Skip to content

কাৰণ সি কেতিয়াও এই কথা কোৱা নাছিল যে, হে মোৰ প্ৰতিপালক! কিয়ামতৰ দিনা তুমি মোৰ গুনাহসমূহ ক্ষমা কৰি দিবা।

আয়িশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ

মই ক'লোঁ, হে আল্লাহৰ ৰাছুল! ইবনু জুদআনে অজ্ঞতা যুগত চিলা ৰহমী কৰিছিল (আত্মীয়তাৰ বন্ধন অটুট ৰাখিছিল), দুখীয়া-দৰিদ্ৰ, অভাৱীক খাদ্য খুৱাইছিল, তাৰ সেইবোৰ কৰ্ম কোনো উপকাৰত আহিবনে? তেখেতে ক'লেঃ নহয়, কোনো উপকাৰত নাহিব। কাৰণ সি কেতিয়াও এই কথা কোৱা নাছিল যে, হে মোৰ প্ৰতিপালক! কিয়ামতৰ দিনা তুমি মোৰ গুনাহসমূহ ক্ষমা কৰি দিবা।

قُلْتُ: يَا رَسُولَ اللهِ، ابْنُ جُدْعَانَ كَانَ فِي الْجَاهِلِيَّةِ يَصِلُ الرَّحِمَ، وَيُطْعِمُ الْمِسْكِينَ، فَهَلْ ذَاكَ نَافِعُهُ؟ قَالَ: «لَا يَنْفَعُهُ، إِنَّهُ لَمْ يَقُلْ يَوْمًا: رَبِّ اغْفِرْ لِي خَطِيئَتِي يَوْمَ الدِّينِ».

(মুছলিম)
ছহীহ
ব্যাখ্যা

আব্দুল্লাহ ইবনে জুদআনৰ বিষয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই কথা কৈছে, ইছলামৰ পূৰ্বে তেওঁ কুৰাইশ্বৰ এজন নেতৃস্থানীয় ব্যক্তি আছিল। তেওঁ যিবোৰ নেক আমল কৰিছিল, তাৰে অন্যতম আছিল যে, তেওঁ আত্মীয়তাৰ সম্পৰ্ক অটুট ৰাখিছিল, তেওঁলোকৰ সৈতে ভাল ব্যৱহাৰ কৰিছিল, দুখীয়া-দৰিদ্ৰক খাদ্য খুৱাইছিল। যিবোৰ বিষয় সম্পৰ্কে ইছলামেও মানুহক উৎসাহিত কৰে। এইবোৰ নেক কৰ্ম কৰাৰ পিছতো আখিৰাতত তাৰ কোনো উপকাৰ নহ'ব, কাৰণ সি আল্লাহৰ সৈতে কুফৰী কৰিছিল। লগতে সি কেতিয়াও এই কথা কোৱা নাছিল যে, হে মোৰ প্ৰতিপালক, কিয়ামতৰ দিনা তুমি মোৰ গুনাহ তথা পাপসমূহ মাৰ্জনা কৰি দিবা।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

হাদীছটোত ঈমানৰ গুৰুত্ব বৰ্ণিত হৈছে, কাৰণ ঈমান হৈছে আমল গ্ৰহণযোগ্য হোৱাৰ এটা অন্যতম চৰ্ত।

হাদীছটোত কুফৰৰ বেয়া প্ৰভাৱৰ কথা বৰ্ণিত হৈছে, কাৰণ কুফৰৰ ফলত সকলো নেক আমল ধ্বংস হয়।

কাফিৰসকলৰ আমলে আখিৰাতত সিহঁতক কোনো উপকাৰ কৰিব নোৱাৰিব, কাৰণ সিহঁতে আল্লাহ আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰা নাছিল।

কুফৰ অৱস্থাত যদি কোনো মানুহে ভাল কাম কৰে আৰু সি যদি ইছলাম গ্ৰহণ কৰে তেন্তে তাক সেই কামৰ প্ৰতিদান দিয়া হ'ব।

সম্পাদক

ছহীহ মুছলিম (1/ 196) (214).

অধিক (6)

شرح النووي على مسلم (3/87).

المفهم لما أشكل من تلخيص كتاب مسلم (1/ 459).

إرشاد الساري لشرح صحيح البخاري (4/ 170).

التنوير شرح الجامع الصغير (2/364).

فتح المنعم (2/54).

البحر المحيط الثجاج في شرح صحيح الإمام مسلم بن الحجاج (3/ 455).