কোনো ঈমান্দাৰ পুৰুষে যেন কোনো ঈমান্দাৰ নাৰীক (স্ত্ৰীক) ঘৃণা নকৰে। কাৰণ যদি তেওঁ তাইৰ কোনো এটা আচৰণত অসন্তুষ্ট হয় তেন্তে তাইৰ আন এটা আচৰণত নিশ্চয় সন্তুষ্ট হ'ব।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"কোনো ঈমান্দাৰ পুৰুষে যেন কোনো ঈমান্দাৰ নাৰীক (স্ত্ৰীক) ঘৃণা নকৰে। কাৰণ যদি তেওঁ তাইৰ কোনো এটা আচৰণত অসন্তুষ্ট হয় তেন্তে তাইৰ আন এটা আচৰণত নিশ্চয় সন্তুষ্ট হ'ব।" অথবা তেখেতে কৈছেঃ "বেলেগ কোনো কাৰণত"।
«لَا يَفْرَكْ مُؤْمِنٌ مُؤْمِنَةً، إِنْ كَرِهَ مِنْهَا خُلُقًا رَضِيَ مِنْهَا آخَرَ» أَوْ قَالَ: «غَيْرَهُ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্বামীক নিষেধ কৰিছে নিজৰ স্ত্ৰীক এনেকুৱাকৈ অপছন্দ কৰিবলৈ, যি অপছন্দই তাক তাইৰ প্ৰতি অত্যাচাৰ কৰিবলৈ, তাইক পৰিত্যাগ কৰিবলৈ আৰু তাইক উপেক্ষা কৰিবলৈ ধাৱিত কৰে। কাৰণ মানুহ সৃষ্টিগতভাৱেই অপূৰ্ণ। গতিকে যদি সি তাইৰ মাজত থকা কোনো এটা আচৰণক অপছন্দ কৰে, তেন্তে সি নিশ্চয় তাইৰ মাজত বেলেগ এটা ভাল আচৰণো দেখিবলৈ পাব। সেয়ে যিটো আচৰণক সি পছন্দ কৰে সেইটোৰ প্ৰতি সি সন্তুষ্ট হ'ব লাগে, আৰু যিটো আচৰণক সি অপছন্দ কৰে সেইটোৰ প্ৰতি ধৈৰ্য্য ধাৰণ কৰিব লাগে। ইয়াৰ ফলত সি ধৈৰ্য্যশীল হ'ব আৰু এনেকুৱা ঘৃণাৰ পৰা বিৰত থাকিব, যি ঘৃণাই তাক বিচ্ছেদৰ প্ৰতি ধাৱিত কৰে।
لا يفرك: لا يبغض.
স্বামী-স্ত্ৰীৰ মাজত বিবাদ সৃষ্টিৰ ক্ষেত্ৰত মুমিন ব্যক্তিক ন্যায়সিদ্ধ আৰু যুক্তিসঙ্গত মীমাংসাৰ প্ৰতি আহ্বান কৰা হৈছে। লগতে আৱেগ বা তাৎক্ষণিক প্ৰতিক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰি সিদ্ধান্ত গ্ৰহণ নকৰিবলৈ আহ্বান কৰিছে।
মুমিনৰ বিষয়টো এনেকুৱা হোৱা উচিত যে, তেওঁ যেন মুমিনা স্ত্ৰীক এনেকৈ ঘৃণা নকৰে, যি ঘৃণাই তেওঁক তাইৰ সৈতে বিচ্ছেদ ঘটাবলৈ উৎসাহিত কৰে। বৰং এনেকুৱা পৰিস্থিতিত তেওঁ স্ত্ৰীৰ সেইবোৰ গুণৰ প্ৰতি লক্ষ্য কৰা উচিত, যিবোৰক তেওঁ ভাল পায়, আৰু অপছন্দনীয় আচৰণবোৰক আওকাণ কৰা উচিত।
স্বামী-স্ত্ৰীক উত্তম আচৰণ আৰু উত্তম সাহচৰ্য্যৰ প্ৰতি উৎসাহিত কৰা হৈছে।
ঈমানে উত্তম চৰিত্ৰৰ প্ৰতি আহ্বান কৰে। গতিকে মুমিন পুৰুষ আৰু মুমিনা নাৰীয়ে কেতিয়াও উত্তম চৰিত্ৰৰ পৰা ফালৰি কটা উচিত নহয়। এতেকে ঈমানৰ সৈতে উত্তম চৰিত্ৰ আৰু প্ৰশংসিত অভ্যাস থকাটো বাধ্যতামূলক।
ছহীহ মুছলিম (2/ 1091) (1469).
অধিক (9)
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (1/ 359).
شرح رياض الصالحين.
لابن عثيمين (3/ 122).
فتح رب البرية بتلخيص الحموية.
لابن عثيمين (ص117).
مجموع فتاوى ابن باز (25/ 246).
نزهة المتقين شرح رياض الصالحين.
لمجموعة من الباحثين (1/ 282).
গ্ৰন্থসমূহত উল্লেখিত
7 গ্ৰন্থসমূহঅধিক (6)
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 2«لا يَفْرَكْ مُؤْمِنٌ مُؤْمِنَةً؛ إنْ كَرِهَ مِنْهَا خُلُقاً رَضيَ مِنْهَا آخَرَ» أَوْ قَالَ: «غَيْرَهُ».
- مجموعة زاد التربية الإسلامية (3)، والسيرة النبوية (3)السيرة النبوية (3)«لا يَفْرَكْ -أي: لا يُبغِضْ- مُؤْمِنٌ مُؤْمِنَةً، إِنْ كَرِهَ مِنْها خُلُقًا رَضِيَ مِنْها آخَرَ».
- مشروع منهاج زادكزادك 3 طالب نهائي«لَا يَفْرَكْ (يبغض ويَكرَهُ) مُؤْمِنٌ مُؤْمِنَةً، إِنْ كَرِهَ مِنْهَا خُلُقًا رَضِيَ مِنْهَا آخَرَ»
- مشروع منهاج زادكزادك 3 طالب نهائي«لَا يَفْرَكْ مُؤْمِنٌ مُؤْمِنَةً، إِنْ كَرِهَ مِنْهَا خُلُقًا رَضِيَ مِنْهَا آخَرَ» (رواه مسلم 1469).
- نبراس طالب (5)1«لَا يَفْرَكْ (يبغض ويَكرَهُ) مُؤْمِنٌ مُؤْمِنَةً، إِنْ كَرِهَ مِنْهَا خُلُقًا رَضِيَ مِنْهَا آخَرَ»
- نبراس طالب (5)1«لَا يَفْرَكْ مُؤْمِنٌ مُؤْمِنَةً، إِنْ كَرِهَ مِنْهَا خُلُقًا رَضِيَ مِنْهَا آخَرَ»