Skip to content

আল্লাহুম্মা ইন্নী আ’উজু বিকা মিনাল আ’জঝি অল কাছাল, অল জুব্নি, অল বুখল, অল হাৰাম। ৱা আজাবিল-কাব্ৰ। আল্লাহুম্মা আতি নাফ্‌ছী তাক্বৱাহা, অঝাক্কিহা আন্তা খাইৰু মান ঝাক্কা-হা, আন্তা অলিয়্যুহা ৱা মাওলাহা। আল্লাহুম্মা ইন্নী আ’উজু বিকা মিন ইল্‌মিল্ লা য়ান্‌ফা’, অমিন ক্বাল্বিল্ লা য়াখ্‌শ্বা’, অমিন নাফ্‌ছিন লা তাশ্ববা’, অমিন দা’ৱাতিল্ লা ইউস্তাজাবু লাহ।" অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ অক্ষমতাৰ পৰা, অলসতাৰ পৰা, কাপুৰুষতাৰ পৰা, কৃপণতাৰ পৰা আৰু বৃদ্ধ অৱস্থাৰ পৰা, লগতে কবৰৰ শাস্তিৰ পৰা। হে আল্লাহ! মোৰ অন্তৰত তাক্বৱা দান কৰা, আৰু ইয়াক পৰিশুদ্ধ কৰি দিয়া, কাৰণ তুমিয়ে সৰ্বোত্তম পৰিশুদ্ধকাৰী। তুমিয়েই ইয়াৰ অভিভাৱক আৰু ৰক্ষক। হে আল্লাহ! মই তোমাৰ ওচৰত আশ্ৰয় বিচাৰোঁ এনেকুৱা জ্ঞানৰ পৰা, যিটো কোনো উপকাৰ নকৰে, আৰু এনেকুৱা অন্তৰৰ পৰা যিটো তোমাৰ ভয়ত কম্পিত নহয়, এনেকুৱা নফছৰ পৰা যিটো কেতিয়াও তৃপ্ত নহয়, আৰু এনেকুৱা দুআৰ পৰা যিটো কবূল কৰা নহয়।

ঝায়েদ ইবনে আৰক্বাম ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই তোমালোকক তেনেকৈয়ে কম যিদৰে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছিল, তেখেতে এইদৰে পাঠ কৰিছিলঃ

"আল্লাহুম্মা ইন্নী আ’উজু বিকা মিনাল আ’জঝি অল কাছাল, অল জুব্নি, অল বুখল, অল হাৰাম। ৱা আজাবিল-কাব্ৰ। আল্লাহুম্মা আতি নাফ্‌ছী তাক্বৱাহা, অঝাক্কিহা আন্তা খাইৰু মান ঝাক্কা-হা, আন্তা অলিয়্যুহা ৱা মাওলাহা। আল্লাহুম্মা ইন্নী আ’উজু বিকা মিন ইল্‌মিল্ লা য়ান্‌ফা’, অমিন ক্বাল্বিল্ লা য়াখ্‌শ্বা’, অমিন নাফ্‌ছিন লা তাশ্ববা’, অমিন দা’ৱাতিল্ লা ইউস্তাজাবু লাহ।" অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ অক্ষমতাৰ পৰা, অলসতাৰ পৰা, কাপুৰুষতাৰ পৰা, কৃপণতাৰ পৰা আৰু বৃদ্ধ অৱস্থাৰ পৰা, লগতে কবৰৰ শাস্তিৰ পৰা। হে আল্লাহ! মোৰ অন্তৰত তাক্বৱা দান কৰা, আৰু ইয়াক পৰিশুদ্ধ কৰি দিয়া, কাৰণ তুমিয়ে সৰ্বোত্তম পৰিশুদ্ধকাৰী। তুমিয়েই ইয়াৰ অভিভাৱক আৰু ৰক্ষক। হে আল্লাহ! মই তোমাৰ ওচৰত আশ্ৰয় বিচাৰোঁ এনেকুৱা জ্ঞানৰ পৰা, যিটো কোনো উপকাৰ নকৰে, আৰু এনেকুৱা অন্তৰৰ পৰা যিটো তোমাৰ ভয়ত কম্পিত নহয়, এনেকুৱা নফছৰ পৰা যিটো কেতিয়াও তৃপ্ত নহয়, আৰু এনেকুৱা দুআৰ পৰা যিটো কবূল কৰা নহয়।

«اللهُمَّ إِنِّي أَعُوذُ بِكَ مِنَ الْعَجْزِ وَالْكَسَلِ وَالْجُبْنِ وَالْبُخْلِ وَالْهَرَمِ وَعَذَابِ الْقَبْرِ، اللهُمَّ آتِ نَفْسِي تَقْوَاهَا، وَزَكِّهَا أَنْتَ خَيْرُ مَنْ زَكَّاهَا، أَنْتَ وَلِيُّهَا وَمَوْلَاهَا، اللهُمَّ إِنِّي أَعُوذُ بِكَ مِنْ عِلْمٍ لَا يَنْفَعُ، وَمِنْ قَلْبٍ لَا يَخْشَعُ، وَمِنْ نَفْسٍ لَا تَشْبَعُ، وَمِنْ دَعْوَةٍ لَا يُسْتَجَابُ لَهَا».

(মুছলিম)
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰায়ে এই দুআটো পাঠ কৰিছিল: "আল্লাহুম্মা ইন্নী আউযু বিকা" (অৰ্থাৎ হে আল্লাহ! মই তোমাৰ আশ্ৰয় বিচাৰোঁ), "মিনাল-আজঝি" (অক্ষমতাৰ পৰা—য'ত উপযুক্ত উপায় অৱলম্বন কৰাৰ সামৰ্থ্য নাথাকে), "অল-কাছলি" (অলসতাৰ পৰা বা হেমাহিৰ পৰা—য'ত কাম কৰাৰ ইচ্ছাই নাথাকে), "অল-জুবনি" (কাপুৰুষতাৰ পৰা—য'ত কৰিবলগীয়া কামৰ পৰা পিছুৱাই যোৱা হয়), "অল-বুখলি" (কৃপণতাৰ পৰা—দান কৰাৰ পৰা বিৰত থকা), "অল-হাৰামি" (বৃদ্ধাৱস্থাৰ পৰা—যিটো বয়সত শৰীৰ দুৰ্বল হৈ পৰে), "ৱা আযাবিল-কাব্ৰি" (কবৰৰ শাস্তিৰ পৰা—লগতে এনেকুৱা শাস্তিৰ সন্মুখীন হ'ব পৰা সকলো উপায় উপকৰণৰ পৰা)। "আল্লাহুম্মা আতি নাফচী" (অৰ্থাৎ হে আল্লাহ! মোৰ অন্তৰক দান কৰা তথা তাওফীক দিয়া), "তাকৱাহা" (অৰ্থাৎ আজ্ঞা পালন আৰু গুনাহৰ পৰা বিৰত ৰাখি আল্লাহভীৰু হোৱাৰ তাওফীক দিয়া), "অঝাক্কিহা" (লগতে নিকৃষ্ট বৈশিষ্ট্য আৰু বেয়া চৰিত্ৰৰ পৰা পৱিত্ৰ কৰা), "আন্তা খাইৰু মান ঝাক্কা-হা" (তুমিয়ে শ্ৰেষ্ঠ পৱিত্ৰকাৰী, তোমাৰ বাহিৰে আন কাৰো শক্তি নাই ইয়াক পৰিষ্কাৰ কৰাৰ), "আন্তা অলীয়্যুহা" (তুমিয়ে ইয়াৰ অভিভাৱক, সহায়ক আৰু ৰক্ষক), "অমাওলাহা" (ইয়াৰ যাৱতীয় বিষয়ৰ মালিক, প্ৰতিপালক আৰু অনুগ্ৰহকাৰী)। "اللَّهُمَّ إِنِّي أَعُوذُ بِكَ مِنْ عِلْمٍ لَا يَنْفَعُ" (অৰ্থাৎ হে আল্লাহ! মই তোমাৰ আশ্ৰয় বিচাৰোঁ অসাৰ জ্ঞানৰ পৰা—যেনে জ্যোতিষশাস্ত্ৰ, ভৱিষ্যৎবাণী, যাদুবিদ্যা আদিৰ পৰা, যি জ্ঞানে আখিৰাতত উপকাৰ নকৰে বা যি জ্ঞান অনুসৰি আমল কৰা নহয়), "وَمِنْ قَلْبٍ لَا يَخْشَعُ" (এনে হৃদয়ৰ পৰা, যি তোমাৰ ভয়ত নত নহয়, বিনয়ী নহয়, শান্ত নহয় আৰু তোমাৰ স্মৰণত সুস্থিৰ নহয়), "وَمِنْ نَفْسٍ لَا تَشْبَعُ" (এনে মনৰ পৰা, যি কেতিয়াও তৃপ্ত নহয়, আল্লাহে যি হালাল আৰু পবিত্ৰ জীৱিকা দান কৰিছে তাৰ দ্বাৰা সন্তুষ্ট নহয়), "وَمِنْ دَعْوَةٍ لَا يُسْتَجَابُ لَهَا" (লগতে এনে দুআৰ পৰা, যি গ্ৰহণ নহয় বা যিটো কবুল কৰা নহয়)।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

হাদীছটোত উল্লিখিত বিষয়সমূহৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰা মুস্তাহাব।

তাক্বৱা অৱলম্বন কৰিবলৈ আৰু ইল্ম আৰু আমল প্ৰচাৰ প্ৰসাৰ কৰিবলৈ উৎসাহিত কৰা হৈছে।

উপকাৰী জ্ঞান হৈছে সেইটো, যি জ্ঞানে আত্মাক পৱিত্ৰ কৰে, আৰু অন্তৰত আল্লাহৰ ভয় সৃষ্টি কৰে। ফলত সকলো অংগ প্ৰত্যংগত প্ৰসাৰিত হয়।

বিনয়ী হৃদয় হৈছে সেই অন্তৰ, যিয়ে আল্লাহৰ স্মৰণত ভীত-সন্ত্ৰস্ত হৈ পৰে আৰু কম্পিত হয়, ইয়াৰ পিছত কোমল হয় আৰু আশ্বস্ত হয়।

পৃথিৱীৰ প্ৰতি লোভ-লালসা আৰু ইয়াৰ চাহিদা তথা সুখ শান্তিৰ দ্বাৰা সন্তুষ্ট নোহোৱাক নিন্দা কৰা হৈছে। সেয়ে লোভী আৰু পাৰ্থিৱ সুখৰ ক্ষেত্ৰত বেছি আগ্ৰহী আত্মা হৈছে মানুহৰ আটাইতকৈ ডাঙৰ শত্ৰু। সেই কাৰণেই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এনেকুৱা আত্মাৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিছে।

বান্দাই সেই সকলো উপায় পৰিহাৰ কৰা উচিত, যাৰ ফলত দুআ কবূল নহয় তথা দুআ প্ৰত্যাখ্যান হয়।

ইমাম নৱৱীয়ে কৈছে: এই হাদীছ আৰু অন্যান্য ছন্দবদ্ধ দুআসমূহে আলিমসকলৰ মতৰ সপক্ষে প্ৰমাণ দিয়ে যে, দুআৰ ক্ষেত্ৰত নিন্দনীয় ছন্দ হৈছে সেইটো, যিটো কৃত্ৰিমভাৱে ৰচনা কৰা হয়। কিয়নো ইয়াৰ ফলত খুশু’ (বিনয়), খুযু’ (নম্ৰতা) আৰু ইখলাচ (একনিষ্ঠতা) নষ্ট হয়, আৰু বিনয়ী প্ৰাৰ্থনা, আল্লাহৰ ওচৰত নিঃস্বতা স্বীকাৰ আৰু মনৰ একাগ্ৰতাৰ পৰা বিচ্যুত কৰে। আনহাতে যিটো স্বাভাৱিক ছন্দ কোনো কষ্টকৰ চেষ্টা নকৰাকৈ প্ৰাঞ্জল ভাষাৰ পৰিপূৰ্ণতাৰ ফলত গঠিত, অথবা যিটো মুখস্থ কৰা হয়, তেনেকুৱা ছন্দত কোনো অসুবিধা নাই, বৰং এইটো উত্তম।

সম্পাদক

ছহীহ মুছলিম (4/ 2088) (2722).

অধিক (6)

بهجة الناظرين شرح رياض الصالحين.

لسليم الهلالي (2/ 550).

كنوز رياض الصالحين.

لمجموعة من الباحثين (17/ 420).

نزهة المتقين شرح رياض الصالحين.

لمجموعة من الباحثين (2/ 1009).