Skip to content

প্ৰত্যেক দুটা আজানৰ মাজত আছে নামাজ, প্ৰত্যেক দুটা আজানৰ মাজত আছে নামাজ।" ইয়াৰ পিছত তৃতীয়বাৰত তেখেতে কৈছিলঃ "যাৰ ইচ্ছা সি পঢ়িব পাৰে।

আব্দুল্লাহ বিন মুগাফ্ফল ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"প্ৰত্যেক দুটা আজানৰ মাজত আছে নামাজ, প্ৰত্যেক দুটা আজানৰ মাজত আছে নামাজ।" ইয়াৰ পিছত তৃতীয়বাৰত তেখেতে কৈছিলঃ "যাৰ ইচ্ছা সি পঢ়িব পাৰে।"

«بَيْنَ كُلِّ أَذَانَيْنِ صَلَاةٌ، بَيْنَ كُلِّ أَذَانَيْنِ صَلَاةٌ» ثُمَّ قَالَ فِي الثَّالِثَةِ: «لِمَنْ شَاءَ».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই কথা জনাইছে যে, প্ৰত্যেক আজান আৰু ইকামতৰ মাজত নফল নামাজ আছে। এই কথা তেখেতে তিনিবাৰ কৈছিল। তৃতীয়বাৰত তেখেতে কৈছিল, যিয়ে পঢ়িব বিচাৰে তেওঁ পঢ়িব পাৰে, এইটো মুস্তাহাব।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

আজান আৰু ইকামতৰ মাজত নামাজ পঢ়া মুস্তাহাব।

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ এইটো এটা নীতি আছিল যে, তেখেতে গুৰুত্বপূৰ্ণ কথাক পুনৰাবৃত্তি কৰিছিল। যাতে শ্ৰোতাই শুনা পায় আৰু ইয়াৰ গুৰুত্ব বুজি পায়।

দুই আজানৰ দ্বাৰা আজান আৰু ইকামতক বুজোৱা হৈছে। আৰবী ভাষাত অধিক ব্যৱহাৰ হোৱা কোনো বিষয়ক এনেকৈয়ে বুজোৱা হয়। উদাহৰণস্বৰূপে সূৰ্য্য আৰু চন্দ্ৰক বুজাবলৈ কোৱা হয় কামাৰাইন। এইদৰে ওমৰাইন বুলি আবু বকৰ আৰু ওমৰক বুজোৱা হয়।

আজান হৈছে সময় হোৱাৰ জাননী। আনহাতে ইকামত হৈছে নামাজ আৰম্ভ হোৱাৰ জাননী।

সম্পাদক

ছহীহ বুখাৰী (1/ 128) (627).

ছহীহ মুছলিম (1/ 573) (838).

অধিক (2)

البحر المحيط الثجاج في شرح صحيح الإمام مسلم بن الحجاج (16/ 671).

النهاية في غريب الحديث والأثر (31).