المختصر المفيد للمسلم

المختصر المفيد للمسلم

মুছলিমৰ বাবে উপকাৰী সংক্ষিপ্ত দিশ-নিৰ্দেশনা

Language: lang_as
Prepared by:
Version: 1.0
Translations 45
Assamese Azerbaijani Bulgarian Bambara +41
Attachments 7
PDF
Audio
Video
+3

মুছলিমৰ বাবে উপকাৰী সংক্ষিপ্ত দিশ-নিৰ্দেশনা

(আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত।

ভূমিকা

সকলো ধৰণৰ প্ৰশংসা বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ বাবে, দৰুদ আৰু ছালাম বৰ্ষিত হওক সৰ্বশ্ৰেষ্ঠ নবী আৰু ৰাছুল, আমাৰ প্ৰিয় নবী মুহাম্মদৰ ওপৰত, আৰু তেখেতৰ পৰিয়ালবৰ্গ লগতে তেখেতৰ সকলো চাহাবাৰ ওপৰত।

তাৰ পিছতঃ

মানুহৰ প্ৰতি আল্লাহৰ এটা মহান নিয়ামত হৈছে এই যে, তেওঁ মানুহক ইছলামৰ দ্বাৰা অনুগৃহীত কৰিছে, আৰু তেওঁলোকক ইছলামৰ ওপৰত প্ৰতিষ্ঠিত ৰাখিছে, লগতে ইয়াৰ বিধি-বিধান তথা চৰীয়ত অনুযায়ী আমল কৰাৰ তাওফীক প্ৰদান কৰিছে। এই কিতাপখনৰ জৰিয়তে এজন মুছলিমে সংক্ষিপ্তভাৱে দ্বীনৰ সেই মূলনীতিবোৰ শিকিব পাৰিব, যাৰ দ্বাৰা তেওঁৰ দ্বীন মজবুত হয়, লগতে এই কিতাপখনত দ্বীনৰ মহান বৈশিষ্ট্যবোৰ স্পষ্ট কৰা হৈছে; যাতে প্ৰতিজন পাঠকে নিজ প্ৰতিপালক সম্পৰ্কে, দ্বীন ইছলাম সম্পৰ্কে, আৰু নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বিষয়ে অধিক জ্ঞান অৰ্জন কৰিব পাৰে; লগতে যাতে আধ্যাত্মিক জ্ঞান আৰু সঠিক ইল্মৰ ভিত্তিত আল্লাহৰ ইবাদত কৰিব পাৰে।

বান্দাসকলক সৃষ্টি কৰাৰ ৰহস্য

মহান আল্লাহে আমাক এক মহান উদ্দেশ্যত সৃষ্টি কৰিছে, আৰু সেয়া হৈছে একমাত্ৰ তেওঁৰ ইবাদত কৰা, যাৰ কোনো অংশীদাৰ নাই। যেনে- মহান আল্লাহে কৈছেঃ "আৰু মই জিন আৰু মানুহক কেৱল এইকাৰণেই সৃষ্টি কৰিছোঁ যে, সিহঁতে যেন কেৱল মোৰেই ইবাদত কৰে।" (ছুৰা আজ- যাৰিয়াতঃ ৫৬) অৰ্থাৎ, একমাত্ৰ তেওঁৰেই ইবাদত কৰিব লাগে, তেওঁৰ কোনো অংশীদাৰ নাই, আৰু এই মহান উদ্দেশ্যৰ চাৰিওফালেই আমাৰ এই পাৰ্থিৱ জীৱনৰ সকলো কৰ্ম আৰু উদ্দেশ্য আৱৰ্তিত হয়। পৱিত্ৰ মহান সত্তাই কৈছেঃ "তোমালোকে ভাবিছা নেকি যে, আমি তোমালোকক অনৰ্থক সৃষ্টি কৰিছোঁ আৰু তোমালোকক আমাৰ ওচৰলৈকে ওভোতাই আনা নহ’ব? এতেকে আল্লাহ মহিমাময়, প্ৰকৃত মালিক, তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই; তেৱেঁই সন্মানিত আৰছৰ অধিপতি।" [আল-মু’মিনূন, আয়াত: ১১৫-১১৬]

আল্লাহ হৈছে মোৰ ৰব্ব (প্ৰতিপালক)

মহান আল্লাহে কৈছেঃ "হে মানৱ সম্প্ৰদায়! তোমালোকে তোমালোকৰ সেই ৰব্ব (প্ৰতিপালক)ৰ ইবাদত কৰা, যিজনে তোমালোকক আৰু তোমালোকৰ পূৰ্বৱৰ্তীসকলক সৃষ্টি কৰিছে, যাতে তোমালোকে তাক্বৱাৰ অধিকাৰী হ’ব পাৰা।" (ছুৰা আল-বাক্বাৰাহঃ ২১)

মহান আল্লাহে কৈছেঃ "তেৱেঁই আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ (উপাস্য) নাই৷" (ছুৰা আল-হাশ্বৰঃ ২২)

মহান আল্লাহে কৈছেঃ "একোৱেই তেওঁৰ উপমাযোগ্য নহয়, তেওঁ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।" (ছুৰা আশ্ব-শ্বুৰাঃ ১১)

আল্লাহেই হৈছে মোৰ ৰব্ব আৰু তেৱেঁই সকলো বস্তুৰ ৰব্ব, তেৱেঁই অধিকাৰী, তেৱেঁই সৃষ্টিকৰ্তা, তেৱেঁই জীৱিকাদাতা, সকলো বস্তু তেওঁৰেই নিয়ন্ত্ৰণাধীন।

একমাত্ৰ তেৱেঁই ইবাদতৰ যোগ্য। তেওঁৰ বাহিৰে কোনো প্ৰতিপালক নাই আৰু আন কোনো সত্য উপাস্যও নাই।

আল্লাহৰ বাবে আছে সুন্দৰ আৰু উৎকৃষ্ট বহুতো নাম আৰু গুণাৱলী, যিবোৰ তেওঁ নিজেই নিজৰ বাবে প্ৰতিষ্ঠা কৰিছে অথবা নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ বাবে চয়ন কৰিছে। এইবোৰ নাম পৰিপূৰ্ণতাৰ ক্ষেত্ৰত আৰু নিখুঁত তথা সৌন্দৰ্যৰ ক্ষেত্ৰত অতি উচ্চ শিখৰত উপনীত। একোৱেই তেওঁৰ সদৃশ নহয়, তেওঁ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।

আল্লাহৰ কিছুমান সুন্দৰ আৰু উৎকৃষ্ট নাম যেনে-

আৰ-ৰাজ্জাক্ব (জীৱিকা প্ৰদানকাৰী), আৰ-ৰাহমান (পৰম দয়ালু, পৰম কৰুণাময়, সবাতোকৈ দয়ালু, কল্যাণময়), আল-ক্বাদীৰ (সর্বশক্তিমান, মহা ক্ষমতাধৰ), আল-মালিক (সৰ্বকৰ্তৃত্বময়, অধিপতি, মালিক),আচ-ছামিউ' (সৰ্বশ্রোতা), আচ-ছালাম (নিৰাপত্তা প্ৰদানকাৰী, শান্তি প্ৰদানকাৰী, ত্রাণকৰ্তা, দোষমুক্ত), আল-বাছীৰ (সৰ্ববিষয়-দৰ্শনকাৰী, সৰ্বদ্রষ্টা), আল-অকীলু (পৰম নির্ভৰযোগ্য কর্ম-সম্পাদনকাৰী, তত্ত্বাৱধায়ক, সহায় প্রদানকাৰী), আল-খালিক্ব (সৃষ্টিকৰ্তা, স্ৰষ্টা), আল-লাতীফ (সকলো গোপন বিষয়ে অৱগত, সূক্ষ্মদৰ্শী, অমায়িক), আল-কাফী (পৰম নির্ভৰযোগ্য), আল-গাফুৰ (পৰম ক্ষমাশীল, মার্জনাকাৰী, অতি ক্ষমাশীল)

আৰ-ৰাজ্জাক্ব: বান্দাসকলৰ জীৱিকাৰ যোগান ধৰোঁতা, যি জীৱিকা বান্দাসকলৰ ৰুহ আৰু শৰীৰৰ বাবে প্ৰয়োজনীয়।

আৰ-ৰাহমান: অসীম দয়াৰ অধিকাৰী তথা সবাতোকৈ দয়ালু, তেওঁৰ দয়াই সকলো বস্তুকে আৱৰি আছে।

আল-ক্বাদীৰ: পৰিপূৰ্ণ ক্ষমতাৰ অধিকাৰী সর্বশক্তিমান, তেওঁ কেতিয়াও অক্ষমতা বা নিষ্ক্ৰিয়তা অনুভৱ নকৰে।

আল-মালিক: মালিক বা অধিপতি, যিজন মহানতা আৰু আধিপত্যৰ সকলো গুণেৰে গুণাম্বিত। মা-লিক সেই সত্তা যিজনে সকলোকে নিয়ন্ত্ৰণ কৰে আৰু সকলোকে পৰিচালনা কৰে।

আচ-ছামিউ': সৰ্বশ্রোতা, যিজনে প্ৰকাশ্য-অপ্ৰকাশ্য সকলো কথা শুনা পায়, আৰু তেওঁ নিজৰ বান্দাসকলৰ দুআ আৰু মিনতিও শ্ৰৱণ কৰে।

আচ-ছালাম: যিজন নিখুঁত, দোষমুক্ত, সকলো প্ৰকাৰ দোষ-ত্ৰুটিৰ পৰা পৱিত্ৰ।

আল-বাছীৰ: যাৰ দৃষ্টিশক্তিয়ে সকলোকে সামৰি লয়, সেইটো যিমানেই ক্ষুদ্ৰ নহওক আৰু যিমানেই সৰু নহওক কিয়, তেওঁ সকলো বস্তুৰ আৰু সকলো বিষয়ৰ গোপন তথ্য সম্পৰ্কে অৱহিত।

আল-অকীলু: যিজনে সৃষ্টিক জীৱিকাৰ যোগান ধৰে, আৰু সিহঁতৰ সৰ্বোত্তম স্বাৰ্থত সিহঁতৰ কাম-কাজৰ তত্ত্বাৱধান কৰে; তেৱেঁই মুমিনসকলৰ সহায়কাৰী আৰু তেওঁলোকক তাওফীক প্ৰদানকাৰী, মুমিনসকলৰ সকলো কৰ্মত তেৱেঁই যথেষ্ট।

আল-খালিক্ব: পূৰ্বৱৰ্তী কোনো উপমা বা উদাহৰণ নোহোৱাকৈ যিয়ে সৃষ্টি কৰে আৰু সেইবোৰক অভূতপূৰ্বভাৱে অস্তিত্বলৈ আনিছে।

আল-লাতীফ: যিয়ে বান্দাসকলক মৰ্যাদা প্ৰদান কৰে, তেওঁলোকৰ প্ৰতি দয়া তথা ৰহম কৰে আৰু তেওঁলোকৰ দুআৰ প্ৰতি সঁহাৰি দিয়ে।

আল-কাফী: যিজন সত্ত্বা বান্দাসকলৰ সকলো প্ৰয়োজনৰ বাবে যথেষ্ট, যাৰ সহায় লাভ কৰাৰ পাছত আন কাৰো সহায়ৰ প্ৰয়োজন নহয়।

আল-গাফুৰ: যি সত্ত্বাই তেওঁৰ বান্দাসকলক পাপকৰ্মৰ অনিষ্টতাৰ পৰা ৰক্ষা কৰে আৰু ইয়াৰ বাবে তেওঁলোকক শাস্তি নিদিয়ে।

মোৰ নবী হৈছে মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লাম

মহান আল্লাহে কৈছেঃ "নিশ্চয় তোমালোকৰ ওচৰলৈ তোমালোকৰ মাজৰ পৰাই এজন ৰাছুল আহিছে, তোমালোকৰ যি দুখ-কষ্ট হয় তেওঁ তাৰ বাবে বৰ মনোকষ্ট পায়। তেওঁ তোমালোকৰ হিতাকাংক্ষী, মুমিনসকলৰ প্ৰতি তেওঁ কৰুণাশীল আৰু অতি দয়ালু।" (ছুৰা আত-তাওবাহঃ ১২৮)

মহান আল্লাহে কৈছেঃ "আৰু আমি তোমাক বিশ্ববাসীৰ বাবে কেৱল ৰহমত হিচাপেহে প্ৰেৰণ কৰিছোঁ।" (ছুৰা আল-আম্বিয়াঃ ১০৭)

প্ৰিয় নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰহমত:

তেখেত হৈছে মুহাম্মদ বিন আব্দুল্লাহ বিন আব্দুল মুত্তালিব বিন হাশ্বিম। হাশ্বিম হৈছে কুৰাইশ্বৰ বংশধৰ, আৰু কুৰাইশ্ব হৈছে আৰবৰ শ্ৰেষ্ঠ গোষ্ঠী।

তেখেতৰ মাতৃ আছিল আমিনা বিন্তে অহাব, আৰু তেখেতৰ ধাইমাতৃ আছিল হালীমা আচ-ছাদিয়্যাহ। তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে এঘাৰ গৰাকী মহিলাক বিবাহ কৰিছিল, আৰু তেখেতৰ মৃত্যুৰ সময়ত তেওঁলোকৰ মাজৰ ন গৰাকী জীৱিত আছিল।

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সাতজন সন্তান আছিল: তাৰে তিনিজন আছিল পুত্ৰ আৰু চাৰিগৰাকী আছিল কন্যা। পুত্ৰসকল হৈছে: আল-কাছিম, আব্দুল্লাহ আৰু ইব্ৰাহীম। আনহাতে কন্যাসকল হৈছে: জয়নব, ৰুকাইয়াহ, উম্মে কুলছোম আৰু ফাতিমা।

তেখেতৰ আনুগত্য কৰা, তেখেতে যি সংবাদ দিছে সেইবোৰক বিশ্বাস কৰা আৰু সমৰ্থন কৰাটো হৈছে বাধ্যতামুলক। লগতে তেখেতে যিবোৰ বিষয় নিষেধ কৰিছে সেইবোৰৰ পৰা বিৰত থকাটো অনিবাৰ্য্য। আল্লাহৰ ইবাদত সেই পদ্ধতি অনুযায়ী কৰা উচিত, যিটো পদ্ধতিক তেখেতে অনুমোদন জনাইছে।

তেখেত আৰু তেখেতৰ পূৰ্বৱৰ্তী সকলো নবীৰ এইটোৱে বাৰ্তা আছিল যে, একমাত্ৰ আল্লাহৰ ইবাদত কৰা, তেওঁৰ সৈতে আন কাকো অংশীদাৰ নকৰিবা। মহান আল্লাহে কৈছেঃ "আৰু তোমাৰ পূৰ্বে আমি যি ৰাছুলকেই প্ৰেৰণ কৰিছোঁ তেওঁৰ ওচৰলৈ এইটোৱেই অহী কৰিছোঁ যে, ‘মোৰ বাহিৰে আন কোনো সত্য ইলাহ (উপাস্য) নাই, সেয়ে তোমালোকে কেৱল মোৰেই ইবাদত কৰা’।" (ছুৰা আম্বিয়াঃ ২৫)

আৰু তেখেত চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে সৰ্বশেষ নবী তথা ৰাছুল, যেনে- মহান আল্লাহে কৈছেঃ "মুহাম্মদ তোমালোকৰ মাজৰ কোনো পুৰুষৰে পিতা নহয়, বৰং তেওঁ হৈছে আল্লাহৰ ৰাছুল আৰু সৰ্বশেষ নবী। আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ।" (ছুৰা আল-আহঝাবঃ ৪০)

মহান আল্লাহে তেখেতক ইছলাম ধৰ্মৰ সৈতে গোটেই মানৱজাতিৰ প্ৰতি প্ৰেৰণ কৰিছে। মহান আল্লাহে কৈছেঃ "আৰু আমি তোমাক সমগ্ৰ মানৱ জাতিৰ বাবে কেৱল সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপেহে প্ৰেৰণ কৰিছোঁ; কিন্তু অধিকাংশ মানুহেই নাজানে।" (ছুৰা ছাবাঃ ২৮)

প্ৰত্যেক মুছলিমৰ ওপৰতে তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ মহান অধিকাৰ আছে, তাৰে কিছুমান হৈছেঃ

১- তেখেতৰ নুবুওৱত, সত্যবাদিতা, আৰু তেখেতে লৈ অহা মহান শ্বৰীয়তৰ নিৰ্ভুলতাৰ প্ৰতি ঈমান পোষণ কৰা, লগতে সেই ক্ষেত্ৰত তেখেতৰ আনুগত্য আৰু অনুসৰণ কৰা৷ যেনে- মহান আল্লাহে কৈছেঃ "আৰু তেওঁ মনে সজা কথা নকয়। এয়া হৈছে কেৱল অহী, যিটো তেওঁৰ প্ৰতি অহীৰূপে প্ৰেৰণ কৰা হয়৷" (ছুৰা আন-নাজমঃ ৩-৪)

২- নবী চাল্লাল্লাহু `আলাইহি অছাল্লামক মুহাব্বত কৰা আৰু সেই মুহাব্বতক নিজৰ প্ৰাণ, সন্তান-সন্ততি আৰু সমস্ত সৃষ্টিৰ মুহাব্বতৰ ওপৰত প্রাধান্য দিয়া ওৱাজিব। এই মুহাব্বতৰ দাবী হৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পথ-পদ্ধতিক অনুসৰণ কৰা, তেখেতে যি আদেশ দিছে সেয়া পালন কৰা আৰু যিবোৰ বিষয়ৰ পৰা তেখেতে নিষেধ কৰিছে সেইবোৰৰ পৰা বিৰত থাকা।

৩- নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সমাদৰ কৰা, সহায়-সহযোগিতা কৰা, সন্মান কৰা আৰু মহিমামণ্ডিত কৰা অনিবাৰ্য্য।

৪- তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি দৰূদ পাঠ কৰা। ইয়াৰ অৰ্থ হৈছে: তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰশংসা কৰা আৰু আল্লাহৰ ওচৰত এই দুআ কৰা যে, তেওঁ যাতে তেখেতৰ স্মৰণক সুউচ্চ কৰি দিয়ে আৰু তেখেতৰ সন্মান আৰু মৰ্যাদা বৃদ্ধি কৰে। তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "যিয়ে মোৰ প্ৰতি এবাৰ দৰূদ পাঠ কৰিব, আল্লাহে ইয়াৰ বিনিময়ত তাৰ ওপৰত দহটা ৰহমত বৰ্ষণ কৰিব।" (মুছলিম)

৫- তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ ক্ষেত্রত সীমালংঘন কৰা, আৰু তেখেতক আল্লাহে প্ৰদান কৰা মৰ্যাদাৰ ওপৰত স্থান দিয়াটো নিষিদ্ধ। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই বিষয়ে অত্যন্ত কঠোৰভাৱে সতৰ্ক কৰিছে, যেনে- তেখেতে কৈছেঃ "তোমালোকে মোৰ প্ৰশংসাত সীমালংঘন নকৰিবা, যিদৰে খৃষ্টানসকলে ঈছা ইবনে মৰিয়ম সম্পৰ্কে সীমালংঘন কৰিছিল। মই হৈছোঁ আল্লাহৰ বান্দা। গতিকে তোমালোকে মোক আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল বুলি কোৱা।" (বুখাৰী)

তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ কিছুমান বিশেষত্ব:

সততা, দয়া, সহনশীলতা, ধৈৰ্য্য, সাহসিকতা, উদাৰতা, ভাল আচৰণ, নিৰপেক্ষতা, শালীনতা, ক্ষমা ইত্যাদি আছিল তেখেতৰ অন্যতম বৈশিষ্ট্য।

পৱিত্র কোৰআন হৈছে মোৰ প্ৰতিপালকৰ বাণী

মহান আল্লাহে কৈছেঃ "হে মানৱজাতি! তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰলৈ প্ৰমাণ আহিছে আৰু আমি তোমালোকৰ প্ৰতি স্পষ্ট জ্যোতি অৱতীৰ্ণ কৰিছোঁ।" (ছুৰা আন-নিছাঃ ১৭৪)

পৱিত্ৰ কোৰআন হৈছে মহান আল্লাহৰ প্ৰকৃত বাণী, যিটো তেওঁ তেওঁৰ নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ কৰিছে, যাতে মানুহক অন্ধকাৰৰ পৰা পোহৰলৈ উলিয়াই আনিব পাৰে আৰু সিহঁতক চিৰাতে মুছতাক্বীমৰ (সঠিক পথৰ) হিদায়ত দিব পাৰে। যিয়ে এই কিতাব তিলাৱত কৰিব তেওঁ বৃহৎ ছোৱাব অৰ্জন কৰিব, আৰু যিয়ে ইয়াৰ ওপৰত আমল কৰিব, তেওঁ প্ৰকৃত সত্য পথ পাব। আব্দুল্লাহ বিন মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যি ব্যক্তিয়ে আল্লাহৰ কিতাবৰ এটি হৰফ (আখৰ) তিলাৱত কৰিব, তাৰ বাবে আছে ছোৱাব, আৰু প্ৰতিটো ছোৱাব দহগুণ বৃদ্ধিকৈ প্রদান কৰা হয়। মই এইটো নকওঁ যে, আলিফ, লাম, মীম হৈছে এটা হৰফ। বৰং আলিফ হৈছে এটা হৰফ, লাম হৈছে এটা হৰফ আৰু মীম হৈছে এটা হৰফ।" (তিৰমিজী)

মহান আল্লাহে এই গ্ৰন্থখনক পৰিবৰ্তন-পৰিবৰ্ধন আৰু বিকৃতৰ পৰা সুৰক্ষিত ৰাখিছে, লগতে ইয়াক ক্বিয়ামত পৰ্যন্ত এক চিৰস্থায়ী নিদৰ্শন বনাইছে। মহান আল্লাহে কৈছেঃ "নিশ্চয় আমিয়েই কোৰআন অৱতীৰ্ণ কৰিছোঁ আৰু নিশ্চয় আমিয়েই ইয়াৰ সংৰক্ষক।" (ছুৰা আল-হিজৰঃ ৯) এতেকে যিয়েই এই দাবী কৰে যে, কোৰআন অসম্পূৰ্ণ অথবা বিকৃত, সি মহান আল্লাহক আৰু তেওঁৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক মিছা প্ৰতিপন্ন কৰে, আৰু এনেকুৱা ব্যক্তি হৈছে ইছলাম ধৰ্মৰ পৰা বহিষ্কৃত।

পৱিত্ৰ কোৰআনত পূৰ্বৱৰ্তী গ্ৰন্থসমূহৰো বিষয়বস্তু অন্তৰ্ভুক্ত আছে, ইয়াৰ উপৰিও তাতোকৈ অধিক ঐশী বিষয়বস্তু আৰু আত্মিক নৈতিকতা সন্নিবিষ্ট আছে। কোৰআনে পূৰ্বৱৰ্তী গ্ৰন্থসমূহত থকা সত্যখিনিক সমৰ্থন কৰে। বৰ্তমান সময়ত একমাত্ৰ পৱিত্ৰ কোৰআনৰ বাহিৰে মহান আল্লাহৰ তৰফৰ পৰা এনে কোনো গ্ৰন্থ নাই, যাৰ অনুসৰণ কৰা, যাক পৱিত্ৰ বুলি জ্ঞান কৰা, যাৰ তিলাৱাতৰ জৰিয়তে ইবাদত কৰা আৰু যাৰ ওপৰত আমল কৰাটো বাধ্যতামূলক।

মোৰ দ্বীন বা ধৰ্ম হৈছে ইছলাম৷

দ্বীনৰ স্তৰ হৈছে তিনিটা: ইছলাম, ঈমান আৰু এহছান।

প্ৰথম পৰ্যায়ঃ ইছলাম

ইছলাম হৈছে: তাওহীদৰ মাধ্যমত আল্লাহৰ ওচৰত পৰিপূৰ্ণৰূপে আত্মসমৰ্পণ কৰা, আনুগত্যৰ মাধ্যমত তেওঁৰ ওচৰত পৰিপূৰ্ণৰূপে বশ্যতা স্বীকাৰ কৰা, লগতে শ্বিৰ্ক আৰু মুশ্বৰিকৰ পৰা সম্পৰ্কচ্ছেদ ঘোষণা কৰা।

ইছলামৰ আৰকান বা স্তম্ভসমূহ

তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “ইছলামৰ স্তম্ভ হৈছে পাঁচটা– এই কথাৰ সাক্ষ্য প্ৰদান কৰা যে, আল্লাহৰ বাহিৰে আন কোনো প্ৰকৃত উপাস্য নাই আৰু মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল, চালাত (নামাজ) প্ৰতিষ্ঠা কৰা, যাকাত আদায় কৰা, ৰমজান মাহৰ ৰোজা পালন কৰা, হজ্জ কৰা৷” (মুত্তাফাক্ব আলাইহ)

ইছলামৰ আৰকানসমূহ হৈছে বাহ্যিক ইবাদত, যিবোৰ দায়ত্বশীলতাৰ সৈতে পালন কৰাটো প্ৰতিজন মুছলমানৰ বাবে অনিবাৰ্য্য। এইবোৰ বিশ্বাস নকৰাকৈ তথা এইবোৰৰ ওপৰত আমল নকৰাকৈ কোনেও মুছলিম হ’ব নোৱাৰে। কিয়নো ইছলাম এইবোৰ স্তম্ভৰ ওপৰতে প্ৰতিষ্ঠিত। সেইকাৰণেই এইবোৰক ইছলামৰ আৰকান বুলি কোৱা হয়।

ইছলামৰ আৰকানসমূহ যেনে-

প্ৰথম ৰুকুন বা স্তম্ভ হৈছেঃ এই কথাৰ সাক্ষ্য প্ৰদান কৰা যে, আল্লাহৰ বাহিৰে আন কোনো প্ৰকৃত উপাস্য নাই আৰু মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল।

মহান আল্লাহে কৈছেঃ "গতিকে জানি থোৱা! আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ (উপাস্য) নাই।" (ছুৰা মুহাম্মদঃ ১৯)

মহান আল্লাহে আৰু কৈছেঃ "নিশ্চয় তোমালোকৰ ওচৰলৈ তোমালোকৰ মাজৰ পৰাই এজন ৰাছুল আহিছে, তোমালোকৰ যি দুখ-কষ্ট হয় তেওঁ তাৰ বাবে বৰ মনোকষ্ট পায়। তেওঁ তোমালোকৰ হিতাকাংক্ষী, মুমিনসকলৰ প্ৰতি তেওঁ কৰুণাশীল আৰু অতি দয়ালু।" (ছুৰা আত-তাওবাহঃ ১২৮)

“লা ইলাহা ইল্লাল্লাহ”ৰ অৰ্থ হৈছে, আল্লাহৰ বাহিৰে ইবাদতৰ যোগ্য আন কোনো সত্য উপাস্য নাই।

আনহাতে “মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামক আল্লাহৰ ৰাছুল” বুলি সাক্ষ্য দিয়াৰ অৰ্থ হৈছে, তেখেতে দিয়া আদেশবোৰ পালন কৰা আৰু তেখেতে যিবোৰ সংবাদ দিছে সেইবোৰক বিশ্বাস কৰা তথা সমৰ্থন কৰাটো বাধ্যতামূলক, লগতে তেখেতে যিবোৰ বিষয়ত নিষেধাজ্ঞা জাৰি কৰিছে সেইবোৰৰ পৰা বিৰত থকাটোও অনিবাৰ্য্য। আল্লাহৰ ইবাদত সেইমতেই কৰা উচিত যিদৰে চৰীয়তে অনুমোদন জনাইছে।

দ্বিতীয় ৰুকুন বা স্তম্ভ: চালাত (নামাজ) প্ৰতিষ্ঠা কৰা।

মহান আল্লাহে কৈছেঃ "আৰু তোমালোকে ছালাত প্ৰতিষ্ঠা কৰা৷" (ছুৰা আল-বাক্বাৰাহ: 110)

চালাত (নামাজ) সেইদৰেই আদায় কৰিব লাগিব যিদৰে আল্লাহে নিৰ্ধাৰণ কৰিছে তথা যিদৰে আমাৰ ৰাছুল মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক শিকাইছে।

তৃতীয় ৰুকুন বা স্তম্ভ: যাকাত আদায় কৰা।

মহান আল্লাহে কৈছেঃ "যাকাত প্ৰদান কৰা৷" (ছুৰা আল-বাক্বাৰাহঃ ১১০)

আল্লাহে মুছলমানসকলৰ ঈমানৰ সত্যতা পৰখ কৰিবলৈ যাকাত ফৰজ কৰিছে, আৰু আল্লাহে দিয়া সম্পত্তিৰ বাবে আল্লাহৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ উপায় হিচাপে আৰু অভাৱী দৰিদ্ৰসকলক সহায় কৰাৰ উপায় হিচাপে এই যাকাত অনিবাৰ্য্য কৰিছে।

• যাকাত পোৱাৰ যোগ্য হিতাধিকাৰীক যাকাত প্ৰদান কৰিলেহে যাকাত আদায় হয়।

যদি সম্পদ এটা নিৰ্দিষ্ট পৰিমাণত উপনীত হয় তেতিয়া যাকাত প্ৰদান কৰাটো অনিবাৰ্য্য হৈ পৰে। আঠ শ্ৰেণীৰ লোকক যাকাতৰ ধন দিব পাৰি, এই আঠ শ্ৰেণীৰ কথা আল্লাহে পৱিত্ৰ কোৰআনত উল্লেখ কৰিছে, তাৰ ভিতৰত আছে ফকীৰ আৰু মিছকীন।

যাকাত আদায় কৰাটো হৈছে দয়া আৰু সহানুভূতিৰ কাম, ইয়াৰ দ্বাৰা মুছলমানসকলৰ চৰিত্ৰ আৰু সম্পত্তি বিশুদ্ধ হয়; দৰিদ্ৰ, অভাৱীলোকক সান্ত্বনা দিয়ে, আৰু মুছলমান সমাজত প্ৰেম আৰু ভাতৃত্ববোধৰ বান্ধোন মজবুত কৰে। সেই কাৰণেই প্ৰকৃত মুছলিম ব্যক্তিয়ে আন্তৰিকতাৰে যাকাত আদায় কৰে, যিটোৰ দ্বাৰা তেওঁ আনলৈ সুখ- শান্তি কঢ়িয়াই আনে।

• যাকাতৰ পৰিমাণ হৈছে সঞ্চয় কৰা সম্পত্তিৰ 2.5%। সেয়া হওক সোণ, ৰূপ, নগদ ধন অথবা লাভৰ বাবে ক্ৰয় কৰা আৰু বিক্ৰীৰ বাবে আৱণ্টন কৰা বাণিজ্যিক সামগ্ৰী। যাকাত তেতিয়াহে আদায় কৰা হয় যেতিয়া সঞ্চয় কৰা সম্পত্তিৰ মূল্য নিছাবত উপনীত হয় অৰ্থাৎ নিৰ্দিষ্ট পৰিমাণত উপনীত হয় আৰু ব্যক্তিজনৰ অধিকাৰত থাকোঁতে সম্পত্তিখিনিৰ ওপৰত এক চন্দ্ৰ বৰ্ষ পাৰ হয়।

• এইদৰে ঘৰচীয়া চতুষ্পদ জন্তু যেনে- উট, ভেড়া, গৰু আৰু ছাগলী যেতিয়া এটা নিৰ্দিষ্ট সংখ্যাত উপনীত হয় তেতিয়া সেইবোৰৰো যাকাত আদায় কৰাটো বাধ্যতামূলক হৈ পৰে, যদিহে বছৰটোৰ অধিকাংশ সময় এই জন্তুবোৰে পথাৰত ঘাঁহ বন খাই চৰি ফুৰে, মালিকে যদি কিনি খোৱাবলগীয়া নহয়।

এইদৰে কৃষিভূমিৰ পৰা উৎপাদিত ৰিকাজ (জাহিলিয়্যাত যুগৰ পুতি ধোৱা ধন), আৰু লগতে নিৰ্দিষ্ট পৰিমাণত উপনীত হোৱা শস্য, ফল-মূল আৰু খনিজ দ্ৰৱ্যৰ যাকাত আদায় কৰা বাধ্যতামূলক।

চতুৰ্থ ৰুকন বা স্তম্ভঃ ৰমাজান মাহৰ চিয়াম (ৰোজা) পালন কৰা।

মহান আল্লাহে কৈছেঃ "হে ঈমান্দাৰসকল! তোমালোকৰ ওপৰত ছিয়াম ফৰজ কৰা হৈছে যেনেকৈ তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ ওপৰত ফৰজ কৰা হৈছিল, যাতে তোমালোকে তাক্বৱা অৱলম্বন কৰিব পাৰা।" (ছুৰা আল-বাক্বাৰাহ: 110)

ৰমাজান হৈছে ইছলামিক হিজৰী কেলেণ্ডাৰৰ নৱম মাহ। মুছলিমসকলে ৰমাজান মাহক সন্মান কৰে আৰু বছৰৰ আন আন মাহতকৈ ইয়াক বিশেষ মৰ্যাদা দিয়ে। গোটেই ৰমাজান মাহ ৰোজা ৰখাটো ইছলামৰ পাঁচটা স্তম্ভৰ ভিতৰত অন্যতম এটা স্তম্ভ।

ৰোজাৰ সংজ্ঞাঃ ৰাতিপুৱাৰ পৰা সূৰ্যাস্তলৈকে খোৱা-বোৱা, সেৱন কৰা আৰু যৌন সম্ভোগকে আদি কৰি সকলো প্ৰকাৰ ৰোজা ভঙ্গকাৰী বিষয়ৰ পৰা বিৰত থকাৰ নামেই হৈছে ৰোজা। সম্পূৰ্ণ ৰমজান মাহৰ গোটেই দিনবোৰ এনেকৈ পাৰ কৰিব লাগে।

পঞ্চম ৰুকন বা স্তম্ভ: আল্লাহৰ পৱিত্ৰ ঘৰৰ হজ্জ কৰা।

মহান আল্লাহে কৈছেঃ "আৰু মানুহৰ মাজৰ পৰা তাত যাবলৈ যাৰ সামৰ্থ আছে, আল্লাহৰ উদ্দেশ্যে সেই ঘৰৰ হজ্জ কৰা তাৰ বাবে অৱশ্য কৰ্তব্য (অনিবাৰ্য্য)৷" (ছুৰা আলে-ইমৰাণঃ ৯৭)

• হজ্জ কেৱল সেইসকল লোকৰ বাবে জীৱনত কেৱল এবাৰেই বাধ্যতামূলক, তাত যাবলৈ যিসকলৰ সামৰ্থ আছে। হজ্জ হৈছে এটা নিৰ্দিষ্ট সময়ত কিছুমান নিৰ্দিষ্ট ইবাদত কৰিবলৈ মক্কাৰ পৱিত্ৰ কাবা গৃহৰ উদ্দেশ্য আৰু তাত থকা কিছুমান পৱিত্ৰ স্থানৰ উদ্দেশ্যে ভ্ৰমণ কৰা। নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামেও হজ্জ কৰিছিল আৰু তেওঁৰ আগত অহা নবীসকলেও হজ্জ পালন কৰিছিল। আল্লাহে নবী ইব্ৰাহীম আলাইহিচ্ছামক আদেশ দিছিল যে, তেওঁ যেন মানুহক হজ্জ কৰিবলৈ অহাৰ বাবে ঘোষণা দিয়ে। এই বিষয়টো উল্লেখ কৰি আল্লাহে পৱিত্ৰ কোৰআনত কৈছে: "আৰু মানুহৰ মাজত হজ্জৰ বাবে ঘোষণা কৰি দিয়া, তেওঁলোকে তোমাৰ ওচৰলৈ আহিব খোজকাঢ়ি আৰু সকলো ধৰণৰ উটৰ পিঠিত আৰোহণ কৰি, তেওঁলোক আহিব দূৰ-দূৰণিৰ পথ অতিক্ৰম কৰি৷" (ছুৰা আল-হাজ্জঃ ২৭)

দ্বিতীয় পৰ্যায়ঃ ঈমান

ঈমান হৈছে: স্বীকাৰ কৰা, দৃঢ়ভাৱে বিশ্বাস কৰা, আৰু আল্লাহ তথা তেওঁৰ ৰাছুলে ঈমান আনিবলৈ আদেশ দিয়া সকলো বিষয় সম্পূৰ্ণৰূপে মানি লোৱা, লগতে প্ৰকাশ্যে আৰু অপ্ৰকাশ্যে বশ্যতা স্বীকাৰ কৰা। গতিকে এইটো হৈছে অন্তৰৰ বিশ্বাস আৰু এনেকুৱা এটা আক্বীদা য'ত অন্তৰৰ আমল আৰু শাৰীৰিক আমলসমূহো অন্তৰ্ভুক্ত থাকে, আৰু এইটোৱে সম্পূৰ্ণ দ্বীন পালন কৰাকো সামৰি লয়। সৎকৰ্মৰ দ্বাৰা ঈমান বৃদ্ধি হয় আৰু পাপকৰ্মৰ দ্বাৰা ঈমান হ্ৰাস হয়।

ঈমানৰ আৰকানসমূহ

নবী চাল্লাল্লাহু আলাইহি অছাল্লামক যেতিয়া ঈমানৰ বিষয়ে সোধা হৈছিল তেতিয়া তেখেতে কৈছিল: “তুমি বিশ্বাস স্থাপন কৰা আল্লাহৰ প্ৰতি, তেওঁৰ ফিৰিস্তাসকলৰ প্ৰতি, তেওঁ অৱতীৰ্ণ কৰা কিতাপসমূহৰ প্ৰতি, ৰাছুলসকলৰ প্ৰতি, অন্তিম দিৱস অৰ্থাৎ কিয়ামতৰ প্ৰতি, লগতে ভাগ্যৰ প্ৰতি, মঙ্গল হওক বা অমঙ্গল”।

ঈমানৰ আৰকান বা স্তম্ভসমূহ হৈছে দৰাচলতে অন্তৰৰ ইবাদত, যিবোৰ বিশ্বাস কৰা প্ৰতিজন মুছলিমৰ বাবে অত্যন্ত জৰুৰী। এইবোৰৰ ওপৰত ঈমান পোষণ নকৰাকৈ তথা ইয়াৰ দাবী অনুসৰি আমল নকৰাকৈ কোনেও মুছলিম হ’ব নোৱাৰে। এই কাৰণেই এইবোৰক ঈমানৰ স্তম্ভ বুলি কোৱা হয়। ঈমানৰ আৰকান আৰু ইছলামৰ আৰকানসমূহৰ মাজত পাৰ্থক্যঃ ইছলামৰ আৰকানসমূহ হৈছে এনেকুৱা ইবাদত যিবোৰ দৃশ্যমান আৰু মানুহে শৰীৰৰ অংগ-প্ৰত্যংগৰ জৰিয়তে এইবোৰ পালন কৰে। যেনে- শ্বাহাদাতাইনৰ স্বীকাৰোক্তি, নামাজ আৰু যাকাত আদি। আনহাতে ঈমানৰ আৰকানসমূহৰ সম্পৰ্ক হৈছে অন্তৰৰ সৈতে, এইবোৰ হৈছে আন্তৰিক ইবাদত, মানুহে অন্তৰৰ দ্বাৰা এইবোৰ পালন কৰে। যেনে- আল্লাহৰ প্ৰতি বিশ্বাস স্থাপন কৰা, তেওঁৰ ফিৰিস্তাসকলৰ প্ৰতি বিশ্বাস স্থাপন কৰা, তেওঁৰ কিতাবসমূহৰ প্ৰতি বিশ্বাস স্থাপন কৰা আৰু তেওঁৰ ৰাছুলসকলৰ প্ৰতি বিশ্বাস স্থাপন কৰা।

ঈমানৰ প্ৰথম স্তম্ভ: আল্লাহৰ প্ৰতি বিশ্বাস স্থাপন কৰা

মহান আল্লাহে কৈছেঃ "প্ৰকৃত মুমিন হৈছে সেইসকল লোক, যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে৷" [ছুৰা আন-নূৰ: 62]

আমি আল্লাহৰ অস্তিত্বৰ ওপৰত ঈমান পোষণ কৰোঁ, আৰু তেওঁক তেওঁৰ ৰুবুবিয়্যাত, উলূহিয়্যাত, আৰু তেওঁৰ নাম আৰু গুণাৱলীসমূহৰ ক্ষেত্ৰত একক বুলি বিশ্বাস কৰোঁ। আল্লাহৰ প্ৰতি ঈমানে নিম্নলিখিত বিষয়বোৰক অন্তৰ্ভুক্ত কৰে:

• পৱিত্ৰ মহান আল্লাহৰ অস্তিত্বৰ প্ৰতি ঈমান।

• পৱিত্ৰ মহান আল্লাহৰ ৰূবুবিয়্যত বা প্ৰভুত্বক বিশ্বাস কৰা আৰু এই কথা বিশ্বাস কৰা যে, তেৱেঁই সকলো বস্তুৰ মালিক, সেইবোৰৰ সৃষ্টিকৰ্তা, জীৱিকাদাতা আৰু সকলোৰে পৰিচালক।

• এইদৰে আল্লাহৰ উলুহিয়্যতত বিশ্বাস কৰা, অৰ্থাৎ একমাত্ৰ আল্লাহেই ঈবাদতৰ যোগ্য। এইবোৰত তেওঁৰ কোনো অংশীদাৰ নাই, যেনে- নামাজ, দুআ, নজৰ বা মান্নত, জন্তুৰ কুৰবানী, সহায় প্ৰাৰ্থনা, আশ্ৰয় প্ৰাৰ্থনা, ইয়াৰ বাহিৰেও অন্যান্য যিবোৰ ইবাদত আছে, সেই সকলোবোৰত তেওঁৰ কোনো অংশীদাৰ নাই।

তেওঁৰ সেইসমূহ সুন্দৰ নাম আৰু সুউচ্চ গুণাৱলীৰ প্ৰতি ঈমান পোষণ কৰিব লাগিব, যিবোৰ তেওঁ নিজেই নিজৰ বাবে সাব্যস্ত কৰিছে অথবা নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ বাবে সাব্যস্ত কৰিছে। লগতে সেই সকলোবোৰ নাম আৰু ছিফাত পৰিত্যাগ কৰা উচিত যিবোৰ তেওঁ নিজৰ বাবে সাব্যস্ত কৰা নাই আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামেও সমৰ্থন কৰা নাই। আল্লাহৰ নাম আৰু তেওঁৰ গুণাৱলীসমূহ নিখুঁত হোৱাৰ ক্ষেত্ৰত আৰু সৌন্দৰ্যৰ ক্ষেত্ৰত পৰিপূৰ্ণতাৰ উচ্চ শিখৰত উপনীত। তেওঁৰ সৈতে তুলনা কৰিব পৰা একোৱেই নাই, তেওঁ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।

ঈমানৰ দ্বিতীয় স্তম্ভ: ফিৰিস্তাসকলৰ প্ৰতি বিশ্বাস কৰা।

মহান আল্লাহে কৈছেঃ "সকলো ধৰণৰ প্ৰশংসা কেৱল আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা আল্লাহৰ বাবেই, যিজনে ফিৰিস্তাসকলক বাণীবাহকৰূপে নিয়োগ কৰিছে, তেওঁলোক হৈছে দুখন দুখন, তিনিখন তিনিখন আৰু চাৰিখন চাৰিখন ডেউকা বিশিষ্ট। তেৱেঁই সৃষ্টিৰ মাজত যি ইচ্ছা কৰে বৃদ্ধি কৰে। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।" [ছুৰা ফাতিৰ: ১]

আমি বিশ্বাস কৰোঁ যে, ফিৰিস্তাসকলে অদৃশ্য জগতত বাস কৰে, আৰু তেওঁলোক হৈছে আল্লাহৰ বান্দা, তেওঁলোকক আল্লাহে নূৰৰ দ্বাৰা সৃষ্টি কৰিছে আৰু তেওঁলোকক বনাইছে তেওঁৰ আনুগত্যকাৰী আৰু তেওঁৰ ওচৰত নত স্বীকাৰকাৰী হিচাপে৷

তেওঁলোক হৈছে আল্লাহৰ এক মহান সৃষ্টি, তেওঁলোকৰ সংখ্যা আৰু সামৰ্থ্য সম্পৰ্কে একমাত্ৰ আল্লাহেই জানে। তেওঁলোকৰ প্ৰত্যেকৰে আছে নাম আৰু বৈশিষ্ট্য, লগতে আল্লাহে তেওঁলোকক বিশেষ বিশেষ কামত নিয়োজিত কৰি ৰাখিছে। তেওঁলোকৰ মাজত অন্যতম হৈছে জিব্ৰীল আলাইহিচ্ছালাম, আল্লাহে তেওঁক অহীৰ দায়িত্ব অৰ্পন কৰিছে। তেওঁ আল্লাহৰ আদেশত ৰাছুলসকলৰ ওচৰলৈ অহী লৈ আহে।

ঈমানৰ তৃতীয় স্তম্ভ: আচমানী কিতাবসমূহৰ প্ৰতি ঈমান।

মহান আল্লাহে কৈছেঃ "তোমালোকে কোৱা, ‘আমি ঈমান আনিছোঁ আল্লাহৰ প্ৰতি আৰু যি আমাৰ প্ৰতি অৱতীৰ্ণ হৈছে, লগতে তাৰ প্ৰতিও ঈমান আনিছোঁ যি অৱতীৰ্ণ হৈছে ইব্ৰাহীম, ইছমাঈল, ইছহাক্ব, ইয়াকূব আৰু তেওঁৰ বংশধৰসকলৰ প্ৰতি, আৰু মুছা, ঈছা লগতে অন্যান্য নবীসকলক তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা যি প্ৰদান কৰা হৈছে (তাৰ প্ৰতিও ঈমান আনিছোঁ)। আমি তেওঁলোকৰ মাজত কোনো পাৰ্থক্য নকৰোঁ; আৰু আমি তেওঁৰ ওচৰতেই আত্মসমৰ্পণকাৰী।" (ছুৰা আল-বাক্বাৰাহঃ ১৩৬)

আমি ঈমান পোষণ কৰোঁ যে, মহান আল্লাহে তেওঁৰ ৰাছুলসকলৰ ওপৰত গ্ৰন্থসমূহ অৱতীৰ্ণ কৰিছে, যিবোৰ সমগ্ৰ বিশ্ববাসীৰ বাবে এক প্ৰমাণ আৰু আমলকাৰীসকলৰ বাবে এক সুস্পষ্ট পথ।

তেওঁলোকে ইয়াৰ দ্বাৰা সিহঁতক প্ৰজ্ঞাৰ শিক্ষা দিয়ে আৰু পৰিশুদ্ধ কৰে।

আমি এই কথা বিশ্বাস কৰোঁ যে, নিশ্চিতভাৱে আল্লাহে তেওঁৰ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক সমগ্ৰ মানৱজাতিৰ ওচৰলৈ প্ৰেৰণ কৰিছে, আৰু তেওঁৰ চৰীয়তৰ মাধ্যমত অতীতৰ সকলো চৰীয়তক ৰহিত কৰিছে, আৰু তেওঁ কোৰআনে কাৰীমক তদাৰককাৰীৰূপে অৱতীৰ্ণ কৰিছে, এইখনে সকলো আচমানী গ্ৰন্থক সমৰ্থন কৰে, লগতে এইখন হৈছে পূৰ্বৱৰ্তী গ্ৰন্থসমূহৰ ৰহিতকাৰী। মহান আল্লাহে কোৰআনক পৰিবৰ্তন-পৰিবৰ্ধন আৰু বিকৃত হোৱাৰ পৰা ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি তথা নিশ্চয়তা প্ৰদান কৰিছে আৰু ইয়াৰ দায়িত্বভাৰ গ্ৰহণ কৰিছে। মহান আল্লাহে কৈছে: "নিশ্চয় আমিয়েই কোৰআন অৱতীৰ্ণ কৰিছোঁ আৰু নিশ্চয় আমিয়েই ইয়াৰ সংৰক্ষক।" (ছুৰা হিজৰঃ ৯) কাৰণ কোৰআন হৈছে মানৱজাতিৰ বাবে অৱতীৰ্ণ কৰা আল্লাহৰ সৰ্বশেষ কিতাব, আৰু নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে সৰ্বশেষ ৰাছুল, আৰু ইছলাম ধৰ্মই হৈছে সেই ধৰ্ম, যাক আল্লাহে কিয়ামত দিৱসলৈকে মানৱজাতিৰ বাবে মনোনীত কৰিছে। মহান আল্লাহে কৈছে: "নিশ্চয় ইছলামেই হৈছে আল্লাহৰ ওচৰত একমাত্ৰ (মনোনীত) দ্বীন৷" (ছুৰা আলে-ইমৰাণঃ ১৯)

আল্লাহে কোৰআনত উল্লেখ কৰা আচমানী গ্ৰন্থসমূহ হৈছে:

পৱিত্ৰ কোৰআন: আল্লাহে এইখন অৱতীৰ্ণ কৰিছে তেওঁৰ নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত।

তাওৰাত: এইখন আল্লাহে তেওঁৰ নবী মূছা আলাইহিচ্ছামৰ ওপৰত অৱতীৰ্ণ কৰিছিল।

ইঞ্জীল: এইখন আল্লাহে তেওঁৰ নবী ঈছা আলাইহিচ্ছামৰ ওপৰত অৱতীৰ্ণ কৰিছিল।

ঝাবুৰ: এইখন আল্লাহে অৱতীৰ্ণ কৰিছিল তেওঁৰ নবী দাঊদ আলাইহিচ্ছামৰ ওপৰত।

চুহুফে ইব্ৰাহীম: এইখন আল্লাহে অৱতীৰ্ণ কৰিছিল তেওঁৰ নবী ইব্ৰাহীম আলাইহিচ্ছালামৰ ওপৰত।

ঈমানৰ চতুৰ্থ স্তম্ভ: ৰাছুলসকলৰ প্ৰতি ঈমান

মহান আল্লাহে কৈছেঃ "আৰু নিশ্চয় আমি প্ৰত্যেক জাতিৰ ওচৰলৈ একো একোজনকৈ ৰাছুল প্ৰেৰণ কৰিছিলোঁ, এই নিৰ্দেশ প্ৰদান কৰি যে, তোমালোকে আল্লাহৰ ইবাদত কৰা আৰু তাগুতক পৰিহাৰ কৰা।" (ছুৰা নাহলঃ ৩৬)

আমি বিশ্বাস কৰোঁ যে, মহান আল্লাহে তেওঁৰ সৃষ্টিৰ ওচৰলৈ ৰাছুলসকলক প্ৰেৰণ কৰিছিল, তেওঁলোকে মানুহক একমাত্ৰ আল্লাহৰ ইবাদতৰ পিনে আহ্বান জনাইছিল, যাৰ কোনো অংশীদাৰ নাই, লগতে তেওঁৰ বাহিৰে যিবোৰৰ উপাসনা কৰা হয় সেইবোৰক অস্বীকাৰ কৰিবলৈও আহ্বান জনাইছিল।

তেওঁলোক সকলোৱে আছিল মানৱ, পুৰুষ, আল্লাহৰ বান্দা, আৰু তেওঁলোক আছিল সৎ আৰু নিষ্ঠাৱান, ধাৰ্মিক আৰু বিশ্বাসযোগ্য, পথপ্ৰদৰ্শক তথা হিদায়তপ্ৰাপ্ত। আল্লাহে তেওঁলোকক এনেকুৱা নিদৰ্শনৰ দ্বাৰা সমৰ্থন কৰিছিল যিবোৰে তেওঁলোকৰ সত্যতাৰ প্ৰমাণ বহন কৰিছিল। তেওঁলোকে সেই সকলো তথ্য-পাতি মানুহক জনাই দিছিল যিবোৰ জনাই দিবলৈ আল্লাহে তেওঁলোকক দায়িত্ব অৰ্পন কৰিছিল। তেওঁলোক সকলোৱে আছিল স্পষ্ট সত্য আৰু হিদায়তৰ ওপৰত প্ৰতিষ্ঠিত।

• প্ৰথম নবীৰ পৰা শেষ নবীলৈকে ধৰ্মৰ মৌলিক বিষয়বোৰৰ দাৱাতৰ ক্ষেত্ৰত তেওঁলোক সকলোৰে এটাই বাৰ্তা আছিল। সেইটো হৈছে তাওহীদে উলুহিয়্যত অৰ্থাৎ একমাত্ৰ আল্লাহৰেই ইবাদত কৰা, ইবাদতত কাকো অংশীদাৰ নকৰিবা।

ঈমানৰ পঞ্চম স্তম্ভ: অন্তিম দিৱসৰ প্ৰতি ঈমান

মহান আল্লাহে কৈছেঃ "আল্লাহৰ বাহিৰে আন কোনো (সত্য) ইলাহ নাই; নিশ্চয় তেৱেঁই তোমালোকক ক্বিয়ামতৰ দিনা একত্ৰিত কৰিব, ইয়াত কোনো সন্দেহ নাই; আৰু কথাত আল্লাহতকৈ অধিক সত্যবাদী আৰুনো কোন হ’ব পাৰে?" [ছুৰা আন- নিছা: ৮৭]

আমি আখিৰাত দিৱসৰ প্ৰতি ঈমান পোষণ কৰোঁ, সেইটো হৈছে কিয়ামত দিৱস, যাৰ পিছত আন কোনো দিন নাই। আমি ইয়াৰ সৈতে সম্পৰ্কীয় সেই সকলো বিষয়ৰ প্ৰতিও ঈমান পোষণ কৰোঁ, যিবোৰৰ বিষয়ে আমাৰ প্ৰতিপালক আল্লাহে তেওঁৰ পৱিত্ৰ কোৰআনত বৰ্ণনা কৰিছে অথবা আমাৰ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক জনাইছে, যেনে- মানুহৰ মৃত্যু, পুনৰুত্থান, শ্বাফাআত, মিজান, হিচাপ-নিকাচ, জান্নাত, জাহান্নাম আৰু আখিৰাত সম্পৰ্কীয় অন্যান্য বিষয়সমূহ।

ঈমানৰ ষষ্ঠ স্তম্ভ: ভাগ্যৰ প্ৰতি ঈমান, মঙ্গল হওক বা অমঙ্গল

মহান আল্লাহে কৈছেঃ "নিশ্চয় আমি প্ৰতিটো বস্তু এটা নিৰ্ধাৰিত পৰিমাপত সৃষ্টি কৰিছোঁ।" [ছুৰা আল-ক্বামাৰ: ৪৯]

আমি ভাগ্যৰ মঙ্গল আৰু অমঙ্গলৰ ওপৰত ঈমান পোষণ কৰোঁ, আৰু সেয়া হৈছে সৃষ্টিজগতৰ বাবে মহান আল্লাহৰ দ্বাৰা তেওঁৰ পূৰ্বজ্ঞান আৰু হিকমত অনুযায়ী তাক্বদীৰ নিৰ্ধাৰণ। আমি এইটোও বিশ্বাস কৰোঁ যে, এই পৃথিৱীত সৃষ্টিৰ ওপৰত সংঘটিত হোৱা প্ৰতিটো ঘটনা আল্লাহৰ জ্ঞান অনুসাৰে আৰু তেওঁৰ নিৰ্ধাৰিত ভাগ্যৰ ফলত আৰু একমাত্ৰ তেওঁৰ তাদবীৰ অনুযায়ীহে সংঘটিত হয়, এই ক্ষেত্ৰত আল্লাহৰ কোনো অংশীদাৰ নাই। নিশ্চিতভাৱে এই তাক্বদীৰ (ভাগ্য) আল্লাহে মানৱ সৃষ্টিৰ পূৰ্বেই লিখি থৈছিল। লগতে আল্লাহে মানুহক ইচ্ছা আৰু চাহিদাৰ স্বাধীনতা প্ৰদান কৰিছে, গতিকে মানুহে যি কৰ্ম কৰে সেইবোৰৰ বাবে সিহঁত নিজেই দায়ী; কিন্তু এই সকলোবোৰ আল্লাহৰ জ্ঞান আৰু তেওঁৰ ইচ্ছা আৰু চাহিদাৰ বাহিৰত নহয়।

ভাগ্যৰ প্ৰতি ঈমানৰ চাৰিটা স্তৰ আছে:

প্ৰথম: এই কথাৰ প্ৰতি ঈমান ৰাখিব লাগিব যে, আল্লাহৰ জ্ঞানে সকলোকে আয়ত্ত কৰি ৰাখিছে।

দ্বিতীয়: এই কথাৰ প্ৰতি বিশ্বাস ৰাখিব লাগিব যে, কিয়ামত দিৱসলৈকে যি যি হ’ব সেই সকলোবোৰ আল্লাহে লিপিবদ্ধ কৰি ৰাখিছে।

তৃতীয়: আল্লাহৰ কাৰ্যবাহী ইচ্ছা আৰু তেওঁৰ পৰিপূৰ্ণ ক্ষমতাৰ প্ৰতি ঈমান পোষণ কৰিব লাগিব। তথা এই বিশ্বাস ৰাখিব লাগিব যে, তেওঁ যি ইচ্ছা কৰে সেইটোৱে হয়, আৰু তেওঁ যিটো ইচ্ছা নকৰে সেইটো কেতিয়াও নহয়।

চতুৰ্থ: এই কথাৰ প্ৰতি ঈমান ৰাখিব লাগিব যে, আল্লাহেই সকলো বস্তুৰ সৃষ্টিকৰ্তা, সৃষ্টি কৰাৰ ক্ষেত্ৰত তেওঁৰ কোনো অংশীদাৰ নাই।

তৃতীয় পৰ্যায়: এহছান

এহছান হৈছে: আল্লাহৰ ইবাদত এনেকৈ কৰা যেনিবা তুমি তেওঁক দেখি আছা, আৰু যদি এইটো অনুভৱ নহয় তেন্তে মনত ৰাখিবা যে, নিশ্চয় তেওঁ তোমাক দেখি আছে। আল্লাহে কৈছেঃ "নিশ্চয় আল্লাহ তেওঁলোকৰ লগত আছে যিসকলে তাক্বৱা অৱলম্বন কৰিছে আৰু যিসকল সৎকৰ্মপৰায়ণ।" (ছুৰা আন-নাহলঃ ১২৮)

তাহাৰাত (পৱিত্ৰতা)

মহান আল্লাহে কৈছেঃ "নিশ্চয় আল্লাহে তাওবাকাৰীসকলক ভাল পায় আৰু সিহঁতকো ভাল পায় যিসকলে অধিক পৱিত্ৰতা অৰ্জন কৰে।" (ছুৰা আল-বাক্বাৰাহঃ ২২)

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যি ব্যক্তিয়ে মোৰ এই অজুৰ দৰে অজু কৰিব, তাৰ পিছত দুই ৰাক‘আত চালাত আদায় কৰিব, য’ত পৃথিৱীৰ প্ৰতি কোনো মনোযোগ নাথাকিব, আল্লাহে সেই ব্যক্তিৰ পূৰ্বৱৰ্তী গুনাহসমূহ ক্ষমা কৰি দিব।" (বুখাৰী)

নামাজৰ মহান মৰ্যাদা থকাৰ কাৰণেই আল্লাহে ইয়াৰ আগত পৱিত্ৰতা অৰ্জন কৰাটো চৰীয়তৰ অন্তৰ্ভুক্ত কৰিছে, আৰু পৱিত্ৰতাক নামাজৰ গ্ৰহণযোগ্যতাৰ চৰ্ত হিচাপে গণ্য কৰিছে। পৱিত্ৰতা হৈছে নামাজৰ চাবিকাঠি। ইয়াৰ ফজিলতে অন্তৰক নামাজ আদায় কৰিবলৈ আগ্ৰহী কৰি তোলে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “পৱিত্রতা হৈছে ঈমানৰ অৰ্দ্ধেক। “الحمد لله” আলহাম্দুলিল্লাহে মিজানক পৰিপূৰ্ণ কৰিব আৰু “سبحان الله والحمد لله” ছুবহা-নাল্লাহ অলহাম্দুলিল্লাহ শব্দটোৱে অথবা শব্দদ্বয়ে- আকাশ আৰু পৃথিৱীৰ মধ্যৱৰ্তী স্থানক পৰিপূৰ্ণ কৰে। চালাত হৈছে নূৰ, আৰু চাদাকাহ হৈছে দলীল। ধৈৰ্য্য হৈছে জ্যোতি বা পোহৰ, আৰু "কোৰআন' তোমাৰ পক্ষে অথবা বিপক্ষে প্রমাণ হিচাপে থিয় দিব। প্ৰতিজন মানুহেই প্ৰভাত কৰে, ফলত সি হয়তো নিজকে বিক্রী কৰি (জাহান্নামৰ পৰা) মুক্তি লাভ কৰে নাইবা ধ্বংসৰ পথত খোজ দি নিজকে ধ্বংস কৰে।” (মুছলিম)

তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ "যি ব্যক্তিয়ে সুন্দৰভাৱে অজু কৰে, তাৰ শৰীৰৰ পৰা তাৰ গুনাহসমূহ ওলাই যায়, আনকি তাৰ নখৰ তলেৰেও ওলাই যায়।" (মুছলিম)

সেয়েহে, বান্দাই অজু কৰি শাৰীৰিক পৱিত্ৰতা অৰ্জন কৰে আৰু নিৰ্ভেজালভাৱে আল্লাহৰ ইবাদত কৰি ৰুহানি পৱিত্ৰতা অৰ্জন কৰে, লগতে নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নিৰ্দেশনাৰ অনুসৰণ কৰি আল্লাহৰ সন্মুখত থিয় দিয়ে।

যিবোৰ ইবাদতৰ বাবে অজু কৰাটো বাধ্যতামূলকঃ

১. ফৰজ, ছুন্নত, নফল নামাজৰ বাবে।

২. কাবা ঘৰৰ তাৱাফ কৰাৰ বাবে।

৩- কোৰআন স্পৰ্শ কৰিবলৈ।

অজু আৰু গোছল কৰিবলৈ বিশুদ্ধ তথা পৱিত্ৰ পানী ব্যৱহাৰ কৰিব লাগে।

পৱিত্ৰ পানী হৈছেঃ প্ৰত্যেক সেই পানী যিটো আকাশৰ পৰা অৱতীৰ্ণ হয় অথবা মাটিৰ পৰা ওলাই আহে, যাৰ মৌলিক গুণ অৱশিষ্ট থাকে আৰু তিনিটা গুণৰ এটাও যাতে পৰিবৰ্তন নহয়, সেই তিনিটা গুণ হৈছে যেনে- ৰং, সোৱাদ আৰু গোন্ধ। এইবোৰৰ যিকোনো এটা পৰিবৰ্তন হ’লেই সেইটোক বিশুদ্ধ পানী বুলি গণ্য কৰা নহ’ব।

অজু

১) অন্তৰত নিয়্যত কৰা। নিয়্যতৰ অৰ্থ হৈছে, ইবাদতৰ দ্বাৰা আল্লাহৰ নৈকট্য অৱলম্বন কৰিবলৈ অন্তৰত দৃঢ় সংকল্প কৰাকে নিয়্যত বোলে।

২) বিছমিল্লাহ বুলি কোৱা।

৩) হাতৰ সৰু গাঁঠিলৈকে তিনিবাৰ ধোৱা।

৪) তিনিবাৰ কুলি কৰা।

কুলি কৰাৰ অৰ্থ হৈছে, মুখ গহ্বৰত পানীলৈ অলপ সময় ঘূৰাব লাগে আৰু তাৰ পিছত উলিয়াই দিব লাগে।

৫) ইস্তিনশ্বাক্ব কৰা, তাৰ পিছত তিনিবাৰ ইস্তিনছাৰ কৰা। ইস্তিনশ্বাক্ব হৈছে: উশাহৰ সৈতে নাকৰ ভিতৰ ভাগলৈ পানী টানি লোৱা,

আৰু ইস্তিনছাৰ হৈছে: সেই পানীৰ সৈতে নাকৰ পৰা খেঙুন আৰু তেনে ধৰণৰ যি আছে সেইবোৰক সজোৰে উলিয়াই পেলোৱা।

৬) তিনিবাৰ মুখমণ্ডল ধোৱা।

মুখমণ্ডলৰ পৰিসীমা:

মূৰৰ সন্মুখৰ ভাগক মুখমণ্ডল বোলে।

মুখমণ্ডলৰ প্ৰস্থ হৈছে: এখন কাণৰ পৰা আন এখন কাণৰ মধ্যৱৰ্তী অংশ।

দৈৰ্ঘ্য: কপালৰ ওপৰত সচৰাচৰ যি স্থানত মূৰৰ চুলি থাকে তাৰ পৰা আৰম্ভ কৰি থুঁতৰিৰ শেষলৈকে।

পাতল চুলিকে আদি কৰি মুখণ্ডলৰ বায়াজ আৰু আজাৰ অংশও ইয়াৰ অন্তৰ্ভুক্ত।

বায়াজ কোৱা হয় গাল আৰু কাণৰ মাজৰ ঠাইখিনিক।

আৰু আজাৰ কোৱা হয়, কাণৰ পৰা কপালৰফালে ঠাইখিনিত গজা পাতল চুলিক।

এইদৰে মুখণ্ডলত দৃশ্যমান সকলো ঘন চুলিৰ অৰ্থাৎ দাড়িৰ ওপৰিভাগো ইয়াৰ অন্তৰ্ভুক্ত, এইবোৰ যিমানেই দীঘল নহওক কিয়।

৭) আঙুলিৰ মূৰৰ পৰা আৰম্ভ কৰি কিলাকুটিলৈকে দুয়ো হাত তিনিবাৰ ধুব লাগিব।

হাত ধোৱাৰ সময়ত কিলাকুটি ধোৱাটো ফৰজৰ অন্তৰ্ভুক্ত।

৮) দুয়ো হাতেৰে সম্পূৰ্ণ মূৰ আৰু কাণ এবাৰ মাছাহ কৰিব (মচিব) লাগিব।

মূৰৰ সন্মুখৰ চুলিৰ সীমাৰ পৰা আৰম্ভ কৰি মূৰৰ শেষলৈকে মাছাহ কৰিব লাগে, আৰু তাৰ পিছত পিছফালৰ পৰা সন্মুখলৈ ঘূৰাই আনিব লাগে।

তৰ্জনী আঙুলিৰে কাণৰ ভিতৰত আৰু বুঢ়া আঙুলিৰে কাণৰ পৃষ্ঠভাগ মছেহ কৰিব লাগে।

৯) ভৰিৰ আঙুলিৰ পৰা সৰুগাঁঠিলৈকে ভৰি তিনিবাৰ ধুব লাগে, ভৰিৰ সৰুগাঁঠি ধোৱাটো অজুৰ ফৰজৰ অন্তৰ্ভুক্ত।

দুয়ো ভৰিৰ কলাফুলৰ তলৰ অংশত ওলাই থকা হাড়ডালকে আৰবীত কা’বান বা সৰুগাঁঠি বুলি কোৱা হয়।

১০) অজুৰ পিছত এই দুআটো পাঠ কৰা ছুন্নত। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: (যিয়ে সুন্দৰকৈ অজু কৰি এইদৰে ক'ব: "أشهَدُ أن لا إلهَ إلَّا اللهُ وحدَه لا شريكَ له، وأشهَدُ أنَّ مُحمَّدًا عبدُه ورسولُه، اللَّهمَّ اجعَلْني مِن التَّوَّابِينَ، واجعَلْني مِن المُتطهِّرِينَ" (অৰ্থঃ মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। মই আৰু সাক্ষ্য দিওঁ যে, মুহাম্মদ হৈছে আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল। হে আল্লাহ! মোক তাওবাকাৰীসকলৰ অন্তৰ্ভুক্ত কৰা আৰু মোক পৱিত্ৰতা অৰ্জনকাৰীসকলৰ অন্তৰ্ভুক্ত কৰা।), তাৰ বাবে জান্নাতৰ আঠটা দুৱাৰে খোলা হ'ব, যিটোৰে ইচ্ছা সেইটোৰে তেওঁ প্ৰৱেশ কৰিব পাৰিব।) (তিৰমিজী)।

এইবোৰ কাৰণত অজু ভংগ হয়।

১) উভয় লজ্জাস্থানৰ পৰা কিবা ওলালে অজু ভঙ্গ হয়, যেনে- প্রস্রাৱ, মল, বায়ু, বীৰ্য তথা পাতল তৰল পদাৰ্থ।

২) জ্ঞান হেৰুৱা, গভীৰ টোপনিৰ ফলতেই হওক অথবা বেহুঁচ হোৱাৰ কাৰণেই হওক নাইবা নিচাশক্ত অথবা উন্মাদনাৰ ফলতেই হওক।

৩) গোছল ফৰজ হ’লে, যেনে- সহবাস, হায়েজ আৰু নিফাচৰ ফলতো অজু ভংগ হয়।

মানুহে মল-মুত্ৰ ত্যাগ কৰাৰ পাছত লাগি থকা সেই অপৱিত্ৰখিনিক পৰিষ্কাৰ কৰাটো অনিবাৰ্য্য। পৱিত্ৰ পানীৰে পৰিষ্কাৰ কৰা উত্তম, যদি পানী নাথাকে তেন্তে শিল, টয়লেট পেপাৰ আৰু কাপোৰ আদিৰ দৰে অন্যান্য বস্তুৰে পৰিষ্কাৰ কৰিব পাৰে। পৰিষ্কাৰ কৰিবলৈ তিনিবাৰ মচিব লাগে, প্ৰয়োজন হ’লে ইয়াতকৈও অধিকবাৰ কৰিব লাগিব।

চামৰাৰ মোজা আৰু সাধাৰণ মোজাৰ ওপৰত মাছাহ কৰা প্ৰসঙ্গ

যদি কোনোবাই চামৰাৰ মোজা অথবা সাধাৰণ মোজা পিন্ধিছে, তেওঁ ভৰি ধোৱাৰ পৰিৱৰ্তে অজুৰ সময়ত মোজাৰ ওপৰত মাছাহ কৰিব পাৰিব তলত দিয়া চৰ্ত সাপেক্ষে:

১- হাদাছে আচগৰ আৰু হাদাছে আকবৰৰ পৰা পৰিপূৰ্ণ তাহাৰত অৰ্জন কৰি সেই মোজাযোৰ পিন্ধিব লাগিব।

২- পিন্ধি থকা মোজাযোৰ পৱিত্ৰ হ’ব লাগিব, নাপাক হ’লে নহ’ব।

৩– মাছাহ কৰিব পৰা নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত হ’ব লাগিব।

৪– পিন্ধি থকা মোজাযোৰ হালাল টকাৰ হ’ব লাগিব, চুৰি অথবা বলপূৰ্বক কাঢ়ি লোৱা হ’লে নহ’ব।

খুফ: পাতল চামৰাৰে নিৰ্মিত মোজাক খুফ বোলে। ভৰি ঢাকি ৰখা জোতাৰ ক্ষেত্ৰতো একেই নিয়ম প্ৰযোজ্য। জাওৰাব: কাপোৰেৰে তৈয়াৰ কৰা ভৰিত পিন্ধা কাপোৰ, যাক আমি মোজা বুলি কওঁ।

খুফ বা জাওৰাবৰ ওপৰত মাছাহ কৰাৰ আঁৰৰ হিকমত: মোজাৰ ওপৰত মাছাহ কৰাৰ বিধান প্ৰদান কৰি বিষয়টোক মুছলিমসকলৰ বাবে সহজ কৰি দিছে, বিশেষকৈ সেইসকল লোকৰ বাবে, যিসকলৰ বাবে খুফ বা জাওৰাব খুলি ভৰি ধুবলৈ অসুবিধা আছে, বিশেষকৈ শীতকালত তীব্ৰ ঠাণ্ডাৰ সময়ত আৰু ভ্ৰমণৰ সময়ত।

মাছাহ কৰাৰ নিৰ্ধাৰিত সময়সীমা হৈছে: মুকীম ব্যক্তিৰ বাবে এদিন এৰাতি (২৪ ঘণ্টা)। মুছাফিৰ ব্যক্তিৰ বাবে: তিনিদিন তিনি ৰাতি (৭২ ঘণ্টা)।

অজু ভংগ হোৱাৰ পিছত প্ৰথম মাছাহৰ পৰা এই সময়সীমা আৰম্ভ হ’ব, চামৰাৰ মোজা হওক অথবা সাধাৰণ মোজা।

চামৰাৰ মোজা বা সাধাৰণ মোজাৰ ওপৰত মাছাহ কৰাৰ পদ্ধতি:

১– হাত দুখন পানীৰে তিয়াই ল’ব।

২- সেই হাতেৰে ভৰিৰ পৃষ্ঠভাগ মচি ল'ব (ভৰিৰ আঙুলিৰ পৰা সৰুগাঁঠিলৈকে)।

৩- সোঁ ভৰিখন সোঁহাতেৰে আৰু বাওঁ ভৰিখন বাওঁহাতেৰে মাছাহ কৰিব।

মাছাহ ভংগ হোৱাৰ কাৰণসমূহ: ১- গোছল ওৱাজিব হ'লে মাছাহ ভংগ হয়। ২- মাছাহ কৰাৰ নিৰ্ধাৰিত সময়সীমা পাৰ হ’লে মাছাহ ভংগ হয়।

গোছল

পুৰুষ বা মহিলাই যৌন সম্ভোগ কৰিলে, যদিও বীৰ্যপাত নহয়, অথবা সাৰ পাই থকা অৱস্থাত উত্তেজনাৰ ফলত নাইবা টোপনিত বীৰ্য স্খলন হ'লে; তেওঁলোকৰ ওপৰত গোছল ফৰজ হ'ব, যাতে তেওঁলোকে নামাজ অথবা পৱিত্ৰতাৰ প্ৰয়োজন হোৱা ইবাদতসমূহ আদায় কৰিব পাৰে। এইদৰে কোনো মহিলাই হায়েজ আৰু নিফাছৰ পৰা পৱিত্ৰ হ'লে, নামাজ আদায় কৰিবলৈ অথবা যিবোৰ ইবাদতৰ বাবে পৱিত্ৰতা অনিবাৰ্য্য, সেইবোৰ কৰাৰ আগতে তাইৰ ওপৰত গোছল কৰাটো ওৱাজিব।

গোছল কৰাৰ পদ্ধতি হৈছে এইটো:

গোছল কৰিবলৈ মুছলিম এজনে গোটেই শৰীৰ পানীৰে ধুব লাগিব, পানী ঢালিয়ে হওক অথবা পানীত ডুব দি হওক। কুলি কৰা আৰু নাক পৰিষ্কাৰ কৰাও গোছলৰে অন্তৰ্ভুক্ত। গোটেই শৰীৰ যেতিয়া পানীৰে তিয়াব তেতিয়াহে তেওঁ ডাঙৰ নাপাকিৰ পৰা পৱিত্ৰ হ’ব আৰু পৰিপূৰ্ণ তাহাৰাত অৰ্জন কৰিব।

আন এটা অধিক পূর্ণাঙ্গ পদ্ধতিও আছে, যিটো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আমল কৰিছিল, সেইটো হৈছে নিম্নৰূপঃ

১– অনুভূতিসূচক অপৱিত্ৰতা দূৰ কৰাৰ নিয়ত কৰা।

২- বিছমিল্লাহ কোৱা, দুয়ো হাত সৰু গাঁঠিলৈকে তিনিবাৰ ধোৱা, তাৰ পিছত লজ্জাস্থান ধোৱা।

৩- চালাতৰ বাবে মুছলিম ব্যক্তিয়ে যিদৰে অজু কৰে, ঠিক তেনেদৰে সম্পূৰ্ণ অজু কৰা।

৪- মূৰত তিনিবাৰ পানী ঢলা, যাৰ দ্বাৰা চুলিৰ গুৰিবোৰ তিতি যায়।

৫- সম্পূৰ্ণ শৰীৰত পানী বোৱাই দিয়া, শৰীৰৰ সোঁ অংশৰ পৰা ধোৱা আৰম্ভ কৰি তাৰ পিছত বাওঁ অংশ ধোৱা, লগতে দুয়ো হাতেৰে ঘঁহি দিয়া যাতে পানী শৰীৰৰ সকলো অংশত গৈ পায়।

যৌন সম্ভোগ কৰাৰ পাছত গোছল নকৰালৈকে তলত উল্লেখ কৰা ইবাদতবোৰ কৰিব নোৱাৰিব।

১- নামাজ পঢ়িব নোৱাৰিব।

২- কা'বা ঘৰৰ তাৱাফ কৰিব নোৱাৰিব।

৩– মছজিদত অৱস্থান কৰিব নোৱাৰিব, কিন্তু অৱস্থান নকৰাকৈ পাৰ হ’ব পাৰিব।

৪- কোৰআন স্পৰ্শ কৰিব নোৱাৰিব।

৫- কোৰআন তিলাৱত কৰিব নোৱাৰিব।

তায়াম্মুম

যদি মুছলিম ব্যক্তিয়ে পৱিত্রতা অৰ্জন কৰিবলৈ পানী বিচাৰি নাপায়, অথবা পানী ব্যৱহাৰ কৰিবলৈ অসুবিধা হয়, বেমাৰ-আজাৰৰ কাৰণেই হওক অথবা নামাজৰ সময় পাৰ হোৱাৰ আশংকাতেই হওক, তেতিয়া তেওঁ মাটিৰে তায়াম্মুম কৰিব।

তায়াম্মুমৰ পদ্ধতি হৈছে, হাত দুখনেৰে এবাৰ মাটিত মাৰিব, তাৰ পিছত দুয়ো হাতেৰে মুখ আৰু দুইহাতৰ কব্জালৈকে মাছাহ কৰিব। কিন্তু চৰ্ত হৈছে মাটি পৱিত্ৰ হ’ব লাগিব।

তলত উল্লেখ কৰা বিষয়বোৰৰ ফলত তায়াম্মুম ভংগ হয়:

১- অজু ভংগ কৰা কাৰণসমূহে তায়াম্মুমো ভংগ কৰে।

২- যি ইবাদতৰ বাবে তায়াম্মুম কৰা হৈছে সেই ইবাদত পালন কৰাৰ আগতেই যদি পানী উপলব্ধ হয়।

নামাজ

আল্লাহে মুছলিমৰ ওপৰত দিনে ৰাতি দৈনিক পাঁচ ওৱাক্ত চালাত ফৰজ কৰিছে। যেনে- ফজৰ, জোহৰ, আচৰ, মাগৰিব আৰু ঈশ্বা।

নামাজৰ বাবে প্ৰস্তুতি

নামাজৰ সময় হোৱাৰ লগে লগে মুছলিমে হাদাছে আচগৰৰ পৰা পৱিত্ৰতা অৰ্জন কৰিব লাগে, আৰু যদি হাদাছে আকবৰ হৈছে তেন্তে তাৰ পৰা আগতে পৱিত্ৰতা অৰ্জন কৰিব লাগিব।

হাদাছে আকবৰঃ যি কৰ্মই মুছলিমৰ ওপৰত গোছল ওৱাজিব কৰে তাক হাদাছে আকবৰ বোলে।

হাদাছে আচগৰঃ যাৰ ফলত মুছলিমৰ ওপৰত অজু কৰা ওৱাজিব হৈ পৰে।

মুছলিমে পৱিত্ৰ কাপোৰ পৰিধান কৰি ছতৰ (শৰীৰৰ যিখিনি অংশ ঢাকি ৰখা ওৱাজিব) ঢাকি লয় আৰু পৱিত্ৰ ঠাইত নামাজ আদায় কৰে।

মুছলিমে নামাজৰ সময়ত উত্তম কাপোৰ পৰিধান কৰি সৌন্দৰ্য অৱলম্বন কৰে তথা শৰীৰ ঢাকি লয়। নামাজত মুছলিম পুৰুষৰ বাবে নাভিৰ পৰা আঠুলৈকে কোনো অংশ খুলি ৰখা বৈধ নহয়।

আনহাতে মহিলাসকলে গোটেই শৰীৰ ঢাকি ৰাখিব, কেৱল মুখমণ্ডল আৰু দুই হাতৰ কব্জিৰ বাহিৰে।

নামাজৰ বাবে নিৰ্দিষ্ট দুআ-দৰূদৰ বাহিৰে মুছলিমে নামাজত কোনো কথা নকয়। ইমামে যিবোৰ তিলাৱত কৰে সেইবোৰ শুনে। লগতে নামাজত ইফালে সিফালেও ঘূৰি নাচায়। যদি নামাজৰ প্ৰয়োজনীয় দুআসমূহ মুখস্থ নাথাকে তেন্তে আল্লাহক স্মৰণ কৰিব লাগে আৰু তাছবীহ (ছুবহানাল্লাহ) পাঠ কৰিব লাগে। লগতে যিমান সোনকালে পাৰে প্ৰয়োজনীয় দুআসমূহ শিকি লোৱা আৱশ্যক।

সঠিকভাৱে নামাজ আদায় কৰাৰ বাবে, ইন শ্বা আল্লাহ, আমি নিম্নলিখিত পদক্ষেপবোৰ অনুসৰণ কৰিম আৰু এইবোৰৰ ওপৰত অটল থাকিম:

১) যি নামাজ পঢ়িবলৈ গৈ আছোঁ প্ৰথমে সেই নামাজৰ নিয়্যত (দৃঢ় সংকল্প) কৰিব লাগিব, নিয়্যতৰ স্থান হৈছে অন্তৰ।

প্ৰথমে অজু কৰিম, তাৰ পিছত নামাজৰ স্থানত কিবলামুখী হৈ থিয় হম। যদি থিয় হ’বলৈ সক্ষম তেন্তে থিয় হৈ নামাজ পঢ়িম।

২) দুয়ো হাত কান্ধ পৰ্যন্ত উত্তোলন কৰিম, তাৰ পিছত নামাজত প্ৰৱেশৰ নিয়্যতেৰে ‘আল্লাহু আকবাৰ’ বুলি মাতিম।

৩) হাদীছৰ দ্বাৰা প্ৰমাণিত দুআয়ে ইস্তিফতাহ মনে মনে পাঠ কৰিম। যেনে- ছুবহানাকা আল্লাহুম্মা অবিহামদিকা, অতাবাৰাকাছমুকা, অতাআলা জাদ্দুকা, অলা ইলা-হা গাইৰুক।

৪) আল্লাহৰ ওচৰত বিতাৰিত চয়তানৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰি কমঃ আউজু বিল্লা-হি মিনাশ্ব শ্বাইত্বনিৰ ৰাজীম।

৫) প্ৰত্যেক ৰাকাততে ছুৰা ফাতিহা পাঠ কৰিম। ছুৰা ফাতিহা হৈছেঃ আলহাম্দুলিল্লাহি ৰাব্বিল আলামীন। (সকলো ধৰণৰ হামদ (প্ৰশংসা) বিশ্বজগতৰ ৰব আল্লাহৰ বাবে।) আৰ-ৰাহমানিৰ ৰাহীম। (যিজন পৰম কৰুণাময়, পৰম দয়ালু।) মালিকি ইয়াওমিদ্দীন। (বিচাৰ দিৱসৰ মালিক।) ইয়্যাকা না'বুদু ওৱা ইয়্যাকা নাছতাঈন। (আমি কেৱল তোমাৰেই ইবাদত কৰোঁ, আৰু তোমাৰ ওচৰতেই সহায় প্ৰাৰ্থনা কৰোঁ।) ইহদিনাচ চিৰাত্বল মুস্তাকীম। (আমাক সৰল পথৰ হিদায়ত দিয়া।) চিৰাত্বল লাজীনা আনআমতা আলাইহিম, গাইৰিল মাগদ্বুবি আলাইহিম অলাদ্ব দ্ব-ল্লীন। (তেওঁলোকৰ পথ, যিসকলক তুমি নিয়ামত (অনুগ্ৰহ) প্ৰদান কৰিছা, সিহঁতৰ নহয়, যিসকলৰ ওপৰত তোমাৰ ক্ৰোধ আপতিত হৈছে আৰু সিহঁতৰো নহয় যিসকল পথভ্ৰষ্ট হৈছে।)

ইয়াৰ পিছত কম: (আমীন), আৰু ইয়াৰ অর্থ হৈছে: হে আল্লাহ! তুমি কবুল কৰা।

ছুৰা ফাতিহা পাঠ কৰাৰ পিছত প্ৰত্যেক নামাজৰ প্ৰথম আৰু দ্বিতীয় ৰাকাতত কোৰআনৰ পৰা কিছু আয়াত তিলাৱত কৰিব লাগে। এইটো ওৱাজিব নহয় যদিও তিলাৱত কৰিলে ডাঙৰ ছোৱাব আছে।

৬) ইয়াৰ পিছত আল্লাহু আকবাৰ বুলি কৈ ৰুকু কৰিম। ৰুকুৰ সময়ত পিঠি সমতল থাকিব লাগে আৰু হাতেৰে আঠুক খামুচি ধৰিম কিন্তু আঙুলিবোৰ ফাঁক ফাঁককৈ ৰাখিম। ইয়াৰ পিছত ৰুকুত এই দুআ তিনিবাৰ পাঠ কৰিমঃ (ছুবহানা ৰাব্বিয়াল আজীম)

৭) ইয়াৰ পিছত (ছামি আল্লাহু লিমান হামিদাহ) বুলি কৈ ৰুকুৰ পৰা উঠিম আৰু দুয়ো হাত কান্ধ পৰ্যন্ত উত্তোলন কৰিম। লগতে পৰিপূৰ্ণৰূপে থিয় হৈ এই দুআ পাঠ কৰিম (ৰাব্বানা অলাকাল হাম্দ)

৮) আল্লাহু আকবাৰ বুলি কৈ ছাজদাহ কৰিম। ছাজদাহ কৰাৰ সময়ত দুই হাত, দুয়ো আঠু, দুয়ো ভৰি, কপাল আৰু নাক মাটিত ৰাখিব লাগে। ছাজদাত এই দুআ তিনিবাৰ পাঠ কৰিমঃ (ছুবহানা ৰাব্বিয়াল আ’লা)

৯) ইয়াৰ পিছত আল্লাহু আকবাৰ বুলি কৈ ছাজদাৰ পৰা উঠিম। সোঁ ভৰিক থিয়কৈ ৰাখি বাওঁ ভৰিৰ ওপৰত পৰিপূৰ্ণৰূপে পোন হৈ বহিম। বহাৰ পিছত এই দুআ তিনিবাৰ পাঠ কৰিমঃ (ৰাব্বিগ ফিৰলী)।

১০) ইয়াৰ পিছত আল্লাহু আকবাৰ বুলি কৈ পুনৰ আগৰ ছাজদাৰ দৰে ছাজদাহ কৰিম।

১১) ইয়াৰ পিছত আল্লাহু আকবাৰ বুলি কৈ ছাজদাৰ পৰা উঠিম আৰু পৰিপূৰ্ণৰূপে পোন হৈ থিয় হম। বাকী ৰাকাতবোৰো এনেকৈয়ে আদায় কৰিম।

জোহৰ, আচৰ, মাগৰিব আৰু ঈশ্বাৰ প্ৰথম দুই ৰাকাত আদায় কৰাৰ পিছত প্ৰথম বৈঠকৰ বাবে বহিম আৰু এই দুআ পাঠ কৰিমঃ (আত্তাহিয়্যাতু লিল্লা-হি অচ্ছালাৱাতু অত-তায়্যিবাতু, আচ্ছালামু আলাইকা আইয়্যুহান নাবীয়্যু অৰাহমাতুল্লাহি অবাৰাকাতুহ, আচ্ছালামু আলাইনা ৱাআলা ইবাদিল্লাহিচ্ছলিহীন, আশ্বহাদু আন-লা ইলা-হা ইল্লাল্লাহু, ৱা আশ্বহাদু আন্না মুহাম্মাদান আব্দুহু অৰাছুলুহ) অৰ্থঃ “যাৱতীয় ইবাদত মৌখিক, শাৰীৰিক আৰু আৰ্থিক সকলো আল্লাহৰ বাবে, হে নবী আপোনাৰ ওপৰত আল্লাহৰ শান্তি, ৰহমত আৰু বৰকত অৱতীৰ্ণ হওক। আমাৰ ওপৰত আৰু আল্লাহৰ নেক বান্দাসকলৰ ওপৰতো শান্তি অৱতীৰ্ণ হওক। মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে ইবাদতৰ যোগ্য আন কোনো মা‘বুদ নাই আৰু সাক্ষ্য দিওঁ যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ বান্দা আৰু ৰাছুল।" ইয়াৰ পিছত তৃতীয় ৰাকাতৰ বাবে থিয় হম।

প্ৰত্যেক নামাজৰ অন্তিম ৰাকাতত শেষ বৈঠক কৰিম আৰু তাত আমি এইবোৰ দুআ পাঠ কৰিম। (আত্তাহিয়্যাতু লিল্লা-হি অচ্ছালাৱাতু অত-তায়্যিবাতু, আচ্ছালামু আলাইকা আইয়্যুহান নাবীয়্যু অৰাহমাতুল্লাহি অবাৰাকাতুহ, আচ্ছালামু আলাইনা ৱাআলা ইবাদিল্লাহিচ্ছলিহীন, আশ্বহাদু আন-লা ইলা-হা ইল্লাল্লাহু, ৱা আশ্বহাদু আন্না মুহাম্মাদান আব্দুহু অৰাছুলুহ। আল্লা-হম্মা চল্লি আলা মুহাম্মদ, ৱা আলা আলি মুহাম্মদ, কামা চাল্লাইতা আলা ইব্ৰাহীম, ৱা আলা আলি ইব্ৰাহীম, ইন্নাকা হামীদুম মাজীদ। আল্লা-হম্মা বা-ৰিক আলা মুহাম্মদ, ৱা আলা আলি মুহাম্মদ, কামা বা-ৰাকতা আলা ইব্ৰাহীম, ৱা আলা আলি ইব্ৰাহীম, ইন্নাকা হামীদুম মাজীদ।)

১২) ইয়াৰ পিছত নামাজৰ পৰা ওলাই যোৱাৰ নিয়্যত কৰি সোঁফালে ছালাম ফিৰাই কম (আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহ) আৰু বাওঁফালে ছালাম ফিৰাই কম (আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহ)। এইখিনি কৰিলে আমি আমাৰ নামাজ আদায় কৰিলোঁ।

মুছলিম নাৰীৰ পৰ্দা

মহান আল্লাহে কৈছেঃ "হে নবী! তুমি তোমাৰ স্ত্ৰীসকলক, তোমাৰ জীয়াৰীসকলক আৰু মুমিনসকলৰ স্ত্ৰীসকলক কোৱা, তেওঁলোকে যেন তেওঁলোকৰ চাদৰৰ কিছু অংশ নিজৰ ওপৰত টানি লয়। এইটো হৈছে তেওঁলোকক চিনি পোৱাৰ সহজ উপায়, ফলত তেওঁলোকক বিৰক্ত কৰা নহ'ব। আল্লাহ পৰম ক্ষমাশীল, পৰম দয়ালু।" (ছুৰা আল-আহজাবঃ ৫৯)

আল্লাহে মুছলিম নাৰীৰ ওপৰত পৰ্দা অনিবাৰ্য্য কৰিছে। তেওঁলোকে নিজৰ দেশত প্ৰচলিত সাধাৰণ সাজ-পোচাকৰ দ্বাৰা নিজৰ সম্পূৰ্ণ শৰীৰ পৰপুৰুষৰ পৰা ঢাকি ৰাখিব লাগিব। এই পৰ্দা নিজৰ স্বামী আৰু মাহৰাম ব্যক্তিৰ বাহিৰে আন কাৰো সন্মুখত খোলা বৈধ নহয়। মাহৰাম হৈছে সেইসকল লোক যিসকলৰ সৈতে মুছলিম নাৰীৰ চিৰস্থায়ীভাৱে বিবাহ হাৰাম। মাহৰামসকল যেনে- পিতা আৰু তেওঁৰ পূৰ্বপুৰুষসকল, পুত্ৰ আৰু তেওঁৰ বংশধৰসকল, খুৰা-বৰদেউতা আৰু মামা, নিজৰ ভাতৃ, ভতিজা আৰু ভাগিন, মাৰ স্বামী (সৎ পিতা), স্বামীৰ পিতা (শহুৰ) আৰু তেওঁৰ পূৰ্বপুৰুষসকল, স্বামীৰ পুত্ৰ (সৎ পুত্ৰ) আৰু তেওঁৰ বংশধৰসকল, ৰিজায়ী ভাই (একে দুগ্ধ পান কৰা ভাতৃ), আৰু যি নাৰীয়ে স্তন্যপান কৰাইছে তেওঁৰ স্বামী। (বংশগত সম্পৰ্কৰ কাৰণে যিসকল হাৰাম, দুগ্ধপানৰ সম্পৰ্কৰ বাবেও তেওঁলোক হাৰাম)।

পোছাক পৰিচ্ছদৰ ক্ষেত্ৰত মুছলিম নাৰীয়ে যিবোৰ বিষয়ত গুৰুত্ব দিয়া উচিতঃ

১) পৰিধান কৰা পোছাকে যাতে সম্পূৰ্ণ শৰীৰ আবৃত কৰে।

২) পৰ পুৰুষৰ সন্মুখত পৰিধান কৰা পোছাক যাতে বেছি জাকজমক নহয়।

৩) পাতল যাতে নহয়, যিটো পৰিধান কৰিলে শৰীৰ প্ৰকাশ পায়।

৪) পোছাক আহল-বহল ঢিলা হ’ব লাগে। টাইটফিট যাতে নহয় যিটো পৰিধান কৰিলে শৰীৰৰ অংগ-প্ৰত্যংগৰ ৰূপৰেখা প্ৰকাশ পায়।

৫) গায়েৰ-মাহৰাম পুৰুষে সুগন্ধি পাব পৰাকৈ তেওঁলোকৰ কাষেৰে পাৰ হৈ যোৱাৰ সময়ত সুগন্ধি ব্যৱহৃত যাতে নহয়।

৬) পুৰুষৰ কাপোৰৰ সৈতে সাদৃশ্য যাতে নহয়।

৭) আনহাতে অমুছলিমসকলে সিহঁতৰ উপাসনাৰ সময়ত তথা উৎসৱসমূহত পৰিধান কৰা পোছাকৰ সাদৃশ্যও যাতে নহয়।

৮) খ্যাতি লাভৰ বাবে পৰিধান কৰা পোছাক যাতে নহয়।

মুমিনৰ বৈশিষ্ট্য

মহান আল্লাহে কৈছেঃ "প্ৰকৃত মুমিন হৈছে সেইসকল লোক, যিসকলৰ হৃদয় আল্লাহক স্মৰণ কৰাৰ সময়ত কম্পিত হয় আৰু যেতিয়া তেওঁলোকৰ সন্মুখত তেওঁৰ আয়াতসমূহ তিলাৱত কৰা হয়, তেতিয়া ই তেওঁলোকৰ ঈমান বৃদ্ধি কৰে, লগতে তেওঁলোকে কেৱল নিজ প্ৰতিপালকৰ ওপৰতেই ভৰসা কৰে।" (ছুৰা আনফালঃ ২)

- মুমিনে সদায় সত্য কথা কয়, কেতিয়াও মিছা কথা নকয়।

- অঙ্গীকাৰ তথা প্ৰতিশ্ৰুতি পূৰণ কৰে।

- বাদ-বিবাদৰ সময়ত বেয়া ভাষা প্ৰয়োগ নকৰে।

- আমানত আদায় কৰে।

- নিজৰ বাবে যিটো পছন্দ কৰে সেইটো আনৰ বাবেও পছন্দ কৰে।

- উদাৰ হয়।

- মানুহৰ লগত সদাচৰণ কৰে।

- আত্মীয়তাৰ সম্পৰ্ক বজায় ৰাখে।

- আল্লাহে নিৰ্ধাৰণ কৰা ভাগ্যত সন্তুষ্টি প্ৰকাশ কৰে, স্বচ্ছলতাৰ সময়ত আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰে আৰু কষ্টৰ সময়ত ধৈৰ্য্য ধাৰণ কৰে।

- লজ্জাশীল হয়।

- অন্যান্য সৃষ্টিৰ প্ৰতি দয়া কৰে।

- হিংসা, ঈৰ্ষা আদিৰ পৰা তেওঁৰ অন্তৰ পৰিস্কাৰ থাকে। লগতে অংগ-প্ৰত্যংগৰ দ্বাৰা কাৰো প্ৰতি অন্যায় নকৰে।

- মানুহক ক্ষমা কৰি দিয়ে।

- সুত নাখায় আৰু সুতৰ লেনদেনো নকৰে।

- কেতিয়াও ব্যভিচাৰ নকৰে।

- মাদক দ্ৰৱ্য সেৱন নকৰে।

- প্ৰতিৱেশীৰ প্ৰতি সদাচৰণ কৰে।

- অন্যায় নকৰে আৰু প্ৰৱঞ্চনাও নকৰে।

- চুৰি নকৰে আৰু ঠগবাজিও নকৰে।

- পিতৃ-মাতৃৰ সৈতে সদ্ব্যৱহাৰ কৰে, যদিও তেওঁলোক অমুছলিম হয়। লগতে তেওঁলোকৰ সৎ আদেশবোৰ মানি চলে।

- সন্মান সহকাৰে সন্তান-সন্ততিক লালন পালন কৰে। সিহঁতক চৰীয়তৰ অপৰিহাৰ্য্য বিষয়বোৰ পালন কৰাৰ নিৰ্দেশ দিয়ে। লগতে সিহঁতক নিকৃষ্ট, অশ্লীল আৰু হাৰাম কামৰ পৰা বিৰত ৰাখে।

- মুমিন ব্যক্তিয়ে কেতিয়াও অমুছলিমসকলৰ ধৰ্মীয় ৰীতি-নীতি অৱলম্বন নকৰে, আৰু এনেকুৱা কোনো অভ্যাসো আকোঁৱালি নলয় যিটো সিহঁতৰ প্ৰতীক তথা চিহ্নত পৰিণত হৈছে।

- আল্লাহৰ ওচৰত তাওবা কৰে আৰু নিজৰ ত্রুটি-বিচ্যুতি তথা গুনাহৰ পৰা ক্ষমা প্ৰাৰ্থনা কৰে।

মুছলিমৰ আক্বীদাৰ গুৰুত্বপূৰ্ণ নীতিসমূহ

০১- আল্লাহ হৈছে আমাৰ ৰব্ব, তেওঁৰ বাহিৰে কোনো সত্য ইলাহ নাই। তেওঁৰ বাহিৰে আন কোনো ৰব্ব নাই আৰু তেওঁৰ বাহিৰে আন কোনো ইলাহ নাই। তেওঁৰ সদৃশ একোৱেই নাই, আৰু একোৱেই তেওঁক অক্ষম কৰিব নোৱাৰে। তেৱেঁই সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।

০২- আল্লাহ ছুবহানাহু ওৱা তা‘আলা আকাশত আছে, সকলো মাখলুকৰ ওপৰত, সকলো সৃষ্টিৰ পৰা পৃথক। তেওঁৰ উচ্চতা সকলো দিশৰ পৰা ব্যাপক; সত্ত্বাগত উচ্চতা, শক্তি-সামৰ্থৰ উচ্চতা আৰু ক্ষমতাগত উচ্চতা। তেওঁ সকলো বস্তুকে পৰিবেষ্টন কৰি আছে।

০৩- মহান আল্লাহে স্বয়ং নিজৰ বাবে অথবা তেওঁৰ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ বাবে যিবোৰ নাম আৰু গুণাৱলী সাব্যস্ত কৰিছে, সেইবোৰক সাব্যস্ত কৰিব লাগিব। লগতে আল্লাহে নিজৰ পৰা অথবা তেওঁৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ পৰা যিবোৰ অস্বীকাৰ কৰিছে, সেইবোৰকো অস্বীকাৰ কৰিব লাগিব।

০৪- মহান আল্লাহে দুআ কবূল কৰে, প্ৰয়োজন পূৰণ কৰে আৰু তেৱেঁই সকলো বস্তুৰ মালিক। তেওঁৰ বাহিৰে আন কোনেও ক্ষতি বা উপকাৰ কৰিব নোৱাৰে, আৰু কোনো বান্দাই তেওঁৰ পৰা এক পলকৰ বাবেও অমুখাপেক্ষী হ’ব নোৱাৰে। সেয়েহে কোনো মুছলিমৰ বাবে কোনো ধৰণৰ ইবাদত যেনে দুআ, চালাত, মান্নত, জবেহ, ভয়, আশা, তাৱাক্কুল আৰু অন্যান্য প্ৰকাশ্য বা গোপন ইবাদত আল্লাহ তা‘আলাৰ বাহিৰে আন কাৰোবাৰ বাবে সমৰ্পণ কৰা বৈধ নহয়। যি ব্যক্তিয়ে আল্লাহ তা‘আলাৰ বাহিৰে আনৰ বাবে কোনো ইবাদত সমৰ্পণ কৰে, সি হৈছে মুশ্বৰিক।

০৫- আটাইতকৈ মহাপাপ আৰু সৰ্ববৃহৎ কবীৰা গুনাহ হৈছে আল্লাহৰ সৈতে শ্বিৰ্ক কৰা। যিয়ে শ্বিৰ্ক কৰা অৱস্থাত মৃত্যুবৰণ কৰিব, তাৰ বাবে আল্লাহে জান্নাত হাৰাম কৰি দিছে আৰু তাৰ ঠিকনা হ'ব জাহান্নাম। এইটো এনেকুৱা এটা গুনাহ যাক আল্লাহে কেতিয়াও ক্ষমা নকৰে, যদি বান্দাই ইয়াৰ পৰা তাওবা নকৰাকৈ মৃত্যুবৰণ কৰে।

০৬- বান্দাৰ ভাগ্যত যিটো নাছিল, সেইটোৱে তেওঁক কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে; আৰু যিটো তেওঁক স্পৰ্শ কৰিছে, সেইটো তেওঁৰ ভাগ্যত নথকাকৈ নাথাকে। এতেকে মুছলিমে আল্লাহে নিৰ্ধাৰণ কৰা তাক্বদীৰৰ ওপৰত ঈমান পোষণ কৰা, তেওঁ নিৰ্ধাৰণ কৰা ভাগ্যক লৈ সন্তুষ্ট থকা, আৰু সকলো অৱস্থাতে নিজৰ প্ৰতিপালকৰ প্ৰশংসা আৰু তেওঁৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা উচিত।

০৭- আমাৰ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে মানৱজাতিৰ শ্ৰেষ্ঠ আৰু সৰ্বশেষ নবী। ক্বিয়ামতৰ দিনা তেৱেঁই হ'ব শ্বাফা'আতকাৰী, আৰু তেওঁৰ শ্বাফা'আত কবূল কৰা হ'ব। আল্লাহে তেওঁক খলীল হিচাপে গ্ৰহণ কৰিছে, ঠিক যেনেকৈ তেওঁ ইব্ৰাহীম আলাইহিচ্ছালামক খলীল হিচাপে গ্ৰহণ কৰিছিল।

০৮- আমাৰ কিতাব হৈছে পৱিত্ৰ কোৰআন, যিখন হৈছে অলৌকিক, যাৰ সত্যতা সন্দেহাতীত আৰু যাৰ তিলাৱত কৰাটো হৈছে এটা ইবাদত। মহান আল্লাহে এইখন আমাৰ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত সৰ্বশ্ৰেষ্ঠ ফিৰিস্তা জিব্ৰীল আলাইহিচ্ছালামৰ দ্বাৰা অৱতীৰ্ণ কৰিছে। মহান আল্লাহে ইয়াক বিকৃতি আৰু পৰিৱৰ্তনৰ পৰা সুৰক্ষিত ৰাখিছে, যিদৰে তেওঁ নিজেই ঘোষণা কৰিছে। "নিশ্চয় আমিয়েই কোৰআন অৱতীৰ্ণ কৰিছোঁ আৰু নিশ্চয় আমিয়েই ইয়াৰ সংৰক্ষক।" (ছুৰা আল-হিজৰঃ ৯)

০৯- আল্লাহৰ আটাইতকৈ ঘনিষ্ঠ লোকসকল হৈছে তেওঁৰ সৰ্বাধিক আজ্ঞাকাৰী আৰু তেওঁৰ শ্বৰীয়তৰ সৰ্বাধিক অনুসৰণকাৰীসকল। তাক্বৱাৰ বাহিৰে কোনো অনাৰবীয়ৰ ওপৰত আৰবীয়ানৰ, কোনো আৰবীয়ানৰ ওপৰত অনাৰবীয়ৰ, কোনো নিগ্ৰো লোকৰ ওপৰত কোনো শুভ্ৰ লোকৰ, আৰু কোনো শুভ্ৰ লোকৰ ওপৰত কোনো নিগ্ৰো লোকৰ প্ৰাধান্যতা নাই। সকলো মানুহ হৈছে আদমৰ পৰা সৃষ্ট, আৰু আদম হৈছে মাটিৰ পৰা সৃষ্ট। পৱিত্ৰ মহান আল্লাহে কৈছেঃ "আল্লাহৰ ওচৰত তোমালোকৰ মাজৰ কেৱল সেই ব্যক্তিয়েই বেছি মৰ্যাদাশীল, যিজন তোমালোকৰ মাজত বেছি তাক্বৱা সম্পন্ন।" (ছুৰা আল-হুজুৰাতঃ ১৩)

১০- মুছলিমে সন্মানিত লেখক ফিৰিস্তাসকলৰ প্ৰতি ঈমান পোষণ কৰে আৰু তেওঁলোকৰ অস্তিত্বক স্বীকাৰ কৰে। তেওঁলোক হৈছে আল্লাহৰ সৃষ্ট বান্দা, যিসকলক মহান আল্লাহে নূৰৰ পৰা সৃষ্টি কৰিছে। তেওঁলোক হৈছে মহান আল্লাহৰেই এটা সৃষ্টি। তেওঁলোকৰ মাজৰ জিব্ৰীল হৈছে অহী লৈ অহাৰ কামত নিয়োজিত, মিকাঈল হৈছে বৰষুণ সম্পৰ্কীয় দায়িত্বত নিয়োজিত, ইছৰাফীল হৈছে শিঙাত ফুঁ দিয়াৰ কামত নিয়োজিত, আৰু মালাকুল মউত হৈছে বান্দাসকলৰ ৰূহ কবজ কৰাৰ কামত নিয়োজিত।

১১- মুছলমানে ক্বিয়ামতৰ নিদৰ্শনসমূহ, মছীহ দাজ্জালৰ আৱিৰ্ভাৱ, শেষ জামানাত আকাশৰ পৰা ঈছা ইবনে মৰিয়ম আলাইহিচ্ছালামৰ অৱতৰণ, আৰু পশ্চিম দিশৰ পৰা সূৰ্য উদয় হোৱাৰ ওপৰত ঈমান পোষণ কৰে।

১২- মুছলমানসকলে বিশ্বাস কৰে যে, যিসকলে কবৰৰ শাস্তিৰ যোগ্য সিহঁতে শাস্তি ভোগ কৰিব, আৰু যিসকলে নিয়ামতৰ যোগ্য তেওঁলোকে নিয়ামত লাভ কৰিব, লগতে তেওঁৰ কবৰত মুনকাৰ আৰু নাকীৰে তেওঁৰ ৰব্ব, দ্বীন আৰু নবীৰ বিষয়ে প্রশ্ন কৰিব, আৰু সেই কবৰ জান্নাতৰ বাগান হ’ব পাৰে অথবা জাহান্নামৰ গর্ত হিচাপেও সাব্যস্ত হ’ব পাৰে।

১৩- কিয়ামতৰ দিনা হ'বলগীয়া পুনৰুত্থান আৰু কৰ্মৰ প্ৰতিদানৰ ওপৰত বিশ্বাস স্থাপন কৰা। লগতে এই বিশ্বাস পোষণ কৰা যে, জান্নাত আৰু জাহান্নাম হৈছে সৃষ্ট, আৰু এই দুয়োখন কেতিয়াও ধ্বংস নহ'ব।

১৪- যাদু হৈছে আল্লাহৰ প্রতি কৰা এটা কুফৰী কৰ্ম, সেয়ে যাদু শিকা অথবা যাদুকৰ আৰু ভণ্ডৰ ওচৰলৈ যোৱা জায়েজ নহয়। প্ৰকৃত কোনো মুছলিমে গণক বা জ্যোতিষীক বিশ্বাস নকৰে। যি ব্যক্তিয়ে সিহঁতক বিশ্বাস কৰে, সেই ব্যক্তিয়ে দৰাচলতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ হোৱা বিধানক অস্বীকাৰ কৰে।

১৫- মুছলিমে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ চাহাবাসকলক ভাল পায়, আৰু তেওঁলোকে সেই ব্যক্তিকো ভাল পায় যিয়ে তেওঁলোকক ভাল পায়, আনহাতে যিয়ে তেওঁলোকক ঘৃণা কৰে, তেওঁলোকে তাক ঘৃণা কৰে। কিয়নো তেওঁলোকক ভাল পোৱাটো হৈছে দ্বীন আৰু এহচান, আৰু তেওঁলোকক ঘৃণা কৰাটো হৈছে কুফৰ আৰু নিফাক। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “তোমালোকে মোৰ চাহাবাসকলক গালি-গালাজ নকৰিবা”। (ছহীহ মুছলিম)। আৰু যিয়েই চাহাবাসকলৰ (ৰাদ্বিয়াল্লাহু আনহুম) মাজৰ কোনো এজনৰ ওপৰত মিছা আৰোপ কৰে বা তেওঁলোকৰ সন্মানহানি কৰে, সি হৈছে পথভ্ৰষ্ট বিদআতী।

১৬- মুছলমানে এইটো সাব্যস্ত কৰে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পিছত খিলাফত প্ৰথমে আবূ বকৰ চিদ্দীক্ব ৰাদ্বিয়াল্লাহু আনহুৰ বাবে নিৰ্দিষ্ট, তেওঁক সমগ্ৰ উম্মতৰ ওপৰত শ্ৰেষ্ঠত্ব আৰু অগ্ৰাধিকাৰ দিয়ে, তাৰ পিছত ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৰ বাবে, তাৰ পিছত উছমান ৰাদ্বিয়াল্লাহু আনহুৰ বাবে, তাৰ পিছত আলী ইবনে আবি তালিব ৰাদ্বিয়াল্লাহু আনহুৰ বাবে। তেওঁলোকেই হৈছে খুলাফায়ে ৰাশ্বিদীন আৰু সৎপথপ্ৰাপ্ত ইমামসকল।

১৭- ইবাদত হৈছে তাওক্বীফি। গতিকে মহান আল্লাহৰ এনেকুৱা কোনো ইবাদত কৰা বৈধ নহয়, যিটো আল্লাহৰ কিতাব অথবা তেওঁৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নতৰ দ্বাৰা প্ৰমাণিত নহয়। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৃত্যুৰ পিছত মানুহে উদ্ভাৱন কৰা প্ৰতিটো ইবাদত, যিটো তেওঁৰ পথ-নিৰ্দেশনা অনুযায়ী নহয়, সেইটো হৈছে প্ৰত্যাখ্যাত বিদআত। তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: (যিয়ে আমাৰ এই দ্বীনত এনে কোনো নতুন বস্তুৰ উদ্ভাৱন কৰিব যিটো ইয়াৰ অন্তৰ্ভুক্ত নহয়, তেন্তে সেয়া প্ৰত্যাখ্যাত)। (বুখাৰী)

১৮- ইবাদত কবূল হোৱাটো দুটা মৌলিক স্তম্ভৰ ওপৰত নিৰ্ভৰশীল: প্ৰথম চৰ্ত হৈছে, ইবাদত মহান আল্লাহৰ বাবে নিৰ্ভেজালভাৱে হ'ব লাগিব, আৰু দ্বিতীয় চৰ্ত হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পদ্ধতি মুতাবিক হ'ব লাগিব। সেয়ে, ইবাদত যদি একমাত্ৰ আল্লাহৰ বাবে নিৰ্ভেজালভাৱে কৰা নহয় তেন্তে সেয়া কবূল নহয়, আৰু যদি সেয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পদ্ধতি অনুসৰি নহয় তেতিয়াও কবূল নহয়।

দ্বীন ইছলামতেই নিহিত আছে মোৰ সৌভাগ্য

মহান আল্লাহে কৈছেঃ "পুৰুষ হওক বা নাৰী ঈমানৰ অৱস্থাত যিয়েই সৎকৰ্ম কৰিব, নিশ্চয় আমি তাক পৱিত্ৰ জীৱন দান কৰিম। লগতে অৱশ্যে আমি তেওঁলোকক তেওঁলোকে যি আমল কৰিছিল তাতোকৈ শ্ৰেষ্ঠ প্ৰতিদান প্ৰদান কৰিম।" (ছুৰা আন-নাহলঃ ৯৭)

আটাইতকৈ ডাঙৰ সৌভাগ্য, প্ৰশস্ততা আৰু আনন্দৰ বিষয়টো হৈছে মুছলিমৰ অন্তৰ প্ৰত্যক্ষভাৱে আল্লাহৰ সৈতে যোগাযোগ স্থাপন কৰিব পাৰে, ইয়াৰ বাবে জীৱিত অথবা মৃত নাইবা কোনো মূৰ্ত্তিৰ মধ্যস্ততাৰ প্ৰয়োজন নহয়। মহান আল্লাহে পৱিত্ৰ কোৰআনত এই কথা উল্লেখ কৰিছে যে, তেওঁ সদায় বান্দাৰ নিকটৱৰ্তী থাকে। তেওঁলোকৰ প্ৰাৰ্থনা শুনে আৰু তেওঁলোকৰ দুআৰ উত্তৰ দিয়ে। যেনে- মহান আল্লাহে কৈছেঃ "আৰু মোৰ বান্দাসকলে যেতিয়া মোৰ বিষয়ে তোমাক সোধে, (তেতিয়া তুমি কৈ দিয়া) নিশ্চয় মই অতি ওচৰত আছোঁ। মই প্ৰাৰ্থনাকাৰীৰ প্ৰাৰ্থনা কবুল কৰোঁ, যেতিয়া সি প্ৰাৰ্থনা কৰে। এতেকে সিহঁতেও যেন মোৰ আহ্বানত সঁহাৰি দিয়ে আৰু মোৰ প্ৰতি ঈমান পোষণ কৰে, যাতে সিহঁত সঠিক পথত পৰিচালিত হ’ব পাৰে।" (ছুৰা আল-বাক্বাৰাহঃ ১৮৬) পৱিত্ৰ আল্লাহে আমাক তেওঁৰ ওচৰত দুআ কৰাৰ নিৰ্দেশ দিছে। এইটো হৈছে এটা মহান ইবাদত, যিটোৰ দ্বাৰা এজন মুছলিম ব্যক্তিয়ে সহজেই আল্লাহৰ নৈকট্য অৱলম্বন কৰিব পাৰে। যেনে- মহান আল্লাহে কৈছেঃ "আৰু তোমালোকৰ প্ৰতিপালকে কৈছে, ‘তোমালোকে কেৱল মোৰ ওচৰতেই দুআ কৰা, মই তোমালোকৰ দুআ কবুল কৰিম। নিশ্চয় যিসকলে অহংকাৰ কৰি মোৰ ইবাদতৰ পৰা বিমুখ হয়, সিহঁত অচিৰেই লাঞ্ছিত হৈ জাহান্নামত প্ৰৱেশ কৰিব’।" (ছুৰা গাফিৰঃ ৬০) প্ৰকৃত পূণ্যৱান মুছলিম ব্যক্তিয়ে সদায় আল্লাহৰ প্ৰয়োজন অনুভৱ কৰে। সেয়ে সদায় তেওঁৰ ওচৰত দুআ কৰে। লগতে সৎকৰ্ম আৰু ইবাদতৰ জৰিয়তে তেওঁৰ নৈকট্য অৰ্জনৰ প্ৰয়াস কৰে।

নিশ্চয় আল্লাহে এটা মহান উদ্দেশ্য আগত ৰাখি আমাক সৃষ্টি কৰিছে, তেওঁ আমাক এনেই সৃষ্টি কৰা নাই। সেই উদ্দেশ্যটো হৈছে, আমি যাতে এককভাৱে তেওঁৰ ইবাদত কৰোঁ, তেওঁৰ সৈতে যাতে কাকো অংশীদাৰ স্থাপন নকৰোঁ। আমাৰ বাবে তেওঁ এনেকুৱা এটা দ্বীন বিধিবদ্ধ কৰিছে যাৰ ভিতৰত জীৱনৰ সকলো ক্ষেত্ৰৰে সকলো বিষয় সন্নিৱিষ্ট আছে। এই ন্যায়পৰায়ণ চৰীয়তে পাৰ্থিৱ জীৱনৰ অতি প্ৰয়োজনীয় বিষয়বোৰ সুৰক্ষিত কৰিছে, যেনে- আমাৰ ধৰ্মক, আমাক, আমাৰ মান-সন্মানক, আমাৰ বিবেকক আৰু আমাৰ ধন-সম্পদক। এতেকে যিয়ে এই চৰীয়তৰ আদেশসমূহ মানি চলিব আৰু নিষেধসমূহ বৰ্জন কৰিব তেন্তে তাৰ উক্ত প্ৰয়োজনবোৰ সুৰক্ষিত থাকিব। লগতে তেওঁ নিঃসন্দেহে নিৰাপদ আৰু শান্তিময় জীৱন অতিবাহিত কৰিব।

আল্লাহৰ সৈতে মুছলিমৰ সম্পৰ্ক অতি গভীৰ, ইয়াৰ ফলত মুছলিম ব্যক্তিয়ে আধ্যাত্মিক শান্তি, নিৰাপত্তা, শাৰীৰিক শান্তি আৰু আনন্দ অনুভৱ কৰে। লগতে এইটোৱে তেওঁক সদায় এই অনুভৱ কৰায় যে, যত্ন সহকাৰে চোৱাচিতা কৰিবলৈ আৰু হিফাজত কৰিবলৈ আল্লাহ সদায় তেওঁৰ সহায়ত আছে। মহান আল্লাহে কৈছেঃ "যিসকলে ঈমান আনিছে আল্লাহেই তেওঁলোকৰ অভিভাৱক, তেৱেঁই তেওঁলোকক (কুফৰীৰ) অন্ধকাৰৰ পৰা উলিয়াই (ঈমানৰ) পোহৰৰ ফালে লৈ যায়।" (ছুৰা আল-বাক্বাৰাহঃ ২৫৭)

এই মহান সম্পৰ্কই আধ্যাত্মিক পৰ্যায়ত বান্দাক আল্লাহৰ ইবাদত কৰাত উৎসাহিত কৰে আৰু আল্লাহৰ সাক্ষাৎ পোৱাৰ আগ্ৰহী কৰি তোলে, ফলত তেওঁ আন্তৰিক সুখৰ লগতে ঈমানৰ সোৱাদ অনুভৱ কৰে।

ঈমানৰ এই সোৱাদ ভাষাৰে প্ৰকাশ কৰা অসম্ভৱ, এইটো কেৱল সেই ব্যক্তিয়েই অনুভৱ কৰিব পাৰিব যিয়ে সোৱাদ পাইছে। এই সোৱাদ পাবলৈ হ’লে সৎকৰ্ম কৰিব লাগিব আৰু প্ৰত্যেক গুনাহৰ কৰ্মৰ পৰা বিৰত থাকিব লাগিব। এইকাৰণে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "সেই ব্যক্তিয়ে ঈমানৰ সোৱাদ অনুভৱ কৰিছে, যিয়ে আল্লাহক ৰব্ব হিচাপে, ইছলামক ধৰ্ম হিচাপে আৰু মুহাম্মদক ৰাছুল হিচাপে গ্ৰহণ কৰিছে।" (মুছলিম)

হয়, বান্দাই যেতিয়া সদায় নিজকে সৃষ্টিকৰ্তাৰ সন্মুখত থকা বুলি অনুভৱ কৰিব, আৰু তেওঁৰ নাম আৰু গুণাৱলী সম্পৰ্কে জ্ঞান অৰ্জন কৰিব আৰু তেওঁৰ ইবাদত এনেকৈ কৰিব যেনিবা তেওঁক দেখি আছে, তথা নিৰ্ভেজালভাৱে তেওঁৰ ইবাদত কৰিব, ইবাদতৰ কোনো এটা অংশই আল্লাহৰ বাহিৰে আনৰ বাবে নকৰিব, তেতিয়া তেওঁ নিশ্চয় পৃথিৱীত পৱিত্ৰ আৰু সৌভাগ্যময় জীৱন লাভ কৰিব আৰু আখিৰাতত তেওঁ লাভ কৰিব উত্তম পৰিণাম।

আনকি এই পৃথিৱীত মুমিনক আগুৰি ধৰা বিপদ-আপদ আদিকো আল্লাহৰ প্ৰতি থকা তেওঁৰ পূৰ্ণ বিশ্বাস আৰু আল্লাহে নিৰ্ধাৰণ কৰা তাকদীৰৰ প্ৰতি তেওঁৰ সন্তুষ্টিয়ে নাইকিয়া কৰি দিয়ে। মঙ্গল হওক বা অমঙ্গল তেওঁ সকলো অৱস্থাতে আল্লাহৰ প্ৰশংসা কৰে, আৰু তাকদীৰৰ প্ৰতি সন্তুষ্টি প্ৰকাশ কৰে।

মুছলিমে নিজৰ সুখ-সমৃদ্ধি আৰু শান্তি বৃদ্ধি কৰিবলৈ বেছি বেছি আল্লাহক স্মৰণ কৰা উচিত, কোৰআনে কাৰীমৰ তিলাৱত কৰা উচিত। যেনে- মহান আল্লাহে কৈছেঃ "‘যিসকলে ঈমান আনিছে, আৰু তেওঁলোকৰ মনে আল্লাহৰ স্মৰণৰ দ্বাৰা প্ৰশান্তি লাভ কৰে; জানি থোৱা! আল্লাহৰ স্মৰণৰ দ্বাৰাই অন্তৰে শান্তি লাভ কৰে’৷" (ছুৰা ৰা'দঃ ২৮) মুছলিমে যিমানেই আল্লাহক স্মৰণ কৰিব আৰু কোৰআন তিলাৱত কৰিব সিমানেই আল্লাহৰ সৈতে তেওঁৰ সম্পৰ্ক সুদৃঢ় হ’ব। লগতে তাৰ অন্তৰ পৱিত্ৰ হ’ব আৰু ঈমান মজবুত হ’ব।

এইদৰে এজন মুছলিমে নিৰ্ভৰযোগ্য সঠিক উৎসৰ পৰা দ্বীনৰ মছলা মাছাইল শিকাৰ প্ৰতি আগ্ৰহী হোৱা উচিত, যাতে সঠিক জ্ঞানৰ ভিত্তিত আল্লাহৰ ইবাদত কৰিব পাৰে। যেনে- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "জ্ঞান অর্জন কৰাটো হৈছে প্রতিজন মুছলিমৰ ওপৰত অনিবাৰ্য্য।” (ইবনে মাজাহ) লগতে আল্লাহৰ আদেশ-নিষেধৰ সন্মুখত নিজকে আত্মসমৰ্পন কৰা উচিত, কাৰণ তেৱেঁই সৃষ্টিকৰ্তা। সেইবোৰৰ ৰহস্য বুজি পাওক বা নাপাওক। যেনে- পৱিত্ৰ কোৰআনত মহান আল্লাহে কৈছেঃ "আল্লাহ আৰু তেওঁৰ ৰাছুলে কোনো বিষয়ৰ ফয়চালা দিলে, কোনো মুমিন পুৰুষ অথবা কোনো মুমিনা নাৰীৰ বাবে সেই বিষয়ত তেওঁলোকৰ আন কোনো (সিদ্ধান্ত গ্ৰহণৰ) অধিকাৰ নাথাকে। যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলক অমান্য কৰিব, সি নিশ্চয় স্পষ্টভাৱে পথভ্ৰষ্ট হৈ যাব।" (ছুৰা আল-আহজাবঃ ৩৬)

আল্লাহে আমাৰ প্ৰিয় নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি আৰু তেওঁৰ পৰিয়ালবৰ্গ আৰু ছাহাবাসকলৰ প্ৰতি তেওঁৰ দয়া-কৰুণা, ৰহমত আৰু শান্তি বৰ্ষণ কৰক।