فضائل وآداب المسجد النبوي
মছজিদে নবৱীৰ ফজীলত আৰু নিয়ম-নীতি, লগতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰ আৰু তেখেতৰ দুয়ো চাহাবা ৰাদ্বিয়াল্লাহু আনহুমাৰ কবৰ জিয়াৰতৰ বিধি-বিধান
মছজিদে নবৱীৰ ফজীলত আৰু নিয়ম-নীতি, লগতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰ আৰু তেখেতৰ দুয়ো চাহাবা ৰাদ্বিয়াল্লাহু আনহুমাৰ কবৰ জিয়াৰতৰ বিধি-বিধান
সংকলক
মছজিদুল হাৰাম আৰু মছজিদে নবৱীৰ ধৰ্মীয় বিষয়াদিৰ সৰ্বোচ্চ পৰিষদৰ অধীনত গৱেষণা সমিতি
১৪৪৭ হিজৰী
ভূমিকা
সকলো ধৰণৰ প্ৰশংসা বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ বাবে। দৰূদ আৰু ছালাম বৰ্ষিত হওক সমগ্ৰ বিশ্বজগতৰ বাবে ৰহমত হিচাপে প্ৰেৰিত নবীৰ ওপৰত, তেওঁৰ পৰিয়ালবৰ্গ আৰু চাহাবাসকলৰ ওপৰত, আৰু সেইসকল লোকৰ ওপৰত যিসকলে কিয়ামত পৰ্যন্ত তেওঁৰ ছুন্নতৰ অনুসৰণ কৰিব আৰু তেওঁৰ হিদায়ত অনুসৰি পৰিচালিত হ’ব। ইয়াৰ পাছতঃ
এইখন এখন সংক্ষিপ্ত পুস্তিকা, য'ত মছজিদে নবৱীৰ গুৰুত্বপূৰ্ণ ফজীলতসমূহ, ইয়াৰ জিয়াৰতৰ নিয়ম-নীতি, আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লাম তথা তেওঁৰ চাহাবাদ্বয়ৰ কবৰ জিয়াৰতৰ নিয়ম-নীতিসমূহ সন্নিবিষ্ট কৰা হৈছে। আমি এইখন মছজিদে নবৱীৰ জিয়াৰতকাৰীসকলৰ বাবে সংকলন কৰিছোঁ, যাতে তেওঁলোকে নবীউল উম্মাহ (উম্মতৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ মছজিদৰ ফজীলত, ইয়াৰ জিয়াৰত আৰু ইয়াত চালাত আদায় কৰাৰ নিয়ম-নীতি সম্পৰ্কে সঠিক জ্ঞান আৰু সঠিক দিশ লাভ কৰিব পাৰে। আমি পৰম দয়ালু আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে, তেওঁ যেন ইয়াৰ দ্বাৰা সকলোকে উপকৃত কৰে, আৰু ইয়াক কেৱল তেওঁৰ সন্তুষ্টিৰ বাবে এক সৎকৰ্ম হিচাপে কবুল কৰে। নিশ্চয় তেৱেঁই হৈছে উত্তম সহায়কাৰী আৰু মহানতম আশাৰ স্থল।
গৱেষণা সমিতি
প্ৰথম: মছজিদে নবৱীৰ ফজীলতসমূহ
মহান আল্লাহে কৈছেঃ “আৰু তোমাৰ প্ৰতিপালকে যি ইচ্ছা কৰে সেইটোৱে সৃষ্টি কৰে আৰু যাক ইচ্ছা কৰে তাকেই মনোনীত কৰে, ইয়াত সিহঁতৰ কোনো অধিকাৰ নাই। আল্লাহ পৱিত্ৰ, মহান আৰু সিহঁতে যি অংশী কৰে তাৰ পৰা তেওঁ বহু উৰ্দ্ধত।’’ (ছুৰা কাচাচঃ ৬৮) মহান আল্লাহে এই ঠাইডোখৰক তেওঁৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মছজিদ হিচাপে নিৰ্বাচিত কৰিছে আৰু ইয়াক বহুতো ফজীলতৰ দ্বাৰা বিশেষত্ব প্ৰদান কৰিছে, তাৰে অন্যতম হৈছে:
যি তিনিটা মছজিদক উদ্দেশ্য কৰি ভ্ৰমণ কৰা বৈধ, এইটো হৈছে তাৰেই এটা অন্যতম মছজিদ৷
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণনা কৰি কৈছেঃ "তিনিটা মছজিদৰ বাহিৰে বেলেগ ক'তো তোমালোকে (ছোৱাবৰ উদ্দেশ্যে) ছফৰ কৰি নাযাবা। সেই তিনিটা মছজিদ হৈছেঃ মোৰ এই মছজিদ, মছজিদে হাৰাম আৰু মছজিদে আকচা।" [1]. [1] বুখাৰী (১১৮৯), মুছলিম (১৩৯৭) শব্দবোৰ মুছলিমৰ।
মছজিদে হাৰামৰ বাহিৰে অন্যান্য মছজিদৰ তুলনাত মছজিদে নবৱীত নামাজ পঢ়াৰ ছোৱাব হৈছে এহেজাৰ গুণ উত্তম:
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মছজিদে হাৰামৰ বাহিৰে অন্যান্য মছজিদৰ তুলনাত মোৰ এই মছজিদত নামাজ পঢ়াটো এহেজাৰ গুণ উত্তম।" [2] [2] বুখাৰী (১১৯০) মুছলিম (১৩৯৫) শব্দবোৰ বুখাৰীৰ।
নিশ্চয় এইখনেই হৈছে সেই মছজিদ, যাৰ ভিত্তি প্ৰথম দিৱসৰ পৰাই তাক্বৱাৰ ওপৰত স্থাপিত হৈছে:
আবু ছাঈদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ তেখেতৰ কোনো এগৰাকী পত্নীৰ ঘৰত গৈছিলোঁ। তেতিয়া মই ক'লোঁঃ হে আল্লাহৰ ৰাছুল! মছজিদ দুটাৰ ভিতৰত কোনটো মছজিদৰ ভেটি তাক্বৱাৰ (আল্লাহভীতিৰ) ওপৰত স্থাপন হৈছে? তেওঁ কৈছেঃ তেতিয়া তেখেতে এমুঠি শিলগুটি লৈ মাটিত মাৰিলে, তাৰ পিছত ক'লেঃ «সেইটো হৈছে তোমালোকৰ এই মছজিদ» অৰ্থাৎ মদীনাৰ মছজিদ। [3] [3] ছহীহ মুছলিম (১৩৯৮)।
এই মছজিদত দ্বীনি ইল্ম অৰ্জন কৰা ব্যক্তিৰ ছোৱাব হৈছে আল্লাহৰ পথত জিহাদকাৰী মুজাহিদৰ ছোৱাবৰ দৰে:
আৰু আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই শুনিছোঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যি ব্যক্তিয়ে মোৰ এই মছজিদলৈ কেৱল কোনো কল্যাণকৰ বিষয় শিকিবলৈ বা শিকোৱাবলৈ আহে, সেই ব্যক্তিৰ মৰ্যাদা হৈছে আল্লাহৰ ৰাস্তাত থকা মুজাহিদৰ দৰে। আনহাতে যি ব্যক্তিয়ে বেলেগ কোনো উদ্দেশ্য লৈ আহে, তেওঁ হৈছে সেই ব্যক্তিৰ দৰে, যিয়ে আনৰ বয়-বস্তুৰ ফালে চাই থাকে।"[4] [4] ইবনে মাজাহ (হাদীছ নং ২২৭), ছনদ ছহীহ।
ইয়াত ৰাওজা শ্বৰীফ আছেঃ
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মোৰ ঘৰ আৰু মিম্বৰৰ মধ্যৱৰ্তী ঠাইখিনি হৈছে জান্নাতৰ এটা বাগান, আৰু মোৰ মিম্বৰ হৈছে মোৰ হাউজৰ ওপৰত অৱস্থিত।"[5] [5] (বুখাৰীঃ ১১৯৫, আৰু মুছলিমঃ ১৩৯০)
দ্বিতীয়: পৱিত্ৰ মছজিদে নবৱী জিয়াৰত কৰাটো হৈছে মুস্তাহাব
এইবোৰ ফজীলত থকাৰ বাবে আৰু ইয়াৰ উপৰিও অন্যান্য কাৰণত যেনে নামাজ আদায় কৰা আৰু ইবাদত কৰাৰ উদ্দেশ্যে মছজিদে নবৱী জিয়াৰত কৰা মুস্তাহাব।
- হজ্জৰ আগত বা পিছত মছজিদে নবৱী জিয়াৰত কৰাটো হজ্জ পালনকাৰী আৰু অন্যান্য ব্যক্তিৰ বাবে ছুন্নত। এই জিয়াৰত হজ্জৰ কোনো চৰ্ত, ৰুকন অথবা ওৱাজিব নহয় আৰু হজ্জৰ সৈতে ইয়াৰ কোনো সম্পৰ্কও নাই।
- মছজিদে নবৱী জিয়াৰত কৰাৰ বাবে কোনো নিৰ্দিষ্ট সংখ্যক ছালাত আদায় কৰা অথবা মদীনাত কোনো নিৰ্দিষ্ট সময় পৰ্যন্ত অৱস্থান কৰাটোও চৰ্ত নহয়। বৰং চালাত ফৰজ হওক বা নফল, মাত্ৰ এক ওৱাক্ত আদায় কৰিলেই ইয়াৰ জিয়াৰত সম্পন্ন হয়। কিন্তু তাত চালাতৰ সংখ্যা যিমানেই বৃদ্ধি পাব, ছোৱাবো সিমানেই বৃদ্ধি পাব।
- মছজিদে নবৱী জিয়াৰতকাৰীৰ বাবে তাত সকলো ফৰজ নামাজৰ লগতে নফল নামাজসমূহ আদায় কৰাটো মুস্তাহাব; কিয়নো আগতেই উল্লেখ কৰা হৈছে যে, মছজিদে হাৰামৰ বাহিৰে অন্যান্য মছজিদৰ তুলনাত ইয়াত নামাজ পঢ়াটো হৈছে এহেজাৰ গুণ উত্তম।
তৃতীয়ঃ মছজিদে নবৱী জিয়াৰত কৰাৰ নীতি-নিয়ম
যেতিয়া কোনো মুছলিম ব্যক্তিয়ে মছজিদে নবৱীলৈ আহিব, তেতিয়া তেওঁ বিশেষকৈ মছজিদে নবৱী সম্পৰ্কীয় শ্বাৰয়ী নিয়ম-নীতিসমূহ পালন কৰাটো মুস্তাহাব, যিদৰে সাধাৰণভাৱে সকলো মছজিদৰ ক্ষেত্ৰত পালন কৰা হয়৷ সেইবোৰ হৈছেঃ
মছজিদলৈ অহাৰ সময়ত শান্ত-শিষ্টভাৱে, গাম্ভীৰ্য্যতাৰ সৈতে, পৱিত্ৰতা, সুন্দৰ অৱস্থা আৰু সুগন্ধিৰ সৈতে আহিব লাগে। আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: «যেতিয়া চালাতৰ বাবে ইকামত দিয়া হয়, তেতিয়া তোমালোকে দৌৰি দৌৰি নাহিবা, বৰং ধীৰ-স্থিৰভাৱে আহিবা। এতেকে এইদৰে আহি যিখিনি পাবা সেয়া আদায় কৰিবা, আৰু যিখিনি ৰৈ যাব সেইখিনি পূৰ্ণ কৰিবা। কাৰণ তোমালোকৰ মাজৰ কোনোবাই যেতিয়া চালাতৰ উদ্দেশ্যে ৰাওনা হয়, তেতিয়া তেওঁ চালাততেই থাকে।»[6] আৰু আবু ছাঈদ আল-খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "প্ৰতিজন প্ৰাপ্তবয়স্ক লোকৰ বাবে জুমুআৰ দিনা গোছল কৰা ওৱাজিব। লগতে মিছৱাক কৰা উচিত আৰু সুগন্ধি থাকিলে সেয়া ব্যৱহাৰ কৰা উচিত।"[7], আনহাতে নাৰীয়ে যেতিয়া মছজিদলৈ আহিব, তেতিয়া হিজাব পৰিধান কৰি পর্দা সহকাৰে আহিব লাগিব, আৰু তাইৰ বাবে সুগন্ধি বা আতৰ ব্যৱহাৰ কৰা বৈধ নহয়; কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "তোমালোকৰ (মহিলাসকলৰ) মাজৰ কোনোবাই মছজিদলৈ আহিলে, তাই যেন সুগন্ধি ব্যৱহাৰ নকৰে।" [8] [6] (বুখাৰীঃ ৬৩৬, আৰু মুছলিমঃ ৬০২) [7] (বুখাৰীঃ ৮৪৬, আৰু মুছলিমঃ ৮৫৮), আৰু মুহতালিম শব্দৰ অৰ্থ হৈছে প্ৰাপ্তবয়স্ক। [8] ছহীহ মুছলিম (৪৪৩)।
মছজিদে নবৱীত প্ৰৱেশ কৰাৰ সময়ত সোঁ ভৰি প্ৰথমে আগুৱাই দিব লাগে আৰু মছজিদত প্ৰৱেশ কৰাৰ দুআ পাঠ কৰিব লাগে। সেয়ে অন্যান্য মছজিদৰ দৰেই মছজিদে নবৱীতো প্ৰৱেশ কৰাৰ সময়ত দৰ্শনাৰ্থীৰ বাবে সোঁ ভৰি প্ৰথমে আগুৱাই দিয়াটো মুস্তাহাব, লগতে এই দুআটো পঢ়িব লাগেঃ "বিছমিল্লাহ, অচ্ছালামু আলা ৰাছূলিল্লাহ, আল্লা-হুম্মাগ ফিৰলী যুনূবী অফতাহলী আবওৱা-বা ৰাহমাতিক।"[9], অৰ্থঃ আল্লাহৰ নামত, আৰু আল্লাহৰ ৰাছুলৰ ওপৰত শান্তি বৰ্ষিত হওক। হে আল্লাহ! মোৰ পাপসমূহ ক্ষমা কৰি দিয়া আৰু মোৰ বাবে তোমাৰ কৰুণাৰ দুৱাৰসমূহ খুলি দিয়া। লগতে এইদৰেও ক’ব পাৰেঃ "আউজু বিল্লা-হিল আজীম, অবিৱাজহিহিল কাৰীম, অছুলত্বা-নিহিল ক্বাদীম, মিনাশ্ব শ্বাইত্ব-নিৰ ৰাজীম।" [10] অৰ্থঃ মই অভিশপ্ত চয়তানৰ পৰা মহান আল্লাহৰ, তেওঁৰ সন্মানিত মুখমণ্ডলৰ আৰু তেওঁৰ অনাদি আধিপত্যৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ। [9] ইবনে মাজাহ (হাদীছ নং ৭৭১), হাদীছটোৰ ছনদ ছহীহ। [10] আবু দাউদ (হাদীছ নং ৪৬৬), ছনদ ছহীহ।
তাহিয়্যাতুল মছজিদ আদায় কৰা: মছজিদে নবৱীত নামাজ পঢ়াৰ উদ্দেশ্যে প্ৰৱেশ কৰা ব্যক্তিৰ বাবে ছুন্নত হৈছে বহাৰ আগতে দুই ৰাকাত তাহিয়্যাতুল মছজিদ পঢ়া। আবু কাতাদাহ হাৰিছ ইবনে ৰিবয়ী আল-আনচাৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: নবী চাল্লাল্লাহু আলাইহি অছাল্লাম-এ কৈছে: "যেতিয়া তোমালোকৰ মাজৰ কোনোবাই মছজিদত প্ৰৱেশ কৰে, তেতিয়া তেওঁ যেন দুই ৰাকাত নামাজ আদায় নকৰালৈকে নবহে।"[11] [11] (বুখাৰীঃ ১১৭১, আৰু মুছলিমঃ ৭১৪)
প্ৰথম শাৰীত নামাজ পঢ়িবলৈ যত্নৱান হোৱা উচিত; কাৰণ ইয়াত মহা ফজীলত আছে, আৰু এইটো কেৱল আগভাগ ল'লেহে সম্ভৱ। আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত হাদীছত আছে যে, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: «আজান আৰু নামাজৰ প্ৰথম শাৰীত থকা ফজীলত সম্পৰ্কে যদি মানুহে জানিলেহেঁতেন, আৰু লটাৰিৰ বাহিৰে বেলেগ কোনো উপায়ে যদি এই সুযোগ লাভ কৰাটো সম্ভৱ নহ'লহেঁতেন তেন্তে সিহঁতে নিশ্চয় লটাৰিয়ে কৰিলেহেঁতেন।»[12] লগতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ চাহাবা ৰাদ্বিয়াল্লাহু আনহুমক কৈছেঃ "তোমালোকে অগ্ৰসৰ হোৱা আৰু মোৰ অনুসৰণ কৰা, যাতে তোমালোকৰ পিছৰ লোকসকলে তোমালোকক অনুসৰণ কৰে। একাংশ লোক সদায় পিছুৱাই থাকে, আনকি শেষত আল্লাহেও সিহঁতক পিছুৱাই থকা লোকসকলৰ অন্তৰ্ভুক্ত কৰি দিয়ে।" [13] [12] (বুখাৰীঃ ৬১৫, আৰু মুছলিমঃ ৪৩৭) [13] ছহীহ মুছলিম (৪৩৮)।
আনহাতে নাৰীসকলৰ বাবে পিছফালৰ শাৰীসমূহত নামাজ পঢ়াটো আৰু পুৰুষসকলৰ পৰা দূৰত থকাটো উত্তম; কাৰণ আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত হাদীছত আছে, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "পুৰুষসকলৰ বাবে সৰ্বোত্তম শাৰী হৈছে প্ৰথম শাৰী, আৰু বেয়া শাৰী হৈছে একেবাৰে শেষৰ শাৰী। আনহাতে নাৰীসকলৰ ক্ষেত্ৰত সৰ্বোত্তম শাৰী হৈছে একেবাৰে শেষৰ শাৰী, আৰু বেয়া শাৰী হৈছে প্ৰথম শাৰী।"[14] কিন্তু যদি তেওঁলোকে পৃথককৈ নামাজ আদায় কৰে, অথবা তেওঁলোক আৰু পুৰুষসকলৰ মাজত কোনো আৱৰণ বা পৰ্দা থাকে, যিদৰে মছজিদে নবৱীত ব্যৱস্থা আছে, তেন্তে তেওঁলোকৰ বাবে উত্তম শাৰী হৈছে প্ৰথম শাৰী। কাৰণ এই ক্ষেত্ৰত উক্ত কাৰণটো দূৰ হৈ যায়। [14] ছহীহ মুছলিম (440)।
ইমামৰ পিছফালে নামাজ আদায় কৰিব লাগে আৰু তেওঁৰ আগত যোৱাৰ পৰা সতৰ্ক থাকিব লাগে; কাৰণ আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ হাদীছৰ পৰা প্ৰমাণিত যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "নিশ্চয় ইমাম নিযুক্ত কৰা হৈছে অনুসৰণ কৰিবলৈ৷’’[15] [15] (বুখাৰীঃ ৭২২, আৰু মুছলিমঃ ৪১৭)
জৰুৰী অৱস্থা আৰু মুচল্লীৰে মছজিদ পৰিপূৰ্ণ হৈ যোৱাৰ ফলত যদি ইমামৰ সন্মুখৰ বাহিৰে নামাজ পঢ়িবলৈ আন কোনো স্থান নাথাকে, তেনে অৱস্থাৰ বাহিৰে মুচল্লীৰ বাবে ইমামৰ আগত থিয় হোৱা জায়েজ নহয়।
শাৰীবোৰৰ মাজত থকা খালী ঠাই পূৰণ কৰা আৰু শাৰীবোৰ পোন (চিধা) কৰাৰ ক্ষেত্ৰত আগ্ৰহী হোৱা উচিত, কিন্তু মানুহৰ লগত ঠেলা-হেঁচা কৰা আৰু তেওঁলোকক কষ্ট দিয়া, মানুহৰ কান্ধৰ ওপৰেৰে পাৰ হোৱা আৰু মুচল্লীসকলৰ সন্মুখেৰে পাৰ হোৱাৰ পৰা সাৱধান হোৱা উচিত; কাৰণ ইয়াৰ ফলত তেওঁ গুনাহত নিপতিত হ'ব।
সম্ভৱ হ’লে ৰাওজা শ্বৰীফত নামাজ পঢ়া উচিত। কিয়নো আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত হাদীছত আছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ «মোৰ ঘৰ আৰু মিম্বৰৰ মধ্যৱৰ্তী ঠাইখিনি হৈছে জান্নাতৰ এটা বাগান, আৰু মোৰ মিম্বৰ হৈছে মোৰ হাওজৰ ওপৰত অৱস্থিত৷»[16] [16] (বুখাৰীঃ ১১৯৫, আৰু মুছলিমঃ ১৩৯০)
ৰাওজা (ৰিয়াজুল জান্নাহ)ত নামাজ পঢ়াৰ নিৰ্দিষ্ট কোনো ফজীলত বৰ্ণিত হোৱা নাই, কিন্তু এইটো প্ৰমাণিত আছে যে, সেয়া হৈছে জান্নাতৰ বাগিচাসমূহৰ মাজৰ এখন বাগিচা —যিদৰে আবূ হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পূৰ্বৰ হাদীছটোৰ দ্বাৰা প্ৰমাণিত— লগতে এই কথাও স্পষ্ট যে, সময় তথা স্থানৰ মৰ্যাদা অনুসৰি ইবাদতৰ ফজীলত বৃদ্ধি পায়।
* লগতে জিয়াৰতকাৰীয়ে ৰাওজা (ৰিয়াজুল জান্নাত)ত নামাজ পঢ়াৰ বাবে উপযুক্ত সময় বাছনি কৰা আৰু যি সময়ত ভিৰ কম থাকে তেনে সময় নিৰ্বাচন কৰিবলৈ চেষ্টা কৰা উচিত। তাত নামাজ পঢ়াৰ কাৰণে নিজৰ মুছলিম ভাইসকলৰ লগত ঠেলা-হেঁচা কৰা, মানুহৰ কান্ধ অতিক্ৰম কৰি যোৱা আৰু নামাজৰত ব্যক্তিৰ সন্মুখেৰে পাৰ হৈ যোৱা জায়েজ নহয়। কাৰণ, ৰাওজাত নামাজ পঢ়াটো হৈছে নফল ইবাদত, সেয়ে এটা নফল কাম কৰিবলৈ গৈ কোনো হাৰাম পথ অৱলম্বন কৰা অনুচিত। ঠিক তেনেদৰে, ৰাওজাত প্ৰৱেশ কৰাৰ বাবে থকা বিশেষ নীতি-নিয়ম আৰু ব্যৱস্থাপনা মানি চলা, উপযুক্ত সময় বাছনি কৰা আৰু তাত জিয়াৰতকাৰীসকলৰ প্ৰৱেশ নিয়ন্ত্ৰণ কৰা দায়িত্বশীল ব্যক্তিসকলৰ সৈতে সহযোগিতা কৰাৰ ক্ষেত্ৰত জিয়াৰতকাৰীয়ে যত্নৱান হোৱা উচিত।
বেছি বেছি নেক আমল কৰাৰ জৰিয়তে সময়ৰ সদ্ব্যৱহাৰ কৰা, যিবোৰে বান্দাক পৱিত্ৰ মহান আল্লাহৰ নৈকট্য লাভ কৰোৱায়; যেনে- ছালাত, কোৰআন তিলাৱত, জিকৰ, দুআ, জিকৰ-আজকাৰৰ মজলিছত উপস্থিত থকা, দ্বীনী দৰ্ছ আৰু পৱিত্ৰ কোৰআন শিক্ষাৰ হালক্বা আদিত অংশগ্ৰহণ কৰা ইত্যাদি।
সৰ্বশক্তিমান আল্লাহৰ গ্ৰন্থৰ সন্মান ৰক্ষা কৰিব লাগে, আৰু কোৰআনৰ পৃষ্ঠাসমূহক লৈ অলাগতিয়াল কাম কৰাৰ পৰা, ইয়াৰ ওপৰত লিখাৰ পৰা, অথবা কোৰআনৰ ওচৰত জোতা চেণ্ডেল ৰাখি বা কোৰআন মাটিত থোৱাৰ জৰিয়তে ইয়াক অৱমূল্যায়ন তথা অপমান কৰাৰ পৰা সুৰক্ষিত ৰখা উচিত। কাৰণ মহান আল্লাহে কৈছেঃ “এইটোৱে হৈছে আল্লাহৰ বিধান, আৰু যিয়ে আল্লাহৰ নিদৰ্শনাৱলীক সন্মান কৰে, নিঃসন্দেহে সেইটো হৈছে তাৰ হৃদয়ৰ তাক্বৱাৰ বহিঃপ্ৰকাশ।’’ (ছুৰা আল-হাজ্জঃ ৩২)
সৰ্বশক্তিমান আল্লাহে হাৰাম কৰা বস্তুৰ পৰা দৃষ্টিক সংযত ৰখাঃ মছজিদে নবৱীৰ দৰ্শনাৰ্থীৰ বাবে এনেকুৱা বস্তুৰ পৰা নিজৰ দৃষ্টিক সংযত ৰখা অনিবাৰ্য, যিবোৰ দেখা তেওঁৰ বাবে হালাল নহয়। লগতে তেওঁ জনা উচিত যে, এই পৱিত্ৰ স্থানত গুনাহ কৰাটো কিমান ভয়াৱহ আৰু ইয়াৰ ফলত কি শাস্তি হ'ব পাৰে। কাৰণ সময় আৰু স্থানৰ মৰ্যাদা অনুসৰি গুনাহৰ পৰিমাণ আৰু প্ৰকৃতিও গুৰুতৰ হয়, ঠিক একেদৰে নেক আমলসমূহৰো ছোৱাব বৃদ্ধি হয়। আনহাতে এগৰাকী মুছলিম নাৰীয়ে চৰীয়তসন্মত পৰ্দা পালনৰ প্ৰতি যত্নৱান হোৱা উচিত, আৰু নিজৰ সৌন্দৰ্য প্ৰকাশ কৰাৰ পৰা বিৰত থকা উচিত, যাতে পুৰুষসকলে ফিতনাত পতিত নহয়। কাৰণ ইয়াৰ গুনাহ অত্যন্ত গুৰুতৰ।
ম'বাইলত ছবি তোলা অথবা ছবি আৰু ভিডিঅ' চোৱাত ব্যস্ত থকাৰ পৰা বিৰত থকা উচিত, আৰু যদি এই ছবি আৰু ভিডিঅ'বোৰ হাৰাম হয় তেন্তে বিষয়টো আৰু অধিক গুৰুতৰ হৈ পৰে।
মছজিদে নবৱীক সেই সকলোবোৰ কামৰ পৰা পৱিত্ৰ ৰখা যিবোৰ ইয়াৰ বাবে উপযুক্ত নহয়, যেনে: বাদ-বিবাদ, উচ্চস্বৰে কথা কোৱা, হেৰোৱা বস্তু বিচৰা, কিনা-বেচা আৰু লগতে এই ধৰণৰ সকলো কাম-কাজ যিবোৰ ইয়াত আৰু অন্যান্য মছজিদতো কৰা উচিত নহয়; কিয়নো আবু হুৰায়ৰা -ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লাম ৰ পৰা বৰ্ণনা কৰিছে, তেখেতে কৈছে: "যেতিয়া তোমালোকে কোনো ব্যক্তিক মছজিদত কিনা-বেচা কৰা দেখিবলৈ পোৱা, তেতিয়া কোৱাঃ আল্লাহে যেন তোমাৰ ব্যৱসায়ত উন্নতি নিদিয়ে, আৰু যেতিয়া তোমালোকে কোনো ব্যক্তিক মছজিদত হেৰুৱা বস্তুৰ ঘোষণা কৰা দেখিবলৈ পোৱা, তেতিয়া কোৱাঃ আল্লাহে যেন তোমাক সেইটো ওভোতাই নিদিয়ে।"[17] [17] তিৰমিজী (হাদীছ নং ১৩২১), ইবনু খুজাইমা (হাদীছ নং ১৩০৫), ছনদ ছহীহ।
ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি আগ্ৰহী হ'ব লাগে, লগতে নহৰু, পিঁয়াজ, ধোঁৱা, ঘাম আৰু এই জাতীয় বস্তুৰ দুৰ্গন্ধৰ পৰা সাৱধান হ'ব লাগে, যিবোৰে নামাজ পঢ়িবলৈ অহা ভাইসকলক কষ্ট দিয়ে; কাৰণ জাবিৰ ইবনে আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৰ হাদীছত বৰ্ণিত আছে, তেওঁ কৈছেঃ নিশ্চয় ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে (কেঁচা) নহৰু অথবা (কেঁচা) পিঁয়াজ খাইছে, সি যেন আমাৰ পৰা আঁতৰি থাকে, - অথবা তেখেতে কৈছিলঃ আমাৰ মছজিদৰ পৰা যেন আঁতৰি থাকে আৰু নিজৰ ঘৰতে যেন অৱস্থান কৰে।"[18] [18] (বুখাৰীঃ ৭৩৫৯, আৰু মুছলিমঃ ৫৬৪)
মছজিদে নবৱীৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজায় ৰখাৰ প্ৰতি যত্নৱান হোৱা উচিত, আৰু মছজিদৰ ভিতৰত লগতে ইয়াৰ প্ৰাংগণত আৱৰ্জনা পেলোৱাৰ পৰা বিৰত থকা উচিত, যেনে- খাদ্যৰ অৱশিষ্টাংশ আৰু ইফতাৰৰ দস্তৰখান (বিশেষকৈ ৰমজান মাহত), অথবা অহা-যোৱা কৰা পথ তথা প্ৰাংগণত থু পেলোৱা ইত্যাদি।
মানুহে যাতায়ত কৰা পথত, প্ৰৱেশদ্বাৰত আৰু জনবহুল স্থানত নামাজ পঢ়াৰ পৰা বিৰত থকা উচিত, কাৰণ ইয়াৰ ফলত বিভিন্ন সমস্যাৰ সৃষ্টি হয়, পথ অৱৰুদ্ধ হয় আৰু মুছলিম ভাতৃসকলৰ কষ্ট হয়।
মছজিদে নবৱীৰ ভিতৰত বা ইয়াৰ চৌহদত পুৰুষ আৰু মহিলাসকলে প্ৰত্যেকৰে বাবে নিৰ্ধাৰিত স্থানত চালাত আদায় কৰিব লাগে। কোনো পুৰুষে মহিলাৰ কাষত আৰু কোনো মহিলাই পুৰুষৰ কাষত চালাত আদায় কৰিব নালাগে। লগতে যিমান দূৰ সম্ভৱ ইমামতকৈ আগত থিয় হোৱাৰ পৰা সাৱধান হ’ব লাগে।
মছজিদৰ পৰা ওলোৱাৰ সময়ত বাওঁ ভৰি আগতে উলিয়াব লাগে আৰু ওলোৱাৰ সময়ত এই দুআ পঢ়িব লাগেঃ "আল্লা-হুম্মা ইন্নী আছআলুকা মিন ফাজলিক।"[19] অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত তোমাৰ অনুগ্ৰহ প্ৰাৰ্থনা কৰোঁ৷ অথবা নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত দৰূদ পাঠ কৰিব আৰু ক’বঃ "ৰাব্বিগ ফিৰলী জুনুবী, অফতাহলী আবওৱা-বা ফাজলিক।"[20] অৰ্থঃ হে মোৰ প্ৰতিপালক! মোৰ গুণাহসমূহ ক্ষমা কৰি দিয়া আৰু মোৰ বাবে তোমাৰ অনুগ্ৰহৰ দৰজাসমূহ মুকলি কৰি দিয়া। [19] ছহীহ মুছলিম (৭১৩)। [20] তিৰমিজী (হাদীছ নং ৩১৪), ছনদ ছহীহ।
চতুৰ্থঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰ আৰু দুয়ো চাহাবী ৰাদ্বিয়াল্লাহু আনহুমাৰ কবৰ জিয়াৰতৰ বিধি-বিধান আৰু নিয়ম-নীতি
* মদীনাৰ অধিবাসীসকলৰ বাবে আৰু যিসকলে তালৈ প্ৰতিনিধি তথা জিয়াৰতকাৰী হিচাপে আগমন কৰে তেওঁলোকৰ বাবে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰ আৰু তেখেতৰ দুয়ো চাহাবী আবু বকৰ আৰু ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ কবৰ জিয়াৰত কৰাটো মুস্তাহাব। কিয়নো কবৰ জিয়াৰত কৰাটো চৰীয়তসন্মত হোৱাৰ বিষয়ে ব্যাপক প্ৰমাণাদি আছে, তাৰ ভিতৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাণী হৈছেঃ “মই তোমালোকক কবৰ জিয়াৰত কৰিবলৈ নিষেধ কৰিছিলোঁ, কিন্তু এতিয়া তোমালোকে কবৰ জিয়াৰত কৰা।” [21] [21] ছহীহ মুছলিম (977)।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৃত্যুৰ পিছত তেখেতৰ প্ৰতি ছালাম পাঠ কৰাৰ ফজীলত সম্পৰ্কে তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ এই বাণীটো হৈছে অন্যতম প্ৰমাণঃ "মোৰ প্ৰতি যেতিয়াই কোনোবাই ছালাম প্ৰেৰণ কৰে, তেতিয়াই মহান আল্লাহে মোক মোৰ প্ৰাণ ওভোতাই দিয়ে, যাতে মই সেই ছালামৰ উত্তৰ দিব পাৰোঁ।"[22] [22] মুছনাদে আহমদ (হাদীছ নং ১০৮১৫), ছনদ হাছান।
* মহিলাসকলৰ বাবে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰ জিয়াৰতৰ লগতে অন্যান্য মুছলিমৰ কবৰ জিয়াৰত কৰাটোও চৰীয়ত সন্মত নহয়। কিয়নো পুৰুষসকলৰ বাবে কবৰ জিয়াৰত কৰাটো চৰীয়ত সন্মত, পক্ষান্তৰে মহিলাসকলক কবৰ জিয়াৰত কৰাৰ পৰা নিষেধ কৰা হৈছে। ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ «ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কবৰ জিয়াৰতকাৰী নাৰীসকলৰ প্ৰতি, আৰু যিসকলে ইয়াৰ ওপৰত মছজিদ নিৰ্মাণ কৰে লগতে চাকি জ্বলায়, সিহঁতৰ প্ৰতি অভিসম্পাত কৰিছে৷»[23] আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, "নিশ্চয় ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কবৰ জিয়াৰতকাৰীণী নাৰীসকলৰ প্ৰতি অভিসম্পাত কৰিছে।" [24] [23] আবু দাউদ (হাদীছ নং ৩২৩৬), তিৰমিজী (হাদীছ নং ৩২০), নাছায়ী (হাদীছ নং ২০৪৩)। [24] তিৰমিজী (হাদীছ নং ১০৫৬), ইবনু মাজাহ (হাদীছ নং ১৫৭৬), ইয়াৰ ছনদ হাছান।
* কেৱল কবৰ জিয়াৰত কৰাৰ নিয়ত লৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰ জিয়াৰতৰ উদ্দেশ্যে ভ্ৰমণ কৰি যোৱাটো বৈধ নহয়। বৰং তেওঁৰ ভ্ৰমণৰ উদ্দেশ্য হ'ব লাগিব মছজিদ জিয়াৰত কৰা আৰু তাত নামাজ পঢ়া। মদীনাত উপস্থিত হৈ অৱস্থান কৰাৰ পাছত তেওঁৰ বাবে কবৰ জিয়াৰত কৰাটো চৰীয়তসন্মত, যিদৰে মদীনাত বসবাস কৰা স্থানীয় বাসিন্দাসকলৰ বাবে এইটো চৰীয়তসন্মত। কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তিনিটা মছজিদৰ বাহিৰে বেলেগ ক'তো তোমালোকে (ছোৱাবৰ উদ্দেশ্যে) ছফৰ কৰি নাযাবা। সেই তিনিটা মছজিদ হৈছেঃ মোৰ এই মছজিদ, মছজিদে হাৰাম আৰু মছজিদে আকচা।"[25] [25] বুখাৰী (১১৮৯), মুছলিম (১৩৯৭) শব্দবোৰ মুছলিমৰ।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰ আৰু তেখেতৰ দুয়ো চাহাবী ৰাদ্বিয়াল্লাহু আনহুমাৰ কবৰ জিয়াৰতৰ চৰীয়তসন্মত শিষ্টাচাৰ।
জিয়াৰতকাৰীয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰৰ সন্মুখত কবৰৰ ফালে মুখ কৰি থিয় হ'ব, ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামক আদবৰ সৈতে নিম্নস্বৰত ছালাম জনাব আৰু ক'বঃ "আচ্ছালামু আলাইকা ইয়া ৰাছুলাল্লাহি অৰাহমাতুল্লাহি অবাৰাকাতুহ।" অৰ্থঃ হে আল্লাহৰ ৰাছুল! আপোনাৰ ওপৰত শান্তি বৰ্ষিত হওক, লগতে আল্লাহৰ ৰহমত আৰু বৰকত অৱতীৰ্ণ হওক। আনহাতে যদি তেওঁ ইয়াতকৈ বেছি এইদৰে কয়ঃ "আশ্বহাদু আন্নাকা ক্বাদ বাল্লাগতাৰ ৰিছালাহ। ৱা আদ্দাইতাল আমানাহ। অনাছাহতাল উম্মাহ। অজাহাদ্তা ফিল্লাহি হাক্কাল জিহাদ।" তেন্তে তাত কোনো অসুবিধা নাই; কাৰণ এই সকলোবোৰ হৈছে সত্য।
ইয়াৰ পাছত সোঁফালে এক খোজ দি আবু বকৰ চিদ্দীক ৰাদ্বিয়াল্লাহু আনহুৰ কবৰৰ সন্মুখত আহি এই বুলি ক'বঃ আচ্ছালামু আলাইকা ইয়া আবা বকৰ চিদ্দীক্ব, আচ্ছালামু আলাইকা ইয়া খালীফাতা ৰাছুলিল্লাহি চাল্লাল্লাহু আলাইহি অছাল্লাম, ৰাদ্বিয়াল্লাহু আনকা ওৱা আৰদ্বা-ক, অজাঝাকা আন উম্মাতি মুহাম্মাদিন খাইৰা। (অৰ্থঃ হে আবু বকৰ চিদ্দীক আপোনাৰ ওপৰত শান্তি বৰ্ষিত হওক, হে আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ খলীফা আপোনাৰ ওপৰত শান্তি বৰ্ষিত হওক, আল্লাহে আপোনাৰ প্ৰতি সন্তুষ্ট হওক আৰু আপোনাকো সন্তুষ্ট কৰক, লগতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ উম্মতৰ তৰফৰ পৰা আপোনাক উত্তম প্ৰতিদান দিয়ক)।
ইয়াৰ পাছত তেওঁ সোঁফালে এখোজ আগুৱাই গৈ ওমৰ বিন খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৰ কবৰৰ সন্মুখত থিয় হ'ব আৰু এই বুলি ক'বঃ আচ্ছালামু আলাইকা ইয়া ওমৰ আল ফাৰূক্ব, ৰাদ্বিয়াল্লাহু আনকা ওৱা আৰদ্বা-ক, অজাঝাকা আন উম্মাতি মুহাম্মাদিন খাইৰা। (হে ওমৰ ফাৰূক! আপোনাৰ ওপৰত শান্তি বৰ্ষিত হওক, আল্লাহ আপোনাৰ প্ৰতি সন্তুষ্ট হওক আৰু আপোনাকো সন্তুষ্ট কৰক, লগতে আপোনাক মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ উম্মতৰ পক্ষৰ পৰা উত্তম প্ৰতিদান দিয়ক)।
ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাই যেতিয়া ছফৰৰ পৰা উভতি আহিছিল, তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰৰ ওচৰলৈ আহি কৈছিলঃ "আচ্ছালামু আলাইকা ইয়া ৰাছুলাল্লাহ, আচ্ছালামু আলাইকা ইয়া আবা বকৰ, আচ্ছালামু আলাইকা ইয়া আবাতা-হ।" অৰ্থঃ হে আল্লাহৰ ৰাছুল আপোনাৰ ওপৰত শান্তি বৰ্ষিত হওক, হে আবু বকৰ আপোনাৰ ওপৰত শান্তি বৰ্ষিত হওক, হে মোৰ পিতা! আপোনাৰ ওপৰত শান্তি বৰ্ষিত হওক। তাৰ পিছত তেওঁ গুচি যাব৷ [26]. [26] বাইহাকী ছুনান আল-কুবৰাঃ ১০২৭১, ছনদ ছহীহ)
কবৰৰ দেৱাল বা বেৰ স্পৰ্শ নকৰিব আৰু তাত চুমা নাখাব:
ইমাম মালিক ৰাহিমাহুল্লাহে কৈছেঃ "যেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ছালাম জনাব, তেতিয়া তেখেতৰ কবৰ অভিমুখী হৈ থিয় হ'ব; কিবলামুখী হৈ নহয়। ওচৰলৈ গৈ কেৱল ছালাম জনাব৷ হাতেৰে কবৰ স্পৰ্শ নকৰিব।" [27] [27] আশ্ব-শ্বিফা লিল-ক্বাজী আয়াজ (২/১৯৯)।
এই ক্ষেত্ৰত ইমামসকল একমত যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰ হাতেৰে স্পৰ্শ কৰা আৰু তাত চুমা খোৱা বৈধ নহয়।
কবৰৰ ওচৰত বেছি সময় ৰৈ নাথাকিব, বৰং ছালাম দিয়াৰ লগে লগে তাৰ পৰা গুচি আহিব।
ইমাম মালিক ৰাহিমাহুল্লাহে কৈছেঃ "নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰৰ ওচৰত থিয় হৈ দুআ কৰাটো মই উচিত বুলি নাভাবোঁ, বৰং ছালাম জনাই গুচি যাব লাগে।" [28] [28] আশ্ব-শ্বিফা লিল-ক্বাজী আয়াজ (২/ ১৯৯)।
নাফে ৰাহিমাহুল্লাহে কৈছেঃ "ইবনে ওমৰে কবৰত ছালাম দিছিল.. মই তেওঁক এশবাৰ বা তাতোকৈ অধিকবাৰ কবৰৰ ওচৰলৈ আহি এই বুলি কোৱা দেখিছোঁঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত শান্তি বৰ্ষিত হওক। আবু বকৰৰ ওপৰত শান্তি বৰ্ষিত হওক, মোৰ পিতাৰ ওপৰত শান্তি বৰ্ষিত হওক। এই বুলি কৈ তেওঁ গুচি গৈছিল৷" [29] [29] আজুৰী, কিতাবুশ্ব শ্বাৰীআহ (৫/২৩৭৪), (১৮৫৩)।
কিছুমান জিয়াৰতকাৰীয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰৰ ওচৰত থিয় হৈ উচ্চস্বৰে কিবাকিবি পাঠ কৰে আৰু বহুত সময় তাত থিয় হৈ থাকে, এইটো হৈছে চৰীয়ত পৰিপন্থী।
কোনো উপকাৰ সাধন বা অপকাৰ দূৰ কৰাৰ বাবে, অথবা কোনো প্ৰয়োজন পূৰণ কৰাৰ বাবে, অথবা বিপদ-আপদ দূৰ কৰাৰ বাবে, অথবা অসুস্থ ব্যক্তিৰ আৰোগ্য কামনা কৰি, নাইবা শ্বাফাআত বিচাৰি, অথবা শাস্তিৰ পৰা পৰিত্ৰাণ বিচাৰি আদি কোনো দুআই ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম অথবা অন্য কোনো সৃষ্টিৰ ওচৰত কৰা বৈধ নহয়। কাৰণ যিবোৰ বিষয়ত একমাত্ৰ আল্লাহৰ বাহিৰে আন কাৰো ক্ষমতা নাই, তেনে বিষয়ত আল্লাহৰ বাহিৰে আনৰ ওচৰত দুআ কৰাটো হৈছে হাৰাম আৰু ডাঙৰ শ্বিৰ্ক। যেনে- মহান আল্লাহে কৈছেঃ “আৰু তোমালোকৰ প্ৰতিপালকে কৈছে, ‘তোমালোকে কেৱল মোৰ ওচৰতেই দুআ কৰা, মই তোমালোকৰ দুআ কবুল কৰিম। নিশ্চয় যিসকলে অহংকাৰ কৰি মোৰ ইবাদতৰ পৰা বিমুখ হয়, সিহঁত অচিৰেই লাঞ্ছিত হৈ জাহান্নামত প্ৰৱেশ কৰিব’।’’ (ছুৰা গাফিৰঃ ৬০) মহান আল্লাহে আৰু কৈছেঃ “আল্লাহৰ বাহিৰে তোমালোকে যিসকলক আহ্বান কৰা সিহঁত তোমালোকৰ দৰেই হৈছে (আল্লাহৰ) বান্দাহ, গতিকে যদি তোমালোকে সত্যবাদী হোৱা তেন্তে সিহঁতক আহ্বান কৰা, (চোৱাচোন) সিহঁতে তোমালোকৰ আহ্বানত সঁহাৰি দিয়েনে নাই।’’ (ছুৰা আল-আৰাফঃ ১৯৪) সৰ্বশক্তিমান আল্লাহে আৰু কৈছেঃ “আৰু নিশ্চয় মছজিদসমূহ হৈছে আল্লাহৰ বাবেই (নিৰ্মিত), গতিকে তোমালোকে আল্লাহৰ লগত আন কাকো নামাতিবা।’’ (ছুৰা আল-জিনঃ ১৮)
কবৰৰ কাষত থিয় হৈ আল্লাহৰ ওচৰত দুআ কৰা উচিত নহয়। যদি দুআ কৰিব বিচাৰে তেন্তে কবৰৰ পৰা আঁতৰি গৈ কিবলামুখী হৈ দুআ কৰিব, আৰু দুআ কৰাৰ সময়ত কবৰৰ ফালে মুখ নকৰিব।
আৰু ইমাম মালিক ৰাহিমাহুল্লাহে কৈছেঃ "নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰৰ ওচৰত থিয় হৈ দুআ কৰাটো মই উচিত বুলি নাভাবোঁ।"
মছজিদত প্ৰৱেশ কৰা বা মছজিদৰ পৰা ওলাই অহাৰ সময়ত কবৰৰ ওচৰলৈ অধিক অহা-যোৱা কৰাটো চৰীয়ত সন্মত নহয়, সেয়া মদীনাত অৱস্থান কৰা ব্যক্তিৰ বাবেই হওক অথবা বাহিৰৰ পৰা অহা জিয়াৰতকাৰীসকলৰ বাবেই নহওক কিয়। কিয়নো ইয়াৰ ফলত কবৰক উৎসৱৰ স্থান হিচাপে গ্ৰহণ কৰাৰ আশংকা থাকে।
এই বিষয়ে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে নিষেধাজ্ঞা জাৰি কৰিছে, তেখেতে কৈছেঃ «তোমালোকে মোৰ কবৰক মেলাৰ স্থল নবনাবা আৰু নিজৰ ঘৰবোৰক কবৰত পৰিণত নকৰিবা। তোমালোকে য’তেই নাথাকা কিয় মোৰ ওপৰত দুৰূদ পাঠ কৰা, কাৰণ তোমালোকৰ দুৰূদ মোৰ ওচৰলৈ পৌঁচাই দিয়া হয়।»[30] [30] মুছনাদে আহমদ (হাদীছ নং ৮৮০৪), ইয়াৰ ছনদ হাছান।
"মোৰ কবৰক মেলাৰ স্থল নবনাবা"- ইয়াৰ অৰ্থ হৈছে কোনো বিশেষ সময় বা বিশেষ অৱস্থাত বাৰে বাৰে তালৈ যোৱা, যেনে- প্ৰতিদিনে, প্ৰতি সপ্তাহে বা প্ৰতি মাহে কবৰ জিয়াৰতক নিৰ্দিষ্ট কৰি লোৱা, অথবা এনে কোনো বিশেষ অৱস্থাৰ সৃষ্টি হ'লে তাত জিয়াৰত কৰিবলৈ যোৱা। লগতে কোৱা হৈছে: অৰ্থাৎ তোমালোকে ইয়াক এনে কোনো সমাৱেশৰ স্থানত পৰিণত নকৰিবা য’ত তোমালোকে একত্ৰিত হোৱা। [31] [31] আল-মুফৰাদাত লিৰ ৰা-গিব আল-আছফাহানীঃ (পৃঃ ৫৯৪), শ্বাৰহুছ-ছুদূৰ বিতাহৰীমি ৰফ'য়িল কুবূৰ লিশ্ব-শ্বাওকানীঃ (পৃঃ ১৬)।
ইমাম মালিক ৰাহিমাহুল্লাহে কৈছেঃ "মদীনাবাসীৰ যিসকল লোকে মছজিদত প্ৰৱেশ কৰে আৰু তাৰ পৰা ওলাই যায়, তেওঁলোকৰ বাবে কবৰৰ ওচৰত থিয় হোৱাটো আৱশ্যক নহয়, বৰঞ্চ সেয়া কেৱল বাহিৰৰ পৰা অহা লোকসকলৰ বাবেহে।" [32] [32] আশ্ব-শ্বিফা লিল-কাজী আয়াজ (২/২০৪), আল-মাদখাল ইবনুল হাজ্জ (১/২৬২)।
তেওঁ (ৰাহিমাহুল্লাহ)ৰ এই উক্তিঃ "সেইটো কেৱল মুছাফিৰসকলৰ বাবে"ঃ অৰ্থাৎ সাধাৰণ সাক্ষাৎ, প্ৰৱেশ কৰা আৰু ওলোৱাৰ সময়ত বাৰে বাৰে সাক্ষাৎ কৰাটো জৰুৰী নহয়।
কবৰৰ সন্মুখত নামাজত থিয় হোৱাৰ দৰে এখন হাত আনখন হাতৰ ওপৰত ৰাখি বুকুত বা বুকুৰ তলত বান্ধি থিয় হ'ব নালাগে; কাৰণ এই অৱস্থাটো কেৱল নামাজৰ বাবেহে নিৰ্দিষ্ট, আৰু এইটো হৈছে অৱনমন তথা আত্মসমৰ্পণৰ অৱস্থা, যিটো কেৱল আল্লাহ ছুবহানাহু অতাআলাৰ বাবেই উপযুক্ত।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত ছালাম পাঠ কৰাৰ উদ্দেশ্যে দূৰৈৰ কোনো স্থানৰ পৰা কবৰৰ পিনে মুখ কৰা অনুচিত, যিদৰে একাংশ মানুহে কৰি থাকে। কিয়নো চাহাবা ৰাদ্বিয়াল্লাহু ‘আনহুমৰ লগতে চাৰিজন ইমামকে ধৰি ছালাফে ছালেহীন বা অন্য কোনেও এনেকুৱা কাম কৰা নাছিল।
যিকোনো দিশৰ পৰাই নহওক কিয়, পৱিত্ৰ কবৰৰ ফালে মুখ কৰি দুআ কৰা, কোৰআন তিলাৱত কৰা বা এই জাতীয় আন কোনো কাম কৰা বৈধ নহয়। কাৰণ এইটো ইয়াৰ পূৰ্বৰ নৱ-আৱিষ্কৃত বিষয়সমূহৰ (বিদআত) দৰেই একে পৰ্যায়ৰ। কোনো মুছলিমৰ বাবেই দ্বীনৰ মাজত এনেকুৱা কোনো নতুন বিষয় সৃষ্টি কৰা কেতিয়াও বৈধ নহয়, যিটোৰ অনুমতি আল্লাহে দিয়া নাই। ইমাম মালিক ৰাহিমাহুল্লাহে এই ধৰণৰ কামবোৰক অস্বীকাৰ কৰিছে, লগতে তেওঁ কৈছেঃ "যিটোৱে এই উম্মতৰ প্ৰথমাংশক সংশোধন কৰিছিল, তাৰ বাহিৰে আন একোৱেই ইয়াৰ শেষাংশক সংশোধন কৰিব নোৱাৰিব।" [33] [33] মজমু ফাতাৱা ইবনে বাজ (১৬/ ১১০)।
নবী চাল্লাল্লাহু আলাইহি অছাল্লাম ক ছালাম নিবেদন কৰাৰ সময়ত ছবি তোলা আৰু লাইভ সম্প্ৰচাৰ কৰাত ব্যস্ত থাকিব নালাগে।
আল্লাহে আমাৰ প্ৰিয় নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেওঁৰ পৰিয়ালবৰ্গ আৰু চাহাবাসকলৰ ওপৰত দৰূদ আৰু ছালাম বৰ্ষণ কৰক।