Skip to content

উচ্চাৰণঃ "আল্লাহুম্মা ইন্নি আউজুবিকা মিন ঝাৱালি নি'মাতিক, অতাহাওউলি আ-ফিয়াতিক, অফুজাআতি নিকমাতিক, অজামাআ ছাখাতিক।

আব্দুল্লাহ ইবনু ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

উচ্চাৰণঃ "আল্লাহুম্মা ইন্নি আউজুবিকা মিন ঝাৱালি নি'মাতিক, অতাহাওউলি আ-ফিয়াতিক, অফুজাআতি নিকমাতিক, অজামাআ ছাখাতিক।" অৰ্থঃ হে আল্লাহ! নিশ্চয় মই তোমাৰ ওচৰত তোমাৰ অনুগ্ৰহ অপসৰণৰ পৰা, নিৰাপত্তাৰ পৰিবৰ্তনৰ পৰা, আকস্মিক কৰায়ত্বৰ পৰা আৰু যাৱতীয় অসন্তুষ্টিৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰোঁ।

«اللهُمَّ إِنِّي أَعُوذُ بِكَ مِنْ زَوَالِ نِعْمَتِكَ، وَتَحَوُّلِ عَافِيَتِكَ، وَفُجَاءَةِ نِقْمَتِكَ، وَجَمِيعِ سَخَطِكَ».

(মুছলিম)
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাৰিটা বস্তুৰ পৰা আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰিছে। প্ৰথমঃ তেখেতে দ্বীনি আৰু দুনিয়াৱী নিয়ামত অপসৰণৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰিছে। যাতে ইছলামৰ ওপৰত প্ৰতিষ্ঠিত থাকিব পাৰে, লগতে গুনাহ আৰু পাপকৰ্মৰ পৰা আঁতৰি থাকিব পাৰে। দ্বিতীয়ঃ নিৰাপত্তা পৰিবৰ্তনৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰিছে, যাতে বিপদ-আপদলৈ ৰূপান্তৰিত নহয়। তেখেতে কৈছেঃ মই সদায় তোমাৰ ওচৰত নিৰাপত্তা কামনা কৰোঁ, বেমাৰ-আজাৰৰ পৰা সুস্থতা বিচাৰোঁ। তৃতীয়ঃ আকস্মিক বিপদ-আপদ তথা মুচিবতৰ পৰা আশ্ৰয় বিচাৰোঁ। কাৰণ আকস্মিকভাৱে অহা বিপদ-আপদৰ ফলত তাওবা কৰাৰ কোনো অৱকাশ পোৱা নাযায়। এনেকুৱা বিপদ হৈছে আটাইতকৈ সাংঘাতিক। চতুৰ্থঃ লগতে তোমাৰ সকলো প্ৰকাৰ অসন্তুষ্টিৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰোঁ। কাৰণ যাৰ প্ৰতি তুমি অসন্তুষ্ট হোৱা, সি ক্ষতিগ্ৰস্ত হয় তথা ধ্বংস হয়। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত 'জামী' (جَمِيعِ) শব্দ ব্যৱহাৰ কৰিছে। ইয়াৰ দ্বাৰা মহান আল্লাহৰ অসন্তুষ্টিৰ সকলো দিশকে সামৰি লোৱা হৈছে, কথা হওক বা কৰ্ম অথবা বিশ্বাস।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

নবী চাল্লাল্লাহু আলাইহি অছাল্লামো মহান আল্লাহৰ মুখাপেক্ষী আছিল।

এই আশ্ৰয় প্ৰাৰ্থনাৰ ভিতৰত অন্তৰ্ভুক্ত আছেঃ নিয়ামতৰ চুকৰিয়া আদায় কৰাৰ তাওফীক, গুনাহ তথা পাপকৰ্মৰ পৰা সংৰক্ষণ। কাৰণ নিয়ামতৰ চুকৰিয়া আদায় নকৰিলে আৰু গুনাহত পতিত হ'লে নিয়ামত বন্ধ হৈ যায়।

যিবোৰ বিষয়ত আল্লাহ অসন্তুষ্ট হয়, তেনেকুৱা বিষয়ৰ পৰা আঁতৰি থকাৰ ক্ষেত্ৰত আগ্ৰহী হোৱা উচিত।

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হঠাৎ অহা বিপদ-আপদৰ পৰা আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰিছে। কাৰণ আল্লাহে যেতিয়া কোনো বান্দাৰ পৰা প্ৰতিশোধ লয় তেতিয়া তাক এনেকুৱা বিপদ-আপদ দিয়ে, যিটোক সি প্ৰতিৰোধ কৰিব নোৱাৰে। আনকি গোটেই সৃষ্টিজগত একত্ৰিত হৈয়ো সেইটোক প্ৰতিৰোধ কৰিব নোৱাৰে।

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নিৰাপত্তা পৰিবৰ্তনৰ পৰাও আশ্ৰয় প্ৰাৰ্থনা কৰিছে। কাৰণ যাক আল্লাহে নিৰাপত্তা আৰু সুস্থতা প্ৰদান কৰিছে, তাক আল্লাহে উভয় জগতৰ কল্যাণ প্ৰদান কৰিছে। কিন্তু যদি এই নিৰাপত্তা আৰু সুস্থতা কাঢ়ি নিয়া হয় তেন্তে সি উভয় জগততে অনিষ্টতাৰ সন্মুখীন হ'ব। কাৰণ নিৰপত্তা আৰু সুস্থতাৰ মাজতে আছে দ্বীন আৰু দুনিয়াৰ কল্যাণ।

সম্পাদক

ছহীহ মুছলিম (4/ 2097) (2739).

অধিক (8)

توضيح الأحكام من بلوغ المرام.

لعبد الله البسام (7/ 568).

منحة العلام في شرح بلوغ المرام.

لعبد الله الفوزان (10/ 447).

فتح ذي الجلال والإكرام.

لابن عثيمين (6/ 495).

سبل السلام بشرح بلوغ المرام.

لمحمد الصنعاني (2/ 711 ).