰ্ৰিয়্যাতান ত্বাইয়্যিবাতান ইন্নাকা ছামীউদ্ দু‘আ।" (হে মোৰ প্ৰতিপালক! তুমি মোক তোমাৰ ফালৰ পৰা উত্তম বংশধৰ দান কৰা। নিশ্চয় তুমি প্ৰাৰ্থনা শ্ৰৱণকাৰী।) (ছুৰা আলে ইমৰাণ: ৩৮)
"ৰাব্বানা আ-মান্না বিমা আংঝালতা অত্তাবা‘নাৰ ৰাছূলা ফাক্তুব্না মাআশ্ব-শ্বাহিদীন।" (হে আমাৰ প্ৰতিপালক! তুমি যি অৱতীৰ্ণ কৰিছা তাৰ প্ৰতি আমি ঈমান আনিছোঁ আৰু আমি ৰাছুলৰ অনুসৰণ কৰিছোঁ। এতেকে আমাক সাক্ষ্যদানকাৰীসকলৰ তালিকাভুক্ত কৰি লোৱা।) (ছুৰা আলে ইমৰাণ: ৫৩)
"ৰাব্বানাগফিৰ্ লানা জুনুবানা ৱা ইছ্ৰা-ফানা ফী আম্ৰিনা অছাব্বিত্ আক্বদা-মানা অংছুৰ্না আলাল্ ক্বাওমিল কাফিৰীন।" (হে আমাৰ প্ৰতিপালক! আমাৰ পাপসমূহ আৰু কৰ্মজীৱনৰ সীমালংঘনসমূহ তুমি ক্ষমা কৰি দিয়া আৰু আমাৰ ভৰিক অবিচল ৰখা, লগতে কাফিৰ সম্প্ৰদায়ৰ বিৰুদ্ধে আমাক সহায় কৰা।) (ছুৰা আলে-ইমৰাণঃ ১৪৭)
"ৰাব্বানা মা খালাক্বতা হা-জা বাত্বিলা, ছুবহা-নাকা ফাক্বিনা আযাবান্না-ৰ।" (হে আমাৰ প্ৰতিপালক! তুমি এইবোৰ অনৰ্থক সৃষ্টি কৰা নাই, তুমি অত্যন্ত পৱিত্ৰ, এতেকে তুমি আমাক জুইৰ শাস্তিৰ পৰা ৰক্ষা কৰা’।) "ৰাব্বানা ইন্নাকা মান তুদখিলিন্ না-ৰা ফাক্বাদ আখ্ঝাইতাহু অমা লিজ্জালিমীনা মিন আনছাৰ।" (হে আমাৰ প্ৰতিপালক! ‘তুমি যাক জুইত নিক্ষেপ কৰিবা, নিশ্চয় তুমি তাক অপমান কৰিবা; আৰু যালিমসকলৰ বাবে কোনো সহায়কাৰী নাই’।) "ৰাব্বানা ইন্নানা ছামি‘না মুনাদিয়ান ইউনাদী লিল্-ঈমানি আন আমিনূ বি ৰাব্বিকুম ফাআ-মান্না ৰাব্বানা ফাগফিৰ লানা জুনুবানা অকাফ্ফিৰ্ ‘আন্না ছাইয়্যিআতিনা অতাৱাফ্ফানা মাআল্ আব্ৰাৰ।" (হে আমাৰ প্ৰতিপালক! ‘আমি এজন আহ্বায়কক ঈমানৰ পিনে আহ্বান কৰা শুনিছোঁ যে, ‘তোমালোকে তোমালোকৰ প্ৰতিপালকৰ প্ৰতি ঈমান পোষণ কৰা’। সেয়ে আমি ঈমান আনিছোঁ। হে আমাৰ প্ৰতিপালক! ‘তুমি আমাৰ পাপসমূহ ক্ষমা কৰি দিয়া, আৰু আমাৰ ত্ৰুটি-বিচ্যুতিসমূহ দূৰ কৰি দিয়া, লগতে আমাক সৎকৰ্মপৰায়ণ লোকসকলৰ সহগামী কৰি মৃত্যু প্ৰদান কৰা’।) "ৰাব্বানা ৱা আ-তিনা মা ৱা‘আত্তানা ‘আলা ৰুছুলিকা অলা তুখ্ঝিনা য়াওমাল্ ক্বিয়ামাহ, ইন্নাকা লা তুখ্লিফুল্ মী‘আদ।" (হে আমাৰ প্ৰতিপালক! ‘তোমাৰ ৰাছুলসকলৰ মাধ্যমত আমাক যিটো দিবলৈ প্ৰতিশ্ৰুতি দিছা সেয়া আমাক দান কৰা আৰু কিয়ামতৰ দিনা আমাক অপমান নকৰিবা। নিশ্চয় তুমি প্ৰতিশ্ৰুতিৰ ব্যতিক্ৰম নকৰা’।) (ছুৰা আলে-ইমৰাণ: ১৯১-১৯৪)
"ৰাব্বানা আ-মান্না ফাক্তুব্না মাআশ্ব শ্বা-হিদীন।" (হে আমাৰ প্ৰতিপালক! আমি ঈমান আনিছোঁ, এতেকে তুমি আমাক সাক্ষ্য দানকাৰীসকলৰ তালিকাভুক্ত কৰা।) (ছুৰা আল-মায়িদাহ: ৮৩)
"ৰাব্বানা জ্বলাম্না আংফুছানা ৱা ইল্লাম তাগফিৰ্ লানা অতাৰহাম্না লানাকূনান্না মিনাল্ খা-ছিৰীন।" (হে আমাৰ প্ৰতিপালক! আমি নিজৰে প্ৰতি অন্যায় কৰিছোঁ, আৰু যদি তুমি আমাক ক্ষমা কৰি নিদিয়া আৰু আমাৰ প্ৰতি দয়া নকৰা, তেন্তে নিশ্চয় আমি ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ'ম।) (ছুৰা আল-আৰাফ: ২৩)
"ৰাব্বানা লা তাজ্‘আল্না মাআল্ ক্বাওমিজ্ জ্ব-লিমীন।" (হে আমাৰ প্ৰতিপালক! আমাক কেতিয়াও যালিম সম্প্ৰদায়ৰ সঙ্গী নকৰিবা।) (ছুৰা আল-আৰাফ: ৪৭)
১৬- "আল্লা-হুম্মা।" অৰ্থঃ হে আল্লাহ! "আন্তা অলিয়্যুনা ফাগফিৰ্ লানা অৰহাম্না ৱা আন্তা খাইৰু'ল্ গাফিৰীন।" (তুমিয়েই আমাৰ অভিভাৱক; সেয়ে তুমি আমাক ক্ষমা কৰা আৰু আমাৰ প্ৰতি দয়া কৰা। ক্ষমাশীলসকলৰ ভিতৰত তুমিয়েই শ্ৰেষ্ঠ’।) "অক্তুব্ লানা ফী হাজিহিদ্ দুনিয়া হাছানাতান অফিল্ আখিৰাহ।" (‘লগতে তুমি আমাৰ বাবে এই পৃথিৱীত কল্যাণ লিখি দিয়া আৰু আখিৰাততো।’) (ছুৰা আল-আৰাফঃ ১৫৫-১৫৬)
"হাছবিয়াল্লাহু লা ইলাহা ইল্লা হুৱা ‘আলাইহি তাৱাক্কাল্তু অহুৱা ৰাব্বুল্ ‘আৰ্শ্বিল্ ‘আযীম।" (মোৰ বাবে আল্লাহেই যথেষ্ট, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। মই তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰিছোঁ আৰু তেৱেঁই হৈছে মহা আৰছৰ প্ৰতিপালক।) (ছুৰা আত-তাওবাহঃ, আয়াত ১২৯)
"ৰাব্বানা লা তাজ্‘আল্না ফিতনাতাল্ লিল্ ক্বাওমিজ্ জ্বলিমীন।" (হে আমাৰ প্ৰতিপালক! তুমি আমাক যালিম সম্প্ৰদায়ৰ উৎপীড়নৰ পাত্ৰ নকৰিবা।) অনাজ্জিনা বিৰাহমাতিকা মিনাল্ ক্বাওমিল্ কাফিৰীন।" (‘আৰু তুমি আমাক তোমাৰ অনুগ্ৰহৰ দ্বাৰা কাফিৰ সম্প্ৰদায়ৰ পৰা ৰক্ষা কৰা’।) (ছুৰা ইউনুছঃ ৮৫-৮৬)
"ৰাব্বি ইন্নী আ‘ঊজু বিকা আন আছ্আলাকা মা লাইছা লী বিহি ‘ইল্মুন ৱা ইল্লা তাগফিৰ্ লী অতাৰহাম্নী আকুন্ মিনাল্ খাছিৰীন।" (হে মোৰ প্ৰতিপালক! যি বিষয়ে মোৰ কোনো জ্ঞান নাই সেই বিষয়ে মই যাতে তোমাক অনুৰোধ নকৰোঁ তাৰ বাবে মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ। তুমি যদি মোক ক্ষমা নকৰা আৰু মোক দয়া নকৰা, তেন্তে মই ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হৈ যাম’।) (ছুৰা হূদ: ৪৭)
২০- হে আল্লাহ! "ফাতিৰাছ্-ছামাৱাতি অল্ আৰ্দ্বি আন্তা অলিয়্যী ফিদ্ দুনিয়া অল্ আখিৰাহ তাৱাফ্ফানী মুছলিমাওঁ ৱা আলহিক্নী বিচ্ছালিহীন।" (হে আকাশসমূহ আৰু পৃথিৱীৰ স্ৰষ্টা! তুমিয়েই পৃথিৱী আৰু আখিৰাতত মোৰ অভিভাৱক। তুমি মোক মুছলিম অৱস্থাত মুত্যু প্ৰদান কৰা আৰু মোক সৎকৰ্মপৰায়ণসকলৰ অন্তৰ্ভুক্ত কৰা’।) (ছুৰা ইউছুফ, আয়াত: ১০১) [10] [10] দ্রষ্টব্যঃ কিতাব আল-ফাৱাইদ, ইবনুল কাইয়িমঃ (৪৩৬-৪৩৭)৷
"ৰাব্বি ইজ্‘আল্ হাজাল্ বালাদা আমিনাওঁ অজ্নুব্নী অবানিয়্যা আন্ না‘বুদাল্ আচনাম।" (হে মোৰ প্ৰতিপালক! এই চহৰখনক তুমি নিৰাপদ বনাই দিয়া আৰু মোক আৰু মোৰ পুত্ৰসকলক মূৰ্তিপূজাৰ পৰা ৰক্ষা কৰা।) (ছুৰা ইব্ৰাহীমঃ ৩৫)
২২- "ৰাব্বিজ্‘আল্নী মুক্বীমাচ্ছালাতি অমিন জুৰ্ৰিয়্যাতী ৰাব্বানা অতাক্বাব্বাল্ দু‘আ।" (‘হে মোৰ প্ৰতিপালক! মোক ছালাত প্ৰতিষ্ঠাকাৰী বনাই দিয়া লগতে মোৰ বংশধৰসকলৰ পৰাও। হে মোৰ প্ৰতিপালক! আৰু মোৰ দুআ কবুল কৰা’।) (ছুৰা ইব্ৰাহীম، আয়াত: ৪০)
২৩- "ৰাব্বানাগফিৰ্ লী অলিওৱালিদাইয়্যা অলিল্ মু’মিনীনা য়াওমা য়াকূমুল্ হিচাব।" (‘হে আমাৰ প্ৰতিপালক! যিদিনা হিচাপ-নিকাচ অনুষ্ঠিত হ’ব সেইদিনা মোক আৰু মোৰ পিতৃ-মাতৃক লগতে মুমিনসকলক ক্ষমা কৰি দিবা’।) (ছুৰা ইব্ৰাহীমঃ ৪১)
"ৰাব্বানা আ-তিনা মিল্লাদুংকা ৰাহমাতাওঁ অহাইয়্যি’ লানা মিন আম্ৰিনা ৰাশ্বাদা।" (হে আমাৰ প্ৰতিপালক! তুমি তোমাৰ নিজৰ ফালৰ পৰা আমাক অনুগ্ৰহ দান কৰা আৰু আমাৰ বাবে আমাৰ কৰ্মৰাজিক সঠিকভাৱে পৰিচালনাৰ ব্যৱস্থা কৰা।) (ছুৰা আল-কাহাফঃ ১০)
"ৰাব্বিশ্বৰাহ লী চাদ্ৰী।" (হে মোৰ প্ৰতিপালক! মোৰ বুকু প্ৰশস্ত কৰি দিয়া।) "ৱা য়াচ্ছাৰ লী আমৰী।" (‘আৰু মোৰ কাম সহজ কৰি দিয়া।) "অহলুল্ ‘উক্বদাতাম্ মিল্লিছা-নী য়াফ্ক্বাহূ ক্বাওলী।" (‘আৰু মোৰ জিভাৰ জড়তা দূৰ কৰি দিয়া, যাতে তেওঁলোকে মোৰ কথা বুজিব পাৰে) (ছুৰা ত্বা-হাঃ ২৫-২৮)
"ৰাব্বি ঝিদনী ইলমা।" (হে মোৰ প্ৰতিপালক! মোৰ জ্ঞান বৃদ্ধি কৰি দিয়া৷) (ছুৰা ত্বা-হাঃ ১১৪)
"লা ইলা-হা ইল্লা আন্তা ছুবহা-নাকা ইন্নী কুংতু মিনাজ্ জ্বলিমীন।" (তোমাৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তুমি পৱিত্ৰ মহান, নিশ্চয় মই অন্যায় কৰিছিলোঁ৷) (ছুৰা আল-আম্বিয়া: ৮৭)
"ৰাব্বি লা তাযাৰ্নী ফাৰ্দাওঁ ৱা আন্তা খাইৰুল্ ৱাৰিছীন।" (হে মোৰ প্ৰতিপালক! মোক অকলশৰীয়াকৈ (নিঃসন্তান) এৰি নিদিবা, তুমিয়েইতো শ্ৰেষ্ঠ উত্তৰাধিকাৰী।) [ছুৰা আল-আন্বিয়া: ৮৯]
"ৰাব্বি আ‘ঊজু বিকা মিন হামাযাতিশ্ শ্বাইয়াতীন।" (হে মোৰ প্ৰতিপালক! মই চয়তানৰ প্ৰৰোচনাৰ পৰা তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ।) "ৱা আ‘ঊজু বিকা ৰাব্বি আন্ ইয়াহ্দুৰূন।" (‘লগতে কোৱা, হে মোৰ প্ৰতিপালক! মোৰ ওচৰত সিহঁতৰ (চয়তানবোৰৰ) উপস্থিতিৰ পৰা মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ’।) (ছুৰা আল-মুমিনূনঃ ৯৭-৯৮)
"ৰাব্বানা আ-মান্না ফাগফিৰ্ লানা অৰহাম্না ৱা আন্তা খাইৰুৰ্ ৰাহিমীন।" (হে আমাৰ প্ৰতিপালক! আমি ঈমান আনিছোঁ, এতেকে তুমি আমাক ক্ষমা কৰা আৰু আমাৰ প্ৰতি দয়া কৰা, আৰু তুমি সৰ্বশ্ৰেষ্ঠ দয়ালু।) (ছুৰা আল-মুমিনূনঃ ১০৯)
৩১- "ৰাব্বিগ্ফিৰ্ অৰহাম্ ৱা আন্তা খাইৰুৰ্ ৰাহিমীন।" (হে মোৰ প্ৰতিপালক! ক্ষমা কৰা আৰু দয়া কৰা, আৰু তুমিয়েই সৰ্বশ্ৰেষ্ঠ দয়ালু৷) (ছুৰা আল-মুমিনুন: ১১৮)
৩২- "ৰাব্বানাছৰিফ্ ‘আন্না ‘আযাবা জাহান্নাম, ইন্না ‘আযাবাহা কানা গাৰামা।" (হে আমাৰ প্ৰতিপালক! তুমি আমাৰ পৰা জাহান্নামৰ শাস্তি আঁতৰাই দিয়া, নিশ্চয় ইয়াৰ শাস্তি অবিচ্ছিন্ন।) "ইন্নাহা ছাআত্ মুস্তাক্বাৰ্ৰাওঁ অমুক্বামা।" (‘নিশ্চয় সেয়া বসবাস আৰু অৱস্থানস্থল হিচাপে অতি নিকৃষ্ট’।) (ছুৰা আল-ফুৰক্বানঃ ৬৫-৬৬)
৩৩- "ৰাব্বানা হাব্ লানা মিন্ আয্ৱাজিনা অজুৰ্ৰিয়্যাতিনা কুৰ্ৰাতা আ‘ইউনিন অজ্‘আল্না লিল্ মুত্তাক্বীনা ইমামা।" (হে আমাৰ প্ৰতিপালক! আমাক এনেকুৱা স্ত্ৰী আৰু সন্তান-সন্ততি দান কৰা, যাৰ দ্বাৰা আমাৰ চকু জুৰ পৰি যায়। লগতে তুমি আমাক মুত্তাক্বীসকলৰ বাবে অনুসৰণযোগ্য বনাই দিয়া।) (ছুৰা আল-ফুৰক্বানঃ ৭৪)
৩৪- "ৰাব্বি হাব্ লী হুক্মান ৱা আলহিক্নী বিচ্ছালিহীন। (হে মোৰ প্ৰতিপালক! মোক হিকমত দান কৰা আৰু সৎকৰ্মশীলসকলৰ অন্তৰ্ভুক্ত কৰা।) অজ্‘আল্ লী লিছা-না চিদ্কিন ফিল্ আ-খিৰীন। (‘আৰু পৰৱৰ্তীসকলৰ মাজত মোৰ সুনাম-সুখ্যাতি অব্যাহত ৰাখা।) অজ্‘আল্নী মিন অৰাছাতি জান্নাতিন্ নাঈম।" (‘আৰু মোক সুখময় জান্নাতৰ উত্তৰাধিকাৰীসকলৰ অন্তৰ্ভুক্ত কৰা৷) (ছুৰা আশ্ব-শ্বুআৰাঃ ৮৩-৮৫)
"অলা তুখ্ঝিনী য়াওমা ইউব‘আছূন। আৰু (হে মোৰ প্ৰতিপালক!) পুনৰুত্থানৰ দিনা মোক লাঞ্ছিত নকৰিবা। য়াওমা লা য়ানফা‘উ মালুওঁ অলা বানূন। ‘যিদিনা ধন-সম্পদ আৰু সন্তান-সন্ততি কোনো কামত নাহিব; ইল্লা মান্ আতাল্লা-হা বিক্বালবিন ছালীম।" ‘সেইদিনা উপকৃত হ’ব কেৱল সেই ব্যক্তি, যিজনে লৈ আহিব আল্লাহৰ ওচৰত বিশুদ্ধ অন্তঃকৰণ’।) (ছুৰা আশ্ব-শ্বুআৰাঃ ৮৭-৮৯)
"ৰাব্বি আউজি‘নী আন্ আশ্বকুৰা নিআমাতাকাল্লাতী আন‘আম্তা ‘আলাইয়্যা ৱা ‘আলা ৱা-লিদাইয়্যা ৱা আন্ আ‘মালা চালিহান তাৰ্দ্বা-হু ৱা আদ্খিল্নী বিৰাহমাতিকা ফী ‘ইবাদিকাচ্ছা-লিহীন।" (হে মোৰ প্ৰতিপালক! তুমি মোক সামৰ্থ দিয়া যাতে মই তোমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰোঁ, মোৰ প্ৰতি আৰু মোৰ পিতৃ-মাতৃৰ প্ৰতি তুমি যি অনুগ্ৰহ কৰিছা তাৰ বাবে, লগতে মই যাতে এনেকুৱা সৎকৰ্ম কৰিব পাৰোঁ যিটোক তুমি পছন্দ কৰা। লগতে তোমাৰ অনুগ্ৰহেৰে মোক তোমাৰ সৎকৰ্মপৰায়ণ বান্দাসকলৰ অন্তৰ্ভুক্ত কৰা।) (ছুৰা আন-নামলঃ ১৯)
৩৭- "ৰাব্বি ইন্নী জ্বালাম্তু নাফ্ছী ফাগফিৰ্ লী।" (হে মোৰ প্ৰতিপালক! নিশ্চয় মই মোৰ নিজৰ প্ৰতি অন্যায় কৰিছোঁ, সেয়ে তুমি মোক ক্ষমা কৰাঁ৷) (ছুৰা আল-ক্বাচাচ: ১৬)
"ৰাব্বি নাজ্জিনী মিনাল্ ক্বাওমিজ্ জ্ব-লিমীন।" (হে মোৰ প্ৰতিপালক! তুমি মোক যালিম সম্প্ৰদায়ৰ পৰা ৰক্ষা কৰা।) (ছুৰা আল-ক্বাচাচঃ ২১)
৩৯- "আছা ৰাব্বী আন্ য়াহ্দিয়ানী ছাৱা-আচ্ছাবীল।" (আশা কৰোঁ মোৰ প্ৰতিপালকে মোক সৰল পথ দেখুৱাব৷) (ছুৰা কাচাচঃ ২২)
"ৰাব্বি ইন্নী লিমা আংঝালতা ইলাইয়্যা মিন খাইৰিন ফাকীৰ।" (হে মোৰ প্ৰতিপালক! নিশ্চয় তুমি মোৰ প্ৰতি যি অনুগ্ৰহেই অৱতীৰ্ণ নকৰা কিয়, মই সেইটোৰে মুখাপেক্ষী।) (ছুৰা আল-ক্বাচাচঃ ২৪)
৪১- "ৰাব্বিংচুৰ্নী আলাল্ ক্বাওমিল্ মুফছিদীন।" (হে মোৰ প্ৰতিপালক! বিপৰ্যয় সৃষ্টিকাৰী সম্প্ৰদায়ৰ বিৰুদ্ধে তুমি মোক সহায় কৰা৷) (ছুৰা আল-আনকাবূত: ৩০)
৪২- "ৰাব্বি হাব্ লী মিনাচ্ছা-লিহীন।" (হে মোৰ প্ৰতিপালক! মোক এজন সৎকৰ্মপৰায়ণ সন্তান দান কৰা৷) (ছুৰা আচ-চা-ফফা-তঃ ১০০)
"ৰাব্বি আউজি‘নী আন্ আশ্বকুৰা নিআমাতাকাল্লাতী আন‘আম্তা ‘আলাইয়্যা ৱা ‘আলা ৱা-লিদাইয়্যা ৱা আন্ আ‘মালা ছালিহান তাৰ্দ্বাহু ৱা আচলিহ্ লী ফী জুৰ্ৰিয়্যাতী ইন্নী তুব্তু ইলাইকা ৱা ইন্নী মিনাল্ মুছলিমীন।" (হে মোৰ প্ৰতিপালক! তুমি মোক সামৰ্থ দিয়া, যাতে মই তোমাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰোঁ, মোৰ প্ৰতি আৰু মোৰ পিতৃ-মাতৃৰ প্ৰতি তুমি যি অনুগ্ৰহ কৰিছা তাৰ বাবে, লগতে যাতে মই এনেকুৱা সৎকৰ্ম কৰিব পাৰোঁ যিটো তুমি পছন্দ কৰা, আৰু মোৰ বাবে মোৰ সন্তান-সন্ততিসকলক সংশোধন কৰি দিয়া, নিশ্চয় মই তোমাৰেই অভিমুখী হৈছোঁ আৰু নিশ্চয় মই মুছলিমসকলৰ অন্তৰ্ভুক্ত।) (ছুৰা আল-আহক্বাফ: ১৫)
৪৪- "ৰাব্বানাগফিৰ্ লানা অলি-ইখ্ৱানিনাল্লাজীনা ছাবাক্বূনা বিল্ ঈমানি অলা তাজ্‘আল্ ফী ক্বুলূবিনা গিল্লাল লিল্লাজীনা আ-মানু ৰাব্বানা ইন্নাকা ৰাউফুৰ্ ৰহীম।" (হে আমাৰ প্ৰতিপালক! আমাক আৰু আমাৰ পূৰ্বে ঈমান পোষণ কৰা আমাৰ ভাতৃসকলক ক্ষমা কৰি দিয়া; আৰু যিসকলে ঈমান আনিছে তেওঁলোকৰ বিৰুদ্ধে আমাৰ অন্তৰত কোনো বিদ্বেষ নাৰাখিবা। হে আমাৰ প্ৰতিপালক! নিশ্চয় তুমি স্নেহশীল, পৰম দয়ালু।) (ছুৰা আল-হাশ্বৰঃ ১০)
৪৫- "ৰাব্বানা ‘আলাইকা তাৱাক্কাল্না ৱা ইলাইকা আনাব্না ৱা ইলাইকাল্ মাছীৰ।" (হে আমাৰ প্ৰতিপালক! ‘আমি তোমাৰ ওপৰতেই ভৰসা কৰিছোঁ, আৰু তোমাৰেই অভিমুখী হৈছোঁ আৰু তোমাৰ ওচৰলৈকেই আমাৰ প্ৰত্যাৱৰ্তন’।) (ছুৰা আল-মুমতাহিনাহঃ ৪)
৪৬- "ৰাব্বানা লা তাজ্‘আল্না ফিতনাতাল্ লিল্লাজীনা কাফাৰূ অগফিৰ্ লানা ৰাব্বানা ইন্নাকা আন্তাল্ ‘আঝীঝুল্ হাকীম।" (হে আমাৰ প্ৰতিপালক! তুমি আমাক কাফিৰসকলৰ ফিতনাৰ পাত্ৰ নকৰিবা। হে আমাৰ প্ৰতিপালক! তুমি আমাক ক্ষমা কৰি দিয়া; নিশ্চয় তুমি পৰাক্ৰমশালী, প্ৰজ্ঞাময়’।) (ছুৰা আল-মুমতাহিনাহ: ৫)
৪৭- "ৰাব্বিগফিৰ্ লী অলিওৱালিদাইয়্যা অলিমান দাখালা বাইতীয়া মু’মিনাওঁ অলিল্ মু’মিনীনা অল্ মু’মিনাত।" (হে মোৰ প্ৰতিপালক! মোক আৰু মোৰ পিতৃ-মাতৃক, লগতে যিয়ে মুমিন হৈ মোৰ ঘৰত প্ৰৱেশ কৰিছে তাক, আৰু মুমিন পুৰুষ তথা মুমিনা নাৰীসকলক ক্ষমা কৰি দিয়া।) (ছুৰা নুহঃ ২৮)
৪৮- "ৰাব্বানা আত্মিম্ লানা নূৰানা ৱাগফিৰ্ লানা ইন্নাকা ‘আলা কুল্লি শাইইন ক্বাদীৰ।" (হে আমাৰ প্ৰতিপালক! আমাৰ বাবে আমাৰ নূৰক পূৰ্ণতা দান কৰা আৰু আমাক ক্ষমা কৰি দিয়া, নিশ্চয় তুমি সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।) (ছুৰা আত-তাহৰীমঃ ৮)
৪৯- "আল্লাহুম্মাহ্দিনী লিমাখতুলিফা ফীহি মিনাল হাক্কি বিইযনিক, ইন্নাকা তাহদী মান তাশ্বা-উ' ইলা চিৰাত্বিম মুস্তাক্বীম।"[11] অৰ্থঃ হে আল্লাহ! সত্যৰ সেই বিষয়ত মোক তোমাৰ অনুমতিৰে হিদায়ত দিয়া, য’ত মতানৈক্য সৃষ্টি হৈছে। নিশ্চয় তুমি যাকে ইচ্ছা কৰা, তাকেই সৰল পথৰ দিশে হিদায়ত দিয়া। [11] (ছুৰা আল-বাক্বাৰাৰ ২১৩ নং আয়াতৰ ভাৱাৰ্থ)
৫০- "আল্লাহুম্মা আ-তিনীল্ হিকমাতাল্লাতী মান ’উ-তীহা ফাক্বা’দ উ-তীয়া খাইৰান কাছীৰা।" অৰ্থঃ হে আল্লাহ! মোক হিকমত দান কৰা, কাৰণ যাক হিকমত দান কৰা হয়, তাক দৰাচলতে প্ৰভূত কল্যাণ দান কৰা হয়।[12] [12] (ছুৰা আল-বাক্বাৰাৰ ২৬৯ নং আয়াতৰ ভাৱাৰ্থ)
৫১. "আল্লাহুম্মা ছাব্বিতনী বিল ক্বাওলিচ্ছাবিতি ফিল হায়াতিদ দুনিয়া অফিল আখিৰাহ।"[13] অৰ্থঃ হে আল্লাহ! তুমি মোক সুদৃঢ় বাক্যৰ দ্বাৰা পাৰ্থিৱ জীৱনত আৰু আখিৰাতত সুপ্ৰতিষ্ঠিত ৰাখা। [13] (ছুৰা ইব্ৰাহীমৰ ২৭ নং আয়াতৰ পৰা সংগৃহীত)
৫২- "আল্লাহুম্মা হাব্বিব্ ইলাইনাল্-ঈমানা অজাইয়্যিনহু ফী ক্বুলূবিনা, অকার্ৰিহ্ ইলাইনাল্-কুফ্ৰা অল্-ফুছূকা অল্-‘ইছ্ইয়ান, অজ্‘আল্না মিনাৰ ৰা-শ্বিদীন।" অৰ্থঃ হে আল্লাহ! আমাৰ ওচৰত ঈমানক প্ৰিয় কৰি দিয়া আৰু সেইটোক আমাৰ হৃদয়ত সুশোভিত কৰি দিয়া। লগতে আমাৰ ওচৰত কুফৰী, পাপকৰ্ম আৰু অবাধ্যতাক অপ্ৰিয় কৰি দিয়া, আৰু আমাক সঠিক পথপ্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত কৰা। [14] (ছুৰা আল-হুজুৰাতৰ আয়াত নং ৭ৰ পৰা সংগৃহীত)
৫৩- "আল্লাহুম্মা ক্বিনী শ্বুহহা নাফ্ছী, অজ‘আলনী মিনাল মুফলিহীন।"[15] অৰ্থঃ হে আল্লাহ! তুমি মোক মোৰ আত্মাৰ কৃপণতাৰ পৰা ৰক্ষা কৰা, আৰু মোক সফলকামসকলৰ অন্তৰ্ভুক্ত কৰা। [15] (ছুৰা আত-তাগাবুনৰ আয়াত নং ১৬ৰ পৰা সংগৃহীত)
৫৪- "আল্লাহুম্মা আ-তিনা ফিদ্দুনিয়া হাছানাতাওঁ অফিল্ আ-খিৰাতি হাছানাতাওঁ অক্বিনা ‘আজাবান্ না-ৰ।" অৰ্থঃ হে আমাৰ প্ৰতিপালক! আমাক পৃথিৱীত কল্যাণ প্ৰদান কৰা আৰু আখিৰাততো কল্যাণ দিয়া লগতে আমাক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰা।"[১৬] [16] (বুখাৰীঃ ৪৫২২, ৬৩৮৯, আৰু মুছলিমঃ ২৬৯০)
৫৫- "আল্লাহুম্মা ইন্নী আ'উজু বিকা মিন ফিতনাতিন্না-ৰি ৱা আযাবিন্না-ৰ, অফিতনাতিল-কাবৰি, ৱা আযাবিল-কাব্ৰ, অশ্বাৰ্ৰি ফিতনাতিল-গিনা, অশ্বাৰ্ৰি ফিতনাতিল-ফাক্ৰ, আল্লাহুম্মা ইন্নী আ'উজু বিকা মিন শ্বাৰ্ৰি ফিতনাতিল মাছীহিদ দাজ্জাল, আল্লাহুম্মাগছিল ক্বালবী বিমা-ইছ-ছালজি অল-বাৰাদ, অনাক্কি ক্বলবী মিনাল খাত্বা-য়া কামা নাক্কাইতাছ-ছাওবাল আবয়াদা মিনাদ-দানাছ, অবা-ইদ বাইনী অবাইনা খাত্বায়ায়া কামা বা-আত্তা বাইনাল মাশ্বৰিক্বি অল-মাগৰিব। আল্লাহুম্মা ইন্নী আ'উজু বিকা মিনাল কাছালি অল-মা'ছামি অল-মাগৰাম।[17]" অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত আশ্ৰয় বিচাৰোঁ জাহান্নামৰ ফিতনা আৰু জাহান্নামৰ শাস্তিৰ পৰা, কবৰৰ ফিতনা আৰু কবৰৰ শাস্তিৰ পৰা, ধন-সম্পদৰ ফিতনাৰ অনিষ্টৰ পৰা আৰু দাৰিদ্ৰ্যতাৰ ফিতনাৰ অনিষ্টৰ পৰা। হে আল্লাহ! মই তোমাৰ ওচৰত আশ্ৰয় বিচাৰোঁ মাছীহিদ দাজ্জালৰ ফিতনাৰ অনিষ্টৰ পৰা। হে আল্লাহ! মোৰ অন্তৰখন বৰফ আৰু শিলাবৃষ্টিৰ পানীৰে ধুই দিয়া, আৰু মোৰ অন্তৰখনক পাপৰ পৰা সেইদৰে পৰিষ্কাৰ কৰা যিদৰে তুমি বগা কাপোৰক মলিৰ পৰা পৰিষ্কাৰ কৰা, আৰু মোৰ আৰু মোৰ পাপসমূহৰ মাজত তেনেকুৱা দূৰত্ব সৃষ্টি কৰি দিয়া যিদৰে তুমি পূব আৰু পশ্চিমৰ মাজত দূৰত্ব সৃষ্টি কৰিছা। হে আল্লাহ! মই তোমাৰ ওচৰত অলসতা, পাপকৰ্ম আৰু ঋণৰ পৰা আশ্ৰয় বিচাৰোঁ। [17] (বুখাৰীঃ ৮৩২, আৰু মুছলিমঃ ৫৮৯)
৫৬- "আল্লাহুম্মা ইন্নী আ’উজু বিকা মিনাল আ’জঝি, অল কাছাল, অল জুব্নি, অল হাৰাম, অল বুখল। ৱা আ’উজু বিকা মিন আজাবিল-কাব্ৰ, অমিন ফিতনাতিল-মাহ্য়া অল-মামাত।"[18] অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ অক্ষমতাৰ পৰা, অলসতাৰ পৰা, কাপুৰুষতাৰ পৰা, বৃদ্ধ অৱস্থাৰ পৰা আৰু কৃপণতাৰ পৰা। লগতে মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ কবৰৰ শাস্তিৰ পৰা, আৰু জীৱন আৰু মৃত্যুৰ সময়ৰ ফিতনাৰ পৰা। [18] (বুখাৰীঃ ২৮২৩, আৰু মুছলিমঃ ২৭০৬)
৫৭- "আল্লাহুম্মা ইন্নী আ’উজু বিকা মিন জাহদিল-বালা, অদাৰাকিশ্ব-শ্বাক্বা’, অছূ-ইল্-ক্বাজা’, অশ্বামাতাতিল আ’দা’।" [19] অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ বিপদ-আপদৰ কঠোৰতাৰ পৰা, দুৰ্ভাগ্যত পতিত হোৱাৰ পৰা, ভাগ্যৰ অশুভ পৰিণতিৰ পৰা আৰু শত্ৰুৰ আনন্দ হোৱাৰ পৰা। [19] (বুখাৰী ৬৩৪৭, মুছলিম ২৭০৭), আৰু শব্দবোৰ মুছলিমৰ: "আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে বিপদ-আপদৰ কঠোৰতাৰ পৰা, দুৰ্ভাগ্যত পতিত হোৱাৰ পৰা, ভাগ্যৰ অশুভ পৰিণতিৰ পৰা আৰু শত্ৰুৰ আনন্দ হোৱাৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰিছিল।"
৫৮- "আল্লাহুম্মা আচলিহ লী দ্বীনি আল্লাজী হুৱা ইচমাতু আমৰী। ওৱা আচলিহ লী দুনিয়ায়া আল্লাতী ফীহা মাআশ্বী। ওৱা আচলিহ লী আ-খিৰাতী আল্লাতী ফীহা মাআদী। অজআলিল হায়াতা ঝিয়াদাতান লী ফী কুল্লি খাইৰ। অজআলিল মাওতা ৰা-হাতান লী মিন কুল্লি শ্বাৰ্ৰ।" অৰ্থঃ হে আল্লাহ! তুমি মোৰ দ্বীনক সংশোধন কৰি দিয়া, এই দ্বীনেই হৈছে মোৰ নিৰাপত্তা; তুমি মোৰ দুনিয়া সংশোধন কৰি দিয়া, য'ত আছে মোৰ জীৱন-জীৱিকা, আৰু মোৰ পৰকালক সংশোধন কৰি দিয়া, য’ত মই উভতি যাব লাগিব। তুমি প্ৰতিটো কল্যাণৰ বাবে মোৰ আয়ু বঢ়াই দিয়া আৰু প্ৰতিটো পাপ বা অকল্যাণৰ পৰা ৰক্ষা কৰি তুমি মোৰ মৃত্যুক আনন্দদায়ক বনাই দিয়া। [20] [20] (ছহীহ মুছলিম ২৭২০)।
৫৯- "আল্লাহুম্মা ইন্নী আছ্আলুকাল হুদা, অত্-তুক্বা, অল আফা-ফা, অল গিনা"[21]। অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত হিদায়ত প্ৰাৰ্থনা কৰোঁ, তাক্বৱা বিচাৰোঁ, চাৰিত্ৰিক পৱিত্ৰতা আৰু সচ্ছলতাৰ বাবে প্ৰাৰ্থনা জনাওঁ। [21] (ছহীহ মুছলিম ২৭২১)।
৬০- "আল্লাহুম্মা ইন্নী আ’উজু বিকা মিনাল আ’জঝি অল কাছাল, অল জুব্নি, অল বুখল, অল হাৰাম। ৱা আজাবিল-কাব্ৰ। আল্লা-হুম্মা আতি নাফ্ছী তাক্বৱাহা, অঝাক্কিহা আন্তা খাইৰু মান ঝাক্কা-হা, আন্তা অলিয়্যুহা ৱা মাওলাহা। আল্লাহুম্মা ইন্নী আ’উজু বিকা মিন ইল্মিল্ লা য়ান্ফা’, অমিন ক্বাল্বিল্ লা য়াখ্শ্বা’, অমিন নাফ্ছিন লা তাশ্ববা’, অমিন দা’ৱাতিল্ লা ইউস্তাজাবু লাহ৷"[22]. অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ অক্ষমতাৰ পৰা, অলসতাৰ পৰা, কাপুৰুষতাৰ পৰা, কৃপণতাৰ পৰা আৰু বৃদ্ধ অৱস্থাৰ পৰা, লগতে কবৰৰ শাস্তিৰ পৰা। হে আল্লাহ! মোৰ অন্তৰত তাক্বৱা দান কৰা, আৰু ইয়াক পৰিশুদ্ধ কৰি দিয়া, কাৰণ তুমিয়ে সৰ্বোত্তম পৰিশুদ্ধকাৰী। তুমিয়েই ইয়াৰ অভিভাৱক আৰু ৰক্ষক। হে আল্লাহ! মই তোমাৰ ওচৰত আশ্ৰয় বিচাৰোঁ এনেকুৱা জ্ঞানৰ পৰা, যিটো কোনো উপকাৰ নকৰে, আৰু এনেকুৱা অন্তৰৰ পৰা যিটো তোমাৰ ভয়ত কম্পিত নহয়, এনেকুৱা নফছৰ পৰা যিটো কেতিয়াও তৃপ্ত নহয়, আৰু এনেকুৱা দুআৰ পৰা যিটো কবূল কৰা নহয়। [22] (ছহীহ মুছলিম ২৭২২)।
৬১- "আল্লা-হুম্মাহ্দিনী অছাদ্দিদনী, আল্লা-হুম্মা ইন্নী আছ্আলুকাল হুদা অচ্ছাদাদ।"[23] অৰ্থঃ হে আল্লাহ! মোক হিদায়ত দিয়া, আৰু মোক সঠিক পথত পৰিচালিত কৰা। হে আল্লাহ! মই তোমাৰ ওচৰত হিদায়ত আৰু সঠিক পথত পৰিচালনা বিচাৰোঁ। [23] (ছহীহ মুছলিম ২৭২৫)।
৬২- "আল্লা-হুম্মা ইন্নি আউজুবিকা মিন ঝাৱালি নি'মাতিক, অতাহাওউলি আ-ফিয়াতিক, অফুজআতি নিকমাতিক, অজামী-য়ি ছাখাতিক।"[24] অৰ্থঃ হে আল্লাহ! নিশ্চয় মই তোমাৰ ওচৰত তোমাৰ অনুগ্ৰহ অপসাৰণৰ পৰা, নিৰাপত্তাৰ পৰিবৰ্তনৰ পৰা, আকস্মিক কৰায়ত্বৰ পৰা আৰু যাৱতীয় অসন্তুষ্টিৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰোঁ। [24] (ছহীহ মুছলিম ২৭৩৯)।
৬৩- "আল্লা-হুম্মা ইন্নী আ’উজু বিকা মিন শ্বাৰ্ৰি মা আমিল্তু, অমিন শ্বাৰ্ৰি মা লাম আ’মাল।"[25] অৰ্থঃ হে আল্লাহ! মই তোমাৰ আশ্ৰয় বিচাৰোঁ মই যি আমল কৰিছোঁ তাৰ অনিষ্টৰ পৰা, আৰু যি মই কৰা নাই তাৰ অনিষ্টৰ পৰা। [25] (ছহীহ মুছলিম ২৭১৬)।
৬৪- "আল্লা-হুম্মা আকছিৰ মা-লী, অৱালাদী, অবা-ৰিক লী ফীমা আ’তাইতানী।"[26] "[ৱা আতিল হায়াতী আলা ত্বা-আতিকা, ৱা আহছিন আমালী,] অগফিৰ লী।)"[27] অৰ্থঃ হে আল্লাহ! মোৰ ধন-সম্পদ আৰু সন্তান-সন্ততি বৃদ্ধি কৰি দিয়া, আৰু তুমি মোক যি দান কৰিছা তাত বৰকত দিয়া। [আৰু তোমাৰ আনুগত্যত মোৰ জীৱন দীৰ্ঘায়ু কৰা, মোৰ কৰ্মসমূহ উত্তম কৰি দিয়া,] আৰু মোক ক্ষমা কৰি দিয়া। [26] ইয়াৰ দলীল হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ বাবে কৰা দুআটো, তেখেতে কৈছিলঃ ((হে আল্লাহ! তেওঁৰ ধন-সম্পদ আৰু সন্তান-সন্ততি বৃদ্ধি কৰি দিয়া, আৰু তুমি তেওঁক যি প্ৰদান কৰিছা তাত বৰকত দিয়া।)) (বুখাৰী, ১৯৮২, মুছলিম, ৬৬০)। [27] বুখাৰীয়ে 'আল-আদাবুল মুফৰাদত' (৬৫৩) বৰ্ণনা কৰিছে, আৰু শ্বাইখ আলবানীয়ে 'ছিলছিলাতুল আহাদীছ আছ-ছহীহাত' (২২৪১) আৰু 'ছহীহ আদাবুল মুফৰাদ'ত (পৃষ্ঠা ২৪৪) ইয়াক ছহীহ বুলি কৈছে। বন্ধনীত উল্লেখ কৰা কথাষাৰৰ দলীল হৈছে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ এই কথাষাৰ, যেতিয়া তেখেতক সোধা হৈছিলঃ কোনজন মানুহ উত্তম? তেখেতে কৈছিলঃ ((যিজন দীৰ্ঘায়ুৰ অধিকাৰী আৰু যাৰ আমল উত্তম))। এইটো তিৰমিজীয়ে (২৩২৯ নং হাদীছত) আৰু আহমদে (১৭৭১৬ নং হাদীছত) বৰ্ণনা কৰিছে, আৰু শ্বাইখ আলবানীয়ে 'ছহীহ তিৰমিজী'ত (২/২৭১) ইয়াক ছহীহ বুলি কৈছে। আৰু মই আমাৰ সন্মানীয় শ্বাইখ ইবনে বাজ ৰাহিমাহুল্লাহক এই দুআটো পাঠ কৰা ছুন্নত হয়নে নহয় বুলি সোধাত তেখেতে কৈছিল: ((হয়))।
৬৫- ((লা ইলা-হা ইল্লাল্লাহুল আজীমুল হালীম, লা ইলা-হা ইল্লাল্লাহু ৰাব্বুল আৰশ্বিল আজীম, লা ইলা-হা ইল্লাল্লাহু ৰাব্বুছ ছামা-ৱাতি, অৰাব্বুল আৰজি, অৰাব্বুল আৰশ্বিল কাৰীম।))[28] অৰ্থঃ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ মহান, পৰম সহনশীল। আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ মহা আৰচৰ অধিপতি। আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ আকাশমণ্ডলৰ প্ৰতিপালক আৰু তেওঁ পৃথিৱীৰ প্ৰতিপালক, লগতে সন্মানীয় মহা সিংহাসনৰ প্ৰতিপালক। [28] (বুখাৰীঃ ৬৩৪৫, আৰু মুছলিমঃ ২৭৩০)
৬৬- "আল্লা-হুম্মা ৰাহ্মাতাকা আৰজূ, ফালা তাকিল্নী ইলা নাফ্ছী তাৰ্ফাতা ‘আইন, ৱা আচলিহ্ লী শ্বা’নী কুল্লাহ, লা ইলাহা ইল্লা আন্ত।"[29] অৰ্থঃ হে আল্লাহ! মই কেৱল তোমাৰ কৰুণাৰ প্ৰত্যাশী, এতেকে তুমি মোক এক পলৰ বাবেও মোৰ দায়িত্বত এৰি নিদিবা। তুমি মোৰ সকলো বিষয় সংশোধন কৰি দিয়া; তোমাৰ বাহিৰে আন কোনো সত্য ইলাহ (উপাস্য) নাই। [29] আবু দাউদ (হাদীছ নং ৫০৯০), আহমদ (৫/৪২)। শ্বাইখ আলবানীয়ে ছহীহ আবু দাউদত (৩/২৫০) আৰু ছহীহ আল-আদাবুল মুফৰাদত (২৬০) ইয়াক হাছান বুলি কৈছে। আল্লামা ইবনে বাজেও তুহফাতুল আখিয়াৰত (পৃঃ ২৪) ইয়াৰ ইছনাদক হাছান বুলি কৈছে।
৬৭- "লা ইলা-হা ইল্লা আন্তা ছুব্হা-নাকা ইন্নি কুংতু মিনাজ্জা-লিমীন" [30]. অৰ্থঃ তোমাৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তুমি পৱিত্ৰ মহান, নিশ্চয় মই অন্যায় কৰিছিলোঁ। [30] তিৰমিজী, হাদীছ নং ৩৫০৫, আৰু হাকিম, তেখেতে ইয়াক ছহীহ বুলি কৈছে আৰু জাহাবীয়েও তেখেতৰ সৈতে একমত পোষণ কৰিছে, ১/৫০৫, আৰু আলবানীয়ে ‘ছহীহ তিৰমিজী’ত ইয়াক ছহীহ বুলি কৈছে, ৩/১৬৮। হাদীছটোৰ শব্দ হৈছে: ((জুন-নুনৰ সেই দুআটো, যিটো তেওঁ মাছৰ পেটত থকা অৱস্থাত কৰিছিল: ‘তোমাৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তুমি পৱিত্ৰ মহান, নিশ্চয় মই অন্যায় কৰিছিলোঁ’ [ছুৰা আল-আম্বিয়া: ৮৭]। কিয়নো যিকোনো মুছলিম ব্যক্তিয়ে যেতিয়াই কোনো বিষয়ত এই দুআৰ দ্বাৰা প্ৰাৰ্থনা কৰে, আল্লাহে তেওঁৰ দুআ নিশ্চয় কবূল কৰে))।
৬৮- "আল্লা-হুম্মা ইন্নি আব্দুক, অবনু আব্দিক, অবনু আমাতিক, না-চিয়াতি বিয়াদিক, মা-জিন ফিয়্যা হুকমুক, আদলুন ফিয়্যা কাজা-উক, আছআলুকা বিকুল্লি ইছমিন হুৱা লাক, ছাম্মাইতা বিহি নাফছাক, আও আনঝালতাহু ফী কিতা-বিক, আও আল্লামতাহু আহাদাম মিন খালকিক, আৱিছ তা’ছাৰতা বিহি ফী ইল্মিল গাইবি ইনদাক, আন তাজআলাল কোৰআ-না ৰাবীআ ক্বালবী, ওৱা নূৰা চাদৰী, অজালা-আ হুঝনী, অজাহা-বা হাম্মী৷"[31] অৰ্থঃ হে আল্লাহ! নিশ্চয় মই হৈছোঁ তোমাৰ দাস, তোমাৰ দাসৰ পুত্ৰ, আৰু তোমাৰ দাসীৰ পুত্ৰ। মোৰ কপাল তোমাৰ হাতত। তোমাৰ আদেশ মোৰ ওপৰত বলৱৎ, আৰু তোমাৰ নিৰ্ণয় ন্যায়সঙ্গত। মই তোমাৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, তোমাৰ প্ৰত্যেক সেই নামৰ দ্বাৰা, যিবোৰ নাম তুমি নিজৰ বাবে চয়ন কৰিছা, অথবা যিবোৰ অৱতীৰ্ণ কৰিছা তোমাৰ গ্ৰন্থত, নাইবা তোমাৰ কোনো সৃষ্টিক শিক্ষা দিছা অথবা তুমি তোমাৰ ইল্মে গায়েবত ৰাখি থৈছা। (হে আল্লাহ!) তুমি মহান কোৰআনক মোৰ অন্তৰৰ বাবে প্ৰেৰণা বনাই দিয়া, মোৰ বুকুৰ নূৰ বনাই দিয়া, মোৰ দুশ্চিন্তা আৰু ক্লান্তি দূৰ কৰি দিয়া। [31] আহমদ (১/৩৯১, ৪৫২), হাকিম (১/৫০৯), ‘তাখৰীজুল আজকাৰত’ হাফিজে হাছান বুলি কৈছে, আৰু ‘তাখৰীজুল কালিমুত ত্বাইয়্যিবত’ আলবানীয়ে ছহীহ বুলি কৈছে (পৃষ্ঠা নং ৭৩)।
৬৯- "আল্লা-হুম্মা মুছাৰ্ৰিফাল কুলূব, ছাৰ্ৰিফ্ কুলূবানা ‘আলা তা’আতিক।"[32] অৰ্থঃ হে হৃদয়সমূহৰ পৰিবৰ্তনকাৰী আল্লাহ! আমাৰ হৃদয়সমূহক তোমাৰ আনুগত্যৰ দিশত পৰিবৰ্তন কৰি দিয়া। [32] (মুছলিমঃ ২৬৫৪)
৭০- "ইয়া মুকাল্লিবাল কুলূব, ছাব্বিত ক্বাল্বী ‘আলা দ্বীনিক।"[33] অৰ্থঃ হে হৃদয়সমূহৰ পৰিবৰ্তনকাৰী (আল্লাহ)! তুমি মোৰ অন্তৰক তোমাৰ দ্বীনৰ ওপৰত অটল ৰাখা। [33] তিৰমিজী (৩৫২২), আহমদ (৪/ ১৮২), হাকিম (১/ ৫২৫, ৫২৮)। হাকিমে ইয়াক ছহীহ বুলি কৈছে আৰু যাহাবীয়েও সমৰ্থন কৰিছে। শ্বাইখ আলবানীয়েও ছহীহুল জামে (৬/ ৩০৯) আৰু ছহীহ তিৰমিজীত (৩/১৭১) ইয়াক ছহীহ বুলি কৈছে। উম্মে ছালামা ৰাদ্বিয়াল্লাহু আনহাই কৈছেঃ ((এই দুআটো তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে আটাইতকৈ বেছি পাঠ কৰিছিল))।
৭১- ((আল্লা-হুম্মা ইন্নী আছআলুকাল ‘আফিয়াতা ফিদ্দুনিয়া অল আ-খিৰাহ।))[34] অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত ইহকাল আৰু পৰকাল উভয়ৰে শান্তি, নিৰাপত্তা আৰু সুস্থতা প্ৰাৰ্থনা কৰোঁ। [34] তিৰমিযী, হাদীছ নং ৩৫১৪, আৰু বুখাৰীৰ ‘আল-আদাবুল মুফৰাদ’, হাদীছ নং ৭২৬। তিৰমিযীত বৰ্ণিত শব্দকেইটাৰ অৰ্থ হৈছে: ((তোমালোকে আল্লাহৰ ওচৰত দুনিয়া আৰু আখিৰাতৰ নিৰাপত্তা কামনা কৰা))। আন এটা বৰ্ণনাত আছে: ((তোমালোকে আল্লাহৰ ওচৰত ক্ষমা আৰু নিৰাপত্তা কামনা কৰা, কাৰণ একীনৰ পিছত নিৰাপত্তাতকৈ উত্তম কোনো বস্তু কাকো প্ৰদান কৰা হোৱা নাই))। আলবানীয়ে ‘ছহীহ ইবনে মাজাহ’ত (৩/১৮০, ৩/১৮৫, ৩/১৭০) ইয়াক ছহীহ আখ্যা দিছে, আৰু ইয়াৰ সমৰ্থনত আন বৰ্ণনাও আছে, চাওক: মুছনাদে ইমাম আহমদ (আহমদ শ্বাকিৰৰ বিন্যাসত), ১/১৫৬-১৫৭।
৭২- "আল্লা-হুম্মা আহ্ছিন্ ‘আ-ক্বিবাতানা ফিল উমূৰি কুল্লিহা, ৱা আজিৰ্না মিন খিঝয়িদ্দুনিয়া, ৱা ‘আজা-বিল আ-খিৰাহ।"[35] অৰ্থঃ হে আল্লাহ! সকলো ক্ষেত্ৰতে আমাৰ পৰিণাম শুভ কৰি দিয়া। লগতে আমাক দুনিয়াৰ অপমানৰ পৰা আৰু আখিৰাতৰ শাস্তিৰ পৰা ৰক্ষা কৰা। [35] আহমদ (৪/১৮১), তাবাৰানীয়ে 'মুজামুল কাবীৰ'ত (২/৩৩/১১৬৯), আৰু 'আদ-দু'আ'ত (১৪৩৬), আৰু ইবনে হিব্বানত (মাৱাৰিদঃ ২৪২৪, ২৪২৫)। হাফিজ হাইছামীয়ে 'মাজমাউঝ ঝাৱায়িদ'ত (১০/১৭৮) কৈছে: “আহমদ আৰু তাবাৰানীৰ এটা চনদৰ বৰ্ণনাকাৰীসকল ছিক্বাহ (বিশ্বস্ত)।”
৭৩- "ৰাব্বী আ‘ঈন্নী অলা তু‘ঈন ‘আলাইয়্যা, অন্চুৰনী অলা তান্চুৰ ‘আলাইয়্যা, অমকুৰ লী, অলা তামকুৰ ‘আলাইয়্যা, অহ্দিনী, অয়াচ্ছিৰিল হুদা ইলাইয়্যা, অন্চুৰনী ‘আলা মান বাগা ‘আলাইয়্যা, ৰাব্বিজ‘আলনী লাকা শ্বাক্কাৰান, লাকা যাক্কাৰান, লাকা ৰাহ্হাবান, লাকা মিত্বোৱাআন, ইলাইকা মুখবিতান আওৱা-হান মুনীবান, ৰাব্বী তাক্বাব্বাল্ তাওবাতী, অগ্ছিল্ হাওবাতী, ৱা-আজিব্ দা‘ৱাতী, অছাব্বিত হুজ্জাতী, অহ্দি ক্বাল্বী, অছাদ্দিদ লিছানী, অছলুল্ ছাখীমাতা ক্বাল্বী।[36]" অৰ্থঃ হে মোৰ প্ৰতিপালক! মোক সহায় কৰা, আৰু মোৰ বিৰুদ্ধে সহায় নকৰিবা। মোক জয়যুক্ত কৰিব সহায় কৰা, আৰু মোৰ বিৰুদ্ধে কাকো জয়ী হোৱাত সহায় নকৰিবা। মোৰ বাবে কৌশল অৱলম্বন কৰা, মোৰ বিৰুদ্ধে নকৰিবা। মোক সঠিক পথ দেখুৱা আৰু মোৰ বাবে সৎপথ সহজ কৰি দিয়া। যিয়ে মোৰ ওপৰত অন্যায় কৰিছে, তাৰ বিৰুদ্ধে মোক সহায় কৰা। হে মোৰ প্ৰতিপালক! মোক এনেকুৱা বনাই দিয়া যাতে মই তোমাৰ অধিক কৃতজ্ঞতা প্ৰকাশকাৰী, তোমাৰ অধিক জিকিৰকাৰী, তোমাক অধিক ভয়কাৰী, তোমাৰ পৰম বাধ্য, তোমাৰ প্ৰতি বিনয়ী, দয়ালু-বিনম্ৰ আৰু তোমাৰ ফালে প্ৰত্যাৱৰ্তনকাৰী হওঁ। হে মোৰ প্ৰতিপালক! মোৰ তাওবা কবুল কৰা, মোৰ গুনাহসমূহ ধুই দিয়া, মোৰ দুআ কবুল কৰা, ঈমান আমলৰ প্ৰমাণৰ ক্ষেত্ৰত মোক ফিৰিস্তাসকলৰ প্ৰশ্নত অটল ৰাখিবা, মোৰ অন্তৰক সঠিক পথৰ ফালে পৰিচালিত কৰা, মোৰ জিভাক সদায় সঠিক পথৰ তাওফীক দিয়া, আৰু মোৰ অন্তৰক হিংসা-বিদ্বেষ আৰু যাৱতীয় দোষ-ত্ৰুটিৰ পৰা আঁতৰাই ৰাখিবা। [36] বুখাৰীয়ে 'আল-আদাবুল মুফৰাদ' (৬৬৪, ৬৬৫), আবু দাউদ (১৫১০, ১৫১১), তিৰমিজী (৩৫৫১), ইবনে মাজাহ (৩৮৩০), আৰু আহমদ (১/১২৭)। হাকিমে ইয়াক ছহীহ বুলি কৈছে আৰু যাহাবীয়েও তেওঁৰ সৈতে একমত পোষণ কৰিছে (১/৫১৯), আৰু শ্বাইখ আলবানীয়ে 'ছহীহ আবু দাউদ' (১/৪১৪) আৰু 'ছহীহ তিৰমিজী'ত (৩/১৭৮) ইয়াক ছহীহ বুলি কৈছে।
৭৪- "আল্লা-হুম্মা ইন্না নাছআলুকা মিন খাইৰি মা ছাআলাকা মিনহু নাবিয়্যুকা মুহাম্মাদুন চাল্লাল্লাহু 'আলাইহি অছাল্লাম, ৱা না'উজু বিকা মিন শ্বাৰ্ৰি মাছতা'আ-জা মিনহু নাবিয়্যুকা মুহাম্মাদুন চাল্লাল্লাহু 'আলাইহি অছাল্লাম, ৱা আন্তাল মুছতা'আ-ন, ৱা 'আলাইকাল বালা-গ, ৱা লা হাউলা অলা কুউৱাতা ইল্লা বিল্লাহ।" [37] অৰ্থঃ হে আল্লাহ! আমি আপোনাৰ ওচৰত সেই সকলো কল্যাণ প্ৰাৰ্থনা কৰোঁ যিটো আপোনাৰ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে আপোনাৰ ওচৰত বিচাৰিছিল। আৰু আমি আপোনাৰ ওচৰত সেই সকলো অকল্যাণৰ পৰা আশ্ৰয় বিচাৰোঁ, যাৰ পৰা আপোনাৰ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে আশ্ৰয় বিচাৰিছিল। আপুনিয়েই একমাত্ৰ সাহায্যকাৰী, আৰু গন্তব্য স্থানত উপনীত কৰোৱাৰ দায়িত্বও আপোনাৰেই। আল্লাহৰ বাহিৰে কাৰো কোনো ক্ষমতা বা শক্তি নাই। [37] তিৰমিজী (৩৫২১), আৰু ইবনে মাজাহ (৩৮৪৬) একে অৰ্থৰ হাদীছ বৰ্ণনা কৰিছে, আৰু তিৰমিজীয়ে ইয়াক হাছান গৰীব বুলি কৈছে, আৰু আলবানীয়ে জঈফ তিৰমিজীত ইয়াক জঈফ বুলি কৈছে, পৃষ্ঠা ৩৮৭।
৭৫- "আল্লা-হুম্মা ইন্নী আ‘উজু বিকা মিন শ্বাৰ্ৰি ছাম‘য়ি, অমিন শ্বাৰ্ৰি বাচাৰী, অমিন শ্বাৰ্ৰি লিছানী, অমিন শ্বাৰ্ৰি কালবী, অমিন শ্বাৰ্ৰি মানিয়্যী।"[38] অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ, মোৰ শ্ৰৱণ শক্তিৰ অনিষ্টৰ পৰা, মোৰ দৃষ্টিশক্তিৰ অনিষ্টৰ পৰা, মোৰ জিভাৰ অনিষ্টৰ পৰা, মোৰ অন্তৰৰ অনিষ্টৰ পৰা, লগতে মোৰ বীৰ্য্যৰ অনিষ্টৰ পৰা। [38] আবু দাউদ (১৫৫১), তিৰমিজী (৩৪১২), নাছাঈ (৫৪৭০) আৰু অন্যান্য। ছহীহ তিৰমিজীত (৩/১৬৬) আৰু ছহীহ নাছাঈত (৩/১১০৮) শ্বাইখ আলবানীয়ে ছহীহ বুলি কৈছে।
৭৬- "আল্লা-হুম্মা ইন্নী আ‘উজু বিকা মিনাল বাৰাচি, অল জুনূনি, অল জুযা-মি, অমিন ছাই্যিয়িল আছক্বাম।" [39] অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ শ্বেত ৰোগৰ পৰা, উন্মাদনাৰ পৰা, কুষ্ঠ ৰোগৰ পৰা আৰু সকলো ধৰণৰ দুৰাৰোগ্য ব্যাধিৰ পৰা। [39] আবু দাউদ (১৫৫৪), নাছাঈ (৫৪৯৩), আহমদ (৩/১৯২), আৰু শ্বাইখ আলবানীয়ে ইয়াক ছহীহ নাছাঈত (৩/১১১৬) আৰু ছহীহ তিৰমিজীত (৩/১৮৪) ছহীহ বুলি কৈছে।
৭৭- "আল্লা-হুম্মা ইন্নী আ‘উজু বিকা মিম মুনকাৰাতিল আখলাক্ব, অল আ‘মাল, অল আহৱা।" [40] অর্থ: হে আল্লাহ! মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ নিন্দনীয় চৰিত্ৰৰ পৰা, বেয়া কৰ্ম আৰু প্ৰবৃত্তিৰ বেয়া কামনা-বাসনাৰ পৰা। [40] তিৰমিজী (৩৫৯১), ইবনু হিব্বান (২৪২২, মাৱাৰিদ), হাকিম (১/৫৩২), তাবৰানী কাবীৰ (১৯/১৯/৩৬)। ছহীহ তিৰমিজীত শ্বাইখ আলবানীয়ে ছহীহ বুলি কৈছে (৩/১৮৪)।
৭৮- "আল্লা-হুম্মা ইন্নাকা ‘আফুওউন কাৰীম, তুহিব্বুল ‘আফৱা ফা‘ফু ‘আন্নী।"[41] অর্থ: হে আল্লাহ! তুমি ক্ষমাশীল অত্যন্ত দয়ালু। তুমি ক্ষমা কৰি ভালপোৱা। গতিকে মোক ক্ষমা কৰা। [41] তিৰমিজী (৩৫১৩), নাছায়ীৰ ছুনান আল-কুবাৰা (৭৭১২), আৰু শ্বাইখ আলবানীয়ে ছহীহ তিৰমিজীত (৩/১৭০) ছহীহ বুলি কৈছে।
৭৯- "আল্লা-হুম্মা ইন্নী আছআলুকা ফি'লাল খাইৰাত, অতাৰ্কাল মুনকাৰাত, অহুব্বাল মাছাকীন, ৱা আন্তাগফিৰালী অতার্হামনী, ৱা ইজা আৰাত্তা ফিতনাতা ক্বাওমিন ফাতাওৱাফ্ফানী গাইৰা মাফতুন, ৱা আছআলুকা হুব্বাক, অহুব্বা মান্ য়ুহিব্বুক, অহুব্বা 'আমালিন য়ুকাৰ্ৰিবুনী ইলা হুব্বিক।" [42]. অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত বিচাৰোঁ, তুমি মোক সৎকৰ্ম কৰাৰ তাওফীক দিয়া, অসৎকৰ্মৰ পৰা বিৰত ৰখা, লগতে দৰিদ্ৰক মুহাব্বত কৰাৰ তাওফীক দিয়া। লগতে তুমি মোক ক্ষমা কৰা আৰু মোৰ প্ৰতি ৰহম কৰা। যদি তুমি কোনো জাতিক ফিতনাত পতিত কৰিব বিচৰা, তেন্তে মোক ফিতনাত পতিত নকৰাকৈয়ে মৃত্যু প্ৰদান কৰিবা। মই তোমাৰ মুহাব্বত প্ৰাৰ্থনা কৰোঁ, আৰু সেই ব্যক্তিৰ মুহাব্বত বিচাৰোঁ, যিয়ে তোমাক মুহাব্বত কৰে, লগতে এনেকুৱা আমলৰ তাওফীক বিচাৰোঁ, যাৰ ফলত তোমাৰ মুহাব্বতৰ নৈকট্য লাভ হয়। [42] এই শব্দবোৰ আহমদৰ (৫/২৪৩), তিৰমিজী (৩২৩৫) আৰু তেওঁ ইয়াক হাছান বুলি কৈছে, লগতে কৈছে, "মই মুহাম্মদ বিন ইছমাঈল - অৰ্থাৎ বুখাৰীক - সুধিছিলোঁ তেওঁ কৈছে: 'এইটো এটা হাছান ছহীহ হাদীছ', হাকিম (১/৫২১), আৰু 'ছহীহ তিৰমিজীত' শ্বাইখ আলবানীয়ে ইয়াক ছহীহ বুলি কৈছে (৩/৩১৮)।
৮০- "আল্লা-হুম্মা ইন্নি আছআলুকা মিনাল খাইৰে কুল্লিহ, আ'-জিলিহি ওৱা আ-জিলিহ, মা আলিমতু মিনহু অমা লাম আ'লাম। ওৱা আউজুবিকা মিনাশ্ব শ্বাৰ্ৰি কুল্লিহ আ'-জিলিহি ওৱা আ-জিলিহ, মা আলিমতু মিনহু অমা লাম আ'লাম। আল্লা-হুম্মা ইন্নি আছআলুকা মিন খাইৰি মা ছাআলাকা আব্দুকা অনাবিয়্যুক। ওৱা আউজুবিকা মিন শ্বাৰ্ৰি মা ইস্তাআ-জা বিকা মিনহু আব্দুকা অনাবিয়্যুক। আল্লাহুম্মা ইন্নি আছআলুকাল জান্নাহ, অমা ক্বাৰ্ৰাবা ইলাইহা মিন ক্বাউলিন আও আমালিন। ওৱা আউজুবিকা মিনান না-ৰ অমা ক্বাৰ্ৰাবা ইলাইহা মিন ক্বাউলিন আও আমালিন। ওৱা আছআলুকা আন তাজআলা কুল্লা ক্বাজায়িন ক্বাজাইতাহু লি খাইৰা।" [43] অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত ইহকাল আৰু পৰকালৰ সকলো প্ৰকাৰ কল্যাণ কামনা কৰোঁ, যিটো মই জানো আৰু যিটো মই নাজানো। এইদৰে মই জনা আৰু নজনা ইহকাল আৰু পৰকালৰ সকলো প্ৰকাৰ অনিষ্টৰ পৰাও তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ। হে আল্লাহ! মই তোমাৰ ওচৰত প্ৰত্যেক সেই কল্যাণ কামনা কৰোঁ, যিটো তোমাৰ বান্দা তথা নবীয়ে তোমাৰ ওচৰত প্ৰাৰ্থনা কৰিছে। লগতে মই প্ৰত্যেক সেই অনিষ্টৰ পৰা তোমাৰ আশ্ৰয় বিচাৰোঁ, যিটোৰ পৰা তোমাৰ বান্দা তথা নবীয়ে আশ্ৰয় প্ৰাৰ্থনা কৰিছে। হে আল্লাহ! মই তোমাৰ পৰা জান্নাত কামনা কৰোঁ। লগতে প্ৰত্যেক এনেকুৱা কথা আৰু কৰ্মৰ তাওফীক প্ৰাৰ্থনা কৰোঁ, যিয়ে ইয়াৰ নিকটৱৰ্তী কৰি দিয়ে। এইদৰে মই জাহান্নামৰ পৰা তোমাৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ, লগতে প্ৰত্যেক সেই কথা আৰু কৰ্মৰ পৰা তোমাৰ আশ্ৰয় বিচাৰোঁ যিয়ে ইয়াৰ নিকটৱৰ্তী কৰি দিয়ে। লগতে মই কামনা কৰোঁ, তুমি মোৰ বিষয়ে লোৱা প্ৰতিটো সিদ্ধান্তই যেন মোৰ কাৰণে কল্যাণকৰ হয়। [43] শব্দবোৰ ইবনু মাজাৰ (৩৮৪৬), আহমদ (৬/১৩৪), আৰু দ্বিতীয় বৃদ্ধিৰ শব্দবোৰ আহমদৰ, হাকিমে ছহীহ বুলি কৈছে আৰু যাহাবীয়েও সমৰ্থন কৰিছে (১/৫২১), আৰু প্ৰথম বৃদ্ধিৰ শব্দবোৰ তেওঁৰ, ছহীহ ইবনে মাজাত আলবানীয়ে ছহীহ বুলি কৈছে (২/৩২৭)
৮১- "আল্লা-হুম্মাহ্ফাজনী বিল্-ইছ্লামে ক্বা-য়িমান, অহ্ফাজনী বিল্-ইছ্লামে ক্বা-য়ি'দান, অহ্ফাজনী বিল্-ইছ্লামে ৰা-ক্বিদান, অলা তুশ্বমিত্ বী' আদুউৱান অলা হা-ছিদা। আল্লা-হুম্মা ইন্নী আছআলুকা মিন কুল্লি খাইৰিন খাজা-য়িনুহু বিয়াদিক, ৱা আ'উজু বিকা মিন কুল্লি শ্বাৰ্ৰিন খাজা-য়িনুহু বিয়াদিক।" [44] অৰ্থঃ হে আল্লাহ! তুমি মোক ইছলামৰ মাধ্যমত থিয় হৈ থকা অৱস্থাত ৰক্ষা কৰা, ইছলামৰ মাধ্যমত বহি থকা অৱস্থাত ৰক্ষা কৰা, ইছলামৰ মাধ্যমত শুই থকা অৱস্থাত ৰক্ষা কৰা। লগতে তুমি মোৰ বিৰুদ্ধে কোনো হিংসুক শত্ৰুৰ কথা নুশুনিবা। হে আল্লাহ! নিশ্চয় মই তোমাৰ ওচৰত এনে সকলো কল্যাণ বিচাৰোঁ যাৰ ভঁৰাল তোমাৰ হাতত, আৰু মই তোমাৰ ওচৰত এনে সকলো অনিষ্টৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰোঁ যাৰ ভঁৰাল তোমাৰ হাতত। [44] হাকিমে (১/৫২৫) ছহীহ বুলি কৈছে আৰু জাহাবীয়ে তেওঁক সমৰ্থন কৰিছে, শ্বাইখ আলবানীয়ে ছহীহ আল-জামে (২/৩৯৮), আৰু ছিলছিলাতুল আহাদীছ আছ-ছহীহাত (৪/৫৪, হাদীছ নং ১৫৪০) হাছান বুলি কৈছে।
৮২- "আল্লা-হুম্মাকছিম লানা মিন খাশ্বয়াতিকা মা তাহূলু বিহী বাইনানা অবাইনা মা'আছীক, অমিন ত্বা'আতিকা মা তুবাল্লিগুনা বিহী জান্নাতাক, অমিনাল য়াক্বীনি মা তুহাওৱিনু বিহী আলাইনা মাচা-য়িবাদ-দুনিয়া, আল্লা-হুম্মা মাত্তি‘না বি’আস্মা-‘ঈনা, ৱা আ’বচা-ৰিনা, অকুউৱা-তিনা মা আহয়াইতানা, অজআলহুল ৱা-ৰিছা মিন্না, অজআল ছা‘ৰানা আলা মান-জ্বালামানা, অনচুৰনা আলা মান-আ’-দা-না, অলা তাজআল মুছীবাতানা ফী দ্বীনিনা, অলা তাজআলিদ-দুনিয়া আকবাৰা হাম্মিনা, অলা মাবলাগা ই’ল্মিনা, অলা তুছাল্লিত আলাইনা মান-লা য়াৰহামুনা।" [45] অৰ্থঃ হে আল্লাহ! তুমি তোমাৰ ভয়-ভীতি আমাৰ মাজত এনেকৈ বণ্টন কৰি দিয়া যাৰ দ্বাৰা তুমি আমাৰ আৰু তোমাৰ অবাধ্যতাৰ মাজত বাধা সৃষ্টি কৰিবা। লগতে আমাৰ মাজত তোমাৰ আনুগত্য ইমান পৰিমাণ প্ৰদান কৰা যাৰ দ্বাৰা তুমি আমাক তোমাৰ জান্নাতত পৌঁচাই দিবা। লগতে তুমি আমাৰ মাজত ইমানখিনি য়াক্বীন দান কৰা, যাৰ দ্বাৰা তুমি আমাৰ বাবে পৃথিৱীৰ সকলো বিপদ-আপদ সহজসাধ্য কৰি দিবা। হে আল্লাহ! তুমি আমাক যিমান দিন জীৱিত ৰাখিবা, সিমান দিনলৈকে আমাক আমাৰ শ্ৰৱণশক্তি, দৃষ্টিশক্তি, লগতে আমাৰ শক্তি-সামৰ্থৰ দ্বাৰা উপকৃত হোৱাৰ তাওফীক দান কৰা। আনকি এইবোৰক আমাৰ উত্তৰাধিকাৰী সম্পদ বনাই দিয়া। যিয়ে আমাৰ প্ৰতি অন্যায় কৰিছে, তাৰ প্ৰতি আমাৰ প্রতিশোধ সুনিৰ্ধাৰিত কৰি দিয়া। যিয়ে আমাৰ প্ৰতি শত্ৰুতা পোষণ কৰে, তাৰ বিৰুদ্ধে আমাক সহায় কৰা। ধৰ্ম পালনত তুমি আমাক বিপদাক্ৰান্ত নকৰিবা। দুনিয়া অৰ্জনক আমাৰ বাবে মূল উদ্দেশ্য নকৰিবা আৰু জ্ঞানৰ শেষ আহিলাও নবনাবা। এইদৰে আমাৰ ওপৰত এনেকুৱা ব্যক্তিকো আধিপত্য নিদিবা, যিয়ে দয়া নকৰে। [45] তিৰমিজী (৩৫০২), হাকেম (১/৫২৮) আৰু হাকিমে ইয়াক ছহীহ বুলি কৈছে আৰু যাহাবীয়ে তেওঁক সমৰ্থন কৰিছে, ইবনুচ্ছুন্নী (৪৪৬), আৰু শ্বাইখ আলবানীয়ে ছহীহ তিৰমিজীত (৩/১৬৮) আৰু ছহীহুল জামেত (১/৪০০) ইয়াক হাছান বুলি কৈছে।
৮৩- "আল্লা-হুম্মা ইন্নী আ‘উজু বিকা মিনা'ল-জুবনি, ৱা আ‘উজু বিকা মিনা'ল-বুখলি, ৱা আ‘উজু বিকা মিন আন উৰাদ্দা ইলা আৰজালিল উমুৰ, ৱা আ‘উজু বিকা মিন ফিতনাতিদ্-দুনিয়া ৱা আ’জা-বিল ক্বাব্ৰ।" অৰ্থঃ হে আল্লাহ! মই কাপুৰুষত্বৰ পৰা, আৰু কৃপণতাৰ পৰা তোমাৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ। লগতে মই বাৰ্ধক্য অৱস্থাৰ অসহায়ত্বৰ পৰা তোমাৰ আশ্ৰয় বিচাৰোঁ, এইদৰে পৃথিৱীৰ ফিতনা আৰু কবৰৰ শাস্তিৰ পৰা তোমাৰ আশ্ৰয় বিচাৰোঁ। [46] (বুখাৰীঃ হাদীছ নং ২৮২২)
৮৪- "আল্লা-হুম্মাগ্ফিৰলী খাত্বীআতি, অজাহলী, ৱা ইছ্ৰাফী ফী আম্ৰী, অমা আন্তা আ‘লামু বিহী মিন্নী, আল্লা-হুম্মাগ্ফিৰলী হাঝলী, অজিদ্দী, অখাতায়ি, ৱা আম্দী, অকুল্লু জা-লিকা ঈন্দী।"[47] অৰ্থঃ হে আল্লাহ! মোৰ পাপসমূহ, মোৰ অজ্ঞতা, আৰু প্ৰতিটো ক্ষেত্ৰতে হোৱা মোৰ সীমালংঘন ক্ষমা কৰি দিয়া; যিবোৰৰ বিষয়ে মোতকৈ তুমিহে অধিক জ্ঞাত। হে আল্লাহ! গুৰুত্ব সহকাৰে কৰা, আৰু হাঁহি ধেমালি লগতে জানি বুজি কৰা মোৰ সকলো গুনাহ তুমি ক্ষমা কৰি দিয়া, এই সকলোবোৰ মই নিজৰ ফালৰ পৰা কৰিছোঁ। [47] (বুখাৰীঃ ৬৩৯৮, আৰু মুছলিমঃ ২৭১৯)
৮৫- “আল্লা-হুম্মা ইন্নি জালামতু নাফছি জুলমান কাছীৰা, অলা য়াগফিৰুজ জুনূবা ইল্লা আন্তা। ফাগফিৰলী মাগফিৰাতাম মিন ইন্দিক, অৰহাম্নী ইন্নাকা আন্তাল গাফুৰুৰ ৰাহীম।”(48) অৰ্থঃ “হে আল্লাহ! মই মোৰ নিজৰ ওপৰত বহুত অন্যায় কৰিছোঁ, আৰু তুমি বিনে কোনেও গুনাহসমূহ ক্ষমা কৰিব নোৱাৰে। এতেকে তুমি তোমাৰ ক্ষমাকাৰী গুণেৰে মোক মাৰ্জনা কৰা আৰু মোৰ প্ৰতি ৰহম কৰা। নিশ্চয় তুমি মাৰ্জনাকাৰী অতি দয়ালু”। [48] (বুখাৰীঃ ৮৩৪, আৰু মুছলিমঃ ২৭০৫)
৮৬- ((আল্লা-হুম্মা লাকা আছলামতু, অবিকা আ-মানতু, ওৱা আলাইকা তাৱাক্কালতু, অ ইলাইকা আনাবতু, অবিকা খা-চামতু, আল্লা-হুম্মা ইন্নি আউজু বিইঝ্ঝাতিক, লা ইলা-হা ইল্লা আনতা আন তুজিল্লানী, আনতাল হাইয়্যুল লাজী লা য়ামূত, অলজিন্নু অল ইনছু য়ামূতূন।))[49] অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰতে আত্মসমৰ্পণ কৰিছোঁ। তোমাৰ ওপৰতে ঈমান আনিছোঁ আৰু তোমাৰ ওপৰতে ভৰসা কৰিছোঁ। তোমাৰ ওচৰলৈকেই মই উভতি আহিছোঁ। মই তোমাৰ বাবেই শত্ৰুৰ সৈতে মোকাবিলা কৰিছোঁ। হে আল্লাহ! মই তোমাৰ সন্মানৰ অছিলাৰে তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ। তোমাৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। হিদায়তৰ পৰা আৰু তোমাৰ সন্তুষ্টি লাভৰ তাওফীকৰ পৰা তুমি মোক পথভ্ৰষ্ট নকৰিবা। তুমিয়ে চিৰঞ্জীৱ, যাৰ কোনো মৃত্যু নাই। পক্ষান্তৰে জিন আৰু মানৱ সকলোৱে নিঃশেষ হ'ব। [49] (বুখাৰীঃ ৬৩৯৮, আৰু মুছলিমঃ ২৭১৯)
৮৭- "আল্লা-হুম্মা ইন্না নাছ্আলুকা মূ-জিবাতি ৰাহ্মাতিক, ৱা আঝা-য়িমা মাগ্ফিৰাতিক, অচ্ছালা-মাতা মিন্ কুল্লি ইছ্মিন্, অল গানীমাতা মিন্ কুল্লি বিৰ্ৰিন, অল ফাওঝা বিল্ জান্নাহ, অন্ নাজাতা মিনান্ না-ৰ।"[50] অৰ্থঃ হে আল্লাহ! আমি তোমাৰ ওচৰত সেইবোৰ বস্তু প্ৰাৰ্থনা কৰোঁ যিবোৰৰ দ্বাৰা তোমাৰ ৰহমত লাভ কৰাটো অনিবাৰ্য্য হৈ পৰে। তোমাৰ মাগফিৰাতমূলক সিদ্ধান্ত প্ৰাৰ্থনা কৰোঁ, প্ৰতিটো গুনাহৰ পৰা সুৰক্ষা বিচাৰোঁ, প্ৰতিটো নেক কৰ্মৰ তাওফীক কামনা কৰোঁ, জান্নাত অৰ্জনৰ সফলতা আৰু জাহান্নামৰ পৰা মুক্তি বিচাৰোঁ। [50] হাকিম, ১/৫২৫, তেওঁ ইয়াক ছহীহ বুলি কৈছে, জাহাবীয়েও তেওঁৰ সৈতে একমত, আৰু বাইহাকীয়ে আদ-দা'ৱাতত (২০৬) বর্ণনা কৰিছে৷ চাওক: নবৱীৰ আল-আজকাৰ, পৃষ্ঠা ৩৪০, গৱেষক আব্দুল কাদিৰ আল-আৰনাউতে ইয়াক হাছান বুলি কৈছে৷
৮৮- ((আল্লাহুম্মাগফিৰ লিল্মু'মিনীনা অলমু'মিনাত।))[51] অৰ্থঃ হে আল্লাহ! তুমি সকলো মুমিন পুৰুষ আৰু মুমিনা নাৰীক ক্ষমা কৰি দিয়া। [51] উবাদাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত আছে, তেওঁ কৈছেঃ মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছোঁ, “যিয়ে মুমিন পুৰুষ আৰু মুমিনা নাৰীসকলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰে, আল্লাহে তেওঁৰ বাবে প্ৰতিজন মুমিন পুৰুষ আৰু মুমিনা নাৰীৰ বিনিময়ত এটা নেকী লিপিবদ্ধ কৰে।” (তাবাৰানীয়ে ‘আল-কাবীৰ’ত, ৫/২০২, হাদীছ নং ৫০৯২, আৰু ৩/৩৩৪, হাদীছ নং ২১৫৫ত উল্লেখ কৰিছে। হাইছামীয়ে ‘মাজমাউয ঝাওৱাঈদ’ত (১০/২১০) ইয়াৰ চনদক উত্তম বুলি কৈছে আৰু আলবানীয়ে ‘ছহীহ আল-জামে’ত (হাদীছ নং ৫৯০২, ৫/২৪২) ইয়াক হাছান বুলি কৈছে।)
৮৯- "আল্লাহুম্মাগফিৰ লী জান্বী, অৱাচ্ছি লী ফী দাৰী, অবাৰিক লী ফীমা ৰাঝাকতানী।"[52] অৰ্থঃ হে আল্লাহ! তুমি মোৰ গুণাহসমূহ ক্ষমা কৰি দিয়া, মোৰ ঘৰখনত প্ৰশস্ততা দান কৰা, আৰু তুমি মোক যি জীৱিকা প্ৰদান কৰিছা তাত বৰকত দান কৰা। [52] আহমদ (১৬৫৯৯, ২৩১১৪, ২৩১৮৮), তিৰমিজী (৩৫০০), আৰু মুছনাদৰ মুহাক্কিকসকলে ২৭/১৪৪, ৩৮/১৯৭ আৰু ৩৮/১৪৫ত “হাছান লিগাইৰিহী” বুলি কৈছে।
৯০- "আল্লা-হুম্মা ইন্নী আছআলুকা মিন ফাজলিকা অৰাহমাতিক, ফা ইন্নাহু লা য়ামলিকুহা ইল্লা আন্ত।"[53] অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত তোমাৰ অনুগ্ৰহ আৰু দয়া প্ৰাৰ্থনা কৰোঁ, কাৰণ একমাত্ৰ তুমিয়ে ইয়াৰ গৰাকী। [53] তাবৰানীয়ে বৰ্ণনা কৰিছে। হাইছামীয়ে মাজমাউয যাৱাইদত (১০/১৫৯) কৈছে: “মুহাম্মদ বিন যিয়াদৰ বাহিৰে ইয়াৰ সকলো ৰাৱী ছহীহৰ ৰাৱী, কাৰণ তেওঁ হৈছে ছিক্বাহ (বিশ্বস্ত)”, আৰু আলবানীয়ে ছহীহুল জামেত ইয়াক ছহীহ বুলি কৈছে (১/৪০৪, হাদীছ নং ১২৭৮)।
৯১- "আল্লা-হুম্মা ইন্নী আ'উজু বিকা মিনাল-হাৰামি, অত-তাৰাদ্দী, অল-হাদমি, অল-গাম্মি, অল-গাৰাকি, অল-হাৰাকি, ৱা আ'উজু বিকা আঁয়্যাতাখাব্বাতানিয়াশ্ব শ্বাইত্বা-নু 'ইন্দাল মাওত, ৱা আ'উজু বিকা আন্ আমূতা ফী ছাবীলিকা মুদবিৰান, ৱা আ'উজু বিকা আন্ আমূতা লাদীগা।"[54] অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ বৃদ্ধ অৱস্থাৰ পৰা, ভূমিস্খলিত হৈ মৃত্যুৰ পৰা, কোনো বস্তুৰ তলত পৰি মৰাৰ পৰা, দুখ-চিন্তাৰ পৰা, পানীত ডুবি মৰাৰ পৰা, আৰু জুইত জ্বলি মৰাৰ পৰা। লগতে মই তোমাৰ আশ্ৰয় বিচাৰোঁ মৃত্যুৰ সময়ত চয়ত্বানৰ প্ৰভাৱৰ পৰা। লগতে মই তোমাৰ আশ্ৰয় বিচাৰোঁ জিহাদৰ পৰা পলায়নৰত অৱস্থাত হোৱা মৃত্যুৰ পৰা। এইদৰে মই তোমাৰ আশ্ৰয় বিচাৰোঁ, যাতে বিষাক্ত প্ৰাণীৰ দংশনত মই মৃত্যুবৰণ নকৰোঁ। [54] আবু দাউদ (হাদীছ নং ১৫৫২), নাছায়ী (হাদীছ নং ৫৫৩১, ৫৫৩২), শ্বাইখ আলবানীয়ে ছহীহ নাছায়ী-ত (৩/১১২৩) আৰু ছহীহ ছুনান আবু দাউদত (১/৪২৫) ছহীহ বুলি কৈছে।
৯২- "আল্লা-হুম্মা ইন্নী আ'উজু বিকা মিনাল জু'ঈ, ফা ইন্নাহু বি'ছাছ জাযীয়ু, ৱা আ'উজু বিকা মিনাল খিয়ানাহ, ফা ইন্নাহা বি'ছাতিল বিতা-নাহ।"[55] অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত দুৰ্ভিক্ষ তথা ভোকৰ তাড়নাৰ পৰা আশ্ৰয় বিচাৰোঁ, কাৰণ এইটো হৈছে অত্যন্ত নিকৃষ্ট শয্যাসংগী। লগতে মই তোমাৰ আশ্ৰয় বিচাৰোঁ বিশ্বাসঘাতকতাৰ পৰা, কাৰণ ই হৈছে নিকৃষ্ট সহচৰ। [55] আবু দাউদ (হাদীছ নং ১৫৪৭), নাছায়ী (হাদীছ নং ৫৪৮৩), আলবানীয়ে হাছান বুলি কৈছে (ছহীহ নাছায়ী, ৩/১১১২)।
৯৩- "আল্লা-হুম্মা ইন্নী আ'উজু বিকা মিনাল আজঝি, অল কাছালি, অল জুবনি, অল বুখলি, অল হাৰামি, অল কাছৱাতি, অল গাফলাতি, অল আইলাতি, অজ্-জিল্লাতি, অল মাস্কানাতি। ৱা আ'উজু বিকা মিনাল ফাক্ৰ, অল কুফ্ৰ, অল ফুছূক, অশ্ব-শ্বিকাক, অন-নিফাক, অছ-ছুম'আহ, অৰ্-ৰিয়া', ৱা আ'উজু বিকা মিনাচ-চামাম, অল বাকাম, অল জুনূন, অল জুযাম, অল বাৰাচ, অছাইয়্যিইল আছক্বাম।" অৰ্থঃ হে আল্লাহ! মই অক্ষমতাৰ পৰা, অলসতাৰ পৰা, কাপুৰুষতাৰ পৰা, কৃপণতাৰ পৰা, বাৰ্ধক্যৰ পৰা, কঠোৰতাৰ পৰা, অমনোযোগিতাৰ পৰা, দীনতাৰ পৰা, অপমানৰ পৰা, আৰু অভাৱগ্ৰস্ত আদিৰ পৰা তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ। লগতে মই দৰিদ্ৰতাৰ পৰা, কুফৰৰ পৰা, পাপকৰ্মৰ পৰা, বিচ্ছিন্নতাৰ পৰা, নিফাকৰ পৰা, খ্যাতিপ্ৰিয়তাৰ পৰা, দম্ভ আদিৰ পৰা তোমাৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ। এইদৰে মই তোমাৰ আৰু আশ্ৰয় বিচাৰোঁ বধিৰতাৰ পৰা, মূক বধিৰ হোৱাৰ পৰা, উন্মাদনাৰ পৰা, কুষ্ঠ ৰোগৰ পৰা, শ্বেত ৰোগৰ পৰা আৰু সকলো প্ৰকাৰ বেয়া ৰোগৰ পৰা। [56] নাছায়ী (৫৪৪৩), হাকিম (১/৫৩০), ছহীহুল জামেত শ্বাইখ আলবানীয়ে ছহীহ বুলি কৈছে (১/৪০৬), আৰু ইৰৱাউল গালীল (৮৫২)।
৯৪- "আল্লা-হুম্মা ইন্নী আ'উজু বিকা মিনাল ফাক্ৰ, অল কিল্লাতি, অজ্-জিল্লাতি, ৱা আ'উজু বিকা মিন্ আন্ আজলিমা আও উজলাম।"[57] অৰ্থঃ হে আল্লাহ! মই দৰিদ্ৰতাৰ পৰা, স্বল্পতাৰ পৰা আৰু অপমানৰ পৰা তোমাৰ আশ্ৰয় বিচাৰোঁ। লগতে মই ইয়াৰ পৰাও তোমাৰ আশ্ৰয় বিচাৰোঁ যে, যাতে মই আনৰ প্ৰতি অন্যায় নকৰোঁ অথবা নিজেও যেন অন্যায়ৰ চিকাৰ নহওঁ। [57] আবু দাউদ (হাদীছ নং ১৫৪৪), নাছায়ী (হাদীছ নং ৫৪৭৫), শ্বাইখ আলবানীয়ে ছহীহ নাছায়ীত ছহীহ বুলি কৈছে (৩/১১১১), ছহীহুল জামে (১/৪০৭), আৰু বন্ধনীৰ মাজৰ অংশটো ইবনে হিব্বানৰ (মৱাৰিদ), আৰু ছহীহ মৱাৰিদুজ জামআনত শ্বাইখ আলবানীয়ে ছহীহ বুলি কৈছে (২/৪৫৫)।
৯৫- "আল্লা-হুম্মা ইন্নী আ'উজু বিকা মিন জা-ৰিছ-ছূ' ফী দাৰিল মুক্বামাহ; ফা ইন্না জা-ৰাল বা-দিয়াতি য়াতাহাওৱাল।"[58] অৰ্থঃ হে আল্লাহ! মই তোমাৰ আশ্ৰয় বিচাৰোঁ স্থায়ী বাসস্থানৰ বেয়া প্ৰতিবেশীৰ পৰা, কাৰণ মৰু অঞ্চলৰ প্ৰতিৱেশী সঘনাই পৰিবৰ্তন হয়। [58] বুখাৰীয়ে 'আল-আদাবুল মুফৰাদ'ত (১১৭), হাকিম (১/৫৩২), আৰু যাহাবীয়ে ইয়াক ছহীহ বুলি কৈ একমত পোষণ কৰিছে, নাছাঈ (৫৫১৭), 'ছহীহুল জামে'ত শ্বাইখ আলবানীয়ে ইয়াক ছহীহ বুলি কৈছে (১/৪০৮), আৰু চাওক 'ছহীহ নাছাঈ' (৩/১১৮)।
৯৬- ((আল্লাহুম্মা ইন্নী আ’উজু বিকা মিন ক্বালবিল্লা য়াখ্শ্বা’, অমিন দুআয়িন লা য়ুছমা', অমিন নাফ্ছিল্লা তাশ্ববা’, অমিন ইল্মিল্লা য়ান্ফা’, আ'উজু বিকা মিন্ হা-উলাঈল আৰ্বা))[59] অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত আশ্ৰয় বিচাৰোঁ, এনেকুৱা অন্তৰৰ পৰা যিটো তোমাৰ ভয়ত কম্পিত নহয়, এনেকুৱা দুআৰ পৰা যিটো কবূল কৰা নহয়, এনেকুৱা নফছৰ পৰা যিটো কেতিয়াও তৃপ্ত নহয়, আৰু এনেকুৱা জ্ঞানৰ পৰা, যিটো কোনো উপকাৰ নকৰে। মই এই চাৰিটা বস্তুৰ পৰা তোমাৰ আশ্ৰয় বিচাৰোঁ। [59] তিৰমিজীঃ ৩৪৮২, আবু দাউদঃ ১৫৪৯, ছহীহ আল-জামেত শ্বাইখ আলবানীয়ে ছহীহ বুলি কৈছে (১২৯৫), আৰু চাওক ছহীহ নাছায়ী (৩/১১১৩)।
৯৭- "আল্লা-হুম্মা ইন্নী আ'উজু বিকা মিন য়াওমিছ-ছূ', অমিন লাইলাতিছ-ছূ', অমিন ছা-আতিছ-ছূ', অমিন চা-হিবিছ-ছূ', অমিন জা-'ৰিছ-ছু' ফী দা-ৰিল মুক্বামা।" [60] অৰ্থঃ হে আল্লাহ! মই তোমাৰ আশ্ৰয় বিচাৰোঁ বেয়া দিৱসৰ পৰা, বেয়া ৰাতিৰ পৰা, বেয়া মুহূৰ্তৰ পৰা, বেয়া সংগীৰ পৰা, আৰু স্থায়ী বাসস্থানত বেয়া প্ৰতিৱেশীৰ পৰা। [60] তাবৰানীয়ে বৰ্ণনা কৰিছে, আৰু হায়ছামীয়ে জাৱাইদত (১০/১৪৪) কৈছে: “ইয়াৰ বৰ্ণনাকাৰীসকল ছহীহৰ বৰ্ণনাকাৰী”। লগতে আলবানীয়ে ছহীহ জামে’ত (১/৪১১, হাদীছ নং ১২৯০) হাছান বুলি কৈছে।
৯৮- "আল্লা-হুম্মা ইন্নী আছআলুকাল জান্নাতা ৱা আস্তাজীৰু বিকা মিনান্না-ৰ" (তিনিবাৰ)[61]। অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত জান্নাত প্ৰাৰ্থনা কৰোঁ আৰু জাহান্নামৰ পৰা তোমাৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ। [61] তিৰমিজী (২৫৭২), ইবনে মাজাহ (৩৩৪o), নাছাঈ (৫৫৩৬)। শ্বাইখ আলবানীয়ে ছহীহ তিৰমিজীত (২/৩১৯), আৰু ছহীহ নাছাঈত (৩/১১২১) ইয়াক ছহীহ বুলি কৈছে। ইয়াৰ শব্দবোৰ হৈছে: “যিয়ে আল্লাহৰ ওচৰত তিনিবাৰ জান্নাত প্ৰাৰ্থনা কৰে, জান্নাতে কয়: হে আল্লাহ! তাক জান্নাতত প্ৰৱেশ কৰোৱা। এইদৰে যিয়ে তিনিবাৰ জাহান্নামৰ পৰা আশ্ৰয় বিচাৰে, জাহান্নামে কয়: হে আল্লাহ! তাক জাহান্নামৰ পৰা ৰক্ষা কৰা।”
৯৯- "আল্লা-হুম্মা ফাক্কিহনী ফিদ্দীন।"[62] অৰ্থঃ হে আল্লাহ! মোক দ্বীনৰ বোধশক্তি দান কৰা। [62] ইয়াৰ দলীল হৈছে বুখাৰী আৰু মুছলিমত বৰ্ণিত ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ বাবে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সেই দুআ। (বুখাৰীঃ ১৪৩, আৰু মুছলিমঃ ২৪৭৭)
১০০- "আল্লা-হুম্মা ইন্নী আ'উজু বিকা আন্ উশ্বৰিকা বিকা ৱা আনা আ'লাম, ৱা আস্তাগফিৰুকা লিমা লা আ'লাম।"[63] অৰ্থঃ হে আল্লাহ! মই তোমাৰ আশ্ৰয় বিচাৰোঁ যে, মই যাতে জানি বুজি তোমাৰ সৈতে আন কাকো অংশীদাৰ স্থাপন নকৰোঁ, লগতে মই সেই সকলো গুনাহৰ পৰা ক্ষমা বিচাৰোঁ যিবোৰৰ বিষয়ে মই জ্ঞাত নহয়। [63] আহমদ (৪/৪০৩), ইবনু আবী শ্বাইবা (১০/৩৩৭), ত্বাবৰানী আল-মু'জামুল-আওছাত (৪/২৮৪), আলবানীয়ে ছহীহ আত-তাৰগীব অত-তাৰহীবত হাছান বুলি কৈছে (১/১৯)
১০১- "আল্লা-হুম্মান্ ফা'নী বিমা আল্লামতানী, ৱা আল্লিমনী মা য়ান্ফাউনী, অঝিদ্নী ইল্মা।"[64] অৰ্থঃ হে আল্লাহ! তুমি মোক যি শিক্ষা দিছা, তাৰ দ্বাৰা উপকৃত হোৱাৰ তাওফীক দান কৰা, আৰু মোক এনেকুৱা শিক্ষা দিয়া যিটো মোৰ বাবে উপকাৰী, লগতে মোৰ জ্ঞান বৃদ্ধি কৰি দিয়া৷ [64] তিৰমিজী (হাদীছ নং ৩৫৯৯), ইবনু মাজাহ (হাদীছ নং ২৫৯), ছহীহ ইবনু মাজাহত শ্বাইখ আলবানীয়ে ছহীহ বুলি কৈছে, ১/৪৭।
১০২- "আল্লা-হুম্মা ইন্নী আছআলুকা ইল্মান নাফিআ, অৰিঝক্বান ত্বাইয়্যিবা, ৱা আমালান মুতাক্বাব্বালা।"[65] অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত উপকাৰী জ্ঞান, পৱিত্ৰ জীৱিকা আৰু গ্ৰহণযোগ্য আমলৰ তাওফীক বিচাৰোঁ। [65] ইবনে মাজাহ (৯২৫), নাছায়িৰ আমালুল ইয়াওমি অল লাইলাহ (১০২), আহমদ (৬/২৯৪, ৩০৫), ছহীহ ইবনে মাজাহত শ্বাইখ আলবানীয়ে ছহীহ বুলি কৈছে (১/১৫২)।
১০৩- "আল্লা-হুম্মা ইন্নী আছআলুকা য়া-আল্লাহ, বিআন্নাকাল-ৱা-হিদুল আহাদুছ-চামাদ, আল্লাজী লাম য়ালিদ অলাম ইউলাদ, অলাম য়াকুল লাহু কুফুৱান আহাদ; আন তাগফিৰা লী জুনূবী, ইন্নাকা আন্তাল গাফূৰূৰ ৰাহীম।" অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰতেই প্ৰাৰ্থনা কৰোঁ, কাৰণ একমাত্ৰ তুুমিয়ে একক অদ্বিতীয়, তুমিয়ে সেই সত্ত্বা যিজন কাৰো মুখাপেক্ষী নহয়। তেওঁ কাকো জন্ম দিয়া নাই, আৰু নিজেও কাৰো পৰা জন্ম লোৱা নাই। তেওঁৰ সমকক্ষ কোনো নাই। হে আল্লাহ! তুমি মোৰ গুনাহসমূহ ক্ষমা কৰি দিয়া, নিশ্চয় তুমি ক্ষমাশীল অত্যন্ত দয়ালু।[66] [66] নাছাঈ (১৩০০), আৰু শব্দকেইটা নাছাঈৰ, নাছাঈ আল-কুবৰা (৭৬৬৫), আবু দাউদ (৯৮৫), ছহীহ ছুনান নাছাঈত শ্বাইখ আলবানীয়ে ছহীহ বুলি কৈছে (১/১৪৭)।
১০৪- "আল্লা-হুম্মা ইন্নী আছআলুকা বিআন্না লাকাল হাম্দ, লা ইলাহা ইল্লা আন্তা, অহদাকা লা শ্বাৰীকা লাকাল মান্নান, য়া বাদী'আচ্ছামাৱা-তি অল আৰজ, য়া জাল জালা-লি অল ইকৰাম, য়া হাইয়্যু য়া কাইয়্যুম; ইন্নী আছআলুকাল জান্নাহ, ৱা আউজুবিকা মিনান্-নাৰ।"[67] অৰ্থঃ হে আল্লাহ! মই একমাত্ৰ তোমাৰ ওচৰতেই প্ৰাৰ্থনা কৰোঁ। নিশ্চয় সকলো প্ৰশংসা তোমাৰেই, তোমাৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তুমি একক তথা অদ্বিতীয়, তোমাৰ কোনো অংশীদাৰ নাই। তুমিয়ে মহা অনুগ্ৰহশীল। হে আকাশমণ্ডল আৰু পৃথিৱীৰ অনন্য সৃষ্টিকৰ্তা! হে মহিমাময় আৰু মহা মৰ্যাদাৰ অধিকাৰী! হে চিৰঞ্জীৱ, সৰ্বসত্ত্বাৰ ধাৰক! মই তোমাৰ ওচৰত জান্নাত প্ৰাৰ্থনা কৰোঁ আৰু জাহান্নামৰ পৰা আশ্ৰয় বিচাৰোঁ। [67] আবু দাউদ (১৪৯৫), ইবনে মাজাহ (৩৮৫৮), নাছাঈ (১২৯৯), তিৰমিজী (৩৫৪৪), শ্বাইখ আলবানীয়ে ছহীহ নাছাঈত (১/২৭৯) আৰু ছহীহ ইবনে মাজাহত (২/৩২৯) ছহীহ বুলি কৈছে।
১০৫- "আল্লা-হুম্মা ইন্নী আছআলুকা বিআন্নী আশ্বহাদু আন্নাকা আন্তাল্লাহ, লা ইলাহা ইল্লা আন্তা, আল আহাদ, আচ-ছামাদ, আল্লাজী লাম য়ালিদ, অলাম ইউলাদ, অলাম য়াকুল লাহূ কুফুৱান আহাদ।"[68] অৰ্থঃ হে আল্লাহ! মই তোমাৰেই ওচৰত প্ৰাৰ্থনা কৰোঁ, কাৰণ মই সাক্ষ্য দিওঁ যে, তুমিয়েই আল্লাহ, যাৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। তুমি একক, অমুখাপেক্ষী, যিয়ে কাকো জন্মও দিয়া নাই, নিজেও কাৰো পৰা জন্ম লোৱা নাই। তেওঁৰ সমকক্ষ কোনো নাই। [68] (আবু দাউদঃ ৯৮৫, তিৰমিজীঃ ৩৪ ৭৫, ইবনু মাজাহঃ ৩৮৫৭, আহমদঃ ৫/৩৬০)। আলবানীয়ে ছহীহ চুনান তিৰমিজীৰ (৩/১৬৩)ত ইয়াক ছহীহ আখ্যা দিছে।
১০৬- ((ৰাব্বিগ্ফিৰ্ লী, অতুব্ 'আলাইয়্যা, ইন্নাকা আন্তাত্-তাওৱাবুল-গাফূৰ))[69]. অৰ্থ: হে মোৰ প্ৰতিপালক! মোক ক্ষমা কৰি দিয়া আৰু মোৰ তাওবা কবূল কৰা; নিশ্চয় তুমি তাওবা কবূলকাৰী, মহা ক্ষমাশীল। [69] আবু দাউদ (১৫১৮), তিৰমিজী (৩৪৩৪) আৰু শব্দবোৰ তেওঁৰ, নাছাঈ ফিল কুবৰা (১০২৯২), ইবনু মাজাহ (৩৮১৪), আৰু আলবানীয়ে ছহীহ ইবনে মাজাহ (২/৩২১) আৰু ছহীহ তিৰমিজীত (৩/১৫৩) ছহীহ বুলি কৈছে।
১০৭- "আল্লা-হুম্মা বিইল্মিকাল-গাইবা, অকুদ্ৰাতিকা 'আলাল-খাল্ক, আহ্য়িনি মা 'আলিমতাল-হায়া'তা খাইৰান-লী, অতাৱাফ্ফানী ইজা 'আলিমতাল অফাতা খাইৰান-লী, আল্লা-হুম্মা ইন্নী আছআলুকা খাশ্বয়াতাকা ফিল-গাইবি অশ্ব-শ্বাহাদা, ৱা আছআলুকা কালিমাতাল-হাক্কি ফিৰ-ৰিজা অল-গাজাব, ৱা আছআলুকাল-কাচদা ফিল-গিনা অল-ফাক্ৰ, ৱা আছআলুকা নায়ীমান লা য়ানফাদ, ৱা আছআলুকা কুৰ্ৰাতা 'আঈনিল লা তানক্বাতি', ৱা আছআলুকাৰ-ৰিজা বা'দাল-ক্বাজা, ৱা আছআলুকা বাৰ্দাল-'আঈশ্বি বা'দাল-মাওত, ৱা আছআলুকা লাজ্জাতান্-নাজৰি ইলা অজহিক, অশ্ব-শ্বাওক্বা ইলা লিক্বা ইক, ফী গাইৰি জাৰ্ৰা-আ মুজিৰ্ৰাহ, অলা ফিতনাতিন্ মুজিল্লাহ, আল্লা-হুম্মা ঝাইয়্যিন্না বিঝীনাতিল-ঈমান, অজ্আ'লনা হুদা-তাম মুহতাদীন।"[70] অৰ্থঃ হে আল্লাহ! তোমাৰ অদৃশ্য জ্ঞান আৰু সৃষ্টিৰ ওপৰত থকা তোমাৰ ক্ষমতাৰ অছিলাৰে দুআ কৰোঁ, হে আল্লাহ! যদি জীৱিত থকাটো মোৰ বাবে কল্যাণকৰ হয় তেন্তে মোক জীৱিত ৰাখা, আৰু যদি মৃত্যু হোৱাটো মোৰ বাবে কল্যাণকৰ হয় তেন্তে মোক মৃত্যু দান কৰা। হে আল্লাহ! মই প্ৰকাশ্যে আৰু গোপনে তোমাক ভয় কৰাৰ তাওফীক বিচাৰোঁ, মই সন্তোষত আৰু খঙত সঁচা কথা কোৱাৰ তাওফীক বিচাৰোঁ; আৰু ধনী আৰু দাৰিদ্ৰ্যতাৰ মাজত থকা মধ্যপন্থা অৱলম্বন কৰি জীৱন যাপন কৰিব বিচাৰোঁ; লগতে মই তোমাৰ ওচৰত এনেকুৱা নিআ'মত বিচাৰোঁ যিটো কেতিয়াও শেষ নহয়; আৰু মই তোমাৰ ওচৰত এনেকুৱা চকু শীতলকাৰী বস্তু বিচাৰোঁ যিটো কেতিয়াও বিচ্ছিন্ন নহয়; আৰু ফয়চালাৰ পিছত তোমাৰ সন্তুষ্টি বিচাৰোঁ; আৰু মৃত্যুৰ পাছত শান্তিপূৰ্ণ জীৱন বিচাৰোঁ; আৰু মই তোমাৰ মুখমণ্ডলৰ প্ৰতি চাই থকাৰ সুখ বিচাৰোঁ, আৰু তোমাৰ সাক্ষাতৰ এই চাহিদাক কোনো ক্ষতিকৰ বিপদে অথবা কোনো বিভ্ৰান্তকাৰী ফিতনাই যেন বিনষ্ট কৰিব নোৱাৰে। হে আল্লাহ! আমাক ঈমানৰ সৌন্দৰ্য্যৰে সুশোভিত কৰা, আৰু আমাক হিদায়তকাৰী আৰু হিদায়তপ্ৰাপ্ত বনাই দিয়া। [70] নাছাঈ (১৩০৫), আহমদ (৪/২৬৪), ছহীহ নাছাঈত শ্বাইখ আলবানীয়ে ছহীহ বুলি কৈছে (১/২৮০, ১/২৮১)।
১০৮- "আল্লা-হুম্মাৰ ঝুক্নী হুব্বাক, অহুব্বা মাঁইয়ানফাঊনী হুব্বুহু ইন্দাক, আল্লা-হুম্মা মা ৰাঝাক্তানী মিম্মা উহিব্বু ফাজআলহু কুউৱাতান লী ফীমা তুহিব্বু, আল্লা-হুম্মা অমা ঝাৱাইতা আন্নী মিম্মা উহিব্বু ফাজআলহু ফাৰা-গান লী ফীমা তুহিব্ব।"[71] অৰ্থঃ হে আল্লাহ! মোক তোমাৰ মুহাব্বত দান কৰা, আৰু সেই ব্যক্তিৰ মুহাব্বত দান কৰা, যাৰ মুহাব্বতে তোমাৰ ওচৰত মোক উপকৃত কৰিব। হে আল্লাহ! তুমি মোক মোৰ যিবোৰ প্ৰিয় বস্তু দান কৰিছা, সেইবোৰক তুমি তোমাৰ প্ৰিয় বস্তু অৰ্জনৰ বাবে মোৰ বাবে শক্তিৰ উৎস বনাই দিয়া। হে আল্লাহ! তুমি মোৰ যিবোৰ প্ৰিয় বস্তু মোৰ পৰা আঁতৰাই ৰাখিছা, সেইবোৰৰ বিনিময়ত তুমি যিটো ভালপোৱা সেইটো অৰ্জনৰ অৱকাশ দিয়া বা সুযোগত পৰিণত কৰি দিয়া। [71] তিৰমিজী (হাদীছ নং ৩৪৯১), আৰু তেওঁ ইয়াক হাছান বুলি কৈছে। শ্বাইখ আব্দুল কাদিৰ আল-আৰনাউতে কৈছে: ((এইটো তেওঁ কোৱাৰ দৰেই))। চাওক, জামে' আল-উছূল গ্ৰন্থত তেওঁৰ তাহকীক, ৪/৩৪১।
১০৯- ((আল্লা-হুম্মা ত্বাহ্হিৰনী মিনাজ জুনূবি অল-খাত্বায়া، আল্লা-হুম্মা নাক্কিনী মিনহা কামা য়ুনাক্কাছ ছাউবুল আবয়াজু মিনাদ দানাছ، আল্লা-হুম্মা ত্বাহ্হিৰনী বিছ-ছালজি অল-বাৰাদি অল-মা-ইল বা-ৰিদ।))[72] অৰ্থঃ হে আল্লাহ! মোক গুণাহ আৰু ভুল-ত্ৰুটি সমূহৰ পৰা পৱিত্ৰ কৰা। হে আল্লাহ! মোক সেইবোৰৰ পৰা এনেকৈ পৰিষ্কাৰ কৰা যেনেকৈ বগা কাপোৰক ময়লাৰ পৰা পৰিষ্কাৰ কৰা হয়। হে আল্লাহ! মোক বৰফ, শিলাবৃষ্টি আৰু শীতল পানীৰে পৱিত্ৰ কৰা। [72] মুছলিম (৪৭৬), নাছায়ী (৪০০)
১১০- "আল্লা-হুম্মা ইন্নী আ’উজু বিকা মিনাল বুখলি, অল জুব্নি, অছূ য়িল উমুৰ। অফিতনাতিচ চদ্ৰ, ৱা আজা-বিল-কাব্ৰ।" অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ কৃপণতাৰ পৰা, কাপুৰুষতাৰ পৰা আৰু বৃদ্ধ অৱস্থাৰ বেয়া পৰিণতিৰ পৰা, লগতে অন্তৰৰ ফিতনা আৰু কবৰৰ শাস্তিৰ পৰা। [73] নাছায়ী, হাদীছ নং ৫৪৬৯, আৰু ইয়াৰ পাঠ হৈছেঃ “নবী চাল্লাল্লাহু আলাইহি অছাল্লামে পাঁচটা বস্তুৰ পৰা আশ্ৰয় বিচাৰিছিলঃ কৃপণতাৰ পৰা, কাপুৰুষতাৰ পৰা, বৃদ্ধ অৱস্থাৰ বেয়া পৰিণতিৰ পৰা, অন্তৰৰ ফিতনাৰ পৰা, আৰু কবৰৰ শাস্তিৰ পৰা।” ইয়াক আবু দাউদেও বৰ্ণনা কৰিছে, হাদীছ নং ১৫৩৯, আৰু আল-আৰনাঊতে ‘জামেউল-উছূল’ৰ তাখৰীজত (৪/৩৬৩) ইয়াক হাছান বুলি কৈছে।
১১১- "আল্লা-হুম্মা ৰাব্বা জিব্ৰাঈল, অমীকাঈল, অৰাব্বা ইছ্ৰাফীল, আ'উজু বিকা মিন হাৰ্ৰিন-নাৰ, অমিন আজাবিল-কাব্ৰ।" [74] অৰ্থঃ হে আল্লাহ! জিব্ৰাঈল, মীকাঈল আৰু ইছ্ৰাফীলৰ প্ৰতিপালক! মই জাহান্নামৰ উত্তাপৰ পৰা আৰু কবৰৰ শাস্তিৰ পৰা তোমাৰ আশ্ৰয় বিচাৰোঁ। [74] নাছাঈ (১৩৪৪), আহমদ (৬/৬১), বাইহাক্বী (১০৯), ছহীহ নাছাঈত শ্বাইখ আলবানীয়ে ছহীহ বুলি কৈছে (৩/১১২১), আৰু চাওক ছিলছিলা ছহীহা (১৫৪৪)।
১১২- "আল্লা-হুম্মা আলহিম্নী ৰুশ্বদী, ৱা আ'য়িজনী মিন শ্বাৰ্ৰি নাফ্ছী।"[75] অৰ্থঃ হে আল্লাহ! মোক সঠিক পথৰ প্ৰেৰণা দিয়া, আৰু মোক মোৰ নিজৰ অন্তৰৰ কুমন্ত্ৰণাৰ পৰা ৰক্ষা কৰা। [75] তিৰমিজী, শব্দবোৰ তেওঁৰ (৫/৫১৯, ৩৪৮৩), আহমদ (৩৩/১৯৭, ১৯৯৯২), আৰু হাকিম (১/৫১০), তেওঁ ইয়াক ছহীহ বুলি কৈছে আৰু যাহাবীয়েও তেওঁৰ সমৰ্থন কৰিছে, মুছনাদৰ মুহাক্কিকসকলে আহমদৰ হাদীছৰ বিষয়ে কৈছে (৩৩/১৯৭): (( ইয়াৰ চনদ শ্বাইখাইনৰ চৰ্ত অনুসৰি ছহীহ )), কিন্তু তিৰমিজীৰ শব্দবোৰক শ্বাইখ আলবানীয়ে জঈফ তিৰমিজীত জঈফ বুলি কৈছে, পৃষ্ঠা ৩৯৭।
১১৩- ((আল্লা-হুম্মা ইন্নী আছআলুকা 'ইল্মান নাফিআ', ৱা আ'উজু বিকা মিন 'ইল্মিল লা য়ানফা'))[৭৬]। অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত উপকাৰী জ্ঞান লাভৰ প্ৰাৰ্থনা কৰোঁ, আৰু যি জ্ঞানৰ কোনো উপকাৰ নাই, তেনেকুৱা জ্ঞানৰ পৰা মই তোমাৰ আশ্ৰয় বিচাৰোঁ। [76] নাছাঈ, আল-কুবৰা (৭৮৬৭), ইবনে মাজাহ (৩৮৪৩), আৰু ছহীহ ছুনান ইবনে মাজাহত শ্বাইখ আলবানীয়ে হাছান বুলি কৈছে (২/৩২৭), আৰু ইবনে মাজাৰ শব্দ হৈছেঃ ((আল্লাহৰ ওচৰত উপকাৰী জ্ঞান বিচৰা, আৰু অনুপকাৰী জ্ঞানৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা))।
১১৪- "আল্লা-হুম্মা ৰাব্বাচ্ছামাৱাতিছ-ছাবয়ি‘, অৰাব্বাল্-আৰ্জ, অৰাব্বাল্-আৰ্শ্বিল্-আযীম, ৰাব্বানা অৰাব্বা কুল্লি শ্বাই, ফা-লিকাল্-হাব্বি অন্-নাৱা, অমুন্ঝিলাত্-তাওৰাতি অল্-ইঞ্জীলি অল্-ফুৰ্ক্বান, আ‘উজু বিকা মিন্ শ্বাৰ্ৰি কুল্লি শ্বাই, আন্তা আ-খিযুম্ বিনাচিয়াতিহ, আল্লা-হুম্মা আন্তাল-আওৱালু ফালাইছা ক্বাবলাকা শ্বাই’, ৱা আন্তাল্-আ-খিৰু ফালাইছা বা'দাকা শ্বাই’, ৱা আন্তাজ-যাহিৰু ফালাইছা ফাওক্বাকা শ্বাই’, ৱা আন্তাল্-বাতিনু ফালাইছা দূ-নাকা শ্বাই’, ইক্বজি আন্নাদ্-দাইনা, ৱা আগনিনা মিনাল্-ফাক্ৰ।"[77] অৰ্থঃ হে আল্লাহ! হে সাতখন আকাশ আৰু পৃথিৱীৰ প্ৰতিপালক, মহা আৰছৰ ৰব্ব, আমাৰ ৰব্ব, তথা সকলো বস্তুৰেই ৰব্ব, শস্য-বীজ আৰু গুটি বিদীৰ্ণকাৰী, তাওৰাত, ইঞ্জীল আৰু ফুৰক্বান অৱতীৰ্ণকাৰী! মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ প্ৰত্যেক ক্ষতিকাৰকৰ ক্ষতিৰ পৰা, যাৰ কপালৰ অগ্ৰভাগ তুমিয়েই ধাৰণকাৰী। হে আল্লাহ! তুমিয়েই প্ৰথম, তোমাৰ পূৰ্বে একো নাই। তুমিয়েই অন্ত, তোমাৰ পিছত একো নাই। তুমিয়েই সৰ্বোচ্চ, তোমাৰ ওপৰত একো নাই। তুমিয়েই আটাইতকৈ ওচৰত, তোমাতকৈ ওচৰত আন কোনো নাই। তুমি মোৰ ঋণ পৰিশোধ কৰাৰ তাওফীক দিয়া, আৰু দৰিদ্ৰতা তথা অভাৱ-অনাটনৰ পৰা অভাৱমুক্ত কৰা। [77] (মুছলিমঃ ২৭১৩, আবু হুৰাইৰা ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত হাদীছ।)
১১৫- ((আল্লা-হুম্মা আল্লিফ্ বাইনা কুলূবিনা, ৱা আছলিহ্ যা-তা বাইনিনা, অহ্দিনা ছুবুলাচ্ছালাম, অনাজ্জিনা মিনাজ যুলুমা-তি ইলান নূৰ, অজান্নিব্নাল্ ফাৱাহিশ্বা মা যাহাৰা মিন্হা অমা বাতান, অবা-ৰিক্ লানা ফী আছমা-‘ইনা, ৱা আ’বচা-ৰিনা, অকুলূবিনা, ৱা আঝৱাজিনা, অযুৰ্ৰিয়্যা-তিনা, অতুব ‘আলাইনা, ইন্নাকা আন্তাত্ তাওৱাবুৰ ৰাহীম, অজ‘আলনা শ্বা’কিৰীনা লিনি‘আমিক, মুছ্নীনা বিহা ‘আলাইক, কাবিলীনা লাহা, ৱা আতমিমহা ‘আলাইনা))[78]. অৰ্থঃ হে আল্লাহ! আমাৰ হৃদয়সমূহৰ মাজত বন্ধন সৃষ্টি কৰি দিয়া, আমাৰ পৰস্পৰৰ মাজৰ সম্পৰ্কক সংশোধন কৰি দিয়া, আমাক শান্তিৰ পথত পৰিচালিত কৰা, আৰু আমাক অন্ধকাৰৰ পৰা মুক্ত কৰি পোহৰলৈ নিয়া। লগতে আমাক প্ৰকাশ্য আৰু অপ্ৰকাশ্য সকলো প্ৰকাৰ অশ্লীলতা আঁতৰাই ৰাখা। আমাৰ শ্ৰৱণশক্তি, দৃষ্টিশক্তি, অন্তৰসমূহ, আমাৰ স্ত্ৰীসকল আৰু সন্তান-সন্ততিসকলৰ মাজত বৰকত দিয়া। লগতে আমাৰ তাওবা কবুল কৰা, নিশ্চয় তুমি অত্যন্ত তাওবা কবুলকাৰী, পৰম দয়ালু। হে আল্লাহ! তুমি আমাক তোমাৰ নিআমতসমূহৰ কৃতজ্ঞতা স্বীকাৰকাৰী আৰু এইবোৰৰ বাবে তোমাৰ প্ৰশংসাকাৰী বনাই দিয়া, লগতে এই নিআমতবোৰ আমাৰ ওপৰত সম্পূৰ্ণ কৰি দিয়া। [78] আবু দাউদ (হাদীছ নং ৯৬৯), হাকিম, আৰু শব্দবোৰ তেওঁৰেই (১/২৬৫), আৰু তেওঁ কৈছে: “মুছলিমৰ চৰ্ত অনুযায়ী ছহীহ”, যাহাবীয়েও একমত (১/২৬), আৰু আলবানীয়ে ছহীহ আদাবুল মুফৰাদত (হাদীছ নং ৬৩০) ছহীহ বুলি কৈছে।
১১৬- ((আল্লা-হুম্মা ইন্নী আছআলুকা খাইৰাল মাছআলাহ, অখাইৰাদ্ দুআ', অখাইৰান্ নাজাহ, অখাইৰাল আমাল, অখাইৰাছ ছাৱাব, অখাইৰাল হায়াত, অখাইৰাল মামাত, অছাব্বিতনী, অছাক্কিল্ মাৱাঝীনি, অহাক্কিক্ব ঈমানী, অৰফা' দাৰাজা-তী, অতাক্বাব্বাল্ চালাতী, অগ্ফিৰ খাতী-আতী, ৱা আছআলুকাদ্ দাৰাজা-তিল উ’লা মিনাল জান্নাহ। আল্লাহুম্মা ইন্নী আছআলুকা ফাতা-তিহাল খাইৰ, অখাৱা-তিমাহু, অজাৱা-মিআহু, অআওৱালাহু, অজা-হিৰাহু, অবা-তিনাহু, অদ্দাৰাজা-তিল উলা মিনাল জান্নাতি আমীন। আল্লাহুম্মা ইন্নী আছআলুকা খায়ৰা মা আ-তী, অখায়ৰা মা আফ‘আল, অখায়ৰা মা আ‘মাল, অখায়ৰা মা বাতান, অখায়ৰা মা জাহাৰ, অদ্দাৰাজা-তিল উলা মিনাল জান্নাতি আমীন। আল্লাহুম্মা ইন্নী আছআলুকা আন তাৰফাআ জিকৰী, অতাযাআ ৱিঝৰী, অতুচলিহা আমৰী, অতুত্বাহ্হিৰা ক্বালবী, অতুহাচ্ছিনা ফাৰজী, অতুনাওৱিৰা ক্বালবী, অতাগফিৰা লী জাম্বী, ৱা আছআলুকাদ্ দাৰাজা-তিল উলা মিনাল জান্নাতি আমীন। আল্লাহুম্মা ইন্নী আছআলুকা আন তুবাৰিকা ফী নাফ্ছী, অফী ছাম‘য়ী, অফী বাচাৰী, অফী ৰূহী, অফী খালকী, অফী খুলুকী, অফী আহ্লী, অফী মাহ্ইয়া-ইয়া, অফী মামাতী, অফী আমালী, ফাতাকাব্বাল হাছানা-তী, ৱা আছআলুকাদ্ দাৰাজা-তিল উলা মিনাল জান্নাহ, আমীন।))[79] অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত তাওফীক কামনা কৰোঁ, উত্তম প্ৰাৰ্থনাৰ, উত্তম দুআৰ, উত্তম সফলতাৰ, উত্তম কৰ্মৰ, উত্তম প্ৰতিদানৰ, উত্তম জীৱন আৰু উত্তম মৃত্যুৰ। মোক (ঈমানৰ ওপৰত) দৃঢ়তা প্ৰদান কৰা, মোৰ নেকীসমূহৰ ওজন বৃদ্ধি কৰা, মোৰ ঈমান বাস্তৱায়িত কৰা, মোৰ মৰ্যাদা উন্নীত কৰি দিয়া, মোৰ নামাজ কবুল কৰা, মোৰ ভুল-ত্ৰুটিসমূহ ক্ষমা কৰা। লগতে মই তোমাৰ ওচৰত জান্নাতৰ সৰ্বোচ্চ মৰ্যাদা বিচাৰিছোঁ। হে আল্লাহ! মই তোমাৰ ওচৰত কল্যাণৰ আৰম্ভণি, ইয়াৰ পৰিসমাপ্তি, ইয়াৰ সামগ্ৰিকতা, ইয়াৰ প্ৰথম, ইয়াৰ প্ৰকাশ্য আৰু অপ্ৰকাশ্য দিশৰ বাবে প্ৰাৰ্থনা কৰোঁ, আৰু জান্নাতৰ সৰ্বোচ্চ মৰ্যাদা কামনা কৰোঁ। আমীন। হে আল্লাহ! মই যি লাভ কৰিছোঁ তোমাৰ ওচৰত সেইবোৰৰ কল্যাণ প্ৰাৰ্থনা কৰোঁ, লগতে কৰ্মৰ কল্যাণ, আচৰণৰ কল্যাণ, লগতে মোৰ প্ৰকাশ্য আৰু অপ্ৰকাশ্য দিশৰ কল্যাণ প্ৰাৰ্থনা কৰোঁ, আৰু জান্নাতৰ সৰ্বোচ্চ মৰ্যাদা কামনা কৰোঁ। আমীন। হে আল্লাহ! মই তোমাৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে, তুমি মোৰ সন্মান বৃদ্ধি কৰা, মোৰ পাপৰ বোজা আঁতৰাই দিয়া, মোৰ সকলো কাম সংস্কাৰ কৰি দিয়া, মোৰ অন্তৰ পৱিত্ৰ কৰি দিয়া, মোৰ লজ্জাস্থানৰ হেফাজত কৰা, মোৰ অন্তৰ আলোকিত কৰি দিয়া, আৰু মোৰ গুনাহ ক্ষমা কৰি দিয়া। লগতে মই তোমাৰ ওচৰত জান্নাতৰ সৰ্বোচ্চ মৰ্যাদা বিচাৰোঁ। আমীন। হে আল্লাহ! মই তোমাৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে, তুমি মোৰ আত্মাত, মোৰ শ্ৰৱণশক্তিত, মোৰ দৃষ্টি শক্তিত, মোৰ প্ৰাণত, মোৰ গঠনত, মোৰ আচৰণত, মোৰ পৰিয়ালত, মোৰ জীৱনত, মোৰ মৃত্যুত আৰু মোৰ কৰ্মৰাজীত বৰকত দিয়া। (হে আল্লাহ) তুমি মোৰ সৎকৰ্মবোৰ কবূল কৰা। (হে আল্লাহ) মই তোমাৰ ওচৰত জান্নাতৰ সৰ্বোচ্চ মৰ্যাদা বিচাৰোঁ। আমীন। [79] হাকিম, উম্মে ছালামাৰ পৰা মাৰফু হিচাপে বৰ্ণিত (১/৫২০), তেওঁ ইয়াক ছহীহ বুলি কৈছে আৰু যাহাবীয়েও তেওঁৰ লগত একমত পোষণ কৰিছে (১/৫২০); বাইহাকী, আদ-দা'ৱাত (হাদীছ নং ২২৫); তাবৰানী, আল-কাবীৰ (২৩/৩২৬, হাদীছ নং ৭১৭)।
১১৭- "আল্লা-হুম্মা জান্নিব্নী মুনকাৰা-তিল আখ্লা-ক্ব, অল আহ্ৱা, অল আ‘মা-ল, অল আদ্ৱা।"[80] অর্থ: হে আল্লাহ! মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ নিন্দনীয় চৰিত্ৰৰ পৰা, প্ৰবৃত্তিৰ বেয়া কামনা-বাসনা আৰু বেয়া কৰ্মৰ পৰা, আৰু বেয়া বেমাৰ-আজাৰৰ পৰা। [80] হাকিম (১/৫২৩), তেওঁ আৰু কৈছে: ((মুছলিমৰ চৰ্ত অনুযায়ী হাদীছটো ছহীহ)), জাহাবীয়েও একমত পোষণ কৰিছে (১/৫৩২), তাবৰানীয়ে আল-মু'জামুল কাবীৰত বৰ্ণনা কৰিছে (১৯/১৯, হাদীছ নং ৩৬), জিলালুল জান্নাতত আলবানীয়ে ছহীহ বুলি কৈছে (১৩)।
১১৮- "আল্লা-হুম্মা কান্নি‘নী বিমা ৰাঝাক্তানী, অবাৰিক লী ফীহ, অখ্লুফ ‘আলাইয়্যা কুল্লা গা-ইবাতিন লী বিখায়ৰ।"[81] অৰ্থঃ হে আল্লাহ! তুমি মোক যি জীৱিকা দান কৰিছা, সেইখিনিতে মোক সন্তুষ্ট হোৱাৰ তাওফীক দিয়া, আৰু তাত মোৰ বাবে বৰকত দান কৰা, আৰু মই যিটো পোৱা নাই, প্ৰত্যেক উত্তম বস্তু সেইটোৰ স্থলাভিষিক্ত কৰা। [81] হাকিমে ইয়াক ছহীহ বুলি কৈছে (১/৫৩২) আৰু জাহাবীয়ে তেওঁৰ সৈতে একমত পোষণ কৰিছে (১/৫১০), বাইহাক্বীয়ে ‘আল-আদাবত’ (১০৮৪), আৰু ‘আদ-দাওৱাতুল কাবীৰত’ (২১১) ইয়াক ইবনে আব্বাছ (ৰাদ্বিয়াল্লাহু আনহুমা)ৰ পৰা বৰ্ণনা কৰিছে, আৰু হাফিজ ইবনে হাজাৰে ‘আল-ফুতুহাতুৰ ৰাব্বানিয়াত’ত ইয়াক হাছান বুলি কৈছে (৪/৩৮৩)।
১১৯- "আল্লা-হুম্মা হাছিব্নী হিছাবাঁই য়াছীৰা।"[82] অৰ্থঃ হে আল্লাহ! (কিয়ামতৰ দিনা) তুমি মোৰ সহজভাৱে হিচাপ গ্ৰহণ কৰিবা। [82] (আহমদঃ ৬/৪৮, হাকিমঃ ১/২৫৫); হাকিমে কৈছে, “মুছলিমৰ চৰ্ত অনুসৰি ছহীহ” আৰু জাহাবীয়েও সমৰ্থন কৰিছে (১/২৫৫)। আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছে, যেতিয়া তেখেতে আঁতৰি গ’ল, মই সুধিলোঁ, “হে আল্লাহৰ নবী, সহজ হিচাপ কি?” তেখেতে ক’লে, “তেওঁৰ আমলনামালৈ চাই তেওঁক ক্ষমা কৰি দিয়া। নিশ্চয় যাৰ হিচাপ সেইদিনা পুংখানুপুংখভাৱে লোৱা হ'ব, হে আঈশ্বা, সেইজন ব্যক্তি ধ্বংস হ'ব। জানি থোৱা! মুমিনক যি বিপদেই স্পৰ্শ নকৰক কিয়, আনকি এডাল কাঁইট বিন্ধিলেও, তাৰ দ্বাৰা সৰ্ব শক্তিমান আল্লাহে তাৰ পাপ মোচন কৰে।” এই বিষয়ে আল্লামা আলবানীয়ে মিশ্বকাতুল মাছাবীহত কৈছে, “ইয়াৰ ইছনাদ হৈছে উত্তম।”
১২০- “আল্লা-হুম্মা আ‘ইন্না ‘আলা যিকৰিকা, অশ্বুকৰিকা, অহুছনি ‘ইবা-দাতিক।”[83] অৰ্থঃ হে আল্লাহ! আমাক তোমাৰ স্মৰণ, কৃতজ্ঞতা-জ্ঞাপন আৰু উত্তমভাৱে তোমাৰেই ইবাদত কৰাৰ তাওফীক প্ৰদান কৰা। [83] আহমদ (২/২৯৯), হাকিম (১/৪৯৯), তেওঁ ইয়াক ছহীহ বুলি কৈছে আৰু জাহাবীয়ে তেওঁৰ সৈতে একমত পোষণ কৰিছে, আৰু হাদীছটোও তেওঁলোকে কোৱাৰ দৰেই, চাওকঃ আবু দাউদ (১৫২৪), নাছায়ী আল-কুবৰা (৯৯৭৩), ছহীহ আদাবুল মুফৰাদত শ্বাইখ আলবানীয়ে ছহীহ বুলি কৈছে (৫৩৪)।
১২১- "আল্লা-হুম্মা ইন্নী আছআলুকা ঈমানাল লা য়াৰতাদ্দু, অনায়ীমাল লা য়ানফাদ, অমুৰা-ফাকাতা মুহাম্মাদ্ -চাল্লাল্লাহু ‘আলাইহি অছাল্লামা- ফী আ‘লা জান্নাতিল খুল্দ"[84]। অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত এনেকুৱা ঈমান প্ৰাৰ্থনা কৰোঁ, যিটো কেতিয়াও পৰিবৰ্তন নহয়, এনেকুৱা নিআ‘মত বিচাৰোঁ যিটো কেতিয়াও শেষ নহ'ব, লগতে চিৰস্থায়ী জান্নাতৰ সৰ্বোচ্চ স্থানত মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সাহচৰ্য্য বিচাৰোঁ। [84] ইবনে হিব্বান (২৪৩৬), আহমদ (১/৩৮৬, ৪০০), নাছাঈ ‘আমালুল য়াওমি অল লাইলাহ (৮৬৯), আৰু ছিলছিলা ছহীহাত শ্বাইখ আলবানীয়ে হাছান বুলি কৈছে (২৩০১)।
১২২- "আল্লা-হুম্মা ক্বিনী শ্বাৰ্ৰা নাফ্ছি, অ‘ঝিম্ লী ‘আলা আৰশ্বাদী আম্রী, আল্লা-হুম্মাগ ফিৰলী মা আছৰাৰ্তু, অমা আ‘লান্তু, অমা আখতা'তু, অমা ‘আমাদ্তু, অমা ‘আলিম্তু, অমা জাহিল্তু।" [85] অৰ্থঃ হে আল্লাহ! তুমি মোক ৰক্ষা কৰা, মোৰ আত্মাৰ অনিষ্টৰ পৰা, লগতে মোক অটল ৰখা আটাইতকৈ সঠিক পথৰ ওপৰত। হে আল্লাহ! তুমি মোক ক্ষমা কৰি দিয়া, যিটো গুনাহ মই গোপনে কৰিছোঁ আৰু যি মই প্ৰকাশ্যভাৱে কৰিছোঁ, লগতে যি মই ভুলবশতঃ কৰিছোঁ আৰু যি মই ইচ্ছাকৃতভাৱে কৰিছে, এইদৰে যি মই জানি বুজি কৰিছোঁ, আৰু যি মই অজানিতে কৰিছোঁ। [85] নাছাঈ আল-কুবৰা (৬/২৪৬, ১০৮৩০), হাকিম (১/৫১০) আৰু তেওঁ ইয়াক ছহীহ বুলি কৈছে আৰু যাহাবীয়েও সমৰ্থন কৰিছে, আহমদ (৪/৪৪৪), আৰু এইটো মুছনাদ মুহাক্কাকত আছে (৩৩/১৯৭, ১৯৯৯২), হাফিজে ইছাবাত কৈছে: ((ইয়াৰ চনদ ছহীহ)), আৰু তাখৰীজ ৰিয়াযুছ ছালিহীনত ১৪৯৫ নং হাদীছৰ ওপৰত কৰা টোকাত শ্বাইখ আলবানীয়ে ইয়াক ছহীহ বুলি কৈছে।
১২৩- "আল্লা-হুম্মা ইন্নি আউজু বিকা মিন গালাবাতিত দাইন, অগালাবাতিল আদুউ, অশ্বামা-তাতিল আ'দা।"[86] অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত ঋণৰ বোজা, শত্ৰুৰ প্ৰাধান্য, আৰু শত্ৰুৰ আনন্দৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ। [86] নাছাঈ (৫৪৭৫), আহমদ (২/১৭৩), ছহীহ নাছাঈত শ্বাইখ আলবানীয়ে ছহীহ বুলি কৈছে (৩/১১১৩)।
১২৪- "আল্লা-হুম্মাগ ফিৰলী, অহদিনী, অৰঝুক্নী, ৱা ‘আফিনী, আ‘উজু বিল্লাহি মিন্ জীকিল্ মাকা-মী য়াওমাল কিয়ামাহ।"[87] অৰ্থঃ হে আল্লাহ! মোক ক্ষমা কৰি দিয়া, মোক সঠিক পথ দেখুৱা, মোক জীৱিকা দান কৰা, মোক সুস্থতা প্ৰদান কৰা। হে আল্লাহ! কিয়ামত দিৱসৰ কঠিন পৰিস্থিতিৰ পৰা মই তোমাৰ আশ্ৰয় বিচাৰোঁ। [87] নাছায়ী (১৬১৭), ইবনে মাজাহ (১৩৫৬), শ্বাইখ আলবানীয়ে হাদীছটোক ছহীহ ছুনান আন-নাছায়ীত (১/৩৫৬) আৰু ছহীহ ইবনে মাজাহত (১/২২৬) ছহীহ বুলি কৈছে।
১২৫- "আল্লা-হুম্মা মাত্তি'ন্নী বিছাম‘য়ী, অবাচাৰী, অজআলহুমাল ৱা-ৰিছা মিন্নী, অন চুৰনী আলা মাঁইয়াজলিমুনী, অখুজ মিনহু বিছা’ৰী।" [88] অৰ্থঃ হে আল্লাহ! মোৰ শ্ৰৱণশক্তি আৰু দৃষ্টিশক্তিৰ দ্বাৰা মোক উপকৃত কৰা, লগতে এই দুটাক মোৰ উত্তৰাধিকাৰী বনাই দিয়া, (মৃত্যু পৰ্যন্ত অটুট ৰাখা)। মোৰ প্ৰতি যিয়ে অন্যায় কৰে, তাৰ বিৰুদ্ধে তুমি মোক সহায় কৰা। লগতে তাৰ পৰা তুমি মোৰ প্ৰতিশোধ লোৱা। [88] তিৰমিজী (3681), বুখাৰীয়ে 'আল-আদাবুল মুফৰাদত উল্লেখ কৰিছে' (650), হাকিম (1/523), হাকিমে ইয়াক ছহীহ বুলি কৈছে আৰু জাহাবীয়ে তেওঁৰ সৈতে একমত পোষণ কৰিছে, আৰু শ্বাইখ আলবানীয়ে 'ছহীহ তিৰমিজীত' ইয়াক হাছান বুলি কৈছে (3/188)৷
১২৬- ((আল্লা-হুম্মা ইন্নী আছআলুকা ঈ-শ্বাতান্ নাকীয়্যাহ, অমীতাতান্ ছাৱীয়্যাহ, অমার্দ্দান গাইৰা মুখ্ঝীন অলা ফা-জিহ।))[89] অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত পৱিত্ৰ জীৱন প্ৰাৰ্থনা কৰোঁ, সঠিক মৃত্যু কামনা কৰোঁ, লগতে এনেকুৱা পৰলৌকিক প্ৰত্যাৱৰ্তন, য’ত অপমান অপদস্থ হ'বলগীয়া নহ'ব। [89] হাকিম (১/৫৪১), ঝাৱাইদ মুছনাদ আল-বাঝঝাৰ (২/৪৪২, হাদীছ নং ২১৭৭), তাবাৰানী 'আদ-দুআ (হাদীছ নং ১৪৩৫)। হাইছামীয়ে মাজমাউঝ ঝাৱায়িদত কৈছে: "তাবাৰানীৰ ইছনাদ জায়্যিদ" (১০/১৭৯)।
১২৭- আল্লা-হুম্মা লাকাল হামদু কুল্লুহু, আল্লাহুম্মা লা ক্বা-বিদা লিমা বাছাত্তা, অলা বা-ছিতা লিমা ক্বাবাজতা, অলা হা-দিয়া লিমান আজলালতা, অলা মুজিল্লা লিমান হাদাইতা, অলা মু'ত্বিয়া লিমা মানা'তা, অলা মানি'আ লিমা আ'ত্বাইতা, অলা মুক্বাৰ্ৰিবা লিমা বা'আদতা, অলা মুবা'ইদা লিমা ক্বাৰ্ৰাবতা। আল্লা-হুম্মাব্ছুত্ব আলাইনা মিন বাৰাকা-তিকা, অৰাহমাতিকা, অফাজলিকা, অৰিঝক্বিকা। আল্লাহুম্মা ইন্নী আছআলুকান নাঈমাল মুক্বীমাল্লাযী লা য়াহূলু অলা য়াঝূল। আল্লা-হুম্মা ইন্নী আছআলুকান নাঈমা ইয়াওমাল আইলাতি, অল আমনা ইয়াওমাল খাওফ। আল্লা-হুম্মা ইন্নী আয়িযুবিকা মিন শ্বাৰ্ৰি মা আ'ত্বাইতানা অশ্বাৰ্ৰি মা মানা'তানা। আল্লা-হুম্মা হাব্বিব ইলাইনাল ঈমানা অঝায়্যিনহু ফী ক্বুলূবিনা, অকাৰ্ৰিহ ইলাইনাল কুফ্ৰা অলফুছূক্বা অলইছ’ইয়ান, অজআ'লনা মিনাৰ্ৰা-শ্বিদ্বীন। আল্লাহুম্মা তাওয়াফ্ফানা মুছলিমীন, অআহয়িনা মুছলিমীন, অআলহিক্বনা বিছ্ছ্বা-লিহীন, গাইৰা খাযা-য়া অলা মাফতুনীন। আল্লা-হুম্মা ক্বা-তিলিল কাফাৰাতাল্লাযীনা ইউকাযযিযবূনা ৰুছুলাকা, অইয়াছুদ্দূনা আন ছাবীলিকা, অজআ'ল আলাইহিম ৰিজঝাকা অআযা-বাকা। আল্লা-হুম্মা ক্বা-তিল কাফাৰাতাল্লাযীনা ঊতুল কিতাবা, ইলাহাল হাক্ক, [আমীন]। [90] অৰ্থঃ হে আল্লাহ, সকলো প্ৰশংসা তোমাৰ বাবেই। হে আল্লাহ, তুমি যিটো প্ৰসাৰিত কৰা তাক কোনেও সংকুচিত কৰিব নোৱাৰে আৰু তুমি যিটো সংকুচিত কৰা তাক কোনেও প্ৰসাৰিত কৰিব নোৱাৰে। তুমি যাক পথভ্ৰষ্ট কৰা তাক কোনেও হিদায়ত দিব নোৱাৰে আৰু তুমি যাক হিদায়ত দিয়া তাক কোনেও পথভ্ৰষ্ট কৰিব নোৱাৰে। তুমি যিটোক বাধা দিয়া সেইটো কোনেও প্ৰদান কৰিব নোৱাৰে আৰু তুমি যিটো দিব বিচৰা সেইটো কোনেও ৰোধ কৰিব নোৱাৰে। তুমি যিটোক দূৰত ৰাখা তাক কোনেও ওচৰ চপাব নোৱাৰে আৰু তুমি যাক ওচৰ চপাই লোৱা তাক কোনেও দূৰ কৰিব নোৱাৰে। হে আল্লাহ, আমাৰ ওপৰত তোমাৰ বৰকত, ৰহমত, অনুগ্ৰহ আৰু ৰিযিক প্ৰসাৰিত কৰি দিয়া। হে আল্লাহ, মই তোমাৰ ওচৰত এনে স্থায়ী নিয়ামত প্ৰাৰ্থনা কৰোঁ যি কেতিয়াও পৰিৱৰ্তিত নহয় আৰু কেতিয়াও ধ্বংস নহয়। হে আল্লাহ, মই তোমাৰ ওচৰত অভাৱৰ দিনা নিয়ামত আৰু ভয়ৰ দিনা নিৰাপত্তা প্ৰাৰ্থনা কৰোঁ। হে আল্লাহ, তুমি আমাক যি প্ৰদান কৰিছা তাৰ অনিষ্টৰ পৰা আৰু যি প্ৰদান কৰা নাই তাৰ অনিষ্টৰ পৰা মই তোমাৰ ওচৰত আশ্ৰয় বিচাৰোঁ। হে আল্লাহ, ঈমানক আমাৰ ওচৰত প্ৰিয় কৰি দিয়া আৰু ইয়াক আমাৰ অন্তৰত সুশোভিত কৰি দিয়া, আৰু কুফৰ, পাপাছাৰ আৰু অবাধ্যতাক আমাৰ ওচৰত ঘৃণনীয় কৰি দিয়া, আৰু আমাক সৎপথপ্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত কৰা। হে আল্লাহ, আমাক মুছলিম অৱস্থাত মৃত্যু দিয়া আৰু মুছলিম অৱস্থাত জীয়াই ৰাখা। লগতে আমাক কোনো অপমান আৰু পৰীক্ষা অবিহনে সৎকৰ্মশীল লোকসকলৰ লগত মিলিত কৰা। হে আল্লাহ, সেইসকল কাফিৰক ধ্বংস কৰা যিসকলে তোমাৰ ৰাছুলসকলক মিছলীয়া বুলি কয় আৰু তোমাৰ পথৰ পৰা (মানুহক) বাধা দিয়ে, আৰু সিহঁতৰ ওপৰত তোমাৰ শাস্তি আৰু আজাব অৱতীৰ্ণ কৰা। হে আল্লাহ, কিতাবপ্ৰাপ্ত কাফিৰসকলক ধ্বংস কৰা, হে সত্য ইলাহ [আমীন]। [90] আহমদৰ একেই শব্দত, ৩/৪২৪, আৰু ২৪/২৪৬, নং ১৫৪৯২, বন্ধনীৰ মাজত থকা অংশখিনি হাকিমৰ, ১/৫০৭, ৩/২৩-২৪, ইয়াক বুখাৰীয়ে 'আল-আদাবুল মুফৰাদত' বৰ্ণনা কৰিছে, নং ৬৯৯, আৰু শ্বাইখ আলবানীয়ে 'তাখৰীজ ফিকহুছ ছীৰাত' (পৃষ্ঠা ২৮৪), আৰু বুখাৰীৰ 'ছহীহ আদাবুল মুফৰাদত' (নং ৫৩৮, পৃষ্ঠা ২৫৯) ইয়াক ছহীহ বুলি কৈছে।
১২৮- "আল্লা-হুম্মাগ্ফিৰ লী, অৰহাম্নী, অহ্দিনী, ৱা’আ-ফিনী, অৰ্ঝুক্নী।"[91] অৰ্থঃ হে আল্লাহ! মোক ক্ষমা কৰি দিয়া, মোৰ প্ৰতি দয়া কৰা, মোক সঠিক পথ দেখুৱা, মোক আৰোগ্য দান কৰা, আৰু মোক জীৱিকা দান কৰা। [91] (মুছলিমঃ ২৬৯৬, আৰু ২৬৯৭), মুছলিমৰ অন্য এক বৰ্ণনাত আছেঃ ((এইবোৰে তোমাৰ বাবে ইহকাল আৰু পৰকাল উভয়কে একত্ৰিত কৰে)), আৰু ছুনান আবু দাউদত (৮৫০) আছেঃ ((যেতিয়া বেদুঈনজন উভতি গ’ল, তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ ((তেওঁ নিজৰ দুয়োখন হাত কল্যাণৰ দ্বাৰা পৰিপূৰ্ণ কৰি ল'লে।))
((...আৰু মোৰ অসম্পূৰ্ণতা পূৰণ কৰা, আৰু মোক উন্নত কৰা))[92]. [92] ছুনান ইবনে মাজাহ (৮৯৮), ছুনান আত-তিৰমিজী (২৮৪), ছহীহ ইবনে মাজাহ (১/১৪৮), ছহীহ আত-তিৰমিজী (১/৯০)।
১২৯- "আল্লা-হুম্মা যিদনা অলা তানকুচনা, ৱা-আক্ৰিমনা অলা তুহিন্না, ৱা-আ’ত্বিনা অলা তাহৰিমনা, ৱা-আছিৰনা অলা তু’ছিৰ আলাইনা, ৱা-আৰদ্বিনা অৰদ্ব' আন্না।"[93] অৰ্থঃ হে আল্লাহ! তুমি আমাক বৃদ্ধি কৰা, হ্ৰাস নকৰিবা। আমাক সন্মানিত কৰা, অপমানিত নকৰিবা। আমাক প্ৰদান কৰা, বঞ্চিত নকৰিবা। আমাক প্ৰাধান্য দিয়া, আমাৰ ওপৰত আনক প্ৰাধান্য নিদিবা। তুমি আমাক সন্তুষ্ট কৰি দিয়া আৰু আমাৰ প্ৰতিও সন্তুষ্ট হৈ যোৱা। [93] তিৰমিজী (৫/৩২৬, ৩১৭৩), হাকিমেও (২/৯৮) ইয়াক ছহীহ বুলি কৈছে, আৰু শ্বাইখ আব্দুল কাদিৰ আল-আৰনাঊতে জামেউল উছূলৰ তাহক্বীকত ইয়াক হাছান বুলি কৈছে (১১/২৮২, ৮৮৪৭)।
১৩০- "আল্লা-হুম্মা আহ্ছান্তা খাল্কী, ফা আহ্ছিন খুলুকী।"[94] অৰ্থঃ হে আল্লাহ! তুমি মোক সুন্দৰ আকৃতিত সৃষ্টি কৰিছা, সেয়ে তুমি মোৰ আচাৰ-আচৰণো সুন্দৰ কৰি দিয়া। [94] আহমদ (৬/৬৮, ১৫৫, ১/৪০৩), ইবনে হিব্বান (২৪২৩ – মাৱাৰিদ), তায়ালিছী (৩৭৪), মুছনাদ আবু ইয়া’লা (৫০৭৫), ইৰৱাউল গালীলত শ্বাইখ আলবানীয়ে ছহীহ বুলি কৈছে (১/১১৫, ৭৪)
১৩১- "আল্লা-হুম্মা ছাব্বিতনী অজআ'লনী হা-দীয়ান মাহদিয়্যা।"[95] অৰ্থঃ হে আল্লাহ! তুমি মোক (সত্যৰ ওপৰত) অটল ৰাখা, আৰু মোক এজন হিদায়তপ্ৰাপ্ত পথপ্ৰদর্শক বনাই দিয়া। [95] ইয়াৰ দলীল হৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জাৰীৰ ৰাদ্বিয়াল্লাহু আনহুৰ বাবে কৰা দুআ। চাওকঃ বুখাৰী, হাদীছ নং ৬৩৩৩, আৰু লগতে ৩০২০, ৩০৩৬, আৰু অন্যান্য।
১৩২- "আল্লা-হুম্মা ইন্নী আছআলুকাছ-ছাবা-তা ফিল-আম্ৰ, অল-আঝীমাতা আলাৰ-ৰুশ্বদ, ৱা আছআলুকা মূজিবা-তি ৰাহ্মাতিক, ৱা আঝা-ইমা মাগ্ফিৰাতিক, ৱা আছআলুকা শ্বুক্ৰা নি'মাতিক, ৱা হুছনা ইবাদাতিক, ৱা আছআলুকা ক্বলবান ছালীমা, ৱা লিছা-নান চাদিক্বা, ৱা আছআলুকা মিন খাইৰি মা তা'লাম, ৱা আ'ঊযু বিকা মিন শ্বাৰ্ৰি মা তা'লাম, ৱা আছতাগফিৰুকা লিমা তা'লাম, ইন্নাকা আন্তা আল্লা-মুল-গুয়ূব।" [96] অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত (ধৰ্মৰ) কামত দৃঢ়তা আৰু সৎ পথত চলাৰ দৃঢ় সংকল্প বিচাৰোঁ। লগতে তোমাৰ ওচৰত সেইবোৰ বস্তু প্ৰাৰ্থনা কৰোঁ যিবোৰৰ দ্বাৰা তোমাৰ ৰহমত লাভ কৰাটো অনিবাৰ্য্য হৈ পৰে, তোমাৰ মাগফিৰাতমূলক সিদ্ধান্ত প্ৰাৰ্থনা কৰোঁ, তোমাৰ নিআমতৰ কৃতজ্ঞতা জ্ঞাপন কৰাৰ তাওফীক বিচাৰোঁ, আৰু উত্তমৰূপে তোমাৰ ইবাদত কৰাৰ তাওফীক বিচাৰোঁ। মই তোমাৰ ওচৰত এক সুস্থ অন্তৰ আৰু এক সত্যবাদী জিভা বিচাৰোঁ। মই তোমাৰ ওচৰত তুমি জনা সকলো কল্যাণ বিচাৰোঁ, তুমি জনা সকলো অনিষ্টৰ পৰা তোমাৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ, আৰু তুমি জনা মোৰ (পাপ)সমূহৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰোঁ। নিশ্চয় তুমি গায়েবৰ বিষয়ে সৰ্বজ্ঞানী। [96] আহমদ (২৮/ ৩৩৮, ১৭১১৪, আৰু ২৮/ ৩৫৬, ১৭১৩৩), তিৰমিজী (৩৪০৭), তাবৰাণী (আল-মুজামুল কাবীৰত একে শব্দৰে, ৭১৩৫, ৭১৫৭, ৭১৭৫, ৭১৭৬, ৭১৭৭, ৭১৭৮, ৭১৭৯, ৭১৮০), ইবনে হিব্বান (তেওঁৰ ছহীহত, ৩/ ২১৫, ৯৩৫, আৰু ৫/ ৩১০, ১৯৭৪)৷ শুআইব আৰনাউতে ছহীহ ইবনে হিব্বানত (৫/ ৩১২) হাছান বুলি কৈছে, মুছনাদৰ মুহাক্কিকসকলে ইয়াৰ বিভিন্ন সূত্ৰৰ ভিত্তিত হাছান বুলি কৈছে (২৮/ ৩৩৮), আলবানীয়ে ছিলছিলাতুল আহাদীছ আছ-ছহীহাৰ সপ্তম খণ্ডত (৩২২৮), আৰু ছহীহ মাৱাৰিদুজ জামআনত উল্লেখ কৰিছে (২৪১৬, ২৪১৮), আৰু কৈছে: ((ছহীহ লিগাইৰিহী))।
১৩৩- ((আল্লা-হুম্মা ইন্নী আছআলুকাল-ফিৰদাউছা আ'লাল-জান্নাহ৷)) [97] অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত জান্নাতৰ সৰ্বোচ্চ স্তৰ ফিৰদাউছ প্ৰাৰ্থনা কৰোঁ। [97] এই হাদীছটোৰ পৰা সংগৃহীতঃ "...এতেকে তোমালোকে যেতিয়া আল্লাহৰ ওচৰত জান্নাত প্ৰাৰ্থনা কৰিবা, তেতিয়া ফিৰদাউছ বিচাৰিবা; কিয়নো সেইটো হৈছে জান্নাতৰ কেন্দ্ৰস্থল আৰু সৰ্বোচ্চ স্থান, ইয়াৰ ওপৰত আছে ৰহমানৰ আৰচ, আৰু ইয়াৰ পৰাই জান্নাতৰ নদীসমূহ প্ৰবাহিত হয়।" (বুখাৰী, ২৭৯০, ৭৪২৩)
১৩৪- ((আল্লা-হুম্মা জাদ্দিদিল ঈমানা ফী ক্বলবী।)) (98) অৰ্থঃ হে আল্লাহ, মোৰ হৃদয়ত ঈমান নৱীকৰণ কৰা। [98] আব্দুল্লাহ ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত হাদীছৰ পৰা সংগৃহীত, তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: নিশ্চয় তোমালোকৰ ভিতৰত থকা ঈমানো ক্ষয় হয়, যিদৰে তোমালোকে পৰিধান কৰা কাপোৰ ক্ষয় হয়। গতিকে তোমালোকে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰা, তেওঁ যেন তোমালোকৰ অন্তৰত থকা ঈমানক নবীকৰণ কৰি দিয়ে। আল-হাকিম, ১/৪, আৰু তেওঁ ইয়াক ছহীহ বুলি কৈছে, আৰু যাহাবীয়েও তেওঁৰ লগত একমত পোষণ কৰিছে। এই কথা হাইছামীয়ে মাজমাউয যাৱাইদত কৈছে (১/৫২): তাবৰানীয়ে আল-কাবীৰত ইয়াক বৰ্ণনা কৰিছে, আৰু তাবৰাণীৰ চনদ হৈছে হাছান। আৰু আলবানীয়ে ‘ছিলছিলাতুল আহাদীছ আছ-ছহীহা’ত (৪/১১৩, হাদীছ নং ১৫৮৫) ইয়াক হাছান বুলি কৈছে।
১৩৫- ((আল্লা-হুম্মা ইন্নী আ’উজু বিকা মিন চলা-তিল্লা তানফা’))[99]. অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত আশ্ৰয় বিচাৰোঁ এনেকুৱা ছালাতৰ পৰা, যিটো কোনো উপকাৰ নকৰে। ১৩৬- "আল্লা-হুম্মা ইন্নী আ'উজু বিকা মিন জা-ৰিছ-ছূ', অমিন জাওজিন তুশ্বায়্যিবুনী ক্বাবলাল মাশ্বীব, অমিন অলাদিন য়াকূনু আলাইয়্যা ৰাব্বান, অমিন মা-লিন য়াকূনু আলাইয়্যা আজা-বান, অমিন খলীলিন মা-কিৰিন আইনুহু তাৰা-নী, অক্বালবুহু য়াৰ'আ-নী; ইন ৰা'আ হাছানাতান দাফানাহা, ৱা ইজা ৰা'আ ছাইয়্যি'আতান আজা-আহা।[100]" অৰ্থঃ হে আল্লাহ! মই তোমাৰ আশ্ৰয় বিচাৰোঁ বেয়া প্ৰতিবেশীৰ পৰা, আৰু এনেকুৱা জীৱনসংগীৰ পৰা যিয়ে মোক বাৰ্ধক্য অহাৰ পূৰ্বেই বৃদ্ধ কৰি তোলে, আৰু এনেকুৱা সন্তানৰ পৰা যি মোৰ ওপৰত শাসক হৈ পৰে, আৰু এনেকুৱা সম্পদৰ পৰা যি মোৰ বাবে শাস্তিৰ কাৰণ হয়, আৰু এনেকুৱা প্ৰতাৰক বন্ধুৰ পৰা যাৰ চকুৱে মোক দেখে কিন্তু অন্তৰে মোৰ অনিষ্ট চিন্তা কৰে; যদি সি মোৰ কোনো ভাল গুণ দেখে তেন্তে সেয়া গোপন কৰে, আৰু যদি কোনো বেয়া কাম দেখে তেন্তে সেয়া প্ৰচাৰ কৰি দিয়ে। [99] আবু দাউদ (১৫৪৯), শ্বাইখ আলবানীয়ে ছহীহ ছুনান আবু দাউদত ছহীহ বুলি কৈছে, ১/৪২৪। [100] তাবৰানীয়ে "আদ্-দুআ"ত বৰ্ণনা কৰিছে, ৩/১৪২৫, নং ১৩৩৯, আৰু আলবানীয়ে "ছিলছিলাতুল আহাদীছ আচ্-ছহীহা"ত কৈছে, ৭/৩৭৭, নং ৩১৩৭: ((মই কওঁ: এই চনদটো উত্তম, ইয়াৰ সকলো বৰ্ণনাকাৰীয়েই 'আত-তাহযীব'ৰ বৰ্ণনাকাৰী...))।
১৩৭- ‘আল্লা-হুম্মা লা তুখঝিনী য়াওমাল ক্বিয়ামাহ।’ (101) অৰ্থঃ হে আল্লাহ, কিয়ামতৰ দিনা মোক লাঞ্ছিত নকৰিবা। [101] মুছনাদ আহমদ, (২৯/৫৯৬, হাঃ ১৮০৫৬), মুছনাদৰ মুহাক্কিকসকলে কৈছেঃ «ইছনাদ ছহীহ», আৰু তাবৰাণীয়ে আল-মু‘জাম আল-কাবীৰত বৰ্ণনা কৰিছে (৩/২০, হাঃ ২৫২৪) এই শব্দৰে বর্ণনা কৰিছেঃ «হে আল্লাহ, মোক কিয়ামতৰ দিনা লাঞ্ছিত নকৰিবা, আৰু সংকটৰ দিনা লাঞ্ছিত নকৰিবা»।
১৩৮- "আল্লা-হুম্মা ইন্নী আছআলুকাল মু‘আফাতা ফিদ্দুনিয়া অল আখিৰাহ।[102]" অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত ইহকাল আৰু পৰকাল উভয়ৰে শান্তি, নিৰাপত্তা আৰু সুস্থতা প্ৰাৰ্থনা কৰোঁ। [102] ইবনে মাজাহ (৩৮৫১), শ্বাইখ আলবানীয়ে ছহীহ ইবনে মাজাহ (৩/২৫৯), আৰু ছিলছিলাতুল আহাদীছ আছ-ছহীহাহত ছহীহ বুলি কৈছে (হাদীছ নং ১১৩৮)।
১৩৯- "আল্লা-হুম্মা ইন্নী আ’উজু বিকা মিন ইল্মিন লা য়ান্ফা’, ৱা আমালিন লা য়ুৰ্ফা’, অক্বালবিন লা য়াখ্শ্বা’, অক্বাওলিন লা য়ুছমা’।"[103] অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত আশ্ৰয় বিচাৰোঁ এনেকুৱা জ্ঞানৰ পৰা, যিটো কোনো উপকাৰ নকৰে, এনেকুৱা আমলৰ পৰা যিটো কবূল কৰা নহয়, এনেকুৱা অন্তৰৰ পৰা যিটো তোমাৰ ভয়ত কম্পিত নহয়, আৰু এনেকুৱা কথাৰ পৰা যিটো কবূল কৰা নহয়। [103] ইবনে হিব্বান (২৪৪০ মাৱাৰিদ), ছহীহ মাৱাৰিদুয জামআনত শ্বাইখ আলবানীয়ে ছহীহ বুলি কৈছে ২/৪৫৪, (২০৬৬)
১৪০- "আল্লা-হুম্মা ইন্নী আ'উজু বিকা মিনাল-হাম্মি অল-হাজানি, অল-আজঝি অল-কাছালি, অল-বুখলি অল-জুবনি, অদালা'ঈদ-দাইনি, অগালাবাতিৰ-ৰিজা-ল।"[104] অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ দুশ্চিন্তা আৰু দুখ-কষ্টৰ পৰা, অক্ষমতা আৰু অলসতাৰ পৰা, কৃপণতা আৰু কাপুৰুষতাৰ পৰা, ঋণৰ বোজাৰ পৰা, আৰু মানুহৰ নিৰ্যাতনৰ পৰা। [104] বুখাৰী, হাদীছ নং ৬৩৬৩, আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ ((মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ খেদমত কৰিছিলোঁ, যেতিয়াই তেখেতে ক'ৰবাত অৱতৰণ কৰিছিল। তেতিয়া মই তেখেতক সঘনাই এইদৰে কোৱা শুনিছিলোঁঃ ((আল্লা-হুম্মা ইন্নী আ’উযু বিকা...)))।
১৪১-((আল্লা-হুম্মা ইন্নি আউজুবিকা মিন আযা-বিন্না-ৰ, ৱা-আউযু বিকা মিন আযা-বিল কাব্ৰ, ৱা-আউযু বিকা মিনাল ফিতানি মা জাহাৰা মিনহা অমা বাতান, ৱা-আউযু বিকা মিন ফিতনাতিদ-দাজ্জা-ল।))[105] অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত আশ্ৰয় বিচাৰোঁ জাহান্নামৰ শাস্তিৰ পৰা, কবৰৰ শাস্তিৰ পৰা, সকলো ধৰণৰ প্ৰকাশ্য আৰু গোপন ফিতনাৰ পৰা, আৰু দাজ্জালৰ ফিতনাৰ পৰা। [105] ছহীহ মুছলিম (২৮৬৭), আৰু তাত আছে: ((তোমালোকে জাহান্নামৰ ‘আযাবৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা))..., [তোমালোকে কবৰৰ ‘আযাবৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা...] ইত্যাদি।
142-((আল্লা-হুম্মা ইন্নী আছ্আলুকা শ্বাহাদাতান ফী ছাবীলিক।)) [106] অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত তোমাৰ পথত শ্বাহাদাত (শ্বহীদী মৃত্যু) বিচাৰোঁ। (106) মুছলিম (হাদীছ নং ১৯০৯)ত বৰ্ণিত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাণীৰ পৰা উদ্ধৃতঃ "যিয়ে আন্তৰিকতাৰে সত্য মনে শ্বহীদ হোৱাটো কামনা কৰিব, আল্লাহে তেওঁক নিশ্চয় শ্বহীদৰ মৰ্যাদা দান কৰিব, যদিও তেওঁ নিজৰ বিছনাতে মৃত্যুবৰণ কৰে।"
১৪৩- "আল্লা-হুম্মাগ ফিৰলী, আল্লাহুম্মাজ ‘আলনী য়াওমাল কিয়ামাহ ফাওক্বা কাছীৰিম মিন্ খালক্বিকা মিনান না-ছ, আল্লা-হুম্মাগ ফিৰলী জাম্বী, ৱা আদখিলনী য়াওমাল কিয়ামাহ মুদখালান কাৰীমা।"[107] অৰ্থঃ হে আল্লাহ! মোক ক্ষমা কৰি দিয়া। হে আল্লাহ! কিয়ামত দিৱসত তুমি মোক তোমাৰ বহুতো মানৱ সৃষ্টিৰ ওপৰত স্থান দিয়া। হে আল্লাহ! মোৰ গুনাহ ক্ষমা কৰি দিয়া আৰু কিয়ামত দিৱসত মোক এক সন্মানজনক স্থানত প্ৰৱেশ কৰোৱা। [107] (বুখাৰীঃ ৪৩২৩, মুছলিমঃ ২৪৯৮, এইটো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উবাইদ আবি আমিৰৰ বাবে কৰা দুআ, আৰু আবু বুৰদাহ ৰাদ্বিয়াল্লাহু আনহুমাৰ বাবে কৰা দুআৰ পৰা লোৱা হৈছে।)
১৪৪- "আল্লা-হুম্মাহদিনী ফীমান হাদাইতা, ৱা আ-ফিনী ফীমান আ’-ফাইতা, অতাৱাল্লানী ফীমান তাৱাল্লাইতা, অবা-ৰিক লী ফীমা আ’তাইতা, অক্বিনী শ্বাৰ্ৰা মা ক্বাজাইতা, ইন্নাহু লা য়াজিল্লু মান ওৱালাইতা, তাবা-ৰাকতা ৰাব্বানা অতাআ-লাইতা।" [108] অৰ্থঃ হে আল্লাহ! আপুনি যিসকলক হিদায়ত প্ৰদান কৰিছে, তেওঁলোকৰ সৈতে মোকো হিদায়ত প্ৰদান কৰক। আপুনি যিসকলক সুস্থতা প্ৰদান কৰিছে তেওঁলোকৰ সৈতে মোকো সুস্থতা দান কৰক। আপুনি যিসকলৰ অভিভাৱকত্ব গ্ৰহণ কৰিছে তেওঁলোকৰ সৈতে মোকো স্থান দিয়ক। আপুনি মোক যি প্ৰদান কৰিছে তাত বৰকত দান কৰক। আপুনি যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ অনিষ্টৰ পৰা মোক ৰক্ষা কৰক। নিশ্চয় আপুনি যাক বন্ধু হিচাপে গ্ৰহণ কৰে, তেওঁ কেতিয়াও অপমানিত নহয়। হে আমাৰ প্ৰতিপালক! আপুনি বৰকতময় আৰু সৰ্বোচ্চ। [108] (মুছনাদে আহমদঃ ৩/২৪৯, ১৭২৩; মুছনাদৰ মুহাক্কিকসকলে কৈছেঃ ইয়াৰ ছনদ ছহীহ)। এই বৰ্ণনাটো চৰ্তহীন, বিতিৰৰ সৈতে সীমাবদ্ধ নহয়, যিদৰে অন্য বৰ্ণনাত আহিছে। সেয়েহে এই বৰ্ণনাত আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ ((তেওঁ আমাক এই দুআটো শিকাইছিল...))।
১৪৫- "ৰাব্বিগ ফিৰলী খত্বীআতী ইয়াওমাদ্দীন।" [109] অৰ্থাৎ হে মোৰ প্ৰতিপালক! তুমি মোক কিয়ামতৰ দিনা মোৰ অপৰাধ ক্ষমা কৰি দিয়া। [109] মুছলিম, হাদীছ নং ২১৪, নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা হ’লঃ হে আল্লাহৰ ৰাছুল! ইবনু জুদআনে অজ্ঞতা যুগত চিলা ৰহমী কৰিছিল (আত্মীয়তাৰ বন্ধন অটুট ৰাখিছিল), দুখীয়া-দৰিদ্ৰ, অভাৱীক খাদ্য খুৱাইছিল, তাৰ সেইবোৰ কৰ্ম কোনো উপকাৰত আহিবনে? তেখেতে ক'লেঃ ((নহয়, কোনো উপকাৰত নাহিব, কাৰণ সি কেতিয়াও এই কথা কোৱা নাছিল যে, হে মোৰ প্ৰতিপালক! কিয়ামতৰ দিনা তুমি মোৰ গুনাহসমূহ ক্ষমা কৰি দিবা।))
১৪৬- "আস্তাগফিৰুল্লাহাল্ ‘আযীমাল্লাজী লা ইলাহা ইল্লা হুৱাল্-হাইয়্যুল্ কাইয়্যূম, ৱা আতূবু ইলাইহি।" অৰ্থঃ মই মহান আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিছোঁ যাৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। তেওঁ চিৰঞ্জীৱ সকলো সত্তাৰ ধাৰক। মই তেওঁৰ ওচৰতেই তাওবা কৰোঁ।[110] [110] তিৰমিজী (৩৫৭৭), আলবানীয়ে ছহীহ তিৰমিজীত (৩/৪৬৯) ছহীহ বুলি কৈছে: "যিয়ে এই বাক্যটো ক’ব, আল্লাহে তেওঁক ক্ষমা কৰি দিব, যদিও তেওঁ যুদ্ধক্ষেত্ৰৰ পৰা পলায়ন কৰিছে।"
১৪৭- "আল্লা-হুম্মাগফিৰলী যাম্বী, ৱা আযহিব গইজা ক্বলবী, ৱা আ‘ইযনী মিন মুদ্বিল্লাতিল ফিতান।"[111] অৰ্থঃ হে আল্লাহ! তুমি মোৰ গুনাহ ক্ষমা কৰি দিয়া, মোৰ অন্তৰৰ ক্ৰোধ দূৰ কৰি দিয়া আৰু মোক বিভ্ৰান্তকাৰী ফিতনাৰ পৰা ৰক্ষা কৰা। [111] এই দুআটো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ বাবে কৰা দুআৰ পৰা লোৱা হৈছে: ((আল্লা-হুম্মাগফিৰ লাহা যাম্বাহা, ওৱা আযহিব গাইযা ক্বালবিহা, ওৱা আ‘ইযহা মিন মুদ্বিল্লাতিল ফিতান।)) (হে আল্লাহ! তেওঁৰ গুনাহ ক্ষমা কৰি দিয়া, তেওঁৰ অন্তৰৰ ক্ৰোধ দূৰ কৰি দিয়া আৰু তেওঁক পথভ্ৰষ্টকাৰী ফিতনাৰ পৰা ৰক্ষা কৰা।) ইবনে আছাকিৰে তেওঁৰ চনদৰ সৈতে ((আল-আৰবা‘ঈন ফী মানাকিবি উম্মাহাতিল মু’মিনীন)) নামৰ গ্ৰন্থত (পৃষ্ঠা ৮৫) আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা এইটো বৰ্ণনা কৰিছে, আৰু তেওঁ কৈছে: ((এইটো বাক্বিয়্যাহ ইবনে অলীদৰ পৰা বৰ্ণিত এটা ছহীহ হাছান হাদীছ।)) আৰু ইবনে ছুন্নীয়ে তেওঁৰ ‘আমালুল ইয়াওমি অল-লাইলাহ’ গ্ৰন্থত (হাদীছ নং ৪৫৭) ইয়াৰ সমাৰ্থক হাদীছ বৰ্ণনা কৰিছে। ইবনে ছুন্নীৰ আন এটা সংস্কৰণত ((من مضلات الفتن)) (পথভ্ৰষ্টকাৰী ফিতনাৰ পৰা) ৰ পৰিৱৰ্তে ((وأجرني من الشيطان)) (আৰু মোক চয়তানৰ পৰা ৰক্ষা কৰা) বুলি উল্লেখ আছে। আল-আলবানীৰ আদ্-দ্বা‘ঈফাহ গ্ৰন্থত (হাদীছ নং ৪২০৭) ইয়াৰ তাখৰীজ চাওক। আহমদত (হাদীছ নং ২৬৫৭৬, ৪৪/২) উম্মে ছালামা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা ইয়াৰ এটা শ্বাহিদ (সমৰ্থক) বৰ্ণনা আছে, যাৰ শব্দবোৰ হ'ল: ((তুমি কোৱা: হে আল্লাহ! নবী মুহাম্মাদৰ প্ৰতিপালক, মোৰ গুনাহ ক্ষমা কৰি দিয়া, মোৰ অন্তৰৰ ক্ৰোধ দূৰ কৰি দিয়া, আৰু যেতিয়ালৈকে আমাক জীয়াই ৰাখা, তেতিয়ালৈকে আমাক পথভ্ৰষ্টকাৰী ফিতনাৰ পৰা ৰক্ষা কৰা।)) আল-হাইছামীয়ে ‘মাজমাউয যাৱাইদ’ গ্ৰন্থত (১০/২৭) ইয়াক হাছান বুলি কৈছে। আৰু এইটো আত-ত্বাবাৰানীৰ ‘আল-মু’জামুল কবীৰ’ গ্ৰন্থত (২৩/৩৩৮, হাদীছ নং ৭৮৫) ((ما أحييتنا)) (যেতিয়ালৈকে আমাক জীয়াই ৰাখা) এই শব্দখিনি অবিহনে বৰ্ণনা কৰা হৈছে। ইয়াৰ আন এটা শ্বাহিদ উম্মে হানী ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত আছে, তেওঁ কৈছিল: “হে আল্লাহৰ ৰাছুল! মোক এটা দুআ শিকাই দিয়ক যাৰ দ্বাৰা মই দুআ কৰিব পাৰিম।” তেওঁ ক’লে: ((তুমি কোৱা: হে আল্লাহ! মোৰ গুনাহ ক্ষমা কৰি দিয়া...)) হাদীছৰ বাকী অংশ। এইটো আল-খাৰাইতিয়ে তেওঁৰ ‘ই’তিলালুল কুলূব’ (হাদীছ নং ৫২) আৰু ‘মাছাৱিউল আখলাক’ (হাদীছ নং ৩২৩) গ্ৰন্থত বৰ্ণনা কৰিছে।
১৪৮- "আল্লা-হুম্মা আহ্য়িনী ‘আলা ছুন্নাতি নাবিয়্যিকা চাল্লাল্লাহু ‘আলাইহি অছাল্লাম, অতাৱাফ্ফানী ‘আলা মিল্লাতিহি, ৱা আ‘ইজ্নী মিন মুদিল্লাতিল্ ফিতান।"[112] অৰ্থঃ হে আল্লাহ! তুমি মোক তোমাৰ নবী ছাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নতৰ ওপৰত জীৱিত ৰাখা, তেওঁৰ মিল্লতৰ ওপৰত মৃত্যু দান কৰা আৰু মোক পথভ্ৰষ্টকাৰী ফিতনাসমূহৰ পৰা ৰক্ষা কৰা। [112] ইয়াক বাইহাক্বীয়ে তেওঁৰ 'আল-কুবৰা'ত (৫/৯৫) ইবনে ওমৰ (ৰাদ্বিয়াল্লাহু আনহুমা)ৰ পৰা মওকূফ হিচাপে বৰ্ণিত এটা দুআ সংকলন কৰিছে। ইবনে আল-মুলাক্কিনে তেওঁৰ 'আল-বদৰ আল-মুনিৰ'ত (৬/৩০৯) ইয়াক উল্লেখ কৰিছে আৰু আদ-দিয়াৰ উদ্ধৃতিৰে কৈছে: "ইয়াৰ ইছনাদ (বৰ্ণনাৰ সূত্ৰ) উত্তম।" ইবনে মাছউদ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে: "তোমালোকৰ কোনেও যেন এইদৰে নকয়: ‘হে আল্লাহ, মই তোমাৰ ওচৰত ফিতনাৰ পৰা আশ্ৰয় বিচাৰোঁ’, কাৰণ এনে কোনো ব্যক্তি নাই যি কোনো ফিতনাত জড়িত নহয়; কিয়নো আল্লাহ তাআলাই কৈছে: ‘নিশ্চয় তোমালোকৰ ধন-সম্পদ আৰু সন্তান-সন্ততি এক ফিতনা (পৰীক্ষা) স্বৰূপ’ [ছুৰা আত-তাগাবুন: ১৫]। গতিকে তোমালোকৰ মাজৰ যিয়েই আশ্ৰয় বিচাৰিব, তেওঁ যেন বিপথগামী কৰা ফিতনাবোৰৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় বিচাৰে।" ইয়াক ইবনে জৰীৰে তেওঁৰ তাফছীৰত (১৩/৪৭৫, বৰ্ণনা নং ১৫৯১২) সংকলন কৰিছে, আৰু ইবনে বাত্তালেও তেওঁৰ 'ছহীহ বুখাৰী'ৰ ব্যাখ্যা গ্ৰন্থত (৪/১৩) ইয়াৰ উল্লেখ কৰিছে।
১৪৯- আল্লা-হম্মা চল্লি আলা মুহাম্মদ, ৱা আলা আলি মুহাম্মদ, কামা চাল্লাইতা আলা ইব্ৰাহীম, ৱা আলা আলি ইব্ৰাহীম, ইন্নাকা হামীদুম মাজীদ। আল্লা-হম্মা বা-ৰিক আলা মুহাম্মদ, ৱা আলা আলি মুহাম্মদ, কামা বা-ৰাকতা আলা ইব্ৰাহীম, ৱা আলা আলি ইব্ৰাহীম, ফিল আ-লামীন, ইন্নাকা হামীদুম মাজীদ। [113] অৰ্থঃ “হে আল্লাহ! মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেওঁৰ বংশধৰসকলৰ ওপৰত ৰহমত অৱতীৰ্ণ কৰা, যেনেকৈ ৰহমত অৱতীৰ্ণ কৰিছিলা ইব্ৰাহীম আলাইহিচ্ছালাম আৰু তেওঁৰ বংশধৰসকলৰ ওপৰত। নিশ্চয় তুমি প্ৰশংসনীয় আৰু সন্মানীয়। হে আল্লাহ! বৰকত অৱতীৰ্ণ কৰা মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেওঁৰ বংশধৰসকলৰ ওপৰত, যেনেকৈ বৰকত অৱতীৰ্ণ কৰিছিলা ইব্ৰাহীম আলাইহিচ্ছালাম আৰু তেওঁৰ বংশধৰসকলৰ ওপৰত। সমগ্ৰ বিশ্বজগতত নিশ্চয় তুমি প্ৰশংসনীয় আৰু সন্মানীয়।” [113] (বুখাৰীঃ ৩৩৭০, আৰু বন্ধনীৰ মাজৰ অংশটো মুছলিমৰ পৰাঃ ৪০৫)
সকলো ধৰণৰ প্ৰশংসা বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ বাবে, তেওঁৰ মহিমা আৰু বিশাল আধিপত্যৰ বাবে যিদৰে প্ৰশংসা শোভনীয়। হে আল্লাহ, তুমি দৰূদ আৰু ছালাম বৰ্ষণ কৰক আমাৰ নবী মুহাম্মদৰ ওপৰত, আৰু তেখেতৰ পৰিয়ালবৰ্গ আৰু চাহাবাসকলৰ ওপৰত, লগতে কিয়ামত দিৱস পৰ্যন্ত এহছানৰ সৈতে তেওঁলোকক অনুসৰণ কৰা লোকসকলৰ ওপৰত।
জৰাফুঁকাৰ দ্বাৰা চিকিৎসা
কোৰআন আৰু হাদীছৰ পৰা সংগৃহীত
মহান আল্লাহৰ মুখাপেক্ষী
ড. ছাঈদ বিন আলী বিন অহাফ আল-কাহত্বানী
(আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত।
ভূমিকা: কোৰআন আৰু হাদীছৰ আলোকত চিকিৎসাৰ গুৰুত্ব৷
নিশ্চয় সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে, আমি তেওঁৰেই প্ৰশংসা কৰোঁ, তেওঁৰ ওচৰতেই সহায় আৰু ক্ষমা প্ৰাৰ্থনা কৰোঁ; আৰু আমি আমাৰ নফছৰ সকলো প্ৰকাৰ কুমন্ত্ৰণা আৰু আমাৰ সকলো প্ৰকাৰ বেয়া আমলৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় বিচাৰোঁ। আল্লাহে যাক হিদায়ত দিয়ে, তাক কোনেও পথভ্ৰষ্ট কৰিব নোৱাৰে; আৰু তেওঁ যাক পথভ্ৰষ্ট কৰে, তাক কোনেও হিদায়ত দিব নোৱাৰে। মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। মই আৰু সাক্ষ্য দিওঁ যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে তেওঁৰ বান্দা আৰু ৰাছুল। দৰূদ আৰু ছালাম বৰ্ষিত হওক তেখেতৰ ওপৰত, তেখেতৰ পৰিয়ালবৰ্গ, তেখেতৰ চাহাবাসকল আৰু কিয়ামত দিৱসলৈকে যিসকলে ইহছানৰ সৈতে তেওঁলোকৰ অনুসৰণ কৰিব, তেওঁলোকৰ সকলোৰে ওপৰত। ইয়াৰ পাছত:
এতেকে ইয়াত কোনো ধৰণৰ সন্দেহ নাই যে, পৱিত্ৰ কোৰআনৰ জৰিয়তে আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা প্ৰমাণিত ৰুকিয়াৰ দ্বাৰা কৰা চিকিৎসা হৈছে এক উপকাৰী চিকিৎসা আৰু এইটো হৈছে পূৰ্ণাংগ আৰোগ্য লাভৰ উপায়। সৰ্বশক্তিমান আল্লাহে কৈছেঃ "কোৱা, ‘এইখন মুমিনসকলৰ বাবে হিদায়ত আৰু প্ৰতিকাৰ’।" (ছুৰা হা-মীম ছাজদাহ: ৪৪) পৱিত্ৰ মহান আল্লাহে আৰু কৈছেঃ "আৰু আমি কোৰআন অৱতীৰ্ণ কৰিছোঁ, যিখন মুমিনসকলৰ বাবে আৰোগ্য আৰু ৰহমত, কিন্তু ই যালিমসকলৰ ক্ষতিহে বৃদ্ধি কৰে।" (ছুৰা আল-ইছৰাঃ ৮২) আৰু ইয়াৰ দ্বাৰা সম্পূৰ্ণ কোৰআনকে বুজোৱা হৈছে; কিয়নো সম্পূৰ্ণ কোৰআনেই হৈছে আৰোগ্য, যিদৰে পূৰ্বৱৰ্তী আয়াতত কোৱা হৈছে[1], এইদৰে সৰ্বশক্তিমান আল্লাহে কৈছে: "হে মানৱ! তোমালোকৰ প্ৰতি তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা উপদেশ আৰু অন্তৰত যি (ব্যাধি) আছে তাৰ প্ৰতিষেধক লগতে মুমিনসকলৰ বাবে হিদায়ত আৰু ৰহমত আহিছে।" (ছুৰা ইউনুছঃ ৫৭) [1] আল-জাৱাব আল-কাফী লিমান ছাআলা আনিদ দ্দাৱা আশ্ব-শ্বাফী, ইবনুল কাইয়্যিমঃ পৃঃ ২০।
এতেকে কোৰআন হৈছে অন্তৰ আৰু শৰীৰৰ সকলো ৰোগৰ, লগতে ইহকাল আৰু পৰকালৰ সমস্ত ৰোগৰ পূৰ্ণাঙ্গ প্ৰতিকাৰ। কিন্তু কোৰআনৰ জৰিয়তে আৰোগ্য লাভ কৰাৰ বাবে সকলোকে যোগ্যতা আৰু তাওফীক প্ৰদান কৰা নহয়। যেতিয়া কোনো ৰোগীয়ে সত্যতা, ঈমান, পূৰ্ণ গ্ৰহণযোগ্যতা, দৃঢ় বিশ্বাস আৰু ইয়াৰ চৰ্তসমূহ পূৰণ কৰি কোৰআনৰ দ্বাৰা উত্তমৰূপে চিকিৎসা কৰে, তেন্তে কোনো ৰোগেই তাক প্ৰতিৰোধ কৰিব নোৱাৰে। আকাশ আৰু পৃথিৱীৰ প্ৰতিপালকৰ সেই কালামক ৰোগ-ব্যাধিয়ে কেনেকৈ প্ৰতিৰোধ কৰিব পাৰে, যিটো যদি পাহাৰৰ ওপৰত অৱতীৰ্ণ হ’লহেঁতেন তেন্তে সেয়া চূৰ্ণ-বিচূৰ্ণ হৈ গ’লহেঁতেন, অথবা পৃথিৱীৰ ওপৰত অৱতীৰ্ণ হ’লে খণ্ড-বিখণ্ড কৰি দিলেহেঁতেন। এতেকে অন্তৰ আৰু শৰীৰৰ এনে কোনো ৰোগ নাই, যাৰ চিকিৎসা, কাৰণ আৰু তাৰ পৰা ৰক্ষা পোৱাৰ উপায়ৰ বিষয়ে কোৰআনত পথ-প্ৰদৰ্শন কৰা হোৱা নাই; অৱশ্যে এইটো সেইজনৰ বাবেহে, যাক আল্লাহে তেওঁৰ কিতাবৰ জ্ঞান দান কৰিছে। মহান আল্লাহে কোৰআনত অন্তৰ আৰু শৰীৰৰ ৰোগসমূহৰ বিষয়ে, লগতে অন্তৰ আৰু শৰীৰৰ চিকিৎসাৰ বিষয়েও উল্লেখ কৰিছেঃ
অন্তৰৰ ব্যাধিসমূহ হৈছে দুই প্ৰকাৰৰ: সন্দেহ আৰু সংশয়ৰ ব্যাধি, আৰু কামনা-বাসনা তথা বিপথগামীতাৰ ব্যাধি। পৱিত্ৰ সত্তা মহান আল্লাহে অন্তৰৰ ব্যাধিসমূহ বিশদভাৱে উল্লেখ কৰাৰ লগতে এইবোৰৰ কাৰণ আৰু প্ৰতিকাৰো বৰ্ণনা কৰিছে। [2] মহান আল্লাহে কৈছে: "এইটো সিহঁতৰ বাবে যথেষ্ট নহয়নে যে, আমি তোমাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছোঁ, যিখন সিহঁতৰ ওচৰত পাঠ কৰা হয়। নিশ্চয় ইয়াত অনুগ্ৰহ আৰু উপদেশ আছে সেই সম্প্ৰদায়ৰ বাবে, যিসকলে ঈমান পোষণ কৰে।" (ছুৰা আনকাবুত: ৫১) আল্লামা ইবনুল কাইয়্যিম ৰাহিমাহুল্লাহে কৈছেঃ “যাক কোৰআনে আৰোগ্য দান নকৰে, আল্লাহেও তেওঁক আৰোগ্য দান নকৰে; আৰু যাৰ বাবে কোৰআন যথেষ্ট নহয়, আল্লাহেও যাতে তাক পৰ্যাপ্ত তাওফীক নিদিয়ে।”[3] [2] (যাদুল মাআদ ইবনুল কাইয়্যিমঃ ৪/৬, ৪/৩৫২) [3] (যাদুল মা'আদঃ ৪/৩৫২)
আৰু শাৰীৰিক ৰোগসমূহৰ ক্ষেত্ৰত, কোৰআনে ইয়াৰ চিকিৎসাৰ মূলনীতি, ভিত্তি আৰু নিয়মসমূহৰ বিষয়ে পথ প্ৰদৰ্শন কৰিছে। কাৰণ মহাগ্রন্থ আল-কোৰআনত শাৰীৰিক চিকিৎসাৰ সকলো নীতি-নিয়ম সন্নিবিষ্ট আছে আৰু সেইবোৰ হৈছে তিনি প্ৰকাৰ: স্বাস্থ্য ৰক্ষা কৰা, ক্ষতিকাৰক বস্তুৰ পৰা পৰহেজ কৰা, আৰু দেহৰ পৰা ক্ষতিকাৰক আৰু দূষিত পদাৰ্থ বাহিৰ কৰা। এই মূলনীতিসমূহৰ পৰাই এই ধৰণৰ বাকী সকলো বিষয়ৰ বাবে পথ-প্ৰদৰ্শন লোৱা হয়।[4] [4] (যাদুল মাআদঃ ৪/৩৫২, ৪/৬)
বান্দাই যদি কোৰআনৰ দ্বাৰা উত্তমৰূপে চিকিৎসা কৰিলেহেঁতেন, তেন্তে দ্ৰুত শ্বিফা লাভত ইয়াৰ আচৰিত প্ৰভাৱ দেখিবলৈ পালেহেঁতেন।
ইমাম ইবনুল কাইয়্যিম ৰাহিমাহুল্লাহে কৈছে: "মক্কাত থকাৰ সময়ত এবাৰ মই অসুস্থ হৈ পৰিছিলোঁ, কিন্তু তাত মই কোনো চিকিৎসক বা ঔষধ বিচাৰি পোৱা নাছিলোঁ। ফলত মই ছুৰা ফাতিহাৰ জৰিয়তে নিজৰ চিকিৎসা কৰিবলৈ ল'লোঁ, আৰু মই ইয়াৰ এক আচৰিত প্ৰভাৱ দেখিবলৈ পালোঁ। মই এঢোক যমযম পানী লৈ তাৰ ওপৰত বাৰে বাৰে (ছুৰা ফাতিহা) পাঠ কৰিছিলোঁ, তাৰ পিছত সেয়া পান কৰিছিলোঁ। এইদৰে মই সম্পূৰ্ণ আৰোগ্য লাভ কৰিছিলোঁ। ইয়াৰ পিছত মই বহুতো বিষ-যন্ত্ৰণাৰ ক্ষেত্ৰত এই পদ্ধতিটোৰ ওপৰতেই নিৰ্ভৰ কৰিবলৈ ধৰিলোঁ, আৰু ইয়াৰ পৰা মই যথেষ্ট উপকাৰ পাইছিলোঁ। সেয়ে মই যিকোনো বিষত আক্ৰান্ত ব্যক্তিক ইয়াৰেই পৰামৰ্শ দিছিলোঁ, ফলত তেওঁলোকৰ বহুতেই অতি সোনকালে আৰোগ্য লাভ কৰিছিল।[5]" [5] চাওকঃ যাদুল মাআদ, ৪/১৭৮, আৰু আল-জাৱাবুল কাফী, ২১।
এইদৰে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা প্ৰমাণিত ৰুকিয়াৰ দ্বাৰা চিকিৎসা কৰাটো হৈছে আটাইতকৈ উপকাৰী ঔষধসমূহৰ অন্যতম। এইদৰে দুআ, যদি সেয়া গ্ৰহণযোগ্য হোৱাত কোনো বাধা নাথাকে, তেন্তে ই হৈছে অনিষ্ট দূৰ কৰাৰ আৰু আকাংক্ষিত বস্তু লাভ কৰাৰ আটাইতকৈ উপকাৰী উপায়। সেয়েহে এইটো আটাইতকৈ উপকাৰী ঔষধসমূহৰ অন্যতম, বিশেষকৈ যেতিয়া ইয়াক একনিষ্ঠভাৱে বাৰে বাৰে কৰা হয়। এইটো হৈছে বিপদ-আপদৰ শত্ৰু, ই বিপদক প্ৰতিৰোধ কৰে আৰু তাৰ চিকিৎসা কৰে, লগতে বিপদ অৱতীৰ্ণ হোৱাত বাধা দিয়ে, নাইবা অৱতীৰ্ণ হোৱাৰ পিছত তাক লাঘৱ কৰে[6]; কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ «যি অৱতীৰ্ণ হৈছে আৰু যি এতিয়াও অৱতীৰ্ণ হোৱা নাই, দুআই উভয় ক্ষেত্ৰতে উপকাৰ দিয়ে। এতেকে হে আল্লাহৰ বান্দাসকল! তোমালোকে দুআক অৱশ্যেই পালন কৰিবা।»[7]؛ লগতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই কথাও কৈছেঃ "কেৱল দুআৰ দ্বাৰাহে ভাগ্য পৰিবৰ্তন হয়, আৰু কেৱল সৎকৰ্মইহে আয়ুস বৃদ্ধি কৰে।"[8], কিন্তু ইয়াত এটা বিষয় লক্ষ্যণীয় যে, যিবোৰ আয়াত, যিকৰ, দুআ আৰু আশ্ৰয় প্ৰাৰ্থনাৰ জৰিয়তে আৰোগ্য বিচৰা হয় আৰু ৰুকিয়া কৰা হয়, সেইবোৰ নিজে নিজেই উপকাৰী আৰু আৰোগ্যকাৰী। কিন্তু এইবোৰৰ বাবে ৰোগীৰ গ্ৰহণযোগ্যতাৰ লগতে ৰুকিয়া কৰাজনৰ শক্তি আৰু প্ৰভাৱৰো প্ৰয়োজন হয়। এতেকে যেতিয়া আৰোগ্য লাভ নহয়, তেতিয়া ইয়াৰ কাৰণ হয় ৰুকিয়া কৰাজনৰ প্ৰভাৱৰ দুৰ্বলতা, অথবা ৰোগীৰ গ্ৰহণযোগ্যতাৰ অভাৱ, অথবা তাৰ মাজত থকা কোনো শক্তিশালী প্ৰতিবন্ধক, যিয়ে ঔষধক কাৰ্যকৰী হোৱাত বাধা দিয়ে। কিয়নো ৰুকিয়াৰ দ্বাৰা কৰা চিকিৎসা দুটা বিষয়ৰ ওপৰত নিৰ্ভৰ কৰেঃ [6] আল-জাৱাব আল-কাফী (২২-২৫) [7] (তিৰমিজীঃ ৩৫৪৮, হাকিমঃ ১/৬৭০, আহমদঃ ২২০৪৪, আৰু আলবানীয়ে ইয়াক হাছান বুলি কৈছে। চাওক: ছহীহ আল-জামে, ৩/১৫১, হাদীছ নং ৩৪০৩।) [8] হাকিম (১/৬৭০), তিৰমিজী (২১৩৯), আৰু আলবানীয়ে ছিলছিলাতুল আহাদীছ আছ-ছহীহাত হাদীছটোক হাছান বুলি কৈছে, ১/৭৬, হাদীছ নং ১৫৪।
প্ৰথমটো হৈছে বেমাৰীৰ ফালৰ পৰা। তেওঁ নিজৰ ইচ্ছাশক্তি মজবুত ৰাখিব লাগিব, আন্তৰিকতাৰ সৈতে আল্লাহ তাআলাৰ প্ৰতি মনোনিবেশ কৰিব লাগিব, লগতে এই বিষয়ে দৃঢ় বিশ্বাস ৰাখিব লাগিব যে, কোৰআন হৈছে মুমিনসকলৰ বাবে আৰোগ্য আৰু ৰহমত। ইয়াৰ উপৰিও হৃদয় আৰু জিভাৰ দ্বাৰা সঠিকভাৱে আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিব লাগিব; কিয়নো এইটো হৈছে এক প্ৰকাৰৰ যুদ্ধ, আৰু এজন যোদ্ধাই তেওঁৰ শত্ৰুৰ বিৰুদ্ধে কেৱল দুটা বিষয়ৰ দ্বাৰাহে বিজয় লাভ কৰিব পাৰেঃ
অস্ত্ৰ হ'ব লাগিব উন্নতমানৰ তথা কাৰ্যকৰী, আৰু বাহু শক্তিশালী হ'ব লাগিব। এই দুটাৰ এটা যদি নাথাকে তেন্তে কেৱল অস্ত্ৰৰ দ্বাৰা কোনো উপকাৰ নহ'ব। আনহাতে দুয়োটাৰ এটাও যদি নাথাকে: তেতিয়া হৃদয়খন তাওহীদ, আল্লাহৰ প্ৰতি ভৰসা, তাক্বৱা আৰু আন্তৰিক দিক নিৰ্দেশনাৰ পৰা শূণ্য হৈ পৰে, আৰু তাৰ কোনো অস্ত্ৰ নাথাকে।
দ্বিতীয়ঃ কোৰআন আৰু ছুন্নাহৰ দ্বাৰা চিকিৎসা কৰা। চিকিৎসকৰ মাজতো এই দুটা বৈশিষ্ট্য থকাটো অনিবাৰ্য্য[9]; এইকাৰণেই ইবনুত্তীন ৰাহিমাহুল্লাহে কৈছেঃ ((মুআউবিজাত (আশ্ৰয় প্ৰাৰ্থনামূলক ছুৰাসমূহ) আৰু আল্লাহৰ অন্যান্য নামৰ দ্বাৰা জৰাফুঁকা কৰাটোৱেই হৈছে আধ্যাত্মিক চিকিৎসা। যেতিয়া এইটো আল্লাহৰ সৎকর্মপৰায়ণ বান্দাসকলৰ জিভাৰে উচ্চাৰিত হয়, তেতিয়া মহান আল্লাহৰ অনুমতিক্রমে আৰোগ্য লাভ হয়।))[10] [9] দ্ৰষ্টব্যঃ জাদুল মা'আদ (৪/৬৮), আৰু আল-জাৱাবুল কাফী (পৃষ্ঠা ২১)। [10] (ফাতহুল বাৰী, ইবনে হাজৰঃ ১০/১৯৬)
উলামাসকলে তিনিটা চৰ্তৰে ৰুকিয়াৰ বৈধতাৰ ওপৰত ঐকমত্য পোষণ কৰিছে:
প্ৰথম চৰ্তটো হৈছে, মহান আল্লাহৰ বাণীৰে জঁৰাফুকা কৰিব, নাইবা তেওঁৰ নাম আৰু গুণাৱলীৰ দ্বাৰা, অথবা তেওঁৰ ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লাম)-ৰ বাণীৰ দ্বাৰা প্ৰমাণিত আজকাৰৰ দ্বাৰা হ’ব লাগিব।
দ্বিতীয় চৰ্ত: আৰবী ভাষাত হ’ব লাগিব, অথবা এনে কোনো ভাষাত হ’ব লাগিব যাৰ অৰ্থ জনা যায়।
তৃতীয় চৰ্তঃ এই বিশ্বাস পোষণ কৰিব লাগিব যে, জৰাফুঁকাই নিজে কোনো প্ৰভাৱ পেলাব নোৱাৰে; বৰং ই আল্লাহ তাআলাৰ ক্ষমতাৰ দ্বাৰাহে কাৰ্যকৰী হয়।[11] জৰাফুঁকা হৈছে কেৱল এটা মাধ্যমহে মাত্র। [11] চাওক ফাতহুল বাৰী, ১০/১৯৫, আৰু ফাতাৱা ইবনে বাজ, ২/৩৮৪।
ইয়াৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি, মই মোৰ কিতাপ ‘আয-যিকৰ, অদ-দুআ, অল-ইলাজ বিৰ ৰুক্বা মিনাল কিতাবি অচ্ছুন্নাহ’ৰ পৰা ৰুকিয়া সম্পৰ্কীয় অধ্যায়টো সংক্ষিপ্ত আকাৰত প্ৰস্তুত কৰিছোঁ। ইন শ্বা আল্লাহ, ইয়াত কিছুমান উপকাৰী বিষয়ো সংযোগ কৰিছোঁ। মই মহান আল্লাহৰ ওচৰত তেওঁৰ সুন্দৰ নামসমূহ আৰু তেওঁৰ মহৎ গুণাৱলীৰ জৰিয়তে দুআ কৰোঁ, তেওঁ যেন ইয়াক একমাত্ৰ তেওঁৰ সন্তুষ্টিৰ বাবে কবূল কৰে, আৰু ইয়াৰ দ্বাৰা মোক উপকৃত কৰে, লগতে যিসকলে এইখন পঢ়িব, ছপা কৰিব বা প্ৰচাৰৰ কাৰণ হ'ব, তেওঁলোকৰ লগতে সকলো মুছলমানকে যেন ইয়াৰ দ্বাৰা উপকৃত কৰে। নিশ্চয় তেওঁ (ছুবহানাহু অতাআলা) হৈছে ইয়াৰ অভিভাৱক আৰু ইয়াৰ ওপৰত তেৱেঁই ক্ষমতাৱান। আল্লাহৰ তৰফৰ পৰা দৰূদ, ছালাম আৰু বৰকত অৱতীৰ্ণ হওক আমাৰ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম, তেখেতৰ পৰিয়াল বৰ্গ, তেখেতৰ চাহাবাসকল আৰু সেইসকল লোকৰ ওপৰত, যিসকলে কিয়ামত দিৱস পর্যন্ত নিষ্ঠাৰে সৈতে তেওঁলোকৰ অনুসৰণ কৰিব।
মহান আল্লাহৰ মুখাপেক্ষী
ড. ছাঈদ বিন আলী বিন অহাফ আল-ক্বাহতানী
১৮/৬/১৪১৪ হিজৰী।
1- যাদুৰ চিকিৎসা।
যাদুৰ ঐশী চিকিৎসা দুই ভাগত বিভক্তঃ
প্ৰথমঃ যিবোৰ পদ্ধতিৰ দ্বাৰা যাদুৰ পৰা আগতীয়াকৈ ৰক্ষা পাব পাৰি:
১- সকলো ওৱাজিব পালন কৰা, সকলো হাৰাম ত্যাগ কৰা, আৰু সকলো পাপকৰ্মৰ পৰা তাওবা কৰা।
২- বেছি বেছি কোৰআন তিলাৱত কৰা, যাতে প্ৰতিদিনে ইয়াৰ পৰা এটা নিৰ্ধাৰিত অংশ পাঠ কৰা হয়।
৩- চৰীয়ত সন্মত দুআ, জিকৰ-আজকাৰ পাঠ কৰা আৰু আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা। উদাহৰণস্বৰূপেঃ পুৱা গধূলি তিনিবাৰকৈ এই দুআটো পাঠ কৰা- “বিছমিল্লা-হিল্লাযী লা য়াজুৰ্ৰু মা‘আছমিহী শ্বাইউন ফিল আৰদি অলা ফিছ ছামা-য়ি অহুৱাছ ছামী‘উল ‘আলীম।”[12] তদুপৰি প্ৰত্যেক নামাজৰ পিছত, টোপনিত যোৱাৰ আগত আৰু পুৱা গধূলি আয়াতুল কুৰ্ছী পাঠ কৰা[13]। লগতে পাঠ কৰিব লাগে: (ছুৰা ইখলাচ) ক্বুল হুৱাল্লাহু আহাদ। (কোৱা, ‘তেওঁ আল্লাহ, একক-অদ্বিতীয়,) পুৱা-গধূলি আৰু শোৱাৰ সময়ত তিনিবাৰকৈ মাওউজাতাইন (ছুৰা ফালাক্ব আৰু ছুৰা নাছ) পাঠ কৰা, আৰু দৈনিক এশবাৰ “লা ইলাহা ইল্লাল্লাহু অহদাহু লা শ্বাৰীকা লাহু, লাহুল মুলকু অলাহুল হাম্দু অহুৱা আলা কুল্লি শ্বাইয়িন কাদীৰ” পাঠ কৰা। লগতে পুৱা-গধূলিৰ আজকাৰ, নামাজৰ পিছৰ আজকাৰ, শোৱাৰ সময়ৰ আৰু টোপনিৰ পৰা সাৰ পোৱাৰ আজকাৰ, ঘৰত প্ৰৱেশ কৰা আৰু ওলোৱাৰ আজকাৰ, যান-বাহনত উঠাৰ আজকাৰ, মছজিদত প্ৰৱেশ কৰা আৰু ওলোৱাৰ আজকাৰ, শৌচালয়ত প্ৰৱেশ কৰা আৰু ওলোৱাৰ দুআ, কোনো বিপদগ্ৰস্ত ব্যক্তিক দেখি পঢ়া দুআ ইত্যাদি নিয়মিতভাৱে পালন কৰা। মই এইবোৰৰ বহুতো দুআ বিভিন্ন অৱস্থা, পৰিৱেশ, স্থান আৰু সময় অনুসৰি ((হিছনুল মুছলিম)) নামৰ গ্ৰন্থত উল্লেখ কৰিছোঁ। নিঃসন্দেহে, এইবোৰ দুআ নিয়মিত পাঠ কৰাটো হৈছে আল্লাহ তাআলাৰ অনুমতি সাপেক্ষে যাদু, কুদৃষ্টি (বদ নজৰ) আৰু জ্বিনৰ আক্ৰমণৰ পৰা ৰক্ষা পোৱাৰ অন্যতম উপায়। লগতে এইবোৰ তথা অন্যান্য বিপদ-আপদৰ দ্বাৰা আক্ৰান্ত হোৱাৰ পিছত এই দুআসমূহ হৈছে ইয়াৰ আটাইতকৈ উত্তম চিকিৎসা।[15] [12] তিৰমিজী (৩৩৩৮), আবু দাউদ (৫০৮৮), ইবনে মাজাহ (৩৮৬৯), আৰু ছহীহ ইবনে মাজাত শ্বাইখ আলবানীয়ে ছহীহ বুলি কৈছে (২/৩৩২)। [13] হাকিমে ছহীহ বুলি কৈছে আৰু জাহাবীয়ে তেওঁক সমৰ্থন কৰিছে, ১/৫৬২, আৰু আলবানীয়ে ছহীহ আত-তাৰগীব অত-তাৰহীবত ছহীহ বুলি কৈছে, ১/২৭৩, (৬৫৮)। [14] ছহীহ বুখাৰী (৪/৯৫, ৩২৯৩); ছহীহ মুছলিম (৪/২০৭১, ২৬৯১)। [15] দ্ৰষ্টব্যঃ যাদুল মাআদ, ৪/১২৬, আৰু মজমু ফাতাৱা আল্লামা ইবনে বাজ, ৩/২৭৭, তথা হিংসুক আৰু যাদুকৰৰ অনিষ্ট দূৰ কৰাৰ দহটা উপায়ৰ বাবে এই কিতাপখনৰ ‘বদ্ নজৰৰ চিকিৎসা’ৰ তৃতীয় খণ্ডটো চাওক।
৪- সম্ভৱ হ'লে ৰাতিপুৱা খালী পেটত সাতটা আজৱা খেজুৰ খাব লাগে; কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "যিয়ে ৰাতিপুৱা সাতটা আজৱা খেজুৰ খায়, সেইদিনা তাক কোনো বিষ বা যাদুৱে অনিষ্ট কৰিব নোৱাৰে।" [16], আৰু আটাইতকৈ উত্তম হৈছে মদিনাৰ দুই হাৰ্ৰাহৰ মাজৰ খেজুৰ, যিদৰে মুছলিমৰ বৰ্ণনাত উল্লেখ আছে। আমাৰ সন্মানীয় শ্বেখ, আল্লামা আব্দুল আজীজ বিন আব্দুল্লাহ ইবনে বাজ ৰাহিমাহুল্লাহৰ মতে, মদিনাৰ সকলো খেজুৰতেই এই বৈশিষ্ট্য পোৱা যায়; কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: «যিয়ে ৰাতিপুৱা মদিনাৰ দুই লাভাভূমিৰ মাজৰ[17] সাতটা খেজুৰ খায়...)) হাদীছ নং -১৮। [16] ফাতহুল- বাৰী শ্বাৰহু ছহীহিল বুখাৰী, ১০ / ২৪৭, হাদীছ নং ৫৪৪৫, আৰু মুছলিম, ৩ / ১৬১৮, হাদীছ নং ২০৪৭। [17] লা-বাতাইহা: এইটো হৈছে ‘লা-বা’ শব্দৰ দ্বিবচন, আৰু এইটো হৈছে হাৰ্ৰাহ, অৰ্থাৎ এনেকুৱা ভূমি যিটো ক'লা বিন্ধাযুক্ত শিলেৰে পৰিপূৰ্ণ, এনে লাগে যেনিবা জুইত পুৰি ক'লা হৈছে। ইয়াত এই দুটাৰ দ্বাৰা মদীনাক আৱৰি ৰখা দুখন হাৰ্ৰাহক বুজোৱা হৈছে। চাওক: আল-মুনাৱীৰ ‘ফাইজুল কাদীৰ’, ২/৫১৪। [18] মুছলিম ৩/১৬১৮, হাদীছ নং ২০৪৭।
তদুপৰি তেওঁ (ৰাহিমাহুল্লাহ)ৰ মতে, মদীনাৰ খেজুৰৰ বাহিৰেও অন্য যিকোনো সাতটা খেজুৰ ভক্ষণ কৰিলে সেই ফজীলত লাভৰ আশা কৰা যায়।
দ্বিতীয়ঃ যাদুগ্ৰস্ত হোৱাৰ পিছত যাদুৰ চিকিৎসা। ইয়াৰ কেইবাটাও প্ৰকাৰ আছেঃ
প্রথম প্ৰকাৰঃ চৰীয়তসন্মত বৈধ পদ্ধতিৰ দ্বাৰা যাদুৰ স্থান অৱগত হ'লে সেইটোক উলিয়াই নষ্ট কৰি দিয়া। যাদুগ্ৰস্থ ব্যক্তিৰ চিকিৎসাৰ বাবে এইটোৱে হৈছে আটাইতকৈ ফলপ্ৰসূ উপায়।[19] [19] দ্ৰষ্টব্য: যাদুল মাআদ, ৪/১২৪, আৰু (বুখাৰীঃ ৫৭৬৫, আৰু মুছলিমঃ ২১৮৯), আৰু মাজমূ ফাতাৱা ইবনে বাজ। ৩/২২৮।
দ্বিতীয় প্ৰকাৰঃ চৰীয়তসন্মত ৰুকিয়া, যাৰ কিছুমান তলত উল্লেখ কৰা হ'ল[20]: [20] (ফাতহুল হাক্কিল মুবীন ফী ইলাজিছ ছাৰ'য়ি ওৱাছ-ছিহৰি অল-আইন, পৃষ্ঠাঃ ১৩৮)।
প্ৰথমতেঃ সাতটা বগৰী পাত দুটা শিলৰ মাজত বা তেনে বস্তুৰে পিহি ল'ব, তাৰ পাছত গোছল কৰিব পৰা পৰিমাণৰ পানীত সেইখিনি ঢালি ল'ব আৰু তাত এইবোৰ আয়াত পঢ়িবঃ
আউজু বিল্লা-হি মিনাশ্ব শ্বাইত্বনিৰ ৰাজীম, অৰ্থঃ আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। তেওঁ চিৰঞ্জীৱ, সকলো সত্ত্বাৰ ধাৰক। তেওঁক কলাঘূমটিও স্পৰ্শ কৰিব নোৱাৰে আৰু টোপনিও নহয়। আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সকলো তেওঁৰেই। কোন আছে এনেকুৱা, যিয়ে তেওঁৰ অনুমতি অবিহনে তেওঁৰ ওচৰত চুপাৰিছ কৰিব পাৰিব? সিহঁতৰ সন্মুখত আৰু পাছত যি যি আছে সেই সকলো তেওঁ জানে; আৰু তেওঁ যি ইচ্ছা কৰে সেইখিনিৰ বাহিৰে তেওঁৰ জ্ঞানৰ একোৱেই সিহঁতে আয়ত্ত কৰিব নোৱাৰে। তেওঁৰ কুৰছী আকাশমণ্ডল আৰু পৃথিৱীক পৰিব্যপ্ত কৰি আছে; আৰু এই দুটাৰ ৰক্ষণাবেক্ষণ তেওঁৰ বাবে বোজা নহয়; আৰু তেওঁ সুউচ্চ, সুমহান। ছুৰা আল-বাক্বাৰাহঃ ২৫৫
অৰ্থঃ আৰু আমি মুছাৰ প্ৰতি অহী কৰিলোঁ যে, ‘তুমিও তোমাৰ লাখুটিডাল নিক্ষেপ কৰা’। লগে লগে সেই লাখুটিডালে (অজগৰ সাপত পৰিণত হৈ) সিহঁতে যি অলীক বস্তু বনাইছিল সেইবোৰক গিলি পেলাবলৈ ধৰিলে; ফলত সত্য প্ৰতিষ্ঠিত হ’ল আৰু সিহঁতে যি কৰিছিল সেয়া বাতিল বুলি প্ৰতিপন্ন হ’ল। এতেকে সিহঁতে তাত পৰাজিত হ’ল আৰু লাঞ্ছিত হৈ উভতি গ’ল, আৰু যাদুকৰবিলাক ছাজদাৱনত হ’ল। তেওঁলোকে ক’লে, ‘আমি ঈমান আনিলোঁ বিশ্বজগতৰ প্ৰতিপালকৰ প্ৰতি’। ‘মুছা আৰু হাৰুনৰ প্ৰতিপালকৰ প্ৰতি’। (ছুৰা আল-আৰাফঃ ১১৭-১২২)
অৰ্থঃ আৰু ফিৰআউনে (নিজৰ মন্ত্ৰীসভাক সম্বোধন কৰি) ক’লে, ‘মোৰ ওচৰলৈ সকলো সুদক্ষ যাদুকৰক উপস্থিত কৰা’। এতেকে যেতিয়া যাদুকৰসকল আহি উপস্থিত হ’ল তেতিয়া মুছাই ক’লে, ‘তোমালোকৰ যি নিক্ষেপ কৰিবলগীয়া আছে নিক্ষেপ কৰা’। ফলত যেতিয়া সিহঁতে নিক্ষেপ কৰিলে, তেতিয়া মুছাই ক’লে, ‘তোমালোকে যি লৈ আহিছা সেয়া হৈছে যাদু, নিশ্চয় আল্লাহে এইবোৰক এতিয়াই অসাৰ (বাতিল) কৰি দিব। নিশ্চয় আল্লাহে অশান্তি সৃষ্টিকাৰীসকলৰ কৰ্মক সাৰ্থক নকৰে’। আৰু আল্লাহে তেওঁৰ বাণীৰ দ্বাৰা সত্যক প্ৰতিষ্ঠিত কৰিব যদিও অপৰাধীসকলে ইয়াক অপছন্দ কৰে। (ছুৰা ইউনুছঃ ৭৯-৮২)
অৰ্থঃ সিহঁতে ক’লে, ‘হে মুছা! হ’লে তুমি আগতে নিক্ষেপ কৰা, নহ'লে প্ৰথমে আমিয়ে নিক্ষেপকাৰী হম’। মুছাই ক’লে, ‘বৰং তোমালোকেই (আগতে) নিক্ষেপ কৰা’। ফলত (সিহঁতে নিক্ষেপ কৰাৰ) লগে লগে সিহঁতৰ যাদুৰ প্ৰভাৱত মুছাৰ এনেকুৱা লাগিল যেনিবা সিহঁতৰ জৰীবোৰ আৰু লাঠিসমূহ কেৰমেৰ কৰি আছে। তেতিয়া মুছাই অন্তৰত অলপ ভীতি অনুভৱ কৰিলে। আমি ক’লোঁ, ‘তুমি ভয় নকৰিবা, নিশ্চয় তুমিয়েই জয় লাভ কৰিবা। ‘আৰু তোমাৰ সোঁ হাতত যি আছে সেয়া নিক্ষেপ কৰা, এইটোৱে সিহঁতে যি কৰিছে সেইবোৰক খাই পেলাব। সিহঁতে যি কৰিছে সেইবোৰ হৈছে কেৱল যাদুকৰৰ কৌশল; আৰু যাদুকৰ য’ৰ পৰাই নাহক কিয়, কেতিয়াও সফল নহ’ব’। ফলত যাদুকৰসকলে ছাজদাৱনত হ’ল, সিহঁতে ক’লে, ‘আমি হাৰূন আৰু মুছাৰ প্ৰতিপালকৰ প্ৰতি ঈমান আনিলোঁ’। (ছুৰা ত্বা-হাঃ ৬৫-৭০)
(আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। অৰ্থঃ কোৱা, ‘হে কাফিৰসকল ! তোমালোকে যাৰ ইবাদত কৰা, মই তাৰ ইবাদত নকৰোঁ, আৰু মই যাৰ ইবাদত কৰোঁ, তোমালোকে তেওঁৰ ইবাদতকাৰী নহয়, আৰু মই তাৰ ইবাদতকাৰী নহয়, যাৰ ইবাদত তোমালোকে কৰা। আৰু মই যাৰ ইবাদত কৰোঁ, তোমালোকে তেওঁৰ ইবাদতকাৰী নহয়, (গতিকে) তোমালোকৰ দ্বীন তোমালোকৰ বাবে, আৰু মোৰ দ্বীন মোৰ বাবে।
(আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। অৰ্থঃ কোৱা, ‘তেওঁ আল্লাহ, একক-অদ্বিতীয়, আল্লাহ অমুখাপেক্ষী। তেওঁ কাকো জন্ম দিয়া নাই আৰু তেৱোঁ (কাৰো পৰা) জন্ম লোৱা নাই, আৰু তেওঁৰ সমতুল্য কোনো নাই’।
(আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। অৰ্থঃ কোৱা, মই আশ্ৰয় বিচাৰোঁ ঊষাৰ প্ৰতিপালকৰ। তেওঁ যি সৃষ্টি কৰিছে তাৰ অনিষ্টৰ পৰা, আৰু ৰাতিৰ অন্ধকাৰৰ অনিষ্টৰ পৰা, যেতিয়া ই গভীৰ হয়, আৰু সেইসকল নাৰীৰ অনিষ্টৰ পৰা যিসকলে গাঁঠিত ফুঁ দিয়ে, আৰু হিংসুকৰ অনিষ্টৰ পৰা, যেতিয়া সি হিংসা কৰে।
(আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। অৰ্থঃ কোৱা- মই মানুহৰ প্ৰতিপালকৰ আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ (1) মানুহৰ অধিপতিৰ, (2) মানুহৰ ইলাহৰ ওচৰত, আত্মগোপনকাৰী কুমন্ত্ৰণাদাতাৰ অনিষ্টৰ পৰা, যিয়ে মানুহৰ মনত কুমন্ত্ৰণা দিয়ে, জিনৰ মাজৰ পৰা আৰু মানুহৰ মাজৰ পৰা।
এইবোৰ আয়াত পাঠ কৰি ফুঁৱাই দিয়াৰ পাছত সেই পানীৰ পৰা তিনি চলুমান পান কৰিব আৰু বাকী পানীৰে গোছল কৰিব। এইটো কৰিলে ইন শ্বা আল্লাহু তাআলা বেমাৰৰ পৰা আৰোগ্য লাভ কৰিব। যদি এইটো দুবাৰ অথবা ততোধিকবাৰ পুনৰাবৃত্তি কৰাৰ প্ৰয়োজন হয়, তেন্তে বেমাৰ দূৰ নোহোৱালৈকে কৰাত কোনো অসুবিধা নাই। এই পদ্ধতিটো বহুতবাৰ পৰীক্ষা কৰা হৈছে আৰু ইয়াৰ দ্বাৰা আল্লাহে উপকৃত কৰিছে। এইটো সেই ব্যক্তিৰ বাবেও উপকাৰী, যাক স্ত্ৰী সম্ভোগৰ পৰা বিৰত ৰখা হৈছে।[21] [21] চাওকঃ ফাতাৱা ইবনে বাজ, ৩/২৭৯, ফাতহুল মাজিদ, পৃষ্ঠা ৩৪৬, আৰু অহীদ আব্দুছ ছালামৰ ‘আচ্ছাৰিমুল বাত্তাৰ ফিত তাচাদ্দী লিচ্ছাহাৰাতি অল-আশ্বৰাৰ’, পৃষ্ঠা ১০৯-১১৭, (এই গ্ৰন্থত এটা উপকাৰী আৰু দীঘলীয়া জৰাফুঁকাৰ দুআ আছে যিটো ইন শ্বা আল্লাহ ফলপ্ৰসূ), মুছান্নাফ আব্দুৰ ৰাজ্জাক, ১১/১৩, আৰু ইবনে হাজাৰৰ ফাতহুল বাৰী, ১০/২৩৩।
দ্বিতীয়তে ছুৰা ফাতিহা, আয়াতুল কুৰছী, ছুৰা বাকাৰাৰ শেষৰ দুটা আয়াত, ছুৰা ইখলাচ, ছুৰা ফালাক্ব আৰু ছুৰা নাছ তিনিবাৰ বা তাতোকৈ অধিকবাৰ পাঠ কৰি ফুঁ দি সোঁহাতেৰে বিষৰ ঠাইখিনি মছেহ কৰা। [22] চাওকঃ বুখাৰীঃ ৫০১৬ (ফাতহুল বাৰী ৯/৬২), আৰু মুছলিমঃ ২১৯২ (৪/১৭২৩), আৰু বুখাৰী (ফাতহুল বাৰী ১০/২০৮)।
তৃতীয়ঃ আশ্রয় প্রার্থনা, জৰা-ফুঁকা আৰু গভীৰ অৰ্থপূৰ্ণ দুআসমূহ:
১- আছআলুল্লাহাল আজীম, ৰাব্বাল আৰশ্বিল আজীম, আঁইয়্যাশ্বফীক। (সাতবাৰ)[23] [23] আবু দাউদ (৩/১৮৭, হাদীছ নং ৩১০৬), তিৰমিজী (২/৪১০, হাদীছ নং ২০৮৩), শ্বাইখ আলবানীয়ে ছহীহ আল-জামে গ্ৰন্থত (৫/১৮০, ৩২২) আৰু ছহীহ ছুনান আবু দাউদত (২/২৭৬) ছহীহ বুলি কৈছে।
২- ৰোগীয়ে শৰীৰৰ যি ঠাইত বিষ অনুভৱ কৰে, সেই ঠাইত হাত ৰাখি তিনিবাৰ বিছমিল্লাহ বুলি ক’ব, আৰু সাতবাৰ এই দুআ পঢ়িবঃ আউজু বিল্লাহি অক্বুদৰাতিহি মিন শ্বাৰ্ৰি মা আজিদু ওৱা উহাজিৰ। [24] [24] (মুছলিমঃ ৪/ ১৭২৮, হাদীছ নং ২২০২)
৩- "আজহাবিল বা'ছ, ৰাব্বান্না-ছ, অশ্বফি আনতাশ্ব শ্বা-ফী, লা শ্বিফা-আ ইল্লা শ্বিফা-উক, শ্বিফা-আন লা য়ুগাদিৰু ছাক্বামা।"[25] [25] (বুখাৰী ফাতহুল বাৰীৰ সৈতে ১০/ ২০৬, নং ৫৭৫০, আৰু মুছলিমঃ ৪/১৭২১, নং ২১৯১)
৪- «আউজু বিকালিমা-তিল্লা-হিত তা-ম্মাতি, মিন কুল্লি শ্বাইত্বনিন অহা-ম্মাহ, অমিন কুল্লি ‘আইনিন লা-ম্মাহ»[26]। অৰ্থঃ মই আল্লাহৰ পূৰ্ণ বাক্যৰ জৰিয়তে আশ্ৰয় প্রার্থনা কৰোঁ, প্রত্যেক চয়তান আৰু বিষাক্ত প্রাণীৰ (অনিষ্টৰ) পৰা, আৰু প্রত্যেক বদ-নজৰৰ পৰা। [26] (বুখাৰী ফাতহুল বাৰীৰ সৈতে ৬/৪০৮, হাদীছ নং ৩৩৭১)
৫- "আউজু বিকালিমা-তিল্লা-হিত তা-ম্মাতি, মিন শ্বাৰ্ৰি মা খালাক্ব।"। [27] অৰ্থঃ মই পূৰ্ণ বাক্যৰ জৰিয়তে আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ তেওঁ যি সৃষ্টি কৰিছে তাৰ অনিষ্টৰ পৰা। [27] মুছলিম ৪/১৭২৮, নং ২৭০৯।
৬- "আ’উজু বিকালিমা-তিল্লাহিত্ তা-ম্মা-তি, মিন গাজাবিহি ওৱা ’য়িকা-বিহি, অ শ্বাৰ্ৰি ‘ইবা-দিহি, অমিন হামাজা-তিশ্ব শ্বায়াত্বী-নি, ৱা আঁই ইয়াহদুৰূ-ন।"[28] অৰ্থঃ মই পূৰ্ণ বাক্যৰ জৰিয়তে আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ; তেওঁৰ ক্ৰোধৰ পৰা, তেওঁৰ শাস্তিৰ পৰা, তেওঁৰ বান্দাসকলৰ অনিষ্টৰ পৰা, চয়তানৰ প্ৰৰোচনাৰ পৰা আৰু মোৰ ওচৰত সিহঁতৰ উপস্থিতিৰ পৰা। [28] আবু দাউদ (হাদীছ নং ৩৮৯৩), তিৰমিজী (হাদীছ নং ৩৫২৮), আৰু আলবানীয়ে ‘ছহীহ তিৰমিজী’ (৩/১৭১)-ত ইয়াক হাছান আখ্যা দিছে।
৭- "আ‘ঊজু বিকালিমা-তিল্লাহিত্ তা-ম্মা-তিল্লাতী লা ইউজাৱিঝুহুন্না বাৰ্ৰুন অলা ফা-জিৰুন, মিন শ্বাৰ্ৰি মা খালাক্ব, অবাৰাআ, অজাৰাআ, অমিন শ্বাৰ্ৰি মা ইয়ানযিলু মিনাছ্ ছামা, অমিন শ্বাৰ্ৰি মা ইয়া'ৰুজু ফীহা, অমিন শ্বাৰ্ৰি মা জাৰাআ ফিল্ আৰ্দ্বি, অমিন শ্বাৰ্ৰি মা ইয়াখ্ৰুজু মিনহা, অমিন শ্বাৰ্ৰি ফিতানিল্ লাইলি অন্ নাহাৰ, অমিন শ্বাৰ্ৰি কুল্লি ত্ব-ৰিক্বিন ইল্লা ত্ব-ৰিক্বান য়াত্ৰুক্বু বিখাইৰিন ইয়া ৰাহ্মান।" অৰ্থঃ মই আল্লাহৰ পূৰ্ণ বাক্যসমূহৰ জৰিয়তে আশ্ৰয় প্ৰাৰ্থনা কৰোঁ, যাক কোনো সৎ অথবা অসৎ লোকে অতিক্ৰম কৰিব নোৱাৰে, তেওঁ যি সৃষ্টি কৰিছে, বনাইছে আৰু বিস্তাৰ কৰিছে তাৰ অনিষ্টৰ পৰা, আৰু আকাশৰ পৰা যি নামি আহে তাৰ অনিষ্টৰ পৰা, আৰু যি ওপৰলৈ উঠি যায় তাৰ অনিষ্টৰ পৰা, আৰু পৃথিৱীত যি সৃষ্টি কৰিছে তাৰ অনিষ্টৰ পৰা, আৰু ইয়াৰ পৰা যি ওলাই আহে তাৰ অনিষ্টৰ পৰা, আৰু দিন আৰু ৰাতিৰ ফিতনাৰ অনিষ্টৰ পৰা, আৰু ৰাতি অহা প্ৰত্যেক সত্তাৰ অনিষ্টৰ পৰা, কেৱল সেইজনৰ বাহিৰে যি কল্যাণ লৈ আহে, হে পৰম কৰুণাময়।[29] [29] মুছনাদে আহমদ ৩/১১৯, হাঃ ১৫৪৬১ (ছনদ ছহীহ), ইবনুছ ছুন্নীঃ ৬৩৭, আৰু চাওক মাজমাউয যাৱাইদ ১০/১২৭, আৰু ছিলছিলা ছহীহাত শ্বাইখ আলবানীয়ে ছহীহ বুলি কৈছে (৭/১৯৬)
৮- "আল্লা-হুম্মা ৰাব্বাছ্ ছামাৱা-তিছ্ ছাব্‘ই, ৱা ৰাব্বাল্ আৰ্দ্বি, অৰাব্বাল্ ‘আৰ্শ্বিল্ ‘আযীম, ৰাব্বানা ৱা ৰাব্বা কুল্লি শ্বাই’, ফা-লিক্বাল্ হাব্বি অন্ নাৱা, ৱা মুনজিলাত্ তাওৰাতি অল্ ইঞ্জীলি অল্ কুৰআন, আ‘ঊজু বিকা মিন শ্বাৰ্ৰি কুল্লি শ্বাই’ইন আন্তা আ-খিজুন বিনাছিয়াতিহি, আন্তাল্ আওৱালু ফালাইছা ক্বাবলাকা শ্বাই’, ৱা আন্তাল্ আ-খিৰু ফালাইছা বা‘দাকা শ্বাই’, ৱা আন্তাজ্ জাহিৰু ফালাইছা ফাওক্বাকা শ্বাই’, ৱা আন্তাল্ বা-তিনু ফালাইছা দূনাকা শ্বাই’।" অৰ্থঃ হে আল্লাহ! হে সাতখন আকাশ আৰু পৃথিৱীৰ প্ৰতিপালক, মহা আৰছৰ ৰব্ব, আমাৰ ৰব্ব, তথা সকলো বস্তুৰেই ৰব্ব, শস্য-বীজ আৰু গুটি বিদীৰ্ণকাৰী, তাওৰাত, ইঞ্জীল আৰু কোৰআন অৱতীৰ্ণকাৰী! মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ প্ৰত্যেক ক্ষতিকাৰকৰ ক্ষতিৰ পৰা, যাৰ কপালৰ অগ্ৰভাগ তুমিয়েই ধাৰণকাৰী। তুমিয়েই প্ৰথম, তোমাৰ পূৰ্বে একো নাই। তুমিয়েই অন্ত, তোমাৰ পিছত একো নাই। তুমিয়েই সৰ্বোচ্চ, তোমাৰ ওপৰত একো নাই। তুমিয়েই আটাইতকৈ ওচৰত, তোমাতকৈ ওচৰত আন কোনো নাই ...»[30]। [30] মুছলিম, ৪/২০৮৪, নম্বৰ ২৭১৩।
৯- "বিছমিল্লাহি আৰকীক, মিন কুল্লি শ্বাইয়িন ইউজীক, অমিন শ্বাৰ্ৰি কুল্লি নাফছিন আও আইনিন হা-ছিদিন, আল্লাহু য়াশ্বফীক, বিছমিল্লাহি আৰক্বীক।"[31] [31] মুছলিম, আবু ছাঈদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৪ / ১৭১৮, হাদীছ নং ২১৮৬।
১০- "বিছমিল্লাহি য়ুবৰীক, অমিন কুল্লি দা-য়িন য়াশ্বফীক, অমিন শ্বাৰ্ৰি হা-ছিদিন ইযা হাছাদ, অমিন শ্বাৰ্ৰি কুল্লি যী আইন।" [32] [32] (মুছলিমঃ ২১৮৫, ৪/১৭১৮, আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বৰ্ণিত হাদীছ।)
১১- «বিছমিল্লাহি আৰকীক মিন কুল্লি শ্বাইয়িন ইউ'জীক, মিন হাছাদি হা-ছিদিন, অমিন কুল্লি যী আইনিন আল্লাহু য়াশ্বফীক»[33]। [33] ছুনান ইবনে মাজাহ, হাদীছ নং ৩৫২৭, উবাদাহ বিন চামিত ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, যাক আলবানীয়ে ‘ছহীহ ইবনে মাজাহ’ (২/২৬৮)ত ছহীহ বুলি আখ্যা দিছে।
এই দুআবোৰ আৰু জৰাফুঁকাসমূহৰ দ্বাৰা যাদু, বদ নজৰ, জিনৰ আছৰ আৰু সকলো ৰোগৰ চিকিৎসা কৰা হয়; কাৰণ এইবোৰ হৈছে মহান আল্লাহৰ অনুমতিক্রমে সামগ্ৰিক অৰ্থপূৰ্ণ আৰু উপকাৰী ৰুকিয়া (জৰাফুঁকা)।
তৃতীয়ঃ শৰীৰৰ যি স্থান বা অংগত যাদুৰ প্ৰভাৱ পৰিছে, যদি সম্ভৱ হয় তেন্তে সেই স্থানত হিজামাৰ মাধ্যমেৰে ৰোগ নিষ্কাশন কৰা। যদি সেয়া সম্ভৱ নহয়, তেন্তে আল্লাহ তাআলাৰ অনুগ্ৰহত পূৰ্বে উল্লেখ কৰা চিকিৎসাসমূহেই যথেষ্ট।[34] [34] দ্ৰষ্টব্য: যাদুল মা‘আদ, ৪/১২৫। যাদুৰ দ্বাৰা সংক্ৰমিত হোৱাৰ পিছত ইয়াৰ অন্য ধৰণৰ চিকিৎসাও আছে, যিবোৰ পৰীক্ষিত আৰু ফলপ্ৰসূ হ'লে ব্যৱহাৰ কৰাত কোনো আপত্তি নাই। দ্ৰষ্টব্য: মুছান্নাফ ইবনে আবি শ্বাইবাহ, ৭/৩৮৬-৩৮৭, ফাতহুল বাৰী, ১০/২৩৩-২৩৪, মুছান্নাফ আব্দুৰ ৰাজ্জাক, ১১/১৩, আচ্ছা-ৰিমুল বাত্তাৰ, পৃ. ১৯৪-২০০, আৰু ‘আছ-ছিহৰু হাকিকাতুহু ওৱা হুকমুহু’ লেখক ড. মুছফিৰ আদ-দুমাইনী, পৃ. ৬৪-৬৬।
চতুৰ্থ প্ৰকাৰ হৈছে: প্ৰাকৃতিক ঔষধ। এনে কিছুমান উপকাৰী প্ৰাকৃতিক ঔষধ আছে, যাৰ বিষয়ে পৱিত্ৰ কোৰআন আৰু বিশুদ্ধ ছুন্নাহত উল্লেখ পোৱা যায়। যেতিয়া কোনো ব্যক্তিয়ে দৃঢ় বিশ্বাস, সত্যনিষ্ঠা আৰু একনিষ্ঠতাৰে সেইবোৰ গ্ৰহণ কৰে, লগতে এই বিশ্বাস ৰাখে যে উপকাৰ একমাত্ৰ আল্লাহৰ তৰফৰ পৰাহে আহে, তেন্তে ইন শ্বা আল্লাহ তাআ'লা, আল্লাহে তাৰ দ্বাৰা তেওঁক উপকৃত কৰিব। ঠিক সেইদৰে গছ-গছনি আদিৰ দ্বাৰা তৈয়াৰী কিছুমান মিশ্ৰিত ঔষধো আছে, যিবোৰৰ কাৰ্যকাৰিতা অভিজ্ঞতাৰ দ্বাৰা প্ৰমাণিত। এতেকে, যেতিয়ালৈকে সেইবোৰ হাৰাম নহয়, তেতিয়ালৈকে চৰীয়তিভাৱে সেইবোৰৰ পৰা উপকাৰ গ্ৰহণ কৰাত কোনো বাধা নাই।[35] (35) ফাতহুল হাক্ব আল-মুবীন (পৃষ্ঠা ১৩৯)৷
আল্লাহ তাআলাৰ আদেশত উপকাৰী হোৱা কিছুমান প্ৰাকৃতিক চিকিৎসা হৈছেঃ মৌ[36], ক'লা জিৰা[37], জমজমৰ পানী[38], আৰু বৰষুণৰ পানী; কাৰণ মহান আল্লাহে কৈছেঃ "আৰু আকাশৰ পৰা বৰ্ষণ কৰোঁ আমি কল্যাণময় পানী।" [ছুৰা ক্বাফ: ৯] আৰু জাইতুনৰ তেল; কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে যাইতুন তেল খোৱা আৰু এই তেল শৰীৰত আৰু মূৰত সানিবা; কাৰণ এইটো হৈছে এডাল বৰকতময় গছৰ পৰা উৎপন্ন তেল।"[39] বাস্তৱিক অভিজ্ঞতা, ব্যৱহাৰ আৰু পাঠৰ জৰিয়তে এইটো প্ৰমাণিত হৈছে যে, এইটো হৈছে আটাইতকৈ উত্তম তেল।[40] এইদৰে আন কিছুমান প্ৰাকৃতিক চিকিৎসা হৈছে: গোছল কৰা, পৰিষ্কাৰ-পৰিচ্ছন্নতা অৱলম্বন কৰা, আৰু সুগন্ধি ব্যৱহাৰ কৰা।[41] [36] দ্ৰষ্টব্য: ফাতহুল হক আল-মুবীন, পৃ. ১৪০, আৰু এই গ্ৰন্থত মৌ-জোলৰ দ্বাৰা চিকিৎসাৰ বিষয়ে আলোচনা আহিব। (37) দৃষ্টব্য: ফাতহুল হাক্কিল মুবীন, পৃষ্ঠা ১৪১। এই গ্রন্থত ক’লাজিৰাৰ দ্বাৰা চিকিৎসাৰ বিষয়েও আলোচনা কৰা হ’ব। (38) দৃষ্টব্যঃ ফাৎহুল হাক্কিল মুবীন, পৃষ্ঠা ১৪৪, আৰু এই গ্ৰন্থত জমজম পানীৰ দ্বাৰা চিকিৎসাৰ বিষয়ে আলোচনা আহি আছে। [39] মুছনাদে আহমদ (৩/৪৯৭, ১৬০৫৫), তিৰমিজী (১৮৫১), ইবনে মাজাহ (৩৩১৯), ছহীহ তিৰমিজীত শ্বাইখ আলবানীয়ে ছহীহ বুলি কৈছে (২/১৬৬) [40] দ্ৰষ্টব্যঃ ফাতহুল হক আল-মুবীন ফী ইলাজ আছ-ছাৰা অছ-ছিহৰ অল-আইন, পৃ. ১৪২। [41] চাওক: পূৰ্বৱৰ্তী উৎস, পৃ. ১৪৫।
২- কুঃদৃষ্টি বা বদ নজৰৰ প্ৰতিকাৰ।
বদ নজৰৰ চিকিৎসাৰ প্ৰকাৰসমূহ
প্ৰথম প্ৰকাৰঃ আক্ৰান্ত হোৱাৰ পূৰ্বে, ইয়াৰ কেইবাটাও প্ৰকাৰ আছেঃ
১- চৰীয়ত সন্মত জিকৰ-আজকাৰ, দুআ, আৰু আশ্রয় প্ৰাৰ্থনামূলক বাক্য পাঠৰ জৰিয়তে নিজকে আৰু যাৰ ওপৰত বিপদৰ আশংকা কৰা হয় তেওঁলোকক সুৰক্ষিত ৰখা, যিদৰে যাদুৰ চিকিৎসাৰ প্ৰথম ভাগত আলোচনা কৰা হৈছে। [42] [42] চাওকঃ এই কিতাপখনত যাদুৰ চিকিৎসা সম্পৰ্কে পূৰ্বে যি আলোচনা কৰা হৈছে।
২- নিজৰ বেয়া দৃষ্টি লগাৰ আশংকা বা ভয় কৰা ব্যক্তিয়ে যেতিয়া নিজৰ, নিজৰ ধন-সম্পদ, সন্তান-সন্ততি, ভাতৃ বা অন্য কোনো মনোমোহা বস্তু দেখিব, তেতিয়া বৰকতৰ বাবে দুআ কৰিব আৰু ক'বঃ (মা শ্বা আল্লাহু লা ক্বুওৱাতা ইল্লা বিল্লাহ, আল্লাহুম্মা বাৰিক আলাইহি); যিহেতু নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যদি তোমালোকে নিজৰ ভাতৃৰ কোনো বস্তু দেখি ভাল পোৱা, তেন্তে তাৰ বাবে বৰকতৰ দুআ কৰিবা।"[43] [43] মুৱাত্তা মালিক (২/৯৩৮), ইবনে মাজাহ (২/১১৬০, নং ৩৫0৯), আহমদ (৪/৪৪৭, নং ১৫৭০০), ছহীহ ইবনে মাজাহত শ্বাইখ আলবানীয়ে ছহীহ বুলি কৈছে (২/২৬৫)। আৰু চাওকঃ ঝাদুল মাআদ (৪/১৭০), আৰু শ্বাইখ ওহীদ আব্দুচ্ছালামৰ আচ্ছা-ৰিমুল বাত্তাৰ ফিত-তাচাদ্দী লিছ-ছাহাৰাতি অল-আশ্বৰাৰ, পৃঃ ২২৯-২৫২।
৩- যাৰ ওপৰত বেয়া নজৰ লগাৰ ভয় থাকে, তেওঁৰ সৌন্দৰ্য ঢাকি ৰখা।[44] [44] শ্বাৰহুচ্ছুন্নাহ লিল-বাগাৱীঃ (১৩/১১৬), যাদুল মাআদঃ (৪/১৭৩)
দ্বিতীয় প্ৰকাৰঃ বদ-নজৰত আক্ৰান্ত হোৱাৰ পাছত চিকিৎসা আৰু ইয়াৰ প্ৰকাৰসমূহঃ
১- যাৰ বদ-নজৰ লাগিছে সেই ব্যক্তিজন যদি চিনাক্ত হয়, তেন্তে তেওঁক অজু কৰিবলৈ আদেশ দিয়া হ'ব আৰু সেই পানীৰে কুদৃষ্টিৰ দ্বাৰা আক্ৰান্ত ব্যক্তিজনে গোছল কৰিব।[45] (45) চাওকঃ ছুনান আবু দাউদ, ৪/৯, হাদীছ নং ৫০৫৬। শ্বাইখ আলবানীয়ে ছিলছিলাতুল আহাদীছ আছ-ছহীহা গ্ৰন্থত (৬/৬১) ইয়াক ছহীহ বুলি কৈছে। লগতে চাওকঃ যাদুল মাআদ, ৪/১৬৩, আৰু মুহাম্মাদ বিন শ্বায়ে' ৰচিত “আল-ৱিক্বায়াহ অল ইলাজ মিনাল কিতাবি অচ্ছুন্নাহ”, পৃষ্ঠা ১৪৪-১৪৭।
২- বেছি বেছি এইবোৰ পাঠ কৰিব লাগেঃ ছুৰা ইখলাচ। ক্বুল হুৱাল্লাহু আহাদ। ছুৰা ফালাক, ছুৰা নাছ, ছুৰা আল-ফাতিহা, আয়াতুল কুৰ্ছী, ছুৰা বাক্বাৰাৰ শেষৰ আয়াতসমূহ, আৰু জৰাফুঁকাৰ বাবে চৰীয়ত সন্মত দুআসমূহ পাঠ কৰা, লগতে ফুঁ দিয়া আৰু সোঁ হাতেৰে বিষ হোৱা ঠাইত মোহাৰি দিয়া, যিদৰে যাদুৰ চিকিৎসাৰ দ্বিতীয় পদ্ধতিৰ দফা ((জ))-ৰ ১-১১ [46] নম্বৰত উল্লেখ আছে। [46] এই কিতাপখনত যাদুৰ চিকিৎসাৰ বিষয়ে পূৰ্বতে উল্লেখ কৰা দ্বিতীয় প্ৰকাৰটো চাওক।
পানীত পাঠ কৰি ফুঁৱাই দিব, তাৰ পাছত সেই পানী ৰোগীক পান কৰাব আৰু বাকী পানী তেওঁৰ শৰীৰত ঢালি দিব।[47] অথবা তেলত পাঠ কৰি সেই তেল শৰীৰত ঘঁহিব।[48] আৰু যদি সহজলভ্য হয় তেন্তে জমজমৰ পানীত এইবোৰ পাঠ কৰাটো অধিক উত্তম, [49]নতুবা বৰষুণৰ পানীত পাঠ কৰি ফুঁৱাই দিব।[50] (47) ছুনান আবু দাউদ, ৪/১০, হাদীছ নং ৩৮৮৫, এইটো তেখেত (চাল্লাল্লাহু আলাইহি অছাল্লামে) ছাবিত ইবনে ক্বাইচৰ বাবে কৰিছিল। জঈফ আবু দাউদ গ্ৰন্থত শ্বাইখ আলবানীয়ে ইয়াক জঈফ বুলি কৈছে, হাদীছ নং ৮৩৬। [48] (মুছনাদে আহমদঃ ১৬০৫৫, ৩/৪৯৭), ছিলছিলা ছহীহাত শ্বাইখ আলবানীয়ে ছহীহ বুলি কৈছে (১/১০৮, ৩৭৯) [49] দ্ৰষ্টব্যঃ এই গ্ৰন্থত, যাদুৰ চিকিৎসাৰ চতুৰ্থ প্ৰকাৰৰ পূৰ্বৱৰ্তী আলোচনা। [50] চাওক: এই গ্ৰন্থত যাদুৰ চিকিৎসাৰ চতুৰ্থ প্ৰকাৰৰ পূৰ্বৱৰ্তী আলোচনা।
৪- অসুস্থ ব্যক্তিৰ বাবে কোৰআনৰ আয়াত লিখি, তাক ধুই সেই পানী পান কৰোৱাত কোনো অসুবিধা নাই।[51] সেইবোৰ আয়াতৰ ভিতৰত আছেঃ ছুৰা ফাতিহা, আয়াতুল কুৰছী, আৰু ছুৰা বাক্বাৰাৰ শেষৰ দুটা আয়াত, আৰু ছুৰা ইখলাচ। (কোৱা, ‘তেওঁ আল্লাহ, একক-অদ্বিতীয়,’) আৰু মাওউজাতান, আৰু যাদুৰ চিকিৎসাৰ দ্বিতীয় প্ৰকাৰৰ ১-১১ নম্বৰৰ দফা ((খ)) আৰু ((গ)) অনুসৰি জৰা-ফুঁকাৰ দুআসমূহ।[52] [51] যাদুল মা'আদ। ইবনুল কাইয়িমঃ (৪/১৭০), আৰু ফাতাৱা ইবনে তাইমিয়্যাহঃ (১৯/৬৪)৷ [52] দ্ৰষ্টব্য: এই গ্ৰন্থত যাদুৰ চিকিৎসাৰ দ্বিতীয় প্ৰকাৰ।
তৃতীয় প্ৰকাৰঃ ঈৰ্ষাকাৰীৰ কুদৃষ্টি প্ৰতিহত কৰাৰ উপায় অৱলম্বন। সেইবোৰ হৈছে নিম্নোক্ত:
১- চয়তানৰ অনিষ্টৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা।
২- পৱিত্ৰ আল্লাহৰ তাক্বৱা আৰু তেওঁৰ আদেশ-নিষেধ পালন কৰা। "আল্লাহৰ বিধি-বিধানবোৰ সংৰক্ষণ কৰিবা, তেনেহ’লে তেওঁ তোমাক সংৰক্ষণ কৰিব।"[53] [53] তিৰমিজী (২৫১৬), ছহীহ তিৰমিজীত শ্বাইখ আলবানীয়ে ছহীহ বুলি কৈছে, ২/৩০৯।
৩- হিংসুকৰ ওপৰত ধৈৰ্য্য ধাৰণ কৰা আৰু তেওঁক ক্ষমা কৰি দিয়া। তেওঁৰ লগত কাজিয়া-পেচাল নকৰা, তেওঁৰ বিৰুদ্ধে অভিযোগ নকৰা, আৰু তেওঁক কষ্ট দিয়াৰ কথা মনলৈও ননা।
৪- আল্লাহৰ ওপৰত তাৱাক্কুল কৰা, কাৰণ যিয়ে আল্লাহৰ ওপৰত তাৱাক্কুল কৰিব, তাৰ বাবে আল্লাহেই যথেষ্ট।
৫- হিংসুকক ভয় কৰিব নালাগে, আৰু তাৰ চিন্তাত নিজৰ অন্তৰক ব্যস্ত ৰাখিব নালাগে। এইটোৱেই হৈছে আটাইতকৈ ফলপ্ৰসূ চিকিৎসা।
৬- আল্লাহৰ প্ৰতি অভিমুখী হোৱা, তেওঁৰ বাবে ইখলাচ ৰখা, আৰু তেওঁৰ সন্তুষ্টি অৰ্জন কৰা।
৭- গুনাহৰ পৰা তাওবা কৰা; কাৰণ গুনাহৰ ফলত মানুহৰ ওপৰত শত্ৰুসকলৰ আধিপত্য বিস্তাৰ হয়। "আৰু তোমালোকৰ প্ৰতি যি বিপদ-আপদ আপতিত হয় সেয়া তোমালোকৰেই কৃতকৰ্মৰ পৰিণাম আৰু বহুতো অপৰাধ তেওঁ ক্ষমা কৰি দিয়ে।" (ছুৰা আশ্ব-শ্বুৰা: ৩০)
৮- যথাসম্ভৱ চাদাক্বা আৰু ইহছান কৰা; কিয়নো ইয়াৰ দ্বাৰা বিপদ-আপদ, কু-দৃষ্টি আৰু ঈৰ্ষাকাৰীৰ অনিষ্ট আচৰিতভাৱে দূৰ হয়।
৯- হিংসুক, অত্যাচাৰী আৰু কষ্ট দিয়া লোকৰ (বিদ্বেষৰ) অগ্নি তেওঁলোকৰ প্ৰতি ইহছানৰ দ্বাৰা নিৰ্বাপিত কৰা; এতেকে তেওঁলোকে আপোনাৰ প্ৰতি যিমানেই কষ্ট, অনিষ্ট, অত্যাচাৰ আৰু হিংসা বৃদ্ধি কৰিব, সিমানেই আপুনি তেওঁলোকৰ প্ৰতি ইহছান, তেওঁলোকক নছীহত আৰু তেওঁলোকৰ ওপৰত দয়া-মমতা বৃদ্ধি কৰিব। এই কামৰ বাবে কেৱল সেইজন ব্যক্তিকহে তাওফীক প্ৰদান কৰা হয়, আল্লাহৰ তৰফৰ পৰা যাৰ ভাগ্য অতি মহান।
১০- তাওহীদক বিশুদ্ধ কৰা আৰু ইয়াক কেৱল সেই পৰাক্ৰমশালী, প্ৰজ্ঞাময় আল্লাহৰ বাবে একনিষ্ঠ কৰা, যাৰ অনুমতিৰ বাহিৰে কোনো বস্তুৱে ক্ষতি বা উপকাৰ কৰিব নোৱাৰে। তেৱেঁই এই সকলোবোৰৰ মূল, আৰু এই সকলো কাৰণ তেওঁৰ ওপৰতেই নিৰ্ভৰশীল। এতেকে তাওহীদ হৈছে আল্লাহৰ মহানতম দুৰ্গ, যিয়ে তাত প্ৰৱেশ কৰিব, তেওঁ নিৰাপদসকলৰ অন্তৰ্ভুক্ত হ’ব।
এতেকে এইবোৰেই হৈছে সেই দহটা উপায়, যাৰ দ্বাৰা হিংসুক, নজৰ দিওঁতা আৰু যাদুকৰৰ অনিষ্টৰ পৰা ৰক্ষা পোৱা যায়।[54] [54] বাদা-ইউল ফাৱাইদ। ইবনুল কাইয়িমঃ (২/২৩৮-২৪৫)
৩- জিনে মানুহক আছৰ কৰাৰ চিকিৎসা।
জিনৰ দ্বাৰা আক্ৰান্ত বিকাৰগ্ৰস্ত ব্যক্তিৰ চিকিৎসা হৈছে দুই ভাগত বিভক্তঃ
প্ৰথম প্ৰকাৰঃ আক্ৰান্ত হোৱাৰ পূৰ্বেঃ
আত্মৰক্ষাৰ উপায়সমূহৰ অন্তৰ্গত হৈছে: সকলো ফৰজ আৰু ওৱাজিব পালনত অটল থকা, সকলো হাৰাম তথা নিষিদ্ধ বস্তুৰ পৰা বিৰত থকা, সকলো গুনাহৰ পৰা তাওবা কৰা, আৰু চৰীয়তসন্মত যিকিৰ, দুআ তথা আশ্ৰয়মূলক প্ৰাৰ্থনাৰ জৰিয়তে আল্লাহৰ আশ্ৰয় লোৱা।
দ্বিতীয় প্ৰকাৰঃ জিন শৰীৰত প্ৰৱেশ কৰাৰ পিছত চিকিৎসা
আক্ৰান্ত ব্যক্তিৰ ওপৰত সেইজন মুছলিমে জৰাফুঁকা কৰিব লাগে, যিয়ে মুখেৰে যি কয় সেই কথা অন্তৰেৰে বিশ্বাস কৰে, আৰু ইয়াৰ সৰ্বোত্তম চিকিৎসা হৈছে ছুৰা আল-ফাতিহা, [55] আয়াতুল কুৰ্ছী, আৰু ছুৰা আল-বাক্বাৰাৰ শেষৰ দুই আয়াতৰ দ্বাৰা জৰাফুঁকা কৰা, এইদৰে ছুৰা ইখলাচ। (ক্বুল হুৱাল্লাহু আহাদ) আৰু ছুৰা ফালাক্ব। (ক্বুল আঊজু বিৰাব্বিল ফালাক্ব) আৰু ছুৰা নাছ। (ক্বুল আঊজু বিৰাব্বিন না-ছ) ৰোগীৰ ওপৰত ফুঁ দিয়াৰ লগতে উক্ত আয়াতসমূহ তিনিবাৰ অথবা তাতোধিকবাৰ পাঠ কৰা, আৰু কোৰআনৰ অন্যান্য আয়াতসমূহো পাঠ কৰা; কিয়নো সমগ্ৰ কোৰআনতেই অন্তৰত থকা ৰোগৰ বাবে আৰোগ্য নিহিত আছে, লগতে ই মুমিনসকলৰ বাবে আৰোগ্য, হিদায়ত আৰু ৰহমতস্বৰূপ।[56] আৰু ৰুকিয়াৰ দুআসমূহ হৈছে সেইবোৰ, যিবোৰ যাদুৰ চিকিৎসাৰ দ্বিতীয় প্ৰকাৰৰ দফা ((খ)) আৰু ((গ))ত বৰ্ণনা কৰা হৈছে।[57] আৰু এই চিকিৎসাৰ ক্ষেত্ৰত দুটা বিষয় অপৰিহাৰ্যঃ (55) চাওক: ছুনান আবু দাউদ, ৪/১৩-১৪, হাদীছ নং ৩৮৯৬, আহমদ, ৫/২১০, হাদীছ নং ২১৮৩৫। শ্বাইখ আলবানীয়ে ছিলছিলাতুল আহাদীছ আছ-ছহীহা গ্ৰন্থত ছহীহ বুলি কৈছে, হাদীছ নং ২০২৮। [56] (আল-ফাতহ্ আৰ-ৰাব্বানী তাৰতীব মুছনাদ আল-ইমাম আহমদ, ১৭/১৮৩) [57] দ্ৰষ্টব্যঃ এই গ্ৰন্থৰ যাদুৰ চিকিৎসাৰ দ্বিতীয় প্ৰকাৰ।
প্ৰথমটো হৈছে ৰোগীৰ ফালৰ পৰা, য'ত তেওঁ নিজৰ ইচ্ছাশক্তি মজবুত ৰাখিব লাগিব, আন্তৰিকতাৰ সৈতে আল্লাহৰ প্ৰতি ধাবিত হ'ব লাগিব, আৰু হৃদয় আৰু জিভাৰ দ্বাৰা সঠিকভাৱে আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিব লাগিব।
দ্বিতীয় বিষয়টো হৈছে চিকিৎসকৰ, তেওঁৰ অৱস্থাও অনুৰূপ হ'ব লাগিব। [58] কিয়নো অস্ত্ৰৰ কাৰ্যকাৰীতা নিৰ্ভৰ কৰে অস্ত্ৰধাৰীৰ ওপৰত। [58] দ্ৰষ্টব্য: শ্বাইখ অহীদ আব্দুচ্ছালামৰ ‘আচ্ছা-ৰিমুল বাত্তাৰ’ গ্ৰন্থৰ ১০৯-১১৭ পৃষ্ঠা। লগতে চাওক: ‘যাদুল মা'আদ’, ৪/৬৬-৬৯; আল্লামা আব্দুল আজীজ বিন আব্দুল্লাহ বিন বাজৰ ‘ঈদ্বা-হুল হক্ ফী দুখুলিল জিন্নি বিল ইনছি অৰ ৰাদ্দু আলা মান আনকাৰা যালিক’, পৃষ্ঠা ১৪; ‘ফাতাৱা ইবনে তাইমিয়্যাহ’, ১৯/৯-৬৫, আৰু ২৪/২৭৬; মুহাম্মদ বিন শ্বা-য়েৰ ‘আল-ৱিক্বায়াহ অল ইলাজ মিনাল কিতাব অচ-ছুন্নাহ’, পৃষ্ঠা ৬৬-৬৯। লগতে চাওক: মুহাম্মদ বিন শ্বায়ে ৰচিত ‘আল-ৱিক্বায়াহ ৱাল ইলাজ’ গ্ৰন্থৰ ‘ঘৰৰ পৰা জিন খেদি পঠিওৱাৰ উপায়’ শীৰ্ষক আলোচনা, পৃষ্ঠা ৫৯; আৰু আল-আশ্বকাৰৰ ‘আলামুল জিন্নি অশ্ব শ্বায়া-ত্বীন’, পৃষ্ঠা ১৩০।
আৰু যদি জিনৰ দ্বাৰা আক্ৰান্ত ব্যক্তিৰ কাণত আজান দিয়া হয়, তেন্তে সেয়া উত্তম; কিয়নো ইয়াৰ ফলত চয়তান পলায়ন কৰে।[59] [59] (দ্ৰষ্টব্যঃ ফাতহুল হাক্ব আল-মুবীন ফী ইলাজিছ ছাৰ’য়ি অচ্ছিহৰি অল-আইন, পৃঃ ১১২, আৰু বুখাৰীঃ হাদীছ নং ৫৭৪)৷
৪- মানসিক বেমাৰৰ চিকিৎসাঃ
মানসিক ৰোগ[60] আৰু অন্তৰৰ সংকীৰ্ণতাৰ সৰ্বশ্ৰেষ্ঠ চিকিৎসা সংক্ষিপ্তভাৱে তলত উল্লেখ কৰা হ'ল: [60] এই বিষয়ে চাওক: যাদুল মা'আদ-ত ‘হৃদয় প্ৰশস্ততাৰ কাৰণসমূহ’ নামক শিৰোনাম, ২/২৩-২৮, আৰু আল্লামা আব্দুৰ ৰহমান বিন নাছিৰ আছ-ছা'দী ৰাহিমাহুল্লাহৰ ‘আল-অছাইলুল মুফীদাহ লিল-হায়াতিত্ ছা'য়ীদাহ’ গ্ৰন্থ।
১- হিদায়ত আৰু তাওহীদ। আনহাতে পথভ্ৰষ্টতা আৰু শ্বিৰ্ক হৈছে বুকুৰ সংকীৰ্ণতাৰ অন্যতম প্রধান কাৰণ।
২- নিৰ্ভেজাল ঈমানৰ নূৰ, যিটো আল্লাহে বান্দাৰ হৃদয়ত প্ৰদান কৰে, লগতে সৎ আমল।
৩- উপকাৰী জ্ঞান; কাৰণ বান্দাৰ জ্ঞান যিমানেই বিস্তৃত হয়, তেওঁৰ অন্তৰ সিমানেই প্ৰশান্ত আৰু বহল হয়।
৪- আল্লাহমুখী হোৱা আৰু তেওঁৰ প্ৰতি প্ৰত্যাৱৰ্তন কৰা, সৰ্বান্তঃকৰণেৰে তেওঁক ভালপোৱা, তেওঁৰ প্ৰতি অভিমুখী হোৱা, আৰু তেওঁৰ ইবাদতত আনন্দ লাভ কৰা।
৫. সকলো অৱস্থাতে আৰু প্ৰত্যেক স্থানতে সদায় আল্লাহক স্মৰণ কৰা। কাৰণ অন্তৰৰ প্ৰশস্ততা, অন্তৰৰ সুখ-শান্তি আৰু দুশ্চিন্তা-দুৰ্ভাবনা দূৰ কৰাৰ ক্ষেত্ৰত জিকিৰৰ এক আচৰিত প্ৰভাৱ আছে।
৬- বিভিন্ন প্ৰকাৰৰ ইহছানৰ দ্বাৰা সৃষ্টিৰ প্ৰতি উপকাৰ কৰা আৰু সম্ভৱপৰ সকলো উপায়েৰে সিহঁতৰ কল্যাণ সাধন কৰা। কিয়নো, দয়ালু আৰু উপকাৰী ব্যক্তিয়েই হৈছে আটাইতকৈ প্ৰশান্ত চিত্ত, আটাইতকৈ পৱিত্ৰ আত্মা আৰু আটাইতকৈ শান্তিপূৰ্ণ হৃদয়ৰ অধিকাৰী।
৭- সাহসিকতা, কাৰণ সাহসী ব্যক্তিৰ বক্ষ প্ৰশস্ত আৰু অন্তৰ উদাৰ হয়।
৮- অন্তৰক সেইবোৰ কলুষতা তথা নিন্দনীয় বৈশিষ্ট্যৰ পৰা পৰিষ্কাৰ কৰা, যিবোৰে অন্তৰত অশান্তি আৰু আজাবৰ সৃষ্টি কৰে; যেনে: ঈৰ্ষা, ঘৃণা, বিদ্বেষ, শত্ৰুতা, আক্ৰোশ আৰু অন্যায়-অত্যাচাৰ। এইটো প্ৰমাণিত যে, নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামক আটাইতকৈ উত্তম ব্যক্তিৰ বিষয়ে সোধা হৈছিল, তেতিয়া তেখেতে কৈছে: “প্ৰত্যেকজন নিষ্কলুষ অন্তৰৰ অধিকাৰী হৈছে সত্যবাদী ব্যক্তি।” তেতিয়া তেওঁলোকে ক’লে: ‘সত্যবাদী ব্যক্তি’ৰ বিষয়েতো আমি অৱগত, কিন্তু (مَخْمُومِ الْقَلْبِ) ‘মাখমূমুল ক্বাল্ব’নো কি? তেখেতে ক'লে: “তেওঁ হৈছে সেইজন আল্লাহভীৰু, পৱিত্ৰ ব্যক্তি, যাৰ অন্তৰত কোনো পাপ, অন্যায়, বিদ্বেষ আৰু ঈৰ্ষা নাথাকে।”[62] [61] (دَغَلُ الشَّيْءِ) অৰ্থাৎ কোনো বস্তুৰ অভ্যন্তৰত থকা এনেকুৱা দোষ, যিয়ে বস্তুটোক নষ্ট কৰি দিয়ে। [62] ইবনে মাজাহ (৪২১৬), ছহীহ ইবনে মাজাত আল্লামা আলবানীয়ে ছহীহ বুলি কৈছে (২/৪১১)।
৯- অপ্ৰয়োজনীয় দৃষ্টিপাত, অপ্ৰয়োজনীয় কথা-বতৰা, অলাগতীয়াল শ্ৰৱণ, অপ্ৰয়োজনীয় মিলা-মিচা, প্ৰয়োজনীয় নোহোৱাকৈ খোৱা-বোৱা কৰা আৰু টোপনি ত্যাগ কৰা; কিয়নো এইবোৰ ত্যাগ কৰাটো হৈছে অন্তৰৰ প্ৰশান্তি, সুখ-শান্তি আৰু ইয়াৰ দুশ্চিন্তা তথা বিষাদ দূৰ হোৱাৰ অন্যতম মাধ্যম।
১০- কোনো সৎকৰ্ম অথবা উপকাৰী জ্ঞান অৰ্জনত ব্যস্ত থকা; কিয়নো ই অন্তৰক সেইবোৰ বিষয়ৰ পৰা বিৰত ৰাখে, যিবোৰে অন্তৰক অস্থিৰ কৰি তোলে।
১১. বৰ্তমান দিনৰ কামৰ ওপৰত মনোযোগ দিয়া, লগতে ভৱিষ্যতৰ চিন্তা আৰু অতীতৰ দুখ-কষ্টৰ পৰা বিৰত থকা। এতেকে বান্দাই নিজৰ দ্বীন আৰু দুনিয়াৰ বাবে উপকাৰী কৰ্মত চেষ্টা-প্ৰচেষ্টা কৰিব, নিজৰ উদ্দেশ্যৰ সফলতাৰ বাবে প্ৰতিপালকৰ ওচৰত প্ৰাৰ্থনা কৰিব, আৰু এইক্ষেত্ৰত তেওঁৰ ওচৰত সহায় বিচাৰিব; কিয়নো ইয়াৰ জৰিয়তেহে দুশ্চিন্তা আৰু দুখ-কষ্টৰ পৰা পৰিত্ৰাণ পোৱা যায়।
১২- আৰোগ্য আৰু ইয়াৰ আনুষংগিক বিষয়ত, তথা জীৱিকা আৰু ইয়াৰ আনুষংগিক বিষয়ত, নিজতকৈ নিম্ন পৰ্যায়ৰ ব্যক্তিৰ প্ৰতি দৃষ্টিপাত কৰা, আৰু নিজতকৈ উচ্চ পৰ্যায়ৰ ব্যক্তিৰ ফালে দৃষ্টিপাত নকৰা।
১৩- অতীতৰ এনেকুৱা দুখ-কষ্টক পাহৰি যোৱা, যাক ওভোতাই অনা সম্ভৱ নহয়, আৰু সেই বিষয়ে একেবাৰেই চিন্তা নকৰা।
১৪. যেতিয়া কোনো বান্দা কোনো দুৰ্ঘটনাত পতিত হয়, তেতিয়া তেওঁৰ কৰ্তব্য হৈছে সেইটো লাঘৱ কৰিবলৈ চেষ্টা-সাধনা কৰা। ইয়াৰ উপায় হৈছে, বিষয়টোৰ শেষ পৰিণতি কিমান বেয়া হ'ব পাৰে সেইটো অনুমান কৰি লোৱা, আৰু সাধ্যানুযায়ী তাক প্ৰতিৰোধ কৰা।
১৫. মনোবল বৃদ্ধি কৰা, বেয়া চিন্তাৰ ফলত সৃষ্টি হোৱা ভ্ৰম-কল্পনাৰ প্ৰতি বিচলিত তথা আবেগিক নোহোৱা, ক্রোধ নকৰা, আৰু ভালপোৱা বস্তু হেৰুৱাৰ আশংকা বা অপ্ৰিয় ঘটনা ঘটিব বুলি আশংকা নকৰা; বৰং উপকাৰী উপায় অৱলম্বন কৰাৰ লগতে সকলো বিষয় আল্লাহৰ ওপৰত অৰ্পণ কৰা, আৰু তেওঁৰ ওচৰত ক্ষমা আৰু মংগল কামনা কৰা।
১৬- আল্লাহৰ ওপৰত আন্তৰিকভাৱে ভৰসা কৰা, তেওঁৰ ওপৰত তাৱাক্কুল কৰা, আৰু সেই মহান সত্তাৰ প্ৰতি সুধাৰণা পোষণ কৰা; কাৰণ যিয়ে আল্লাহৰ ওপৰত ভৰসা কৰে, তেওঁৰ ওপৰত ভ্ৰম আৰু নেতিবাচক চিন্তাই কোনো প্ৰভাৱ পেলাব নোৱাৰে।
১৭- জ্ঞানী ব্যক্তিয়ে জানে যে, সুখ-শান্তি আৰু পৱিত্ৰ জীৱনেই হৈছে সঠিক জীৱন, আৰু এই জীৱনটো হৈছে অতি চুটি। গতিকে এই জীৱনটোক দুশ্চিন্তা-উদ্বিগ্নতা আদি অপ্ৰয়োজনীয় বিষয়ৰ দ্বাৰা নষ্ট কৰাটো ঠিক নহয়। এইবোৰ হৈছে সঠিক জীৱনৰ পৰিপন্থী বিষয়।
১৮. যেতিয়া তেওঁ কোনো দুখ-কষ্টৰ সন্মুখীন হয়, তেতিয়া তেওঁৰ দ্বীনি অথবা দুনিয়াবী বাকী নিয়ামতসমূহক সেই দুখ-কষ্টৰ সৈতে তুলনা কৰে। এই তুলনাৰ ফলত তেওঁৰ ওচৰত এই কথা পৰিষ্কাৰ হৈ পৰে যে, তেওঁ অধিক নিয়ামতৰ মাজত আছে। এইদৰে তেওঁ নিজৰ ক্ষতি হোৱাৰ আশংকা আৰু তাৰ পৰা নিৰাপদ থকাৰ বহুতো সম্ভাৱনাৰ মাজত তুলনা কৰে। সেয়ে তেওঁ দুৰ্বল সম্ভাৱনাক বহুতো শক্তিশালী সম্ভাৱনাৰ ওপৰত প্ৰাধান্য নিদিয়ে। ইয়াৰ ফলত তেওঁৰ দুশ্চিন্তা আৰু ভয়-ভীতি দূৰ হয়।
১৯- তেওঁ এই কথা জানে যে, মানুহে দিয়া কষ্টই, বিশেষকৈ তেওঁলোকৰ বেয়া কথাবোৰে, তেওঁৰ কোনো ক্ষতি নকৰে, বৰং সিহঁতৰেই ক্ষতি কৰে। সেয়েহে তেওঁ সেইবোৰক গুৰুত্ব নিদিয়ে আৰু সেইবোৰৰ বিষয়ে নাভাবে, যাতে সেইবোৰে তেওঁক ক্ষতি কৰিব নোৱাৰে।
২০- নিজৰ চিন্তা-চৰ্চাক দ্বীন আৰু দুনিয়াৰ বাবে হিতকৰ বিষয়ত ব্যস্ত ৰাখিব লাগে।
২১. বান্দাই নিজৰ সৎকৰ্ম বা এহছানৰ বিনিময় হিচাপে কেৱল আল্লাহৰ পৰাহে কৃতজ্ঞতা আশা কৰিব লাগে। তেওঁ এই বিষয়টোক আল্লাহৰ সৈতে হোৱা এক লেনদেন বুলি জ্ঞান কৰিব লাগে। এতেকে তেওঁ যাৰ ওপৰত অনুগ্ৰহ কৰে, তাৰ পৰা কৃতজ্ঞতা কামনা কৰিব নালাগে। "আমি কেৱল আল্লাহৰ সন্তুষ্টিৰ উদ্দেশ্যেহে তোমালোকক খাদ্য প্ৰদান কৰোঁ, আমি তোমালোকৰ ওচৰত কোনো প্ৰতিদান নিবিচাৰোঁ আৰু কৃতজ্ঞতাও কামনা নকৰোঁ।" (ছুৰা দাহ্ৰ: ৯)
২২- ফলপ্ৰসূ কৰ্মবোৰক লক্ষ্য হিচাপে স্থিৰ কৰা, সেইবোৰ বাস্তৱায়নৰ বাবে কাম কৰা, আৰু ক্ষতিকাৰক কৰ্মৰ প্ৰতি মনোযোগ নিদিয়া, যাতে সেইবোৰে মন আৰু চিন্তাক ব্যস্ত কৰি নাৰাখে।
২৩. সময়মতে কাম সম্পূৰ্ণ কৰা আৰু ভৱিষ্যতৰ বাবে নিজকে ব্যস্ততামুক্ত ৰখা, যাতে ভৱিষ্যতৰ কামৰ বাবে নতুন চিন্তা আৰু কৰ্মশক্তিৰে আগবাঢ়িব পাৰি।
২৪- উপকাৰী কৰ্ম আৰু উপকাৰী জ্ঞানৰ মাজৰ পৰা অধিক গুৰুত্বপূৰ্ণটোক বাচি ল'ব লাগে, তাৰ পিছত তাতকৈ কম গুৰুত্বপূৰ্ণটোক। বিশেষকৈ সেইটো বাচি ল'ব যাৰ প্ৰতি প্ৰৱল ইচ্ছা আছে। ইয়াৰ বাবে আল্লাহৰ ওচৰত সহায় প্ৰাৰ্থনা কৰিব, তাৰ পিছত পৰামৰ্শ ল'ব। গতিকে যেতিয়া কল্যাণ নিশ্চিত হ'ব আৰু দৃঢ় সংকল্প গ্ৰহণ কৰিব, তেতিয়া আল্লাহৰ ওপৰত ভৰসা কৰিব।
২৫- আল্লাহৰ প্ৰকাশ্য আৰু অপ্ৰকাশ্য নিয়ামত সম্পৰ্কে আলোচনা কৰা; কাৰণ এইবোৰ সম্পৰ্কে জ্ঞান আৰু সেই সম্পৰ্কে আলোচনা কৰিলে দুশ্চিন্তা আৰু দুৰ্ভাৱনা দূৰ হয়, আৰু এইটোৱে বান্দাক কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ উৎসাহিত কৰে।
২৬- পত্নী, আত্মীয়, লেনদেনকাৰী আৰু আপোনাৰ সৈতে সম্পৰ্ক থকা সকলো ব্যক্তিৰ মাজত যদি কোনো দোষ-ত্ৰুটি দেখা যায়, তেন্তে তেওঁলোকৰ মাজত থকা ভাল গুণবোৰক স্মৰণ কৰি তুলনা কৰা উচিত। এইদৰে ভাল দিশটোৰ প্ৰতি লক্ষ্য ৰাখিলে সম্পৰ্ক স্থায়ী হয় আৰু অন্তৰত শান্তি পোৱা যায়। এইবাবেই নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: “কোনো মুমিন বান্দাই যেন কোনো মুমিনা নাৰীক ঘৃণা নকৰে। কাৰণ তাইৰ কোনো এটা আচৰণ অপছন্দ হ'লেও, তাইৰ বেলেগ এটা আচৰণক তেওঁ নিশ্চয় পছন্দ কৰিব”[63]। [63] (মুছলিমঃ ১৪৬৯)
২৭- সকলো বিষয়ৰ কল্যাণৰ বাবে দুআ কৰা, আৰু তাৰ মাজত আটাইতকৈ মহান হৈছে: "আল্লাহুম্মা আচলিহ লী দ্বীনি আল্লাজী হুৱা ইচমাতু আম্ৰী, ওৱা আচলিহ লী দুনিয়ায়া আল্লাতী ফীহা মাআ-শ্বী, ওৱা আচলিহ লী আ-খিৰাতী আল্লাতী ফীহা মাআ-দী, অজআলিল হায়াতা ঝিয়া-দাতান লী ফী কুল্লি খাইৰ, অজআলিল মাওতা ৰা-হাতান লী মিন কুল্লি শ্বাৰ্ৰ।"[64] অৰ্থঃ “হে আল্লাহ! তুমি মোৰ দ্বীনক সংশোধন কৰি দিয়া, এই দ্বীনেই হৈছে মোৰ নিৰাপত্তা; তুমি মোৰ দুনিয়া সংশোধন কৰি দিয়া, য'ত আছে মোৰ জীৱন-জীৱিকা, আৰু মোৰ পৰকালক সংশোধন কৰি দিয়া, য’ত মই উভতি যাব লাগিব। তুমি প্ৰতিটো কল্যাণৰ বাবে মোৰ আয়ু বঢ়াই দিয়া আৰু প্ৰতিটো পাপ বা অকল্যাণৰ পৰা ৰক্ষা কৰি তুমি মোৰ মৃত্যুক আনন্দদায়ক বনাই দিয়া।” এইদৰে- "আল্লা-হুম্মা ৰাহ্মাতাকা আৰজূ, ফালা তাকিল্নী ইলা নাফ্ছী তাৰ্ফাতা ‘আইন, ৱা আচলিহ্ লী শ্বা’নী কুল্লাহ, লা ইলা-হা ইল্লা আন্তা।"[65] অৰ্থঃ "হে আল্লাহ! মই কেৱল তোমাৰ কৰুণাৰ প্ৰত্যাশী, এতেকে তুমি মোক এক পলৰ বাবেও মোৰ দায়িত্বত এৰি নিদিবা। তুমি মোৰ সকলো বিষয় সংশোধন কৰি দিয়া; তোমাৰ বাহিৰে আন কোনো সত্য ইলাহ (উপাস্য) নাই।" [64] (মুছলিমঃ ২৭২০) [65] আবু দাউদ, ৪/৩২৪ (৫০৯০), আহমদ, ৫/৪২ (০৪৩০), শ্বাইখ আলবানীয়ে ছহীহ আল-জামেত ছহীহ বুলি কৈছে (৩৩৮৮), আৰু ছহীহ ছুনান আবু দাউদত হাছান বুলি কৈছে (৩/২৫১)।
২৮- আল্লাহৰ পথত জিহাদ কৰা; কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: আল্লাহৰ পথত জিহাদ কৰা; কিয়নো আল্লাহৰ পথত জিহাদ হৈছে জান্নাতৰ দুৱাৰসমূহৰ মাজৰ এখন দুৱাৰ, যাৰ দ্বাৰা আল্লাহে চিন্তা আৰু দুখৰ পৰা মুক্তি দিয়ে।[66] [66] আহমদ (৫/৩১৪, ৩১৬, ৩১৯, ৩২৬, ৩৩০; ২১৬২৪, ২২৬৮০, ২২৭৩২), হাকিমে ছহীহ বুলি কৈছে আৰু যাহাবীয়েও সমৰ্থন কৰিছে (২/৭৫), ছিলছিলা ছহীহাত শ্বাইখ আলবানীয়ে ছহীহ বুলি কৈছে (২/২৭৪).
এই উপায় আৰু মাধ্যমসমূহ মানসিক ৰোগৰ বাবে এক ফলপ্ৰসূ চিকিৎসা। যিসকল লোকে ইয়াৰ ওপৰত গভীৰভাৱে চিন্তা-চৰ্চা কৰে আৰু একনিষ্ঠভাৱে তথা আন্তৰিকতাৰে আমল কৰে, তেওঁলোকৰ বাবে ই মানসিক উদ্বেগ-উৎকণ্ঠা নিৰাময়ৰ অন্যতম শ্ৰেষ্ঠ চিকিৎসা। কিছুসংখ্যক উলামাই এইবোৰৰ দ্বাৰা বহুতো মানসিক ৰোগৰ চিকিৎসা কৰিছে, যাৰ ফলত আল্লাহে তেওঁলোকক যথেষ্ট উপকৃত কৰিছে।[67] [67] চাওক: আল-ৱাছাইলুল মুফিদাহ গ্ৰন্থৰ ভূমিকা, পঞ্চম সংস্কৰণ, পৃষ্ঠা ৬।
৫- ঘা আৰু জখমৰ চিকিৎসা কৰা।
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে, যেতিয়া কোনো ব্যক্তি অসুস্থ হৈছিল, অথবা তেওঁৰ কোনো ঘাঁ বা আঘাত হৈছিল, তেতিয়া তেখেতে নিজৰ আঙুলিৰে এনেদৰে কৰিছিল। ছুফিয়ানে তেখেতৰ তৰ্জনী আঙুলিটো মাটিত ৰাখিছিল, তাৰ পিছত সেয়া উঠাইছিল। তাৰ পিছত তেখেতে কৈছিলঃ "((বিছমিল্লাহি, তুৰবাতু আৰ্দ্বিনা, বিৰীক্বাতি বা‘দ্বিনা, ইউশ্বফা বিহি ছাক্বীমুনা, বিইজনি ৰব্বিনা।))"[68] অৰ্থঃ আল্লাহৰ নামত, আমাৰ মাটি আৰু আমাৰ মাজৰ কাৰোবাৰ লেলাৱতিৰে, আমাৰ প্ৰতিপালকৰ আদেশত আমাৰ ৰোগীয়ে আৰোগ্য লাভ কৰক। [68] (বুখাৰীঃ ৫৭৪৫, আৰু মুছলিমঃ ২১৯৪)
হাদীছটোৰ অৰ্থ হৈছে যে, তেওঁ নিজৰ লেলাৱতি শ্বাহাদাত আঙুলিত ল’ব, তাৰ পিছত সেই আঙুলিটো মাটিত ৰাখিব, যাৰ ফলত তাত কিছু মাটি লাগি ধৰিব। ইয়াৰ পিছত তাৰ দ্বাৰা আঘাতপ্ৰাপ্ত অথবা ৰোগাক্ৰান্ত স্থানত মছেহ কৰিব আৰু মছেহ কৰাৰ সময়ত এই বাক্যটো পাঠ কৰিব। [69] (69) চাওক: শ্বৰহে নৱৱী আলা ছহীহ মুছলিম, ১৪/১৮৪, আৰু ইবনে হাজাৰৰ ফাতহুল বাৰী, ১০/২০৮, আৰু হাদীছটোৰ বিস্তৃত ব্যাখ্যাৰ বাবে চাওক যাদুল মা'আদ, ৪/১৮৬-১৮৭।
৬- মুছিবতৰ প্ৰতিকাৰ
"পৃথিৱীত আৰু ব্যক্তিগতভাৱে তোমালোকৰ ওপৰত আপতিত হোৱা এনে কোনো বিপৰ্যয় নাই যিটো সংঘটিত হোৱাৰ আগতে আমি তাক এখন কিতাবত লিপিবদ্ধ কৰি ৰখা নাই। নিশ্চয় আল্লাহৰ পক্ষে এয়া অতি সহজ। এইটো এইকাৰণে যে, যাতে তোমালোকে যি হেৰাইছা তাৰ প্ৰতি পৰিতাপ নকৰা আৰু তেওঁ তোমালোকক যি প্ৰদান কৰিছে তাৰ বাবে উৎফুল্লিত নোহোৱা। কাৰণ আল্লাহে গৌৰৱকাৰী তথা অহংকাৰী ব্যক্তিক পছন্দ নকৰে।" (ছুৰা আল- হাদীদ: ২২-২৩)
২- "আল্লাহৰ অনুমতি অবিহনে কোনো বিপদেই আপতিত নহয়। যিয়ে আল্লাহক বিশ্বাস কৰে, আল্লাহে তাৰ অন্তৰক সৎপথত পৰিচালিত কৰে। আল্লাহ সকলো বিষয়ে সম্যক অৱগত।" (ছুৰা আত-তাগাবুন: ১১)
৩- ((কোনো মুছলিমৰ ওপৰত মুছিবত আহিলে, তেওঁ যদি কয়ঃ ইন্না লিল্লাহি ওৱা ইন্না ইলাইহি ৰাজিঊন। (অৰ্থাৎ আমি আল্লাহৰ বাবেই আৰু আল্লাহৰ ওচৰতেই আমাৰ প্ৰত্যাৱৰ্তন।) লগতে এই দুআ পঢ়েঃ আল্লা-হুম্মা' জুৰনী ফী মুচীবাতি ওৱা আখলিফ লী খয়ৰাম মিনহা। (অৰ্থাৎ হে আল্লাহ, মোক এই বিপদৰ সময়ত ধৈৰ্য্যৰ বিনিময়ত ছোৱাব দান কৰা, লগতে ইয়াৰ বিনিময়ত তুমি মোক ইয়াতকৈও উত্তম বস্তু দান কৰা।) সেই ব্যক্তিক মহান আল্লাহে সেই মুছিবতৰ বিনিময়ত ছোৱাব দান কৰে আৰু সেই হেৰুৱা বস্তুতকৈ উত্তম বস্তু প্ৰদান কৰে।))[70] [70] (মুছলিমঃ ২/৬৩৩ সংখ্যা ৯১৮)
৪- কোনো বান্দাৰ যেতিয়া সন্তান মৃত্যুবৰণ কৰে, তেতিয়া মহান আল্লাহে ফিৰিস্তাসকলক কয়ঃ তোমালোকে মোৰ বান্দাৰ সন্তানৰ প্ৰাণ হৰণ কৰি আনিলা? তেওঁলোকে কয়: 'হয়'। তেতিয়া তেওঁ কয়ঃ "তোমালোকে তেওঁৰ হৃদয়ৰ টুকুৰাক কাঢ়ি আনিলা?" তেওঁলোকে কয়ঃ 'হয়'। তেতিয়া তেওঁ কয়ঃ "মোৰ বান্দাই ইয়াৰ কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে?" তেওঁলোকে কয় যে, "সি আপোনাৰ প্ৰশংসা কৰিছে, আৰু ইন্না লিল্লাহি ওৱা ইন্না ইলাইহি ৰাজিঊন পাঠ কৰিছে।" [71] তেতিয়া মহান আল্লাহে কয়ঃ "জান্নাতত মোৰ বান্দাৰ বাবে এখন ঘৰ নিৰ্মাণ কৰা, আৰু তাৰ নাম দিয়া "বাইতুল হামদ"।"[72] [71] আলহাম্দুলিল্লাহ, ইন্না লিল্লাহি ৱা ইন্না ইলাইহি ৰাজিউন। অৰ্থাৎ তেওঁ কয়, ‘সকলো প্ৰশংসা আল্লাহৰ, নিশ্চয় আমি আল্লাহৰেই আৰু আমি অৱশ্যে তেওঁৰ পিনেই প্ৰত্যাৱৰ্তনকাৰী’। [72] (আত-তিৰমিজীঃ হাদীছ নং ১০২১, আলবানীয়ে ছহীহ তিৰমিজীত (১/২৯৮) ইয়াক হাছান বুলি কৈছে।)
৫- মহান আল্লাহে কৈছেঃ "মই যেতিয়া মোৰ মুমিন বান্দাৰ কোনো প্ৰিয় বস্তু পৃথিৱীৰ পৰা উঠাই লওঁ আৰু এই ক্ষেত্ৰত সি ধৈৰ্য্য ধাৰণ কৰে, তেন্তে ইয়াৰ বিনিময়ত মোৰ ওচৰত তাৰ বাবে আছে কেৱল জান্নাতৰ প্ৰতিদান।" [73] [73] (বুখাৰী ফাতহুল বাৰীৰ সৈতে ১১/ ২৪২, হাদীছ নং ৬৪২৪)
৬. নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এজন ব্যক্তিক কৈছিল, যাৰ পুত্ৰৰ মৃত্যু হৈছিলঃ “তুমি জান্নাতৰ প্ৰতিখন দুৱাৰতে তেওঁক তোমাৰ বাবে অপেক্ষাৰত পোৱাটো ভাল নোপোৱানে?”[74] (74) আহমদ (১৫৫৯৫), নাছায়ী জানাইঝ (১৮৭০), ইয়াৰ চনদ ছহীহৰ চৰ্ত অনুসৰি ছহীহ, ইবনে হিব্বানে ইয়াক ছহীহ বুলি কৈছে (৮/২০৯), আৰু আলবানীয়ে ‘ছহীহ আত-তাৰগীব ওৱাত-তাৰহীব’ত (হাদীছ নং ২০০৭) ইয়াক ছহীহ বুলি কৈছে, আৰু চাওকঃ ফাতহুল বাৰী (১১/২৪৩)।
৭- সৰ্বশক্তিমান আল্লাহে কৈছেঃ "যেতিয়া মই মোৰ বান্দাক তাৰ দুয়োটা প্ৰিয় বস্তুৰ দ্বাৰা পৰীক্ষা কৰোঁ, আৰু সি ধৈৰ্য্য ধাৰণ কৰে, তেতিয়া মই সেই দুটাৰ বিনিময়ত তাক জান্নাত দান কৰোঁ।" ইয়াৰ দ্বাৰা তেওঁৰ দুয়োটা চকু বুজোৱা হৈছে।[75] [75] বুখাৰী ফাতহুল বাৰীৰ সৈতে (১০/১১৬, হাদীছ নং ৫৬৫৩), আৰু বন্ধনীবদ্ধ অংশটো ছুনান তিৰমিজীৰ পৰা সংগৃহীত (হাদীছ নং ২৪০০), চাওকঃ ছহীহ তিৰমিজী (২/২৮৬)৷
৮- ((কোনো মুছলিমে যেতিয়া ৰোগ-ব্যাধি বা অন্য কোনো কষ্টত পতিত হয়, তেতিয়া আল্লাহে তাৰ গুনাহবোৰ এনেদৰে মোচন কৰি দিয়ে, যিদৰে এজোপা গছৰ পৰা পাতবোৰ সৰি পৰে।»[76]. [76] বুখাৰী ফাতহুল বাৰীৰ সৈতে, ১০/১২০, হাদীছ নং ৫৬৪৮, আৰু মুছলিম, ৪/১৯৯১, হাদীছ নং ২৫৭১।
৯- «কোনো মুছলিমৰ শৰীৰত এটা কাইট বিন্ধিলে বা তাতোকৈ অধিক কষ্ট হ'লে, তাৰ ফলত তেওঁৰ বাবে এটা মৰ্যাদা লিপিবদ্ধ কৰা হয়, আৰু তেওঁৰ এটা গুনাহ মচি দিয়া হয়»[77]। [77] (মুছলিমঃ ২৫৭২)
১০- “মুমিন ব্যক্তিয়ে আক্ৰান্ত হোৱা প্ৰতিটো ৰোগ-ব্যাধি[78], যাতনা[79], অসুখ আৰু দুখ-কষ্ট, আনকি প্ৰতিটো উদ্বেগ-উৎকণ্ঠা যিটো তাক চিন্তিত কৰে[80], সেই প্ৰতিটো কষ্টৰ ফলত আল্লাহে তাৰ গুনাহসমূহ ক্ষমা কৰি দিয়ে।”[81] [78] আল-অচাব (الوصب) হৈছে স্থায়ী যন্ত্ৰণা, আৰু এই সম্পৰ্কে পৱিত্ৰ কোৰআনত আছে, “আৰু সিহঁতৰ বাবে আছে অবিৰাম (স্থায়ী) শাস্তি”। চাওক শ্বাৰহুন-নাৱাৱী, ১৬/১৩০। [79] আন-নাচাবঃ ক্লান্তি [80] কোৱা হৈছে যে, ‘ইয়া’ আখৰত ফাতহা (জবৰ) আৰু ‘হা’ আখৰত দাম্মাহ (পেচ) দি «يَهُمُّه» বুলি পঢ়া হয়, আৰু ‘ইয়া’ আখৰত দাম্মাহ (পেচ) আৰু ‘হা’ আখৰত ফাতহা (জবৰ) দি «يُهَمه» বুলিও পঢ়া হয়। অৰ্থাৎঃ যিটোৱে তেওঁক দুখ দিয়ে বা চিন্তিত কৰে, আৰু দুয়োটাই ছহীহ। চাওক, শ্বাৰহুন-নৱৱী আলা ছহীহ মুছলিম, ১৬/১৩০। [81] (মুছলিমঃ ২৫৭৩)
১১- “বিপদ যিমান ডাঙৰ হ’ব, প্ৰতিদানও সিমানেই মহান হ’ব। মহান আল্লাহে যেতিয়া কোনো জাতিক ভাল পায়, তেতিয়া তেওঁলোকক (বিপদত পেলাই) পৰীক্ষা কৰে। যিয়ে সেই বিপদত সন্তুষ্ট থাকিব, তাৰ বাবে আছে (আল্লাহ তা'আলাৰ) সন্তুষ্টি। আনহাতে যিয়ে ইয়াত অসন্তুষ্ট হ’ব তাৰ বাবে আছে (আল্লাহ তা'আলাৰ) অসন্তুষ্টি।”[82] [83] [82] তিৰমিজী (২৩৯৬), ইবনে মাজাহ (৪০৩১), ছহীহ তিৰমিজীত শ্বাইখ আলবানীয়ে হাছান বুলি কৈছে, ২/২৮৬। [83] কোৱা হয়: আছ-ছুখত (السُّخْط) আৰু আছ-ছাখাত (السَّخَط) হৈছে (الرضا) আৰ-ৰিজা অৰ্থাৎ সন্তুষ্টিৰ বিপৰীত। আৰু ছাখিতা (سَخِطَ) মানে ক্ৰোধান্বিত হোৱা, গতিকে যিজন ক্ৰোধান্বিত তেওঁ ছাখিত (ساخِطٌ)। আৰু আছখাতাহু (أَسْخَطَهُ) মানে হৈছে আনক ক্ৰোধান্বিত কৰা। আৰু কোৱা হয়: তাছাখ্খাতা আত্বাআহু (تَسَخَّطَ عطاءه), অৰ্থাৎ তেওঁৰ উপহাৰক তুচ্ছ জ্ঞান কৰা আৰু তাত সন্তুষ্ট নোহোৱা। ছাখিতা ছাখাতান (سَخِط سَخَطًا) শব্দটো তা'ইবা (تعب) ৰ باب ৰ অন্তৰ্গত আৰু ইয়াৰ বিশেষ্য পদটো হৈছে দাম্মাহেৰে সৈতে আছ-ছুখত (السُّخْطُ)...আৰু ছাখিততুহু (سَخِطْتُهُ), ছাখিততু আলাইহি (سخطت عليه) আৰু আছখাততুহু ফাছাখিতা (أَسْخَطْتُهُ فَسَخِطَ) এইবোৰ ওজন আৰু অৰ্থত আগদ্বাবতুহু ফাগাদ্বিবা (أغضبته فغضب) ৰ সমতুল্য। চাওক: আছ-ছিহাহ, মূলশব্দ: ছাখাত (سخط), আৰু আল-মিছবাহুল মুনিৰ, মূলশব্দ: ছীন খা ত্ব (سخط)।
১২- «...বান্দাৰ ওপৰত বিপদ-আপদ আহি থাকে,[84] অৱশেষত তেওঁ গুনাহমুক্ত হৈ পৃথিৱীত বিচৰণ কৰে»[85]। [84] অৰ্থাৎ মুছলিম ব্যক্তি। [85] তিৰমিজী (২৬৯৮), ইবনু মাজাহ (৪০২৩), ছহীহ তিৰমিজীত শ্বাইখ আলবানীয়ে হাছান বুলি কৈছে, ২/২৮৬।
৭- দুখ আৰু দুশ্চিন্তাৰ চিকিৎসা
১- যেতিয়া কোনো বান্দা চিন্তা অথবা দুখত আক্ৰান্ত হয়, আৰু তেওঁ কয়ঃ "আল্লা-হুম্মা ইন্নি আব্দুক, অবনু আব্দিক, অবনু আমাতিক, না-চিয়াতি বিয়াদিক, মা-জিন ফিয়্যা হুকমুক, আদলুন ফিয়্যা কাজা-উক, আছআলুকা বিকুল্লি ইছমিন হুৱা লাক, ছাম্মাইতা বিহি নাফছাক, আও আনঝালতাহু ফী কিতা-বিক, আও আল্লামতাহু আহাদাম মিন খালকিক, আৱিছ তা’ছাৰতা বিহি ফী ইল্মিল গাইবি ইনদাক, আন তাজআলাল কোৰআ-না ৰাবীআ ক্বালবী, ওৱা নূৰা চাদৰী, অজালা-আ হুঝনী, অজাহা-বা হাম্মী৷" [86] অৰ্থঃ হে আল্লাহ! নিশ্চয় মই হৈছোঁ তোমাৰ দাস, তোমাৰ দাসৰ পুত্ৰ, আৰু তোমাৰ দাসীৰ পুত্ৰ। মোৰ কপাল তোমাৰ হাতত। তোমাৰ আদেশ মোৰ ওপৰত বলৱৎ আৰু তোমাৰ নিৰ্ণয় ন্যায়সঙ্গত। মই তোমাৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, তোমাৰ প্ৰত্যেক সেই নামৰ দ্বাৰা যিবোৰ নাম তুমি নিজৰ বাবে চয়ন কৰিছা। অথবা যিবোৰ অৱতীৰ্ণ কৰিছা তোমাৰ পুথিত নাইবা তোমাৰ কোনো সৃষ্টিক শিক্ষা দিছা অথবা তুমি তোমাৰ ইল্মে গায়েবত ৰাখি থৈছা। (হে আল্লাহ!) তুমি মহান কোৰআনক মোৰ অন্তৰৰ বাবে প্ৰেৰণা বনাই দিয়া। মোৰ বুকুৰ নূৰ বনাই দিয়া, মোৰ দুশ্চিন্তা আৰু ক্লান্তি দূৰ কৰি দিয়া। যিয়ে এইদৰে কয়, আল্লাহে তেওঁৰ দুশ্চিন্তা আৰু ক্লান্তি দূৰ কৰে, আৰু তাৰ ঠাইত আনন্দ দান কৰে। [86] আহমদ (১/৩৯১, ৩৭১২), আলবানীয়ে ছহীহ আত-তাৰগীব অত-তাৰহীবত ছহীহ বুলি কৈছেঃ (১৮২)
২- «আল্লা-হুম্মা ইন্নী আ’উজু বিকা মিনাল হাম্মি অলহাঝানি, অল'আজঝি অলকাছালি, অলবুখলি অলজুবনি, ৱা জালা'ইদ্দাইনি অগালাবাতিৰ ৰিজাল।»[87]. অৰ্থঃ হে আল্লাহ! মই তোমাৰ আশ্ৰয় বিচাৰোঁ দুষ্চিন্তা আৰু দুখ-কষ্টৰ পৰা, অক্ষমতা আৰু অলসতাৰ পৰা, কৃপণতা আৰু কাপুৰুষতাৰ পৰা, লগতে ঋণৰ বোজা আৰু মানুহৰ আধিপত্যৰ পৰা। [87] বুখাৰী, ৭/১৫৮, হাদীছ নং ২৮৯৩। ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে এই দুআটো বেছি বেছি পাঠ কৰিছিল। চাওক: ফাতহুল বাৰীসহ বুখাৰী, ১১/১৭৩।
৮- বিপদৰ প্রতিকাৰ
১- «লা ইলা-হা ইল্লাল্লাহুল্ ‘আযীমুল্ হালীম, লা ইলা-হা ইল্লাল্লাহু ৰাব্বুল্ ‘আৰ্শ্বিল্ ‘আযীম, লা ইলা-হা ইল্লাল্লাহু ৰাব্বুছ্ ছামাৱাতি, অৰাব্বুল্ আৰ্দ্বি, অৰাব্বুল্ ‘আৰ্শ্বিল্ কাৰীম।»[88]। অৰ্থঃ আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁ মহান, সহনশীল। আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁ মহা আৰছৰ ৰব্ব। আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁ আকাশমণ্ডল আৰু পৃথিৱীৰ ৰব্ব, আৰু সন্মানিত আৰছৰ ৰব্ব। [88] (বুখাৰীঃ ৬৩৪৬, আৰু মুছলিমঃ ২৭৩০)
২- "আল্লা-হুম্মা ৰাহ্মাতাকা আৰজূ, ফালা তাকিল্নী ইলা নাফ্ছী তাৰ্ফাতা ‘আইন, ৱা আচলিহ্ লী শ্বা’নী কুল্লাহ, লা ইলাহা ইল্লা আন্তা।"[89] অৰ্থঃ হে আল্লাহ! মই কেৱল তোমাৰ কৰুণাৰ প্ৰত্যাশী, এতেকে তুমি মোক এক পলৰ বাবেও মোৰ দায়িত্বত এৰি নিদিবা। তুমি মোৰ সকলো বিষয় সংশোধন কৰি দিয়া; তোমাৰ বাহিৰে আন কোনো সত্য ইলাহ (উপাস্য) নাই। [89] আবূ দাঊদ, ৪/৩২৪, নং ৫০৯২; আহমদ, ৫/৪২, নং ২০৪৩০। হাছান: আলবানী, ইৰৱাউল গালীল, ৩/৩৫৭; আৰু আৰনাঊত, মুছনাদৰ তাহকীক, ৩৪/৭৫।
৩- «লা ইলা-হা ইল্লা আন্তা ছুব্হা-নাকা ইন্নি কুংতু মিনাজ্জা-লিমীন»[90]। [90] তিৰমিজী, ৫/৫২৯, হাদীছ নং ৩৫০৫, হাকিমে ছহীহ বুলি কৈছে আৰু জাহাবীয়েও তেওঁৰ সৈতে একমত পোষণ কৰিছে, ১/৫০৫, আৰু ছহীহ তিৰমিজীত শ্বাইখ আলবানীয়ে ছহীহ বুলি কৈছে, ৩/১৬৮।
৪- "আল্লাহু আল্লাহু ৰাব্বী, লা উশ্বৰিকু বিহি শ্বাই’আঁ।"[91] অৰ্থঃ আল্লাহ, আল্লাহ হৈছে মোৰ ৰব, মই তেওঁৰ লগত একোকে অংশী নকৰোঁ। [91] আবু দাউদ ২/৮৭, (১৫২৫), শ্বাইখ আলবানীয়ে ছহীহ ইবনু মাজাহত (২/৩৩৫) আৰু ছহীহ তিৰমিজীত (৪/১৯৬) ছহীহ বুলি কৈছে।
৯- ৰোগীয়ে নিজেই নিজৰ চিকিৎসা কৰা
"«তোমাৰ শৰীৰৰ যি ঠাইত বিষ অনুভৱ কৰা, সেই ঠাইত তোমাৰ হাত ৰখা আৰু তিনিবাৰ বিছমিল্লাহ কোৱা, আৰু সাতবাৰ এই দুআ পঢ়া: আউজু বিল্লাহি অক্বুদৰাতিহি মিন শ্বাৰ্ৰি মা আজিদু ওৱা উহাজিৰু»[92]." [92] (মুছলিমঃ ২২০২)
১০- বেমাৰীৰ শুশ্ৰূষাকালীন চিকিৎসা
«যেতিয়া কোনো মুছলিম ব্যক্তিয়ে এনেকুৱা কোনো বেমাৰী ব্যক্তিক চাবলৈ যায়, যাৰ মৃত্যুৰ সময় উপস্থিত হোৱা নাই, আৰু তেওঁৰ ওচৰত সাতবাৰ এই দুআটো পাঠ কৰেঃ "আছআলুল্লাহাল আজীম, ৰাব্বাল আৰশ্বিল আজীম, আঁইয়্যাশ্বফীক", তেতিয়া আল্লাহে তেওঁক সেই বেমাৰৰ পৰা আৰোগ্য দান কৰে।»[93] [93] তিৰমিজী (২০৮৩), আবু দাউদ (৩৮৯৩), ছহীহ তিৰমিজীত শ্বাইখ আলবানীয়ে ছহীহ বুলি কৈছে (২/২১০), আৰু চাওক ছহীহুল জামে (৫/১৮০)।
১১- টোপনিত অস্থিৰতা আৰু ভয়-ভীত তথা আতংকিত হোৱাৰ চিকিৎসা
"আ‘ঊজু বিকালিমা-তিল্লাহিত্ তা-ম্মা-তি: মিন গাদাবিহি, ৱা ‘ইক্বা-বিহি, অশ্বাৰ্ৰি ‘ইবা-দিহি, অমিন হামা-ঝাতিশ্ব শ্বায়া-ত্বীন, ৱা আন্ ইয়াহ্দুৰূন।" [94] অৰ্থঃ মই পূৰ্ণ বাক্যৰ জৰিয়তে আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ, তেওঁৰ ক্ৰোধৰ পৰা, তেওঁৰ শাস্তিৰ পৰা, তেওঁৰ বান্দাসকলৰ অনিষ্টৰ পৰা, চয়তানৰ কুমন্ত্ৰণাৰ পৰা আৰু সিহঁত মোৰ ওচৰত উপস্থিত হোৱাৰ পৰা। [94] আবু দাউদ (৪/১২, হাদীছ নং ৩৮৯৩), আৰু আলবানীয়ে ইয়াক ছহীহ তিৰমিজীত (৩/১৭১) হাছান আখ্যা দিছে।
১২- জ্বৰৰ চিকিৎসা
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ «জ্বৰ হৈছে জাহান্নামৰ তাপৰে এটা নমুনা, সেয়ে ইয়াক পানীৰ দ্বাৰা ঠাণ্ডা কৰা।»[95] [95] (বুখাৰী ফাতহুল বাৰীৰ সৈতে ১০/১৭৪, হাদীছ নং ৩২৬৪, আৰু মুছলিমঃ ৪/১৭৩৩, সংখ্যা ২২১০)
১৩- কিবা বিন্ধিলে বা দংশন কৰিলে তাৰ চিকিৎসা
১- ছুৰা আল-ফাতিহা পাঠ কৰি মুখত থু-খেকাৰ গোটাই, দংশন কৰা ঠাইত থুঁ লগাই দিব।[96] [96] (ফাতহুল বাৰী সহ বুখাৰীঃ ১০/২০৮, কিতাবুত ত্বিব, বাবঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ৰুকিয়া।)
২- পানী আৰু নিমখেৰে মচিব লাগে, আৰু লগতে পঢ়িব লাগে: ছুৰা আল-কাফিৰূন। (قُلْ يَا أَيُّهَا الْكَافِرُونَ) আৰু মাওউজাতান। (ছুৰা ফালাক্ব আৰু ছুৰা না-ছ)[97] [97] তাবৰাণীয়ে আল-মু'জামুছ-ছাগীৰত (২/৮৩০), হাইছামীয়ে মাজমাউজ জাৱাইদত ইয়াৰ চনদক হাছান বুলি কৈছে (৫/১১১), আৰু আলবানীয়ে ছিলছিলাতুল আহাদীছ আছ-ছহীহাত ছহীহ বুলি কৈছে, হাদীছ নং ৫৪৮।
১৪- ক্ৰোধৰ চিকিৎসা
ক্ৰোধৰ চিকিৎসা দুই পদ্ধতিৰে কৰিব পাৰিঃ
প্ৰথম পদ্ধতি: আত্মৰক্ষা।
ক্ৰোধৰ কাৰণসমূহ বৰ্জন কৰাৰ জৰিয়তে ক্ৰোধৰ পৰা বাচি থাকিব পাৰি। এই কাৰণসমূহৰ কিছুমান হৈছে- অহংকাৰ, আত্মপ্ৰশংসা, গৌৰৱ কৰা, নিন্দনীয় লোভ, অপ্ৰয়োজনীয় ঠাট্টা-মস্কৰা, উপহাস আৰু এই জাতীয় অন্যান্য বিষয়।
দ্বিতীয় পদ্ধতিঃ ক্ৰোধান্বিত হোৱা পাছত কৰিবলগীয়া চিকিৎসা
এইটো চাৰি প্ৰকাৰে কৰিব পাৰিঃ
আউজু বিল্লা-হি মিনাশ্ব শ্বাইত্বনিৰ ৰাজীম। (মই অভিশপ্ত চয়তানৰ পৰা আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ) এই দুআ পাঠ কৰা।
অজু কৰা।
ক্ৰোধান্বিত ব্যক্তিৰ অৱস্থা পৰিৱৰ্তন কৰা: বহি, অথবা শুই, অথবা স্থান ত্যাগ কৰি, অথবা কথা কোৱাৰ পৰা বিৰত থাকি, বা তেনে অন্য কোনো উপায়েৰে।
ক্রোধ দমন কৰাৰ ফলত পোৱা ছাওৱাব, আৰু ক্ৰোধৰ পৰিণামত হোৱা লাঞ্ছনা তথা ব্যৰ্থতা সম্পৰ্কে যি বৰ্ণনা আহিছে সেইবোৰ স্মৰণ কৰা। [98] (98) এই বিষয়ে ইয়াৰ ছহীহ দলীলসমূহৰ সৈতে বিশদ বিৱৰণৰ বাবে দ্ৰষ্টব্য: আফাতুল লিছান, (পৃষ্ঠা নং ১১০-১১২); লগতে চাওক, লেখকৰেই ৰচিত আল-হিকমাহ ফিদ দা’ৱাতি ইলাল্লাহ, (পৃষ্ঠা নং ৬৪-৬৬)।
১৫- ক’লাজিৰাৰ দ্বাৰা চিকিৎসা
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “ক’লা জিৰাত মৃত্যুৰ বাহিৰে প্ৰত্যেক বেমাৰৰ শ্বিফা (আৰোগ্য) আছে।” ইবনে শ্বিহাবে কৈছে, আছ-ছাম হৈছে মৃত্যু, আৰু আল-হাব্বাতুছ ছাওদা হৈছে আশ্ব-শ্বুনিজ।»[99]، আৰু ক’লাজিৰা হৈছে অত্যন্ত উপকাৰী, আৰু “প্ৰত্যেক বেমাৰৰে প্ৰতিকাৰ” বুলি কোৱা তেখেতৰ এই বাণীটো মহান আল্লাহৰ এই বাণীৰ দৰেইঃ "ই তাৰ প্ৰতিপালকৰ নিৰ্দেশত সকলো বস্তু ধ্বংস কৰি দিব৷" (ছুৰা আল-আহক্বাফঃ ২৫) অৰ্থাৎ, ধ্বংসযোগ্য প্ৰতিটো বস্তু আৰু ইয়াৰ অনুৰূপ বিষয়সমূহ। (100) [99] (বুখাৰী ফাতহুল বাৰীৰ সৈতে ১০/১৪৩, হাদীছ নং ৫৬৮৮, আৰু মুছলিমঃ ২২১৫) [100] ঝাদুল মাআদ (৪/২৯৭), আৰু আল্লামা মুৱাফফাকুদ্দীন আব্দুল লতীফ আল-বাগদাদীৰ “আত-ত্বিব্বু মিনাল কিতাবি অচ্ছুন্নাহ” (পৃষ্ঠা ৮৮)।
১৬- মৌৰ দ্বাৰা চিকিৎসা
১- সৰ্বশক্তিমান আল্লাহে নাহলৰ বিষয়ে উল্লেখ কৰি কৈছেঃ "তাৰ পেটৰ পৰা নিৰ্গত হয় বিভিন্ন ৰঙৰ পানীয়, ইয়াৰ মাজত মানুহৰ বাবে আছে আৰোগ্য। নিশ্চয় ইয়াত আছে চিন্তাশীল সম্প্ৰদায়ৰ বাবে নিদৰ্শন।" (ছুৰা আন-নাহল: ৬৯)
2- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ ((শ্বিফা (আৰোগ্য) তিনিটা বস্তুৰ মাজত আছে: শিঙা লগাই তেজ উলিওৱাত, নাইবা মৌ পান কৰাত, অথবা জুইৰে দাগ দিয়াত। কিন্তু মই মোৰ উম্মতক দাগ দিয়াৰ পৰা নিষেধ কৰিছোঁ»[101]। [101] ফাতহুল বাৰীৰ সৈতে বুখাৰী, ১০/১৩৭, হাদীছ নং ৫৬৮১, আৰু মৌৰ উপকাৰিতাৰ বিষয়ে চাওক: যাদুল মা‘আদ, ৪/৫০-৬২, আৰু আল্লামা মুৱাফ্ফাকুদ্দীন আব্দুল লতীফ আল-বাগদাদীৰ ‘আত-তিব্বু মিনাল কিতাবি অচ্ছুন্নাহ’, পৃষ্ঠা ১২৯-১৩৬।
১৭- জমজম পানীৰে চিকিৎসা
১- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জমজম পানী সম্পৰ্কে কৈছেঃ “এই পানী হৈছে বৰকতময়, আৰু এইটো হৈছে ভোকাতুৰৰ বাবে খাদ্য [আৰু বেমাৰীৰ বাবে আৰোগ্য]”[102]। [102] মুছলিম, ৪/১৯২২, হাদীছ নং ২৪৭৩। বন্ধনীবদ্ধ অংশটো বাঝ্ঝাৰৰ (২/৮৬), বাইহাক্বীৰ ‘আছ-ছুনানুল কুবৰা’ (৫/১৪৭) আৰু ত্বাবাৰানীৰ ‘আল-মু'জামুল আওছাত’ত (৩/২৪৭) বৰ্ণিত আছে। ইয়াৰ ইছনাদ ছহীহ। চাওকঃ মাজমাউয যাৱাইদ, ৩/২৮৬।
২- আৰু জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "জমজম পানী যিটো নিয়্যতেৰে খোৱা হয়, সেই উদ্দেশ্যই পূৰণ হয়।"[103] [103] ইবনু মাজাহ (৩০৬২), আৰু অন্যান্য, শ্বাইখ আলবানীয়ে ছহীহ ইবনু মাজাহ (২/১৮৩) আৰু ইৰৱাউল গালীলত (৪/৩২০) ছহীহ বুলি কৈছে।
৩- তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা এইটোও প্ৰমাণিত যে, তেখেতে «জমজম পানী [চামৰাৰ পাত্ৰত[104] আৰু মছকত] কঢ়িয়াই লৈ ফুৰিছিল, আৰু ৰোগীসকলৰ ওপৰত ঢালি দিছিল আৰু তেওঁলোকক পান কৰাইছিল»[105]। প্ৰখ্যাত ইমাম আল্লামা ইবনুল কায়্যিম ৰাহিমাহুল্লাহে কৈছে: জমজম পানীৰ দ্বাৰা আৰোগ্য লাভৰ বহুতো আচৰিত ঘটনা মই নিজে পৰীক্ষা কৰি দেখিছোঁ আৰু অন্য লোকেও দেখিছে। মই ইয়াৰ দ্বাৰা কেইবাটাও বেমাৰৰ পৰা আৰোগ্য লাভ কৰিছোঁ আৰু আল্লাহৰ অনুমতি ক্ৰমে সুস্থ হৈছোঁ। (104) আল-ইদাৱাহ: পৱিত্ৰতা অৰ্জন কৰা পাত্ৰ, আৰু ইয়াৰ বহুবচন হৈছে আল-আদাৱা। মুখতাৰ আছ-ছিহাহ, ১/১১। [105] তিৰমিজী (১/১৮০, হাদীছ নং ৯৬৩), বাইহাক্বী (৫/২০২), আলবানীয়ে ছহীহ তিৰমিজী (১/২৮৪) আৰু ছিলছিলা ছহীহাত (২/৫৭২, হাদীছ নং ৮৮৩) ছহীহ বুলি কৈছে, আৰু চাওকঃ ঝাদুল মাআদ (৪/৩৯২)। [106] আৰু হিজাজবাসীসকলৰ বাহিৰে আনসকলে কৈছেঃ «فَبَرِئْتُ»। দ্ৰষ্টব্যঃ আন-নিহায়াহ ফী গৰীবিল হাদীছ, 1/111। [107] (ঝাদুল মাআদঃ ৪/ ৩৯৩, ১৭৮)
১৮- অন্তৰৰ ব্যাধিসমূহৰ চিকিৎসা
অন্তৰ হৈছে তিনি প্ৰকাৰৰঃ
১- বিশুদ্ধ অন্তঃকৰণ: আৰু এইটো হৈছে এনে এক অন্তঃকৰণ, যিটোৰ দ্বাৰা কিয়ামতৰ দিনা লোকসকলে পৰিত্ৰাণ পাব, যিয়ে এইটো লৈ আল্লাহৰ ওচৰত উপস্থিত হ’ব। মহান আল্লাহে কৈছে: "যিদিনা ধন-সম্পদ আৰু সন্তান-সন্ততি কোনো কামত নাহিব; ‘সেইদিনা উপকৃত হ’ব কেৱল সেই ব্যক্তি, যিজনে লৈ আহিব আল্লাহৰ ওচৰত বিশুদ্ধ অন্তঃকৰণ’।" ছুৰা আশ্ব-শ্বুআৰা, আয়াত: ৮৮-৮৯।
বিশুদ্ধ অন্তঃকৰণ হৈছে সেইটো, যিটো আল্লাহৰ আদেশ-নিষেধৰ বিৰোধী প্ৰতিটো কামনা-বাসনাৰ পৰা, আৰু তেওঁৰ বাণীৰ পৰিপন্থী প্ৰতিটো সন্দেহৰ পৰা মুক্ত। ফলত এনেকুৱা অন্তৰ আল্লাহৰ বাহিৰে আনৰ দাসত্বৰ পৰা মুক্ত, আৰু তেওঁৰ ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লাম)-ৰ বাহিৰে আন কাৰোবাৰ বিধান মানি লোৱাৰ পৰা মুক্ত।
সামগ্ৰিকভাৱে, বিশুদ্ধ আৰু সুস্থ অন্তৰ হৈছে সেইটো, য'ত আল্লাহৰ বাহিৰে আন কাৰোবাৰ বাবে কোনো প্ৰকাৰৰ শ্বিৰ্কে স্থান নাপায়। বৰঞ্চ তেওঁৰ দাসত্ব একনিষ্ঠভাৱে কেৱল আল্লাহৰ বাবে হৈ পৰে— যেনে ইচ্ছা, মুহাব্বত, তাৱাক্কুল, আল্লাহৰ প্ৰতি প্ৰত্যাৱৰ্তন, বিনম্ৰতা, আল্লাহভীতি আৰু আশা আদি সকলো ক্ষেত্ৰতে। তেওঁৰ কৰ্মও কেৱল আল্লাহৰ বাবেই একনিষ্ঠ হয়। সেয়েহে, তেওঁ যদি কাৰোবাক ভাল পায়, তেন্তে কেৱল আল্লাহৰ বাবেই ভাল পায়, আৰু যদি কাৰোবাক ঘৃণা কৰে, সেয়াও কেৱল আল্লাহৰ বাবেই কৰে। যদি কিবা দান কৰে, তেন্তে আল্লাহৰ বাবেই কৰে, আৰু যদি কিবা দিয়াৰ পৰা বিৰত থাকে, সেয়াও আল্লাহৰ বাবেই কৰে। গতিকে তেওঁৰ সকলো চিন্তা-ভাৱনা আল্লাহৰ বাবে, তেওঁৰ সকলো ভালপোৱা আল্লাহৰ বাবে, তেওঁৰ উদ্দেশ্য আল্লাহৰ বাবে, তেওঁৰ শৰীৰ আল্লাহৰ বাবে, তেওঁৰ আমলসমূহ আল্লাহৰ বাবে, তেওঁৰ টোপনি আল্লাহৰ বাবে, আৰু তেওঁৰ জাগৰণো আল্লাহৰ বাবেই হয়। তেওঁৰ কথা-বতৰা, আনকি আল্লাহৰ বিষয়ে আলোচনা কৰাটোৱেই তেওঁৰ ওচৰত আন সকলো কথা-বতৰাতকৈ অধিক প্ৰিয়। তেওঁৰ চিন্তা-চৰ্চাই কেৱল আল্লাহৰ সন্তুষ্টি আৰু তেওঁৰ প্ৰিয় বিষয়বোৰক কেন্দ্ৰ কৰিয়েই ঘূৰি থাকে। আমি সৰ্বশক্তিমান আল্লাহৰ ওচৰত এনেকুৱা এখন অন্তৰেই কামনা কৰোঁ। [108] চাওক (ইগাছাতুল লাহফান মিন মাছায়িদিচ চয়তান, ইবনুল কাইয়িম ৰাহিমাহুল্লাহ, ১/৭, ৭৩)
২। মৃত অন্তৰ: এইটো হৈছে প্ৰথমটোৰ বিপৰীত। এই অন্তৰে নিজৰ প্ৰতিপালকক চিনি নাপায়, আৰু তেওঁৰ আদেশ অনুসৰি তথা তেওঁ যি ভাল পায় আৰু য'ত সন্তুষ্ট হয় সেই অনুসৰি তেওঁৰ ইবাদত নকৰে; বৰং ই নিজৰ কামনা-বাসনা আৰু ভোগ-বিলাসত লিপ্ত থাকে, যদিও সেইবোৰত তাৰ প্ৰতিপালকৰ অসন্তুষ্টি আৰু ক্ৰোধ নিহিত থাকে। সেয়ে সি ভালপোৱা, ভয়, আশা, সন্তুষ্টি আৰু অসন্তুষ্টি, সন্মান আৰু অপমানৰ ক্ষেত্ৰত আল্লাহৰ বাহিৰে আনৰ ইবাদত কৰে। যদি সি ঘৃণা কৰে তেন্তে নিজৰ প্ৰবৃত্তিৰ বাবেই কৰে, আৰু যদি ভাল পায়, তেন্তে নিজৰ প্ৰবৃত্তিৰ বাবেই ভাল পায়, আৰু যদি কিবা দিয়ে, তেন্তে নিজৰ প্ৰবৃত্তিৰ বাবেই দিয়ে, আৰু যদি দিয়াৰ পৰা বিৰত থাকে, তেন্তে নিজৰ প্ৰবৃত্তিৰ বাবেই বিৰত থাকে। এতেকে প্ৰবৃত্তিয়েই তাৰ ইমাম, কামনা-বাসনাই তাৰ পথপ্ৰদৰ্শক, অজ্ঞতাই তাৰ চালক, আৰু উদাসীনতাই হৈছে তাৰ বাহন[109]। আমি আল্লাহৰ ওচৰত এনেকুৱা অন্তৰৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰোঁ। [109] দ্ৰষ্টব্য: ইগাছাত আল-লাহফান মিন মাচায়িদ আচ-চয়তান, ১/৯
৩- ৰুগীয়া অন্তৰ: এইটো এনেকুৱা অন্তৰ, য'ত জীৱনো আছে আৰু ব্যাধিও আছে। সেয়েহে ইয়াত দুটা উপাদান থাকে, এবাৰ এটাই ইয়াক শক্তি যোগায় আৰু আনবাৰ আনটোৱে। এই দুটাৰ মাজত যিটোৱেই প্ৰভাৱশালী হয়, অন্তৰটো তাৰেই অনুগামী হৈ পৰে। এতেকে, ইয়াত আল্লাহ তাআলাৰ প্ৰতি থকা ভালপোৱা, তেওঁৰ প্ৰতি থকা ঈমান, ইখলাচ আৰু তাৱাক্কুল আছে, যিবোৰ হৈছে ইয়াৰ জীৱনৰ উপাদান। আনহাতে ইয়াত কু-প্ৰবৃত্তিৰ প্ৰতি ভালপোৱা, সেইবোৰ পূৰণ কৰাৰ লালসা, ঈৰ্ষা, গৌৰৱ, অহংকাৰ, শ্ৰেষ্ঠত্বৰ হাবিয়াস, নেতৃত্বৰ জৰিয়তে পৃথিৱীত বিশৃংখলতা সৃষ্টি কৰা, মুনাফিকী, লোকপ্ৰদৰ্শন, লোভ আৰু কৃপণালিও আছে, যিবোৰ হৈছে ইয়াৰ ধ্বংস আৰু বিনাশৰ উপাদান[110]। আমি আল্লাহৰ ওচৰত এনেকুৱা অন্তৰৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰোঁ। [110] দ্ৰষ্টব্য: ইগাছাতুল লাহফান, ১/৯।
পৱিত্ৰ কোৰআনত অন্তৰৰ সকলো বেমাৰৰ চিকিৎসা আছে।
মহান আল্লাহে কৈছেঃ "হে মানৱ! তোমালোকৰ প্ৰতি তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা উপদেশ আৰু অন্তৰত যি (ব্যাধি) আছে তাৰ প্ৰতিষেধক লগতে মুমিনসকলৰ বাবে হিদায়ত আৰু ৰহমত আহিছে।" (ছুৰা ইউনুছঃ ৫৭) সৰ্বশক্তিমান আল্লাহে আৰু কৈছেঃ "আৰু আমি কোৰআন অৱতীৰ্ণ কৰোঁ, যিখন মুমিনসকলৰ বাবে আৰোগ্য আৰু ৰহমত, কিন্তু ই যালিমসকলৰ ক্ষতিহে বৃদ্ধি কৰে।" (ছুৰা আল-ইছৰাঃ ৮২)
অন্তৰৰ ব্যাধিসমূহ হৈছে দুই প্ৰকাৰৰঃ
এক প্ৰকাৰৰ ৰোগ এনেকুৱা যে, তাত আক্ৰান্ত ব্যক্তিয়ে তৎক্ষণাৎ কোনো কষ্ট অনুভৱ নকৰে; আৰু সেয়া হৈছে অজ্ঞতা, সন্দেহ-সংশয় আৰু দ্বিধাৰ বেমাৰ। এইটোৱেই হৈছে দুয়োটা প্ৰকাৰৰ ভিতৰত আটাইতকৈ মাৰাত্মক কষ্টদায়ক, কিন্তু অন্তৰ বিনষ্ট হোৱাৰ বাবে ব্যক্তিজনে সেই কষ্ট অনুভৱ নকৰে।
আন এক প্ৰকাৰ হৈছে বেদনাদায়ক বেমাৰ: যেনে- দুশ্চিন্তা, দুৰ্ভাৱনা, দুখ আৰু ক্ৰোধ। এই বেমাৰ ইয়াৰ কাৰণসমূহ দূৰীকৰণ আৰু অন্যান্য প্ৰাকৃতিক ঔষধৰ দ্বাৰা নিৰাময় হয়[111]। [111] (ইগাছাতুল লাহফানঃ ১/৪৪)
অন্তৰৰ চিকিৎসাৰ ক্ষেত্ৰত চাৰিটা বিষয় আছেঃ
প্ৰথম বিষয়টো হৈছে আল-কোৰআনুল কাৰীম; কিয়নো ই হৈছে অন্তৰত থকা সন্দেহৰ প্ৰতিষেধক, আৰু ই অন্তৰৰ পৰা শ্বিৰ্ক, কুফৰীৰ মলিনতা, তথা সন্দেহ আৰু কামনা-বাসনাৰ বেমাৰসমূহ দূৰ কৰে। এইখন সেইসকলৰ বাবে হিদায়ত, যিসকলে সত্যক জানি সেই অনুসৰি আমল কৰে, আৰু মুমিনসকলৰ বাবে ৰহমত, যাৰ জৰিয়তে তেওঁলোকে দুনিয়া আৰু আখিৰাতৰ প্ৰতিদান লাভ কৰে। মহান আল্লাহে কৈছেঃ "যি ব্যক্তি মৃত আছিল (অৰ্থাৎ যাৰ অস্তিত্ব নাছিল), যাক আমি পিছত জীৱিত কৰিছোঁ আৰু তাৰ বাবে নিৰ্ধাৰণ কৰিছোঁ জ্যোতি, যাৰ মাধ্যমত তেওঁ মানুহৰ ভিতৰত চলা-ফুৰা কৰে, সেইজন ব্যক্তি সেই ব্যক্তিৰ দৰে নেকি, যিজন এনেকুৱা অন্ধকাৰত আছে য’ৰ পৰা সি কেতিয়াও ওলাব নোৱাৰিব? এইদৰেই কাফিৰসকলৰ কৃতকৰ্মক শোভনীয় কৰি দিয়া হৈছে।" (ছুৰা আল-আনআম: ১২২)
দ্বিতীয়: অন্তৰক তিনিটা বিষয়ৰ প্ৰয়োজন হয়:
১- নিজৰ শক্তি সংৰক্ষণ কৰাৰ উপায় হৈছে ঈমান, আমলে চলেহ বা সৎকৰ্ম, আৰু আনুগত্যমূলক ইবাদতসমূহ নিয়মীয়াকৈ পালন কৰা।
২- অনিষ্টৰ পৰা সুৰক্ষিত থকা, আৰু সেয়া হৈছে সকলো গুনাহ আৰু সকলো প্ৰকাৰৰ অবাধ্যতাৰ পৰা বিৰত থকা।
৩- তাওবা আৰু ইস্তিগফাৰৰ জৰিয়তে সকলো ক্ষতিকাৰক বিষয়ৰ পৰা নিজকে পৰিশুদ্ধ কৰা।
তৃতীয় বিষয়: নফছৰ অধীন হৈ পৰাৰ ফলত হোৱা অন্তৰৰ ৰোগৰ চিকিৎসা।
ইয়াৰ চিকিৎসা হৈছে দুটাঃ নিজৰ হিচাপ-নিকাচ লোৱা বা আত্মপৰ্যালোচনা কৰা, আৰু প্রবৃত্তিৰ বিৰোধিতা কৰা। আত্মপৰ্যালোচনা হৈছে দুই প্ৰকাৰৰঃ
প্ৰথম প্ৰকাৰঃ আমলৰ পূৰ্বে, ইয়াৰ চাৰিটা স্থান আছেঃ
১- এই কামটো তেওঁৰ সামৰ্থৰ অন্তৰ্ভুক্ত নে?
২- এই আমলটো পৰিত্যাগ কৰাতকৈ কৰাটো তেওঁৰ বাবে অধিক কল্যাণকৰ হ’বনে?
৩- এই আমলটো আল্লাহৰ সন্তুষ্টিৰ উদ্দেশ্যে কৰা হৈছে নে?
৪) যিবোৰ কামত সহায়কাৰীৰ প্ৰয়োজন, সেই কামত সহায়-সহযোগিতা কৰিবলৈ কোনোবা আছেনে? যদি আছে তেন্তে সেই কামত আগবাঢ়িব, অন্যথা কেতিয়াও আগ নাবাঢ়িব।
দ্বিতীয় প্ৰকাৰ: আমলৰ পিছত, আৰু এইটো হৈছে তিনি প্ৰকাৰৰ:
১) মহান আল্লাহৰ হক আদায়ৰ ক্ষেত্ৰত কোনো আনুগত্য পালনত নিজৰ পৰা হোৱা ভুল-ত্ৰুটিৰ বাবে নফছৰ হিচাপ লোৱা, যিটো যথাযথভাৱে সম্পাদন কৰা হোৱা নাই। আল্লাহ তাআলাৰ এই হকসমূহৰ অন্তৰ্ভুক্ত হৈছে: ইখলাচ, নিষ্ঠা, অনুসৰণ, ইহছানৰ অনুভূতিৰে ইবাদত কৰা, ইবাদতৰ ক্ষেত্ৰত আল্লাহৰ অনুগ্ৰহক উপলব্ধি কৰা, আৰু এই সকলোবোৰৰ পিছতো নিজৰ ভুল-ত্ৰুটিক স্বীকাৰ কৰা।
২- নিজৰ নফচক প্ৰতিটো এনে আমলৰ বাবে জবাবদিহি কৰা, যিটো কৰাতকৈ পৰিত্যাগ কৰাই উত্তম আছিল।
৩- কোনো বৈধ অথবা অভ্যাসগত কাম নকৰাৰ বাবে আত্মপৰ্যালোচনা কৰা যে, তেওঁৰ উদ্দেশ্য আল্লাহ আৰু আখিৰাত আছিল নেকি, তেনেহ’লে তেওঁ লাভৱান হ’ব; নে তেওঁৰ উদ্দেশ্য দুনিয়া আছিল, তেনেহ’লে তেওঁ ক্ষতিগ্ৰস্ত হ’ব।
ইয়াৰ সাৰাংশ হৈছে, সৰ্বপ্ৰথমে ফৰজসমূহৰ বিষয়ে আত্মপৰ্যালোচনা কৰা; যদি তাত কিবা ত্ৰুটি থাকে তেন্তে সেয়া পৰিপূৰ্ণ কৰা। তাৰ পিছত নিষিদ্ধ কৰ্মসমূহৰ ওপৰত আত্মপৰ্যালোচনা কৰা; যদি তেনে কোনো কৰ্মত লিপ্ত হোৱা বুলি জানিব পাৰে তেন্তে তাওবা আৰু ইস্তিগফাৰৰ জৰিয়তে তাৰ সংশোধন কৰা। ইয়াৰ পিছত নিজৰ অঙ্গ-প্ৰত্যঙ্গৰ দ্বাৰা কৰা কৰ্মৰ পৰ্যালোচনা কৰা, আৰু শেষত নিজৰ উদাসীনতাৰ ওপৰত আত্মপৰ্যালোচনা কৰা। [112] [112] চাওক (ইগাছাত আল-লাহফানঃ ১/১৩৬)
চতুৰ্থ বিষয়ঃ চয়তানৰ আধিপত্য-জনিত অন্তৰৰ ৰোগৰ চিকিৎসা।
চয়তান হৈছে মানুহৰ শত্ৰু, আৰু তাৰ পৰা মুক্তিৰ উপায় হৈছে আল্লাহৰ দ্বাৰা নিৰ্ধাৰিত আশ্ৰয় প্ৰাৰ্থনা। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নফছৰ অনিষ্ট আৰু চয়তানৰ অনিষ্টৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰা বিষয়টোক একত্ৰিত কৰিছে। তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে আবু বকৰক কৈছিল: “কুল আল্লা-হুম্মা ফা-তিৰাছ ছামা-ৱাতি অল আৰ্জি, আ-লিমাল গাইবি অশ্ব শ্বাহাদাতি, ৰাব্বা কুল্লি শ্বাইয়িন অমালী-কাহ ৷ আশ্বহাদু আল লা ইলা-হা ইল্লা আনতা। আউজুবিকা মিন শ্বাৰ্ৰি নাফছি অমিন শ্বাৰ্ৰিশ্ব শ্বাইতানি অশ্বিৰকিহ। ৱা আনিক তাৰিফা আলা নাফছি ছূ-আন আউ আজুৰ্ৰাহু ইলা মুছলিম”। অৰ্থ: “কোৱা, হে আল্লাহ! আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা, দৃশ্য - অদৃশ্যৰ জ্ঞাতা, প্ৰত্যেক বস্তুৰ প্ৰতিপালক আৰু গৰাকী। মই সাক্ষ্য দিওঁ যে, তুমি বিনে আন কোনো সত্য উপাস্য নাই। হে আল্লাহ! মই তোমাৰ আশ্ৰয় বিচাৰোঁ মোৰ নফছৰ অনিষ্টৰ পৰা আৰু চয়তানৰ অনিষ্ট আৰু তাৰ শ্বিৰ্কৰ পৰা আৰু মই নিজে কোনো পাপ কৰাৰ পৰা আৰু কোনো মুছলিমৰ অনিষ্ট কৰাৰ পৰা। তুমি এইটো ৰাতিপুৱা, গধূলি আৰু শুবলৈ যোৱাৰ সময়ত পাঠ কৰিবা।” [113] [113] তিৰমিজী (৩৩৩২), আবু দাউদ (৫০৫৮), আলবানীয়ে ছহীহ তিৰমিজীত ছহীহ বুলি কৈছে, ৩/১৪২।
আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা, তাৱাক্কুল আৰু ইখলাচে চয়তানৰ আধিপত্যক ৰোধ কৰে[114]। [114] (ইগাছাত আল-লাহফানঃ ১/১৪৫-১৬২)
দৰূদ আৰু ছালাম বৰ্ষিত হওক তেওঁৰ বান্দা আৰু ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত, তেওঁৰ পৰিয়ালবৰ্গ আৰু সকলো চাহাবাসকলৰ ওপৰত, লগতে সেইসকল লোকৰ ওপৰত যিসকলে কিয়ামত দিৱস পৰ্যন্ত এহছানৰ সৈতে তেওঁলোকৰ অনুসৰণ কৰিব।
দুআ লগতে কোৰআন আৰু হাদীছৰ দ্বাৰা প্ৰমাণিত ৰুকিয়াৰ জৰিয়তে চিকিৎসা
ছাঈদ ইবনে আলী ইবনে অহাফ আল-কাহতানী
ডক্টৰ ছাঈদ বিন আলী বিন অহাফ আল-ক্বাহত্বানীৰ গ্ৰন্থ "আদ-দুআ ৱা ইয়ালিহিল ইলাজু বিৰ-ৰুক্বা মিনাল কিতাবি অচ্ছুন্নাহ" হৈছে দুআ আৰু চৰীয়তি জৰাফুঁকাৰ জৰিয়তে বেমাৰৰ চিকিৎসাৰ বিষয়ত এক প্ৰামাণ্য উৎস গ্ৰন্থ। গ্ৰন্থখনত পৱিত্ৰ কোৰআন আৰু ছুন্নাহৰ পৰা সংগৃহীত দুআসমূহৰ বিষয়ে আলোচনা কৰা হৈছে, আৰু আধ্যাত্মিক তথা শাৰীৰিক বেমাৰৰ পৰা শ্বিফা লাভৰ বাবে সেইবোৰৰ পৰা কেনেকৈ উপকৃত হ'ব পাৰি সেয়াও স্পষ্ট কৰা হৈছে। তদুপৰি ইয়াত জৰাফুঁকাৰ জৰিয়তে চিকিৎসাৰ বিষয়েও আলোচনা কৰা হৈছে, লগতে শ্বিফা কামনাৰ ক্ষেত্ৰত আল্লাহ তাআলাৰ প্ৰতি গভীৰ ঈমান আৰু একনিষ্ঠ মনোনিৱেশৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াত ক্ষতি আৰু বেমাৰ-আজাৰৰ পৰা সুৰক্ষা আৰু চিকিৎসাৰ কাৰ্যকৰী উপায়সমূহো দাঙি ধৰা হৈছে।