Skip to content

মই সকলো অংশীদাৰৰ অংশীদাৰিত্ব [শ্বিৰ্ক]ৰ পৰা মুক্ত। যদি কোনোবাই এনেকুৱা কোনো আমল কৰে য'ত সি মোৰ সৈতে আন কাৰোবাক অংশীদাৰ কৰিছে, তেনেহ'লে মই তাক আৰু তাৰ শ্বিৰ্কক বৰ্জন কৰোঁ।

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

মহান আল্লাহে কৈছেঃ মই সকলো অংশীদাৰৰ অংশীদাৰিত্ব [শ্বিৰ্ক]ৰ পৰা মুক্ত। যদি কোনোবাই এনেকুৱা কোনো আমল কৰে য'ত সি মোৰ সৈতে আন কাৰোবাক অংশীদাৰ কৰিছে, তেনেহ'লে মই তাক আৰু তাৰ শ্বিৰ্কক বৰ্জন কৰোঁ।

«قال الله تبارك وتعالى: أنا أغنى الشركاء عن الشرك، من عمل عملًا أشرك فيه معي غيري، تركتُهُ وشركَهُ».

(মুছলিম)
ছহীহ
ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, মহান আল্লাহ তাআলাই কৈছেঃ নিশ্চয় তেওঁ অংশীদাৰকাৰীসকলৰ অংশীদাৰৰ পৰা সম্পূৰ্ণৰূপে মুক্ত। তেওঁ সকলো বস্তুৰ পৰা অমুখাপেক্ষী। মানুহে যেতিয়া কোনো নেক কাম কৰে আৰু সেই আমলত আল্লাহৰ লগত আনকো যদি চামিল কৰে তেন্তে আল্লাহে সেই আমলক পৰিত্যাগ কৰে আৰু সেইটো কবূল নকৰে, আৰু আমলকাৰীৰ পিনে সেই আমল দলিয়াই দিয়ে। গতিকে নিৰ্ভেজালভাৱে একমাত্ৰ আল্লাহৰ উদ্দেশ্যে আমল কৰিব লাগে। কাৰণ আল্লাহে নিৰ্ভেজাল আমলৰ বাহিৰে আন কোনো আমল গ্ৰহণ নকৰে।

শব্দাৰ্থ

.....:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

সকলো প্ৰকাৰৰ শ্বিৰ্কৰ পৰা আঁতৰি থকা উচিত। শ্বিৰ্ক হৈছে আমল কবুল হোৱাৰ প্ৰতিবন্ধক।

এইটো সদায় মনত ৰখা উচিত যে, মহান আল্লাহ তাআলা হৈছে অমুখাপেক্ষী। তেতিয়াহে নিৰ্ভেজাল তথা ইখলাচ সহকাৰে আমল কৰাত সহায়ক হ'ব।

সম্পাদক

ছহীহ মুছলিম (4/ 2289) (2985).

অধিক (5)

شرح النووي على مسلم (18/ 115).

الملخص في شرح كتاب التوحيد.

لصالح الفوزان (ص287).

الجديد في شرح كتاب التوحيد.

لمحمد القرعاوي (ص325).