Skip to content

ইয়াহুদী, খৃষ্টানসকলৰ ওপৰত আল্লাহৰ অভিসম্পাত হওক, সিহঁতে নিজৰ নবীসকলৰ কবৰসমূহক উপাসনালয়ত পৰিণত কৰিছে।

আঈশ্বা আৰু আব্দুল্লাহ ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাই কৈছেঃ

ৰাছুলুল্লাহু চাল্লাল্লাহু আলাইহি অছাল্লামে মৃত্যুৰ সময়ত বাৰে বাৰে নিজৰ চাদৰখনেৰে মুখমণ্ডল ঢাকি লৈছিল। কিন্তু যেতিয়াই তেখেতে অসুবিধা অনুভৱ কৰিছিল, তেতিয়াই সেইটো আঁতৰাই দিছিল। সেই অৱস্থাতে তেখেতে কৈছিল, ‘‘ইয়াহুদী, খৃষ্টানসকলৰ ওপৰত আল্লাহৰ অভিসম্পাত হওক, সিহঁতে নিজৰ নবীসকলৰ কবৰসমূহক উপাসনালয়ত পৰিণত কৰিছে।’’ ইয়াৰ দ্বাৰা তেখেতে সিহঁতৰ সেই কৰ্মৰ পৰা সতৰ্ক কৰিছে।

لَمَّا نَزَلَ بِرَسُولِ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ طَفِقَ يَطْرَحُ خَمِيصَةً لَهُ عَلَى وَجْهِهِ، فَإِذَا اغْتَمَّ بِهَا كَشَفَهَا عَنْ وَجْهِهِ، فَقَالَ وَهُوَ كَذَلِكَ: «لَعْنَةُ اللَّهِ عَلَى اليَهُودِ وَالنَّصَارَى، اتَّخَذُوا قُبُورَ أَنْبِيَائِهِمْ مَسَاجِدَ» يُحَذِّرُ مَا صَنَعُوا.

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

আঈশ্বা ৰাদ্বিয়াল্লাহু আনহা আৰু ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাই জনাইছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৃত্যুৰ সময় তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে নিজৰ ওপৰত এখন চাদৰ টানি লৈছিল আৰু বাৰে বাৰে মুখমণ্ডল ঢাকি লৈছিল, মৃত্যু যন্ত্ৰণাত যেতিয়াই উশাহ লোৱাত অসুবিধা হৈছিল তেতিয়াই মুখমণ্ডলৰ পৰা চাদৰ আঁতৰাই দিছিল, এই কঠিন অৱস্থাতে তেখেতে কৈছেঃ ইয়াহুদী আৰু খৃষ্টানসকলৰ ওপৰত আল্লাহৰ অভিসম্পাত হওক, অৰ্থাৎ আল্লাহৰ ৰহমতৰ পৰা সিহঁত আঁতৰ হওক, কাৰণ সিহঁতে সিহঁতৰ নবীসকলৰ কবৰসমূহৰ ওপৰত মছজিদ নিৰ্মাণ কৰিছে। বিষয়টো যদি গম্ভীৰ নহ'লহেঁতেন তেন্তে তেখেতে কেতিয়াও এই অৱস্থাত উল্লেখ নকৰিলেহেঁতেন। এই কাৰণেই নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বিষয়টো উল্লেখ কৰি তেখেতৰ উম্মতক এনেকুৱা কৰ্মৰ পৰা সতৰ্ক কৰিছে। কাৰণ এইটো হৈছে ইয়াহুদী আৰু খৃষ্টানসকলৰ কৰ্ম, লগতে আল্লাহৰ সৈতে কৰা শ্বিৰ্কৰ এটা মাধ্যম।

শব্দাৰ্থ

.....:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

নবী আৰু পূণ্যৱান লোকসকলৰ কবৰক মছজিদত পৰিণত কৰিবলৈ তথা তাত নামাজ পঢ়িবলৈ নিষেধ কৰা হৈছে। কিয়নো, এইটো হৈছে শ্বিৰ্কৰ এটা মাধ্যম।

তাওহীদৰ প্ৰতি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম অত্যন্ত মনোযোগী আছিল, আৰু কবৰৰ সন্মানৰ ক্ষেত্ৰত সীমালংঘনৰ বিষয়টোকলৈ খুবেই আশংকা কৰিছিল। কাৰণ এইটো হৈছে শ্বিৰ্কত পতিত কৰাৰ এটা মাধ্যম।

ইয়াহুদী, খ্ৰীষ্টান আৰু সিহঁতৰ দৰে যিসকলে কবৰৰ ওপৰত ঘৰ বনায় আৰু কবৰক মছজিদ বনাই লয়, সিহঁতৰ ওপৰত অভিশাপ কৰা বৈধ।

কবৰৰ ওপৰত নিৰ্মাণ কাৰ্য কৰাটো হৈছে ইয়াহুদী আৰু খৃষ্টানসকলৰ নীতি। হাদীছত সিহঁতৰ সাদৃশ্য গ্ৰহণৰ পৰা নিষেধ কৰা হৈছে।

কবৰৰ ওচৰত বা কবৰৰ সন্মুখত নামাজ পঢ়াটোৱে হৈছে তাক মছজিদত পৰিণত কৰাৰ অন্তৰ্ভুক্ত, যদিও তাত মছজিদ নিৰ্মাণ কৰা হওক বা নহওক।

সম্পাদক

ছহীহ বুখাৰী (1/ 95) (435).

(2/ 102) (1390).

ছহীহ মুছলিম (1/ 377) (531).

(1/ 376) (529).

অধিক (4)

الملخص في شرح كتاب التوحيد.

للشيخ صالح الفوزان (ص170).

الجديد في شرح كتاب التوحيد.

لمحمد بن عبد العزيز السليمان القرعاوي (ص185).