সেই সম্প্ৰদায় কেতিয়াও সফল হ'ব নোৱাৰে, যিয়ে নিজৰ শাসনভাৰ এজনী নাৰীৰ হাতত অৰ্পণ কৰে।
আবু বাকৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ
সেই সম্প্ৰদায় কেতিয়াও সফল হ'ব নোৱাৰে, যিয়ে নিজৰ শাসনভাৰ এজনী নাৰীৰ হাতত অৰ্পণ কৰে।
«لَنْ يُفْلِحَ قَوْمٌ وَلَّوْا أَمْرَهُمُ امْرَأَةً».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত স্পষ্ট কৰিছে যে, যেতিয়া কোনো জাতিয়ে নিজৰ শাসনৰ দায়িত্ব কোনো নাৰীৰ হাতত অৰ্পণ কৰে, সেয়া ৰাষ্ট্ৰ প্ৰধান হওক অথবা কোনো প্ৰদেশ অথবা কোনো অঞ্চলৰ প্ৰধান নাইবা কোনো মন্ত্ৰণালয়ৰ মন্ত্ৰী, সেই সম্প্ৰদায় কেতিয়াও নিজৰ উদ্দেশ্যত সফল হ'ব নোৱাৰে।
নাৰীসকলে শাসনৰ গুৰু দায়িত্ব অথবা ন্যায়ালয়ৰ বিচাৰপতি আদি ব্যাপক ক্ষেত্ৰসমূহৰ প্ৰধান ব্যক্তি হ'ব নোৱাৰে। ইয়াৰ বাহিৰে বিশেষ দায়িত্ব যেনে- অকফ সম্পত্তি চোৱাচিতাৰ দায়িত্ব, অনাথ ফাউণ্ডেচনৰ প্ৰধান, স্কুল কলেজ আদিৰ গুৰু দায়িত্ব পালনত কোনো বাধা নাই।
ইয়াত নাৰীসকলৰ সৃষ্টিগত দুৰ্বলতা আৰু সীমাবদ্ধ দক্ষতাৰ বিষয়টো স্পষ্ট কৰা হৈছে। ফলত তেওঁলোকে পুৰুষৰ সৈতে সাধাৰণ পদৱীসমূহ অধিষ্টিত হ'ব নোৱাৰে। এনেকুৱা পদত নাৰীসকলক অধিষ্ঠিত কৰাৰ অৰ্থ হৈছে ব্যৰ্থতাৰ কাৰণ।
মহান আল্লাহে নাৰীসকলক সৃষ্টিগতভাৱে পুৰুষসকলতকৈ পৃথক স্বভাৱেৰে সৃষ্টি কৰিছে। কিছুমান কাম এনেকুৱা আছে যিবোৰ নাৰীৰ স্বভাৱগত বৈশিষ্ট্যৰ কাৰণে সিহঁতৰ বাবে উপযুক্ত নহয়। এইদৰে কিছুমান কাম এনেকুৱা আছে যিবোৰ পুৰুষৰ বাবে উপযুক্ত নহয়, যিবোৰ কেৱল নাৰীৰ বাবেহে প্ৰযোজ্য।
নেতিবাচক সফলতাঃ অৰ্থাৎ ব্যৰ্থতা বোলোঁতে চৰীয়তি পৰিভাষাত সেইটোক বুজোৱা হৈছে যিটো দুনিয়া আৰু আখিৰাতৰ কল্যাণৰ সৈতে জৰিত। কোনো ৰাষ্ট্ৰ বা চৰকাৰৰ বাহ্যিক উন্নতি বা সমৃদ্ধিয়ে কেতিয়াও এইটো প্ৰমাণ নকৰে যে, সেই ৰাষ্ট্ৰ আল্লাহৰ সন্তুষ্টি অৰ্জন কৰিছে। যিসকলে আল্লাহৰ আনুগত্যত নাই, সিহঁতে কেতিয়াও সফল হ'ব নোৱাৰে। যদিও দুনিয়াৱী দৃষ্টিত সিহঁতৰ অৱস্থা যিমানে উন্নত আৰু সমৃদ্ধশালী নহওক কিয়।
হাদীছটোত নাৰীসকলক কোনো ধৰণৰ অৱমূল্যায়ন কৰা হোৱা নাই। বৰং নাৰীসকলৰ সামৰ্থ্য আৰু সক্ষমতাক যথাযথ আৰু উপযুক্ত পথত পৰিচালিত কৰাৰ নিৰ্দেশনা দিয়া হৈছে।
ছহীহ বুখাৰী (6/ 8) (4425).
অধিক (13)
عمدة القاري شرح صحيح البخاري.
لبدر الدين العيني (14/ 210).
أعلام الحديث (شرح صحيح البخاري) لأبي سليمان الخطابي (3/ 1787).
توضيح الأحكام مِن بلوغ المرام.
لعبد الله البسام (7/ 183).
فتح ذي الجلال والإكرام شرح بلوغ المرام.
لابن عثيمين (2/ 268).
منحة العلام في شرح بلوغ المرام.
لعبد الله الفوزان (3/ 441).
ذخيرة العقبى في شرح المجتبى.
للولوي (1/ 82).
كشف المشكل من حديث الصحيحين.
لابن الجوزي (2/ 16).