আল্লা-হুম্মা ইন্নি আছআলুকাল আ-ফিয়াহ ফিদ দুনিয়া অল আ-খিৰাহ
ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়াও পুৱা গধূলি এই দুআটো পাঠ নকৰাকৈ থকা নাছিল। উচ্চাৰণঃ "আল্লা-হুম্মা ইন্নি আছআলুকাল আ-ফিয়াহ ফিদ দুনিয়া অল আ-খিৰাহ, আল্লা-হুম্মা ইন্নি আছআলুকাল আফৱা অল আ-ফিয়া ফী দ্বীনি, অদুনিয়ায়ী, অ আহলি, অ মা-লী, আল্লা-হুম্মাছ তুৰ আউৰা-তি, ৱা আ-মিন ৰাউআ-তি, আল্লা-হুম্মাহফিজনি মিন বাইনা য়াদায়্যা, অমিন খালফি, ৱা আন য়ামীনি, অ আন শ্বিমা-লি, অমিন ফাউকি, অ আউজু বিআজমাতিকা আন উগতা-লা মিন তাহতি”। অৰ্থ: হে আল্লাহ! মই তোমাৰ ওচৰত দুনিয়া আৰু আখিৰাতত নিৰাপত্তা বিচাৰোঁ। হে আল্লাহ! মই মোৰ দ্বীন, মোৰ দুনিয়া, মোৰ পৰিয়াল আৰু মোৰ সম্পদৰ বাবে তোমাৰ ওচৰত ক্ষমা বিচাৰোঁ আৰু নিৰাপদ কামনা কৰোঁ। হে আল্লাহ! মোৰ পৰ্দা কৰা অংগসমূহৰ ওপৰত পৰ্দা কৰি দিয়া। মোৰ ভয়-ভীতি দূৰ কৰি শান্তি বিৰাজ কৰা। হে আল্লাহ! মোৰ সন্মুখৰ পৰা, মোৰ পিছফালৰ পৰা মোৰ সোঁফালৰ পৰা, মোৰ বাওঁফালৰ পৰা আৰু মোৰ ওপৰৰ পৰা মোক সুৰক্ষা প্ৰদান কৰা। আকস্মিক তলৰ পৰা ধ্বংস হোৱাৰ পৰাও মই তোমাৰ আশ্ৰয় বিচাৰোঁ।
لَمْ يَكُنْ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَدَعُ هَؤُلَاءِ الدَّعَوَاتِ، حِينَ يُمْسِي وَحِينَ يُصْبِحُ: «اللَّهُمَّ إِنِّي أَسْأَلُكَ الْعَافِيَةَ فِي الدُّنْيَا وَالْآخِرَةِ، اللَّهُمَّ إِنِّي أَسْأَلُكَ الْعَفْوَ وَالْعَافِيَةَ فِي دِينِي وَدُنْيَايَ وَأَهْلِي وَمَالِي، اللَّهُمَّ اسْتُرْ عَوْرَتِي -أَو: عَوْرَاتِي- وَآمِنْ رَوْعَاتِي، اللَّهُمَّ احْفَظْنِي مِنْ بَيْنِ يَدَيَّ، وَمِنْ خَلْفِي، وَعَنْ يَمِينِي، وَعَنْ شِمَالِي، وَمِنْ فَوْقِي، وَأَعُوذُ بِعَظَمَتِكَ أَنْ أُغْتَالَ مِنْ تَحْتِي».
পুৱা গধূলি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই কেইটা দুআ নপঢ়াকৈ কেতিয়াও থকা নাছিলঃ (اللهم إني أسألُكَ العافيةَ) অৰ্থাৎ হে আল্লাহ! তুমি মোক দুনিয়াৱী সকলো বিপদ-আপদ, বেমাৰ-আজাৰৰ পৰা ৰক্ষা কৰা, নিকটৱৰ্তী আৰু দূৰৱৰ্তী দুনিয়াতে হওক বা আখিৰাতত সকলো প্ৰকাৰ ফিতনাৰ পৰা মোক ৰক্ষা কৰা। (اللهمَّ إني أسأَلُكَ العفو) অৰ্থাৎ হে আল্লাহ! মই তোমাৰ ওচৰত সকলো প্ৰকাৰৰ গুনাহ আৰু সীমালংঘনৰ বাবে ক্ষমা বিচাৰোঁ। (والعافيةَ) তুমি মোক সকলো প্ৰকাৰ দোষ-ত্ৰুটিৰ পৰা ৰক্ষা কৰা। (في دِيني) দ্বীনি ক্ষেত্ৰত শ্বিৰ্ক বিদআতৰ পৰা আৰু বিভিন্ন প্ৰকাৰৰ গুনাহৰ পৰা। (ودنياي) দুনিয়াৱী ক্ষেত্ৰত সকলো প্ৰকাৰ বিপদ আপদ আৰু অনিষ্টৰ পৰা। (وأهلِي) আৰু মোৰ স্ত্ৰী, সন্তান-সন্ততি আৰু আত্মীয়ৰ অনিষ্টৰ পৰা। (ومالي) লগতে মোৰ ধন-সম্পদ আৰু কৰ্মৰ অনিষ্টৰ পৰা। (اللهم استرْ عَوراتي) অৰ্থাৎ হে আল্লাহ! মোৰ ভিতৰত থকা দোষ-ত্ৰুটি, ভুল-ভ্ৰান্তিক ঢাকি দিয়া আৰু মোৰ গুনাহ ক্ষমা কৰি দিয়া। (وآمِن رَوْعاتي) লগতে মোৰ ভয়-ভীতি দূৰ কৰি নিৰাপত্তা প্ৰদান কৰা। (اللهم احفظْني) অৰ্থাৎ হে আল্লাহ! মোক বিপদ-আপদ, সংকট আদিৰ পৰা ৰক্ষা কৰা। (من بين يديَّ ومِن خلفي، وعن يميني وعن شمالي، ومن فوقي) সকলো দিশৰ পৰা মোক সুৰক্ষা প্ৰদান কৰা। সন্মুখৰ পৰা পিছফালৰ পৰা, সোঁফালৰ পৰা বাওঁফালৰ পৰা আৰু ওপৰৰ পৰা অহা বিপদৰ পৰা ৰক্ষা কৰা, কাৰণ আপদ-বিপদ এইবোৰ দিশৰ পৰাই আহে। (وأعوذُ بعظمتك أن أُغْتَال) অৰ্থাৎ মই তোমাৰ মহান সত্তাৰ অছিলাৰে তোমাৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ, তুমি মোক আকস্মিক (من تحتي) মোৰ তলৰ পৰা অহা ধ্বংসৰ পৰা ৰক্ষা কৰা, যেনে-ভূমিস্খলন আদি।
ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুসৰণ কৰি এইবোৰ দুআ নিয়মিত পাঠ কৰিব লাগে।
মানুহক যিদৰে আল্লাহৰ ওচৰত দ্বীনি ক্ষেত্ৰত নিৰাপত্তা বিচাৰি দুআ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে, ঠিক সেইদৰে দুনিয়াৱী ক্ষেত্ৰতো সুৰক্ষা বিচাৰি দুআ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
ত্বীবি ৰাহিমাহুল্লাহে কৈছেঃ সচৰাচৰ ছয়টা দিশৰ পৰাই বিপদ আহে, কিন্তু ইয়াত তল দিশক পৃথকভাৱে উল্লেখ কৰি দুআ কৰা হৈছে, কাৰণ তলৰ পৰা অহা বিপদ আটাইতকৈ সাংঘাতিক।
পুৱাৰ ভাগত জিকৰ-আজকাৰ পাঠ কৰা উত্তম। ফজৰৰ পৰা সূৰ্যোদয় হোৱাৰ আগমূহুৰ্তলৈকে তথা দিনৰ প্ৰথম ভাগত। এইদৰে আচৰৰ পিছৰ পৰা সূৰ্য্য অস্ত যোৱাৰ আগমূহুৰ্তলৈকে। কিন্তু যদি কোনোবাই ইয়াৰ পিছত পঢ়ে, অৰ্থাৎ পুৱাৰ ভাগত সূৰ্য্য উদয় হোৱাৰ পিছত পঢ়ে, অথবা জোহৰৰ পিছত পঢ়ে, নাইবা মাগৰিবৰ পিছত পঢ়ে তথাপিও কোনো অসুবিধা নাই। এইবোৰ সময়তো পঢ়িব পাৰি।
যিটো দুআ পঢ়াৰ কোনো নিৰ্দিষ্ট সময় আছে, সেইটো সেই সময়তে পঢ়িব লাগিব, যেনে- ছুৰা আল-বাক্বাৰাৰ শেষৰ দুই আয়াত ৰাতিত পঢ়িব লাগে বুলি নিৰ্দিষ্ট আছে, গতিকে এয়া ৰাতিতে পঢ়িব লাগিব, সূৰ্য্য অস্ত যোৱাৰ পিছত।
ছুনান আবি দাঊদ (7/ 408) (5074).
ছুনান নাছায়ী (8/ 282) (5529).
ছুনান ইবনে মাজাহ (5/ 37) (3871).
মুছনাদ আহমদ (8/ 403) (4785).
অধিক (8)
توضيح الأحكام من بلوغ المرام.
لعبد الله البسام (7/ 565).
منحة العلام في شرح بلوغ المرام.
لعبد الله الفوزان (10/ 441).
فتح ذي الجلال والإكرام.
لابن عثيمين (6/ 491).
سبل السلام بشرح بلوغ المرام.
لمحمد الصنعاني (2/ 711).
গ্ৰন্থসমূহত উল্লেখিত
11 গ্ৰন্থসমূহ- গুৰুত্বপূৰ্ণ কিছুমান দুআ[1]"আল্লাহুম্মা ইন্নী আছআলুকাল ‘আফিয়াতা ফিদ্দুনিয়া অল আখিৰাহ।" অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত ইহকাল আৰু পৰকাল উভয়ৰে শান্তি, নিৰাপত্তা আৰু সুস্থতা প্ৰাৰ্থনা কৰোঁ।
- দুআ আৰু কোৰআন-হাদীছৰ দ্বাৰা প্ৰমাণিত জৰাফুঁকাৰ জৰিয়তে চিকিৎসাالدعاء من الكتاب والسنة৭১- ((আল্লা-হুম্মা ইন্নী আছআলুকাল ‘আফিয়াতা ফিদ্দুনিয়া অল আ-খিৰাহ।))[34] অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত ইহকাল আৰু পৰকাল উভয়ৰে শান্তি, নিৰাপত্তা আৰু সুস্থতা প্ৰাৰ্থনা কৰোঁ।
অধিক (9)
- أدعية جامعةأدعية جامعة (للحرمين)24. «اللَّهُمَّ إِنِّي أَسْأَلُكَ الْعَافِيَةَ فِي الدُّنْيَا وَالْآخِرَةِ».
- الذكر والدعاء والعلاج بالرقي من الكتاب والسنة"اللهم إني أسألك العافية في الدنيا والآخرة، اللهم إني أسألك العفو والعافية في دِيني، ودنياي، وأهلي ومالي، اللهم استر عوراتي وآمن روعاتي، اللهم احفظني من بين يدي، ومن خلفي، وعن يميني، وعن شمالي ومن فوقي وأعوذ بعظمتك أن أُغتال من تحتي".
- المختصر في آداب السفر وصفة الحج والعمرة وآداب الزيارة والأدعية الجامعة مع ملحق بالفتاوى والمخالفات4- أدعية جامعة (للحرمين)«اللَّهُمَّ إِنِّي أَسْأَلُكَ الْعَافِيَةَ فِي الدُّنْيَا وَالْآخِرَةِ».
- تحفة الأخيار تحفة الأخيار (ببيان جملة نافعة مما ورد في الكتاب والسنة من الأدعية والأذكار)«اللَّهُمَّ إِنِّي أَسْأَلُكَ الْعَافِيَةَ فِي الدُّنْيَا وَالآْخِرَةِ، اللَّهُمَّ إِنِّي أَسْأَلُكَ الْعَفْوَ وَالْعَافِيَةَ فِي دِينِي وَدُنْيَايَ وَأَهْلِي وَمَالِي، اللَّهُمَّ اسْتُرْ عَوْرَاتِي وَآمِنْ رَوْعَاتِي، اللَّهُمَّ احْفَظْنِي
- تطبيق القرآن والأذكارأذكار الصباح والمساء((اللَّهُمَّ إِنِّي أَسْأَلُكَ الْعَفْوَ وَالْعَافِيَةَ فِي الدُّنْيَا وَالآخِرَةِ، اللَّهُمَّ إِنِّي أَسْأَلُكَ الْعَفْوَ وَالْعَافِيَةَ: فِي دِينِي وَدُنْيَايَ وَأَهْلِي، وَمَالِي، اللَّهُمَّ اسْتُرْ عَوْرَاتِي، وَآمِنْ رَوْعَاتِي، اللَّه
- تطبيق القرآن والأذكارأدعية النبي صلى الله عليه وسلم 71- ((اللَّهُمَّ إنِّي أسْألُكَ الْعَافِيَةَ فِي الدُّنْيَا وَالآخِرَةِ))[85].
- حصن المسلم من أذكار الكتاب والسنةحصن المسلم«اللَّهُمَّ إِنِّي أَسْأَلُكَ العَفْوَ وَالعَافِيَةَ فِي الدُّنْيَا وَالآخِرَةِ، اللَّهُمَّ إِنِّي أَسْأَلُكَ العَفْوَ وَالعَافِيَةَ: فِي دِينِي وَدُنْيَايَ وَأَهْلِي، وَمَالِي، اللَّهُمَّ اسْتُرْ عَوْرَاتِي، وَآمِنْ رَوْعَاتِي، اللَّهُمَّ
- حصن المسلم من أذكار الكتاب والسنةحصن المسلماللَّهُمَّ إِنِّي أَسْأَلُكَ العَفْوَ وَالعَافِيَةَ فِي الدُّنْيَا وَالآخِرَةِ، اللَّهُمَّ إِنِّي أَسْأَلُكَ العَفْوَ وَالعَافِيَةَ: فِي دِينِي وَدُنْيَايَ وَأَهْلِي، وَمَالِي، اللَّهُمَّ اسْتُرْ عَوْرَاتِي، وَآمِنْ رَوْعَاتِي، اللَّهُمَّ ا
- رسالة في الأذكار1«اللَّهُمَّ إِنِّي أَسْأَلُكَ الْعَافِيَةَ فِي الدُّنْيَا وَالْآخِرَةِ، اللَّهُمَّ إِنِّي أَسْأَلُكَ الْعَفْوَ وَالْعَافِيَةَ فِي دِينِي وَدُنْيَايَ وَأَهْلِي وَمَالِي، اللَّهُمَّ اسْتُرْ عَوْرَاتِي، وَآمِنْ رَوْعَاتِي، اللَّهُمَّ احْفَظْنِ