Skip to content

নিশ্চয় নম্ৰ ব্যৱহাৰে যিকোনো বিষয়কে সৌন্দৰ্যময় কৰি তোলে, আৰু যিটো বিষয়ত কোমলতা বা নম্ৰতা নাথাকে সেইটো কলুষিত হৈ পৰে।

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰী আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

নিশ্চয় নম্ৰ ব্যৱহাৰে যিকোনো বিষয়কে সৌন্দৰ্যময় কৰি তোলে, আৰু যিটো বিষয়ত কোমলতা বা নম্ৰতা নাথাকে সেইটো কলুষিত হৈ পৰে।

«إِنَّ الرِّفْقَ لَا يَكُونُ فِي شَيْءٍ إِلَّا زَانَهُ، وَلَا يُنْزَعُ مِنْ شَيْءٍ إِلَّا شَانَهُ».

(মুছলিম)
ছহীহ
ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, কথা বা কৰ্ম আদিৰ ক্ষেত্ৰত নম্ৰতা, কোমলতা অৱলম্বন কৰিলে তথা অৱকাশ দিলে সেই কৰ্মটোত সৌন্দৰ্য আৰু পৰিপূৰ্ণতা বৃদ্ধি পায়। আনকি নম্ৰতা অৱলম্বনকাৰীয়ে নিজৰ উদ্দেশ্য পূৰণ কৰিব পাৰে। আনহাতে নম্ৰতা আৰু কোমলতা নাথাকিলে বিষয়টো কলুষিত হৈ পৰে, ফলত কঠোৰতা অৱলম্বনকাৰী ব্যক্তিয়ে নিজৰ প্ৰয়োজন পূৰণ কৰিব নোৱাৰে। যদিও পূৰণ কৰে, তেন্তে বহুত কষ্টৰ পিছতহে পূৰণ কৰিব পাৰে।

শব্দাৰ্থ

...:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

নম্ৰতা, ভদ্ৰতা অৱলম্বন কৰিবলৈ উৎসাহিত কৰা হৈছে।

নম্ৰতাই মানুহক সৌন্দৰ্য্যমণ্ডিত কৰে, কাৰণ নম্ৰতা হৈছে দ্বীন আৰু দুনিয়াৰ সকলো প্ৰকাৰ কল্যাণ আহৰণ কৰাৰ উপায়।

সম্পাদক

ছহীহ মুছলিম (4/ 2004) (2594).

অধিক (4)

بهجة الناظرين شرح رياض الصالحين.

لسليم الهلالي (1/ 683).

تطريز رياض الصالحين.

لفيصل آل مبارك (ص414).