Skip to content
مقدمة وغلاف المنتقى من موسوعة الأحاديث النبوية

مقدمة وغلاف المنتقى من موسوعة الأحاديث النبوية

(আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। ভূমিকা সকলো ধৰণৰ প্ৰশংসা বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ বাবে। দৰূদ আৰু ছালাম বৰ্ষিত হওক আমাৰ প্ৰিয় নবী মুহাম্মদৰ ওপৰত, তেওঁৰ পৰিয়ালবৰ্গ আৰু চাহাবাসকলৰ ওপৰত, লগতে সেইসকল লোকৰ ওপৰত যিসকলে কিয়ামত পৰ্যন্ত তেওঁলোকৰ অনুসৰণ কৰিব। ইয়াৰ পিছতঃ আল্লাহৰ কিতাবৰ পিছত মুছলিমসকলে আটাইতকৈ বেছি যিটো বস্তুক গুৰুত্ব দিব লাগে সেয়া হৈছে, ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ হাদীছ। অধ্যয়নৰ জৰিয়তে, চিন্তা-চৰ্চা আৰু গৱেষণাৰ জৰিয়তে, লগতে জ্ঞান অৰ্জন আৰু তাৰ প্ৰতি আমলৰ জৰিয়তে ইয়াৰ প্ৰতি গুৰুত্ব দিয়া উচিত। তেখেত আলাইহিচ্ছালাতু অচ্ছালামে কৈছেঃ "হে মানৱজাতি! মই তোমালোকৰ মাজত…

0%
Font size