পুৰুষসকলৰ বাবে সৰ্বোত্তম শাৰী হৈছে প্ৰথম শাৰী, আৰু বেয়া শাৰী হৈছে একেবাৰে শেষৰ শাৰী। আনহীতে নাৰীসকলৰ ক্ষেত্ৰত সৰ্বোত্তম শাৰী হৈছে একেবাৰে শেষৰ শাৰী, আৰু বেয়া শাৰী হৈছে প্ৰথম শাৰী।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"পুৰুষসকলৰ বাবে সৰ্বোত্তম শাৰী হৈছে প্ৰথম শাৰী, আৰু বেয়া শাৰী হৈছে একেবাৰে শেষৰ শাৰী। আনহীতে নাৰীসকলৰ ক্ষেত্ৰত সৰ্বোত্তম শাৰী হৈছে একেবাৰে শেষৰ শাৰী, আৰু বেয়া শাৰী হৈছে প্ৰথম শাৰী।"
«خَيْرُ صُفُوفِ الرِّجَالِ أَوَّلُهَا، وَشَرُّهَا آخِرُهَا، وَخَيْرُ صُفُوفِ النِّسَاءِ آخِرُهَا، وَشَرُّهَا أَوَّلُهَا».
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, নামাজত পুৰুষসকলৰ বাবে ছোৱাব আৰু ফজিলতৰ ক্ষেত্ৰত সৰ্বোত্তম শাৰী হৈছে প্ৰথম শাৰী। কাৰণ এই শাৰী হৈছে ইমামৰ নিকটৱৰ্তী তথা তেওঁৰ কিৰাআত স্পষ্টভাৱে শুনিব পৰা শাৰী, লগতে এইটো হৈছে নাৰীসকলৰ পৰা দূৰৈত অৱস্থিত শাৰী। আনহাতে চৰীয়তৰ উদ্দেশ্যৰ পৰা দূৰৈত আৰু ছোৱাব তথা ফজিলতৰ ফালৰ পৰা নিম্নমানৰ শাৰী হৈছে শেষৰ শাৰী। পক্ষান্তৰে নাৰীসকলৰ বাবে উত্তম শাৰী হৈছে শেষৰ শাৰী। কাৰণ এইটো হৈছে তেওঁলোকৰ বাবে অধিক পৰ্দা। এইটো হৈছে পুৰুষসকলৰ পৰা দূৰত তথা সিহঁতক দেখাৰ পৰা আৰু সিহঁতৰ ফিতনাত পতিত হোৱাৰ পৰা সুৰক্ষিত শাৰী। আনহাতে নাৰীসকলৰ বাবে প্ৰথম শাৰী হৈছে বেয়া শাৰী, কাৰণ এইটো পুৰুষসকলৰ ওচৰত থাকে আৰু ফিতনা হোৱাৰ আশংকা থাকে।
পুৰুষসকলক নেক কাম কৰাৰ ক্ষেত্ৰত আগভাগ ল'বলৈ আৰু নামাজত প্ৰথম শাৰীত অৱস্থান কৰিবলৈ উৎসাহিত কৰা হৈছে।
পুৰুষৰ সমান্তৰালকৈ নাৰীসকলেও মছজিদত পৃথক শাৰীত থিয় হৈ নামাজ পঢ়িব পাৰে। কিন্তু শালীনতা আৰু উভয়ৰ মাজত পৰ্দা থকাটো অনিবাৰ্য।
নাৰীসকলে যেতিয়া মছজিদত যাব, তেতিয়া তেওঁলোকেও পুৰুষসকলৰ দৰেই শাৰী শাৰীকৈ থিয় হ'ব। শাৰীৰ মাজত যাতে কোনো খালী ঠাই নাথাকে, বৰং খালী ঠাই পূৰ কৰি, ইজনে সিজনৰ সৈতে মিলি থিয় হ'ব লাগে। যিদৰে পুৰুষসকলে থিয় হয়।
নাৰীসকলক পুৰুষসকলৰ পৰা আঁতৰত ৰাখিবলৈ চৰীয়তে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি উৎসাহিত কৰিছে, আনকি ইবাদতৰ ঠাইতো।
আমল অনুসৰি মানুহৰ মৰ্যাদাও বেলেগ বেলেগ।
নাৱাৱী ৰাহিমাহুল্লাহে কৈছেঃ পুৰুষসকলৰ শাৰীৰ বিষয়ে দিয়া নিৰ্দেশনা সদায় প্ৰযোজ্য, তেওঁলোকৰ বাবে প্ৰথমশাৰী সদায় উত্তম, আৰু শেষৰ শাৰী নিম্ন শ্ৰেণীৰ। আনহাতে হাদীছটোত নাৰীসকলৰ শাৰী সম্পৰ্কে যিটো কথা কোৱা হৈছে সেইটো কেৱল সেই সময়ত, যেতিয়া সিহঁতে পুৰুষসকলৰ সৈতে নামাজ পঢ়ে। পক্ষান্তৰে সিহঁতে যদি পৃথকভাৱে নামাজ পঢ়ে তেন্তে সেই ক্ষেত্ৰত পুৰুষসকলৰ দৰেই প্ৰথম শাৰী হৈছে উত্তম শাৰী আৰু বেয়া শাৰী হৈছে শেষৰ শাৰী।
হাদীছত প্ৰথম শাৰীৰ ফজিলতৰ সৈতে যি প্ৰশংসা কৰা হৈছে তথা উৎসাহিত কৰা হৈছে, সেইটো হৈছে ইমামৰ একেবাৰে নিকটৱৰ্তী শাৰী। প্ৰথম শাৰীত থিয় হোৱা ব্যক্তিজন আগত আহক বা পিছত। অথবা বেলেগ আন কোনো উপায়ে আহক।
ছহীহ মুছলিম (1/ 326) (440).
অধিক (8)
سبل السلام شرح بلوغ المرام.
للصنعاني (1/ 374 ).
توضيح الأحكام مِن بلوغ المرام.
لعبد الله البسام (2/ 495).
فتح ذي الجلال والإكرام شرح بلوغ المرام.
لابن عثيمين (2/ 272).
مرقاة المفاتيح شرح مشكاة المصابيح.
للتبريزي (3/ 851).
গ্ৰন্থসমূহত উল্লেখিত
8 গ্ৰন্থসমূহ- মুৱাজ্জিন, ইমাম, খতিব আৰু মছজিদৰ বিধি-বিধানৰ বাবে উপকাৰী সংক্ষিপ্ত দিশ-নিৰ্দেশনা"পুৰুষসকলৰ বাবে সৰ্বোত্তম শাৰী হৈছে প্ৰথম শাৰী, আৰু বেয়া শাৰী হৈছে একেবাৰে শেষৰ শাৰী। আনহাতে নাৰীসকলৰ ক্ষেত্ৰত সৰ্বোত্তম শাৰী হৈছে একেবাৰে শেষৰ শাৰী, আৰু বেয়া শাৰী হৈছে প্ৰথম শাৰী।"
- মুৱাজ্জিন, ইমাম, খতিব আৰু মছজিদৰ বিধি-বিধানৰ বাবে উপকাৰী সংক্ষিপ্ত দিশ-নিৰ্দেশনা"পুৰুষসকলৰ বাবে সৰ্বোত্তম শাৰী হৈছে প্ৰথম শাৰী, আৰু বেয়া শাৰী হৈছে একেবাৰে শেষৰ শাৰী। আনহাতে নাৰীসকলৰ ক্ষেত্ৰত সৰ্বোত্তম শাৰী হৈছে একেবাৰে শেষৰ শাৰী, আৰু বেয়া শাৰী হৈছে প্ৰথম শাৰী।"
- মছজিদে নবৱীৰ ফজীলত আৰু নিয়ম-নীতি, লগতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰ আৰু তেখেতৰ দুয়ো চাহাবা ৰাদ্বিয়াল্লাহু আনহুমাৰ কবৰ জিয়াৰতৰ বিধি-বিধানفضائل وآداب المسجد النبوي، وأحكام زيارة قبر النبي عليه الصلاة والسلام وقبري صاحبيه"পুৰুষসকলৰ বাবে সৰ্বোত্তম শাৰী হৈছে প্ৰথম শাৰী, আৰু বেয়া শাৰী হৈছে একেবাৰে শেষৰ শাৰী। আনহাতে নাৰীসকলৰ ক্ষেত্ৰত সৰ্বোত্তম শাৰী হৈছে একেবাৰে শেষৰ শাৰী, আৰু বেয়া শাৰী হৈছে প্ৰথম শাৰী।"[14]
অধিক (5)
- الصلاة التي علمها النبي ﷺ الصحابة رضي الله عنهمالصلاة التي علمها النبي ﷺ الصحابة رضي الله عنهم«خيرُ صُفوفِ الرّجالِ أوَّلُها، وشَرُّها آخِرُها، وخيرُ صُفوفِ النساء آخِرُها، وشَرها أوَلُها»[321].
- الصلاة التي علمها النبي ﷺ الصحابة رضي الله عنهم«خَيْرُ صُفُوفِ الرِّجَالِ أَوَّلُهَا، وَشَرُّهَا آخِرُهَا، وَخَيْرُ صُفُوفِ النِّسَاءِ آخِرُهَا، وَشَرُّهَا أَوَّلُهَا»[321].
- المنتقى من المتجر الرابح في ثواب العمل الصالح - المعتمدالمنتقى من المتجر الرابح في ثواب العمل الصالح“خير صفوف الرجال أولها، وشرها آخرها، وخير صفوف النساء آخرها، وشرها أولها”.
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 5«خَيْرُ صفوفِ الرِّجالِ أوَّلُهَا، وشرُّها آخرُها، وخيُر صُفوفِ النِّساءِ آخرُها، وشرُّها أوَّلُها».
- مجموعة زاد الفقه (2)الفقه للمستوى الثاني ( مجموعة زاد )«خَيْرُ صُفُوفِ الرِّجَالِ أَوَّلُهَا، وَشَرُّهَا آخِرُهَا، وَخَيْرُ صُفُوفِ النِّسَاءِ آخِرُهَا، وَشَرُّهَا أَوَّلُهَا».