Skip to content

উচ্চাৰণঃ "আল্লাহুম্মা ইন্নি আছআলুকা মিনাল খাইৰে কুল্লিহ, আ'-জিলিহি ওৱা আ-জিলিহ, মা আলিমতু মিনহু অমা লাম আ'লাম। ওৱা আউজুবিকা মিনাশ্ব শ্বাৰ্ৰি কুল্লিহ, আ'-জিলিহি ওৱা আ-জিলিহ, মা আলিমতু মিনহু অমা লাম আ'লাম।

উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক এই দুআটো শিকাইছিল।

উচ্চাৰণঃ "আল্লাহুম্মা ইন্নি আছআলুকা মিনাল খাইৰে কুল্লিহ, আ'-জিলিহি ওৱা আ-জিলিহ, মা আলিমতু মিনহু অমা লাম আ'লাম। ওৱা আউজুবিকা মিনাশ্ব শ্বাৰ্ৰি কুল্লিহ, আ'-জিলিহি ওৱা আ-জিলিহ, মা আলিমতু মিনহু অমা লাম আ'লাম। আল্লাহুম্মা ইন্নি আছআলুকা মিন খাইৰি মা ছাআলাকা আব্দুকা অনাবিয়্যুক। ওৱা আউজুবিকা মিন শ্বাৰ্ৰি মা আ-জা বিহি আব্দুকা অনাবিয়্যুক। আল্লাহুম্মা ইন্নি আছআলুকাল জান্নাহ, অমা ক্বাৰ্ৰাবা ইলাইহা মিন ক্বাউলিন আও আমালিন। ওৱা আউজুবিকা মিনান না-ৰ, অমা ক্বাৰ্ৰাবা ইলাইহা মিন ক্বাউলিন আও আমালিন। ওৱা আছআলুকা আন তাজআলা কুল্লা ক্বাজায়িন ক্বাজাইতাহু লি খাইৰা।" অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত ইহকাল আৰু পৰকালৰ সকলো প্ৰকাৰ কল্যাণ কামনা কৰোঁ, যিটো মই জানো আৰু যিটো মই নাজানো। এইদৰে মই জনা আৰু নজনা ইহকাল আৰু পৰকালৰ সকলো প্ৰকাৰ অনিষ্টৰ পৰাও তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ। হে আল্লাহ! মই তোমাৰ ওচৰত প্ৰত্যেক সেই কল্যাণ কামনা কৰোঁ, যিটো তোমাৰ বান্দা তথা নবীয়ে তোমাৰ ওচৰত প্ৰাৰ্থনা কৰিছে। লগতে মই প্ৰত্যেক সেই অনিষ্টৰ পৰা তোমাৰ আশ্ৰয় বিচাৰোঁ, যিটোৰ পৰা তোমাৰ বান্দা তথা নবীয়ে আশ্ৰয় প্ৰাৰ্থনা কৰিছে। হে আল্লাহ! মই তোমাৰ পৰা জান্নাত কামনা কৰোঁ। লগতে প্ৰত্যেক এনেকুৱা কথা আৰু কৰ্মৰ তাওফীক প্ৰাৰ্থনা কৰোঁ, যিয়ে ইয়াৰ নিকটৱৰ্তী কৰি দিয়ে। এইদৰে মই জাহান্নামৰ পৰা তোমাৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ, লগতে প্ৰত্যেক সেই কথা আৰু কৰ্মৰ পৰা তোমাৰ আশ্ৰয় বিচাৰোঁ যিয়ে ইয়াৰ নিকটৱৰ্তী কৰি দিয়ে। লগতে মই কামনা কৰোঁ, তুমি মোৰ বিষয়ে লোৱা প্ৰতিটো সিদ্ধান্তই যেন মোৰ কাৰণে কল্যাণকৰ হয়।

«اللَّهُمَّ إِنِّي أَسْأَلُكَ مِنْ الْخَيْرِ كُلِّهِ، عَاجِلِهِ وَآجِلِهِ، مَا عَلِمْتُ مِنْهُ وَمَا لَمْ أَعْلَمْ، وَأَعُوذُ بِكَ مِنْ الشَّرِّ كُلِّهِ، عَاجِلِهِ وَآجِلِهِ، مَا عَلِمْتُ مِنْهُ وَمَا لَمْ أَعْلَمْ، اللَّهُمَّ إِنِّي أَسْأَلُكَ مِنْ خَيْرِ مَا سَأَلَكَ عَبْدُكَ وَنَبِيُّكَ، وَأَعُوذُ بِكَ مِنْ شَرِّ مَا عَاذَ بِهِ عَبْدُكَ وَنَبِيُّكَ، اللَّهُمَّ إِنِّي أَسْأَلُكَ الْجَنَّةَ، وَمَا قَرَّبَ إِلَيْهَا مِنْ قَوْلٍ أَوْ عَمَلٍ، وَأَعُوذُ بِكَ مِنْ النَّارِ، وَمَا قَرَّبَ إِلَيْهَا مِنْ قَوْلٍ أَوْ عَمَلٍ، وَأَسْأَلُكَ أَنْ تَجْعَلَ كُلَّ قَضَاءٍ قَضَيْتَهُ لِي خَيْرًا».

ইবনে মাজাহ আৰু আহমদে বৰ্ণনা কৰিছে।
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক এটা গভীৰ অৰ্থপূৰ্ণ দুআ শিকাইছিল, য'ত চাৰিটা বিষয়ে দুআ কৰা হৈছেঃ প্ৰথমঃ ব্যাপক দুআ, য'ত প্ৰতিটো কল্যাণকে সামৰি দুআ কৰা হৈছে। (اللهم إني أسألك من الخير كله) হে আল্লাহ! মই তোমাৰ ওচৰত সকলো প্ৰকাৰ কল্যাণ প্ৰাৰ্থনা কৰোঁ। (عاجله) যিটো কল্যাণ মই সোনকালে পাম। (وآجله) যিটো কল্যাণ মই বহুত পিছত পাম। (ما عَلِمتُ منه) যিটো সম্পৰ্কে মই জানো। (وما لم أعلم) আৰু যিটো সম্পৰ্কে মই নাজানো, একমাত্ৰ তুমিহে জানা। ইয়াত বিষয়টো সেই সত্তাৰ ওচৰত সমৰ্পণ কৰা হৈছে, যিজন সৰ্বজ্ঞ, সকলো বিষয়ে অৱগত, সূক্ষ্মদৰ্শী। কাৰণ তেৱেঁই মুছলিমৰ বাবে উত্তম তথা উৎকৃষ্ট বিষয় নিৰ্বাচন কৰে। ইয়াৰ পিছত কৈছে, (وأعوذ) অৰ্থাৎ মই আশ্ৰয় প্ৰাৰ্থনা কৰোঁ, (بك من الشر كله عاجله وآجله، ما علمت منه وما لم أعلم) তোমাৰ ওচৰত সকলো প্ৰকাৰ অনিষ্টৰ পৰা, যিটো মই জানো আৰু যিটো মই নাজানো, নিকটৱৰ্তী হওক বা দূৰৱৰ্তী। দ্বিতীয় দুআঃ এইটো হৈছে মুছলিমৰ বাবে এক প্ৰকাৰ সুৰক্ষা, যাতে দুআ কৰোঁতে সীমালংঘন নকৰে। (اللهم إني أسألك) মই তোমাৰ পৰা বিচাৰোঁ, (من خير ما سألك عبدك ونبيك) প্ৰত্যেক সেই কল্যাণ যিটো তোমাৰ বান্দা তথা নবীয়ে বিচাৰিছে। (وأعوذ بك من شر ما عاذ به عبدك ونبيك ) লগতে তোমাৰ বান্দা আৰু নবীয়ে যি যি অনিষ্টৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰিছে, ময়ো সেইবোৰৰ পৰা তোমাৰ আশ্ৰয় বিচাৰোঁ। এইটো হৈছে এটা দুআ তথা আবেদন যে, আল্লাহে যেন প্ৰাৰ্থনাকাৰীকো সেইটো প্ৰদান কৰে যিটো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰাৰ্থনা কৰি বিচাৰিছিল। যাতে তেখেতে বিচৰা বস্তুতকৈ বেছি একো বিচৰা নহয়। তৃতীয় দুআঃ জান্নাতত প্ৰৱেশ আৰু জাহান্নামৰ পৰা দূৰৈত থকাৰ আবেদন। এইটোৱে হৈছে প্ৰতিজন মুছলিমৰ লক্ষ্য আৰু আমলৰ উদ্দেশ্য। সেয়ে কোৱা হৈছে, (اللهم إني أسألك الجنة) হে আল্লাহ! মই তোমাৰ ওচৰত জান্নাত প্ৰাৰ্থনা কৰোঁ। (وما قرّب إليها من قول أو عمل) আৰু তুমি সন্তুষ্ট হোৱা কথা আৰু কৰ্ম কৰাৰ তাওফীক প্ৰদান কৰা। (وأعوذ بك من النار) আৰু মই জাহান্নামৰ পৰা তোমাৰ আশ্ৰয় বিচাৰোঁ, (وما قرّب إليها من قول أو عمل) আৰু প্ৰত্যেক সেই কথা আৰু কৰ্মৰ পৰা তোমাৰ আশ্ৰয় বিচাৰোঁ, যিটোৰ দ্বাৰা তুমি অসন্তুষ্ট হোৱা। চতুৰ্থ দুআঃ ইয়াত আল্লাহৰ সিদ্ধান্তৰ প্ৰতি সন্তুষ্টি প্ৰকাশ কৰি দুআ কৰা হৈছে। (وأسألك أن تجعل كل قضاء قضيتَه لي خيرًا) হে আল্লাহ! তুমি মোৰ বিষয়ে কৰা প্ৰতিটো সিদ্ধান্ত যাতে মোৰ কাৰণে কল্যাণকৰ হয় সেইটো বিচাৰোঁ। এইটো হৈছে আল্লাহে নিৰ্ধাৰণ কৰা তাক্বদীৰৰ প্ৰতি সন্তুষ্টি প্ৰকাশৰ দুআ।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

দ্বীনি আৰু দুনিয়াৱী ক্ষেত্ৰত উপকাৰী বিষয়বোৰ মানুহে নিজৰ পৰিয়ালবৰ্গকো শিকাব লাগে। যিদৰে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক শিকাইছিল।

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা প্ৰমাণিত দুআবোৰ মুছলিমসকলে মুখস্থ কৰি ৰখা উচিত। কাৰণ সেইবোৰ হৈছে গভীৰ অৰ্থপূৰ্ণ।

এই হাদীছটোৰ বিষয়ে উলামাসকলে কৈছেঃ অনিষ্টৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰাৰ ক্ষেত্ৰত আৰু কল্যাণ প্ৰাৰ্থনাৰ ক্ষেত্ৰত এইটো হৈছে এটা জামে হাদীছ। এইটো হৈছে সেইবোৰ বাক্যৰ অন্তৰ্ভুক্ত, যিবোৰক জাৱামেউল কালিম (কম শব্দত অধিক অৰ্থ প্ৰকাশ কৰিব পৰা বাক্য) বুলি কোৱা হৈছে, যিটো বিশেষকৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰদান কৰা হৈছিল।

আল্লাহৰ ৰহমতৰ পিছত, সৎকৰ্ম আৰু সৎ কথা হৈছে জান্নাতত প্ৰৱেশৰ অন্যতম উপায়।

সম্পাদক

ছুনান ইবনে মাজাহ (5/ 17) (3846).

মুছনাদ আহমদ (41/ 474) (25019).

অধিক (6)

توضيح الأحكام من بلوغ المرام.

لعبد الله البسام (7/ 589).

منحة العلام في شرح بلوغ المرام.

لعبد الله الفوزان (10/ 477).

فتح ذي الجلال والإكرام.

لابن عثيمين (6/ 516).