Skip to content

পাঁচ ওৱাক্ত চালাত, এটা জুমু‘আৰ পৰা আনটো জুমু‘আ তথা এটা ৰামাজানৰ পৰা আনটো ৰামাজান, ইয়াৰ দ্বাৰা সেইবোৰ গুনাহৰ কাফফাৰা হয়, যিবোৰ ইয়াৰ মধ্যৱৰ্তী সময়ত হৈ থাকে, যদিহে কবীৰাহ গুনাহৰ পৰা বিৰত থকা হয়।

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

পাঁচ ওৱাক্ত চালাত, এটা জুমু‘আৰ পৰা আনটো জুমু‘আ তথা এটা ৰামাজানৰ পৰা আনটো ৰামাজান, ইয়াৰ দ্বাৰা সেইবোৰ গুনাহৰ কাফফাৰা হয়, যিবোৰ ইয়াৰ মধ্যৱৰ্তী সময়ত হৈ থাকে, যদিহে কবীৰাহ গুনাহৰ পৰা বিৰত থকা হয়।

«الصَّلَوَاتُ الْخَمْسُ، وَالْجُمُعَةُ إِلَى الْجُمُعَةِ، وَرَمَضَانُ إِلَى رَمَضَانَ، مُكَفِّرَاتٌ مَا بَيْنَهُنَّ إِذَا اجْتَنَبَ الْكَبَائِرَ».

(মুছলিম)
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, দিনে ৰাতি পাঁচ ওৱাক্ত ফৰজ নামাজ পঢ়িলে আৰু প্ৰতি সপ্তাহত জুমাৰ চালাত আদায় কৰিলে, লগতে প্ৰতি বছৰ ৰমাজান মাহৰ ৰোজা ৰাখিলে, ইয়াৰ মধ্যৱৰ্তী সময়ছোৱাত যিবোৰ চাগীৰাহ বা সৰু গুনাহ হয় সেইবোৰ মাফ হৈ যায়, যদিহে ব্যক্তিজনে কাবীৰাহ বা ডাঙৰ গুনাহৰ পৰা বিৰত থাকে। আনহাতে ব্যভিচাৰ, মাদক দ্ৰৱ্য সেৱন আদিৰ দৰে কাবীৰাহ গুনাহবোৰ তাওবা নকৰাকৈ ক্ষমা নহয়।

শব্দাৰ্থ

مكفرات: ماحيات.

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

গুনাহৰ শ্ৰেণী বিভাগ আছে, কিছুমান সৰু আৰু কিছুমান হৈছে ডাঙৰ।

ডাঙৰ গুনাহৰ পৰা আঁতৰি থাকিলেহে সৰু গুনাহবোৰ মাৰ্জিত হয়।

সেইবোৰ গুনাহক কাবীৰাহ গুনাহ বুলি কোৱা হয় যিবোৰ গুনাহৰ বাবে এই পৃথিৱীতেই শাস্তি নিৰ্ধাৰণ কৰা আছে, অথবা আখিৰাতত শাস্তি বা তাৰ ওপৰত আল্লাহ অসন্তুষ্ট হ'ব বুলি সতৰ্কবাণী দিয়া হৈছে, নাইবা ভৰ্ৎসনা কৰা হৈছে অথবা কৰ্তাৰ প্ৰতি অভিশাপ কৰা হৈছে। যেনে- ব্যভিচাৰ, মাদক দ্ৰৱ্য সেৱন আদি।

সম্পাদক

ছহীহ মুছলিম (1/ 209) (233).

অধিক (8)

شرح رياض الصالحين.

لابن عثيمين (2/ 183).

نزهة المتقين بشرح رياض الصالحين.

لمصطفى سعيد الخن (1/ 158).

تطريز رياض الصالحين.

لفيصل آل مبارك (ص108).

بهجة الناظرين شرح رياض الصالحين.

لسليم بن عيد الهلالي (1/ 209).