Skip to content

আজান শুনাৰ পিছত যিয়ে এই দুআ পাঠ কৰিবঃ اللَّهُمَّ رَبَّ هَذِهِ الدَّعْوَةِ التَّامَّةِ، وَالصَّلاَةِ القَائِمَةِ، آتِ مُحَمَّدًا الوَسِيلَةَ وَالفَضِيلَةَ، وَابْعَثْهُ مَقَامًا مَحْمُودًا الَّذِي وَعَدْتَهُ আল্লাহুম্মা ৰাব্বা হা-জিহিদ দা'ৱাতিত তা-ম্মাহ, অচ্ছালাতিল ক্বা-য়িমাহ, আ-তি মুহাম্মাদানিল অচীলাতা অল ফাজীলাহ। অবআছহু মাক্বা-মাম মাহমূদানিল লাজী ওৱা আত্তাহ। কিয়ামতৰ দিনা তাৰ বাবে মোৰ শ্বাফাআত ওৱাজিব হৈ পৰে।

জাবিৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"আজান শুনাৰ পিছত যিয়ে এই দুআ পাঠ কৰিবঃ اللَّهُمَّ رَبَّ هَذِهِ الدَّعْوَةِ التَّامَّةِ، وَالصَّلاَةِ القَائِمَةِ، آتِ مُحَمَّدًا الوَسِيلَةَ وَالفَضِيلَةَ، وَابْعَثْهُ مَقَامًا مَحْمُودًا الَّذِي وَعَدْتَهُ আল্লাহুম্মা ৰাব্বা হা-জিহিদ দা'ৱাতিত তা-ম্মাহ, অচ্ছালাতিল ক্বা-য়িমাহ, আ-তি মুহাম্মাদানিল অচীলাতা অল ফাজীলাহ। অবআছহু মাক্বা-মাম মাহমূদানিল লাজী ওৱা আত্তাহ। কিয়ামতৰ দিনা তাৰ বাবে মোৰ শ্বাফাআত ওৱাজিব হৈ পৰে।"

«مَنْ قَالَ حِينَ يَسْمَعُ النِّدَاءَ: اللَّهُمَّ رَبَّ هَذِهِ الدَّعْوَةِ التَّامَّةِ، وَالصَّلاَةِ القَائِمَةِ، آتِ مُحَمَّدًا الوَسِيلَةَ وَالفَضِيلَةَ، وَابْعَثْهُ مَقَامًا مَحْمُودًا الَّذِي وَعَدْتَهُ، حَلَّتْ لَهُ شَفَاعَتِي يَوْمَ القِيَامَةِ».

(বুখাৰী)
ছহীহ
ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, মুআজ্জিনে আজান দি শেষ কৰাৰ পিছত যিয়ে এই দুআটো পাঠ কৰিব, যাৰ অৰ্থ হৈছেঃ হে আল্লাহ! এই পূৰ্ণাংগ (তাওহীদ আৰু ৰিছালতৰ) আহ্বান (অৰ্থাৎ আজান যিটোৰ দ্বাৰা মানুহক নামাজৰ পিনে আহ্বান কৰা হয়) আৰু প্ৰতিষ্ঠিত চালাতৰ প্ৰতিপালক। মুহাম্মদক অছীলাহ (জান্নাতৰ এটা সুউচ্চ স্থান, যিটো তেখেতৰ বাহিৰে আন কাকো দিয়া নহ'ব) আৰু ফজীলাহ (সকলো সৃষ্টিতকৈ অতিৰিক্ত মৰ্যাদা) প্ৰদান কৰা। লগতে তেখেতক মাকামে মাহমূদত (প্ৰশংসিত স্থানত) উপনীত কৰা, যাৰ প্ৰতিশ্ৰুতি তুমি তেখেতক দিছা (অৰ্থাৎ কিয়ামতৰ দিনা মহা শ্বাফাআতৰ অধিকাৰ)। কাৰণ মহান আল্লাহে পৱিত্ৰ কোৰআনত কৈছেঃ "আশা কৰা যায় তোমাৰ প্ৰতিপালকে তোমাক প্ৰতিষ্ঠিত কৰিব প্ৰশংসিত স্থানত।" যিয়ে এই দুআ পাঠ কৰিব, কিয়ামতৰ দিনা তাৰ বাবে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ শ্বাফাআত ওৱাজিব হৈ পৰিব, তথা সেই ব্যক্তি শ্বাফাআতৰ উপযুক্ত হ'ব।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

মুআজ্জিনৰ আজান শেষ হোৱাৰ পিছত এই দুআ পাঠ কৰিব লাগে। যিয়ে আজান শুনা নাই, তেওঁ ক'ব নালাগে।

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ফজীলত যে, তেখেতক অছীলাহ আৰু ফজীলাহ, লগতে মাক্বামে মাহমূদ দান কৰা হ'ব। লগতে সৃষ্টিসকলৰ মাজত যেতিয়া ফয়চালা কৰা হ'ব তেতিয়া তেখেতক মহা শ্বাফাআত কৰাৰ অনুমতি প্ৰদান কৰা হ'ব।

ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ শ্বাফাআতৰ প্ৰমাণ। কাৰণ তেখেতে হাদীছটোত কৈছেঃ "কিয়ামতৰ দিনা তাৰ বাবে মোৰ শ্বাফাআত অনিবাৰ্য্য হৈ পৰিব।"

উম্মতৰ কাবীৰাহ গুনাহ কৰা ব্যক্তিসকলৰ হৈ তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে এই শ্বাফাআত কৰিব যাতে সিহঁতক জাহান্নামত প্ৰৱেশ কৰা নহয়, অথবা যিয়ে প্ৰৱেশ কৰিছে তাক উলিয়াই অনাৰ কাৰণে, নাইবা হিচাপ নোহোৱাকৈ জান্নাতত প্ৰৱেশ কৰাবলৈ বা যিয়ে জান্নাতত প্ৰৱেশ কৰিছে, তাৰ মৰ্যাদা উন্নীত কৰিবলৈ।

ত্বীবিয়ে কৈছে: আজানৰ শব্দ আৰম্ভণিৰ পৰা "মুহাম্মদাৰ ৰাছূলুল্লাহ" পৰ্যন্ত কথাখিনি হৈছে পূৰ্ণাংগ দাৱাত, আৰু "হাইয়া আলাচ্ছালাহ" হৈছে সেই প্ৰতিষ্ঠিত চালাত যাক "ইউক্বীমুনাচ্ছালাহ" (তেওঁলোকে নামাজ প্ৰতিষ্ঠা কৰে) বুলি উল্লেখ কৰা হৈছে। ইয়াত এইটোও সম্ভৱ যে, ইয়াত চালাতৰ অৰ্থ দুআও হ'ব পাৰে, আৰু "কায়িম"ৰ অৰ্থ হৈছে, এনেকুৱা কাম, যিটো সদায় নিয়মিতভাৱে কৰা হয়। এই দৃষ্টিকোণৰ পৰা "অচ্ছলাহ আল-ক্বায়িমাহ, অৰ্থাৎ প্ৰতিষ্ঠিত চালাতৰ" অৰ্থ হৈছে পূৰ্ণাংগ দাৱাতৰ স্পষ্ট বিৱৰণ। কিন্তু এইটোও সম্ভৱ যে, ইয়াত নামাজৰ দ্বাৰা, সেই পৰিচিত নামাজকে বুজোৱা হৈছে, যিটোৰ ফালে আহ্বান কৰি আজান দিয়া হৈছে। এইটোৱে বেছি স্পষ্ট।

মুহাল্লাবে কৈছেঃ হাদীছটোত নামাজৰ সময়ত দুআ কৰিবলৈ উৎসাহিত কৰা হৈছে। কাৰণ এই সময়ছোৱাত দুআ কবূল হোৱাৰ আশা বেছি থাকে।

সম্পাদক

ছহীহ বুখাৰী (1/ 126) (614).

অধিক (6)

توضيح الأحكام مِن بلوغ المرام.

لعبد الله البسام (1/ 550).

فتح ذي الجلال والإكرام شرح بلوغ المرام.

لابن عثيمين (1/ 488).

شرح سنن أبي داود.

لعبد المحسن العباد (73/ 18).