তোমালোকৰ মাজৰ কোনোবাই যেতিয়া ইমামৰ আগত মূৰ তোলে, তেতিয়া সি ভয় নকৰে নেকি যে, আল্লাহে হয়তো তাৰ মূৰটো গাধৰ মূৰৰ দৰে কৰিব পাৰে অথবা তাৰ আকৃতি গাধৰ আকৃতিৰ দৰে কৰি দিব পাৰে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"তোমালোকৰ মাজৰ কোনোবাই যেতিয়া ইমামৰ আগত মূৰ তোলে, তেতিয়া সি ভয় নকৰে নেকি যে, আল্লাহে হয়তো তাৰ মূৰটো গাধৰ মূৰৰ দৰে কৰিব পাৰে অথবা তাৰ আকৃতি গাধৰ আকৃতিৰ দৰে কৰি দিব পাৰে।"
«أَمَا يَخْشَى أَحَدُكُمْ - أَوْ: لاَ يَخْشَى أَحَدُكُمْ - إِذَا رَفَعَ رَأْسَهُ قَبْلَ الإِمَامِ، أَنْ يَجْعَلَ اللَّهُ رَأْسَهُ رَأْسَ حِمَارٍ، أَوْ يَجْعَلَ اللَّهُ صُورَتَهُ صُورَةَ حِمَارٍ».
হাদীছটোত নবী চাল্লাল্লাহু আাইহি অছাল্লামে সেইসকল লোকক কঠোৰ সতৰ্কবাণী দিছে, যিসকলে ইমামৰ আগত (ছাজদাৰ পৰা বা ৰূকুৰ পৰা) মূৰ তোলে। অৰ্থাৎ আল্লাহে তাৰ মূৰক গাধৰ মূৰৰ দৰে কৰি দিব পাৰে অথবা তাৰ আকৃতিক গাধৰ আকৃতিত ৰূপান্তৰিত কৰিব পাৰে।
...:
ইমামৰ সৈতে মুক্তাদীসকলৰ চাৰিটা অৱস্থা হ'ব পাৰেঃ তাৰে তিনিটা অৱস্থাৰ পৰা নিষেধ কৰা হৈছে। যেনে- ইমামৰ আগত কোনো কাম কৰা, নাইবা ইমামৰ সৈতে লগে লগে কোনো কাম কৰা, অথবা ইমামতকৈ বহুত পিছত কৰা। সঠিক অৱস্থাটো হৈছে, ইমামৰ অনুসৰণ কৰা।
নামাজত মুক্তাদীসকলে ইমামৰ অনুসৰণ কৰা ওৱাজিব।
ইমামৰ আগত মূৰ তোলা লোকৰ মূৰ, গাধৰ মূৰলৈ পৰিবৰ্তন হোৱাটো নিশ্চিতভাৱে সম্ভৱ। এইটো হৈছে এক প্ৰকাৰ বিকৃতি।
ছহীহ বুখাৰী (1/ 140) (691).
ছহীহ মুছলিম (1/ 321) (427).
অধিক (6)
الإلمام بشرح عمدة الأحكام.
لإسماعيل الأنصاري (1/ 111).
خلاصة الكلام شرح عمدة الأحكام.
لفيصل آل مبارك (ص65).
تيسير العلام شرح عمدة الأحكام.
للبسام (ص133).