ستون سؤالا في أحكام الحيض والنفاس
*
These files are generated automatically from the book's text; their layout may differ from the printed edition.
*
*
প্ৰশ্ন নং ১-
উত্তৰঃ
প্ৰশ্ন নং ২-
উত্তৰঃ
প্ৰশ্ন নং ৩-
উত্তৰঃ
প্ৰশ্ন নং ৪-
উত্তৰঃ
প্ৰশ্ন নং ৫-
উত্তৰঃ
প্ৰশ্ন নং ৬-
উত্তৰঃ
প্ৰশ্ন নং ৭-
উত্তৰঃ
প্ৰশ্ন নং ৮-
উত্তৰঃ
প্ৰশ্ন নং ৯-
উত্তৰঃ
প্ৰশ্ন নং ১০-
উত্তৰঃ
প্ৰশ্ন নং ১১-
উত্তৰঃ
প্ৰশ্ন নং ১২-
উত্তৰঃ
প্ৰশ্ন নং ১৩-
উত্তৰঃ
প্ৰশ্ন নং ১৪-
উত্তৰঃ
প্ৰশ্ন নং ১৫-
উত্তৰঃ
প্ৰশ্ন নং ১৬-
উত্তৰঃ
প্ৰশ্ন নং ১৭-
উত্তৰঃ
প্ৰশ্ন নং ১৮-
উত্তৰঃ
প্ৰশ্ন নং ১৯-
উত্তৰঃ
প্ৰশ্ন নং ২০-
উত্তৰঃ
প্ৰশ্ন নং ২১-
উত্তৰঃ
প্ৰশ্ন নং ২২-
উত্তৰঃ
প্ৰশ্ন নং ২৩-
উত্তৰঃ
প্ৰশ্ন নং ২৪-
উত্তৰঃ
প্ৰশ্ন নং ২৫-
উত্তৰঃ
প্ৰশ্ন নং ২৬-
উত্তৰঃ
প্ৰশ্ন নং ২৭-
উত্তৰঃ
প্ৰশ্ন নং ২৮-
উত্তৰঃ
প্ৰশ্ন নং ২৯-
উত্তৰঃ
প্ৰশ্ন নং ৩০-
উত্তৰঃ
প্ৰশ্ন নং ৩১-
উত্তৰঃ
প্ৰশ্ন নং ৩২-
উত্তৰঃ
প্ৰশ্ন নং ৩৩-
উত্তৰঃ
প্ৰশ্ন নং ৩৪-
উত্তৰঃ
প্ৰশ্ন নং ৩৫-
উত্তৰঃ
প্ৰশ্ন নং ৩৬-
উত্তৰঃ
প্ৰশ্ন নং ৩৭-
উত্তৰঃ
প্ৰশ্ন নং ৩৮-
উত্তৰঃ
প্ৰশ্ন নং ৩৯-
উত্তৰঃ
প্ৰশ্ন নং ৪০-
উত্তৰঃ
প্ৰশ্ন নং ৪১-
উত্তৰঃ
প্ৰশ্ন নং ৪২-
উত্তৰঃ
প্ৰশ্ন নং ৪৩-
উত্তৰঃ
প্ৰশ্ন নং ৪৪-
উত্তৰঃ
প্ৰশ্ন নং ৪৫-
উত্তৰঃ
প্ৰশ্ন নং ৪৬-
উত্তৰঃ
প্ৰশ্ন নং ৪৭-
উত্তৰঃ
কিয়নো নবী (চাল্লাল্লাহু আলাইহি অছাল্লামে) আবু বকৰ (ৰাদ্বিয়াল্লাহু আনহু)ৰ স্ত্রী আছমা বিন্তে উমাইছ (ৰাদ্বিয়াল্লাহু আনহা)ক জুল হুলাইফাত [এইটো মদীনাবাসীসকলৰ মীক্বাত] যেতিয়া তেওঁ সন্তান জন্ম দিয়াৰ ফলত নিফাছগ্ৰস্ত হৈছিল, তেতিয়া তেওঁক ভালকৈ গা ধুবলৈ কৈছিল আৰু কাপোৰ পৰিধান কৰি ইহৰামৰ নিয়ত কৰাৰ আদেশ দিছিল। ঋতুৱতীও এনেকুৱাই কৰিব আৰু পৱিত্ৰ নোহোৱালৈকে ইহৰাম অৱস্থাতেই থাকিব। ইয়াৰ পিছত [অৰ্থাৎ পৱিত্ৰ হোৱাৰ পিছত] কা’বা ঘৰ তাৱাফ কৰিব আৰু ছাফা-মাৰৱাত ছাঈ কৰিব।
প্ৰশ্ন নং ৪৮-
উত্তৰঃ
প্ৰশ্ন নং ৪৯-
উত্তৰঃ
প্ৰশ্ন নং ৫০-
উত্তৰঃ
প্ৰশ্ন নং ৫১-
উত্তৰঃ
প্ৰশ্ন নং ৫২-
উত্তৰঃ
প্ৰশ্ন নং ৫৩-
উত্তৰঃ
প্ৰশ্ন নং ৫৪-
উত্তৰঃ
প্ৰশ্ন নং ৫৫-
উত্তৰঃ
প্ৰশ্ন নং ৫৬-
উত্তৰঃ
প্ৰশ্ন নং ৫৭-
উত্তৰঃ
প্ৰশ্ন নং ৫৮-
উত্তৰঃ
প্ৰশ্ন নং ৫৯-
উত্তৰঃ
প্ৰশ্ন নং ৬০-
উত্তৰঃ
কিয়নো নবী (চাল্লাল্লাহু আলাইহি অছাল্লামে) ঋতুৱতী নাৰীক কা’বা ঘৰৰ তাৱাফ কৰিবলৈ নিষেধ কৰিছে। এই ক্ষেত্ৰত প্ৰসূতি অৱস্থাও ঋতুস্ৰাৱৰ দৰেই।
[1] আৰবীত খুমৰা কোৱা হয় এবিধ সৰু পাটিক, যিটোত মুচল্লিয়ে নামাজ পঢ়ে। ইয়াক খুমৰা এই কাৰণে কোৱা হয় যে, কিয়নো ই মুখ ঢাকি দিয়ে, অৰ্থাৎ ছাজদাহ কৰিলে মুখ দেখা নাযায়।
ঋতুস্ৰাৱ আৰু প্রসূতি অৱস্থাৰ বিধি-বিধান সংক্রান্তীয় ৬০টা প্রশ্ন
*
আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত
ভূমিকা
সকলো ধৰণৰ প্রশংসা একমাত্ৰ আল্লাহৰ বাবে। দৰূদ আৰু ছালাম বৰ্ষিত হওক আল্লাহৰ ৰাছুল মুহাম্মদ বিন আব্দুল্লাহ (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ ওপৰত আৰু তেখেতৰ পৰিয়ালবৰ্গ আৰু ছাহাবীসকলৰ ওপৰত, লগতে ক্বিয়ামত পৰ্যন্ত যিসকল লোকে তেওঁলোকৰ পথত পৰিচালিত হ’ব সেই সকলো লোকৰ ওপৰত।
হে মুছলিম বা-ভণীসকল!
ইবাদতৰ ক্ষেত্রত মহিলাসকলৰ ঋতুস্ৰাৱৰ বিধি-বিধান সংক্রান্তীয় বিভিন্ন ধৰণৰ প্রশ্ন আলিম সমাজক সোধ-পোচ কৰা দেখা যায়। সেইকাৰণে বাৰে বাৰে উত্থাপিত হোৱা সেই প্ৰশ্নবোৰক বেছি বিস্তাৰিত নকৰাকৈ সংক্ষিপ্তভাৱে একত্ৰিত কৰাৰ আমি প্ৰয়াস কৰিছোঁ।
হে মুছলিম বা-ভণীসকল!
ইছলামী চৰীআতত ফিক্বহৰ অপৰিসীম গুৰুত্বৰ কথা বিবেচনা কৰি প্রশ্নসমূহক আমি একত্রিত কৰিছোঁ, যাতে সেইবোৰ সদায় আপোনালোকৰ হাতৰ ওচৰত থাকে আৰু ইল্ম তথা জ্ঞান সহকাৰে যাতে আল্লাহৰ ইবাদত কৰিব পাৰে।
বিঃদ্ৰঃ কিতাপখন যিয়ে প্ৰথমবাৰ পঢ়িব, তেওঁৰ ওচৰত হয়তো কিছুমান প্রশ্ন পুনৰাবৃত্ত হোৱা বুলি লাগিব পাৰে। কিন্তু ভালদৰে পৰ্যবেক্ষণ কৰিলে দেখিব যে, পুনৰাবৃত্ত হোৱা বুলি ভবা প্রশ্নটোত যিখিনি অধিক জ্ঞানৰ কথা আছে, সেয়া সেই একেই ধৰণৰ বেলেগ প্রশ্নত নাই। সেইকাৰণে আমি সেইবোৰ প্ৰশ্নক এৰি দিয়া নাই।
মহান আল্লাহৰ ফালৰ পৰা শান্তি বৰ্ষিত হওক আমাৰ প্ৰিয় নবী মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ ওপৰত, লগতে তেখেতৰ পৰিয়ালবৰ্গ আৰু চাহাবীসকলৰ ওপৰত। আমীন!
নামাজ আৰু ৰোজাৰ ক্ষেত্রত ঋতুস্ৰাৱৰ বিধি-বিধান
ফজৰৰ পিছতেই যদি কোনো হায়েজ অৱস্থাত থকা নাৰীয়ে হায়েজৰ পৰা পৱিত্ৰতা লাভ কৰে, তেনেহ’লে তেওঁ খোৱা-বোৱা এৰি সেইদিনা ৰোজা পালন কৰিব নেকি? সেইদিনা তেওঁ পালন কৰা ৰোজাটো আদায় হ’বনে? নে আকৌ ক্বাজা পালন কৰিব লাগিব?
ফজৰৰ পিছত যদি কোনো নাৰীয়ে ঋতুস্রাৱৰ পৰা পৱিত্ৰতা লাভ কৰে, তেনেহ’লে সেইদিনা তেওঁ ৰোজা ৰাখিবনে নাই, এই বিষয়ে উলামাসকলৰ দুটা অভিমত পোৱা যায়ঃ
প্রথম অভিমতঃ পৱিত্ৰতা লাভ কৰাৰ পিছত দিনৰ বাকী থকা সময়খিনি ৰোজাৰ দৰেই কটাব লাগিব। কিন্তু সেইটো ৰোজা হিচাপে গণ্য নহ’ব; বৰং সেই দিৱসৰ ৰোজাটো পিছত ক্বাজা কৰাটো অনিবাৰ্য। এইটো হাম্বলী মজহাবৰ প্রসিদ্ধ অভিমত।
দ্বিতীয় অভিমতঃ পৱিত্ৰতা লাভ কৰাৰ পিছত দিনৰ বাকী থকা সময়খিনিত খোৱা-বোৱাৰ পৰা বিৰত থকাৰ প্ৰয়োজন নাই। কিয়নো সেই দিনটোৰ আৰম্ভণিত যিহেতু সেইজনী মহিলা ঋতুৱতী অৱস্থাত আছিল, আৰু ঋতুৱতী অৱস্থাত ৰোজা শুদ্ধ নহয়। গতিকে যিহেতু ৰোজা শুদ্ধ নহয়, সেয়ে খোৱা-বোৱা পৰিত্যাগ কৰাৰো কোনো প্ৰয়োজন নাই। এই সময়টো তাইৰ বাবে কোনো সন্মানীয় সময় নহয়। কিয়নো সেই দিনটো তাই আৰম্ভ কৰিছে এনেকুৱা অৱস্থাত যি অৱস্থাত তাইক ৰোজা ভাঙিবলৈ আদেশ দিয়া হৈছে; বৰং তাই এনেকুৱা অৱস্থাত দিনটো আৰম্ভ কৰিছে যি অৱস্থাত ৰোজা ৰখা তাইৰ বাবে হাৰাম। আনহাতে ৰোজাৰ সংজ্ঞাত কোৱা হৈছে, “ফজৰ উদয় হোৱাৰ পৰা আৰম্ভ কৰি সূৰ্যাস্ত পৰ্যন্ত আল্লাহৰ ইবাদতৰ উদ্দেশ্যে ৰোজা ভংগকাৰী যাৱতীয় বিষয়ৰ পৰা বিৰত থকাৰ নামেই হৈছে ৰোজা।”
এই অভিমতটো আগৰ অভিমততকৈ অধিক প্রাধান্য পোৱাৰ যোগ্য। যিকে নহওক দুয়োটা অভিমতৰ মতেই সেই দিৱসটোৰ ৰোজা ক্বাজা কৰিব লাগিব। [ইয়াত কোনো দ্বিমত নাই]
প্রশ্নকাৰীয়ে কৈছেঃ (ৰমজান মাহত) ঋতুৱতী নাৰী যদি ঋতুস্ৰাৱৰ পৰা পৱিত্ৰ হৈ ফজৰৰ পিছত গোছল কৰি নামাজ আদায় কৰে আৰু সেই দিনটোৰ ৰোজা পালন কৰে, তেনেহ’লে তাই আকৌ সেই দিনটোৰ ৰোজা ক্বাজা কৰিব লাগিব নেকি?
ঋতুৱতী নাৰী যদি ফজৰৰ এক মিনিট আগতেও নিশ্চিতৰূপে পৱিত্ৰতা লাভ কৰে, তেন্তে ৰমজান মাহ হ’লে তাই সেই দিনটোৰ ৰোজা নিশ্চয় পালন কৰিব লাগিব আৰু সেই দিনটোৰ ৰোজা শুদ্ধ ৰোজা হিচাপে গণ্য হ’ব। সেই ৰোজা পুনৰ ক্বাজা কৰাৰ প্ৰয়োজন নাই। কাৰণ তাই পৱিত্ৰ অৱস্থাত ৰোজা ৰাখিছে। যদিও ফজৰৰ পিছত গোছল কৰিছে তথাপিও কোনো অসুবিধা নাই। যিদৰে কোনো পুৰুষ সহবাস জনিত কাৰণত অথবা স্বপ্নদোষৰ কাৰণত যদি অপৱিত্র হয় আৰু সেই অৱস্থাতেই যদি ছাহৰী কৰে, তেন্তে ফজৰৰ আগত গোছল নকৰিলেও তাৰ ৰোজা শুদ্ধ হ’ব।
এই ক্ষেত্রত মই নাৰীসমাজক আন এটি বিষয় সম্পৰ্কে সতৰ্ক কৰিব বিচাৰোঁ। কিছুমান নাৰীয়ে ভাবে যে, গোটেই দিন ৰোজা ৰাখি ইফতাৰৰ পিছত ঈশ্বাৰ আগত ঋতুস্ৰাৱ আৰম্ভ হ’লে সেই দিনটোৰ ৰোজা বিনষ্ট হৈ যায়। ইয়াৰ কোনো ভিত্তি নাই। অথচ ইফতাৰতো দূৰৰ কথা সূৰ্যাস্তৰ এক মিনিট পিছতো যদি তাইৰ ঋতুস্ৰাৱ আৰম্ভ হয়, তথাপিও তাইৰ সেই দিনটোৰ ৰোজা পূৰ্ণ হ’ব তথা শুদ্ধ হিচাপে গণ্য হ’ব।
সদ্য সন্তান প্রসৱ কৰা নাৰী এজনী যদি চল্লিশ দিনৰ আগতেই পৱিত্ৰ হৈ যায়, তেনেহ’লে তাইৰ বাবে ৰোজা ৰখা আৰু নামাজ আদায় কৰা ওৱাজিব হ’ব নেকি?
হয়, সদ্য সন্তান প্রসৱ কৰা কোনো নাৰী চল্লিশ দিনৰ আগত যেতিয়াই পৱিত্ৰ হ’ব, তেতিয়াৰ পৰাই তাইৰ ওপৰত ৰোজা ৰখা অপৰিহাৰ্য হৈ পৰিব- যদি সেইটো ৰমজান মাহ হয়। এইদৰে তাইৰ ওপৰত নামাজ আদায় কৰাটোও ওৱাজিব হ’ব, লগতে স্বামীৰ বাবে সহবাস কৰাও বৈধ হৈ পৰিব। কিয়নো তাই এতিয়া এজনী পৱিত্ৰ নাৰী। যাৰ মাজত নামাজ-ৰোজা আৰু সহবাসৰ বৈধতাক বাধা প্ৰদানকাৰী কোনো বিষয় অৱশিষ্ট নাই।
কোনো মহিলাৰ ঋতুস্ৰাৱৰ সময়সীমা যদি প্রত্যেক মাহৰ আঠ অথবা সাতদিন হয়; কিন্তু কেতিয়াবা কেতিয়াবা সেই অভ্যাস ভংগ কৰি দুই এদিন অধিক ঋতুস্ৰাৱ থাকে, সেই ক্ষেত্রত ইয়াৰ বিধান কি?
যদি উক্ত মহিলাৰ মাহেকীয়া ঋতুস্ৰাৱৰ সময়সীমা ছয়দিন বা সাত দিন হয়, কিন্তু মাজে মাজে এই সময়সীমা বৃদ্ধি হৈ আঠ, ন, দহ অথবা এঘাৰ দিনলৈ থাকে, তেনেহ’লে সেই নাৰীয়ে পৱিত্ৰ নোহোৱা পৰ্যন্ত নামাজ আদায় কৰাৰ প্ৰয়োজন নাই। কিয়নো নবী (চাল্লাল্লাহু আলাইহি অছাল্লাম)এ ঋতুস্ৰাৱৰ বাবে কোনো নিৰ্দিষ্ট সময়সীমা বান্ধি দিয়া নাই। আনহাতে আল্লাহ তা‘আলাই কৈছে, “সিহঁতে আপোনাক হায়েজ সম্পৰ্কে প্ৰশ্ন কৰে; আপুনি কৈ দিয়ক, সেইটো হৈছে এক প্ৰকাৰ অশুচি (তথা কষ্টদায়ক বস্তু)”। (ছুৰা আল-বাক্বাৰাহঃ ২২২)। এতেকে এই তেজ থকালৈকে নাৰীক ঋতুস্ৰাৱত থকা বুলিয়ে গণ্য কৰা হ’ব, ইয়াৰ পিছত যেতিয়া পৱিত্ৰতা অৰ্জন কৰিব (অৰ্থাৎ হায়েজৰ তেজ নাইকীয়া হ’ব) তেতিয়া গোছল কৰিব আৰু নামাজ পঢ়িব পাৰিব। অনুৰূপভাৱে পৰবৰ্তী মাহত যদি পূৰ্বৱৰ্তী মাহৰ তুলনাত কম দিনতে ঋতুস্ৰাৱ বন্ধ হৈ যায়, তেনেহলে তাই তেতিয়াই গোছল কৰি লব [আৰু নামাজ-ৰোজা আৰম্ভ কৰিব]।
এই ক্ষেত্রত গুৰুত্বপূৰ্ণ কথাটো হৈছে এই যে, এজনী নাৰীয়ে ঋতুস্ৰাৱ থকা সময়ছোৱাত নামাজ আদায় নকৰিব- তাইৰ ঋতুস্ৰাৱ পূৰ্বৱৰ্তী মাহৰ দৰে হওক অথবা তাতকৈ বেছি বা কমদিন হওক (ইয়াত কোনো পাৰ্থক্য নাই)। গতিকে যেতিয়াই ঋতুস্ৰাৱৰ পৰা পৱিত্ৰতা লাভ কৰিব, তেতিয়াৰ পৰাই নামাজ আদায় কৰিব পাৰিব।
নিফাছ অৱস্থাত থকা (প্ৰসূতি) নাৰীয়ে ছালাত-ছিয়াম (নামাজ-ৰোজা) পৰিত্যাগ কৰি চল্লিশ দিনলৈকে অপেক্ষা কৰিব নেকি, নে তেজ বন্ধ হোৱা বা নোহোৱাটোৱে হৈছে মূল বিষয়? অৰ্থাৎ যেতিয়া তেজ বন্ধ হ’ব, তেতিয়াই পৱিত্ৰ হৈ যাব আৰু নামাজ পঢ়িব পাৰিব? লগতে আৰু এটা কথা, পৱিত্ৰ হোৱাৰ সৰ্বনিম্ন কোনো সময়সীমা আছে নেকি?
প্রসূতি নাৰীৰ নির্দিষ্ট কোনো সময়সীমা নাই; বৰং যিমানদিন তেজ থাকিব, সিমানদিন অপেক্ষা কৰিব। সেই সময়ছোৱাত নামাজ পঢ়িব নোৱাৰিব, ৰোজাও ৰাখিব নোৱাৰিব আৰু স্বামীৰ সৈতে সহবাসো কৰিব নোৱাৰিব।
আনহাতে যেতিয়াই তাই পৱিত্ৰ হৈ যাব -যদিও সেয়া চল্লিশ দিনৰ আগতেই হয়; আনকি দহদিন বা পাঁচ দিনতেই যদি তাই পৱিত্ৰতা লাভ কৰে- তেনেহ’লে তাই নামাজ পঢ়া আৰম্ভ কৰিব আৰু ৰোজাও ৰাখিব পাৰিব, লগতে স্বামীৰ সৈতে সহবাস কৰাতো কোনো বাধা নাথাকিব।
মুঠতে প্রসূতি অৱস্থাটো হৈছে এটা ইন্দ্রিয়গ্রাহ্য বিষয়- যিটোৰ বিধি-বিধান তেজ থকা আৰু নথকাৰ সৈতে সম্পৰ্কীয়। গতিকে যিমান দিন নিফাছৰ তেজ থাকিব, সিমান দিনেই ইয়াৰ বিধি-বিধান বলৱৎ থাকিব। যেতিয়াই পৱিত্ৰতা লাভ কৰিব তেতিয়াই ইয়াৰ পৰা মুক্ত হ'ব।
কিন্তু যদি এই তেজৰ সময়সীমা ষাঠী দিনতকৈ অধিক হয়, তেন্তে ইয়াক ইস্তেহাজা হিচাপে গণ্য কৰা হ’ব। এই ক্ষেত্রত তাই কেৱল অন্যান্য মাহত হোৱা ঋতুস্ৰাৱৰ দিনবোৰৰ সমপৰিমাণ অপেক্ষা কৰিব আৰু তাৰ পিছত বাকী দিনবোৰত গোছল কৰি নামাজ পঢ়া আৰম্ভ কৰিব।
যদি ৰমজান মাহত দিনৰ সময়ছোৱাত কোনো নাৰীৰ কেইটোপালমান তেজ ওলায় আৰু গোটেই ৰমজান মাহতে এইদৰে এটোপ এটোপকৈ তেজ ওলায়ে থাকে, তেনে অৱস্থাত সেই নাৰীয়ে যদি ৰোজা ৰাখে, তেনেহ’লে তাইৰ ৰোজা শুদ্ধ হ’বনে?
হয়, তাইৰ ৰোজা শুদ্ধ হ’ব। এই তেজৰ ফলত ৰোজাৰ কোনো ক্ষতি নহয়। কাৰণ এইটো শিৰাৰ পৰা অহা তেজ। আলী (ৰাদ্বিয়াল্লাহু আনহু)ৰ পৰা বৰ্ণিত আছে, তেওঁ কৈছেঃ “এই তেজৰ টোপালবোৰ নাকেৰে ওলোৱা তেজৰ দৰে, এইটো ঋতুস্ৰাৱ নহয়”। এই মন্তব্য তেওঁৰ পৰা বৰ্ণিত হৈছে।
ঋতুৱতী অথবা প্রসূতি কোনো নাৰী যদি ফজৰৰ আগতেই পৱিত্ৰতা লাভ কৰে কিন্তু ফজৰৰ সময় আৰম্ভ হোৱাৰ পিছত গোছল কৰে, তেনেহ’লে তাইৰ ৰোজা শুদ্ধ হ’বনে?
হয়, ঋতুৱতী নাৰীয়ে যদি ফজৰৰ আগত পৱিত্ৰতা লাভ কৰে আৰু ফজৰৰ সময় আৰম্ভ হোৱাৰ পিছত গোছল কৰে, তেনেহ’লে তাইৰ ৰোজা শুদ্ধ হ’ব। অনুৰূপ বিধান প্রসূতি নাৰীৰ ক্ষেত্রতো। কিয়নো সিহঁত সেই সময়ছোৱাত ৰোজা ৰখাৰ উপযুক্ত বুলি প্রমাণিত। সিহঁতৰ বিধান সেই ব্যক্তিৰ সৈতে সাদৃশ্যপূৰ্ণ, যিজন ফজৰৰ সময়ত সহবাস জনিত কাৰণত অপৱিত্ৰ আছিল (আৰু সেই অপৱিত্ৰ অৱস্থাতেই ছাহৰী খাইছে)। ইয়াৰ ফলত তেওঁৰ ৰোজাত কোনো ত্ৰুটি নহ’ব। মহান আল্লাহে কৈছেঃ “তোমালোকে এতিয়া সিহঁতৰ লগত মিলিত হ’ব পাৰিবা আৰু আল্লাহে তোমালোকৰ বাবে যি বিধিবদ্ধ কৰি ৰাখিছে সেইটো কামনা কৰা; আৰু তোমালোকে পানাহাৰ কৰা যেতিয়ালৈকে ৰাতিৰ ক'লা ৰেখাৰ পৰা ঊষাৰ বগা ৰেখা স্পষ্টৰূপে তোমালোকৰ ওচৰত প্ৰকাশ নহয়।”। (ছুৰা আল-বাক্বাৰাহঃ ১৮৭) ইয়াত যিহেতু আল্লাহে ফজৰ উদয় নোহোৱালৈকে সহবাস কৰাৰ অনুমতি দিছে, সেই হিচাপে ফজৰৰ সময় হোৱাৰ পিছত গোছল কৰাটোৱে স্বাভাৱিক। এইদৰে আইশ্বা (ৰাদ্বিয়াল্লাহু আনহা)ৰ পৰা বৰ্ণিত হাদীছত আহিছে যে, “ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লাম) সহবাসজনিত কাৰণত অপৱিত্ৰ অৱস্থাত প্ৰভাত কৰিছিল আৰু এই অৱস্থাতেই (ছাহৰী খাই) ৰোজা ৰাখিছিল”। অৰ্থাৎ তেখেত ফজৰ উদয় হোৱাৰ পিছত গোছল কৰিছিল।
কোনো মহিলাই যদি মাহেকীয়া হোৱাৰ প্ৰাদুৰ্ভাৱ অনুভৱ কৰে অথবা তাইৰ অভ্যাস অনুসৰি বিষ অনুভৱ কৰে, অথচ সূৰ্যাস্তৰৰ আগত তেজ ওলোৱা নাই, তেনে অৱস্থাত তাইৰ সেই দিনটোৰ ৰোজা শুদ্ধ হ’বনে, নে ক্বাজা কৰিব লাগিব?
কোনো মহিলাই যদি ৰোজা অৱস্থাত ঋতুস্ৰাৱ অহাৰ সংকেত পায় অথবা বিষ অনুভৱ কৰে অথচ সূর্যাস্তৰৰ আগত তেজ ওলোৱা নাই, তেনেহ’লে তাইৰ সেই দিনটোৰ ৰোজা শুদ্ধ হৈ যাব। ফৰজ ৰোজা হ’লেও সেই ৰোজা দুনাই কৰাৰ (অৰ্থাৎ ক্বাজা কৰাৰ) প্ৰয়োজন নাই। এইদৰে নফল ৰোজা হ’লেও তাইৰ ৰোজাৰ ছোৱাব বিনষ্ট নহ’ব।
কোনো মহিলাই যদি তেজ দেখা পায় কিন্তু তাই নিশ্চিত নহয় যে, সেইটো ঋতুস্ৰাৱৰ তেজ হয়নে নহয়, তেনেহ’লে তাইৰ সেই দিনটোৰ ৰোজাৰ বিধান কি হ’ব?
তাইৰ সেই দিনটোৰ ৰোজা শুদ্ধ বুলি বিবেচিত হ’ব। কিয়নো হায়েজ নথকা বা পৱিত্ৰতাই হৈছে [নাৰীৰ] মূল অৱস্থা। কিন্তু হায়েজৰ বিষয়টো স্পষ্ট হ’লে সেয়া সুকীয়া কথা।
কেতিয়াবা কেতিয়াবা নাৰীয়ে সামান্য তেজৰ চিহ্ন দেখা পায় অথবা বিভিন্ন সময়ত বিন্দু পৰিমাণ তেজৰ টোপাল দেখা পায়। এইটো কেতিয়াবা হয় মাহেকীয়া হোৱাৰ নিৰ্দিষ্ট সময়ৰ আগমূহূৰ্তত আৰু কেতিয়াবা হয় বেলেগ সময়ত, গতিকে এই দুয়োটা অৱস্থাত ৰোজাৰ বিধান কি?
ইতিপূৰ্বে এই ধৰণৰ এটা প্ৰশ্নৰ উত্তৰ দিয়া হৈছে। কিন্তু ইয়াত এটা উল্লেখ কৰিবলগীয়া বিষয় হৈছে এই যে, এই বিন্দু পৰিমাণ তেজ যদি মাহেকীয়াৰ নিৰ্ধাৰিত সময়ত হয় যিটোক তাই ভালকৈয়ে জানে যে, এতিয়া হায়েজৰ সময় হৈছে তেন্তে সেইটোক হায়েজ হিচাপে গণ্য কৰা হ’ব।
ঋতুৱতী আৰু প্রসূতি মহিলাই ৰমজান মাহত দিনৰ ভাগত খোৱা-বোৱা কৰিব পাৰিবনে?
হয়, তেওঁলোকে ৰমজান মাহত দিনৰ ভাগত পানাহাৰ কৰাত কোনো অসুবিধা নাই। কিন্তু যদি সৰু লৰা-ছোৱালী থাকে তেন্তে গোপনে খোৱা-বোৱা কৰাটো উত্তম। কিয়নো প্রকাশ্যভাৱে খোৱা-বোৱা কৰিলে বিষয়টোৱে সিহঁতৰ মাজত জটিলতাৰ সৃষ্টি কৰিব।
যদি কোনো ঋতুৱতী অথবা প্রসূতি নাৰীয়ে আছৰৰ সময়ত পৱিত্ৰতা লাভ কৰে, তেনেহ’লে তাই আছৰৰ সৈতে জোহৰৰ নামাজো পঢ়িব লাগিব নেকি, নে কেৱল আছৰ পঢ়িলেই হ’ব?
এই বিষয়টোত প্ৰাধান্যযোগ্য অভিমতটো হৈছে এই যে, তাইৰ ওপৰত কেৱল আছৰৰ নামাজটোৱে অনিবাৰ্য। কিয়নো এই ক্ষেত্ৰত তাইৰ ওপৰত জোহৰৰ নামাজ ওৱাজিব হোৱাৰ কোনো দলীল নাই। ইয়াৰ মূল হৈছে দায়মুক্ত হোৱা। ইয়াৰ ওপৰিও ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লামে) কৈছে, “যি ব্যক্তিয়ে সূৰ্যাস্তৰ আগত আছৰৰ এক ৰাকআত পাইছে, সি দৰাচলতে সম্পূৰ্ণ আছৰৰ নামাজ পাইছে।” ইয়াত ৰাছুলুল্লাহ (চাল্লাল্লাহু আলাইহি অছাল্লামে) এই কথা কোৱা নাই যে, সি জোহৰৰ নামাজো পাইছে। আনহাতে জোহৰৰ নামাজ যদি তাইৰ ওপৰত ওৱাজিব হ’লহেঁতেন, তেন্তে নিশ্চয় ৰাছুলুল্লাহ (চাল্লাল্লাহু আলাইহি অছাল্লামে) সেয়া স্পষ্ট কৰিলেহেঁতেন। অনুৰূপভাৱে কোনো মহিলা যদি জোহৰৰ সময় আৰম্ভ হোৱাৰ পিছত ঋতুৱতী হয়, তেনেহ’লে [হায়েজৰ পৰা পৱিত্ৰতা লাভ কৰাৰ পিছত] তাই কেৱল জোহৰৰ নামাজৰ ক্বাজা আদায় কৰিলেই হ’ব, আছৰৰ নহয়। যদিও জোহৰৰ নামাজ আছৰৰ নামাজৰ সৈতে (কেৱল আৱশ্যক হ’লে যেনে ভ্ৰমণৰ ক্ষেত্ৰত) জমা কৰি পঢ়া হয়। এই অৱস্থা আৰু প্রশ্নকৃত অৱস্থাৰ মাজত কোনো পাৰ্থক্য নাই।
এতেকে, দলীল আৰু ক্বিয়াছৰ ওপৰত ভিত্তি কৰি প্ৰাধান্যযোগ্য মতটো হৈছে, তাইৰ বাবে কেৱল আছৰৰ নামাজ আদায় কৰাটোৱে হৈছে অনিবাৰ্য। এইদৰে যদি কোনোবাই ঈশ্বাৰ সময় শেষ হোৱাৰ আগতেই পৱিত্ৰতা লাভ কৰে, তেনেহ’লে তাই কেৱল ঈশ্বাৰ নামাজ আদায় কৰিলেই হ’ব, মাগৰিবৰ নামাজ নহয়।
কিছুমান মহিলাৰ অকাল গৰ্ভপাত হয়। ইয়াৰ দুটা অৱস্থা হ’ব পাৰেঃ- গৰ্ভস্থ সন্তান আকৃতি ধাৰণৰ আগতেই গৰ্ভপাত হয়, অথবা আকৃতি ধাৰণৰ পিছত গৰ্ভপাত হয়। তেনে অৱস্থাত উক্ত মহিলাই গৰ্ভপাত কৰা দিনত আৰু তেজ আহি থকা দিনবোৰত ৰোজা ৰাখিবনে নাই, ইয়াৰ বিধান কি?
যদি গৰ্ভস্থ সন্তানে আকৃতি ধাৰণ কৰা নাই, তেনেহ’লে সেই ক্ষেত্রত তাইৰ সেই তেজক প্রসূতি (নিফাছ) অৱস্থাৰ তেজ হিচাপে গণ্য কৰা নহ’ব। এতেকে সেই সময়ত তাই ৰোজাও ৰাখিব পাৰিব আৰু সময়মতে নামাজ পঢ়িব, আৰু এইটো সঠিক বুলি গণ্য হ’ব।
আনহাতে যদি সন্তানে আকৃতি ধাৰণ কৰিছে, তেনেহ’লে উক্ত মহিলাৰ সেই তেজক নিফাছৰ তেজ হিচাপে গণ্য কৰা হ’ব। এতেকে এই অৱস্থাত তাইৰ বাবে নামাজ, ৰোজা বৈধ নহয়।
এই মাছআলাৰ নিয়মটো হৈছে এই যে, যদি সন্তানে আকৃতি লাভ কৰিছে, তেনেহ’লে সেই তেজক নিফাছৰ তেজ হিচাপে গণ্য কৰা হ’ব, আৰু যদি আকৃতি লাভ কৰা নাই, তেনেহ’লে তাইৰ সেই তেজক নিফাছ বা প্রসূতি অৱস্থাৰ তেজ হিচাপে গণ্য কৰা নহ’ব। এতেকে তেজ যদি নিফাছ হিচাপে গণ্য হয়, তেনেহ’লে নিফাছ অৱস্থাত যিবোৰ কৰা হাৰাম (উদাহৰণস্বৰূপে নামাজ, ৰোজা, তাৱাফ ইত্যাদি) এই অৱস্থাতো সেইবোৰ হাৰাম হ’ব। পক্ষান্তৰে যদি তেজক নিফাছ হিচাপে গণ্য কৰা নহয়, তেনেহ’লে তাইৰ ওপৰত সেইবোৰ হাৰাম নহ’ব।
ৰমজান মাহত দিনৰ ভাগত কোনো গৰ্ভৱতী নাৰীৰ যদি তেজ ওলায় তেনেহ’লে ৰোজাত কোনো প্ৰভাৱ পৰিব নেকি?
যদি কোনো নাৰীৰ ৰোজা থকা অৱস্থাত তেজস্ৰাৱ আৰম্ভ হয়, তেনেহ’লে তাইৰ ৰোজা ভংগ হৈ যাব। কিয়নো ৰাছুলুল্লাহ (চাল্লাল্লাহু আলাইহি অছাল্লামে) কৈছে, “মহিলাসকলৰ বিষয়টো এনেকুৱা নহয়নে যে, যেতিয়া কোনো মহিলা ঋতুৱতী হয়, তেতিয়া তাই নামাজ নপঢ়ে আৰু ৰোজাও নাৰাখে?”। সেইকাৰণেই আমি ঋতুস্ৰাৱক ৰোজা ভংগকাৰী বিষয় হিচাপে গণ্য কৰোঁ। এইদৰে প্রসূতি অৱস্থাৰ তেজকো। হায়েজ নিফাছৰ তেজ ওলালেই ৰোজা ভংগ হয়।
এতেকে ৰমজান মাহৰ দিনৰ ভাগত ওলোৱা গৰ্ভৱতীৰ তেজ যদি ঋতুস্ৰাৱ হয়, তেনেহ’লে সেইটো সাধাৰণ মহিলাৰ ঋতুস্ৰাৱৰ দৰেই গণ্য হ’ব। অৰ্থাৎ ইয়াৰ ফলত তাইৰ ৰোজাত প্রভাৱ পৰিব। [অৰ্থাৎ ৰোজা ভংগ হ’ব, পৰৱৰ্তী সময়ত কাজা কৰিব লাগিব] আনহাতে যদি ঋতুস্ৰাৱ নহয়, তেনেহ’লে প্রভাৱ নপৰিব।
গৰ্ভৱতী মহিলাৰ ঋতুস্ৰাৱ তেতিয়াহে আহিব পাৰে, যেতিয়া তাই গৰ্ভৱতী হোৱাৰ পিছতো তাইৰ হায়েজৰ তেজ বন্ধ হোৱা নাই, অৰ্থাৎ ধাৰাবাহিক ঋতুস্ৰাৱ- যিটো গৰ্ভধাৰণৰ পিছতো চলি আছে। বৰং প্রত্যেক মাহৰ নির্ধাৰিত সময়তেই ঋতুস্ৰাৱ আহে। প্ৰাধান্যযোগ্য মতানুসাৰে এইটো হৈছে ঋতুস্ৰাৱ, সেয়ে এই ক্ষেত্ৰত সাধাৰণ ঋতুস্ৰাৱৰ বিধি-বিধান বলৱৎ হ’ব।
কিন্তু যদি এনেকুৱা হয় যে, গৰ্ভধাৰণৰ পিছত তেজ বন্ধ আছিল, তাৰ পিছতহে তেজ ওলাইছে- যিটো ঋতুস্ৰাৱৰ নিৰ্দিষ্ট সময়তো নহয়, তেনেহ’লে সেই তেজৰ ফলত ৰোজাত কোনো প্রভাৱ নপৰিব। কিয়নো এইটো ঋতুস্ৰাৱ নহয়।
যদি কোনো নাৰীয়ে তাইৰ মাহেকীয়া ঋতুস্ৰাৱৰ নির্ধাৰিত সময়ত এদিন তেজ দেখা পায় কিন্তু তাৰ পিছৰ দিনা গোটেই দিনটো তেজ দেখা নাপায়, তেনেক্ষেত্রত তাইৰ কৰণীয় কি হ’ব?
স্বাভাৱিকতে ঋতুস্ৰাৱৰ দিনবোৰত দেখা দিয়া এনেকুৱা পৱিত্ৰতা বা শুকান অৱস্থাক হায়েজ বুলিয়েই গণ্য কৰা হয়, সেইটোক পৱিত্ৰতা বুলি গণ্য কৰা নহয়। গতিকে সাধাৰণ হায়েজ অৱস্থাত যিবোৰৰ পৰা বিৰত থাকিব লাগে সেইবোৰৰ পৰা বিৰত থাকিব।
আনহাতে কিছুমান ওলামাই কৈছেঃ যদি কোনো মহিলাই এদিন তেজ দেখে আৰু এদিন স্বচ্ছতা দেখা পায়, তেনেহ’লে সেই তেজ থকা দিনটোক হায়েজ হিচাপে লব আৰু শুকান অৱস্থাটোক পৱিত্ৰতা হিচাপে লব। পোন্ধৰ দিনলৈকে এই বিধান বলৱৎ থাকিব। পোন্ধৰ দিন অতিক্রম হোৱাৰ পিছতো যদি এনেকুৱা অৱস্থা থাকে, তেনেহ’লে সেইটোক ইস্তেহাজা হিচাপে গণ্য কৰা হ’ব। এইটো হৈছে ইমাম আহমাদ বিন হাম্বল (ৰাহিমাহুল্লাহ)ৰ মাজহাবৰ প্ৰসিদ্ধ অভিমত।
হায়েজৰ শেষ দিনবোৰত পৱিত্ৰতা লাভ কৰাৰ পূৰ্বে নাৰীয়ে তেজৰ চিহ্ন দেখা পোৱা নাই। আনকি বগা জাতীয় যিটো পদাৰ্থ [সাধাৰণতে হায়েজ শেষ হোৱাৰ সংকেত হিচাপে] ওলায়, সেইটোও ওলোৱা নাই, তেনেক্ষেত্ৰত সেই নাৰীয়ে ৰোজা ৰাখিবনে? নে কি কৰিব লাগিব?
এইটো যদি তাইৰ আগৰ পৰাই অভ্যাস থাকে যে, তাইৰ হায়েজ শেষ হোৱাৰ সময়ত সংকেত হিচাপে বগা জাতীয় পদাৰ্থ নোলায়, যিদৰে কিছুমান নাৰীয়ে দেখা পায়, তেনেহ’লে তাই (ৰমজান মাহ হ’লে) ৰোজা ৰাখিব। আনহাতে যদি বগা জাতীয় পদাৰ্থ ওলোৱাটো তাইৰ আগৰ পৰাই অভ্যাস থাকে, তেনেহ’লে তাই সেইটো নোলোৱালৈকে ৰোজা ৰখাৰ পৰা বিৰত থাকিব।
প্রয়োজনত ঋতুৱতী আৰু প্রসূতি মহিলাই চাই চাই অথবা মুখস্ত কোৰআন তিলাৱত কৰাৰ বিধান কি -উদাহৰণস্বৰূপে যদি তাই ছাত্রী অথবা শিক্ষয়িত্ৰী হয়?
ঋতুৱতী আৰু প্রসূতি মহিলাই প্রয়োজনত কোৰআন তিলাৱত কৰাত কোনো অসুবিধা নাই। যেনে- কোনো শিক্ষয়িত্ৰী নাৰী অথবা কোনো ছাত্রী, যিয়ে ক্লাছৰ পাঠ দিনে ৰাতি পঢ়িব লগা হৈছে।
আনহাতে যদি কোনোবাই এই অৱস্থাত বিশেষ প্ৰয়োজন নোহোৱাকৈ ছোৱাবৰ উদ্দেশ্য তিলাৱত কৰিব বিচাৰে তেনেহ’লে নকৰাই ভাল। কিয়নো অধিকাংশ ওলামাৰ মতে, ঋতুৱতী নাৰীয়ে কোৰআন তিলাৱত কৰা ঠিক নহয়।
ঋতুৱতী নাৰীয়ে ঋতুস্ৰাৱৰ পৰা পৱিত্ৰতা লাভ কৰাৰ পিছত, তাই পিন্ধি থকা কাপোৰখিনি সলাব লাগিব নেকি? জানি থোৱা উচিত যে, সেই কাপোৰত হায়েজৰ তেজো লগা নাই আৰু কোনো ময়লাও লগা নাই (তথাপিও সলাব লাগিব নেকি)?
পৰিবৰ্তন কৰাৰ কোনো প্ৰয়োজন নাই। কিয়নো হায়েজে শৰীৰক অপৱিত্ৰ নকৰে; বৰং হায়েজৰ তেজ য’ত লাগে, কেৱল সেই অংশখিনিহে অপৱিত্ৰ হয়। এই কাৰণেই ৰাছুলুল্লাহ (চাল্লাল্লাহু আলাইহি অছাল্লামে) মহিলাসকলক নিৰ্দেশ দি কৈছেঃ যদি সিহঁতৰ কাপোৰত হায়েজৰ তেজ লাগে তেন্তে সিহঁতে যেন সেইখিনি অংশক ধুই লয়, আৰু সেই কাপোৰ পৰিধান কৰিয়ে নামাজ পঢ়িব পাৰিব।
এজন প্রশ্নকাৰীয়ে প্ৰশ্ন কৰিছে যে, এজনী মহিলাই প্রসূতি অৱস্থাত থকাৰ সময়ত ৰমজানৰ সাতটা ৰোজা কৰিব পৰা নাছিল, কিন্তু সেই ৰোজা ক্বাজা নকৰাকৈয়ে দ্বিতীয় ৰমজান আহি পৰিল, এই ৰমজানতো সন্তানক পিয়াহ খোৱাবলগীয়া হোৱাত সাতটা ৰোজা কৰিব পৰা নাই, কিন্তু এতিয়া অসুস্থতাৰ কাৰণে সেই ৰোজাবোৰৰ ক্বাজা পালন কৰিব পৰা নাই। আনকি এতিয়া তৃতীয় ৰমজান প্ৰৱেশ কৰাৰ উপক্রম হৈছে! এতিয়া তাইৰ কৰণীয় কি? অনুগ্ৰহ কৰি জনাব। আল্লাহে আপোনাক উত্তম প্রতিদান দিয়ক।
উক্ত মহিলাৰ বক্তব্য অনুযায়ী যদি তাই সঁচাই অসুস্থ আৰু ক্বাজা আদায় কৰিবলৈ সক্ষম নহয়, তেনেহ’লে যেতিয়াই সক্ষম হ’ব তেতিয়াই ক্বাজা আদায় কৰিব। এই ক্ষেত্রত পৰৱৰ্তী ৰমজান আহিলেও কোনো সমস্যা নাই। কিয়নো তাইৰ উপযুক্ত ওজৰ আছে।
কিন্তু যদি তাইৰ কোনো ওজৰ নাথাকে; বৰং অহেতুক অজুহাত দেখুৱাই অথবা অৱহেলা কৰি পলম কৰে, তেনেহ’লে তাইৰ বাবে এটা ৰমজানৰ ক্বাজা ৰোজা আন এটা ৰমজান পর্যন্ত পলম কৰা বৈধ নহয়। আইশ্বা (ৰাদ্বিয়াল্লাহু আনহাই) কৈছেঃ “মোৰ ওপৰত যিবোৰ ক্বাজা ৰোজা থাকিছিল, সেইবোৰ মই শ্বাবান মাহৰ বাহিৰে বেলেগ মাহত ক্বাজা পালন কৰিবলৈ সময় পোৱা নাছিলোঁ।”
এতেকে, সেই মহিলাজনীয়ে নিজৰ প্রতি দৃষ্টিপাত কৰা উচিত; যদি তাইৰ কোনো ওজৰ নোহোৱাকৈয়ে পলম কৰিছিল, তেনেহ’লে তাই গোনাহগাৰ হ’ব আৰু তাই আল্লাহৰ ওচৰত তাওবা কৰিব লাগিব। লগতে তাইৰ ওপৰত থকা ৰোজাবোৰ যিমান সোনকালে পাৰে ক্বাজা আদায় কৰা উচিত। আনহাতে যদি তাই সঁচাই কোনো অসুবিধাত থাকে, তেনেহ’লে এক বা দুই বছৰ পিছুৱাই গ’লেও কোনো গোনাহ নহ’ব।
কিছুমান মহিলাৰ ক্ষেত্ৰত এনেকুৱা হয় যে, পূৰ্বৱৰ্তী ৰমজানৰ ক্বাজা ৰোজা পালন কৰাই নাই, আকৌ ইপিনে পৰৱৰ্তী ৰমজান আহি পৰিছে, তেনেকুৱা মহিলাৰ কৰণীয় কি?
তেনেকুৱা মহিলাৰ কৰণীয় হৈছে, এনেকুৱা অৱহেলা পৰিত্যাগ কৰি আল্লাহৰ ওচৰত তাওবা কৰা উচিত। কিয়নো উচিত কাৰণ নোহোৱাকৈ ৰমজানৰ ক্বাজা ৰোজা পৰৱৰ্তী ৰমজানলৈকে পলম কৰা উচিত নহয়। এই বিষয়ে আইশ্বা (ৰাদ্বিয়াল্লাহু আনহাই) কৈছেঃ “মোৰ ওপৰত যিবোৰ ক্বাজা ৰোজা থাকিছিল, সেইবোৰ মই শ্বাবান মাহৰ বাহিৰে বেলেগ মাহত ক্বাজা পালন কৰিবলৈ সময় পোৱা নাছিলোঁ।”
এই হাদীছে প্রমাণ কৰে যে, এটা ৰমজানৰ ক্বাজা ৰোজা পৰৱৰ্তী ৰমজানৰ পিছলৈকে পলম কৰা সম্ভৱ [বৈধ] নহয়। গতিকে তাই কৰা এই ভুলৰ বাবে আল্লাহৰ ওচৰত তাওবা কৰিব লাগিব আৰু দ্বিতীয় ৰমজানৰ পিছত বাকী থকা ৰোজাবোৰ ৰাখিব লাগিব।
যদি দিনৰ এটা বজাত কোনো মহিলাৰ ঋতুস্ৰাৱ আৰম্ভ হয় [অৰ্থাৎ নামাজৰ সময় হোৱাৰ পিছত তাইৰ ঋতুস্ৰাৱ আৰম্ভ হৈছে] কিন্তু তেতিয়াও তাই জোহৰৰ নামাজ আদায় কৰা নাছিল। এতেকে প্ৰশ্ন হ’ল যে, তাইৰ ঋতুস্ৰাৱ বন্ধ হোৱাৰ পিছত সেই নামাজ ক্বাজা আদায় কৰিব লাগিব নেকি?
এই বিষয়টোত আলিমসকলৰ মাজত মতানৈক্য আছে। তেওঁলোকৰ মাজৰ কিছুমানে কৈছেঃ তাইৰ সেই নামাজ ক্বাজা পালন কৰিব নালাগে। কিয়নো তাই অৱহেলা কৰি এৰি দিয়া নাই। লগতে তাইৰ গোনাহো নহ’ব, কাৰণ নামাজৰ অন্তিম সময়লৈকে নামাজক পলম কৰা বৈধ।
আকৌ আন কিছুমানে কৈছেঃ তাই সেই নামাজৰ ক্বাজা পালন কৰিব লাগিব। কিয়নো ৰাছুলুল্লাহ (চাল্লাল্লাহু আলাইহি অছাল্লামে) কৈছেঃ “যি ব্যক্তিয়ে এক ৰাকআত নামাজ পাইছে, তেওঁ দৰাচলতে (সম্পূৰ্ণ) নামাজ পাইছে।”
এতেকে সাৱধানতাহেতু তাইৰ ক্বাজা পালন কৰাটোৱে উত্তম। এক ওৱাক্ত নামাজ আদায় কৰাটো কোনো কষ্টৰ বিষয় নহয়।
গৰ্ভৱতী মহিলাই যদি সন্তান প্রসৱৰ দুই এদিন আগতেই তেজ দেখা পায়, তেনেহ’লে ইয়াৰ ফলত তাই নামাজ-ৰোজা পৰিত্যাগ কৰিব নেকি, নে কি কৰিব লাগিব?
গৰ্ভৱতী মহিলাই যদি সন্তান প্রসৱৰ দুই এদিন আগত তেজ দেখা পায় আৰু লগতে যদি প্রসৱ বেদনাও থাকে, তেনেহ’লে ইয়াক নিফাছ বা প্রসূতি অৱস্থাৰ তেজ হিচাপে গণ্য কৰা হ’ব। ইয়াৰ ফলত তাই নামাজ-ৰোজা পৰিত্যাগ কৰিব। কিন্তু যদি সেই তেজৰ সৈতে প্রসৱ বেদনা নাথাকে, তেনেহ’লে সেই তেজক একো গণ্য কৰা নহ’ব। গতিকে এনেকুৱা তেজৰ ফলত নামাজ-ৰোজাৰ পৰা বিৰত থকাৰো প্ৰয়োজন নাই।
সম্পূৰ্ণ ৰমজান মাহৰ ৰোজা পালন কৰিবলৈ ঋতুস্ৰাৱ বন্ধ কৰাৰ ঔষধ সেৱন কৰাৰ ক্ষেত্ৰত আপোনাৰ মতামত কি?
মই এনেকুৱা বিষয়ৰ পৰা সাৱধান কৰোঁ। কাৰণ এইবোৰ ঔষধত ক্ষতিৰ পৰিমাণ অধিক। ডাক্তৰসকলৰ মাধ্যমত মই এই কথাৰ প্রমাণ পাইছোঁ। সেয়ে নাৰী সমাজক কওঁ, এইটো যিহেতু আল্লাহে নাৰীসকলৰ বাবে নিৰ্ধাৰণ কৰিছে, গতিকে আপোনালোকে আল্লাহৰ এই নিৰ্ধাৰণকৃত বিষয়টোৰ ওপৰত সন্তুষ্ট থাকক আৰু কোনো অসুবিধা নাথাকিলে ৰোজা ৰাখক, আৰু কিবা বাধা থাকিলে আল্লাহৰ তাক্বদীৰৰ ওপৰত সন্তুষ্ট হৈ ৰোজা পৰিত্যাগ কৰক।
প্রশ্নকাৰীয়ে কৈছেঃ এজনী মহিলাই প্রসূতি অৱস্থাৰ পৰা পৱিত্ৰ হোৱাৰ দুই মাহ পিছত তেজৰ সৰু সৰু কেইটামান টোপাল ওলোৱা দেখা পাইছে। ইয়াৰ ফলত তাই নামাজ-ৰোজা ত্যাগ কৰিব নেকি, নে কি কৰা উচিত?
ঋতুস্ৰাৱ আৰু প্রসূতি অৱস্থা সংক্ৰান্তীয় মহিলাসকলৰ সমস্যাবোৰ হৈছে এনেকুৱা এখন সাগৰৰ দৰে যাৰ কোনো তীৰ নাই। ইয়াৰ অন্যতম কাৰণ হৈছে, জন্ম নিয়ন্ত্ৰণ আৰু ঋতুস্ৰাৱ প্রতিৰোধ কৰিব পৰা ঔষধৰ ব্যৱহাৰ আদি। আগতে মানুহে এই জাতীয় বহুতো সমস্যা সম্পৰ্কে সিমান অৱগত নাছিল। কিন্তু মূল সমস্যাবোৰ আগৰ পৰাই আছে, কেৱল মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) ৰাছুল হিচাপে আবিৰ্ভাৱ হোৱাৰ পিছৰ পৰাই নহয়; বৰং মহিলাসকলৰ সৃষ্টিলগ্নৰ পৰাই সিহঁতৰ সমস্যাবোৰ আছিল। কিন্তু দুঃখজনক বিষয় হৈছে এই যে, আজিকালি সিহঁতৰ সমস্যাবোৰ ইমান পৰিমাণে বৃদ্ধি হৈছে যে, সেইবোৰ সমাধান কৰিবলৈ গৈ মানুহে কিংকর্তব্যবিমূঢ় হৈ পৰিবলগীয়া হৈছে।
কিন্তু এইবোৰৰ ক্ষেত্রত সাধাৰণ নিয়ম হৈছে এই যে, নাৰী যেতিয়া ঋতুস্ৰাৱ অথবা প্রসূতি অৱস্থাৰ পৰা নিশ্চিতৰূপে পৱিত্ৰ হয় অৰ্থাৎ ঋতুস্ৰাৱৰ পৰা নিশ্চিত পৱিত্ৰতাৰ অৰ্থ হৈছে বগা জাতীয় পদাৰ্থ (القصة البيضاء) ওলোৱা- এইটো হৈছে এক প্ৰকাৰ বগা পানী, যিটোক নাৰীসকলে ভালদৰে চিনি পায়। এই পৱিত্ৰতা লাভৰ পিছত মাটিয়া ৰঙৰ বা হালধীয়া ৰঙৰ অথবা এক দুই টোপালমান যি তেজ ওলায় নাইবা সামান্য পৰিমাণ সিক্ততা অনুভূত হয়, সেইবোৰ দৰাচলতে ঋতুস্ৰাৱৰ অন্তৰ্ভুক্ত নহয়। এইবোৰৰ কাৰণে নামাজ-ৰোজাৰ পৰা বিৰত থকা উচিত নহয় আৰু স্বামী-স্ত্রীৰ মিলনতো কোনো বাধা নাই। কাৰণ এইটো হায়েজ নহয়। উম্মে আত্বিয়্যা (ৰাদ্বিয়াল্লাহু আনহা)ৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ “মাটিয়া ৰঙৰ আৰু হালধীয়া ৰঙৰ ওলোৱা পদাৰ্থক, আমি একো গণ্য কৰা নাছিলোঁ।”(বুখাৰী)। ইমাম আবু দাঊদৰ বৰ্ণনাত এই কথা উল্লেখ আছে যে, “পৱিত্ৰতা লাভ কৰাৰ পিছত”। তেওঁ বৰ্ণনা কৰা চনদটো ছহীহ।
ইয়াৰ ওপৰত ভিত্তি কৰি আমি কওঁ যে, নিশ্চিত পৱিত্ৰতা অৰ্জনৰ পিছত উল্লেখিত আদি পদাৰ্থ ওলালে, তাৰ ফলত মহিলাৰ একো সমস্যা নহ’ব, লগতে নামাজ-ৰোজা আৰু সহবাসৰ পৰাও বিৰত থকাৰ প্ৰয়োজন নাই। কিন্তু পৱিত্ৰতা অর্জনৰ আগতেই এই বিষয়বোৰকলৈ খৰখেদা কৰা উচিত নহয়। কিয়নো কিছুমান মহিলাই নিশ্চিত পৱিত্ৰতা লাভ কৰাৰ আগতেই তেজ শুকাই যোৱাৰ কাৰণে সোনকালে গোছল কৰি লয়। এই কাৰণে মহিলা ছাহাবিয়্যাতসকলে (ৰাদ্বিয়াল্লাহু আনহুন্না) উম্মুল মুমিনীন আইশ্বা (ৰাদ্বিয়াল্লাহু আনহা)ৰ ওচৰলৈ হায়েজৰ শেষত কুৰছুফ (লজ্জাস্থানত ব্যৱহাৰ কৰা তুলা বা কাপোৰ) চাবলৈ পঠিয়াই দিছিল, সেই দেখি তেখেতে তেওঁলোকক নিৰ্দেশনা দি কৈছিল, “বগা জাতীয় পদাৰ্থ নেদেখালৈকে তোমালোকে খৰখেদাকৈ একো নকৰিবা (অৰ্থাৎ পৱিত্ৰতা অৰ্জন কৰা বুলি নাভাবিবা)।”
কিছুমান মহিলাৰ ঋতুস্ৰাৱ চলিয়ে থাকে কিন্তু মাজে মাজে দুই এদিন বিৰতিৰ পিছত আকৌ আৰম্ভ হয়। এনেকুৱা অৱস্থাত নামাজ-ৰোজাসহ অন্যান্য ইবাদতৰ বিধান কি?
অধিকাংশ আলিমৰ ওচৰত প্রসিদ্ধ মত এইটোৱে যে, যদি কোনো মহিলাৰ ঋতুস্ৰাৱ নির্দিষ্ট সময়ত হোৱাৰ আৰু নিৰ্দিষ্ট সময়তে বন্ধ হোৱাৰ পূৰ্বাভ্যাস থাকে তেন্তে সেই নির্দিষ্ট দিন পাৰ হোৱাৰ পাছত তাই গোছল কৰি নামাজ-ৰোজা পালন কৰা আৰম্ভ কৰিব। ইয়াৰ দুই এদিন পিছত তেজ দেখা পালেও সেইটো ঋতুস্ৰাৱ হিচাপে গণ্য নহ’ব। কিয়নো এওঁলোকৰ মতে এজনী মহিলাৰ পৱিত্ৰ অৱস্থাৰ সৰ্বনিম্ন সময় হৈছে ১৩ দিন।
আনহাতে কিছুমান আলিমৰ মতে, যেতিয়াই তেজ দেখা পাব, তেতিয়াই সেইটো হায়েজ হিচাপে গণ্য হ’ব আৰু যেতিয়াই তেজ বন্ধ হ’ব, তেতিয়াই পৱিত্ৰ হিচাপে বিবেচিত হ’ব। যদিও দুই হায়েজৰ মাজত ১৩ দিনৰ ব্যৱধান নহয়।
ৰমজানৰ ৰাতিবোৰত মহিলাসকলে ঘৰত নামাজ পঢ়া উত্তম নে মছজিদত- বিশেষকৈ মছজিদত যদি ওৱাজ-নছীহতৰ ব্যৱস্থা থাকে? যিসকল মহিলাই মছজিদত গৈ নামাজ পঢ়ে, তেওঁলোকৰ বিষয়ে আপোনাৰ পৰামৰ্শ বিচাৰিছোঁ?
নবী (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ সাধাৰণ ঘোষণা মতে মহিলাসকলে ঘৰত নামাজ পঢ়াই উত্তম। তেখেতে কৈছেঃ “তেওঁলোকৰ বাবে তেওঁলোকৰ ঘৰেই উত্তম”। কিয়নো বেছিভাগ ক্ষেত্ৰতে মহিলাসকলে ঘৰৰ পৰা ওলোৱাটো ফিৎনামুক্ত নহয়। এই দৃষ্টিকোণেৰে মছজিদত যোৱাতকৈ ঘৰত অৱস্থান কৰাই তেওঁলোকৰ বাবে অধিক কল্যাণকৰ। ওৱাজ-নছীহত আদি বিভিন্ন মাধ্যমত তেওঁলোকে ঘৰতেই শুনিব পাৰে।
আনহাতে যিসকলে মছজিদত গৈ নামাজ আদায় কৰে, সেইসকল মহিলালৈ মোৰ এইটোৱে পৰামৰ্শ যে, তেওঁলোকে যেন মছজিদত যোৱাৰ সময়ত কোনো ধৰণৰ সৌন্দৰ্য্য অৱলম্বন নকৰে আৰু সুগন্ধি (আতৰ) আদি ব্যৱহাৰ নকৰে।
ৰমজান মাহত দিনৰ ভাগত ৰন্ধা-বৰা কৰোঁতে ৰোজা ৰখা অৱস্থাত ৰান্ধনীয়ে খাদ্যৰ সোৱাদ (জুতি) চেক কৰি চোৱাৰ বিধান কি?
প্রয়োজনত সোৱাদ (জুতি) লৈ চোৱাত কোনো অসুবিধা নাই। কিন্তু সোৱাদ লৈ চোৱাৰ লগে লগে মুখত দিয়া বস্তুটো থুৱাই পেলাব লাগিব।
গৰ্ভধাৰণৰ প্রাথমিক অৱস্থাত থকা এজনী মহিলা দুৰ্ঘটনাত আঘাতপ্রাপ্ত হৈছে। ইয়াৰ পিছত প্রচণ্ড ৰক্তক্ষৰণৰ ফলত তাইৰ গৰ্ভপাত হৈছে। তেনে অৱস্থাত সেই মহিলাৰ বাবে ৰোজা এৰি দিয়া বৈধনে, নে ৰোজা অব্যাহত ৰাখিব লাগিব? আৰু যদি ৰোজা ভংগ কৰে তেন্তে গোনাহ হ’ব নেকি?
আমি এইটো কওঁ যে, সাধাৰণতে গৰ্ভৱতীৰ ঋতুস্ৰাৱ নহয়, যেনে- ইমাম আহমাদ (ৰাহিমাহুল্লাহে) কৈছেঃ “মহিলাসকলে ঋতুস্ৰাৱ বন্ধ হোৱাৰ মাধ্যমত গর্ভাৱস্থা সম্পৰ্কে গম পায়।” আলিম সমাজৰ মতে আল্লাহে এই ঋতুস্ৰাৱক অন্তর্নিহিত এক তাৎপর্যক আগত ৰাখি সৃষ্টি কৰিছে। গৰ্ভজাত সন্তানৰ খাদ্য হিচাপে এই হায়েজ ব্যৱহাৰ হয়। সেইকাৰণেই গৰ্ভধাৰণৰ লগে লগে ঋতুস্ৰাৱ বন্ধ হৈ যায়।
কিন্তু কিছুমান মহিলাৰ গৰ্ভধাৰণৰ পিছতো আগৰ দৰেই ঋতুস্ৰাৱ হয়। এই ঋতুস্ৰাৱো প্রকৃত ঋতুস্ৰাৱ হিচাপেই গণ্য হ’ব। কিয়নো গর্ভাৱস্থাৰ কাৰণে তাইৰ ঋতুস্ৰাৱৰ ওপৰত কোনো প্রভাৱ পৰা নাই। গতিকে সাধাৰণ মহিলাই ঋতুস্ৰাৱ হ’লে যিবোৰ ইবাদতৰ পৰা বিৰত থাকে, গৰ্ভৱতীও ঋতুস্ৰাৱ অৱস্থাত সেইবোৰৰ পৰা বিৰত থাকিব, সাধাৰণ ঋতুস্ৰাৱৰ ফলত যিবোৰ আৱশ্যক হয়, ইয়াৰ ফলতো সেইবোৰ আৱশ্যক হ’ব।
মুঠতে গৰ্ভৱতী নাৰীৰ তেজ দুই ধৰণৰঃ
এক প্ৰকাৰ তেজ ঋতুস্ৰাৱ হিচাপে গণ্য হ’ব। সেয়া হৈছে, গৰ্ভধাৰণৰ আগত যিদৰে হায়েজ হৈছিল সেইদৰে যদি গৰ্ভধাৰণৰ পিছতো হয়। অৰ্থাৎ গৰ্ভধাৰণে এই ঋতুস্ৰাৱৰ ওপৰত কোনো প্রভাৱ পেলোৱা নাই। সেয়ে এইটো ঋতুস্ৰাৱ হিচাপে গণ্য হ’ব।
দ্বিতীয় প্ৰকাৰ তেজ হৈছে, গৰ্ভৱতী অৱস্থাত হঠাৎ ৰক্তক্ষৰণ হোৱা- দুর্ঘটনাজনিত কাৰণতে হওক বা কোনো বস্তু বহন কৰাৰ ফলত নাইবা ওপৰৰ পৰা পৰি যোৱাৰ ফলতেই হওক বা আন কোনো কাৰণত। এই ধৰণৰ তেজক ঋতুস্ৰাৱ হিচাপে গণ্য কৰা নহয়; বৰং এয়া হৈছে শিৰাৰ পৰা ওলাই অহা সাধাৰণ তেজ। গতিকে এনেকুৱা তেজৰ ফলত নামাজ-ৰোজাৰ পৰা বিৰত থকা উচিত নহয়; বৰং তাই পৱিত্ৰ হিচাপে বিবেচিত হ’ব।
কিন্তু দুর্ঘটনাৰ ফলত যদি গৰ্ভপাত হয়, তেনেহ’লে আলিমসকলৰ বক্তব্য অনুযায়ী ইয়াৰ দুটা অৱস্থা হ’ব পাৰেঃ এক. গৰ্ভজাত সন্তান যদি আকৃতি ধাৰণৰ পিছত গৰ্ভপাত হয়, তেনেহ’লে সেই তেজক নিফাছ হিচাপে গণ্য কৰা হ’ব। ইয়াৰ ফলত তাই নামাজ-ৰোজাৰ পৰা বিৰত থাকিব আৰু পৱিত্ৰতা অৰ্জন নকৰালৈকে স্বামীৰ সৈতে সহবাস কৰিব নোৱাৰিব।
দুই. গৰ্ভজাত সন্তান যদি আকৃতি ধাৰণৰ আগতে গৰ্ভপাত হয়, তেনেহ’লে সেই তেজক নিফাছ হিচাপে গণ্য কৰা নহ’ব; বৰং সেইটো অহেতুক তেজ হিচাপে বিবেচিত হ’ব আৰু ইয়াৰ ফলত নামাজ-ৰোজা ইত্যাদি ইবাদতৰ পৰাও বিৰত থকাৰ প্ৰয়োজন নাই।
বিশেষজ্ঞ আলিমসকলে কৈছেঃ গৰ্ভস্থ সন্তানৰ আকৃতি ধাৰণৰ সৰ্বনিম্ন সময় হৈছে ৮১ দিন। এই প্রসঙ্গত আব্দুল্লাহ বিন মাছঊদ (ৰাদ্বিয়াল্লাহু আনহুৱে) কৈছে, ৰাছুলুল্লাহ (চাল্লাল্লাহু আলাইহি অছাল্লাম) যিজন সত্যবাদী তথা যাক সত্যায়ন কৰা হৈছে তেখেতে আমাক কৈছেঃ “মাতৃগৰ্ভত তোমালোকৰ সৃষ্টি চল্লিশ দিনলৈকে শুক্ৰৰূপে জমা হোৱাৰ মাধ্যমত আৰম্ভ হয়, পৰৱৰ্তী চল্লিশ দিন সেই জমাটবন্ধ ৰক্তপিণ্ডৰূপে থাকে, তাৰ পিছৰ চল্লিশ দিন সেইটো মাংসপিণ্ডত পৰিণত হয়। ইয়াৰ পিছত চাৰিটা বিষয়ৰ নিৰ্দেশনা প্ৰদান কৰি তাৰ ওচৰলৈ ফিৰিস্তা প্ৰেৰণ কৰা হয়। এতেকে সেই ফিৰিস্তাই তাৰ জীৱিকা, তাৰ আয়ুস, তাৰ আমল (কৰ্ম) আৰু সি দুৰ্ভগীয়া হ'ব নে সৌভাগ্যৱান হ’ব সেয়া লিখি দিয়ে।” এই হাদীছৰ আলোকত ৮১ দিনৰ আগত আকৃতি লাভ কৰাটো সম্ভৱ নহয়। আনকি বিশেষজ্ঞসকলৰ মতে, বেছিভাগ ক্ষেত্রতে ৯০ দিনৰ আগত আকৃতি প্রকাশিত নহয়।
যোৱা বছৰ গৰ্ভধাৰণৰ তৃতীয় মাহত মোৰ গৰ্ভপাত ঘটিছিল আৰু পৱিত্ৰতা লাভ নকৰালৈকে মই নামাজ আদায় কৰা নাছিলোঁ। মোক কোৱা হৈছে যে, মই তেতিয়া নামাজ পঢ়িব লাগিছিল। এনেকুৱা অৱস্থাত মোৰ কৰণীয় কি? উল্লেখ্য যে, নিৰ্দিষ্টকৈ সেই দিনবোৰৰ সংখ্যা মোৰ জনা নাই।
আলিমসকলৰ প্রসিদ্ধ মত এইটোৱে যে, তিনি মাহ হোৱাৰ পিছত কোনো মহিলাৰ গৰ্ভপাত ঘটিলে তাই নামাজৰ পৰা বিৰত থাকিব। কিয়নো কোনো মহিলাৰ যেতিয়া গৰ্ভপাত হয়, তেতিয়া যদি গৰ্ভস্থ সন্তানৰ আকৃতি প্রকাশ পায়, তেনেহ’লে উক্ত মহিলাৰ সেই তেজ নিফাছ হিচাপে গণ্য হ’ব। ফলত তাই নামাজ আদায়ৰ পৰা বিৰত থাকিব।
বিদ্বানসকলে কৈছে, ৮১ দিন পূৰ্ণ হ’লে গৰ্ভস্থ সন্তানৰ আকৃতি প্রকাশ পায়। এইটো তিনি মাহতকৈ কম সময়। এতেকে উক্ত মহিলাজনী যদি নিশ্চিত যে, তাইৰ তিনি মাহ পিছতেই গৰ্ভপাত ঘটিছিল, তেনেহ’লে তাইৰ তেজ নিফাছ হিচাপেই পৰিগণিত হ’ব। কিন্তু যদি ৮০ দিনৰ আগত গৰ্ভপাত ঘটিছিল, তেনেহ’লে তাইৰ সেই তেজ অহেতুক তথা সাধাৰণ তেজ হিচাপে পৰিগণিত হ’ব। ফলত তাই নামাজৰ পৰা বিৰত থকা উচিত নহয়।
গতিকে প্রশ্নকাৰীয়ে মনত পেলোৱা উচিত, যদি তাইৰ গৰ্ভপাত ৮০ দিনৰ আগত হৈছিল, তেনেহ’লে পৰিত্যাগ কৰা নামাজখিনি ক্বাজা আদায় কৰিব লাগিব। লগতে কিমান ওৱাক্ত নামাজ পঢ়া নাই সেইটো যদি মনত নাই, তেন্তে এটা অনুমান কৰা উচিত আৰু সেই অনুমানৰ ভিত্তিতে ক্বাজা পালন কৰা উচিত।
এজনী মহিলাই প্ৰশ্ন কৰি কৈছে যে, তাইৰ ওপৰত যেতিয়াৰ পৰা ৰমজানৰ ৰোজা ফৰজ হৈছে তেতিয়াৰ পৰাই তাই ৰোজা ৰাখে, কিন্তু মাহেকীয়া ঋতুস্ৰাৱৰ কাৰণে এৰি দিয়া ৰোজাবোৰ তাই ক্বাজা পালন কৰা নাই। ইয়াৰ অন্যতম এটা কাৰণ হৈছে, তাই সেই দিনবোৰৰ হিচাপ ৰখা নাছিল। এই ক্ষেত্ৰত তাইৰ কৰণীয় কি, সেই বিষয়ে জানিব বিচাৰিছে?
মুমিনা নাৰীসকলৰ এনেকুৱা ঘটনাই আমাক কষ্ট দিয়ে। কিয়নো ফৰজ ৰোজাৰ ক্বাজা পৰিত্যাগ কৰাটো- নজনাৰ কাৰণে হওক বা অৱহেলাৰ কাৰণে দুয়োটাই হৈছে মছীবত। কাৰণ অজ্ঞতা বা মূৰ্খতাৰ প্ৰতিষেধক হৈছে জ্ঞান অৰ্জন কৰা তথা প্ৰশ্ন কৰা। আনহাতে অৱহেলাৰ প্ৰতিষেধক হৈছে তাক্বৱা বা আল্লাহভীতি, আল্লাহে দেখি আছে এই কথা সদায় মনত ৰখা, তেওঁৰ শাস্তিক ভয় কৰা আৰু তেওঁৰ সন্তুষ্টিমূলক কামত দ্রুত অগ্রসৰ হোৱা।
এতেকে, উক্ত মহিলাজনীয়ে তাইৰ এই কৃতকর্মৰ বাবে আল্লাহৰ ওচৰত তাওবা আৰু ক্ষমা প্রাৰ্থনা কৰিব লাগিব। ইয়াৰ পিছত পৰিত্যাগকৃত ৰোজাবোৰৰ এটা অনুমান কৰি সেই মতে ক্বাজা পালন কৰিব লাগিব। এইদৰে তাই দায়মুক্ত হ’বলৈ যত্ন কৰিব। আল্লাহে তাইৰ তাওবা কবুল কৰক- আমি এইটোৱে কামনা কৰোঁ।
এজনী নাৰীয়ে প্রশ্ন কৰিছে যে, নামাজৰ সময় আৰম্ভ হোৱাৰ পিছত যদি কোনো মহিলাৰ হায়েজ আৰম্ভ হয় তাৰ বিধান কি? পৱিত্ৰতা লাভ কৰাৰ পিছত তাইৰ ওপৰত সেই নামাজটো ক্বাজা কৰা ওৱাজিব হ’ব নেকি? এইদৰে নামাজৰ ওৱাক্ত শেষ হোৱাৰ আগতে যদি কোনোবাই পৱিত্ৰতা লাভ কৰে তাইৰ ক্ষেত্ৰতো অনুৰূপ বিধান প্ৰযোজ্য হ’বনে?
প্রথম- নামাজৰ সময় আৰম্ভ হোৱাৰ পিছত যদি কাৰোবাৰ হায়েজ আৰম্ভ হয় তেনেহ’লে পৱিত্ৰতা লাভ কৰাৰ পিছত সেই নামাজৰ ক্বাজা পালন কৰাটো তাইৰ ওপৰত ওৱাজিব- যদিহে তাই ঋতুস্ৰাৱ আৰম্ভ হোৱাৰ আগত সেই নামাজ আদায় কৰা নাছিল। এই বিষয়ে ৰাছুলুল্লাহ (চাল্লাল্লাহু আলাইহি অছাল্লামে) কৈছেঃ “যিয়ে এক ৰাকআত পৰিমাণ নামাজ পাইছে, তেওঁ নামাজ পোৱা বুলি বিবেচিত হ’ব।” এতেকে, এক ৰাক‘আত পৰিমাণ নামাজ পঢ়াৰ সময় থাকোঁতে যদি কোনো নাৰীৰ হায়েজ আৰম্ভ হয় তেন্তে সেই নাৰীয়ে হায়েজৰ পৰা পৱিত্ৰতা লাভ কৰাৰ পিছত সেই হায়েজ আৰম্ভ হোৱা ওৱাক্তৰ নামাজ ক্বাজা আদায় কৰাটো অনিবাৰ্য।
দ্বিতীয়- এইদৰে যদি কোনো নাৰী নামাজৰ সময় পাৰ হোৱাৰ আগতে পৱিত্ৰতা অৰ্জন কৰে, তেনেহ’লে সেই সময়ৰ নামাজৰ ক্বাজা আদায় কৰা তাইৰ ওপৰত অনিবাৰ্য। উদাহৰণস্বৰূপে, যদি কোনো নাৰী সূৰ্যোদয়ৰ আগত এক ৰাকআত নামাজ পঢ়িব পৰা সময় থাকোঁতে পৱিত্ৰতা লাভ কৰে, তেনেহ’লে তাইৰ ওপৰত সেই সময়ৰ ফজৰৰ নামাজ ক্বাজা হিচাপে আদায় কৰাটো আৱশ্যক হ’ব। এইদৰে যদি কোনো নাৰী সূৰ্যাস্তৰৰ আগত এক ৰাকআত নামাজ পঢ়িব পৰা সময় থাকোঁতে পৱিত্ৰতা লাভ কৰে, তেনেহ’লে তাইৰ ওপৰত আচৰৰ নামাজ পঢ়ি লোৱাটো আৱশ্যক হ’ব। অনুৰূপভাৱে যদি কোনোবাই মাজৰাতি পাৰ হোৱাৰ আগত এক ৰাকআত নামাজ পঢ়িব পৰা সময় থাকোঁতে পৱিত্ৰ হয়, তেনেহ’লে তাইৰ ওপৰত ঈশ্বাৰ নামাজৰ ক্বাজা আদায় কৰাটো আৱশ্যক হ’ব। আনহাতে মাজ ৰাতি পাৰ হোৱাৰ পিছত পৱিত্ৰতা অৰ্জন কৰিলে, ঈশ্বাৰ নামাজ ক্বাজা আদায় কৰাৰ প্ৰয়োজন নাই। কিন্তু ফজৰৰ নামাজৰ সময় হোৱাৰ পিছত ফজৰৰ নামাজ আদায় কৰাটো তাইৰ বাবে অনিবাৰ্য। মহান আল্লাহে কৈছে, “এতেকে যেতিয়া তোমালোকে নিৰাপদে থাকিবা, তেতিয়া তোমালোকে যথাযথভাৱে নামাজ আদায় কৰিবা। নিশ্চয় নিৰ্ধাৰিত সময়ত নামাজ আদায় কৰাটো মুমিনসকলৰ বাবে অৱশ্য কৰ্তব্য” (আন-নিছা ১০৩)। অৰ্থাৎ প্ৰতিটো নামাজৰ বাবে নির্দিষ্ট সময় নিৰ্ধাৰণ কৰা হৈছে- সেই সময় পাৰ কৰাটো অথবা সেই সময় আৰম্ভ হোৱাৰ আগত নামাজ আদায় কৰাটো কাৰো বাবেই বৈধ নহয়।
নামাজত থকা অৱস্থাত মোৰ ঋতুস্ৰাৱ আৰম্ভ হৈছে। তেনে অৱস্থাত মোৰ কৰণীয় কি? সেই নামাজটো মই ক্বাজা আদায় কৰিব লাগিব নেকি?
নামাজৰ সময় হোৱাৰ পিছত যদি কাৰোবাৰ ঋতুস্ৰাৱ আহে, যেনে- সূৰ্য্য হালি পৰাৰ আধা ঘণ্টামান পিছত যদি কাৰোবাৰ ঋতুস্ৰাৱ আৰম্ভ হয়, তেনেহ’লে ঋতুস্ৰাৱৰ পৰা পৱিত্ৰ হোৱাৰ পিছত সেই নামাজৰ ক্বাজা আদায় কৰিব লাগিব- কিয়নো নামাজৰ সময় আৰম্ভ হোৱাৰ সময়ত তাই পৱিত্ৰ আছিল। মহান আল্লাহে কৈছে, “নিশ্চয় নিৰ্ধাৰিত সময়ত নামাজ আদায় কৰাটো মুমিনসকলৰ বাবে অৱশ্য কৰ্তব্য” (ছুৰা আন-নিছা ১০৩)।
হায়েজৰ সময়ৰ নামাজ ক্বাজা আদায় কৰাৰ প্ৰয়োজন নাই। ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লামে) এটা দীৰ্ঘ হাদীছত কৈছেঃ “মহিলাসকলে হায়েজ হ’লে নামাজ-ৰোজাৰ পৰা বিৰত নাথাকেনে?” উলামাসকল এই কথাত একমত যে, মাহেকীয়া চলা অৱস্থাত পঢ়িব নোৱাৰা নামাজ ক্বাজা পালন কৰাৰ প্ৰয়োজন নাই।
কিন্তু হায়েজৰ পৰা পৱিত্ৰতা লাভ কৰাৰ সময়ত যদি এক বা একাধিক ৰাকআত পৰিমাণ নামাজ পঢ়িব পৰা সময় থাকে তেন্তে সেই নামাজ ক্বাজা আদায় কৰিব লাগিব। কিয়নো ৰাছুলুল্লাহ (চাল্লাল্লাহু আলাইহি অছাল্লামে) কৈছেঃ “সূৰ্যাস্তৰৰ পূৰ্বে যিয়ে আচৰৰ এক ৰাকআত পঢ়িব পৰা সময় পাইছে, তেওঁ দৰাচলতে সম্পূৰ্ণ নামাজৰ সময় পাইছে বুলি বিবেচিত হ’ব।” এতেকে, যদি কোনোবাই আছৰৰ সময় থকাত পৱিত্ৰ হয় অৰ্থাৎ সূৰ্য্য এতিয়াও অস্ত যোৱা নাই এক ৰাকাত পঢ়িব পৰা সময় আছে, নাইবা কোনোবাই যদি সূৰ্য্য উদয় হোৱাৰ আগত এক ৰাকাত পৰিমাণ সময় থকা অৱস্থাত পৱিত্ৰতা লাভ কৰে, তেন্তে প্ৰথম বিষয়টোত তাই আচৰৰ নামাজ পঢ়িব লাগিব আৰু দ্বিতীয়টোত ফজৰৰ নামাজ পঢ়িব লাগিব।
এজনে প্ৰশ্ন কৰিছে যে, মোৰ মাকৰ বয়স ৬৫ বছৰ। যোৱা ১৯ বছৰত তেওঁ কোনো সন্তান প্রসৱ কৰা নাই। কিন্তু বিগত তিনি বছৰৰ পৰা তেওঁৰ ৰক্তক্ষৰণ হৈ আছে। গতিকে আগন্তুক ৰমজান মাহ উপলক্ষে তেওঁক কিবা নছীহত কৰিব বুলি আশা ৰাখিলোঁ। এনেকুৱা মহিলাসকলৰ কৰণীয় কি?
এনেকুৱা ৰক্তক্ষৰণ হোৱা মহিলাসকলে সেই ঘটনাৰ আগত কিমান দিনকৈ হায়েজ হৈছিল সেইটো মনত পেলাব লাগিব আৰু সেই মতে প্রত্যেক মাহত সেই কেইদিন নামাজ-ৰোজাৰ পৰা বিৰত থাকিব। উদাহৰণস্বৰূপে, যদি আগতে প্রত্যেক মাহৰ আৰম্ভণিত ছয় দিনকৈ ঋতুস্ৰাৱ হৈছিল, তেতিয়াহ’লে এতিয়াও প্রত্যেক মাহৰ আৰম্ভণিতে ছয় দিনকৈ নামাজ-ৰোজাৰ পৰা বিৰত থাকিব। ছয় দিন পাৰ হোৱাৰ পিছত ভালকৈ গা-গোছল কৰি নামাজ-ৰোজা পালন কৰিব।
উক্ত মহিলাজনী আৰু তেওঁৰ দৰে বেমাৰী মহিলাসকলৰ নামাজৰ পদ্ধতি হৈছে, প্ৰথমে নিজৰ লজ্জাস্থান পৰিপূৰ্ণৰূপে ধুই লব আৰু তাৰ পিছত কাপোৰ (বা ছেনিটেৰী নেপকিন তথা পেড) আদি ভালকৈ লগাব আৰু তাৰ পিছত অজু কৰিব। ফৰজ নামাজৰ ক্ষেত্রত নামাজৰ সময় আৰম্ভ হোৱাৰ পিছত অজু কৰিব লাগিব। এইদৰে ফৰজ নামাজৰ বাহিৰে কোনো নফল নামাজ পঢ়িব বিচাৰিলেও এনেকৈয়ে কৰিব লাগিব।
বিষয়টো কষ্ট হোৱাৰ কাৰণে জোহৰৰ সৈতে আছৰ আৰু মাগৰিবৰ সৈতে ঈশ্বাৰ নামাজ জমা কৰি আদায় কৰা তাইৰ বাবে জায়েজ। যাতে এই কষ্টসাধ্য কামটো পাঁচ বাৰৰ পৰিৱৰ্তে তিনিবাৰতেই হৈ যায়। জোহৰ আৰু আছৰৰ বাবে এবাৰ, মাগৰিব আৰু ঈশ্বাৰ বাবে এবাৰ আৰু ফজৰৰ বাবে এবাৰ।
মই আকৌ কৈছোঁ- যেতিয়া তাইৰ পৱিত্ৰতা অর্জন কৰাৰ প্ৰয়োজন হ’ব, তেতিয়া তাই নিজৰ লজ্জাস্থান ভালকৈ ধুই কাপোৰ বা তেনেকুৱা বেলেগ কোনো বস্তুৰে লজ্জাস্থান আবৃত কৰিব- যাতে ৰক্তক্ষৰণৰ পৰিমাণটো অলপ কম হয়। তাৰ পিছত অজু কৰি নামাজ পঢ়িব। জোহৰৰ চাৰি ৰাকআত, আছৰৰ চাৰি ৰাক‘আত, মাগৰিবৰ তিনি ৰাক‘আত, ঈশ্বাৰ চাৰি ৰাক‘আত আৰু ফজৰৰ দুই ৰাক‘আত পঢ়িব। ইয়াৰ অৰ্থ হৈছে তাই কছৰ নকৰিব- কিছুমান মানুহে তেনেকুৱা ধাৰণা কৰে। কিন্তু জোহৰ আৰু আছৰ, এইদৰে মাগৰিব আৰু ঈশ্বা নামাজ জমা কৰি আদায় কৰা তাইৰ বাবে জায়েজ- কছৰ হিচাপে নহয়। জোহৰক আছৰৰ ওৱাক্তলৈকে পলম কৰি অথবা আছৰক জোহৰৰ সময়ত আগতীয়াকৈ পঢ়িব পাৰে। অনুৰূপভাৱে মাগৰিবক ঈশ্বাৰ ওৱাক্তলৈকে বিলম্বিত কৰি অথবা ইশ্বাক মাগৰিবৰ সময়তে আগতীয়াকৈ পঢ়ি লোৱাত কোনো বাধা নাই। আৰু এটা কথা, যদি কোনোবাই এই অজুতেই নফল নামাজ পঢ়িব বিচাৰে, তেন্তে পঢ়িব পাৰে- তাত কোনো অসুবিধা নাই।
হাদীছ আৰু খুতবা শুনিবলৈ হায়েজ অৱস্থাত কোনো নাৰীয়ে মছজিদে হাৰামত অৱস্থান কৰিব পাৰিবনে?
মছজিদে হাৰাম হওক বা বেলেগ কোনো মছজিদ, হায়েজ অৱস্থাত নাৰীয়ে তাত অৱস্থান কৰা বৈধ নহয়। কিন্তু প্রয়োজনত মছজিদৰ ভিতৰেৰে অতিক্ৰম কৰি যাব পাৰে আৰু তাৰ পৰা কিবা লবলগীয়া থাকিলে লব পাৰে। ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লামে) আইশ্বা (ৰাদ্বিয়াল্লাহু আনহা)ক “খুমৰা” [1] (এবিধ সৰু ঢাৰি) আনিবলৈ ক’লেঃ তেওঁ ক’লে সেইখন মছজিদৰ ভিতৰত আছে, আৰু মই হায়েজ অৱস্থাত আছোঁ। তেতিয়া ৰাছুলুল্লাহ (চাল্লাল্লাহু আলাইহি অছাল্লামে) ক’লেঃ “হায়েজ তো তোমাৰ হাতত নাই।” এতেকে হায়েজ অৱস্থাত নাৰীয়ে মছজিদৰ ভিতৰত অৱস্থান নকৰাকৈ নিজৰ প্ৰয়োজন পূৰণ কৰি পাৰ হোৱাত কোনো অসুবিধা নাই। কিন্তু তেজ যাতে নপৰে সেইপিনে নিশ্চিত থাকিব লাগিব।
কিন্তু যদি তাই মছজিদত প্ৰৱেশ কৰি বহিব বিচাৰে তেন্তে সেইটো বৈধ নহয়।
ইয়াৰ প্ৰমাণ হৈছে, ৰাছুলুল্লাহ (চাল্লাল্লাহু আলাইহি অছাল্লামে) মহিলা-তৰুণী, কুমাৰী আৰু ঋতুৱতী আদি সকলোকে ঈদগাহলৈ যোৱাৰ নিৰ্দেশ দিছে, লগতে কৈছেঃ ঋতুৱতী নাৰীয়ে যেন মুচাল্লাৰ পৰা আঁতৰি থাকে। এই হাদীছৰ দ্বাৰা প্রমাণিত হয় যে, দ্বিনী বৈঠক বা খুতবা শুনাৰ বাবে মছজিদত অৱস্থান কৰা ঋতুৱতী নাৰীৰ বাবে বৈধ নহয়।
*
নামাজৰ ক্ষেত্রত পৱিত্ৰতা অর্জনৰ বিধি-বিধান
মহিলাসকলৰ লজ্জাস্থানৰ পৰা বগা বা হালধীয়া যি পদার্থ ওলায়, সেইটো পৱিত্ৰ নে অপৱিত্ৰ? ইয়াৰ ফলত অজু কৰাটো অনিবাৰ্য নেকি? জানি থোৱা উচিত যে, এনেকুৱা পদাৰ্থ অবিৰামভাৱে ওলায়ে থাকে। অথবা যদি কেতিয়াবা কেতিয়াবাহে দেখা দিয়ে তেন্তে তাৰ বিধান কি? কিয়নো বেছিভাগ মহিলাই ভাবে যে, -ইয়াৰ মাজত শিক্ষিত মহল উল্লেখযোগ্য- এইটো হৈছে স্বাভাৱিক সিক্ততা, যাৰ ফলত অজু কৰা জৰুৰী নহয়?
গৱেষণাৰ পিছত মোৰ ওচৰত স্পষ্ট হৈছে যে, মহিলাসকলৰ এই তৰল পদাৰ্থটো যদি মূত্রাশয়ৰ পৰা নাহি গর্ভাশয়ৰ পৰা আহে, তেনেহ’লে সেইটো পৱিত্ৰ। কিন্তু পৱিত্ৰ হ’লেও ইয়াৰ ফলত অজু ভংগ হ’ব। কিয়নো অজু ভংগকাৰী হোৱাৰ বাবে অপৱিত্ৰ হোৱাটো চৰ্ত নহয়। উদাহৰণস্বৰূপে পায়ু পথেৰে ওলোৱা বায়ু, ইয়াৰতো কোনো দোষ নাই; তথাপিও ইয়াৰ ফলত অজু ভংগ হয়।
এতেকে, অজু অৱস্থাত যদি কোনো মহিলাৰ এনেকুৱা তৰল পদার্থ ওলায়, তেনেহ’লে ইয়াৰ ফলত অজু ভংগ হ’ব আৰু তাই নতুনকৈ অজু কৰিব লাগিব।
কিন্তু যদি এয়া অবিৰামভাৱে আহে, তেন্তে অজু ভংগ নহ’ব। কিন্তু নামাজৰ সময় হ’লে নামাজৰ বাবে অজু কৰিব লাগিব আৰু সেই অজুৰে সেই ওৱাক্তৰ ফৰজ আৰু নফল নামাজসমূহ আদায় কৰিব পাৰিব। এইদৰে কোৰআন তিলাৱতো কৰিব পাৰে, আনকি তাইৰ বাবে বৈধ সকলো কামেই কৰিব পাৰিব। এইদৰে মূত্রবেগ ধৰি ৰাখিবলৈ অক্ষম ব্যক্তিৰ ক্ষেত্রতো বিদ্বানসকলে এই মন্তব্যই দাঙি ধৰিছে। এইটোৱেই হৈছে সেই তৰল পদার্থৰ বিধান। অৰ্থাৎ পৱিত্ৰতাৰ দিক বিবেচনাত এইটো হৈছে পৱিত্ৰ। কিন্তু অজু ভংগৰ দিক বিবেচনাত এইটো হৈছে অজু ভংগকাৰী- যদিহে এইটো অবিৰামভাৱে নোলায়। কিয়নো অবিৰামভাৱে ওলালে অজু ভংগ নহয়; কিন্তু আক্ৰান্ত মহিলাই নামাজৰ সময় হ’লে নামাজৰ বাবে নতুনকৈ অজু কৰিব লাগিব -নামাজৰ সময় হোৱাৰ আগত অজু কৰিলে নহ’ব আৰু অজু কৰাৰ পিছত অজু ধৰি ৰাখিব লাগিব।
পক্ষান্তৰে যদি সেইটো অবিৰামভাৱে নাহে আৰু নিৰ্দিষ্ট কোনো সময়ত যদি বন্ধ হয় তেন্তে নামাজৰ সময়ত বন্ধ থাকিলে তেতিয়াই নামাজ পঢ়ি লব আৰু যদি নামাজৰ সময় পাৰ হোৱাৰ আশংকা নাথাকে তেন্তে বন্ধ হোৱালৈকে অপেক্ষা কৰিব পাৰে। আনহাতে যদি নামাজৰ সময় পাৰ হোৱাৰ আশংকা থাকে তেনেহ’লে অজু কৰি নামাজ আদায় কৰি লব।
এই ক্ষেত্রত কম-বেছিৰ মাজত কোনো পাৰ্থক্য নাই। কিয়নো এইবোৰ এটা পথেৰেই ওলায়। এতেকে কম হওক বা বেছি, অজু ভংগ হ’ব। কিন্তু শৰীৰৰ বেলেগ কোনো অংগৰে ওলোৱা কোনো বস্তু যেনে- তেজ, বমি, সেয়া কম হওক বা বেছি- ইয়াৰ ফলত অজু ভংগ নহয়।
আনহাতে (প্ৰশ্নত উল্লিখিত) যিসকল মহিলাই ভাবে যে, ইয়াৰ ফলত অজু ভংগ নহয়, এই বিষয়ে ইমাম ইবনু হাঝম (ৰাহিমাহুল্লাহ)ৰ অভিমতৰ বাহিৰে ইয়াৰ আন কোনো ভিত্তি মোৰ জনা নাই। তেওঁ কৈছেঃ “ইয়াৰ ফলত অজু ভংগ নহয়।” কিন্তু তেওঁ ইয়াৰ সপক্ষে কোনো প্রমাণ দাঙি ধৰা নাই। যদি কোৰআন-ছুন্নাহৰ পৰা বা ছাহাবীসকলৰ উক্তিৰ পৰা ইয়াৰ পক্ষত কোনো দলিল থাকিলহেঁতেন, তেনেহ’লে সেয়া দলিল হিচাপে গৃহীত হ’লহেঁতেন।
যিয়ে নহওক, মহিলাসকলৰ উচিত হৈছে আল্লাহক ভয় কৰা আৰু নিজৰ পৱিত্ৰতা অর্জনৰ প্রতি যত্নৱান হোৱা। কিয়নো অপৱিত্ৰ অৱস্থাত নামাজ পঢ়িলে সেয়া গৃহীত নহ’ব, যদিও এশ বাৰ নামাজ পঢ়ে। আনকি কিছুমান আলিমে কৈছেঃ যিয়ে অপৱিত্ৰ অৱস্থাত নামাজ পঢ়ে, সি কুফৰী কৰে। কিয়নো এইটো আল্লাহৰ সৈতে ঠাট্টা কৰা বুজায়।
যিজনী মহিলাৰ অবিৰামভাৱে তৰল পদার্থ ওলায়, সেই মহিলাই যদি কোনো এটা ফৰজ নামাজৰ বাবে অজু কৰে, তেনেহ’লে সেই ফৰজ নামাজৰ অজুৰে পৰৱৰ্তী ফৰজ নামাজলৈকে ইচ্ছামতে নফল নামাজ আৰু কোৰআন তিলাৱত আদি কৰিব পাৰিবনে?
যদি তাই কোনো এক ফৰজ নামাজৰ বাবে সেই নামাজৰ প্রথম সময়ছোৱাতে অজু কৰে, আৰু সেই অজুৰে পৰৱৰ্তী নামাজৰ ওৱাক্ত হোৱালৈকে তাই ফৰজ আৰু নফল নামাজসমূহ নিজৰ ইচ্ছামতে পঢ়িব পাৰিব আৰু কোৰআন তিলাৱতো কৰিব পাৰিব।
সেই মহিলাই ফজৰৰ অজুৰে চাশ্তৰ নামাজ পঢ়িব পাৰিবনে?
নোৱাৰিব। কিয়নো চাশ্তৰ নামাজৰ এটা নির্দিষ্ট সময় আছে। সেই সময় হোৱাৰ পিছত তাই নতুনকৈ অজু কৰিব লাগিব। ইয়াৰ ওপৰিও সেই মহিলাজনী হৈছে ইস্তেহাজাগ্রস্ত মহিলাৰ দৰে। ইস্তেহাজাগ্রস্ত মহিলাক ৰাছুলুল্লাহ (চাল্লাল্লাহু আলাইহি অছাল্লামে) প্রত্যেক নামাজৰ বাবে অজু কৰিবলৈ নিৰ্দেশ দিছে।
জোহৰৰ সময়ঃ সূৰ্য্য পশ্চিমফালে হালি পৰাৰ পিছৰ পৰা আছৰৰ সময় আৰম্ভ হোৱালৈকে।
আছৰৰ সময়ঃ জোহৰৰ সময় শেষ হোৱাৰ পিছৰ পৰা সূৰ্য্য হালধীয়া হোৱালৈকে। প্রয়োজনত সূৰ্যাস্ত পৰ্যন্ত।
মাগৰিবৰ সময়ঃ সূৰ্যাস্ত যোৱাৰ পৰা পশ্চিম আকাশত সন্ধীয়াৰ ৰঙা চিহ্ন অদৃশ্য হোৱালৈকে।
ঈশ্বাৰ সময়ঃ পশ্চিম আকাশত সন্ধিয়াৰ ৰঙা চিহ্ন অদৃশ্য হোৱাৰ পিছৰ পৰা মাজ ৰাতিলৈকে।
উক্ত মহিলাই মাজৰাতি অতিক্ৰম হোৱাৰ পিছত ঈশ্বাৰ অজুৰে তাহাজ্জুদ পঢ়িব পাৰিবনে?
কিছুমানে কৈছে, অৰ্ধেক ৰাতি পাৰ হ’লে নতুনকৈ অজু কৰাটো অনিবাৰ্য। আন কিছুমানে কৈছেঃ নতুনকৈ অজু কৰাৰ কোনো প্ৰয়োজন নাই। এইটোৱেই অগ্রাধিকাৰ যোগ্য অভিমত।
ঈশ্বাৰ সময় শেষ হোৱাৰ নিৰ্দিষ্ট সময় কোনটো (অৰ্থাৎ উক্ত মহিলাৰ নামাজৰ ক্ষেত্রত) আৰু এইটো কেনেকৈ জানিব পাৰি?
ঈশ্বাৰ শেষ সময় হৈছে অৰ্দ্ধেক ৰাতি। এইটো জনাৰ সহজ উপায় হৈছে, সূর্যাস্তৰ পৰা ফজৰলৈকে এই মাজৰ সময়খিনিক দুইভাগত ভাগ কৰিব লাগিব। প্রথম ভাগটো অন্ত পৰে ঈশ্বাৰ শেষ সময় হিচাপে আৰু দ্বিতীয়টো হৈছে ঈশ্বা আৰু ফজৰৰ মাজৰ সময়, এইটো কোনো ফৰজ নামাজৰ সময় নহয়।
এই ধৰণৰ তৰল পদার্থ মাজে মাজে যিজনী মহিলাৰ ওলায়, তেনেকুৱা মহিলাই যদি অজু কৰাৰ পিছত অথবা নামাজ আৰম্ভ কৰাৰ আগত পুনৰ তেনেকুৱা পদাৰ্থৰ সন্মুখীন হয়, সেই ক্ষেত্ৰত তাইৰ কৰণীয় কি?
যাৰ বিচ্ছিন্নভাৱে তৰল পদাৰ্থ আহে, তেনেকুৱা নাৰীয়ে বন্ধ নোহোৱালৈকে অপেক্ষা কৰিব। কিন্তু যদি তাইৰ এনেকুৱা কোনো অভ্যাস নাথাকে; বৰং কেতিয়াবা আহে আকৌ কেতিয়াবা নাই, কোনো নিশ্চয়তা নাই, তেনেহ’লে তাই নামাজৰ সময় হ’লে অজু কৰি নামাজ পঢ়ি ল'ব। ইয়াত কোনো অসুবিধা নাই।
শৰীৰত বা কাপোৰত এই তৰল পদার্থ লাগি গ’লে কৰণীয় কি?
যদি সেয়া পৱিত্ৰ হয়, তেনেহ’লে একো কৰিব নালাগে। আনহাতে অপৱিত্ৰ হ’লে অৰ্থাৎ মূত্রাশয়ৰ পৰা ওলালে, সেয়া নিশ্চয় ধুব লাগিব।
এই তৰল পদার্থৰ কাৰণে যিটো অজু কৰিবলগীয়া হয়, সেইটো অজুত কেৱল অজুৰ অংগ-প্রত্যংগবোৰ ধুলেই যথেষ্ট হ’ব নেকি?
এই তৰল পদার্থটো যদি পৱিত্ৰ হয় অৰ্থাৎ মূত্রাশয়ৰ পৰা নহৈ গর্ভাশয়ৰ পৰা নিৰ্গত হয়, তেনেহ’লে কেৱল অজুৰ অংগ-প্রত্যংগবোৰ ধুলেই যথেষ্ট হ’ব।
এই তৰল পদার্থৰ কাৰণে অজু ভংগৰ পক্ষত ৰাছুলুল্লাহ (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ পৰা কোনো হাদীছ বর্ণিত নোহোৱাৰ কাৰণ কি- অথচ মহিলা ছাহাবিয়্যাতসকলে দ্বীনৰ বিষয়াদি সম্পৰ্কে সোধ-পোচ কৰাৰ ক্ষেত্রত যথেষ্ট আগ্রহী আছিল?
এই জাতীয় তৰল পদার্থ সকলো মহিলাৰে নাহে, এই কাৰণে চাগে।
অজুৰ বিধান সম্পর্কে জ্ঞান নথকাৰ কাৰণে যি মহিলাই অজু কৰা নাছিল, তাইৰ কৰণীয় কি?
তাই আল্লাহৰ ওচৰত তাওবা কৰিব লাগিব, আৰু এনেকুৱা বিষয়ে জ্ঞানসম্পন্ন আলিমসকলক সুধি লোৱা উচিত।
এই তৰল পদার্থৰ কাৰণে অজু কৰিব নালাগিব বুলি কিছুমানে আপোনাৰ কথা কৈ ফুৰে (এই বিষয়ে আপোনাৰ মতামত কি)?
যিয়ে এনেকুৱা অভিমতৰ সৈতে মোক সম্পৃক্ত কৰে, তেওঁ সত্যবাদী নহয়। কিন্তু মোৰ মতে, তেওঁ হয়তো ভুল বুজিছে মই “ইয়াক পৱিত্ৰ” বুলি কোৱাৰ কাৰণে, সি হয়তো বুজিছে যে, পৱিত্ৰ যিহেতু অজু ভংগ নহ’ব।
ঋতুস্ৰাৱৰ এদিন বা একাধিক দিন নাইবা এদিনৰো কম সময় আগত নাৰীসকলৰ লজ্জাস্থানৰ পৰা মাটিয়া বৰণৰ যি পদার্থ ওলায়, তাৰ বিধান কি? এইটো কেতিয়াবা মিহি ক’লা সূতাৰ দৰে বা গোট মৰা অথবা এই জাতীয় কোনো আকৃতিত ওলায়। এইদৰে এইটো যদি ঋতুস্ৰাৱৰ পিছত ওলায় সেইটোৰ বিধান কি?
ঋতুস্ৰাৱৰ ভূমিকা হিচাপে যদি এইটো ওলায় তেনেহ’লে সেইটোক ঋতুস্ৰাৱ হিচাপে গণ্য কৰা হ’ব। এইটো চিনি পোৱাৰ উপায় হৈছে, ঋতুৱতীৰ স্বাভাবিক বিষ অথবা পেট বিষ অনুভূত হোৱা।
আনহাতে ঋতুস্ৰাৱৰ পিছত মাটিয়া বৰণৰ যি পদার্থ ওলায়, সেইটো শেষ নোহোৱা পৰ্যন্ত অপেক্ষা কৰিব লাগিব। কিয়নো ঋতুস্ৰাৱৰ সৈতে সংশ্লিষ্ট মাটিয়া বৰণৰ এই তৰল পদার্থ ঋতুস্ৰাৱ হিচাপেই গণ্য হ’ব। এই বিষয়ে আইশ্বা (ৰাদ্বিয়াল্লাহু আনহাই) কৈছেঃ “বগা জাতীয় পদার্থ নেদেখালৈকে তোমালোকে খৰখেদা নকৰিবা।”
*
হজ্জ আৰু ওমৰাৰ ক্ষেত্রত ঋতুস্ৰাৱৰ বিধি-বিধান
ঋতুৱতী মহিলাই ইহ্ৰামৰ দুই ৰাকআত নামাজ কিদৰে আদায় কৰিব? আৰু ঋতুৱতী নাৰীয়ে কোৰআনৰ আয়াতসমূহ মনে মনে পাঠ কৰিব পাৰিবনে?
প্রথমতে আমি জানি থোৱা উচিত যে, ইহ্ৰামৰ বাবে কোনো নামাজ নাই। কিয়নো ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ইহ্ৰামৰ উদ্দেশ্যে তেওঁৰ উম্মতৰ বাবে কোনো নামাজ নিৰ্ধাৰণ কৰা বুলি প্ৰমাণিত নাই, আদেশৰ মাধ্যমতে হওক বা কৰ্মৰ মাধ্যমতে হওক, আনকি মৌন সন্মতিৰ মাধ্যমতো কোনো প্ৰমাণ পোৱা নাযায়।
দ্বিতীয়তে ইহৰামৰ আগত হায়েজ আক্ৰান্ত মহিলাই হায়েজ অৱস্থাতেই ইহৰামৰ নিয়ত কৰিব পাৰিব।
প্রশ্নত আৰু এটা কথা উল্লেখ কৰা হৈছে যে, হায়েজ অৱস্থাত থকা নাৰীয়ে কোৰআন তিলাৱত কৰিব পাৰিবনে নাই? হয়, বিশেষ প্রয়োজন হ’লে কৰিব পাৰিব, [যেনে ক্লাছত শিকাবলগীয়া হ’লে অথবা পৰীক্ষা দিয়াৰ বাবে ইত্যাদি কাৰণত পঢ়িব পাৰিব]। কিন্তু বিনা প্রয়োজনত কেৱলমাত্র আল্লাহৰ ইবাদত আৰু সন্তুষ্টিৰ উদ্দেশ্যে এই অৱস্থাত তিলাৱত নকৰাই উত্তম।
এজনী মহিলাই হজ্জৰ উদ্দেশ্যে ৰাওনা হৈছে আৰু যাত্ৰা পথতে তাইৰ হায়েজ আৰম্ভ হৈছে, ঘৰৰ পৰা ওলাই অহাৰ পিছৰ পৰা পাঁচ দিনলৈকে হায়েজ অব্যাহত আছে। তাই মীক্বাতত উপস্থিত হৈ গোছল কৰি ইহৰামৰ নিয়ত কৰিছে- কিন্তু এতিয়াও হায়েজৰ পৰা পৱিত্ৰতা লাভ কৰা নাই। ইয়াৰ পিছত মক্কাত উপস্থিত হৈ হাৰাম শ্বৰীফৰ বাহিৰত অৱস্থান কৰিছে, হজ্জ বা ওমৰাৰ কোনো কামেই কৰা নাই। কিন্তু মিনাত দুদিন অৱস্থান কৰাৰ পিছত পৱিত্ৰতা লাভ কৰিছে, ইয়াৰ পিছত গোছল কৰি পৱিত্ৰ অৱস্থাত ওমৰাৰ যাৱতীয় কাম সম্পন্ন কৰিছে। কিন্তু তাৱাফে ইফাজাৰ সময়ত তাইৰ আকৌ তেজ দেখা দিছে। কিন্তু তাই লাজতে অভিভাৱকক একো নকৈ হজ্জৰ কাৰ্যাৱলী সম্পন্ন কৰিছে। ইয়াৰ পিছত ঘৰলৈ উভতি আহি অভিভাৱকক বিষয়টো ভাঙি পাতি কৈছে। এতিয়া ইয়াৰ বিধান কি?
তাৱাফে ইফাজাৰ সময়ত তাই যি তেজ দেখা পাইছিল, সেইটো যদি হায়েজৰ তেজ হয়- যিটো তাই তেজৰ বৈশিষ্ট্য চাই অথবা বিষ অনুভৱৰ মাধ্যমত চিনিব পাৰিব- তেনেহ’লে তাইৰ সেই তাৱাফ সঠিক বুলি গণ্য নহ’ব। ইয়াৰ কাৰণে তাৱাফে ইফাজাৰ উদ্দেশ্যে তাই আকৌ মক্কালৈ উভতি আহিব লাগিব। ইয়াৰ পিছত তাই মীক্বাতৰ পৰা ওমৰাৰ ইহৰামৰ নিয়ত কৰি তাৱাফ, ছাঈ আৰু চুলি কাটি ওমৰাৰ যাৱতীয় কাম সম্পন্ন কৰিব লাগিব আৰু তাৰ পিছত তাৱাফে ইফাজা কৰিব লাগিব।
কিন্তু তাইৰ এই তেজ যদি হায়েজৰ তেজ নহয়, ভিৰৰ প্রচণ্ডতাত বা ভীতিৰ কাৰণে অথবা এনেকুৱা বেলেগ কোনো কাৰণত ওলাইছে, তেনেহ’লে তাইৰ তাৱাফ শুদ্ধ হ’ব, সেইসকল লোকৰ মতে যিসকলে তাৱাফৰ বাবে পৱিত্ৰতাক চৰ্ত নহয় বুলি কয়।
প্রথম মাছআলাত [হায়েজৰ তেজৰ ক্ষেত্রত] যদি তাই দূৰণিৱৰ্তী দেশৰ বাসিন্দা হয় যাৰ কাৰণে উভতি অহা সম্ভব নহয়, তেনেহ’লে তাইৰ হজ্জ সঠিক বুলি গণ্য হ’ব। কিয়নো তাই যিখিনি কৰিছে, তাতকৈ বেছি কৰাটো তাইৰ পক্ষে সম্ভৱ নহয়।
ওমৰাৰ উদ্দেশ্যে ইহৰাম বান্ধি এজনী মহিলাই মক্কালৈ ৰাওনা হ’ল আৰু মক্কাত উপস্থিত হোৱাৰ পিছত তাইৰ হায়েজ আৰম্ভ হ’ল। ইপিনে তাইৰ সৈতে থকা তাইৰ মাহৰামজনৰ বিশেষ কাৰণত তৎক্ষণাত ঘৰলৈ উভতি যাব লগা হ’ল, আনহাতে তাইৰ সৈতে মক্কাত থাকিবলগীয়া কোনো নাই। তেনে অৱস্থাত মহিলাজনীৰ কৰণীয় কি?
যদি তাই ছৌদী আৰবৰ বাসিন্দা হয়, তেনেহ’লে তাই ইহৰাম অৱস্থাতে নিজৰ মাহ্ৰামৰ সৈতে গুচি যোৱা উচিত, আৰু পৱিত্ৰতা লাভ কৰাৰ পিছত আকৌ মক্কালৈ আহিব। কাৰণ তাইৰ পক্ষে উভতি অহাটো সহজ, আনকি তাইৰ সিমান পৰিশ্রমো নহ’ব, আৰু পাছপোৰ্টৰো প্রয়োজন নাই।
কিন্তু যদি তাই বেলেগ কোনো দেশৰ হয় আৰু পুনৰ উভতি অহা তাইৰ বাবে কষ্টসাধ্য হয়, তেনেহ’লে তাই পৰিস্কাৰ-পৰিচ্ছন্ন হৈ কাপোৰ (বা ছেনিটাৰী নেপকিন) আদি লজ্জাস্থানত বান্ধি লৈ তাৱাফ আৰু ছাঈ কৰিব। লগতে সেই ভ্ৰমণতে অকনমান চুলি কাটি ওমৰাৰ যাৱতীয় কাম সম্পন্ন কৰি লব। কিয়নো সেই অৱস্থাত তাইৰ বাবে তাৱাফ কৰাটো আৱশ্যক হৈ পৰিছে, আৰু বিশেষ প্ৰয়োজনত আৱশ্যকতাই নিষিদ্ধ বিষয়ক বৈধ কৰে।
হজ্জ কৰিবলৈ যোৱা কোনো নাৰীৰ যদি হজ্জৰ দিনবোৰত হায়েজ হয়, তেনেহ’লে কৰণীয় কি? তাইৰ সেই হজ্জ তাইৰ বাবে যথেষ্ট হ’বনে?
হায়েজ কেতিয়া হৈছিল সেইটোৰ নির্দিষ্ট তাৰিখ নজনাকৈ এই প্রশ্নৰ উত্তৰ দিয়াটো সম্ভৱ নহয়। কিয়নো হজ্জৰ কিছুমান কামত ঋতুস্ৰাৱ প্রতিবন্ধক হিচাপে বিবেচিত নহয়, আকৌ কিছুমান কামত প্রতিবন্ধক হিচাপে বিবেচিত হয়। যেনে- পৱিত্ৰ অৱস্থাৰ বাহিৰে তাইৰ পক্ষে তাৱাফ কৰা সম্ভৱ নহয়, কিন্তু ইয়াৰ বাহিৰে হজ্জৰ অন্যান্য কামবোৰ হায়েজ অৱস্থাতো কৰা সম্ভৱ।
এজনী মহিলাই প্ৰশ্ন কৰিছে, মই যোৱা বছৰ হজ্জ কৰি আহিছোঁ আৰু শ্বাৰয়ী ওজৰ থকাৰ কাৰণে মই তাৱাফে ইফাজা আৰু বিদায়ী তাৱাফৰ বাহিৰে হজ্জৰ অন্যান্য সকলো কাম সম্পন্ন কৰিছোঁ। পিছত কেতিয়াবা আহি তাৱাফে ইফাজা আৰু বিদায়ী তাৱাফ কৰিম বুলি ভাবি মই মোৰ ঘৰ মদিনালৈ উভতি আহিছোঁ। ইপিনে দ্বীন ইছলামৰ বিভিন্ন বিধান সম্পর্কে মই অজ্ঞ হোৱাৰ কাৰণে ইতিমধ্যে ইহৰাম অৱস্থাত নকৰিবলগীয়া কেইবাটাও কাম মই কৰি পেলাইছোঁ। এতিয়া তাৱাফৰ উদ্দেশ্যে মক্কালৈ যোৱা সম্পৰ্কত জানিব বিচৰাত মোক কোৱা হৈছে যে, তাৱাফ কৰাটো তোমাৰ বাবে ঠিক নহ’ব; কাৰণ তুমি তোমাৰ হজ্জ নষ্ট কৰি পেলাইছা। সেয়ে তুমি অহা বছৰ পুনৰ হজ্জ কৰিব লাগিব, লগতে গৰু অথবা উট কুৰবানী কৰিব লাগিব। এতিয়া প্রশ্ন হৈছে, এইটো সঁচানে? অথবা ইয়াৰ কোনো বেলেগ সমাধান আছে নেকি? মোৰ হজ্জ সঁচাই নষ্ট হৈছেনে? মই পুনৰ হজ্জ কৰিব লাগিব নেকি? এতিয়া মোৰ কৰণীয় কি, সেই সম্পৰ্কে জনাই মোক সুপথ দেখুৱাব বুলি আশা ৰাখিলোঁ। আল্লাহে আপোনাক বৰকত দান কৰক।
জ্ঞান নোহোৱাকৈ ফতোৱা দিয়াটোও হৈছে এটা আপদ। এই অৱস্থাত আপুনি কেৱল মক্কালৈ গৈ তাৱাফে ইফাজা সম্পন্ন কৰিলেই হ’ব।
আনহাতে বিদায়ী তাৱাফটো আপোনাৰ ওপৰত জৰুৰী নহয়, কাৰণ মক্কাৰ পৰা উভতি অহাৰ সময়ত আপুনি হায়েজ অৱস্থাত আছিল আৰু হায়েজ অৱস্থাত থকা নাৰীৰ বাবে বিদায়ী তাৱাফ জৰুৰী নহয়। এই বিষয়ে ইবনে আব্বাছ (ৰাদ্বিয়াল্লাহু আনহু)ৰ পৰা বৰ্ণিত হাদীছত আহিছে, “নবী (চাল্লাল্লাহু আলাইহি অছাল্লামে) মানুহক এই বিষয়ে আদেশ কৰিছিল যে, তেওঁলোকৰ সর্বশেষ কামটো যেন কা’বাত সম্পন্ন হয় [অৰ্থাৎ বিদায়ী তাৱাফৰ মাধ্যমত]। কিন্তু তেখেতে হায়েজ অৱস্থাত থকা নাৰীসকলৰ বাবে এই বিধান লাঘৱ কৰিছিল।” আবূ দাঊদৰ এটা বর্ণনাত আহিছে, “তেওঁলোকৰ সর্বশেষ কাম যেন হয় কা’বা ঘৰৰ তাৱাফ।” অনুৰূপভাৱে নবী (চাল্লাল্লাহু আলাইহি অছাল্লাম)ক যেতিয়া সংবাদ দিয়া হৈছিল যে, ছাফিয়্যা (ৰাদ্বিয়াল্লাহু আনহাই) তাৱাফে ইফাজা সম্পন্ন কৰিছে, তেতিয়া তেখেতে কৈছিল, “তেনেহ’লে তাই এতিয়া যোৱা উচিত।” এই হাদীছে প্রমাণ কৰে যে, ঋতুৱতীৰ বাবে বিদায়ী তাৱাফ জৰুৰী নহয়।
কিন্তু নিশ্চতভাৱে আপুনি তাৱাফে ইফাজা সম্পন্ন কৰিব লাগিব। আনহাতে ইহৰাম অৱস্থাত যিখিনি নকৰিবলগীয়া কাম আপুনি কৰিছে, সেইখিনি যিহেতু আপুনি অজ্ঞতাবশতঃ কৰিছিল, সেয়ে আপোনাৰ কোনো ক্ষতি নহ’ব। কিয়নো নাজানি ইহৰাম অৱস্থাৰ নিষিদ্ধ বিষয়সমূহৰ কিবা এটা কৰিলে কোনো অসুবিধা নহয়। মহান আল্লাহে কৈছে, “হে আমাৰ প্রতিপালক! যদি আমি পাহৰি যাওঁ অথবা ভুল কৰোঁ, তেনেহ’লে আপুনি আমাক জবাবদিহি নকৰিব” (আল-বাক্বাৰাহ ২৮৬)। ইয়াৰ উত্তৰত আল্লাহে কৈছে, “ঠিক আছে, মই জবাবদিহি নকৰোঁ।” মহান আল্লাহে কৈছেঃ “তোমালোকে যদি ভুলতে কৰা তেন্তে তোমালোকৰ কোনো অপৰাধ নহ’ব কিন্তু যদি তোমালোকে অন্তৰত থকা সংকল্প অনুসাৰে কৰা তেনেহ’লে অপৰাধ বুলি গণ্য হ’ব” (আহঝাব ৫)। এতেকে ইহৰাম অৱস্থাত থকা ব্যক্তিক আল্লাহে যিবোৰ বিষয়ৰ পৰা আঁতৰি থাকিবলৈ নিৰ্দেশ দিছে, যদি সি সেইবোৰ নাজানি বা ভুলতে অথবা বাধ্য হৈ কৰি পেলায়, তেনেহ’লে তাত কোনো অসুবিধা নাই। কিন্তু যেতিয়াই তাৰ সেই অসুবিধা নাইকিয়া হ’ব, তেতিয়া সেইবোৰ বিষয়ৰ পৰা বিৰত থকা তাৰ ওপৰত ওৱাজিব হৈ পৰিব।
এজনী মহিলাৰ জুলহিজ্জা মাহৰ ৮ তাৰিখে প্রসূতি অৱস্থা আৰম্ভ হ’ল, আৰু তাই তাৱাফ আৰু ছাঈৰ বাহিৰে হজ্জৰ যাৱতীয় আৰকানসমূহ সম্পন্ন কৰিলে। কিন্তু দহ দিন পিছত তাই লক্ষ্য কৰিলে যে, তাই প্রাথমিকভাৱে পৱিত্ৰতা অৰ্জন কৰিছে। গতিকে এতিয়া তাই পৰিস্কাৰ-পৰিচ্ছন্ন হৈ তথা গোছল কৰি হজ্জৰ বাকী আৰকানখিনি তাৱাফে ইফাজা [হজ্জৰ তাৱাফ] সম্পন্ন কৰিব পাৰিবনে?
তাই নিশ্চিতভাৱে পৱিত্ৰ নোহোৱালৈকে গোছল কৰি তাৱাফ কৰাটো তাইৰ বাবে বৈধ নহয়। প্রশ্নত উল্লেখ কৰা “প্রাথমিকভাৱে” শব্দটোৰ দ্বাৰা বুজা গৈছে যে, তাই পৰিপূর্ণৰূপে পৱিত্ৰতা অৰ্জন কৰা নাই। গতিকে পৰিপূর্ণৰূপে পৱিত্ৰতা অৰ্জন কৰাটো জৰুৰী। এতেকে যেতিয়া তাই পৰিপূর্ণৰূপে পৱিত্ৰতা অৰ্জন কৰিব, তেতিয়া গোছল কৰি তাৱাফ আৰু ছাঈ সম্পন্ন কৰিব।
তাৱাফৰ আগত ছাঈ কৰিলেও কোনো সমস্যা নাই। কিয়নো তাৱাফৰ আগত ছাঈ কৰা এজন ব্যক্তিয়ে নবী (চাল্লাল্লাহু আলাইহি অছাল্লাম)ক প্ৰশ্ন কৰাত তেখেতে কৈছিল, “কোনো অসুবিধা নাই।”
এজনী মহিলাই হজ্জ কৰিবলৈ যোৱা পথত হায়েজ অৱস্থাত “আছ-ছাইল” [এইটো নজদ আৰু ত্বায়েফবাসীসকলৰ মীক্বাত ক্বাৰনুল মানাঝিল]ৰ পৰা ইহৰাম বান্ধিছে। মক্কাত আহি পোৱাৰ পিছত কিবা কাৰণত তাই জিদ্দালৈ গ’ল আৰু জিদ্দাতে তাই পৱিত্ৰ হ’ল। ইয়াৰ পিছত তাই গোছল কৰি চুলি ফনিয়াই হজ্জৰ কাম সম্পন্ন কৰিছে। এতিয়া তাইৰ এই হজ্জ সঠিক হ’বনে? অথবা তাইৰ ওপৰত কিবা ওৱাজিব হ’ব নেকি?
তাইৰ হজ্জ সঠিক হৈছে আৰু তাইৰ ওপৰত বেলেগ একো ওৱাজিব নহ’ব।
এজনী মহিলাই প্রশ্ন কৰিছে যে, মই ওমৰাত গৈছিলোঁ। কিন্তু হায়েজ অৱস্থাত থকাৰ কাৰণে মীক্বাত অতিক্রম কৰা সত্ত্বেও ইহৰাম কৰা নাছিলোঁ আৰু পৱিত্ৰতা অৰ্জন নকৰালৈকে মক্কাতেই অৱস্থান কৰিছোঁ। ইয়াৰ পিছত পৱিত্ৰ হৈ মক্কাৰ পৰাই ইহ্ৰাম বান্ধিছোঁ। মই কৰা এই কামটো ঠিক হৈছেনে বাৰু? অথবা মোৰ কৰণীয় কি, মোৰ ওপৰত কিবা ওৱাজিব হ’ব নেকি?
এইটো কৰা জায়েয হোৱা নাই। ওমৰাহ কৰিব বিচৰা কোনো মহিলা হায়েজত আক্ৰান্ত হ’লেও ইহৰাম নকৰাকৈ মীক্বাত অতিক্রম কৰা তাইৰ বাবে বৈধ নহয়। হায়েজ অৱস্থাতেই ইহৰাম বান্ধিব আৰু তাইৰ ইহৰাম সঠিক বুলি বিবেচিত হ’ব। ইয়াৰ সপক্ষে দলিল হৈছে- আবু বকৰ (ৰাদ্বিয়াল্লাহু আনহু)ৰ স্ত্রী আছমা বিন্তে উমাইছ (ৰাদ্বিয়াল্লাহু আনহা)ৰ সন্তান প্রসৱ কৰা ঘটনা। নবী (চাল্লাল্লাহু আলাইহি অছাল্লাম) তেতিয়া বিদায় হজ্জৰ উদ্দেশ্যে ৰাওনা হৈ জুল হুলাইফাত অৱতৰণ কৰিছিল। তেনে সময়তে নবী (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ ওচৰত খবৰ পঠিয়াই সুধিলে যে, মই এতিয়া কি কৰা উচিত? ৰাছুলুল্লাহ (চাল্লাল্লাহু আলাইহি অছাল্লামে) ক’লেঃ “তুমি গোছল কৰি লোৱা আৰু তাত ভালকৈ কাপোৰ বান্ধি লোৱা, ইয়াৰ পিছত ইহৰামৰ নিয়ত কৰা।” হায়েজৰ তেজ আৰু নিফাছৰ তেজ একেই।
সেইকাৰণে হায়েজ আক্ৰান্ত নাৰীক আমি এই কথা জনাওঁ যে, ওমৰাহ বা হজ্জৰ উদ্দেশ্যে মীক্বাত অতিক্রম কৰাৰ সময়ত গোছল কৰি লওক আৰু লজ্জাস্থানত কাপোৰ বা ছেনিটাৰী নেপকীন আদি বান্ধি লৈ ইহৰাম কৰক। হাদীছত উল্লিখিত (الاستثفار) শব্দৰ অৰ্থ হৈছে, “লজ্জাস্থানত কাপোৰ আদি মেৰিয়াই লোৱা।”। ইয়াৰ পিছত হজ্জ বা ওমৰাৰ বাবে ইহৰাম বান্ধিব। কিন্তু ইহৰাম কৰি মক্কাত উপস্থিত হোৱাৰ পিছত পৱিত্ৰ নোহোৱালৈকে কা’বা ঘৰত আহিব নোৱাৰিব আৰু তাৱাফো কৰিব নোৱাৰিব। এইকাৰণেই ওমৰা কৰাৰ সময়ত আইশ্বা (ৰাদ্বিয়াল্লাহু আনহাই) হায়েজত আক্ৰান্ত হোৱাত নবী (চাল্লাল্লাহু আলাইহি অছাল্লামে) তেওঁক কৈছিল, “হজ্জ পালনকাৰীসকলে যি যি কৰে, তুমিও তাকেই কৰা। কিন্তু পৱিত্ৰ নোহোৱালৈকে তুমি কা’বা ঘৰৰ তাৱাফ নকৰিবা।” এইটো হৈছে বুখাৰী আৰু মুছলিমত বৰ্ণিত হাদীছ। ছহীহ বুখাৰীত এই কথাও বৰ্ণিত হৈছে যে, আইশ্বা (ৰাদ্বিয়াল্লাহু আনহাই) পৱিত্ৰতা অৰ্জন কৰাৰ পিছত কা’বা ঘৰৰ তাৱাফ কৰিছে আৰু ছাফা-মাৰৱাৰ ছাঈ কৰিছে। এই হাদীছে প্রমাণ কৰে যে, কোনো মহিলাই যদি হায়েজ অৱস্থাত হজ্জ বা ওমৰাৰ ইহৰাম বান্ধে অথবা তাৱাফৰ আগত যদি তাইৰ হায়েজ আৰম্ভ হয়, তেনেহ’লে তাই পৱিত্ৰতা অৰ্জন নকৰালৈকে তাৱাফ আৰু ছাঈৰ পৰা বিৰত থাকিব।
আনহাতে যদি তাই পৱিত্ৰ অৱস্থাত তাৱাফ কৰিছে আৰু তাৱাফৰ শেষত তাইৰ ঋতুস্ৰাৱ আৰম্ভ হৈছে, তেনেহ’লে তাই হজ্জ বা ওমৰাৰ কাম অব্যাহত ৰাখিব আৰু ছাঈও কৰিব- যদিও হায়েজ অৱস্থাত থাকে। ইয়াৰ পিছত অকনমান চুলি কৰ্তন কৰি ওমৰাৰ কাম শেষ কৰিব। কিয়নো ছাফা-মাৰৱাত ছাঈ কৰিবলৈ পৱিত্ৰতা চৰ্ত নহয়।
প্রশ্নকাৰীয়ে কৈছেঃ মই মোৰ স্ত্রীকলৈ ওমৰাৰ বাবে ইয়াম্বু [ছৌদী আৰবৰ এটা প্রসিদ্ধ চহৰ]ৰ পৰা আহিছোঁ। কিন্তু জিদ্দাত আহি পোৱাৰ পিছত মোৰ স্ত্ৰী হায়েজত আক্ৰান্ত হৈছে। ফলত মই অকলেই ওমৰাৰ কাম সম্পন্ন কৰিছোঁ। এতিয়া মোৰ স্ত্রীৰ কৰণীয় কি?
আপোনাৰ স্ত্রীৰ কৰণীয় হৈছে, পৱিত্ৰ নোহোৱালৈকে মক্কাতেই অৱস্থান কৰা। পৱিত্ৰতা অৰ্জনৰ পিছত ওমৰাহ সম্পন্ন কৰিব। কিয়নো যেতিয়া ছাফিয়্যাহ (ৰাদ্বিয়াল্লাহু আনহাই) হায়েজত আক্ৰান্ত হৈছিল, তেতিয়া ৰাছুলুল্লাহ (চাল্লাল্লাহু আলাইহি অছাল্লামে) কৈছিল, “তাই আমাক ৰখাই দিলে নেকি”? সংবাদ দিওঁতাই ক’লেঃ তেওঁ তাৱাফে ইফাজা সম্পন্ন কৰিছে। এই শুনি ৰাছুলুল্লাহ (চাল্লাল্লাহু আলাইহি অছাল্লামে) ক’লেঃ “তেনেহ’লে তাই যাব পাৰিব এতিয়া।” এই হাদীছত নবী (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ এই উক্তিয়ে “তাই আমাক ৰখাই দিলে নেকি?” প্রমাণ কৰে যে, তাৱাফে ইফাজাৰ আগত কোনো মহিলাই ঋতুগ্রস্ত হ’লে পৱিত্ৰ নোহোৱালৈকে মক্কাত অৱস্থান কৰিব লাগিব, পৱিত্ৰতা অৰ্জন কৰাৰ পিছতহে তাৱাফ কৰা তাইৰ ওপৰত আৱশ্যক।
ওমৰাৰ তাৱাফো তাৱাফে ইফাজাৰ দৰেই। কিয়নো এইটো ওমৰাৰ এটা ৰুকন। গতিকে ওমৰাহ কৰিবলৈ যোৱা কোনো নাৰী তাৱাফৰ আগতেই যদি হায়েজত আক্ৰান্ত হয় তেন্তে পৱিত্ৰতা অৰ্জন নকৰালৈকে অপেক্ষা কৰিব লাগিব, পৱিত্ৰতা অৰ্জনৰ পিছতহে তাৱাফ কৰিব পাৰিব।
“ছাঈ কৰাৰ স্থান”টো মছজিদে হাৰামৰ অন্তর্ভুক্ত নেকি? হায়েজ অৱস্থাত থকা নাৰী তাত যাব পাৰিবনে? হাৰামৰ ছাঈ কৰাৰ স্থানত যিয়ে যাব, তাৰ ওপৰত তাহিয়্যাতুল মছজিদ [মছজিদত প্রৱেশ কৰি দুই ৰাকআত নামাজ] পঢ়া ওৱাজিব হ’ব নেকি?
“ছাঈৰ স্থান” মছজিদৰ অন্তর্ভুক্ত নহয়। এই কাৰণেই কর্তৃপক্ষই উভয়ৰ মাজত পার্থক্য কৰিবলৈ দেৱাল নিৰ্মাণ কৰিছে। কিন্তু দেৱালটো অলপ চাপৰ, (বৰ্তমানৰ দৃশ্যটো বেলেগ)। “ছাঈৰ স্থান”টো মছজিদুল হাৰামৰ অন্তর্ভুক্ত নোহোৱাটো নিঃসন্দেহে মানুহৰ বাবে কল্যাণকৰ। কিয়নো যদি এই স্থানটোক মছজিদৰ অন্তর্ভুক্ত কৰা হ’লহেঁতেন, তেনেহ’লে কোনো মহিলাই তাৱাফ আৰু ছাঈৰ মাজত হায়েজত আক্ৰান্ত হ’লে ছাঈ কৰাটো তাইৰ বাবে নিষিদ্ধ হ’লহেঁতেন।
সেইকাৰণে আমি ফতোৱা দিওঁ যে, কোনো মহিলা যদি তাৱাফৰ পিছত আৰু ছাঈৰ আগত ঋতুগ্রস্ত হয় তেন্তে তাই সেই অৱস্থাতে ছাঈ সম্পন্ন কৰিব। কিয়নো ছাঈৰ স্থানটো মছজিদৰ অন্তর্ভুক্ত নহয়।
আনহাতে তাহিয়্যাতুল মাছজিদ প্রসঙ্গত কোৱা হয় যে, যদি কোনোবাই তাৱাফৰ পিছত ছাঈ কৰে আৰু পুনৰ মছজিদলৈ উভতি আহে, তেনেহ’লে সি সেইটো আদায় কৰিব আৰু যদি তাহিয়্যাতুল মছজিদ এৰি দিয়ে তথাপিও কোনো সমস্যা নাই। কিন্তু উত্তম হৈছে, সুযোগ পালে দুই ৰাকআত নামাজ আদায় কৰি লোৱাটোৱে উত্তম। কিয়নো এই মছজিদত নামাজ আদায় কৰাটো বিৰাট ফজিলতৰ বিষয়।
এজনী মহিলাই প্রশ্ন কৰিছে, মই হজ্জ কৰিছোঁ। কিন্তু সেই সময়ছোৱাতে মোৰ হায়েজ হৈছিল, লাজতে মই কাকো কোৱা নাছিলোঁ আৰু সেই অৱস্থাতেই হাৰামত প্রৱেশ কৰিছিলোঁ। আনকি নামাজো পঢ়িছিলোঁ আৰু তাৱাফ আৰু ছাঈও কৰিছিলোঁ। এতিয়া মোৰ কৰণীয় কি? উল্লেখ্য যে, প্রসূতি অৱস্থাৰ পিছত মোৰ সেই হায়েজ হৈছিল।
হায়েজ বা নিফাছ অৱস্থাত কোনো মহিলাৰ বাবেই মক্কাত হওক বা তাইৰ দেশত হওক অথবা বেলেগ ক’ৰবাত হওক নামাজ আদায় কৰা বৈধ নহয়। কিয়নো নবী (চাল্লাল্লাহু আলাইহি অছাল্লামে) নাৰীসকলৰ বিষয়ে কৈছে, “মহিলাসকলৰ বিষয়টো এনেকুৱা নহয়নে যে, যেতিয়া কোনো মহিলা ঋতুৱতী হয়, তেতিয়া তাই নামাজ নপঢ়ে আৰু ৰোজাও নাৰাখে?” ইয়াৰ বাহিৰেও মুছলিমসকল এই কথাত একমত যে, কোনো ঋতুৱতীৰ বাবেই নামাজ-ৰোজা আদায় কৰা বৈধ নহয়।
সেইকাৰণে এই মহিলাজনীয়ে নিজৰ কৃতকর্মৰ বাবে আল্লাহৰ ওচৰত তাওবা কৰিব লাগিব আৰু ক্ষমা প্ৰাৰ্থনা কৰিব লাগিব।
আনহাতে হায়েজ অৱস্থাত তাই কৰা তাৱাফটো শুদ্ধ হোৱা নাই, কিন্তু ছাঈটো শুদ্ধ বুলি বিবেচিত হ’ব। কিয়নো অগ্রাধিকাৰযোগ্য মত হৈছে এই যে, হজ্জত তাৱাফৰ আগত ছাঈ কৰা বৈধ। গতিকে সেই মহিলাজনীয়ে পুনৰ তাৱাফ কৰিব লাগিব। কাৰণ তাৱাফে ইফাজা হৈছে হজ্জৰ অন্যতম এটা ৰুকন। সেয়ে দ্বিতীয় হালাল [যিটোক ডাঙৰ হালাল বুলি কোৱা হয়] এই তাৱাফ অবিহণে সম্পূৰ্ণ নহ’ব।
এতেকে সেই মহিলা যদি বিবাহিতা হয় তেনেহ’লে সেই তাৱাফ নকৰালৈকে তাইৰ স্বামী তাইৰ সৈতে সহবাস কৰিব নোৱাৰিব। আৰু অবিবাহিতা হ’লে তাইৰ বিবাহো বৈধ নহ’ব। আল্লাহেই সৰ্বজ্ঞ।
আৰাফাৰ দিনা [জুল হিজ্জা মাহৰ ৯তাৰিখে] যদি কোনোবাই হায়েজত আক্ৰান্ত হয়, তেনেহ’লে তাই কি কৰিব?
আৰাফাৰ দিনা কোনো মহিলা হায়েজত আক্ৰান্ত হ’লে, তাই হজ্জৰ কামসমূহ অব্যাহত ৰাখিব আৰু অন্যান্য লোসকলে যি যি কৰিব, তায়ো সেইবোৰ পালন কৰিব। কিন্তু পৱিত্ৰতা অৰ্জন নকৰালৈকে কা’বা ঘৰৰ তাৱাফ কৰিব নোৱাৰিব।
জামৰায়ে আক্বাবাত শিল নিক্ষেপ কৰাৰ পিছত আৰু তাৱাফে ইফাজাৰ আগত যদি কোনো মহিলাৰ হায়েজ হয়, তেনেহ’লে তাইৰ কৰণীয় কি? জানি থোৱা উচিত যে, তাই স্বামীৰ সৈতে আছে আৰু ঘৰলৈ গুচি যোৱাৰ পিছত উভতি অহাটো সম্ভৱ নহয়।
যদি পুনৰ উভতি অহা তাইৰ পক্ষে সম্ভৱ নহয়, তেনেহ’লে পৰিস্কাৰ-পৰিচ্ছন্ন হৈ লজ্জাস্থানত ভালকৈ কাপোৰ বান্ধি লৈ জৰুৰী অৱস্থাৰ কাৰণে তাৱাফ কৰি লব, এনে কৰাত কোনো অসুবিধা নাই। এইদৰে হজ্জৰ অন্যান্য কামবোৰ সম্পূৰ্ণ কৰিব।
যদি নিফাছ অৱস্থাত থকা কোনো মহিলা চল্লিশ দিনৰ আগতেই পৱিত্ৰতা অৰ্জন কৰে, তেনেহ’লে তাইৰ হজ্জ শুদ্ধ হ’বনে? আৰু যদি পৱিত্ৰ নহয়, তেনেহ’লে তাই কি কৰিব? জানি থোৱা উচিত যে, তাই ইতিমধ্যে হজ্জৰ নিয়্যত কৰিছে?
যদি প্রসূতি কোনো মহিলা চল্লিশ দিনৰ আগতে পৱিত্ৰতা অৰ্জন কৰে, তেনেহ’লে গোছল কৰি নামাজ পঢ়া আৰম্ভ কৰিব আৰু পৱিত্ৰ অৱস্থাত থকা মহিলাসকলে যি যি কৰে, তায়ো সেইবোৰ কৰিব পাৰিব। আনকি তাৱাফো কৰিব পাৰিব। কিয়নো নিফাছ বা প্রসূতি অৱস্থাৰ সৰ্বনিম্ন কোনো সময় নাই।
আনহাতে পৱিত্ৰতা অৰ্জন নকৰিলেও তাইৰ হজ্জ শুদ্ধ হ’ব। কিন্তু পৱিত্ৰতা অৰ্জন নকৰালৈকে তাৱাফ কৰিব নোৱাৰিব।
*
Related books
All books
জানাযাৰ বিধি-বিধান26 ভাষাজানাযাৰ বিধি-বিধান
"আহকামুল জানা'ইয" বা জানাযাৰ বিধি-বিধান নামক এই পুস্তিকাখনত ইছলামী চৰীয়ত অনুসৰি মৃতকৰ সৈতে ব্যৱহাৰৰ নীতি-নিয়ম আৰু উদ্দেশ্যবোৰ স্পষ্টভাৱে উল্লেখ কৰা হৈছে, লগতে জানাযাৰ অনুসৰণ কৰাৰ ফজীলত, জানাযা নামাজৰ পদ্ধতি আৰু বিভিন্ন পৰিস্থিতিত ইয়াৰ আহকামৰ বিৱৰণ অন্তৰ্ভুক্ত কৰা হৈছে; ইয়াৰ ওপৰিও জানাযা সাজু কৰাৰ ক্ষেত্ৰত পলম নকৰা, বিলাপ আদিৰ পৰা বিৰত থকা, আল্লাহৰ ফয়চালাত ধৈৰ্য্য ধাৰণ কৰি সন্তুষ্ট থকাৰ গুৰুত্বকে আদি কৰি গুৰুত্বপূৰ্ণ নিৰ্দেশনা আদিও সম্বলিত কৰা হৈছে, আৰু এই পুস্তিকাখনে এই কথাও সোঁৱৰাই দিয়ে যে, মৃত্যু প্ৰত্যেকজন মানুহৰ বাবেই এক অনিবাৰ্য সত্য। সেয়ে আল্লাহৰ প্ৰতি ভাল ধাৰণা পোষণ কৰি ইয়াৰ ওপৰত অটল…
মুৱাজ্জিন, ইমাম, খতিব আৰু মছজিদৰ বিধি-বিধানৰ বাবে উপকাৰী সংক্ষিপ্ত দিশ-নিৰ্দেশনা47 ভাষামুৱাজ্জিন, ইমাম, খতিব আৰু মছজিদৰ বিধি-বিধানৰ বাবে উপকাৰী সংক্ষিপ্ত দিশ-নিৰ্দেশনা
এই গ্ৰন্থখনত আজান আৰু ইকামতৰ বিধি-বিধান, ছালাতৰ ইমামতি, জুমুআৰ খুতবা, আৰু মছজিদৰ আদবসমূহৰ বিষয়ে এক সামগ্ৰিক দৃষ্টিভংগী দাঙি ধৰা হৈছে। ইয়াত মুৱাজ্জিন, ইমাম আৰু খতিবসকলৰ দায়িত্ব-কৰ্তব্যসমূহৰ বিষয়েও আলোচনা কৰাৰ লগতে এই কাৰ্যসমূহ যাতে সঠিকভাৱে সম্পাদন কৰা হয়, সেইটো নিশ্চিত কৰাৰ বাবে সংশ্লিষ্ট শ্বৰয়ী বিধি-বিধান শিকিবলৈ গুৰুত্বাৰোপ কৰা হৈছে। তদুপৰি গ্ৰন্থখনত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণিত দলীলসমূহৰ ব্যাখ্যাও সন্নিবিষ্ট কৰা হৈছে, যাতে সেইবোৰক সঠিকভাৱে প্ৰয়োগ কৰিব পৰা যায়।
যাদু আৰু জ্যোতিষী বিদ্যা সম্পৰ্কীয় ইছলামিক বিধান28 ভাষাযাদু আৰু জ্যোতিষী বিদ্যা সম্পৰ্কীয় ইছলামিক বিধান
শ্বাইখ আব্দুল আজীজ বিন আব্দুল্লাহ বিন বাজ ৰাহিমাহুল্লাহ আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। যাদু, ভৱিষ্যতবাণী আৰু ইয়াৰ সৈতে জৰিত বিষয়াদিৰ ইছলামীক বিধান। [1] [1] এই নিৱন্ধটোৰ এটা অংশ "মজমু ফাতাৱা অ মাকালাত মুতানাওৱিয়া" নামক গ্ৰন্থৰ তৃতীয় খণ্ডত (যাদু, ভৱিষ্যতবাণী আৰু ইয়াৰ সৈতে সংশ্লিষ্ট বিষয়ৰ বিধান) নামক শিৰোনামত প্ৰকাশিত হৈছে। আনহাতে ইয়াৰ পূৰ্ণাংগ সংস্কৰণ "যাদু আৰু জ্যোতিষী বিদ্যা সম্পৰ্কীয় ইছলামিক বিধান" নামেৰে ফতোৱা বিভাগৰ অধ্যক্ষৰ ফালৰ পৰা প্ৰকাশিত হৈছে। এইদৰে মুজাল্লা আল-য়ামামা আৰু মুজাল্লা আল-বুহূছ আল ইছলামিয়্যাৰ ফালৰ পৰাও প্ৰকাশিত হৈছে। সকলো ধৰণৰ প্রশংসা কেৱল মাত্ৰ আল্লাহৰ…
এটা বিশ্বব্যাপী ধৰ্ম7 ভাষাএটা বিশ্বব্যাপী ধৰ্ম
আৰবী ভাষা নিশ্চয় ইছলাম হৈছে সৰ্বশেষ ঐশী ধৰ্ম। ইছলামেই হৈছে সেই ধৰ্ম, যিটোক আল্লাহে মানুহৰ বাবে মনোনীত কৰিছে। যেনে- আল্লাহ তাআলাই কৈছেঃ আজি মই তোমালোকৰ বাবে তোমালোকৰ দ্বীনক (ধৰ্মক) পৰিপূৰ্ণ কৰি দিলোঁ আৰু তোমালোকৰ ওপৰত মোৰ অনুগ্ৰহ সম্পূৰ্ণ কৰিলোঁ, লগতে তোমালোকৰ বাবে ইছলামক দ্বীন হিচাপে মনোনীত কৰিলোঁ। (ছুৰা মায়িদাহঃ ৩) আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল, তেওঁ নবীসকলৰ মাজৰ সৰ্বশেষ নবী, (তেওঁৰ জৰিয়তেই নবীসকলৰ ধাৰাবাহিকতা সম্পন্ন কৰা হৈছে)। সেয়ে তেওঁক গোটেই মানৱজাতিৰ প্ৰতি প্ৰেৰণ কৰা হৈছে। মহান আল্লাহে কৈছেঃ কোৱা, ‘হে মানৱ! নিশ্চয় মই তোমালোক সকলোৰে প্ৰতি আল্লাহৰ (ফালৰ পৰা…