Skip to content

আল্লাহে যাৰ মঙ্গল বিচাৰে, তাক তেওঁ দ্বীনৰ জ্ঞান (ইল্ম) দান কৰে।

মুআৱিয়া ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ

আল্লাহে যাৰ মঙ্গল বিচাৰে, তাক তেওঁ দ্বীনৰ জ্ঞান (ইল্ম) দান কৰে। মই কেৱল বিতৰণকাৰীহে মাত্ৰ, আল্লাহেই(জ্ঞান) দাতা। কিয়ামত পৰ্যন্ত এই উম্মত সদায় আল্লাহৰ হুকুমৰ ওপৰত প্ৰতিষ্ঠিত থাকিব, বিৰোধকাৰীসকলে তেওঁলোকৰ কোনো ক্ষতি কৰিব নোৱাৰিব।

«مَنْ يُرِدِ اللهُ بِهِ خَيْرًا يُفَقِّهْهُ فِي الدِّينِ، وَإِنَّمَا أَنَا قَاسِمٌ، وَاللهُ يُعْطِي، وَلَنْ تَزَالَ هَذِهِ الْأُمَّةُ قَائِمَةً عَلَى أَمْرِ اللهِ، لَا يَضُرُّهُمْ مَنْ خَالَفَهُمْ، حَتَّى يَأْتِيَ أَمْرُ اللهِ».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, আল্লাহে যাৰ মঙ্গল বিচাৰে, তেওঁ তাক দ্বীন বুজিবলৈ তাওফীক দান কৰে। আনহাতে নবী চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ পৰা লাভ কৰা ইল্ম বণ্টনকাৰী। কাৰণ প্ৰকৃত দানকাৰী হৈছে মহান আল্লাহ। ইয়াৰ বাহিৰে সকলোবোৰ হৈছে এক প্ৰকাৰ মাধ্যমহে, আল্লাহৰ অনুমতি অবিহনে একো উপকাৰ কৰিব নোৱাৰে। লগতে হাদীছটোত তেখেতে এই কথা স্পষ্ট কৰিছে যে, এই উম্মত কিয়ামত পৰ্যন্ত আল্লাহৰ নিৰ্দেশৰ ওপৰত প্ৰতিষ্ঠিত থাকিব, তেওঁলোকৰ বিৰোধীসকলৰ বিৰোধিতাই তেওঁলোকক কোনো ক্ষতি কৰিব নোৱাৰিব।

শব্দাৰ্থ

.....:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

হাদীছটোত দ্বীনি জ্ঞানৰ গুৰুত্ব তথা ফজিলত বৰ্ণিত হৈছে আৰু দ্বীনি জ্ঞান অৰ্জন কৰিবলৈ উৎসাহিত কৰা হৈছে।

সত্যৰ ওপৰত প্ৰতিষ্ঠিত থাকিবলৈ এই উম্মতৰ অংশ হোৱাটো বাঞ্চনীয়, এতেকে যদি কোনো ফিৰ্কাই সত্যৰ পৰা আঁতৰি যায় তেন্তে বেলেগ কোনো ফিৰ্কাই সত্যক আঁকোৱালি লব।

গভীৰ দ্বীনি জ্ঞান অৰ্জনে প্ৰমাণ কৰে যে, আল্লাহে সেই বান্দাৰ মঙ্গল কামনা কৰে।

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আল্লাহৰ ইচ্ছা আৰু নিৰ্দেশ মৰ্মে চৰীয়তৰ জ্ঞান দান কৰিছিল, তেওঁ মনে সজা একো কোৱা নাছিল।

সম্পাদক

ছহীহ বুখাৰী (1/ 25) (71).

ছহীহ মুছলিম (2/ 718) (1037).

অধিক (8)

توضيح الأحكام من بلوغ المرام.

للبسام (7/ 485).

منحة العلام في شرح بلوغ المرام.

لعبد الله الفوزان (10/ 324).

فتح ذي الجلال والإكرام.

لابن عثيمين (6/ 424).

سبل السلام بشرح بلوغ المرام.

للصنعاني (2/ 688).