Skip to content

আল্লাহুম্মা লাকা আছলামতু, অবিকা আ-মানতু, ওৱা আলাইকা তাৱাক্কালতু, অ ইলাইকা আনাবতু, অবিকা খা-চামতু, আল্লাহুম্মা ইন্নি আউজু বিইঝ্ঝাতিক, লা ইলা-হা ইল্লা আনতা আন তুজিল্লানী, আনতাল হাইয়্যুল লাজী লা য়ামূত, অলজিন্নু অল ইনছু য়ামূতূন।

ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এই দুআ পাঠ কৰিছিলঃ

"আল্লাহুম্মা লাকা আছলামতু, অবিকা আ-মানতু, ওৱা আলাইকা তাৱাক্কালতু, অ ইলাইকা আনাবতু, অবিকা খা-চামতু, আল্লাহুম্মা ইন্নি আউজু বিইঝ্ঝাতিক, লা ইলা-হা ইল্লা আনতা আন তুজিল্লানী, আনতাল হাইয়্যুল লাজী লা য়ামূত, অলজিন্নু অল ইনছু য়ামূতূন।"

«اللهُمَّ لَكَ أَسْلَمْتُ، وَبِكَ آمَنْتُ، وَعَلَيْكَ تَوَكَّلْتُ، وَإِلَيْكَ أَنَبْتُ، وَبِكَ خَاصَمْتُ، اللهُمَّ إِنِّي أَعُوذُ بِعِزَّتِكَ، لَا إِلَهَ إِلَّا أَنْتَ أَنْ تُضِلَّنِي، أَنْتَ الْحَيُّ الَّذِي لَا يَمُوتُ، وَالْجِنُّ وَالْإِنْسُ يَمُوتُونَ».

মুত্তাফাক আলাইহ, আৰু এই শব্দবোৰ মুছলিমৰ আৰু বুখাৰীয়ে ইয়াক সংক্ষিপ্তভাৱে বৰ্ণনা কৰিছে।
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই বুলি দুআ কৰিছিলঃ হে আল্লাহ! মই তোমাৰ ওচৰতে আত্মসমৰ্পণ কৰিছোঁ। তোমাৰ ওপৰতে ঈমান আনিছোঁ আৰু তোমাৰ ওপৰতে ভৰসা কৰিছোঁ। তোমাৰ ওচৰলৈকেই মই উভতি আহিছোঁ। মই তোমাৰ বাবেই শত্ৰুৰ সৈতে মোকাবিলা কৰিছোঁ। হে আল্লাহ! মই তোমাৰ সন্মানৰ অছিলাৰে তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ। তোমাৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। হিদায়তৰ পৰা আৰু তোমাৰ সন্তুষ্টি লাভৰ তাওফীকৰ পৰা তুমি মোক পথভ্ৰষ্ট নকৰিবা। তুমিয়ে চিৰঞ্জীৱ, যাৰ কোনো মৃত্যু নাই। পক্ষান্তৰে জিন আৰু মানৱ সকলোৱে নিঃশেষ হ'ব।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

প্ৰতিটো প্ৰয়োজনীয় বস্তু বিচৰাৰ আগত প্ৰশংসা কৰিব লাগে।

একমাত্ৰ আল্লাহৰ ওপৰতেই ভৰসা কৰিব লাগে, আৰু তেওঁৰ ওচৰতেই সুৰক্ষাৰ আবেদন কৰিব লাগে। কাৰণ একমাত্ৰ তেৱেঁই হৈছে পূৰ্ণাংগ গুণাৱলীৰ অধিকাৰী। একমাত্ৰ তেৱেঁই সেই সত্ত্বা, যাৰ ওপৰত ভৰসা কৰিব লাগে। তেওঁৰ ওচৰত প্ৰতিটো সৃষ্টিয়ে হৈছে অসহায়। প্ৰতিটো সৃষ্টিৰে মৃত্যু অনিবাৰ্য্য। সিহঁত ভৰসাযোগ্য নহয়।

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আদৰ্শ অনুসৰণ কৰি এইবোৰ শব্দৰ দ্বাৰা দুআ কৰিব লাগে, য'ত চৰম পৰ্যায়ৰ য়াক্বীন আৰু ঈমানৰ সত্যতাৰ বহিঃপ্ৰকাশ ঘটিছে।

ছিন্ধী ৰাহিমাহুল্লাহে কৈছেঃ (أنت الحي) এই শব্দটোৰ ভাৱাৰ্থ হৈছে, একমাত্ৰ তুমিয়ে সেই সত্ত্বা, যাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা উচিত, তোমাৰ বাহিৰে আশ্ৰয় দিব পৰা কোনো নাই।

সম্পাদক

ছহীহ বুখাৰী (9/ 117) (7383).

ছহীহ মুছলিম (4/ 2086) (2717).

অধিক (8)

تطريز رياض الصالحين.

لفيصل آل مبارك (ص72).

فتح رب البرية بتلخيص الحموية.

لابن عثيمين (ص79).

نزهة المتقين شرح رياض الصالحين.

لمجموعة من الباحثين (1/ 109).

مرعاة المفاتيح شرح مشكاة المصابيح.

عبيد الله المباركفوري (8/ 223).