Skip to content

“যিয়ে আমাৰ চৰীয়তত এনেকুৱা কোনো নীতি প্ৰৱৰ্তন কৰিছে যিটো ইয়াৰ ভিতৰত নাই সেইটো অগ্ৰহণযোগ্য।

আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

“যিয়ে আমাৰ চৰীয়তত এনেকুৱা কোনো নীতি প্ৰৱৰ্তন কৰিছে যিটো ইয়াৰ ভিতৰত নাই সেইটো অগ্ৰহণযোগ্য।" (মুত্তাফাক্ব আলাইহ) আৰু মুছলিমত আছে যে, "যিয়ে এনেকুৱা কোনো আমল কৰিছে যিটো আমাৰ চৰীয়তত নাই সেইটো প্রত্যাখ্যাত।”

«مَنْ أَحْدَثَ فِي أَمْرِنَا هَذَا مَا لَيْسَ فِيهِ فَهُوَ رَدٌّ» متفق عليه. ولمسلم: «مَنْ عَمِلَ عَمَلًا لَيْسَ عَلَيْهِ أَمْرُنَا فَهُوَ رَدٌّ».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যিয়ে দ্বীনৰ ভিতৰত নতুনত্বৰ সৃষ্টি কৰিব অথবা এনেকুৱা কোনো আমল কৰিব, কোৰআন হাদীছত যিটোৰ কোনো প্ৰমাণ নাই, সেই আমল আমলকাৰীৰ প্ৰতিয়ে দলিয়াই দিয়া হ'ব, আল্লাহৰ ওচৰত সেইটো গ্ৰহণযোগ্য নহ'ব।

শব্দাৰ্থ

...:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

ইবাদত হৈছে কোৰআন আৰু হাদীছৰ দ্বাৰা সীমাবদ্ধ। গতিকে আমি আল্লাহৰ ইবাদত সেইদৰেই কৰোঁ যিদৰে কোৰআন আৰু হাদীছত বৰ্ণিত হৈছে, বিদআত তথা নতুনত্বৰৰ জৰিয়তে আমি ইবাদত নকৰোঁ।

দ্বীন যুক্তি আৰু পছন্দ-অপছন্দৰ ওপৰত ভিত্তি কৰি পালন কৰা নহয়। বৰং ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুসৰণৰ জৰিয়তেহে পালন কৰা হয়।

এই হাদীছটো হৈছে দ্বীনৰ পৰিপূৰ্ণতাৰ প্ৰমাণ।

বিদআত হৈছে নতুনকৈ আৱিষ্কাৰ কৰা ধৰ্মীয় এনেকুৱা কোনো ইবাদত, কথা হওক বা কৰ্ম অথবা আক্বীদাহ, যিটো নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগত তথা চাহাবাসকলৰ যুগত নাছিল।

এই হাদীছটো হৈছে ইছলামৰ এটা মৌলিক নীতি। অৰ্থাৎ আমলৰ মানদণ্ড নিৰ্ণায়ক হাদীছ। আল্লাহৰ উদ্দেশ্যে নকৰা আমলৰ ছোৱাব যিদৰে আমলকাৰীয়ে নাপায়, ঠিক সেইদৰে প্ৰত্যেক সেই আমল যিটো ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ চৰীয়ত মতে নহয়, সেই আমলো অগ্ৰহণযোগ্য তথা আমলকাৰীৰ প্ৰতি দলিয়াই দিয়া হ'ব।

ধৰ্মীয় ক্ষেত্ৰতহে নতুনত্বৰ সৃষ্টি কৰিবলৈ নিষেধ কৰা হৈছে, দুনিয়াৱী ক্ষেত্ৰত নহয়।

সম্পাদক

ছহীহ বুখাৰী (3/ 184) (2697).

ছহীহ মুছলিম (3/ 1343) (1718).

অধিক (5)

التحفة الربانية في شرح الأربعين حديثًا النووية (ص16).

شرح الأربعين النووية.

لابن عثيمين (ص96).

فتح القوي المتين في شرح الأربعين وتتمة الخمسين.

للعباد (ص38).