Skip to content

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কঠিন পৰিস্থিতিত এই দুআ পাঠ কৰিছিলঃ "লা ইলাহা ইল্লাল্লাহুল আজীমুল হালীম। লা ইলাহা ইল্লাল্লাহু ৰাব্বুল আৰশ্বিল আজীম। লা ইলাহা ইল্লাল্লাহু ৰাব্বুছ ছামাৱাতি অৰাব্বুল আৰজি অৰাব্বুল আৰশ্বিল কাৰীম।" অৰ্থঃ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ মহান, পৰম সহনশীল। আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ মহা আৰচৰ অধিপতি। আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ আকাশমণ্ডলৰ প্ৰতিপালক আৰু তেওঁ পৃথিৱীৰ প্ৰতিপালক, লগতে সন্মানীয় মহা সিংহাসনৰ প্ৰতিপালক।

ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত যে,

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কঠিন পৰিস্থিতিত এই দুআ পাঠ কৰিছিলঃ "লা ইলাহা ইল্লাল্লাহুল আজীমুল হালীম। লা ইলাহা ইল্লাল্লাহু ৰাব্বুল আৰশ্বিল আজীম। লা ইলাহা ইল্লাল্লাহু ৰাব্বুছ ছামাৱাতি অৰাব্বুল আৰজি অৰাব্বুল আৰশ্বিল কাৰীম।" অৰ্থঃ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ মহান, পৰম সহনশীল। আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ মহা আৰচৰ অধিপতি। আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ আকাশমণ্ডলৰ প্ৰতিপালক আৰু তেওঁ পৃথিৱীৰ প্ৰতিপালক, লগতে সন্মানীয় মহা সিংহাসনৰ প্ৰতিপালক।

أَنَّ نَبِيَّ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ كَانَ يَقُولُ عِنْدَ الْكَرْبِ: «لَا إِلَهَ إِلَّا اللهُ الْعَظِيمُ الْحَلِيمُ، لَا إِلَهَ إِلَّا اللهُ رَبُّ الْعَرْشِ الْعَظِيمِ، لَا إِلَهَ إِلَّا اللهُ رَبُّ السَّمَاوَاتِ وَرَبُّ الْأَرْضِ وَرَبُّ الْعَرْشِ الْكَرِيمِ».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বিপদ-আপদৰ সময়ত তথা কঠিন পৰিস্থিতিত এই দুআ পাঠ কৰিছিল। যাৰ ভাৱাৰ্থ হৈছেঃ «لا إله إلا الله» আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। «العظيم» মহা সন্মানৰ অধিকাৰী, সত্ত্বাগতভাৱে, গুণগতভাৱে আৰু কৰ্মগতভাৱে। «الحليم» সহনশীল, যিয়ে গুনাহগাৰ বান্দাক শাস্তি প্ৰদানত খৰধৰ নকৰে, বৰং অৱকাশ দিয়ে। আনকি কেতিয়াবা কেতিয়াবা উপযুক্ত হোৱাৰ পিছতো তাক ক্ষমা কৰি দিয়ে। তেওঁ সকলো ক্ষেত্ৰতেই ক্ষমতাৱান। «لا إله إلا الله رب العرش العظيم» তেৱেঁই মহা সিংহাসনৰ সৃষ্টিকৰ্তা। «لا إله إلا الله رب السموات والأرض» তেৱেঁই আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা। লগতে উভয়ৰ মাজত থকা সকলো বস্তুৰ তেৱেঁই সৃষ্টিকৰ্তা আৰু ইয়াৰ মালিক, লগতে ইয়াৰ সংশোধনকাৰী। তেওঁ যিদৰে ইচ্ছা কৰে সেইদৰেই পৰিচালনা কৰে। «رب العرش الكريم» তেৱেঁই সন্মানীয় মহা আৰচৰ সৃষ্টিকৰ্তা তথা অধিপতি।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

বিপদ-আপদৰ সময়ত ভীত-সন্ত্ৰস্ত অৱস্থাত আল্লাহৰ ওচৰত দুআ কৰা অনিবাৰ্য্য।

কঠিন পৰিস্থিতিত এই দুআটো পাঠ কৰা মুস্তাহাব।

ৰহমানে অৱস্থান কৰা আৰচটো হৈছে সকলো মখলুকৰ ঊৰ্দ্ধত, সকলো সৃষ্টিতকৈ ডাঙৰ আৰু সকলো সৃষ্টিতকৈ মহান। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ইয়াৰ বৈশিষ্ট্য বৰ্ণনা কৰি কৈছে, এইখন হৈছে অত্যন্ত মহান আৰু সন্মানীয়।

দুআটোত আকাশমণ্ডল আৰু পৃথিৱীৰ কথাও বিশেষভাৱে উল্লেখ হৈছে। কিয়নো এই দুটাও হৈছে দৃশ্যমান মহা সৃষ্টি।

ত্বীবি ৰাহিমাহুল্লাহে কৈছেঃ ৰব্ব (প্ৰতিপালক) শব্দ ব্যৱহাৰ কৰি প্ৰশংসা আৰম্ভ কৰা হৈছে, যাতে এইটো বিপদ-আপদ দূৰ কৰাৰ অনুকূল হয়। কিয়নো ৰব্ব বা প্ৰতিপালকে দুখ-কষ্ট আদি দূৰ কৰিবলৈ সক্ষম। ইয়াত লা ইলাহা ইল্লাল্লাহো ব্যৱহাৰ কৰা হৈছে, কাৰণ এইটো হৈছে তাওহীদৰ প্ৰতীক, লগতে এইটো হৈছে মহান আল্লাহক সকলো প্ৰকাৰ বাতিল উপাস্যৰ পৰা পৃথক ঘোষণা কৰাৰ মূল বাণী। লগতে মহান বুলি কোৱা হৈছে, কিয়নো তেওঁ সকলো ক্ষেত্ৰতে ক্ষমতাৱান। তেওঁ সহনশীল, এইটোৱে প্ৰমাণ কৰে যে, তেওঁ সৰ্বজ্ঞ। কাৰণ মূৰ্খৰ ভিতৰত সহনশীলতা নাথাকে আৰু উদাৰতাও নাথাকে। এই দুয়োটা গুণ হৈছে সন্মানজনক গুণৰ মূল ভিত্তি।

সম্পাদক

ছহীহ বুখাৰী (8/ 75) (6346).

ছহীহ মুছলিম (4/ 2092) (2730).

অধিক (12)

بهجة الناظرين شرح رياض الصالحين.

لسليم الهلالي (2/ 593).

كنوز رياض الصالحين.

لمجموعة من الباحثين (17/ 565).

تطريز رياض الصالحين.

لفيصل آل مبارك (ص821).

شرح رياض الصالحين.

لابن عثيمين (6/ 55).

مرقاة المفاتيح شرح مشكاة المصابيح.

للقاري (4/ 1677).

نزهة المتقين شرح رياض الصالحين.

لمجموعة من الباحثين (2/ 1021).