Skip to content

আদম সন্তানৰ অন্তৰসমূহ দয়াময় আল্লাহৰ আঙুলিসমূহৰ মাজৰ দুটা আঙুলিৰ মাজত এটা অন্তৰৰ দৰে অৱস্থিত। তেওঁ যিদৰে ইচ্ছা সেইদৰেই সেইবোৰক ওলট-পালট কৰি থাকে।

আব্দুল্লাহ ইবনু আমৰ ইবনিল আচ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ

"আদম সন্তানৰ অন্তৰসমূহ দয়াময় আল্লাহৰ আঙুলিসমূহৰ মাজৰ দুটা আঙুলিৰ মাজত এটা অন্তৰৰ দৰে অৱস্থিত। তেওঁ যিদৰে ইচ্ছা সেইদৰেই সেইবোৰক ওলট-পালট কৰি থাকে।" এই হাদীছটো বৰ্ণনা কৰি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এই দুআটো পাঠ কৰিছিলঃ "আল্লাহুম্মা মুচাৰ্ৰিফাল ক্বুলূব, চাৰ্ৰিফ ক্বুলুবানা আলা ত্বআতিক।"

«إِنَّ قُلُوبَ بَنِي آدَمَ كُلَّهَا بَيْنَ إِصْبَعَيْنِ مِنْ أَصَابِعِ الرَّحْمَنِ، كَقَلْبٍ وَاحِدٍ، يُصَرِّفُهُ حَيْثُ يَشَاءُ» ثُمَّ قَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «اللهُمَّ مُصَرِّفَ الْقُلُوبِ صَرِّفْ قُلُوبَنَا عَلَى طَاعَتِكَ».

(মুছলিম)
ছহীহ
ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, আদম সন্তানৰ অন্তৰসমূহ ৰহমানৰ দুটা আঙুলিৰ মাজত এটা অন্তৰৰ দৰে ৰাখি থোৱা আছে। তেওঁ যিদৰে ইচ্ছা কৰে সেই অন্তৰবোৰক ওলট-পালট কৰে। তেওঁ ইচ্ছা কৰিলে সত্যৰ ওপৰত প্ৰতিষ্ঠিত ৰাখে, অন্যথা তেওঁ ইচ্ছা কৰিলে সত্যৰ পৰা আঁতৰাই দিয়ে। তেওঁ গোটেই অন্তৰবোৰক এটা অন্তৰৰ দৰে ওলট-পালট কৰিব পাৰে। এই হাদীছটো বৰ্ণনা কৰাৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই বুলি দুআ কৰিছিলঃ হে আল্লাহ! অন্তৰ পৰিবৰ্তনকাৰী, তুমি কেতিয়াবা অন্তৰক আনুগত্যৰ ফালে পৰিবৰ্তন কৰি দিয়া আকৌ কেতিয়াবা গুনাহৰ ফালে পৰিবৰ্তন কৰি দিয়া, কেতিয়াবা তুমি জিকৰ-আজকাৰৰ ফালে কৰি দিয়া আকৌ কেতিয়াবা অমনোযোগিতাৰ ফালে। গতিকে তুমি আমাৰ অন্তৰসমূহক তোমাৰ আনুগত্যৰ ফালেই ৰাখিবা।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

হাদীছটোৱে তাক্বদীৰৰ প্ৰমাণ বহন কৰে। মহান আল্লাহে বান্দাৰ তাক্বদীৰ অনুসৰি সিহঁতৰ অন্তৰ ওলট-পালট কৰে।

মুছলিমৰ উচিত সদায় আল্লাহৰ ওচৰত এই বুলি দুআ কৰা যে, আল্লাহে যেন সত্যৰ ওপৰত আৰু হিদায়তৰ ওপৰত অটল ৰাখে।

আল্লাহক ভয় কৰিব লাগে আৰু তেওঁৰ সৈতে সম্পৰ্ক স্থাপন কৰিব লাগে। তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই।

আজুৰী ৰাহিমাহুল্লাহে কৈছেঃ "আহলে হক (সত্যৰ অনুসাৰীসকলে) সৰ্বশক্তিমান আল্লাহক সেইবোৰ গুণেৰে গুণাম্বিত কৰে, যিবোৰ গুণেৰে তেওঁ নিজকে গুণাম্বিত কৰিছে, লগতে যিদৰে তেওঁৰ নবীয়ে তেওঁক গুণাম্বিত কৰিছে, এইদৰে চাহাবাসকলে যিবোৰ গুণেৰে গুণাম্বিত কৰিছে। এইটোৱে হৈছে সত্যৰ অনুসাৰী উলামাসকলৰ মজহাব, যিসকলে নিজকে বিদআতৰ পৰা আঁতৰত ৰাখিছে।" সমাপ্ত। আহলে ছুন্নত অল জামাআতে মহান আল্লাহৰ বাবে সেই সকলো নাম আৰু গুণাৱলী সাব্যস্ত কৰে, যিবোৰ নাম আৰু গুণাৱলী স্বয়ং আল্লাহে নিজৰ বাবে সাব্যস্ত কৰিছে। তেওঁলোকে এইবোৰ নাম আৰু গুণাৱলীৰ ক্ষেত্ৰত কোনো ধৰণৰ পৰিবৰ্তন, পৰিবৰ্ধন, বিকৃত, আৰু ধৰণ-গঠণ উপমা সাদৃশ্য আদি সাব্যস্ত নকৰে। লগতে তেওঁলোকে আল্লাহৰ বাবে সেই সকলো দোষ-ত্ৰুটি নসাৎ কৰে যিবোৰ দোষ-ত্ৰুটি আল্লাহে নিজৰ বাবে নসাৎ কৰিছে। লগতে তেওঁলোকে সেইসমূহ বিষয়ত মৌনতা অৱলম্বন কৰে যিবোৰ ক্ষেত্ৰত কোনো ধৰণৰ ইতিবাচক বা নেতিবাচক কোনো প্ৰমাণ নাই। মহান আল্লাহে পৱিত্ৰ কোৰআনত কৈছেঃ (একোৱেই তেওঁৰ সদৃশ নহয়, আৰু তেওঁ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।)

সম্পাদক

ছহীহ মুছলিম (4/ 2045) (2654).

অধিক (4)

المنهاج شرح صحيح مسلم بن الحجاج.

للنووي (16/ 204).

فيض القدير شرح الجامع الصغير.

للمناوي (2/ 379).