Skip to content

হে আল্লাহ! তুমি মোৰ দ্বীনক সংশোধন কৰি দিয়া, এই দ্বীনেই হৈছে মোৰ নিৰাপত্তা;

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এইদৰে পাঠ কৰিছিলঃ

উচ্চাৰণঃ আল্লাহুম্মা আচলিহ লী দ্বীনি আল্লাজী হুৱা ইচমাতু আমৰী। ওৱা আচলিহ লী দুনিয়ায়া আল্লাতী ফীহা মাআশ্বী। ওৱা আচলিহ লী আখিৰাতী আল্লাতী ফীহা মাআদী। অজআলিল হায়াতা ঝিয়াদাতান লী ফী কুল্লি খাইৰ। অজআলিল মাওতা ৰা-হাতান লী মিন কুল্লি শ্বাৰ্ৰ। অৰ্থঃ “হে আল্লাহ! তুমি মোৰ দ্বীনক সংশোধন কৰি দিয়া, এই দ্বীনেই হৈছে মোৰ নিৰাপত্তা; তুমি মোৰ দুনিয়া সংশোধন কৰি দিয়া, য'ত আছে মোৰ জীৱন-জীৱিকা, আৰু মোৰ পৰকালক সংশোধন কৰি দিয়া, য’ত মই উভতি যাব লাগিব। তুমি প্ৰতিটো কল্যাণৰ বাবে মোৰ আয়ু বঢ়াই দিয়া আৰু প্ৰতিটো পাপ বা অকল্যাণৰ পৰা ৰক্ষা কৰি তুমি মোৰ মৃত্যুক আনন্দদায়ক বনাই দিয়া।”

«اللهُمَّ أَصْلِحْ لِي دِينِي الَّذِي هُوَ عِصْمَةُ أَمْرِي، وَأَصْلِحْ لِي دُنْيَايَ الَّتِي فِيهَا مَعَاشِي، وَأَصْلِحْ لِي آخِرَتِي الَّتِي فِيهَا مَعَادِي، وَاجْعَلِ الْحَيَاةَ زِيَادَةً لِي فِي كُلِّ خَيْرٍ، وَاجْعَلِ الْمَوْتَ رَاحَةً لِي مِنْ كُلِّ شَرٍّ».

(মুছলিম)
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এনেকুৱা এটা দুআ কৰিছে য'ত তেখেতে উৎকৃষ্ট চৰিত্ৰৰ সকলো মূল তত্বক একত্ৰিত কৰিছে যিবোৰ সম্পূৰ্ণ কৰিবলৈ তেখেতক প্ৰেৰণ কৰা হৈছে। এই দুআত দ্বীন, দুনিয়া আৰু আখিৰাতৰ কল্যাণ নিহিত হৈ আছে। এই সংক্ষিপ্ত বাক্যত এই তিনিওটা বিষয়ক সামৰি লোৱা হৈছে। তেখেতে প্ৰথমে দ্বীনি ক্ষেত্ৰত সংশোধনৰ কথাৰে আৰম্ভ কৰিছে, কাৰণ ইয়াৰ দ্বাৰাই বাকী দুয়োটাৰ সংশোধন হয়। তেখেতে কৈছেঃ (اللهم أصلح لي ديني) অৰ্থাৎ হে আল্লাহ! তুমি মোক পৰিপূৰ্ণৰূপে দ্বীন পালনৰ তাওফীক দিয়া। (الذي هو عصمة أمري) এই দ্বীনটোৱে হৈছে মোৰ সকলো কৰ্মৰ নিৰাপত্তা। যদি মোৰ ধৰ্মীয় অনুভূতি বিনষ্ট হয় তেন্তে সকলো কৰ্ম বিনষ্ট হ'ব। তেনে অৱস্থাত মই ক্ষতিগ্ৰস্ত হ'ম। কাৰণ দ্বীনি ক্ষেত্ৰত সংশোধন তেতিয়ালৈকে হ'ব নোৱাৰে যেতিয়ালৈকে দুনিয়াৱী ক্ষেত্ৰত সংশোধন নহয়। সেয়ে তেখেতে কৈছেঃ (وأصلح لي دنياي) অৰ্থাৎ মোৰ দুনিয়াৱী সকলো দিশ সংশোধন কৰি দিয়া, মোক সুস্থতা প্ৰদান কৰা, নিৰাপত্তা, জীৱিকা, নেক স্ত্ৰী, পুণ্যৱান সন্তান-সন্ততি, আৰু ইয়াৰ বাবে যি যি প্ৰয়োজন সেইবোৰ মোক দান কৰা, যাতে হালাল হয়, তোমাৰ আনুগত্য কৰাত সহায়ক হয়। ইয়াৰ পিছত তেখেতে এই সংশোধনৰ কাৰণ উল্লেখ কৰি কৈছেঃ (التي فيها معاشي) কাৰণ ইয়াৰ ভিতৰতে আছে মোৰ জীৱিকাৰ স্থান, আৰু মোৰ কটাবলগীয়া জীৱন। (وأصلح لي آخرتي التي فيها معادي) আৰু মোৰ আখিৰাতৰ যাৱতীয় বিষয় সংশোধন কৰি দিয়া, যাতে মই তোমাৰ ওচৰলৈ প্ৰত্যাৱৰ্তন কৰি সাক্ষাৎ লাভ কৰিব পাৰোঁ। এইটো সম্ভৱ হ'ব সৎকৰ্মৰ জৰিয়তে, আৰু আল্লাহে বান্দাক প্ৰদান কৰা ইবাদতৰ তাওফীক আৰু ইখলাচ তথা উত্তম সমাপ্তিৰ জৰিয়তে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আখিৰাতৰ পূৰ্বে দুনিয়াৰ কথা উল্লেখ কৰিছে। গতিকে ইয়াৰ দ্বাৰা এইটো বুজায় যে, আখিৰাতৰ আগত পৃথিৱীৰ জীৱন সংশোধন হোৱাটো জৰুৰী। এতেকে যিয়ে আল্লাহে বিচৰা অনুযায়ী পৃথিৱীত প্ৰতিষ্ঠিত হ'ব, আল্লাহে আখিৰাতত তাক প্ৰতিষ্ঠিত কৰিব আৰু সুখী জীৱন প্ৰদান কৰিব। (واجعل الحياة) মোৰ গোটেই জীৱন এনেকুৱা বনাই দিয়া (زيادة لي في كل خير) যাতে মই নেক আমল বেছি বেছি কৰিব পাৰোঁ, আৰু ফিতনা-ফাছাদ, বিপদ-আপদ, অৱহেলা আৰু বিভিন্ন মুচিবতৰ আগতে মোক সোনকালে মৃত্যু প্ৰদান কৰা, যাতে মই পাৰ্থিৱ দুখ-কষ্ট আৰু দুশ্চিন্তাৰ পৰা ৰক্ষা পাই সুখ লাভ কৰিব পাৰোঁ।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

দ্বীন হৈছে সবাতোকৈ গুৰুত্বপূৰ্ণ, সেয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুআৰ আৰম্ভণিত ইয়াৰ কথা উল্লেখ কৰিছে।

দ্বীন হৈছে মানুহৰ সুৰক্ষা কবচ, ইয়াৰ দ্বাৰাই মানুহে সকলো প্ৰকাৰ অনিষ্টতাৰ পৰা সুৰক্ষিত থাকে।

দ্বীন আৰু আখিৰাতৰ কাৰণেই দুনিয়াৱী ক্ষেত্ৰত সংশোধনৰ বাবে দুআ কৰিব লাগে।

দ্বীনি ক্ষেত্ৰত ফিতনাৰ আশংকা কৰি মৃত্যু কামনা কৰাটো কোনো দোষণীয় নহয়। অথবা আল্লাহৰ ওচৰত শ্বহীদি মৃত্যু কামনা কৰাটোও দোষণীয় নহয়।

সম্পাদক

ছহীহ মুছলিম (4/ 2087) (2720).

অধিক (8)

توضيح الأحكام من بلوغ المرام.

لعبد الله البسام (7/ 581).

منحة العلام في شرح بلوغ المرام.

لعبد الله الفوزان (10/ 471).

فتح ذي الجلال والإكرام بشرح بلوغ المرام.

لابن عثيمين (6/ 512).

سبل السلام بشرح بلوغ المرام.

لمحمد الصنعاني (2/ 715).