من خلق الكون؟ ومن خلقني؟ ولماذا؟
বিশ্বজগতক কোনে সৃষ্টি কৰিছে? মোক কোনে সৃষ্টি কৰিছে? আৰু কিয় সৃষ্টি কৰিছে?
বিশ্বজগতক কোনে সৃষ্টি কৰিছে? মোক কোনে সৃষ্টি কৰিছে? আৰু কিয় সৃষ্টি কৰিছে?
মছজিদুল হাৰাম আৰু মছজিদে নবৱীৰ ধৰ্মীয় বিষয়াদিৰ সৰ্বোচ্চ পৰিষদৰ অধীনত গৱেষণা সমিতি
সঁচাকৈ মই সঠিক পথত আছোঁনে?
আকাশমণ্ডল আৰু পৃথিৱী, লগতে এই দুয়োৰে মাজত থকা ডাঙৰ ডাঙৰ মখলুক, যিবোৰক পৰিবেষ্টন কৰিব পৰা নাযায়, এই সকলোবোৰক কোনে সৃষ্টি কৰিছে?
আকাশমণ্ডল আৰু পৃথিৱীৰ এই সূক্ষ্ম তথা সুদৃঢ় ব্যৱস্থাপনা কোনে বনাইছে?
মানুহক কোনে সৃষ্টি কৰিছে, কোনে তাক শ্ৰৱণশক্তি আৰু দৃষ্টিশক্তি প্ৰদান কৰিছে, বিবেক-বুদ্ধি আৰু বিবেচনা শক্তি কোনে প্ৰদান কৰিছে, কোনে তাক জ্ঞান আৰু বাস্তৱতা বুজিবলৈ সক্ষম কৰি তুলিছে?
আপোনাৰ শৰীৰৰ অংগ-প্ৰত্যংগসমূহৰ মাজৰ এই সুক্ষ্ম ব্যৱস্থাপনা কোনে বনাইছে? লগতে কোনে আপোনাক এই সুন্দৰ আকৃতি প্ৰদান কৰিছে?
সৃষ্টি জীৱৰ মাজৰ পাৰ্থক্য আৰু বৈচিত্ৰ্য লক্ষ্য কৰি চাওকচোন, কোনে ইয়াক সীমাহীন দৃশ্যৰ সৈতে সৃষ্টি কৰিছে?
বছৰৰ পিছত বছৰ ধৰি ইমান নিপুণ আৰু সূক্ষ্ম নিয়মেৰে এই মহাবিশ্বক কেনেকৈ সুশৃংখলভাৱে পৰিচালিত হৈ আছে, তথা কেনেকৈ ইয়াৰ ভাৰসাম্য ৰক্ষা হৈ আছে?
এইবোৰ নিয়ম-নীতি কোনে সৃষ্টি কৰিছে? যিবোৰে পৃথিৱীত ৰাজত্ব কৰি আছে, (উদাহৰণস্বৰূপে- জীৱন, মৰণ, বংশবৃদ্ধিৰ বাবে প্ৰজনন ক্ষমতা, দিন-ৰাতি আৰু ঋতুসমূহৰ পৰিবৰ্তন আদি)?
এই বিশ্বজগত নিজে নিজেই অস্তিত্বলৈ আহিছে নেকি? নে অনস্তিত্বৰ পৰা অস্তিত্বলৈ আহিছে? নে আকস্মিকভাৱে উদ্ভৱ হৈছে? মহান আল্লাহে কৈছেঃ "সিহঁতে স্ৰষ্টাবিহীন সৃষ্টি হৈছে নেকি, নে সিহঁত নিজেই স্ৰষ্টা? অথবা সিহঁতে আকাশমণ্ডল আৰু পৃথিৱীক সৃষ্টি কৰিছে নেকি? বৰং সিহঁতে বিশ্বাসেই নকৰে।" (ছুৰা আত-তূৰঃ ৩৫-৩৬)
আমি নিজেই নিজকে সৃষ্টি কৰা নাই, আৰু এইটোও অসম্ভৱ যে, আমি অনস্তিত্বৰ পৰা হঠাৎ অস্তিত্বলৈ আহিছোঁ। গতিকে প্ৰকৃত সত্য হৈছে এইটো, য'ত কোনো সন্দেহ নাই যে: এই বিশ্বজগতৰ এজন মহান তথা শক্তিশালী সৃষ্টিকৰ্তা নিশ্চয় আছে, কাৰণ এই বিশ্বজগত নিজে নিজেই সৃষ্টি হোৱাটো অসম্ভৱ, এইদৰে অনস্তিত্বৰ পৰা স্বতঃস্ফূৰ্তভাৱে অস্তিত্ব লাভ কৰাটোও অসম্ভৱ, লগতে আকস্মিক অস্তিত্ব লাভ কৰাটোও এটা অবাস্তৱ কথা।
মানুহে সেইবোৰ বস্তুক কিয় বিশ্বাস কৰে, যিবোৰক সিহঁতে দেখা নাপায়? উদাহৰণস্বৰূপেঃ (উপলব্ধি, বুদ্ধি, আত্মা, অনুভূতি আৰু মুহাব্বত আদি)। এইবোৰক সিহঁতে এইকাৰণে বিশ্বাস নকৰেনে যে, সিহঁতে এইবোৰৰ প্ৰভাৱ দেখা পায়? তেন্তে কিয় মানুহে এই বিশ্বজগতৰ সৃষ্টিকৰ্তাৰ অস্তিত্বক অস্বীকাৰ কৰে, অথচ সিহঁতে তেওঁৰ অস্তিত্বৰ প্ৰভাৱ তেওঁৰ সৃষ্টিজগতৰ মাজত আৰু তেওঁৰ ৰহমত তথা দয়াৰ মাজত দেখিবলৈ পায়?
কোনো বিবেকৱান ব্যক্তিয়েই এই কথা বিশ্বাস নকৰিব যদি তেওঁক কোৱা হয় যে, এই অট্টালিকাটো নিৰ্মাণ নকৰাকৈয়ে অস্তিত্বলৈ আহিছে, অথবা অনস্তিত্বই এই অট্টালিকাটোক অস্তিত্বলৈ আনিছে। তেনে ক্ষেত্ৰত কিছুমান লোকে কেনেকৈ এই কথা বিশ্বাস কৰে যে, এই বিশ্বজগত কোনো সৃষ্টিকৰ্তা নোহোৱাকৈয়ে অস্তিত্বলৈ আহিছে? এজন বিবেকৱান ব্যক্তিয়ে কেনেকৈ এই কথা গ্ৰহণ কৰিব যে, বিশ্বজগতৰ এই নিখুঁত ব্যৱস্থাপনা কোনো স্ৰষ্টা নোহোৱাকৈয়ে আকস্মিকভাৱে অস্তিত্বলৈ আহিছে?
এইবোৰে আমাক এই সিদ্ধান্তলৈ উপনীত কৰে যে, নিশ্চয় এই বিশ্বজগতৰ এজন সৰ্বশক্তিমান প্ৰতিপালক আছে, যিজনে সুক্ষ্মভাৱে ইয়াক পৰিচালিত কৰে। গতিকে একমাত্ৰ তেৱেঁই ইবাদতৰ উপযুক্ত। তেওঁৰ বাহিৰে যিবোৰৰ ইবাদত কৰা হয়, সেই সকলোবোৰৰ ইবাদত বাতিল। সিহঁত কদাপিও ইবাদতৰ যোগ্য নহয়।
নিশ্চয় সৰ্বশক্তিমান প্ৰতিপালকেই হৈছে সৃষ্টিকৰ্তা৷
নিশ্চয় আল্লাহেই হৈছে একমাত্ৰ সৃষ্টিকৰ্তা। তেৱেঁই মালিক, তেৱেঁই পৰিচালনাকাৰী আৰু তেৱেঁই জীৱিকাদাতা। তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু প্ৰদান কৰে। তেৱেঁই পৃথিৱী সৃষ্টি কৰিছে আৰু ইয়াক সুগম কৰি দিছে, লগতে ইয়াক প্ৰাণীজগতৰ বাবে বসবাসৰ উপযোগী বনাইছে। তেৱেঁই আকাশমণ্ডল সৃষ্টি কৰিছে আৰু তাত ডাঙৰ ডাঙৰ মখলুকাত বনাইছে। তেৱেঁই সূৰ্য্য, চন্দ্ৰ, দিন আৰু ৰাতি বনাইছে, এইবোৰ সুদৃঢ় ব্যৱস্থাপনাই তেওঁৰ মহত্বৰ প্ৰমাণ বহন কৰে।
তেৱেঁই আমাৰ বাবে অক্সিজেন সুলভ কৰিছে, যিটোৰ অবিহনে আমি বাচি থকাৰ কোনো উপায় নাই। তেৱেঁই আমাৰ ওপৰত পানী বৰ্ষণ কৰে আৰু তেৱেঁই নদী আৰু সাগৰসমূহক আমাৰ কামত নিয়োজিত কৰিছে। আমি যেতিয়া মাকৰ গৰ্ভত একেবাৰে দুৰ্বল অৱস্থাত আছিলোঁ, তেতিয়া তেৱেঁই আমাক খাদ্যৰ যোগান ধৰিছে আৰু আমাক সুৰক্ষিত ৰাখিছে। এইদৰে তেৱেঁই আমাৰ জন্মৰ পৰা মৃত্যুলৈকে আমাৰ সিৰা মহাসিৰাসমূহত তেজ প্ৰবাহিত কৰে।
তেৱেঁই হৈছে মহান প্ৰতিপালক, আমাৰ সৃষ্টিকৰ্তা, জীৱিকাদাতা সৰ্বশক্তিমান আল্লাহ।
মহান আল্লাহে কৈছেঃ "নিশ্চয় তোমালোকৰ প্ৰতিপালক হৈছে আল্লাহ, যিজনে আকাশসমূহ আৰু পৃথিৱীক ছয় দিনত সৃষ্টি কৰিছে, তাৰ পিছত তেওঁ আৰশ্বৰ ওপৰত উঠিছে। তেৱেঁই দিনক ৰাতিৰে আচ্ছন্ন কৰে। সেইবোৰৰ এটাই আনটোক দ্ৰুতগতিত অনুসৰণ কৰে। (লগতে তেৱেঁই সৃষ্টি কৰিছে) সূৰ্য্য, চন্দ্ৰ আৰু নক্ষত্ৰসমূহক, যিবোৰ তেওঁৰ আদেশৰেই অনুগত। জানি থোৱা, সৃজন আৰু আদেশ কেৱল তেওঁৰেই। বিশ্বজগতৰ প্ৰতিপালক আল্লাহ মহা বৰকতময়!" (ছুৰা আল-আৰাফঃ ৫৪)
মহান আল্লাহেই হৈছে সৃষ্টিজগতৰ প্ৰতিটো বস্তুৰ সৃষ্টিকৰ্তা, যিবোৰ বস্তু আমি দেখা পাওঁ, আৰু যিবোৰ আমি দেখা নাপাওঁ সেইবোৰ বস্তুৰো তেৱেঁই সৃষ্টিকৰ্তা। তেওঁৰ বাহিৰে প্ৰতিটো বস্তুৱে হৈছে তেওঁৰ সৃষ্টি তথা মখলুক। একমাত্ৰ তেৱেঁই ইবাদতৰ যোগ্য। তেওঁৰ সৈতে আন কাৰো ইবাদত কৰাও বৈধ নহয়। তেওঁৰ ৰাজত্বত, অথবা তেওঁৰ কোনো সৃষ্টিত নাইবা পৰিচালনাৰ ক্ষেত্ৰত অথবা তেওঁৰ ইবাদতত কোনো অংশীদাৰ নাই।
তৰ্কৰ খাতিৰত যদি মানি লোৱা হয় যে, তেওঁৰ বাহিৰেও কোনো উপাস্য আছে, তেন্তে এই বিশ্বজগতৰ ব্যৱস্থা বিঘ্নিত হ'লহেঁতেন। কিয়নো একে সময়তে দুজন ঈশ্বৰে কেতিয়াও বিশ্বজগত পৰিচালনা কৰাটো সম্ভৱ নহয়। যেনে- মহান আল্লাহে কৈছেঃ "যদি এই দুয়োৰে (আকাশ আৰু পৃথিৱীৰ) মাজত আল্লাহৰ বাহিৰে বহু ইলাহ থাকিলহেঁতেন, তেন্তে উভয়েই (আকাশমণ্ডল আৰু পৃথিৱী) বিশৃংখল হৈ পৰিলহেঁতেন..." (ছুৰা আল-আম্বিয়াঃ ২২)
মহান সৃষ্টিকৰ্তাৰ বৈশিষ্ট্য
পৱিত্ৰ মহান প্ৰতিপালকৰ অসংখ্য সুন্দৰ সুন্দৰ নাম আছে, তেওঁৰ বহুতো সুউচ্চ গুণাৱলী আছে, যিবোৰে তেওঁৰ পূৰ্ণাংগতাৰ প্ৰমাণ বহন কৰে। সেইবোৰ নামৰ মাজৰ অন্যতম নাম হৈছে, 'আল-খালিক্ব' (সৃষ্টিকৰ্তা), আৰু আন এটা নাম হৈছে 'আল্লাহ'। আল্লাহ নামৰ অৰ্থ হৈছে, এনেকুৱা সত্ত্বা, যাৰ কোনো অংশীদাৰ নাই, একমাত্ৰ তেৱেঁই ইবাদতৰ যোগ্য। তেওঁৰ আৰু কেইবাটাও নাম আছে যেনে- 'আল-হাই' (চিৰঞ্জীৱ), 'আল-কাইয়্যুম' (সৰ্ব সত্ত্বাৰ ধাৰক) 'আৰ-ৰাহীম' (অত্যন্ত দয়ালু), 'আৰ-ৰাঝিক্ব' (জীৱিকাদাতা) 'আল-কাৰীম' (উদাৰ) পৱিত্ৰ কোৰআনত মহান আল্লাহে কৈছেঃ "আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ চিৰঞ্জীৱ, সকলো সত্ত্বাৰ ধাৰক। তেওঁক কলাঘূমটিও স্পৰ্শ কৰিব নোৱাৰে আৰু টোপনিয়েও স্পৰ্শ কৰিব নোৱাৰে। আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সকলো তেওঁৰেই। কোন আছে এনেকুৱা, যিয়ে তেওঁৰ অনুমতি অবিহনে তেওঁৰ ওচৰত চুপাৰিছ কৰিব পাৰিব? সিহঁতৰ সন্মুখত আৰু পাছত যি যি আছে সেই সকলো তেওঁ জানে; আৰু তেওঁ যি ইচ্ছা কৰে সেইখিনিৰ বাহিৰে তেওঁৰ জ্ঞানৰ একোৱেই সিহঁতে আয়ত্ত কৰিব নোৱাৰে। তেওঁৰ কুৰছী আকাশমণ্ডল আৰু পৃথিৱীক পৰিব্যপ্ত কৰি আছে; আৰু এই দুটাৰ ৰক্ষণাবেক্ষণ তেওঁৰ বাবে বোজা নহয়; আৰু তেওঁ সুউচ্চ, সুমহান।" (ছুৰা আল-বাক্বাৰাহঃ ২৫৫)
মহান আল্লাহে আৰু কৈছে: "কোৱা, ‘তেওঁ আল্লাহ, একক-অদ্বিতীয়, আল্লাহ হৈছে ছামাদ; (তেওঁ কাৰো মুখাপেক্ষী নহয়, সকলো তেওঁৰেই মুখাপেক্ষী) তেওঁ কাকো জন্ম দিয়া নাই আৰু তেৱোঁ (কাৰো পৰা) জন্ম লোৱা নাই, আৰু তেওঁৰ সমতুল্য কোনো নাই’।" (ছুৰা আল-ইখলাচঃ ১-৪)
প্ৰকৃত উপাস্য মহান প্ৰতিপালক পূৰ্ণাংগ গুণেৰে গুণাম্বিত৷
তেওঁৰ অন্যতম এটা বৈশিষ্ট্য হৈছে এই যে, তেওঁ হৈছে প্ৰকৃত উপাস্য। তেওঁৰ বাহিৰে সকলোৱে হৈছে সৃষ্টি তথা মখলুক। আটায়ে তেওঁৰ আদেশ পালন কৰিবলৈ বাধ্য।
তেওঁৰ গুণাৱলীসমূহৰ মাজৰ অন্যতম এটা গুণ হৈছে এই যে, তেওঁ চিৰঞ্জীৱ, সকলো সত্ত্বাৰ ধাৰক। আল্লাহেই সকলো জীৱিত বস্তুক জীৱন দান কৰিছে। তেৱেঁই আটাইকে অনস্তিত্বৰ পৰা অস্তিত্ব প্ৰদান কৰিছে। তেৱেঁই সেইবোৰক নিয়ন্ত্ৰণ কৰে, জীৱিকা প্ৰদান কৰে আৰু সকলো প্ৰয়োজন পূৰণ কৰে। এতেকে আল্লাহ হৈছে চিৰঞ্জীৱ, তেওঁৰ কেতিয়াও মৃত্যু নহ'ব। তেওঁৰ বাবে ধ্বংস অসম্ভৱ। তেওঁ সৰ্বসত্ত্বাৰ ধাৰক, তেওঁ কেতিয়াও নুশুৱে, আনকি কলাঘুমটি আৰু টোপনি আদি একোৱেই তেওঁক স্পৰ্শ নকৰে।
তেওঁৰ আৰু এটা বৈশিষ্ট্য হৈছে এই যে, তেওঁ হৈছে সৰ্বজ্ঞ। আকাশমণ্ডল আৰু পৃথিৱীৰ একোৱেই তেওঁৰ পৰা গোপন নহয়।
তেওঁৰ আৰু এটা বৈশিষ্ট্য হৈছে এই যে, তেওঁ হৈছে সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা। তেওঁ সকলো শুনা পায়, আৰু প্ৰতিটো মখলুককে দেখা পায়। অন্তৰত সৃষ্টি হোৱা কল্পনা আৰু বুকুত গোপন ৰখা সকলো বিষয় সম্পৰ্কে তেওঁ অৱগত। আকাশমণ্ডল আৰু পৃথিৱীৰ কোনো বস্তুৱেই তেওঁৰ পৰা গোপন নহয়।
তেওঁৰ আন এটা বৈশিষ্ট্য হৈছে এই যে, তেওঁ হৈছে মহা ক্ষমতাৱান। তেওঁক কোনেও অপাৰগ কৰিব নোৱাৰে আৰু তেওঁৰ ইচ্ছাকো ৰদ্দ কৰিব নোৱাৰে। তেওঁ যি ইচ্ছা কৰে সেইটোৱে কৰে, আৰু যিটোক ইচ্ছা কৰে সেইটোকে ৰোধ কৰে। তেওঁ যাক ইচ্ছা কৰে আগুৱাই দিয়ে আৰু যাক ইচ্ছা কৰে পিছুৱাই দিয়ে। তেওঁ মহা প্ৰজ্ঞাৱান।
তেওঁৰ আন এটা বৈশিষ্ট্য হৈছে এই যে, তেওঁ হৈছে সৃষ্টিকৰ্তা, জীৱিকাদাতা, মহাপৰিচালক, যিয়ে সমগ্ৰ সৃষ্টিকে সৃষ্টি কৰিছে আৰু সেইবোৰক পৰিচালনা কৰে। গোটেই সৃষ্টিজগত হৈছে তেওঁৰ হাতৰ মুঠিত তথা তেওঁৰ অধীনস্থ।
তেওঁৰ আন এটা বৈশিষ্ট্য হৈছে এই যে, তেওঁ বিপদগ্ৰস্ত লোকৰ অভিযোগ শুনে, সিহঁতৰ প্ৰাৰ্থনাত সঁহাৰি দিয়ে, সংকটত থকা লোকক সহায় কৰে আৰু সিহঁতক বিপদমুক্ত কৰে। প্ৰতিটো মখলুক যেতিয়াই কোনো সংকটত পৰে অথবা সিহঁতক কোনো বিপদ-আপদে আগুৰি ধৰে, তেতিয়া সিহঁতে বাধ্য হৈ তেওঁৰেই আশ্ৰয় গ্ৰহণ কৰে।
একমাত্ৰ আল্লাহৰেই ইবাদত কৰিব লাগিব। কাৰণ তেৱেঁই একমাত্ৰ পূৰ্ণাংগ উপযুক্ত, তেওঁৰ বাহিৰে কোনেও ইবাদতৰ উপযুক্ত নহয়। তেওঁৰ বাহিৰে যিবোৰৰ উপাসনা কৰা হয়, সেই সকলোবোৰ হৈছে বাতিল তথা অপূৰ্ণাংগ, সেই সকলোবোৰৰ মৃত্যু নিশ্চিত তথা ধ্বংস অনিবাৰ্য্য।
পৱিত্ৰ তথা মহান আল্লাহে আমাক এনেকুৱা বিবেক প্ৰদান কৰিছে, যিয়ে তেওঁৰ মহানতাক অনুভৱ কৰিব পাৰে। লগতে আমাৰ ভিতৰত এনেকুৱা সদ্ভাৱ প্ৰদান কৰিছে, যিয়ে কল্যাণক ভাল পায় আৰু অকল্যাণক অপছন্দ কৰে। এইদৰে বিশ্বজগতৰ প্ৰতিপালকৰ ওচৰত নত হ'লে শান্তি অনুভৱ কৰে। এই প্ৰাকৃতিক স্বভাৱে তেওঁৰ পূৰ্ণাংগতাৰ প্ৰমাণ বহন কৰে, লগতে এই কথাৰ প্ৰমাণ বহন কৰে যে, তেওঁ কোনো পধ্যেই অপৰিপূৰ্ণ নহয়।
কোনো বিবেকৱান ব্যক্তিৰ বাবেই উচিত নহয় পূৰ্ণাংগ উপযুক্ত সত্ত্বাক এৰি আনৰ ইবাদত কৰা। গতিকে মানুহে নিজৰ দৰে অথবা নিজতকৈ নিম্নশ্ৰেণীৰ এটা সৃষ্টিৰ কেনেকৈ ইবাদত কৰিব পাৰে?
মানুহ, মূৰ্ত্তি, গছ-গছনি অথবা জীৱ-জন্তু আদি কেতিয়াও উপাস্য হ'ব নোৱাৰে।
মহান প্ৰতিপালক আছে আকাশমণ্ডলৰ ওপৰত তথা আৰচৰ ওপৰত, সৃষ্টিৰ পৰা পৃথক। তেওঁৰ সত্ত্বাৰ ভিতৰত কোনো মখলুকেই সমাহিত নহয় আৰু তেৱোঁ কোনো মখলুকৰ ভিতৰত সমাহিত নহয়। লগতে তেওঁ কোনো সৃষ্টিৰো আকাৰ গ্ৰহণ নকৰে।
মহান প্ৰতিপালকৰ সৈতে একোৰেই তুলনা নহয়। তেওঁ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা। তেওঁ সৃষ্টিজগতৰ পৰা অমুখাপেক্ষী। তেওঁ টোপনি নাহে আৰু পানাহাৰো নকৰে। তেওঁ মহান, তেওঁৰ কোনো স্ত্ৰী অথবা সন্তান থকাটো সমীচীন নহয়। কাৰণ সৃষ্টিকৰ্তা সকলো গুণৰ ফালৰ পৰাই মহান। তেওঁৰ বাবে এইটো কেতিয়াও উচিত নহয় যে, তেওঁৰ কোনো বস্তুৰ প্ৰয়োজন হ'ব অথবা তেওঁৰ মাজত কোনো ত্ৰুটি বা অভাৱ আছে।
মহান আল্লাহে কৈছেঃ "হে মানৱ সম্প্ৰদায়! এটা উদাহৰণ দাঙি ধৰা হৈছে, তোমালোকে মনোযোগ সহকাৰে শুনাঃ তোমালোকে আল্লাহৰ পৰিবৰ্তে যিবোৰক আহ্বান কৰা সিহঁতে আটায়ে মিলি কেতিয়াও এটা মাখিও সৃষ্টি কৰিব নোৱাৰে। বৰং মাখিয়ে যদি সিহঁতৰ পৰা কোনো বস্তু এটা কাঢ়ি নিয়ে, তথাপিও সিহঁতে তাৰ পৰা সেইটো বস্তুক উদ্ধাৰ কৰিব নোৱাৰিব। প্ৰাৰ্থনাকাৰী আৰু যাৰ ওচৰত প্ৰাৰ্থনা কৰা হয় সিহঁত উভয়েই দুৰ্বল। সিহঁতে আল্লাহক যথাযোগ্য মৰ্যাদা দিয়া নাই, যেনেকুৱা মৰ্যাদা দিয়া উচিত আছিল। নিশ্চয় আল্লাহ ক্ষমতাৱান, মহাপৰাক্ৰমশালী।" (ছুৰা আল-হাজ্জঃ ৭৩-৭৪)
এই মহান সৃষ্টিকৰ্তাই আমাক কিয় সৃষ্টি কৰিছে? আমাৰ পৰা তেওঁ কি বিচাৰে?
এই কথা বিবেকত ধৰেনে যে, মহান আল্লাহে এই সকলোবোৰ সৃষ্টিক কোনো উদ্দেশ্য নোহোৱাকৈয়ে এনেই সৃষ্টি কৰিছে? তেওঁ এইবোৰক নিৰৰ্থক সৃষ্টি কৰিছে নেকি? অথচ তেওঁ হৈছে মহাপ্ৰজ্ঞাৱান, সৰ্বজ্ঞ।
বিবেকে এই কথা সহজে গ্ৰহণ কৰিব পাৰেনে যে, যিজন সত্ত্বাই ইমান নিপুণ আৰু নিখুঁতভাৱে আমাক সৃষ্টি কৰিছে, লগতে আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো বস্তু আমাৰ অধীনস্থ কৰিছে, তেওঁ আমাক কোনো উদ্দেশ্য নোহোৱাকৈয়ে এনেই সৃষ্টি কৰিছেনে?, অথবা তেওঁ আমাক সেইবোৰ প্ৰশ্নৰ উত্তৰ নজনোৱাকৈয়ে এনেই এৰি দিবনে, যিবোৰ প্ৰশ্নই আমাক সদায় আমনি কৰে, উদাহৰণস্বৰূপেঃ আমি ইয়ালৈ কিয় আহিছোঁ? মৃত্যুৰ পিছত কি হ'ব? আমাৰ সৃষ্টিৰ উদ্দেশ্য কি?
বিবেকে এই কথা স্বীকাৰ কৰেনে যে, অত্যাচাৰীক কোনো শাস্তি দিয়া নহওক আৰু উপকাৰকাৰীক কোনো প্ৰতিদান দিয়া নহওক?
মহান আল্লাহে কৈছেঃ "তোমালোকে ভাবিছিলা নেকি যে, আমি তোমালোকক অনৰ্থক সৃষ্টি কৰিছোঁ আৰু তোমালোকক আমাৰ ওচৰলৈকে ওভোতাই আনা নহ’ব?" (ছুৰা আল-মুমিনূনঃ ১১৫)
প্ৰকৃততে আল্লাহে ৰাছুল প্ৰেৰণ কৰি আমাক আমাৰ অস্তিত্বৰ উদ্দেশ্য সম্পৰ্কে অৱগত কৰিছে। লগতে আমাক এই নিৰ্দেশনা দিছে যে, আমি তেওঁৰ ইবাদত কেনেকৈ কৰিব লাগিব? আৰু কেনেকৈ তেওঁৰ নৈকট্য অৱলম্বন কৰিব লাগিব? লগতে এই কথাও জনাইছে যে, তেওঁ আমাৰ পৰা কি বিচাৰে? আৰু কি কৰিলে তেওঁ আমাৰ ওপৰত সন্তুষ্ট হ'ব? আৰু মৃত্যুৰ পাছত আমাৰ পৰিণাম কি হ'ব সেই সম্পৰ্কেও তেওঁ আমাক অৱগত কৰিছে?
মহান আল্লাহে ৰাছুলসকলক প্ৰেৰণ কৰি আমাক এই সংবাদ দিছে যে, একমাত্ৰ তেৱেঁই ইবাদতৰ যোগ্য, যাতে আমি জানিব পাৰোঁ যে, আমি তেওঁৰ ইবাদত কেনেকৈ কৰিব লাগিব, লগতে এইকাৰণে প্ৰেৰণ কৰিছে যাতে তেওঁৰ আদেশ-নিষেধ আমাক জনাই দিব পাৰে। লগতে আমাক এনেকুৱা নৈতিকতা শিকাবলৈ তেওঁলোকক প্ৰেৰণ কৰিছে, যদি আমি সেইবোৰ পালন কৰোঁ তেন্তে আমাৰ জীৱন সকলো প্ৰকাৰৰ কল্যাণ আৰু বৰকতেৰে ভৰি পৰিব।
মহান আল্লাহে বহুতো ৰাছুল প্ৰেৰণ কৰিছে, উদাহৰণস্বৰূপেঃ (নূহ, ইব্ৰাহীম, মূছা, ঈছা)। আল্লাহে তেওঁলোকক এনেকুৱা নিদৰ্শন আৰু অলৌকিকতাৰ দ্বাৰা শক্তিশালি কৰিছে, যিবোৰে তেওঁলোকৰ সত্যতাৰ প্ৰমাণ বহন কৰে যে, তেওঁলোক হৈছে আল্লাহৰ ফালৰ পৰা প্ৰেৰিত ৰাছুল। ৰাছুলসকলৰ এই ধাৰাবাহিকতাৰ সৰ্বশেষ ৰাছুল হৈছে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম।
ৰাছুলসকলে আমাক এই কথা স্পষ্টভাৱে জনাই দিছে যে, আমাৰ এই জীৱন হৈছে এটা পৰীক্ষা মাত্ৰ। প্ৰকৃত জীৱন হৈছে মৃত্যুৰ পিছৰ জীৱন।
তাত মুমিনসকলৰ বাবে আছে জান্নাত, যিসকলে একমাত্ৰ আল্লাহৰ ইবাদত কৰিছিল, যাৰ কোনো অংশীদাৰ নাই, লগতে যিসকলে সকলো ৰাছুলৰ প্ৰতি ঈমান আনিছিল। পক্ষান্তৰে তাত আল্লাহে কাফিৰসকলৰ বাবে প্ৰস্তুত কৰি ৰাখিছে জাহান্নাম, যিসকলে আল্লাহৰ সৈতে অন্যান্য উপাস্যৰ উপাসনা কৰিছিল, অথবা ৰাছুলসকলৰ মাজৰ কোনো ৰাছুলক অস্বীকাৰ কৰিছিল।
মহান আল্লাহে কৈছেঃ "হে আদম সন্তান! যেতিয়া তোমালোকৰ ওচৰলৈ তোমালোকৰ মাজৰ পৰাই ৰাছুলসকল আহি আমাৰ আয়াতসমূহ তোমালোকৰ ওচৰত বিবৃত কৰিব, তেতিয়া যিসকলে তাক্বৱা অৱলম্বন কৰিব আৰু নিজকে সংশোধন কৰিব, তেওঁলোকৰ কোনো ভয় নাথাকিব আৰু তেওঁলোক চিন্তিতও নহ’ব। আৰু যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে আৰু এই বিষয়ত অহংকাৰ কৰিছে, সিহঁতেই হৈছে জাহান্নামৰ অধিবাসী, তাত সিহঁতে চিৰকাল থাকিব।" (ছুৰা আল-আৰাফঃ ৩৫-৩৬)
মহান আল্লাহে কৈছেঃ "হে মানৱ সম্প্ৰদায়! তোমালোকে তোমালোকৰ সেই ৰব (প্ৰতিপালক)ৰ ইবাদত কৰা, যিজনে তোমালোকক আৰু তোমালোকৰ পূৰ্বৱৰ্তীসকলক সৃষ্টি কৰিছে, যাতে তোমালোকে তাক্বৱাৰ অধিকাৰী হ’ব পাৰা। যিজনে তোমালোকৰ বাবে পৃথিৱীখনক বিছনা বনাই দিছে আৰু আকাশখনক কৰি দিছে চালস্বৰূপ, আৰু আকাশৰ পৰা পানী অৱতীৰ্ণ কৰি তাৰ দ্বাৰা তোমালোকৰ জীৱিকাৰ বাবে ফলমূল উৎপাদন কৰিছে। গতিকে তোমালোকে জানি-শুনি কাকো আল্লাহৰ সমকক্ষ থিৰ নকৰিবা। আমি আমাৰ বান্দাৰ ওপৰত যি অৱতীৰ্ণ কৰিছোঁ তাত যদি তোমালোকৰ কোনো সন্দেহ থাকে তেন্তে ইয়াৰ অনুৰূপ কোনো এটা ছুৰা ৰচনা কৰি আনা আৰু আল্লাহৰ বাহিৰে তোমালোকৰ সকলো সাক্ষী-সহায়কাৰীক আহ্বান কৰা, যদিহে তোমালোকে সত্যবাদী হোৱা। এতেকে যদি তোমালোকে এনে নকৰা- আৰু তোমালোকে এইটো কেতিয়াও কৰিব নোৱাৰিবা, তেনেহ’লে সেই জুইৰ পৰা বাচিবলৈ ব্যৱস্থা কৰা, যাৰ ইন্ধন হ’ব মানুহ আৰু শিল, যিটো প্ৰস্তুত কৰা হৈছে কাফিৰসকলৰ বাবে। আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকক সুসংবাদ দিয়ক যে, তেওলোকৰ বাবে আছে জান্নাত, যাৰ তলেদি নদীসমূহ প্ৰবাহিত হয়, যেতিয়াই তেওঁলোকক তাৰ পৰা কোনো ফল খাবলৈ দিয়া হ’ব, তেতিয়াই তেওঁলোকে ক’ব, ইতিপুৰ্বে আমাক এই ধৰণৰ ফল-মূল খাবলৈ দিয়া হৈছিল, কাৰণ তেওঁলোকক ফলমূল সাদৃশ্যপূৰ্ণ কৰি দিয়া হ’ব আৰু তেওঁলোকৰ বাবে তাত থাকিব পৱিত্ৰা-সঙ্গিনী, আৰু তাত তেওঁলোকে চিৰকাল থাকিব।' (ছুৰা আল-বাক্বাৰাহঃ ২১-২৫)
ইমান সংখ্যক ৰাছুল কিয় প্ৰেৰণ কৰিছে?
আল্লাহে সকলো উম্মতৰ প্ৰতি একোজনকৈ ৰাছুল প্ৰেৰণ কৰিছিল। এনেকুৱা কোনো উম্মত নাই, যি উম্মতক আল্লাহৰ ইবাদতৰ প্ৰতি আহ্বান কৰিবলৈ তথা সিহঁতক তেওঁৰ আদেশ নিষেধ পৌঁচাই দিবলৈ কোনো ৰাছুল অহা নাই। সকলো ৰাছুলৰ আহ্বানৰ এটাই উদ্দেশ্য আছিল, সেয়া হৈছেঃ একমাত্ৰ সৰ্বশক্তিমান আল্লাহৰ ইবাদত কৰা। যেতিয়াই কোনো উম্মতে নিজ ৰাছুলৰ শিক্ষাক পৰিত্যাগ কৰিছে তথা ৰাছুলে লৈ অহা আল্লাহৰ একত্ববাদী বাৰ্তাক বিকৃত কৰিছে, তেতিয়াই আল্লাহে বেলেগ এজন ৰাছুল প্ৰেৰণ কৰি সেইটোক সংশোধন কৰাৰ দায়িত্ব অৰ্পন কৰিছে। যাতে মানুহে প্ৰকৃত স্বভাৱৰ প্ৰতি উভতি আহে, অৰ্থাৎ আল্লাহৰ তাওহীদ আৰু তেওঁৰ আনুগত্যৰ প্ৰতি।
ৰাছুলসকলৰ এই ধাৰাবাহিকতাৰ সৰ্বশেষ ৰাছুল হৈছে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম। যাক প্ৰদান কৰা হৈছে পূৰ্ণাংগ দ্বীন আৰু সকলো মানুহৰ বাবে প্ৰযোজ্য হ'ব পৰা স্থায়ী চৰীয়ত, যিটো কিয়ামত পৰ্যন্ত অবিচল থাকিব। যি চৰীয়তে পূৰ্বৱৰ্তী সকলো চৰীয়তক ৰহিত কৰিছে। যিটো চৰীয়তক কিয়ামত পৰ্যন্ত সুৰক্ষিত ৰাখিবলৈ স্বয়ং আল্লাহে দায়িত্ব লৈছে।
কোনো ব্যক্তিয়েই প্ৰকৃত মুমিন হ'ব নোৱাৰে যেতিয়ালৈকে সি সকলো ৰাছুলৰ প্ৰতি ঈমান পোষণ নকৰিব।
আল্লাহেই হৈছে সেই সত্ত্বা, যিজনে ৰাছুলসকলক প্ৰেৰণ কৰিছে, আৰু সকলো সৃষ্টিকে তেওঁলোকৰ অনুসৰণ কৰিবলৈ নিৰ্দেশ দিছে। যিয়ে কোনো এজন ৰাছুলক অস্বীকাৰ কৰিছে, সি দৰাচলতে সকলো ৰাছুলকে অস্বীকাৰ কৰিছে। কিয়নো ইয়াতকৈ ডাঙৰ গুনাহ আৰু একো হ'ব নোৱাৰে যে, মানুহে আল্লাহৰ ফালৰ পৰা প্ৰেৰিত অহীক অস্বীকাৰ কৰিছে। গতিকে জান্নাতত প্ৰৱেশ কৰিবলৈ হ'লে সকলো ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰিব লাগিব।
গতিকে আজি প্ৰতিজন ব্যক্তিৰ ওপৰতে অনিবাৰ্য্য আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা, আৰু আল্লাহে প্ৰেৰণ কৰা সকলো ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা, এইদৰে আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰাও জৰুৰী। এতেকে ইয়াৰ বাবে সৰ্বশেষ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি ঈমান পোষণ কৰা আৰু তেওঁৰ অনুসৰণ কৰাটো অতিকৈ জৰুৰী। যাক মহান আল্লাহে স্থায়ী অলৌকিকতাৰ দ্বাৰা সমৰ্থন কৰিছে, সেয়া হৈছে আল-কোৰআনুল কাৰীম। লগতে ইয়াৰ সুৰক্ষাৰ দায়িত্বও স্বয়ং আল্লাহেই লৈছে, কিয়ামত সংঘটিত নোহোৱালৈকে এইখন সুৰক্ষিত থাকিব।
মহান আল্লাহে পৱিত্ৰ কোৰআনত এই কথা উল্লেখ কৰিছে যে, যিয়েই ৰাছুলসকলৰ মাজৰ কোনো এজন ৰাছুলক অস্বীকাৰ কৰিব, সি দৰাচলতে আল্লাহক অস্বীকাৰ কৰে, তথা তেওঁৰ অহীক মিছা প্ৰতিপন্ন কৰে। যেনে- মহান আল্লাহে কৈছেঃ "নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে কুফৰী কৰে, লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ মাজত পাৰ্থক্য কৰিব বিচাৰে আৰু সিহঁতে কয়, ‘আমি কিছুমানৰ ওপৰত ঈমান পোষণ কৰোঁ আৰু কিছুমানৰ লগত কুফৰী কৰোঁ’; আৰু সিহঁতে ইয়াৰ মধ্যৱৰ্তী এটা পথ অৱলম্বন কৰিব বিচাৰে। ইহঁতেই হৈছে প্ৰকৃত কাফিৰ; (জানি থোৱা) আমি কাফিৰসকলৰ বাবে লাঞ্ছনাদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছোঁ।" (ছুৰা আন-নিছাঃ ১৫০-১৫১)
সেয়ে আমি মুছলিমসকলে আল্লাহৰ আদেশ পালন কৰি তেওঁৰ প্ৰতি আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰোঁ, লগতে সকলো ৰাছুল আৰু পূৰ্বৱৰ্তী সমূহ গ্ৰন্থৰ প্ৰতি ঈমান পোষণ কৰোঁ। পৱিত্ৰ কোৰআনত মহান আল্লাহে কৈছেঃ "ৰাছুলে তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা তেওঁৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তাৰ ওপৰত ঈমান আনিছে আৰু মুমিনসকলেও ঈমান আনিছে। প্ৰত্যেকেই ঈমান আনিছে আল্লাহৰ ওপৰত, তেওঁৰ ফিৰিস্তাসকলৰ ওপৰত, তেওঁৰ কিতাপসমূহৰ ওপৰত আৰু তেওঁৰ ৰাছুলসকলৰ ওপৰত। আমি তেওঁৰ ৰাছুলসকলৰ মাজত কোনো পাৰ্থক্য নকৰোঁ; আৰু এওঁলোকে কয়, ‘আমি শুনিছোঁ আৰু মানি লৈছোঁ। হে আমাৰ প্ৰতিপালক! তোমাৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰোঁ আৰু তোমাৰ ওচৰতেই (আমাৰ) প্ৰত্যাৱৰ্তন।" (ছুৰা আল-বাক্বাৰাহঃ ২৮৫)
আল-কোৰআনুল কাৰীম কি?
পৱিত্ৰ কোৰআন হৈছে সৰ্বশক্তিমান আল্লাহৰ বাণী আৰু তেওঁৰ অহী। যিখন অৱতীৰ্ণ হৈছে সৰ্বশেষ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত। কোৰআন হৈছে মহা নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নুবুওৱত প্ৰমাণকাৰী আটাইতকৈ ডাঙৰ অলৌকিকতা। ইয়াত থকা আটাইবোৰ বিধি-বিধান সকলো সময়ৰ বাবে উপযুক্ত তথা ইয়াৰ সকলো সংবাদ সত্য।
ইয়াৰ অস্বীকাৰকাৰীসকলক আল্লাহে প্ৰত্যাহ্বান জনাই কৈছে যে, ইয়াৰ অনুৰূপ এখন গ্ৰন্থ ৰচনা কৰি দেখুৱাচোন, আনকি ইয়াৰ অনুৰূপ এটা ছুৰাকে ৰচনা কৰি আনাচোন, কিন্তু ইয়াৰ বিষয়বস্তু ইমান মহান আৰু ইমান ব্যাপক যে, আজিলৈকে সিহঁত এইক্ষেত্ৰত ব্যৰ্থ। ইয়াৰ ভিতৰত মানুহৰ দুনিয়া আৰু আখিৰাত সম্পৰ্কীয় সকলো বিষয় উল্লেখ আছে, লগতে ঈমান সম্পৰ্কীয় সেই সকলো বিষয় উল্লেখ আছে, যিবোৰৰ প্ৰতি ঈমান পোষণ কৰা অনিবাৰ্য্য।
এইদৰে ইয়াৰ ভিতৰত সেই সকলো আদেশ-নিষেধ সম্পৰ্কীয় বিধি-বিধান উল্লেখ আছে, যিবোৰ এজন ব্যক্তিয়ে নিজৰ আৰু প্ৰতিপালকৰ ক্ষেত্ৰত, তথা নিজৰ আৰু নিজৰ নফছৰ ক্ষেত্ৰত আনকি নিজৰ আৰু অন্যান্য সকলো সৃষ্টিৰ ক্ষেত্ৰত পালন কৰা উচিত। সেয়াও অতি স্পষ্ট আৰু অত্যন্ত উন্নত ভাষাশৈলীৰে বৰ্ণনা কৰিছে।
ইয়াৰ ভিতৰত বহুতো যৌক্তিক প্ৰমাণাদি আৰু বৈজ্ঞানিক তথ্য আছে, যিবোৰে প্ৰমাণ কৰে যে, এইখন গ্ৰন্থ কেতিয়াও মানৱ ৰচিত হ'ব নোৱাৰে, বৰং এইখন হৈছে মানৱজাতিৰ প্ৰতিপালক সৰ্বশক্তিমান আল্লাহৰ বাণী।
ইছলাম কাক বোলে?
ইছলাম হৈছে একত্ববাদৰ মাধ্যমত সৰ্বশক্তিমান আল্লাহৰ ওচৰত আত্মসমৰ্পন কৰা, আনুগত্যৰ সৈতে তেওঁৰ সন্মুখত নত স্বীকাৰ কৰা, লগতে সন্তুষ্টচিত্তে চৰীয়তৰ বিধি-বিধান গ্ৰহণ কৰি সেইমতে আমল কৰা। পক্ষান্তৰে আল্লাহৰ বাহিৰে যিবোৰৰ উপাসনা কৰা হয়, সেই সকলোবোৰক অস্বীকাৰ কৰা।
মহান আল্লাহে সকলো ৰাছুলকে এটাই বাৰ্তা প্ৰদান কৰি প্ৰেৰণ কৰিছিল, সেয়া হৈছেঃ মানুহক আল্লাহৰ ইবাদতৰ প্ৰতি আহ্বান কৰা, তেওঁ একক তথা অদ্বিতীয়, তেওঁৰ কোনো অংশীদাৰ নাই। তেওঁৰ বাহিৰে যিবোৰৰ উপাসনা কৰা হয়, সেই সকলোবোৰক অস্বীকাৰ কৰা।
ইছলামেই হৈছে সকলো নবীৰ ধৰ্ম। তেওঁলোকৰ মূল বাৰ্তা এটাই আছিল, কিন্তু চৰীয়ত আছিল বেলেগ বেলেগ। বৰ্তমান সময়ত কেৱল মুছলিমসকলেই নবীসকলে লৈ অহা সঠিক ধৰ্ম মতে আমল কৰি আছে। ইছলামৰ বাৰ্তাই হৈছে সঠিক বাৰ্তা। এইটোৱে হৈছে সৃষ্টিকৰ্তাৰ ফালৰ পৰা মানৱজাতিৰ প্ৰতি অন্তিম বাৰ্তা।
যি সত্ত্বাই ইব্ৰাহীম, মূছা, ঈছা আলাইহিমুচ্ছালামক প্ৰেৰণ কৰিছিল, সেই সত্ত্বাই সৰ্বশেষ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰেৰণ কৰিছে। ইছলামী চৰীয়তে পূৰ্বৱৰ্তী সকলো চৰীয়তকে ৰহিত কৰিছে।
ইছলামৰ বাহিৰে মানুহে আজি যিবোৰ ধৰ্ম পালন কৰে, সেইবোৰ হয়তো মানৱ ৰচিত নাইবা এনেকুৱা ঐশী ধৰ্ম, যিবোৰ পৰৱৰ্তী সময়ত মানুহৰ দ্বাৰা বিকৃত হৈছে। ফলত সেইবোৰৰ মাজত ভণ্ডামি আৰু পৰম্পৰা আৰু মানৱীয় প্ৰচেষ্টাৰ মিশ্ৰণ ঘটিছে।
আনহাতে মুছলিমসকলৰ ধৰ্ম হৈছে পৰিবৰ্তনৰ পৰা সুৰক্ষিত, তথা এইটো হৈছে এটা স্পষ্ট ধৰ্ম। এইদৰে আল্লাহৰ বাবে তেওঁলোকে কৰা ইবাদতসমূহো এক। সকলো মুছলিমেই পাঁচ ওৱাক্ত নামাজ আদায় কৰে, নিজৰ সম্পদৰ জাকাত দিয়ে, ৰমাজান মাহৰ ৰোজা পালন কৰে। আনকি তেওঁলোকৰ সংবিধান কোৰআনৰ প্ৰতি যদি আপুনি দৃষ্টিপাত কৰে তেন্তে দেখিবলৈ পাব যে, পৃথিৱীৰ প্ৰতিটো দেশতে সেইখন একেই গ্ৰন্থ। মহান আল্লাহে কৈছেঃ "আজি মই তোমালোকৰ বাবে তোমালোকৰ দ্বীনক পৰিপূৰ্ণ কৰিলোঁ আৰু তোমালোকৰ ওপৰত মোৰ অনুগ্ৰহ সম্পূৰ্ণ কৰিলোঁ, আৰু তোমালোকৰ বাবে ইছলামক দ্বীন হিচাপে মনোনীত কৰিলোঁ। এতেকে যিয়ে পাপকৰ্মৰ ফালে ধাৱিত নহৈ কেৱল ভোকৰ তাড়নাত বাধ্য হৈ (ভক্ষণ কৰিছে) তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।" (ছুৰা আল-মায়িদাহঃ ৩)
আৰু পৱিত্ৰ কোৰআনত মহান আল্লাহে কৈছেঃ "তোমালোকে কোৱা, ‘আমি ঈমান আনিছোঁ আল্লাহৰ প্ৰতি আৰু যি আমাৰ প্ৰতি অৱতীৰ্ণ হৈছে লগতে তাৰ প্ৰতিও ঈমান আনিছোঁ যি অৱতীৰ্ণ হৈছে ইব্ৰাহীম, ইছমাঈল, ইছহাক্ব, ইয়াকূব আৰু তেওঁৰ বংশধৰসকলৰ প্ৰতি, আৰু মুছা, ঈছা লগতে অন্যান্য নবীসকলক তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা যি প্ৰদান কৰা হৈছে (তাৰ প্ৰতিও ঈমান আনিছোঁ)। আমি তেওঁলোকৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নকৰোঁ; আৰু আমি তেওঁৰ ওচৰতেই আত্মসমৰ্পণকাৰী। আৰু যিয়ে ইছলামৰ বাহিৰে আন কোনো দ্বীন সন্ধান কৰিব, তাৰ পৰা সেইটো কেতিয়াও গ্ৰহণ কৰা নহ’ব আৰু সি পৰকালত ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ’ব।" (ছুৰা আলে-ইমৰাণঃ ৮৪-৮৫)
ইছলাম হৈছে এটা সামগ্ৰীক জীৱন ব্যৱস্থা, যিটো স্বভাৱজাত প্ৰকৃতি আৰু সুস্থ বিবেকৰ অনুকূল। ইয়াক অবিকৃত মনে স্বাভাৱিকভাৱেই গ্ৰহণ কৰে। ইয়াক মহান সৃষ্টিকৰ্তাই সৃষ্টিজগতৰ বাবে চৰীয়ত হিচাপে নিৰ্ধাৰণ কৰিছে। পৃথিৱী আৰু আখিৰাত উভয় স্থানতে সকলো মানুহৰ বাবে এইটো হৈছে কল্যাণ আৰু সুখৰ ধৰ্ম। ইয়াত কোনো বৰ্ণবিভেদ বা গোত্ৰবিভেদ নাই। ইয়াত সকলো মানুহেই সমান। নেক আমলৰ বাহিৰে ইছলামে বেলেগ কোনো ক্ষেত্ৰতেই ইজনক সিজনৰ ওপৰত প্ৰাধান্য নিদিয়ে।
মহান আল্লাহে কৈছেঃ "পুৰুষ হওক বা নাৰী, ঈমানৰ অৱস্থাত যিয়েই সৎকৰ্ম কৰিব, নিশ্চয় আমি তাক পৱিত্ৰ জীৱন দান কৰিম, লগতে আমি তেওঁলোকক তেওঁলোকৰ আমলতকৈ শ্ৰেষ্ঠ প্ৰতিদান প্ৰদান কৰিম।" (ছুৰা আন-নাহলঃ ৯৭)
ইছলাম হৈছে কল্যাণৰ পথ
ইছলাম হৈছে সকলো নবীৰ ধৰ্ম। এইটোৱে হৈছে মানুহক প্ৰদান কৰা আল্লাহৰ দ্বীন। এই ধৰ্ম কেৱল আৰবীয়ানসকলৰ বাবে নিৰ্দিষ্ট নহয়।
ইছলাম হৈছে পাৰ্থিৱ জীৱনৰ প্ৰকৃত সুখ অৰ্জন কৰাৰ পথ, আৰু আখিৰাতৰ চিৰস্থায়ী নিয়ামত লাভ কৰাৰ মাধ্যম।
ইছলাম হৈছে একমাত্ৰ এনেকুৱা এটা ধৰ্ম, যি ধৰ্মই আত্মা আৰু শৰীৰৰ প্ৰয়োজনীয়তা পূৰণ কৰে, লগতে মানৱীয় সকলো সমস্যাৰ সমাধান কৰে। মহান আল্লাহে কৈছেঃ "তেওঁ ক’লে, ‘তোমালোকে উভয়ে একেলগে জান্নাতৰ পৰা নামি যোৱা। তোমালোকে পৰস্পৰে পৰস্পৰৰ শত্ৰু। সেয়ে যদি মোৰ তৰফৰ পৰা তোমালোকৰ ওচৰলৈ সৎপথৰ নিৰ্দেশ আহি পায়, যিয়ে মোৰ প্ৰদৰ্শিত সৎপথৰ অনুসৰণ কৰিব সি বিপথগামী নহ’ব আৰু দুৰ্দশাগ্ৰস্তও নহ’ব। ‘আৰু যিয়ে মোৰ স্মৰণৰ পৰা বিমুখ থাকিব, নিশ্চয় তাৰ জীৱন-যাপন হ'ব সংকুচিত আৰু আমি তাক কিয়ামতৰ দিনা অন্ধ অৱস্থাত উত্থিত কৰিম’।" (ছুৰা ত্বা-হাঃ ১২৩-১২৪)
এজন মুছলিমে দুনিয়া আৰু আখিৰাতত কি উপকাৰ লাভ কৰে?
ইছলামৰ উপকাৰিতা বহুত, তাৰে অন্যতম হৈছেঃ
ইছলাম গ্ৰহণ কৰাৰ ফলত মানুহে আল্লাহৰ বান্দা হৈ সন্মান অৰ্জন কৰিব তথা সফলতা লাভ কৰিব। অন্যথা সি প্ৰবৃত্তিৰ দাস নাইবা চয়তান তথা কামনা-বাসনাৰ বান্দাত পৰিণত হ'ব।
ইয়াৰ ফলত আখিৰাতত আল্লাহৰ মাগফিৰাত তথা ক্ষমা অৰ্জন কৰিব আৰু তেওঁৰ সন্তুষ্টি লাভ কৰিব। ফলত আল্লাহে তেওঁক জান্নাতত প্ৰৱেশ কৰাব। লগতে তেওঁক চিৰস্থায়ী নিয়ামত আৰু স্থায়ী সন্তুষ্টিৰ সফলতা প্ৰদান কৰিব, আৰু জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰিব।
মুমিনসকলে কিয়ামতৰ দিনা নবী, চিদ্দীক্ব, শ্বহীদ আৰু আল্লাহৰ নেক বান্দাসকলৰ সৈতে থকাৰ সৌভাগ্য লাভ কৰিব। এইটো কিমান যে উত্তম সংগ। পক্ষান্তৰে যিসকলে ঈমান পোষণ কৰা নাই, সিহঁত থাকিব তাগুতসকলৰ সৈতে তথা অপৰাধী আৰু বিপৰ্যয় সৃষ্টিকাৰী নিকৃষ্ট লোকসকলৰ সৈতে।
আল্লাহে যিসকল লোকক জান্নাতত প্ৰৱেশ কৰাব, তেওঁলোক চিৰস্থায়ী নিয়ামতৰ মাজত বসবাস কৰিব। মৃত্যু, বেমাৰ-আজাৰ, দুখ-কষ্ট, বৃদ্ধাৱস্থা, দুশ্চিন্তা আদি একোৱে তেওঁলোকক স্পৰ্শ নকৰিব। তেওঁলোকৰ প্ৰতিটো ইচ্ছা পূৰণ কৰা হ'ব। আনহাতে যিসকলক জাহান্নামত নিক্ষেপ কৰা হ'ব, সিহঁত নিৰৱচ্ছিন্ন চিৰস্থায়ী শাস্তিৰ মাজত থাকিব।
জান্নাতত এনেকুৱা এনেকুৱা উপভোগ্য সামগ্ৰী আছে, যিবোৰক কোনো চকুৱেই দেখা নাই, আৰু যিবোৰৰ বিষয়ে কোনো কাণেও শুনা নাই, আনকি সেইবোৰৰ বিষয়ে কোনো মানুহৰ অন্তৰেও কল্পনা কৰিব নোৱাৰে। যেনে- মহান আল্লাহে পৱিত্ৰ কোৰআনত কৈছেঃ "পুৰুষ হওক বা নাৰী, ঈমানৰ অৱস্থাত যিয়েই সৎকৰ্ম কৰিব, নিশ্চয় আমি তাক পৱিত্ৰ জীৱন দান কৰিম, লগতে আমি তেওঁলোকক তেওঁলোকে যি আমল কৰিছিল তাতোকৈ শ্ৰেষ্ঠ প্ৰতিদান প্ৰদান কৰিম।" (ছুৰা আন-নাহলঃ ৯৭)
মহান আল্লাহে আৰু কৈছেঃ "এতেকে কোনোৱেই নাজানে তেওঁলোকৰ কৃতকৰ্মৰ পুৰস্কাৰ হিচাপে তেওঁলোকৰ বাবে চকু জুৰ পেলোৱা কি (প্ৰতিদান) লুকুৱাই ৰখা হৈছে!" (ছুৰা আছ-ছাজদাহঃ ১৭)
অমুছলিমৰ কি ক্ষতি হ’ব?
ইয়াৰ ফলত মানুহে আটাইতকৈ ডাঙৰ জ্ঞানৰ পৰা বঞ্চিত হয়, অৰ্থাৎ সি আল্লাহ সম্পৰ্কীয় জ্ঞানৰ পৰা বঞ্চিত হয়। লগতে সি আল্লাহৰ প্ৰতি ঈমানৰ পৰা বঞ্চিত হয়। সেই ঈমানৰ পৰা বঞ্চিত হয়, যি ঈমানে মানুহক পৃথিৱীত সুৰক্ষা আৰু শান্তি, লগতে আখিৰাতত চিৰস্থায়ী নিয়ামতৰ অধিকাৰী বনায়।
এইদৰে মানুহে আল্লাহৰ সেই মহান গ্ৰন্থখনৰ প্ৰতি ঈমানৰ পৰা আৰু তাৰ অনুসৰণৰ পৰা বঞ্চিত হয়, যিখন মানুহৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে।
এইদৰে সি নবীসকলৰ প্ৰতি ঈমানৰ পৰা বঞ্চিত হ'ব, লগতে জান্নাতত তেওঁলোকৰ সাহচৰ্য্য লাভ কৰাৰ পৰা বঞ্চিত হ'ব। ফলত তাগুত, চয়তান আৰু অপৰাধীবিলাকৰ সংগী হৈ জাহান্নামত নিক্ষিপ্ত হ'ব। কিমান যে নিকৃষ্ট সেই বাসস্থান আৰু সেই প্ৰতিৱেশীসকল।
মহান আল্লাহে কৈছেঃ "কোৱা, ‘প্ৰকৃত ক্ষতিগ্ৰস্ত হৈছে সেইসকল লোক, যিসকলে কিয়ামতৰ দিনা নিজৰ আৰু নিজ পৰিয়ালবৰ্গৰ ক্ষতি সাধন কৰিব। জানি থোৱা! এইটোৱেই হৈছে সুস্পষ্ট ক্ষতি’। সিহঁতৰ বাবে সিহঁতৰ ওপৰতো থাকিব অগ্নিৰ স্তৰ আৰু তলফালেও থাকিব অগ্নিৰ স্তৰ। এইবোৰ শাস্তিৰ দ্বাৰাই আল্লাহে তেওঁৰ বান্দাসকলক সতৰ্ক কৰে। হে মোৰ বান্দাসকল! এতেকে তোমালোকে কেৱল মোকেই ভয় কৰা।" (ছুৰা আঝ-ঝুমৰঃ ১৫-১৬)
আখিৰাতত যিয়ে মুক্তি কামনা কৰে, তেওঁ আল্লাহৰ আজ্ঞাকাৰী মুছলমান হোৱা উচিত, আৰু তেওঁৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুসৰণ কৰা উচিত।
সকলো নবী আৰু ৰাছুল এই কথাত একমত যে, আখিৰাতত কেৱল মুছলিমসকলেই মুক্তি লাভ কৰিব, যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু তেওঁৰ সৈতে আন কাকো অংশীদাৰ স্থাপন কৰা নাই, যিসকলে একমাত্ৰ তেওঁৰেই ইবাদত কৰে। লগতে সকলো নবী আৰু ৰাছুলৰ প্ৰতি ঈমান আনিছে। প্ৰত্যেক ৰাছুলৰ মুমিন অনুসাৰী, যিসকলে ৰাছুলসকলৰ প্ৰতি ঈমান আনিছে, আৰু তেওঁলোকক সত্য বুলি মানি লৈছে, সেই সকলো লোকে জান্নাতত প্ৰৱেশ কৰিব আৰু জাহান্নামৰ পৰা মুক্তি লাভ কৰিব।
এতেকে নবী মূছাৰ সময়ত যিসকল লোক আছিল, তেওঁলোকৰ মাজৰ যিসকলে তেওঁৰ প্ৰতি ঈমান আনিছিল আৰু তেওঁ দিয়া শিক্ষা মতে আমল কৰিছিল, তেওঁলোকেই হৈছে প্ৰকৃত মুমিন তথা মুছলিম। কিন্তু আল্লাহে নবী ঈছাক প্ৰেৰণ কৰাৰ পাছত মূছাৰ অনুসাৰীসকলৰ ওপৰত অনিবাৰ্য্য হৈ পৰিছে ঈছাৰ প্ৰতি ঈমান পোষণ কৰা আৰু তেওঁৰ অনুসৰণ কৰা।
গতিকে যিসকলে ঈছাৰ প্ৰতি ঈমান আনিছে, তেওঁলোকেই হৈছে প্ৰকৃত মুছলিম। আনহাতে যিয়ে ঈছাক অস্বীকাৰ কৰিব আৰু মূছাৰ চৰীয়তৰ ওপৰত অটল থাকিব, সি হৈছে অমুছলিম। কাৰণ সি আল্লাহে প্ৰেৰণ কৰা নবীক অস্বীকাৰ কৰিছে।
ইয়াৰ পাছত আল্লাহে যেতিয়া সৰ্বশেষ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰেৰণ কৰিলে, তেতিয়া সকলোৰে ওপৰত তেখেতৰ প্ৰতি ঈমান পোষণ কৰাটো অনিবাৰ্য্য হৈ পৰিছে। যিজন প্ৰতিপালকে মূছা, ঈছাক প্ৰেৰণ কৰিছে, তেৱেঁই সৰ্বশেষ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰেৰণ কৰিছে। গতিকে এতিয়া যিয়ে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক ৰাছুল হিচাপে মানিবলৈ অস্বীকাৰ কৰিব, আৰু মূছা ঈছাৰ অনুসৰণত অটল থাকিব, সি মুমিন হিচাপে গণ্য নহ'ব।
কোনো ব্যক্তিৰ বাবে কেৱল এইখিনি স্বীকাৰ কৰাটোৱে যথেষ্ট নহয় যে, সি মুছলিমসকলক সন্মান কৰে। লগতে আখিৰাতত মুক্তি লাভ কৰাৰ বাবে কেৱল চাদাক্বাহ কৰা আৰু দুখীয়া দৰিদ্ৰ অভাৱীসকলক সহায় কৰাটোৱে যথেষ্ট নহয়। বৰং এইবোৰ কবূল হোৱাৰ বাবে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা, তেওঁ অৱতীৰ্ণ কৰা গ্ৰন্থসমূহৰ প্ৰতি, ৰাছুলসকলৰ প্ৰতি আৰু অন্তিম দিৱসৰ প্ৰতি ঈমান পোষণ কৰাটো অনিবাৰ্য্য। কিয়নো শ্বিৰ্ক আৰু আল্লাহক অস্বীকাৰ কৰা, এইদৰে আল্লাহে অৱতীৰ্ণ কৰা অহীক অগ্ৰাহ্য কৰা, অথবা সৰ্বশেষ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক অস্বীকাৰ কৰাটো হৈছে আটাইতকৈ ডাঙৰ গুনাহ, ইয়াতকৈ ডাঙৰ আৰু কোনো গুনাহ নাই।
এতেকে ইয়াহুদী, খ্ৰীষ্টান আৰু অন্যান্য যিসকলে ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বিষয়ে শুনিছে, কিন্তু তথাপিও তেখেতৰ প্ৰতি ঈমান পোষণ কৰিবলৈ অস্বীকাৰ কৰিছে, তথা ইছলাম গ্ৰহণ কৰিবলৈ অমান্তি হৈছে, সিহঁত অচিৰেই জাহান্নামত নিক্ষিপ্ত হ'ব আৰু তাত চিৰস্থায়ী হ'ব। এইটো হৈছে আল্লাহৰ সিদ্ধান্ত, কোনো মানুহৰ সিদ্ধান্ত নহয়। যেনে- মহান আল্লাহে কৈছেঃ "নিশ্চয় আহলে কিতাবসকলৰ মাজৰ যিসকলে কুফৰী কৰিছে, সিহঁতে আৰু মুশ্বৰিকসকলে জাহান্নামৰ জুইত স্থায়ীভাৱে অৱস্থান কৰিব; ইহঁতেই হৈছে নিকৃষ্ট সৃষ্টি।" (ছুৰা আল-বায়্যিনাহঃ ৬)
যিহেতু মানৱজাতিৰ প্ৰতি আল্লাহৰ সৰ্বশেষ বাৰ্তা আহি পৰিছে। সেয়ে ইছলাম আৰু সৰ্বশেষ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নুবুওৱত সম্পৰ্কে অৱগত হোৱা প্ৰতিজন ব্যক্তিৰ ওপৰতে তেখেতৰ প্ৰতি ঈমান পোষণ কৰা, তেখেতে লৈ অহা চৰীয়ত মুতাবিক আমল কৰা, লগতে তেখেতৰ আদেশ-নিষেধৰ অনুসৰণ কৰা অনিবাৰ্য্য। গতিকে যিয়ে এই অন্তিম বাৰ্তা সম্পৰ্কে অৱগত হোৱাৰ পাছত ইয়াক নসাৎ কৰিব, আল্লাহে সেই ব্যক্তিৰ একোৱে গ্ৰহণ নকৰিব আৰু আখিৰাতত তাক কঠিন শাস্তি বিহিব।
ইয়াৰ উল্লেখযোগ্য এটা প্ৰমাণ হৈছে মহান আল্লাহৰ এই বাণীঃ "আৰু যিয়ে ইছলামৰ বাহিৰে আন কোনো দ্বীন সন্ধান কৰিব তাৰ পৰা সেইটো কেতিয়াও গ্ৰহণ কৰা নহ’ব আৰু সি পৰকালত ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ’ব।" (ছুৰা আলে-ইমৰাণঃ ৮৫)
মহান আল্লাহে আৰু কৈছেঃ "কোৱা, ‘হে কিতাবীসকল! আহা সেই কথাৰ পিনে যিটো আমাৰ আৰু তোমালোকৰ মাজত মিল আছে; সেয়া হৈছে- আমি যেন একমাত্ৰ আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰোঁ, তেওঁৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰোঁ, আৰু আমাৰ মাজৰ কোনোৱেই যাতে ইজনে সিজনক ৰব্ব হিচাপে গ্ৰহণ নকৰে’। তথাপিও যদি সিহঁতে মুখ ঘূৰাই লয়, তেনেহ’লে তোমালোকে কোৱা, ‘তোমালোকে সাক্ষী থাকা যে, নিশ্চয় আমি হৈছোঁ মুছলিম’।" (ছুৰা আলে-ইমৰাণঃ ৬৪)
এজন মুছলিম হিচাপে কি কৰিব লাগিব?
প্ৰত্যেকজন মুছলিমৰ বাবে এই ছয়টা আৰকানৰ প্ৰতি ঈমান পোষণ কৰাটো অপৰিহাৰ্য্য:
আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিব লাগিব, তেওঁৰ প্ৰতি এই বিশ্বাস পোষণ কৰিব লাগিব যে, তেৱেঁই হৈছে সৃষ্টিকৰ্তা, জীৱিকাদাতা, মহাপৰিচালক, স্বত্ত্বাধিকাৰী। একোৱেই তেওঁৰ সমতুল্য নহয়। তেওঁৰ কোনো স্ত্ৰী নাই আৰু কোনো সন্তানো নাই। একমাত্ৰ তেৱেঁই ইবাদতৰ যোগ্য। গতিকে তেওঁৰ সৈতে আন কাৰোৰে ইবাদত কৰা বৈধ নহয়। লগতে এই বিশ্বাস পোষণ কৰিব লাগিব যে, তেওঁৰ বাহিৰে যিবোৰ উপাস্যৰ উপাসনা কৰা হয়, সেই সকলোবোৰ হৈছে বাতিল।
ফিৰিস্তাসকলৰ প্ৰতি ঈমান পোষণ কৰিব লাগিব যে, তেওঁলোক হৈছে আল্লাহৰ বান্দা। আল্লাহে তেওঁলোকক নূৰেৰে সৃষ্টি কৰিছে, তেওঁলোকৰ অন্যতম এটা কাম হৈছে নবীসকলৰ প্ৰতি অহী লৈ অৱতৰণ কৰা।
এইদৰে আল্লাহে তেওঁৰ নবীসকলৰ প্ৰতি যিবোৰ কিতাব অৱতীৰ্ণ কৰিছে, সেইসমূহৰ প্ৰতি ঈমান পোষণ কৰিব লাগিব। (যেনে- তাওৰাত, ইঞ্জীল- বিকৃত হোৱাৰ আগত এইবোৰ ঐশী গ্ৰন্থ আছিল) সৰ্বশেষ গ্ৰন্থ হৈছে আল-কোৰআনুল কাৰীম।
এইদৰে সকলো ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰিব লাগিব। যেনে- নূহ, ইব্ৰাহীম, মূছা, ঈছা আৰু সৰ্বশেষ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম। তেওঁলোক আটায়ে আছিল মানৱ। আল্লাহে তেওঁলোকৰ ওপৰত অহী অৱতীৰ্ণ কৰিছিল, আৰু তেওঁলোকক এনেকুৱা নিদৰ্শন আৰু অলৌকিকতা প্ৰদান কৰিছিল যিবোৰে তেওঁলোকৰ সত্যতাৰ প্ৰমাণ বহন কৰিছিল।
এইদৰে অন্তিম দিৱসৰ প্ৰতি ঈমান পোষণ কৰিব লাগিব, যিদিনা আল্লাহে পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী সকলো লোককে উত্থিত কৰিব, সেইদিনা আল্লাহে তেওঁৰ সৃষ্টিসকলৰ মাজত ফয়চালা কৰি দিব। মুমিনসকলে জান্নাতত প্ৰৱেশ কৰিব আৰু কাফিৰসকল জাহান্নামত নিক্ষিপ্ত হ'ব।
এইদৰে ঈমান পোষণ কৰিব লাগিব ভাগ্যৰ ওপৰত। লগতে এই বিশ্বাস পোষণ কৰিব লাগিব যে, আল্লাহে সেই সকলো বিষয়ে অৱগত যিবোৰ অতীত হৈছে আৰু যিবোৰ ভৱিষ্যতত হ'ব। আল্লাহে এই সকলোবোৰ লিপিবদ্ধ কৰি ৰাখিছে, এই বিশ্বজগতত যি যি হয়, তেওঁৰ ইচ্ছাতেই হয় আৰু তেৱেঁই সকলো বস্তুৰ সৃষ্টিকৰ্তা।
আৰু আল্লাহৰ ইবাদত তেওঁৰ অনুমোদিত বিধান অনুযায়ী কৰা উচিত, যেনে- চালাত, যাকাত, ৰোজা, আৰু সক্ষম হ'লে হজ্জ আদায় কৰা। ইয়াৰ পাছত তেওঁ নিজৰ দ্বীন সম্পৰ্কীয় জ্ঞান অৰ্জন কৰিব লাগে, যিটো হৈছে তেওঁৰ দুনিয়াৱী সুখ-শান্তি আৰু আখিৰাতৰ মুক্তিৰ মূল উৎস।