مخالفات الحج والعمرة والزيارة
হজ্জ, ওমৰাহ আৰু জিয়াৰতত সাধাৰণতে হোৱা অনিয়মসমূহ
হজ্জ, ওমৰাহ আৰু জিয়াৰতত সাধাৰণতে হোৱা অনিয়মসমূহ
বিভিন্ন ভাষাত ইছলামিক কণ্টেণ্টৰ সেৱা প্ৰদানকাৰী সংস্থাৰ গৱেষণা সমিতি
ওমৰাহ সম্পৰ্কীয় ভুল-ত্ৰুটি আৰু বিভিন্ন অনিয়ম
প্ৰথমঃ ইহৰাম অৱস্থাত মানুহে সচৰাচৰ কৰা কিছুমান ত্ৰুটি।
ইহ্লাল পৰিত্যাগ কৰা বা তালবিয়া পাঠ নকৰা। অৰ্থাৎ ইহৰাম কৰাৰ সময়ত নিৰ্দিষ্ট ইবাদতৰ (হজ্জ বা ওমৰাৰ) বিষয়টো উচ্চস্বৰে পাঠ নকৰা।
এই ক্ষেত্ৰত ছুন্নত হৈছে উচ্চস্বৰে তালবিয়া পাঠ কৰা।
কিছুমানে ভাবে যে, পৰিধান কৰা কাপোৰ যোৰেই হৈছে ইহৰাম। (চিলাইবিহীন লুংগী আৰু চাদৰ)
প্ৰকৃততে ইহৰাম হৈছে: ইবাদতত (হজ্জ বা ওমৰা) ত প্ৰৱেশ কৰাৰ নিয়ত কৰা। ইয়াৰ প্ৰতীক হৈছে: উচ্চ স্বৰে তালবিয়া পাঠ কৰা। এতেকে যিয়ে হজ্জ বা ওমাৰাৰ নিয়্যত কৰি তালবিয়া পাঠ কৰে, তেওঁ মুহৰিম হৈ পৰে।
কিছুমান মানুহে ভাবে যে, ইহৰামৰ বাবে গোছল কৰা ওৱাজিব।
দৰাচলতে গোছল কৰাটো হৈছে ছুন্নত, গোছল নকৰিলেও কোনো অসুবিধা নাই।
এইদৰে কিছুমানে ধাৰণা কৰে যে, ইহৰামৰ সময়ত দুই ৰাকাত নামাজ পঢ়া অনিবাৰ্য্য, অথবা এইটো হৈছে এটা বিশেষ ছুন্নত, যিটো আদায় কৰিবই লাগে, সেয়ে তেওঁলোকে যিকোনো পৰিস্থিতিতে এইটো আদায় কৰে।
কিন্তু সঠিক নিয়ম হৈছে ইহৰামৰ আগতে নামাজ আদায় কৰা, ইয়াৰ বাবে নিৰ্দিষ্ট কোনো নামাজ নাই। এতেকে তেওঁ যদি কোনো ফৰজ নামাজ আদায় কৰে অথবা বেলেগ কোনো বৈধ নামাজ আদায় কৰে আৰু তাৰ পিছত ইহৰামৰ নিয়্যত কৰি লয় তেন্তে এইটোৱে যথেষ্ট।
কিছুমান লোকে ধাৰণা কৰে যে, মীকাতত ৰৈ পেলাই মছজিদত যোৱাটো অনিবাৰ্য্য।
অথচ এইটোও বাধ্যতামূলক নহয়। যদি কোনোবাই ইহৰামৰ কাপোৰ পিন্ধি মীকাতৰ ওচৰেৰে যায় আৰু তাত নুছুকৰ নিয়্যত কৰে নাইবা সেই ঠাইৰ সীমাত অৱস্থিত যিকোনো ঠাইত গাড়ীৰ ভিতৰত থাকি তালবিয়া পাঠ কৰিলেও যথেষ্ট হৈ যাব। সেই ব্যক্তিৰ দৰে যিয়ে বিমানত মীকাতৰ সমীপৱৰ্তী ঠাইত অথবা কিছু আগতে তালবিয়া পাঠ কৰে, যাতে মীকাত অতিক্ৰম নকৰে।
ইহৰামৰ কাপোৰত সুগন্ধি ব্যৱহাৰ কৰা।
দৰাচলতে সঠিক নিয়ম হৈছে, কেৱল শৰীৰত সুগন্ধি ব্যৱহাৰ কৰা। (ইহৰাম পৰিধান কৰাৰ আগত)
কিছুমানে ধাৰণা কৰে যে, ইহৰাম পৰিধান কৰাৰ সময়ত, নাভীৰ তলৰ নোম পৰিষ্কাৰ কৰা, নখ কটা আৰু কাষলতিৰ নোম পৰিষ্কাৰ কৰা ওৱাজিব। অথবা তেওঁলোকে ধাৰণা কৰে যে, এইটো হৈছে ইহৰামৰ ছুন্নত।
প্ৰকৃততে এইটো হৈছে এটা সাধাৰণ ছুন্নত, যিটো কেৱল প্ৰয়োজন হ'লে পালন কৰিবলগীয়া হয়।
মীকাতৰ আগতেই ইহৰাম কৰা।
এইটোও ছুন্নাহ পৰিপন্থী। কিন্তু বিমানত থকা ব্যক্তিয়ে মীকাত পোৱাৰ আগতেই ইহৰাম বান্ধিব পাৰিব, যাতে বিমানৰ গতিৰ কাৰণে মীকাত পাৰ হৈ নাযায়। ঠিক সেইদৰে যদি তেওঁ আশংকা কৰে যে, টোপনি অহাৰ সম্ভাৱনা আছে অথবা মীকাত পাৰ হৈ যোৱাৰ আশংকা আছে তেন্তে তেওঁ প্ৰয়োজন অনুসাৰে আগতীয়াকৈ ইহৰাম বান্ধি ল'ব।
হজ্জ বা ওমৰাহ কৰিবলৈ ইচ্ছুক ব্যক্তিয়ে ইহৰাম নকৰাকৈ মীকাত অতিক্ৰম কৰা। ভুলতে হওক বা অৱহেলা কৰি নাইবা বিমানত থকাৰ কাৰণে।
হজ্জ বা ওমৰাৰ নিয়্যত কৰি ইহৰাম পৰিধান নকৰাকৈ যদি কোনোবাই মীকাত অতিক্ৰম কৰে তেন্তে তাৰ বাবে ওৱাজিব হৈছে মীকাতলৈ উভতি গৈ ইহৰাম কৰি অহা। ঠিক সেইদৰে যদি কোনো ব্যক্তিয়ে ইহৰাম নকৰাকৈয়ে জিদ্দা বিমান বন্দৰত অৱতৰণ কৰে, তেন্তে তেওঁ ইহৰাম পৰিধান কৰিবলৈ যিকোনো এটা মীকাতলৈ উভতি যাব লাগিব। কিন্তু এই ক্ষেত্ৰত সেইসকল লোকৰ বিষয়টো সুকীয়া যিসকলে মীকাত হৈ নাহে অথবা মীকাতৰ সীমান্তৱৰ্তী কোনো ঠাই অতিক্ৰম নকৰে, তেওঁলোকে জিদ্দাতে ইহৰাম বান্ধিব। উদাহৰণস্বৰূপে চুডানৰ অধিবাসীসকল, যেতিয়া তেওঁলোক আকাশ পথেৰে আহে অথবা জল পথেৰে আহে। যদি তেওঁলোকে অনুমান কৰিব নোৱাৰে যে, তেওঁলোকে য়ালামলামৰ মীকাত পাইছে অথবা জুহফাৰ মীকাতৰ সীমা পাইছে।
চিলাইকৃত কাপোৰ পিন্ধিব নালাগে বুলি কিছুমানে চিলাইকৃত সকলো বস্তুকে ইয়াৰ অন্তৰ্ভুক্ত কৰে, যিটো ভুল ধাৰণা। সেয়ে সিহঁতে চিলাইকৃত কোমৰবন্ধ, বেল্ট অথবা চেণ্ডেল আদিৰ পৰা বিৰত থাকে।
এইটো এটা ভুল ধাৰণা। চিলাইকৃত কাপোৰ বোলোঁতে যিটো শৰীৰৰ গঠণ অনুপাতে চিলাই কৰা হয়। যেনে- পাঞ্জাৱী, ছাৰ্ট, পাইজামা পেণ্ট আদি, যিটো স্বাভাৱিক অৱস্থাত পৰিধান কৰা হয়।
নাৰীসকলে হাতমোজা পৰিধান কৰা, বুৰ্কা অথবা নিকাব নাইবা সম্পূৰ্ণ ঘোমটা (মুখাৱৰণ) পৰিধান কৰা।
ইয়াৰ বিপৰীতে তেওঁৰ বাবে ওৱাজিব হৈছে, যদি তেওঁ এনেকুৱা ঠাইত থাকে য'ত পৰ পুৰুষ আছে তেনে ক্ষেত্ৰত তেওঁ নিকাব আৰু হাত মোজাৰ বাহিৰে বেলেগ কোনো উপায়েৰে নিজৰ মুখমণ্ডল আৰু হাত ঢাকি ৰাখিব। কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ইহৰাম অৱস্থাত নাৰীসকলক এইবোৰ পৰিধান কৰিবলৈ নিষেধ কৰিছে।
কিছুমানে ধাৰণা কৰে যে, নাৰীসকলৰ বাবেও বিশেষ পোছাক আছে, ক'লা, সেউজীয়া অথবা বগা।
এইটো সঠিক নহয়। ইহৰামত থকা নাৰীয়ে সাজ-সজ্জা প্ৰদৰ্শন নকৰাকৈ যিকোনো পোছাক পৰিধান কৰিব পাৰে।
এইদৰে কিছুমানে ধাৰণা কৰে যে, ইহৰামৰ কাপোৰ পৰিবৰ্তন কৰা বা খোলা বৈধ নহয়।
বৰং সঠিক নিয়ম হৈছে, ইহৰামত থকা ব্যক্তিয়ে ইহৰামৰ কাপোৰ পৰিবৰ্তন কৰিব পাৰে অথবা খুলি পেলাই গোছল কৰি পুনৰ পৰিধান কৰিব পাৰে।
এইদৰে আন এটা ভুল ধাৰণা হৈছে, ইহৰামৰ আৰম্ভণিৰ পৰা শেষলৈকে ইজতিবা কৰা।
সঠিক পদ্ধতি হৈছে কেৱল ওমৰাৰ তাৱাফ অথবা তাৱাফে কুদূমৰ সময়তহে ইজতিবা কৰিব লাগে।
এইদৰে আন এটা ত্ৰুটি হৈছে, কোনো বৈধ কাৰণ নোহোৱাকৈয়ে ইহৰাম ত্যাগ কৰা বা ইহৰামৰ পৰা হালাল হোৱা।
ইহৰাম পৰিধান কৰা ব্যক্তিয়ে তেওঁৰ নুছুক (ইবাদত) সম্পূৰ্ণ নকৰালৈকে ইহৰাম অৱস্থাতে থাকিব লাগিব, যেতিয়ালৈকে তেওঁ ইহৰামৰ পৰা হালাল হোৱাৰ চৰিয়তসন্মত কোনো কাৰণ বিচাৰি নাপাব। উদাহৰণস্বৰূপে বাধাগ্ৰস্ত হ'লে, এই ক্ষেত্ৰত তেওঁ ইহৰামৰ পৰা হালাল হ'ব পাৰিব, যদিহে তেওঁ ইহৰাম কৰাৰ সময়ত চৰ্ত কৰি নিয়্যত কৰিছিল, তেন্তে তেওঁৰ ওপৰত একো নহ'ব। আনহাতে যদি তেওঁ চৰ্ত কৰা নাছিল তেন্তে তেওঁ ফিদিয়া (দম) দিব লাগিব অৰ্থাৎ জন্তু জবেহ কৰিব লাগিব, মূৰ খুৰাব লাগিব বা চুলি চুটি কৰিব লাগিব। ইয়াৰ পিছতহে ইহৰাম ভংগ কৰিব।
***
দ্বিতীয়ঃ তাৱাফৰ সময়ত মানুহে সচৰাচৰ কৰা কিছুমান ত্ৰুটি।
মছজিদুল হাৰামত প্ৰৱেশ কৰাৰ সময়ত বা কাবা ঘৰ প্ৰত্যক্ষ কৰাৰ সময়ত যিবোৰ দুআ বৰ্ণিত হোৱা নাই, তেনেকুৱা দুআ পাঠ কৰাটোক আৱশ্যক বুলি ধাৰণা কৰা।
ছুন্নত হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণিত বিষয়সমূহৰ মাজতে সীমাবদ্ধ থাকা।
এইদৰে আন এটা ত্ৰুটি হৈছে তাৱাফ আৰম্ভ কৰাৰ আগত নিয়্যত উচ্চাৰণ কৰা।
অথচ নিয়্যতৰ স্থান হৈছে অন্তৰ, সেয়ে মৌখিকভাৱে উচ্চাৰণ কৰাৰ প্ৰয়োজন নাই।
সতৰ্কতা অৱলম্বন কৰি হাজৰে আছৱাদৰ আগৰ পৰাই তাৱাফ আৰম্ভ কৰা।
এইটো হৈছে সীমালংঘন তথা অতিৰঞ্জন।
হাজৰে আছৱাদ অতিক্ৰম কৰাৰ পিছত তাৱাফ আৰম্ভ কৰা আৰু এইটোক এটা তাৱাফ হিচাপে গণ্য কৰা।
এইটো ভুল। যদি তেওঁ এনেকুৱা কৰিছে তেন্তে সেইটোক তাৱাফৰ এপাক হিচাপে গণ্য কৰাটো ঠিক নহ'ব।
হাজৰে আছৱাদৰ সীমাত আহি দুই হাত উত্তোলন কৰা, যিদৰে নামাজত ৰাফউল য়াদাইন কৰা হয়, নাইবা তিনিবাৰকৈ ৰাফউল য়াদাইন কৰা।
ছুন্নত হৈছে সোঁহাতেৰে এবাৰ হাজৰে আছৱাদৰ পিনে ইংগিত কৰা।
হাজৰে আছৱাদৰ সীমাত আহি দীৰ্ঘ সময় অৱস্থান কৰা।
অথচ ছুন্নত হৈছে, বেছি সময় অৱস্থান নকৰা।
হাজৰে আছৱাদ চুমা খাবলৈ তীব্ৰ ভিৰ সৃষ্টি কৰা তথা ঠেলা হেঁচা কৰা।
ছুন্নত পদ্ধতি হৈছে ঠেলা হেঁচা নকৰা। যদি ঠেলা হেঁচা নকৰি তাত গৈ পাবলৈ সক্ষম হয়, তেতিয়াহে চুমা খাব। অন্যথা কেৱল দূৰৰ পৰা ইংগিত কৰিলেই যথেষ্ট।
তাকবীৰ নিদিয়াকৈ হাজৰে আছৱাদ অতিক্ৰম কৰা, বা তাকবীৰ আৰু ইংগিত কৰিবলৈ পুনৰ উভতি অহা, নাইবা পাৰ হৈ যোৱাৰ পিছত তাকবীৰ দিয়া।
এনেকুৱা কৰাটো ভুল। এইটো এটা ছুন্নত আছিল, যিটো সেই স্থানতে কৰিব লাগিছিল, কিন্তু কৰিব পৰা নাই, সেয়ে সেইটো পুনৰ কৰিবলৈ উভতি অহাটো ছুন্নত নহয়। দৰাচলতে যদি কোনোবাই তাকবীৰ দিওঁতে পাহৰি গৈছে নাইবা ইচ্ছাকৃতভাৱে দিয়া নাই, তেন্তে কোনো ক্ষতি নহয়।
প্ৰত্যেকটো পাকৰ বাবে নিৰ্দিষ্ট দুআ পাঠ কৰা।
এনেকুৱা কৰাৰ কোনো দলিল নাই। ছুন্নত হৈছে তাৱাফকাৰী ব্যক্তিয়ে দুনিয়া আৰু আখিৰাতৰ কল্যাণৰ বাবে নিজৰ পছন্দ মতে যি ইচ্ছা সেইটোৱে দুআ কৰিব পাৰে। লগতে যিকোনো বৈধ জিকৰ-আজকাৰ পাঠ কৰিব পাৰে। উদাহৰণস্বৰূপে- তাছবীহ (আল্লাহৰ পৱিত্ৰতাৰ গুণগান), অথবা তাহমীদ (আল্লাহৰ প্ৰশংসামূলক বাক্য) নাইবা তাহলীল (লা ইলাহা ইল্লাল্লাহ) তাকবীৰ (আল্লাহু আকবাৰ) নাইবা কোৰআন তিলাৱত কৰিব পাৰে।
তাৱাফৰ প্ৰত্যেকটো পাকতে ৰমল কৰা।
বৰং ছুন্নত হৈছে, আৰম্ভণিৰ তিনি পাকত ৰমল কৰা।
কোনো কাৰণ নোহোৱাকৈ তাৱাফৰ সময়ত কাবা ঘৰক বাওঁফালে ৰখাৰ প্ৰতি গুৰুত্বাৰোপ নকৰা।
বৰং ছুন্নত হৈছে তাৱাফ কৰাৰ সময়ত কাবা ঘৰক বাওঁফালে ৰাখি তাৱাফ কৰা। গতিকে এই ক্ষেত্ৰত অৱহেলা কৰি ছুন্নাহ পৰিপন্থী কাম কৰা উচিত নহয়। কিন্তু যদি তেওঁ অপাৰগ হয়, ভিৰৰ কাৰণে হওক বা বেলেগ কোনো কাৰণত, তেতিয়া কোনো অসুবিধা নাই।
ৰুকনে য়ামানীক চুমা খোৱা, অথবা চুমা খাব নোৱাৰিলে ইংগিত কৰা।
বৰং এই ক্ষেত্ৰত ছুন্নত হৈছে চুমা নোখোৱাকৈ কেৱল হাতেৰে স্পৰ্শ কৰা। আনহাতে যদি তেওঁ স্পৰ্শ কৰিবলৈ সক্ষম নহয় তেন্তে ইংগিত কৰাৰো প্ৰয়োজন নাই।
এইদৰে আন এটা অনিয়ম হৈছে, কাবা ঘৰৰ সকলো কোণত অথবা দেৱালত স্পৰ্শ কৰা আৰু চুমা খোৱা তথা স্পৰ্শ কৰি শৰীৰত মছেহ কৰা।
এইটো হৈছে এটা ছুন্নাহ পৰিপন্থী কাম। কাৰণ কেৱল হাজৰে আছৱাদ চুমা খোৱাৰ বাহিৰে আৰু ৰুকনে য়ামানী স্পৰ্শ কৰাৰ বাদে বাকী একোৱে (চুমা খোৱা বা স্পৰ্শ কৰা) প্ৰমাণিত নহয়।
কিছুমানে ধাৰণা কৰে যে, ৰুকনে য়ামানী আৰু হাজৰে আছৱাদক বৰকতৰ বাবে স্পৰ্শ কৰা হয়, ইবাদতৰ বাবে নহয়।
দৰাচলতে এইটো হৈছে এটা মুৰ্খামী, ভ্ৰান্ত ধাৰণা তথা পথভ্ৰষ্টতা। কাৰণ উপকাৰ আৰু ক্ষতি কৰাৰ ক্ষমতা একমাত্ৰ আল্লাহৰ হাতত। ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, তেওঁ হাজৰে আছৱাদৰ ওচৰলৈ আহি চুমা খাই কৈছিলঃ "মই নিশ্চিতভাৱে জানো যে, তুমি হৈছা এডোখৰ শিল। অপকাৰো কৰিব নোৱাৰা আৰু উপকাৰো কৰিব নোৱাৰা। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তোমাক চুমা খোৱাটো মই যদি নেদেখিলোঁহেঁতেন তেন্তে মই কেতিয়াও তোমাক চুমা নাখালোঁহেঁতেন।" [1] (বুখাৰীঃ হাদীছ নং ১৫৯৭)
আন এটা অনিয়ম হৈছে ইমান উচ্চস্বৰে চিঞৰি চিঞৰি দুআ কৰা যে, অন্যান্য তাৱাফকাৰীসকলে বিৰক্ত হয়।
ছুন্নত হৈছে নিম্নস্বৰে মহান আল্লাহক স্মৰণ কৰা, যাতে অন্য লোকসকলে বিৰক্ত নহয়।
তাৱাফৰ সময়ত ছবি তোলা আৰু অলাগতিয়াল কথা বতৰাত ব্যস্ত থকা।
অথচ তাৱাফকাৰীৰ উচিত বিনয়ী হৈ তথা আত্মসমৰ্পন কৰি মনোযোগ সহকাৰে মহান আল্লাহক স্মৰণ কৰা তথা জিকৰ-আজকাৰ পাঠ কৰা।
নিশ্চিতৰূপে হাজৰে আছৱাদৰ সীমাত উপনীত হোৱাৰ আগতেই তাৱাফ শেষ কৰা।
এই ক্ষেত্ৰত ওৱাজিব হৈছে সপ্তম পাকটো পূৰ্ণাংগৰূপে সম্পন্ন কৰা, যেতিয়ালৈকে তেওঁ হাজৰে আছৱাদৰ সীমাত উপনীত হৈছে বুলি নিশ্চিত নহয়।
এনেকুৱা ধাৰণা পোষণ কৰা যে, তাৱাফৰ দুই ৰাকাত কেৱল মাকামে ইব্ৰাহীমৰ ঠিক পিছফালে অথবা তাৰ ওচৰতে আদায় কৰিব লাগিব। সেয়ে ইয়াৰ বাবে সিহঁতে ভিৰ কৰে আৰু হজ্জৰ মৌছমত হাজীসকলে সমস্যাত ভুগিব লগা হয়, আৰু তাৱাফ কৰাত অসুবিধাৰ সৃষ্টি হয়।
এইটো এটা ভুল ধাৰণা। তাৱাফৰ এই দুই ৰাকাত মছজিদৰ যিকোনো স্থানতে পঢ়িব পাৰে। মুছল্লিয়ে কেৱল মাকামে ইব্ৰাহীমক সন্মুখত ৰাখি দূৰত নামাজ পঢ়িলেও কোনো অসুবিধা নাই। আনকি মছজিদৰ চোতালতে হওক বা মছজিদৰ বাৰান্দাত। ইয়াৰ ফলত তেওঁ কষ্টৰ পৰা ৰেহাই পাব আৰু ধীৰ স্থিৰে প্ৰশান্তিৰ সৈতে নামাজ আদায় কৰিব পাৰিব।
তাৱাফৰ দুই ৰাকাত আদায় কৰোঁতে বেছি দীঘল কৰা আৰু ইয়াৰ পিছত দীৰ্ঘ সময় দুআ কৰা।
ছুন্নত হৈছে এই দুই ৰাকাত সংক্ষিপ্তভাৱে আদায় কৰা। লগতে ইয়াৰ পিছত দুআ কৰাৰ প্ৰয়োজন নাই। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা ইয়াৰ কোনো প্ৰমাণ নাই।
ইজতিবা কৰা অৱস্থাত তাৱাফৰ দুই ৰাকাত নামাজ আদায় কৰা।
বৰং ছুন্নত হৈছে তাৱাফ শেষ হোৱাৰ লগে লগে ইহৰামৰ চাদৰ কান্ধৰ ওপৰত ওভোতাই অনা।
***
তৃতীয়ঃ ছায়ী কৰাৰ সময়ত মানুহে সচৰাচৰ কৰা কিছুমান ত্ৰুটি।
ছায়ী কৰাৰ সময়ত ইজতিবা কৰি ৰখা।
ইতিপূৰ্বে উল্লেখ কৰা হৈছে যে, ইজতিবা কেৱল তাৱাফৰ সময়তহে কৰিব লাগে।
ছায়ী আৰম্ভ কৰাৰ আগত মৌখিকভাৱে নিয়্যত কৰা।
এইটোও ইতিপূৰ্বে উল্লেখ কৰা হৈছে যে, নিয়্যতৰ স্থান হৈছে অন্তৰ। মৌখিকভাৱে নিয়্যত কৰাটো চৰীয়ত সন্মত নহয়।
মাৰৱাৰ পৰা ছায়ী আৰম্ভ কৰা।
এইটো ভুল। যিয়ে এনেকুৱা কৰিব, তাৰ সেইটো ছায়ী হিচাপে গণ্য নহ'ব।
কিছুমানে ধাৰণা কৰে যে, যোৱা আৰু অহা দুটা মিলি হৈছে এটা ছায়ী, ইয়াৰ ফলত সিহঁতে চৈধ্য বাৰ ছায়ী কৰে।
এইটো হৈছে স্পষ্ট ভুল ধাৰণা। কাৰণ চাফাৰ পৰা মাৰৱালৈ যোৱাটো হৈছে এটা ছায়ী আৰু মাৰৱাৰ পৰা চাফালৈ অহাটো হৈছে আন এটা। আৰম্ভ কৰিব লাগিব চাফাৰ পৰা আৰু শেষ কৰিব লাগিব মাৰৱাত।
চাফা পৰ্বতৰ শৃংগত আৰোহণ কৰা এই ধাৰণা কৰি যে, এইটো অনিবাৰ্য্য।
ইয়াৰ কোনো উপযুক্ত প্ৰমাণ নাই।
নামাজত যিদৰে হাত উত্তোলন কৰা হয় সেইদৰে হাত উত্তোলন কৰা আৰু ইংগিত কৰা।
সঠিক বিষয়টো হৈছে, কিবলাৰ ফালে মুখ কৰি সেইবোৰ দুআ পাঠ কৰা যিবোৰ বৰ্ণিত হৈছে, এইখিনি কৰাই যথেষ্ট।
নাৰীসকলেও পুৰুষসকলৰ দৰেই সেউজীয়া চিহ্নিত ঠাইত খৰকৈ দৌৰি পাৰ হোৱা।
উলামাসকলৰ ইজমা অনুসৰি নাৰীসকলৰ পৰ্দাৰ সুৰক্ষাৰ স্বাৰ্থত খোঁজকাঢ়ি পাৰ হোৱাটো হৈছে চৰীয়তসন্মত।
প্ৰতিটো ছায়ীৰ বাবে বেলেগ বেলেগ নিৰ্দিষ্ট দুআ নিৰ্ধাৰণ কৰা।
এই বিষয়ত কোনো উপযুক্ত দলিল নাই। সেয়ে নিৰ্দিষ্ট নকৰাকৈ নিজৰ ইচ্ছামতে দুআ কৰিব লাগে।
ছায়ীৰ স্থানত ইমান উচ্চস্বৰে চিঞৰি চিঞৰি দুআ কৰা যে, অন্যান্য ব্যক্তিসকলে বিৰক্ত হয়।
ছুন্নত হৈছে মহান আল্লাহক মনে মনে তথা নিম্নস্বৰে স্মৰণ কৰা, যাতে আনৰ কোনো অসুবিধা নহয়।
চাফা আৰু মাৰৱাৰ মাজৰ প্ৰতিটো ছায়ীতে দৌৰি যোৱা।
ছুন্নত হৈছে কেৱল সেউজীয়া প্ৰতীক থকা ঠাইখিনিতহে খৰকৈ খোজকাঢ়ি বা দৌৰি পাৰ হ'ব লাগে।
ছায়ী শেষ কৰি দুই ৰাকাত নামাজ আদায় কৰা।
ইয়াৰ কোনো প্ৰমাণ নাই। গতিকে এইটো চৰীয়তসন্মত নহয়।
হজ্জ ওমৰাৰ বাহিৰে নফল গণ্য কৰি ছায়ী কৰা।
নফল ছায়ীৰ কোনো চৰীয়তসন্মত বিধান নাই।
***
চতুৰ্থঃ মূৰ খুৰোৱা বা চুলি চুটি কৰাৰ ক্ষেত্ৰত মানুহে সচৰাচৰ কৰা কিছুমান ত্ৰুটি।
সম্পূৰ্ণ মূৰ খুৰোৱা অথবা চুলি চুটি কৰাৰ ক্ষেত্ৰত অৱহেলা কৰা।
বৰং এই ক্ষেত্ৰত ছুন্নত হৈছে, সম্পূৰ্ণ মূৰ খুৰোৱা অথবা সম্পূৰ্ণ মূৰৰ চুলি চুটি কৰা।
মছজিদুল হাৰামৰ ভিতৰত মূৰ খুৰোৱা অথবা চুলি চুটি কৰি তাতেই পেলাই থোৱা।
অথচ মছজিদুল হাৰামৰ সন্মান ৰক্ষা কৰাটো প্ৰতিজন ব্যক্তিৰে দায়িত্ব তথা কৰ্তব্য, লগতে ইয়াৰ পৰিষ্কাৰ পৰিচ্ছন্নতা বজায় ৰখাটো প্ৰতিজন ব্যক্তিৰ ওপৰতে অনিবাৰ্য্য।
মূৰ খুৰোৱা বা চুলি চুটি কৰাৰ ক্ষেত্ৰত অধিক পলম কৰা, যাৰ ফলত পাহৰি যোৱা অথবা বেলেগ কোনো কামত ব্যস্ত হৈ বাদ পৰি যাব পৰা অৱস্থালৈ নিয়া।
অথচ এই ক্ষেত্ৰত চৰীয়তৰ বিধান হৈছে, তাৱাফ আৰু ছায়ী শেষ কৰি যিমান সোনকালে পাৰে এই কামটো সম্পন্ন কৰা।
মূৰ খুৰোৱা বা মূৰৰ চুলি চুটি কৰাৰ আগতে সেইবোৰ কৰ্ম কৰা, যিবোৰ ইহৰাম অৱস্থাত কৰা নিষিদ্ধ।
অথচ এই ক্ষেত্ৰত ওৱাজিব হৈছে, ইহৰাম অৱস্থাত ইহৰামৰ নিষিদ্ধ কামবোৰৰ পৰা বিৰত থকা। মূৰ খুৰোৱা বা মূৰৰ চুলি চুটি কৰাৰ আগত সেইবোৰৰ একো নকৰা।
***
হজ্জ সম্পৰ্কীয় ত্ৰুটি আৰু সীমালংঘন
প্ৰথমঃ য়াউমুত তাৰৱিয়া (বা জুলহিজ্জা মাহৰ ৮ তাৰিখ)ৰ দিনা মানুহে কৰা কিছুমান ভুল-ত্ৰুটি।
কিছুমানে ধাৰণা কৰে যে, তাৰবিয়াৰ দিনা মছজিদুল হাৰামৰ পৰা অথবা মীঝাবৰ তলৰ পৰা ইহৰাম বান্ধা চৰীয়তসন্মত।
অথচ ছুন্নত হৈছে, আপুনি য'ত আছে সেই ঠাইৰ পৰাই ইহৰাম কৰা। সেয়া মক্কা হওক বা মিনা।
জোহৰ নামাজৰ পিছলৈকে ইহৰাম কৰাত পলম কৰা।
বৰং এই ক্ষেত্ৰত ছুন্নত হৈছে হজ্জৰ বাবে চাস্তৰ সময়ত জোহৰৰ নামাজৰ আগতে ইহৰাম বান্ধিব লাগে।
সক্ষমতা থকাৰ পিছতো মিনাত ৰাতি অতিবাহিত নকৰা।
অথচ এই ক্ষেত্ৰত ছুন্নত হৈছে, সক্ষম অনুযায়ী হজ্জ পালনকাৰী ব্যক্তিয়ে মিনাত ৰাতি অতিবাহিত কৰিব লাগে। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ইয়াত ৰাতি যাপন কৰিছিল।
মিনাত থকা অৱস্থাত নামাজ জমা কৰা।
অথচ ছুন্নত হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক অনুসৰণ কৰি মিনাত নামাজ জমা নকৰাকৈ কচৰ আদায় কৰা।
***
দ্বিতীয়ঃ আৰাফাৰ দিনা মানুহে সচৰাচৰ কৰা কিছুমান ত্ৰুটি।
সতৰ্কতা অৱলম্বন কৰি অষ্টম দিনৰ কিছু সময় আৰাফাত অৱস্থান কৰা।
এইটো হৈছে এটা অতিৰঞ্জন আৰু সীমালংঘন, যিটো নিষিদ্ধ।
৮ তাৰিখে অথবা ৯ তাৰিখৰ ৰাতি আৰাফাত গৈ ৰাতি অতিবাহিত কৰা।
এইটো হৈছে ছুন্নাহ পৰিপন্থী। লগতে ইয়াৰ ফলত মিনাত ৰাতি কটাবলগীয়া ছুন্নতটো বিনষ্ট হয়।
আৰাফাৰ সীমাৰ বাহিৰত অৱস্থান কৰা।
হাজী চাহাবে আৰাফাৰ সীমাৰ ভিতৰত অৱস্থান কৰাটো ওৱাজিব।
মছজিদে নামিৰাত ইমামৰ সৈতে নামাজ আদায় কৰাটো আৱশ্যক বুলি গণ্য কৰা, আৰু তাত চামিল হ'বলৈ তীব্ৰ ভিৰ কৰা।
অথচ এইটো আৱশ্যক নহয়। লগতে এই ক্ষেত্ৰত ভিৰ কৰাও বৈধ নহয়।
দুআ কৰাৰ সময়ত (ইলাল) পৰ্বতৰ পিনে মুখ কৰা।
বৰং ছুন্নত হৈছে কিবলাৰ ফালে মুখ কৰি দুআ কৰা।
এই বিশ্বাস পোষণ কৰা যে, ইলাল পৰ্বতত আৰোহণ কৰা ওৱাজিব অথবা এইটো হৈছে হজ্জৰ এটা আমল অথবা এইটো হৈছে আৰাফাৰ অন্যান্য অংশৰ তুলনাত বেছি ফজিলতপূৰ্ণ তথা শ্ৰেষ্ঠ।
ইয়াৰ কোনো প্ৰমাণ নাই, বৰং এইটো হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ দিক-নিৰ্দেশনাৰ পৰিপন্থী।
(ইলাল) পৰ্বতক জাবালে ৰহমত বা (জাবালে দুআ) বুলি নামকৰণ কৰা।
ইয়াৰ বিশুদ্ধ নাম হৈছে (ইলাল পৰ্বত)। ইয়াক জাবালে ৰহমত বা জাবালে দুআ বুলি নামকৰণ কৰাৰ প্ৰমাণ নাই।
আৰাফাৰ পাহাৰৰ গম্বুজত প্ৰৱেশ কৰা, ইয়াক আদমৰ গম্বুজ বুলি নামকৰণ কৰা, লগতে তাত নামাজ পঢ়া আৰু কাবা ঘৰক তাৱাফ কৰাৰ দৰে তাৱাফ কৰা।
এই সকলোবোৰ হৈছে নিষিদ্ধ বিদআত, আনকি এইটো কেতিয়াবা শ্বিৰ্কৰ পৰ্যায়লৈ গৈ পায়।
আৰাফাৰ জাবালে ইলাল (জাবালে ৰহমত)ৰ ওপৰত স্থাপিত স্তম্ভৰ পৰা বৰকত গ্ৰহণ কৰা আৰু তাত নিজৰ নাম লিখা।
এই সকলোবোৰ হৈছে নিষিদ্ধ বিদআত, আনকি এইটো কেতিয়াবা শ্বিৰ্কৰ পৰ্যায়লৈ গৈ পায়।
আৰাফাৰ পৰ্বতত বা নূৰ পৰ্বতৰ ফটা শিলৰ ভিতৰত টকা-পইচা, চুলি, নখ আৰু কাপোৰৰ টুকুৰা আদি এই বিশ্বাস পোষণ কৰি থৈ দিয়া যে, ইয়াৰ ফলত পুনৰ অহাৰ সুযোগ লাভ হ'ব।
এই সকলোবোৰ হৈছে নিষিদ্ধ বিদআত, আনকি এইটো কেতিয়াবা শ্বিৰ্কৰ পৰ্যায়লৈ গৈ পায়।
কিছুমানে ধাৰণা কৰে যে, সেই ঠাইতে অৱস্থান কৰা ওৱাজিব য'ত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অৱস্থান কৰিছিল, তথা ইয়াৰ বাবে কষ্ট কৰা।
সঠিক বিধান এইটোৱে যে, এইটো ওৱাজিব নহয়। লগতে ইয়াৰ বাবে কষ্ট কৰাটোও চৰীয়তসন্মত নহয়।
সময় নষ্ট কৰা, দুআ তথা জিকৰ-আজকাৰ পাঠত অৱহেলা কৰা, আৰু অপ্ৰয়োজনীয় বিষয়ত ব্যস্ত হৈ থকা।
দুআ আৰম্ভ কৰিবলৈ সূৰ্যাস্তলৈকে বা দিনৰ শেষ পৰ্যায়লৈকে পলম কৰা।
কষ্ট সহ্য কৰি থিয় হৈ দুআ কৰা, লগতে ইয়াক ছুন্নত বুলি গণ্য কৰা, আৰু এই ধাৰণা পোষণ কৰা যে, আৰাফাতত অৱস্থান কৰাৰ অৰ্থই হৈছে থিয় হৈ দুআ কৰা।
সঠিক বিধান হৈছে এই যে, আৰাফাৰ সীমাৰ ভিতৰত আপুনি থিয় হৈ থাকক বা বহি থাকক, বাহনত আৰোহণ কৰি থাকক বা খোজকাঢ়ি থাকক, তাত উপস্থিত থকাকেই অৱস্থান কৰা বোলে।
সূৰ্যাস্তৰ আগতেই আৰাফাৰ পৰা গুচি যোৱা।
এইটো নিষিদ্ধ। কাৰণ এইটো নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নাহৰ পৰিপন্থী।
সূৰ্যাস্তৰ পিছত কোনো কাৰণ নোহোৱাকৈ পলমকৈ প্ৰস্থান কৰা।
কোনো কাৰণ নাথাকিলে সূৰ্যাস্তৰ পিছত যিমান সোনকালে পাৰে গুচি যোৱাটোৱে হৈছে ছুন্নত।
কিছুমানে এই ধাৰণা পোষণ কৰে যে, শুক্ৰবাৰে আৰাফাৰ ময়দানত অৱস্থান কৰাটো হৈছে সত্তৰটা হজ্জৰ সমতুল্য।
এইটো এটা ভিত্তিহীন কথা, ইয়াৰ কোনো প্ৰমাণ নাই।
***
তৃতীয়ঃ মুজদালিফালৈ যোৱা আৰু তাতগৈ ৰাতি যাপন কৰাৰ ক্ষেত্ৰত মানুহে সচৰাচৰ কৰা কিছুমান ত্ৰুটি।
আৰাফাৰ পৰা প্ৰস্থান কৰাৰ সময়ত খৰখেদা কৰা, গাড়ী মটৰৰ দ্বাৰা বিৰক্ত কৰা।
কিন্তু ছুন্নত হৈছে শান্ত শিষ্টভাৱে আৰু গাম্ভীৰ্য সহকাৰে প্ৰস্থান কৰা, আৰু কাকো কষ্ট নিদিয়া।
কিছুমানে ধাৰণা কৰে যে, মুজদালিফাত ৰাতি কটাবলৈ হ'লে গোছল কৰিব লাগে।
ইয়াৰ কোনো প্ৰমাণ নাই।
কিছুমানে ধাৰণা কৰে যে, মুজদালিফাত প্ৰৱেশ কৰাৰ সময়ত বাহনৰ পৰা নামি খোঁজকাঢ়ি প্ৰৱেশ কৰিব লাগে।
এইটো কোনো চৰীয়ত সন্মত বিধান নহয়, ইয়াৰ কোনো প্ৰমাণ নাই।
মুজাদিলাফাৰ সীমাৰ ভিতৰত আছে নে নাই, এই কথা নিশ্চিত কৰাৰ আগতে কোনো স্থানত অৱতৰণ কৰা।
মুজদালিফাত উপস্থিত হোৱাৰ পিছত নামাজ পঢ়িবলৈ ক্ষিপ্ৰতা পৰিত্যাগ কৰা।
বৰং ছুন্নত হৈছে মুজদালিফাত উপস্থিত হোৱাৰ লগে লগে নামাজ আদায় কৰি লোৱা।
মুজদালিফাত উপস্থিত হোৱাৰ লগে লগে শিলগুটি সংগ্ৰহ কৰিবলৈ ব্যস্ত হোৱা, আৰু ইয়াক চৰীয়ত সন্মত বুলি গণ্য কৰা।
ইয়াৰ কোনো প্ৰমাণ নাই।
মাগৰিব আৰু ঈশ্বাৰ নামাজ অন্তিম সময়লৈকে পলম কৰা, অৰ্থাৎ মাজ ৰাতিলৈকে বিলম্বিত কৰা।
মাগৰিব আৰু ঈশ্বা মাজ ৰাতিৰ আগতেই আদায় কৰাটো ওৱাজিব, মুজাদালিফাত উপস্থিত হোৱাৰ আগতেই যদি পঢ়িবলগীয়া হয় তথাপিও পঢ়িব লাগিব।
মুজদালিফাৰ ৰাতি নামাজ, অথবা অন্যান্য ইবাদত, নাইবা বিভিন্ন খেল-ধেমালিৰ মাধ্যমত ৰাতি জাগৰণ কৰা।
ছুন্নত হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আদৰ্শ অনুসৰণ কৰি সোনকালে টোপনি যোৱা তথা বিশ্ৰামৰ উদ্যোগ লোৱা, যাতে ঈদৰ দিনা কৰিবলগীয়া কামখিনি সুচাৰুৰূপে কৰাত সহায়ক হয়।
বয়সস্থ তথা দুৰ্বল লোক আৰু তেওঁলোকৰ সংগীসকলে মাজ ৰাতিৰ আগতেই ৰাওনা হোৱা।
অথচ মাজ ৰাতিৰ আগতে মুজদালিফা ত্যাগ নকৰাটো ওৱাজিব।
যিজন দুৰ্বল নহয়, আৰু যাৰ লগত কোনো দুৰ্বল লোকো নাই তেনেকুৱা ব্যক্তিয়ে ফজৰৰ আগত প্ৰস্থান কৰা।
অথচ এনেকুৱা ব্যক্তিয়ে ফজৰ পৰ্যন্ত মুজদালিফাত অৱস্থান কৰা ওৱাজিব।
সূৰ্য্য উঠালৈকে মুজদালিফাৰ পৰা ওলোৱাত পলম কৰা।
অথচ ছুন্নত হৈছে সূৰ্য্য উদয়ৰ আগতে মুজদালিফা ত্যাগ কৰা।
***
চতুৰ্থঃ য়াওমুন নহৰ বা কুৰবানীৰ দিনা কৰিবলগীয়া আমলসমূহত মানুহে সচৰাচৰ কৰা কিছুমান ত্ৰুটি।
কিছুমানে ধাৰণা কৰে যে, শিলগুটি নিক্ষেপ কৰিবলৈ গোছল কৰি যাব লাগে।
ইয়াৰ বৈধতাৰ ক্ষেত্ৰত কোনো প্ৰমাণ নাই।
জামাৰাতত নিক্ষেপ কৰিবলৈ লোৱা শিলগুটিখিনি ধুই লোৱা।
ইয়াৰ বৈধতাৰ কোনো প্ৰমাণ নাই।
এই বিশ্বাস পোষণ কৰা যে, মুজদালিফাৰ পৰা শিলগুটি সংগ্ৰহ নকৰাকৈ বেলেগ শিলগুটি নিক্ষেপ কৰিলে সেইটো সঠিক বুলি বিবেচিত নহ'ব।
ইয়াৰ কোনো প্ৰমাণ নাই, গতিকে যিকোনো ঠাইৰ পৰা শিলগুটি সংগ্ৰহ কৰিব পাৰি।
সৰু শিলগুটিৰ বাহিৰে বেলেগ শিল নিক্ষেপ কৰা, অথবা আকাৰত ডাঙৰ শিল নিক্ষেপ কৰা।
এইটো নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আদৰ্শৰ পৰিপন্থী।
শিলগুটি নিক্ষেপৰ সময়ত ক্ৰোধান্বিত হোৱা, লগতে এই বিশ্বাস পোষণ কৰা যে, যাৰ প্ৰতি নিক্ষেপ কৰা হৈ আছে, সি হৈছে এটা চয়তান।
শিলগুটি নিক্ষেপৰ সময়ত জামাতবদ্ধ হৈ দলে দলে যোৱা আৰু মানুহক কষ্ট দিয়া।
শিলগুটি নিক্ষেপৰ সময়ত চৰীয়তসন্মত দুআতকৈ বেছি পঢ়া।
উত্তম হৈছে কেৱল আল্লাহু আকবাৰ বুলি কোৱা।
একেলগে সাতটা শিলগুটি নিক্ষেপ কৰা।
এনেকৈ নিক্ষেপ কৰিলে এটাই গণ্য হ'ব। কাৰণ ওৱাজিব হৈছে পৃথক পৃথকভাৱে এটা এটাকৈ সাতটা শিলগুটি নিক্ষেপ কৰিব লাগিব।
নিক্ষেপ নকৰাকৈ শিলগুটি বিলাক খুঁটাৰ তলৰ দ ঠাইত পেলাই দিয়া।
এইটো যথেষ্ট নহয়। চৰীয়তৰ বিধান হৈছে যিদৰে নিক্ষেপ কৰিলে, নিক্ষেপ কৰা বুলি গণ্য হ'ব সেইদৰে দলিয়াই দিব লাগিব।
নিক্ষেপৰ সময়ত স্থাপিত প্ৰাচীৰটোক লক্ষ্য কৰি নিক্ষেপ কৰা আৰু ইয়াকেই মূল উদ্দেশ্য বুলি গণ্য কৰা।
চৰীয়ত সন্মত বিধান হৈছে, হাউজ তথা দ ঠাইডোখৰত নিক্ষেপ কৰা, যদিও খুঁটাত স্পৰ্শ হওক বা নহওক।
বহু দূৰৈৰ পৰা শিলগুটি নিক্ষেপ কৰা, লগতে শিলগুটি হাউজত পৰিল নে নাই সেইটো নিশ্চিত নোহোৱা।
জামাৰাতুল আকাবাত শিলগুটি নিক্ষেপ কৰাৰ পিছত দুআ কৰিবলৈ ৰৈ দিয়া।
এইটো বৈধ নহয়। কাৰণ ইয়াৰ বৈধতাৰ কোনো প্ৰমাণ নাই।
তামাত্তু আৰু কিৰান হজ্জকাৰী ব্যক্তিয়ে য়াওমুন নহৰ বা কুৰবানীৰ দিনৰ পূৰ্বেই হাদী জবেহ কৰা।
এইটো বৈধ নহয়, যিয়ে এনেকুৱা কৰিব তেওঁ চৰীয়তে নিৰ্ধাৰণ কৰা সময়ত পুনৰ কুৰবানী কৰিব লাগিব। সেই নিৰ্ধাৰিত সময় হৈছে, ঈদৰ দিনৰ পৰা আয়্যামে তাশ্বৰীকৰ শেষ দিন পৰ্যন্ত।
কুৰবানী নকৰি, সেই টকা দান কৰিবলৈ আগ্ৰহী হোৱা।
যিয়ে এনেকুৱা কৰিব, তেওঁৰ কুৰবানী নহ'ব। তেওঁৰ বাবে কুৰবানী কৰাটো ওৱাজিব।
মূৰৰ কিছু অংশৰ চুলি চুটি কৰা অথবা মূণ্ডন কৰা।
বৰং এই ক্ষেত্ৰত ছুন্নত হৈছে সম্পূৰ্ণ মূৰৰ চুলি চুটি কৰা অথবা মুণ্ডন কৰা।
তাৱাফে ইফাজাৰ পৰিবৰ্তে তাৱাফে কুদুমক যথেষ্ট বুলি গণ্য কৰা, অথবা আৰাফা আৰু মুজদালিফাত অৱস্থান কৰাৰ আগতে তাৱাফে ইফাজা কৰি লোৱা।
এইটো বৈধ নহয়, যিয়ে এনেকুৱা কৰিব তাৰ তাৱাফ নহ'ব। কাৰণ তাৱাফে ইফাজা হৈছে হজ্জৰ এটি ৰুকন। গতিকে এইটো সঠিক সময়ত নকৰিলে হজ্জ নহ'ব। সেয়ে এইটো আৰাফা আৰু মুজদালিফাত অৱস্থান নকৰাকৈ আদায় কৰা বৈধ নহ'ব।
***
পঞ্চমঃ তাশ্বৰীকৰ দিনবোৰত তথা মিনাৰ দিনবোৰৰ আমলসমূহত মানুহে সচৰাচৰ কৰা কিছুমান ভুল-ত্ৰুটি।
শিলগুটি নিক্ষেপৰ ক্ষেত্ৰত প্ৰতিনিধি বা স্থলাভিষিক্ত নিৰ্ধাৰণ কৰিবলৈ অৱহেলা কৰা।
দৰাচলতে শিলগুটি হাজীয়ে নিজেই নিক্ষেপ কৰিব লাগে। কিন্তু যদি তেওঁ কোনো উপযুক্ত কাৰণত শিলগুটি নিক্ষেপ কৰিবলৈ অক্ষম হয়, তেন্তে তেওঁৰ প্ৰতিনিধিত্ব কৰিবলৈ বেলেগ কাৰোবাক নিযুক্ত কৰিব পাৰে।
শিলগুটি নিক্ষেপ কৰিবলৈ যাক দায়িত্ব অৰ্পন কৰা হৈছে, তেওঁ হজ্জৰ আমলসমূহ তথা হজ্জৰ দিনবোৰ শেষ হোৱাৰ আগতেই গুচি যোৱা।
এইটো ভুল। ওৱাজিব হৈছে হজ্জৰ আনুষ্ঠানিকতা সম্পন্ন নোহোৱালৈকে তেওঁ মিনাতেই থাকিব লাগিব, নাইবা তেওঁ য'ত আছে সেই ঠাইতে থাকিব লাগিব, ইয়াৰ পিছত বিদায়ী তাৱাফ কৰি তেওঁ গুচি আহিব।
তাশ্বৰীকৰ দিনবোৰত সূৰ্য্য ঢাল খোৱাৰ আগতেই শিলগুটি নিক্ষেপ কৰা।
বৰং এই ক্ষেত্ৰত ছুন্নত হৈছে সূৰ্য্য ঢাল খোৱাৰ পিছত শিলগুটি নিক্ষেপ কৰা।
তিনিওটা জামাৰাতত শিলগুটি নিক্ষেপৰ ক্ষেত্ৰত ক্ৰমানুসাৰ ৰক্ষা নকৰা।
বৰং ওৱাজিব হৈছে ক্ৰমানুসাৰে শিলগুটি নিক্ষেপ কৰা। যেনে-আৰম্ভণি কৰিব প্ৰথম জামাৰাৰ পৰা, তাৰ পিছত মাজৰ জামাৰাহ, তাৰ পিছত ডাঙৰ জামাৰাহ, যিটোক জামাৰাহ আকাবাহ বুলি কোৱা হয়। যিয়ে ইয়াৰ বিপৰীত আমল কৰিব অথবা বিৰোধিতা কৰিব তেওঁ পুনৰ ক্ৰমানুসাৰে নিক্ষেপ কৰিব লাগিব। সৰু জামাৰাতৰ পৰা আৰম্ভ কৰি পিছৰবোৰত একাদিক্ৰমে নিক্ষেপ কৰিব।
জামাৰাতুল আকাবাত শিলগুটি নিক্ষেপ কৰাৰ পিছত দুআ কৰিবলৈ ৰৈ দিয়া।
বৰং ছুন্নত হৈছে কেৱলমাত্ৰ প্ৰথম জামাৰাহ আৰু মাজৰ জামাৰাতত শিলগুটি নিক্ষেপৰ পিছত দুআ কৰা।
***
ষষ্ঠঃ বিদায়ী তাৱাফৰ ক্ষেত্ৰত মানুহে সচৰাচৰ কৰা কিছুমান ত্ৰুটি।
শেষৰ দিনা শিলগুটি নিক্ষেপ কৰাৰ আগতেই বিদায়ী তাৱাফ কৰি লোৱা, যাতে শিলগুটি নিক্ষেপৰ পিছতেই সোনকালে প্ৰস্থান কৰিব পাৰে।
এইটো ভুল। যিয়ে এনেকুৱা কৰে তেওঁ নিৰ্ধাৰিত সময়ৰ বিপৰীতে এইটো কৰে, সেয়ে এইটো বৈধ নহয়। তেওঁ শিলগুটি নিক্ষেপ কৰাৰ পিছত পুনৰ আহি বিদায়ী তাৱাফ কৰিব লাগিব।
শিলগুটি নিক্ষেপ কৰিবলৈ কাৰোবাক প্ৰতিনিধি নিযুক্ত কৰা, আৰু ইপিনে শিলগুটি নিক্ষেপৰ আগতেই (বিদায়ী) তাৱাফ কৰা।
অথচ সঠিক পদ্ধতি হৈছে, শিলগুটি নিক্ষেপ কৰালৈকে অপেক্ষা কৰা আৰু তাৰ পিছত বিদায়ী তাৱাফ কৰা।
কাবাৰ ফালে পিঠি নিদিবলৈ চেষ্টা কৰা, ফলত কাবাৰ প্ৰতি শ্ৰদ্ধা জনাই ওলোটা ভৰিৰে পিছফালে উভতি যোৱা।
ইয়াৰ বৈধতাৰ ক্ষেত্ৰত কোনো প্ৰমাণ নাই। জানি থোৱা উচিত যে, সৰ্বোত্তম আদৰ্শই হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আদৰ্শ।
মছজিদে হাৰামৰ পৰা ওলোৱাৰ সময়ত দুআ কৰিবলৈ থিয় হোৱা।
ইয়াৰো কোনো প্ৰমাণ নাই।
বিদায়ী তাৱাফৰ পিছত কোনো উপযুক্ত কাৰণ নোহোৱাকৈ দীৰ্ঘ সময় মক্কাত অৱস্থান কৰা।
বিদায়ী তাৱাফ কৰাৰ পিছতেই মক্কা ত্যাগ কৰা ওৱাজিব। কিন্তু সংগীসকলৰ বাবে অপেক্ষা কৰা অথবা কোনো বয়-বস্তু কিনিবলৈ পলম হোৱাটো কোনো দোষণীয় নহয়।
যদি তেওঁ কোনো উপযুক্ত কাৰণ নোহোৱাকৈ এনেই দীৰ্ঘ সময় অৱস্থান কৰে, তেন্তে তেওঁ পুনৰ বিদায়ী তাৱাফ কৰিব লাগিব।
মছজিদে নবৱী জিয়াৰত সম্পৰ্কীয় কিছুমান ত্ৰুটি আৰু সীমালংঘন
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰ জিয়াৰতৰ সময়ত বৰকতৰ উদ্দেশ্যে দেৱাল, লোহাৰ দণ্ড আদি স্পৰ্শ কৰা, খিৰিকী আদিত সূতা বা বেলেগ কিবা বান্ধি ৰখা।
জানি থোৱা উচিত যে, মহান আল্লাহ আৰু তেওঁৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে যিটো নিৰ্ধাৰণ কৰিছে, সেইটোতে বৰকত নিহিত আছে। বিদআতৰ ভিতৰত কোনো কল্যাণ নাই।
উহুদ পৰ্বতৰ গুহাত যোৱা, এইদৰে মক্কাৰ হিৰা পৰ্বতৰ গুহা আৰু ছাউৰ পৰ্বতৰ গুহাত যোৱা, তাত কাপোৰ বান্ধি ৰখা আৰু এনেকুৱা দুআ কৰা যিবোৰৰ অনুমতি আল্লাহে দিয়া নাই আৰু এইবোৰ কৰিবলৈ গৈ কষ্ট সহ্য কৰা।
এই সকলোবোৰ হৈছে বিদআত, পৱিত্ৰ চৰীয়তত এইবোৰৰ কোনো ভিত্তি নাই।
এনেকুৱা কিছুমান ঠাই জিয়াৰত কৰা, যিবোৰৰ বিষয়ে সিহঁতে দাবী কৰে যে, এইবোৰৰ সৈতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্মৃতি জৰিত হৈ আছে। যেনে- মাবৰাকুন না-কাহ, (তেখেতৰ উট বহাৰ ঠাই) বীৰে খা-তাম, অথবা বীৰে উছমান, লগতে বৰকতৰ উদ্দেশ্যে এইবোৰ স্থানৰ পৰা মাটি সংগ্ৰহ কৰা।
বাকীঈ কবৰস্থান আৰু উহূদৰ শ্বহীদসকলৰ কবৰ জিয়াৰতৰ সময়ত মৃতসকলৰ ওচৰত দুআ কৰা, আৰু তেওঁলোকৰ নৈকট্য লাভৰ বাবে অথবা তেওঁলোকৰ দ্বাৰা বৰকত অৰ্জনৰ উদ্দেশ্যে তাত টকা-পইচা দলিয়াই দিয়া।
এইবোৰ হৈছে গুৰুতৰ অপৰাধ। বিশেষজ্ঞ উলামাসকলৰ মতে এইবোৰ হৈছে ডাঙৰ শ্বিৰ্ক, আৰু এইটো আল্লাহৰ কিতাব আৰু তেওঁৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ হাদীছৰ দ্বাৰাও প্ৰমাণিত। কাৰণ ইবাদত একমাত্ৰ আল্লাহৰেই প্ৰাপ্য, ইয়াৰ এটা অংশও আল্লাহৰ বাহিৰে আনৰ বাবে কৰা বৈধ নহয়। উদাহৰণস্বৰূপে- দুআ, জীৱ-জন্তু জবেহ কৰা, নজৰ-মান্নত কৰা আদি একো আনৰ নামত কৰা বৈধ নহয়। "আৰু সিহঁতক কেৱল এই নিৰ্দেশ দিয়া হৈছিল যে, সিহঁতে যেন আল্লাহৰ ইবাদত কৰে তেওঁৰ বাবেই যেন দ্বীনক একনিষ্ঠ কৰে।" (ছুৰা আল-বায়্যিনাহঃ ৫)
আল্লাহে আমাৰ প্রিয় নবী মুহাম্মদৰ ওপৰত দৰূদ আৰু ছালাম বৰ্ষণ কৰক।