شرح ألفاظ الأذان
كتاب ألفاظ الأذان شرح مختصر لمعاني ألفاظ الأذان بأسلوب يناسب غير المسلمين
আজানৰ শব্দবোৰৰ ব্যাখ্যা
বিভিন্ন ভাষাত ইছলামিক কণ্টেণ্টৰ সেৱা প্ৰদানকাৰী সংস্থাৰ গৱেষণা সমিতি
আজান হৈছে এটা ঐশ্বৰিক আহ্বান, যিটো এজন মুছলমানে দিনটোত পাঁচবাৰকৈ শ্ৰৱণ কৰে, এই আজানে তেওঁক আল্লাহৰ মহানতাৰ কথা সোঁৱৰাই দিয়ে আৰু কল্যাণ আৰু সফলতাৰ ফালে আহ্বান কৰে। এইটো হৈছে মানুহ আৰু তেওঁৰ সৃষ্টিকৰ্তাৰ মাজত সম্পৰ্ক স্থাপনৰ এটা মুহূৰ্ত, য'ত তেওঁ দুনিয়াৰ কোলাহলৰ পৰা বিচ্ছিন্ন হৈ নিজ প্ৰতিপালকৰ ওচৰত মুনাজাত কৰিবলৈ থিয় হয়। আজানক কেৱল নামাজৰ সময় হোৱাৰ জাননী বুলিয়েই গণ্য কৰা নহয়, বৰঞ্চ এইটো হৈছে প্ৰশান্তি, ঈমান আৰু আল্লাহৰ সৈতে সম্পৰ্ক সতেজ কৰাৰ এটা আহ্বান। আজানে সুমহান অৰ্থ বহন কৰে, যিটো আল্লাহৰ মহত্ত্বৰ ঘোষণাৰে আৰম্ভ হয় আৰু নামাজৰ প্ৰতি আহ্বানেৰে সমাপ্ত হয়, য'ত এজন মুছলিমে নিজৰ প্ৰশান্তি বিচাৰি পায়। প্ৰতিবাৰেই যেতিয়া আজান উচ্চাৰণ কৰা হয়, তেতিয়াই অন্তৰত নিৰৱে এই কথা ধ্বনিত হয় যে, প্ৰকৃত জীৱন আৰম্ভ হয় আল্লাহৰ সান্নিধ্যতেই।
আজানৰ শব্দবোৰঃ
আল্লাহু আকবাৰ আল্লাহু আকবাৰ, আল্লাহু আকবাৰ আল্লাহু আকবাৰ (অৰ্থঃ আল্লাহ আটাইতকৈ মহান আল্লাহ আটাইতকৈ মহান, আল্লাহ আটাইতকৈ মহান আল্লাহ আটাইতকৈ মহান)
আল্লাহ আটাইতকৈ মহান
মহিমাময় শব্দ: "আল্লাহ", ইয়াৰ অৰ্থ হৈছে 'আল-মা'লুহ' অৰ্থাৎ সত্য উপাস্য, আৰু এইটো হৈছে পৱিত্ৰ মহান সৃষ্টিকৰ্তা তথা প্ৰতিপালকৰ নাম। অন্যান্য সকলো ইলাহী নাম এই নামটোৰেই অনুগামী আৰু ইয়াৰ গুণস্বৰূপ। আল্লাহ হৈছে একক, অদ্বিতীয়, যিজনে কাকো জন্ম দিয়া নাই, আৰু তেওঁকো কোনেও জন্ম দিয়া নাই, বৰং তেৱেঁই আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা।
আৰু "আল্লাহু আকবাৰ" কোৱাৰ অৰ্থ হৈছে, আল্লাহ সকলোতকৈ মহান, আৰু তেওঁৰ মহিমা তথা পূৰ্ণতাৰ বাবে অশোভনীয় কোনো কথা তেওঁৰ প্ৰতি আৰোপ কৰাৰ পৰা তেওঁ সৰ্বোচ্চ।
"আল্লাহু আকবাৰ.." এই বাক্যশাৰীয়ে মুছলমানক সোঁৱৰাই দিয়ে যে, এই জীৱনৰ কোনো বস্তুৱেই যাতে তেওঁক নিজৰ স্ৰষ্টাৰ পৰা অমনোযোগী কৰিব নোৱাৰে, আৰু মানুহে নিজৰ জীৱন আল্লাহৰ ইচ্ছা আৰু তেওঁৰ শ্বৰীয়ত অনুসৰি পৰিচালনা কৰা উচিত, নিজৰ খেয়াল-খুচি আৰু কামনা-বাসনা অনুসৰি নহয়; কাৰণ আল্লাহ হৈছে পৃথিৱীৰ সকলো বস্তুতকৈ মহান।
"আল্লাহু আকবাৰ" শুনি কাৰিকৰে নিজৰ কাম বন্ধ কৰে, কৃষকে নিজৰ খেতিৰ কাম বন্ধ কৰে, ব্যৱসায়ীয়ে নিজৰ দোকান বন্ধ কৰে আৰু শিক্ষকে নিজৰ পাঠদান স্থগিত ৰাখে; কাৰণ সকলো কাম-কাজতকৈ আল্লাহ হৈছে মহান। ইবাদতৰ উদ্দেশ্যে এইদৰে সকলো স্থগিত ৰখা আৰু অগ্ৰসৰ হোৱাটোৱেই এই কথাৰ প্ৰমাণ বহন কৰে যে, মুমিনৰ অন্তৰত পাৰ্থিৱ জগতৰ সকলো সা-সম্পত্তিৰ তুলনাত আল্লাহ সৱাতোকৈ মহান। সকলো ধৰণৰ বিপদ-আপদ আৰু জীৱনৰ যিকোনো পৰিস্থিতিতকৈ আল্লাহৰ সত্তা অত্যন্ত মহান। যিয়ে এই বিশ্বাস পোষণ কৰে, তেওঁৰ দৃষ্টিত সকলো প্ৰকাৰ সঙ্কট তুচ্ছ বুলি গণ্য হয় আৰু তাৰ অন্তৰে প্ৰশান্তি লাভ কৰে; কাৰণ সি আল্লাহৰ সৈতে থাকে, তেওঁৰ নিৰ্ণয়ৰ প্ৰতি সন্তুষ্ট থাকে, আৰু তেওঁৰ প্ৰজ্ঞা তথা পৰিচালনাৰ প্ৰতি আস্থাশীল হয়।
আশ্বহাদু আন লা ইলাহা ইল্লাল্লাহ, আশ্বহাদু আন লা ইলাহা ইল্লাল্লাহ। (অৰ্থঃ মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই।)
মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই।
এইটোৱে হৈছে প্ৰথম সাক্ষ্য, আৰু ইয়াৰ অৰ্থ হৈছে আল্লাহৰ প্ৰতি এই স্বীকৃতি প্ৰদান কৰা যে, তেৱেঁই হৈছে সকলো বস্তুৰ সৃষ্টিকৰ্তা, প্ৰতিপালক, অধিপতি আৰু পৰিচালক, আৰু একমাত্ৰ তেওঁৰেই ইবাদত কৰা উচিত, তেওঁৰ বাহিৰে আন কাৰো নহয়, আৰু আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, লগতে তেওঁ হৈছে একক, তেওঁৰ কোনো অংশীদাৰ নাই, তেওঁৰ কোনো সন্তান নাই আৰু তেওঁৰ কোনো সমকক্ষও নাই; এতেকে আল্লাহৰ বাহিৰে আন কাৰো উদ্দেশ্যে কোনো ক্ষেত্ৰতেই ইবাদত নিবেদন কৰা বৈধ নহয় আৰু আল্লাহৰ বাহিৰে আন কাকো আহ্বান কৰাও বৈধ নহয়।
আৰু এই সাক্ষ্য হৈছে সৃষ্টিজগতৰ আটাইতকৈ ডাঙৰ সাক্ষ্য, আৰু এইটোৱেই হৈছে সকলো ইলাহী ৰিছালাতৰ ঈমানৰ মূল ভিত্তি। সেয়ে নূহ, ইব্ৰাহীম, মুছা আৰু ঈছাৰ পৰা আৰম্ভ কৰি মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম)লৈকে সকলো নবী (আলাইহিমুচ্ছালাম)-এ তেওঁলোকৰ সম্প্ৰদায়ক এই কথা স্বীকাৰ কৰিবলৈ, গ্ৰহণ কৰিবলৈ আৰু ঈমান আনিবলৈ আহ্বান জনাইছিল যে, 'আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই'। এইটোৱেই হৈছে সেই বাক্য যাৰ বাবে আল্লাহে সৃষ্টিজগতক সৃষ্টি কৰিছে, ইয়াক প্ৰতিষ্ঠা কৰিবলৈ ৰাছুলসকলক প্ৰেৰণ কৰিছে, আৰু ইয়াৰ ব্যাখ্যা প্ৰদান কৰিবলৈ গ্ৰন্থসমূহ অৱতীৰ্ণ কৰিছে। লগতে যিয়ে নিজৰ অন্তৰৰ পৰা বিশুদ্ধচিত্তে ইয়াক গ্ৰহণ কৰিব তেওঁৰ বাবে জান্নাতক পুৰস্কাৰ হিচাপে নিৰ্ধাৰণ কৰিছে, আৰু যিয়ে ইয়াৰ ওপৰত দৃঢ় বিশ্বাস ৰাখি মৃত্যুবৰণ কৰিব, তেওঁৰ বাবে জাহান্নামৰ জুইক হাৰাম কৰিছে।
এইটোৱে হৈছে ঈমানৰ চাবিকাঠি, মুক্তিৰ দুৱাৰ, দ্বীনৰ মৌলিক বিষয় আৰু তাওহীদৰ মূল ভিত্তি।
এই কলিমাৰ বাবেই মানুহক তেওঁলোকৰ কবৰৰ পৰা পুনৰুজ্জীৱিত কৰা হ'ব আৰু কিয়ামতৰ দিনা হিচাপ লোৱা হ'ব; এতেকে যিয়ে ইয়াৰ ওপৰত জীৱন অতিবাহিত কৰিব আৰু ইয়াৰ দ্বাৰাই নিজৰ জীৱনৰ সমাপ্তি ঘটাব, সেই ব্যক্তিয়ে মহা সফলতা অৰ্জন কৰিব, আৰু যিয়ে ইয়াক প্ৰত্যাখ্যান কৰিব তথা মুখেৰে উচ্চাৰণ নকৰিব, সেই ব্যক্তি জাহান্নামত চিৰকাল থকাৰ যোগ্য হ'ব।
আশ্বহাদু আন্না মুহাম্মাদাৰ ৰাছুলুল্লাহ, আশ্বহাদু আন্না মুহাম্মাদাৰ ৰাছুলুল্লাহ। (অৰ্থঃ মই সাক্ষ্য দিওঁ যে, মুহাম্মদ হৈছে আল্লাহৰ ৰাছুল, মই সাক্ষ্য দিওঁ যে, মুহাম্মদ হৈছে আল্লাহৰ ৰাছুল।)
মই সাক্ষ্য দিওঁ যে, মুহাম্মদ হৈছে আল্লাহৰ ৰাছুল
এই সাক্ষ্যৰ অৰ্থ হৈছে, এজন মুছলিমে এই সাক্ষ্য প্ৰদান কৰা যে, আল্লাহে মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম)ক ঐশ্বৰিক ৰিছালতসমূহৰ পৰিসমাপ্তিকাৰী আৰু মানৱজাতিৰ প্ৰতি তেওঁলোকৰ প্ৰতিপালকৰ বাৰ্তা প্ৰচাৰক হিচাপে প্ৰেৰণ কৰিছে। লগতে এজন মুছলিমে এই কথা দৃঢ়ভাৱে বিশ্বাস কৰিব লাগে যে, ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ ৰিছালতৰ সাক্ষ্য প্ৰদান, তেওঁৰ অনুসৰণ আৰু অনুকৰণ কৰা, আৰু ৰাছুল মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম)-এ প্ৰচাৰ কৰা চৰীয়ত অনুযায়ী আল্লাহৰ ইবাদত কৰাৰ বাহিৰে, বেলেগ আন কোনো উপায় নাই আল্লাহৰ ইবাদত কৰিবলৈ আৰু তেওঁৰ সন্তুষ্টি অৰ্জন কৰিবলৈ। লগতে এই কথাও বিশ্বাস কৰিব লাগে যে, ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লাম)-এ প্ৰচাৰ নকৰা এনে যিকোনো ইবাদতৰ জৰিয়তে যদি মানুহে আল্লাহৰ নৈকট্য লাভ কৰিব বিচাৰে, তেন্তে সেই ইবাদত বাতিল বুলি গণ্য হ'ব আৰু এনেকুৱা ইবাদতে দুনিয়া আৰু আখিৰাতত কোনো উপকাৰ সাধন নকৰিব। বৰং ইয়াৰ বাবে তাৰ হিচাপ লোৱা হ'ব আৰু শাস্তি প্ৰদান কৰা হ'ব; কিয়নো তেওঁ ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লাম)-এ প্ৰচাৰ কৰা চৰীয়তৰ বাহিৰে বেলেগ উপায়েৰে আল্লাহৰ ইবাদত কৰিছে।
এই সাক্ষ্যত এই কথাও অন্তৰ্ভুক্ত আছে যে, ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লাম) হৈছে আল্লাহৰ বান্দা আৰু বিশ্বজগতৰ প্ৰতিপালকৰ ৰাছুল। লগতে এই কথাও অন্তৰ্ভুক্ত আছে যে, ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লাম) হৈছে ৰাছুলসকলৰ মাজত সৰ্বশেষ ৰাছুল, আৰু তেওঁৰ পিছত আন কোনো নবী নাই। ইয়াৰ উপৰিও তেওঁ যিবোৰ নিদৰ্শন লৈ আহিছে সেই সকলোবোৰৰ প্ৰতি ঈমান পোষণ কৰাটোও ইয়াৰ অন্তৰ্ভুক্ত, যাৰ ভিতৰত আটাইতকৈ মহান হৈছে পৱিত্ৰ কোৰআন। এইখন হৈছে সৰ্বশেষ ঐশ্বৰিক বাৰ্তা, যিখন অৱতীৰ্ণ হোৱা ভাষাতেই আজিও বিদ্যমান আছে, যিখন সংযোজন, বিয়োজন আৰু পৰিৱৰ্তনৰ পৰা সুৰক্ষিত। আৰু এই পৱিত্ৰ কোৰআন ইয়াৰ ভাষাশৈলী, বিধান আৰু পথপ্ৰদৰ্শনৰ ক্ষেত্ৰত অতুলনীয়। মহান আল্লাহে সমগ্ৰ মানৱজাতিক প্ৰত্যাহ্বান জনাইছে যে, তেওঁলোকে আনকি ইয়াৰ অনুৰূপ এটা ছুৰাকে ৰচনা কৰি দেখুৱাওক, কিন্তু ইমান বছৰ পাৰ হোৱাৰ পাছতো তেওঁলোকে ব্যৰ্থ হৈছে আৰু আজিলৈকে সমগ্ৰ মানৱজাতি এইটো কৰিবলৈ অক্ষম।
লগতে এই সাক্ষ্য প্ৰদান কৰা যে, ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে মানুহক তাওহীদৰ ফালে ঘূৰাই আনিবলৈহে আগমন কৰিছিল, যিদৰে তেওঁৰ পূৰ্বে ইব্ৰাহীম, মুছা আৰু ঈছা আলাইহিমুচ্ছালামে কৰিছিল। তেওঁ হৈছে বিশ্বজগতৰ প্ৰতিপালকৰ ৰাছুল, যিজনে নিজ প্ৰতিপালকৰ বাণী প্ৰচাৰ কৰাৰ ক্ষেত্ৰত সেই পথতেই অগ্ৰসৰ হৈছিল, যি পথত সকলো নবীয়ে অগ্ৰসৰ হৈছিল, অৱশ্যে তেওঁৰ পিছত আৰু কোনো নবী নাই।
হায়্যি আলাচ্ছালাহ। হায়্যি আলাচ্ছালাহ। (অৰ্থঃ আহা ছালাতৰ পিনে، আহা ছালাতৰ পিনে।)
আহা ছালাতৰ পিনে
বাক্যটোৰ অৰ্থ: হে ঈমান্দাৰসকল! তোমালোকে নিজ প্ৰতিপালকৰ ইবাদতত আত্মনিয়োগ কৰা, নিশ্চয় তেওঁ পৰম ক্ষমাশীল, অতি দয়ালু, তেওঁ তাওবা কবুল কৰে আৰু পাপসমূহ মোচন কৰি দিয়ে।
এইটো কিমান যে এক মহান মৰ্যাদা! যি স্থানতেই এদল মুছলিম থাকে, তেনে প্ৰতিটো স্থানতে মহান আল্লাহে এজন ব্যক্তিক আজান দিবলৈ নিৰ্দেশ দিয়ে, যাতে তেওঁ দৈনিক পাঁচবাৰকৈ তেওঁলোকক আহ্বান কৰে আৰু এই বুলি কয়: আহক আৰু নিজ প্ৰতিপালকৰ ইবাদতৰ পিনে অগ্ৰসৰ হওক।
নিশ্চয় এইটো মুমিনসকলৰ বাবে হৈছে এটা আহ্বান আৰু স্মৰণ যে, তেওঁলোকৰ প্ৰতিপালকৰ ইবাদত কৰাৰ সময় উপস্থিত হৈছে, সেয়ে তেওঁলোকে পাৰ্থিৱ কাম-কাজৰ ব্যস্ততাৰ পৰা মুক্ত হৈ ইবাদতৰ প্ৰতি মনোনিৱেশ কৰা উচিত; লগতে নিজৰ হাতত থকা ব্যৱসায়-বাণিজ্য অথবা কৃষিকাৰ্য ত্যাগ কৰি আল্লাহৰ ফালে অগ্ৰসৰ হোৱা উচিত। এইটোৱেই হৈছে ঈমানৰ সত্যতাৰ প্ৰমাণ, আৰু পাৰ্থিৱ সকলো সা-সুবিধাৰ বস্তুতকৈ অগ্ৰগণ্য।
এইটো হৈছে মানুহক ছালাতৰ প্ৰতি কৰা এটা আহ্বান, যিটো বান্দা আৰু তেওঁৰ প্ৰতিপালকৰ মাজৰ এক প্ৰত্যক্ষ সম্পৰ্ক; এইটো এনেকুৱা এটা ইবাদত যিয়ে শ্ৰেণী-বৈষম্য নিৰ্মূল কৰে আৰু মানুহক তেওঁলোকৰ প্ৰতিপালকৰ সন্মুখত সমান কৰি তোলে।
হায়্যি আলাল ফালাহ, হায়্যি আলাল ফালাহ। (অৰ্থঃ আহা সফলতাৰ পিনে، আহা সফলতাৰ পিনে।)
আহা সফলতাৰ পিনে
সফলতাৰ অৰ্থ হৈছে দুনিয়া আৰু আখিৰাতত সন্তুষ্টি, কৃতকাৰ্যতা, নিৰাপত্তা আৰু মুক্তি, লগতে চিৰস্থায়ী সুখ আৰু সঠিক পথৰ হিদায়ত লাভ কৰা।
ইয়াৰ অন্যতম অৰ্থ হৈছে আল্লাহৰ সন্তুষ্টি লাভ কৰা, জান্নাত লাভ কৰা আৰু জাহান্নামৰ পৰা মুক্তি লাভ কৰা; কাৰণ যিয়ে ঈমান আনিছে আৰু ছালাত আদায় কৰিছে তেওঁ সফল হৈছে, আৰু যিয়ে সফল হৈছে তেওঁ মুক্তি পাইছে লগতে জান্নাতত চিৰস্থায়িত্ব লাভ কৰিছে।
নিশ্চয় মুআজ্জিনে প্ৰতিটো চালাতৰ সময়ত মুমিনসকলক শান্তি আৰু নিৰাপত্তা, অন্তৰৰ প্ৰশান্তি, আত্মাৰ পৱিত্ৰতা আৰু পৃথিৱী তথা পৰকালৰ সফলতাৰ ফালে অগ্ৰসৰ হ’বলৈ স্মৰণ কৰাই দিয়ে।
আল্লাহু আকবাৰ আল্লাহু আকবাৰ, লা ইলাহা ইল্লাল্লাহ। (অৰ্থঃ আল্লাহ আটাইতকৈ মহান, আল্লাহ আটাইতকৈ মহান, আল্লাহৰ বাহিৰে আন কোনো উপাস্য নাই)
পৰিশেষত তাকবীৰ আৰু আত-তাওহীদ
“আল্লাহু আকবাৰ” বাক্যটোৰ পুনৰাবৃত্তি আৰু “লা ইলা-হা ইল্লাল্লাহ”ৰ দৃঢ় ঘোষণাৰ জৰিয়তে আজানৰ সামৰণি পৰে। এই বাক্য দুটা হৈছে পূৰ্বৱৰ্তী অৰ্থসমূহৰ দৃঢ়ীকৰণ, আৰু ইয়াৰ ওপৰতেই সমগ্ৰ মানৱ অস্তিত্ব নিৰ্ভৰশীল। এই সত্যটোৱেই হৈছে সৃষ্টিজগতৰ অস্তিত্বৰ আটাইতকৈ প্ৰকৃত সত্য, মানুহে ইয়াক উপলব্ধি কৰক বা নকৰক, এই বিষয়ে জানক বা নাজানক; নিশ্চয়কৈ একাংশ মানুহৰ অজ্ঞতাই মহান সত্যসমূহৰ কোনো ক্ষতিসাধন কৰিব নোৱাৰে। সময় যিমানেই অতিবাহিত নহওক কিয় আৰু যিমানেই ঘটনাৱলী সংঘটিত নহওক কিয়, এই সত্য কেতিয়াও পৰিৱৰ্তন আৰু সলনি নহয়। সেয়া হৈছে যে, নিশ্চয় আল্লাহ সকলোতকৈ মহান, আল্লাহেই হৈছে প্ৰকৃত সত্য উপাস্য, একমাত্ৰ তেৱেঁই ইবাদতৰ উপযুক্ত আৰু তেওঁৰ বাহিৰে আন সকলোৰে ইবাদত হৈছে বাতিল।
এইটো হৈছে আল্লাহে যাক সন্মানিত কৰিছে তাক সন্মান কৰাৰ আহ্বান, আৰু স্বয়ং আল্লাহে নিজৰ বাবে যি সাক্ষ্য প্ৰদান কৰিছে লগতে ৰাছুল (আলাইহিমুচ্ছালামে) আৰু মুমিন সকলে যি সাক্ষ্য দিছে, আল্লাহৰ বাবে সেই সাক্ষ্য প্ৰদান কৰাৰ প্ৰতি আহ্বান।
পৰিশেষত: আজান কেৱল নামাজৰ বাবে কৰা এটা আহ্বান নহয়, বৰং এইটো হৈছে কল্যাণ, বিজয় আৰু সফলতাৰ প্ৰতি এটা আহ্বান। এইটো এনেকুৱা এটা বাৰ্তা যিটো দৈনিক পাঁচবাৰকৈ মছজিদসমূহত প্ৰতিধ্বনিত হয়, অন্তৰসমূহক জগাই তুলিবলৈ; আৰু আমাক সোঁৱৰাই দিয়ে যে, আল্লাহ নিকটৱৰ্তী, প্ৰশান্তি লাভ কৰাটো সম্ভৱ, আৰু কল্যাণৰ পথ নামাজ তথা বান্দা আৰু তেওঁৰ স্ৰষ্টাৰ মাজৰ সম্পৰ্কৰ জৰিয়তে আৰম্ভ হয়।
এতেকে মুআজ্জিনৰ সৈতে কওকঃ আল্লাহু আকবাৰ, আল্লাহু আকবাৰ, লা ইলা-হা ইল্লাল্লাহ। তাওহীদৰ সাক্ষ্য পুনৰাবৃত্তি কৰক, আৰু সেই সাক্ষ্য দিয়ক, যিটো সাক্ষ্য আল্লাহে নিজৰ বাবে নিজেই প্ৰদান কৰিছে, লগতে তেওঁৰ ৰাছুলসকলে যি সত্য লৈ আহিছে তাৰো সাক্ষ্য প্ৰদান কৰক, তেতিয়াহে আপুনি সফলকাম আৰু একত্ববাদী মুছলিমসকলৰ অন্তৰ্ভুক্ত হ’ব।
ঈমানৰ বাবে আপোনাৰ হৃদয়খন উন্মুক্ত কৰক, আৰু কওক: “أشهد أن لا إله إلا الله، وأشهد أن محمدًا رسول الله” (অৰ্থাৎ মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, আৰু সাক্ষ্য দিওঁ যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল)। তেতিয়াহ'লে আপুনি আল্লাহৰ ৰহমতত প্ৰৱেশ কৰিব, পৃথিৱীত সুখ আৰু আখিৰাতত মুক্তি লাভ কৰিব, লগতে কিয়ামতৰ দিনা মুমিনসকলৰ দলত পুনৰুত্থিত হ'ব।