তোমালোকে সত্যক অনিবাৰ্যৰূপে অৱলম্বন কৰা, কাৰণ সত্যই নেকীৰ পথ দেখুৱায়, আৰু নেকীয়ে জান্নাতৰ পথত পৰিচালিত কৰে।
আব্দুল্লাহ বিন মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"তোমালোকে সত্যক অনিবাৰ্যৰূপে অৱলম্বন কৰা, কাৰণ সত্যই নেকীৰ পথ দেখুৱায়, আৰু নেকীয়ে জান্নাতৰ পথত পৰিচালিত কৰে। মানুহে যেতিয়া সদায় সত্য কথা কয় আৰু সত্যৰ সন্ধানত থাকে, তেতিয়া আল্লাহৰ ওচৰত তাক সত্যবাদী বুলি লিপিবদ্ধ কৰা হয়। এইদৰে তোমালোকে মিছা কথাৰ পৰা বিৰত থাকা, কাৰণ মিছা কথাই মানুহক পাপকৰ্মৰ পথ দেখুৱায়, আৰু পাপকৰ্মই মানুহক জাহান্নামত লৈ যায়। মানুহে যেতিয়া সদায় মিছা কথা কয় আৰু মিছাৰ সন্ধানত থাকে, অৱশেষত আল্লাহৰ ওচৰত তাক মিছলীয়া বুলি লিপিবদ্ধ কৰা হয়।"
«عَلَيْكُمْ بِالصِّدْقِ، فَإِنَّ الصِّدْقَ يَهْدِي إِلَى الْبِرِّ، وَإِنَّ الْبِرَّ يَهْدِي إِلَى الْجَنَّةِ، وَمَا يَزَالُ الرَّجُلُ يَصْدُقُ وَيَتَحَرَّى الصِّدْقَ حَتَّى يُكْتَبَ عِنْدَ اللهِ صِدِّيقًا، وَإِيَّاكُمْ وَالْكَذِبَ، فَإِنَّ الْكَذِبَ يَهْدِي إِلَى الْفُجُورِ، وَإِنَّ الْفُجُورَ يَهْدِي إِلَى النَّارِ، وَمَا يَزَالُ الرَّجُلُ يَكْذِبُ وَيَتَحَرَّى الْكَذِبَ حَتَّى يُكْتَبَ عِنْدَ اللهِ كَذَّابًا».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সত্য কথা ক'বলৈ নিৰ্দেশ দিছে। লগতে জনাইছে যে, ইয়াক মজবুতভাৱে অৱলম্বন কৰিলে ই নেক আমলৰ পথত পৰিচালিত কৰে। এইদৰে নিয়মিত নেক আমল কৰিলে বান্দাৰ বাবে জান্নাতৰ পথ সুগম হয়। লগতে প্ৰকাশ্য-অপ্ৰকাশ্য সকলো অৱস্থাতে সত্যক আঁকোৱালি ল'লে বান্দাক সত্যবাদী বুলি নামকৰণ কৰা হয়। এইটো হৈছে সত্যতাৰ উচ্চ শৃংগ। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অসত্য কথা তথা মিছা কথাৰ পৰা সতৰ্ক কৰিছে। কাৰণ এনেকুৱা আচৰণে মানুহক সৎপথৰ পৰা আঁতৰাই গুনাহ আৰু পাপকৰ্মৰ পথত পৰিচালিত কৰে। ইয়াৰ পিছত জাহান্নামত লৈ যায়। এইদৰে বান্দা যেতিয়া সদায় মিছা কথাত অভ্যস্ত হৈ পৰে তেতিয়া আল্লাহৰ ওচৰত তাক মিছলীয়া বুলি নামকৰণ কৰা হয়।
সত্যবাদিতা হৈছে এটা উৎকৃষ্ট শিষ্টাচাৰ। এইটো অৰ্জন কৰিবলৈ অত্যন্ত কষ্ট আৰু মেহনতৰ প্ৰয়োজন হয়। বান্দাই যেতিয়া সদায় সত্য কথা কয় আৰু সত্যৰ সন্ধানত থাকে, অৱশেষত তেওঁ সততাত অভ্যস্ত হৈ পৰে আৰু তেওঁৰ স্বভাৱত পৰিণত হয়, তেতিয়া আল্লাহৰ ওচৰত তাক সত্যবাদী পুণ্যৱান হিচাপে নামকৰণ কৰা হয়।
মিছা কথা হৈছে এটা নিকৃষ্ট আচৰণ, দীৰ্ঘদিনীয়া অভ্যাস আৰু কথা আৰু কৰ্মৰ অধ্যৱসায়ৰ জৰিয়তে এই আচৰণ স্বভাৱত পৰিণত হয়। অৱশেষত এই চৰিত্ৰত অভ্যস্ত হৈ পৰে। ইয়াৰ পিছত আল্লাহৰ ওচৰত তাক মিছলীয়া বুলি নামকৰণ কৰা হয়।
সততাৰ জৰিয়তে ইয়াত সত্য কথাক বুজোৱা হৈছে, এইটো হৈছে মিছা কথাৰ পৰিপন্থী। নিয়্যতৰ ক্ষেত্ৰত সততা হৈছে ইখলাচ। সংকল্পৰ ক্ষেত্ৰত সততা হৈছে কল্যাণকৰ কামৰ নিয়্যত কৰা, এইদৰে কৰ্মৰ ক্ষেত্ৰতো সততা আছে, ইয়াৰ নূন্যতম স্তৰ হৈছে, বাহ্যিক আৰু আভ্যন্তৰীণ উভয় অৱস্থাকে একেই ৰখা। এইদৰে ভয়-ভীতি আৰু আশাৰ ক্ষেত্ৰতো সততা থাকিব লাগে। যিয়ে এইবোৰ শিষ্টাচাৰ অৱলম্বন কৰিব, তেওঁ সত্যবাদী হিচাপে বিবেচিত হ'ব।
ছহীহ বুখাৰী (8/ 25) (6094).
ছহীহ মুছলিম (4/ 2013) (2607).
অধিক (8)
توضيح الأحكام من بلوغ المرام.
لعبد الله البسام (7/ 479).
منحة العلام في شرح بلوغ المرام.
لعبد الله الفوزان (10/ 313).
فتح ذي الجلال والإكرام.
لابن عثيمين (6/ 417).
سبل السلام بشرح بلوغ المرام.
لمحمد الصنعاني (2/ 686).
গ্ৰন্থসমূহত উল্লেখিত
14 গ্ৰন্থসমূহ- পৱিত্ৰ কোৰআন আৰু হাদীছৰ আলোকত ইছলাম সম্পৰ্কে সংক্ষিপ্ত আলোচনাতোমালোকে মিছা কথা পৰিহাৰ কৰা। কিয়নো মিছা কথাই মানুহক পাপকৰ্মত লিপ্ত ৰাখে, আৰু পাপকৰ্মই মানুহক জাহান্নামৰ পথ দেখুৱায়। এতেকে যেতিয়া কোনো ব্যক্তিয়ে মিছা কথাত অভ্যস্থ হয়, তেতিয়া বাৰে বাৰে মিছা কথা কোৱা কাৰণে অৱশেষত আল্লাহৰ ওচৰত তাক মিছলীয়া বুলি
- মুৱাজ্জিন, ইমাম, খতিব আৰু মছজিদৰ বিধি-বিধানৰ বাবে উপকাৰী সংক্ষিপ্ত দিশ-নিৰ্দেশনা"তোমালোকে সত্যক অনিবাৰ্যৰূপে অৱলম্বন কৰা, কাৰণ সত্যই নেকীৰ পথ দেখুৱায়, আৰু নেকীয়ে জান্নাতৰ পথত পৰিচালিত কৰে। মানুহে যেতিয়া সদায় সত্য কথা কয় আৰু সত্যৰ সন্ধানত থাকে, তেতিয়া আল্লাহৰ ওচৰত তাক সত্যবাদী বুলি লিপিবদ্ধ কৰা হয়। আৰু তোমালোকে মিছা কথা
- মুৱাজ্জিন, ইমাম, খতিব আৰু মছজিদৰ বিধি-বিধানৰ বাবে উপকাৰী সংক্ষিপ্ত দিশ-নিৰ্দেশনা"তোমালোকে সত্যক অনিবাৰ্যৰূপে অৱলম্বন কৰা; কাৰণ সত্যই নেকীৰ পথ দেখুৱায়, আৰু নেকীয়ে জান্নাতৰ পথত পৰিচালিত কৰে। মানুহে যেতিয়া সদায় সত্য কথা কয় আৰু সত্যৰ সন্ধানত থাকে, তেতিয়া আল্লাহৰ ওচৰত তাক সত্যবাদী বুলি লিপিবদ্ধ কৰা হয়। এইদৰে তোমালোকে মিছা ক
অধিক (11)
- الحقيقة المُبْهِرَة في العلاقة بين الإسلام والإنسان(عليكم بالصدق، فإنّ الصدق يهدي إلى البر، وإنّ البر يهدي إلى الجنة، وما يزال الرجل يصدق ويَتَحَرَّى الصدق حتى يُكتب عند الله صِدِّيقاً، وإياكم والكذب، فإنّ الكذب يهدي إلى الفجور، وإنّ الفجور يهدي إلى النار، وما يزال الرجل يكذب ويتحرى الكذب ح
- المنتقى من المتجر الرابح في ثواب العمل الصالح - المعتمدالمنتقى من المتجر الرابح في ثواب العمل الصالح“عليكم بالصدق؛ فإن الصدق يهدي إلى البر، وإن البر يهدي إلى الجنة، وما يزال الرجل يصدق ويتحرى الصدق حتى يكتب عند الله صديقا، وإياكم والكذب، فإن الكذب يهدي إلى الفجور، وإن الفجور يهدي إلى النار، وما يزال الرجل يكذب ويتحرى الكذب حتى يكتب عند ال
- رسالة موجزة عن الإسلام كما جاء في القرآن الكريم والسنة النبوية (مشتملة على الأدلة)رِسَالَةٌُ مُوجَزَةٌُ عَنِ الْإِسْلَامِ كَمَا جَاءَ فِي الْقُرْآنِ الْكَرِيمِ وَالسَّنَةِ النَّبَوِيَّة-مشتملة على الأدلة -للحرمين-«وَإِيَّاكُمْ وَالكَذِبَ فَإِنَّ الكَذِبَ يَهْدِي إِلَى الفُجُورِ وَإِنَّ الفُجُورَ يَهْدِي إِلَى النَّارِ وَمَا يَزَالُ الرَّجُلُ يَكْذِبُ وَيَتَحَرَّى الكَذِبَ حَتَّى يُكْتَبَ عِنْدَ اللهِ كَذَّابًا» [64].
- قاموس الكبائر موسوعة الكبائر - المجموعة الأولى«عَلَيْكُمْ بِالصِّدْقِ، فَإِنَّ الصِّدْقَ يَهْدِي إِلَى البِرِّ، وَإِنَّ البِرَّ يَهْدِي إِلَى الجَنَّةِ، وَمَا يَزَالُ الرَّجُلُ يَصْدُقُ وَيَتَحَرَّى الصِّدْقَ حَتَّى يُكْتَبَ عِنْدَ اللَّهِ صِدِّيقًا، وَإِيَّاكُمْ وَالكَذِبَ، فَإِنَّ ال
- قاموس الكبائر«عَلَيْكُمْ بِالصِّدْقِ، فَإِنَّ الصِّدْقَ يَهْدِي إِلَى البِرِّ، وَإِنَّ البِرَّ يَهْدِي إِلَى الجَنَّةِ، وَمَا يَزَالُ الرَّجُلُ يَصْدُقُ وَيَتَحَرَّى الصِّدْقَ حَتَّى يُكْتَبَ عِنْدَ اللَّهِ صِدِّيقًا، وَإِيَّاكُمْ وَالكَذِبَ، فَإِنَّ ال
- قاموس الكبائرموسوعة الكبائر - المجموعة الثانية«عَلَيْكُمْ بِالصِّدْقِ، فَإِنَّ الصِّدْقَ يَهْدِي إِلَى البِرِّ، وَإِنَّ البِرَّ يَهْدِي إِلَى الجَنَّةِ، وَمَا يَزَالُ الرَّجُلُ يَصْدُقُ وَيَتَحَرَّى الصِّدْقَ حَتَّى يُكْتَبَ عِنْدَ اللَّهِ صِدِّيقًا، وَإِيَّاكُمْ وَالكَذِبَ، فَإِنَّ ال
- كتاب تعليم المسلم الجديد«عَلَيْكُمْ بِالصِّدْقِ، فَإِنَّ الصِّدْقَ يَهْدِي إِلَى الْبِرِّ»
- ما لا يسع أطفال المسلمين جهله«وَإِنَّ الكَذِبَ يَهْدِي إِلَى الفُجُورِ، وَإِنَّ الفُجُورَ يَهْدِي إِلَى النَّارِ، وَإِنَّ الرَّجُلَ لَيَكْذِبُ حَتَّى يُكْتَبَ عِنْدَ اللَّهِ كَذَّابًا»[183].
- مباحث في أصول الدين1«إيّاكم والكذب، فإنّ الكذب يهدى إلى الفجور، وإنّ الفجور يهدى إلى النّار، وما يزال الرّجل يكذب ويتحرّى الكذب حتّى يكتب عند الله كذّابًا».
- مختصر الجواب الصحيح لمن بدل الدين المسيح1(عَلَيْكُمْ بِالصِّدْقِ، فَإِنَّ الصِّدْقَ يَهْدِي إِلَى الْبِـرِّ، وَإِنَّ الْبِـرَّ يَهْدِي إِلَى الْجنَّةِ، وَلَا يَزَالُ الرَّجُلُ يَصْدُقُ وَيَتَحَرَّى الصِّدْقَ حَتَّى يُكْتَبَ عِنْدَ الله صِدِّيقًا، وَإِيَّاكُمْ وَالْكَذِبَ، فَإِنَّ
- مشروع المنهج التعليميمادة الحديث مستوى 1«عَلَيْكُمْ بِالصّدْقِ، فَإِنّ الصّدْقَ يَهْدِي إِلَىَ الْبِرّ، وَإِنّ الْبِرّ يَهْدِي إِلَىَ الْجَنّةِ، وَمَا يَزَالُ الرّجُلُ يَصْدُقُ وَيَتَحَرّىَ الصّدْقَ حَتّىَ يُكْتَبَ عِنْدَ اللهِ صِدّيقًا، وَإِيّاكُمْ وَالْكَذِبَ، فَإِنّ الْكَذِبَ