প্ৰতিজন প্ৰাপ্তবয়স্ক লোকৰ বাবে জুমুআৰ দিনা গোছল কৰা ওৱাজিব। লগতে মিছৱাক কৰা উচিত আৰু সুগন্ধি থাকিলে সেয়া ব্যৱহাৰ কৰা উচিত।
আমৰ ইবনু ছুলাইম আল-আনচাৰীয়ে কৈছে, মই সাক্ষ্য দিওঁ যে, আবু ছাঈদ খুদৰীয়ে কৈছে, তেওঁ কৈছে, মই সাক্ষ্য দিওঁ যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
প্ৰতিজন প্ৰাপ্তবয়স্ক লোকৰ বাবে জুমুআৰ দিনা গোছল কৰা ওৱাজিব। লগতে মিছৱাক কৰা উচিত আৰু সুগন্ধি থাকিলে সেয়া ব্যৱহাৰ কৰা উচিত।
«الغُسْلُ يَوْمَ الجُمُعَةِ وَاجِبٌ عَلَى كُلِّ مُحْتَلِمٍ، وَأَنْ يَسْتَنَّ، وَأَنْ يَمَسَّ طِيبًا إِنْ وَجَدَ».
নবী চাল্লাল্লাহু আলাহি অছাল্লামে জুমুআৰ দিনা গোছল কৰিবলৈ গুৰুত্ব প্ৰদান কৰিছে। জুমুআ ওৱাজিব হোৱা প্ৰতিজন প্ৰাপ্তবয়স্ক মুছলিমৰ বাবে গোছল কৰা জৰুৰী। মিছৱাক আদিৰ জৰিয়তে দাঁত চাফা কৰিব লাগে। ভাল সুগন্ধিমূলক আতৰ ব্যৱহাৰ কৰিব লাগে।
...:
প্ৰতিজন প্ৰাপ্তবয়স্ক মুছলিমকে জুমুআৰ দিনা গোছল কৰিবলৈ গুৰুত্ব প্ৰদান কৰা হৈছে।
পৰিস্কাৰ-পৰিচ্ছন্নতা আৰু দুৰ্গন্ধ আদি দূৰ কৰাটো প্ৰতিজন মুছলিমৰ ওচৰতেই চৰীয়তৰ দাবী।
জুমুআৰ দিনটোক সন্মান কৰিব লাগে আৰু ইয়াৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি লব লাগে।
জুমুআৰ দিনা মিছৱাক কৰিবলৈ গুৰুত্ব প্ৰদান কৰা হৈছে।
জুমুআৰ বাবে ওলোৱাৰ আগতে ভাল সুগন্ধিমূলক আতৰ ব্যৱহাৰ কৰা মুস্তাহাব।
নাৰী যেতিয়া ঘৰৰ পৰা ওলায়, নামাজৰ কাৰণেই হওক বা বেলেগ কোনো কাৰণত, তেতিয়া তাইৰ বাবে সুগন্ধি ব্যৱহাৰ কৰা বৈধ নহয়। হাদীছৰ দ্বাৰা এইটো নিষিদ্ধ প্ৰমাণিত।
হাদীছটোত মুহতালিম শব্দৰ দ্বাৰা প্ৰাপ্ত বয়স্কক বুজোৱা হৈছে। কেইবাটাও সংকেতৰ জৰিয়তে প্ৰাপ্তবয়স্ক প্ৰমাণিত হয়। তাৰে তিনিটা নাৰী পুৰুষ উভয়ৰে ক্ষেত্ৰত প্ৰযোজ্য। প্ৰথমঃ পোন্ধৰ বছৰ পূৰ্ণ হোৱা। দ্বিতীয়ঃ লজ্জাস্থানৰ আশে-পাশে নোম গজা। তৃতীয়ঃ সপোনতে হওক বা কাম উত্তেজনাতে হওক বীৰ্য ওলোৱা। আনহাতে চতুৰ্থ আলামতটো হৈছে নাৰীসকলৰ বাবে বিশেষ। সেইটো হৈছেঃ হায়েজ। হায়েজ আৰম্ভ হ'লেই নাৰী প্ৰাপ্তবয়স্কা বুলি বিবেচিত হ'ব।
ছহীহ বুখাৰী (2/ 3) (880).
ছহীহ মুছলিম (2/ 580) (846).
(6/ 134).
অধিক (11)
مختار الصحاح.
لزين الدين الرازي (ص155).
شرح صحيح البخاري.
لابن بطال (2/ 468).
شرح النووي على مسلم.
توضيح الأحكام شرح بلوغ المرام.
للبسام (1/ 382).
فتح ذي الجلال والإكرام شرح بلوغ المرام.
لابن عثيمين (1/ 330).
منار القاري شرح مختصر صحيح البخاري.
لحمزة قاسم (2/ 234).
গ্ৰন্থসমূহত উল্লেখিত
4 গ্ৰন্থসমূহ- মুৱাজ্জিন, ইমাম, খতিব আৰু মছজিদৰ বিধি-বিধানৰ বাবে উপকাৰী সংক্ষিপ্ত দিশ-নিৰ্দেশনা"প্ৰতিজন প্ৰাপ্তবয়স্ক লোকৰ বাবে জুমুআৰ দিনা গোছল কৰা ওৱাজিব। লগতে মিছৱাক কৰা উচিত আৰু সুগন্ধি থাকিলে সেয়া ব্যৱহাৰ কৰা উচিত।"
- মছজিদে নবৱীৰ ফজীলত আৰু নিয়ম-নীতি, লগতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰ আৰু তেখেতৰ দুয়ো চাহাবা ৰাদ্বিয়াল্লাহু আনহুমাৰ কবৰ জিয়াৰতৰ বিধি-বিধানفضائل وآداب المسجد النبوي، وأحكام زيارة قبر النبي عليه الصلاة والسلام وقبري صاحبيه"প্ৰতিজন প্ৰাপ্তবয়স্ক লোকৰ বাবে জুমুআৰ দিনা গোছল কৰা ওৱাজিব। লগতে মিছৱাক কৰা উচিত আৰু সুগন্ধি থাকিলে সেয়া ব্যৱহাৰ কৰা উচিত।"[7],